بِسْمِ ٱللَّهِ ٱلرَّحْمَـٰنِ ٱلرَّحِيمِ
    Al-Quran Multilingual
    The Holy Quran
    Assamese
    Translation: asm-shaykhrafeequli
    Author: Shaykh Rafeequl Islam Habibur Rahman
    Source: https://quranenc.com/check/assamese_rafeeq/v1.0.0-csv.1 , https://quranenc.com/en/browse/assamese_rafeeq , https://quranenc.com ,
    Generated on February 14, 2026
    Free • Open Source • Ad-Free
    About Al-Quran Multilingual

    Our Mission: We're on a mission to make the Holy Quran accessible to every Muslim worldwide, regardless of their native language, technical expertise, or economic situation.

    Al-Quran Multilingual is a free, open-source, and ad-free application offering 470+ editions in 90+ languages from verified Islamic scholars and institutions.

    Core Values:

    • ✓ Free Forever - No premium features or paywalls
    • ✓ Ad-Free Experience - Your spiritual journey uninterrupted
    • ✓ Open Source - Complete transparency and community contributions
    • ✓ Privacy & Respect - No data collection, no tracking
    Support This Project

    This app is maintained by volunteers dedicated to serving the Muslim community. If you find this helpful, please consider supporting our mission to keep it free and accessible for everyone.

    UPI Payment (India)
    8870358783@ybl
    Every contribution, no matter how small, helps us serve the Muslim Ummah better. May Allah reward you.
    Table of Contents
    1.আল-ফাতিহা
    2.আল-বাকারা
    3.আল-ইমরান
    4.আন-নিসা
    5.আল-মায়িদাহ
    6.আল-আন‘আম
    7.আল-আ‘রাফ
    8.আল-আনফাল
    9.আত-তাওবা
    10.ইউনুছ
    11.হুদ
    12.ইউছুফ
    13.আর্‌-রা‘দ
    14.ইব্রাহীম
    15.আল-হিজ্‌র
    16.আন-নাহল
    17.আল-ইসরা
    18.আল-কাহ্‌ফ
    19.মারইয়াম
    20.তা-হা
    21.আল-আম্বিয়া
    22.আল-হাজ্জ্ব
    23.আল-মুমিনুন
    24.আন-নূর
    25.আল-ফুরকান
    26.আশ-শু‘আরা
    27.আন-নামল
    28.আল-ক্বাছাছ
    29.আল-‘আনকাবুত
    30.আর-রূম
    31.লুকমান
    32.আস-সাজদাহ
    33.আল-আহ্যাব
    34.সাবা
    35.ফাতির
    36.ইয়া-ছিন
    37.আছ-ছাফ্‌ফাত
    38.ছোয়াদ
    39.আজ-জুমার
    40.আল-মু’মিন
    41.হা-মীম ছাজদাহ
    42.আশ-শূরা
    43.আজ-জুখরুফ
    44.আদ-দুখান
    45.আল-জাছিয়া
    46.আল-আহক্বাফ
    47.মুহাম্মদ
    48.আল-ফাতহ
    49.আল-হুজুরাত
    50.ক্বাফ
    51.আজ-জারিয়াত
    52.আত-তুর
    53.আন-নাজম
    54.আল-ক্বামার
    55.আর-রহমান
    56.আল-ওয়াক্বিয়াহ
    57.আল-হাদীদ
    58.আল-মুজাদালাহ
    59.আল-হাশ্‌র
    60.আল-মুমতাহিনা
    61.আছ-ছফ
    62.আল-জুমু‘আহ
    63.আল-মুনাফিকুন
    64.আত-তাগাবুন
    65.আত-ত্বালাক্ব
    66.আত-তাহরীম
    67.আল-মুলক
    68.আল-ক্বালাম
    69.আল-হাক্বক্বাহ
    70.আল-মা‘আরিজ
    71.নূহ
    72.আল-জিন
    73.আল-মুজ্জাম্মিল
    74.আল-মুদ্দাচ্ছির
    75.আল-ক্বিয়ামাহ
    76.আদ-দাহর
    77.আল-মুরসালাত
    78.আন-নাবা
    79.আন-নাযি‘আত
    80.আবাসা
    81.আত-তাকভীর
    82.আল-ইনফিতার
    83.আল-মুতাফফিফীন
    84.আল-ইনশিক্বাক
    85.আল-বুরুজ
    86.আত-তারিক্ব
    87.আল-আ‘লা
    88.আল-গাশিয়া
    89.আল-ফাজর
    90.আল-বালাদ
    91.আশ-শাম্‌ছ
    92.আল-লাইল
    93.আদ-দুহা
    94.আল-ইনশিরাহ
    95.আত-ত্বীন
    96.আল-‘আলাক
    97.আল-ক্বদর
    98.আল-বাইয়্যিনাহ
    99.আজ-জিলজাল
    100.আল-‘আদিয়াত
    101.আল-ক্বারিয়াহ
    102.আত-তাকাছুর
    103.আল-‘আছর
    104.আল-হুমাযাহ
    105.আল-ফীল
    106.কোরাইশ
    107.আল-মা‘ঊন
    108.আল-কাউছার
    109.আল-কাফিরুন
    110.আন-নাসর
    111.আল-লাহাব
    112.আল-ইখলাছ
    113.আল-ফালাক
    114.আন-নাস
    Surah 1
    আল-ফাতিহা

    [1] (আৰম্ভ কৰিছো) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত

    [2] সকলো ধৰণৰ হামদ (প্ৰশংসা) বিশ্বজগতৰ ৰব আল্লাহৰ বাবে

    [3] যিজন পৰম কৰুণাময়, পৰম দয়ালু

    [4] বিচাৰ দিৱসৰ মালিক

    [5] আমি কেৱল তোমাৰেই ইবাদত কৰোঁ, আৰু তোমাৰ ওচৰতেই সাহায্য প্ৰাৰ্থনা কৰোঁ

    [6] আমাক সৰল পথৰ হিদায়ত দিয়া

    [7] তেওঁলোকৰ পথ, যিসকলক তুমি নিয়ামত (অনুগ্ৰহ) প্ৰদান কৰিছা, যিসকলৰ ওপৰত তোমাৰ ক্ৰোধ অহা নাই আৰু যিসকল পথভ্ৰষ্টও নহয়

    Surah 2
    আল-বাকারা

    [1] আলিফ-লাম-মীম

    [2] এইখন সেই কিতাব; য’ত কোনো সন্দেহ নাই, মুত্তাক্বীসকলৰ বাবে হিদায়ত।

    [3] যিসকলে গায়েবৰ প্ৰতি ঈমান পোষণ কৰে, ছালাত কায়েম কৰে আৰু আমি তেওঁলোকক যি প্ৰদান কৰিছোঁ তাৰ পৰা ব্যয় কৰে।

    [4] আৰু যিসকলে ঈমান পোষণ কৰে তাৰ ওপৰত, যি তোমাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে আৰু যি তোমাৰ পুৰ্বে অৱতীৰ্ণ কৰা হৈছিল আৰু তেওঁলোক আখিৰাতৰ প্ৰতি পূৰ্ণ বিশ্বাসী।

    [5] তেওঁলোকেই নিজ প্ৰতিপালকৰ নিৰ্দেশিত হিদায়তৰ ওপৰত আছে আৰু তেওঁলোকেই সাফল্যমণ্ডিত।

    [6] যিসকলে কুফৰী কৰিছে, তুমি সিহঁতক সতৰ্ক কৰা বা নকৰা একেই কথা, সিহঁতে ঈমান পোষণ নকৰিব।

    [7] আল্লাহে সিহঁতৰ হৃদয়সমূহ আৰু সিহঁতৰ শ্ৰৱণশক্তিৰ ওপৰত মোহৰ মাৰি দিছে আৰু সিহঁতৰ দৃষ্টিৰ ওপৰত আছে আৱৰণ। আৰু সিহঁতৰ বাবে আছে মহাশাস্তি।

    [8] আৰু মানুহৰ মাজত এনে কিছুমান মানুহো আছে যিসকলে কয়, ‘আমি আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছো’, অথচ সিহঁত মুমিন নহয়।

    [9] সিহঁতে আল্লাহ আৰু মুমিনসকলক প্ৰতাৰিত কৰিব বিচাৰে, প্ৰকৃততে সিহঁত নিজেই নিজকে প্ৰতাৰিত কৰি আছে, অথচ সিহঁতে সেয়া অনুধাৱন নকৰে।

    [10] সিহঁতৰ অন্তৰসমূহত ব্যাধি আছে। এতেকে আল্লাহে সিহঁতৰ ব্যাধি আৰু বৃদ্ধি কৰি দিছে, আৰু সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি, কাৰণ সিহঁত মিছলীয়া।

    [11] আৰু যেতিয়া সিহঁতক কোৱা হয়, 'তোমালোকে পৃথিৱীত ফাছাদ (বিপৰ্যয়) সৃষ্টি নকৰিবা', সিহঁতে কয়, 'আমিহে কেৱল সংশোধনকাৰী'।

    [12] সাৱধান! ইহঁতেই ফাছাদ সৃষ্টিকাৰী, কিন্তু সিহঁতে সেয়া অনুধাৱন নকৰে।

    [13] আৰু যেতিয়া সিহঁতক কোৱা হয়, 'তোমালোকে ঈমান আনা যেনেকৈ লোকসকলে ঈমান আনিছে', সিহঁতে কয়, 'আমিও তেনেকৈ ঈমান আনিম নেকি যেনেকৈ নিৰ্বোধ লোকসকলে ঈমান আনিছে'? সাৱধান! নিশ্চয় সিহঁতেই নিৰ্বোধ, কিন্তু সিহঁতে নাজানে।

    [14] আৰু যেতিয়া সিহঁতে মুমিনসকলৰ লগত সাক্ষাত কৰে, তেতিয়া সিহঁতে কয়, ‘আমি ঈমান আনিছো’, আৰু যেতিয়া সিহঁতে অকলশৰীয়াকৈ সিহঁতৰ চয়তানসকলৰ লগত একত্ৰিত হয়, তেতিয়া কয়, ‘নিশ্চয় আমি তোমালোকৰ লগতেই আছো’। আমিতো কেৱল উপহাসকাৰী'।

    [15] আল্লাহে সিহঁতৰ লগত উপহাস কৰে আৰু সিহঁতক সিহঁতৰ অবাধ্যতাত বিভ্ৰান্ত হৈ ঘুৰি ফুৰাৰ অৱকাশ দিয়ে।

    [16] ইহঁতেই সেইসকল লোক, যিসকলে হিদায়তৰ বিনিময়ত ভ্ৰষ্টতা কিনি লৈছে। কিন্তু সিহঁতৰ ব্যৱসায় লাভজনক হোৱা নাই, আৰু সিহঁত হিদায়ত প্ৰাপ্তও নহয়।

    [17] সিহঁতৰ উদাহৰণ সেই ব্যক্তিৰ দৰে, যিয়ে জুই জ্বলালে। তাৰপিছত যেতিয়া সেই জুয়ে তাৰ চাৰিওফালে আলোকিত কৰিলে, তেতিয়া আল্লাহে সিহঁতৰ জ্যোতি অপসাৰণ কৰি ল’লে আৰু সিহঁতক এনেকুৱা অন্ধকাৰত এৰি দিলে যে, সিহঁত দেখিবলৈ নোপোৱা হ’ল।

    [18] সিহঁত কলা, বোবা, অন্ধ। সেয়ে সিহঁত আৰু উভতি নাহিব।

    [19] অথবা (সিহঁতৰ উদাহৰণ) ধাৰাসাৰ বৰষুণৰ দৰে, য'ত আছে ঘোৰ অন্ধকাৰ, বজ্ৰধ্বনি আৰু বিদ্যুত চমক। সিহঁতে বজ্ৰধ্বনিৰ সময়ত মৃত্যুৰ ভয়ত আঙুলিৰে কাণত সোপা দিয়ে। আৰু আল্লাহে কাফিৰসকলক চাৰিওফালৰ পৰা আগুৰি আছে।

    [20] এনে লাগে যেন বিজুলীৰ চমকনিয়ে সিহঁতৰ দৃষ্টিশক্তি হৰণ কৰি নিবহি। যেতিয়াই অলপ সিহঁতৰ বাবে পোহৰ হয় তেতিয়াই সিহঁত আগবাঢ়ি যায় আৰু যেতিয়াই অন্ধকাৰ হয় তেতিয়াই সিহঁত থমকি ৰয়। আল্লাহে ইচ্ছা কৰিলে সিহঁতৰ শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তি হৰণ কৰিব পাৰিলেহেঁতেন। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

    [21] হে মানৱ সম্প্ৰদায়! তোমালোকে তোমালোকৰ ৰব (প্ৰতিপালক)ৰ ইবাদত কৰা, যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলক সৃষ্টি কৰিছে, যাতে তোমালোক তাক্বৱাৰ অধিকাৰী হোৱা।

    [22] যিজনে তোমালোকৰ বাবে পৃথিৱীখনক বিছনা কৰি দিছে আৰু আকাশখনক কৰি দিছে চাল আৰু আকাশৰ পৰা পানী অৱতীৰ্ণ কৰি তাৰ দ্বাৰা তোমালোকৰ জীৱিকাৰ বাবে ফলমূল উত্পাদন কৰিছে। গতিকে তোমালোকে জানি-শুনি কাকো আল্লাহৰ সমকক্ষ থিৰ নকৰিবা।

    [23] আমি আমাৰ বান্দাৰ ওপৰত যি অৱতীৰ্ণ কৰিছো তাত যদি তোমালোকৰ কোনো সন্দেহ থাকে তেন্তে ইয়াৰ অনুৰূপ কোনো এটা ছুৰা ৰচনা কৰি আনা আৰু আল্লাহৰ বাহিৰে তোমালোকৰ সকলো সাক্ষী-সহায়কাৰীক আহ্বান কৰা যদিহে তোমালোকে সত্যবাদী হোৱা।

    [24] এতেকে যদি তোমালোকে এনে নকৰা- আৰু তোমালোকে এইটো কেতিয়াও কৰিব নোৱাৰিবা, তেনেহ’লে সেই জুইৰ পৰা বাচিবলৈ ব্যৱস্থা কৰা যাৰ ইন্ধন হ’ব মানুহ আৰু শিল, যিটো প্ৰস্তুত কৰা হৈছে কাফিৰসকলৰ বাবে।

    [25] আৰু যিসকলে ঈমান আনিছে আৰু সত্কাম কৰিছে তেওঁলোকক সুসংবাদ দিয়া যে, তেওলোকৰ বাবে আছে জান্নাত, যাৰ তলেদি নদী প্ৰবাহিত হয়, যেতিয়াই তেওঁলোকক তাৰ পৰা কোনো ফল খাবলৈ দিয়া হ’ব, তেতিয়াই তেওঁলোকে ক’ব, ইতিপুৰ্বে আমাক এই ধৰণৰ ফল খাবলৈ দিয়া হৈছিল, কাৰণ তেওঁলোকক ফলমূল সাদৃশ্যপূৰ্ণ কৰি দিয়া হ’ব আৰু তেওঁলোকৰ বাবে তাত থাকিব পৱিত্ৰা-সঙ্গিনী, আৰু তাত তেওঁলোক চিৰকাল থাকিব।

    [26] নিশ্চয় আল্লাহে মহ অথবা তাতোকৈ ক্ষুদ্ৰ কোনো বস্তুৰ উপমা দিওঁতে সংকোচ বোধ নকৰে। এতেকে যিসকলে ঈমান আনিছে তেওঁলোকে জানে যে, নিশ্চয় এইটো তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা সত্য। আৰু যিসকলে কুফৰী কৰিছে সিহঁতে কয় যে, 'আল্লাহে এই উপমাৰ দ্বাৰা কি বুজাব বিচাৰিছে'? তেওঁ ইয়াৰ দ্বাৰা বহুতকে বিভ্ৰান্ত কৰে আৰু বহুতকে হিদায়ত দিয়ে। আৰু তেওঁ ফাছিকসকলৰ বাহিৰে আন কাকো ইয়াৰ দ্বাৰা বিভ্ৰান্ত নকৰে।

    [27] যিসকলে আল্লাহৰ লগত দৃঢ় অঙ্গীকাৰত আৱদ্ধ হোৱাৰ পিছত সেইটো ভঙ্গ কৰে, আল্লাহে যি সম্পৰ্ক অটুট ৰাখিবলৈ নিৰ্দেশ দিছে সেইটো বিচ্ছিন্ন কৰে আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি ফুৰে, সিহঁতেই ক্ষতিগ্ৰস্থ।

    [28] তোমালোকে কেনেকৈ আল্লাহৰ লগত কুফৰী কৰা? অথচ তোমালোকে প্ৰাণহীন আছিলা। তাৰ পিছত তেৱেঁই তোমালোকক জীৱিত কৰিছে আকৌ তেৱেঁই তোমালোকৰ মৃত্যু ঘটাব তাৰ পিছত পুনৰ জীৱিত কৰিব আৰু তাৰ পিছত তোমালোকক তেওঁৰ ওচৰলৈ উভতাই নিয়া হ’ব।

    [29] তেওঁ পৃথিৱীৰ সকলো বস্তু তোমালোকৰ বাবেই সৃষ্টি কৰিছে। তাৰ পিছত তেওঁ আকাশৰ পিনে মনোনিবেশ কৰি সেইটোক সাতখন আকাশত বিন্যস্ত কৰিছে; আৰু তেওঁ সকলো বস্তু সম্পৰ্কে সবিশেষ অৱগত।

    [30] আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক ক’লে, নিশ্চয় মই পৃথিৱীত খলিফা সৃষ্টি কৰিবলৈ থিৰ কৰিছো। তেওঁলোকে ক’লে, তুমি পৃথিৱীত এনে এটা জীৱ সৃষ্টি কৰিব বিচৰা নেকি, যিয়ে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিব আৰু তেজ প্ৰবাহিত কৰিব? আৰু আমিতো তোমাৰ হামদসহ তছবীহ পাঠ কৰোৱেঁই লগতে তোমাৰ পৱিত্ৰতাও ঘোষণা কৰো। তেওঁ ক’লে, নিশ্চয় মই যিটো জানো তোমালোকে সেইটো নাজানা।

    [31] আৰু তেওঁ আদমক যাৱতীয় নামৰ শিক্ষা দিলে, তাৰ পিছত সেইবোৰ ফিৰিস্তাসকলৰ আগত উপস্থাপন কৰি ক’লে, যদি তোমালোকে সত্যবাদী তেন্তে মোক এইবোৰৰ নাম কোৱা।

    [32] তেওঁলোকে ক’লে, তুমি পৱিত্ৰ। তুমি আমাক যি শিক্ষা দিছা তাৰ বাহিৰে আমাৰ আন কোনো জ্ঞান নাই। নিশ্চয় তুমি সৰ্বজ্ঞ প্ৰজ্ঞাময়।

    [33] তেওঁ ক’লে, ‘হে আদম, এইবোৰৰ নাম তুমি সিহঁতক জনাই দিয়া’। তাৰ পিছত যেতিয়া তেওঁ (আদম) এইবোৰৰ নাম জনাই দিলে, তেতিয়া তেওঁ ক’লে, ‘মই তোমালোকক কোৱা নাছিলোনে যে, নিশ্চয় মই আকাশমণ্ডল আৰু পৃথিৱীৰ গায়েব (অদৃশ্য) সম্পৰ্কে জানো? মই আৰু জানো যি তোমালোকে প্ৰকাশ কৰা আৰু যি গোপন কৰা’।

    [34] আৰু স্মৰণ কৰা, যেতিয়া আমি ফিৰিস্তাসকলক কৈছিলো, তোমালোকে আদমক ছাজদা কৰা। তেতিয়া ইবলিছৰ বাহিৰে সকলোৱে ছাজদা কৰিছিল। সি অস্বীকাৰ কৰিলে আৰু অহংকাৰ কৰিলে। আৰু সি কাফিৰসকলৰ অন্তৰ্ভূক্ত হ’ল।

    [35] আৰু আমি ক’লো, হে আদম, তুমি আৰু তোমাৰ স্ত্ৰী জান্নতত বসবাস কৰা আৰু য’ৰ পৰা ইচ্ছা স্বাচ্ছন্দে আহাৰ গ্ৰহণ কৰা, কিন্তু এই গছ জোপাৰ ওচৰত নাজাবা, তেনেহ’লে তোমালোক যালিম সকলৰ অন্তৰ্ভূক্ত হৈ যাবা।

    [36] অৱশেষত চয়তানে তাৰ পৰা তেওঁলোকৰ পদস্খলন ঘটালে আৰু তেওঁলোক য’ত আছিল তাৰ পৰা তেওঁলোকক বহিস্কৃত কৰালে, আৰু আমি ক’লো, ‘তোমালোকে নামি যোৱা; তোমালোকে ইজনে সিজনৰ শত্ৰু। আৰু তোমালোকৰ বাবে পৃথিৱীত আছে নিৰ্দিষ্টি সময় লৈকে আবাস আৰু ভোগ-উপভোগৰ উপকৰণ’।

    [37] তাৰ পিছত আদমে তেওঁৰ প্ৰতিপালকৰ পৰা কিছুমান বাক্য শিকি ল’লে; আৰু আল্লাহে তেওঁৰ তাওবা কবুল কৰিলে। নিশ্চয় তেওঁ তাওবা কবুলকাৰী অতি দয়ালু।

    [38] আমি ক’লো, ‘তোমালোক আটায়ে ইয়াৰ পৰা নামি যোৱা। যেতিয়া মোৰ ফালৰ পৰা তোমালোকৰ ওচৰত কোনো হিদায়ত আহিব, তেতিয়া যিসকলে আমাৰ হিদায়তৰ অনুসৰণ কৰিব, তেওঁলোকৰ কোনো ভয় নাই আৰু চিন্তাৰো কোনো কাৰণ নাই’।

    [39] আৰু যিসকলে কুফৰী কৰিছে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতেই জুইৰ অধিবাসী। তাত সিহঁতে চিৰকাল থাকিব।

    [40] হে ঈছৰাঈলৰ বংশধৰসকল! তোমালোকে মোৰ সেই অনুগ্ৰহসমূহৰ কথা স্মৰণ কৰা, যি অনুগ্ৰহ মই তোমালোকক প্ৰদান কৰিছিলো আৰু তোমালোকে মোৰ অঙ্গীকাৰ পূৰণ কৰা, ময়ো তোমালোকৰ অঙ্গীকাৰ পূৰণ কৰিম। আৰু তোমালোকে কেৱল মোকেই ভয় কৰা।

    [41] আৰু মই যি অৱতীৰ্ণ কৰিছো তোমালোকে তাৰ প্ৰতি ঈমান আনা। ই তোমালোকৰ ওচৰত যি আছে তাৰ সত্যতা প্ৰমানকাৰী। আৰু তোমালোকেই ইয়াৰ প্ৰথম অস্বীকাৰকাৰী নহ’বা আৰু তোমালোকে মোৰ আয়াতসমূহক সামান্য মূল্যত বিক্ৰী নকৰিবা। আৰু তোমালোকে কেৱল মোকেই ভয় কৰা।

    [42] আৰু তোমালোকে সত্যক মিছাৰ লগত মিশ্ৰিত নকৰিবা আৰু জানি-শুনি সত্য গোপন নকৰিবা।

    [43] আৰু তোমালোকে ছালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত প্ৰদান কৰা লগতে ৰুকুকাৰী সকলৰ লগত ৰুকু কৰা।

    [44] তোমালোকে মানুহক সত্কামৰ আদেশ দিয়া আৰু নিজকে পাহৰি যোৱা নেকি? অথচ তোমালোকে কিতাব অধ্যয়ন কৰা। তোমালোকে নুবুজা নেকি

    [45] আৰু তোমালোকে ধৈৰ্য আৰু ছালাতৰ দ্বাৰা সহায় প্ৰাৰ্থনা কৰা। নিশ্চয় বিনয়ীসকলৰ বাহিৰে আনৰ বাবে ই বৰ কঠিন কাম।

    [46] (আৰু এই কাম সেইসকল লোকৰ বাবে সহজ) যিসকলে বিশ্বাস কৰে যে, নিশ্চয় সিহঁতে সিহঁতৰ প্ৰতিপালকৰ লগত সাক্ষাৎ কৰিব আৰু নিশ্চয় সিহঁত তেওঁৰ ফালেই উভতি যাব।

    [47] হে ঈছৰাঈলৰ বংশধৰসকল! মোৰ সেই অনুগ্ৰহৰ কথা মনত পেলোৱা যি মই তোমালোকক প্ৰদান কৰিছিলো, আৰু নিশ্চয় মই তোমালোকক সমগ্ৰ জাতিৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছিলো।

    [48] আৰু তোমালোকে সেইদিনটোক ভয় কৰা যিদিনা কোনোৱেই কাৰো কামত নাহিব। আৰু কাৰো ছুপাৰিছ গ্ৰহন কৰা নহ’ব লগতে কাৰো পৰা কোনো বিনিময়ো লোৱা নহ’ব, আৰু সিহঁতে সহায় প্ৰাপ্তও নহ’ব।

    [49] আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকক ফিৰআউনৰ বংশৰ পৰা ৰক্ষা কৰিছিলো। সিহঁতে তোমালোকক বৰ কঠিন শাস্তি দিছিল। তোমালোকৰ পুত্ৰ সন্তানক হত্যা কৰিছিল আৰু কন্যাসন্তানক জীয়াই ৰাখিছিল। আৰু ইয়াত আছিল তোমালোকৰ বাবে তোমালোকৰ প্ৰতিপালকৰ পৰা এক মহাপৰীক্ষা।

    [50] আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকৰ বাবে সাগৰক দুভাগ কৰিছিলো আৰু তোমালোকক উদ্ধাৰ কৰিছিলো আৰু তোমালোকৰ চকুৰ আগতে ফিৰআউনৰ বংশক ডুবাই মাৰিছিলো।

    [51] আৰু স্মৰণ কৰা, যেতিয়া আমি মূছাৰ লগত চল্লিশ ৰাতিৰ বাবে প্ৰতিশ্ৰুতি কৰিছিলো, তাৰ (গুচি যোৱাৰ) পিছত তোমালোকে দামুৰিটোক (উপাস্যৰূপে) গ্ৰহণ কৰিছিলা, আৰু যালিম হৈ গৈছিলা।

    [52] ইয়াৰ পিছতো আমি তোমালোকক ক্ষমা কৰিছিলো যাতে তোমালোকে কৃতজ্ঞতা জ্ঞাপন কৰা।

    [53] আৰু স্মৰণ কৰা, যেতিয়া আমি মূছাক কিতাব আৰু ফুৰকান দান কৰিছিলো যাতে তোমালোকে হিদায়ত লাভ কৰিব পাৰা।

    [54] আৰু স্মৰণ কৰা, যেতিয়া মূছাই নিজ সম্প্ৰদায়ক ক’লে, হে মোৰ জাতি! তোমালোকে দামুৰিটোক (উপাস্যৰূপে) গ্ৰহণ কৰি নিজৰ ওপৰত অন্যায় কৰিছা। এতেকে তোমালোকৰ সৃষ্টিকৰ্তাৰ ওচৰত তাওবা কৰা ফলত নিজেই নিজকে হত্যা কৰা। এইটোৱেই তোমালোকৰ সৃষ্টিকৰ্তাৰ ওচৰত তোমালোকৰ বাবে কল্যাণকৰ। তাৰ পিছত তেওঁ তোমালোকক ক্ষমা কৰিছিল। নিশ্চয় তেওঁ ক্ষমাশীল অতি দয়ালু।

    [55] আৰু স্মৰণ কৰা, যেতিয়া তোমালোকে কৈছিলা, হে মুছা! আমি আল্লাহক প্ৰকাশ্যভাৱে নেদেখা লৈকে তোমাক বিশ্বাস নকৰো, ফলত তোমালোকে চাই থাকোঁতেই তোমালোকক বজ্ৰপাতে আক্ৰমণ কৰিলে।

    [56] তাৰ পিছত আমি তোমালোকৰ মৃত্যুৰ পিছতো তোমালোকক পুনৰ জীৱন দান কৰিলো যাতে তোমালোকে কৃতজ্ঞ হোৱা।

    [57] আৰু আমি তোমালোকৰ ওপৰত মেঘৰ ছাঁ বিস্তাৰ কৰিছিলো আৰু তোমালোকৰ বাবে অৱতীৰ্ণ কৰিছিলো ‘মান্না’ আৰু ‘ছালৱা’। (কৈছিলো) ‘পৱিত্ৰ (উত্তম) জীৱিকাৰ পৰা আহাৰ কৰা যি আমি তোমালোকক দান কৰিছো’। আৰু সিহঁতে আমাৰ একো অন্যায় কৰা নাই বৰং সিহঁতে নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।

    [58] আৰু স্মৰণ কৰা, যেতিয়া আমি কৈছিলো, ‘তোমালোকে এই গাওঁখনত প্ৰৱেশ কৰি তাৰ পৰা যি ইচ্ছা আনন্দচিত্তে আহাৰ কৰা আৰু দুৱাৰত প্ৰৱেশ কৰোঁতে শিৰ নত কৰি প্ৰৱেশ কৰিবা। আৰু ক’বা ‘হিত্তাতুন’ (ক্ষমা বিচাৰো)। আমি তোমালোকৰ অপৰাধ ক্ষমা কৰিম আৰু সত্কৰ্মশীলসকলক আৰু অধিক (অনুগ্ৰহ) দান কৰিম’।

    [59] কিন্তু যালিমসকলে সেই কথাক আন কথাৰ দ্বাৰা পৰিবৰ্তন কৰিলে যিটো সিহঁতক কোৱা হৈছিল, ফলত আমি যালিমসকলৰ প্ৰতি সিহঁতৰ অবাধ্যতাৰ কাৰণে আকাশৰ পৰা শাস্তি অৱতীৰ্ণ কৰিলো।

    [60] আৰু স্মৰণ কৰা, যেতিয়া মূছাই তেওঁৰ জাতিৰ বাবে পানী বিচাৰিলে, আমি ক’লো, ‘তোমাৰ লাখুটিডালেৰে শিলত আঘাত কৰা’, ফলত বাৰটা নিজৰা প্ৰবাহিত হ’ল। প্ৰত্যেক গোত্ৰই নিজৰ নিজৰ পানী খোৱাৰ ঠাই জানি ল’লে। (মই ক’লো) ‘তোমালোকে আল্লাহে দিয়া জীৱিকাৰ পৰা খোৱা আৰু পান কৰা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা’।

    [61] আৰু যেতিয়া তোমালোকে কৈছিলা, ‘হে মূছা! আমি একেই ধৰণৰ খাদ্যৰ ওপৰত কেতিয়াও ধৈৰ্য ধাৰণ কৰিব নোৱাৰিম। এতেকে তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে প্ৰাৰ্থনা কৰা... তেওঁ যেন আমাৰ বাবে ভূমিজাত দ্ৰৱ্য শাক-পাচলি, তিয়ঁহ, গম, দাইল আৰু পিঁয়াজ উত্পাদন কৰে’। মূছাই ক’লে, ‘তোমালোকে উত্তম বস্তুৰ পৰিবৰ্তে নিম্নমানৰ বস্তু বিচৰা নেকি? তেন্তে কোনো চহৰলৈ গুচি যোৱা, তাত তোমালোকে নিশ্চয় তোমালোকৰ বিচৰা বস্তু পাবা’; আৰু সিহঁতৰ ওপৰত লাঞ্ছনা আৰু দাৰিদ্ৰ আপতিত হ’ল আৰু সিহঁত আল্লাহৰ গযবৰ চিকাৰ হ’ল। এইটো এই বাবে যে, সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল আৰু নবীসকলক অন্যায়ভাৱে হত্যা কৰিছিল। অবাধ্যতা আৰু সীমালঙ্ঘন কৰাৰ বাবেই সিহঁতৰ এই পৰিণতি হৈছিল।

    [62] নিশ্চয় যিসকলে ঈমান আনিছে আৰু যিসকলে ইয়াহুদি হৈছে লগতে নাছাৰা আৰু ছাবেয়ীসকলৰ যিহঁতেই আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনে আৰু সত্কাম কৰে, সিহঁতৰ বাবে সিহঁতৰ প্ৰতিপালকৰ ওচৰত পুৰষ্কাৰ আছে; আৰু সিহঁতৰ কোনো ভয় নাই আৰু সিহঁত চিন্তিতও নহ’ব।

    [63] আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকৰ অংগীকাৰ লৈছিলো আৰু তোমালোকৰ ওপৰত উত্তোলন কৰিছিলো ‘তুৰ’ পৰ্বতক (আৰু কৈছিলো) ‘আমি যি দিলো সেয়া দৃঢ়তাৰে সৈতে গ্ৰহণ কৰা আৰু তাত যি আছে সেয়া স্মৰণ ৰাখিবা, যাতে তোমালোক তাক্বৱা অৱলম্বন কৰিব পাৰা’।

    [64] ইয়াৰ পিছতো তোমালোকে বিমুখ হ’লা! এতেকে তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ আৰু অনুকম্পা নাথাকিলে তোমালোকে নিশ্চয় ক্ষতিগ্ৰস্ত হ'লাহেঁতেন।

    [65] আৰু তোমালোকৰ মাজত যিহঁতে শনিবাৰ সম্পৰ্কে সীমালংঘন কৰিছিল সিহঁতক তোমালোকে নিশ্চিতভাৱে জানা। ফলত আমি সিহঁতক কৈছিলো, ‘তোমালোক নিকৃষ্ট বান্দৰ হৈ যোৱা’।

    [66] এতেকে আমি ইয়াক এটা শিক্ষামূলক দৃষ্টান্ত বনাইছো, সিহঁতৰ সমসাময়িক আৰু পৰবৰ্তীসকলৰ বাবে আৰু মুত্তাক্বীসকলৰ বাবে উপদেশস্বৰূপ।

    [67] আৰু স্মৰণ কৰা, যেতিয়া মুছাই তেওঁৰ জাতিক ক’লে, ‘আল্লাহে তোমালোকক এজনী গাই গৰু জবেহ কৰিবলৈ নিৰ্দেশ দিছে’, সিহঁতে ক’লে, ‘তুমি আমাৰ লগত ধেমালী কৰিছা নেকি’? মুছাই ক’লে, ‘মই অজ্ঞসকলৰ অন্তৰ্ভূক্ত হোৱাৰ পৰা আল্লাহৰ আশ্ৰয় বিচাৰো’।

    [68] সিহঁতে ক’লে, ‘তুমি আমাৰ বাবে তোমাৰ প্ৰতিপালকৰ ওচৰত দুআ কৰা, তেওঁ যেন আমাক স্পষ্টভাৱে জনাই দিয়ে যে, সেই গাইজনী কেনেকুৱা হ’ব লাগে?’ মুছাই ক’লে, ‘আল্লাহে কৈছে, সেইজনী এনেকুৱা গাই হ’ব লাগে যিটো বৃদ্ধাও নহয় পোৱালীও নহয়, বৰং মধ্যবয়সী। এতেকে তোমালোকক যি আদেশ কৰা হৈছে সেয়া পালন কৰা’।

    [69] সিহঁতে ক’লে, ‘তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে দুআ কৰা, তেওঁ যেন আমাক স্পষ্টভাৱে কৰি দিয়ে যে, তাইৰ ৰং কেনেকুৱা হ’ব লাগে?’ মুছাই ক’লে, ‘তেওঁ কৈছে, গাইজনী হালধীয়া ৰঙৰ হ’ব লাগে, অতি উজ্জল ৰং বিশিষ্ট, যিটো দৰ্শকসকলক আনন্দ দিব’।

    [70] সিহঁতে ক’লে, ‘তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে দুআ কৰা, তেওঁ যেন আমাক স্পষ্টভাৱে বৰ্ণনা কৰি দিয়ে যে, সেইজনী কেনেকুৱা হ’ব লাগে? নিশ্চয় গাইজনী আমাৰ বাবে সন্দেহপূৰ্ণ হৈছে; আৰু আল্লাহে ইচ্ছা কৰিলে নিশ্চয় আমি পথপ্ৰাপ্ত হ’ম’।

    [71] মুছাই ক’লে, ‘তেওঁ কৈছে, সেইজনী এনেকুৱা গাই, যিজনীক মাটি চহাবলৈ বা খেতিত পানী দিবলৈ ব্যৱহাৰ কৰা হোৱা নাই, সুস্থ আৰু নিখুঁত’। সিহঁতে ক’লে, ‘এতিয়া তুমি সত্য লৈ আহিছা’। অৱশেষত সিহঁতে গাইজনীক জবেহ কৰিলে, যদিও সিহঁতে সেয়া কৰিবলৈ প্ৰস্তুত নাছিল।

    [72] আৰু স্মৰণ কৰা, যেতিয়া তোমালোকে এজন ব্যক্তিক হত্যা কৰিছিলা তাৰ পিছত এজনে আনজনৰ প্ৰতি দোষাৰোপ কৰিছিলা, আৰু তোমালোকে যি গোপন কৰিছিলা সেয়া আল্লাহে প্ৰকাশ কৰিলে।

    [73] তাৰ পিছত আমি ক’লো, ‘ইয়াৰ কোনো অংশৰে তাক আঘাত কৰা’। এনেকৈ আল্লাহে মৃতক জীৱিত কৰে আৰু তেওঁ তোমালোকক তেওঁৰ নিদৰ্শনসমূহ দেখুৱায় যাতে তোমালোকে অনুধাৱন কৰিব পাৰা।

    [74] ইয়াৰ পিছতো তোমালোকৰ হৃদয় কঠিন হৈ গ’ল, যেনিবা শীল অথবা তাতোকৈ কঠিন। অথচ কিছুমান শীল এনেকুৱাও আছে যিটোৰ পৰা নৈ-নিজৰা প্ৰবাহিত হয়, আৰু কিছুমান এনেকুৱাও আছে যিটো বিদীৰ্ণ হোৱাৰ পিছত তাৰ পৰা পানী নিৰ্গত হয়, আকৌ কিছুমান আল্লাহৰ ভয়ত খহি পৰে, আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়।

    [75] তোমালোকে এই আশা কৰিছা নেকি যে, সিহঁতে তোমালোকৰ কথাত ঈমান আনিব? অথচ সিহঁতৰ এটা দলে আল্লাহৰ বাণী শ্ৰৱণ কৰে, তাৰ পিছত সিহঁতে সেইটো অনুধাৱন কৰাৰ পিছত জানি বুজি বিকৃত কৰে।

    [76] আৰু যেতিয়া সিহঁতে মুমিনসকলৰ লগত সাক্ষাত কৰে তেতিয়া কয়, 'আমি ঈমান আনিছো'। আকৌ যেতিয়া সিহঁতে গোপনে ইজনে সিজনৰ লগত মিলিত হয় তেতিয়া কয়, 'তোমালোকে সিহঁতৰ লগত এনে কথা আলোচনা কৰা নেকি যিবোৰ আল্লাহে তোমালোকৰ ওচৰত উন্মুক্ত কৰি দিছে; যাতে সিহঁতে ইয়াৰ দ্বাৰা তোমালোকৰ প্ৰতিপালকৰ ওচৰত তোমালোকৰ বিৰুদ্ধে প্ৰমাণ দাঙি ধৰিব? তোমালোকে বুজি নোপোৱা নেকি

    [77] সিহঁতে নাজানে নেকি যে, সিহঁতে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে, সেয়া আল্লাহে জানে

    [78] আৰু সিহঁতৰ মাজত এনেকুৱা কিছুমান নিৰক্ষৰ মানুহো আছে যিহঁতে মিছা আশাৰ বাহিৰে কিতাব সম্পৰ্কে একোৱেই নাজানে, সিহঁতে কেৱল অমূলক ধাৰণা পোষণ কৰে।

    [79] এতেকে দুৰ্ভোগ সিহঁতৰ বাবে যিসকলে নিজ হাতে কিতাব ৰচনা কৰে তাৰ পিছত সামান্য মূল্য পোৱাৰ বাবে কয়, ‘এইটো আল্লাহৰ পৰা (অৱতীৰ্ণ)’। এতেকে সিহঁতৰ হাতে যি ৰচনা কৰিছে তাৰ বাবে সিহঁতৰ ধ্বংস আৰু সিহঁতে যি উপাৰ্জন কৰিছে তাৰ বাবে সিহঁতৰ ধ্বংস।

    [80] আৰু সিহঁতে কয়, 'সামান্য কিছু দিনৰ বাহিৰে জুইৱে আমাক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰিব'। কোৱা, ‘তোমালোকে আল্লাহৰ পৰা এনে কোনো অঙ্গীকাৰ লৈছা নেকি, যি অঙ্গীকাৰ আল্লাহে কেতিয়াও ভংগ নকৰিব? নে তোমালোকে আল্লাহ সম্পৰ্কে এনে কথা কোৱা যিটো তোমালোকে নাজানা?’

    [81] হয়, যিয়ে বেয়া উপাৰ্জন কৰিছে আৰু তাৰ পাপ ৰাশিয়ে তাক পৰিবেষ্টন কৰি ৰাখিছে, সিহঁতেই জাহান্নামী, তাত সিহঁতে চিৰস্থায়ী হ’ব।

    [82] আৰু যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে, সিহঁতেই জান্নাতী, সিহঁতে তাত চিৰস্থায়ী হ’ব।

    [83] আৰু স্মৰণ কৰা, যেতিয়া আমি ইছৰাঈলৰ সন্তানসকলৰ প্ৰতিশ্ৰুতি লৈছিলো যে, তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা, পিতৃ-মাতৃ, আত্মীয়-স্বজন, এতীম আৰু দৰিদ্ৰৰ সৈতে সদায় সদ্ব্যৱহাৰ কৰিবা আৰু মানুহৰ লগত উত্তম ব্যৱহাৰ কৰিবা আৰু ছালাত প্ৰতিষ্ঠা কৰিবা আৰু যাকাত প্ৰদান কৰিবা, তাৰ পিছত তোমালোকৰ কিছু সংখ্যক লোকৰ বাহিৰে সকলোৱে অৱজ্ঞা কৰি মুখ ঘূৰাই লৈছিল।

    [84] আৰু স্মৰণ কৰা, যেতিয়া তোমালোকৰ পৰা প্ৰতিশ্ৰুতি লৈছিলো যে, তোমালোকে পৰস্পৰে ৰক্তপাত নকৰিবা আৰু এজনে আনজনক স্বদেশৰ পৰা বহিষ্কাৰ নকৰিবা, তাৰ পিছত সেয়া তোমালোকে স্বীকাৰ কৰিছিলা আৰু তোমালোকেই ইয়াৰ সাক্ষী।

    [85] এতেকে তোমালোকেই সেইসকল লোক, যিসকলে নিজৰ মাজতেই নিজকে হত্যা কৰিছা আৰু তোমালোকৰ এটা দলক সিহঁতৰ নিজ দেশৰ পৰা বহিষ্কাৰ কৰিছা। অন্যায় আৰু সীমালংঘনৰ দ্বাৰা সিহঁতৰ বিৰুদ্ধে তোমালোকে এজনে আনজনৰ সহযোগিতা কৰিছা আৰু সিহঁত যেতিয়া বন্দীৰূপে তোমালোকৰ ওচৰত উপস্থিত হয় তেতিয়া তোমালোকে মুক্তিপণ আদায় কৰি সিহঁতক মুক্ত কৰা; অথচ সিহঁতক বহিষ্কাৰ কৰাটোৱে তোমালোকৰ ওপৰত হাৰাম আছিল। তেন্তে তোমালোকে কিতাবৰ কিছু অংশৰ প্ৰতি ঈমান আনা আৰু কিছু অংশক অস্বীকাৰ কৰা নেকি? তেনেহ’লে তোমালোকৰ মাজত যিসকলে এনে কৰে পৃথিৱীৰ জীৱনত সিহঁতৰ বাবে একমাত্ৰ প্ৰতিফল লাঞ্ছনা আৰু অপমান আৰু কিয়ামতৰ দিনা সিহঁতক উভতাই নিয়া হ’ব অতি কঠিন শাস্তিৰ পিনে আৰু সিহঁতে যি কৰে সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়।

    [86] ইহঁতেই আখিৰাতৰ বিনিময়ত পৃথিৱীৰ জীৱনক কিনি লৈছে; সেয়ে সিহঁতৰ শাস্তি অকণো কমোৱা নহ’ব আৰু সিহঁতক সহায়ও কৰা নহ’ব।

    [87] আৰু নিশ্চয় আমি মুছাক কিতাব প্ৰদান কৰিছো আৰু তেওঁৰ পিছত পৰ্যায়ক্ৰমে ৰাছুলসকলক প্ৰেৰণ কৰিছো আৰু আমি মাৰয়ামৰ পুত্ৰ ঈছাক স্পষ্ট প্ৰমাণ প্ৰদান কৰিছো আৰু ‘ৰূহুল কুদুছ’ৰ দ্বাৰা তেওঁক শক্তিশালী কৰিছো। এইটো সঁচা নহয় জানো যেতিয়াই তোমালোকৰ ওচৰত কোনো ৰাছুলে তোমালোকৰ প্ৰবৃত্তিৰ বিপৰীত কোনো বস্তু লৈ আহিছে তেতিয়াই তোমালোকে অহংকাৰ কৰিছা? তাৰ পিছত তোমালোকে নবীসকলৰ এটা দলক অস্বীকাৰ কৰিছা আৰু এটা দলক হত্যা কৰিছা।

    [88] আৰু সিহঁতে ক’লে, ‘আমাৰ অন্তৰসমূহ আচ্ছাদিত’, বৰং সিহঁতৰ কুফৰীৰ কাৰণে আল্লাহে সিহঁতক অভিশাপ কৰিছে। এতেকে সিহঁতৰ কম সংখ্যকেই ঈমান পোষণ কৰে।

    [89] আৰু যেতিয়া সিহঁতৰ ওচৰত আল্লাহৰ তৰফৰ পৰা এনে এখন কিতাব আহিল যিটো সিহঁতৰ লগত যি আছে তাৰ সত্যায়নকাৰী, অথচ ইয়াৰ পূৰ্বে সিহঁতে ইয়াৰ সহায় বিচাৰি কাফিৰসকলৰ বিৰুদ্ধে বিজয় প্ৰাৰ্থনা কৰিছিল। এতেকে যেতিয়া সিহঁতৰ ওচৰত সেয়া আহি পালে যিটো সিহঁতে ভালদৰে চিনি পায়, (তথাপিও) অস্বীকাৰ কৰিলে। সেয়ে কাফিৰসকলৰ ওপৰত আল্লাহৰ লা’নত।

    [90] যিটোৰ বিনিময়ত সিহঁতে নিজকে বিক্ৰি কিৰছে সেয়া কিমান যে, নিকৃষ্ট! সেয়া হৈছে, আল্লাহে যি অৱতীৰ্ণ কৰিছে, সিহঁতে তাৰ লগত কুফৰী কৰিছে, এই জিদৰ বশৱৰ্তী হৈ যে, আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা তাৰ ওপৰত তেওঁৰ অনুগ্ৰহ অৱতীৰ্ণ কৰে। সেয়ে সিহঁত ক্ৰোধৰ ওপৰত ক্ৰোধ অৰ্জন কৰিছে আৰু কাফিৰসকলৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি।

    [91] আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে তাৰ প্ৰতি তোমালোকে ঈমান আনা’, সিহঁতে কয়, ‘আমাৰ প্ৰতি যি নাযিল হৈছে আমি কেৱল তাৰ প্ৰতিহে ঈমান আনো’। অথচ সিহঁতে ইয়াৰ বাহিৰে যি আছে সেই সকলো অস্বীকাৰ কৰে, যদিও সেয়া সত্য আৰু সিহঁতৰ ওচৰত যি আছে তাৰ সত্যায়নকাৰী। কোৱা, ‘যদি তোমালোকে মুমিন তেন্তে তোমালোকে অতীতত কিয় আল্লাহৰ নবীসকলক হত্যা কৰিছিলা?’

    [92] আৰু নিশ্চয় মুছাই তোমালোকৰ ওচৰত সুস্পষ্ট প্ৰমাণসহ আহিছিল, তাৰ পিছতো তোমালোকে তেওঁৰ অনুপস্থিতিত দামুৰিটোক (উপাস্যৰূপে) গ্ৰহণ কৰিছিলা। বাস্তবিকতেই তোমালোক যালিম।

    [93] আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকৰ প্ৰতিশ্ৰুতি লৈছিলো আৰু তুৰ পৰ্বতক তোমালোকৰ ওপৰত উত্তোলন কৰিছিলো, (আৰু কৈছিলো) ‘যি প্ৰদান কৰিলো সেয়া দৃঢ়ভাৱে গ্ৰহণ কৰা আৰু (মনোযোগ সহকাৰে) শুনা’। সিহঁতে কৈছিল, ‘আমি শুনিলো আৰু অমান্য কৰিলো’, আৰু কুফৰীৰ কাৰণে সিহঁতৰ অন্তৰত দামুৰিপ্ৰীতি সোমোৱাই দিয়া হৈছিল। কোৱা, ‘যদি তোমালোকে মুমিন তেন্তে তোমালোকৰ ঈমানে তোমালোকক যি নিৰ্দেশ দিয়ে সেয়া কিমান যে নিকৃষ্ট!’

    [94] কোৱা, ‘যদি অন্যান্য মানুহৰ বাহিৰে আল্লাহৰ ওচৰত আখিৰাতৰ বাসস্থান কেৱল তোমালোকৰ বাবেই নিৰ্দিষ্ট তেন্তে তোমালোকে মৃত্যু কামনা কৰা, যদি তোমালোকে সত্যবাদী’।

    [95] কিন্তু সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতে কেতিয়াও এয়া কামনা নকৰিব; আৰু আল্লাহ যালিমসকলৰ বিষয়ে সম্যক জ্ঞানী।

    [96] আৰু তুমি অৱশ্যই সিহঁতক জীৱনৰ প্ৰতি আন আন লোকতকৈ বেছি লোভী দেখিবলৈ পাবা, আনকি মুশ্বৰিকসকলতকৈও বেছি। সিহঁতৰ প্ৰত্যেকেই আশা কৰে যদি হাজাৰ বছৰ আয়ু দিয়া হ’লেহেঁতেন; অথচ দীৰ্ঘায়ু তাক শাস্তিৰ পৰা নিষ্কৃতি দিব নোৱাৰিব। সিহঁতে যি কৰে সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।

    [97] কোৱা, ‘যিয়ে জিব্ৰীলৰ প্ৰতি শত্ৰুতা পোষণ কৰিব, এই বাবে যে, তেওঁ আল্লাহৰ অনুমতিক্ৰমে তোমাৰ হৃদয়ত কোৰআন অৱতীৰ্ণ কৰিছে, যিটো পূৰ্বৱৰ্তী কিতাবৰো সত্যায়ণকাৰী আৰু যিটো মুমিনসকলৰ বাবে পথপ্ৰদৰ্শক আৰু শুভ সংবাদ।

    [98] যিয়ে আল্লাহ, তেওঁৰ ফিৰিস্তাসকল, তেওঁৰ ৰাছুলসকল আৰু জিব্ৰীল আৰু মীকাইলৰ লগত শত্ৰুতা পোষণ কৰিব, তেন্তে নিশ্চয় আল্লাহ কাফিৰসকলৰ শত্ৰু’।

    [99] আৰু নিশ্চয় আমি তোমাৰ প্ৰতি সুস্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰিছো, ফাছিকসকলৰ বাহিৰে আন কোনোৱেই ইয়াক অস্বীকাৰ নকৰে।

    [100] এয়া সঁচা নহয় জানো, যেতিয়াই সিহঁতে কোনো অংগীকাৰ কৰিছে তেতিয়াই সিহঁতৰ কোনো এটা দলে ইয়াক দলিয়াই দিছে? বৰং সিহঁতৰ অধিকাংশই বিশ্বাস নকৰে।

    [101] আৰু যেতিয়া আল্লাহৰ তৰফৰ পৰা সিহঁতৰ ওচৰত এজন ৰাছুল আহিলে, সিহঁতৰ ওচৰত যি আছে তাৰ সত্যায়নকাৰী হিচাপে, তেতিয়া কিতাবীসকলৰ এটা দলে আল্লাহৰ কিতাবক পিছফালে দলিয়াই দিলে, যেনিবা সিহঁতে একোৱেই নাজানে।

    [102] আৰু ছুলাইমানৰ ৰাজত্বত চয়তানসকলে যি আবৃত্তি কৰিছিল সেয়া সিহঁতে অনুসৰণ কৰিছে আৰু ছুলাইমানে (কেতিয়াও) কুফৰী কৰা নাছিল, বৰং চয়তানেহে কুফৰী কৰিছিলষ সিহঁতে মানুহক যাদু শিক্ষা দিছিল আৰু (সেই বিষয়ে শিক্ষা দিছিল) যিটো বাবিল চহৰত হাৰূত আৰু মাৰূত ফিৰিস্তাদয়ৰ ওপৰত অৱতীৰ্ণ হৈছিল। সিহঁত উভয়ে এই কথা নোকোৱা লৈকে কাকো শিক্ষা দিয়া নাছিল যে, আমি কেৱল এটা পৰীক্ষাহে; সেয়ে তুমি কুফৰী নকৰিবা। ইয়াৰ পিছতো সিহঁতে ফিৰিস্তাদয়ৰ পৰা এনে যাদু শিকি লৈছিল যিটোৰ দ্বাৰা স্বামী-স্ত্ৰীৰ মাজত বিচ্ছেদ ঘটাইছিল। অথচ সিহঁতে আল্লাহৰ অনুমতিবিনে তাৰ দ্বাৰা কাৰো ক্ষতি কৰিব পৰা নাছিল; আৰু সিহঁতে কেৱল সেইটোৱে শিকিছিল যিটো সিহঁতক ক্ষতি কৰিছিল কোনো উপকাৰ কৰা নাছিল; আৰু সিহঁতে নিশ্চিতভাৱে জানে যে, যিয়ে ইয়াক ক্ৰয় কৰে (অৰ্থা যাদুৰ আশ্ৰয় লয়) তাৰ বাবে আখিৰাতত কোনো অংশ নাই। যাৰ বিনিময়ত সিহঁতে নিজকে বিক্ৰি কৰি আছে, সেয়া কিমান যে নিকৃষ্ট, যদি সিহঁত জানিলেহেঁতেন

    [103] আৰু যদি সিহঁতে ঈমান আনিলেহেঁতেন আৰু তাক্বৱা অৱলম্বন কৰিলেহেঁতেন, তেন্তে আল্লাহৰ তৰফৰ পৰা প্ৰাপ্ত ছোৱাব নিশ্চিতভাৱে (সিহঁতৰ বাবে) অধিক কল্যাণকৰ হলেহেঁতেন, এই কথা যদি সিহঁত জানিলেহেঁতেন

    [104] হে ঈমান্দাৰসকল! তোমালোকে ‘ৰা-য়িনা’ বুলি নকবা, বৰং ‘উনযুৰনা’ বুলি কোৱা আৰু শুনা; আৰু কাফিৰসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।

    [105] কিতাবীসকলৰ মাজত যিসকলে কুফৰী কৰিছে সিহঁত আৰু মুশ্বৰিকসকলে এইটো নিবিচাৰে যে, তোমালোকৰ প্ৰতিপালকৰ পৰা তোমালোকৰ ওপৰত কোনো কল্যাণ অৱতীৰ্ণ হওক। অথচ আল্লাহে যাক ইচ্ছা নিজ ৰহমতৰ দ্বাৰা বিশেষিত কৰে; আৰু আল্লাহ মহা ক্ষমাশীল।

    [106] আমি কোনো আয়াত ৰহিত কৰিলে বা পাহৰাই দিলে তাতোকৈ উত্তম অথবা তাৰ সমান কোনো আয়াত আনি দিওঁ। তুমি নাজানা নে যে, আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

    [107] তুমি নাজানা নে যে, আকামণ্ডল আৰু পৃথিৱীৰ সাৰ্বভৌমত্ব একমাত্ৰ আল্লাহৰ? আৰু আল্লাহৰ বাহিৰে তোমালোকৰ কোনো অভিভাৱক নাই আৰু কোনো সহায়কাৰীও নাই।

    [108] তোমালোকে তোমালোকৰ ৰাছুলক এনেকুৱা প্ৰশ্ন কৰিব বিচৰা নেকি যেনেকুৱা প্ৰশ্ন ইয়াৰ পূৰ্বে মূছাক কৰা হৈছিল? আৰু যিয়ে ঈমানক কুফৰত পৰিবৰ্তন কৰে, নিশ্চিয় সি পোন পথ হেৰুৱায়।

    [109] কিতাবীসকলৰ বহুতেই বিচাৰে, যদি সিহঁতে তোমালোকক তোমালোকৰ ঈমান আনাৰ পিছত কাফিৰৰূপে উভতাই নিব পাৰিলেহেঁতেন! সত্য স্পষ্ট হোৱাৰ পিছতো সিহঁতৰ নিজৰ ফালৰ পৰা বিদ্বেষবশতঃ (এইটো কৰি থাকে)। এতেকে তোমালোকে ক্ষমা কৰা আৰু উপেক্ষা কৰা আল্লাহে তেওঁৰ কোনো নিৰ্দেশ নিদিয়া লৈকে--- নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

    [110] আৰু তোমালোকে ছালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত প্ৰদান কৰা আৰু যিখিনি নেক আমল তোমালোকে নিজৰ বাবে আগলৈ প্ৰেৰণ কৰিবা সেইটো আল্লাহৰ ওচৰত পাবা। নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।

    [111] আৰু সিহঁতে কয়, ‘ইয়াহূদী অথবা নাছাৰাৰ বাহিৰে আন কোনেও কেতিয়াও জান্নাতত প্ৰৱেশ নকৰিব’। এইটো সিহঁতৰ মিছা আশা মাথোন। কোৱা, ‘যদি তোমালোকে সত্যবাদী তেনেহ’লে প্ৰমাণ লৈ আহা’।

    [112] হয়, যিয়ে আল্লাহৰ ওচৰত সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰে আৰু সত্কৰ্মশীল হয় তাৰ প্ৰতিদান তাৰ প্ৰতিপালকৰ ওচৰত আছে; আৰু সিহঁতৰ কোনো ভয় নাই আৰু সিহঁত চিন্তিতও নহ’ব।

    [113] আৰু ইয়াহূদীসকলে কয়, ‘নাছাৰাসকলৰ কোনো ভিত্তি নাই’ আৰু নাছাৰাসকলে কয়, ‘ইয়াহূদীসকলৰ কোনো ভিত্তি নাই’ অথচ সিহঁতে কিতাব অধ্যায়ন কৰে। এনেকৈ যিসকলে একোৱেই নাজানে সিহঁতেও সেই একেই কথাই কয়। এতেকে যি বিষয়ে সিহঁতে মতভেদ কৰিছিল কিয়ামতৰ দিনা আল্লাহে সিহঁতৰ মাজত (সেই বিষয়ে) মীমাংসা কৰি দিব।

    [114] আৰু সেইজনতকৈ অধিক যালিম আৰু কোন হ’ব পাৰে, যিয়ে আল্লাহৰ মছজিদসমূহত তেওঁৰ নাম স্মৰণ কৰিবলৈ বাধা দিয়ে আৰু এইবোৰৰ অনিষ্ট সাধন কৰিবলৈ চেষ্টা কৰে? অথচ সিহঁতৰ উচিত আছিল ভীত-সন্ত্ৰস্ত হৈ তাত প্ৰৱেশ কৰা। সিহঁতৰ বাবে পৃথিৱীত আছে লাঞ্ছনা আৰু আৰু আখিৰাতত সিহঁতৰ বাবে আছে মহাশাস্তি।

    [115] পূৱ আৰু পশ্চিম আল্লাহৰেই; এতেকে তোমালোকে যি ফালেই মুখ নকৰা কিয়, সেইটোৱেই আল্লাহৰ দিশ। নিশ্চয় আল্লাহ সৰ্বব্যাপী, সৰ্বজ্ঞ।

    [116] আৰু সিহঁতে কয়, আল্লাহে সন্তান গ্ৰহণ কৰিছে। তেওঁ (ইয়াৰ পৰা) অতি পৱিত্ৰ। বৰং আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱেই আল্লাহৰ। সকলো তেওঁৰ একান্ত অনুগত।

    [117] তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ উদ্ভাৱক; আৰু তেওঁ যেতিয়া কিবা কৰাৰ সিদ্ধান্ত লয়, তেতিয়া তাৰ বাবে কেৱল কয়, ‘হ’, ফলত ই হৈ যায়।

    [118] আৰু যিহঁতে একোৱেই নাজানে সিহঁতে কয়, ‘আল্লাহে আমাৰ লগত কথা নকয় কিয়? অথবা আমাৰ ওচৰত কোনো নিদৰ্শন নাহে কিয়?’ এনেকৈ সিহঁতৰ পূৰ্বৱৰ্তীসকলেও সিহঁতৰ দৰেই কথা কৈছিল। সিহঁতৰ অন্তৰসমূহ একেই ধৰণৰ। নিশ্চয় আমি আয়াতসমূহক স্পষ্টভাৱে বৰ্ণনা কৰিছো, এনে সম্প্ৰদায়ৰ বাবে, যিহঁতে দৃঢ় বিশ্বাস ৰাখে।

    [119] নিশ্চয় আমি তোমাক প্ৰেৰণ কৰিছো সত্যসহ, সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে; আৰু জাহান্নামীসকলৰ বিষয়ে তোমাক কোনো সোধ-পোচ কৰা নহব।

    [120] ইয়াহূদী আৰু নাছাৰাসকলে কেতিয়াও তোমাৰ প্ৰতি সন্তুষ্ট নহ’ব, যেতিয়ালৈকে তুমি সিহঁতৰ মিল্লাতৰ অনুসৰণ নকৰিবা। কোৱা, ‘নিশ্চয় আল্লাহৰ হিদায়তেই প্ৰকৃত হিদায়ত’; আৰু তোমাৰ ওচৰত যি জ্ঞান আহিছে তাৰ পিছতো যদি তুমি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ কৰা তেন্তে আল্লাহৰ তৰফৰ পৰা তোমাৰ কোনো অভিভাৱক আৰু কোনো সহায়কাৰীও নাথাকিব।

    [121] যিসকলক আমি কিতাব প্ৰদান কৰিছো, সিহঁতৰ মাজত যিসকলে যথাযথভাৱে সেয়া তিলাৱত কৰে, সিহঁতে সেয়া বিশ্বাস কৰে; আৰু যিসকলে সেয়া অস্বীকাৰ কৰে, সিহঁতেই ক্ষতিগ্ৰস্ত।

    [122] হে বানী ইছৰাঈল! মোৰ সেই অনুগ্ৰহৰ কথা স্মৰণ কৰা, যিবোৰ মই তোমালোকক প্ৰদান কৰিছিলো; আৰু নিশ্চয় মই তোমালোকক শ্ৰেষ্ঠত্ব প্ৰদান কৰিছিলো (সেই সময়ৰ) সকলো জাতিৰ ওপৰত।

    [123] আৰু তোমালোকে ভয় কৰা সেই দিনক, যিদিনা কোনেৱেই কাৰো কামত নাহিব আৰু কোনো ব্যক্তিৰ পৰা বিনিময় গ্ৰহণ কৰা নহ’ব আৰু কোনো ছুপাৰিছও তাৰ কোনো উপকাৰত নাহিব আৰু সিহঁত সহায়প্ৰাপ্তও নহ’ব।

    [124] আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমক তেওঁৰ প্ৰতিপালকে কেইটামান বাণীৰ দ্বাৰা পৰীক্ষা কৰিছিল, আৰু তেওঁ সেয়া পূৰ্ণ কৰিছিল। আল্লাহে ক’লে, ‘নিশ্চয় মই তোমাক মানৱ জাতিৰ ইমাম বনাম’। তেওঁ ক’লে, ‘আৰু মোৰ বংশধৰসকলৰ পৰাও? আল্লাহে ক’লে, ‘মোৰ এই প্ৰতিশ্ৰুতি যালিমসকলক অন্তৰ্ভূক্ত নকৰে’।

    [125] আৰু স্মৰণ কৰা, যেতিয়া আমি কা’বাঘৰক মানৱ জাতিৰ মিলন কেন্দ্ৰ আৰু নিৰাপত্তাস্থল বনালো; আৰু (আদেশ দিলো যে,) ‘তোমালোকে মাকামে ইব্ৰাহীমক ছালাতৰ স্থানৰূপে গ্ৰহণ কৰা। ইব্ৰাহীম আৰু ইছমাঈলক দায়িত্ব দিছিলো যে, তোমালোকে মোৰ ঘৰক তাৱাফকাৰী, এ’তেকাফকাৰী আৰু ৰুকু’ আৰু ছাজদাকাৰীসকলৰ বাবে পৱিত্ৰ ৰাখিবা’।

    [126] আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমে ক’লে, ‘হে মোৰ প্ৰতিপালক! ইয়াক তুমি নিৰাপদ চহৰ কৰি দিয়া আৰু ইয়াৰ অধিবাসীসকলৰ মাজত যিসকলে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনে সিহঁতক ফল-মূলৰ জীৱিকা প্ৰদান কৰা’। তেওঁ (আল্লাহে) ক’লে, ‘যিয়ে কুফৰী কৰিব তাকো মই অলপ সময়ৰ বাবে জীৱনোপভোগ কৰিবলৈ দিম, তাৰ পিছত মই তাক জুইৰ শাস্তি ভোগ কৰিবলৈ বাধ্য কৰাম আৰু সেয়া যে কিমান নিকৃষ্ট প্ৰত্যাবৰ্তনস্থল’

    [127] আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীম আৰু ইছমাঈলে কা’বাঘৰৰ আধাশিলা স্থাপন কৰিছিল, (আৰু কৈছিল) ‘হে আমাৰ প্ৰতিপালক! আমাৰ ফালৰ পৰা তুমি কবুল কৰা। নিশ্চয় তুমি সৰ্বশ্ৰোতা, সৰ্বজ্ঞ’।

    [128] ‘হে আমাৰ প্ৰতিপালক! আমাক উভয়কে তোমাৰ একান্ত অনুগত কৰা আৰু আমাৰ বংশধৰৰ পৰা তোমাৰ এটা অনুগত জাতি উত্থিত কৰা; আৰু আমাক ইবাদতৰ নিয়ম-পদ্ধতি দেখুৱাই দিয়া আৰু আমাৰ তাওবা কবুল কৰা। নিশ্চয় তুমি বেছি তাওবা গ্ৰহণকাৰী, পৰম দয়ালু’।

    [129] ‘হে আমাৰ প্ৰতিপালক! তুমি সিহঁতৰ মাজৰ পৰাই সিহঁতৰ ওচৰত এজন ৰাছুল প্ৰেৰণ কৰা, যিয়ে তোমাৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱত কৰিব; আৰু সিহঁতক কিতাব আৰু হিকমতৰ শিক্ষা দিব আৰু সিহঁতক পৰিশুদ্ধ কৰিব। নিশ্চয় তুমি পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    [130] আৰু যিয়ে নিজকে নিৰ্বোধ বনাইছে তাৰ বাহিৰে ইব্ৰাহীমৰ মিল্লাতৰ পৰা আন কোনে বিমুখ হ’ব পাৰে? আৰু নিশ্চয় আমি পৃথিৱীত তেওঁক মনোনীত কৰিছো আৰু আখিৰাততো তেওঁ সত্কৰ্মশীলসকলৰ অন্যতম।

    [131] যেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক কৈছিল, ‘তুমি আত্মসমৰ্পণ কৰা’। তেওঁ কৈছিল, ‘মই বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিলো’।

    [132] আৰু ইব্ৰাহীম আৰু ইয়াকূবে তেওঁলোকৰ পুত্ৰসকলক ইয়াৰেই নিৰ্দেশ দি কৈছিল, ‘হে মোৰ পুত্ৰসকল! নিশ্চয় আল্লাহে তোমালোকৰ বাবে এই দ্বীনক মনোনীত কৰিছে। এতেকে তোমালোকে আত্মসমৰ্পণকাৰী (মুছলিম) নোহোৱা লৈকে মৃত্যু বৰণ নকৰিবা’।

    [133] ইয়াকূবৰ মৃত্যুৰ সময়ত তোমালোকে উপস্থিত আছিলা নেকি? তেওঁ যেতিয়া নিজ সন্তানসকলক কৈছিল, ‘মোৰ পিছত তোমালোকে কাৰ ইবাদত কৰিবা? সিহঁতে কৈছিল, ‘আমি আপোনাৰ ইলাহ আৰু আপোনাৰ পিতৃ-পুৰুষ ইব্ৰাহীম, ইছমাঈল, ইছহাকৰ ইলাহ- সেই এজন ইলাহৰেই ইবাদত কৰিম; আৰু আমি তেওঁৰ ওচৰতেই আত্মসমৰ্পণকাৰী’।

    [134] তেওঁলোক আছিল এনেকুৱা এটা জাতি, যিসকল অতীত হৈ গৈছে। তেওঁলোকে যি অৰ্জন কৰিছে সেয়া তেওঁলোকৰ বাবে, আৰু তোমালোকে যি অৰ্জন কৰিছা সেয়া তোমালোকৰ বাবে; আৰু তেওঁলোকে যি কৰিছিল সেই সম্পৰ্কে তোমালোকক প্ৰশ্ন কৰা নহ’ব।

    [135] আৰু সিহঁতে কয়, ‘তোমালোকে ইয়াহূদী বা নাছাৰা হৈ যোৱা, সঠিক পথ পাবা’। কোৱা, ‘বৰং আমি একনিষ্ঠ হৈ ইব্ৰাহীমৰ মিল্লাতৰ অনুসৰণ কৰিম; আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভূক্ত নাছিল’।

    [136] তোমালোকে কোৱা, ‘আমি ঈমান আনিছো আল্লাহৰ প্ৰতি আৰু যি আমাৰ প্ৰতি অৱতীৰ্ণ হৈছে লগতে তাৰ প্ৰতিও ঈমান আনিছো যি অৱতীৰ্ণ হৈছে ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াকূব আৰু তেওঁৰ বংশধৰসকলৰ প্ৰতি, আৰু মুছা, ঈছা লগতে অন্যান্য নবীসকলক তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা যি প্ৰদান কৰা হৈছে (তাৰ প্ৰতিও ঈমান আনিছো)। আমি তেওঁলোকৰ মাজত কোনো পাৰ্থক্য নকৰো; আৰু আমি তেওঁৰেই ওচৰত আত্মসমৰ্পণকাৰী।

    [137] এতেকে তোমালোকে যেনেকৈ ঈমান আনিছা সিহঁতেও যদি তেনেকৈ ঈমান আনে, তেন্তে নিশ্চয় সিহঁত হিদায়ত প্ৰাপ্ত হ’ব; আৰু যদি সিহঁতে মুখ ঘুৰাই লয়, তেন্তে সিহঁত আছে কেৱল বিৰোধিতাত লিপ্ত, এতেকে সিহঁতৰ বিপক্ষে তোমাৰ বাবে আল্লাহেই যথেষ্ট; আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

    [138] আল্লাহৰ ৰঙেৰে ৰঞ্জিত হোৱা; আৰু আল্লাহৰ ৰঙতকৈ আৰু কাৰ ৰং বেছি সুন্দৰ হ’ব পাৰে? আৰু আমি তেওঁৰেই ইবাদতকাৰী।

    [139] কোৱা, ‘তোমালোকে আমাৰ লগত আল্লাহ সম্পৰ্কে বিতৰ্কত লিপ্ত হ’ব বিচৰা নেকি? অথচ তেওঁ আমাৰ প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক! আমাৰ বাবে আমাৰ আমল, আৰু তোমালোকৰ বাবে তোমালোকৰ আমল; আৰু আমি তেওঁৰেই প্ৰতি একনিষ্ঠ।

    [140] তোমালোকে এইটো ক’ব বিচৰা নেকি যে, ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াকূব আৰু তেওঁৰ বংশধৰসকল ইয়াহূদী বা নাছাৰা আছিল? কোৱা, ‘তোমালোকে বেছি জানা নে আল্লাহে বেছি জানে’? সেইজনতকৈ বেছি যালিম আৰু কোন হ’ব পাৰে যিয়ে আল্লাহৰ তৰফৰ পৰা তাৰ ওচৰত যি সাক্ষ্য আছে সেয়া গোপন কৰে? আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়।

    [141] তেওঁলোক আছিল এনেকুৱা এটা জাতি, যিসকল অতীত হৈ গৈছে। তেওঁলোকে যি অৰ্জন কৰিছে সেয়া তেওঁলোকৰ বাবে, আৰু তোমালোকে যি অৰ্জন কৰিছা সেয়া তোমালোকৰ বাবে; আৰু তেওঁলোকে যি কৰিছিল সেই সম্পৰ্কে তোমালোকক প্ৰশ্ন কৰা নহ’ব।

    [142] মানুহৰ মাজৰ পৰা নিৰ্বোধসকলে অনতিপলমে ক’ব যে, ‘ইমান দিনে সিহঁতে যি কিবলাৰ অনুসৰণ কৰি আহিছিল তাৰ পৰা কিহে সিহঁতক বিমুখ কৰালে? কোৱা, ‘পূৱ আৰু পশ্চিম আল্লাহৰেই। তেওঁ যাক ইচ্ছা সৰল পথৰ হিদায়ত প্ৰদান কৰে’।

    [143] আৰু এনেকৈ আমি তোমালোকক এটা মধ্যপন্থী জাতিত পৰিণত কৰিছো, যাতে তোমালোক মানৱ জাতিৰ ওপৰত সাক্ষী হোৱা আৰু ৰাছুলে তোমালোকৰ ওপৰত সাক্ষী হ’ব পাৰে; আৰু তুমি ইমান দিনে যিটো কিবলাৰ অনুসৰণ কৰি আছিলা সেইটোক আমি এই উদ্দেশ্যে কিবলাত পৰিণত কৰিছিলো, যাতে প্ৰকাশ কৰি দিব পাৰো যে, কোনে ৰাছুলৰ অনুসৰণ কৰে আৰু কোনে পিছফালে উভতি যায়? আল্লাহে যিসকলক হিদায়ত কৰিছে সিহঁতৰ বাহিৰে আনৰ বাবে এইটো এটা নিশ্চিত কঠিন কাম। আল্লাহ এনেকুৱা নহয় যে, তোমাোলকৰ ঈমান ব্যৰ্থ কৰি দিব। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি সহানুভূতিশীল, পৰম দয়ালু।

    [144] নিশ্চয় আমি আকাশৰ ফালে তোমাৰ বাৰে বাৰে চাই থকাটো লক্ষ্য কৰিছো। এতেকে অৱশ্য আমি তোমাক এনে কিবলাৰ ফালে উভতাই দিম যিটো তুমি পছন্দ কৰা। এতেকে তুমি মছজিদে হাৰামৰ ফালে মুখ কৰা; আৰু তোমালোকে য’তেই নাথাকা কিয় ইয়াৰ ফালেই তোমালোকৰ চেহাৰা ঘূৰাই লোৱা; আৰু নিশ্চয় যিসকলক কিতাব দিয়া হৈছে সিহঁতে নিশ্চিতভাৱে জানে যে, এইটো সিহঁতৰ প্ৰতিপালকৰ পৰা সত্য; আৰু সিহঁতে যি কৰে সেই সম্পৰ্কে আল্লাহ অমনোযাগী নহয়।

    [145] আৰু যিসকলক কিতাব প্ৰদান কৰা হৈছে, তুমি যদি সিহঁতৰ ওচৰত সকলো দলীল লৈ আহা তথাপিও সিহঁতে তোমাৰ কিবলাৰ অনুসৰণ নকৰিব; আৰু তুমিও সিহঁতৰ কিবলাৰ অনুসাৰী নহয়; আৰু সিহঁতেও পৰস্পৰৰ কিবলাৰ অনুসাৰী নহয়। তোমাৰ ওচৰত সত্য-জ্ঞান অহাৰ পিছতো যদি তুমি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ কৰা, তেন্তে নিশ্চয় তুমি যালিমসকলৰ অন্তৰ্ভূক্ত হ’বা।

    [146] আমি যিসকলক কিতাব প্ৰদান কৰিছো, সিহঁতে তেওঁক এনেকৈ চিনি পায় যেনেকৈ সিহঁতে নিজৰ সন্তানক চিনি পায়; আৰু নিশ্চয় সিহঁতৰ এটা দলে জানি বুজি সত্য গোপন কৰি থাকে।

    [147] সত্য তোমাৰ প্ৰতিপালকৰ পৰা প্ৰেৰিত। গতিকে তুমি কেতিয়াও সন্দেহ পোষণকাৰীসকলৰ অন্তৰ্ভূক্ত নহ’বা।

    [148] আৰু প্ৰত্যেকৰে একোটা দিশ আছে, সেই ফালেই সি মুখ কৰে, এতেকে তোমালোকে সত্কামত প্ৰতিযোগিতা কৰা। তোমালোকে য’তেই নাথাকা কিয় আল্লাহে তোমালোক সকলোকে সমবেত কৰিব। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

    [149] আৰু তুমি য’ৰ পৰাই নোলোৱা কিয়, তুমি মছজিদুল হাৰামৰ ফালে মুখ কৰা; নিশ্চয় এইটো তোমাৰ প্ৰতিপালকৰ পৰা পঠোৱা সত্য; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়।

    [150] আৰু তুমি য’ৰ পৰাই নোলোৱা কিয়, মছজিদুল হাৰামৰ ফালে তোমাৰ মুখ ঘূৰাই লোৱা, আৰু তোমালোকেও য’তেই নাথাকা কিয় ইয়াৰ ফালেই তোমালোকৰ মুখ কৰা, যাতে তোমালোকৰ বিপক্ষে মানুহৰ বাবে বিতৰ্ক কৰাৰ একো নাথাকে; কিন্তু সিহঁতৰ মাজত থকা যালিমসকলৰ বাহিৰে। গতিকে তোমালোকে সিহঁতক ভয় নকৰিবা, কেৱল মোকেই ভয় কৰা; এই কাৰণে যে, যাতে আমি তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ পৰিপূৰ্ণ কৰিব পাৰো আৰু যাতে তোমালোকে হিদায়ত প্ৰাপ্ত হোৱা।

    [151] যেনেকৈ আমি তোমালোকৰ মাজৰ পৰা তোমালোকৰ ওচৰতেই এজন ৰাছুল প্ৰেৰণ কৰিছো, যিজনে তোমালোকৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱত কৰে, আৰু তোমালোকক পৰিশুদ্ধ কৰে আৰু তোমালকক কিতাব ও হিকমতৰ শিক্ষা দিয়ে, এনে শিক্ষা দিয়ে যিটো তোমালোকে জনা নাছিলা।

    [152] এতেকে, তোমালোকে মোকেই স্মৰণ কৰা, ময়ো তোমালোকক স্মৰণ কৰিম; আৰু তোমালোকে মোৰ প্ৰতি কৃতজ্ঞ হোৱা আৰু অকৃতজ্ঞ নহ’বা।

    [153] হে ঈমান্দাৰসকল! তোমালোকে ছবৰ আৰু ছালাতৰ মাধ্যমত সহায় প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহ ছবৰকাৰীসকলৰ লগত আছে।

    [154] আৰু যিসকলে আল্লাহৰ পথত নিহত হয়, সিহঁতক মৃত বুলি নামাতিবা, বৰং সিহঁত জীৱিত; কিন্তু তোমালোকে উপলব্ধি কৰিব নোৱাৰা।

    [155] আৰু আমি তোমালোকক নিশ্চয় পৰীক্ষা কৰিম অলপ ভয়-ভীতি, ভোক আৰু ধন-সম্পদ, জীৱন আৰু ফচলৰ ক্ষয়ক্ষতিৰ দ্বাৰা; আৰু তুমি ধৈৰ্যশীলসকলক সুসংবাদ দিয়া

    [156] যিসকলে বিপদত আক্ৰান্ত হ’লে কয়, ‘আমিতো আল্লাহৰেই, আৰু নিশ্চয় আমি তেওঁৰ পিনেই প্ৰত্যাৱৰ্তনকাৰী’।

    [157] এওঁলোকেই হৈছে সেই সকল লোক, যিসকলৰ প্ৰতি তেওঁলোকৰ প্ৰতিপালকৰ পৰা বিশেষ অনুগ্ৰহ আৰু ৰহমত বৰ্ষিত হয়, আৰু এওঁলোকেই সত্পথত পৰিচালিত।

    [158] নিশ্চয় চাফা আৰু মাৰৱা আল্লাহৰ নিদৰ্শনসমূহৰ অন্তৰ্ভূক্ত। এতেকে যিয়ে (কাবা) ঘৰৰ হজ্জ অথবা ওমৰাহ সম্পন্ন কৰে, এই দুটাৰ মাজত ছাঈ কৰিলে তাৰ কোনো অপৰাধ নহ’ব; আৰু যিয়ে স্বতঃস্ফূৰ্তভাৱে কোনো সৎ কাম কৰিব, তেন্তে নিশ্চয় আল্লাহ উত্তম পুৰষ্কাৰদাতা, সৰ্বজ্ঞ।

    [159] নিশ্চয় যিসকলে সু-স্পষ্ট নিদৰ্শনসমূহ আৰু হিদায়ত গোপন কৰে যিটো আমি অৱতীৰ্ণ কৰিছো, মানুহৰ বাবে কিতাবত সেয়া স্পষ্টভাৱে ব্যক্ত কৰাৰ পিছত, সিহঁতক আল্লাহে অভিশাপ কৰে আৰু অভিশাপকাৰীসকলেও সিহঁতক অভিশাপ কৰে।

    [160] কিন্তু যিসকলে তাওবা কৰিছে আৰু নিজকে সংশোধন কৰিছে আৰু সত্যক সুস্পষ্টভাৱে ব্যক্ত কৰিছে। এতেকে তেওঁলোকৰ তাওবা আমি কবুল কৰিম; আৰু আমি অধিক তাওবা কবুলকাৰী, পৰম দয়ালু।

    [161] নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু কাফিৰ অৱস্থাত মৃত্যুবৰণ কৰিছে, সিহঁতৰ ওপৰত আল্লাহৰ, ফিৰিস্তাসকলৰ আৰু সকলো মানুহৰ অভিশাপ।

    [162] তাত সিহঁত স্থায়ী হ’ব। সিহঁতৰ শাস্তি অকণো শিথিল কৰা নহ’ব আৰু সিহঁতক অৱকাশও দিয়া নহ’ব।

    [163] আৰু তোমালোকৰ ইলাহ কেৱল এজন ইলাহ। তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই। তেওঁ পৰম কৰুণাময়, পৰম দয়ালু।

    [164] নিশ্চয় আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিত, ৰাতি আৰু দিনৰ পৰিবৰ্তনত, মানুহৰ উপকাৰী দ্ৰৱ্যবাহী সাগৰত চলা জাহাজত আৰু আকাশৰ পৰা আল্লাহে যি বৰষুণ বৰ্ষাইছে যাৰ ফলত ভূ-পৃষ্ঠক তাৰ মৃত্যুৰ পিছত পুনৰ্জীৱিত কৰিছে, তাৰ মাজত প্ৰসাৰিত কৰিছে সকলো প্ৰকাৰ বিচৰণশীল প্ৰাণী আৰু বতাহৰ দিশ পৰিবৰ্তনত লগতে আকাশ আৰু পৃথিৱীৰ মাজত নিয়ন্ত্ৰিত মেঘমালাত বিবেকবান সম্প্ৰদায়ৰ বাবে আছে বহুতো নিদৰ্শন।

    [165] আৰু মানুহৰ মাজত এনেকুৱা কিছুমান মানুহো আছে, যিসকলে আল্লাহৰ বাহিৰে আনক আল্লাহৰ সমকক্ষৰূপে গ্ৰহণ কৰে, সিহঁতে সিহঁতক আল্লাহৰ দৰেই ভাল পায়; আনহাতে যিসকলে ঈমান আনিছে সিহঁতে আল্লাহক সৰ্বাধিক ভাল পায়; আৰু যিসকলে অন্যায় কৰিছে সিহঁতে যদি আযাব দেখিবলৈ পালেহেঁতেন (তেন্তে সিহঁত নিশ্চিত হ’লেহেঁতেন যে,) নিশ্চয় সকলো শক্তি আল্লাহৰেই; আৰু নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।

    [166] যেতিয়া, নেতাসকলে (যিসকলক অনুসৰণ কৰা হৈছিল) সিহঁতৰ অনুসাৰীসকলৰ পৰা নিজকে মুক্ত কৰি লব আৰু সিহঁতে শাস্তি দেখিবলৈ পাব (তেতিয়া) সিহঁতৰ যাৱতীয় পাৰস্পৰিক সম্পৰ্ক বিচ্ছিন্ন হৈ যাব।

    [167] আৰু যিসকলে অনুসৰণ কৰিছিল সিহঁতে ক’ব, ‘হায়’, আকৌ এবাৰ যদি আমি উভতি যাবলৈ সুযোগ পালোহেঁতেন, তেনেহ’লে আমিও সিহঁতৰ পৰা সম্পৰ্ক বিচ্ছিন্ন কৰিলোহেঁতেন যেনেকৈ সিহঁতে আমাৰ পৰা সম্পৰ্ক বিচ্ছিন্ন কৰিছে। এনেকৈ আল্লাহে সিহঁতৰ কাৰ্যৱলী সিহঁতক দেখুৱাব, সিহঁতৰ বাবে আক্ষেপস্বৰূপ; আৰু সিহঁত কেতিয়াও জুইৰ পৰা ওলাব নোৱাৰিব।

    [168] হে মানৱ সম্প্ৰদায়! পৃথিৱীত যি আছে তাৰ পৰা হালাল আৰু পৱিত্ৰ বস্তু তোমালোকে আহাৰ কৰা; আৰু তোমালোকে চয়তানৰ পদানুসৰণ নকৰিবা। নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু।

    [169] নিশ্চয় সি তোমালোকক কেৱল বেয়া আৰু অশ্লীল কামৰ আদেশ দিয়ে আৰু আল্লাহ সম্পৰ্কে এনেবোৰ বিষয় কোৱাৰ (আদেশ দিয়ে) যিটো তোমালোকে নাজানা।

    [170] আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে সেয়া তোমালোকে অনুসৰণ কৰা’, (তেতিয়া) সিহঁতে কয়, ‘নহয়, বৰং আমি অনুসৰণ কৰিম সেইটোৰ, যিটোৰ ওপৰত আমি আমাৰ পিতৃ পুৰুষসকলক পাইছো’। যদিও সিহঁতৰ পিতৃ-পুৰুষসকলে একো বুজা নাছিল আৰু সিহঁত সৎপথতো পৰিচালিত নাছিল, (তথাপিও সিহঁতে তাৰেই অনুসৰণ কৰিব নে)

    [171] আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ উদাহৰণ তাৰ দৰে, যিয়ে এনে কাৰোবাক মাতিছে যিয়ে চিঞঁৰ বাখৰৰ বাহিৰে একো নুশুনে। সিহঁত কলা, বোবা, অন্ধ; সেয়ে সিহঁত নুবুজে।

    [172] হে ঈমান্দাৰসকল! তোমালোকক আমি যি পৱিত্ৰ বস্তু প্ৰদান কৰিছো তাৰ পৰা তোমালোকে আহাৰ কৰা, আৰু আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰা, যদিহে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা।

    [173] নিশ্চয় তেওঁ তোমালোকৰ ওপৰত হাৰাম কৰিছে মৃত জন্তু, তেজ, গাহৰিৰ মাংস আৰু যিটো গায়ৰুল্লাহৰ নামত জবেহ কৰা হৈছে। কিন্তু যিয়ে নিৰূপায় হৈ (অলপ ভক্ষন কৰে) অবাধ্য বা সীমালংঘন নকৰে তেন্তে তাৰ কোনো পাপ নহ’ব। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

    [174] নিশ্চয় যিসকলে আল্লাহে অৱতীৰ্ণ কৰা কিতাবৰ পৰা কিছু কথা গোপন কৰে আৰু ইয়াৰ বিনিময়ত সামান্য মূল্য গ্ৰহণ কৰে, সিহঁতে সিহঁতৰ পেটত জুইৰ বাহিৰে আন একো নাখায়। কিয়ামতৰ দিনা আল্লাহে সিহঁতৰ লগত কথা নকব আৰু সিহঁতক পৱিত্ৰও নকৰিব; আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।

    [175] সিহঁতেই হিদায়তৰ বিনিময়ত ভ্ৰষ্টতা আৰু মাগফিৰাতৰ পৰিবৰ্তে শাস্তি কিনি লৈছে; এতেকে জুই সহ্য কৰিবলৈ সিহঁত কিমান যে ধৈৰ্যশীল

    [176] এয়া এই বাবেই যে, আল্লাহে সত্যসহ কিতাব অৱতীৰ্ণ কৰিছে আৰু যিসকলে কিতাব সম্বন্ধে মতভেদ সৃষ্টি কৰিছে, সিহঁত নিশ্চয় সুদূৰ মতানৈক্যত লিপ্ত।

    [177] পূৱ বা পশ্চিম দিশত তোমালোকৰ মুখ কৰাটোৱে সৎ কাম নহয়, বৰং সৎকৰ্ম হৈছে, যি ব্যক্তি আল্লাহ, শেষ দিৱস, ফিৰিস্তাসকল, কিতাবসমূহ আৰু নবীসকলৰ প্ৰতি ঈমান আনিব আৰু সম্পদৰ প্ৰতি আসক্তি থকা সত্ত্বেও আত্মীয়-স্বজন, ইয়াতীম, অভাৱগ্ৰস্ত, মুছাফিৰ, সাহায্যপ্ৰাৰ্থী আৰু দাসমুক্তিৰ বাবে ব্যয় কৰিব আৰু ছালাত প্ৰতিষ্ঠা কৰিব, যাকাত প্ৰদান কৰিব, প্ৰতিশ্ৰুতি দিলে সেয়া পূৰ্ণ কৰিব, অৰ্থ-সংকটত, দুখ-কষ্টত আৰু সংগ্ৰাম-সংকটত ধৈৰ্য ধাৰণ কৰিব। এওঁলোকেই সত্যবাদী আৰু এওঁলোকেই মুত্তাক্বী।

    [178] হে ঈমান্দাৰসকল! নিহতসকলৰ ক্ষেত্ৰত তোমালোকৰ ওপৰত কিচাচৰ বিধান ফৰজ কৰা হৈছে। স্বাধীন ব্যক্তিৰ বিনিময়ত স্বাধীন ব্যক্তি, ক্ৰীতদাসৰ বিনিময়ত ক্ৰীতদাস, নাৰীৰ বিনিময়ত নাৰী। কিন্তু তাৰ ভাতৃৰ ফালৰ পৰা ক্ষমা প্ৰদৰ্শন কৰা হ'লে যথাযথ বিধিৰ অনুসৰণ কৰা আৰু সততাৰ সৈতে তাৰ ৰক্ত-বিনিময় আদায় কৰা কৰ্তব্য। এইটো তোমালোকৰ প্ৰতিপালকৰ ফালৰ পৰা শিথিলতা আৰু অনুগ্ৰহ। এতেকে ইয়াৰ পিছতো যিয়ে সীমালংঘন কৰে তাৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।

    [179] আৰু হে বুদ্ধি-বিবেকসম্পন্নসকল! কিচাচৰ মাজত তোমালোকৰ বাবে আছে জীৱন, যাতে তোমালোকে তাক্বৱা অৱলম্বন কৰা।

    [180] তোমালোকৰ মাজত যাৰ মৃত্যুৰ সময় উপস্থিত হ’ব, সি যদি ধন-সম্পদ ৰাখি যায়, তেন্তে প্ৰচলিত ন্যায়নীতি অনুযায়ী তাৰ পিতৃ-মাতৃ আৰু আত্মীয় স্বজনৰ বাবে অছিয়ত কৰাৰ বিধান তোমালোকক দিয়া হ’ল। এইটো মুত্তাক্বীসকলৰ কৰ্তব্য।

    [181] এতেকে এইটো শুনাৰ পিছতো যিয়ে ইয়াত পৰিবৰ্তন সাধন কৰিব, তেন্তে যিসকলে পৰিবৰ্তন কৰিব অপৰাধ সিহঁতৰে হ’ব। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।

    [182] কিন্তু যদি কোনোবাই অছিয়তকাৰীৰ পক্ষপাতিত্ব অথবা গুনাহৰ আশংকা কৰে, তাৰ পিছত সিহঁতৰ মাজত মীমাংসা কৰি দিয়ে তেন্তে তাৰ কোনো অপৰাধ নাই। নিশ্চয় আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু।

    [183] হে ঈমান্দাৰসকল! তোমালোকৰ ওপৰত ছিয়াম ফৰজ কৰা হৈছে যেনেকৈ তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত ফৰজ কৰা হৈছিল, যাতে তোমালোকে তাক্বৱা অৱলম্বন কৰা।

    [184] নিৰ্দিষ্ট কিছুমান দিন। এতেকে তোমালোকৰ মাজত কোনোবাই অসুস্থ হ’লে অথবা ভ্ৰমণত থাকিলে, আন দিনবোৰত এই সংখ্যা পূৰণ কৰি লব, আৰু যিসকলৰ বাবে ছিয়াম পালন কৰা কষ্টসাধ্য সিহঁতৰ কৰ্তব্য হৈছে ইয়াৰ পৰিবৰ্তে ফিদইয়া- এজন মিছকিনক খাদ্য দান কৰা। যদি কোনোবাই স্বেচ্ছাই সৎকাম কৰে তেন্তে সেয়া তাৰ বাবে কল্যাণকৰ; আৰু ছিয়াম পালন কৰাটোৱে তোমালোকৰ বাবে কল্যাণকৰ, যদি তোমালোকে জানিলাহেঁতেন

    [185] ৰমজান সেই মাহ, যি মাহত কোৰআন অৱতীৰ্ণ কৰা হৈছে মানৱ জাতিৰ হিদায়তৰ বাবে আৰু হিদায়তৰ স্পষ্ট নিদৰ্শন আৰু সত্য-অসত্যৰ পাৰ্থক্যকাৰীৰূপে।এতেকে তোমালোকৰ মাজত যিয়ে এই মাহত উপনীত হ’ব সি যেন এই মাহত ছিয়াম পালন কৰে। কিন্তু তোমালোকৰ কোনোবাই অসুস্থ থাকিলে অথবা ভ্ৰমণাৱস্থাত থাকিলে বেলেগ দিনবোৰত এই সংখ্যা পূৰণ কৰিব। আল্লাহে তোমালোকৰ বাবে সহজটো বিচাৰে আৰু তোমালোকৰ বাবে কষ্ট নিবিচাৰে, যাতে তোমালোকে সংখ্যা পূৰ্ণ কৰা আৰু তেওঁ তোমালোকক যে হিদায়ত দিছে সেই বাবে তোমালোকে আল্লাহৰ মহিমা ঘোষণা কৰা আৰু যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা।

    [186] আৰু মোৰ বান্দাই যেতিয়া মোৰ বিষয়ে তোমাক সোধে, (তেতিয়া তুমি কৈ দিয়া) নিশ্চয় মই অতি ওচৰত। মই প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা কবুল কৰো, যেতিয়া সি প্ৰাৰ্থনা কৰে। এতেকে সিহঁতেও যেন মোৰ আহ্বানত সঁহাৰি দিয়ে আৰু মোৰ প্ৰতি ঈমান আনে, যাতে সিহঁত সঠিক পথত পৰিচালিত হ’ব পাৰে।

    [187] ছিয়ামৰ ৰাতিত তোমালোকৰ বাবে স্ত্ৰী-সম্ভোগ বৈধ কৰা হৈছে। সিহঁত তোমালোকৰ পোছাকস্বৰূপ আৰু তোমালোকেও সিহঁতৰ পোছাকস্বৰূপ। আল্লাহে জানে যে, তোমালোকে নিজৰে লগত খিয়ানত কৰিছিলা। এতেকে তেওঁ তোমালোকৰ তাওবা কবুল কৰিছে আৰু তোমালোকক মাৰ্জনা কৰিছে। এতেকে তোমালোকে এতিয়া সিহঁতৰ লগত মিলিত হোৱা আৰু আল্লাহে তোমালোকৰ বাবে যি বিধিবদ্ধ কৰিছে সেইটো কামনা কৰা; আৰু তোমালোকে পানাহাৰ কৰা যেতিয়া লৈকে ৰাতিৰ ক'লা ৰেখাৰ পৰা ঊষাৰ বগা ৰেখা স্পষ্টৰূপে তোমালোকৰ ওচৰত প্ৰকাশ নহয়। তাৰ পিছত ৰাতিৰ আগমন পৰ্যন্ত ছিয়াম পালন কৰা; আৰু তোমালোকে মছজিদত এ’তিকাফ অৱস্থাত সিহঁতৰ লগত সংগত নহ’বা। এইবোৰ আল্লাহৰ সীমাৰেখা। সেয়ে এইবোৰৰ নিকটবৰ্তী নহ’বা। এনেকৈ আল্লাহে তেওঁৰ আয়াতসমূহ মানুহৰ বাবে সুস্পষ্টভাৱে বৰ্ণনা কৰে, যাতে সিহঁত তাক্বৱাৰ অধিকাৰী হ’ব পাৰে।

    [188] আৰু তোমালোকে নিজৰ মাজতে এজনে আনজনৰ অৰ্থ-সম্পদ অন্যায়ভাৱে নাখাবা আৰু মানুহৰ ধন-সম্পত্তিৰ কিছু অংশ জানি বুজি অন্যায়ভাৱে আত্মসাৎ কৰিবলৈ বিচাৰকসকলক প্ৰদান নকৰিবা।

    [189] সিহঁতে তোমাক চন্দ্ৰ সম্পৰ্কে প্ৰশ্ন কৰে। কোৱা, 'এইটো মানুহৰ আৰু হজ্জৰ বাবে সময় নিৰ্ধাৰক; আৰু পিছ ফালেৰে ঘৰত প্ৰৱেশ কৰাটো কোনো পূণ্যৰ কাম নহয়, বৰং পূণ্য হৈছে কাৰোবাৰ তাক্বৱা অৱলম্বন কৰা। এতেকে তোমালোকে ঘৰত প্ৰৱেশ কৰা (সন্মুখৰ) দুৱাৰেৰে আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাতে তোমালোকে সফলতা অৰ্জন কৰিব পাৰা'।

    [190] আৰু যিসকলে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰে, তোমালোকেও আল্লাহৰ পথত সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰা; কিন্তু সীমালংঘন নকৰিবা। নিশ্চয় আল্লাহ সীমালংঘনকাৰী সকলক ভাল নাপায়।

    [191] আৰু সিহঁতক য’তেই পাবা হত্যা কৰিবা, আৰু যি স্থানৰ পৰা সিহঁতে তোমালোকক বহিষ্কাৰ কৰিছে তোমালোকেও সেই স্থানৰ পৰা সিহঁতক বহিষ্কাৰ কৰিবা। (জানি থোৱা) ফিতনা হত্যা কৰাতকৈও সাংঘাতিক; আৰু মছজিদুল হাৰামৰ ওচৰত তোমালোকে সিহঁতৰ লগত যুদ্ধ নকৰিবা যেতিয়া লৈকে সিহঁতে তোমালোকৰ বিৰুদ্ধে তাত যুদ্ধ নকৰে। এতেকে যদি সিহঁতে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰে তেন্তে তোমালোকেও সিহঁতক হত্যা কৰিবা, এইটোৱেই কাফিৰসকলৰ পৰিণাম।

    [192] এতেকে যদি সিহঁত বিৰত হয় তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

    [193] আৰু তোমালোকে সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰিয়েই থাকিবা যেতিয়া লৈকে ফিতনা চুড়ান্তভাৱে দূৰীভূত নহয় আৰু দ্বীন একমাত্ৰ আল্লাহৰ বাবে নহয়। তাৰ পিছত যদি সিহঁতে বিৰত হয় তেন্তে যালিমসকলৰ বাহিৰে আন কাৰো ওপৰত আক্ৰমণ নাই।

    [194] পৱিত্ৰ মাহ পৱিত্ৰ মাহৰ বিনিময়ত। যাৰ পৱিত্ৰতা অলংঘনীয় তাৰ অৱমাননা কিচাচৰ অন্তৰ্ভূক্ত। এতেকে যিয়ে তোমালোকক আক্ৰমণ কৰিব তোমালোকেও তাক অনুৰূপ আক্ৰমণ কৰিবা আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰিবা; আৰু জানি থোৱা, নিশ্চয় আল্লাহ মুত্তাক্বীসকলৰ লগত আছে।

    [195] আৰু তোমালোকে আল্লাহৰ পথত ব্যয় কৰা আৰু নিজ হাতে নিজকে ধ্বংসৰ মুখত ঠেলি নিদিবা, আৰু তোমালোকে ইহছান কৰা, নিশ্চয় আল্লাহ ইহছানকাৰীক ভাল পায়।

    [196] আৰু তোমালোকে হজ্জ আৰু ওমৰাহ আল্লাহৰ বাবেই পূৰ্ণ কৰা। এতেকে যদি তোমালোকে বাধাপ্ৰাপ্ত হোৱা তেন্তে সহজলভ্য হাদ`য়ি প্ৰদান কৰা, আৰু হাদ`য়ি তাৰ নিৰ্দিষ্ট স্থানত নোপাৱালৈকে তোমালোকে মূৰ নুখুৰাবা। কিন্তু তোমালোকৰ মাজৰ কোনোবাই যদি অসুস্থ হয় অথবা মূৰত কষ্টদায়ক কিবা হয় তেন্তে ছিয়াম অথবা ছাদক্বা নাইবা পশু জবেহ কৰি তাৰ ফিদইয়া দিব লাগিব। এতেকে যেতিয়া তোমালোকে নিৰাপদ হ’বা তেতিয়া তোমালোকৰ মাজত যিয়ে ওমৰাক হজ্জৰ লগত মিলাই তামাত্তু কৰিব বিচাৰে, সি সহজলভ্য হাদ`য়ি জবেহ কৰিব। কিন্তু যদি কোনোবাই এইটো কৰিব নোৱাৰে, তেন্তে তাৰ বাবে হজ্জৰ সময়ত তিনি দিন আৰু ঘৰত উভতি আহি সাত দিন, এই পূৰ্ণ দহ দিন তাৰ ছিয়াম পালন কৰিব লাগিব। এইটো কেৱল তাৰ বাবে যাৰ পৰিয়ালবৰ্গ মছজিদুল হাৰামৰ অধিবাসী নহয়; আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু জানি থোৱা যে, নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।

    [197] হজ্জ হৈছে নিৰ্দিষ্ট মাহসমূহত। এতেকে যিয়ে এই মাহসমূহত হজ্জ কৰিবলৈ স্থিৰ কৰে সি যেন হজ্জৰ সময়ত স্ত্ৰী-সম্ভোগ, অন্যায় আচৰণ আৰু কলহ-বিবাদ নকৰে; আৰু তোমালোকে যি সৎকামেই নকৰা কিয় সেয়া আল্লাহে জানে আৰু তোমালোকে সম্বল সংগ্ৰহ কৰা। নিশ্চয় আটাইতকৈ উত্তম সম্বল হৈছে তাক্বৱা। হে বিবেক সম্পন্ন ব্যক্তিসকল! তোমালোকে কেৱল মোৰেই তাক্বৱা অৱলম্বন কৰা।

    [198] তোমালোকৰ প্ৰতিপালকৰ অনুগ্ৰহ সন্ধান কৰাত তোমালোকৰ কোনো পাপ নহয়। এতেকে তোমালোকে যেতিয়া আৰাফাতৰ পৰা উভতি আহিবা তেতিয়া মাশ্বআৰুল হাৰামৰ ওচৰত আল্লাহক স্মৰণ কৰিবা আৰু তেওঁ তোমালোকক যেনেকৈ শিক্ষা দিছে ঠিক তেনেকৈ তোমালোকে তেওঁক স্মৰণ কৰিবা। যদিও ইয়াৰ আগত তোমালোকে বিভ্ৰান্তসকলৰ অন্তৰ্ভূক্ত আছিলা।

    [199] তাৰ পিছত অন্যান্য লোকে য'ৰ পৰা উভতি আহে তোমালোকেও সেই স্থানৰ পৰা উভতি আহিবা আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

    [200] তাৰ পিছত যেতিয়া তোমালোকে হজ্জৰ কামসমূহ সমাপ্ত কৰিবা তেতিয়া আল্লাহক এনেকৈ স্মৰণ কৰিবা যেনেকৈ তোমালোকে নিজৰ পিতৃ-পুৰুষসকলক স্মৰণ কৰি থাকা অথবা তাতোকৈও অধিক। মানুহৰ মাজত যিয়ে কয়, ‘হে আমাৰ প্ৰতিপালক! আমাক পৃথিৱীতেই (সকলো) দি দিয়া’। আখিৰাতত তাৰ বাবে কোনো অংশ নাই।

    [201] আৰু সিহঁতৰ মাজত যিয়ে কয়, ‘হে আমাৰ প্ৰতিপালক! আমাক পৃথিৱীত কল্যাণ প্ৰদান কৰা আৰু আখিৰাততো কল্যাণ দিয়া আৰু আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।

    [202] এওঁলোকে যি অৰ্জন কৰিছে সেই প্ৰাপ্য অংশ এওঁলোকৰ বাবেই, আৰু আল্লাহ হিচাপ গ্ৰহণত অত্যন্ত তৎপৰ।

    [203] আৰু তোমালোকে নিৰ্দিষ্ট দিনসমূহত আল্লাহক স্মৰণ কৰিবা। এতেকে কোনোবাই যদি খৰ-খেদাকৈ দুদিনতেই গুচি আহে তেন্তে তাৰ কোনো পাপ নহ’ব আৰু যিয়ে অলপ পলমকৈ আহিব তাৰো কোনো পাপ নহ’ব। এইটো তাৰ বাবে যিয়ে তাক্বৱা অৱলম্বন কৰে, আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু জানি থোৱা যে, তোমালোকক তেওঁৰ ওচৰতেই সমবেত কৰা হ’ব।

    [204] আৰু মানুহৰ মাজত এনে ব্যক্তিও আছে, পাৰ্থিৱ জীৱনত যাৰ কথাবাৰ্তাই তোমাক মুগ্ধ কৰে আৰু তাৰ অন্তৰত যি আছে সেই সম্পৰ্কে আল্লাহক সাক্ষী ৰাখে। প্ৰকৃততে সি ভীষণ কলহপ্ৰিয়।

    [205] আৰু যেতিয়া সি উভতি যায়, তেতিয়া সি পৃথিৱীত ফাছাদ (অশান্তি) সৃষ্টি আৰু শস্যক্ষেত্ৰ আৰু প্ৰাণী ধ্বংস কৰিবলৈ চেষ্টা কৰে; আৰু আল্লাহে ফাছাদ ভাল নাপায়।

    [206] আৰু যেতিয়া তাক কোৱা হয়, ‘আল্লাহৰ তাক্বৱা অৱলম্বন কৰা’, তেতিয়া তাৰ আত্মাভিমানে তাক পাপ কৰিবলৈ উৎসাহ দিয়ে, এতেকে জাহান্নামেই তাৰ বাবে যথেষ্ট। নিশ্চয় ই নিকৃষ্ট বিশ্ৰামস্থল।

    [207] আৰু মানুহৰ মাজত এনে লোকো আছে, যিয়ে আল্লাহৰ সন্তুষ্টি লাভৰ বাবে নিজকে বিক্ৰি কৰি দিয়ে। আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি অত্যন্ত সহানুভূতিশীল।

    [208] হে মুমিনসকল! তোমালোকে পৰিপূৰ্ণভাৱে ইছলামত প্ৰৱেশ কৰা আৰু চয়তানৰ পদানুসৰণ নকৰিবা। নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু।

    [209] এতেকে তোমালোকৰ ওচৰত সুস্পষ্ট প্ৰমাণাদি অহাৰ পিছতো যদি তোমালোকৰ পদস্খলন ঘটে, তেন্তে জানি থোৱা, নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    [210] সিহঁতে এই অপেক্ষাত আছে নেকি যে, আল্লাহ আৰু ফিৰিস্তাসকল মেঘৰ ছাঁত সিহঁতৰ ওচৰত উপস্থিত হ’ব? আৰু সকলো বিষয়ৰ মীমাংসা হৈ যাব? আৰু সকলো বিষয় আল্লাহৰ ওচৰতেই প্ৰত্যাবৰ্তিত হ’ব।

    [211] ইছৰাঈলৰ বংশধৰসকলক সুধি চোৱা, আমি সিহঁতক কিমান স্পষ্ট নিদৰ্শন প্ৰদান কৰিছিলো! আৰু আল্লাহৰ অনুগ্ৰহ অহাৰ পিছত কোনোবাই তাক পৰিবৰ্তন কৰিলে তেন্তে নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।

    [212] যিসকলে কুফৰী কৰে সিহঁতৰ বাবে পৃথিৱীৰ জীৱন সুশোভিত কৰা হৈছে আৰু সিহঁতে মুমিনসকলক উপহাস কৰে; আৰু যিসকলে তাক্বৱা অৱলম্বন কৰে সিহঁতে কিয়ামতৰ দিনা সিহঁতৰ ওপৰত থাকিব; আৰু আল্লাহে যাক ইচ্ছা কৰে অপৰিমিত জীৱিকা প্ৰদান কৰে।

    [213] সকলো মানুহৰ এটাই উম্মত আছিল। তাৰ পিছত আল্লাহে নবীসকলক সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে প্ৰেৰণ কৰিলে আৰু তেওঁলোকৰ লগত সত্যসহ কিতাব অৱতীৰ্ণ কৰিলে যাতে মানুহে যিবোৰ বিষয়ত মতভেদ কৰিছিল সেইবোৰ মীমাংসা কৰিব পাৰে; আৰু যিসকলক এইটো দিয়া হৈছিল, স্পষ্ট নিদৰ্শন সিহঁতৰ ওচৰত অহাৰ পিছতো কেৱল পৰস্পৰ বিদ্বেষবশত সেই বিষয়ত সিহঁতে বিৰোধিতা কৰিছিল। তাৰ পিছত আল্লাহে তেওঁৰ ইচ্ছাক্ৰমে ঈমান্দাৰসকলক সেই সত্য বিষয়ত হিদায়ত কৰিছে, যি বিষয়ে সিহঁতে মতানৈক্য সৃষ্টি কৰিছিল; আৰু আল্লাহে যাক ইচ্ছা সৰল পথৰ ফালে হিদায়ত কৰে।

    [214] তোমালোকে ভাবিছা নেকি যে, তোমালোকে জান্নাতত প্ৰৱেশ কৰিবা অথচ এতিয়াও তোমালোকৰ ওচৰত তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ দৰে অৱস্থা আহি পোৱা নাই? অৰ্থ-সংকট আৰু দুখ-কষ্ট সিহঁতক স্পৰ্শ কৰিছিল আৰু সিহঁত ভীত-কম্পিত হৈছিল। আনকি ৰাছুল আৰু তেওঁৰ সংগী-সাৰথী ঈমান্দাৰসকল কৈ উঠিছিল, ‘আল্লাহৰ সহায় কেতিয়া আহিব’? জানি থোৱা, নিশ্চয় আল্লাহৰ সহায় অতি ওচৰত।

    [215] সিহঁতে তোমাক প্ৰশ্ন কৰে, সিহঁতে কি ব্যয় কৰিব? কোৱা, যি ধন-সম্পদ তোমালোকে ব্যয় কৰিবা সেয়া হৈছে, পিতৃ-মাতৃ, আত্মীয়-স্বজন, ইয়াতীম, মিছকীন আৰু মুছাফিৰসকলৰ বাবে; আৰু তোমালোকে যি সৎকৰ্মই নকৰা কিয় সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত।

    [216] তোমালোকৰ ওপৰত যুদ্ধৰ বিধান অনিবাৰ্য কৰা হৈছে যদিও এয়া তোমালোকৰ বাবে অপছন্দনীয়। কিন্তু তোমালোকে যিটো অপছন্দ কৰা, হয়তো সেয়া তোমালোকৰ বাবে কল্যাণকৰ আৰু যিটো তোমালোকে ভাল পোৱা হয়তো সেইটো তোমালোকৰ বাবে অকল্যাণকৰ; আৰু আল্লাহে জানে তোমালোকে নাজানা।

    [217] পৱিত্ৰ মাহত যুদ্ধ কৰা সম্পৰ্কে মানুহে তোমাক প্ৰশ্ন কৰে; কোৱা, ‘এনে মাহত যুদ্ধ কৰা কঠিন অপৰাধ। কিন্তু আল্লাহৰ পথত বাধা প্ৰদান কৰা, আল্লাহৰ লগত কুফৰী কৰা, মছজিদুল হাৰামত বাধা দিয়া আৰু ইয়াৰ অধিবাসীসকলক ইয়াৰ পৰা বহিষ্কাৰ কৰা আল্লাহৰ ওচৰত তাতোকৈ বেছি অপৰাধ; আৰু ফিতনা হত্যা কৰাতকৈও কঠিন অপৰাধ। (জানি থোৱা) সিহঁত সদায় তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰি যাব, যেতিয়া লৈকে তোমালোকক তোমালোকৰ দ্বীনৰ পৰা ঘূৰাই নলয়, যদি সিহঁত সক্ষম হয়। আৰু তোমালোকৰ মাজৰ পৰা যিয়ে নিজৰ দ্বীনৰ পৰা উভতি যাব আৰু কাফিৰ অৱস্থাত মৃত্যুবৰণ কৰিব তেন্তে পৃথিৱী আৰু আখিৰাতত সিহঁতৰ আমলসমূহ নিষ্ফল হৈ যাব; আৰু সিহঁতেই জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰকাল থাকিব’।

    [218] নিশ্চয় যিসকলে ঈমান আনিছে আৰু যিসকলে হিজৰত কৰিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে, তেওঁলোকেই আল্লাহৰ ৰহমত কামনা কৰে; আৰু আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু।

    [219] সিহঁতে তোমাক মদ আৰু জুৱা সম্পৰ্কে প্ৰশ্ন কৰে। কোৱা, ‘দুয়োটাৰ মাজতে আছে মহা পাপ আৰু মানুহৰ বাবে উপকাৰো আছে; আৰু দুয়োটাৰে পাপ উপকাৰতকৈ বহু গুণে ডাঙৰ’। আৰু সিহঁতে তোমাক সোধে, সিহঁতে কি ব্যয় কৰিব? কোৱা, ‘যিটো প্ৰয়োজনৰ অতিৰিক্ত’। এনেকৈ আল্লাহ তাআলাই তোমালোকৰ বাবে আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰে, যাতে তোমালোকে চিন্তা-গৱেষণা কৰা

    [220] পৃথিৱী আৰু আখিৰাতৰ বিষয়ে। মানুহে তোমাক ইয়াতীমসকলৰ বিষয়ে প্ৰশ্ন কৰে; কোৱা, ‘সিহঁতৰ বাবে সুব্যৱস্থা কৰা উত্তম’। তোমালোকে যদি সিহঁতৰ লগত একেলগে থাকা তেন্তে সিহঁত তোমালোকৰে ভাই। আল্লাহে জানে কোন উপকাৰী আৰু কোন অনিষ্টকাৰী। আৰু আল্লাহে ইচ্ছা কৰিলে এই বিষয়ে নিশ্চয় তোমালোকক কষ্টত পেলাব পাৰিলেহেঁতেন। নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    [221] আৰু মুশ্বৰিকা নাৰীক ঈমান পোষণ নকৰা লৈকে তোমালোকে বিবাহ নকৰিবা। যদিও মুশ্বৰিকা নাৰী তোমালোকক মুগ্ধ নকৰক কিয়, মুমিনা কৃতদাসী মুশ্বৰিকা নাৰীতকৈ উত্তম। আৰু মুশ্বৰিক পুৰুষ ঈমান পোষন নকৰা লৈকে (মুছলিম ছোৱালী) বিবাহ নিদিবা, মুশ্বৰিক পুৰুষ তোমালোকক মুগ্ধ কৰিলেও মুমিন কৃতদাস মুশ্বৰিক ব্যক্তিতকৈ উত্তম। সিহঁত জাহান্নামৰ পিনে আহ্বান কৰে আৰু আল্লাহে তোমালোকক নিজ ইচ্ছাত জান্নাত আৰু ক্ষমাৰ পিনে আহ্বান কৰে; আৰু তেওঁ মানুহৰ বাবে তেওঁৰ আয়াতসমূহ সুস্পষ্টভাৱে বৰ্ণনা কৰে, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে।

    [222] আৰু সিহঁতে তোমাক হায়েজ সম্পৰ্কে প্ৰশ্ন কৰে, কোৱা, ‘ই এবিধ অশুচি’। এতেকে তোমালোকে হায়েজ অৱস্থাত স্ত্ৰী-সংগমৰ পৰা বিৰত থকা আৰু পৱিত্ৰ নোহোৱালৈকে (সংগমৰ বাবে) সিহঁতৰ নিকটবৰ্তী নহ’বা। তাৰ পিছত সিহঁতে যেতিয়া উত্তমৰূপে পৰিশুদ্ধ হ’ব তেতিয়া সিহঁতৰ ওচৰত ঠিক তেনেকৈ গমন কৰিবা যেনেকৈ আল্লাহে তোমালোকক আদেশ দিছে। নিশ্চয় আল্লাহ তাওবাকাৰীসকলক ভাল পায় আৰু সিহঁতকো ভাল পায় যিসকলে অধিক পৱিত্ৰতা অৰ্জন কৰে।

    [223] তোমালোকৰ স্ত্ৰীসকল তোমালোকৰ বাবে শস্যক্ষেত্ৰ। এতেকে তোমালোকে তোমালোকৰ শস্যক্ষেত্ৰত যেনেকৈ ইচ্ছা গমন কৰিব পাৰা। আৰু তোমালোকে নিজৰ ভৱিষ্যতৰ বাবে কিবা আগলৈ প্ৰেৰণ কৰা আৰু আল্লাহক ভয় কৰা আৰু জানি থোৱা, নিশ্চয় তোমালোক আল্লাহৰ সন্মুখীন হ’বা আৰু মুমিনসকলক সুসংবাদ দিয়া।

    [224] তোমালোকে সৎকৰ্ম আৰু তাক্বৱা আৰু মানুহৰ মাজত শান্তি স্থাপনৰ পৰা বিৰত থকাৰ বাবে আল্লাহৰ নামৰ শপতক প্ৰতিবন্ধক হিচাপে ব্যৱহাৰ নকৰিবা; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

    [225] তোমালোকৰ অনৰ্থক শপতৰ বাবে আল্লাহে তোমালোকক সোধ-পোচ নকৰিব; কিন্তু তেওঁ সেইবোৰ শপতৰ বিষয়ে সোধ-পোচ কৰিব, যিবোৰ তোমালোকৰ অন্তৰে সংকল্পবদ্ধভাৱে অৰ্জন কৰিছে, আৰু আল্লাহ ক্ষমাপৰায়ণ, পৰম সহনশীল।

    [226] যিসকলে নিজ স্ত্ৰীৰ লগত মিলিত নোহোৱাৰ শপত কৰিব সিহঁত চাৰি মাহ অপেক্ষা কৰিব। এই সময়ছোৱাত যদি সিহঁতে মত পৰিবৰ্তন কৰে তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

    [227] আৰু যদি সিহঁতে তালাক্ব দিয়াৰ সংকল্প কৰে তেন্তে নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

    [228] আৰু তালাক্বপ্ৰাপ্তা স্ত্ৰীসকলে তিনি কুৰূ লৈকে অপেক্ষাত থাকিব, আৰু সিহঁতে যদি আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান ৰাখে তেন্তে সিহঁতৰ গৰ্ভাশয়ত আল্লাহে যি সৃষ্টি কৰিছে সেয়া গোপন কৰা সিহঁতৰ বাবে বৈধ নহয়; আৰু যদি সিহঁতে সংশোধন বিচাৰে তেন্তে এই বিষয়ে পুনৰ গ্ৰহণৰ বেছি হকদাৰ সিহঁতৰ স্বামীৰ; আৰু নাৰীসকলৰ তেনেকৈ ন্যায়সংগত অধিকাৰ আছে যেনেকৈ সিহঁতৰ ওপৰত পুৰুষসকলৰ অধিকাৰ আছে; আৰু নাৰীসকলৰ ওপৰত পুৰুষসকলৰ মৰ্যাদা আছে; আল্লাহ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    [229] তালাক্ব হৈছে দুবাৰ। তাৰ পিছত (স্ত্ৰীক) হ’লে বিধিমতে ৰাখি দিয়া, নহ’লে সৎভাৱে এৰি দিয়া; আৰু তোমালোকে তোমালোকৰ স্ত্ৰীসকলক যি প্ৰদান কৰিছা তাৰ পৰা কিবা উভতাই লোৱাটো তোমালোকৰ বাবে বৈধ নহয়। কিন্তু যদি সিহঁত উভয়ৰে আশংকা হয় যে, সিহঁতে আল্লাহৰ সীমাৰেখা ৰক্ষা কৰিব নোৱাৰিব (তেন্তে সেয়া সুকীয়া কথা)। এতেকে যদি তোমালোকে আশংকা কৰা যে, সিহঁতে আল্লাহৰ সীমাৰেখা ৰক্ষা কৰিব নোৱাৰিব, এনে অৱস্থাত স্ত্ৰীয়ে কোনো বস্তুৰ বিনিময়ত নিজকে মুক্তি কৰি ল’লে কোনো অপৰাধ নহ’ব। এইবোৰ আল্লাহৰ সীমাৰেখা, এতেকে তোমালোকে ইয়াক উলংঘন নকৰিবা; আৰু যিসকলে আল্লাহৰ সীমাৰেখা লংঘন কৰে সিহঁতেই যালিম।

    [230] এতেকে যদি সি স্ত্ৰীক তালাক্ব দিয়ে তেন্তে সেই স্ত্ৰী তাৰ বাবে হালাল নহ’ব, যেতিয়া লৈকে তাই আন স্বামীৰ লগত মিলিত নহ’ব। তাৰ পিছত যদি সিহঁত উভয়ে (স্ত্ৰী আৰু প্ৰথম স্বামী) অনুভৱ কৰে যে, সিহঁতে আল্লাহৰ সীমাৰেখা ৰক্ষা কৰিব পাৰিব, তেন্তে সিহঁতৰ পুনৰ মিলনত কাৰো একো অপৰাধ নহ’ব। এইবোৰ আল্লাহৰ সীমাৰেখা, যিবোৰ তেওঁ স্পষ্টভাৱে এনে সম্প্ৰদায়ৰ বাবে বৰ্ণনা কৰে যিসকলে জানে।

    [231] আৰু যেতিয়া তোমালোকে স্ত্ৰীক তালাক্ব দিবা, তাৰ পিছত সিহঁত ইদ্দত সম্পূৰ্ণ কৰাৰ নিকটৱৰ্তী হ’ব তেতিয়া তোমালোকে হ’লে বিধি অনুযায়ী সিহঁতক ৰাখি দিবা অথবা বিধিমতে সিহঁতক এৰি দিবা। সিহঁতৰ ক্ষতি সাধন কৰিবলৈ সীমালংঘনৰ উদ্দেশ্যে সিহঁতক আটক কৰি নাৰাখিবা। যিয়ে এনেকুৱা কৰে, সি নিজৰ ওপৰতে অন্যায় কৰে; আৰু তোমালোকে আল্লাহৰ বিধানক ঠাট্ৰা-বিদ্ৰূপৰ বিষয়ৰূপে গ্ৰহণ নকৰিবা; আৰু তোমালোকে স্মৰণ কৰা, তোমালোকৰ ওপৰত আল্লাহৰ অনুগ্ৰহ আৰু তোমালোকৰ ওপৰত কিতাব ও হিকমত তেওঁ যি অৱতীৰ্ণ কৰিছে, যাৰ দ্বাৰা তেওঁ তোমালোকক উপদেশ দিয়ে; আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু জানি থোৱা, নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সুপৰিজ্ঞাত।

    [232] আৰু যেতিয়া তোমালোকে স্ত্ৰীসকলক তালাক্ব দিয়া আৰু সিহঁতে সিহঁতৰ ইদ্দতকাল পূৰ্ণ কৰে, ইয়াৰ পিছত সিহঁতে যদি বিধি মুতাবিক পৰস্পৰে সন্মত হয়, তেন্তে স্ত্ৰীসকলে নিজৰ (পূৰ্ব) স্বামীৰ লগত বিবাহ পাশত আৱদ্ধ হ’ব বিচাৰিলে তোমালোকে সিহঁতক বাধা প্ৰদান নকৰিবা। ইয়াৰ দ্বাৰা সেই ব্যক্তিক উপদেশ দিয়া হৈছে তোমালোকৰ মাজত যিয়ে আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান ৰাখে, এইটোৱে তোমালোকৰ বাবে শুদ্ধ আৰু পৱিত্ৰ; আৰু আল্লাহে জানে তোমালোকেহে নাজানা।

    [233] আৰু মাকে সিহঁতৰ সন্তানসকলক পূৰ্ণ দুবছৰ স্তন্য পান কৰাব, এইটো তাৰ বাবে যিয়ে স্তন্যপান কৰোৱাৰ সময় পূৰ্ণ কৰিব বিচাৰে। পিতাৰ কৰ্তব্য হৈছে বিধি মুতাবিক সিহঁতৰ (মাতৃসকলৰ) ভৰণ-পোষণ কৰা। সাধ্যৰ অতিৰিক্ত কোনো ব্যক্তিক দায়িত্ব প্ৰদান কৰা নহয়। কোনো মাতৃক তাইৰ সন্তানৰ বাবে আৰু যাৰ সন্তান (পিতা) তাকো তাৰ সন্তানৰ বাবে কষ্ট দিয়া উচিত নহয়, আৰু উত্তৰাধিকাৰিৰো সেই একেই কৰ্তব্য। কিন্তু যদি সিহঁতে পৰস্পৰৰ সন্মতি আৰু পৰামৰ্শক্ৰমে স্তন্যপান বন্ধ ৰাখিব বিচাৰে, তেন্তে সিহঁতৰ কোনো অপৰাধ নহ’ব; আৰু যদি তোমালোকে (কোনো ধাত্ৰীৰ দ্বাৰা) তোমালোকৰ সন্তানসকলক স্তন্য পান কৰাব বিচৰা, তেন্তে যদি তোমালোকে প্ৰচলিত বিধি মুতাবিক বিনিময় প্ৰদান কৰা তেন্তে তোমালোকৰ কোনো পাপ নহ’ব; আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু জানি থোৱা, তোমালোকে যি কৰা নিশ্চয় আল্লাহ সেয়া প্ৰত্যক্ষকাৰী।

    [234] আৰু তোমালোকৰ মাজত যিসকলে স্ত্ৰী থৈ মৃত্যুবৰণ কৰে, সিহঁতে (স্ত্ৰীসকলে) চাৰি মাহ দহ দিন অপেক্ষা কৰিব। তাৰ পিছত যেতিয়া সিহঁতে নিজৰ ইদ্দতকাল পূৰ্ণ কৰিব, তেতিয়া বিধি মুতাবিক নিজৰ বাবে যি কৰিব তাত তোমালোকৰ কোনো পাপ নাই; আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সম্যক অৱগত।

    [235] আৰু যদি তোমালোকে আকাৰ-ইঙ্গিতত (সেইজনী) নাৰীক বিবাহৰ প্ৰস্তাৱ দিয়া অথবা অন্তৰতে গোপন ৰখা তেন্তে তোমালোকৰ কোনো পাপ নহ’ব। আল্লাহে জানে যে, তোমালোকে সিহঁতৰ বিষয়ে নিশ্চয় আলোচনা কৰিবা; কিন্তু বিধি মুতাবিক কথা-বতৰাৰ বাহিৰে গোপনে সিহঁতৰ লগত কোনো প্ৰতিশ্ৰুতি নিদিবা; আৰু নিৰ্দিষ্ট কাল পূৰ্ণ নোহোৱা লৈকে বিবাহ বন্ধনৰ সংকল্প নকৰিবা; আৰু জানি থোৱা, তোমালোকৰ অন্তৰত যি আছে সেয়া আল্লাহে জানে। এতেকে তেওঁক ভয় কৰা, আৰু জানি থোৱা, নিশ্চয় আল্লাহ ক্ষমাপৰায়ণ, পৰম সহনশীল।

    [236] যদি তোমালোকে স্ত্ৰীসকলক স্পৰ্শ নকৰি অথবা মোহৰ নিৰ্ধাৰণ নকৰি তালাক্ব দিয়া তেন্তে তোমালোকৰ কোনো পাপ নহয়; আৰু তোমালোকে সিহঁতৰ বাবে কিবা সংস্থান কৰি দিবা, সচ্ছলে তাৰ সাধ্যমতে আৰু অসচ্ছলে তাৰ সামৰ্থানুযায়ী, বিধিমতে সংস্থান কৰিব, এইটো সৎকৰ্মশীল লোকৰ কৰ্তব্য।

    [237] আৰু তোমালোকে যদি সিহঁতক স্পৰ্শ কৰাৰ আগতে তালাক্ব দিয়া, অথচ সিহঁতৰ বাবে মোহৰ ধাৰ্য কৰিছা, তেন্তে যি নিৰ্ধাৰণ কৰিছা তাৰ আধা (আদায় দিয়া)। কিন্তু যদি স্ত্ৰীসকলে ক্ষমা কৰি দিয়ে অথবা যাৰ হাতত বিবাহৰ বন্ধন সি যদি মাফ কৰি দিয়ে, আৰু ক্ষমা কৰি দিয়াটোৱেই তাক্বৱাৰ সান্নিধ্য; আৰু তোমালোকে নিজৰ মাজত অনুগ্ৰহৰ কথা পাহৰি নাযাবা। তোমালোকে যি কৰা নিশ্চয় আল্লাহ সেয়া সবিশেষ প্ৰত্যক্ষকাৰী।

    [238] তোমালোকে ছালাতৰ প্ৰতি যত্নবান হোৱা, বিশেষকৈ মধ্যৱৰ্তী ছালাতৰ আৰু আল্লাহৰ বাবে বিনিতভাৱে থিয় হোৱা।

    [239] কিন্তু যদি তোমালোকে বিপদ আশংকা কৰা, তেন্তে খোজকঢ়া অথবা আৰোহী অৱস্থাতেই ছালাত আদায় কৰিবা। তাৰ পিছত যেতিয়া তোমালোকে নিৰাপদ বোধ কৰিবা তেতিয়া আল্লাহক স্মৰণ কৰিবা, যেনেকৈ তেওঁ তোমালোকক শিক্ষা দিছে, যিটো তোমালোকে জনা নাছিলা।

    [240] আৰু তোমালোকৰ মাজত যিসকলে স্ত্ৰী থৈ মৃত্যুবৰণ কৰে, সিহঁতে যেন সিহঁতৰ স্ত্ৰীসকলক ঘৰৰ পৰা উলিয়াই নিদিয়ে আৰু যেন সিহঁতৰ বাবে সম্পূৰ্ণ এবছৰৰ ভৰণ-পোষণৰ অছিয়ত কৰে। কিন্তু যদি সিহঁত (নিজ ইচ্ছাতে) ওলাই যায়, তেন্তে বিধি মুতাবিক সিহঁতে নিজৰ বাবে যি কৰিব তাত তোমালোকৰ কোনো পাপ নহয়; আৰু আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    [241] আৰু তালাক্বপ্ৰাপ্তা নাৰীসকলৰ প্ৰথা মুতাবিক ভৰণ-পোষণ কৰা মুত্তাক্বীসকলৰ কৰ্তব্য।

    [242] এনেকৈ আল্লাহে তেওঁৰ আয়াতসমূহ তোমালোকৰ বাবে স্পষ্টভাৱে বৰ্ণনা কৰে যাতে তোমালোকে বুজিব পাৰা।

    [243] তুমি সিহঁতক দেখা নাইনে, যিসকলে মৃত্যুৰ ভয়ত হাজাৰে হাজাৰে নিজ আবাসভূমি পৰিত্যাগ কৰিছিল? তাৰ পিছত আল্লাহে সিহঁতক কৈছিল, ‘তোমালোকে মৃত্যুবৰণ কৰা’। ইয়াৰ পিছত আল্লাহে সিহঁতক জীৱিত কৰিছিল। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহশীল; কিন্তু অধিকাংশ মানুহে কৃতজ্ঞতা প্ৰকাশ নকৰে।

    [244] আৰু তোমালোকে আল্লাহৰ পথত যুদ্ধ কৰা আৰু জানি থোৱা, নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

    [245] কোন আছে, যিয়ে আল্লাহক উত্তম ঋণ প্ৰদান কৰিব? তেওঁ তাৰ বাবে ইয়াক বহুগুণে বৃদ্ধি কৰিব; আৰু আল্লাহেই সংকুচিত আৰু সম্প্ৰসাৰিত কৰে আৰু তেওঁৰ পিনেই তোমালোকক প্ৰত্যাবৰ্তিত কৰা হ’ব।

    [246] তুমি মুছাৰ পৰবৰ্তী ইছৰাঈল বংশীয় নেতাসকলক দেখা নাইনে? সিহঁতে যেতিয়া সিহঁতৰ নবীক কৈছিল, ‘আমাৰ বাবে এজন ৰজা নিযুক্ত কৰা যাতে আমি আল্লাহৰ পথত যুদ্ধ কৰিব পাৰো’, তেওঁ ক’লে, ‘এনেকুৱা নহয়তো আকৌ যে, তোমালোকক যুদ্ধৰ বিধান দিয়া হ’লে তেতিয়া তোমালোকে আৰু যুদ্ধ নকৰিবা’? সিহঁতে ক’লে, ‘আমি যিহেতু নিজৰ আবাসভূমি আৰু নিজ সন্তান-সন্ততিৰ পৰা বহিষ্কৃত হৈছো, তেতিয়াহ’লে আল্লাহৰ পথত কিয় যুদ্ধ নকৰিম’? এতেকে যেতিয়া সিহঁতৰ প্ৰতি যুদ্ধৰ বিধান দিয়া হ’ল তেতিয়া সিহঁতৰ কিছুমানৰ বাহিৰে আটায়ে পৃষ্ঠ প্ৰদৰ্শন কৰিলে; আৰু আল্লাহে যালিমসকলৰ বিষয়ে ভালকৈ অৱগত।

    [247] আৰু সিহঁতৰ নবীয়ে সিহঁতক কৈছিল, ‘নিশ্চয় আল্লাহে তালুতক তোমালোকৰ বাবে ৰজা হিচাপে প্ৰেৰণ কৰিছে’। সিহঁতে ক’লে, ‘তাৰ ৰাজত্ব আমাৰ ওপৰত কেনেকৈ সম্ভৱ? অথচ আমি তাতকৈ ৰাজত্বৰ বেছি হকদাৰ আৰু তাক প্ৰচুৰ ঐশ্বৰ্যও দিয়া হোৱা নাই’! তেওঁ ক’লে, ‘আল্লাহে নিশ্চয় তাক তোমালোকৰ বাবে মনোনীত কৰিছে আৰু তেওঁ তাক জ্ঞান আৰু শাৰীৰিকভাৱে সমৃদ্ধ কৰিছে; আৰু আল্লাহে যাক ইচ্ছা নিজ ৰাজত্ব প্ৰদান কৰে আৰু আল্লাহ সৰ্বব্যাপী-প্ৰাচুৰ্যময়, সৰ্বজ্ঞ’।

    [248] আৰু সিহঁতৰ নবীয়ে সিহঁতক কৈছিল, ‘তাৰ ৰাজত্বৰ নিদৰ্শন এই যে, তোমালোকৰ ওচৰত তাবূত আহিব য’ত তোমালোকৰ প্ৰতিপালকৰ পৰা প্ৰশান্তি লগতে মুছা আৰু হাৰূন বংশীয়সকলে যি পৰিত্যাগ কৰিছে তাৰে অৱশিষ্টাংশ থাকিব; ফিৰিস্তাসকলে সেইটো বহন কৰি আনিব। যদি তোমালোকে মুমিন হোৱা নিশ্চয় তোমালোকৰ বাবে ইয়াত নিদৰ্শন আছে’।

    [249] তাৰ পিছত তালুতে যেতিয়া সেনাবাহিনীসহ ওলালে তেতিয়া সি ক’লে, ‘আল্লাহে তোমালোকক এটা নদীৰ দ্বাৰা পৰীক্ষা কৰিব। যিয়ে তাৰ পৰা পানী পান কৰিব সি মোৰ দলৰ অন্তৰভূক্ত নহয়; আৰু যিয়ে তাৰ সোৱাদ গ্ৰহণ নকৰিব সি মোৰ দলভূক্ত; ইয়াৰ বাহিৰে যিয়ে এচলু পানী গ্ৰহণ কৰিব সিও (মোৰ দলৰ অন্তৰ্ভূক্ত)’। এতেকে কিছুসংখ্যক লোকৰ বাহিৰে আটায়ে তাৰ পৰা পানী পান কৰিলে। সি আৰু তাৰ সংগী ঈমান্দাৰসকল যেতিয়া নদী অতিক্ৰম কৰিলে তেতিয়া সিহঁতে ক’লে, ‘জালুত আৰু তাৰ সেনাবাহিনীৰ বিৰুদ্ধে যুদ্ধ কৰাৰ শক্তি আজি আৰু আমাৰ ওচৰত নাই’। কিন্তু যিসকলে দৃঢ় বিশ্বাস কৰিছিল যে, আল্লাহৰ লগত সিহঁতৰ সাক্ষাৎ হ’ব, সিহঁতে ক’লে, ‘আল্লাহৰ আদেশত কিমান যে ক্ষুদ্ৰ দলে কিমান বৃহৎ দলক পৰাজয় কৰিছে’! আৰু আল্লাহ ধৈৰ্যশীলসকলৰ লগত আছে।

    [250] আৰু সিহঁতে যেতিয়া যুদ্ধ কৰিবলৈ জালুত আৰু তাৰ সেনাবাহিনীৰ মুখামুখি হ’ল, তেতিয়া সিহঁতে ক’লে, ‘হে আমাৰ প্ৰতিপালক! আমাৰ ওপৰত ধৈৰ্য ঢালি দিয়া, আমাৰ ভৰি অবিচলিত ৰাখা আৰু কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আমাক জয়যুক্ত কৰা’।

    [251] এতেকে সিহঁতে আল্লাহৰ আদেশত সিহঁতক (কাফিৰসকলক) পৰাজিত কৰিলে আৰু দাঊদে জালুতক হত্যা কৰিলে আৰু আল্লাহে তেওঁক ৰাজত্ব আৰু হিকমত দান কৰিলে লগতে তেওঁ যি ইচ্ছা কৰিলে সেইটোৱেই তেওঁক শিক্ষা দিলে; আৰু আল্লাহে যদি মানুহৰ এটা দলক আন এটা দলৰ দ্বাৰা প্ৰতিহত নকৰিলেহেঁতেন তেন্তে পৃথিৱী বিপৰ্যস্ত হৈ গ'লেহেঁতেন। কিন্তু আল্লাহ সৃষ্টিজগতৰ প্ৰতি অনুগ্ৰহশীল।

    [252] এইবোৰ আল্লাহৰ আয়াত, যিটো আমি তোমাৰ ওপৰত যথাযথভাৱে তিলাৱত কৰো; আৰু নিশ্চয় তুমি ৰাছুলসকলৰ অন্তৰ্ভূক্ত।

    [253] সেই ৰাছুলসকল, আমি তেওঁলোকৰ কিছুমানক আন কিছুমানৰ ওপৰত শ্ৰেষ্টত্ব প্ৰদান কৰিছো। তেওঁলোকৰ মাজত এনে কিছুমান আছে, যিসকলৰ লগত আল্লাহে কথা কৈছে, আকৌ কিছুমানক উচ্চ মৰ্যাদা প্ৰদান কৰিছে; আৰু মাৰইয়ামৰ পুত্ৰ ঈছাক আমি স্পষ্ট প্ৰমাণাদি প্ৰদান কৰিছো আৰু ৰূহুল কুদুছৰ দ্বাৰা তেওঁক শক্তিশালী কৰিছো; আৰু আল্লাহে ইচ্ছা কৰিলে সিহঁতৰ পৰবৰ্তীসকলে সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণাদি সমাগত হোৱাৰ পিছতো পাৰস্পাৰিক যুদ্ধ-বিগ্ৰহত লিপ্ত নহ’লেহেঁতেন; কিন্তু সিহঁতে মতভেদ কৰিলে। ফলত সিহঁতৰ কিছুমানে ঈমান আনিলে আৰু কিছুমানে কুফুৰী কৰিলে; কিন্তু আল্লাহে ইচ্ছা কৰিলে সিহঁতে পাৰস্পাৰিক যুদ্ধ-বিগ্ৰহত লিপ্ত নহ’লেহেতেন; কিন্তু আল্লাহে যিটো ইচ্ছা সেইটোৱেই কৰে।

    [254] হে মুমিনসকল! আমি তোমালোকক যি প্ৰদান কৰিছো তাৰ পৰা ব্যয় কৰা সেই দিন অহাৰ আগতে, যিদিনা ব্যৱসায়, বন্ধুত্ব আৰু ছুপাৰিছ একো নাথাকিব, আৰু কাফিৰসকলেই যালিম।

    [255] আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁ চিৰঞ্জীৱ, সকলো সত্তাৰ ধাৰক। তেওঁক কলাঘূমটিও স্পৰ্শ কৰিব নোৱাৰে আৰু টোপনিও নহয়। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো তেওঁৰেই। কোন সেইজন, যিয়ে তেওঁৰ অনুমতিবিনে তেওঁৰ ওচৰত ছুপাৰিছ কৰিব? সিহঁতৰ সন্মুখত আৰু পিছত যি আছে সকলো তেওঁ জানে; আৰু যি তেওঁ ইচ্ছা কৰে তাৰ বাহিৰে তেওঁৰ জ্ঞানৰ একোৱেই সিহঁতে পৰিবেষ্টন কৰিব নোৱাৰে। তেওঁৰ কুৰছী আকাশমণ্ডল আৰু পৃথিৱীক পৰিব্যপ্ত কৰি আছে; আৰু এই দুটাৰ ৰক্ষণাবেক্ষণ তেওঁৰ বাবে বোজা নহয়; আৰু তেওঁ সুউচ্চ, সুমহান।

    [256] দ্বীন গ্ৰহণৰ ক্ষেত্ৰত কোনো জোৰ-জবৰদস্তি নাই; সত্য পথ ভ্ৰান্ত পথৰ পৰা সুস্পষ্ট হৈছে। এতেকে যিয়ে তাগুতক অস্বীকাৰ কৰিব আৰু আল্লাহৰ প্ৰতি ঈমান আনিব সি এনেকুৱা এডাল ৰছীত খামুচি ধৰিলে যিটো কেতিয়াও বিচ্ছিন্ন নহ’ব; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।

    [257] যিসকলে ঈমান আনিছে আল্লাহেই তেওঁলোকৰ অভিভাৱক, তেওঁ তেওঁলোকক অন্ধকাৰৰ পৰা উলিয়াই পোহৰৰ ফালে লৈ যায়; আৰু যিসকলে কুফুৰী কৰিছে তাগুত সিহঁতৰ অভিভাৱক, ইহঁতে সিহঁতক পোহৰৰ পৰা অন্ধকাৰৰ পিনে লৈ যায়। সিহঁতেই জাহান্নামী, তাত সিহঁত চিৰকাল অৱস্থান কৰিব।

    [258] তুমি সেইজন ব্যক্তিক দেখা নাইনে? যিয়ে ইব্ৰাহীমৰ লগত তেওঁৰ প্ৰতিপালক সম্পৰ্কে বিতৰ্কত লিপ্ত হৈছিল, যিহেতু আল্লাহে তাক ৰাজত্ব প্ৰদান কৰিছিল। যেতিয়া ইব্ৰাহীমে ক’লে, ‘মোৰ প্ৰতিপালক তেৱেঁই যিজনে জীৱন দান কৰে আৰু মৃত্যু প্ৰদান কৰে’, সি ক’লে, ‘ময়ো জীৱন দান কৰো আৰু মৃত্যু ঘটাওঁ’। ইব্ৰাহীমে ক’লে, ‘নিশ্চয় আল্লাহে সূৰ্যক পূৱৰ পৰা উদয় কৰে, তুমি ইয়াক পশ্চিমৰ পৰা উদয় কৰোৱাচোন’। ফলত কাফিৰজন বুদ্ধিহীন হৈ গ’ল; আৰু আল্লাহ যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।

    [259] অথবা সেই ব্যক্তিৰ দৰে, যিয়ে এনেকুৱা এটা জনপদ অতিক্ৰম কৰি আছিল যিটো সম্পূৰ্ণ বিধ্বস্ত হৈছিল। সি ক'লে, 'মৃত্যুৰ পিছত আকৌ কেনেকৈ আল্লাহে ইয়াক জীৱিত কৰিব'? তাৰ পিছত আল্লাহে তাক এশ বছৰ মৃত অৱস্থাত ৰাখিলে। অৱশেষত তাক পুনৰ্জীৱিত কৰিলে। আল্লাহে ক'লে, 'তুমি কিমান দিন অৱস্থান কৰিলা'? সি ক'লে, 'এদিন বা এদিনতকৈও কম সময় অৱস্থান কৰিছো'। তেওঁ ক'লে, 'বৰং তুমি এশ বছৰ অৱস্থান কৰিছা। এতেকে তুমি তোমাৰ খাদ্যসামগ্ৰী আৰু পানীয় বস্তুৰ ফালে লক্ষ্য কৰা, সেইবোৰ অবিকৃত আছে আৰু চোৱা, তোমাৰ গাধটোৰ পিনে, আৰু (এয়া কৰিছো) যাতে আমি তোমাক মানুহৰ বাবে নিদৰ্শন বনাব পাৰো, আৰু অস্থিসমূহৰ পিনে চোৱা; কেনেকৈ সেইবোৰ সংযোজিত কৰো আৰু মাংসপিণ্ডৰে ঢাকি দিওঁ'। তাৰ পিছত যেতিয়া তাৰ ওচৰত স্পষ্ট হ’ল তেতিয়া সি ক’লে, 'মই জানো, নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান'।

    [260] আৰু যেতিয়া ইব্ৰাহীমে ক’লে, ‘হে মোৰ প্ৰতিপালক! মোক দেখুৱা তুমি কেনেকৈ মৃতক জীৱিত কৰা’, তেওঁ ক’লে, ‘তেন্তে তুমি বিশ্বাস কৰা নাই নেকি’? ইব্ৰাহীমে ক’লে, ‘নিশ্চয় কৰো, কিন্তু মোৰ মনৰ প্ৰশান্তিৰ বাবে’, আল্লাহে ক’লে, ‘তেন্তে চাৰিটা চৰাই লোৱা আৰু সেইবোৰক পোহ মনাই লোৱা। তাৰ পিছত সেইবোৰৰ টুকুৰা কৰি এটা এটা পাহাৰত স্থাপন কৰা। তাৰ পিছত সেইবোৰক মাতা, সেইবোৰ তোমাৰ ওচৰলৈ দৌৰি আহিব, আৰু জানি থোৱা, নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়’।

    [261] যিসকলে নিজৰ ধন-সম্পদ আল্লাহৰ পথত ব্যয় কৰে সিহঁতৰ উদাহৰণ শস্যৰ এটা বীজৰ দৰে, যিটোৰ পৰা সাতটা সিজা ওলায়, প্ৰত্যেক সিজাত এশ শস্য দানা; আৰু আল্লাহে যাক ইচ্ছা কৰে বহু গুণে বৃদ্ধি কৰি দিয়ে; আৰু আল্লাহ সৰ্বব্যাপী-প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।

    [262] যিসকলে আল্লাহৰ পথত নিজৰ ধন-সম্পদ ব্যয় কৰে তাৰ পিছত যি ব্যয় কৰে সেয়া লোকক কৈ নুফুৰে আৰু কোনো প্ৰকাৰ কষ্টও নিদিয়ে, সিহঁতৰ প্ৰতিদান আছে সিহঁতৰ প্ৰতিপালকৰ ওচৰত আৰু সিহঁতৰ কোনো ভয় নাই লগতে সিহঁতে চিন্তিতও নহ’ব।

    [263] যি দানৰ পিছত কষ্ট দিয়া হয় সেই দানতকৈ ভাল কথা আৰু ক্ষমা কৰা উত্তম, আৰু আল্লাহ অভাৱমুক্ত, পৰম সহনশীল।

    [264] হে ঈমান্দাৰসকল! দানৰ কথা কৈ ফুৰি আৰু কষ্ট প্ৰদান কৰি তোমালোকে নিজৰ দানক সেই ব্যক্তিৰ দৰে নিষ্ফল নকৰিবা যিয়ে নিজৰ সম্পদ লোকক দেখুৱাবলৈ ব্যয় কৰে, আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস পোষণ নকৰে। ফলত তাৰ উপমা হৈছে এনেকুৱা এটা মসৃণ শীলৰ দৰে, যাৰ ওপৰত অলপ মাটি আছে, তাৰ পিছত ধাৰাষাৰ বৰষুণে সেইটো পৰিষ্কাৰ কৰি দিয়ে। ইহঁতে যি উপাৰ্জন কৰিছে তাৰ একোৱেই নিজৰ কামত খটাবলৈ সক্ষম নহয়; আৰু আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নকৰে।

    [265] আৰু যিসকলে আল্লাহৰ সন্তুষ্টি লাভৰ বাবে আৰু নিজৰ আত্মা বলিষ্ঠ কৰাৰ বাবে ধন-সম্পদ ব্যয় কৰে সিহঁতৰ উপমা হৈছে কোনো ওখ ভূমিত অৱস্থিত এটা উদ্যানৰ দৰে, য'ত ধাৰাষাৰ বৰষুণ হয়, ফলত তাত দ্বিগুণ ফল-মূল উৎপাদন হয়; আৰু ধাৰাষাৰ বৰষুণ নহলেও অলপ বৰষুণেই তাৰ বাবে যথেষ্ট। তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ যথাৰ্থ প্ৰত্যক্ষকাৰী।

    [266] তোমালোকৰ কোনোবাই বিচৰা নে যে, তাৰ বাবে খেজুৰ আৰু আঙুৰৰ এটা উদ্যান হওঁক, যাৰ মাজেৰে নদী প্ৰবাহিত থাকিব লগতে সেই উদ্যানত তাৰ বাবে সকলো ধৰণৰ ফলমূল থাকিব, তেনে অৱস্থাত তাৰ বাৰ্ধক্য অৱস্থা আহি পাব আৰু তাৰ কিছুমান দুৰ্বল সন্তান-সন্ততি থাকিব, ইয়াৰ পিছত তাৰ এই উদ্যানৰ ওপৰত এটা অগ্নিসহ প্ৰচণ্ড ঘুৰ্ণি বতাহে উদ্যানটো দাহ কৰি যাব? এনেকৈ আল্লাহে তেওঁৰ নিদৰ্শনসমূহ তোমালোকৰ বাবে সুস্পষ্টভাবে ব্যক্ত কৰে, যাতে তোমালোকে চিন্তা-ভাৱনা আৰু গৱেষণা কৰা।

    [267] হে ঈমান্দাৰসকল! তোমালোকে যি উপাৰ্জন কৰা আৰু আমি মাটিৰ পৰা তোমালোকৰ বাবে যি উৎপাদন কৰো তাৰ পৰা যিটো উৎকৃষ্ট সেয়া ব্যয় কৰা; আৰু নিকৃষ্ট বস্তু ব্যয় কৰাৰ সংকল্প নকৰিবা, অথচ তোমালোকে নিজেই এনে বস্তু চকু বন্ধ নকৰা লৈকে গ্ৰহণ নকৰা। জানি থোৱা, নিশ্চয় আল্লাহ অভাৱমুক্ত, সপ্ৰশংসিত।

    [268] চয়তানে তোমালোকক দৰিদ্ৰতাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু অশ্লিলতাৰ নিৰ্দেশ দিয়ে কিন্তু আল্লাহে তোমালোকক তেওঁৰ ফালৰ পৰা ক্ষমা আৰু অনুগ্ৰহৰ প্ৰতিশ্ৰুতি দিয়ে; আৰু আল্লাহ সৰ্বব্যাপী-প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।

    [269] তেওঁ যাক ইচ্ছা কৰে হিকমত দান কৰে, আৰু যাক হিকমত প্ৰদান কৰা হয়, তাক প্ৰকৃততে প্ৰচুৰ কল্যাণ প্ৰদান কৰা হয়; আৰু বিবেকসম্পন্ন ব্যক্তিসকলেই কেৱল উপদেশ গ্ৰহণ কৰে।

    [270] আৰু যিটো তোমালোকে ব্যয় কৰা অথবা তোমালোকে যিটো মান্নত কৰা নিশ্চয় সেয়া আল্লাহে জানে; আৰু যালিমসকলৰ বাবে কোনো সহায়কাৰী নাই।

    [271] তোমালোকে যদি প্ৰকাশ্যভাৱে চাদাকা কৰা তেন্তে এয়া ভাল; আৰু যদি গোপনে কৰা আৰু অভাৱগ্ৰস্থক প্ৰদান কৰা তেন্তে এয়া তোমালোকৰ বাবে আৰু ভাল; আৰু (ইয়াৰ ফলত) তেওঁ তোমালোকৰ বাবে কিছু পৰিমাণ পাপ মোচন কৰিব; আৰু তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱহিত।

    [272] সিহঁতক হিদায়ত প্ৰদানৰ দায়িত্ব তোমাৰ নহয়; বৰং আল্লাহে যাক ইচ্ছা হিদায়ত দিয়ে; আৰু যি ধন-সম্পদ তোমালোকে ব্যয় কৰা সেয়া কেৱল তোমালোকৰ নিজৰ বাবে আৰু তোমালোকে কেৱল আল্লাহৰ বাবেই (তেওঁৰ সন্তুষ্টি অৰ্জনৰ বাবেই) ব্যয় কৰা; আৰু তোমালোকে উত্তম কোনো বস্তু ব্যয় কৰিলে তাৰ পুৰষ্কাৰ তোমালোকক পৰিপূৰ্ণভাৱে প্ৰদান কৰা হব আৰু তোমালোকৰ প্ৰতি অন্যায় কৰা নহ’ব।

    [273] (ছাদাকা) সেইসকল অভাৱগ্ৰস্থ লোকৰ প্ৰাপ্য যিসকলে আল্লাহৰ পথত এনেকৈ ব্যাপৃত যে, পৃথিৱীত চলা ফুৰা কৰিব নোৱাৰে; আত্মসন্মানবোধত খুজি নোখোৱাৰ বাবে অজ্ঞ লোকসকলে সিহঁতক অভাৱমুক্ত বুলি ভাৱে; তুমি সিহঁতৰ লক্ষণ দেখিয়ে চিনিব পাৰিবা। সিহঁতে মানুহৰ ওচৰত হেচা মাৰি ধৰি খুজি নুফুৰে; আৰু যি ধন-সম্পদ তোমালোকে ব্যয় কৰা, নিশ্চয় আল্লাহ সেই বিষয়ে সবিশেষ জানে।

    [274] যিসকলে নিজৰ ধন-সম্পদ ৰাতি আৰু দিনত, গোপনে আৰু প্ৰকাশ্যভাৱে ব্যয় কৰে সিহঁতৰ প্ৰতিদান সিহঁতৰ প্ৰতিপালকৰ ওচৰত আছে; আৰু সিহঁতৰ কোনো ভয় নাই আৰু সিহঁত চিন্তিতও নহ’ব।

    [275] যিসকলে সুত খায়, সিহঁতে সেই ব্যক্তিৰ দৰে (কবৰৰ পৰা) উঠিব, যাক চয়তানে স্পৰ্শ কৰি বলিয়া বনায়। এইটো এই বাবে যে, সিহঁতে কয়, ব্যৱসায়-বানিজ্য সুতৰ দৰেই। অথচ আল্লাহে ব্যৱসায়.-বানিজ্যক হালাল কৰিছে আৰু সুতক হাৰাম কৰিছে। এতেকে যাৰ ওচৰত তেওঁৰ প্ৰতিপালকৰ পৰা উপদেশ অহাৰ পিছত বিৰত হ’ল, তেন্তে অতীতত যি হৈছে সেয়া তাৰ বাবেই ইচ্ছাধীন; আৰু তাৰ হিচাপ নিকাচ আল্লাহৰ ওচৰত; আৰু যিসকলে অমান্য কৰি উভতি যাব সিহঁতেই জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰস্থায়ী হ’ব।

    [276] আল্লাহে সুতক নিশ্চিহ্ন কৰে আৰু ছাদাকাক বৃদ্ধি কৰে; আৰু আল্লাহে কোনো অধিক কুফৰীকাৰী, পাপীক ভাল নাপায়।

    [277] নিশ্চয় যিসকলে ঈমান আনিছে, নেক আমল কৰিছে, ছালাত প্ৰতিষ্ঠা কৰিছে আৰু যাকাত প্ৰদান কৰিছে, তেওঁলোকৰ প্ৰতিদান আছে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত; আৰু সিহঁতৰ কোনো ভয় নাই আৰু সিহঁত চিন্তিতও নহ’ব।

    [278] হে মুমিনসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু সুতৰ যি অৱশিষ্ট আছে সেইটো এৰি দিয়া যদি তোমালোকে মুমিন হোৱা।

    [279] কিন্তু যদি তোমালোকে এনে নকৰা তেন্তে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পৰা যুদ্ধৰ ঘোষণা লোৱা, আৰু যদি তোমালোকে তাওবা কৰা তেন্তে তোমালোকৰ মূলধন তোমালোকৰেই থাকিব। তোমালোকে অন্যায় নকৰিবা আৰু তোমালোকৰ ওপৰতো অন্যায় কৰা নহ’ব।

    [280] আৰু যদি সি অভাৱগ্ৰস্থ হয় তেন্তে সচ্ছলতা লৈকে তাৰ অৱকাশ আছে; আৰু যদি তোমালোকে ছাদাকা কৰি দিয়া তেন্তে এইটো তোমালোকৰ বাবে কল্যাণকৰ, যদি তোমালোকে জানিলাহেঁতেন।

    [281] আৰু তোমালোকে সেই দিনৰ তাক্বৱা অৱলম্বন কৰা যিদিনা তোমালোকক আল্লাহৰ পিনে উভতাই লোৱা হ'ব। তাৰ পিছত প্ৰত্যেক ব্যক্তিক সি যি উপাৰ্জন কৰিছে, সেয়া পৰিপূৰ্ণভাৱে প্ৰদান কৰা হ’ব আৰু সিহঁতক অন্যায় কৰা নহ’ব।

    [282] হে মুমিনসকল! তোমালোকে যেতিয়া এজনে আনজনৰ লগত নিৰ্ধাৰিত সময়ৰ বাবে ঋণ আদান-প্ৰদান কৰিবা তেতিয়া সেইটো লিখি ৰাখিবা; তোমালোকৰ মাজত কোনো লেখকে যাতে সেইটো ন্যায়ভাৱে লিখি দিয়ে; আৰু কোনো লেখকে যেন লিখিবলৈ অস্বীকাৰ নকৰে, যেনেকৈ আল্লাহে তাক শিক্ষা দিছে। এতেকে সি যেন লিখে; আৰু যি ব্যক্তিৰ ওপৰত হক আছে (ঋণগ্ৰহীতা) সি যেন লিখাৰ বিষয়বস্তু কৈ দিয়ে আৰু সি যেন তেওঁৰ প্ৰতিপালক আল্লাহৰ তাক্বৱা অৱলম্বন কৰে; আৰু তাৰ পৰা একো যাতে হ্ৰাস নকৰে (ব্যতিক্ৰম নকৰে)। তাৰ পিছত যাৰ ওপৰত হক আছে (ঋণগ্ৰহীতা) যদি নিৰ্বোধ বা দুৰ্বল হয় অথবা লিখাৰ বিষয়বস্তু সি কৈ দিব নোৱাৰে তেন্তে তাৰ অভিভাৱকে যেন ন্যায়ভাৱে লিখাৰ বিষয়বস্তু কৈ দিয়ে; আৰু তোমালোকে তোমালোকৰ মাজৰ দুজন পুৰুষক সাক্ষী থোৱা, এতেকে যদি দুজন পুৰুষ নাথাকে তেন্তে এজন পুৰুষ আৰু দুজনী নাৰীক সাক্ষী থোৱা যিসকলক তোমালোকে সাক্ষী হিচাপে পছন্দ কৰা, যাতে নাৰীসকলৰ মাজৰ কোনোবাই পাহৰি গ'লে এজনীয়ে আনজনীক স্মৰণ কৰাই দিব পাৰে; আৰু সাক্ষীসকলক যেতিয়া মাতা হ'ব তেতিয়া সিহঁতে যেন অস্বীকাৰ নকৰে; আৰু সেইটো (ঋণ আদান-প্ৰদান) সৰু ডাঙৰ যিটোৱেই হওক, নিৰ্ধাৰিত সময় লিখিবলৈ তোমালোকে কোনো ধৰণৰ বিৰক্ত নহ'বা। এইটোৱেই আল্লাহৰ ওচৰত ন্যায় আৰু সাক্ষ্যদানৰ বাবে দৃঢ়তৰ আৰু তোমালোকৰ মাজত সন্দেহ স্থান নোপোৱাৰ বাবে অধিক উপযুক্ত। কিন্তু তোমালোকে পৰস্পৰে যি নগদ ব্যৱসায় পৰিচালনা কৰা সেইটো তোমালোকে নিলিখিলেও কোনো দোষ নাই, আৰু তোমালোকে যেতিয়া পৰস্পৰে বেচা-কিনা কৰা তেতিয়া সাক্ষী ৰাখিবা; আৰু কোনো লেখক আৰু সাক্ষীক ক্ষতিগ্ৰস্ত কৰা নহ’ব, আৰু যদি তোমালোকে ক্ষতিগ্ৰস্ত কৰা তেন্তে এইটো হ'ব তোমালোকৰ লগত অনাচাৰ। তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু আল্লাহে তোমালোকক শিক্ষা দিব আৰু আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।

    [283] যদি তোমালোকে ভ্ৰমণত থকা আৰু কোনো লেখক নোপোৱা তেন্তে হস্তান্তৰকৃত বন্ধক ৰাখিবা। এতেকে তোমালোকে এজনে আনজনক বিশ্বস্ত বুলি ভাৱিলে, যাৰ ওচৰত আমানত ৰখা হৈছে সি যেন আমানত প্ৰত্যাৰ্পন কৰে আৰু তাৰ প্ৰতিপালক আল্লাহৰ তাক্বৱা অৱলম্বন কৰে; আৰু তোমালোকে সাক্ষী গোপন নকৰিবা, আৰু যিয়ে ইয়াক গোপন কৰে নিশ্চয় তাৰ অন্তৰ পাপী; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।

    [284] আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলোবোৰ আল্লাহৰ বাবেই। তোমালোকৰ মনত যি আছে সেয়া প্ৰকাশ কৰা বা গোপন কৰা, আল্লাহে সেইবোৰৰ হিচাব তোমালোকৰ পৰা লব। তাৰ পিছত যাক ইচ্ছা তেওঁ তাক ক্ষমা কৰিব আৰু যাক ইচ্ছা তাক তেওঁ শাস্তি দিব; আৰু আল্লাহ সকলো বস্তুৰ ওপৰত পূৰ্ণ ক্ষমতাবান।

    [285] ৰাছুলে তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা যি তেওঁৰ ওচৰত অৱতীৰ্ণ হৈছে তাৰ ওপৰত ঈমান আনিছে আৰু মুমিনসকলেও। প্ৰত্যেকেই ঈমান আনিছে আল্লাহৰ ওপৰত, তেওঁৰ ফিৰিস্তাসকলৰ ওপৰত, তেওঁৰ কিতাবসমূহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত। আমি তেওঁৰ ৰাছুলসকলৰ মাজত কোনো পাৰ্থক্য নকৰো; আৰু এওঁলোকে কয়, ‘আমি শুনিছো আৰু মানি লৈছো। হে আমাৰ প্ৰতিপালক! তোমাৰ ক্ষমা প্ৰাৰ্থনা কৰো আৰু তোমাৰ পিনেই প্ৰত্যাৱৰ্তনস্থল’।

    [286] আল্লাহে কাকো তাৰ সামৰ্থৰ বাহিৰত কোনো দায়িত্ব নিদিয়ে। যিয়ে ভাল উপাৰ্জন কৰিছে ইয়াৰ প্ৰতিফল তাৰ বাবেই, আৰু যিয়ে বেয়া উপাৰ্জন কৰিছে ইয়াৰ প্ৰতিফল সি নিজেই ভোগ কৰিব। হে আমাৰ প্ৰতিপালক! যদি আমি বিস্মৃত হওঁ অথবা ভুল কৰো তেন্তে তুমি আমাক সোধ-পোচ নকৰিবা। হে আমাৰ প্ৰতিপালক! আমাৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত যেনেকৈ তুমি বোজা অৰ্পণ কৰিছিলা আমাৰ ওপৰত তেনেকুৱা বোজা অৰ্পণ নকৰিবা। হে আমাৰ প্ৰতিপালক! তুমি আমাক এনেকুৱা বোজা বহন নকৰাবা যিটো বহন কৰাৰ আমাৰ সামৰ্থ নাই; আৰু তুমি আমাৰ পাপ মোচন কৰি দিয়া, আমাক ক্ষমা কৰি দিয়া, আমাৰ প্ৰতি দয়া কৰা, তুমিয়েই আমাৰ অভিভাৱক। এতেকে কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আমাক সহায় কৰা।

    Surah 3
    আল-ইমরান

    [1] আলিফ, লা-ম, মীম।

    [2] আল্লাহ, তেওঁৰ বাহিৰে আন কোনো প্ৰকৃত ইলাহ নাই, তেওঁ চিৰঞ্জীৱ, সৰ্বসত্তাৰ ধাৰক।

    [3] তেওঁ সত্য সহকাৰে তোমাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছে, ইয়াৰ আগত যি আহিছে তাৰ সত্যতা প্ৰতিপন্নকাৰী হিচাপে, আৰু তেৱেঁই অৱতীৰ্ণ কৰিছিল তাওৰাত আৰু ইঞ্জীল।

    [4] ইতিপূৰ্বে মানুহৰ বাবে হিদায়তস্বৰূপ; আৰু তেওঁ ফুৰকান অৱতীৰ্ণ কৰিছে। নিশ্চয় যিসকলে আল্লাহৰ আয়াতসমূহ অস্বীকাৰ কৰে সিহঁতৰ বাবেই আছে কঠোৰ শাস্তি, আৰু আল্লাহ মহা-পৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী।

    [5] নিশ্চয় আল্লাহ, আকাশ আৰু পৃথিৱীৰ একোৱেই তেওঁৰ ওচৰত গোপন নাথাকে।

    [6] তেৱেঁই মাতৃগৰ্ভত যেনেকৈ ইচ্ছা তোমালোকৰ আকৃতি গঠণ কৰে। তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; (তেওঁ) প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    [7] তেৱেঁই তোমাৰ প্ৰতি এই কিতাব অৱতীৰ্ণ কৰিছে যিটোৰ কিছুমান আয়াত ‘মুহকাম’, সেইবোৰেই কিতাপৰ মূল; আৰু আনবোৰ হ'ল মুতাশ্বাবিহ, এতেকে যিহঁতৰ অন্তৰত বক্ৰতা আছে কেৱল সিহঁতেই ফিতনা আৰু ভুল ব্যাখ্যাৰ উদ্দেশ্যে মুতাশ্বাবিহাতৰ অনুসৰণ কৰে। অথচ আল্লাহৰ বাহিৰে আন কোনেও ইয়াৰ ব্যাখ্যা নাজানে; আৰু যিসকল জ্ঞানত সুগভীৰ তেওঁলোকে কয়, ‘আমি এইবোৰৰ প্ৰতি ঈমান পোষণ কৰো, এই সকলো আমাৰ ৰবৰ পৰা আহিছে’; আৰু জ্ঞান-বুদ্ধিসম্পন্ন লোকৰ বাহিৰে আন কোনেও উপদেশ গ্ৰহণ নকৰে।

    [8] হে আমাৰ ৰব! সৰল পথ প্ৰদান কৰাৰ পিছত তুমি আমাৰ অন্তৰসমূহক সত্য লঙ্ঘনপ্ৰবণ নকৰিবা আৰু তোমাৰ তৰফৰ পৰা আমাক ৰহমত প্ৰদান কৰা, নিশ্চয় তুমি মহাদাতা।

    [9] হে আমাৰ ৰব! নিশ্চয় তুমি এদিনাখন মানুহক সমবেত কৰিবা তাত কোনো সন্দেহ নাই; নিশ্চয় আল্লাহে প্ৰতিশ্ৰুতি ভঙ্গ নকৰে।

    [10] নিশ্চয় যিসকলে কুফৰী কৰে, আল্লাহৰ ওচৰত সিহঁতৰ ধন-সম্পদ আৰু সন্তান-সন্ততি কোনো কামত নাহিব আৰু ইহঁতেই জুইৰ ইন্ধন।

    [11] সিহঁতৰ অভ্যাস ফিৰআউনী সম্প্ৰদায় আৰু সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ অভ্যাসৰ দৰে, সিহঁতে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল, ফলত আল্লাহে সিহঁতৰ পাপ কৰ্মৰ বাবে সিহঁতক ধৰিছিল, আৰু আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।

    [12] যিসকলে কুফৰী কৰে সিহঁতক কোৱা, ‘তোমালোকে অনতিপলমে পৰাজিত হ’বা আৰু তোমালোকক জাহান্নামৰ ফালে একত্ৰিত কৰা হ’ব আৰু সেইটো যে কিমান নিকৃষ্ট আবাসস্থল!’

    [13] নিশ্চয় তোমালোকৰ বাবে দুটা দলৰ পৰস্পৰ সন্মুখীন হোৱাৰ মাজত নিদৰ্শন আছে। এদলে যুদ্ধ কৰিছিল আল্লাহৰ পথত, আনটো আছিল কাফিৰ। সিহঁতে বাহ্যিক দৃষ্টিত তেওঁলোকক সিহঁতৰ দ্বিগুণ দেখিছিল। আল্লাহে যাক ইচ্ছা কৰে নিজ সাহায্যৰ দ্বাৰা শক্তিশালী কৰে। নিশ্চয় ইয়াত অন্তৰ্দৃষ্টিসম্পন্ন লোকসকলৰ বাবে শিক্ষা আছে।

    [14] নাৰী, সন্তান, সোণ-ৰূপৰ স্তূপ, চিহ্নিত ঘোঁড়া, গবাদি পশু আৰু খেতি পথাৰৰ প্ৰতি আসক্তি মানুহৰ ওচৰত সুশোভিত কৰা হৈছে। এইবোৰ পাৰ্থিৱ জীৱনৰ ভোগসামগ্ৰী; আৰু আল্লাহ, তেওঁৰ ওচৰতেই আছে উত্তম প্ৰত্যাৱৰ্তনস্থল।

    [15] কোৱা, ‘মই তোমালোকক এইবোৰ বস্তুতকৈ উৎকৃষ্ট কোনো বস্তুৰ সংবাদ দিম নেকি? যিসকলে তাক্বৱা অৱলম্বন কৰে তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত হয়, তাত তেওঁলোক স্থায়ী হ’ব; আৰু আছে পৱিত্ৰ স্ত্ৰীসকল লগতে আল্লাহৰ তৰফৰ পৰা সন্তুষ্টি; আৰু আল্লাহ বান্দাসকলৰ বিষয়ে সম্যক দ্ৰষ্টা।

    [16] যিসকলে কয়, হে আমাৰ ৰব! নিশ্চয় আমি ঈমান আনিছো; গতিকে তুমি আমাৰ গুণাহসমূহ ক্ষমা কৰি দিয়া আৰু আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।

    [17] তেওঁলোক ধৈৰ্যশীল, সত্যবাদী, অনুগত, ব্যয়কাৰী আৰু ৰাতিৰ শেষ ভাগত ক্ষমা প্ৰাৰ্থনাকাৰী।

    [18] আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, আৰু ফিৰিস্তাসকল লগতে জ্ঞানীসকলেও; তেওঁ ন্যায়নীতিৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, (তেওঁ) পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    [19] নিশ্চয় ইছলামেই আল্লাহৰ ওচৰত একমাত্ৰ দ্বীন; আৰু যিসকলক কিতাব প্ৰদান কৰা হৈছিল সিহঁতে কেৱলমাত্ৰ পৰস্পৰ বিদ্বেষবশতঃ সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছতো মতানৈক্য কৰিছিল। আৰু যিয়ে আল্লাহৰ আয়াতসমূহৰ লগত কুফৰী কৰিব তেন্তে নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।

    [20] এতেকে সিহঁতে যদি তোমাৰ লগত বিতৰ্কত লিপ্ত হয় তেন্তে তুমি কোৱা, ‘মই আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিছো আৰু মোৰ অনুসাৰীসকলেও’। আৰু যিসকলক কিতাব দিয়া হৈছে সিহঁতক আৰু নিৰক্ষৰসকলক কোৱা, ‘তোমালোকেও আত্মসমৰ্পণ কৰিছা নেকি?’ যদি সিহঁতে আত্মসমৰ্পণ কৰে তেন্তে নিশ্চয় সিহঁতেও হিদায়ত পাব; আৰু যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে তোমাৰ কৰ্তব্য কেৱল প্ৰচাৰ কৰা; আৰু আল্লাহ বান্দাসকলৰ বিষয়ে সম্যক দ্ৰষ্টা।

    [21] নিশ্চয় যিসকলে আল্লাহৰ আয়াতসমূহৰ লগত কুফৰী কৰে, অন্যায়ভাৱে নবীসকলক হত্যা কৰে আৰু তেওঁলোকক হত্যা কৰে যিসকলে মানুহৰ মাজত ন্যায়পৰায়ণতাৰ নিৰ্দেশ দিয়ে, তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সংবাদ দিয়া।

    [22] ইহঁতেই হৈছে সেইসকল লোক, যিহঁতৰ আমলসমূহ পৃথিৱী আৰু আখিৰাতত নিষ্ফল হৈছে আৰু সিহঁতৰ কোনো সাহায্যকাৰী নাই।

    [23] তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাইনে যিসকলক কিতাপৰ অংশ বিশেষ প্ৰদান কৰা হৈছিল? সিহঁতক আল্লাহৰ কিতাবৰ ফালে আহ্বান কৰা হৈছিল যাতে ই সিহঁতৰ মাজত মীমাংসা কৰি দিয়ে; তাৰ পিছতো সিহঁতৰ এদল বিমুখ হৈ উভতি গ’ল।

    [24] এইটো এই কাৰণে যে, সিহঁতে কয়, ‘মাত্ৰ কেইটামান দিনৰ বাহিৰে জুয়ে আমাক কেতিয়া স্পৰ্শ নকৰিব’; আৰু সিহঁতৰ নিজৰ দ্বীন সম্পৰ্কে সিহঁতৰ মিছা উদ্ভাৱনে সিহঁতক প্ৰবঞ্চিত কৰিছে।

    [25] এতেকে (সেইদিনা) কি অৱস্থা হ’ব? যিদিনা আমি সিহঁতক একত্ৰিত কৰিম যিটোত কোনো সন্দেহ নাই আৰু প্ৰত্যেককে সিহঁতৰ অৰ্জিত আমলৰ প্ৰতিদান পূৰ্ণভাৱে দিয়া হ’ব; আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহব।

    [26] কোৱা, ‘হে সাৰ্বভৌম শক্তিৰ মালিক আল্লাহ! তুমি যাক ইচ্ছা ক্ষমতা প্ৰদান কৰা আৰু যাৰ পৰা ইচ্ছা ক্ষমতা কাঢ়ি লোৱা; যাক ইচ্ছা তুমি সন্মানিত কৰা আৰু যাক ইচ্ছা তুমি অপমানিত কৰা। তোমাৰ হাততেই কল্যাণ। নিশ্চয় তুমি সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

    [27] তুমি ৰাতিক দিনৰ মাজত আৰু দিনক ৰাতিৰ মাজত প্ৰবিষ্ট কৰোৱা; তুমি মৃতৰ পৰা জীৱন্তৰ আবিৰ্ভাৱ ঘটোৱা আকৌ জীৱন্তৰ পৰা মৃতৰ আবিৰ্ভাৱ ঘটোৱা; আৰু তুমি যাক ইচ্ছা অপৰিমিত জীৱিকা প্ৰদান কৰা।

    [28] মুমিনসকলে যেন মুমিনসকলৰ বাহিৰে কাফিৰসকলক বন্ধৰূপে গ্ৰহণ নকৰে; আৰু যিয়ে এনেকুৱা কৰিব তাৰ লগত আল্লাহৰ কোনো সম্পৰ্ক নাথাকিব। কিন্তু ব্যতিক্ৰম, যদি তোমালোকে সিহঁতৰ পৰা আত্মৰক্ষাৰ বাবে সতৰ্কতা অৱলম্বন কৰা (তেনেহ’লে সেয়া সুকীয়া কথা); আৰু আল্লাহে তোমালোকক তেওঁৰ নিজৰ বিষয়ে সাৱধান কৰিছে আৰু আল্লাহৰ ফালেই প্ৰত্যাৱৰ্তন।

    [29] কোৱা, ‘তোমালোকৰ অন্তৰত যি আছে সেয়া যদি তোমালোকে গোপন কৰা অথবা ব্যক্ত কৰা, আল্লাহে সেয়া জানে; আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেয়াও তেওঁ জানে। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান’।

    [30] সেইদিনা প্ৰত্যেকেই নিজৰ ভাল আমল আৰু বেয়া আমল উপস্থিত পাব, সেইদিনা সি কামনা কৰিব- যদি তাৰ আৰু ইয়াৰ মাজত বিশাল ব্যৱধান হ’লেহেতেন! আল্লাহে তোমালোকক তেওঁৰ নিজৰ বিষয়ে সাৱধান কৰিছে; আৰু আল্লাহ বান্দাসকলৰ প্ৰতি অত্যন্ত স্নেহশীল।

    [31] কোৱা, ‘তোমালোকে যদি আল্লাহক ভাল পোৱা তেন্তে মোক অনুসৰণ কৰা, আল্লাহে তোমালোকক ভাল পাব আৰু তোমালোকৰ অপৰাধ ক্ষমা কৰিব। আল্লাহ অত্যন্ত ক্ষমাশীল, পৰম দয়ালু’।

    [32] কোৱা, ‘তোমালোকে আল্লাহ আৰু ৰাছুলৰ আনুগত্য কৰা’। তাৰ পিছতো যদি সিহঁতে মুখ ঘূৰাই লয়, তেন্তে (জানি থোৱা) আল্লাহে নিশ্চয় কাফিৰসকলক পছন্দ নকৰে।

    [33] নিশ্চয় আল্লাহে আদম, নুহ আৰু ইব্ৰাহীমৰ বংশধৰ আৰু ইমৰাণৰ বংশধৰক সমগ্ৰ সৃষ্টিজগতৰ ওপৰত মনোনীত কৰিছে।

    [34] তেওঁলোকে ইজনে সিজনৰ বংশধৰ; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

    [35] স্মৰণ কৰা, যেতিয়া ইমৰাণৰ স্ত্ৰীয়ে কৈছিল, ‘হে আমাৰ ৰব! মোৰ গৰ্ভত যি আছে নিশ্চয় মই সেয়া একান্ত মনে তোমাৰ বাবে মান্নত কৰিলো। সেয়ে তুমি মোৰ পৰা এইটো কবুল কৰা, নিশ্চয় তুমি সৰ্বশ্ৰোতা, সৰ্বজ্ঞ’।

    [36] তাৰ পিছত যেতিয়া তেওঁ সেই সন্তান প্ৰসৱ কৰিলে, তেতিয়া তেওঁ ক’লে, ‘হে মোৰ ৰব! নিশ্চয় মই ইয়াক কন্যাৰূপে প্ৰসৱ কৰিছো। তেওঁ যি প্ৰসৱ কৰিছে সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত; আৰু পুত্ৰ সন্তান কন্যা সন্তানৰ দৰে নহয়; আৰু মই ইয়াৰ নাম ৰাখিছো মাৰইয়াম লগতে অভিশপ্ত চয়তানৰ পৰা তেওঁক আৰু তেওঁৰ সন্তানক তোমাৰ আশ্ৰয়ত দিছো।

    [37] তাৰ পিছত তেওঁৰ প্ৰতিপালকে তেওঁক আগ্ৰহেৰে কবুল কৰিলে আৰু তেওঁক উত্তমৰূপে লালন-পালন কৰিলে আৰু যাকাৰিয়্যাৰ তত্ত্বাৱধানত ৰাখিলে। যেতিয়াই যাকাৰিয়্যাহ তেওঁৰ কোঠাত প্ৰৱেশ কৰিছিল, তেতিয়াই তেওঁৰ ওচৰত খাদ্য সামগ্ৰী দেখিবলৈ পাইছিল। তেওঁ কৈছিল, ‘হে মাৰইয়াম! এইবোৰ তুমি ক’ত পালা? তেওঁ (মাৰইয়ামে) কৈছিল, ‘এইবোৰ আল্লাহৰ তৰফৰ পৰা’। নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে অপৰিমিত জীৱিকা দান কৰে।

    [38] সেই ঠাইতে যাকাৰিয়্যাই তেওঁৰ প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰি ক’লে, ‘হে মোৰ ৰব! তুমি মোক তোমাৰ ফালৰ পৰা উত্তম সন্তান প্ৰদান কৰা। নিশ্চয় তুমি প্ৰাৰ্থনা শ্ৰৱণকাৰী’।

    [39] তাৰ পিছত যেতিয়া যাকাৰিয়্যাই ইবাদত কক্ষত ছালাতত থিয় হৈছিল, তেতিয়া ফিৰিস্তাসকলে তেওঁক আহ্বান কৰি ক’লে, ‘নিশ্চয় আল্লাহে আপোনাক ইয়াহইয়াৰ সুসংবাদ দিছে, তেওঁ হ’ব আল্লাহৰ তৰফৰ পৰা আগমনকৃত এটা কালিমাৰ সত্যায়নকাৰী, নেতা, ভোগ আসক্তিমুক্ত আৰু পূণ্যবানসকলৰ অন্তৰ্ভূক্ত এজন নবী’।

    [40] তেওঁ ক’লে, ‘হে মোৰ ৰব! মোৰ সন্তান কেনেকৈ হ’ব? অথচ মোৰ বাৰ্ধক্য আহি পৰিছে আৰু মোৰ স্ত্ৰী বন্ধা’। তেওঁ (আল্লাহে) ক’লে, ‘এইদৰেই’। আল্লাহে যিটো ইচ্ছা সেইটোৱে কৰে।

    [41] তেওঁ ক’লে, ‘হে মোৰ ৰব! মোক এটা নিদৰ্শন দিয়া’। তেওঁ ক’লে, ‘তোমাৰ নিদৰ্শন এইটো যে, তিনি দিন লৈকে তুমি আকাৰ-ইঙ্গিতৰ বাহিৰে মানুহৰ লগত কথা ক’ব নোৱাৰিবা। এতেকে তোমাৰ প্ৰতিপালকক অধিক স্মৰণ কৰা আৰু পুৱা-গধূলি তেওঁৰ পৱিত্ৰতা-মহিমা ঘোষণা কৰা’।

    [42] আৰু স্মৰণ কৰা, যেতিয়া ফিৰিস্তাসকলে ক’লে, ‘হে মাৰইয়াম! নিশ্চয় আল্লাহে আপোনাক মনোনীত কৰিছে আৰু পৱিত্ৰ কৰিছে আৰু বিশ্বজগতৰ নাৰীসকলৰ ওপৰত আপোনাক মনোনীত কৰিছে’।

    [43] ‘হে মাৰইয়াম! আপোনাৰ প্ৰতিপালকৰ অনুগত হওঁক আৰু ছাজদা কৰক আৰু ৰুকুকাৰীসকলৰ লগত ৰুকু কৰক’।

    [44] এইটো অদৃশ্য সংবাদসমূহৰ অন্তৰ্ভূক্ত, যিটো আমি তোমাক অহিৰ দ্বাৰা অৱহিত কৰিছো; আৰু মাৰইয়ামৰ তত্ত্বাৱধানৰ দায়িত্ব সিহঁতৰ মাজৰ কোনে গ্ৰহন কৰিব তাৰ বাবে যেতিয়া সিহঁতে সিহঁতৰ কলম নিক্ষেপ কৰিছিল তেতিয়া তুমি সিহঁতৰ ওচৰত উপস্থিত নাছিলা আৰু সিহঁতে যেতিয়া বাদানুবাদ কৰি আছিল তেতিয়াও তুমি তাত উপস্থিত নাছিলা।

    [45] স্মৰণ কৰা, যেতিয়া ফিৰিস্তাসকলে ক’লে, ‘হে মাৰইয়াম! নিশ্চয় আল্লাহে আপোনাক তেওঁৰ তৰফৰ পৰা এটা কালিমাৰ সুসংবাদ দিছে। যাৰ নাম মছীহ, মাৰইয়ামৰ পুত্ৰ ঈছা, তেওঁ পৃথিৱী আৰু পৰকালত সন্মানিত আৰু সান্নিধ্যপ্ৰাপ্তসকলৰ অন্যতম হ’ব।

    [46] তেওঁ কেঁচুৱা অৱস্থাত (দোলনাত) আৰু পূৰ্ণ বয়সতো মানুহৰ লগত কথা ক’ব আৰু তেওঁ পূণ্যবানসকলৰ অন্তৰ্ভূক্ত হ’ব।

    [47] তেওঁ (মাৰইয়ামে) ক’লে, ‘হে মোৰ ৰব! কেনেকৈ মোৰ সন্তান হ’ব? অথচ কোনো পুৰুষেই মোক স্পৰ্শ কৰা নাই’। তেওঁ (আল্লাহে) ক’লে, ‘এনেকৈয়ে’, আল্লাহে যি ইচ্ছা সৃষ্টি কৰে। তেওঁ যেতিয়া কোনো বিষয়ে সিদ্ধান্ত লয় তেতিয়া কেৱল তেওঁ কয়, ‘হ’, ফলত সেইটো হৈ যায়।

    [48] আৰু তেওঁ তাক কিতাব, হিকমত, তাওৰাত আৰু ইঞ্জীলৰ শিক্ষা দিব’।

    [49] আৰু তেওঁক বনী ইছৰাঈলৰ বাবে ৰাছুলস্বৰূপে (প্ৰেৰণ কৰিব, তেওঁ ক’ব) ‘নিশ্চয় মই তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত নিদৰ্শন লৈ আহিছো যে, নিশ্চয় মই তোমালোকৰ বাবে বোকা মাটিৰ দ্বাৰা এটা চৰাই সদৃশ আকৃতি গঠন কৰিম; তাৰ পিছত তাত মই ফুঁ দিম; ফলত আল্লাহৰ আদেশত সেইটো চৰাই হৈ যাব; লগতে মই আল্লাহৰ আদেশত জন্মান্ধ আৰু কুষ্ঠ ব্যাধিগ্ৰস্থ লোকক নিৰাময় কৰিম আৰু মৃতক জীৱিত কৰিম। তোমালোকে নিজৰ ঘৰত যি খোৱা আৰু যি সঞ্চয় কৰা সেয়াও মই তোমালোকক জনাই দিম। নিশ্চয় ইয়াত তোমালোকৰ বাবে নিদৰ্শন আছে যদি তোমালোকে মুমিন হোৱা’।

    [50] ‘আৰু মোৰ সন্মুখত তাওৰাতৰ যি (শিক্ষা) আছে তাৰ সত্যায়নকাৰীৰূপে আৰু তোমালোকৰ বাবে যি হাৰাম আছিল তাৰে কিছুমান হালাল কৰাৰ বাবে আৰু মই তোমালোকৰ প্ৰতিপালকৰ পৰা তোমালোকৰ বাবে নিদৰ্শন লৈ আহিছো। এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা’।

    [51] ‘নিশ্চয় আল্লাহ মোৰ ৰব আৰু তোমালোকৰো ৰব, এতেকে তোমালোকে তেওঁৰেই ইবাদত কৰা। এইটোৱেই সৰল পথ’।

    [52] তাৰ পিছত যেতিয়া ঈছাই সিহঁতৰ পৰা কুফৰী উপলব্ধি কৰিলে তেতিয়া তেওঁ ক’লে, ‘আল্লাহৰ পথত কোন মোৰ সাহায্যকাৰী হ’ব? হাওৱাৰীসকলে ক’লে, ‘আমিয়েই আল্লাহৰ (পথত) সাহায্যকাৰী। আমি আল্লাহৰ প্ৰতি ঈমান আনিছো আৰু আপুনি সাক্ষী থাকক যে, নিশ্চয় আমি মুছলিম।

    [53] ‘হে আমাৰ ৰব! তুমি যি অৱতীৰ্ণ কৰিছা তাৰ প্ৰতি আমি ঈমান আনিছো আৰু আমি এই ৰাছুলৰ অনুসৰণ কৰিছো। এতেকে আমাক সাক্ষ্যদানকাৰীসকলৰ তালিকাভূক্ত কৰি লোৱা’।

    [54] আৰু সিহঁতে কুটকৌশল কৰিছিল আৰু আল্লাহেও কৌশল কৰিছিল; আৰু আল্লাহ উত্তম কৌশলকাৰী।

    [55] স্মৰণ কৰা, যেতিয়া আল্লাহে ক’লে, ‘হে ঈছা! নিশ্চয় মই তোমাক পৰিগ্ৰহণ কৰিম, আৰু তোমাক মোৰ ওচৰলৈ উঠাই আনিম আৰু যিসকলে কুফৰী কৰে সিহঁতৰ পৰা তোমাক পৱিত্ৰ কৰিম আৰু তোমাৰ অনুসাৰীসকলক কিয়ামত পৰ্যন্ত কাফিৰসকলৰ ওপৰত প্ৰাধান্য দিম, তাৰ পিছত মোৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন’। তোমালোকৰ মাজত যি বিষয়ে মতানৈক্য হৈছে মই তোমালোকৰ মাজত তাৰ মীমাংসা কৰি দিম।

    [56] ফলত যিসকলে কুফৰী কৰিছে মই সিহঁতক পৃথিৱী আৰু পৰকালত কঠোৰ শাস্তি প্ৰদান কৰিম আৰু সিহঁতৰ কোনো সহায়কাৰী নাই।

    [57] আৰু যিসকলে ঈমান আনিছে আৰু সৎকাম কৰিছে তেওঁ সিহঁতৰ প্ৰতিফল পৰিপূৰ্ণভাৱে প্ৰদান কৰিব; আৰু আল্লাহে যালিমসকলক পছন্দ নকৰে।

    [58] এইটো আমি তোমাৰ ওপৰত তিলাৱাত কৰিছো, আয়াতসমূহ আৰু হিকমতৰ (প্ৰজ্ঞাপূৰ্ণ উপদেশৰ) পৰা।

    [59] নিশ্চয় আল্লাহৰ ওচৰত ঈছাৰ উদাহৰণ আদমৰ দৰে, তেখেতে তেওঁক মাটিৰ পৰা সৃষ্টি কৰিছিল। তাৰ পিছত তেওঁক কৈছিল, ‘হ’, ফলত তেওঁ হৈ গ’ল।

    [60] (এইটো) তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা সত্য, গতিকে তুমি সন্দেহকাৰীসকলৰ অন্তৰ্ভূক্ত নহ’বা।

    [61] এতেকে তোমাৰ ওচৰত জ্ঞান অহাৰ পিছত যিয়ে এই বিষয়ে তোমাৰ লগত তৰ্ক কৰে তাক কোৱা, ‘আহা, আমি আমাৰ আৰু তোমালোকৰ পুত্ৰসকলক আহ্বান কৰো, আমাৰ স্ত্ৰীসকলক আৰু তোমালোকৰ স্ত্ৰীসকলকো আহ্বান কৰো, আমিও আহো আৰু তোমালোকো আহা, তাৰ পিছত আমি মুবাহালা (বিনীত প্ৰাৰ্থনা) কৰো যে, মিছলীয়াসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত হওঁক।

    [62] নিশ্চয় এইটো সত্য বিৱৰণ আৰু আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; আৰু নিশ্চয় আল্লাহ, তেৱেঁই হৈছে পৰম পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    [63] তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয়, তেন্তে নিশ্চয় আল্লাহ ফাছাদকাৰীসকলৰ বিষয়ে সম্যক অৱগত।

    [64] কোৱা, ‘হে কিতাবীসকল! আহা সেই কথাৰ পিনে যিটো আমাৰ আৰু তোমালোকৰ মাজত মিল আছে; সেয়া হৈছে- আমি যেন একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰো, তেওঁৰ লগত আন কাকো অংশী স্থাপন নকৰো আৰু আমাৰ মাজৰ কোনোৱে যাতে ইজনে সিজনক ৰব হিচাপে গ্ৰহণ নকৰে’। তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয়, তেনেহ’লে তোমালোকে কোৱা, ‘তোমালোকে সাক্ষী থকা যে, নিশ্চয় আমি মুছলিম’।

    [65] হে আহলে কিতাবসকল! ইব্ৰাহীমৰ বিষয়ে কিয় তোমালোকে তৰ্ক কৰা? অথচ তাওৰাত আৰু ইঞ্জীল তেওঁৰ পিছতহে অৱতীৰ্ণ হৈছিল। এতেকে তোমালোকে নবুজা নেকি

    [66] সাৱধান! তোমালোকেই সেইসকল লোক, যি বিষয়ে তোমালোকৰ সামান্য জ্ঞান আছিল সেই বিষয়েও তোমালোকে তৰ্ক-বিতৰ্ক কৰিছা, কিন্তু যি বিষয়ে তোমালোকৰ কোনো জ্ঞান নাই সেই বিষয়ে কিয় তোমালোকে তৰ্ক-বিতৰ্ক কৰা? আল্লাহে জানে তোমালোকে একোৱেই নাজানা।

    [67] ইব্ৰাহীম ইয়াহুদীও নাছিল, নাছাৰাও নাছিল; বৰং তেওঁ আছিল একনিষ্ঠ মুছলিম আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভূক্ত নাছিল।

    [68] নিশ্চয় মানুহৰ মাজত তেওঁলোকেই ইব্ৰাহীমৰ ঘনিষ্ঠতম যিসকলে তেওঁৰ অনুসৰণ কৰিছে লগতে এই নবী আৰু যিসকলে ঈমান আনিছে; আৰু আল্লাহেই মুমিনসকলৰ অভিভাৱক।

    [69] কিতাবীসকলৰ এটা দলে বিচাৰে যদি তোমালোকক সিহঁতে বিপথগামী কৰিব পাৰিলেহেঁতেন, অথচ সিহঁত নিজেই নিজকে বিপথগামী কৰি আছে; আৰু সিহঁতে উপলব্ধি কৰিব পৰা নাই।

    [70] হে আহলে কিতাব! কিয় তোমালোকে আল্লাহৰ আয়াতসমূহৰ লগত কুফৰী কৰা, অথচ তোমালোকেই ইয়াৰ সাক্ষ্য বহন কৰা

    [71] হে আহলে কিতাব! তোমালোকে কিয় সত্যক মিছাৰ লগত মিশ্ৰিত কৰা আৰু সত্যক গোপন কৰা, অথচ তোমালোকে সেয়া জানা

    [72] আৰু কিতাবীসকলৰ এটা দলে ক’লে, ‘যিসকলে ঈমান আনিছে সিহঁতৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তোমালোকে দিনৰ প্ৰথমাংশত তাৰ ওপৰত ঈমান আনা আৰু দিনৰ শেষ ভাগত কুফৰী কৰা; যাতে সিহঁতে উভতি আহে।

    [73] আৰু যিসকলে তোমালোকৰ দ্বীনৰ অনুসৰণ কৰে তেওঁলোকৰ বাহিৰে আন কাকো বিশ্বাস নকৰিবা’। কোৱা, ‘আল্লাহৰ নিৰ্দেশিত পথেই একমাত্ৰ পথ। এইটো এই বাবে যে, তোমালোকক যিটো দিয়া হৈছে সেয়া আনকো দিব পাৰে অথবা তোমালোকৰ প্ৰতিপালকৰ সন্মুখত সিহঁতে তোমালোকৰ লগত বিতৰ্ক কৰিব’। কোৱা, ‘নিশ্চয় অনুগ্ৰহ আল্লাহৰ হাতত তেওঁ যাক ইচ্ছা তাক সেইটো প্ৰদান কৰে; আৰু আল্লাহ প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।

    [74] তেওঁ নিজ অনুগ্ৰহৰ বাবে যাক ইচ্ছা একান্তভাৱে বাচি লয়; আৰু আল্লাহ মহান অনুগ্ৰহশীল।

    [75] আৰু কিতাবীসকলৰ মাজত এনেকুৱা কিছুমান মানুহো আছে, যাৰ ওচৰত বিপুল সম্পদ আমানত ৰাখিলেও সি ঘূৰাই দিব; আকৌ সিহঁতৰ মাজত এনেকুৱা মানুহো আছে, যাৰ ওচৰত এটা দীনাৰ আমানত ৰাখিলেও তাৰ ওপৰত সৰ্বোচ্চ তাগিদ নিদিয়া লৈকে সি সেয়া উভতাই নিদিব। এইটো এই বাবে যে, সিহঁতে কয়, ‘উম্মীসকলৰ বিষয়ে আমাৰ ওপৰত কোনো বাধ্যবাধকতা নাই; আৰু সিহঁতে জানি বুজি আল্লাহৰ ওপৰত মিছা কথা কয়।

    [76] হয় নিশ্চয়, যদি কোনোবাই নিজ প্ৰতিশ্ৰুতি পূৰণ কৰে আৰু তাক্বৱা অৱলম্বন কৰে তেন্তে (জানি থোৱা) নিশ্চয় আল্লাহে মত্তাক্বীসকলক ভাল পায়।

    [77] নিশ্চয় যিসকলে আল্লাহৰ লগত কৰা প্ৰতিশ্ৰুতি আৰু নিজৰ শপত তুচ্ছ মুল্যৰ বিনিময়ত বিক্ৰী কৰে, আখিৰাতত সিহঁতৰ কোনো অংশ নাই; আৰু কিয়ামতৰ দিনা আল্লাহে সিহঁতৰ লগত কথা নক’ব, সিহঁতৰ প্ৰতি দৃষ্টিও নিদিব আৰু সিহঁতক পৰিশুদ্ধও নকৰিব; আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।

    [78] আৰু নিশ্চয় সিহঁতৰ মাজত এনেকুৱা এটা দল আছে, যিসকলে কিতাবক জিভাৰ দ্বাৰা বিকৃত কৰে যাতে তোমালোকে সেইটোক আল্লাহৰ কিতাবৰ অংশ বুলি ভৱা; অথচ সেইটো কিতাবৰ অংশ নহয়। সিহঁতে আৰু কয়, ‘এইটো আল্লাহৰ তৰফৰ পৰা’; অথচ সেইটো আল্লাহৰ তৰফৰ পৰা নহয়। আৰু সিহঁতে জানি-বুজি আল্লাহৰ ওপৰত মিছা কথা কয়।

    [79] কোনো মানুহৰ বাবে সংগত নহয় যে, আল্লাহে তেওঁক কিতাব, হিকমত আৰু নুবুওৱত দান কৰাৰ পিছত তেওঁ মানুহক ক’ব, ‘আল্লাহৰ পৰিবৰ্তে তোমালোকে মোৰেই দাস হৈ যোৱা’, বৰং তেওঁ ক’ব, ‘তোমালোকে ৰাব্বানী হৈ যোৱা, যিহেতু তোমালোকে কিতাব শিক্ষা দিয়া আৰু যিহেতু তোমালোকে অধ্যয়ন কৰা’।

    [80] এইদৰে তেওঁ তোমালোকক এইটোও নিৰ্দেশ নিদিব যে, তোমালোকে ফিৰিস্তা আৰু নবীসকলক ৰব হিচাপে গ্ৰহণ কৰা। তোমালোকে মুছলিম হোৱাৰ পিছত তেওঁ কেনেকৈ তোমালোকক কুফৰীৰ নিৰ্দেশ দিব

    [81] আৰু স্মৰণ কৰা, যেতিয়া আল্লাহে নবীসকলৰ অঙ্গীকাৰ লৈছিল যে, ‘মই তোমালোকক কিতাব আৰু হিকমতৰ (শিক্ষা) দিছো; এতেকে তোমালোকৰ ওচৰত যি আছে তাৰ সত্যায়নকাৰীৰূপে যেতিয়া তোমালোকৰ ওচৰত এজন ৰাছুল আহিব- তেতিয়া তোমালোকে অৱশ্যই তাৰ প্ৰতি ঈমান আনিবা আৰু তেওঁক সহায় কৰিবা’। তেওঁ ক’লে, ‘তোমালোকে স্বীকাৰ কৰিলানে? আৰু ইয়াৰ ওপৰত মোৰ অঙ্গীকাৰ গ্ৰহণ কৰিলানে’? তেওঁলোকে ক’লে, ‘আমি স্বীকাৰ কৰিলো’। তেওঁ ক’লে, ‘তেন্তে তোমালোকে সাক্ষী থাকা আৰু ময়ো তোমালোকৰ লগত সাক্ষী থাকিলো।

    [82] এতেকে ইয়াৰ পিছত যিসকলে উভতি যাব সিহঁতেই ফাছিক।

    [83] সিহঁতে আল্লাহৰ দ্বীনৰ পৰিবৰ্তে আন কিবা বিচাৰে নেকি? অথচ আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱে ইচ্ছাতে হওঁক বা অনিচ্ছাতে তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিছে; আৰু তেওঁৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন।

    [84] কোৱা, ‘আমি আল্লাহৰ ওপৰত আৰু আমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে আৰু ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াক্বুব আৰু তেওঁৰ বংশধৰসকলৰ প্ৰতি যি অৱতীৰ্ণ হৈছিল আৰু যি মুছা, ঈছা আৰু আন আন নবীসকলক তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰদান কৰা হৈছিল তাৰ ওপৰত ঈমান আনিছো; আমি তেওঁলোকৰ কাৰো মাজত কোনো পাৰ্থক্য নকৰো; আৰু আমি তেওঁৰ ওচৰতেই আত্মসমৰ্পণকাৰী।

    [85] আৰু যিয়ে ইছলামৰ বাহিৰে আন কোনো দ্বীন সন্ধান কৰিব তাৰ পৰা কেতিয়াও সেয়া গ্ৰহণ কৰা নহ’ব আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভূক্ত হ’ব।

    [86] আল্লাহে কেনেকৈ সেই সম্প্ৰদায়ক হিদায়ত কৰিব, যিসকলে ঈমান আনাৰ পিছত আৰু ৰাছুলক সত্য বুলি সাক্ষ্য দিয়াৰ পিছত আৰু সিহঁতৰ ওচৰত স্পষ্ট নিদৰ্শন অহাৰ পিছতো কুফৰী কৰে? আৰু আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নিদিয়ে।

    [87] ইহঁতেই হৈছে সেইসকল লোক, যিসকলৰ প্ৰতিদান হৈছে, সিহঁতৰ ওপৰত আল্লাহৰ, ফিৰিস্তাসকলৰ আৰু সকলো মানুহৰ অভিসম্পাত।

    [88] সিহঁতে তাত স্থায়ী হ’ব, সিহঁতৰ শাস্তি শিথিল কৰা নহ’ব আৰু সিহঁতক অৱকাশও দিয়া নহ’ব

    [89] কিন্তু সেইসকল লোকৰ বাহিৰে, যিসকলে ইয়াৰ পিছত তাওবা কৰিছে আৰু নিজকে সংশোধন কৰিছে। তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

    [90] নিশ্চয় যিসকলে ঈমান আনাৰ পিছত কুফৰী কৰিছে, তাৰ পিছত সিহঁত কুফৰী কাৰ্যত বাঢ়ি গৈছে সিহঁতৰ তাওবা কেতিয়াও কবুল কৰা নহ’ব; আৰু সিহঁতেই পথভ্ৰষ্ট।

    [91] নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু কাফিৰৰূপে মৃত্যুবৰণ কৰিছে সিহঁতৰ কোনোবাই পৃথিৱী ভৰা সোণ বিনিময়স্বৰূপ প্ৰদান কৰিলেও সেয়া কেতিয়াও গ্ৰহণ কৰা নহ’ব। ইহঁতেই সেইসকল লোক, যিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি আৰু সিহঁতৰ বাবে কোনো সহায়কাৰী নাই।

    [92] তোমালোকে যি ভালপোৱা তাৰ পৰা ব্যয় নকৰালৈকে তোমালোকে কেতিয়াও ছোৱাব অৰ্জন কৰিব নোৱাৰিবা; আৰু তোমালোকে যি ব্যয় কৰা, নিশ্চয় আল্লাহ সেই সম্পৰ্কে সবিশেষ অৱগত।

    [93] তাওৰাত অৱতীৰ্ণ হোৱাৰ আগত ইছৰাঈলে নিজৰ ওপৰত যি হাৰাম কৰিছিল তাৰ বাহিৰে বনী ইছৰাঈলৰ বাবে যাৱতীয় খাদ্য হালাল আছিল। কোৱা, ‘যদি তোমালোকে সত্যবাদী তেনেহ’লে তাওৰাত লৈ আহা আৰু সেয়া পাঠ কৰা’।

    [94] এতেকে ইয়াৰ পিছতো যিসকলে আল্লাহৰ ওপৰত মিছা ৰটনা কৰে সিহঁতেই যালিম।

    [95] কোৱা, ‘আল্লাহে সত্য কৈছে। সেয়ে তোমালোকে একনিষ্ঠভাৱে ইব্ৰাহীমৰ মিল্লাতৰ অনুসৰণ কৰা, আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভূক্ত নাছিল’।

    [96] নিশ্চয় মানৱ জাতিৰ বাবে সৰ্বপ্ৰথম যি ঘৰ প্ৰতিষ্ঠিত হৈছিল সেয়া হৈছে মক্কাত, বৰকতময় আৰু হিদায়ত বিশ্ববাসীৰ বাবে।

    [97] তাত বহুতো সুস্পষ্ট নিদৰ্শন আছে, যেনে মাকামে ইব্ৰাহীম; যিয়ে তাত প্ৰৱেশ কৰিব সি নিৰাপদ; আৰু মানুহৰ মাজত তাত যাবলৈ যাৰ সামৰ্থ আছে, আল্লাহৰ উদ্দেশ্যে সেই ঘৰৰ হজ্জ কৰা তাৰ বাবে অৱশ্য কৰ্তব্য; আৰু যিয়ে কুফৰী কৰিব সি জানি থোৱা উচিত, নিশ্চয় আল্লাহ সৃষ্টিজগতৰ মুখাপেক্ষী নহয়।

    [98] কোৱা, ‘হে আহলে কিতাব! তোমালোকে আল্লাহৰ নিদৰ্শনসমূহৰ লগত কিয় কুফৰী কৰা? আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহেই সাক্ষী’।

    [99] কোৱা, ‘হে আহলে কিতাব! যিজন ব্যক্তিয়ে ঈমান আনিছে তোমালোকে বক্ৰতা অনুসন্ধান কৰি আল্লাহৰ পথত তেওঁক কিয় বাধা দিয়া? অথচ তোমালোকেই সাক্ষী; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়’।

    [100] হে মুমিনসকল! যিসকলক কিতাব প্ৰদান কৰা হৈছে, তোমালোকে যদি সিহঁতৰ এটা দলৰ আনুগত্য কৰা, তেন্তে সিহঁতে তোমালোকক ঈমান আনাৰ পিছত আকৌ কাফিৰ অৱস্থাত উভতাই লৈ এৰিব।

    [101] আৰু কেনেকৈ তোমালোকে কুফৰী কৰা অথচ আল্লাহৰ আয়াতসমূহ তোমালোকৰ ওচৰত তিলাৱাত কৰা হয় আৰু তোমালোকৰ মাজত তেওঁৰ ৰাছুল আছে? আৰু যি ব্যক্তি আল্লাহক দৃঢ়ভাৱে অৱলম্বন কৰিব সি নিশ্চয় সৰল পথৰ হিদায়তপ্ৰাপ্ত হ’ব।

    [102] হে ঈমান্দাৰসকল! তোমালোকে যথাৰ্থভাৱে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু তোমালোকে মুছলিম (পৰিপূৰ্ণ আত্মসমৰ্পণকাৰী) নোহোৱা লৈকে মৃত্যুবৰণ নকৰিবা।

    [103] আৰু তোমালোক সকলোৱে আল্লাহৰ ৰছীক দৃঢ়ভাৱে ধাৰণ কৰা আৰু পৰস্পৰে বিচ্ছিন্ন নহবা; আৰু তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ স্মৰণ কৰা, যেতিয়া তোমালোকে পৰস্পৰে শত্ৰু আছিলা। তাৰ পিছত তেওঁ তোমালোকৰ হৃদয়ত প্ৰীতিৰ সঞ্চাৰ কৰিলে, ফলত তেওঁৰ অনুগ্ৰহত তোমালোকে পৰস্পৰ ভাই-ভাই হৈ গ’লা। তোমালোক আছিলা অগ্নিগৰ্তৰ দুৱাৰত, তেৱেঁই তোমালোকক তাৰ পৰা ৰক্ষা কৰিছে। এইদৰে আল্লাহে তোমালোকৰ বাবে তেওঁৰ নিদৰ্শনসমূহ স্পষ্টভাৱে বিবৃত কৰে যাতে তোমালোকে হিদায়ত পোৱা।

    [104] আৰু তোমালোকৰ মাজত এনেকুৱা এটা দল হোৱা উচিত, যিসকলে কল্যাণৰ ফালে আহ্বান কৰিব আৰু সৎকামৰ নিৰ্দেশ দিব আৰু অসৎকামৰ পৰা নিষেধ কৰিব; আৰু তেওঁলোকেই হ’ব সাফল্যমণ্ডিত।

    [105] তোমালোকে সিহঁতৰ দৰে নহবা, যিসকলে স্পষ্ট নিদৰ্শনসমূহ অহাৰ পিছতো বিচ্ছিন্ন হৈছে আৰু নিজৰ মাজতেই মতানৈক্য সৃষ্টি কৰিছে; আৰু সিহঁতৰ বাবেই আছে মহাশাস্তি।

    [106] সেইদিনা কিছুমান মুখ উজ্জল হ’ব আৰু কিছুমান মুখ ক'লা পৰিব; যিহঁতৰ মুখ ক'লা পৰিব (সিহঁতক কোৱা হ’ব), ‘তোমালোকে ঈমান আনাৰ পিছত আকৌ কুফৰী কৰিছিলা নেকি? এতেকে তোমালোকে শাস্তি ভোগ কৰা, যিহেতু তোমালোকে কুফৰী কৰিছিলা’।

    [107] আৰু যিসকলৰ মুখ উজ্জল হ’ব তেওঁলোক আল্লাহৰ অনুগ্ৰহত থাকিব, তাত তেওঁলোক চিৰস্থায়ী হ’ব।

    [108] এইবোৰ আল্লাহৰ আয়াত (নিদৰ্শন), যিবোৰ আমি তোমাৰ ওচৰত যথাযথভাৱে তিলাৱাত কৰিছো; আৰু আল্লাহে সৃষ্টিজগতৰ প্ৰতি যুলুম কৰিব নিবিচাৰে।

    [109] আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই আৰু আল্লাহৰ ওচৰতেই সকলো প্ৰত্যাৱৰ্তিত হ’ব।

    [110] তোমালোকেই শ্ৰেষ্ঠ উম্মত, মানৱ জাতিৰ হিদায়তৰ বাবে যিসকলক উলিওৱা হৈছে, (কাৰণ) তোমালোকে সৎকামৰ আদেশ দিয়া আৰু অসৎকামৰ পৰা নিষেধ কৰা আৰু আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰা। আৰু আহলে কিতাবসকলে যদি ঈমান আনিলেহেঁতেন তেন্তে সিহঁতৰ বাবে এয়া ভাল হ’লেহেঁতেন। সিহঁতৰ মাজত কিছুমান মুমিন আছে; কিন্তু সিহঁতৰ অধিকাংশই ফাছিক্ব।

    [111] সামান্য কষ্ট দিয়াৰ বাহিৰে সিহঁতে তোমালোকৰ কোনো ক্ষতি কৰিব নোৱাৰিব আৰু যদি সিহঁতে তোমালোকৰ লগত যুদ্ধ কৰে তেন্তে সিহঁতে পৃষ্ঠ প্ৰদৰ্শন কৰিব তাৰ পিছত সিহঁতক সহায় কৰা নহ’ব।

    [112] আল্লাহৰ প্ৰতিশ্ৰুতি আৰু মানুহৰ প্ৰতিশ্ৰুতিৰ বাহিৰে সিহঁতক য’তেই পোৱা গৈছে ততেই সিহঁত লাঞ্ছিত হৈছে। আৰু সিহঁত আল্লাহৰ ক্ৰোধৰ পাত্ৰ হৈছে লগতে সিহঁতৰ ওপৰত দৰিদ্ৰ নিৰ্ধাৰণ কৰি দিয়া হৈছে; এইটো এই বাবে যে, সিহঁত আল্লাহৰ আয়াতসমূহৰ লগত কুফৰী কৰিছিল আৰু অন্যায়ভাৱে নবীসকলক হত্যা কৰিছিল; সেয়া এই বাবে যে, সিহঁত অবাধ্য হৈছিল আৰু সীমালংঘন কৰিছিল।

    [113] সিহঁত সকলো সমান নহয়। কিতাবীসকলৰ মাজত অবিচলিত এটা দল আছে; সিহঁতে ৰাতি আল্লাহৰ আয়াতসমূহ তিলাৱাত কৰে আৰু সিহঁতে ছাজদা কৰে।

    [114] সিহঁতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে, সৎকামৰ নিৰ্দেশ দিয়ে অসৎকামৰ পৰা নিষেধ কৰে আৰু সিহঁতে কল্যাণকৰ কামত প্ৰতিযোগিতা কৰে; আৰু এওঁলোকেই পূণ্যবানসকলৰ অন্তৰ্ভূক্ত।

    [115] সিহঁতে যি ভাল কাম কৰে, তাৰ পৰা সিহঁতক কেতিয়াও বঞ্চিত কৰা নহ’ব; আৰু আল্লাহ মুত্তাক্বীসকলৰ বিষয়ে সবিশেষ অৱগত।

    [116] নিশ্চয় যিসকলে কুফৰী কৰিছে, সিহঁতৰ ধন-সম্পদ আৰু সন্তান-সন্ততি আল্লাহৰ ওচৰত কেতিয়াও কোনো কামত নাহিব; আৰু সিহঁতেই জুইৰ অধিবাসী, সিহঁত তাত স্থায়ী হ’ব।

    [117] এই পাৰ্থিৱ জীৱনত সিহঁতে যি ব্যয় কৰে তাৰ উদাহৰণ হিমশীতল বতাহৰ দৰে, যিটোৱে আঘাত কৰে সেই জাতিৰ শস্য খেতিত যিসকলে নিজৰ ওপৰত অন্যায় কৰিছে; তাৰ পিছত ই সেয়া ধ্বংস কৰি দিয়ে। আল্লাহে সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নাই, সিহঁত নিজেই নিজৰ প্ৰতি অন্যায় কৰিছে।

    [118] হে মুমিনসকল! তোমালোকে নিজৰ বাহিৰে আন কাৰোবাক অন্তৰঙ্গ বন্ধুৰূপে গ্ৰহণ নকৰিবা। সিহঁতে তোমালোকক অনিষ্ট কৰিবলৈ ত্ৰুটি নকৰিব; সিহঁতে তোমালোকৰ মাৰাত্মক ক্ষতিৰ কামনা কৰে। নিশ্চয় সিহঁতৰ মুখৰ পৰা শত্ৰুতা প্ৰকাশ পাইছে আৰু সিহঁতৰ অন্তৰে যিটো গোপন কৰে সেয়া আৰু ভয়াৱহ। নিশ্চয় তোমালোকৰ বাবে আয়াতসমূহ বিশদভাৱে বিবৃত কৰিছো, যদি তোমালোকে অনুধাবন কৰা।

    [119] চোৱা, তোমালোকেই সিহঁতক ভালপোৱা, সিহঁতে কিন্তু তোমালোকক ভাল নাপায় অথচ তোমালোকে সকলো কিতাব বিশ্বাস কৰা। আৰু সিহঁতে যেতিয়া তোমালোকৰ সংস্পৰ্শত আহে তেতিয়া কয়, ‘আমি ঈমান আনিছো’, কিন্তু সিহঁতে যেতিয়া অকলশৰীয়াকৈ মিলিত হয় তেতিয়া তোমালোকৰ প্ৰতি আক্ৰোশত সিহঁতে নিজৰ আঙুলিৰ অগ্ৰভাগ কামুৰিবলৈ ধৰে। কোৱা, ‘তোমালোকৰ ক্ৰোধত তোমালোকেই মৰা’। নিশ্চয় অন্তৰত যি আছে সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।

    [120] তোমালোকৰ মঙ্গল হ’লে সেয়া সিহঁতক কষ্ট দিয়ে আৰু তোমালোকৰ অমঙ্গল হ’লে সিহঁতে আনন্দিত হয়। তোমালোকে যদি ধৈৰ্যশীল হোৱা আৰু মুত্তাক্বী হোৱা তেন্তে সিহঁতৰ ষড়যন্ত্ৰই তোমালোকক একো ক্ষতি কৰিব নোৱাৰে। সিহঁতে যি কৰে নিশ্চয় আল্লাহে সেয়া পৰিবেষ্টন কৰি আছে।

    [121] আৰু স্মৰণ কৰা, যেতিয়া তুমি পোৱাৰ ভাগত নিজৰ পৰিয়ালৰ পৰা ওলাই গৈ যুদ্ধৰ বাবে মুমিনসকলক ৰণক্ষেত্ৰত বিন্যস্ত কৰিছিলা; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

    [122] যেতিয়া তোমালোকৰ মাজৰ দুটা দলে হতাশ হৈ সাহস হেৰুৱাৰ উপক্ৰম হৈছিল অথচ আল্লাহ উভয়ৰে অভিভাৱক, আৰু আল্লাহৰ ওপৰতেই যাতে মুমিনসকলে নিৰ্ভৰ কৰে।

    [123] আৰু বদৰৰ যুদ্ধত নিশ্চয় আল্লাহে তোমালোকক সহায় কৰিছল সেই সময়ত তোমালোকে অতি দুৰ্বল আছিলা। এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা।

    [124] স্মৰণ কৰা, যেতিয়া তুমি মুমিনসকলক কৈছিলা, ‘এইটো তোমালোকৰ বাবে যথেষ্ট নহয় নেকি যে, তোমালোকৰ প্ৰতিপালকে তিনি হেজাৰ ফিৰিস্তা অৱতীৰ্ণ কৰি তোমালোকক সহযোগিতা কৰিব’

    [125] হয়, নিশ্চয়, যদি তোমালোকে ধৈৰ্য ধাৰণ কৰা, তাক্বৱা অৱলম্বন কৰা আৰু সিহঁতে দ্ৰুত গতিত তোমালোকৰ ওপৰত আক্ৰমণ কৰে, তেন্তে আল্লাহে পাঁচ হেজাৰ চিহ্নিত ফিৰিস্তা প্ৰদান কৰি তোমালোকৰ সহায় কৰিব।

    [126] আৰু আল্লাহে তোমালোকৰ বাবে এয়া কেৱল সসংবাদ আৰু তোমালোকৰ আত্মিক প্ৰশান্তিৰ বাবে কৰিছে; আৰু সহায় কেৱল পৰাক্ৰমশালী প্ৰজ্ঞাময় আল্লাহৰ তৰফৰ পৰা আহে।

    [127] যাতে তেওঁ কাফিৰসকলৰ এটা অংশক ধ্বংস কৰে বা সিহঁতক লাঞ্ছিত কৰে; ফলত সিহঁত নিৰাশ হৈ উভতি যাব।

    [128] তেওঁ সিহঁতৰ তাওবা কবুল কৰিব পাৰে নাইবা সিহঁতক শাস্তি দিব- এই বিষয়ে তোমাৰ কোনো অধিকাৰ নাই; কাৰণ সিহঁত হৈছে যালিম।

    [129] আকাশত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই। তেওঁ যাক ইচ্ছা ক্ষমা কৰি দিয়ে আৰু যাক ইচ্ছা শাস্তি দিয়ে; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

    [130] হে মুমিনসকল! তোমালোকে চক্ৰ বৃদ্ধি হাৰত সুত নাখাবা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা যাতে সফল হ’ব পাৰা।

    [131] আৰু তোমালোকে সেই জুইক ভয় কৰা যিটো কাফিৰসকলৰ বাবে প্ৰস্তুত কৰা হৈছে।

    [132] তোমালোকে আল্লাহ আৰু ৰাছুলৰ আনুগত্য কৰা যাতে তোমালোকে কৃপা লাভ কৰিব পাৰা।

    [133] আৰু তোমালোকে দ্ৰুত অগ্ৰসৰ হোৱা নিজ প্ৰতিপালকৰ ক্ষমাৰ পিনে আৰু সেই জান্নাতৰ পিনে যাৰ পৰিধি আকাশসমূহ আৰু পৃথিৱীৰ সমান, যিটো প্ৰস্তুত কৰা হৈছে মুত্তাক্বীসকলৰ বাবে।

    [134] আৰু আল্লাহে মুহছিনসকলক ভাল পায়

    [135] আৰু যিসকলে কোনো অশ্লীল কাম কৰিলে বা নিজৰ প্ৰতি অন্যায় কৰিলে আল্লাহক স্মৰণ কৰে আৰু নিজৰ পাপ কাৰ্যৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে। আল্লাহৰ বাহিৰে আন কোনে পাপ ক্ষমা কৰিব? আৰু সিহঁতে যিটো কৰি পেলাইছে সেইটো জানি বুজি পুনৰ নকৰে।

    [136] এওঁলোকেই হৈছে সেইসকল লোক, যিসকলৰ পুৰষ্কাৰ হৈছে নিজ প্ৰতিপালকৰ ক্ষমা আৰু জান্নাত, যাৰ তলত নদী প্ৰবাহিত, তাত তেওঁলোক স্থায়ী হ’ব; আৰু সৎকৰ্মশীল লোকৰ পুৰষ্কাৰ কিমান যে উত্তম

    [137] নিশ্চয় তোমালোকৰ পূৰ্বে বহু (জাতিৰ) চৰিত অতীত হৈ গৈছে, সেয়ে তোমালোকে পৃথিৱীত ভ্ৰমণ কৰা আৰু চোৱা মিছলীয়াসকলৰ কি পৰিণাম হৈছিল।

    [138] এইবোৰ, মানুহৰ বাবে স্পষ্ট বৰ্ণনা আৰু মুত্তাক্বীসকলৰ বাবে হিদায়ত আৰু উপদেশ।

    [139] তোমালোকে দুৰ্বল নহবা আৰু চিন্তিতও নহবা; তোমালোকেই বিজয়ী যদি তোমালোকে মুমিন হোৱা।

    [140] যদি তোমালোকে আঘাত পাইছা তেন্তে সিহঁতেও তেনেই আঘাত পাইছে। আমি মানুহৰ মাজত পৰ্যায়ক্ৰমে এই দিনবোৰৰ আৱৰ্তন ঘটাই থাকো, যাতে আল্লাহে মুমিনসকলক প্ৰকাশ কৰিব পাৰে আৰু তোমালোকৰ মাজৰ পৰা কিছুমানক শ্বহীদৰূপে গ্ৰহণ কৰিব পাৰে; আৰু আল্লাহে যালিমসকলক পছন্দ নকৰে।

    [141] আৰু যাতে আল্লাহে মুমিনসকলক পৰিশুদ্ধ কৰিব পাৰে লগতে কাফিৰসকলক নিশ্চিহ্ন কৰিব পাৰে।

    [142] তোমালোকে ভৱা নেকি যে তোমালোকে (এনেই) জান্নাতত প্ৰৱেশ কৰিবা অথচ আল্লাহে এতিয়াও তোমালোকৰ মাজত কোনে জিহাদ কৰিছে আৰু কোন ধৈৰ্যশীল সেয়া প্ৰকাশ কৰা নাই

    [143] নিশ্চয় তোমালোকে মৃত্যুৰ সন্মুখীন হোৱাৰ আগত সেয়া (মৃত্যু) কামনা কৰিছিলা, এতেকে এতিয়াতো তোমালোকে নিজ চকুৰে তাক প্ৰত্যক্ষ কৰিলা।

    [144] আৰু মুহাম্মদ কেৱল এজন ৰাছুল; তেওঁৰ আগত বহুতো ৰাছুল অতীত হৈছে। এতেকে যদি তেওঁ মৃত্যুবৰণ কৰে অথবা নিহত হয় তেন্তে তোমালোকে পৃষ্ঠপ্ৰদৰ্শন কৰিবা নেকি? আৰু যিয়ে পৃষ্ঠ প্ৰদৰ্শন কৰিব সি কেতিয়াও আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰিব; আৰু আল্লাহে অনতিপলমে কৃতজ্ঞসকলক পুৰষ্কৃত কৰিব।

    [145] আল্লাহৰ অনুমতিবিহীন কাৰো মৃত্যু হ’ব নোৱাৰে, যিহেতু এয়া সুনিৰ্দিষ্টভাৱে লিখিত আছে। যিয়ে পাৰ্থিৱ পুৰষ্কাৰ বিচাৰে আমি তাক ইয়াৰ পৰা প্ৰদান কৰো আৰু যিয়ে আখিৰাতৰ পুৰষ্কাৰ বিচাৰে আমি তাক তাৰে পৰা প্ৰদান কৰো আৰু অনতিপলমে আমি কৃতজ্ঞসকলক পুৰষ্কৃত কৰিম।

    [146] আৰু এনেকুৱা বহুতো নবী আছিল, যিসকলৰ লগত থাকি বহু সংখ্যক (ঈমান আৰু আমলে ছলেহৰ ওপৰত প্ৰশিক্ষণ প্ৰাপ্ত) লোক যুদ্ধ কৰিছে। আল্লাহৰ পথত তেওঁলোকৰ যি বিপৰ্যয় ঘটিছিল তাত তেওঁলোক মনোবল হেৰুৱা নাছিল, দুৰ্বলও হোৱা নাছিল আৰু নত হোৱা নাছিল; আৰু আল্লাহ ধৈৰ্যশীলসকলক ভাল পায়।

    [147] এই কথাৰ বাহিৰে তেওঁলোকৰ আন কোনো কথা নাছিল, ‘হে আমাৰ ৰব! আমাৰ পাপ আৰু আমাৰ কৰ্মৰ সীমালংঘন তুমি ক্ষমা কৰা, আমাৰ ভৰি অবিচল ৰখা আৰু কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আমাক সহায় কৰা’।

    [148] তাৰ পিছত আল্লাহে তেওঁলোকক পৃথিৱীৰ পুৰষ্কাৰ আৰু আখিৰাতৰ উত্তম পুৰষ্কাৰ প্ৰদান কৰিলে; আৰু আল্লাহে মুহছিনসকলক ভালপায়।

    [149] হে মুমিনসকল! যদি তোমালোকে কাফিৰসকলৰ আনুগত্য কৰা তেন্তে সিহঁতে তোমালোকক বিপৰীত ফালে উভতাই দিব ফলত তোমালোক ক্ষতিগ্ৰস্ত হৈ পৰিবা।

    [150] বৰং আল্লাহেই তোমালোকৰ অভিভাৱক আৰু তেওঁ উত্তম সহায়কাৰী।

    [151] অনতিপলমে আমি কাফিৰসকলৰ হৃদয়ত ভীতিৰ সঞ্চাৰ কৰিম, যিহেতু সিহঁতে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰিছে, যাৰ সপক্ষে আল্লাহে কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই; সিহঁতৰ আবাস হৈছে জাহান্নাম, আৰু যালিমসকলৰ আবাস কিমান যে নিকৃষ্ট

    [152] নিশ্চয় আল্লাহে তোমালোকৰ লগত তেওঁৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছিল যেতিয়া তোমালোকে আল্লাহৰ অনুমতিক্ৰমে সিহঁতক বিনাশ কৰিছিলা, কিন্তু যেতিয়া তোমালোকে সাহস হেৰুৱালা আৰু নিৰ্দেশ সম্পৰ্কে মতভেদ সৃষ্টি কৰিলা আৰু যি তোমালোকে ভালপোৱা সেয়া দেখুৱাৰ পিছত তোমালোকে অবাধ্য হ’লা। কাৰণ, তোমালোকৰ কিছুমানে পাৰ্থিৱ সম্পদৰ অভিলাষী আছিল আৰু কিছুমানে আখিৰাতৰ অভিলাষী আছিল। তেতিয়া তেওঁ তোমালোকক পৰীক্ষা কৰাৰ বাবে সিহঁতৰ (তোমালোকৰ শত্ৰুসকলৰ) পৰা পশ্চাদবৰ্তী কৰালে। নিশ্চয় তেওঁ তোমালোকক ক্ষমা কৰি দিছে আৰু আল্লাহ মুমিনসকলৰ প্ৰতি অনুগ্ৰহশীল।

    [153] স্মৰণ কৰা, যেতিয়া তোমালোকে পাহাৰ বগাই আছিলা আৰু কাৰো ফালে ওভতি চোৱা নাছিলা, আৰু ৰাছুলে তোমালোকক পিছফালৰ পৰা মাতি আছিল। ফলত তেওঁ (আল্লাহে) তোমালোকক বিপদৰ ওপৰত বিপদ দিলে, যাতে তোমালোকে যি হেৰুৱাইছা আৰু যি বিপদ তোমালোকৰ ওপৰত আহিছে তাৰ বাবে তোমালোকে দুঃখিত নোহোৱা; আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ বিশেষভাৱে অৱগত।

    [154] দুখৰ পিছত তেওঁ তোমালোকক তন্দ্ৰাৰূপে প্ৰশান্তি প্ৰদান কৰিলে, যিটো তোমালোকৰ এটা দলক আচ্ছন্ন কৰিছিল আৰু এটা দলে অজ্ঞতা যুগৰ অজ্ঞতাৰ দৰে আল্লাহ সম্পৰ্কে অবাস্তৱ ধাৰণা কৰি নিজেই নিজকে উদ্বিগ্ন কৰিছিল এই কথা কৈ যে, ‘আমাৰো কিবা অধিকাৰ আছেনে? কোৱা, ‘সকলো বিষয় আল্লাহৰেই ইখতিয়াৰত’। সিহঁতে যিটো তোমাৰ ওচৰত প্ৰকাশ নকৰে, সেয়া সিহঁতে অন্তৰত গোপন ৰাখে। সিহঁতে কয়, ‘এই বিষয়ে আমাৰ কিবা অধিকাৰ থাকিলে আমি ইয়াত এইদৰে নিহত নহলোহেঁতেন’। কোৱা, ‘যদি তোমালোকে নিজ ঘৰতো অৱস্থান কৰিলাহেঁতেন তথাপিও নিহত হোৱা যিসকলৰ বাবে অৱধাৰিত আছিল সিহঁতে নিজৰ মৃত্যুস্থানত ওলাই আহিলেহেঁতেন’। এইটো এই বাবে যে, তোমালোকৰ অন্তৰত যি আছে সেয়া যাতে আল্লাহে পৰীক্ষা কৰে আৰু তোমালোকৰ মনত যি আছে সেয়া পৰিশোধন কৰে; আৰু অন্তৰত যি আছে সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।

    [155] যিদিনা দুই দলে পৰস্পৰৰ সন্মুখীন হৈছিল সেইদিনা তোমালোকৰ মাজৰ পৰা যিসকলে পৃষ্ঠ প্ৰদৰ্শন কৰিছিল, সিহঁতৰ কিছুমান কৃতকৰ্মৰ ফলত চয়তানেই সিহঁতৰ পদস্খলন ঘটাইছিল। অৱশ্য আল্লাহে সিহঁতক ক্ষমা কৰিছে। নিশ্চয় আল্লাহ ক্ষমাপৰায়ণ আৰু পৰম সহনশীল।

    [156] হে মুমিনসকল! তোমালোকে সিহঁতৰ দৰে নহবা যিসকলে কুফৰী কৰে আৰু সিহঁতৰ ভাতৃসকলে যেতিয়া দেশ-বিদেশলৈ ভ্ৰমণ কৰে বা যুদ্ধত লিপ্ত হয় তেতিয়া সিহঁতৰ বিষয়ে কয়, ‘সিহঁত যদি আমাৰ লগত থাকিলেহেঁতেন তেন্তে সিহঁত নমৰিলেহেঁতেন আৰু নিহত নহলেহেঁতেন’। ফলত আল্লাহে এই বিষয়টোক সিহঁতৰ মনত দুখ আৰু চিন্তা সৃষ্টিৰ কাৰণত পৰিণত কৰিলে; দৰাচলতে আল্লাহেই জীৱন দান কৰে আৰু মৃত্যু ঘটায়, আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।

    [157] তোমালোকে আল্লাহৰ পথত নিহত হ’লে অথবা তোমালোকৰ মৃত্যু হ’লে, আল্লাহৰ ক্ষমা আৰু দয়া সিহঁতে সঞ্চয় কৰা সম্পদতকৈয়ো উত্তম।

    [158] আৰু যদি তোমালোকে মৃত্যুবৰণ কৰা অথবা তোমালোকক হত্যা কৰা হয় তেন্তে তোমালোকক আল্লাহৰ ওচৰতেই সমবেত কৰা হ’ব।

    [159] এতেকে আল্লাহৰ কৃপাত তুমি সিহঁতৰ প্ৰতি কোমল-হৃদয় হৈছিলা; যদি তুমি ৰূঢ় আৰু কঠোৰচিত্ত হ’লাহেঁতেন তেন্তে সিহঁত নিশ্চয় তোমাৰ সঙ্গ ত্যাগ কৰিলেহেঁতেন। এতেকে তুমি সিহঁতক ক্ষমা কৰি দিয়া আৰু সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা আৰু কাম-কাজৰ বাবে সিহঁতৰ লগত পৰামৰ্শ কৰা, তাৰ পিছত তুমি কোনো সংকল্প কৰিলে আল্লাহৰ ওপৰত নিৰ্ভৰ কৰা; নিশ্চয় আল্লাহ (তেওঁৰ ওপৰত) নিৰ্ভৰকাৰীসকলক ভালপায়।

    [160] আল্লাহে তোমালোকক সহায় কৰিলে তোমালোকৰ ওপৰত জয়ী হ’বলৈ কোনো নাই; আৰু তেওঁ তোমালোকক সহায় নকৰিলে, তেওঁৰ বাহিৰে কোন আছে, যিয়ে তোমালোকক সহায় কৰিব? এতেকে মুমিনসকলে আল্লাহৰ ওপৰত নিৰ্ভৰ কৰা উচিত।

    [161] আৰু কোনো নবীৰ বাবে উচিত নহয় যে, তেওঁ ‘গলুল’ (অন্যায়ভাৱে কোনো বস্তু গোপন) কৰিব, এইটো অসম্ভৱ। যিয়ে অন্যায়ভাৱে কিবা গোপন কৰিব, সি অন্যায়ভাৱে গোপন কৰা বস্তু কিয়ামতৰ দিনা লগত লৈ আহিব। তাৰ পিছত প্ৰত্যেককে সি যি উপাৰ্জন কৰিছে সেয়া পূৰ্ণ মাত্ৰাত প্ৰদান কৰা হ’ব। সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।

    [162] যিয়ে আল্লাহৰ সন্তুষ্টিৰ অনুসৰণ কৰিছে, সি সেই ব্যক্তিৰ দৰে নেকি যিয়ে আল্লাহৰ ক্ৰোধৰ পাত্ৰ হৈছে আৰু জাহান্নামেই যাৰ আবাস? আৰু সেইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল

    [163] আল্লাহৰ ওচৰত সিহঁত বিভিন্ন স্তৰৰ; সিহঁতে যি কৰে সেই বিষয়ে আল্লাহ সম্যক দ্ৰষ্টা।

    [164] আল্লাহে মুমিনসকলৰ প্ৰতি অৱশ্যে অনুগ্ৰহ কৰিছে যে, তেওঁ সিহঁতৰ মাজৰ পৰাই সিহঁতৰ ওচৰত এজন ৰাছুল পঠিয়াইছে, যিজনে তেওঁৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱাত কৰে, সিহঁতক পৰিশুদ্ধ কৰে লগতে কিতাব আৰু হিকমতৰ শিক্ষা দিয়ে, যদিও সিহঁত আগতে স্পষ্ট বিভ্ৰান্তিত আছিল।

    [165] কি হ’ল তোমালোকৰ! যেতিয়া তোমালোকৰ ওপৰত বিপদ আহিলে (উহুদৰ যুদ্ধত) তেতিয়া তোমালোকে ক’ব ধৰিলা, ‘এইটো কৰ পৰা আহিল’? অথচ তোমালোকে দ্বিগুণ বিপদ ঘটিয়াইছিলা (বদৰৰ যুদ্ধত)। কোৱা, ‘এইটো তোমালোকৰ নিজৰ (দোষৰ) কাৰণেই আহিছে’; নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত পূৰ্ণ ক্ষমতাবান।

    [166] আৰু যিদিনা দুই দলে পৰস্পৰ সন্মুখীন হৈছিল, সেইদিনা তোমালোকৰ ওপৰত যি বিপৰ্যয় ঘটিছিল সেয়া আল্লাহৰ অনুমতিক্ৰমেই হৈছিল; আৰু যাতে তেওঁ প্ৰকাশ কৰে, কোন তোমালোকৰ মাজত প্ৰকৃত মুমিন।

    [167] আৰু মুনাফিকসকলক প্ৰকাশ কৰাৰ বাবে; আৰু সিহঁতক কোৱা হৈছিল, ‘আহা, তোমালোকে আল্লাহৰ পথত যুদ্ধ কৰা অথবা প্ৰতিৰোধ কৰা’। সিহঁতে কৈছিল, ‘যদি যুদ্ধ হ’ব বুলি জানিলোহেঁতেন তেন্তে আমি তোমালোকৰ অনুসৰণ কৰিলোহেঁতেন’। সেইদিনা সিহঁত ঈমানতকৈ কুফৰীৰ বেছি ওচৰত আছিল। সিহঁতে মুখেৰে যিবোৰ কয় আচলতে সেয়া সিহঁতৰ অন্তৰত নাই আৰু সিহঁতে যিবোৰ গোপন কৰি ৰাখে সেয়া আল্লাহ অধিক অৱগত।

    [168] যিসকলে ঘৰতে বহি ৰ’ল সিহঁতে নিজ ভাতৃসকলৰ বিষয়ে ক’লে যে, ‘যদি সিহঁতে আমাৰ অনুসৰণ কৰিলেহেঁতেন তেন্তে নিশ্চয় সিহঁত নিহত নহ’লেহেঁতেন’। সিহঁতক কোৱা, ‘যদি তোমালোকে সত্যবাদী তেন্তে নিজকে মৃত্যুৰ পৰা ৰক্ষা কৰাচোন’।

    [169] আৰু যিসকলে আল্লাহৰ পথত নিহত হৈছে সিহঁতক কেতিয়াও মৃত বুলি ধাৰণা নকৰিবা; বৰং সিহঁত জীৱিত আৰু সিহঁতৰ প্ৰতিপালকৰ পৰা সিহঁতে জীৱিকাপ্ৰাপ্ত।

    [170] আল্লাহে নিজ অনুগ্ৰহত তেওঁলোকক যি দান কৰিছে তাতে তেওঁলোক আনন্দিত আৰু তেওঁলোকৰ পিছত যিসকলে এতিয়াও তেওঁলোকৰ লগত মিলিত হোৱা নাই তেওঁলোকৰ বাবেও আনন্দ প্ৰকাশ কৰে যে, তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।

    [171] তেওঁলোকে আনন্দ প্ৰকাশ কৰে আল্লাহৰ নিয়ামত আৰু অনুগ্ৰহৰ বাবে আৰু এই বাবে যে, নিশ্চয় আল্লাহে মুমিনসকলৰ শ্ৰমফল বিনষ্ট নকৰে।

    [172] যিসকলে আহত হোৱাৰ পিছতো আল্লাহ আৰু ৰাছুলৰ আহ্বানত সঁহাৰি দিছিল। তেওঁলোকৰ মাজত যিসকলে সৎকাম কৰিছে আৰু তাক্বৱা অৱলম্বন কৰিছে তেওঁলোকৰ বাবে মহাপুৰষ্কাৰ আছে।

    [173] এওঁলোকক মানুহে কৈছিল, ‘তোমালোকৰ বিৰুদ্ধে সৈন্যবাহিনী সমবেত হৈছে, গতিকে তোমালোকে সিহঁতক ভয় কৰা’, কিন্তু এই কথাই তেওঁলোকৰ ঈমান আৰু বৃদ্ধিহে কৰিলে আৰু তেওঁলোকে ক’লে, ‘আল্লাহেই আমাৰ বাবে যথেষ্ট আৰু তেওঁ যে কিমান উত্তম কৰ্মবিধায়ক’

    [174] তাৰ পিছত তেওঁলোক আল্লাহৰ নিয়ামত আৰু অনুগ্ৰহসহ উভতি আহিছিল, কোনো অনিষ্টই তেওঁলোকক স্পৰ্শ কৰা নাছিল আৰু তেওঁলোকে আল্লাহৰ সন্তুষ্টিৰ অনুসৰণ কৰিছিল; আৰু আল্লাহ মহা অনুগ্ৰহশীল।

    [175] সি এজন চয়তান। সি তোমালোকক তাৰ বন্ধুসকলৰ ভয় দেখুৱায়; এতেকে যদি তোমালোকে মুমিন তেন্তে সিহঁতক কেতিয়াও ভয় নকৰিবা, কেৱল মোকেই ভয় কৰা।

    [176] যিসকলে কুফৰীত দ্ৰুতগামী, সিহঁতৰ আচৰণে যেন তোমাক দুশ্চিন্তাগ্ৰস্ত নকৰে। সিহঁতে কেতিয়াও আল্লাহৰ ক্ষতি কৰিব নোৱাৰিব। আল্লাহে আখিৰাতত সিহঁতক কোনো অংশ দিব নিবিচাৰে; আৰু সিহঁতৰ বাবে আছে মহা শাস্তি।

    [177] নিশ্চয় যিসকলে ঈমানৰ বিনিময়ত কুফৰী কিনি লৈছে সিহঁতে কেতিয়াও আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰিব আৰু সিহঁতৰ বাবে যন্ত্ৰণাদায়ক শাস্তি আছে।

    [178] কাফিৰসকলে যেন কদাপিও এইটো ধাৰণা নকৰে যে, আমি সিহঁতক যিটো অৱকাশ দিওঁ সেয়া সিহঁতৰ মঙ্গলৰ বাবে; বৰং আমি অৱকাশ দিওঁ যাতে সিহঁতৰ পাপ বৃদ্ধি হয়। কাৰণ সিহঁতৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি।

    [179] পৱিত্ৰক আপৱিত্ৰৰ পৰা পৃথক নকৰা লৈকে তোমালোকে যি অৱস্থাত আছা আল্লাহে মুমিনসকলক সেই অৱস্থাত এৰি নিদিয়ে। এইদৰে গায়েব (অদৃশ্য) সম্পৰ্কে তোমালোকক অৱহিত কৰা আল্লাহৰ নিয়ম নহয়; কিন্তু আল্লাহে তেওঁৰ ৰাছুলসকলৰ মাজৰ পৰা যাক ইচ্ছা মনোনীত কৰে। গতিকে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত ঈমান আনা। যদি তোমালোকে ঈমান আনা আৰু তাক্বৱা অৱলম্বন কৰা তেন্তে তোমালোকৰ বাবে আছে মহা পুৰষ্কাৰ।

    [180] আৰু আল্লাহে নিজ অনুগ্ৰহৰ পৰা সিহঁতক যি দান কৰিছে সেয়া লৈ যিসকলে কৃপণতা কৰে সিহঁতে যেন এই ধাৰণা নকৰে যে, সিহঁতৰ বাবে এয়া কল্যাণকৰ। বৰং এয়া সিহঁতৰ বাবে অমঙ্গল। যিটোলৈ সিহঁতে কৃপণতা কৰিছে কিয়ামতৰ দিনা সেইটোৱে সিহঁতৰ গলাৱদ্ধ কৰি দিয়া হ’ব। আকাশমণ্ডল আৰু পৃথিৱীৰ সত্ত্বাধিকাৰ একমাত্ৰ আল্লাহৰেই। তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।

    [181] নিশ্চয় আল্লাহে সিহঁতৰ কথা শুনিছে যিসকলে কয়, ‘নিশ্চয় আল্লাহ অভাৱগ্ৰস্ত আৰু আমি অভাৱমুক্ত’। অৱশ্যই আমি লিখি ৰাখিম সিহঁতৰ এই কথা আৰু নবীসকলক অন্যায়ভাৱে হত্যাৰ বিষয়টোও; আৰু আমি ক’ম, ‘তোমালোকে দহন যন্ত্ৰণাৰ সোৱাদ লোৱা’।

    [182] এয়া হৈছে তোমালোকৰ কৃতকৰ্মৰ ফল আৰু এইটো এই বাবে যে, নিশ্চয় আল্লাহ বান্দাহসকলৰ প্ৰতি অন্যায়কাৰী নহয়।

    [183] যিসকলে কয়, ‘নিশ্চয় আল্লাহে আমাক অঙ্গীকাৰ দিছিল যে, আমি যাতে কোনো ৰাছুলৰ প্ৰতি ঈমান পোষণ নকৰো, যেতিয়া লৈকে তেওঁ আমাৰ ওচৰত এনেকুৱা কোৰবানী উপস্থিত নকৰিব যিটোক অগ্নি শিখাই খাই পেলাব’। সিহঁতক কোৱা, ‘মোৰ আগত বহুতো ৰাছুল স্পষ্ট নিদৰ্শনসহ আৰু তোমালোকে যি কৈ আছা সেইটোসহ তোমালোকৰ ওচৰত আহিছিল, যদি তোমালোকে সত্যবাদী তেন্তে কিয় তেওঁলোকক হত্যা কৰিছিলা’।

    [184] এতেকে যদি সিহঁতে তোমাৰ প্ৰতি মিথ্যাৰোপ কৰে, তেন্তে (জানি থোৱা) তোমাৰ আগত যিবোৰ ৰাছুল স্পষ্ট নিদৰ্শন, আচমানী ছহীফা আৰু দিপ্তিমান কিতাবসহ আহিছিল তেওঁলোকৰ প্ৰতিও মিথ্যাৰোপ কৰা হৈছিল।

    [185] প্ৰতিটো প্ৰাণীয়েই মৃত্যুৰ সোৱাদ গ্ৰহণ কৰিব; আৰু কিয়ামতৰ দিনা তোমালোকৰ কৰ্মফল পৰিপূৰ্ণভাৱে প্ৰদান কৰা হ’ব। এতেকে যাক জুইৰ পৰা আঁতৰত ৰখা হ’ব আৰু জান্নাতত প্ৰৱেশ কৰোৱা হ’ব তেৱেঁই সফল। পাৰ্থিৱ জীৱনটো ছলনাময় ভোগৰ বাহিৰে আন একো নহয়।

    [186] তোমালোকক অৱশ্যে তোমালোকৰ ধন-সম্পদ আৰু নিজ জীৱন সম্পৰ্কে পৰীক্ষা কৰা হ’ব। তোমালোকৰ পূৰ্বে যিসকলক কিতাব প্ৰদান কৰা হৈছিল সিহঁতৰ পৰা আৰু মুশ্বৰিকসকলৰ পৰা তোমালোকে বহুতো কষ্টদায়ক কথা শুনিবলৈ পাবা। যদি তোমালোকে ধৈৰ্য ধাৰণ কৰা আৰু তাক্বৱা অৱলম্বন কৰা তেন্তে নিশ্চয় সেয়া হ’ব দৃঢ় সংকল্পৰ কাম।

    [187] স্মৰণ কৰা, যেতিয়া আল্লাহে কিতাবীসকলৰ পৰা প্ৰতিশ্ৰুতি লৈছিল যে, ‘অৱশ্যে তোমালোকে ইয়াক মানুহৰ ওচৰত স্পষ্টভাৱে প্ৰকাশ কৰিবা আৰু ইয়াক গোপন নকৰিবা’। ইয়াৰ পিছতো সিহঁতে ইয়াক (অগ্ৰাহ্য কৰি) সিহঁতৰ পিছফালে পেলাই দিয়ে আৰু তুচ্ছ মুল্যত বিক্ৰি কৰে, গতিকে সিহঁতে যিটো ক্ৰয় কৰে সেয়া কিমান যে নিকৃষ্ট

    [188] যিসকলে নিজ কৃতকৰ্মৰ প্ৰতি আনন্দ প্ৰকাশ কৰে আৰু নিজে যিটো কৰা নাই এনেকুৱা কামৰ বাবে প্ৰশংসিত হ’বলৈ ভাল পায়, তুমি কেতিয়াও ধাৰণা নকৰিবা যে, সিহঁতে শাস্তিৰ পৰা মুক্তি পাব; সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।

    [189] আকাশ আৰু পৃথিৱীৰ সাৰ্বভৌম ৰাজত্ব একমাত্ৰ আল্লাহৰেই; আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

    [190] নিশ্চয় আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিত লগতে ৰাতি আৰু দিনৰ বিবৰ্তনৰ মাজত বিবেক সম্পন্ন লোকসকলৰ বাবে বহুতো নিদৰ্শনাৱলী আছে।

    [191] যিসকলে থিয় হৈ, বহি আৰু শুই আল্লাহক স্মৰণ কৰে আৰু আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি সম্পৰ্কে চিন্তা কৰে, আৰু কয়, ‘হে আমাৰ ৰব! তুমি এইবোৰ অনৰ্থক সৃষ্টি কৰা নাই, তুমি অত্যন্ত পৱিত্ৰ, এতেকে তুমি আমাক জুইৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।

    [192] হে আমাৰ ৰব! ‘নিশ্চয় তুমি যাক জুইত নিক্ষেপ কৰিবা, অৱশ্যে তুমি তাক অপমান কৰিবা; আৰু যালিমসকলৰ বাবে কোনো সহায়কাৰী নাই’।

    [193] হে আমাৰ ৰব! ‘আমি এজন আহ্বায়কক ঈমানৰ পিনে আহ্বান কৰিবলৈ শুনিছো যে, ‘তোমালোকে তোমালোকৰ প্ৰতিপালকৰ পিনে ঈমান আনা’। সেয়ে আমি ঈমান আনিছো। হে আমাৰ ৰব! ‘তুমি আমাৰ পাপসমূহ ক্ষমা কৰি দিয়া, আৰু আমাৰ ত্ৰুটি-বিচ্যুতিসমূহ দূৰ কৰা আৰু আমাক সৎকৰ্মপৰায়ণ লোকসকলৰ সহগামী কৰি মৃত্যু প্ৰদান কৰা’।

    [194] হে আমাৰ ৰব! ‘তোমাৰ ৰাছুলসকলৰ মাধ্যমত আমাক যিটো দিবলৈ প্ৰতিশ্ৰুতি দিছা সেয়া আমাক দান কৰা আৰু কিয়ামতৰ দিনা আমাক অপমান নকৰিবা। নিশ্চয় তুমি প্ৰতিশ্ৰুতিৰ ব্যতিক্ৰম নকৰা’।

    [195] তাৰ পিছত সিহঁতৰ প্ৰতিপালকে সিহঁতৰ আহ্বানত সঁহাৰি দি ক’লে, ‘নিশ্চয় মই তোমালোকৰ মাজৰ আমলকাৰী কোনো নৰ বা নাৰীৰ আমল বিনষ্ট নকৰো তোমালোকে ইজনে সিজনৰ অংশ। এতেকে যিসকলে হিজৰত কৰিছে, নিজ ঘৰৰ পৰা উৎখাত হৈছে, আৰু মোৰ পথত নিৰ্যাতিত হৈছে আৰু যুদ্ধ কৰিছে লগতে নিহতও হৈছে, নিশ্চয় মই সিহঁতৰ পাপ মোচন কৰিম আৰু অৱশ্যে সিহঁতক জান্নাতত প্ৰৱেশ কৰাম, যাৰ তলত নদীসমূহ প্ৰবাহিত। এইটো আল্লাহৰ তৰফৰ পৰা পুৰষ্কাৰ; আৰু উত্তম পুৰষ্কাৰ আল্লাহৰ ওচৰতেই আছে’।

    [196] যিসকলে কুফৰী কৰিছে, দেশ-বিদেশলৈ সিহঁতৰ অবাধ বিচৰণে যেন তোমাক বিচলিত নকৰে।

    [197] এইবোৰ সামান্য ভোগ-বিলাস মাত্ৰ। ইয়াৰ পিছত জাহান্নামেই হৈছে সিহঁতৰ আবাস; আৰু সেইটো কিমান যে নিকৃষ্ট বিশ্ৰামস্থল

    [198] কিন্তু যিসকলে নিজ প্ৰতিপালকক ভয় কৰে তেওঁলোকৰ বাবে আছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক স্থায়ী হ’ব। এয়া হৈছে আল্লাহৰ তৰফৰ পৰা আতিথ্য; আৰু আল্লাহৰ ওচৰত যি আছে সেয়া সৎকৰ্মপৰায়ণসকলৰ বাবে অতি উত্তম।

    [199] আৰু নিশ্চয় কিতাবীসকলৰ মাজত এনেকুৱা লোকো আছে যিসকলে আল্লাহৰ বিনয়াবনত হৈ তেওঁৰ প্ৰতি ঈমান পোষণ কৰে আৰু তেওঁ যি তোমালোকৰ আৰু তেওঁলোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে তাৰ প্ৰতিও ঈমান আনে। তেওঁলোকে আল্লাহৰ আয়াতসমূহক তুচ্ছ মূল্যত বিক্ৰী নকৰে। এওঁলোকৰ বাবেই আছে আল্লাহৰ ওচৰত পুৰষ্কাৰ। নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।

    [200] হে মুমিনসকল! তোমালোকে ধৈৰ্য ধাৰণ কৰা, আৰু ধৈৰ্যত প্ৰতিযোগিতা কৰা আৰু সদায় যুদ্ধৰ বাবে প্ৰস্তুত থাকা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা যাতে তোমালোকে সফল হ’ব পাৰা।

    Surah 4
    আন-নিসা

    [1] হে মানৱ! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা যিজনে তোমালোকক এটা প্ৰাণৰ পৰা সৃষ্টি কৰিছে আৰু তাৰ পৰা তেওঁৰ স্ত্ৰী সৃষ্টি কৰিছে আৰু তেওঁলোক দুজনৰ পৰা বহুতো নৰ-নাৰী বিস্তাৰ কৰিছে; আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা যাৰ নামৰ দোহাই দি তোমালোকে পৰস্পৰে অধিকাৰ সাব্যস্ত কৰা, আৰু তাক্বৱা অৱলম্বন কৰা তেজ-সম্পৰ্কীয় আত্মীয়তাৰ বিষয়েও। নিশ্চয় আল্লাহ তোমালোকৰ ওপৰত পৰ্যবেক্ষক।

    [2] আৰু ইয়াতীমসকলক তোমালোকে সিহঁতৰ ধন-সম্পদ সমৰ্পণ কৰা; আৰু তোমালোকে অপৱিত্ৰ বস্তুক পৱিত্ৰ বস্তুৰ দ্বাৰা সলনি নকৰিবা লগতে তোমালোকে নিজ সম্পদৰ লগত সিহঁতৰ সম্পদ মিলাই গ্ৰাস নকৰিবা। নিশ্চয় এইটো মহাপাপ।

    [3] আৰু যদি তোমালোকে অশংকা কৰা যে, ইয়াতীম ছোৱালীসকলৰ লগত তোমালোকে সুবিচাৰ কৰিব নোৱাৰিবা, তেন্তে তোমালোকৰ ৰুচি অনুযায়ী নাৰীসকলৰ মাজৰ পৰা দুজনী, তিনিজনী অথবা চাৰিজনীক বিবাহ কৰা; আৰু যদি আশংকা কৰা যে, (সিহঁতৰ মাজত) সুবিচাৰ কৰিব নোৱাৰিবা তেনেহ’লে এজনীকেই (বিবাহ কৰা) অথবা তোমালোকৰ অধিকাৰভুক্ত দাসীকেই গ্ৰহণ কৰা। অবিচাৰ কৰাৰ পৰা বচাৰ এইটোৱেই সম্ভৱপৰ উপায়।

    [4] আৰু তোমালোকে নাৰীসকলক মনৰ সন্তুষ্টচিত্তে সিহঁতৰ মোহৰ প্ৰদান কৰা; তাৰ পিছত সিহঁতে যদি সন্তুষ্টচিত্তে মোহৰৰ কিছু অংশ ৰেহাই দিয়ে তেন্তে তোমালোকে সেয়া আনন্দৰে তৃপ্তিসহকাৰে ভোগ কৰা।

    [5] আৰু তোমালোকে নিৰ্বোধসকলৰ হাতত তোমালোকৰ ধন-সম্পদ অৰ্পণ নকৰিবা; যাৰ দ্বাৰা আল্লাহে তোমালোকৰ জীৱিকাৰ উপকৰণ কৰিছে। অৱশ্যে তাৰ পৰাই সিহঁতৰ খোৱা-বোৱা পিন্ধাৰ ব্যৱস্থা কৰা আৰু তোমালোকে সিহঁতৰ লগত সদালাপ কৰিবা।

    [6] আৰু তোমালোকে ইয়াতীমসকলক সিহঁতৰ বিবাহৰ বয়সত উপনীত নোহোৱা লৈকে পৰীক্ষা কৰিবা; তাৰ পিছত সিহঁতৰ মাজত ভাল বেয়া বিচাৰৰ জ্ঞান দেখিবলৈ পালে সিহঁতৰ সম্পদ সিহঁতক উভতাই দিবা। আৰু সিহঁত ডাঙৰ হৈ যাব বুলি তোমালোকে লৰা-লৰিকৈ অপচয় কৰি খাই শেষ নকৰিবা। যিয়ে অভাৱমুক্ত সি যেন নিবৃত্ত থাকে আৰু যিয়ে বিত্তহীন সি যেন সংযত পৰিমাণে ভোগ কৰে। তাৰ পিছত যেতিয়া তোমালোকে সিহঁতৰ সম্পদ উভতাই দিবা তেতিয়া সাক্ষী ৰাখিবা; আৰু হিচাব গ্ৰহণত আল্লাহেই যথেষ্ট।

    [7] পিতৃ-মাতৃ আত্মীয়-স্বজনৰ পৰিত্যক্ত সম্পত্তিত পুৰুষৰ অংশ আছে আৰু পিতৃ-মাতৃ লগতে আত্মীয়-স্বজনৰ পৰিত্যক্ত সম্পত্তিত নাৰীৰো অংশ আছে, সেয়া অলপেই হওঁক বা বেছিয়েই হওঁক, এইটো নিৰ্ধাৰিত অংশ।

    [8] আৰু সম্পত্তি বন্টন কৰা অৱস্থাত আত্মীয়, ইয়াতীম আৰু অভাৱগ্ৰস্ত লোক উপস্থিত থাকিলে সিহঁতক তাৰ পৰা অলপ হ'লেও প্ৰদান কৰিবা আৰু সিহঁতৰ লগত সদালাপ কৰিবা।

    [9] আৰু সিহঁতৰ ভয় কৰা উচিত যে, যদি সিহঁতে নিজৰ পিছত নিঃসহায় সন্তান এৰি থৈ যায় তেন্তে সিহঁতেও সিহঁতৰ বিষয়ে উদ্বিগ্ন হ’লেহেঁতেন। এতেকে সিহঁতে যেন আল্লাহৰ তাক্বৱা অৱলম্বন কৰে আৰু সঙ্গত কথা কয়।

    [10] নিশ্চয় যিসকলে ইয়াতীমসকলৰ সম্পদ অন্যায়ভাৱে গ্ৰাস কৰে, দৰাচলতে সিহঁতে নিজৰ পেটত অগ্নি ভৰাই লয় অনতিপলমে সিহঁত প্ৰজ্জ্বলিত জুইত প্ৰৱেশ কৰিব।

    [11] আল্লাহে তোমালোকক তোমালোকৰ সন্তান সম্পৰ্কে এই নিৰ্দেশ দিছে যে, এজন পুত্ৰৰ অংশ দুজনী কন্যাৰ অংশৰ সমান; কিন্তু যদি কেৱল দুজনীতকৈ বেছি কন্যা থাকে তেন্তে তেওঁলোকৰ বাবে পৰিত্যক্ত সম্পত্তিৰ তিনি ভাগৰ দুভাগ, আৰু কেৱল এজনী কন্যা থাকিলে তেন্তে তাইৰ বাবে অৰ্ধাংশ। সন্তান থাকিলে (মৃত ব্যক্তিৰ) পিতৃ-মাতৃ উভয়ৰে পৰিত্যক্ত সম্পত্তিৰ ছয় ভাগৰ এভাগ; সি (মৃত ব্যক্তি) নিঃসন্তান হ’লে আৰু পিতৃ-মাতৃ উত্তৰাধিকাৰী হ’লে তাৰ মাকৰ বাবে তিনি ভাগৰ এভাগ; আৰু যদি তাৰ ভাই-ভনী থাকে তেনেহ’লে মাকৰ বাবে ছয় ভাগৰ এভাগ; এইবোৰ বন্টন হ’ব তাৰ অছিয়ত আৰু ঋণ পৰিশোধ কৰাৰ পিছত। তোমালোকৰ পিতা আৰু সন্তানসকলৰ মাজত কোন বেছি উপকাৰী সেয়া তোমালোকে নাজানা। এই বিধান আল্লাহৰ; নিশ্চয় আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

    [12] তোমালোকৰ স্ত্ৰীসকলৰ পৰিত্যক্ত সম্পত্তিৰ অৰ্ধাংশ তোমালোকৰ বাবে, যদি সিহঁতৰ কোনো সন্তান নাথাকে আৰু সিহঁতৰ সন্তান থাকিলে তোমালোকৰ বাবে সিহঁতৰ পৰিত্যক্ত সম্পত্তিৰ চাৰি ভাগৰ এভাগ; অছিয়ত পালন আৰু ঋণ পৰিশোধ কৰাৰ পিছত। তোমালোকৰ সন্তান নাথাকিলে সিহঁতৰ বাবে তোমালোকৰ পৰিত্যক্ত সম্পত্তিৰ চাৰি ভাগৰ এভাগ, আৰু তোমালোকৰ সন্তান থাকিলে সিহঁতৰ বাবে তোমালোকৰ পৰিত্যক্ত সম্পত্তিৰ আঠ ভাগৰ এভাগ; তোমালোকে যি অছিয়ত কৰিবা সেয়া প্ৰদান কৰাৰ পিছত আৰু ঋণ পৰিশোধ কৰাৰ পিছত। আৰু যদি কোনো পুৰুষ অথবা নাৰীৰ ‘কালালাহ’ বা পিতৃ-মাতৃ আৰু সন্তানহীন উত্তৰাধিকাৰী হয়, আৰু কেৱল তাৰ এজন ককায়েক-ভায়েক অথবা এজনী বায়েক-ভনীয়েক থাকে তেন্তে প্ৰত্যেকৰে বাবে ছয় ভাগৰ এভাগ। সিহঁত ইয়াৰ অধিক হ’লে সকলোৱে তিনি ভাগৰ এভাগত সমান অংশীদাৰ হ’ব; এইবোৰ যিটো অছিয়ত কৰা হয় সেইটো পালন কৰাৰ পিছত আৰু ঋণ পৰিশোধ কৰাৰ পিছত, কাৰো ক্ষতি নকৰাকৈ। এইটো হৈছে আল্লাহৰ নিৰ্দেশ; আৰু আল্লাহ সৰ্বজ্ঞ, সহনশীল।

    [13] এইবোৰ আল্লাহৰ নিৰ্ধাৰিত সীমাৰখা। যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব আল্লাহে তেওঁক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক চিৰস্থায়ী হ’ব; আৰু এইটোৱেই হৈছে মহাসাফল্য।

    [14] যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অবাধ্যতা কৰিব আৰু তেওঁৰ নিৰ্ধাৰিত সীমাৰেখা লংঘন কৰিব আল্লাহে তাক জুইত নিক্ষেপ কৰিব, তাত সি চিৰস্থায়ী হ’ব; আৰু তাৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি।

    [15] আৰু তোমালোকৰ নাৰীসকলৰ মাজত যিয়ে ব্যভিচাৰ কৰে সিহঁতৰ বিৰুদ্ধে তোমালোকৰ মাজৰ পৰা চাৰিজন সাক্ষী তলব কৰা। যদি সিহঁতে সাক্ষী দিয়ে তেন্তে সিহঁতক (নাৰীসকলক) ঘৰত অৱৰুদ্ধ কৰি ৰখা যেতিয়া লৈকে সিহঁতৰ মৃত্যু নহয় অথবা আল্লাহে সিহঁতৰ বাবে আন কোনো ব্যৱস্থা কৰি নিদিয়ে।

    [16] আৰু তোমালোকৰ মাজত যি দুজন (নৰ-নাৰী) এনে অপকৰ্মত লিপ্ত হ’ব সিহঁতক শাস্তি দিয়া। যদি সিহঁতে তাওবা কৰে আৰু নিজকে সংশোধন কৰি লয় তেন্তে সিহঁতক এৰি দিয়া। নিশ্চয় আল্লাহ পৰম তাওবা কবুলকাৰী, পৰম দয়ালু।

    [17] নিশ্চয় আল্লাহে সেইসকল লোকৰ তাওবা কবুল কৰে যিসকলে অজ্ঞতাবশতঃ বেয়া কাম কৰে আৰু ততালিকে তাওবা কৰে, এওঁলোকেই হৈছে সেইসকল লোক যিসকলৰ তাওবা আল্লাহে কবুল কৰে। আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

    [18] তাওবা সিহঁতৰ বাবে নহয় যিহঁতে আজীৱন বেয়া কাম কৰে, অৱশেষত সিহঁতৰ কাৰোবাৰ মৃত্যু উপস্থিত হ’লে সি কয়, ‘মই এতিয়া তাওবা কৰিছো’, আৰু সিহঁতৰ বাবেও নহয়, যিসকলৰ মৃত্যু কাফিৰ অৱস্থাত হয়। ইহঁতেই সেইসকল লোক যিসকলৰ বাবে আমি কষ্টদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছো।

    [19] হে ঈমান্দাৰসকল! বলপূৰ্বকভাৱে নাৰীসকলৰ উত্তৰাধিকাৰ হোৱা তোমালোকৰ বাবে বৈধ নহয়। তোমালোকে সিহঁতক যি প্ৰদান কৰিছা তাৰ পৰা কিছু অংশ আত্মসাৎ কৰাৰ উদ্দশ্যে সিহঁতক অৱৰুদ্ধ কৰি নাৰাখিবা, কিন্তু যদি সিহঁতে স্পষ্ট বেয়া আচৰণ কৰে (তেন্তে সেয়া সুকীয়া কথা)। আৰু তোমালোকে সিহঁতৰ লগত সৎভাৱে জীৱন যাপন কৰিবা; তোমালোকে যদি সিহঁতক অপছন্দ কৰা তেন্তে এনেকুৱাও হ’ব পাৰে যে, যিটোত আল্লাহে বহু কল্যাণ নিহিত কৰি ৰাখিছে আৰু তোমালোকে সেইটোকে অপছন্দ কৰি আছা।

    [20] আৰু তোমালোকে যদি এজনী স্ত্ৰীৰ ঠাইত আন এজনী স্ত্ৰী গ্ৰহণ কৰিবলৈ থিৰ কৰা আৰু সিহঁতৰ এজনীক বহু পৰিমাণে অৰ্থও দিছা, তথাপিও তাইৰ পৰা একোৱেই ওভতাই নলবা। তোমালোকে মিছা অপবাদ আৰু প্ৰকাশ্য পাপাচৰণৰ দ্বাৰা সেয়া গ্ৰহণ কৰিবানে

    [21] আৰু কেনেকৈ তোমালোকে সেয়া গ্ৰহণ কৰিবা? অথচ তোমালোকে ইজনে সিজনৰ লগত সংগত হৈছিলা (সম্ভোগ কৰিছা) আৰু সিহঁতেও তোমালোকৰ পৰা দৃঢ় অঙ্গীকাৰ লৈছিল।

    [22] নাৰীসকলৰ মাজৰ পৰা যিসকলক তোমালোকৰ পিতৃ পুৰুষে বিবাহ কৰিছে, তোমালোকে সিহঁতক বিবাহ নকৰিবা, কিন্তু পূৰ্বে যি সংঘটিত হৈছে (সেয়া ক্ষমা কৰা হ’ল)। নিশ্চয় সেয়া আছিল অশ্লীলতা, মাৰাত্মক ঘৃণিত বিষয় আৰু নিকৃষ্ট পথ।

    [23] তোমালোকৰ ওপৰত হাৰাম কৰা হৈছে, তোমালোকৰ মাতৃসকলক, জীয়েকসকলক, বাই-ভনীসকলক, জেঠাই-পেহীসকলক, জেঠাই-মাহীসকলক, ভতিজা ছোৱালীসকলক, ভাগিনীসকলক (ছোৱালী), ধাই মাতৃসকলক, পিয়াহ সম্বন্ধীয় বাই-ভনীসকলক, শাহুয়েক আৰু তোমালোকৰ স্ত্ৰীসকলৰ মাজত যাৰ লগত সম্ভোগ কৰিছা তাইৰ আগৰ স্বামীৰ দ্বাৰা গৰ্ভজাত ছোৱালীক, যাক তোমালোকে লালন-পালন কৰিছা; কিন্তু যদি সম্ভোগ কৰা নাই তেন্তে তোমালোকৰ বাবে কোনো অপৰাধ নাই। তোমালোকৰ বাবে আৰু নিষিদ্ধ কৰা হৈছে তোমালোকৰ ঔৰষজাত পুত্ৰৰ স্ত্ৰীসকলক আৰু দুজনী ভনীক-বায়েকক একত্ৰিত কৰা, অতীতত যি হ’ল, সেয়া হ’ল। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

    [24] আৰু নাৰীসকলৰ মাজত তোমালোকৰ অধিকাৰভুক্ত দাসীৰ বাহিৰে আনৰ বিবাহ বন্ধনত থকা তিৰোতাসকল তোমালোকৰ বাবে নিষিদ্ধ কৰা হৈছে, তোমালোকৰ বাবে এইবোৰ আল্লাহৰ বিধান। উল্লেখিত নাৰীসকলৰ বাহিৰে অন্য নাৰীসকলক ধন-সম্পদৰ বিনিময়ত বিবাহ কৰা তোমালোকৰ বাবে বৈধ কৰা হৈছে, অবৈধ যৌন সম্পৰ্কৰ বাবে নহয়। সিহঁতৰ মাজত যিসকলৰ লগত তোমালোকে সম্ভোগ কৰিছা সিহঁতক সিহঁতৰ নিৰ্ধাৰিত মোহৰ অৰ্পণ কৰিবা। মোহৰ নিৰ্ধাৰণৰ পিছত তোমালোকে কোনো (কম-বেছি কৰাৰ) বিষয়ত পৰস্পৰ সহমত হ’লে তাত তোমালোকৰ কোনো দোষ নাই। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

    [25] আৰু তোমালোকৰ মাজত যাৰ স্বাধীন ঈমান্দাৰ নাৰী বিবাহ কৰাৰ সামৰ্থ নাই, সি যেন তোমালোকৰ অধিকাৰভুক্ত ঈমান্দাৰ দাসীক বিবাহ কৰে; আল্লাহে তোমালোকৰ ঈমান সম্পৰ্কে পৰিজ্ঞাত। তোমালোক ইজনে সিজনৰ সমান; এতেকে তোমালোকে সিহঁতক সিহঁতৰ মালিকৰ অনুমতিক্ৰমে বিবাহ কৰিবা আৰু সিহঁতক সিহঁতৰ মোহৰ ন্যায়সংগত হিচাপে প্ৰদান কৰিবা। সিহঁত হ’ব সজচৰিত্ৰা, ব্যভিচাৰিণী নহয় আৰু উপপতি (গোপন যৌনসঙ্গী) গ্ৰহণকাৰীণীও নহয়। এতেকে বিবাহিতা হোৱাৰ পিছত যদি সিহঁত ব্যভিচাৰ কৰে তেন্তে সিহঁতৰ শাস্তি হ’ব স্বাধীন নাৰীৰ শাস্তিৰ অৰ্দ্ধেক; তোমালোকৰ মাজত যিসকলে ব্যভিচাৰক ভয় কৰে এইবোৰ বিধান তেওঁলোকৰ বাবেহে; আৰু ধৈৰ্য ধাৰণ কৰা তোমালোকৰ বাবেই মঙ্গল। আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু।

    [26] আল্লাহে তোমালোকৰ ওচৰত বিশদভাৱে বৰ্ণনা কৰিব বিচাৰে, আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ ৰীতিনীতি তোমালোকক অৱহিত কৰিব বিচাৰে লগতে তোমালোকক ক্ষমা কৰিব বিচাৰে। আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

    [27] আৰু আল্লাহে তোমালোকৰ তাওবা কবুল কৰিব বিচাৰে; আৰু যিসকলে কুপ্ৰবৃত্তিৰ অনুসৰণ কৰে সিহঁতে বিচাৰে যে, তোমালোকে প্ৰবলভাৱে (সত্য পথৰ পৰা) বিচ্যুত হোৱা।

    [28] আল্লাহে তোমালোকৰ পৰা (বোজা) লঘু কৰিব বিচাৰে, কাৰণ মানুহক সৃষ্টি কৰা হৈছে অতি দুৰ্বল।

    [29] হে মুমিনসকল! তোমালোকে ইজনে সিজনৰ সম্পত্তি অন্যায়ভাৱে গ্ৰাস নকৰিবা; কিন্তু পাৰস্পৰিক সন্মতিত ব্যৱসায়-বানিজ্যৰ মাধ্যমত হ’লে সেয়া ভিন্ন কথা; আৰু নিজেই নিজকে হত্যা নকৰিবা; নিশ্চয় আল্লাহ তোমালোকৰ প্ৰতি পৰম দয়ালু।

    [30] আৰু যিয়ে সীমালংঘন কৰি অন্যায়ভাৱে এনেকুৱা কৰিব, অনতিপলমে আমি তাক জুইত নিক্ষেপ কৰিম, আৰু এই কাম আল্লাহৰ বাবে অতি সহজ।

    [31] তোমালোকক যি নিষেধ কৰা হৈছে তাৰে মাজৰ পৰা যিবোৰ কবিৰা গুণাহ সেইবোৰৰ পৰা তোমালোকে যদি বিৰত থাকা তেন্তে আমি তোমালোকৰ সৰু-সুৰা পাপসমূহ ক্ষমা কৰি দিম আৰু তোমালোকক সন্মানজনক স্থানত প্ৰৱেশ কৰাম।

    [32] আৰু তোমালোকে আকাংক্ষা নকৰিবা সেইবোৰ বস্তুৰ যাৰ দ্বাৰা আল্লাহে তোমালোকৰ এজনক আনজনৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে। পুৰুষে যি অৰ্জন কৰে সেয়া তাৰ প্ৰাপ্য অংশ আৰু নাৰীয়ে যি অৰ্জন কৰে সেয়া তাইৰ প্ৰাপ্য অংশ; আৰু আল্লাহৰ ওচৰত তেওঁৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰা, নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সৰ্বজ্ঞ।

    [33] পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনৰ পৰিত্যক্ত সম্পত্তিৰ প্ৰত্যেকৰে বাবে আমি উত্তৰাধিকাৰী কৰিছো আৰু যিসকলৰ লগত তোমালোকে অঙ্গীকাৰাৱদ্ধ সিহঁতক সিহঁতৰ অংশ দি দিয়া। নিশ্চয় আল্লাহ সকলো বস্তুৰ সম্যক দ্ৰষ্টা।

    [34] পুৰুষসকল নাৰীসকলৰ তত্ত্বাৱধায়ক, কাৰণ আল্লাহে সিহঁতৰ এজনক আনজনৰ ওপৰত শ্ৰেষ্ঠত্ব দিছে আৰু এই বাবেও যে, পুৰুষসকলে নিজৰ ধন-সম্পদ ব্যয় কৰে। সেয়ে পূণ্যশীলা স্ত্ৰীসকল অনুগতা আৰু লোকচকুৰ অন্তৰালতো সেইবোৰ বিষয় সংৰক্ষণ কৰে যিবোৰ আল্লাহে সংৰক্ষণ কৰিছে; আৰু তোমালোকে স্ত্ৰীসকলৰ মাজত যিসকলৰ অবাধ্যতাৰ আশংকা কৰা সিহঁতক সদুপদেশ দিয়া, আৰু সিহঁতৰ শয্যা বৰ্জন কৰা লগতে সিহঁতক প্ৰহাৰ কৰা। যদি সিহঁতে তোমালোকৰ অনুগত হয় তেন্তে সিহঁতৰ বিৰুদ্ধে কোনো পথ অন্বেষণ নকৰিবা। নিশ্চয় আল্লাহ শ্ৰেষ্ঠ, মহান।

    [35] আৰু যদি তোমালোকে সিহঁত উভয়ৰ মাজত বিৰোধ আশংকা কৰা তেন্তে তোমালোকে স্বামীৰ পৰিয়ালৰ পৰা এজন আৰু স্ত্ৰীৰ পৰিয়ালৰ পৰা এজন বিচাৰক নিযুক্ত কৰা; সিহঁত উভয়ে যদি নিষ্পত্তি বিচাৰে তেন্তে আল্লাহে সিহঁতৰ মাজত মীমাংসাৰ অনুকূল অৱস্থা সৃষ্টি কৰি দিব। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সবিশেষ অৱহিত।

    [36] তোমালোকে আল্লাহৰ ইবাদত কৰা, আৰু তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিবা; লগতে পিতৃ-মাতৃ আৰু আত্মীয়-স্বজন, ইয়াতীম, অভাৱগ্ৰস্ত, নিকট প্ৰতিৱেশী, দূৰ-প্ৰতিৱেশী, সঙ্গী-সাৰথী, মুছাফিৰ আৰু তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীসকলৰ প্ৰতি সদ্ব্যৱহাৰ কৰা। নিশ্চয় আল্লাহে দাম্ভিক, অহংকাৰীক পছন্দ নকৰে।

    [37] যিসকলে কৃপণতা কৰে আৰু মানুহক কৃপণতাৰ নিৰ্দেশ দিয়ে আৰু আল্লাহে নিজ অনুগ্ৰহত সিহঁতক যি প্ৰদান কৰিছে সেয়া গোপন কৰে; আৰু আমি কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছো।

    [38] আৰু যিসকলে মানুহক দেখুৱাবলৈ নিজৰ ধন-সম্পদ ব্যয় কৰে লগতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ নকৰে আৰু চয়তান যাৰ সঙ্গী হয়। এতেকে সেই সঙ্গী কিমান যে নিকৃষ্ট

    [39] সিহঁতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিলে আৰু আল্লাহে সিহঁতক যি প্ৰদান কৰিছে তাৰ পৰা ব্যয় কৰিলে সিহঁতৰ কি ক্ষতি হ’লেহেঁতেন? আৰু আল্লাহে সিহঁতৰ বিষয়ে সম্যক অৱগত।

    [40] নিশ্চয় আল্লাহে অণু পৰিমাণও অন্যায় নকৰে আৰু যদি সেয়া কোনো ধৰণৰ পূণ্য হয়, তেওঁ সেইটোক বহুগুণ বৃদ্ধি কৰি দিয়ে আৰু নিজৰ ফালৰ পৰা মহাপ্ৰতিদান প্ৰদান কৰে।

    [41] এতেকে যেতিয়া আমি প্ৰত্যেক উম্মতৰ পৰা এজন সাক্ষী উপস্থিত কৰিম আৰু তোমাক সিহঁতৰ বিৰুদ্ধে সাক্ষীৰূপে উপস্থিত কৰিম তেতিয়া কি অৱস্থা হ’ব

    [42] যিসকলে কুফৰী কৰিছে আৰু ৰাছুলৰ অবাধ্য হৈছে সিহঁতে সেইদিনা কামনা কৰিব, সিহঁতে যদি মাটিৰ লগত মিহলি সমান হৈ গ’লেহেঁতেন! আৰু সিহঁতে আল্লাহৰ পৰা কোনো কথাই গোপন কৰিব নোৱাৰিব।

    [43] হে মুমিনসকল! তোমালোকে নিচাগ্ৰস্ত অৱস্থাত মুখেৰে যি কোৱা সেয়া নুবুজালৈকে ছালাতৰ নিকটৱৰ্তী নহবা, আৰু জুনুবী (অপৱিত্ৰ) অৱস্থাতো নহয় যেতিয়ালৈকে তোমালোকে গুছল নকৰা, কিন্তু মুছাফিৰ হ’লে সেয়া সুকীয়া কথা; আৰু যদি তোমালোকে অসুস্থ হোৱা অথবা ভ্ৰমণত থকা নাইবা তোমালোকৰ কোনোবাই শৌচস্থানৰ পৰা আহি অথবা তোমালোকে নাৰী সম্ভোগ কৰাৰ পিছত পানী নোপোৱা তেন্তে পৱিত্ৰ মাটিৰ দ্বাৰা তায়াম্মুম কৰা, এতেকে তোমালোকে নিজৰ মুখমণ্ডল আৰু হাত মছেহ কৰা; নিশ্চয় আল্লাহ পাপ মোচনকাৰী, ক্ষমাশীল।

    [44] তুমি সিহঁতক দেখা নাইনে যিসকলক কিতাবৰ এটা অংশ প্ৰদান কৰা হৈছিল? সিহঁতে পথভ্ৰষ্টতা ক্ৰয় কৰে আৰু সিহঁতে বিচাৰে যে, তোমালোকেও পথভ্ৰষ্ট হোৱা।

    [45] আল্লাহে তোমালোকৰ শত্ৰুসকলক ভালদৰে চিনি পায়; আৰু অভিভাৱক হিচাপে আল্লাহেই যথেষ্ট লগতে সহায়কাৰী হিচাপেও আল্লাহেই যথেষ্ট।

    [46] ইয়াহুদীসকলৰ মাজত এনেকুৱা কিছুমান লোক আছে যিসকলে কালামসমূহক তাৰ স্থানৰ পৰা পৰিবৰ্তন কৰি বিকৃত কৰে আৰু কয়, ‘আমি শুনিলো আৰু অমান্য কৰিলো, আৰু শুনা নুশুনাৰ দৰে’; আৰু নিজৰ জিভা ঘূৰাই লগতে দ্বীনৰ প্ৰতি তাচ্ছিল্য কৰি কয়, ‘ৰা-ঈনা’। কিন্তু সিহঁতে যদি ক’লেহেঁতেন, ‘আমি শুনিলো আৰু মানিলো, আৰু শুনা আৰু আমাৰ প্ৰতি লক্ষ্য কৰা’, তেন্তে এয়া সিহঁতৰ বাবে ভাল আৰু সঙ্গত হ’লেহেঁতেন। কিন্তু সিহঁতৰ কুফৰীৰ বাবে আল্লাহে সিহঁতক অভিসম্পাত কৰিছে। ফলত সিহঁতৰ অতি কম সংখ্যক লোকে ঈমান আনে।

    [47] হে কিতাবপ্ৰাপ্তসকল! আমি মুখমণ্ডলসমূহক বিকৃত কৰি পশ্চাদফালে ঘূৰাই দিয়াৰ আগতে অথবা আচহাবুচ ছাবতক যিদৰে অভিসম্পাত কৰিছিলো সেইদৰে অভিসম্পাত কৰাৰ আগতে তোমালোকৰ ওচৰত যি আছে তাৰ সমৰ্থকৰূপে আমি যি অৱতীৰ্ণ কৰিছো তাৰ প্ৰতি তোমালোকে ঈমান আনা; (জানি থোৱা) আৰু আল্লাহৰ আদেশ কাৰ্যকৰী হৈয়ে থাকে।

    [48] নিশ্চয় আল্লাহে তেওঁৰ লগত অংশী স্থাপন কৰাক ক্ষমা নকৰে। ইয়াৰ বাহিৰে অন্যান্য অপৰাধসমূহ যাক ইচ্ছা ক্ষমা কৰে আৰু যিয়ে আল্লাহৰ লগত আনক অংশী কৰে সি নিশ্চয় মহাপাপ ৰচনা কৰে।

    [49] তুমি সিহঁতক দেখা নাইনে, যিসকলে নিজকে পৱিত্ৰ বুলি ধাৰণা কৰে? অথচ আল্লাহে যাক ইচ্ছা পৱিত্ৰ কৰে, আৰু সিহঁতৰ ওপৰত সূতা পৰিমাণেও অন্যায় কৰা নহব।

    [50] চোৱা, সিহঁতে আল্লাহ সম্পৰ্কে কেনেকৈ মিছা উদ্ভাৱন কৰি আছে, আৰু প্ৰকাশ্য পাপ হিচাপে এইটোৱেই যথেষ্ট।

    [51] তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাইনে, যিসকলক কিতাবৰ এটা অংশ প্ৰদান কৰা হৈছিল? সিহঁতে জিব`ত আৰু তাগুতক বিশ্বাস কৰে, সিহঁতে কাফিৰসকলৰ বিষয়ে কয়, ‘এওঁলোকেই মুমিনসকলতকৈ অধিক সঠিক পথপ্ৰাপ্ত’।

    [52] ইহঁতেই সেইসকল লোক যিসকলৰ ওপৰত আল্লাহে অভিসম্পাত কৰিছে আৰু আল্লাহে যাক অভিসম্পাত কৰে তুমি কেতিয়াও তাৰ কোনো সহায়কাৰী নাপাবা।

    [53] ৰাষ্ট্ৰ শক্তিত সিহঁতৰ কোনো অংশ আছে নেকি? এনেকুৱা হ’লে তেতিয়া সিহঁতে খেজুৰৰ গুটিৰ ওপৰত থকা আৱৰণ পৰিমাণেও কোনো বস্তু মানুহক নিদিলে হয়।

    [54] অথবা আল্লাহে নিজ অনুগ্ৰহত মানুহক যি প্ৰদান কৰিছে সেই বাবে সিহঁতে মানুহক ঈৰ্ষা কৰে নেকি? তেনেহ’লে আমিতো ইব্ৰাহীমৰ বংশধৰসকলকো কিতাব আৰু হিকমত প্ৰদান কৰিছিলো আৰু আমি তেওঁলোকক বিশাল ৰাজ্য দান কৰিছিলো।

    [55] তাৰ পিছত সিহঁতৰ কিছুমানে ঈমান আনিছিল আৰু আন কিছুমানে ইয়াৰ পৰা বিমুখ হৈছিল; দগ্ধকাৰী হিচাপে জাহান্নামেই যথেষ্ট।

    [56] নিশ্চয় যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰে আমি সিহঁতক জুইত প্ৰৱেশ কৰাম; যেতিয়াই সিহঁতৰ ছাল জুইত পুৰি পকি যাব তেতিয়াই ইয়াৰ ঠাইত নতুন ছাল সলনি কৰি দিম, যাতে সিহঁতে শাস্তি ভোগ কৰিব পাৰে। নিশ্চয় আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    [57] আৰু যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে, অতি শীঘ্ৰে আমি সিহঁতক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম, যাৰ তলত নিজৰাসমূহ প্ৰবাহিত; তাত সিহঁত চিৰস্থায়ী হ’ব, তাত সিহঁতৰ বাবে পৱিত্ৰ স্ত্ৰী থাকিব আৰু সিহঁতক আমি বিস্তৃত ঘন ছাঁত আশ্ৰয় দান কৰিম।

    [58] নিশ্চয় আল্লাহে তোমালোকক আমানতসমূহ তাৰ গৰাকীলৈ ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে। তোমালোকে যেতিয়া মানুহৰ মাজত বিচাৰকাৰ্য পৰিচালনা কৰিবা তেতিয়া তোমালোকে ন্যায়পৰায়ণতাৰ সৈতে বিচাৰ কৰিবা। আল্লাহে তোমালোকক যি উপদেশ দিয়ে সেয়া কিমান যে উৎকৃষ্ট! নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।

    [59] হে মুমিনসকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা লগতে আনুগত্য কৰা তোমালোকৰ মাজৰ ক্ষমতাশীলসকলৰ, তাৰ পিছত তোমালোকৰ মাজত কোনো বিষয় লৈ মতভেদ ঘটিলে সেয়া উপস্থাপন কৰা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত, যদি তোমালোকে আল্লাহ আৰু আখিৰাতক বিশ্বাস কৰা। এই পন্থাই উত্তম আৰু পৰিণামত প্ৰকৃষ্টতৰ।

    [60] তুমি সিহঁতক দেখা নাইনে? যিসকলে দাবী কৰে যে, তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে আৰু তোমাৰ পূৰ্বে যি অৱতীৰ্ণ হৈছে তাত সিহঁতে ঈমান আনিছে, অথচ সিহঁতে তাগুতৰ ওচৰত বিচাৰপ্ৰাৰ্থী হ’ব বিচাৰে, যদিও সেইটোক প্ৰত্যাখ্যান কৰাৰ বাবে সিহঁতক নিৰ্দেশ দিয়া হৈছিল; আৰু চয়তানে সিহঁতক ভীষণভাৱে পথভ্ৰষ্ট কৰিব বিচাৰে।

    [61] সিহঁতক যেতিয়া কোৱা হয়, আল্লাহে যি অৱতীৰ্ণ কৰিছে তাৰ পিনে আৰু ৰাছুলৰ পিনে আহা, তেতিয়া তুমি মুনাফিকসকলক দেখিবা যে, সিহঁতে তোমাৰ পৰা ফালৰি কাটি আঁতৰি গৈছে।

    [62] এতেকে তেতিয়া সিহঁতৰ কি অৱস্থা হ’ব, যেতিয়া সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতে কোনো মুছিবতত পতিত হ’ব? তাৰ পিছত সিহঁতে আল্লাহৰ শপতলৈ তোমাৰ ওচৰত আহি ক’ব, ‘আমি কল্যাণ আৰু সম্প্ৰীতিৰ বাহিৰে আন একো বিচৰা নাছিলো’।

    [63] এওঁলোকৰ অন্তৰত কি আছে সেয়া আল্লাহে ভাল দৰে জানে। সেয়ে তুমি সিহঁতক বৰ্জন কৰা, সিহঁতক সদুপদেশ দিয়া আৰু সিহঁতৰ লগত সিহঁতৰ নিজৰ বিষয়ে মৰ্মস্পৰ্শকাৰী কথা কোৱা।

    [64] আৰু আমি যিকোনো ৰাছুল প্ৰেৰণ কৰিছো সেয়া কেৱল এই বাবে যে, যাতে আল্লাহৰ অনুমতিক্ৰমে তেওঁলোকৰ আনুগত্য কৰা হয়, যেতিয়া সিহঁতে নিজৰ প্ৰতি অন্যায় কৰে তেতিয়া সিহঁতে তোমাৰ ওচৰত আহিলে আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে আৰু ৰাছুলেও সিহঁতৰ বিষয়ে ক্ষমা বিচাৰিলে সিহঁতে নিশ্চয় আল্লাহক পৰম ক্ষমাশীল আৰু পৰম দয়ালুৰূপে পাব।

    [65] কিন্তু নহয়, তোমাৰ প্ৰতিপালকৰ শপত! সিহঁত মুমিন হ’ব নোৱাৰে যেতিয়া লৈকে সিহঁতে সিহঁতৰ মাজত সৃষ্টি হোৱা বিবাদ-বিসম্বাদৰ বিচাৰ কাৰ্যত তোমাক মীমাংসাকাৰী হিচাপে মানি নলয়; তাৰ পিছত তোমাৰ মীমাংসা সম্পৰ্কে সিহঁতৰ মনত কোনো দ্বিধা থাকিব নালাগে আৰু যেতিয়া লৈকে সেয়া সৰ্বান্তকৰণে মানি নলয়।

    [66] আৰু যদি আমি সিহঁতক আদেশ কৰিলোহেঁতেন যে, তোমালোকে নিজেই নিজকে হত্যা কৰা অথবা নিজ ঘৰৰ পৰা ওলাই যোৱা তেন্তে সিহঁতৰ কিছু সংখ্যকেই এই আদেশ পালন কৰিলেহেঁতেন। যিটো সিহঁতক আদেশ কৰা হৈছিল সেয়া সিহঁতে পালন কৰিলে সিহঁতৰ ভাল হ’লেহেঁতেন আৰু চিত্তস্থিৰতাত সিহঁত দৃঢ়তৰ হ’লেহেঁতেন।

    [67] আৰু অৱশ্যে তেতিয়া আমি সিহঁতক আমাৰ তৰফৰ পৰা মহাপুৰষ্কাৰ প্ৰদান কৰিলোহেঁতেন।

    [68] আৰু অৱশ্যে আমি সিহঁতক সৰল পথত পৰিচালিত কৰিলোহেঁতেন।

    [69] আৰু যিয়ে আল্লাহ আৰু ৰাছুলৰ আনুগত্য কৰিব সি নবী, ছিদ্দীক্ব (সত্যনিষ্ঠ), শ্বহীদ আৰু সৎকৰ্মপৰায়ণ- যিসকলৰ প্ৰতি আল্লাহে অনুগ্ৰহ কৰিছে তেওঁলোকৰ সঙ্গী হ’ব আৰু এওঁলোক কিমান উত্তম সঙ্গী

    [70] এইবোৰ আল্লাহৰ অনুগ্ৰহ। সৰ্বজ্ঞ হিচাপে আল্লাহেই যথেষ্ট।

    [71] হে মুমিনসকল! তোমালোকে নিজৰ সতৰ্কতা অৱলম্বন কৰা, তাৰ পিছত সুবিধানুযায়ী দলে দলে বিভক্ত হৈ অগ্ৰসৰ হোৱা অথবা একগোট হৈ অগ্ৰসৰ হোৱা।

    [72] আৰু তোমালোকৰ মাজত কিছুমান এনেকুৱা লোকো আছে যিয়ে নিশ্চয় পিছহোঁহকা মাৰে। তাৰ পিছত তোমালোকৰ ওপৰত কোনো বিপদ আপতিত হ’লে সি কয়, ‘আল্লাহে মোৰ ওপৰত অনুগ্ৰহ কৰিছে যে, মই সিহঁতৰ লগত উপস্থিত নাছিলো’।

    [73] আৰু আল্লাহৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি কোনো অনুগ্ৰহ আহিলে অৱশ্যে সি এনেকৈ ক’ব যেনিবা তোমালোকৰ আৰু তাৰ মাজত কোনো সম্পৰ্কই নাছিল, ‘হায়, যদি সিহঁতৰ লগত থাকিলোহেঁতেন তেন্তে ময়ো বিৰাট সাফল্য লাভ কৰিলোহেঁতেন’।

    [74] এতেকে যিসকলে আখিৰাতৰ বিনিময়ত পাৰ্থিৱ জীৱন বিক্ৰী কৰে সিহঁতে আল্লাহৰ পথত যুদ্ধ কৰা উচিত। আৰু যিয়ে আল্লাহৰ পথত যুদ্ধ কৰিব সি নিহত হওঁক অথবা বিজয়ী হওঁক আমি তাক মহা পুৰষ্কাৰ প্ৰদান কৰিম।

    [75] তোমালোকৰ কি হ’ল যে, তোমালোকে আল্লাহৰ পথত যুদ্ধ নকৰা, অথচ নিঃসহায় নৰ-নাৰী আৰু শিশুসকলে এই বুলি প্ৰাৰ্থনা কৰি আছে যে, ‘হে আমাৰ ৰব! আমাক এই জনপদৰ পৰা উদ্ধাৰ কৰা ইয়াৰ অধিবাসীসকল যালিম; তোমাৰ ফালৰ পৰা আমাৰ বাবে এজন অভিভাৱক নিৰ্ধাৰণ কৰা আৰু তোমাৰ ফালৰ পৰা আমাৰ বাবে এজন সহায়কাৰী নিৰ্ধাৰণ কৰা।

    [76] যিসকলে ঈমান আনিছে তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰে, আৰু কাফিৰসকলে তাগুতৰ পথত যুদ্ধ কৰে। এতেকে তোমালোকে চয়তানৰ বন্ধুসকলৰ বিৰুদ্ধে যুদ্ধ কৰা; চয়তানৰ চক্ৰান্ত নিশ্চয় দুৰ্বল।

    [77] তুমি সিহঁতক দেখা নাইনে? যিসকলক কোৱা হৈছিল, ‘তোমালোকে নিজৰ হাত সংবৰণ কৰা, ছালাত কায়েম কৰা আৰু যাকাত প্ৰদান কৰা’; তাৰ পিছত যেতিয়া সিহঁতক যুদ্ধৰ বিধান দিয়া হ’ল তেতিয়া সিহঁতৰ এটা দলে মানুহক এনেকৈ ভয় কৰিছিল যেনেকৈ আল্লাহক ভয় কৰা হয় অথবা তাতোকৈ বেছি আৰু কৈছিল, ‘হে আমাৰ ৰব! আমাক যুদ্ধৰ বিধান কিয় প্ৰদান কৰিলা? আমাক কেইটামান দিনৰ অৱকাশ কিয় নিদিলা? কোৱা, ‘পাৰ্থিৱ ভোগ-বিলাস সামান্য আৰু যিয়ে তাক্বৱা অৱলম্বন কৰে তাৰ বাবে আখিৰাতেই উত্তম, আৰু তোমালোকৰ প্ৰতি সামান্য পৰিমাণো অন্যায় কৰা নহ’ব’।

    [78] তোমালোকে য’তেই নাথাকা কিয় মৃত্যুৱে তোমালোকক লগ পাবই, যদিও তোমালোকে সুউচ্চ সুদৃঢ় দুৰ্গত অৱস্থান নকৰা কিয়। যদি সিহঁতৰ কোনো কল্যাণ হয় তেন্তে সিহঁতে কয়, ‘এইটো আল্লাহৰ তৰফৰ পৰা আহিছে’, আৰু যদি সিহঁতৰ কোনো অকল্যাণ হয় তেন্তে সিহঁতে কয়, ‘এইটো তোমাৰ কাৰণে হৈছে’। কোৱা, ‘সকলো আল্লাহৰ তৰফৰ পৰা হয়’। এই সম্প্ৰদায়ৰ কি হ’ল যে, ইহঁতে একেবাৰেই কোনো কথা নুবুজে

    [79] তোমাৰ ওচৰত যি কল্যাণ আহে সেয়া আল্লাহৰ তৰফৰ পৰা আহে, আৰু তোমাৰ যি অকল্যাণ হয় সেয়া তোমাৰ নিজৰ কাৰণে হয় আৰু আমি তোমাক মানুহৰ বাবে ৰাছুলস্বৰূপ প্ৰেৰণ কৰিছো; সাক্ষী হিচাপে আল্লাহেই যথেষ্ট।

    [80] যিয়ে ৰাছুলৰ আনুগত্য কৰিলে নিশ্চয় সি আল্লাহৰেই আনুগত্য কৰিলে, আৰু কোনোবাই বিমুখ হ’লে তেন্তে (জানি থোৱা) আমি তোমাক সিহঁতৰ ওপৰত তত্ত্বাৱধায়কৰূপে প্ৰেৰণ কৰা নাই।

    [81] আৰু সিহঁতে কয়, ‘আনুগত্য কৰো’; তাৰ পিছত যেতিয়া তোমাৰ ওচৰৰ পৰা সিহঁত গুচি যায়, তেতিয়া ৰাতিত সিহঁতৰ এটা দলে যি কয় তাৰ বিপৰীত পৰামৰ্শ কৰে। ৰাতিত সিহঁতে যি পৰামৰ্শ কৰে আল্লাহে সেয়া লিপিবদ্ধ কৰি ৰাখে। সেয়ে তুমি সিহঁতক উপেক্ষা কৰা আৰু আল্লাহৰ প্ৰতি ভৰসা কৰা; আৰু কৰ্মবিধায়ক হিচাপে আল্লাহেই যথেষ্ট।

    [82] সিহঁতে কোৰআনক গভীৰভাৱে অনুধাৱন নকৰে নেকি? যদি এয়া আল্লাহৰ বাহিৰে আন কাৰোবাৰ পৰা অহা হ’লেহেঁতেন, তেন্তে সিহঁতে নিশ্চয় ইয়াৰ মাজত বহুতো অসঙ্গতি পালেহেঁতেন।

    [83] আৰু যেতিয়া সিহঁতৰ ওচৰত শান্তি অথবা শংকাৰ কোনো সংবাদ আহে তেতিয়া সিহঁতে সেইটো প্ৰচাৰ কৰি থাকে। যদি সিহঁতে সেই সংবাদটো ৰাছুল আৰু সিহঁতৰ মাজত যিসকলে নিৰ্দেশ প্ৰদানৰ অধিকাৰী তেওঁলোকক জনালেহেঁতেন তেন্তে সিহঁতৰ মাজত যিসকলে তথ্য অনুসন্ধান কৰে সিহঁতে সেইটোৰ যথাৰ্থতা নিৰ্ণয় কৰিব পাৰিলেহেঁতেন। তোমালোকৰ প্ৰতি যদি আল্লাহৰ অনুগ্ৰহ আৰু ৰহমত নাথাকিলেহেঁতেন তেন্তে তোমালোকৰ মাজৰ কিছুমানৰ বাহিৰে আটায়ে চয়তানৰ অনুসৰণ কৰিলেহেঁতেন।

    [84] এতেকে তুমি আল্লাহৰ পথত যুদ্ধ কৰা, তুমি তোমাৰ নিজৰ বাহিৰে আনৰ বাবে দায়ী নোহোৱা আৰু মুমিনসকলক (যুদ্ধৰ বাবে) উদ্বুদ্ধ কৰা; সম্ভৱতঃ আল্লাহে কাফিৰসকলৰ শক্তি সংযত কৰিব; আৰু আল্লাহৰ শক্তি সৰ্বপেক্ষা প্ৰবল আৰু শাস্তি দানত অতি কঠোৰ।

    [85] যিয়ে ভাল কামৰ বাবে ছুপাৰিছ কৰিব তাৰ বাবে তাত এটা অংশ থাকিব আৰু যিয়ে বেয়া কামৰ বাবে ছুপাৰিছ কৰিব তাৰ বাবেও তাত এটা অংশ থাকিব। আৰু আল্লাহ প্ৰতিটো বস্তুৰ সংৰক্ষণকাৰী।

    [86] আৰু যেতিয়া তোমালোকক ছালাম দিয়া হয় তেতিয়া তোমালোকে তাতোকৈ উত্তম ছালাম দিবা অথবা অনুৰূপ প্ৰত্যুত্তৰ দিবা। নিশ্চয় আল্লাহ সকলো বিষয়ে পূৰ্ণ হিচাপ গ্ৰহণকাৰী।

    [87] আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; নিশ্চয় তেৱেঁই তোমালোকক কিয়ামতৰ দিনা একত্ৰিত কৰিব, ইয়াত কোনো সন্দেহ নাই; আৰু কথাত আল্লাহতকৈ অধিক সত্যবাদী আৰু কোন হব পাৰে

    [88] এতেকে তোমালোকৰ কি হ’ল যে, তোমালোকে মুনাফিকসকলৰ বিষয়ে দুই দলত বিভক্ত হৈ গ’লা? অথচ আল্লাহে সিহঁতে যি অৰ্জন কৰিছে তাৰ বাবে সিহঁতক পূৰ্বাৱস্থালৈ উভতাই দিছে। আল্লাহে যাক পথভ্ৰষ্ট কৰিছে তোমালোকে তাক সৎপথত পৰিচালিত কৰিব বিচৰা নেকি? আৰু আল্লাহে কাৰোবাক পথভ্ৰষ্ট কৰিলে তুমি তাৰ বাবে কেতিয়াও কোনো পথ বিচাৰি নাপাবা।

    [89] সিহঁতে এইটোৱেই কামনা কৰে যে, সিহঁতে যেনেকৈ কুফৰী কৰিছে তোমালোকেও তেনেকৈ কুফৰী কৰা, যাতে তোমালোকে সিহঁতৰ সমান হ’ব পাৰা। সেয়ে আল্লাহৰ পথত হিজৰত নকৰালৈকে সিহঁতৰ কাকো বন্ধুৰূপে গ্ৰহণ নকৰিবা। যদি সিহঁতে মুখ ঘূৰাই লয়, তেন্তে সিহঁতক য’তেই পাবা গ্ৰেফতাৰ কৰিবা আৰু হত্যা কৰিবা আৰু সিহঁতৰ মাজৰ কাকো বন্ধু আৰু সহায়কৰূপে গ্ৰহণ নকৰিবা।

    [90] কিন্তু (সিহঁতক হত্যা নকৰিবা) যিসকলে এনে এটা সম্প্ৰদায়ৰ লগত মিলিত হয় যাৰ মাজত আৰু তোমালোকৰ মাজত সন্ধিচুক্তি আছে অথবা যিসকলে তোমালোকৰ ওচৰত এনেকুৱা অৱস্থাত আগমন কৰে যেতিয়া সিহঁতৰ মন তোমালোকৰ লগত বা সিহঁতৰ সম্প্ৰদায়ৰ লগত যুদ্ধ কৰিবলৈ সংকুচিত হয়। আল্লাহে যদি ইচ্ছা কৰিলেহেঁতেন তেন্তে সিহঁতক তোমালোকৰ ওপৰত ক্ষমতা দিলেহেঁতেন ফলত সিহঁতে তোমালোকৰ লগত যুদ্ধ কৰিলেহেঁতেন। এতেকে সিহঁতে যদি তোমালোকৰ পৰা আঁতৰি যায়, তোমালোকৰ লগত যুদ্ধ নকৰে আৰু তোমালোকৰ ওচৰত শান্তিৰ প্ৰস্তাৱ উপস্থাপন কৰে তেন্তে আল্লাহে তোমালোকৰ বাবে সিহঁতৰ বিৰুদ্ধে কোনো ব্যৱস্থা অৱলম্বনৰ পথ ৰখা নাই।

    [91] তোমালোকে অনতিপলমে আৰু কিছুমান লোক পাবা যিসকলে তোমালোকৰ লগত আৰু সিহঁতৰ সম্প্ৰদায়ৰ লগত শান্তি বিচাৰিব। যেতিয়াই সিহঁতক ফিতনাৰ ফালে মনোনিবেশ কৰোৱা হয় তেতিয়াই এই বিষয়ে সিহঁতে সিহঁতৰ আগৰ অৱস্থালৈ উভতি যায়। যদি সিহঁতে তোমালোকৰ পৰা বিৰত নাথাকে, তোমালোকৰ ওচৰত শান্তি প্ৰস্তাৱ নকৰে আৰু সিহঁতৰ হস্ত সংবৰণ নকৰে তেন্তে সিহঁতক য’তেই পাবা গ্ৰেফতাৰ কৰিবা আৰু হত্যা কৰিবা, আৰু আমি তোমালোকক ইহঁতৰ বিৰুদ্ধাচৰণৰ স্পষ্ট অধিকাৰ দিছো।

    [92] কোনো এজন মুমিনে আন কোনো মুমিনক হত্যা কৰা বৈধ নহয়, কিন্তু ভুলবশতঃ কৰিলে সেয়া সুকীয়া কথা; আৰু যিয়ে কোনো মুমিনক ভুলবশতঃ হত্যা কৰিলে তেন্তে তাৰ বাবে এজন মুমিন দাস মুক্ত কৰা আৰু তাৰ পৰিয়ালবৰ্গক ৰক্তপণ আদায় কৰা কৰ্তব্য, যদি সিহঁতে ক্ষমা নকৰে; আৰু যদি সেইজন তোমালোকৰ শত্ৰু পক্ষৰ লোক হয় তেন্তে এজন মুমিন দাস মুক্ত কৰা কৰ্তব্য; আৰু যদি সেইজন এনে সম্প্ৰদায়ভুক্ত হয় যিসকলৰ লগত তোমালোক অঙ্গীকাৰাৱদ্ধ তেন্তে তাৰ পৰিয়ালবৰ্গক ৰক্তপণ আদায় দিয়াৰ লগতে এজন মুমিন দাস মুক্ত কৰা কৰ্তব্য। যিয়ে সঙ্গতিহীন সি একাদিক্ৰমে দুমাহ ছিয়াম পালন কৰিব। এইটো আল্লাহৰ তৰফৰ পৰা ক্ষমাস্বৰূপ; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

    [93] আৰু যিয়ে ইচ্ছাকৃতভাৱে কোনো মুমিনক হত্যা কৰিব তাৰ শাস্তি হৈছে জাহান্নাম, তাত সি স্থায়ী হ’ব; আৰু আল্লাহে তাৰ প্ৰতি ক্ৰুদ্ধ হ’ব লগতে তাৰ ওপৰত অভিসম্পাত কৰিব আৰু তাৰ বাবে প্ৰস্তুত ৰাখিব মহাশাস্তি।

    [94] হে মুমিনসকল! তোমালোকে যেতিয়া আল্লাহৰ পথত যাত্ৰা কৰিবা তেতিয়া পাৰ্থক্য নিৰ্ণয় কৰিবা আৰু কোনোবাই তোমালোকক ছালাম কৰিলে পাৰ্থিৱ জীৱনৰ সম্পদৰ আশাত তাক এই বুলি নক’বা যে, ‘তুমি মুমিন নহয়’, কাৰণ আল্লাহৰ ওচৰত অনায়াসলভ্য সম্পদ প্ৰচুৰ আছে। তোমালোকেও আগতে এনেকুৱাই আছিলা, তাৰ পিছত আল্লাহে তোমালোকৰ প্ৰতি অনুগ্ৰহ কৰিছে, সেয়ে তোমালোকে পাৰ্থক্য নিৰ্ণয় কৰিবা। নিশ্চয় তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।

    [95] মুমিনসকলৰ মাজত যিসকল অক্ষম নহয় অথচ ঘৰত বহি থাকে আৰু যিসকলে আল্লাহৰ পথত নিজৰ ধন-প্ৰাণৰ দ্বাৰা জিহাদ কৰে তেওঁলোক সমান নহয়। যিসকলে নিজৰ ধন-প্ৰাণৰ দ্বাৰা জিহাদ কৰে আল্লাহে তেওঁলোকক যিসকলে ঘৰত বহি থাকে সিহঁতৰ ওপৰত মৰ্যাদা প্ৰদান কৰিছে, সিহঁত প্ৰত্যেকৰে বাবে আল্লাহে জান্নাতৰ প্ৰতিশ্ৰুতি দিছে। যিসকলে ঘৰত বহি থাকে সিহঁতৰ ওপৰত যিসকলে জিহাদ কৰে তেওঁলোকক আল্লাহে মহাপুৰষ্কাৰৰ ক্ষেত্ৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে।

    [96] এইবোৰ তেওঁৰ তৰফৰ পৰা মৰ্যাদা, ক্ষমা আৰু ৰহমত; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

    [97] নিশ্চয় যিসকলে নিজৰ ওপৰত অন্যায় কৰে সিহঁতৰ প্ৰাণগ্ৰহণৰ সময়ত ফিৰিস্তাসকলে কয়, ‘তোমালোকে কি অৱস্থাত আছিলা’? সিহঁতে কয়, ‘পৃথিৱীত আমি নিঃসহায় আছিলো’, সিহঁতে কয়, ‘আল্লাহৰ পৃথিৱী ইমান প্ৰশস্ত নাছিলনে যে তোমালোকে আন ঠাইলৈ হিজৰত কৰি যাব নোৱাৰিলা’? ইহঁতৰেই আবাসস্থল জাহান্নাম, আৰু এইটো কিমান যে নিকৃষ্ট আবাস

    [98] কিন্তু যিসকল অসহায় পুৰুষ, নাৰী আৰু শিশু কোনো উপায় অৱলম্বন কৰিব পৰা নাই আৰু কোনো পথো পোৱা নাই।

    [99] আল্লাহে অতি শীঘ্ৰে সিহঁতৰ পাপ মোচন কৰিব, কাৰণ আল্লাহ পাপ মোচনকাৰী, ক্ষমাশীল।

    [100] আৰু যিয়ে আল্লাহৰ পথত হিজৰত কৰিব সি পৃথিৱীত বহুতো আশ্ৰয়স্থল আৰু প্ৰাচুৰ্য লাভ কৰিব; আল্লাহ আৰু ৰাছুলৰ উদ্দেশ্যে নিজ ঘৰৰ পৰা মুহাজিৰ হৈ ওলাই যোৱাৰ পিছত যাৰ মৃত্যু ঘটিলে তাৰ পুৰষ্কাৰৰ দায়িত্ব আল্লাহৰ ওপৰত; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

    [101] আৰু তোমালোকে যেতিয়া দেশ-বিদেশত ছফৰ কৰিবা তেতিয়া যদি তোমালোকৰ আশংকা হয় যে, কাফিৰসকলে তোমালোকৰ বাবে ফিতনা সৃষ্টি কৰিব তেন্তে ছালাত কছৰ কৰিলে তোমালোকৰ বাবে কোনো দোষণীয় নহয়। নিশ্চয় কাফিৰসকল তোমালোকৰ প্ৰকাশ্য শত্ৰু।

    [102] আৰু তুমি যেতিয়া সিহঁতৰ মাজত অৱস্থান কৰিবা তাৰ পিছত সিহঁতৰ লগত ছালাত কায়েম কৰিবা, তেতিয়া সিহঁতৰ এটা দল তোমাৰ সৈতে থিয় হোৱা উচিত আৰু সিহঁতে যেন সশস্ত্ৰ থাকে। সিহঁতৰ ছাজদাহ কৰা হ’লে সিহঁতে যেন তোমালোকৰ পিছফালে অৱস্থান কৰে, আৰু আন এটা দল যিসকলে ছালাতত অংশ লোৱা নাই সিহঁতে যেন আহি তোমাৰ লগত ছালাতত অংশ লয় আৰু সিহঁতে যেন সতৰ্ক আৰু সশস্ত্ৰ থাকে। কাফিৰসকলে কামনা কৰে যে, তোমালোকে যাতে তোমালোকৰ অস্ত্ৰ-শস্ত্ৰ আৰু আচবাব-পত্ৰ সম্পৰ্কে অসতৰ্ক হোৱা যাতে সিহঁতে তোমালোকৰ ওপৰত এবাৰতেই আক্ৰমণ কৰিব পাৰে। যদি তোমালোকে বৰষুণৰ বাবে কষ্ট পোৱা অথবা অসুস্থ অৱস্থাত থকা তেন্তে এনে অৱস্থাত অস্ত্ৰ ৰাখি থলে তোমালোকৰ বাবে কোনো দোষণীয় নহয়; কিন্তু তোমালোকে সতৰ্কতা অৱলম্বন কৰিবা। নিশ্চয় আল্লাহে কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি থৈছে।

    [103] এতেকে যেতিয়া তোমালোকে ছালাত সমাপ্ত কৰিবা তেতিয়া তোমালোকে থিয় হৈ, বহি আৰু শুই থকা অৱস্থাতো আল্লাহক স্মৰণ কৰিবা, তাৰ পিছত যেতিয়া তোমালোকে নিৰাপদ হ’বা তেতিয়া যথাযথভাৱে ছালাত কায়েম কৰিবা; নিশ্চয় নিৰ্ধাৰিত সময়ত ছালাত কায়েম কৰা মুমিনসকলৰ বাবে অৱশ্য কৰ্তব্য।

    [104] আৰু শত্ৰু সম্প্ৰদায়ৰ অনুসন্ধানত তোমালোকে দুৰ্বল নহ’বা। যদি তোমালোকে যন্ত্ৰণা পাই আছা তেন্তে সিহঁতেও তোমালোকৰ দৰেই যন্ত্ৰণা পাই আছে কিন্তু আল্লাহৰ ওচৰত তোমালোকে যিটো আশা কৰা সিহঁতে সেইটো আশা নকৰে; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

    [105] নিশ্চয় আমি তোমাৰ প্ৰতি সত্যসহ কিতাব অৱতীৰ্ণ কৰিছো, যাতে আল্লাহে তোমাক যি জনাইছে সেই অনুযায়ী তুমি মানুহৰ মাজত বিচাৰ মীমাংসা কৰিব পাৰা; আৰু তুমি বিশ্বাস ভঙ্গকাৰীসকলৰ সমৰ্থনত তৰ্ক নকৰিবা।

    [106] আৰু তুমি আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

    [107] আৰু যিসকলে নিজকে প্ৰতাৰিত কৰে তুমি সিহঁতৰ সমৰ্থনত বিতৰ্ক নকৰিবা; নিশ্চয় আল্লাহে বিশ্বাস ভঙ্গকাৰী পাপীক পছন্দ নকৰে।

    [108] সিহঁতে মানুহৰ পৰা গোপন কৰিব বিচাৰে অথচ আল্লাহৰ পৰা গোপন নকৰে, যদিও তেওঁ সিহঁতৰ লগতেই আছে যেতিয়া সিহঁতে ৰাতিত এনেকুৱা কথাৰ পৰিকল্পনা কৰে যিটো তেওঁ পছন্দ নকৰে, আৰু সিহঁতে যি কৰে সেয়া আল্লাহে পৰিবেষ্টন কৰি আছে।

    [109] চোৱা, তোমালোকেই সেইসকল লোক যিসকলে পাৰ্থিৱ জীৱনত সিহঁতৰ সমৰ্থনত বিতৰ্ক কৰিছা; কিন্তু কিয়ামতৰ দিনা আল্লাহৰ সন্মুখত কোনে সিহঁতৰ সমৰ্থনত বিতৰ্ক কৰিব অথবা কোন হ’ব সিহঁতৰ তত্ত্বাৱধায়ক

    [110] আৰু কোনোবাই বেয়া কাম কৰিলে অথবা নিজৰ ওপৰত অন্যায় কৰিলে তাৰ পিছত আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে আল্লাহক সি ক্ষমাশীল, পৰম দয়ালু পাব।

    [111] আৰু কোনোবাই পাপ কৰিলে প্ৰকৃততে সি সেইটো নিজৰ ক্ষতিৰ বাবেই কৰে, আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

    [112] আৰু যি ব্যক্তি কোনো অপৰাধ বা পাপ কাম কৰিলে তাৰ পিছত সেইটো কোনো নিৰ্দোষ ব্যক্তিৰ ওপৰত আৰোপ কৰিলে তেন্তে সি মিছা অপবাদ আৰু স্পষ্ট গুণাহৰ বোজা বহন কৰিলে।

    [113] আৰু তোমাৰ ওপৰত যদি আল্লাহৰ অনুগ্ৰহ আৰু দয়া নাথাকিলেহেঁতেন তেন্তে সিহঁতৰ মাজৰ এটা দলে তোমাক পথভ্ৰষ্ট কৰাৰ সংকল্প কৰিয়ে পেলাইছিল। কিন্তু সিহঁতে নিজৰ বাহিৰে আন কাকো পথভ্ৰষ্ট কৰিব নোৱাৰে আৰু তোমাৰো কোনো ক্ষতি কৰিব নোৱাৰে। আল্লাহে তোমাৰ প্ৰতি কিতাব আৰু হিকমত অৱতীৰ্ণ কৰিছে আৰু তুমি যি জনা নাছিলা সেয়া তোমাক শিক্ষা দিছে, তোমাৰ প্ৰতি আল্লাহৰ মহা অনুগ্ৰহ আছে।

    [114] সিহঁতৰ অধিকাংশ গোপন পৰামৰ্শৰ কোনো কল্যাণ নাই, কিন্তু কল্যাণ আছে যিয়ে ছাদাকাহ, সৎকাম আৰু মানুহৰ মাজত শান্তি স্থাপনৰ নিৰ্দেশ দিয়ে, আল্লাহৰ সন্তুষ্টি লাভৰ আশাত যিয়ে এইটো পালন কৰিব নিশ্চয় আমি তাক মহা পুৰষ্কাৰ প্ৰদান কৰিম।

    [115] আৰু কাৰোবাৰ ওচৰত সৎপথ প্ৰকাশ হোৱাৰ পিছত যদি সি ৰাছুলৰ বিৰুদ্ধাচৰণ কৰে আৰু মুমিনসকলৰ পথৰ বাহিৰে অন্য পথ অনুসৰণ কৰে, তেন্তে আমি তাক সেইফালেই উভতাই দিম যিফালে সি উভতি যায় আৰু তাক জাহান্নামত প্ৰৱেশ কৰাম, আৰু সেয়া কিমান যে বেয়া আবাসস্থল

    [116] নিশ্চয় আল্লাহে তেওঁৰ লগত অংশী স্থাপন কৰাক ক্ষমা নকৰে। ইয়াৰ বাহিৰে অন্যান্য অপৰাধসমূহ যাক ইচ্ছা ক্ষমা কৰে আৰু যিয়ে আল্লাহৰ লগত আনক অংশী কৰে সি ভীষণভাৱে পথভ্ৰষ্ট হয়।

    [117] তেওঁৰ পৰিবৰ্তে সিহঁতে কেৱল দেৱীৰেই পূজা-পাঠ কৰে আৰু বিদ্ৰোহী চয়তানৰ পূজা কৰে।

    [118] আল্লাহে তাক অভিসম্পাত কৰিছে আৰু সি কয়, ‘নিশ্চয় মই তোমাৰ বান্দাসকলৰ পৰা এটা নিৰ্দিষ্ট অংশক মোৰ অনুসাৰী বনাই লম।

    [119] ‘আৰু মই নিশ্চয় সিহঁতক পথভ্ৰষ্ট কৰিম, আৰু অৱশ্যে সিহঁতৰ হৃদয়ত মিছা বাসনাৰ সৃষ্টি কৰিম, আৰু অৱশ্যে মই সিহঁতক নিৰ্দেশ কৰিম ফলত সিহঁতে পশুৰ কাণ ফুটা কৰিব, আৰু অৱশ্যে মই সিহঁতক নিৰ্দেশ কৰিম ফলত সিহঁতে আল্লাহৰ সৃষ্টি বিকৃত কৰিব’। আল্লাহৰ পৰিবৰ্তে কোনোবাই চয়তানক অভিভাৱকৰূপে গ্ৰহণ কৰিলে সি অৱশ্যে স্পষ্ট ক্ষতিগ্ৰস্ত হয়।

    [120] সি সিহঁতক প্ৰতিশ্ৰুতি দিয়ে আৰু সিহঁতৰ হৃদয়ত মিছা বাসনাৰ সৃষ্টি কৰে, আৰু চয়তানে সিহঁতক কেৱল প্ৰতাৰণামূলক প্ৰতিশ্ৰুতিয়েই দিয়ে।

    [121] ইহঁতৰেই আশ্ৰয়স্থল জাহান্নাম, তাৰ পৰা সিহঁতে নিষ্কৃতিৰ উপায় বিচাৰি নাপাব।

    [122] আৰু যিসকলে ঈমান আনে আৰু সৎকৰ্ম কৰে, অনতিপলমে আমি তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাম, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক চিৰস্থায়ী হ’ব; আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। আৰু কথাত আল্লাহতকৈ সত্যবাদী আৰু কোন হ’ব পাৰে

    [123] তোমালোকৰ কামনা আৰু কিতাবীসকলৰ কামনা অনুসাৰে কোনো কাম নহ’ব; যিয়ে বেয়া আমল কৰিব সি তাৰ প্ৰতিফল ভোগ কৰিব আৰু সি তাৰ বাবে আল্লাহৰ বাহিৰে আন কোনো অভিভাৱক আৰু সহায়ক বিচাৰি নাপাব।

    [124] আৰু পুৰুষ বা নাৰীৰ মাজত কোনোবাই ঈমানৰ অৱস্থাত সৎকৰ্ম কৰিলে তেওঁলোক জান্নাতত প্ৰৱেশ কৰিব আৰু তেওঁলোকৰ প্ৰতি অণু পৰিমাণো অন্যায় কৰা নহ’ব।

    [125] সেই ব্যক্তিতকৈ দ্বীনৰ মাজত আৰু কোন উত্তম হ’ব? যিয়ে সৎকৰ্মপৰায়ণ হৈ আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰে আৰু একনিষ্ঠভাৱে ইব্ৰাহীমৰ মিল্লাতক অনুসৰণ কৰে, আৰু আল্লাহে ইব্ৰাহীমক অন্তৰঙ্গ বন্ধু হিচাপে গ্ৰহণ কৰিছে।

    [126] আকাশ আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই আৰু সকলো বস্তুকে আল্লাহে পৰিবেষ্টন কৰি আছে।

    [127] আৰু মানুহে তোমাৰ ওচৰত নাৰীসকলৰ বিষয়ে সমাধান বিচাৰে। কোৱা, ‘আল্লাহে তোমালোকক সিহঁতৰ বিষয়ে সমাধান দিছে আৰু ইয়াতীম সম্পৰ্কে যিসকলৰ প্ৰাপ্য তোমালোকে প্ৰদান নকৰা, অথচ তোমালোকে সিহঁতক বিবাহ কৰিব বিচৰা আৰু অসহায় শিশুসকলৰ বিষয়ে লগতে ইয়াতীমসকলৰ প্ৰতি তোমালোকৰ ন্যায় বিচাৰ সম্পৰ্কে যিবোৰ পুথিৰ পৰা তোমালোকক শুনোৱা হয়, আৰু পৰিষ্কাৰভাৱে জনাই দিয়ে’। আৰু যিকোনো সৎকৰ্ম তোমালোকে কৰা নিশ্চয় সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।

    [128] যদি কোনো স্ত্ৰীয়ে তাইৰ স্বামীৰ দুৰ্ব্যৱহাৰ অথবা উপেক্ষাৰ আশংকা কৰে তেন্তে সিহঁত উভয়ে আপোচ-নিষ্পত্তি কৰিব বিচাৰিলে সিহঁতৰ কোনো গুণাহ নাই; আৰু আপোচ-নিষ্পত্তি কৰাটোৱেই শ্ৰেয়। মানুহৰ অন্তৰত লোভণীয় কৃপণতা আছে। যদি তোমালোকে সৎকৰ্মপৰায়ণ হোৱা আৰু মুত্তাক্বী হোৱা, তেন্তে তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহেতো জানেই।

    [129] আৰু তোমালোকে যিমানেই ইচ্ছা নকৰা কিয় তোমালোকৰ স্ত্ৰীসকলৰ মাজত তোমালোকে কেতিয়াও সমান ব্যৱহাৰ কৰিব নোৱাৰিবা, কিন্তু তোমালোকে কোনো এজনীৰ প্ৰতি সম্পূৰ্ণৰূপে ঢলি নপৰিবা আৰু আনজনীক ওলোমা অৱস্থাত এৰি নিদিবা; যদি তোমালোকে নিজকে সংশোধন কৰা আৰু তাক্বৱা অৱলম্বন কৰা তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

    [130] আৰু যদি সিহঁতে পৰস্পৰে পৃথক হৈ যায় তেন্তে আল্লাহে তেওঁৰ প্ৰাচুৰ্যৰ দ্বাৰা প্ৰত্যেককে অভাৱমুক্ত কৰিব; আল্লাহ প্ৰাচুৰ্যময়, প্ৰজ্ঞাময়।

    [131] আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই, তোমালোকৰ পূৰ্বে যিসকলক কিতাব দিয়া হৈছিল সিহঁতক আৰু তোমালোককো নিৰ্দেশ দিছো যে, তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। আৰু যদি তোমালোকে কুফৰী কৰা তথাপিও আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই, আল্লাহ অভাৱমুক্ত, প্ৰশংসিত।

    [132] আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই, আৰু কাৰ্যোদ্ধাৰত আল্লাহেই যথেষ্ট।

    [133] হে মানৱ! তেওঁ ইচ্ছা কৰিলে তোমালোকক অপসাৰিত কৰি আন লোকক আনিব পাৰে; আৰু আল্লাহ এই কাম কৰিবলৈ সম্পূৰ্ণ সক্ষম।

    [134] যিয়ে পৃথিৱীৰ প্ৰতিদান বিচাৰে তেন্তে (সি জানি লোৱা উচিত যে) পৃথিৱী আৰু আখিৰাতৰ পুৰষ্কাৰ কেৱল আল্লাহৰ ওচৰতেই; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।

    [135] হে মুমিনসকল! তোমালোকে ন্যায় বিচাৰত দৃঢ় প্ৰতিষ্ঠিত থাকিবা আল্লাহৰ সাক্ষীস্বৰূপ, যদিও সেয়া তোমালোকৰ নিজৰ বা পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনৰ বিৰুদ্ধে নহওঁক কিয়, সি বিত্তবানে হওঁক অথবা বিত্তহীন, আল্লাহ উভয়ৰেই ঘনিষ্টতৰ। সেয়ে তোমালোকে ন্যায় বিচাৰ কৰিবলৈ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা। তোমালোকে যদি পাক লগাই কথা কোৱা আৰু অমোনোযোগী হোৱা তেন্তে তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত।

    [136] হে মুমিনসকল! তোমালোকে ঈমান আনা আল্লাহৰ প্ৰতি, তেওঁৰ ৰাছুলৰ প্ৰতি আৰু সেই পুথিৰ প্ৰতি যিটো তেওঁ নিজ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰিছে আৰু সেই গ্ৰন্থৰ প্ৰতিও ঈমান আনা যিটো তেওঁ ইয়াৰ পূৰ্বে অৱতীৰ্ণ কৰিছে। যিয়ে আল্লাহ আৰু তেওঁৰ ফিৰিস্তাসকল, তেওঁৰ কিতাবসমূহ, তেওঁৰ ৰাছুলসকল লগতে শেষ দিৱসৰ প্ৰতি কুফৰী কৰিলে সি ভ্ৰষ্টতাত বহু দূৰ আঁতৰি গ’ল।

    [137] নিশ্চয় যিসকলে ঈমান আনিছে তাৰ পিছত কুফৰী কৰিছে, আকৌ ঈমান আনিছে আকৌ কুফৰী কৰিছে, তাৰ পিছত সিহঁতৰ কুফৰী প্ৰবৃত্তি বৃদ্ধি পাইছে, আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰিব আৰু সিহঁতক কোনা পথ নেদেখুৱাব।

    [138] মুনাফিকসকলক সুসংবাদ দিয়া যে, নিশ্চয় সিহঁতৰ বাবে কষ্টদায়ক শাস্তি আছে।

    [139] মুমিনসকলৰ পৰিবৰ্তে যিসকলে কাফিৰসকলক বন্ধুৰূপে গ্ৰহণ কৰে সেইসকল লোকে সিহঁতৰ ওচৰত সন্মান বিচাৰে নেকি? অথচ যাৱতীয় সন্মান আল্লাহৰেই।

    [140] কিতাবত তেওঁ তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে যে, যেতিয়া তোমালোকে আল্লাহৰ আয়াতসমূহ অস্বীকাৰ কৰা শুনিবা আৰু বিদ্ৰূপ কৰা শুনিবা তেতিয়া তোমালোকে সিহঁতৰ লগত নবহিবা, যেতিয়া লৈকে সিহঁতে আন কোনো কথাত নিবিষ্ট নহয়; অন্যথা তোমালোকেও সিহঁতৰ দৰেই হ’বা। নিশ্চয় আল্লাহে মুনাফিকসকলক আৰু কাফিৰসকলক জাহান্নামত একত্ৰিত কৰিব।

    [141] যিসকলে তোমালোকৰ অমঙ্গলৰ অপেক্ষাত থাকে, তাৰ পিছত আল্লাহৰ তৰফৰ পৰা যদি তোমালোকৰ বিজয় হয় তেন্তে কয়, ‘আমি তোমালোকৰ লগত নাছিলো নে’? আৰু যদি কাফিৰসকলৰ বিজয় হয় তেন্তে কয়, ‘আমি তোমালোকৰ বিৰুদ্ধে প্ৰবল নাছিলো নে আৰু আমি তোমালোকক মুমিনসকলৰ পৰা ৰক্ষা কৰা নাইনে’? আল্লাহে কিয়ামতৰ দিনা তোমালোকৰ মাজত বিচাৰ মীমাংসা কৰিব আৰু আল্লাহে কাফিৰসকলৰ বাবে কেতিয়াও মুমিনসকলৰ বিৰুদ্ধে কোনো পথ (উন্মুক্ত) নাৰাখে।

    [142] নিশ্চয় মুনাফিকসকলে আল্লাহৰ লগত প্ৰতাৰণা কৰে, প্ৰকৃততে তেৱেঁই সিহঁতক প্ৰতাৰিত কৰে, আৰু যেতিয়া সিহঁতে ছালাতত থিয় হয় তেতিয়া অলসতাভাৱে থিয় হয়, কেৱল লোকক দেখুৱাবলৈ। আল্লাহক সিহঁতে অতিকৈ কম স্মৰণ কৰে।

    [143] সিহঁত ইয়াৰ মাজত দোদুল্যমান, ইফালেও নহয় সিফালেও নহয়। আল্লাহে যাক পথভ্ৰষ্ট কৰে তুমি তাৰ কেতিয়াও কোনো পথ বিচাৰি নাপাবা।

    [144] হে মুমিনসকল! তোমালোকে মুমিনসকলৰ বাহিৰে কাফিৰসকলক বন্ধুৰূপে গ্ৰহণ নকৰিবা। তোমালোকে নিজৰ ওপৰত আল্লাহৰ প্ৰকাশ্য অভিযোগ কায়েম কৰিব বিচৰা নেকি

    [145] নিশ্চয় মুনাফিকসকল জাহান্নামৰ সৰ্বনিম্ন স্তৰত থাকিব আৰু সিহঁতৰ বাবে তুমি কেতিয়াও কোনো সহায়ক নাপাবা।

    [146] কিন্তু যিসকলে তাওবা কৰে, নিজকে সংশোধন কৰে, আৰু আল্লাহক দৃঢ়ভাৱে অৱলম্বন কৰে আৰু আল্লাহৰ উদ্দেশ্যে সিহঁতৰ দ্বীনক একনিষ্ঠ কৰে, তেন্তে সিহঁত মুমিনসকলৰ লগত থাকিব আৰু মুমিনসকলক আল্লাহে অৱশ্যে মহাপুৰষ্কাৰ প্ৰদান কৰিব।

    [147] যদি তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা আৰু ঈমান আনা তেনেহ’লে তোমালোকক শাস্তি প্ৰদান কৰি আল্লাহৰ কি হ’ব? আৰু আল্লাহে (কৃতজ্ঞতাৰ) পুৰষ্কাৰ দানকাৰী, সৰ্বজ্ঞ।

    [148] বেয়া কথাৰ প্ৰচাৰ আল্লাহে পছন্দ নকৰে, কিন্তু যাৰ ওপৰত যুলুম কৰা হৈছে তাৰ বিষয়টো সুকীয়া; আৰু আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞানী।

    [149] যদি তোমালোকে সৎকৰ্ম প্ৰকাশ কৰা অথবা গোপন কৰা নাইবা দোষ ক্ষমা কৰা তেন্তে আল্লাহেও দোষ মোচনকাৰী, ক্ষমতাবান।

    [150] নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফৰী কৰে লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ মাজত পাৰ্থক্য কৰিব বিচাৰে আৰু সিহঁতে কয়, ‘আমি কিছুমানৰ ওপৰত ঈমান আনো আৰু কিছুমানৰ লগত কুফৰী কৰো’; আৰু সিহঁতে ইয়াৰ মধ্যৱৰ্তী এটা পথ অৱলম্বন কৰিব বিচাৰে।

    [151] ইহঁতেই প্ৰকৃত কাফিৰ; আৰু আমি কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছো।

    [152] আৰু যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছে আৰু তেওঁলোকৰ কাৰো মাজত পাৰ্থক্য কৰা নাই, অতিসোনকালে তেওঁ সিহঁতক প্ৰতিদান দিব আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

    [153] কিতাবীসকলে বিচাৰে যে, তুমি আকাশৰ পৰা সিহঁতৰ বাবে এখন কিতাপ অৱতীৰ্ণ কৰা, সিহঁতে মুছাৰ ওচৰত ইয়াতকৈয়ো ডাঙৰ দাবী কৰিছিল। সিহঁতে কৈছিল, ‘আমাক প্ৰকাশ্যভাৱে আল্লাহক দেখুৱা’। ফলত সিহঁতৰ সীমালংঘনৰ কাৰণে সিহঁতক বজ্ৰপাতে ধৰিছিল, তাৰ পিছত সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণ অহাৰ পিছতো সিহঁতে দামুৰীটোক উপাস্যৰূপে গ্ৰহণ কৰিছিল, তথাপিও আমি সেয়া ক্ষমা কৰিছিলো আৰু আমি মুছাক স্পষ্ট প্ৰমাণ প্ৰদান কৰিছিলো।

    [154] আৰু সিহঁতৰ অঙ্গীকাৰ গ্ৰহণ কৰিবলৈ তূৰ পৰ্বতক আমি সিহঁতৰ ওপৰত উত্তোলন কৰিছিলো আৰু সিহঁতক কৈছিলো, ‘শিৰ নত কৰি দুৱাৰেৰে প্ৰৱেশ কৰা’। আমি সিহঁতক আৰু কৈছিলো যে, ‘শনিবাৰে সীমালংঘন নকৰিবা’, আৰু আমি সিহঁতৰ পৰা দৃঢ় অঙ্গীকাৰ লৈছিলো।

    [155] তাৰ পিছত (সিহঁতক শাস্তি দিয়া হৈছিল) সিহঁতৰ অঙ্গীকাৰ ভঙ্গৰ বাবে, আল্লাহৰ আয়াতসমূহৰ লগত কুফৰী কৰাৰ বাবে আৰু ‘আমাৰ হৃদয়সমূহ আচ্ছাদিত’ এই কথা কোৱাৰ বাবে। বৰং সিহঁতৰ কুফৰীৰ বাবে আল্লাহে সিহঁতৰ অন্তৰসমূহত মোহৰ মাৰি দিছিল। সেয়ে কেৱল সিহঁতৰ কিছুসংখ্যক লোকেই ঈমান আনিব।

    [156] সিহঁতৰ কুফৰীৰ বাবে আৰু মাৰইয়ামৰ বিৰুদ্ধে গুৰুতৰ অপবাদৰ কাৰণে।

    [157] আৰু সিহঁতৰ এই উক্তিৰ কাৰণে যে, আমি আল্লাহৰ ৰাছুল মাৰইয়ামৰ পুত্ৰ ঈছাক হত্যা কৰিছো। অথচ সিহঁতে তেওঁক হত্যা কৰা নাই আৰু ক্ৰুছবিদ্ধও কৰা নাছিল; বৰং সিহঁতৰ বাবে (এজন লোকক) তেওঁৰ সদৃশ কৰা হৈছিল। নিশ্চয় যিসকলে তেওঁৰ বিষয়ে মতভেদ কৰিছিল, সিহঁত অৱশ্যে এই বিষয়ে সংশয়যুক্ত আছিল; এই বিষয়ে অনুমানৰ বাহিৰে সিহঁতৰ কোনো জ্ঞানেই নাই। এইটো নিশ্চিত যে সিহঁতে তেওঁক হত্যা কৰা নাই।

    [158] বৰং আল্লাহে তেওঁক নিজৰ ওচৰলৈ উঠাই লৈছে আৰু আল্লাহ মহা পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    [159] কিতাবীসকলৰ মাজৰ পৰা প্ৰত্যেকেই তাৰ মৃত্যুৰ পূৰ্বে তেওঁৰ ওপৰত ঈমান আনিব আৰু কিয়ামতৰ দিনা তেওঁ সিহঁতৰ বিৰুদ্ধে সাক্ষী হ’ব।

    [160] সেয়ে ভাল খাদ্যবোৰ আমি ইয়াহুদীসকলৰ দুৰাচাৰীতাৰ কাৰণে আৰু আল্লাহৰ পথৰ পৰা বহুতক বাধা দিয়াৰ কাৰণে সিহঁতৰ ওপৰত হাৰাম কৰিছিলো যিবোৰ সিহঁতৰ বাবে হালাল আছিল।

    [161] আৰু সিহঁতৰ সুত গ্ৰহণৰ কাৰণে, অথচ ইয়াৰ পৰা সিহঁতক নিষেধ কৰা হৈছিল; লগতে অন্যায়ভাৱে মানুহৰ ধন-সম্পদ গ্ৰাস কৰাৰ কাৰণে। আৰু আমি সিহঁতৰ মাজৰ কাফিৰসকলৰ বাবে কষ্টদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছো।

    [162] কিন্তু সিহঁতৰ মাজত যিসকল জ্ঞানত মজবুত সিহঁতে আৰু মুমিনসকলে তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে আৰু তোমাৰ পূৰ্বে যি অৱতীৰ্ণ কৰা হৈছিল তাৰ প্ৰতি ঈমান আনে। ছালাত প্ৰতিষ্ঠাকাৰী, যাকাত প্ৰদানকাৰী আৰু আল্লাহ ও শেষ দিৱসৰ প্ৰতি ঈমান পোষণকাৰী, সিহঁতক অতিসোনকালে আমি মহা পুৰষ্কাৰ প্ৰদান কৰিম।

    [163] নিশ্চয় আমি তোমাৰ ওচৰত অহী প্ৰেৰণ কৰিছো, যেনেকৈ নূহ আৰু তেওঁৰ পৰৱৰ্তী নবীসকলৰ প্ৰতি অহী প্ৰেৰণ কৰিছিলো; আৰু ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াক্বূব আৰু তেওঁৰ বংশধৰ, ঈছা, আইউব, ইউনুছ, হাৰুন আৰু ছুলাইমানৰ ওচৰতো অহী প্ৰেৰণ কৰিছিলো আৰু দাঊদক প্ৰদান কৰিছিলো যাবূৰ।

    [164] আৰু বহুতো ৰাছুল, যিসকলৰ বৰ্ণনা আমি তোমাক দিছো আৰু বহুতো ৰাছুল যিসকলৰ বৰ্ণনা আমি তোমাক দিয়া নাই আৰু অৱশ্যে আল্লাহে মুছাৰ লগত সুস্পষ্ট কথা কৈছে।

    [165] সুসংবাদদাতা আৰু সাৱধানকাৰী ৰাছুল প্ৰেৰণ কৰিছো, যাতে ৰাছুলসকল অহাৰ পিছত আল্লাহৰ বিৰুদ্ধে মানুহৰ বাবে কোনো অভিযোগ নাথাকে; আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    [166] কিন্তু আল্লাহে সাক্ষ্য দিছে তেওঁ তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছে তাৰ মাধ্যমত। তেওঁ সেয়া অৱতীৰ্ণ কৰিছে নিজ জ্ঞানৰ ভিত্তিত আৰু ফিৰিস্তাসকলেও সাক্ষ্য দিছে যদিও সাক্ষীৰূপে আল্লাহেই যথেষ্ট।

    [167] নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু আল্লাহৰ পথৰ পৰা বাধা প্ৰদান কৰিছে সিহঁত অৱশ্যে ভীষণভাৱে পথভ্ৰষ্ট হৈছে।

    [168] নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু যুলুম কৰিছে, আল্লাহে সিহঁতক ক্ষমা নকৰিব আৰু সিহঁতক কোনো পথও নেদেখাব।

    [169] কিন্তু জাহান্নামৰ পথৰ বাহিৰে। তাত সিহঁতে চিৰকাল থাকিব আৰু এইটো আল্লাহৰ বাবে অতি সহজ।

    [170] হে মানৱ! নিশ্চয় ৰাছুলে তোমালোকৰ প্ৰতিপালকৰ পৰা সত্য লৈ আহিছে, এতেকে তোমালোকে ঈমান আনা, এইটোৱে তোমালোকৰ বাবে কল্যাণকৰ হ’ব আৰু যদি তোমালোকে কুফৰী কৰা তেন্তে (জানি থোৱা) আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

    [171] হে আহলে কিতাব! তোমালোকে নিজৰ ধৰ্মত গুলু নকৰিবা (সীমা চেৰাই নাযাবা) আৰু আল্লাহৰ বিষয়ে সত্যৰ বাহিৰে আন একো নকবা। মাৰইয়ামৰ পুত্ৰ ঈছা মছীহ কেৱল এজন আল্লাহৰ ৰাছুল আৰু তেওঁৰ বাণী, যিটো তেওঁ মাৰইয়ামৰ ওচৰত প্ৰেৰণ কৰিছিল আৰু তেওঁৰ তৰফৰ পৰা এটা ৰূহ। সেয়ে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত ঈমান আনা আৰু তিনি বুলি নকবা, (এনে উক্তি) পৰিত্যাগ কৰা, এইটোৱেই তোমালোকৰ বাবে কল্যাণকৰ। আল্লাহ হৈছে এজন ইলাহ, তেওঁৰ সন্তান হ’ব—তেওঁ এনে কথাৰ পৰা পৱিত্ৰ-মহান। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই; আৰু কৰ্মবিধায়কৰূপে আল্লাহেই যথেষ্ট।

    [172] মছীহে আল্লাহৰ বান্দা হ’বলৈ কেতিয়াও তাচ্ছিল্য বোধ নকৰে, আৰু ঘনিষ্ট ফিৰিস্তাসকলেও নকৰে। যিয়ে তেওঁৰ ইবাদতক তাচ্ছিল্য জ্ঞান কৰিব আৰু অহংকাৰ কৰিব তেওঁ অচিৰেই সিহঁত আটাইকে তেওঁৰ ওচৰত একত্ৰিত কৰিব।

    [173] আনহাতে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁ সিহঁতক সিহঁতৰ পুৰষ্কাৰ পৰিপূৰ্ণভাৱে দান কৰিব লগতে নিজ অনুগ্ৰহত আৰু বেছিকৈ প্ৰদান কৰিব। আৰু যিসকলে (আল্লাহৰ ইবাদত কৰাক) তাচ্ছিল্য জ্ঞান কৰিছে আৰু অহংকাৰ কৰিছে, সিহঁতক তেওঁ কষ্টদায়ক শাস্তি দিব। আল্লাহৰ বাহিৰে সিহঁতে নিজৰ বাবে আন কোনো অভিভাৱক আৰু সহায়ক নাপাব।

    [174] হে মানৱ! তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত প্ৰমাণ আহিছে আৰু আমি তোমালোকৰ প্ৰতি স্পষ্ট জ্যোতি অৱতীৰ্ণ কৰিছো।

    [175] এতেকে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁক দৃঢ়ভাৱে অৱলম্বন কৰিছে সিহঁতক তেওঁ নিশ্চয় তেওঁৰ দয়া আৰু অনুগ্ৰহৰ মাজত প্ৰৱেশ কৰাব আৰু সিহঁতক সৰল পথত তেওঁৰ ফালে পৰিচালিত কৰিব।

    [176] মানুহে তোমাৰ ওচৰত সমাধান বিচাৰে। কোৱা, পিতৃ-মাতৃহীন নিঃসন্তান ব্যক্তি সম্পৰ্কে আল্লাহে তোমালোকক সমাধান দিছে, কোনো পুৰুষ মৃত্যুবৰণ কৰিলে সি যদি সন্তানহীন হয় আৰু তাৰ এজনী ভনীয়েক বা বায়েক থাকে তেন্তে তাই পৰিত্যক্ত সম্পত্তিৰ অৰ্ধাংশ পাব। আৰু যদি তাই (মৃত নাৰী) সন্তানহীনা হয় তেনেহ’লে তাইৰ ভায়েক বা ককায়েক তাইৰ উত্তৰাধিকাৰী হ’ব। এতেকে যদি দুজনী ভনিয়েক বা বায়েক থাকে তেন্তে সিহঁতে তাৰ পৰিত্যক্তি সম্পত্তিৰ তিনি ভাগৰ দুভাগ পাব। আৰু যদি কেইবাজনো ভাই-ককাই বা বাই-ভনী থাকে তেন্তে এজন পুৰুষৰ অংশ দুজনী নাৰীৰ অংশৰ সমান। তোমালোকে পথভ্ৰষ্ট হ’বা- এই আশংকাত আল্লাহে তোমালোকৰ বাবে স্পষ্টভাৱে বৰ্ণনা কৰিছে; আৰু আল্লাহ সকলো বস্তু সম্পৰ্কে সবিশেষ অৱগত।

    Surah 5
    আল-মায়িদাহ

    [1] হে মুমিনসকল! তোমালোকে অঙ্গীকাৰসমূহ পূৰ্ণ কৰিবা। যিবোৰ তোমালোকৰ ওচৰত বৰ্ণিত হৈছে সেইবোৰৰ বাহিৰে তোমালোকৰ বাবে ঘৰচীয়া চতুষ্পদ জন্তু হালাল কৰা হৈছে, কিন্তু ইহৰাম অৱস্থাত চিকাৰ কৰাক বৈধ বুলি নাভাৱিবা। নিশ্চয় আল্লাহে যি বিচাৰে আদেশ দিয়ে।

    [2] হে মুমিনসকল! তোমালোকে আল্লাহৰ নিদৰ্শনসমূহক, পৱিত্ৰ মাহক, কুৰবানীৰ বাবে কা’বালৈ প্ৰেৰণ কৰা পশুক, ডিঙিত পৰিধান কৰোৱা চিহ্নবিশিষ্ট পশুক আৰু নিজ প্ৰতিপালকৰ অনুগ্ৰহক লগতে সন্তুষ্টিৰ অনুসন্ধানত পৱিত্ৰ ঘৰৰ অভিমুখে ৰাৱানা হোৱা যাত্ৰীসকলক অপমান নকৰিবা। আৰু যেতিয়া তোমালোকে ইহৰামমুক্ত হোৱা তেতিয়া চিকাৰ কৰিব পাৰা। তোমালোকক মছজিদুল হাৰামত প্ৰৱেশ কৰিবলৈ নিষেধ কৰাৰ কাৰণে কোনো সম্প্ৰদায়ৰ প্ৰতি শত্ৰুতাই তোমালোকক যাতে কেতিয়াও সীমালংঘনত প্ৰৰোচিত নকৰে। সৎকৰ্ম আৰু তাক্বৱাৰ বিষয়ত তোমালোকে পৰস্পৰক সহায়-সহযোগিতা কৰিবা আৰু পাপ কৰ্ম আৰু সীমালংঘনত এজনে আনজনৰ সহায়-সহযোগিতা নকৰিবা, আৰু আল্লাহৰ তাক্বৱা আৱলম্বন কৰা। নিশ্চয় আল্লাহ শাস্তি দানত অতি কঠোৰ।

    [3] তোমালোকৰ বাবে হাৰাম কৰা হৈছে মৃত জন্তু, তেজ, গাহৰিৰ মাংস, আল্লাহৰ বাহিৰে আনৰ নামত জবেহ কৰা পশু, ডিঙি চেপি বধ কৰা জন্তু, প্ৰহাৰ কৰি বধ কৰা জন্তু, ওপৰৰ পৰা পৰি মৰা পশু, অন্য প্ৰাণীৰ শিঙৰ আঘাতত মৰা জন্তু আৰু হিংস্ৰ পশুৱে খোৱা জন্তু কিন্তু যিটো তোমালোকে জবেহ কৰিব পাৰিছা সেইটোৰ বাহিৰে, আৰু সেইটোও হাৰাম কৰা হৈছে যিটো মূৰ্তি পূজাৰ বেদীত বলী দিয়া হয়। তীৰ খেলৰ জুৱাৰে ভাগ্য নিৰ্ণয় কৰাও নিষিদ্ধ কৰা হৈছে। এই সকলোবোৰ মহাপাপ। আজি কাফিৰসকল তোমালোকৰ বিৰুদ্ধাচৰণত হতাশ হৈছে, সেয়ে সিহঁতক ভয় নকৰিবা কেৱল মোকেই ভয় কৰা। আজি মই তোমালোকৰ বাবে তোমালোকৰ দ্বীনক পৰিপূৰ্ণ কৰিলো আৰু তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ সম্পূৰ্ণ কৰিলো, আৰু তোমালোকৰ বাবে ইছলামক দ্বীন হিচাপে মনোনীত কৰিলো। এতেকে যিয়ে পাপ কৰ্মৰ ফালে ধাৱিত নহৈ কেৱল ভোকৰ তাড়নাত বাধ্য হৈ (ভক্ষণ কৰিলে) তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

    [4] মানুহে তোমাক প্ৰশ্ন কৰে, সিহঁতৰ বাবে কি কি হালাল কৰা হৈছে? কোৱা, ‘তোমালোকৰ বাবে সকলো ধৰণৰ পৱিত্ৰ বস্তু হালাল কৰা হৈছে, আৰু চিকাৰী জন্তু যিবোৰক তোমালোকে চিকাৰ প্ৰশিক্ষণ দিছা আৰু যিবোৰক তোমালোকে সেই শিক্ষা দিয়া যিটো আল্লাহে তোমালোকক শিকাইছে। এতেকে এনেকুৱা জন্তুৱে তোমালোকৰ বাবে যি ধৰি আনে সেয়া তোমালোকে খোৱা, অৱশ্যে তাৰ ওপৰত আল্লাহৰ নাম ল’বা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় আল্লাহ অতি দ্ৰুত হিচাপ গ্ৰহণকাৰী।

    [5] আজি তোমালোকৰ বাবে সকলো ধৰণৰ পৱিত্ৰ বস্তু হালাল কৰা হ’ল আৰু যিসকলক কিতাব প্ৰদান কৰা হৈছে সিহঁতৰ খাদ্যদ্ৰব্যও তোমালোকৰ বাবে হালাল কৰা হৈছে আৰু তোমালোকৰ খাদ্য দ্ৰব্য সিহঁতৰ বাবে হালাল কৰা হৈছে। মুমিনা সচ্চৰিত্ৰা নাৰী আৰু তোমালোকৰ আগত যিসকলক কিতাব প্ৰদান কৰা হৈছে সিহঁতৰ সচ্চৰিত্ৰা নাৰীসকলক তোমালোকৰ বাবে বৈধ কৰা হৈছে যদিহে তোমালোকে বিবাহৰ বাবত মোহৰ প্ৰদান কৰা, প্ৰকাশ্য ব্যভিচাৰ বা গোপন যৌনসঙ্গীনী হিচাপে নহয়। আৰু যিয়ে ঈমানৰ সৈতে কুফৰী কৰিব নিশ্চয় তাৰ আমল নিষ্ফল হ’ব আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’ব।

    [6] হে মুমিনসকল! যেতিয়া তোমালোকে ছালাতৰ বাবে থিয় হ’ব বিচৰা তেতিয়া তোমালোকে নিজৰ মুখমণ্ডল ধোৱা আৰু কিলাকুটিলৈকে হাত ধোৱা, তোমালোকৰ মূৰ মছেহ কৰা আৰু সৰু গাঠি লৈকে ভৰি ধোৱা, আৰু যদি তোমালোকে জুনুবী অৱস্থাত থকা তেনেহ’লে বিশেষভাৱে পৱিত্ৰতা অৰ্জন কৰা। যদি তোমালোকে অসুস্থ হোৱা অথবা ভ্ৰমণত থকা অথবা তোমালোকৰ কোনোবাই মল-মুত্ৰ ত্যাগ কৰি আহে নাইবা স্ত্ৰীৰ লগত সহবাস কৰে আৰু (পৱিত্ৰ হ’বলৈ) পানী নোপোৱা তেন্তে পৱিত্ৰ মাটিৰ দ্বাৰা তায়াম্মুম কৰিবা। আল্লাহে তোমালোকৰ ওপৰত কোনো ধৰণৰ সংকীৰ্ণতা কৰিব নিবিচাৰে; বৰং তেওঁ তোমালোকক পৱিত্ৰ কৰিব বিচাৰে আৰু তোমালোকৰ ওপৰত তেওঁৰ নিয়ামত সম্পূৰ্ণ কৰিব বিচাৰে, যাতে তোমালোকে কৃতজ্ঞতা জ্ঞাপন কৰা।

    [7] আৰু স্মৰণ কৰা, তোমালোকৰ ওপৰত আল্লাহৰ নিয়ামত আৰু সেই অঙ্গীকাৰ যিটো তেওঁ তোমালোকৰ পৰা লৈছিল, যেতিয়া তোমালোকে কৈছিলা, ‘আমি শুনিলো আৰু মানি ল’লো’, আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় অন্তৰত যি আছে সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।

    [8] হে মুমিনসকল! আল্লাহৰ উদ্দেশ্যে ন্যায় সাক্ষ্যদানত তোমালোকে অবিচল থাকিবা, কোনো সম্প্ৰদায়ৰ প্ৰতি শত্ৰুতাই তোমালোকক যাতে সুবিচাৰ বৰ্জনত প্ৰৰোচিত নকৰে। তোমালোকে সুবিচাৰ কৰিবা, এইটোৱেই তাক্বৱাৰ অধিক নিকটৱৰ্তী। তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় তোমালোকে যি কৰা আল্লাহ সেই বিষয়ে সম্যক অৱহিত।

    [9] যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক প্ৰতিশ্ৰুতি দিছে যে, তেওঁলোকৰ বাবে আছে ক্ষমা আৰু মহাপুৰষ্কাৰ।

    [10] আৰু যিসকলে কুফৰী কৰিছে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতেই প্ৰজ্বলিত জুইৰ আধিবাসী।

    [11] হে মুমিনসকল! তোমালোকৰ প্ৰতি আল্লাহৰ নিয়ামত স্মৰণ কৰা যেতিয়া এটা সম্প্ৰদায়ে তোমালোকৰ বিৰুদ্ধে সিহঁতৰ হাত প্ৰসাৰিত কৰিবলৈ মনস্থ কৰিছিল, তাৰ পিছত আল্লাহে সিহঁতৰ হাত তোমালোকৰ পৰা নিবৃত ৰাখিছিল। তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু আল্লাহৰ ওপৰতেই মুমিনসকলে ভৰসা কৰা উচিত।

    [12] আৰু অৱশ্যে আল্লাহে বনী ইছৰাঈলৰ পৰা অঙ্গীকাৰ গ্ৰহণ কৰিছিল আৰু আমি সিহঁতৰ মাজৰ পৰা বাৰজন লোকক নেতা নিযুক্তি দি পঠিয়াইছিলো। আল্লাহে কৈছিল, ‘নিশ্চয় আমি তোমালোকৰ লগত আছো, যদি তোমালোকে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা, আৰু আমাৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনা, তেওঁলোকক সন্মান সহযোগিতা কৰা আৰু আল্লাহক উত্তম ঋণ প্ৰদান কৰা তেন্তে অৱশ্যে আমি তোমালোকৰ পাপসমূহ মোচন কৰিম আৰু তোমালোকক অৱশ্যে জান্নাতত প্ৰৱেশ কৰাম যাৰ মাজত নদীসমূহ প্ৰবাহিত’। ইয়াৰ পিছতো যিয়ে কুফৰী কৰিব সি অৱশ্যে সৰল পথৰ পৰা আঁতৰি যাব।

    [13] তাৰ পিছত সিহঁতে অঙ্গীকাৰ ভঙ্গ কৰাৰ কাৰণে সিহঁতক আমি অভিসম্পাত কৰিছো আৰু সিহঁতৰ হৃদয়ক কঠিন কৰি দিছো, সিহঁতে শব্দবোৰক নিজ স্থানৰ পৰা বিকৃত কৰে আৰু সিহঁতক যি উপদেশ দিয়া হৈছিল তাৰ একাংশ সিহঁতে পাহৰি গৈছে। তুমি সদায় সিহঁতৰ কিছুসংখ্যকৰ বাহিৰে অধিকাংশকেই বিশ্বাসঘাতকতা কৰোঁতে দেখিবলৈ পাবা, সেয়ে সিহঁতক ক্ষমা কৰা আৰু উপেক্ষা কৰা। নিশ্চয় আল্লাহে সৎকৰ্মপৰায়ণকাৰী সকলক ভাল পায়।

    [14] আৰু যিসকলে কয়, ‘আমি নাছাৰা’, সিহঁতৰো আমি অঙ্গীকাৰ গ্ৰহণ কৰিছিলো; তাৰ পিছত সিহঁতক যি উপদেশ দিয়া হৈছিল তাৰে একাংশ সিহঁতে পাহৰি গৈছিল। ফলত আমি সিহঁতৰ মাজত কিয়ামত পৰ্যন্ত স্থায়ী শত্ৰুতা আৰু বিদ্বেষ জাগৰুক কৰি ৰাখিছো। সিহঁতে যি কৰিছিল সেয়া আল্লাহে অচিৰেই সিহঁতক জনাই দিব।

    [15] হে কিতাবীসকল! তোমালোকৰ ওচৰত আমাৰ ৰাছুল আহি পাইছে, তোমালোকে কিতাবৰ পৰা যি গোপন কৰিছিলা তাৰে বেছি ভাগ তেওঁ তোমালোকৰ ওচৰত প্ৰকাশ কৰিছে আৰু বহুখিনি এৰি দিছে। অৱশ্যে আল্লাহৰ তৰফৰ পৰা এটা জ্যোতি আৰু স্পষ্ট কিতাব তোমালোকৰ ওচৰত আহিছে।

    [16] যিসকলে আল্লাহৰ সন্তুষ্টিৰ অনুসৰণ কৰে, ইয়াৰ মাধ্যমত তেওঁ সিহঁতক শান্তিৰ পথত পৰিচালিত কৰে আৰু সিহঁতক নিজ অনুমতিক্ৰমে অন্ধকাৰৰ পৰা পোহৰলৈ ওলাই আনে লগতে সিহঁতক সৰল পথৰ হিদায়ত দিয়ে।

    [17] অৱশ্যে সিহঁতে কুফৰী কৰিছে যিসকলে কয় যে, ‘মাৰইয়ামৰ পুত্ৰ মছিহেই আল্লাহ’। কোৱা, ‘যদি আল্লাহে মছিহ ইবনে মাৰইয়ামক আৰু তেওঁৰ মাকক আৰু পৃথিৱীৰ মাজত যি আছে সেই সকলোকে ধ্বংস কৰিব বিচাৰে তেন্তে তেওঁক বাধা দিবলৈ কাৰ শক্তি আছে’? আকাশমণ্ডল আৰু পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে সেই সকলোবোৰৰ সাৰ্বভৌমত্ব কেৱল আল্লাহৰেই। তেওঁ যি ইচ্ছা সৃষ্টি কৰে আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

    [18] ইয়াহূদী আৰু নাছাৰাসকলে কয়, ‘আমি আল্লাহৰ পুত্ৰ আৰু তেওঁৰ প্ৰিয়পাত্ৰ’। কোৱা, ‘তেন্তে কিয় তেওঁ তোমালোকক তোমালোকৰ গুণাহৰ কাৰণে শাস্তি দিয়ে? বৰং তোমালোক সিহঁতৰেই অন্তৰ্গত মানুহ যিসকলক তেওঁ সৃষ্টি কৰিছে। যাক ইচ্ছা তেওঁ ক্ষমা কৰি দিয়ে আৰু যাক ইচ্ছা তেওঁ শাস্তি দিয়ে, আকাশসমূহ আৰু পৃথিৱীত লগতে এই দুয়োৰ মাজত যি আছে সেই সকলোবোৰৰ সাৰ্বভৌমত্ব আল্লাহৰেই, আৰু প্ৰত্যাৱৰ্তন তেওঁৰ ওচৰতেই।

    [19] হে কিতাবীসকল! ৰাছুল প্ৰেৰণৰ এটা বিৰতিৰ পিছত তোমালোকৰ ওচৰলৈ আমাৰ ৰাছুল আহিছে। তেওঁ তোমালোকৰ ওচৰত স্পষ্ট ব্যাখ্যা কৰিছে, যাতে তোমালোকে এইটো ক’ব নোৱাৰা যে, ‘আমাৰ ওচৰত কোনো সুসংবাদবাহী আৰু সাৱধানকাৰী অহা নাছিল’। অৱশ্যে তোমালোকৰ ওচৰত সুসংবাদদাতা আৰু সাৱধানকাৰী আহিছে। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

    [20] আৰু স্মৰণ কৰা, যেতিয়া মুছাই নিজ সম্প্ৰদায়ক কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ স্মৰণ কৰা যেতিয়া তেওঁ তোমালোকৰ মাজৰ পৰাই নবী বনাইছিল আৰু তোমালোকক ৰজা-বাদশ্বাহ বনাইছিল আৰু সৃষ্টিজগতৰ কাকো যিটো দান কৰা নাছিল সেইটো তোমালোকক প্ৰদান কৰিছিল’।

    [21] ‘হে মোৰ সম্প্ৰদায়! আল্লাহে তোমালোকৰ বাবে যিটো পৱিত্ৰ ভূমি লিখি দিছে তাত তোমালোকে প্ৰৱেশ কৰা আৰু পশ্চাপসৰণ নকৰিবা, এনে কৰিলে তোমালোকে ক্ষতিগ্ৰস্ত হৈ প্ৰত্যাবৰ্তন কৰিবা’।

    [22] সিহঁতে ক’লে, ‘হে মুছা! নিশ্চয় তাত এটা শক্তিশালী সম্প্ৰদায় আছে আৰু সিহঁত তাৰ পৰা ওলাই নোযোৱালৈকে আমি কেতিয়াও তাত প্ৰৱেশ নকৰিম। এতেকে সিহঁত তাৰ পৰা ওলাই গ'লে নিশ্চয় আমি তাত প্ৰৱেশ কৰিম’।

    [23] যিসকলে ভয় কৰিছিল সিহঁতৰ মাজৰ দুজনে, যি দুজনৰ প্ৰতি আল্লাহে অনুগ্ৰহ কৰিছিল, সিহঁতে ক’লে, ‘তোমালোকে সিহঁতৰ মুকাবিলা কৰি দুৱাৰত প্ৰৱেশ কৰা, প্ৰৱেশ কৰিলেই তোমালোকে বিজয় লাভ কৰিবা আৰু যদি তোমালোকে মুমিন হোৱা, তেনেহ’লে আল্লাহৰ ওপৰতেই ভৰসা কৰা’।

    [24] সিহঁতে ক’লে, ‘হে মুছা! সিহঁত যেতিয়া লৈকে তাত থাকিব আমি কেতিয়াও তাত প্ৰৱেশ নকৰিম, এতেকে তুমি আৰু তোমাৰ প্ৰতিপালকে গৈ যুদ্ধ কৰাগৈ। নিশ্চয় আমি ইয়াতেই বহি থাকিম’।

    [25] তেওঁ ক’লে, ‘হে মোৰ ৰব! মই আৰু মোৰ ভাতৃৰ বাহিৰে আন কাৰো ওপৰত মোৰ অধিকাৰ নাই, এতেকে তুমি আমাৰ আৰু ফাছিক্ব সম্প্ৰদায়ৰ মাজত বিচ্ছেদ কৰি দিয়া’।

    [26] আল্লাহে ক’লে, ‘তেনেহ’লে ইয়াক চল্লিশ বছৰলৈকে সিহঁতৰ ওপৰত নিষেধ কৰা হ’ল, সিহঁতে পৃথিৱীত উদ্ভ্ৰান্ত হৈ ঘুৰি ফুৰিব, গতিকে তুমি ফাছিক্ব সম্প্ৰদায়ৰ বাবে দুখ নকৰিবা’।

    [27] আৰু তুমি আদমৰ দুই পুত্ৰৰ কাহিনীটো সিহঁতক যথাযথভাৱে বৰ্ণনা কৰি শুনোৱা। যেতিয়া সিহঁত উভয়ে কুৰবানী কৰিছিল, ফলত এজনৰ পৰা কবুল কৰা হৈছিল আৰু আনজনৰ পৰা কবুল কৰা হোৱা নাছিল। সি ক’লে, ‘নিশ্চয় মই তোমাক হত্যা কৰিম’। আনজনে ক’লে, ‘নিশ্চয় আল্লাহে কেৱল মুত্তাক্বীসকলৰ পৰাই কবুল কৰে’।

    [28] ‘মোক হত্যা কৰাৰ বাবে তুমি তোমাৰ হাত প্ৰসাৰিত কৰিলেও তোমাক হত্যা কৰাৰ বাবে মই তোমাৰ প্ৰতি মোৰ হাত প্ৰসাৰিত নকৰিম; নিশ্চয় মই সৃষ্টিজগতৰ ৰব আল্লাহক ভয় কৰো’।

    [29] ‘নিশ্চয় মই বিচাৰো তুমি মোৰ আৰু তোমাৰ পাপ লৈ উভতি যোৱা ইয়াৰ ফলত তুমি জুইৰ অধিবাসী হোৱা আৰু এইটোৱেই হৈছে যালিমসকলৰ প্ৰতিদান’।

    [30] অৱশেষত তাৰ ভায়েকক হত্যা কৰিবলৈ তাৰ নফছে তাক বশ কৰিলে। ফলত সি তাক হত্যা কৰিলে আৰু এইদৰে সি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’ল।

    [31] তাৰ পিছত আল্লাহে এটা কাউৰী পঠালে, যিটোৱে তাৰ ভায়েকৰ মৃতদেহ কেনেকৈ গোপন কৰিব লাগে সেইটো দেখুৱাৰ বাবে মাটি খুচৰিবলৈ ধৰিলে। সি ক’লে, ‘হায়! মই এই কাউৰীটোৰ দৰেও হ’ব নোৱাৰিলোনে যে মোৰ ভাতৃৰ মৃতদেহটো ঢাকিব পাৰো? ফলত সি অনুতপ্ত হ’ল।

    [32] এই কাৰণেই বনী ইছৰাঈলৰ বাবে এই বিধান দিছিলো যে, হত্যাৰ পৰিবৰ্তে নাইবা পৃথিৱীত অশান্তি সৃষ্টি ৰোধ কৰাৰ বাহিৰে যদি কোনোবাই কাৰোবাক হত্যা কৰে সি যেনিবা সমগ্ৰ মানৱ জাতিকহে হত্যা কৰিলে আৰু যিয়ে কাৰোবাৰ প্ৰাণ ৰক্ষা কৰিলে সি যেনিবা সমগ্ৰ মানুহৰ প্ৰাণ ৰক্ষা কৰিলে। নিশ্চয় সিহঁতৰ ওচৰত আমাৰ ৰাছুলসকল স্পষ্ট প্ৰমাণাদি লৈ আহিছিল, ইয়াৰ পিছতো সিহঁতৰ অধিকাংশই পৃথিৱীত সীমালংঘন কৰিছিল।

    [33] যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধে যুদ্ধ কৰে আৰু পৃথিৱীত ধ্বংসাত্মক কাম কৰি ফুৰে সিহঁতৰ শাস্তি কেৱল এইটোৱেই যে, সিহঁতক হত্যা কৰা হ’ব অথবা ক্ৰুছবিদ্ধ কৰা হ’ব নাইবা বিপৰীত দিশৰ পৰা হাত ভৰি কাটি পেলোৱা হ’ব বা সিহঁতক দেশৰ পৰা নিৰ্বাসিত কৰা হ’ব। পৃথিৱীত এইটোৱেই সিহঁতৰ লাঞ্ছনা আৰু আখিৰাতত সিহঁতৰ বাবে আছে মহা শাস্তি।

    [34] কিন্তু সিহঁতৰ বাহিৰে, যিসকলে তোমালোকৰ আয়ত্তত অহাৰ পূৰ্বেই তাওবা কৰিছে। এতেকে জানি থোৱা যে, নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

    [35] হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু তেওঁৰ নৈকট্য অন্বেষণ কৰা আৰু তেওঁৰ পথত জিহাদ কৰা, যাতে তোমালোকে সফল হ’ব পাৰা।

    [36] নিশ্চয় যিসকলে কুফৰী কৰিছে, পৃথিৱীত যি আছে সেই সকলো যদি সিহঁতৰ হয় লগতে ইয়াৰ সমপৰিমাণ আৰু থাকে, যাতে সিহঁতে ইয়াৰ মাধ্যমত কিয়ামতৰ দিনা শাস্তিৰ পৰা ৰক্ষাৰ বাবে মুক্তিপণ দিব পাৰে, তথাপিও সিহঁতৰ পৰা সেয়া গ্ৰহণ কৰা নহ’ব আৰু সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি।

    [37] সিহঁতে জুইৰ পৰা ওলাব খুজিব, কিন্তু সিহঁতে তাৰ পৰা ওলাব নোৱাৰিব আৰু সিহঁতৰ বাবে আছে চিৰস্থায়ী শাস্তি।

    [38] চোৰ পুৰুষ আৰু চোৰ নাৰীৰ সিহঁত উভয়ৰে হাত কাটি দিয়া, এয়া সিহঁতৰ কৃতকৰ্মৰ ফল আৰু আল্লাহৰ তৰফৰ পৰা শিক্ষণীয় শাস্তিস্বৰূপ; আৰু আল্লাহ মহা পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    [39] এতেকে সীমালংঘন কৰাৰ পিছত কোনোবাই তাওবা কৰিলে আৰু নিজকে সংশোধন কৰিলে নিশ্চয় আল্লাহে তাৰ তাওবা কবুল কৰিব; নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

    [40] তুমি নাজানা নেকি যে, আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্ব কেৱল আল্লাহৰেই? যাক ইচ্ছা তেওঁ শাস্তি দিয়ে আৰু যাক ইচ্ছা তেওঁ ক্ষমা কৰি দিয়ে আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

    [41] হে ৰাছুল! তুমি সিহঁতৰ বাবে চিন্তিত নহ’বা যিসকলে কুফৰীৰ ফালে দ্ৰুত গতিত আগুৱাই যায়—যিসকলে মুখেৰে কয়, ‘ঈমান আনিছো’, অথচ সিহঁতৰ অন্তৰে ঈমান আনা নাই- আৰু যিসকলে ইয়াহুদী, সিহঁত (সকলোৱেই) মিছা কথা শুনিবলৈ অধিক তৎপৰ, অন্যান্য কওমৰ প্ৰতি, যিসকলে তোমাৰ ওচৰত অহা নাই সিহঁতে কাণ পাতি থাকে। শব্দসমূহ যথাযথ সুবিন্যস্ত থকাৰ পিছতো সিহঁতে সেইবোৰৰ অৰ্থ বিকৃত কৰে। সিহঁতে কয়, ‘যদি তোমালোকক এনেকুৱা বিধান দিয়ে তেনেহ’লে গ্ৰহণ কৰিবা আৰু যদি এনেকুৱা বিধান নিদিয়ে তেনেহ’লে বৰ্জন কৰিবা’। আল্লাহে যাক ফিতনাত পেলাব বিচাৰে তাৰ বাবে আল্লাহৰ ওচৰত তোমাৰ কৰিবলৈ একো নাই। ইহঁতেই হৈছে সেইসকল লোক যিসকলৰ হৃদয়ক আল্লাহে বিশুদ্ধ কৰিব নিবিচাৰে; সিহঁতৰ বাবে আছে পৃথিৱীত লাঞ্ছনা আৰু আখিৰাতত আছে মহাশাস্তি।

    [42] সিহঁত মিছা শুনিবলৈ বৰ আগ্ৰহশীল আৰু অবৈধ সম্পদ খাবলৈ অত্যন্ত আসক্ত; এতেকে সিহঁতে যদি তোমাৰ ওচৰত আহে তেন্তে সিহঁতৰ বিচাৰ মীমাংসা কৰিবা অথবা সিহঁতক উপেক্ষা কৰিবা। তুমি যদি সিহঁতক উপেক্ষা কৰা তেন্তে সিহঁতে তোমাৰ একো ক্ষতি কৰিব নোৱাৰিব আৰু তুমি যদি সিহঁতৰ বিচাৰ নিষ্পত্তি কৰা তেন্তে সিহঁতৰ মাজত ন্যায় বিচাৰ কৰিবা; নিশ্চয় আল্লাহে ন্যায়পৰায়ণকাৰী সকলক ভালপায়।

    [43] আৰু সিহঁতে কেনেকৈ তোমাক ফয়চালাকাৰী বনায়? অথচ সিহঁতৰ ওচৰত আছে তাওৰাত, য’ত আছে আল্লাহৰ বিধান, তথাপিও সিহঁতে ইয়াৰ পিছত মুখ ঘূৰাই লয় আৰু সিহঁত মুমিনো নহয়।

    [44] নিশ্চয় আমিয়েই তাওৰাত অৱতীৰ্ণ কৰিছিলো, তাত আছিল হিদায়ত আৰু জ্যোতি, ইয়াৰ মাধ্যমত ইয়াহুদিসকলৰ বাবে ফয়চালা প্ৰদান কৰিছিল অনুগত নবীসকলে আৰু ৰাব্বানীসকলে লগতে বিদ্বানসকলেও। কাৰণ তেওঁলোকক আল্লাহৰ কিতাবৰ ৰক্ষক হিচাপে দায়িত্ব দিয়া হৈছিল আৰু তেওঁলোক আছিল ইয়াৰ ওপৰত সাক্ষী। সেয়ে তোমালোকে মানুহক ভয় নকৰিবা কেৱল মোকেই ভয় কৰা আৰু মোৰ আয়াতসমূহৰ বিনিময়ত তুচ্ছ মূল্য কিনি নলবা। আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে বিধান নিদিয়ে সিহঁতেই কাফিৰ।

    [45] আৰু আমি সিহঁতৰ ওপৰত তাত অত্যাৱশ্যক কৰি দিছিলো যে, প্ৰাণৰ পৰিবৰ্তে প্ৰাণ, চকুৰ পৰিবৰ্তে চকু, নাকৰ পৰিবৰ্তে নাক, কাণৰ পৰিবৰ্তে কাণ, দাঁতৰ পৰিবৰ্তে দাঁত আৰু আঘাতৰ পৰিবৰ্তে অনুৰূপ আঘাত। তাৰ পিছত কোনোবাই সেয়া ক্ষমা কৰিলে তাৰ বাবে সেয়া কাফফাৰা হ’ব। আৰু আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে বিধান নিদিয়ে সিহঁতেই যালিম।

    [46] আৰু আমি সিহঁতৰ পিছতেই মাৰইয়ামৰ পুত্ৰ ঈছাক প্ৰেৰণ কৰিছিলো, তাৰ সন্মুখত তাওৰাতৰ পৰা যি অৱশিষ্ট আছিল তাৰ সত্যতা প্ৰতিপন্নকাৰীৰূপে। আমি তাক ইঞ্জীল প্ৰদান কৰিছিলো, তাত আছে হিদায়ত আৰু জ্যোতি, আৰু সেয়া আছিল তাৰ সন্মুখত অৱশিষ্ট তাওৰাতৰ সত্যতা প্ৰতিপন্নকাৰী আৰু মুত্তাক্বীসকলৰ বাবে হিদায়ত আৰু উপদেশস্বৰূপ।

    [47] ইঞ্জীলৰ অনুসাৰীসকলে আল্লাহে অৱতীৰ্ণ কৰা বিধান অনুযায়ী ফয়চালা কৰা উচিত। আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে বিধান নিদিয়ে সিহঁতেই ফাছিক্ব।

    [48] আৰু আমি তোমাৰ প্ৰতি সত্যসহ কিতাব অৱতীৰ্ণ কৰিছো, ইয়াৰ পূৰ্বে অৱতীৰ্ণ হোৱা কিতাবসমূহৰ সত্যতা প্ৰতিপন্নকাৰী আৰু সেইবোৰৰ তদাৰককাৰীৰূপে। এতেকে আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী তুমি সিহঁতৰ বিচাৰ নিষ্পত্তি কৰা আৰু যি সত্য তোমাৰ ওচৰলৈ আহিছে সেইটো এৰি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা। তোমালোকৰ প্ৰত্যেকৰে বাবে আমি একোটাকৈ চৰীয়ত আৰু স্পষ্ট পথ নিৰ্ধাৰণ কৰি দিছো। আৰু আল্লাহে ইচ্ছা কৰিলে তোমালোকক এটা উম্মত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ তোমালোকক যি প্ৰদান কৰিছে তাৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰিব বিচাৰে। সেয়ে তোমালোকে সৎকামত প্ৰতিযোগীতা কৰা। আল্লাহৰ পিনেই তোমালোক সকলোৰেই প্ৰত্যাৱৰ্তনস্থল। এতেকে তোমালোকে যি বিষয়ত মতভেদ কৰিছিলা, সেই বিষয়ে তেওঁ তোমালোকক অৱগত কৰাব।

    [49] আৰু তুমি সিহঁতৰ মাজত আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী বিচাৰ নিষ্পত্তি কৰা আৰু সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা আৰু সিহঁতৰ বিষয়ে সতৰ্ক হোৱা, যাতে আল্লাহে তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছে সিহঁতে ইয়াৰ কোনো বিষয়ৰ পৰা তোমাক বিচ্যুত কৰিব নোৱাৰে। যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে জানি থোৱা যে, আল্লাহে সিহঁতক কেৱল সিহঁতৰ কিছুমান গুণাহৰ বাবে শাস্তি দিব বিচাৰে আৰু মানুহৰ মাজত বহুতেই ফাছিক্ব।

    [50] সিহঁতে জাহিলিয়্যাতৰ বিধি-বিধান কামনা কৰে নেকি? দৃঢ় বিশ্বাসী সম্প্ৰদায়ৰ বাবে বিধান প্ৰদানত আল্লাহতকৈ শ্ৰেষ্ঠ আৰু কোন হ’ব পাৰে

    [51] হে মুমিনসকল! তোমালোকে ইয়াহুদী আৰু নাছাৰাসকলক বন্ধুৰূপে গ্ৰহণ নকৰিবা, সিহঁতে পৰস্পৰে পৰস্পৰৰ বন্ধু। আৰু তোমালোকৰ কোনোবাই সিহঁতক বন্ধুৰূপে গ্ৰহণ কৰিলে সি নিশ্চয় সিহঁতৰেই এজন। নিশ্চয় আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নিদিয়ে।

    [52] এতেকে যিহঁতৰ অন্তৰত ব্যাধি আছে সিহঁতক তুমি অতিসোনকালে সিহঁতৰ লগত মিলিত হওঁতে দেখিবলৈ পাবা। সিহঁতে কয়, ‘আমি আশংকা কৰিছো যে, কোনো এটা বিপদে আমাক আক্ৰান্ত কৰিব’। তাৰ পিছত এনেকুৱাও হ’ব পাৰে যে, আল্লাহে (তোমালোকক) বিজয় দান কৰিব অথবা তেওঁৰ পৰা এনেকুৱা কিবা প্ৰদান কৰিব যাতে সিহঁতে সিহঁতৰ অন্তৰত যি গোপন ৰাখিছিল সেই বাবে লজ্জিত হয়।

    [53] আৰু মুমিনসকলে ক’ব, ‘ইহঁতেই আল্লাহৰ নামত দৃঢ়ভাৱে শপত কৰিছিল নেকি যে, নিশ্চয় সিহঁতে তোমালোকৰ লগত আছে’? সিহঁতৰ আমলসমূহ নিষ্ফল হৈছে, ফলত সিহঁত ক্ষতিগ্ৰস্ত হৈছে।

    [54] হে মুমিনসকল! তোমালোকৰ মাজৰ কোনোবাই দ্বীনৰ পৰা উভতি গ’লে নিশ্চয় আল্লাহে এনেকুৱা এটা সম্প্ৰদায় আনিব যিসকলক তেওঁ ভালপায় আৰু সিহঁতেও তেওঁক ভালপায়; সিহঁত মুমিনসকলৰ প্ৰতি কোমল আৰু কাফিৰসকলৰ প্ৰতি অতি কঠোৰ হ’ব; সিহঁতে আল্লাহৰ পথত জিহাদ কৰিব আৰু কোনো ভৰ্ৎসনাকাৰীৰ ভৰ্ৎসনালৈ ভ্ৰুক্ষেপ নকৰিব। এইটো আল্লাহৰ অনুগ্ৰহ, যাক ইচ্ছা তাকেই তেওঁ এইটো দান কৰে আৰু আল্লাহ প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।

    [55] তোমালোকৰ বন্ধু কেৱল আল্লাহ আৰু তেওঁৰ ৰাছুল আৰু মুমিনসকল- যিসকলে বিনীত হৈ ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে।

    [56] আৰু যিয়ে আল্লাহক আৰু তেওঁৰ ৰাছুলক লগতে মুমিনসকলক বন্ধুৰূপে গ্ৰহণ কৰে তেন্তে নিশ্চয় আল্লাহৰ দলেই বিজয়ী।

    [57] হে মুমিনসকল! তোমালোকৰ পূৰ্বে যিসকলক কিতাব দিয়া হৈছে সিহঁতৰ মাজত যিসকলে তোমালোকৰ দ্বীনক উপহাস আৰু খেল-ধেমালিৰ বস্তুৰূপে গ্ৰহণ কৰে সিহঁতক আৰু কাফিৰসকলক তোমালোকে বন্ধুৰূপে গ্ৰহণ নকৰিবা আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যদি তোমালোকে প্ৰকৃত মুমিন।

    [58] আৰু যেতিয়া তোমালোকে ছালাতৰ প্ৰতি আহ্বান কৰা তেতিয়া সিহঁতে ইয়াক উপহাস আৰু খেল-ধেমালিৰ বস্তুৰূপে গ্ৰহণ কৰে- এইটো এই বাবে যে, সিহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলে একোৱে নবুজে।

    [59] কোৱা, ‘হে কিতাবীসকল! একমাত্ৰ এই কাৰণেই তোমালোকে আমাৰ লগত শত্ৰুতা পোষণ কৰা নেকি যে, আমি আল্লাহৰ প্ৰতি আৰু আমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে আৰু যি আমাৰ পূৰ্বে অৱতীৰ্ণ হৈছে তাত ঈমান আনিছো আৰু নিশ্চয় তোমালোকৰ অধিকাংশই ফাছিক্ব’।

    [60] কোৱা, ‘মই তোমালোকক ইয়াতকৈয়ো নিকৃষ্ট পৰিণামৰ সংবাদ দিম নে যিটো আল্লাহৰ ওচৰত আছে? যাৰ ওপৰত আল্লাহে অভিসম্পাত কৰিছে আৰু যাৰ ওপৰত তেওঁ ক্ৰোধান্বিত হৈছে। যিসকলৰ মাজৰ পৰা কিছুমানক বান্দৰ আৰু কিছুমানক গাহৰি বনাইছিল আৰু (সিহঁতৰ কিছুমানে) তাগুতৰ উপাসনা কৰিছিল। সিহঁতেই অৱস্থানৰ দিশৰ পৰা নিকৃষ্ট আৰু সৰল পথৰ পৰা আটাইতকৈ বেছি বিচ্যুত’।

    [61] আৰু সিহঁতে যেতিয়া তোমালোকৰ ওচৰত আহে তেতিয়া কয়, আমি ঈমান আনিছো, অথচ সিহঁত কুফৰী লৈ প্ৰৱেশ কৰিছে আৰু এইটো লৈয়ে ওলাই গৈছে। আৰু সিহঁতে যি গোপন কৰে, আল্লাহে সেই সম্পৰ্কে ভালদৰেই জানে।

    [62] সিহঁতৰ মাজৰ বহুতকে তুমি দেখিবলৈ পাবা পাপকৰ্মত, সীমালংঘনত আৰু অবৈধ ভক্ষণত তৎপৰ; সিহঁতে যি কৰে সেয়া কিমান যে নিকৃষ্ট

    [63] ৰাব্বানীসকল আৰু পণ্ডিতসকলে সিহঁতক বেয়া কথা কোৱাৰ পৰা আৰু অবৈধ ভক্ষণৰ পৰা কিয় নিষেধ নকৰে? ইহঁতে যি কৰি আছে নিশ্চয় এয়া কিমান যে নিকৃষ্ট

    [64] আৰু ইয়াহুদীসকলে কয়, ‘আল্লাহৰ হাত ৰুদ্ধ’। দৰাচলতে সিহঁতৰ হাতেই ৰুদ্ধ কৰা হৈছে আৰু সিহঁতে যি কয় সেই বাবে সিহঁত অভিশপ্ত, বৰং আল্লাহৰ উভয় হাতেই প্ৰসাৰিত; যেনেকৈ ইচ্ছা তেওঁ দান কৰে। তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া নিশ্চয় সিহঁতৰ বহুতৰে অবাধ্যতা আৰু কুফৰী বৃদ্ধি কৰিব। আমি সিহঁতৰ মাজত কিয়ামত পৰ্যন্ত স্থায়ী শত্ৰুতা আৰু বিদ্বেষ ঢালি দিছো। যেতিয়াই সিহঁতে যুদ্ধৰ জুই লগায় তেতিয়াই আল্লাহে সেয়া নুমাই দিয়ে আৰু সিহঁতে পৃথিৱীত বিপৰ্যয় কৰি ফুৰে; আৰু আল্লাহে বিপৰ্যয়কাৰীসকলক ভাল নাপায়।

    [65] আৰু যদি কিতাবীসকলে ঈমান আনিলেহেঁতেন আৰু তাক্বৱা অৱলম্বন কৰিলেহেঁতেন তেনেহ’লে আমি সিহঁতৰ পাপসমূহ অৱশ্যে মুচি দিলোহেঁতেন আৰু সিহঁতক সূখময় জান্নাতত প্ৰৱেশ কৰালোহেঁতেন।

    [66] আৰু সিহঁতে যদি তাওৰাত, ইঞ্জীল আৰু সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা সিহঁতৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া প্ৰতিষ্ঠিত কৰিলেহেঁতেন, তেনেহ’লে সিহঁতে অৱশ্যে সিহঁতৰ ওপৰৰ পৰা আৰু ভৰিৰ তলৰ পৰা আহাৰাদী লাভ কৰিলেহেঁতেন। সিহঁতৰ মাজত এনেকুৱা এটা দল আছে যিসকল হৈছে মধ্যপন্থী, আৰু সিহঁতৰ অধিকাংশই যি কৰে সেয়া কিমান যে নিকৃষ্ট

    [67] হে ৰাছুল! তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে সেয়া প্ৰচাৰ কৰা; আৰু যদি তুমি এনে নকৰা তেন্তে তুমি তেওঁৰ বাৰ্তা প্ৰচাৰ নকৰিলা। আল্লাহেই তোমাক মানুহৰ পৰা ৰক্ষা কৰিব। নিশ্চয় আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নকৰে।

    [68] কোৱা, ‘হে কিতাবীসকল! তাওৰাত, ইঞ্জীল আৰু যি তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে সেয়া প্ৰতিষ্ঠা নকৰালৈকে তোমালোকে কোনো ভিত্তিৰ ওপৰত নহয়। আৰু তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া সিহঁতৰ বহুতৰে অবাধ্যতা আৰু কুফৰী বৃদ্ধি কৰিব। এতেকে তুমি কাফিৰ সম্প্ৰদায়ৰ বাবে নিৰাশ নহ’বা’।

    [69] নিশ্চয় যিসকলে ঈমান আনিছে, আৰু যিসকল ইয়াহুদী আৰু ছাবেয়ী লগতে নাছাৰাসকলৰ মাজত যিসকলে আল্লাহ আৰু শেষ দিৱসৰ ওপৰত ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, সিহঁতৰ কোনো ভয় নাই আৰু সিহঁত চিন্তিতও নহ’ব।

    [70] অৱশ্যে আমি বনী ইছৰাঈলৰ পৰা অঙ্গীকাৰ লৈছিলো আৰু সিহঁতৰ ওচৰত বহুতো ৰাছুল প্ৰেৰণ কৰিছিলো। যেতিয়াই কোনো ৰাছুলে সিহঁতৰ ওচৰত এনে কিবা লৈ আহিছে যিটো সিহঁতৰ প্ৰবৃত্তিৰ বিপৰীত তেতিয়াই সিহঁতে ৰাছুলসকলৰ কাৰোবাৰ ওপৰত মিথ্যাৰোপ কৰিছে আৰু কাৰোবাক হত্যা কৰিছে।

    [71] আৰু সিহঁতে ভাৱিছিল যে, সিহঁতৰ কোনো বিপৰ্যয় নহ’ব, ফলত সিহঁত অন্ধ আৰু বধিৰ হৈ গৈছিল। তাৰ পিছতো আল্লাহে সিহঁতৰ তাওবা কবুল কৰিছিল। তথাপিও সিহঁতৰ বহুতেই অন্ধ আৰু বধিৰ হৈছিল। আৰু সিহঁতে যি আমল কৰে সেই বিষয়ে আল্লাহ সম্যক দ্ৰষ্টা।

    [72] যিসকলে কয়, ‘মছিহ ইবনে মাৰইয়ামেই হৈছে আল্লাহ’, অৱশ্যে সিহঁতে কুফৰী কৰিছে। অথচ মছিহে কৈছে, ‘হে ইছৰাঈলৰ সন্তানসকল! তোমালোকে সেই আল্লাহৰ ইবাদত কৰা যিজন মোৰ ৰব আৰু তোমালোকৰো ৰব’। নিশ্চয় যিয়ে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰে আল্লাহে তাৰ ওপৰত জান্নাত হাৰাম কৰি দিছে আৰু তাৰ ঠিকনা হ’ব জাহান্নাম; আৰু যালিমসকলৰ বাবে কোনো সহায়কাৰী নাই।

    [73] সিহঁতে অৱশ্যে কুফৰী কৰিছে- যিসকলে কয়, ‘আল্লাহ হৈছে তিনিৰ মাজত তৃতীয়’, অথচ এক আল্লাহৰ বাহিৰে আন কোনো ইলাহ নাই; আৰু সিহঁতে যি কয় তাৰ পৰা সিহঁতে বিৰত নাথাকিলে সিহঁতৰ মাজত যিসকলে কুফৰী কৰিছে, সিহঁতৰ ওপৰত অৱশ্যে কষ্টদায়ক শাস্তি আপতিত হ’ব।

    [74] কি হ’ল সিহঁতে আল্লাহৰ ফালে উভতি নাহিবনে আৰু তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা নকৰিবনে? আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

    [75] মাৰইয়ামৰ পুত্ৰ মছীহ কেৱল এজন ৰাছুল। তেওঁৰ পূৰ্বে বহুতো ৰাছুল অতীত হৈছে আৰু তেওঁৰ মাক আছিল অত্যন্ত সত্যবাদী। তেওঁলোক দুজনেই খোৱা-বোৱা কৰিছিল। চোৱা, আমি সিহঁতৰ বাবে আয়াতসমূহ কেনেকৈ বিস্তাৰিতভাৱে বৰ্ণনা কৰো, তথাপিও চোৱা, সিহঁত কেনেকৈ সত্যবিমুখ হয়।

    [76] কোৱা, তোমালোকে আল্লাহৰ বাহিৰে এনে বস্তুৰ ইবাদত কৰা নেকি যিয়ে তোমালোকৰ কোনো ক্ষতি বা উপকাৰ কৰাৰ ক্ষমতা নাৰাখে? আৰু আল্লাহেই সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

    [77] কোৱা, ‘হে কিতাবীসকল! তোমালোকে সত্যৰ বাহিৰে নিজ দ্বীনৰ বিষয়ে সীমালংঘন নকৰিবা আৰু ইয়াৰ পূৰ্বে যিবোৰ সম্প্ৰদায় পথভ্ৰষ্ট হৈছে আৰু বহুতকে পথভ্ৰষ্ট কৰিছে লগতে সৰল পথৰ পৰা বিচ্যুত হৈছে সিহঁতৰ অনুসৰণ নকৰিবা’।

    [78] বনী ইছৰাঈলৰ মাজত যিসকলে কুফৰী কৰিছিল সিহঁতে দাঊদ আৰু মাৰইয়ামৰ পুত্ৰ ঈছাৰ মুখত অভিশপ্ত হৈছিল। সেয়া এই কাৰণে যে, সিহঁত অবাধ্যতা কৰিছিল আৰু সিহঁতে সীমালংঘন কৰিছিল।

    [79] সিহঁতে ইজনে সিজনক বেয়া কামৰ পৰা নিষেধ কৰা নাছিল, সিহঁতে যি কৰিছে সেয়া কিমান যে নিকৃষ্ট

    [80] সিহঁতৰ মাজৰ বহুতকে তুমি কাফিৰসকলৰ লগত বন্ধুত্ব কৰোঁতে দেখিবা। সিহঁতৰ অন্তৰে সিহঁতৰ বাবে যি পেচ কৰিছে (সিহঁতে কৰা কামসমূহ) সেয়া কিমান যে নিকৃষ্ট! সেই কাৰণে আল্লাহে সিহঁতৰ ওপৰত ক্ৰোধান্বিত হৈছে আৰু সিহঁত শাস্তিতেই স্থায়ী হ’ব।

    [81] আৰু সিহঁতে আল্লাহ আৰু নবীৰ প্ৰতি লগতে তেওঁৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত ঈমান আনিলে কাফিৰসকলক বন্ধুৰূপে গ্ৰহণ নকৰিলেহেঁতেন, কিন্তু সিহঁতৰ বেছিভাগেই ফাছিক্ব।

    [82] তুমি অৱশ্যে মুমিনসকলৰ বাবে মানুহৰ মাজত শত্ৰুতাত অধিক কঠোৰ পাবা ইয়াহুদীসকলক আৰু যিসকলে শ্বিৰ্ক কৰিছে সিহঁতক। আৰু মুমিনসকলৰ বাবে বন্ধুত্বৰ দিশত আটাইতকৈ ওচৰত পাবা সেইসকল লোকক যিসকলে কয়, ‘আমি নাছাৰা’, এয়া এই কাৰণে যে, সিহঁতৰ মাজত বহুতো পণ্ডিত আৰু সংসাৰবিৰাগী আছে আৰু সিহঁতে নিশ্চয় অহংকাৰ নকৰে।

    [83] আৰু ৰাছুলৰ প্ৰতি যি অৱতীৰ্ণ হৈছে সেয়া যেতিয়া সিহঁতে শুনে, তেতিয়া সিহঁতে যি সত্য উপলব্ধি কৰে তাৰ বাবে তুমি সিহঁতৰ চকু অশ্ৰু বিগলিত দেখিবা। সিহঁতে কয়, ‘হে আমাৰ ৰব! আমি ঈমান আনিছো, সেয়ে তুমি আমাক সাক্ষ্য দানকাৰীসকলৰ তালিকাভুক্ত কৰা’।

    [84] ‘আৰু আমাৰ কি হৈছে, আমি কিয় আল্লাহৰ প্ৰতি আৰু যি সত্য আমাৰ ওচৰত আহিছে তাৰ প্ৰতি বিশ্বাস স্থাপন নকৰিম? অথচ আমি প্ৰত্যাশা কৰো যে, আমাৰ প্ৰতিপালকে আমাক পূণ্যবান সম্প্ৰদায়ৰ অন্তৰ্ভূক্ত কৰিব’।

    [85] সেয়ে সিহঁতৰ এই কথাৰ কাৰণে আল্লাহে সিহঁতৰ বাবে পুৰষ্কাৰ নিৰ্দিষ্ট কৰিছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত সিহঁত স্থায়ী হ’ব; আৰু এইটো মুহছীনসকলৰ পুৰষ্কাৰ।

    [86] আৰু যিসকলে কুফৰী কৰিছে আৰু আমাৰ আয়াতসমূহক মিথ্যাৰোপ কৰিছে, সিহঁতেই জাহান্নামী।

    [87] হে মুমিনসকল! আল্লাহে তোমালোকৰ বাবে উৎকৃষ্ট যিবোৰ বস্তু হালাল কৰিছে সেইবোৰক তোমালোকে হাৰাম নকৰিবা আৰু সীমালংঘন নকৰিবা। নিশ্চয় আল্লাহে সীমালংঘনকাৰী সকলক পছন্দ নকৰে।

    [88] আৰু আল্লাহে তোমালোকক যি হালাল আৰু উৎকৃষ্ট জীৱিকা প্ৰদান কৰিছে তাৰ পৰা খোৱা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাৰ প্ৰতি তোমালোকে বিশ্বাস স্থাপন কৰিছা।

    [89] তোমালোকৰ অনৰ্থক শপতৰ বাবে আল্লাহে তোমালোকৰ দোষ নধৰিব, কিন্তু যিবোৰ শপত তোমালোকে ইচ্ছাকৃতভাৱে কৰা সেইবোৰৰ বাবে তেওঁ তোমালোকৰ দোষ ধৰিব। এতেকে ইয়াৰ কাফফাৰা হৈছে, দহজন মিছকীনক মধ্যম ধৰণৰ খাদ্য প্ৰদান কৰা যিবোৰ তোমালোকে নিজ পৰিয়ালত খোৱা, অথবা সিহঁতক বস্ত্ৰ দান কৰিবা নাইবা এজন দাস মুক্ত কৰিবা। যাৰ সামৰ্থ নাই সি তিনি দিন ছিয়াম পালন কৰিব। তোমালোকে শপত কৰিলে এইটোৱে তোমালোকৰ শপতৰ কাফফাৰা। তোমালোকে নিজৰ শপত ৰক্ষা কৰিবা। এইদৰে আল্লাহে তোমালোকৰ বাবে তেওঁৰ আয়াতসমূহ বৰ্ণনা কৰে, যাতে তোমালোকে কৃতজ্ঞতা জ্ঞাপন কৰা।

    [90] হে মুমিনসকল! মদ, জুৱা, মূৰ্তিপূজাৰ বেদী আৰু ভাগ্য নিৰ্ণয় কৰা তীৰ এইবোৰ কেৱল ঘৃণাৰ বস্তু, চয়তানৰ কাম। সেয়ে তোমালোকে এইবোৰ বৰ্জন কৰা, যাতে তোমালোকে সফল হ’ব পাৰা।

    [91] চয়তানে তোমালোকৰ মাজত মদ আৰু জুৱাৰ দ্বাৰা শত্ৰুতা ও বিদ্বেষ সঞ্চাৰ কৰিব বিচাৰে আৰু তোমালোকক আল্লাহৰ স্মৰণত লগতে ছালাতত বাধা প্ৰদান কৰিব বিচাৰে। তথাপিও তোমালোকে বিৰত নেথাকিবানে

    [92] আৰু তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা লগতে সাৱধানতা অৱলম্বন কৰা; তথাপিও যদি তোমালোকে বিমুখ হোৱা তেন্তে জানি থোৱা যে, আমাৰ ৰাছুলৰ দায়িত্ব কেৱল সুস্পষ্টভাৱে প্ৰচাৰ কৰা।

    [93] যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে ইয়াৰ আগতে যিবোৰ পানাহাৰ কৰিছে তাৰ বাবে তেওঁলোকৰ কোনো গুণাহ নাই, যদি তেওঁলোকে তাক্বৱা অৱলম্বন কৰে, ঈমান আনে আৰু সৎকৰ্ম কৰে। তাৰ পিছত তেওঁলোকে তাক্বৱা অৱলম্বন কৰে আৰু ঈমান আনে। তাৰ পিছত তেওঁলোকে তাক্বৱা অৱলম্বন কৰে আৰু ইহছান কৰে। তেন্তে (জানি থোৱা) আল্লাহে মুহছীনসকলক পছন্দ কৰে।

    [94] হে ঈমান্দাৰসকল! আল্লাহে তোমালোকক অৱশ্যে পৰীক্ষা কৰিব চিকাৰৰ এনেকুৱা বস্তুৰ দ্বাৰা যিবোৰ তোমালোকৰ হাতৰ আৰু বল্লমৰ আওতাত থাকে, যাতে আল্লাহে প্ৰকাশ কৰি দিয়ে যে, কোনে তেওঁক নেদেখাকৈয়ে ভয় পায়। সেয়ে ইয়াৰ পিছতো কোনোবাই সীমালংঘন কৰিলে তাৰ বাবে কষ্টদায়ক শাস্তি আছে।

    [95] হে ঈমান্দাৰসকল! তোমালোকে ইহৰামত থকা অৱস্থাত চিকাৰ (জন্তু) হত্যা নকৰিবা, আৰু যদি তোমালোকৰ মাজত কোনোবাই সেয়া ইচ্ছাকৃতভাৱে হত্যা কৰে তেন্তে সি যিটো হত্যা কৰিছে তাৰ বিনিময় হৈছে অনুৰূপ গৃহপালিত জন্তু, যাৰ ফয়চালা কৰিব তোমালোকৰ মাজৰ দুজন ন্যায়বিচাৰক লোকে- কুৰবানীৰ জন্তু হিচাপে কা’বালৈ পৌঁচাব লাগিব নাইবা ইয়াৰ কাফফাৰা হ’ব দৰিদ্ৰক খাদ্য দান কৰা অথবা সেই অনুপাতে ছিয়াম পালন কৰা, যাতে সি নিজ কৃতকৰ্মৰ ফল ভোগ কৰিব পাৰে। আগতে যি হৈছে আল্লাহে সেয়া ক্ষমা কৰিছে। কিন্তু কোনোবাই যদি সেয়া আকৌ কৰে তেন্তে আল্লাহে তাৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰিব আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী।

    [96] তোমালোকৰ বাবে সাগৰৰ চিকাৰ আৰু সেয়া ভক্ষণ কৰা হালাল কৰা হৈছে, তোমালোকৰ আৰু পৰ্যটকসকলৰ ভোগৰ বাবে। তোমালোকে যেতিয়ালৈকে ইহৰামত থাকিবা তেতিয়ালৈকে তোমালোকৰ বাবে স্থলৰ চিকাৰ কৰা হাৰাম; আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাৰ ওচৰত তোমালোকক একত্ৰিত কৰা হ’ব।

    [97] আল্লাহে পৱিত্ৰ কাবা ঘৰক, পৱিত্ৰ মাহক, হাদঈ আৰু গলাৱদ্ধ জন্তুকো মানুহৰ কল্যাণৰ বাবে নিৰ্ধাৰিত কৰিছে। এইটো এই বাবে যে, যাতে তোমালোকে জানিব পাৰা, নিশ্চয় আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে আল্লাহে সেয়া জানে আৰু নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।

    [98] জানি থোৱা, নিশ্চয় আল্লাহ শাস্তি দানত অতি কঠোৰ, আৰু আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু।

    [99] ৰাছুলৰ দায়িত্ব কেৱল প্ৰচাৰ কৰা; আৰু তোমালোকে যি প্ৰকাশ কৰা আৰু যি গোপন কৰা সেয়া আল্লাহে জানে।

    [100] কোৱা, অপৱিত্ৰ আৰু পৱিত্ৰ সমান নহয়, যদিও অপৱিত্ৰৰ আধিক্য তোমাক মুগ্ধ কৰে। সেয়ে, হে বোধসম্পন্ন ব্যক্তিসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা যাতে তোমালোকে সফল হ’ব পাৰা।

    [101] হে মুমিনসকল! তোমালোকে এনে কোনো বিষয়ে প্ৰশ্ন নকৰিবা যিটো তোমালোকৰ ওচৰত প্ৰকাশ কৰা হ’লে সেয়া তোমালোকক কষ্ট দিব। আৰু কোৰআন অৱতীৰ্ণ হোৱাৰ সময়ত তোমালোকে যদি তেনেকুৱা কোনো প্ৰশ্ন কৰা তেন্তে সেয়া তোমালোকৰ ওচৰত প্ৰকাশ কৰা হ’ব। আল্লাহে সেইবোৰ ক্ষমা কৰিছে আৰু আল্লাহ ক্ষমাশীল, সহনশীল।

    [102] তোমালোকৰ আগতেও এটা সম্প্ৰদায়ে এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছিল; তাৰ পিছত সিহঁতে ইয়াৰ কাৰণে কাফিৰ হৈ গৈছিল।

    [103] বাহীৰাহ, ছায়েবাহ, অছীলাহ আৰু হাম আল্লাহে প্ৰৱৰ্তন কৰা নাই; কিন্তু কাফিৰসকলে আল্লাহৰ প্ৰতি মিথ্যাৰোপ কৰে আৰু সিহঁতৰ অধিকাংশই নুবুজে।

    [104] আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে সেইপিনে আৰু ৰাছুলৰ পিনে আহা’, তেতিয়া সিহঁতে কয়, ‘আমি আমাৰ পূৰ্বপুৰুষসকলক যিটোত পাইছো সেইটোৱেই আমাৰ বাবে যথেষ্ট’। যদিও সিহঁতৰ পূৰ্বপুৰুষসকলে একো জনা নাছিল আৰু সৎপথ প্ৰাপ্তও নাছিল, (তথাপিও অনুসৰণ কৰিবনে)

    [105] হে মুমিনসকল! তোমালোকৰ দায়িত্ব তোমালোকৰ ওপৰতেই। তোমালোকে যদি সৎপথত পৰিচালিত হোৱা তেন্তে যিয়ে পথভ্ৰষ্ট হৈছে সি তোমালোকৰ কোনো ক্ষতি কৰিব নোৱাৰিব। আল্লাহৰ পিনেই তোমালোক সকলোৰে প্ৰত্যাৱৰ্তন, তাৰ পিছত তোমালোকে যি কৰিছিলা সেই সম্বন্ধে তেওঁ তোমালোকক অৱহিত কৰিব।

    [106] হে মুমিনসকল! তোমালোকৰ কাৰোবাৰ যেতিয়া মৃত্যু উপস্থিত হয় তেতিয়া অছিয়ত কৰাৰ সময়ত তোমালোকৰ মাজৰ দুজন ন্যায়পৰায়ণ লোকক সাক্ষী ৰাখিবা; অথবা যদি তোমালোক ভ্ৰমণত থাকোতে তোমালোকক মৃত্যুৰ বিপদ আহি ধৰে তেন্তে আন মানুহৰ (অমুছলিমসকলৰ) পৰা দুজন মানুহক সাক্ষী মনোনীত কৰিবা। যদি তোমালোকৰ সন্দেহ হয় তেন্তে উভয়কে ছালাতৰ পিছত অপেক্ষাত ৰাখিবা। তাৰ পিছত সিহঁতে আল্লাহৰ নামত শপত কৰি ক’ব, ‘আমি ইয়াৰ বিনিময়ত কোনো মূল্য গ্ৰহণ নকৰিম যদিও সি আমাৰ কোনো আত্মীয়ই নহওঁক কিয় আৰু আমি আল্লাহৰ সাক্ষী গোপন নকৰিম, (যদি আমি এনেকুৱা কৰো তেন্তে) নিশ্চয় আমি পাপিষ্ঠসকলৰ অন্তৰ্ভূক্ত হম’।

    [107] কিন্তু যদি এইটো প্ৰকাশ হয় যে, সিহঁত দুজন অপৰাধত লিপ্ত হৈছে তেন্তে যিসকলৰ স্বাৰ্থহানী হৈছে সিহঁতৰ মাজৰ পৰা নিকটতম দুজন সিহঁত দুজনৰ স্থলাভিষিক্ত হ’ব আৰু আল্লাহৰ নামত শপত কৰি ক’ব, ‘আমাৰ সাক্ষ্য অৱশ্যে সিহঁতৰ সাক্ষ্যৰ পৰা অধিক সত্য আৰু আমি সীমালংঘন কৰা নাই, (আৰু যদি আমি এনেকুৱা কৰি থাকো তেন্তে) অৱশ্যে আমি যালিমসকলৰ অন্তৰ্ভূক্ত হম’।

    [108] এই পদ্ধতিয়েই অতি নিকটতম যে, সিহঁতে সাক্ষ্য সঠিকভাৱে উপস্থাপন কৰিব অথবা সিহঁতে (মিছা সাক্ষ্য প্ৰদানকাৰীসকলে) ভয় কৰিব যে, সিহঁতৰ (নিকটাত্মীসকলৰ) শপতৰ পিছত (পূৰ্বোক্ত) শপত প্ৰত্যাখ্যান কৰা হ’ব। তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু শুনা, আল্লাহে ফাছিক সম্প্ৰদায়ক হিদায়ত নকৰে।

    [109] (স্মৰণ কৰা) যিদিনা আল্লাহে ৰাছুলসকলক একত্ৰিত কৰিব আৰু সুধিব, ‘তোমালোকক কি উত্তৰ দিয়া হৈছিল’? তেওঁলোকে ক’ব, ‘এই বিষয়ে আমাৰ কোনো জ্ঞান নাই, তুমিয়েইতো গায়েব সম্পৰ্কে সৰ্বজ্ঞানী’।

    [110] স্মৰণ কৰা, যেতিয়া আল্লাহে ক’ব, ‘হে মাৰইয়ামৰ পুত্ৰ ঈছা! তোমাৰ প্ৰতি আৰু তোমাৰ মাকৰ প্ৰতি মোৰ নিয়ামত স্মৰণ কৰা, যেতিয়া ৰুহুল কুদুছ প্ৰদান কৰি মই তোমাক শক্তিশালী কৰিছিলো আৰু তুমি দোলনাত থকা অৱস্থাত লগতে পৰিণত বয়সতো মানুহৰ লগত কথা ক’ব পাৰিছিলা, তোমাক কিতাব, হিকমত, তাওৰাত আৰু ইঞ্জীল শিক্ষা দিছিলো, তুমি বোকা মাটিৰে মোৰ অনুমতিক্ৰমত চৰাইৰ দৰে আকৃতি গঠণ কৰিছিলা আৰু তাত ফুঁ মাৰিছিলা, ফলত মোৰ অনুমতিক্ৰমে সেইটো চৰাই হৈ গৈছিল, জন্মান্ধ আৰু কুষ্ঠ ৰোগীসকলক তুমি মোৰ অনুমতিক্ৰমে নিৰাময় কৰিছিলা আৰু তুমি মোৰ অনুমতিক্ৰমে মৃতক জীৱিত কৰিছিলা, আৰু স্মৰণ কৰা, যেতিয়া মই তোমাৰ পৰা বনী ইছৰাঈলক বিৰত ৰাখিছিলো, যেতিয়া তুমি সিহঁতৰ ওচৰত স্পষ্ট নিদৰ্শন লৈ আহিছিলা তেতিয়া সিহঁতৰ মাজত যিসকলে কুফৰী কৰিছিল সিহঁতে কৈছিল, ‘এয়া স্পষ্ট যাদুৰ বাহিৰে আন একো নহয়’।

    [111] আৰু স্মৰণ কৰা, যেতিয়া মই হাৱাৰীসকলৰ মনত ইলহাম কৰিছিলো যে, ‘তোমালোকে মোৰ প্ৰতি আৰু মোৰ ৰাছুলৰ প্ৰতি ঈমান আনা’, সিহঁতে কৈছিল, ‘আমি ঈমান আনিলো আৰু তুমি সাক্ষী থাকা যে, নিশ্চয় আমি মুছলিম’।

    [112] স্মৰণ কৰা, যেতিয়া হাৱাৰীসকলে কৈছিল, ‘হে মাৰইয়ামৰ পুত্ৰ ঈছা! তোমাৰ প্ৰতিপালকে আমালৈ আকাশৰ পৰা খাদ্য বস্তুৰে ভৰা দস্তৰখান প্ৰেৰণ কৰিবলৈ সক্ষমনে? তেওঁ কৈছিল, ‘আল্লাহৰ তাক্বৱা অৱলম্বন কৰা যদি তোমালোকে মুমিন হোৱা’।

    [113] সিহঁতে কৈছিল, ‘আমি তাৰ পৰা খাব বিচাৰো আৰু আমাৰ হৃদয়ে প্ৰশান্তি লাভ কৰিব, আৰু যাতে আমি জানিব পাৰো যে, তুমি কোৱা কথাবোৰ সত্য আৰু আমি এই বিষয়ে সাক্ষী হ’ব বিচাৰো’।

    [114] মাৰইয়ামৰ পুত্ৰ ঈছাই ক’লে, ‘হে আল্লাহ (তুমি) আমাৰ ৰব! আমাৰ বাবে আকাশৰ পৰা দস্তৰখান অৱতীৰ্ণ কৰা; এইটো আমাৰ আৰু আমাৰ পূৰ্বৱৰ্তী লগতে পৰবৰ্তী সকলোৰে বাবে হ’ব আনন্দোৎসৱ স্বৰূপ আৰু এয়া হ'ব তোমাৰ ফালৰ পৰা এটা নিদৰ্শন। আমাক জীৱিকা দান কৰা, তুমিয়েইতো শ্ৰেষ্ঠ জীৱিকাদাতা’।

    [115] আল্লাহে ক’লে, ‘নিশ্চয় মই তোমালোকৰ ওচৰত সেয়া অৱতীৰ্ণ কৰিম, কিন্তু ইয়াৰ পিছত তোমালোকৰ মাজৰ পৰা কোনোবাই কুফৰী কৰিলে তাক মই এনেকুৱা শাস্তি বিহিম যিটো শাস্তি সৃষ্টিজগতৰ আন কাকো নিদিওঁ’।

    [116] আৰু স্মৰণ কৰা, আল্লাহে যেতিয়া ক’ব, ‘হে মাৰইয়ামৰ পুত্ৰ ঈছা! তুমি মানুহক এই কথা কৈছিলা নেকি যে, তোমালোকে আল্লাহৰ বাহিৰে মোক আৰু মোৰ মাকক উপাস্যৰূপে গ্ৰহণ কৰা? তেওঁ ক’ব, ‘তুমি মহিমান্বিত! যিটো কোৱাৰ অধিকাৰ মোৰ নাই সেইটো কোৱা মোৰ পক্ষে কেতিয়াও শোভনীয় নহয়। যদি মই এনেকৈ ক’লোহেঁতেন তেন্তে তুমিতো সেয়া জানিলাহেঁতেন। মোৰ অন্তৰৰ কথাতো তুমি জানা, কিন্তু তোমাৰ অন্তৰৰ কথা মই নাজানো, নিশ্চয় তুমি অদৃশ্য সম্পৰ্কে সৰ্বজ্ঞানী’।

    [117] ‘তুমি মোক যি আদেশ কৰিছিলা তাৰ বাহিৰে মই সিহঁতক একো কোৱা নাই, সেয়া হৈছে যে, তোমালোকে আল্লাহৰ ইবাদত কৰা যিজন মোৰ ৰব আৰু তোমালোকৰো ৰব; আৰু যিমান দিনলৈকে মই সিহঁতৰ মাজত আছিলো সিমান দিনলৈকে মই সিহঁতৰ কাৰ্যকৰ্মৰ সাক্ষী আছিলো, কিন্তু যেতিয়া তুমি মোক উঠাই আনিলা তেতিয়া তুমিয়েইতো আছিলা সিহঁতৰ কৃতকৰ্মৰ তত্ত্বাৱধায়ক আৰু তুমিয়েই সকলো বস্তুৰ পৰ্যবেক্ষক।

    [118] যদি তুমি সিহঁতক শাস্তি দিয়া তেন্তে সিহঁততো তোমাৰেই বান্দা, আৰু যদি সিহঁতক ক্ষমা কৰি দিয়া তেন্তে তুমিতো মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    [119] আল্লাহে ক’ব, ‘এইটোৱে সেই দিন, যিদিনা সত্যবাদীসকলে সিহঁতৰ সত্যৰ বাবে উপকৃত হ’ব, সিহঁতৰ বাবে আছে জান্নাত যাৰ তলত নদীসমূহ প্ৰবাহিত। সিহঁতে তাত চিৰস্থায়ী হ’ব, আল্লাহ সিহঁতৰ প্ৰতি সন্তুষ্ট আৰু সিহঁতেও আল্লাহৰ প্ৰতি সন্তুষ্ট, এইটোৱেই মহাসফলতা।

    [120] আকাশমণ্ডল আৰু পৃথিৱী লগতে এই দুয়োৰ মাজত যি আছে সেই সকলোৰে ৰাজত্ব আল্লাহৰেই আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

    Surah 6
    আল-আন‘আম

    [1] সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই যিজনে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে, আৰু সৃষ্টি কৰিছে অন্ধকাৰ আৰু পোহৰ। ইয়াৰ পিছতো কাফিৰসকলে নিজ প্ৰতিপালকৰ সমতুল্য স্থিৰ কৰে।

    [2] তেৱেঁই তোমালোকক বোকা মাটিৰে সৃষ্টি কৰিছে, তাৰ পিছত এটা সময় নিৰ্দিষ্ট কৰিছে আৰু আন এটা নিৰ্ধাৰিত সময় আছে যিটো কেৱল তেৱেঁই জানে, ইয়াৰ পিছতো তোমালোকে সন্দেহ কৰা।

    [3] আকাশমণ্ডল আৰু পৃথিৱীত কেৱল তেৱেঁই আল্লাহ, তোমালোকৰ গোপন আৰু প্ৰকাশ্য সকলো তেওঁ জানে আৰু তোমালোকে যি অৰ্জন কৰা সেয়াও তেওঁ জানে।

    [4] আৰু সিহঁতৰ প্ৰতিপালকৰ পৰা সিহঁতৰ ওচৰলৈ কোনো নিদৰ্শন আহিলেই সিহঁতে তাৰ পৰা মুখ ঘূৰাই লয়।

    [5] এতেকে সত্য যেতিয়াই সিহঁতৰ ওচৰত আহিছে সিহঁতে সেয়া অস্বীকাৰ কৰিছে। গতিকে যি বিষয়ে সিহঁতে উপহাস কৰিছে তাৰ যথাৰ্থ সংবাদ অনতিপলমে সিহঁতৰ ওচৰত আহি পাব।

    [6] সিহঁতে চোৱা নাইনে যে, আমি সিহঁতৰ পূৰ্বে বহু প্ৰজন্মক বিনাশ কৰিছো? সিহঁতক পৃথিৱীত এনেকৈ প্ৰতিষ্ঠিত কৰিছিলো যে, তেনেকৈ প্ৰতিষ্ঠিত তোমালোককো কৰা নাই আৰু সিহঁতৰ ওপৰত ধাৰাষাৰ বৰষুণ বৰ্ষাইছিলো। আৰু সৃষ্টি কৰিছিলো নদীসমূহ যিবোৰ সিহঁতৰ তলত প্ৰবাহিত আছিল, তাৰ পিছত সিহঁতৰ পাপকৰ্মৰ বাবে সিহঁতক বিনাশ কৰিছো আৰু সিহঁতৰ পিছত আন প্ৰজন্মক সৃষ্টি কৰিছো।

    [7] আৰু আমি যদি তোমাৰ প্ৰতি কাগজত লিখা কিতাপো অৱতীৰ্ণ কৰিলোহেঁতেন, ফলত সিহঁতে যদি সেয়া হাতেৰে স্পৰ্শও কৰিলেহেঁতেন তথাপিও কাফিৰসকলে ক’লেহেঁতেন, ‘এইটো স্পষ্ট যাদুৰ বাহিৰে আন একো নহয়’।

    [8] আৰু সিহঁতে কয়, ‘কিয় তাৰ ওচৰত কোনো ফিৰিস্তা অৱতীৰ্ণ নহয়?’ আৰু যদি আমি ফিৰিস্তা অৱতীৰ্ণ কৰিলোহেঁতেন, তেন্তে বিষয়টোৰ চুড়ান্ত ফয়চালাই হৈ গ’লেহেঁতেন, তাৰ পিছত সিহঁতক আৰু কোনো অৱকাশ দিয়া নহ’লেহেঁতেন।

    [9] আৰু যদি তেওঁক ফিৰিস্তা কৰিলোহেঁতেন তেন্তে তেওঁক পুৰুষ মানুহৰ আকৃতিতেই পঠিয়ালোহেঁতেন, আৰু সিহঁতক তেনেকুৱা বিভ্ৰমতেই ৰাখিলো হয় যেনেকুৱা বিভ্ৰমত সিহঁত এতিয়া আছে।

    [10] আৰু তোমাৰ পূৰ্বে বহুতো ৰাছুলক উপহাস কৰা হৈছে। ফলত যিসকলে তেওঁলোকৰ লগত উপহাস কৰিছিল সিহঁতক সিহঁতৰ উপহাসেই পৰিবেষ্টন কৰি লৈছে।

    [11] কোৱা, ‘তোমালোকে পৃথিৱীত পৰিভ্ৰমণ কৰা, তাৰ পিছত চোৱা, যিসকলে মিথ্যাৰোপ কৰিছিল সিহঁতৰ পৰিণাম কি হৈছিল’

    [12] কোৱা, ‘আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেয়া কাৰ’? কোৱা, ‘আল্লাহৰেই’, তেওঁ নিজৰ ওপৰত 'দয়াক' কৰ্তব্য হিচাপে লিখি লৈছে। কিয়ামতৰ দিনা তেওঁ নিশ্চয় তোমালোকক একত্ৰিত কৰিব, ইয়াত কোনো সন্দেহ নাই। যিসকলে নিজেই নিজৰ ক্ষতি কৰিছে সিহঁতে ঈমান পোষণ নকৰিব।

    [13] আৰু ৰাতি ও দিনত যি যি অৱস্থান কৰে সেই সকলোবোৰ তেওঁৰেই, আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

    [14] কোৱা, ‘মই আকাশমণ্ডল আৰু পৃথিৱীৰ স্ৰষ্টা আল্লাহক এৰি আনক অভিভাৱক ৰূপে গ্ৰহণ কৰিম নেকি? তেৱেঁই আহাৰ প্ৰদান কৰে কিন্তু তেওঁক আহাৰ প্ৰদান কৰা নহয়’। কোৱা, ‘নিশ্চয় মোক আদেশ কৰা হৈছে যে, যিসকলে ইছলাম গ্ৰহণ কৰিছে ময়েই যেন সিহঁতৰ মাজত প্ৰথম হওঁ, (মোক আৰু আদেশ কৰা হৈছে যে) তুমি কেতিয়াও মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহ’বা’।

    [15] কোৱা, ‘মই যদি মোৰ প্ৰতিপালকৰ অবাধ্যতা কৰো, তেন্তে নিশ্চয় মই মহা দিৱসৰ শাস্তিৰ পৰা ভয় কৰো’।

    [16] ‘সেই দিনা যাৰ পৰা এই শাস্তি আঁতৰাই লোৱা হ’ব, তাৰ প্ৰতি আল্লাহে দয়াহে কৰিলে আৰু এইটোৱেই স্পষ্ট সফলতা’।

    [17] আৰু আল্লাহে যদি তোমাক কোনো বিপদৰ দ্বাৰা স্পৰ্শ কৰে, তেন্তে তেওঁৰ বাহিৰে আন কোনোৱেই সেয়া দূৰ কৰিব নোৱাৰে, আৰু যদি তেওঁ তোমাক কোনো কল্যাণৰ দ্বাৰা স্পৰ্শ কৰে, তেন্তে (জানি থোৱা) তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

    [18] আৰু তেৱেঁই নিজ বান্দাসকলৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণকাৰী, আৰু তেওঁ প্ৰজ্ঞাময়, সম্যক অৱহিত।

    [19] কোৱা, ‘কোনটো বস্তু আটাইতকৈ ডাঙৰ সাক্ষী’? কোৱা, ‘আল্লাহ, মোৰ আৰু তোমালোকৰ মাজত সাক্ষ্যদাতা, আৰু এই কোৰআন মোৰ ওচৰত অহী কৰা হৈছে যাতে তোমালোকক আৰু যাৰ ওচৰলৈকে ই গৈ পাব সিহঁতক ইয়াৰ দ্বাৰা সতৰ্ক কৰিব পাৰো। তোমালোকে এই সাক্ষী বহন কৰা নেকি যে, আল্লাহৰ লগত আন কোনোবা ইলাহ আছে’? কোৱা, ‘মই এই সাক্ষ্য নিদিওঁ’। কোৱা, ‘তেৱেঁই হৈছে একমাত্ৰ প্ৰকৃত ইলাহ আৰু তোমালোকে যি অংশীদাৰ স্থাপন কৰা তাৰ পৰা মই নিশ্চয় বিমুক্ত’।

    [20] আমি যিসকলক কিতাব প্ৰদান কৰিছো সিহঁতে তেওঁক এনেকৈ চিনি পায় যেনেকৈ সিহঁতে নিজ সন্তানক চিনি পায়। যিসকলে নিজেই নিজৰ ক্ষতি সাধন কৰিছে সিহঁতে ঈমান পোষণ নকৰিব।

    [21] যি ব্যক্তিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে অথবা তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰে সেই ব্যক্তিতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? নিশ্চয় যালিমসকলে সফলতা লাভ কৰিব নোৱাৰে।

    [22] আৰু যিদিনা আমি সিহঁত আটাইকে একত্ৰিত কৰিম, তাৰ পিছত যিসকলে শ্বিৰ্ক কৰিছে সিহঁতক সুধিম, ‘যিসকলক তোমালোকে মোৰ লগত অংশী স্থাপন কৰিছিলা সিহঁত এতিয়া ক’ত’

    [23] তেতিয়া সিহঁতৰ ওচৰত এই কথাৰ বাহিৰে আন কোনো অজুহাত নাথাকিব, ‘আমাৰ ৰব আল্লাহৰ শপত! আমি মুশ্বৰিক নাছিলো’।

    [24] চোৱা, কেনেকৈ সিহঁতে নিজৰ ওপৰতে মিছা কৈ আছে আৰু যি মিছা সিহঁতে ৰচনা কৰিছিল সেয়া কেনেকৈ সিহঁতৰ পৰা হেৰাই গ’ল।

    [25] আৰু সিহঁতৰ মাজৰ কিছুমানে তোমাৰ কথা কাণ পাতি শুনে, কিন্তু আমি সিহঁতৰ অন্তৰত আৱৰণ কৰি দিছো যাতে সিহঁতে সেয়া উপলব্ধি কৰিব নোৱাৰে, আৰু সিহঁতৰ কাণত আছে বধিৰতা। যদি গোটেই আয়াতো সিহঁতে প্ৰত্যক্ষ কৰে তথাপিও সিহঁতে ঈমান নানিব। আনকি সিহঁতে যেতিয়া তোমাৰ ওচৰত উপস্থিত হয়, তেতিয়া সিহঁতে তোমাৰ লগত বিৰ্কত লিপ্ত হয়, যিসকলে কুফৰী কৰিছে সিহঁতে কয়, ‘এয়াতো আগৰ দিনৰ উপকথাৰ বাহিৰে আন একো নহয়’।

    [26] আৰু সিহঁতে আনক এইবোৰ শুনাৰ পৰা বিৰত ৰাখে আৰু নিজেও এইবোৰ শুনাৰ পৰা দূৰত থাকে, আৰু সিহঁত নিজেই নিজকে ধ্বংস কৰে, অথচ সিহঁতে উপলব্ধি নকৰে।

    [27] তুমি যদি দেখিলাহেঁতেন যেতিয়া সিহঁতক জুইৰ ওপৰত থিয় কৰোৱা হ’ব তেতিয়া সিহঁতে ক’ব, ‘হায়’! যদি আমাক উভতাই দিয়া হ’লেহেঁতেন, আমি আমাৰ প্ৰতিপালকৰ আয়াতসমূহ অস্বীকাৰ নকৰিলো হয় আৰু আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হ’লো হয়।

    [28] বৰং আগতে সিহঁতে যি গোপন কৰিছিল সেয়া এতিয়া সিহঁতৰ ওচৰত প্ৰকাশ পাইছে; আৰু সিহঁতক আকৌ (দুনাই পৃথিৱীলৈ) পঠোৱা হ’লেও সিহঁতক যি কৰিবলৈ নিষেধ কৰা হৈছিল আকৌ সিহঁতে সেইটোকে কৰিলে হয়; আৰু নিশ্চয় সিহঁত মিছলীয়া।

    [29] আৰু সিহঁতে কয়, ‘আমাৰ পাৰ্থিৱ জীৱনেই একমাত্ৰ জীৱন আৰু আমাক পুনৰুত্থিতও কৰা নহ’ব’।

    [30] আৰু যদি তুমি দেখিলাহেঁতেন, যেতিয়া সিহঁতক সিহঁতৰ প্ৰতিপালকৰ সন্মুখত থিয় কৰোৱা হ’ব, তেওঁ ক’ব, ‘এইটো প্ৰকৃত সত্য নহয় জানো’? সিহঁতে ক’ব, ‘আমাৰ প্ৰতিপালকৰ শপত! নিশ্চয় এয়া সত্য’। তেওঁ ক’ব, ‘তেন্তে তোমালোকে যি কুফৰী কৰিছিলা তাৰ বাবে তোমালোকে এতিয়া শাস্তি ভোগ কৰা’।

    [31] যিসকলে আল্লাহৰ সাক্ষাৎ অস্বীকাৰ কৰিছে সিহঁতে নিশ্চয় ক্ষতিগ্ৰস্ত হৈছে, আনকি সিহঁতৰ ওচৰত যেতিয়া হঠাৎ কিয়ামত আহি উপস্থিত হ’ব তেতিয়া সিহঁতে ক’ব, ‘হায়! ইয়াক আমি কিমান যে অৱহেলা কৰিছিলো তাৰ বাবে এতিয়া আফচোচ’। আৰু সিহঁতে সিহঁতৰ পাপসমূহ নিজৰ পিঠিত বহন কৰিব। সাৱধান! সিহঁতে যি বহন কৰিব সেয়া অতি নিকৃষ্ট

    [32] আৰু পাৰ্থিৱ জীৱন কেৱল খেল-ধেমালিৰ বাহিৰে আন একো নহয় আৰু যিসকলে তাক্বৱা অৱলম্বন কৰে তেওঁলোকৰ বাবে আখিৰাতৰ আবাসেই উত্তম; তথাপিও তোমালোকে নুবুজানে

    [33] আমি নিশ্চয় জানো যে, সিহঁতে যি কয় সেয়া তোমাক কষ্ট দিয়ে; কিন্তু সিহঁতে তোমাৰ প্ৰতি মিথ্যাৰোপ নকৰে, বৰং যালিমসকলে আল্লাহৰ আয়াতসমূহকহে অস্বীকাৰ কৰে।

    [34] আৰু তোমাৰ পূৰ্বেও বহুতো ৰাছুলৰ ওপৰত মিথ্যাৰোপ কৰা হৈছিল, কিন্তু তেওঁলোকক মিথ্যাৰোপ কৰা আৰু কষ্ট দিয়াৰ পিছতো তেওঁলোকে ধৈৰ্য ধাৰণ কৰিছিল, অৱশেষত তেওঁলোকৰ ওচৰত আমাৰ সহায় আহিছে। আৰু আল্লাহৰ বাণীসমূহৰ কোনো পৰিবৰ্তনকাৰী নাই। নিশ্চয় ৰাছুলসকলৰ কিছু সংবাদ তোমাৰ ওচৰলৈকেও আহিছে।

    [35] আৰু যদি সিহঁতৰ উপেক্ষা (অনাগ্ৰহ) তোমাৰ বাবে কষ্টকৰ হয় তেন্তে পাৰিলে ভূগৰ্ভত সুৰংগ অথবা আকাশত জখলা বিচাৰি উলিয়াই সিহঁতৰ বাবে কোনো নিদৰ্শন লৈ আহা। আৰু যদি আল্লাহে ইচ্ছা কৰিলেহেঁতেন তেন্তে সিহঁত আটাইকে নিশ্চয় সৎপথত একত্ৰিত কৰিলেহেঁতেন। সেয়ে তুমি মূৰ্খসকলৰ অন্তৰ্ভুক্ত নহ’বা।

    [36] যিসকলে শুনা পায় কেৱল সিহঁতেই আহ্বানত সঁহাৰি দিয়ে। আৰু মৃতসকলক আল্লাহে পুনৰ জীৱিত কৰিব; তাৰ পিছত সিহঁতক তেওঁৰ পিনেই প্ৰত্যাৱৰ্তন কৰোৱা হ’ব।

    [37] আৰু সিহঁতে কয়, ‘তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ ওচৰত কিয় নিদৰ্শন নাহে’? কোৱা, ‘নিদৰ্শন অৱতীৰ্ণ কৰিবলৈ আল্লাহ নিশ্চয় সক্ষম’, কিন্তু সিহঁতৰ অধিকাংশই (এই কথা) নাজানে।

    [38] আৰু পৃথিৱীত বিচৰণশীল প্ৰতিটো প্ৰাণী আৰু দুই ডেউকাৰে উৰা প্ৰতিটো চৰাই, তোমালোকৰ দৰেই একো একোটা উম্মত। এই কিতাবত (লাওহে মাহফুজত) আমি একো এৰি দিয়া নাই; তাৰ পিছত সিহঁতক সিহঁতৰ প্ৰতিপালকৰ পিনে একত্ৰিত কৰা হ’ব।

    [39] আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰে, সিহঁত কলা আৰু বোবা, অন্ধকাৰত আছে। আল্লাহে যাক ইচ্ছা বিপথগামী কৰে আৰু যাক ইচ্ছা তেওঁ সৰল পথত স্থাপন কৰে।

    [40] কোৱা, ‘তোমালোকে কি বিবেচনা কৰা, যদি তোমালোকৰ ওপৰত আল্লাহৰ শাস্তি আপতিত হয় অথবা তোমালোকৰ ওচৰত কিয়ামত উপস্থিত হয়, তেন্তে তোমালোকে আল্লাহৰ বাহিৰে আন কাৰোবাক মাতিবানে? যদি তোমালোকে সত্যবাদী হোৱা (তেন্তে কোৱা)।

    [41] (নহয়) বৰং তোমালোকে কেৱল তেওঁকেই মাতিবা, এতেকে তোমালোকে যি উদ্দেশ্যে তেওঁক মাতিছা তেওঁ ইচ্ছা কৰিলে তোমালোকৰ সেই উদ্দেশ্য পূৰণ কৰিব আৰু তোমালোকে যিবোৰক তেওঁৰ অংশী কৰিছিলা সেইবোৰক পাহৰি যাবা।

    [42] নিশ্চয় আমি তোমাৰ পূৰ্বে বহুতো জাতিৰ ওচৰত ৰাছুল প্ৰেৰণ কৰিছো, তাৰ পিছত সিহঁতক অৰ্থসংকট আৰু দুখ-কষ্টত পতিত কৰিছো, যাতে সিহঁতে অনুনয় বিনয় কৰে।

    [43] এতেকে যেতিয়া আমাৰ শাস্তি সিহঁতৰ ওপৰত আপতিত হ’ল, তেতিয়া সিহঁতে কিয় বিনিত হোৱা নাছিল? কাৰণ সিহঁতৰ হৃদয় নিষ্ঠুৰ হৈছিল আৰু সিহঁতে যি কৰিছিল সেয়া চয়তানে সিহঁতৰ বাবে শোভনীয় কৰি দিছিল।

    [44] সিহঁতক যি উপদেশ দিয়া হৈছিল সেয়া যেতিয়া সিহঁতে পাহৰি গ’ল, তেতিয়া আমি সিহঁতৰ বাবে সকলো বস্তুৰ দুৱাৰ মুকলি কৰি দিলো; অৱশেষত সিহঁতক যি প্ৰদান কৰা হৈছিল যেতিয়া সিহঁতে তাত উৎফুল্লিত হ’ল তেতিয়া হঠাৎ সিহঁতক আটক কৰিলো, ফলত তেতিয়াই সিহঁত নিৰাশ হ’ল।

    [45] ফলত যালিম সম্প্ৰদায়ৰ মূলোচ্ছেদ কৰা হ'ল আৰু সকলো ধৰণৰ প্ৰশংসা কেৱল সৃষ্টিজগতৰ ৰব আল্লাহৰ বাবেই।

    [46] কোৱা, ‘তোমালোকে ভাৱি চোৱা নাইনে, আল্লাহে যদি তোমালোকৰ শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তি হৰণ কৰি লয় আৰু তোমালোকৰ হৃদয়ত মোহৰ মাৰি দিয়ে তেন্তে আল্লাহৰ বাহিৰে তোমালোকৰ কোন ইলাহ আছে যিয়ে এইবোৰ উভতাই দিব’? চোৱা, কেনেকৈ আমি আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰো, ইয়াৰ পিছতো সিহঁতে মুখ ঘূৰাই লয়।

    [47] কোৱা, ‘তোমালোকে কোৱাচোন যদি আল্লাহৰ শাস্তি হঠাৎ বা প্ৰকাশ্যভাৱে তোমালোকৰ ওপৰত আপতিত হয় তেন্তে যালিম সম্প্ৰদায়ৰ বাহিৰে আন কোনোবাক ধ্বংস কৰা হ’ব নে’

    [48] আৰু আমি ৰাছুলসকলক কেৱল সুসংবাদবাহী আৰু সতৰ্ককাৰীৰূপেই প্ৰেৰণ কৰো। এতেকে যিসকলে ঈমান আনিব আৰু নিজকে সংশোধন কৰিব, সিহঁতৰ কোনো ভয় নাই আৰু সিহঁত চিন্ততও নহ’ব।

    [49] আৰু যিসকলে আমাৰ আয়াতসমূহক মিথ্যাৰোপ কৰিছে, সিহঁতক শাস্তিয়ে স্পৰ্শ কৰিব, কাৰণ সিহঁত অবাধ্যতা কৰিছিল।

    [50] কোৱা, ‘মই তোমালোকক এইটো নকওঁ যে, মোৰ ওচৰত আল্লাহৰ ধন-ভাণ্ডাৰ আছে, আৰু মই গায়েবও নাজানো আৰু তোমালোকক এইটোও নকওঁ যে, মই ফিৰিস্তা, মোৰ প্ৰতি যি অহীৰূপে প্ৰেৰণ কৰা হয়, মই কেৱল সেইটোকেই অনুসৰণ কৰো’। কোৱা, ‘অন্ধ আৰু দৃষ্টিবান ব্যক্তি উভয়ে সমান হ’ব পাৰেনে? তোমালোকে চিন্তা নকৰা নেকি’

    [51] আৰু ইয়াৰ দ্বাৰা তুমি সিহঁতক সতৰ্ক কৰা, যিসকলে ভয় কৰে যে, সিহঁতক সিহঁতৰ প্ৰতিপালকৰ ওচৰত একত্ৰিত কৰা হ’ব এনেকুৱা অৱস্থাত যে, তেওঁৰ বাহিৰে সিহঁতৰ বাবে কোনো অভিভাৱক আৰু কোনো ছুপাৰিছকাৰী নাথাকিব। যাতে সিহঁতে তাক্বৱাৰ অধিকাৰী হয়।

    [52] আৰু যিসকলে নিজ প্ৰতিপালকক পুৱা-গধুলি তেওঁৰ সন্তুষ্টি লাভৰ বাবে প্ৰাৰ্থনা কৰে সিহঁতক তুমি আঁতৰাই নিদিবা। সিহঁতৰ কৰ্মৰ জবাবদিহিতাৰ দায়িত্ব তোমাৰ ওপৰত নহয় আৰু তোমাৰ কোনো কৰ্মৰ জবাবদিহিতাৰ দায়িত্ব সিহঁতৰ ওপৰত নহয়, যাৰ বাবে তুমি সিহঁতক আঁতৰাই দিবা, এনে কৰিলে তুমি যালিমসকলৰ অন্তৰ্ভুক্ত হ’বা।

    [53] এইদৰে আমি সিহঁতৰ কিছুমানৰ দ্বাৰা আন কিছুমানক পৰীক্ষা কৰিছো, যাতে সিহঁতে কয়, ‘আমাৰ মাজৰ পৰা আল্লাহে ইহঁতৰ ওপৰতেই অনুগ্ৰহ কৰিলেনে’? আল্লাহ কৃতজ্ঞসকলৰ বিষয়ে সবিশেষ অৱগত নহয় নে বাৰু

    [54] আৰু যিসকলে আমাৰ আয়াতসমূহৰ প্ৰতি ঈমান পোষণ কৰে, সিহঁতে যেতিয়া তোমাৰ ওচৰত আহে তেতিয়া সিহঁতক তুমি কোৱা, ‘তোমালোকৰ প্ৰতি শান্তি বৰ্ষিত হওঁক’, তোমালোকৰ প্ৰতিপালকে তেওঁৰ নিজৰ ওপৰত দয়া ধাৰ্য্য কৰি লৈছে। তোমালোকৰ মাজৰ কোনোবাই যদি অজ্ঞতাবশত অসৎকৰ্ম কৰে, তাৰ পিছত তাওবা কৰে আৰু নিজকে সংশোধন কৰে, তেন্তে নিশ্চয় তেওঁ (আল্লাহ) ক্ষমাশীল, পৰম দয়ালু।

    [55] আৰু এনেকৈ আমি আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰো; যাতে অপৰাধীসকলৰ পথ স্পষ্টভাৱে প্ৰকাশ পায়।

    [56] কোৱা, ‘তোমালোকে আল্লাহৰ বাহিৰে যিসকলক আহ্বান কৰা, সিহঁতৰ ইবাদত কৰিবলৈ মোক নিষেধ কৰা হৈছে’। কোৱা, ‘মই তোমালোকৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰো, এনেকুৱা কৰিলে মই বিপথগামী হম আৰু সৎপথপ্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত হ’ব নোৱাৰিম’।

    [57] কোৱা, ‘নিশ্চয় মই মোৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত; অথচ তোমালোকে ইয়াক অস্বীকাৰ কৰিছা। তোমালোকে যিটো ততালিকে পাব বিচৰা সেয়া মোৰ ওচৰত নাই। হুকুম কেৱল আল্লাহৰ ওচৰতেই, তেওঁ সত্য বৰ্ণনা কৰে আৰু ফয়চালাকাৰী সকলৰ মাজত তেৱেঁই শ্ৰেষ্ঠ’।

    [58] কোৱা, ‘তোমালোকে যিটো ততালিকে পাব বিচৰা সেইটো যদি মোৰ ওচৰত থাকিলেহেঁতেন, তেন্তে মোৰ আৰু তোমালোকৰ মাজত ফয়চালাই হৈ গ’লেহেঁতেন, আৰু আল্লাহে যালিমসকলৰ বিষয়ে অধিক অৱগত’।

    [59] আৰু গায়েবৰ চাবি-কাঠি আছে তেওঁৰেই ওচৰত, তেওঁৰ বাহিৰে কোনেও সেয়া নাজানে। স্থল আৰু সাগৰৰ অন্ধকাৰসমূহত যি আছে সেয়া কেৱল তেৱেঁই অৱগত, তেওঁৰ অজানিতে গছৰ এটা পাতো নসৰে। মাটিৰ অন্ধাকাৰত এনে কোনো শস্যকণাও অংকুৰিত নহয় অথবা ৰসযুক্ত নাইবা শুকান এনে কোনো বস্তু নাই যিটো স্পষ্ট কিতাবত নাই।

    [60] তেৱেঁই ৰাতিত তোমালোকৰ মৃত্যু ঘটায় আৰু দিনত তোমালোকে যি উপাৰ্জন কৰা সেয়া তেওঁ জানে। তাৰ পিছত নিৰ্ধাৰিত সময় পূৰ্ণ কৰাৰ কাৰণে দিনত তেওঁ তোমালোকক আকৌ জীৱিত কৰে। তাৰ পিছত তেওঁৰ পিনেই তোমালোকৰ প্ৰত্যাৱৰ্তন। তাৰ পিছত তোমালোকে যি কৰিছিলা সেই বিষয়ে তেওঁ তোমালোকক অৱহিত কৰিব।

    [61] আৰু তেওঁ নিজ বান্দাসকলৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণাধিকাৰী আৰু তেৱেঁই তোমালোকৰ ওপৰত হিফাযতকাৰী সকলক প্ৰেৰণ কৰে। অৱশেষত তোমালোকৰ কাৰোবাৰ যেতিয়া মৃত্যু উপস্থিত হয় তেতিয়া আমাৰ ৰাছুলসকলে (ফিৰিস্তাসকল) তাৰ মৃত্যু ঘটায় আৰু সিহঁতে কোনো ত্ৰুটি নকৰে।

    [62] তাৰ পিছত সিহঁতক প্ৰকৃত ৰব আল্লাহৰ ফালে প্ৰত্যাৱৰ্তিত কৰা হ’ব। জানি থোৱা, হুকুম কেৱল তেওঁৰেই আৰু তেওঁ আটাইতকৈ দ্ৰুত হিচাপ গ্ৰহণকাৰী।

    [63] কোৱা, ‘স্থলভাগৰ আৰু সাগৰৰ অন্ধকাৰৰ পৰা কোনে তোমালোকক নাজাত দিয়ে? যেতিয়া তোমালোকে অনুনয় বিনয় কৰি আৰু গোপনভাৱে তেওঁকেই প্ৰাৰ্থনা কৰা যে, আমাক ইয়াৰ পৰা ৰক্ষা কৰিলে আমি নিশ্চয় কৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত হম’।

    [64] কোৱা, ‘আল্লাহেই তোমালোকক তাৰ পৰা আৰু সকলো দুখ-কষ্টৰ পৰা নাজাত দিয়ে। ইয়াৰ পিছতো তোমালোকে শ্বিৰ্ক কৰা’।

    [65] কোৱা, ‘তেওঁ তোমালোকৰ ওপৰৰ পৰা বা তলৰ পৰা শাস্তি পঠাবলৈ, নাইবা তোমালোকক বিভিন্ন সন্দেহপূৰ্ণ দলত বিভক্ত কৰিবলৈ অথবা এটা দলক আন এটা দলৰ সংঘৰ্ষৰ সোৱাদ গ্ৰহণ কৰাবলৈ পূৰ্ণ সক্ষম’। চোৱা, আমি কেনেকৈ বিভিন্ন ধৰণে আয়াতসমূহ বিবৃত কৰো যাতে সিহঁতে ভালকৈ বুজিব পাৰে।

    [66] আৰু তোমাৰ সম্প্ৰদায়ে ইয়াক মিছা বুলি কৈছে অথচ এইটো সত্য। কোৱা, ‘মই তোমালোকৰ কাৰ্যনিৰ্বাহক নহয়’।

    [67] প্ৰত্যেক সংবাদৰ এটা নিৰ্ধাৰিত সময় আছে আৰু অনতিপলমে তোমালোকে জানিবলৈ পাবা।

    [68] আৰু তুমি যেতিয়া সিহঁতক দেখিবলৈ পাবা, যিসকলে আমাৰ আয়াতসমূহৰ বিষয়ে উপহাসমূলক আলোচনাত মগ্ন হয়, তেতিয়া তুমি সিহঁতৰ পৰা মূখ ঘূৰাই ল’বা, যেতিয়া লৈকে সিহঁতে আন প্ৰসংগ আৰম্ভ নকৰিব। আৰু যদি চয়তানে তোমাক পাহৰাই দিয়ে তেন্তে স্মৰণ হোৱাৰ পিছত যালিম সম্প্ৰদায়ৰ লগত নবহিবা।

    [69] আৰু সিহঁতৰ আমলৰ জবাবদিহিৰ দায়িত্ব মুত্তাক্বীসকলৰ ওপৰত নহয়। কিন্তু উপদেশ দিয়া তেওঁলোকৰ কৰ্তব্য, যাতে সিহঁতেও তাক্বৱা অৱলম্বন কৰে।

    [70] আৰু যিসকলে নিজৰ দ্বীনক খেল-ধেমালিৰূপে গ্ৰহণ কৰিছে আৰু পাৰ্থিৱ জীৱনে যিসকলক প্ৰতাৰিত কৰিছে তুমি সিহঁতক পৰিত্যাগ কৰা। আৰু তুমি এই কোৰআনৰ দ্বাৰা সিহঁতক উপদেশ দিয়া, যাতে কোনোবাই নিজ কৃতকৰ্মৰ বাবে ধ্বংস নহয় সেই সময়ত যেতিয়া আল্লাহৰ বাহিৰে তাৰ কোনো অভিভাৱক আৰু ছুপাৰিছকাৰী নাথাকিব আৰু বিনিময়ত সকলো বস্তু দিলেও সেয়া গ্ৰহণ কৰা নহ’ব। ইহঁতেই নিজ কৃতকৰ্মৰ বাবে ধ্বংস হৈছে; কুফৰী কৰাৰ কাৰণে ইহঁতৰ পান কৰাৰ বাবে আছে অতি উষ্ণ পানী আৰু কষ্টদায়ক শাস্তি।

    [71] কোৱা, ‘আল্লাহৰ বাহিৰে আমি এনে কাৰোবাক আহ্বান কৰিম নেকি, যিয়ে আমাৰ কোনো উপকাৰ অথবা অপকাৰ একোৱেই কৰিব নোৱাৰে? আৰু আল্লাহে আমাক হিদায়ত দিয়াৰ পিছত আকৌ আমি পূৰ্বাৱস্থালৈ উভতি যামনে সেই ব্যক্তিৰ দৰে, যাক চয়তানে পৃথিৱীত এনে মজবুতভাৱে পাইছে যে সি পথ হেৰুৱাই কিংকৰ্তব্যবিমূঢ় হৈছে? তাৰ আছে কিছুমান (ঈমান্দাৰ) সহচৰবৃন্দ, সিহঁতে তাক হিদায়তৰ প্ৰতি আহ্বান কৰি কয়, ‘আহা আমাৰ ফালে আহা’। কোৱা, ‘আল্লাহৰ হিদায়তেই সঠিক হিদায়ত আৰু আমাক আদেশ কৰা হৈছে সৃষ্টিজগতৰ ৰবৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ’।

    [72] ‘আৰু (আদেশ কৰা হৈছে) ছালাত প্ৰতিষ্ঠা কৰিবলৈ আৰু তেওঁৰ তাক্বৱা অৱলম্বন কৰিবলৈ। তেৱেঁই হৈছে সেই সত্বা, যাৰ ওচৰত তোমালোকক একত্ৰিত কৰা হ’ব’।

    [73] তেৱেঁই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে। আৰু যিদিনা তেওঁ ক’ব, ‘হ’, তেতিয়াই সেয়া হৈ যাব। তেওঁৰ কথাই সত্য। যিদিনা শিঙাত ফুঁ দিয়া হ’ব সেইদিনাৰ কৰ্তৃত্ব কেৱল তেওঁৰেই। অদৃশ্য আৰু প্ৰকাশ্য বিষয়ে তেৱেঁই পৰিজ্ঞাত, আৰু তেওঁ প্ৰজ্ঞাময়, সবিশেষ অৱগত।

    [74] আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমে তেওঁৰ পিতা আযৰক কৈছিল, ‘আপুনি মূৰ্তিক ইলাহৰূপে গ্ৰহণ কৰে নেকি? মই আপোনাক আৰু আপোনাৰ সম্প্ৰদায়ক স্পষ্ট ভ্ৰষ্টতাৰ মাজত দেখি আছো’।

    [75] এইদৰে আমি ইব্ৰাহীমক আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব দেখুৱাইছো, যাতে তেওঁ দৃঢ় বিশ্বাসীসকলৰ অন্তৰ্ভুক্ত হয়।

    [76] তাৰ পিছত ৰাতিয়ে যেতিয়া তেওঁক আচ্ছন্ন কৰিলে তেতিয়া তেওঁ তৰা এটা দেখি ক’লে, ‘এইটো মোৰ ৰব’। তাৰ পিছত যেতিয়া সেইটো অস্তমিত হ’ল তেতিয়া তেওঁ ক’লে, ‘অস্তমিত যোৱা বস্তুক মই ভাল নাপাওঁ’।

    [77] তাৰ পিছত যেতিয়া তেওঁ চন্দ্ৰক সমুজ্জলৰূপে উদয় হোৱা দেখিলে তেতিয়া ক’লে, ‘এইটো মোৰ ৰব’। যেতিয়া সেইটোও অস্ত গ’ল তেতিয়া ক’লে, ‘মোক মোৰ প্ৰতিপালকে হিদায়ত নকৰিলে মই নিশ্চয় পথভ্ৰষ্ট সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত হম’।

    [78] তাৰ পিছত যেতিয়া তেওঁ সূৰ্যক দীপ্তিমানৰূপে উদয় হোৱা দেখিলে তেতিয়া ক’লে, ‘এইটো মোৰ ৰব, এইটো আটাইতকৈ ডাঙৰ’। যেতিয়া এইটোও অস্ত গ’ল তেতিয়া তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে যাক আল্লাহৰ লগত অংশী কৰা তাৰ লগত মোৰ কোনো সম্পৰ্ক নাই (তাৰ পৰা মই মুক্ত)’।

    [79] মই একনিষ্ঠভাৱে তেওঁৰ ফালে মুখ কৰিছো যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে আৰু মই মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহয়।

    [80] আৰু তেওঁৰ সম্প্ৰদায় তেওঁৰ লগত বিতৰ্কত লিপ্ত হ’ল। তেওঁ ক’লে, ‘তোমালোকে মোৰ লগত আল্লাহ সম্পৰ্কে বিতৰ্কত লিপ্ত হৈছা? অথচ তেৱেঁই মোক হিদায়ত দিছে। তোমালোকে তেওঁৰ লগত যাক অংশীদাৰ স্থাপন কৰি আছা মই তাক ভয় নকৰো কিন্তু মোৰ প্ৰতিপালকে যদি কিবা কৰে (সেয়া সুকীয়া কথা)। মোৰ প্ৰতিপালকে জ্ঞানৰ দ্বাৰা সকলো বস্তু পৰিব্যাপ্ত কৰি আছে। তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে’

    [81] ‘তোমালোকে যাক আল্লাহৰ লগত অংশী কৰি আছা মই তাক কিয় ভয় কৰিম? অথচ তোমালোকে ভয় নকৰা যে, তোমালোকে আল্লাহৰ লগত এনেকুৱা বস্তুক অংশী কৰি আছা যাৰ সপক্ষে তেওঁ তোমালোকৰ ওচৰত কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই। এতেকে যদি তোমালোকে জানা তেন্তে কোৱা দুই দলৰ মাজত কোনটো দল নিৰাপত্তা লাভৰ বেছি হকদাৰ’।

    [82] যিসকলে ঈমান আনিছে আৰু সিহঁতৰ ঈমানক যুলুমৰ (শ্বিৰ্কৰ) দ্বাৰা কলুষিত কৰা নাই, নিৰাপত্তা কেৱল সিহঁতৰ বাবেই আৰু সিহঁতেই হিদায়তপ্ৰাপ্ত।

    [83] আৰু এইটোৱেই আমাৰ যুক্তি-প্ৰমাণ যিটো ইব্ৰাহীমক দিছিলো তাৰ জাতিৰ লগত মোকাবিলা কৰিবলৈ, আমি যাক ইচ্ছা কৰো উচ্চ মৰ্যাদা দান কৰো। নিশ্চয় তোমাৰ ৰব প্ৰজ্ঞাময়, সৰ্বজ্ঞ।

    [84] এইদৰেই আমি মুহছিনসকলক পুৰষ্কৃত কৰো

    [85] আৰু যাকাৰিয়্যাহ, ইয়াহয়া, ঈছা আৰু ইলয়াছকো (আমি হিদায়ত দিছিলো)। এওঁলোকৰ প্ৰত্যেকেই সৎকৰ্মপৰায়ণ আছিল

    [86] আৰু ইছমাঈল, আল-য়াছা, ইউনুছ আৰু লূতকো (আমি হিদায়ত দিছিলো); আৰু তেওঁলোকৰ প্ৰত্যেককে আমি সৃষ্টিজগতৰ ওপৰত শ্ৰেষ্ঠত্ব দান কৰিছিলো।

    [87] আৰু (আমি হিদায়ত প্ৰদান কৰিছিলো) তেওঁলোকৰ পিতৃপুৰুষ, বংশধৰ আৰু ভাতৃসকলৰ কিছুসংখ্যকক; আৰু আমি তেওঁলোকক মনোনীত কৰিছিলো আৰু সৰল পথত পৰিচালিত কৰিছিলো।

    [88] এইটো হৈছে আল্লাহৰ হিদায়ত, ইয়াৰ দ্বাৰা তেওঁ নিজ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা হিদায়ত প্ৰদান কৰে। কিন্তু যদি তেওঁলোকে শ্বিৰ্ক কৰিলেহেঁতেন তেন্তে তেওঁলোকৰ সকলো আমল নিষ্ফল হৈ গ’লেহেঁতেন।

    [89] এওঁলোকেই হৈছে সেইসকল লোক, যিসকলক আমি কিতাব, কৰ্তৃত্ব আৰু নবুওৱত দান কৰিছো, এতেকে যদি সিহঁতে ইয়াৰ লগত কুফৰী কৰে, তেন্তে আমি ইয়াৰ দায়িত্বভাৰ এনে এটা সম্প্ৰদায়ক দিছো যিসকলে ইয়াৰ লগত কুফৰী নকৰে।

    [90] এওঁলোকেই হৈছে সেইসকল লোক, যিসকলক আল্লাহে হিদায়ত কৰিছে, এতেকে তুমি তেওঁলোকৰ পথৰ অনুসৰণ কৰা। কোৱা, ‘ইয়াৰ বাবে আমি তোমালোকৰ ওচৰত পাৰিশ্ৰমিক নিবিচাৰো, এইটো কেৱল সৃষ্টিজগতৰ বাবে উপদেশমাত্ৰ’।

    [91] আৰু সিহঁতে আল্লাহক তেওঁৰ যথাৰ্থ মৰ্যাদা প্ৰদান কৰা নাই, যেতিয়া সিহঁতে কৈছিল, ‘আল্লাহে কোনো মানুহৰ প্ৰতি একো অৱতীৰ্ণ কৰা নাই’। কোৱা, ‘কোনে অৱতীৰ্ণ কৰিছিল সেই কিতাব যিটো মুছাই আনিছিল, মানুহৰ বাবে আছিল জ্যোতি আৰু হিদায়তস্বৰূপ; যিটো তোমালোকে বিভিন্ন পৃষ্ঠাত লিপিবদ্ধ কৰি কিছু প্ৰকাশ কৰা আৰু বহুত খিনি গোপন কৰা আৰু যিবোৰ তোমালোকৰ পিতৃ-পুৰুষসকলে আৰু তোমালোকেও জনা নাছিলা সেইটোও তোমালোকক শিক্ষা দিয়া হৈছিল’? কোৱা, ‘আল্লাহেই (অৱতীৰ্ণ কৰিছিল)’, তাৰ পিছত সিহঁতক সিহঁতৰ অবান্তৰ সমালোচনাৰ ওপৰত এৰি দিয়া, সিহঁতে খেলি থাকক।

    [92] আৰু এইটো বৰকতময় কিতাব যিটো আমি অৱতীৰ্ণ কৰিছো, যিটো ইয়াৰ আগৰ সকলো কিতাবৰ সত্যায়নকাৰী আৰু যিটোৰ দ্বাৰা তুমি মক্কা আৰু ইয়াৰ চাৰিওফালে থকা মানুহক সতৰ্ক কৰা। আৰু যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে তেওঁলোকে ইয়াৰ প্ৰতিও ঈমান পোষণ কৰে, আৰু তেওঁলোক নিজ ছালাতৰ প্ৰতি যত্নবান।

    [93] আৰু সেই ব্যক্তিতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? যিয়ে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে, অথবা কয়, ‘মোৰ ওচৰত অহী আহে’, অথচ তাৰ ওচৰত একোৱেই অহী কৰা নহয়, আৰু যিয়ে কয়, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে ময়ো সিটোৰ দৰে অৱতীৰ্ণ কৰিম’; আৰু যদি তুমি দেখিলাহেঁতেন, যেতিয়া যালিমসকল মৃত্যু যন্ত্ৰণাত থাকিব আৰু ফিৰিস্তাসকলে হাত বঢ়াই ক’ব, ‘তোমালোকে নিজৰ প্ৰাণ উলিয়াই আনা। আজি তোমালোকক লাঞ্ছনাদায়ক শাস্তি দিয়া হ’ব, কাৰণ তোমালোকে আল্লাহৰ ওপৰত অসত্য কথা কৈছা আৰু তেওঁৰ আয়াতসমূহ সম্পৰ্কে অহংকাৰ কৰিছিলা’।

    [94] নিশ্চয় তোমালোকে আমাৰ ওচৰত নিঃসঙ্গ অৱস্থাত আহিছা, যিদৰে আমি তোমালোকক প্ৰথমবাৰ সৃষ্টি কৰিছিলো, আৰু আমি তোমালোকক যি প্ৰদান কৰিছিলো সেয়া তোমালোকে নিজৰ পিছফালে এৰি থৈ আহিছা। তোমালোকে যিসকলক তোমালোকৰ বাবে (আল্লাহৰ লগত) অংশী বুলি ভাৱিছিলা, সেই ছুপাৰিছকাৰী বিলাকো দেখুন তোমালোকৰ লগত নাই। তোমালোকৰ মাজৰ সম্পৰ্ক নিশ্চয় বিচ্ছিন্ন হৈছে আৰু তোমালোকে যিটো ধাৰণা কৰিছিলা সেইটোও তোমালোকৰ পৰা হেৰাই গৈছে।

    [95] নিশ্চয় আল্লাহে শস্য-বীজ আৰু গুটি বিদীৰ্ণকাৰী, তেৱেঁই প্ৰাণহীনৰ পৰা জীৱন্তক উলিয়াই আনে আৰু জীৱন্তৰ পৰা প্ৰাণহীনক উলিয়ায়। তেৱেঁই আল্লাহ, এতেকে তোমালোকক ক’লৈ উভতিওৱা হৈছে

    [96] তেৱেঁই প্ৰভাতৰ উদ্ভাসক, আৰু তেৱেঁই ৰাতিক প্ৰশান্তিৰ বাবে লগতে সূৰ্য আৰু চন্দ্ৰক সময়ৰ নিৰুপক কৰিছে, এইটো পৰাক্ৰমশালী, মহাজ্ঞানী আল্লাহৰ নিৰ্ধাৰণ।

    [97] আৰু তেৱেঁই তোমালোকৰ বাবে তৰামণ্ডল সৃষ্টি কৰিছে যাতে ইয়াৰ দ্বাৰা তোমালোকে স্থলৰ আৰু সাগৰৰ অন্ধকাৰত পথ বিচাৰি পোৱা। নিশ্চয় আমি জ্ঞানী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বিবৃত কৰিছো।

    [98] আৰু তেৱেঁই তোমালোকক এজন ব্যক্তিৰ পৰা সৃষ্টি কৰিছে, এতেকে (তোমালোকৰ বাবে) আছে দীৰ্ঘ আৰু স্বল্পকালীন বাসস্থান। নিশ্চয় আমি অনুধাৱনকাৰী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰিছো।

    [99] তেৱেঁই আকাশৰ পৰা পানী বৰ্ষায়, তাৰ পিছত ইয়াৰ দ্বাৰা আমি সকলো ধৰণৰ উদ্ভিদৰ পুলি উৎপন্ন কৰো, আৰু উৎপন্ন কৰো সেউজীয়া ডাল-পাত, যাৰ পৰা আমি ঘন সন্নিবিষ্ট শস্যদানা উৎপাদন কৰো, আৰু খেজুৰ গছৰ মূৰৰ পৰা উলিয়াওঁ ওলমি থকা খেজুৰৰ থোক, আৰু উৎপাদন কৰো আঙ্গুৰ, যায়তুন লগতে ডালিমৰ বাগিছা। কিছুমান আছে সদৃশ আন কিছুমান অমিল। চোৱা, সেই ফলবোৰৰ প্ৰতি যেতিয়া সেইবোৰ ফলবান হয় আৰু লক্ষ্য কৰা ইয়াৰ পকিব ধৰা অৱস্থাৰ প্ৰতি। নিশ্চয় মুমিন সম্প্ৰদায়ৰ বাবে আছে এইবোৰৰ মাজত নিদৰ্শনাৱলী।

    [100] আৰু সিহঁতে জ্বিনক আল্লাহৰ সৈতে শ্বৰীক সাব্যস্ত কৰে, অথচ তেৱেঁই এইবোৰক সৃষ্টি কৰিছে; আৰু সিহঁতে অজ্ঞতাবশত আল্লাহৰ প্ৰতি পুত্ৰ-কন্যা আৰোপ কৰে; তেওঁ পৱিত্ৰ মহিমান্বিত আৰু সিহঁতে যি কয় তেওঁ তাৰ পৰা বহু ঊৰ্দ্ধত।

    [101] তেৱেঁই আকাশসমূহ আৰু পৃথিৱীৰ স্ৰষ্টা, তেওঁৰ সন্তান হ’ব কেনেকৈ? অথচ তেওঁৰ কোনো সঙ্গিনীয়েই নাই! তেৱেঁই সকলো বস্তু সৃষ্টি কৰিছে আৰু প্ৰত্যেক বস্তু সম্পৰ্কে তেওঁ সবিশেষ অৱগত।

    [102] তেৱেঁই আল্লাহ, তোমালোকৰ ৰব; তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেৱেঁই সকলো বস্তুৰ স্ৰষ্টা; এতেকে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা; তেৱেঁই সকলো বস্তুৰ তত্বাৱধায়ক।

    [103] দৃষ্টিসমূহে তেওঁক আয়ত্ব কৰিব নোৱাৰে অথচ তেওঁ সকলো দৃষ্টিক আয়ত্ব কৰে আৰু তেওঁ সূক্ষ্মদৰ্শী, সম্যক অৱহিত।

    [104] নিশ্চয় তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত অন্তৰ্দৃষ্টিৰ আলোক আহিছে। এতেকে যিয়ে প্ৰত্যক্ষ কৰিব সেইটোৰ দ্বাৰা সি নিজেই লাভবান হ’ব, আৰু যিয়ে অন্ধ সাজিব তাত সি নিজেই ক্ষতিগ্ৰস্ত হ’ব। গতিকে মই তোমালোকৰ সংৰক্ষক নহয়।

    [105] এইদৰে আমি নানা ধৰণে আয়াতসমূহ বিবৃত কৰো আৰু তথাপিও সিহঁতে কয়, ‘তুমি শিকি আহিছা’, আৰু যাতে আমি ইয়াক সুস্পষ্টভাৱে জ্ঞানী সম্প্ৰদায়ৰ বাবে বৰ্ণনা কৰো।

    [106] তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অহী হৈছে তুমি কেৱল সেইটোকে অনুসৰণ কৰা, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই আৰু মুশ্বৰিকসকলৰ পৰা মুখ ঘূৰাই লোৱা।

    [107] আল্লাহে ইচ্ছা কৰিলে সিহঁতে শ্বিৰ্ক নকৰিলেহেঁতেন। আৰু আমি তোমাক সিহঁতৰ বাবে সংৰক্ষক বনোৱা নাই আৰু তুমি সিহঁতৰ তত্বাৱধায়কো নহয়।

    [108] আল্লাহৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে সেইবোৰক তোমালোকে গালি-শপনি নাপাৰিবা। কিয়নো সিহঁতে সীমালংঘন কৰি অজ্ঞানতাবশতঃ আল্লাহকো গালি দিব পাৰে, এইদৰে আমি প্ৰত্যেক জাতিৰ দৃষ্টিত সিহঁতৰ কাৰ্যকলাপ শোভনীয় কৰি দিছো; তাৰ পিছত সিহঁতৰ প্ৰতিপালকৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন। ইয়াৰ পিছত তেওঁ সিহঁতক সিহঁতৰ কাৰ্যকলাপ সম্পৰ্কে জনাই দিব।

    [109] আৰু সিহঁতে আল্লাহৰ নামত দৃঢ় শপত খাই কয়, সিহঁতৰ ওচৰত যদি কোনো নিদৰ্শন আহিলেহেঁতেন তেন্তে নিশ্চয় সিহঁতে ইয়াৰ প্ৰতি ঈমান আনিলেহেঁতেন। কোৱা, ‘নিদৰ্শন কেৱল আল্লাহৰ ওচৰত’। (হে ঈমান্দাৰসকল!) কিদৰে তোমালোকৰ উপলব্ধিত আহিব যে, যেতিয়া সেই (নিদৰ্শন) আহি যাব, তেতিয়াও সিহঁতে ঈমান নানিব

    [110] আৰু সিহঁতে যেনেকৈ প্ৰথমবাৰতে ইয়াৰ প্ৰতি ঈমান আনা নাই, ঠিক তেনেকৈ আমিও সিহঁতৰ অন্তৰসমূহ আৰু দৃষ্টিসমূহ ওলোটাই দিম আৰু আমি সিহঁতক সিহঁতৰ অবাধ্যতাত উদ`ভ্ৰান্তৰ দৰে ঘুৰপাক খোৱা অৱস্থাত এৰি দিম।

    [111] আৰু আমি সিহঁতৰ ওচৰত ফিৰিস্তা প্ৰেৰণ কৰিলেও আৰু মৃতসকলে সিহঁতৰ লগত কথা ক’লেও আৰু সকলো বস্তুক সিহঁতৰ সন্মুখত সমবেত কৰিলেও আল্লাহৰ ইচ্ছা নহ’লে সিহঁতে কেতিয়াও ঈমান নানিব; কিন্তু সিহঁতৰ অধিকাংশই মূৰ্খ।

    [112] আৰু এইদৰে আমি মানৱ আৰু জ্বিনৰ মাজৰ পৰা চয়তানসকলক প্ৰত্যেক নবীৰ শত্ৰু বনাইছো, প্ৰতাৰণাৰ উদ্দেশ্যে সিহঁতে ইজনে সিজনক চমকপ্ৰদ বাক্যৰ কুমন্ত্ৰণা দিয়ে। তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে সিহঁতে এইবোৰ নকৰিলেহেঁতেন, গতিকে তুমি সিহঁতক আৰু সিহঁতৰ মিছা ৰটনাক পৰিত্যাগ কৰা।

    [113] আৰু সিহঁতে এই কাৰণে কুমন্ত্ৰণা দিয়ে যে, যিসকলে আখিৰাতৰ প্ৰতি ঈমান নাৰাখে সিহঁতৰ মন যাতে সেই চমকপ্ৰদ কথাৰ প্ৰতি অনুৰাগী হয় আৰু যাতে সিহঁতে পছন্দ কৰে; আৰু সিহঁতে যি অপকৰ্ম কৰে সেইটোৱেই যেন সিহঁতে কৰি থাকে।

    [114] (কোৱা) ‘মই আল্লাহৰ বাহিৰে আন কাৰোবাক ফয়চালাকাৰী হিচাপে অন্বেষণ কৰিম নেকি? অথচ তেৱেঁই তোমালোকৰ প্ৰতি বিস্তাৰিত কিতাব অৱতীৰ্ণ কৰিছে’! আৰু আমি যিসকলক কিতাব প্ৰদান কৰিছো সিহঁতে জানে যে, নিশ্চয় এইটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা যথাযথভাৱে নাযিলকৃত। গতিকে তুমি সন্দেহ পোষণকাৰী সকলৰ অন্তৰ্ভুক্ত নহ’বা।

    [115] সত্য আৰু ন্যায়ৰ ফালৰ পৰা তোমাৰ প্ৰতিপালকৰ বাণী পৰিপূৰ্ণ। তেওঁৰ বাক্যসমূহৰ পৰিবৰ্তনকাৰী কোনো নাই। তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

    [116] আৰু যদি তুমি পৃথিৱীৰ অধিকাংশ লোকৰ কথামতে চলা, তেন্তে সিহঁতে তোমাক আল্লাহৰ পথৰ পৰা বিচ্যুত কৰিব। সিহঁতে কেৱল ধাৰণাৰ অনুসৰণ কৰে, আৰু কেৱল অনুমান ভিত্তিক কথা কয়।

    [117] নিশ্চয় তোমাৰ ৰব অধিক অৱগত সেই ব্যক্তি সম্পৰ্কে যিয়ে তেওঁৰ পথৰ পৰা বিপথগামী হয়। আৰু সৎপথত যিসকলে আছে তেওঁলোকৰ বিষয়েও তেওঁ অধিক অৱগত।

    [118] যদি তোমালোকে তেওঁৰ আয়াতসমূহৰ প্ৰতি বিশ্বাসী তেন্তে যিটোৰ ওপৰত আল্লাহৰ নাম লোৱা হৈছে তাৰ পৰা খোৱা

    [119] তোমাৰ লোকৰ কি হ’ল, যিটোৰ (জন্তুৰ) ওপৰত আল্লাহৰ নাম লোৱা হৈছে তোমালোকে তাৰ পৰা নোখোৱা কিয়? তোমালোকৰ বাবে তেওঁ যিটো হাৰাম কৰিছে সেয়া তেওঁ তোমালোকৰ ওচৰত বিশদভাৱেই বৰ্ণনা কৰিছে, কিন্তু তোমালোকে নিৰুপায় হ’লে সেয়া স্বতন্ত্ৰ কথা। নিশ্চয় বহুতে অজ্ঞতাবশত নিজৰ প্ৰবৃত্তিৰ দ্বাৰা আনক বিপথগামী কৰে; নিশ্চয় তোমাৰ প্ৰতিপালকে সীমালংঘনকাৰী সকলৰ বিষয়ে অধিক জানে।

    [120] এতেকে তোমালোকে প্ৰকাশ্য আৰু গোপন পাপ বৰ্জন কৰা, নিশ্চয় যিসকলে পাপ অৰ্জন কৰে অনতিপলমে সিহঁতক সিহঁতৰ পাপ কৰ্মৰ প্ৰতিফল দিয়া হ’ব।

    [121] আৰু যিটোৰ (জন্তুৰ) ওপৰত আল্লাহৰ নাম লোৱা হোৱা নাই তাৰ (মাংসৰ) পৰা তোমালোকে একো নাখাবা; আৰু নিশ্চয় সেয়া গৰ্হিত। নিশ্চয় চয়তানসকলে সিহঁতৰ বন্ধুসকলক তোমালোকৰ লগত বিবাদ কৰিবলৈ প্ৰৰোচনা দিয়ে; আৰু যদি তোমালোকে সিহঁতৰ আনুগত্য কৰা, তেন্তে তোমালোকে অৱশ্যে মুশ্বৰিক।

    [122] যি ব্যক্তি মৃত আছিল, যাক আমি পিছত জীৱিত কৰিছো আৰু তাৰ বাবে নিৰ্ধাৰণ কৰিছো জ্যোতি, যাৰ মাধ্যমত তেওঁ মানুহৰ ভিতৰত চলা-ফুৰা কৰে, সেইজন ব্যক্তি সেই ব্যক্তিৰ দৰে নেকি যিজন এনেকুৱা অন্ধকাৰত আছে য’ৰ পৰা সি ওলাব নোৱাৰে? এইদৰেই কাফিৰসকলৰ কৃতকৰ্মক শোভনীয় কৰি দিয়া হৈছে।

    [123] আৰু এইদৰে আমি প্ৰতিটো জনপদৰ অপৰাধীসকলৰ প্ৰধানক এৰি দিছো যাতে সিহঁতে তাত চক্ৰান্ত কৰে; কিন্তু সিহঁতে কেৱল নিজৰ বিৰুদ্ধেহে চক্ৰান্ত কৰে, অথচ সিহঁতে উপলব্ধি নকৰে।

    [124] আৰু যেতিয়া সিহঁতৰ ওচৰত কোনো নিদৰ্শন আহে তেতিয়া সিহঁতে কয়, ‘আল্লাহৰ ৰাছুলসকলক যি প্ৰদান কৰা হৈছিল সেয়া আমাক প্ৰদান নকৰা লৈকে আমি কেতিয়াও ঈমান পোষণ নকৰিম’। আল্লাহে তেওঁৰ ৰিছালত ক’ত অৰ্পন কৰিব সেয়া তেৱেঁই ভালকৈ জানে। যিসকলে অপৰাধ কৰিছে, সিহঁতৰ চক্ৰান্তৰ কাৰণে আল্লাহৰ তৰফৰ পৰা লাঞ্ছনা আৰু কঠোৰ শাস্তি অনতিপলমে সিহঁতৰ ওপৰত আপতিত হ’ব।

    [125] এতেকে আল্লাহে কাৰোবাক সৎপথত পৰিচালিত কৰিব বিচাৰিলে তেওঁ তাৰ বুকু ইছলামৰ বাবে প্ৰশস্ত কৰি দিয়ে, আৰু কাৰোবাক বিপথগামী কৰিব বিচাৰিলে তেওঁ তাৰ বুকু অতি সংকীৰ্ণ কৰি দিয়ে, (সেই ব্যক্তিৰ ওচৰত ইছলামৰ অনুসৰণ) এনে লাগে যেন সি বহু কষ্টৰে আকাশলৈ উঠি আছে। এইদৰেই আল্লাহে শাস্তি দিয়ে সিহঁতক, যিসকলে ঈমান পোষণ নকৰে।

    [126] আৰু এইটোৱেই তোমাৰ প্ৰতিপালকৰ নিৰ্দেশিত সৰল পথ। যিসকলে উপদেশ গ্ৰহণ কৰে আমি তেওঁলোকৰ বাবে নিদৰ্শনসমূহ বিশদভাৱে বৰ্ণনা কৰিছো।

    [127] তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে শান্তিৰ আবাস আৰু তেওঁলোকে যি আমল কৰিছিল, তাৰ বাবে তেৱেঁই তেওঁলোকৰ অভিভাৱক।

    [128] আৰু যিদিনা তেওঁ সিহঁত সকলোকে একত্ৰিত কৰিব আৰু ক’ব, ‘হে জ্বিন সম্প্ৰদায়! তোমালোকে বহুতো লোকক পথভ্ৰষ্ট কৰিছিলা’, আৰু মানুহৰ মাজৰ পৰা সিহঁতৰ বন্ধুসকলে ক’ব, ‘হে আমাৰ ৰব! আমাৰ মাজৰ কিছুসংখ্যকে আন কিছুসংখ্যকৰ পৰা লাভবান হৈছে আৰু তুমি আমাৰ বাবে যি সময় নিৰ্ধাৰণ কৰিছিলা এতিয়া আমি তাত উপনীত হৈছো’। আল্লাহে ক’ব, ‘জাহান্নামেই তোমালোকৰ বাসস্থান, তোমালোকে তাত চিৰকাল থাকিবা’, কিন্তু আল্লাহে (উলিওৱাৰ) ইচ্ছা কৰিলে সেয়া সুকীয়া কথা। নিশ্চয় তোমাৰ ৰব প্ৰজ্ঞাময়, সৰ্বজ্ঞ।

    [129] আৰু এইদৰেই আমি যালিমসকলৰ কিছুমানক আন কিছুমানৰ লগত বন্ধুত্ব গঢ়াই দিওঁ, সিহঁতে যি অৰ্জন কৰিছিল তাৰ কাৰণে।

    [130] ‘হে জ্বিন আৰু মানৱ সম্প্ৰদায়! তোমালোকৰ মাজৰ পৰাই তোমালোকৰ ওচৰত ৰাছুলসকল অহা নাছিলনে যিসকলে আমাৰ আয়াতসমূহ তোমালোকৰ ওচৰত বিৱৰণ দিছিল আৰু তোমালোকক এই দিনৰ সন্মুখীন হোৱা সম্পৰ্কে সতৰ্ক কৰিছিল? সিহঁতে ক’ব, ‘আমি আমাৰ নিজৰ বিৰুদ্ধেই সাক্ষী দিলো’। প্ৰকৃততে পাৰ্থিৱ জীৱনেই সিহঁতক প্ৰতাৰিত কৰিছিল, আৰু সিহঁতে নিজৰ বিৰুদ্ধে এই সাক্ষীও দিব যে, সিহঁতে কাফিৰ আছিল।

    [131] এইটো এই বাবে যে, অধিবাসীসকল গাফিল থকা অৱস্থাত জনপদসমূহৰ অন্যায় আচৰণৰ কাৰণে সিহঁতক ধ্বংস কৰা তোমাৰ প্ৰতিপালকৰ কাম নহয়।

    [132] আৰু সিহঁতে যি আমল কৰে, সেই অনুসাৰে প্ৰত্যেকৰে মৰ্যাদা আছে আৰু সিহঁতে যি কৰে সেই সম্পৰ্কে তোমাৰ ৰব অমনোযোগী নহয়।

    [133] আৰু তোমাৰ ৰব অভাৱমুক্ত, দয়াশীল। তেওঁ ইচ্ছা কৰিলে তোমালোকক অপসাৰিত কৰিব পাৰে আৰু তোমালোকৰ পিছত যাক ইচ্ছা তোমালোকৰ স্থানত আনিব পাৰে, যিদৰে তেওঁ তোমালোকক আন এটা সম্প্ৰদায়ৰ বংশৰ পৰা সৃষ্টি কৰিছে।

    [134] নিশ্চয় তোমালোকৰ লগত যি প্ৰতিশ্ৰুতি কৰা হৈছে সেয়া অৱশ্যে আহিব আৰু তোমালোকে সেয়া ব্যৰ্থ কৰিব নোৱাৰিবা।

    [135] কোৱা, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে তোমালোকৰ অৱস্থানত থাকি কাম কৰা, নিশ্চয় ময়ো মোৰ কাম কৰি আছো। তোমালোকে অতি সোনকালে জানিব পাৰিবা, কাৰ পৰিণাম মঙ্গলময়। নিশ্চয় যালিমসকল সফল নহয়’।

    [136] আল্লাহে যি শস্য আৰু চতুষ্পদ জন্তু সৃষ্টি কৰিছে সেইবোৰৰ পৰা সিহঁতে আল্লাহৰ বাবে এটা অংশ নিৰ্দিষ্ট কৰে আৰু নিজৰ ধাৰণা অনুযায়ী কয়, ‘এইটো আল্লাহৰ বাবে আৰু এইটো আমাৰ শ্বৰীকসকলৰ বাবে’। এতেকে যিটো সিহঁতৰ শ্বৰীকসকলৰ অংশ সেয়া আল্লাহৰ ওচৰত গৈ নাপায় কিন্তু যিটো আল্লাহৰ অংশ সেয়া সিহঁতৰ শ্বৰীকসকলৰ ওচৰত পৌঁচি যায়, সিহঁতে যি ফয়চালা কৰে সেয়া কিমান যে নিকৃষ্ট

    [137] আৰু এইদৰে বহুতো মুশ্বৰিকৰ দৃষ্টিত সিহঁতৰ শ্বৰীকসকলে সিহঁতৰ সন্তানসকলক হত্যা কৰা শোভনীয় কৰি দিছে, যাতে সিহঁতক ধ্বংস কৰিব পাৰে আৰু সিহঁতৰ ওচৰত সিহঁতৰ দ্বীনক সংশয়পূৰ্ণ কৰিব পাৰে; আৰু আল্লাহে ইচ্ছা কৰিলে সিহঁতে এইবোৰ নকৰিলেহেঁতেন। গতিকে সিহঁতক সিহঁতৰ মিছা ৰটনা লৈয়ে থাকিব দিয়া।

    [138] আৰু সিহঁতে সিহঁতৰ ধাৰণা অনুযায়ী কয়, ‘এইবোৰ চতুষ্পদ জন্তু আৰু শস্যক্ষেত্ৰ নিষিদ্ধ, আমি যাক ইচ্ছা কৰো তাৰ বাহিৰে কোনেও এইবোৰ খাব নোৱাৰিব’, আৰু কিছুসংখ্যক চতুষ্পদ জন্তুৰ পিঠিত আৰোহণ নিষিদ্ধ কৰা হৈছে আৰু কিছুসংখ্যক পশু জবেহ কৰাৰ সময়ত সিহঁতে আল্লাহৰ নাম নলয়। এই সকলোবোৰ সিহঁতে আল্লাহ সম্পৰ্কে মিছা ৰটনাৰ উদ্দেশ্যে কৈ ফুৰে; সিহঁতৰ এই মিছা ৰটনাৰ প্ৰতিফল তেওঁ অচিৰেই সিহঁতক প্ৰদান কৰিব।

    [139] সিহঁতে আৰু কয়, ‘এইবোৰ চতুষ্পদ জন্তুৰ পেটত যি আছে সেয়া আমাৰ মাজৰ পুৰুষসকলৰ বাবে নিৰ্দিষ্ট আৰু এইটো আমাৰ স্ত্ৰীসকলৰ বাবে অবৈধ, আৰু সেইটো যদি মৃত হয় তেন্তে সকলোৱে ইয়াৰ অংশীদাৰ’। তেওঁ সিহঁতৰ এইদৰে কোৱাৰ প্ৰতিফল অনতিপলমে সিহঁতক প্ৰদান কৰিব; নিশ্চয় তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ।

    [140] নিশ্চয় সিহঁতে ক্ষতিগ্ৰস্ত হৈছে যিসকলে নিৰ্বুদ্ধিতাৰ বাবে আৰু অজ্ঞতাবশত নিজৰ সন্তানসকলক হত্যা কৰিছে আৰু আল্লাহৰ ওপৰত মিছা ৰটনা কৰি আল্লাহে প্ৰদান কৰা জীৱিকাক নিষিদ্ধ গণ্য কৰিছে। সিহঁত অৱশ্যে বিপথগামী হৈছে আৰু সিহঁত হিদায়তপ্ৰাপ্ত নাছিল।

    [141] আৰু তেৱেঁই সৃষ্টি কৰিছে এনেকুৱা বাগিছাসমূহ যিবোৰৰ কিছুমান চাং নিৰ্ভৰশীল আৰু আন কিছুমান চাং নিৰ্ভৰশীল নহয় লগতে খেজুৰ গছ আৰু শস্য, যাৰ সোৱাদ বিভিন্ন ধৰণৰ, যায়তুন আৰু ডালিম, এইবোৰৰ কিছুমান সদৃশ আৰু কিছুমান ভিন্ন। যেতিয়া সেইবোৰ পকিব তেতিয়া তাৰ পৰা খোৱা আৰু ফচল চপোৱাৰ দিনা সেইবোৰৰ হক প্ৰদান কৰিবা। অপচয় নকৰিবা, নিশ্চয় তেওঁ অপচয়কাৰীসকলক পছন্দ নকৰে।

    [142] আৰু (তেৱেঁই) চতুষ্পদ জন্তুৰ মাজত কিছুমানক ভাৰ বহনকাৰী আৰু কিছুমানক ক্ষুদ্ৰাকাৰ পশু সৃষ্টি কৰিছে। আল্লাহে তোমালোকক যি জীৱিকা প্ৰদান কৰিছে তাৰ পৰা খোৱা আৰু চয়তানৰ পদাংক অনুসৰণ নকৰিবা; নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু।

    [143] মতা-মাইকী আঠ যোৰ, ভেৰাৰ দুটা আৰু ছাগলীৰ দুটা; কোৱা, ‘তেওঁ মতা দুটাক নিষিদ্ধ কৰিছে নে মাইকী দুটাক, নে মাইকী দুটাৰ গৰ্ভত যি আছে সেয়া নিষিদ্ধ কৰিছে’? যদি তোমালোকে সত্যবাদী তেন্তে প্ৰমাণসহ মোক অৱহিত কৰা

    [144] আৰু উটৰ দুটা ও গৰুৰ দুটা। কোৱা, ‘তেওঁ মতা দুটাক নিষিদ্ধ কৰিছে নে মাইকী দুটাক, নে মাইকী দুটাৰ গৰ্ভত যি আছে সেয়া নিষিদ্ধ কৰিছে’? নে আল্লাহে যেতিয়া তোমালোকক এইবোৰ নিৰ্দেশ দান কৰিছিল তেতিয়া তোমালোকে উপস্থিত আছিলা? গতিকে যি ব্যক্তি নজনাকৈ মানুহক বিভ্ৰান্ত কৰাৰ বাবে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে তাতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? নিশ্চয় আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।

    [145] কোৱা, ‘মোৰ প্ৰতি যি অহী হৈছে তাত, মানুহে যি খায় তাৰ মাজত মই একোৱেই হাৰাম পোৱা নাই, কিন্তু মৰা শ, প্ৰবাহিত তেজ আৰু গাহৰিৰ মাংসৰ বাহিৰে। কিয়নো এইবোৰ অৱশ্যে অপৱিত্ৰ আৰু যিবোৰ অবৈধ, আল্লাহৰ বাহিৰে আনৰ বাবে উত্সৰ্গ কৰাৰ কাৰণে’। কিন্তু যদি কোনোবাই অবাধ্যতা নকৰি আৰু সীমালংঘন নকৰি নিৰুপায় অৱস্থাত সেয়া গ্ৰহণ কৰিবলৈ বাধ্য হয় (সেয়া বেলেগ কথা), তেন্তে নিশ্চয় তোমাৰ ৰব ক্ষমাশীল, পৰম দয়ালু।

    [146] আৰু আমি ইয়াহুদিসকলৰ ওপৰত নখযুক্ত সকলো জন্তুকেই হাৰাম কৰিছিলো আৰু গৰু ছাগলীৰ চৰ্বিও সিহঁতৰ বাবে হাৰাম কৰিছিলো, কিন্তু এইবোৰৰ পিঠিত নাইবা নাড়ী-ভুৰু বা অস্থিসংলগ্ন চৰ্বিৰ বাহিৰে, সিহঁতৰ অবাধ্যতাৰ কাৰণে সিহঁতক এই প্ৰতিফল দিছিলো। নিশ্চয় আমি সত্যবাদী।

    [147] এতেকে সিহঁতে যদি তোমাৰ ওপৰত মিথ্যাৰোপ কৰে, তেন্তে কোৱা, ‘তোমালোকৰ ৰব সৰ্বব্যাপী দয়াৰ অধিকাৰী আৰু অপৰাধী সম্প্ৰদায়ৰ পৰা তেওঁৰ শাস্তি ৰদ কৰা নহয়’।

    [148] যিসকলে শ্বিৰ্ক কৰিছে অতিশীঘ্ৰে সিহঁতে ক’ব, ‘আল্লাহে যদি ইচ্ছা কৰিলেহেঁতেন তেন্তে আমি আৰু আমাৰ পুৰ্বপুৰুষসকলে শ্বিৰ্ক নকৰিলোহেঁতেন আৰু একোৱেই হাৰাম নকৰিলোহেঁতেন’। এইদৰে সিহঁতৰ পূৰ্বৱৰ্তীসকলেও মিথ্যাৰোপ কৰিছিল, অৱশেষত সিহঁতে আমাৰ শাস্তি ভোগ কৰিছিল। কোৱা, ‘আমাৰ ওচৰত প্ৰকাশ কৰিবলৈ তোমালোকৰ ওচৰত কোনো জ্ঞান আছেনে? তোমালোকে কেৱল ধাৰণাৰহে অনুসৰণ কৰা আৰু কেৱল মনেসজা কথা কোৱা’।

    [149] কোৱা, ‘চূড়ান্ত প্ৰমাণ কেৱল আল্লাহৰেই, এতেকে তেওঁ যদি ইচ্ছা কৰিলেহেঁতেন, তেন্তে তোমালোক আটাইকে নিশ্চয় হিদায়ত দিলেহেঁতেন’।

    [150] কোৱা, ‘তোমালোকৰ সাক্ষীসকলক লৈ আহা, যিসকলে এই সাক্ষী দিব যে, আল্লাহে এইটো হাৰাম কৰিছে’। সিহঁতে সাক্ষী দিলেও তুমি সিহঁতৰ লগত সাক্ষী নিদিবা। তুমি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা, যিসকলে আমাৰ আয়াতসমূহক মিথ্যাৰোপ কৰে আৰু যিসকলে আখিৰাতত বিশ্বাস স্থাপন নকৰে। সিহঁতেই নিজ প্ৰতিপালকৰ সমকক্ষ নিৰ্ধাৰণ কৰে।

    [151] কোৱা, ‘আহা, তোমালোকৰ ওপৰত তোমালোকৰ প্ৰতিপালকে যি হাৰাম কৰিছে সেয়া তিলাৱত কৰি শুনাওঁ যে, ‘তোমালোকে তেওঁৰ লগত কাকো অংশীদাৰ স্থাপন নকৰিবা, পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ কৰিবা, দৰিদ্ৰতাৰ ভয়ত তোমালোকে নিজ সন্তানক হত্যা নকৰিবা, আমিয়েই তোমালোকক আৰু সিহঁতক জীৱিকা দান কৰো। প্ৰকাশ্য হওঁক অথবা গোপনেই হওঁক, অশ্লীল কৰ্মৰ ওচৰলৈকেও নাযাবা। আল্লাহে হাৰাম কৰা কোনো নফছক যথাৰ্থ কাৰণবিহীন তোমালোকে তাক হত্যা নকৰিবা’। তেওঁ তোমালোকক এই নিৰ্দেশ দিলে যাতে তোমালোকে বুজিব পাৰা।

    [152] আৰু ইয়াতীম শিশু বয়ঃপ্ৰাপ্ত নোহোৱা লৈকে উত্তম ব্যৱস্থাৰ বাহিৰে তোমালোকে তাৰ সম্পত্তিৰ নিকটৱৰ্তী নহ’বা আৰু পৰিমাপ ও ওজন ন্যায়ভাৱে পৰিপূৰ্ণ প্ৰদান কৰিবা। আমি কোনো নফছক তাৰ ক্ষমতাতকৈ অধিক ভাৰ অৰ্পন নকৰো। লগতে যেতিয়া তোমালোকে কথা ক’বা তেতিয়া ইনচাফপূৰ্ণ কথা ক’বা, যদিও সেইজন তোমাৰ ঘনিষ্ট আত্মীয় নহওঁক কিয়, আৰু আল্লাহক দিয়া প্ৰতিশ্ৰুতি পুৰণ কৰিবা। এইদৰে আল্লাহে তোমালোকক নিৰ্দেশ প্ৰদান কৰে যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।

    [153] আৰু এইটোৱেই আমাৰ সৰল পথ। এতেকে তোমালোকে ইয়াৰ অনুসৰণ কৰা আৰু বিভিন্ন পথ অনুসৰণ নকৰিবা, অন্যথা সেয়া তোমালোকক ইয়াৰ পৰা বিচ্ছিন্ন কৰিব। এইদৰে আল্লাহে তোমালোকক নিৰ্দেশ প্ৰদান কৰে যাতে তোমালোকে তাক্বৱাৰ অধিকাৰী হোৱা।

    [154] এতেকে আমি মুছাক প্ৰদান কৰিছিলো কিতাব, যিয়ে সৎকৰ্ম কৰিছে তাৰ বাবে পৰিপূৰ্ণতাস্বৰূপ, প্ৰতিটো বস্তুৰ বিশদ বিৱৰণ, হিদায়ত আৰু ৰহমতস্বৰূপ—যাতে সিহঁতে সিহঁতৰ প্ৰতিপালকৰ সাক্ষাত সম্বন্ধে ঈমান ৰাখে।

    [155] আৰু এই কিতাব, যিটো আমি অৱতীৰ্ণ কৰিছো – বৰকতময়। সেয়ে তোমালোকে ইয়াৰ অনুসৰণ কৰা আৰু তাক্বৱা অৱলম্বন কৰা, যাতে তোমালোকে ৰহমতপ্ৰাপ্ত হোৱা।

    [156] যাতে তোমালোকে এইটো নোকোৱা যে, ‘কিতাব কেৱল আমাৰ পূৰ্বে দুটা সম্প্ৰদায়ৰ প্ৰতিহে অৱতীৰ্ণ হৈছিল; আৰু আমি সিহঁতৰ অধ্যয়ন সম্পৰ্কে গাফিল আছিলো’

    [157] অথবা তোমালোকে যেন এইটো ক’ব নোৱাৰা যে, ‘যদি আমাৰ প্ৰতি কিতাব অৱতীৰ্ণ হ’লেহেঁতেন, তেন্তে আমি সিহঁততকৈ বেছি হিদায়তপ্ৰাপ্ত হ’লোহেঁতেন’। এতেকে নিশ্চয় তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণ, হিদায়ত আৰু ৰহমত আহিছে। ইয়াৰ পিছতো যিয়ে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিব আৰু তাৰ পৰা মুখ ঘূৰাই লব, তাতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? যিসকলে আমাৰ আয়াতসমূহৰ পৰা মুখ ঘূৰাই লয়, সত্য বিমুখতাৰ বাবে অতি শীঘ্ৰে আমি সিহঁতক নিকৃষ্ট শাস্তি প্ৰদান কৰিম।

    [158] সিহঁতে কেৱল এইটোৰ প্ৰতীক্ষাত আছে নেকি যে, সিহঁতৰ ওচৰত ফিৰিস্তা আহিব, অথবা তোমাৰ ৰব আহিব, নাইবা তোমাৰ ৰব’ৰ কোনো নিদৰ্শন আহিব? (জানি থোৱা) যিদিনা তোমাৰ ৰব’ৰ কোনো নিদৰ্শন আহিব সেইদিনা যিয়ে পূৰ্বে ঈমান আনা নাছিল তাৰ ঈমান কোনো কামত নাহিব, অথবা যি ব্যক্তি ঈমানৰ মাধ্যমত কল্যাণ লাভ কৰা নাই (তাৰ ঈমানো কোনো কামত নাহিব)। কোৱা, ‘তোমালোকে প্ৰতীক্ষা কৰা, আমিও প্ৰতীক্ষাত থাকিলো’।

    [159] নিশ্চয় যিসকলে নিজৰ দ্বীনক বিচ্ছিন্ন কৰিছে আৰু বিভিন্ন দলত বিভক্ত হৈছে, সিহঁতৰ লগত তোমাৰ কোনো সম্পৰ্ক নাই; সিহঁতৰ বিষয়টো আল্লাহৰ ওচৰত, তাৰ পিছত তেৱেঁই সিহঁতক সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে অৱগত কৰাব।

    [160] যিয়ে সৎকৰ্ম লৈ আহিব তেওঁ তাৰ দহগুণ (ছোৱাব) পাব, আৰু যিয়ে অসৎকৰ্ম লৈ আহিব তাক কেৱল সেই অনুপাতেই প্ৰতিদান দিয়া হ’ব আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।

    [161] কোৱা, ‘মোৰ প্ৰতিপালকে মোক সৎপথত পৰিচালিত কৰিছে। এইটোৱে সুপ্ৰতিষ্ঠিত দ্বীন, ইব্ৰাহীমৰ মিল্লাত (আদৰ্শ), তেওঁ আছিল একনিষ্ঠ আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল’।

    [162] কোৱা, ‘মোৰ ছালাত, মোৰ কুৰবানী, মোৰ জীৱন আৰু মোৰ মৰণ সৃষ্টিজগতৰ ৰব আল্লাহৰ বাবে’।

    [163] ‘তেওঁৰ কোনো অংশীদাৰ নাই, আৰু মোক ইয়াৰেই নিৰ্দেশ দিয়া হৈছে, আৰু মুছলিম (আত্মসমৰ্পনকাৰী) সকলৰ মাজত ময়েই প্ৰথম’।

    [164] কোৱা, ‘মই আল্লাহৰ বাহিৰে আন কোনো ৰব অনুসন্ধান কৰিম নেকি? অথচ তেৱেঁই সকলো বস্তুৰ ৰব’। প্ৰত্যেকেই নিজ নিজ কৃতকৰ্মৰ বাবে দায়ী আৰু কোনোৱেই আনৰ বোজা বহন নকৰিব। তাৰ পিছত তোমালোকৰ প্ৰত্যাৱৰ্তন তোমালোকৰ প্ৰতিপালকৰ ওচৰতেই, এতেকে যি বিষয়ে তোমালোকে মতানৈক্য কৰিছিলা, সেয়া তেওঁ তোমালোকক অৱহিত কৰাব।

    [165] তেৱেঁই তোমালোকক পৃথিৱীত খলিফা (প্ৰতিনিধি) নিযুক্ত কৰিছে আৰু তেওঁ তোমালোকক যি প্ৰদান কৰিছে সেই বিষয়ে পৰীক্ষাৰ উদ্দেশ্যে তোমালোকৰ কিছুমানক আন কিছুমানৰ ওপৰত মৰ্যাদা প্ৰদান কৰিছে। নিশ্চয় তোমাৰ ৰব দ্ৰুত শাস্তি প্ৰদানকাৰী আৰু নিশ্চয় তেওঁ ক্ষমাশীল, পৰম দয়ালু।

    Surah 7
    আল-আ‘রাফ

    [1] আলিফ-লাম-মীম-চাদ।

    [2] এই কিতাব তোমাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে, যাতে এই সম্পৰ্কে তোমাৰ মনত কোনো সন্দেহ নাথাকে, আৰু যাতে তুমি ইয়াৰ দ্বাৰা (মানুহক) সতৰ্ক কৰিব পাৰা। ই মুমিনসকলৰ বাবে উপদেশ।

    [3] তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত যি অৱতীৰ্ণ কৰা হৈছে, তোমালোকে তাৰ অনুসৰণ কৰা আৰু তেওঁৰ বাহিৰে আন কাকো অভিভাৱকৰূপে অনুসৰণ নকৰিবা। তোমালোকে খুব কমেই উপদেশ গ্ৰহণ কৰা।

    [4] আৰু এনেকুৱা বহুতো জনবসতি আমি ধ্বংস কৰিছো। দৰাচলতে সিহঁতৰ ওপৰত আমাৰ শাস্তি আপতিত হৈছিল কেতিয়াবা ৰাতি অথবা দ্বিপ্ৰহৰতেই যেতিয়া সিহঁত বিশ্ৰামৰত অৱস্থাত আছিল।

    [5] এতেকে যেতিয়া আমাৰ শাস্তি সিহঁতৰ ওপৰত আপতিত হৈছিল, তেতিয়া সিহঁতৰ দাবী কেৱল এইটো আছিল যে, সিহঁতে কৈছিল, ‘নিশ্চয় আমি যালিম আছিলো’।

    [6] এতেকে যিসকলৰ ওচৰত ৰাছুল প্ৰেৰণ কৰা হৈছিল অৱশ্যে আমি সিহঁতক সোধ-পোছ কৰিম আৰু ৰাছুল সকলোকো প্ৰশ্ন কৰিম।

    [7] এতেকে অৱশ্যে আমি সিহঁতৰ ওচৰত পূৰ্ণ জ্ঞানৰ সৈতে সিহঁতৰ কৰ্মসমূহ বিবৃত কৰিম, আৰু আমি অনুপস্থিত নাছিলো।

    [8] আৰু সেই দিনা পৰিমাপ হ’ব যথাযথ। এতেকে যিসকলৰ তুলাচনী গধুৰ হ’ব তেওঁলোকেই সফলতা অৰ্জন কৰিব।

    [9] আৰু যিসকলৰ তুলাচনী পাতল হ’ব, সিহঁতেই হৈছে সেইসকল লোক, যিসকলে নিজেই নিজৰ ক্ষতি সাধিছে, যিহেতু সিহঁতে আমাৰ আয়াতসমূহৰ প্ৰতি অন্যায় কৰিছিল।

    [10] আৰু নিশ্চয় আমি তোমালোকক পৃথিৱীত প্ৰতিষ্ঠিত কৰিছো আৰু তাত তোমালোকৰ বাবে জীৱিকাৰ ব্যৱস্থাও কৰিছো; তোমালোকে খুবেই কম কৃতজ্ঞতা জ্ঞাপন কৰা।

    [11] আৰু অৱশ্যে আমি তোমালোকক সৃষ্টি কৰিছো, তাৰ পিছত আমি তোমালোকক আকৃতি প্ৰদান কৰিছো, তাৰ পিছত আমি ফিৰিস্তাসকলক কৈছো, ‘আদমক ছাজদা কৰা’। ফলত ইবলীছৰ বাহিৰে সকলোৱে ছাজদা কৰিলে, সি ছাজদাকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’ল।

    [12] তেওঁ ক’লে, ‘মই যেতিয়া তোমাক আদেশ দিলো তেতিয়া কিহে তোমাক নিবৃত্ত কৰিলে যে, তুমি ছাজদা নকৰিলা’? সি ক’লে, ‘মই তাতকৈ শ্ৰেষ্ঠ, তুমি মোক জুয়েৰে সৃষ্টি কৰিছা আৰু তাক সৃষ্টি কৰিছা বোকা মাটিৰে’।

    [13] তেওঁ ক’লে, ‘তেন্তে তুমি ইয়াৰ পৰা নামি যোৱা, ইয়াত থাকি তুমি অহংকাৰ কৰিবা এইটো কেতিয়াও হ’ব নোৱাৰে। এতেকে তুমি ওলাই যোৱা, নিশ্চয় তুমি লাঞ্ছিতবোৰৰ অন্তৰ্ভুক্ত’।

    [14] সি ক’লে, ‘মোক তুমি সেই দিনলৈকে অৱকাশ দিয়া, যিদিনা সিহঁত পুনৰুত্থিত হ’ব’।

    [15] তেওঁ ক’লে, ‘নিশ্চয় তুমি অৱকাশ প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত’।

    [16] সি ক’লে, ‘তুমি মোক পথভ্ৰষ্ট কৰাৰ কাৰণে মই অৱশ্যে তোমাৰ সৰল পথত মানুহৰ বাবে ৰৈ থাকিম’।

    [17] ‘তাৰ পিছত নিশ্চয় মই সিহঁতৰ ওচৰত আহিম সিহঁতৰ সন্মুখৰ পৰা আৰু সিহঁতৰ পিছফালৰ পৰা, সিহঁতৰ সোঁ ফালৰ পৰা আৰু সিহঁতৰ বাওঁ ফালৰ পৰা আৰু তুমি সিহঁতৰ অধিকাংশকেই কৃতজ্ঞৰূপে নাপাবা’।

    [18] তেওঁ ক’লে, ‘ইয়াৰ পৰা লাঞ্ছিত অপমানিত হৈ ওলাই যা, মানুহৰ মাজত যিয়ে তোৰ অনুসৰণ কৰিব, নিশ্চয় মই তহঁত আটায়েৰে জাহান্নাম পূৰণ কৰিম’।

    [19] আৰু হে আদম! ‘তুমি আৰু তোমাৰ স্ত্ৰী জান্নাতত বসবাস কৰা, আৰু য’ৰ পৰা ইচ্ছা আহাৰ কৰা কিন্তু এই গছজোপাৰ ওচৰলৈকে নাযাবা, তেন্তে তোমালোক উভয়ে যালিমসকলৰ অন্তৰ্ভুক্ত হ’বা’।

    [20] তাৰ পিছত সিহঁতৰ লজ্জাস্থান, যিটো সিহঁতৰ ওচৰত গোপন ৰখা হৈছিল সেয়া সিহঁতৰ ওচৰত প্ৰকাশ কৰাৰ বাবে চয়তানে সিহঁতক কুমন্ত্ৰণা দিলে আৰু ক’লে, ‘তোমালোকৰ প্ৰতিপালকে তোমালোকক এই গছজোপাৰ পৰা এই বাবেই নিষেধ কৰিছে যে, (এই গছজোপাৰ ফল খালে) তোমালোক উভয়ে ফিৰিস্তা হৈ যাবা অথবা তোমালোক স্থায়ীসকলৰ অন্তৰ্ভুক্ত হৈ যাবা’।

    [21] আৰু সি সিহঁত উভয়ৰ ওচৰত শপত কৰি ক’লে, ‘নিশ্চয় মই তোমালোকৰ শুভাকাংক্ষীসকলৰ এজন’।

    [22] ফলত সি সিহঁতক প্ৰবঞ্চনাৰ দ্বাৰা পদস্খলিত কৰিলে। ইয়াৰ পিছত যেতিয়া সিহঁতে সেই গছৰ ফল খালে, তেতিয়া সিহঁতৰ লজ্জাস্থান সিহঁতৰ ওচৰত প্ৰকাশ হৈ গ’ল, আৰু সিহঁতে জান্নাতৰ পাতেৰে নিজকে আবৃত কৰিব ধৰিলে। তেতিয়া সিহঁতৰ প্ৰতিপালকে সিহঁতক মাতি ক’লে, ‘মই তোমালোকক এই গছজোপাৰ পৰা নিষেধ কৰা নাছিলোনে? আৰু মই তোমালোকক কোৱা নাছিলোনে যে, নিশ্চয় চয়তান তোমালোক উভয়ৰে প্ৰকাশ্য শত্ৰু

    [23] সিহঁতে ক’লে, ‘হে আমাৰ ৰব! আমি নিজৰে প্ৰতি অন্যায় কৰিছো, আৰু যদি তুমি আমাক ক্ষমা কৰি নিদিয়া আৰু আমাৰ প্ৰতি দয়া নকৰা, তেন্তে নিশ্চয় আমি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হম’।

    [24] তেওঁ ক’লে, ‘তোমালোকে নামি যোৱা, তোমালোকে ইজনে সিজনৰ শত্ৰু আৰু পৃথিৱীত আছে তোমালোকৰ বাবে ক্ষণস্থায়ী বসবাস আৰু জীৱিকা’।

    [25] তেওঁ ক’লে, ‘তোমালোকে তাতেই জীৱন-যাপন কৰিবা আৰু তাতেই তোমালোক মৃত্যুবৰণ কৰিবা, আৰু তাৰ পৰাই তোমালোকক উলিয়াই আনা হ’ব’।

    [26] হে আদম সন্তান! নিশ্চয় মই তোমালোকৰ বাবে পোছাক অৱতীৰ্ণ কৰিছো, তোমালোকৰ লজ্জাস্থান আবৃত কৰাৰ বাবে আৰু সৌন্দৰ্যৰ বাবে। কিন্তু তাক্বৱাৰ পোছাকেই হৈছে সৰ্বোত্তম। এইটো আল্লাহৰ নিদৰ্শনসমূহৰ অন্যতম, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।

    [27] হে আদম সন্তান! চয়তানে যেন তোমালোকক কোনো মতেই প্ৰলুব্ধ কৰিব নোৱাৰে—যিদৰে সি তোমালোকৰ পিতৃ-মাতৃক জান্নাতৰ পৰা উলিয়াইছিল, সি তেওঁলোকক তেওঁলোকৰ লজ্জাস্থান দেখুৱাৰ বাবে বিবস্ত্ৰ কৰিছিল। নিশ্চয় সি নিজে আৰু তাৰ দলে তোমালোকক এনে ঠাইৰ পৰা দেখে, য’ত তোমালোকে সিহঁতক নেদেখা। নিশ্চয় আমি চয়তানক সেইসকল লোকৰ অভিভাৱক কৰি দিছো যিসকলে ঈমান পোষণ নকৰে।

    [28] আৰু যেতিয়া সিহঁতে কোনো অশ্লীল আচৰণ কৰে তেতিয়া কয়, ‘আমি আমাৰ পূৰ্বপুৰুষসকলক এইদৰেই কৰা পাইছো, আৰু আল্লাহেও আমাক এইটোৱেই কৰাৰ নিৰ্দেশ দিছে’। কোৱা, ‘আল্লাহে কেতিয়াও অশ্লীলতাৰ নিৰ্দেশ নিদিয়ে। তোমালোকে আল্লাহৰ বিষয়ে এনে কথা কোৱা নেকি যিটো তোমালোকে নাজানা’

    [29] কোৱা, ‘মোৰ প্ৰতিপালকে ন্যায় বিচাৰৰ নিৰ্দেশ দিছে’। আৰু তোমালোকে প্ৰত্যেক ছাজদাৰ সময়ত বা ইবাদতত তোমালোকৰ লক্ষ্য কেৱল আল্লাহকেই নিৰ্ধাৰণ কৰা আৰু তেওঁৰেই আনুগত্যত বিশুদ্ধচিত্ত হৈ একনিষ্ঠভাৱে তেওঁকেই আহ্বান কৰা। তেওঁ তোমালোকক যেনেকৈ প্ৰথমবাৰ সৃষ্টি কৰিছে তোমালোকে সেইদৰেই উভতি আহিবা।

    [30] এটা দলক তেওঁ হিদায়ত দিছে, আৰু আন এটা দলৰ ওপৰত পথভ্ৰষ্টতা সাব্যস্ত হৈছে। নিশ্চয় সিহঁতে আল্লাহক এৰি চয়তানক সিহঁতৰ অভিভাৱক-ৰূপে গ্ৰহণ কৰিছিল আৰু ধাৰণা কৰিছিল যে সিহঁতেই হিদায়তপ্ৰাপ্ত।

    [31] হে আদম সন্তান! প্ৰত্যেক ছালাতৰ সময়ত তোমালোকে সুন্দৰ পোছাক পৰিধান কৰা। খোৱা আৰু পান কৰা কিন্তু অপচয় নকৰিবা। নিশ্চয় তেওঁ অপচয়কাৰীসকলক পছন্দ নকৰে।

    [32] কোৱা, ‘আল্লাহে নিজ বান্দাসকলৰ বাবে যিবোৰ শোভা-সৌন্দৰ্যৰ বস্তু আৰু বিশুদ্ধ জীৱিকা সৃষ্টি কৰিছে সেয়া কোনে নিষিদ্ধ কৰিছে’? কোৱা, ‘পাৰ্থিৱ জীৱনত, বিশেষকৈ কিয়ামতৰ দিনা এইবোৰ তেওঁলোকৰ বাবে, যিসকলে ঈমান আনিছে’। এইদৰে আমি জ্ঞানী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বিবৃত কৰো।

    [33] কোৱা, ‘নিশ্চয় মোৰ প্ৰতিপালকে প্ৰকাশ্য আৰু গোপন উভয় প্ৰকাৰ অশ্লীলতাক হাৰাম কৰিছে, আৰু (হাৰাম কৰিছে) পাপ আৰু অন্যায়ভাৱে সীমালংঘন আৰু কোনো বস্তুক আল্লাহৰ অংশীদাৰ স্থাপন কৰাক—যাৰ কোনো দলীল প্ৰমাণ আল্লাহে অৱতীৰ্ণ কৰা নাই; আৰু আল্লাহ সম্পৰ্কে এনে কোনো কথা কোৱাটোও (হাৰাম) যিটো তোমালোকে নাজানা’।

    [34] আৰু প্ৰত্যেক জাতিৰ বাবে এটা নিৰ্দিষ্ট সময় আছে। এতেকে যেতিয়া সিহঁতৰ নিৰ্দিষ্ট সময় আহিব তেতিয়া সিহঁতে এক পল পলম কৰিব নোৱাৰিব আৰু এটা মুহূৰ্তও আগুৱাই আনিব নোৱাৰিব।

    [35] হে আদম সন্তান! যদি তোমালোকৰ ওচৰত তোমালোকৰ মাজৰ পৰাই ৰাছুলসকল আহে, যিসকলে আমাৰ আয়াতসমূহ তোমালোকৰ ওচৰত বিবৃত কৰিব, তেতিয়া যিসকলে তাক্বৱা অৱলম্বন কৰিব আৰু নিজকে সংশোধন কৰিব, তেওঁলোকৰ কোনো ভয় নাথাকিব আৰু তেওঁলোক চিন্তিতও নহ’ব।

    [36] আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে আৰু সেই বিষয়ে অহংকাৰ কৰিছে, সিহঁতেই অগ্নিবাসী, তাত সিহঁত চিৰকাল থাকিব।

    [37] এতেকে যি ব্যক্তি আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে অথবা তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰে সেইজনতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? সিহঁতৰ ভাগ্যত লিখিত অংশ সিহঁতে পাবই। অৱশেষত যেতিয়া আমাৰ ফিৰিস্তাসকল সিহঁতৰ জান কবজ কৰাৰ বাবে সিহঁতৰ ওচৰলৈ আহিব, তেতিয়া তেওঁলোকে সুধিব, ‘আল্লাহৰ বাহিৰে যিসকলক তোমালোকে আহ্বান কৰিছিলা সিহঁত এতিয়া ক’ত’? সিহঁতে ক’ব, ‘সিহঁত আমাৰ পৰা হেৰাই গৈছে’, আৰু সিহঁতে নিজেই নিজৰ বিপক্ষে সাক্ষী দিব যে, নিশ্চয় সিহঁত কাফিৰ আছিল।

    [38] আল্লাহে ক’ব, ‘তোমালোকৰ আগত যিবোৰ জ্বিন আৰু মানৱদল পাৰ হৈছে সিহঁতৰ লগত তোমালোকেও জুইত প্ৰৱেশ কৰা’। যেতিয়াই কোনো দল তাত প্ৰৱেশ কৰিব তেতিয়াই আন দলক সিহঁতে অভিসম্পাত কৰিব। অৱশেষত যেতিয়া সিহঁত সকলোৱে তাত একত্ৰিত হ’ব, তেতিয়া সিহঁতৰ পৰবৰ্তীসকলে পূৰ্বৱৰ্তীসকলৰ বিষয়ে ক’ব, ‘হে আমাৰ ৰব! ইহঁতেই আমাক বিভ্ৰান্ত কৰিছিল; সেয়ে ইহঁতক দ্বিগুণ জুইৰ শাস্তি দিয়া’। আল্লাহে ক’ব, ‘প্ৰত্যেকৰে বাবে আছে দ্বিগুণ শাস্তি কিন্তু তোমালোকে নাজানা’।

    [39] আৰু সিহঁতৰ পূৰ্বৱৰ্তীসকলে পৰবৰ্তীসকলক ক’ব, আমাৰ ওপৰত তোমালোকৰ কোনো শ্ৰেষ্ঠত্ব নাই, গতিকে তোমালোকে যি অৰ্জন কৰিছিলা তাৰ বাবে এতিয়া শাস্তি ভোগ কৰা’।

    [40] নিশ্চয় যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে আৰু সেই বিষয়ে অহংকাৰ কৰিছে, সিহঁতৰ বাবে আকাশৰ দুৱাৰ খোলা নহ’ব আৰু সিহঁতে জান্নাততো প্ৰৱেশ কৰিব নোৱাৰিব যেতিয়া লৈকে উট বেজীৰ জলাৰে নোসোমাব। এইদৰেই আমি অপৰাধীসকলক প্ৰতিফল দিওঁ।

    [41] সিহঁতৰ শয্যা হ’ব জাহান্নাম আৰু সিহঁতৰ ওপৰতো থাকিব জুইৰ আৱৰণ; আৰু এইদৰেই আমি যালিমসকলক প্ৰতিদান দিওঁ।

    [42] আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, আমি কাৰো ওপৰত তাৰ ক্ষমতাৰ অতিৰিক্ত বোজা অৰ্পন নকৰো- তেওঁলোকেই জান্নাতবাসী, তাত তেওঁলোক স্থায়ী হ’ব।

    [43] আৰু আমি সিহঁতৰ অন্তৰৰ পৰা ঈৰ্ষা দূৰ কৰিম, সিহঁতৰ তলত নদীসমূহ প্ৰবাহিত হ’ব। সিহঁতে ক’ব, ‘যাৱতীয় প্ৰশংসা আল্লাহৰ বাবে যিজনে আমাক এই পথৰ হিদায়ত কৰিছে। আল্লাহে আমাক হিদায়ত নকৰিলে, আমি কেতিয়াও হিদায়ত নাপালোহেঁতেন। নিশ্চয় আমাৰ প্ৰতিপালকৰ ৰাছুলসকলে সত্য লৈ আহিছিল’। আৰু সিহঁতক সম্বোধন কৰি কোৱা হ’ব, ‘তোমালোকে যি কৰিছিলা তাৰ বাবেই তোমালোকক এই জান্নাতৰ উত্তৰাধিকাৰী কৰা হৈছে’।

    [44] আৰু জান্নাতীসকলে জাহান্নামীসকলক সম্বোধন কৰি ক’ব, ‘আমাৰ প্ৰতিপালকে আমাৰ লগত যি প্ৰতিশ্ৰুতি কৰিছিল সেয়া আমি সঁচাকৈয়ে পাইছো। কিন্তু তোমালোকৰ প্ৰতিপালকে তোমালোকক যি প্ৰতিশ্ৰুতি দিছিল সেয়া তোমালোকে সঁচাকৈয়ে পাইছানে? সিহঁতে ক’ব, ‘হয়’। তাৰ পিছত এজন ঘোষণাকাৰীয়ে সিহঁতৰ মাজত ঘোষণা কৰি ক’ব, ‘যালিমসকলৰ ওপৰত আল্লাহৰ লানত

    [45] ‘যিসকলে আল্লাহৰ পথত প্ৰতিবন্ধকতা সৃষ্টি কৰিছিল আৰু সেই পথত বক্ৰতা অনুসন্ধান কৰি ফুৰিছিল; আৰু সিহঁত আছিল আখিৰাতক অস্বীকাৰকাৰী’।

    [46] আৰু সিহঁত উভয়ৰ মাজত থাকিব পৰ্দা, আৰু আ’ৰাফৰ মাজত থাকিব কিছুমান লোক, যিসকলে প্ৰত্যেককে তাৰ চিহ্নৰ দ্বাৰা চিনি পাব। সিহঁতে জান্নাতবাসীসকলক সম্বোধন কৰি ক’ব, ‘ছালাম বৰ্ষিত হওঁক তোমালোকৰ ওপৰত’। সিহঁত তেতিয়ালৈকে জান্নাতত প্ৰৱেশ কৰা নাই কিন্তু আকাংক্ষা কৰে।

    [47] আৰু যেতিয়া সিহঁতৰ দৃষ্টি জাহান্নামীসকলৰ ফালে ঘূৰাই দিয়া হ’ব, তেতিয়া সিহঁতে ক’ব, ‘হে আমাৰ ৰব! আমাক কেতিয়াও যালিম সম্প্ৰদায়ৰ সঙ্গী নকৰিবা’।

    [48] আৰু আ’ৰাফবাসীসকলে এনেকুৱা লোকসকলক মাতিব, যিসকলক সিহঁতে সিহঁতৰ চিহ্নৰ দ্বাৰা চিনি পাব। সিহঁতে ক’ব, ‘তোমালোকৰ দল আৰু তোমালোকৰ অহংকাৰ কোনো কামত নাহিল’।

    [49] চোৱাচোন! এওঁলোকেই সেইসকল লোকনে? যিসকলৰ বিষয়ে তোমালোকে শপত খাই কৈছিলা যে, ‘আল্লাহে সিহঁতক ৰহমত নকৰিব’; (এওঁলোককেই কোৱা হ’ব) ‘তোমালোকে জান্নাতত প্ৰৱেশ কৰা, তোমালোকৰ কোনো ভয় নাই আৰু তোমালোকে চিন্তিতও নহ’বা’।

    [50] জাহান্নামীসকলে জান্নাতীসকলক সম্বোধন কৰি ক’ব, ‘আমাৰ ওপৰত অকণমান পানী ঢালি দিয়া নাইবা আল্লাহে তোমালোকক যি জীৱিকা দান কৰিছে তাৰ পৰা অলপ দিয়া’। সিহঁতে ক’ব, ‘নিশ্চয় আল্লাহে এই দুটা কাফিৰসকলৰ বাবে হাৰাম কৰিছে’।

    [51] যিসকলে সিহঁতৰ দ্বীনক খেল-ধেমালিৰূপে গ্ৰহণ কৰিছিল, আৰু পাৰ্থিৱ জীৱনে যিসকলক প্ৰতাৰিত কৰিছিল। এতেকে আজি আমি সিহঁতক (জাহান্নামত) এৰি দিম, যেনেকৈ সিহঁতে সিহঁতৰ এই দিনৰ সাক্ষাতৰ বাবে আমল কৰা এৰি দিছিল, আৰু (যেনেকৈ) সিহঁতে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল।

    [52] আৰু নিশ্চয় আমি সিহঁতৰ ওচৰত লৈ আহিছো এনে এখন কিতাপ, যিটো আমি জ্ঞানৰ ভিত্তিত বিশদভাৱে ব্যাখ্যা কৰিছো, আৰু যিটো মুমিন সম্প্ৰদায়ৰ বাবে হিদায়ত আৰু ৰহমতস্বৰূপ।

    [53] সিহঁতে কেৱল সেই পৰিণামৰ অপেক্ষা কৰে নেকি? যিদিনা সেই পৰিণাম প্ৰকাশ পাব, সেইদিনা যিসকলে আগতে ইয়াৰ কথা পাহৰি গৈছিল, সিহঁতে ক’ব, ‘আমাৰ প্ৰতিপালকৰ ৰাছুলসকলে সত্য বাণী লৈ আহিছিল, আমাৰ বাবে এনে কোনো ছুপাৰিছকাৰী আছে নেকি যিয়ে আমাৰ বাবে ছুপাৰিছ কৰিব অথবা আমাক আকৌ উভতি যোৱাৰ অৱকাশ দিয়া হ’ব—যাতে আমি আগতে যি কৰিছো তাতকৈ বেলেগ কিবা কৰিব পাৰো’? নিশ্চয় সিহঁতে নিজেই নিজৰ ক্ষতি সাধন কৰিছে আৰু সিহঁতে যি মিছা ৰচনা কৰিছিল, সেয়া সিহঁতৰ পৰা বিলুপ্ত হৈ গৈছে।

    [54] নিশ্চয় তোমালোকৰ ৰব আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱী ছয় দিনত সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে। তেৱেঁই দিনক ৰাতিৰে আচ্ছন্ন কৰে। প্ৰত্যেকটোৱে এটাই আনটোক দ্ৰুতগতিত অনুসৰণ কৰে। সূৰ্য, চন্দ্ৰ আৰু নক্ষত্ৰসমূহ, যিবোৰ তেওঁৰ আদেশৰেই অনুগত। জানি থোৱা, সৃজন আৰু আদেশ কেৱল তেওঁৰেই। সৃষ্টিজগতৰ ৰব আল্লাহ কিমান বৰকতময়

    [55] তোমালোকে বিনিতভাৱে আৰু গোপনে নিজ প্ৰতিপালকক আহ্বান কৰা; নিশ্চয় তেওঁ সীমালংঘনকাৰী সকলক পছন্দ নকৰে।

    [56] আৰু পৃথিৱীত শান্তি স্থাপনৰ পিছত তোমালোকে তাত বিপৰ্যয় সৃষ্টি নকৰিবা; আৰু আল্লাহক ভয় আৰু আশাৰ সৈতে প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহৰ অনুগ্ৰহ সৎকৰ্মশীলসকলৰ অতি নিকটৱৰ্তী।

    [57] আৰু তেৱেঁই সেই সত্বা, যিজনে তেওঁৰ ৰহমতৰ (বৰষুণৰ) আগত সুসংবাদৰূপে বতাহ প্ৰবাহিত কৰে, অৱশেষত যেতিয়া সেই বতাহে গধুৰ মেঘ বহন কৰে, তেতিয়া আমি সেইটোক মৃত জনপদৰ ফালে চালিত কৰো, তাৰ পিছত আমি তাৰ পৰা পানী বৰ্ষাওঁ আৰু তাৰ দ্বাৰা আমি বিভিন্ন ধৰণৰ ফলমূল উৎপাদন কৰো। এইদৰেই আমি মৃতসকলক জীৱিত কৰিম, যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।

    [58] আৰু উৎকৃষ্ট ভূমি- ইয়াৰ ফচল তাৰ প্ৰতিপালকৰ আদেশত উৎপন্ন হয়। আৰু যিটো নিকৃষ্ট, তাত কঠোৰ পৰিশ্ৰম নকৰালৈকে একোৱে নজন্মে। এইদৰে আমি কৃতজ্ঞ সম্প্ৰদায়ৰ বাবে নিদৰ্শনসমূহ বিভিন্নভাৱে বিৱৰণ কৰো।

    [59] নিশ্চয় আমি নূহক প্ৰেৰণ কৰিছিলো তেওঁৰ সম্প্ৰদায়ৰ ওচৰত। তাৰ পিছত তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! একমাত্ৰ আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। নিশ্চয় মই তোমালোকৰ ওপৰত মহাদিৱসৰ শাস্তিৰ আশংকা কৰি আছো’।

    [60] তেওঁৰ সম্প্ৰদায়ৰ প্ৰধানসকলে কৈছিল, ‘আমি তোমাক স্পষ্ট ভ্ৰষ্টতাৰ মাজত নিপতিত দেখি আছো’।

    [61] তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! মোৰ মাজত কোনো ভ্ৰষ্টতা নাই, বৰং মই কেৱল সৃষ্টিজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা এজন ৰাছুলহে’।

    [62] ‘মই মোৰ প্ৰতিপালকৰ ৰিছালত (যিটো প্ৰদান কৰি মোক প্ৰেৰণ কৰা হৈছে সেয়া) তোমালোকৰ ওচৰত পৌঁচাই আছো আৰু তোমালোকৰ কল্যাণ কামনা কৰো। আৰু তোমালোকে যিবোৰ নাজানা সেয়া মই আল্লাহৰ পৰা জানো’।

    [63] তোমালোকে বিস্মিত হৈছা নেকি যে, তোমালোকৰেই এজনৰ মাধ্যমত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত উপদেশ আহিছে, যাতে তেওঁ তোমালোকক সতৰ্ক কৰে আৰু তোমালোকে তাক্বৱা অৱলম্বন কৰা আৰু যাতে তোমালোকে ৰহমতপ্ৰাপ্ত হোৱা

    [64] তথাপিও সিহঁতে তেওঁক মিছলীয়া বুলি ক’লে। ফলত তেওঁক আৰু তেওঁৰ সৈতে যিসকলে নাৱঁত আৰোহণ কৰিছিল আমি তেওঁলোকক উদ্ধাৰ কৰিছো আৰু যিসকলে আমাৰ আয়াতসমূহক মিছা প্ৰতিপন্ন কৰিছিল সিহঁতক আমি ডুবাই মাৰিছো। নিশ্চয় সিহঁত আছিল এটা অন্ধ সম্প্ৰদায়।

    [65] আৰু ‘আদ জাতিৰ ওচৰত সিহঁতৰ ভাই হূদক প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। (তথাপিও) তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’

    [66] তেওঁৰ সম্প্ৰদায়ৰ কাফিৰ নেতৃবৃন্দই ক’লে, ‘আমাৰ দৃষ্টিত তুমি এজন নিৰ্বোধ মানুহ আৰু আমি তোমাক মিছলীয়াসকলৰ অন্তৰ্ভুক্ত গণ্য কৰো’।

    [67] তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! মোৰ মাজত কোনো নিৰ্বুদ্ধিতা নাই, বৰং সৃষ্টিজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা মই এজন ৰাছুল’।

    [68] ‘মই মোৰ প্ৰতিপালকৰ ৰিছালত (যিটো প্ৰদান কৰি মোক প্ৰেৰণ কৰা হৈছে সেয়া) তোমালোকৰ ওচৰত পৌঁচাই আছো আৰু মই তোমালোকৰ এজন বিশ্বস্ত হিতাকাংক্ষী।

    [69] ‘তোমালোকে বিস্মিত হৈছা নেকি যে, তোমালোকৰ ওচৰত তোমালোকৰেই এজনৰ মাধ্যমত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকক সতৰ্ক কৰাৰ বাবে উপদেশ আহিছে? আৰু স্মৰণ কৰা যে, আল্লাহে তোমালোকক নূহৰ সম্প্ৰদায়ৰ (ধ্বংসৰ) পিছত (তোমালোকৰ আগৰ লোকসকলৰ) স্থলাভিষিক্ত কৰিছে আৰু সৃষ্টিত (দৈহিক গঠনত) তোমালোকক বেছি পৰিমাণে হৃষ্টপুষ্ট- বলিষ্ঠ কৰিছে। গতিকে তোমালোকে আল্লাহৰ অনুগ্ৰহসমূহ স্মৰণ কৰা, যাতে তোমালোকে সফল হ’ব পাৰা’।

    [70] সিহঁতে ক’লে, ‘তুমি আমাৰ ওচৰত এই উদ্দেশ্য লৈ আহিছা নেকি যে, আমি যাতে কেৱল এক আল্লাহৰ ইবাদত কৰো আৰু আমাৰ পিতৃপুৰুষসকলে যিবোৰৰ ইবাদত কৰিছিল সেইবোৰ এৰি দিওঁ? গতিকে যদি তুমি সত্যবাদী তেন্তে সেয়া লৈ আহা যিটোৰ পৰা তুমি আমাক ভয় দেখুৱাই আছা’।

    [71] তেওঁ ক’লে, ‘তোমালোকৰ প্ৰতিপালকৰ শাস্তি আৰু ক্ৰোধ তোমালোকৰ ওপৰত নিৰ্ধাৰিত হৈয়ে আছে; কিন্তু তোমালোকে মোৰ লগত বিতৰ্কত লিপ্ত হ’ব বিচৰা নেকি এনে কিছুমান নাম সম্বন্ধে যিবোৰ নাম তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে ৰাখিছা, যি বিষয়ে আল্লাহে কোনো দলীল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই? গতিকে তোমালোকে অপেক্ষা কৰা, ময়ো তোমালোকৰ লগত অপেক্ষা কৰি আছো।

    [72] তাৰ পিছত আমি তেওঁক আৰু তেওঁৰ সঙ্গীসকলক আমাৰ অনুগ্ৰহত উদ্ধাৰ কৰিছিলো; আৰু আমাৰ আয়াতসমূহক যিসকলে অস্বীকাৰ কৰিছিল আৰু যিসকলে মুমিন নাছিল সিহঁতক নিৰ্মূল কৰিছিলো।

    [73] আৰু ছামূদ জাতিৰ ওচৰত সিহঁতৰ ভাতৃ ছলেহক প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। নিশ্চয় তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট নিদৰ্শন আহিছে। এইজনী আল্লাহৰ উট, তোমালোকৰ বাবে নিদৰ্শনস্বৰূপ। এতেকে তোমালোকে ইয়াক আল্লাহৰ পৃথিৱীত চৰি ফুৰি খাবলৈ দিয়া আৰু তাইক কোনো ধৰণৰ কষ্ট নিদিবা, অন্যথা যন্ত্ৰণাদায়ক শাস্তিয়ে তোমালোকক আৱৰী ধৰিব’।

    [74] ‘আৰু স্মৰণ কৰা, আদ জাতিৰ (ধ্বংসৰ) পিছত তেওঁ তোমালোকক (তোমালোকৰ আগৰ লোকসকলৰ) স্থলাভিষিক্ত কৰিছে, আৰু তেওঁ তোমালোকক পৃথিৱীত এনেকৈ প্ৰতিষ্ঠিত কৰিছে যে, তোমালোকে সমতল ভূমিত প্ৰসাদ নিৰ্মাণ কৰিব পাৰা আৰু পাহাৰ কাটি বাসগৃহ তৈয়াৰ কৰিব পাৰা। গতিকে তোমালোকে আল্লাহৰ অনুগ্ৰহ স্মৰণ কৰা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা’।

    [75] তেওঁৰ সম্প্ৰদায়ৰ অহংকাৰী নেতাসকলে সেই সম্প্ৰদায়ৰ যিসকলে ঈমান আনিছিল- যিসকলক দুৰ্বল বুলি ভৱা হৈছিল তেওঁলোকক ক’লে, ‘তোমালোকে জানানে যে, ছলেহ তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত? তেওঁলোকে (উত্তৰত) ক’লে, ‘নিশ্চয় তেওঁ যি লৈ প্ৰেৰিত হৈছে, আমি তাৰ ওপৰত বিশ্বাসী’।

    [76] অহংকাৰীসকলে ক’লে, ‘নিশ্চয় তোমালোকে যাৰ কথাত বিশ্বাস কৰিছা আমি তাক অবিশ্বাস কৰো’।

    [77] তাৰ পিছত সিহঁতে সেই উটজনীক হত্যা কৰিলে আৰু আল্লাহৰ আদেশ অমান্য কৰিলে আৰু ক’লে, ‘হে ছলেহ! যদি তুমি (সঁচাই) ৰাছুলসকলৰ অন্তৰ্ভুক্ত তেন্তে তুমি আমাক যিটোৰ ভয় দেখুৱাইছা সেয়া লৈ আহা’।

    [78] তাৰ পিছত ভূমিকম্পই সিহঁতক আক্ৰান্ত কৰিলে, ফলত সিহঁতে নিজ নিজ ঘৰতে উবুৰি খাই পৰি (মৰি) থাকিল।

    [79] ইয়াৰ পিছত তেওঁ সিহঁতৰ পৰা মুখ ঘূৰাই লৈ ক’লে, ‘হে মোৰ সম্প্ৰদায়! মই মোৰ প্ৰতিপালকৰ ৰিছালত (যিটো প্ৰদান কৰি মোক প্ৰেৰণ কৰা হৈছে সেয়া) তোমালোকৰ ওচৰত পৌঁচাই দিছিলো আৰু তোমালোকৰ কল্যাণ কামনা কৰিছিলো, কিন্তু তোমালোকেহে কল্যানকামীসকলক পছন্দ নকৰা’।

    [80] আৰু (আমিয়েই) লূতক প্ৰেৰণ কৰিছিলো। তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে এনেকুৱা জঘন্য অশ্লীল কাম কৰি আছানে? যিটো তোমালোকৰ পূৰ্বে সৃষ্টিজগতৰ কোনেও কৰা নাই’।

    [81] ‘নিশ্চয় তোমালোকে যৌন কামনা-তৃপ্তিৰ বাবে নাৰীসকলৰ পৰিবৰ্তে পুৰুষসকলৰ ওচৰত যোৱা, বৰং তোমালোক সীমালংঘনকাৰী সম্প্ৰদায়’।

    [82] উত্তৰত তেওঁৰ সম্প্ৰদায়ে কেৱল এই বুলি ক’লে, ‘এওঁলোকক তোমালোকৰ জনপদৰ পৰা উলিয়াই দিয়া, নিশ্চয় ইহঁত এনেকুৱা লোক যিসকলে অতি পৱিত্ৰ হ’ব বিচাৰে’।

    [83] তাৰ পিছত আমি তেওঁক আৰু তেওঁৰ পৰিয়ালক উদ্ধাৰ কৰিছিলো কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে, তাই আছিল পিছত অৱস্থানকাৰী সকলৰ অন্তৰ্ভুক্ত।

    [84] আৰু আমি সিহঁতৰ ওপৰত প্ৰবল ধাৰাষাৰ বৰষুণ বৰ্ষাইছিলো। এতেকে চোৱা, অপৰাধীসকলৰ পৰিণাম কেনেকুৱা আছিল।

    [85] আৰু মাদইয়ানবাসী সকলৰ ওচৰত সিহঁতৰ ভাতৃ ছুৱাইবক (প্ৰেৰণ কৰিছিলো)। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত স্পষ্ট প্ৰমাণ আহি পাইছে। গতিকে তোমালোকে জোখ-মাপত ওজন পৰিপূৰ্ণ প্ৰদান কৰিবা, মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা, আৰু পৃথিৱীত শান্তি স্থাপনৰ পিছত বিপৰ্যয় সৃষ্টি নকৰিবা, এইটোৱেই তোমালোকৰ বাবে কল্যাণকৰ যদি তোমালোকে মুমিন হোৱা’।

    [86] ‘আৰু তেওঁৰ প্ৰতি যিসকলে ঈমান আনিছে সিহঁতক ভয় দেখুৱাৰ বাবে, আল্লাহৰ পথৰ পৰা বাধা প্ৰদান কৰিবলৈ আৰু তাত বক্ৰতা অনুসন্ধান কৰিবলৈ তোমালোকে প্ৰতিটো পথত বহি নাথাকিবা। আৰু স্মৰণ কৰা, তোমালোকে যেতিয়া সংখ্যাত কম আছিলা, আল্লাহে তেতিয়া তোমালোকৰ সংখ্যা বৃদ্ধি কৰিছে আৰু লক্ষ্য কৰা বিপৰ্যয় সৃষ্টিকাৰী সকলৰ পৰিণাম কেনেকুৱা আছিল’।

    [87] মই যি লৈ প্ৰেৰিত হৈছো তাত যদি তোমালোকৰ কোনো দলে ঈমান আনে আৰু কোনো দলে ঈমান পোষণ নকৰে, তেন্তে আল্লাহে আমাৰ মাজত ফয়চালা নকৰালৈকে ধৈৰ্য ধৰা, আৰু তেৱেঁই শ্ৰেষ্ঠ ফয়চালাকাৰী।

    [88] তেওঁৰ সম্প্ৰদায়ৰ অহংকাৰী নেতাসকলে ক’লে, ‘হে ছুৱাইব! নিশ্চয় আমি তোমাক আৰু তোমাৰ লগত যিসকলে ঈমান আনিছে সিহঁতক আমাৰ জনপদৰ পৰা উলিয়াই দিম নাইবা তোমালোকে আমাৰ ধৰ্মাদৰ্শত উভতি আহিব লাগিব’। তেওঁ ক’লে, ‘যদিও আমি সেইটোক ঘৃণা কৰো তথাপিও (বাধ্য কৰাবানে)’

    [89] ‘তোমালোকৰ ধৰ্মাদৰ্শৰ পৰা আল্লাহে আমাক উদ্ধাৰ কৰাৰ পিছতো যদি আমি তাত আকৌ উভতি যাওঁ তেন্তে আমি আল্লাহৰ ওপৰত মিছা কথা আৰোপ কৰা হ’ব। আমাৰ ৰব আল্লাহে ইচ্ছা নকৰিলে তাত উভতি যোৱা আমাৰ বাবে সমীচীন নহয়। আমাৰ প্ৰতিপালকে জ্ঞানৰ দ্বাৰা সকলো বস্তুকে পৰিব্যপ্ত কৰি আছে, আমি আল্লাহৰ ওপৰেই নিৰ্ভৰ কৰো। হে আমাৰ ৰব! আমাৰ আৰু আমাৰ সম্প্ৰদায়ৰ মাজত ন্যায়ভাৱে ফয়চালা কৰি দিয়া আৰু তুমিয়েই শ্ৰেষ্ঠ ফয়চালাকাৰী’।

    [90] আৰু তেওঁৰ সম্প্ৰদায়ৰ কাফিৰ নেতাসকলে ক’লে, ‘তোমালোকে যদি ছুৱাইবক অনুসৰণ কৰা তেন্তে নিশ্চয় তোমালোকে ক্ষতিগ্ৰস্ত হ’বা’।

    [91] তাৰ পিছত ভূমিকম্পই সিহঁতক আক্ৰান্ত কৰিলে। ফলত সিহঁত নিজ নিজ ঘৰতে উবুৰি খাই পৰি (মৰি) থাকিল।

    [92] ছুৱাইবক যিসকলে মিছলীয়া বুলি কৈছিল, এনে লাগে যেন সিহঁতে তাত বসবাসেই কৰা নাছিল। ছুৱাইবক যিসকলে মিছলীয়া বুলি কৈছিল সিহঁতেই ক্ষতিগ্ৰস্ত হৈছিল।

    [93] তাৰ পিছত তেওঁ সিহঁতৰ পৰা মুখ ঘূৰাই ল’লে আৰু ক’লে, ‘হে মোৰ সম্প্ৰদায়! মোৰ প্ৰতিপালকৰ ৰিছালত (প্ৰাপ্ত বাণী) মই তোমালোকৰ ওচৰত পৌঁচাই দিছো আৰু তোমালোকৰ কল্যাণ কামনা কৰিছো। এতেকে মই কাফিৰ সম্প্ৰদায়ৰ বাবে কেনেকৈ আক্ষেপ কৰিম’

    [94] আৰু আমি যি ঠাইতেই নবী প্ৰেৰণ কৰিছো সেই ঠাইৰ অধিবাসীসকলক অৰ্থ-সংকট আৰু দুখ-কষ্টৰ দ্বাৰা আক্ৰান্ত কৰিছো, যাতে সিহঁতে কাকুতি-মিনতি কৰে।

    [95] তাৰ পিছত আমি বেয়া অৱস্থাক ভাল অৱস্থাৰে পৰিবৰ্তন কৰো। অৱশেষত সিহঁতে প্ৰাচুৰ্যৰ অধিকাৰী হয় আৰু কয়, ‘আমাৰ পূৰ্বপুৰুষ সকলেও সূখ-দুখ ভোগ কৰিছে’। তাৰ পিছত আমি হঠাৎ সিহঁতক এনেকৈ ধৰি পেলাওঁ যে, সিহঁতে উপলব্ধিও কৰিব নোৱাৰে।

    [96] আৰু যদি সেইবোৰ জনপদৰ অধিবাসীসকলে ঈমান আনিলেহেঁতেন আৰু তাক্বৱা অৱলম্বন কৰিলেহেঁতেন তেন্তে নিশ্চয় আমি সিহঁতৰ বাবে আকাশ আৰু পৃথিৱীৰ বৰকতসমূহ উন্মুক্ত কৰি দিলোহেঁতেন, কিন্তু সিহঁতে মিছা প্ৰতিপন্ন কৰিছিল; সেয়ে আমি সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতক আটক কৰিছো।

    [97] জনপদৰ অধিবাসী বিলাকে ৰাতিৰ ভাগত সিহঁতৰ ওচৰত আমাৰ শাস্তি নাহিব বুলি নিৰাপদ হৈছে নেকি, যেতিয়া সিহঁত টোপনিত থাকিব

    [98] নে জনপদৰ অধিবাসীবিলাকে দিনৰ ভগত আমাৰ শাস্তি নাহিব বুলি নিশ্চিন্ত হৈছে, যেতিয়া সিহঁতে খেল-ধেমালিত মগ্ন থাকিব

    [99] সিহঁতে আল্লাহৰ কৌশলৰ পৰাও নিৰাপদ হৈছেনে? প্ৰকৃততে ক্ষতিগ্ৰস্ত সম্প্ৰদায়ৰ বাহিৰে কোনেও আল্লাহৰ কৌশলৰ পৰা (নিজকে) নিৰাপদ বুলি নাভাৱে।

    [100] কোনো দেশৰ জনগণৰ পিছত যিসকলে সেই দেশৰ উত্তৰাধিকাৰী হয় সিহঁতৰ ওচৰত এইটো প্ৰতীয়মান হোৱা নাইনে যে, আমি ইচ্ছা কৰিলে সিহঁতৰ পাপকৰ্মৰ ফলত সিহঁতক শাস্তি দিব পাৰো? আৰু আমি সিহঁতৰ হৃদয়ত মোহৰ মাৰি দিম, ফলত সিহঁতে একো শুনা নাপাব।

    [101] এইবোৰ জনপদৰ কিছু বিৱৰণ আমি তোমাৰ ওচৰত বৰ্ণনা কৰি আছো, সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণসহ আহিছিল; কিন্তু পূৰ্বে সিহঁতে যিটো মিছা বুলি অগ্ৰাহ্য কৰিছিল সেয়া দুনাই বিশ্বাস কৰিবলৈ সিহঁতে মান্তি নহয়। এইদৰেই আল্লাহে কাফিৰসকলৰ অন্তৰত মোহৰ মাৰি দিয়ে।

    [102] আৰু আমি সিহঁতৰ অধিকাংশকেই প্ৰতিশ্ৰুতি ৰক্ষাকাৰী পোৱা নাই, বৰং আমি সিহঁতৰ অধিকাংশকেই ফাছিক্ব পাইছো।

    [103] সিহঁতৰ পিছত আমি মুছাক আমাৰ নিদৰ্শনসহ ফিৰআউন আৰু তাৰ পৰিষদবৰ্গৰ ওচৰলৈ প্ৰেৰণ কৰিছিলো; কিন্তু সিহঁতে সেইবোৰৰ লগত অত্যাচাৰ কৰিছে। এতেকে বিপৰ্যয় সৃষ্টিকাৰীসকলৰ কি পৰিণাম হৈছিল সেয়া লক্ষ্য কৰি চোৱা।

    [104] মুছাই ক’লে, ‘হে ফিৰআউন! নিশ্চয় মই সৃষ্টিজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত ৰাছুল’।

    [105] ‘এইটো স্থিৰ নিশ্চিত যে, মই আল্লাহ সম্বন্ধে সত্যৰ বাহিৰে একো নকওঁ। তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট নিদৰ্শন লৈ মই তোমালোকৰ ওচৰত আহিছো, সেয়ে বনী ইছৰাঈলক তুমি মোৰ লগত যাবলৈ দিয়া’।

    [106] সি (ফিৰআউনে) ক’লে, ‘যদি তুমি কোনো নিদৰ্শন লৈ আহিছা, তেন্তে সেয়া পেচ কৰা যদি তুমি সত্যবাদী’।

    [107] তেতিয়া মুছাই নিজৰ হাতৰ লাখুটিডাল নিক্ষেপ কৰিলে আৰু লগে লগে সেয়া এডাল অজগৰ সাপত পৰিণত হ’ল।

    [108] আৰু তেওঁ নিজৰ হাত বাহিৰলৈ উলিয়াই আনিলে আৰু লগে লগে সেয়া দৰ্শকৰ ওচৰত শুভ্ৰ উজ্জ্বল দৃষ্টিপাত হ’ল।

    [109] ফিৰআউন সম্প্ৰদায়ৰ নেতাসকলে ক’লে, ‘নিশ্চয় এওঁ এজন সুদক্ষ যাদুকৰ’

    [110] ‘এওঁ তোমালোকক নিজ দেশৰ পৰা বহিষ্কাৰ কৰিব বিচাৰে, এতিয়া তোমালোকে কি পৰামৰ্শ দিয়া’

    [111] সিহঁতে ক’লে, ‘তেওঁক আৰু তেওঁৰ ভাতৃক অলপ অৱকাশ দিয়ক, আৰু চহৰে-নগৰে সংগ্ৰাহকসকলক পঠাই দিয়ক’

    [112] ‘যাতে সিহঁতে আপোনাৰ ওচৰত প্ৰতিজন সুদক্ষ যাদুকৰক উপস্থিত কৰে’।

    [113] যাদুকৰসকলে ফিৰআউনৰ ওচৰত আহি ক’লে, ‘আমি যদি বিজয়ী হওঁ তেন্তে আমাৰ বাবে পুৰষ্কাৰ থাকিব নে নাই’

    [114] সি ক’লে, ‘হয়, নিশ্চয় তোমালোক মোৰ ঘনিষ্টসকলৰ অন্তৰ্ভুক্ত হ’বা’।

    [115] সিহঁতে ক’লে, ‘হে মুছা! তুমি (আগতে) নিক্ষেপ কৰিবা নে আমি (আগতে) নিক্ষেপ কৰিম’

    [116] তেওঁ (মুছাই) ক’লে, ‘তোমালোকেই নিক্ষেপ কৰা’। যেতিয়া সিহঁতে নিক্ষেপ কৰিলে, তেতিয়া সিহঁতে মানুহৰ চকুত যাদু কৰিলে, সিহঁতক আতংকিত কৰিলে আৰু এটা ডাঙৰ যাদু প্ৰদৰ্শন কৰিলে।

    [117] আৰু আমি মুছাৰ প্ৰতি অহী কৰিলো যে, ‘তুমি তোমাৰ লাখুটিডাল নিক্ষেপ কৰা’। লগে লগে সেইটোৱে সিহঁতে যি অলীক বস্তু বনাইছিল সেইবোৰক গিলি পেলাবলৈ ধৰিলে

    [118] ফলত সত্য প্ৰতিষ্ঠিত হ’ল আৰু সিহঁতে যি কৰিছিল সেয়া বাতিল হৈ গ’ল।

    [119] এতেকে সিহঁতে তাত পৰাজিত হ’ল আৰু লাঞ্ছিত হৈ উভতি গ’ল

    [120] আৰু যাদুকৰবিলাক ছাজদাৱনত হ’ল।

    [121] তেওঁলোকে ক’লে, ‘আমি ঈমান আনিলো সৃষ্টিজগতৰ প্ৰতিপালকৰ প্ৰতি’।

    [122] ‘মুছা আৰু হাৰুনৰ ৰবৰ প্ৰতি’।

    [123] ফিৰআউনে ক’লে, ‘কি! মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে ইয়াৰ ওপৰত ঈমান আনিলা? নিশ্চয় এইটো এটা চক্ৰান্ত; তোমালোকে এই চক্ৰান্ত কৰিছা নগৰবাসীসকলক ইয়াৰ পৰা উলিয়াই দিয়াৰ বাবে। এতেকে তোমালোকে অতিশীঘ্ৰে ইয়াৰ পৰিণাম জানিব পাৰিবা’।

    [124] ‘নিশ্চয় মই তোমালোকৰ হাত-ভৰি বিপৰীত ফালৰ পৰা কাটি টুকুৰা-টুকুৰ কৰি দিম; তাৰ পিছত অৱশ্যে মই তোমালোক আটাইকে শূলত দিম’।

    [125] তেওঁলোকে ক’লে, ‘নিশ্চয় আমি আমাৰ ৰবৰ ওচৰলৈকেহে উভতি যাম

    [126] ‘আৰু তুমি আমাক শাস্তি দিব ওলাইছা কেৱল এই বাবে যে, আমি আমাৰ প্ৰতিপালকৰ নিদৰ্শনৰ ওপৰত ঈমান আনিছো যেতিয়া সেয়া আমাৰ ওচৰত আহিছে। হে আমাৰ ৰব! আমাক পৰিপূৰ্ণ ধৈৰ্য দান কৰা আৰু মুছলিমৰূপে আমাক মৃত্যু দান কৰা’।

    [127] আৰু ফিৰআউন সম্প্ৰদায়ৰ নেতাসকলে ক’লে, ‘আপুনি মুছাক আৰু তেওঁৰ সম্প্ৰদায়ক পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিবলৈ আৰু আপোনাক লগতে আপোনাৰ উপাস্যসমূহক বৰ্জন কৰিবলৈ এৰি দিব নেকি? সি ক’লে, ‘শীঘ্ৰেই আমি সিহঁতৰ পুত্ৰসকলক হত্যা কৰিম আৰু সিহঁতৰ নাৰীসকলক জীৱিত ৰাখিম। নিশ্চয় আমি সিহঁতৰ ওপৰত শক্তিধৰ’।

    [128] মুছাই তেওঁৰ সম্প্ৰদায়ক ক’লে, ‘আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰা আৰু ধৈৰ্য ধৰা; নিশ্চয় পৃথিৱী আল্লাহৰেই। তেৱেঁই নিজ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা ইয়াৰ উত্তৰাধিকাৰী বনায়। আৰু শুভ পৰিণাম কেৱল মুত্তাক্বীসকলৰ বাবেই’।

    [129] সিহঁতে ক’লে, ‘তুমি আমাৰ ওচৰত অহাৰ আগতেও আমি নিৰ্যাতিত হৈছো আৰু তুমি অহাৰ পিছতো’। তেওঁ ক’লে, ‘অতি সোনকালে তোমালোকৰ প্ৰতিপালকে তোমালোকৰ শত্ৰুক ধ্বংস কৰিব আৰু তেওঁ তোমালোকক পৃথিৱীত স্থলাভিষিক্ত কৰিব, তাৰ পিছত তোমালোকে কি কৰা সেয়া তেওঁ লক্ষ্য কৰিব’।

    [130] আৰু নিশ্চয় আমি ফিৰআউনৰ অনুসাৰীসকলক দুৰ্ভিক্ষ আৰু ফচলৰ ক্ষতিৰ দ্বাৰা আক্ৰান্ত কৰিছো, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।

    [131] এতেকে যেতিয়া সিহঁতৰ ওচৰত কোনো কল্যাণ আহিছিল, তেতিয়া সিহঁতে কৈছিল, ‘এইটো আমাৰ প্ৰাপ্য’। আৰু যেতিয়া কোনো অকল্যাণে স্পৰ্শ কৰিছিল তেতিয়া সিহঁতে মুছা আৰু তেওঁৰ সঙ্গীসকলক অমঙ্গল বুলি গণ্য কৰিছিল। সাৱধান! সিহঁতৰ অকল্যাণ কেৱল আল্লাহৰ নিয়ন্ত্ৰণত, কিন্তু সিহঁতৰ বহুতেই সেয়া নাজানে।

    [132] আৰু সিহঁতে কৈছিল, ‘আমাক যাদু কৰাৰ বাবে তুমি যিকোনো নিদৰ্শন আমাৰ ওচৰত লৈ নাহা কিয়, আমি তোমাৰ ওপৰত কেতিয়াও বিশ্বাস স্থাপন নকৰিম’।

    [133] তাৰ পিছত আমি সিহঁতৰ ওপৰত বিস্তাৰিত নিদৰ্শন হিচাপে ধুমুহা, পঙ্গপাল, ওকণি, ভেকুলী আৰু তেজ প্ৰেৰণ কৰিছো। ইয়াৰ পিছতো সিহঁতে অহংকাৰ কৰিলে; আৰু সিহঁত আছিল এটা অপৰাধী সম্প্ৰদায়।

    [134] আৰু যেতিয়াই সিহঁতৰ ওপৰত শাস্তি আহিছিল তেতিয়াই সিহঁতে কৈছিল, ‘হে মুছা! তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে প্ৰাৰ্থনা কৰা তোমাৰ লগত তেওঁ যি অঙ্গীকাৰ কৰিছে সেই অনুযায়ী; যদি তুমি আমাৰ পৰা শাস্তি দূৰ কৰি দিব পাৰা তেন্তে আমি নিশ্চয় তোমাৰ ওপৰত ঈমান আনিম আৰু অৱশ্যে বনী ইছৰাঈলক তোমাৰ লগত যাবলৈ দিম’।

    [135] ফলত যেতিয়াই আমি সিহঁতৰ পৰা শাস্তি দূৰ কৰি দিছিলো এটা নিৰ্দিষ্ট সময়ৰ বাবে যিটো সিহঁতৰ বাবে নিৰ্ধাৰিত আছিল, তেতিয়াই সিহঁতে সিহঁতৰ অঙ্গীকাৰ ভঙ্গ কৰিছিল।

    [136] সেয়ে আমি সিহঁতৰ পৰা প্ৰতিশোধ লৈছো আৰু সিহঁতক অটল সাগৰত ডুবাই দিছো। কাৰণ সিহঁতে আমাৰ নিদৰ্শনক অস্বীকাৰ কৰিছিল আৰু এই সম্বন্ধে সিহঁত আছিল অমনোযোগী।

    [137] আৰু যি সম্প্ৰদায়ক দুৰ্বল বুলি ভৱা হৈছিল সিহঁতক আমি আমাৰ কল্যাণপ্ৰাপ্ত ৰাজ্যৰ পূৱ আৰু পশ্চিমৰ উত্তৰাধিকাৰী কৰিলো; আৰু বনী ইছৰাঈল সম্পৰ্কে তোমাৰ প্ৰতিপালকৰ শুভ বাণী সত্যত পৰিণত হ’ল, যিহেতু সিহঁতে ধৈৰ্য ধৰিছিল; লগতে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ শিল্প আৰু যিবোৰ প্ৰসাদ সিহঁতে নিৰ্মাণ কৰিছিল সেয়া ধ্বংস কৰিছো।

    [138] আৰু বনী ইছৰাঈলক আমিয়েই সাগৰ পাৰ কৰাই দিছো, তাৰ পিছত সিহঁতে মূৰ্তিপূজাত আসক্ত এটা জাতিৰ ওচৰত উপস্থিত হয়। সিহঁতে ক’লে, ‘হে মুছা! এওঁলোকৰ উপাস্যৰ দৰে আমাৰ বাবেও এজন উপাস্য স্থিৰ কৰি দিয়া’। তেওঁ ক’লে, ‘তোমালোক এটা মূৰ্খ সম্প্ৰদায়’।

    [139] ‘নিশ্চয় এইসকল লোক য’ত লিপ্ত হৈ আছে সেয়া ধ্বংসশীল আৰু সিহঁতে যি কৰি আছে সেয়াও অমূলক’।

    [140] তেওঁ আৰু ক’লে, ‘মই আল্লাহৰ বাহিৰে তোমালোকৰ বাবে আন কোনো ইলাহ সন্ধান কৰিম নেকি অথচ তেৱেঁই তোমালোকক সৃষ্টিজগতৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে’

    [141] আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকক ফিৰআউনৰ অনুসাৰীসকলৰ হাতৰ পৰা উদ্ধাৰ কৰিছো, যিহঁতে তোমালোকক নিকৃষ্ট শাস্তি প্ৰদান কৰিছিল। সিহঁতে তোমালোকৰ পুত্ৰ সন্তানসকলক হত্যা কৰিছিল আৰু নাৰীসকলক জীৱিত ৰাখিছিল; ইয়াত আছিল তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা মহা পৰীক্ষা।

    [142] আৰু মুছাৰ বাবে আমি ত্ৰিশ ৰাতিৰ প্ৰতিশ্ৰুতি কৰিছিলো আৰু দহ যোগ কৰি সেয়া পূৰ্ণ কৰিছিলো। এইদৰে তেওঁৰ প্ৰতিপালকৰ নিৰ্ধাৰিত সময় চল্লিশ ৰাতিত পূৰ্ণ হৈছিল। মুছাই তেওঁৰ ভাতৃ হাৰুনক ক’লে, ‘মোৰ অনুপস্থিতিত মোৰ সম্প্ৰদায়ৰ মাজত তুমি মোৰ প্ৰতিনিধিত্ব কৰিবা, সংশোধন কৰিবা আৰু বিপৰ্যয় সৃষ্টিকাৰীসকলৰ পথ অনুসৰণ নকৰিবা’।

    [143] আৰু মুছাই যেতিয়া আমাৰ নিৰ্ধাৰিত সময়ত উপস্থিত হ’ল আৰু তেওঁৰ প্ৰতিপালকে তেওঁৰ লগত কথা পাতিলে, তেতিয়া তেওঁ ক’লে, ‘হে মোৰ ৰব! তুমি মোক দৰ্শন দিয়া, মই তোমাক দেখিম’। তেওঁ ক’লে, ‘তুমি মোক দেখিব নোৱাৰিবা। তুমি বৰং পাহাৰৰ ফালেই চোৱাচোন, সেইটো যদি নিজৰ ঠাইতে স্থিৰ থাকে তেনেহ’লে তুমি মোক দেখিব পাৰিবা’। যেতিয়া তেওঁৰ প্ৰতিপালকে পাহাৰত জ্যোতি প্ৰকাশ কৰিলে তেতিয়া ই পাহাৰক চূৰ্ণ-বিচূৰ্ণ কৰিলে আৰু মুছা সংজ্ঞাহীন হৈ পৰিলে। যেতিয়া তেওঁ জ্ঞান উভতি পালে তেতিয়া ক’লে, ‘মহিমাময় তুমি, মই অনুতপ্ত হৈ তোমাৰ ওচৰত তাওবা কৰিছো আৰু মুমিনসকলৰ মাজত ময়েই প্ৰথম’।

    [144] তেওঁ ক’লে, ‘হে মুছা! মই তোমাক মোৰ ৰিছালত আৰু বাক্যালাপৰ দ্বাৰা মানুহৰ ওপৰত নিৰ্বাচিত কৰিছো; সেয়ে মই তোমাক যি প্ৰদান কৰিলো সেয়া গ্ৰহণ কৰা আৰু কৃতজ্ঞতা জ্ঞাপনকাৰীসকলৰ অন্তৰ্ভু্ক্ত হোৱা’।

    [145] আৰু আমি তাৰ বাবে ফলকসমূহত সৰ্ব বিষয়ে উপদেশ আৰু সকলো বিষয়ৰ স্পষ্ট ব্যাখ্যা লিখি দিছো; গতিকে সেয়া দৃঢ়ভাৱে ধৰা আৰু তোমাৰ সম্প্ৰদায়ক ইয়াৰে যি উত্তম সেয়া গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া। মই অনতিপলমে ফাছিক্বসকলৰ বাসস্থান তোমালোকক দেখুৱাম।

    [146] পৃথিৱীত যিসকলে অন্যায়ভাৱে অহংকাৰ কৰি ফুৰে সিহঁতক মই মোৰ নিদৰ্শনসমূহৰ পৰা নিশ্চয় আঁতৰত ৰাখিম। দৰাচলতে সিহঁতে প্ৰতিটো নিদৰ্শন দেখিলেও ঈমান পোষণ নকৰিব আৰু সিহঁতে সৎপথ দেখিলেও সেইটোক পথ বুলি গ্ৰহণ নকৰিব, কিন্তু সিহঁতে ভুল পথ দেখিলে সেইটোক পথ বুলি গ্ৰহণ কৰিব। এইটো এই বাবে যে, সিহঁতে আমাৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছে আৰু সেই সম্পৰ্কে সিহঁত আছিল অমনোযোগী।

    [147] আৰু যিসকলে আমাৰ নিদৰ্শনসমূহ আৰু আখিৰাতৰ সাক্ষাতক অস্বীকাৰ কৰিছে সিহঁতৰ কৃতকৰ্ম বিফল হৈছে। সিহঁতে যি কৰে সেই অনুপাতেই সিহঁতক প্ৰতিফল দিয়া হ’ব।

    [148] আৰু মুছাৰ সম্প্ৰদায়ে তেওঁৰ অনুপস্থিতিত নিজৰ অলংকাৰেৰে এটা দামুৰী সাজিলে, এটা দেহ (ৰ দৰে প্ৰতিমা) যিটো ‘হাম্বা’ (গৰুৰ দৰে) শব্দ ওলাইছিল। সিহঁতে এইটো দেখা নাছিলনে যে, এইটোৱে সিহঁতৰ লগত কথা ক’ব নোৱাৰে আৰু সিহঁতক কোনো পথৰ সন্ধানো দিব নোৱাৰে? (তথাপিও) সিহঁতে ইয়াকেই উপাস্যৰূপে গ্ৰহণ কৰিলে আৰু সিহঁত আছিল যালিম।

    [149] আৰু সিহঁতে যেতিয়া অনুতপ্ত হ’ল আৰু দেখিলে যে, সিহঁতে বিপথগামী হৈ গৈছে, তেতিয়া সিহঁতে ক’লে, ‘আমাৰ প্ৰতিপালকে যদি আমাৰ প্ৰতি দয়া নকৰে আৰু আমাক ক্ষমা কৰি নিদিয়ে তেন্তে নিশ্চয় আমি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাম’।

    [150] আৰু মুছাই যেতিয়া ক্ৰুদ্ধ আৰু বিক্ষুব্ধ হৈ নিজ সম্প্ৰদায়ৰ ওচৰত উভতি আহিলে, তেতিয়া ক’লে, ‘মোৰ অনুপস্থিতিত তোমালোকে মোৰ কিমান নিকৃষ্ট প্ৰতিনিধিত্ব কৰিছা! তোমালোকৰ প্ৰতিপালকৰ আদেশৰ আগতেই তোমালোকে খৰখেদা কৰিলানে’? এই বুলি তেওঁ ফলকসমূহ দলিয়াই পেলালে আৰু তেওঁৰ ভাতৃক চুলিত ধৰি নিজৰ পিনে টানি আনিব ধৰিলে। হাৰুনে ক’লে, ‘হে মোৰ সহোদৰ! মানুহে মোক দুৰ্বল বুলি ভাৱিছিল আৰু মোক প্ৰায় হত্যা কৰি পেলাইছিল। সেয়ে তুমি মোৰ লগত এনে আচৰণ নকৰিবা যি কৰিলে শত্ৰুসকলে আনন্দিত হয় আৰু মোক যালিমসকলৰ অন্তৰ্ভুক্ত বুলি নাভাৱিবা’।

    [151] মুছাই ক’লে, ‘হে মোৰ ৰব! মোক আৰু মোৰ ভাতৃক ক্ষমা কৰি দিয়া আৰু আমাক তোমাৰ ৰহমতৰ মাজত প্ৰৱেশ কৰোৱা; আৰু তুমিয়েই শ্ৰেষ্ঠ দয়ালু’।

    [152] নিশ্চয় যিসকলে দামুৰীটোক উপাস্যৰূপে গ্ৰহণ কৰিছে, অৱশ্যে পৃথিৱীৰ জীৱনত সিহঁতৰ ওপৰত সিহঁতৰ প্ৰতিপালকৰ ক্ৰোধ আৰু লাঞ্ছনা আপতিত হ’ব। এইদৰেই আমি মিছা ৰটনাকাৰীসকলক প্ৰতিফল দি থাকোঁ।

    [153] আৰু যিসকলে অসৎকৰ্ম কৰে, কিন্তু তাৰ পিছত সিহঁতে তাওবা কৰিলে আৰু ঈমান আনিলে, নিশ্চয় তোমাৰ ৰব ইয়াৰ পিছতো পৰম ক্ষমাশীল, পৰম দয়ালু।

    [154] আৰু যেতিয়া মুছাৰ খং প্ৰশমিত হ’ল, তেতিয়া তেওঁ ফলকসমূহ তুলি ল’লে। যিসকলে নিজ প্ৰতিপালকক ভয় কৰে সিহঁতৰ বাবে সেই ফলকসমূহত যি লিখা আছিল সেয়া আছিল হিদায়ত আৰু ৰহমত।

    [155] আৰু মুছাই তেওঁৰ সম্প্ৰদায়ৰ পৰা সত্তৰ জন লোকক আমাৰ নিৰ্ধাৰিত স্থানত একত্ৰিত হোৱাৰ বাবে মনোনীত কৰিলে। তাৰ পিছত সিহঁতে যেতিয়া ভূমিকম্পৰ দ্বাৰা আক্ৰান্ত হ’ল, তেতিয়া মুছাই ক’লে, ‘হে মোৰ ৰব! তুমি ইচ্ছা কৰিলে আগতেই ইহঁতক আৰু মোকো ধ্বংস কৰিব পাৰিলাহেঁতেন, আমাৰ মাজৰ নিৰ্বোধসকলে যি কৰিছে সেই বাবে তুমি আমাক ধ্বংস কৰিবানে? এইটো হৈছে কেৱল তোমাৰ পৰীক্ষা, যিটোৰ দ্বাৰা তুমি যাক ইচ্ছা বিপথগামী কৰা আৰু যাক ইচ্ছা তুমি সৎপথত পৰিচালিত কৰা। তুমিয়েই আমাৰ অভিভাৱক; সেয়ে তুমি আমাক ক্ষমা কৰা আৰু আমাৰ প্ৰতি দয়া কৰা। ক্ষমাশীলসকলৰ ভিতৰত তুমিয়েই শ্ৰেষ্ঠ’।

    [156] ‘আৰু তুমি আমাৰ বাবে এই পৃথিৱীত কল্যাণ লিখি দিয়া আৰু আখিৰাততো। নিশ্চয় আমি তোমাৰ ওচৰলৈ উভতি আহিছো’। আল্লাহে ক’লে, ‘মোৰ শাস্তি যাক ইচ্ছা দি থাকো আৰু মোৰ দয়া- সেয়াতো প্ৰত্যেক বস্তুকেই আৱৰী আছে। গতিকে মই সেইটো লিখি দিম কেৱল সিহঁতৰ বাবে যিসকলে তাক্বৱা অৱলম্বন কৰে, যাকাত প্ৰদান কৰে আৰু আমাৰ আয়াতসমূহত বিশ্বাস স্থাপন কৰে’।

    [157] যিসকলে অনুসৰণ কৰে ৰাছুলৰ, উম্মী নবীৰ, যাৰ উল্লেখ সিহঁতে সিহঁতৰ ওচৰত থকা তাওৰাত আৰু ইঞ্জীলত লিপিবদ্ধ পায়, যিজনে সিহঁতক সৎ কামৰ আদেশ দিয়ে, অসৎকৰ্মৰ পৰা নিষেধ কৰে, সিহঁতৰ বাবে পৱিত্ৰ বস্তু হালাল কৰে আৰু অপৱিত্ৰ বস্তু হাৰাম কৰে। আৰু সিহঁতক সিহঁতৰ ওপৰত থকা বোজাৰ পৰা আৰু শৃংখলৰ পৰা মুক্ত কৰে। সেয়ে যিসকলে তেওঁৰ প্ৰতি ঈমান আনে, তেওঁক সন্মান কৰে, তেওঁক সহায় কৰে আৰু যি নূৰ তেওঁৰ প্ৰতি অৱতীৰ্ণ হৈছে সেইটোৰ অনুসৰণ কৰে, তেওঁলোকেই সাফল্যমণ্ডিত।

    [158] কোৱা, ‘হে মানৱ! নিশ্চয় মই তোমালোক সকলোৰে প্ৰতি আল্লাহৰ ৰাছুল, যিজন আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্বৰ অধিকাৰী। তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়। সেয়ে তোমালোকে ঈমান আনা আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুল উম্মী নবীৰ প্ৰতি যিজনে আল্লাহ আৰু তেওঁৰ বাণীসমূহত ঈমান পোষণ কৰে; আৰু তোমালোকে তেওঁৰ অনুসৰণ কৰা যাতে তোমালোকে হিদায়ত প্ৰাপ্ত হোৱা’।

    [159] আৰু মুছাৰ সম্প্ৰদায়ৰ ভিতৰত এনেকুৱা দলো আছে যিসকলে আনক ন্যায়ভাৱে পথ দেখুৱায় আৰু সেই অনুযায়ী (বিচাৰত) ইনচাফ কৰে।

    [160] আৰু সিহঁতক আমি বাৰটা গোত্ৰত বিভক্ত কৰিছো। মুছাৰ সম্প্ৰদায়ে যেতিয়া তেওঁৰ ওচৰত পানী বিচাৰিলে, তেতিয়া আমি তেওঁৰ প্ৰতি অহী প্ৰেৰণ কৰিলো, ‘তোমাৰ লাখুটিডালেৰে শিলত আঘাত কৰা’; ফলত তাৰ পৰা বাৰটা ঝৰ্ণাৰ উৎপত্তি হ’ল। প্ৰত্যেক গোত্ৰই নিজ নিজ পানী খোৱা স্থান নিৰ্ণয় কৰি ল’লে। আৰু আমি মেঘৰ দ্বাৰা সিহঁতৰ ওপৰত ছাঁ কৰি দিছিলো আৰু সিহঁতৰ ওপৰত আমি মান্না আৰু ছালৱা অৱতীৰ্ণ কৰিছিলো। (কৈছিলো) ‘তোমালোকক যি জীৱিকা দান কৰিছো তাৰ পৰা পৱিত্ৰ বস্তু খোৱা’। সিহঁতে আমাৰ প্ৰতি কোনো অন্যায় কৰা নাছিল, বৰং সিহঁতে নিজেই নিজৰ ক্ষতি সাধন কৰিছে।

    [161] আৰু স্মৰণ কৰা, যেতিয়া সিহঁতক কোৱা হৈছিল, ‘তোমালোকে এই জনপদত বাস কৰা আৰু য’ৰ পৰা ইচ্ছা খোৱা লগতে কোৱা, ‘হিত্তাতুন’ (ক্ষমা বিচাৰো) আৰু নতশিৰে দুৱাৰেৰে প্ৰৱেশ কৰিবা; আমি তোমালোকৰ অপৰাধসমূহ ক্ষমা কৰিম। নিশ্চয় আমি সৎকৰ্মশীলসকলক অধিক দান কৰিম’।

    [162] তথাপিও সিহঁতৰ মাজত যিসকলে যালিম আছিল সিহঁতক যি কোৱা হৈছিল, তাৰ পৰিবৰ্তে সিহঁতে আন কথা ক’লে। সেয়ে আমি আকাশৰ পৰা সিহঁতৰ প্ৰতি শাস্তি পঠালো, কাৰণ সিহঁতে অন্যায় কৰিছিল।

    [163] আৰু সিহঁতক সাগৰৰ তীৰৰ জনবসতিৰ বিষয়ে সোধাচোন, যেতিয়া সিহঁতে শনিবাৰে সীমালংঘন কৰিছিল, যেতিয়া শনিবাৰ পালনৰ দিনা মাছবোৰ পানীত ভাহি ভাহি সিহঁতৰ ওচৰত আহিছিল। কিন্তু যিদিনা সিহঁতে শনিবাৰ পালন কৰা নাছিল সেইদিনা সেই মাছবোৰ সিহঁতৰ ওচৰত অহা নাছিল। এইদৰে আমি সিহঁতক পৰীক্ষা কৰিছিলো, কাৰণ সিহঁতে ফাছেক্বী কৰিছিল।

    [164] আৰু স্মৰণ কৰা, যেতিয়া সিহঁতৰ দল এটাই কৈছিল, ‘আল্লাহে যিসকলক ধ্বংস কৰিব অথবা কঠোৰ শাস্তি দিব, তোমালোকে সিহঁতক কিয় সদুপদেশ দিয়া? সিহঁতে কৈছিল, ‘তোমালোকৰ প্ৰতিপালকৰ ওচৰত দায়িত্ব-মুক্তিৰ বাবে আৰু যাতে সিহঁতে তাক্বৱা অৱলম্বন কৰে সেই বাবে’।

    [165] তাৰ পিছত যি উপদেশ সিহঁতক দিয়া হৈছিল, সিহঁতে যেতিয়া সেয়া পাহৰি গ’ল, তেতিয়া যিসকলে অসৎকৰ্ম নিষেধ কৰিছিল তেওঁলোকক আমি উদ্ধাৰ কৰিছিলো, আৰু যিসকলে অন্যায় কৰিছিল সিহঁতক আমি কঠোৰ শাস্তি বিহিছো, কাৰণ সিহঁতে ফাছেক্বী কৰিছিল।

    [166] ইয়াৰ পিছতো যেতিয়া সিহঁতে নিষিদ্ধ কামৰ সীমা চেৰাই গ'ল তেতিয়া আমি সিহঁতক ক’লো, ‘তোমালোকে নিকৃষ্ট বান্দৰ হৈ যোৱা’

    [167] আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ঘোষণা কৰিলে যে, নিশ্চয় তেওঁ কিয়ামত পৰ্যন্ত সিহঁতৰ ওপৰত এনেকুৱা কিছুমান লোকক পঠাব, যিসকলে সিহঁতক কঠিন শাস্তি দি থাকিব। নিশ্চয় তোমাৰ প্ৰতিপালক শাস্তি দানত তৎপৰ আৰু নিশ্চয় তেওঁ ক্ষমাশীল, পৰম দয়ালু।

    [168] আৰু আমি সিহঁতক পৃথিৱীত বিভিন্ন দলত বিভক্ত কৰিছো, সিহঁতৰ কিছুমান সৎকৰ্মপৰায়ণ আৰু কিছুমান অন্য ধৰণৰ। আমি সিহঁতক মঙ্গল আৰু অমঙ্গলৰ দ্বাৰা পৰীক্ষা কৰিছো, যাতে সিহঁতে প্ৰত্যাৱৰ্তন কৰে।

    [169] সিহঁতৰ পিছত এনে কিছুমান অযোগ্য লোক এটাৰ পিছত এটাকৈ সিহঁতৰ স্থলাভিষিক্তৰূপে কিতাবৰ উত্তৰাধিকাৰী হৈছে, যিসকলে পৃথিৱীৰ এই তুচ্ছ অসাৰ সামগ্ৰী সঞ্চয়ত লিপ্ত থাকে, আৰু সিহঁতে কয়, ‘আমাক ক্ষমা কৰি দিয়া হ’ব’। কিন্তু এইবোৰৰ অনুৰূপ সামগ্ৰী সিহঁতৰ ওচৰত আহিলে সেয়াও সিহঁতে গ্ৰহণ কৰিব; কিতাবৰ অঙ্গীকাৰ সিহঁতৰ পৰা লোৱা হোৱা নাইনে যে, সিহঁতে আল্লাহ সম্পৰ্কে সত্যৰ বাহিৰে আন একো নক’ব? অথচ সিহঁতে তাত যি আছে সেয়া অধ্যয়নো কৰে। কিন্তু যিসকলে তাক্বৱা অৱলম্বন কৰে সিহঁতৰ বাবে আখিৰাতৰ আবাসেই উত্তম; তোমালোকে এয়া অনুধাৱন নকৰানে

    [170] যিসকলে কিতাবক দৃঢ়ভাৱে ধাৰণ কৰে আৰু ছালাত কায়েম কৰে; নিশ্চয় আমি সৎকৰ্মপৰায়ণ সকলৰ শ্ৰমফল বিনষ্ট নকৰো।

    [171] আৰু স্মৰণ কৰা, যেতিয়া আমি পৰ্বতক সিহঁতৰ ওপৰত তুলি ধৰিছিলো, আৰু সেয়া আছিল যেনিবা মেঘৰ এটা খণ্ড। সিহঁতে ভাৱিলে যে, সেয়া সিহঁতৰ ওপৰত পৰি যাব। (আমি ক’লো) ‘আমি যি প্ৰদান কৰিছো সেয়া দৃঢ়ভাৱে ধাৰণ কৰা আৰু তাত যি আছে সেয়া স্মৰণ কৰা, যাতে তোমালোকে তাক্বৱাৰ অধিকাৰী হ’ব পাৰা’।

    [172] আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে আদম সন্তানৰ পিঠিৰ পৰা তাৰ বংশধৰক উলিয়াইছিল আৰু সিহঁতৰ নিজৰ বিষয়ে স্বীকাৰোক্তি গ্ৰহণ কৰিছিল আৰু কৈছিল, ‘মই তোমালোকৰ ৰব নহয় নে? সিহঁতে কৈছিল, ‘হয় নিশ্চয়, আমি সাক্ষী থাকিলো’। এইটো এই বাবে যে, তোমালোকে যাতে কিয়ামতৰ দিনা ক’ব নোৱাৰা যে, আমি এই বিষয়ে জনাই নাছিলো।

    [173] অথবা তোমালোকে যাতে এইটো ক’ব নোৱাৰা যে, আমাৰ পিতৃপুৰুষসকলেও আমাৰ আগত শ্বিৰ্ক কৰিছে, আৰু আমি হৈছো তেওঁলোকৰ পৰবৰ্তী বংশধৰ; এতেকে (শ্বিৰ্কৰ মাধ্যমত) যিসকলে নিজৰ আমলক বাতিল কৰিছে সিহঁতৰ কৃতকৰ্মৰ বাবে তুমি আমাক ধ্বংস কৰিবানে

    [174] আৰু এইদৰেই আমি আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰো যাতে সিহঁতে উভতি আহে।

    [175] আৰু সিহঁতক সেই ব্যক্তিৰ সংবাদ পাঠ কৰি শুনোৱা, যাক আমি নিদৰ্শনসমূহ প্ৰদান কৰিছিলো, তাৰ পিছত সি তাৰ পৰা বিচ্ছিন্ন হৈ গৈছিল, আৰু চয়তানে তাৰ পিছ লৈছিল। ফলত সি বিপথগামী সকলৰ অন্তৰ্ভুক্ত হৈ গৈছিল।

    [176] আৰু আমি ইচ্ছা কৰিলে ইয়াৰ দ্বাৰা তাক উচ্চ মৰ্যাদা দান কৰিলোহেঁতেন, কিন্তু সি দুনিয়াৰ প্ৰতিহে আকৃষ্ট হৈছে আৰু নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰিছে। এতেকে তাৰ উপমা হৈছে কুকুৰৰ দৰে, তাৰ ওপৰত বোজা জাপি দিলে সি জিভা উলিয়াই হেঁপাই থাকে আৰু বোজা নিদিলেও সি জিভা উলিয়াই হেঁপাই থাকে। যি সম্প্ৰদায়ে আমাৰ আয়াতসমূহ অস্বীকাৰ কৰিছে সিহঁতৰ অৱস্থাও এইটোৱেই। এতেকে তুমি বৃত্তান্ত বৰ্ণনা কৰা যাতে সিহঁতে চিন্তা কৰে।

    [177] সেই সম্প্ৰদায়ৰ উপমা কিমান যে নিকৃষ্ট! যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, আৰু সিহঁতে নিজৰ প্ৰতিহে অন্যায় কৰিছিল।

    [178] আল্লাহে যাক হিদায়ত দিয়ে সেইজনহে হিদায়তপ্ৰাপ্ত আৰু তেওঁ যিসকলক বিপথগামী কৰে সিহঁতেই ক্ষতিগ্ৰস্ত।

    [179] নিশ্চয় আমি বহুতো জ্বিন আৰু মানৱক জাহান্নামৰ বাবে সৃষ্টি কৰিছো, সিহঁতৰ হৃদয় আছে কিন্তু তাৰ দ্বাৰা সিহঁতে উপলব্ধি নকৰে, সিহঁতৰ চকু আছে কিন্তু তাৰ দ্বাৰা সিহঁতে নেদেখে আৰু সিহঁতৰ কাণ আছে কিন্তু তাৰ দ্বাৰা সিহঁতে নুশুনে, সিহঁত চতুষ্পদ জন্তুৰ দৰে, বৰং তাতোকৈ অধিক বিভ্ৰান্ত। সিহঁতেই হৈছে উদাসীন।

    [180] আৰু আল্লাহৰ বাবে আছে সুন্দৰ সুন্দৰ নাম। এতেকে তোমালোকে তেওঁক সেইবোৰ নামেৰেই আহ্বান কৰা; আৰু যিসকলে তেওঁৰ নাম বিকৃত কৰে সিহঁতক বৰ্জন কৰা; সিহঁতৰ কৃতকৰ্মৰ ফল অনতিপলমে সিহঁতক দিয়া হ’ব।

    [181] আৰু যিসকলক আমি সৃষ্টি কৰিছো সিহঁতৰ মাজত এনেকুৱা এটা দল আছে যিসকলে ন্যায়ভাৱে পথ দেখুৱায় আৰু সেই অনুযায়ী (বিচাৰ মীমাংসাত) ইনচাফ কৰে।

    [182] আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, অনতিপলমে আমি সিহঁতক এনেকৈ লাহে লাহে ধ্বংসৰ পিনে লৈ যাম যে, সিহঁতে গমেই নাপাব।

    [183] আৰু আমি সিহঁতক অৱকাশ দিওঁ; নিশ্চয় মোৰ কৌশল অত্যন্ত বলিষ্ঠ।

    [184] সিহঁতে কেতিয়াও চিন্তা নকৰে নেকি যে, সিহঁতৰ সহচৰজন কাহানিও উন্মাদ নহয়? তেওঁ হৈছে কেৱল এজন স্পষ্ট সতৰ্ককাৰী।

    [185] আকাশমণ্ডল আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব সম্পৰ্কে লগতে আল্লাহে যি সৃষ্টি কৰিছে সেই বিষয়ে সিহঁতে চিন্তা-চৰ্চা কৰা নাইনে, আৰু এই বিষয়েও যে, সম্ভৱত সিহঁতৰ নিৰ্ধাৰিত সময় নিকটৱৰ্তী হৈছে; গতিকে ইয়াৰ পিছত সিহঁতে আৰু কোন কথাত ঈমান আনিব

    [186] আল্লাহে যিসকলক বিপথগামী কৰে সিহঁতৰ কোনো পথপ্ৰদৰ্শক নাই; আৰু তেওঁ সিহঁতক সিহঁতৰ অবাধ্যতাত লক্ষ্যহীনৰ দৰে ঘুৰি ফুৰিবলৈ এৰি দিয়ে।

    [187] সিহঁতে তোমাক কিয়ামত সম্পৰ্কে প্ৰশ্ন কৰি কয়, ‘সেয়া কেতিয়া সংঘটিত হ’ব’? কোৱা, ‘এই বিষয়ৰ জ্ঞান কেৱল মোৰ প্ৰতিপালকৰ ওচৰত। কেৱল তেৱেঁই যথাসময়ত সেইটোৰ প্ৰকাশ ঘটাব। আকস্মিকভাৱে সেয়া তোমালোকৰ ওপৰত আহি পৰিব’। সিহঁতে তোমাক প্ৰশ্ন কৰিছে যেনিবা তুমি এই বিষয়ে সবিশেষ অৱহিত। কোৱা, ‘এই বিষয়ৰ জ্ঞান কেৱল আল্লাহৰ ওচৰত, কিন্তু অধিকাংশ মানুহেই (এই সত্যটো) নাজানে’।

    [188] কোৱা, ‘আল্লাহে যি ইচ্ছা কৰে তাৰ বাহিৰে মোৰ নিজৰ উপকাৰ-অপকাৰৰ ওপৰতো মোৰ কোনো অধিকাৰ নাই। গায়েব বা অদৃশ্যৰ জ্ঞান যদি মোৰ থাকিলহেঁতেন তেন্তে মই বহুতো কল্যাণ লাভ কৰিলোহেঁতেন আৰু কোনো ধৰণৰ অকল্যাণেই মোক স্পৰ্শ কৰিব নোৱাৰিলেহেঁতেন। মই কেৱল ঈমান্দাৰ সম্প্ৰদায়ৰ বাবে সতৰ্ককাৰী আৰু সুসংবাদদাতাৰ বাহিৰে আন একো নহয়’।

    [189] তেৱেঁই তোমালোকক এজন ব্যক্তিৰ পৰা সৃষ্টি কৰিছে আৰু তাৰ পৰা তেওঁৰ স্ত্ৰীক সৃষ্টি কৰিছে, যাতে তেওঁ স্ত্ৰীৰ ওচৰত প্ৰশান্তি লাভ কৰে। তাৰ পিছত যেতিয়া তেওঁ স্ত্ৰীৰ সৈতে মিলিত হ’ল তেতিয়া স্ত্ৰীজনী এটি লঘু গৰ্ভধাৰণ কৰিলে আৰু এইটো লৈ অনায়াসে চলা-ফুৰা কৰিব ধৰিলে। অৱশেষত যেতিয়া গা-ভাৰী হ’ল, তেতিয়া তেওঁলোক উভয়ে তেওঁলোকৰ ৰব আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিব ধৰিলে, ‘যদি তুমি আমাক এজন সুসন্তান দান কৰা তেন্তে আমি তোমাৰ প্ৰতি কৃতজ্ঞ হম’।

    [190] তাৰ পিছত যেতিয়া তেওঁ সিহঁতক এজন পূৰ্ণাঙ্গ সুসন্তান দান কৰিলে, তেতিয়া সিহঁতক তেওঁ যি প্ৰদান কৰিছে সেই বিষয়ে সিহঁতে বহুতো অংশীদাৰ (শ্বৰীক) নিৰ্ধাৰণ কৰিলে। প্ৰকৃততে সিহঁতে যিসকলক (তেওঁৰ লগত) অংশী স্থাপন কৰে, আল্লাহ তাতোকৈ বহু উৰ্দ্ধত।

    [191] সিহঁতে এনেকুৱা বস্তুক অংশী কৰে নেকি যিসকলে একোৱেই সৃষ্টি কৰা নাই? বৰং সিহঁত নিজেই সৃষ্ট।

    [192] এইবোৰে সিহঁতক কদাপিও সহায় কৰিব নোৱাৰে আনকি নিজৰো সহায় কৰিব নোৱাৰে।

    [193] আৰু তোমালোকে সিহঁতক সৎপথৰ পিনে আহ্বান কৰিলেও সিহঁতে তোমালোকক অনুসৰণ নকৰিব; তোমালোকে সিহঁতক আহ্বান কৰা বা নিৰৱে থাকা, তোমালোকৰ বাবে উভয়েই সমান।

    [194] আল্লাহৰ বাহিৰে তোমালোকে যিসকলক আহ্বান কৰা সিহঁত তোমালোকৰ দৰেই বান্দাহ, গতিকে যদি তোমালোকে সত্যবাদী তেন্তে আহ্বান কৰা (চোৱাচোন) সিহঁতে তোমালোকৰ আহ্বানত সঁহাৰি দিয়েনে নাই।

    [195] সিহঁতৰ ভৰি আছেনে যিটোৰে সিহঁতে খোজ কাঢ়ে? সিহঁতৰ হাত আছেনে যিটোৰে সিহঁতে ধৰিব পাৰে? সিহঁতৰ চকু আছেনে যিটোৰে সিহঁতে দেখে? সিহঁতৰ কাণ আছেনে যিটোৰে সিহঁতে শুনে? কোৱা, ‘তোমালোকে যিসকলক আল্লাহৰ লগত অংশী কৰিছা সিহঁতক আহ্বান কৰা তাৰ পিছত মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা আৰু মোক অকণো অৱকাশ নিদিবা’।

    [196] ‘নিশ্চয় মোৰ অভিভাৱক কেৱল আল্লাহ, যিজনে কিতাব অৱতীৰ্ণ কৰিছে আৰু তেৱেঁই সৎকৰ্মপৰায়ণ সকলৰ অভিভাৱকত্ব কৰে’।

    [197] আৰু আল্লাহৰ বাহিৰে তোমালোকে যিসকলক আহ্বান কৰা সিহঁতে তোমালোকক কদাপিও সহায় কৰিব নোৱাৰে আনকি সিহঁতে নিজৰো সহায় কৰিব নোৱাৰে।

    [198] তুমি যদি সিহঁতক সৎপথৰ পিনে আহ্বান কৰা তেন্তে সিহঁতে নুশুনিব আৰু তুমি দেখিবলৈ পাবা যে, বাহ্যিকভাৱে সিহঁতে তোমাৰ ফালে চাই আছে, অথচ সিহঁতে নেদেখে।

    [199] মানুহৰ (চৰিত্ৰ আৰু কৰ্মৰ) উৎকৃষ্ট অংশ গ্ৰহণ কৰা, সৎকামৰ আদেশ দিয়া আৰু অজ্ঞসকলক এৰাই চলা।

    [200] আৰু যদি চয়তানৰ কুমন্ত্ৰণাই তোমাক প্ৰৰোচিত কৰে, তেন্তে আল্লাহৰ আশ্ৰয় বিচাৰিবা। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

    [201] নিশ্চয় যিসকলে তাক্বৱা অৱলম্বন কৰিছে, তেওঁলোকক চয়তানে যেতিয়া কুমন্ত্ৰণা দিয়ে তেতিয়া তেওঁলোকে আল্লাহক স্মৰণ কৰে, লগে লগে সিহঁতৰ দৃষ্টি প্ৰকট হয়।

    [202] আৰু চয়তানৰ ভাতৃসকলে ভ্ৰষ্টতাত সিহঁতক সহযোগিতা কৰে। এই কামত সিহঁতে অকণো ত্ৰুটি নকৰে।

    [203] তুমি যেতিয়া সিহঁতৰ ওচৰত (সিহঁতে বিচৰা মতে) কোনো আয়াত লৈ নাহা, তেতিয়া সিহঁতে কয়, ‘তুমি নিজেই এটা আয়াত বনাই নোলোৱা কিয়’? কোৱা, ‘মোৰ প্ৰতিপালকৰ তৰফৰ পৰা মোৰ ওচৰত অহী হিচাপে যি প্ৰেৰণ কৰা হয়, মই কেৱল তাৰেই অনুসৰণ কৰো। এই কোৰআন তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণ; আৰু এইটো ঈমান্দাৰ সম্প্ৰদায়ৰ বাবে হিদায়ত আৰু ৰহমত’।

    [204] আৰু যেতিয়া কোৰআন তিলাৱত কৰা হয় তেতিয়া তোমালোকে মনোযোগ সহকাৰে সেয়া শুনিবা আৰু নিৰৱ-নিস্তব্ধ হৈ থাকিবা, যাতে তোমালোকৰ প্ৰতি ৰহমত বৰ্ষণ হয়।

    [205] আৰু তুমি তোমাৰ প্ৰতিপালকক পুৱা-গধূলি নিজ মনতে স্মৰণ কৰা সবিনয়ে, সশংকচিত্তে আৰু অনুচ্চস্বৰে। লগতে উদাসীনসকলৰ অন্তৰ্ভুক্ত নহ’বা।

    [206] নিশ্চয় যিসকলে তোমাৰ প্ৰতিপালকৰ সান্নিধ্যত আছে সিহঁতে তেওঁৰ ইবাদত সম্পৰ্কে অহংকাৰ নকৰে; আৰু সিহঁতে কেৱল তেওঁৰেই তাছবীহ পাঠ কৰে আৰু কেৱল তেওঁকেই ছাজদা কৰে।

    Surah 8
    আল-আনফাল

    [1] মানুহে তোমাক আনফাল (যুদ্ধলব্ধ সম্পদ) সম্পৰ্কে প্ৰশ্ন কৰে; কোৱা, ‘যুদ্ধলব্ধ সম্পদ আল্লাহ আৰু ৰাছুলৰ বাবে; এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু নিজৰ মাজত সদ্ভাৱ স্থাপন কৰা লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা, যদি তোমালোকে মুমিন হোৱা’।

    [2] প্ৰকৃত মুমিন সিহঁতেই যিসকলৰ হৃদয় আল্লাহক স্মৰণ কৰা হ’লে কম্পিত হয় আৰু তেওঁৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱত কৰা হ’লে সেয়া সিহঁতৰ ঈমান বৃদ্ধি কৰে, আৰু সিহঁতে কেৱল নিজ প্ৰতিপালকৰ ওপৰতেই ভৰসা কৰে।

    [3] যিসকলে ছালাত কায়েম কৰে আৰু আমি সিহঁতক যি জীৱিকা দান কৰিছো তাৰ পৰা ব্যয় কৰে

    [4] সিহঁতেই প্ৰকৃত মুমিন। সিহঁতৰ বাবে আছে সিহঁতৰ প্ৰতিপালকৰ ওচৰত উচ্চ মৰ্যাদাসমূহ, ক্ষমা আৰু সন্মানজনক জীৱিকা।

    [5] এইটো এনেকুৱা, যেনেকৈ তোমাৰ প্ৰতিপালকে ন্যায়ভাৱে তোমাক ঘৰৰ পৰা উলিয়াই আনিছিল অথচ মুমিনসকলৰ এটা দলে সেয়া অপছন্দ কৰিছিল।

    [6] সত্য স্পষ্টভাৱে প্ৰকাশিত হোৱাৰ পিছতো সিহঁতে তোমাৰ লগত বিতৰ্ক কৰে। এনে লাগে যেন সিহঁতক মৃত্যুৰ ফালে খেদি লৈ যোৱা হৈছে আৰু সিহঁতে সেয়া দেখি আছে।

    [7] আৰু স্মৰণ কৰা, যেতিয়া আল্লাহে তোমালোকক প্ৰতিশ্ৰুতি দিছিল যে, দুই দলৰ যিকোনো এটা দল তোমালোকৰ আয়ত্তাধীন হব, অথচ তোমালোকে বিচাৰিছিলা যে, অস্ত্ৰহীন দলটো তোমালোকৰ আয়ত্তাধীন হওঁক, কিন্তু আল্লাহে বিচাৰিছিল সত্যক তেওঁৰ বাণীৰ দ্বাৰা প্ৰতিষ্ঠিত কৰিব আৰু কাফিৰসকলক নিৰ্মূল কৰিব।

    [8] এইটো এই বাবে যে, তেওঁ সত্যক সত্যৰূপে আৰু বাতিলক বাতিলৰূপে প্ৰতিপন্ন কৰে, যদিও অপৰাধীসকলে এয়া পছন্দ নকৰে।

    [9] স্মৰণ কৰা, যেতিয়া তোমালোকে তোমালোকৰ প্ৰতিপালকৰ ওচৰত উদ্ধাৰ প্ৰাৰ্থনা কৰিছিলা, ফলত তেওঁ তোমালোকৰ প্ৰাৰ্থনাত সহাঁৰি দিছিল যে, ‘অৱশ্যে আমি তোমালোকক সহায় কৰিম এহেজাৰ ফিৰিস্তাৰ দ্বাৰা, যিসকলে দলে দলে এটাৰ পিছত এটাকৈ আহিব’।

    [10] আৰু আল্লাহে এইটো কৰিছে কেৱল সুসংবাদস্বৰূপ আৰু যাতে তোমালোকৰ অন্তৰসমূহ ইয়াৰ দ্বাৰা প্ৰশান্তি লাভ কৰে; সহায় কেৱল আল্লাহৰ পৰাই আহে; নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    [11] স্মৰণ কৰা, যেতিয়া তেওঁ তেওঁৰ ফালৰ পৰা স্বস্তিৰ বাবে তোমালোকক তন্দ্ৰাচ্ছন্ন কৰিছিল আৰু আকাশৰ পৰা তোমালোকৰ বাবে পানী বৰ্ষাইছিল যাতে ইয়াৰ দ্বাৰা তেওঁ তোমালোকক পৱিত্ৰ কৰে, আৰু তোমালোকৰ পৰা চয়তানৰ কুমন্ত্ৰণা দূৰ কৰে, তোমালোকৰ হৃদয়সমূহ দৃঢ় ৰাখে আৰু ইয়াৰ মাধ্যমত তোমালোকৰ ভৰিসমূহ স্থিৰ ৰাখে।

    [12] স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলৰ প্ৰতি অহী প্ৰেৰণ কৰিছিল যে, ‘নিশ্চয় মই তোমালোকৰ লগত আছো, এতেকে তোমালোকে মুমিনসকলক অবিচলিত ৰাখা’। যিসকলে কুফৰী কৰিছে অচিৰেই মই সিহঁতৰ হৃদয়ত ভীতিৰ সঞ্চাৰ কৰিম; সেয়ে তোমালোকে আঘাত কৰা সিহঁতৰ গলধনত আৰু আঘাত কৰা সিহঁতৰ প্ৰত্যেক গাঠিয়ে গাঠিয়ে।

    [13] এইটো এই বাবে যে, সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিছে; আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিব তেন্তে (জানি থোৱা) নিশ্চয় আল্লাহ শাস্তি দানত অতি কঠোৰ।

    [14] এইটো শাস্তি, এতেকে তোমালোকে ইয়াৰ সোৱাদ লোৱা। নিশ্চয় কাফিৰসকলৰ বাবে আছে জাহান্নামৰ শাস্তি।

    [15] হে মুমিনসকল! তোমালোকে যেতিয়া কাফিৰ বাহিনীৰ সন্মুখীন হ’বা পৰস্পৰ নিকটৱৰ্তী অৱস্থাত, তেতিয়া তোমালোকে সিহঁতৰ সন্মুখত পৃষ্ঠ প্ৰদৰ্শন নকৰিবা

    [16] আৰু সেই দিনা যুদ্ধৰ বাবে কৌশলগত দিশ পৰিবৰ্তন অথবা নিজ দলত আশ্ৰয় গ্ৰহণৰ বাহিৰে কোনোবাই যদি পশ্চাদমুখী হয় তেন্তে সি আল্লাহৰ গজব লৈ উভতিল আৰু তাৰ আশ্ৰয়স্থল হ’ব জাহান্নাম, আৰু সেইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল

    [17] এতেকে তোমালোকে সিহঁতক হত্যা কৰা নাছিলা বৰং আল্লাহেই সিহঁতক হত্যা কৰিছিল। যেতিয়া তুমি নিক্ষেপ কৰিছিলা তেতিয়া তুমি নিক্ষেপ কৰা নাছিলা বৰং আল্লাহেই নিক্ষেপ কৰিছিল, আৰু এইটো মুমিনসকলক আল্লাহৰ তৰফৰ পৰা উত্তমৰূপে পৰীক্ষাৰ (মাধ্যমত উচ্চ মৰ্যাদাত উপনীত কৰাৰ) বাবে, নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

    [18] এয়া আছিল তোমালোকৰ বাবে, আৰু নিশ্চয় আল্লাহে কাফিৰসকলৰ ষড়যন্ত্ৰ দুৰ্বল কৰি দিয়ে।

    [19] যদি তোমালোকে মীমাংসা বিচাৰিছা তেনেহ’লে সেয়া তোমালোকৰ ওচৰত আহি পাইছেহি; আৰু যদি তোমালোকে বিৰত হোৱা তেন্তে সেয়া হৈছে তোমালোকৰ বাবে কল্যাণকৰ; কিন্তু যদি তোমালোকে আকৌ যুদ্ধ কৰিবলৈ আহা তেন্তে আমিও আকৌ শাস্তি লৈ আহিম। আৰু তোমালোকৰ দল সংখ্যাগৰিষ্ঠ হ’লেও তথাপিও তোমালোকৰ কোনো কামত নাহিব। নিশ্চয় আল্লাহ মুমিনসকলৰ লগত আছে।

    [20] হে মুমিনসকল! তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা আৰু তোমালোকে যেতিয়া তেওঁৰ কথা শুনা তেতিয়া তাৰ পৰা মুখ ঘূৰাই নলবা।

    [21] আৰু তোমালোকে সিহঁতৰ দৰে নহ’বা, যিসকলে কয়, ‘আমি শুনিছো’; আচলতে সিহঁতে শুনাই নাই।

    [22] নিশ্চয় আল্লাহৰ ওচৰত সকলো বিচৰণশীল জীৱৰ তুলনাত সিহঁতেই হৈছে নিকৃষ্টতম কলা, বোবা যিসকলে একো নুবুজে।

    [23] আৰু আল্লাহে যদি সিহঁতৰ মাজত কিবা ভাল গুণ দেখিলেহেঁতেন তেন্তে নিশ্চয় সিহঁতক শুনিবলৈ (সুযোগ) দিলেহেঁতেন। কিন্তু তেওঁ সিহঁতক শুনালেও সিহঁতে উপেক্ষা কৰি মুখ ঘূৰাই ল’লেহেঁতেন।

    [24] হে মুমিনসকল! ৰাছুলে যেতিয়া তোমালোকক এনে কিবাৰ প্ৰতি আহ্বান কৰে যিটোৱে তোমালোকক জীৱন দান কৰিব, তেতিয়া তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আহ্বানত সঁহাৰি দিবা আৰু জানি থোৱা, নিশ্চয় আল্লাহ মানুহৰ আৰু তাৰ হৃদয়ৰ মাজত অন্তৰায় হৈ যায়। নিশ্চয় তেওঁৰ পিনেই তোমালোকক একত্ৰিত কৰা হ’ব।

    [25] আৰু তোমালোকে ফিতনা-ফাছাদৰ পৰা আঁতৰত থাকিবা, (কিয়নো ইয়াৰ অশুভ পৰিণাম) যিটো বিশেষকৈ তোমালোকৰ মাজৰ যিসকলে যালিম কেৱল সিহঁতৰ মাজতেই সীমাবদ্ধ নাথাকে। আৰু জানি থোৱা, নিশ্চয় আল্লাহ শাস্তি দানত অতি কঠোৰ।

    [26] আৰু স্মৰণ কৰা, যেতিয়া তোমালোকে সংখ্যাত অতি তাকৰ আছিলা, পৃথিৱীত তোমালোকক দুৰ্বল হিচাপে গণ্য কৰা হৈছিল। তোমালোকে আশংকা কৰিছিলা যে, মানুহে তোমালোকক অকস্মাৎ আহি ধৰি লৈ যাব। তাৰ পিছত তেৱেঁই তোমালোকক আশ্ৰয় দিলে, নিজৰ সহায়ৰ জৰিয়তে তোমালোকক শক্তিশালী কৰিলে আৰু তোমালোকক উত্তম বস্তুবোৰ জীৱিকা হিচাপে দান কৰিলে যাতে তোমালোকে কৃতজ্ঞ হোৱা।

    [27] হে মুমিনসকল! তোমালোকে জানি-বুজি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ খিয়ানত (বিশ্বাসঘাতকতা) নকৰিবা আৰু তোমালোকৰ পৰস্পৰৰ আমানততো খিয়ানত নকৰিবা।

    [28] আৰু জানি থোৱা, তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি এটা পৰীক্ষা; আৰু নিশ্চয় আল্লাহ, তেওঁৰ ওচৰতেই আছে মহাপুৰষ্কাৰ।

    [29] হে মুমিনসকল! যদি তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা তেন্তে তেওঁ তোমালোকক ফুৰকান তথা ন্যায়-অন্যায় পাৰ্থক্য কৰাৰ শক্তি প্ৰদান কৰিব, তোমালোকৰ পাপ মোচন কৰিব আৰু তোমালোকক ক্ষমা কৰিব আৰু আল্লাহ হৈছে মহা কল্যাণৰ অধিকাৰী।

    [30] আৰু স্মৰণ কৰা, যেতিয়া কাফিৰসকলে তোমাক বন্দী কৰাৰ বাবে অথবা হত্যা কৰাৰ বাবে নাইবা নিৰ্বাসিত কৰাৰ বাবে ষড়যন্ত্ৰ কৰিছিল। সিহঁতে ষড়যন্ত্ৰ কৰিছিল ইপিনে আল্লাহেও (সিহঁতৰ ষড়যন্ত্ৰৰ বিপক্ষে) তাৰ প্ৰতিব্যৱস্থা কৰিছিল, আৰু আল্লাহ সৰ্বশ্ৰেষ্ঠ কৌশলী।

    [31] আৰু যেতিয়া সিহঁতৰ ওচৰত আমাৰ আয়াতসমূহ পাঠ কৰা হয় তেতিয়া সিহঁতে কয়, ‘আমি শুনিলো, ইচ্ছা কৰিলে আমিও এইদৰে ক’ব পাৰো, এইবোৰ হৈছে কেৱল পুৰণি দিনৰ লোকসকলৰ উপকথা’।

    [32] আৰু স্মৰণ কৰা, যেতিয়া সিহঁতে কৈছিল, ‘হে আল্লাহ! এইবোৰ যদি তোমাৰ ফালৰ পৰা সঁচাই সত্য হয় তেন্তে আমাৰ ওপৰত তুমি শিলা-বৃষ্টি বৰ্ষণ কৰা অথবা আমাৰ ওপৰত কোনো যন্ত্ৰণাদায়ক শাস্তি লৈ আহা’।

    [33] আল্লাহ এনেকুৱা নহয় যে, তুমি সিহঁতৰ মাজত থকা অৱস্থাত তেওঁ সিহঁতক শাস্তি দিব; লগতে আল্লাহৰ নীতি এইটোও নহয় যে, সিহঁতে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি থাকিব আৰু আল্লাহে সিহঁতক শাস্তি দিব।

    [34] সিহঁতৰ কি হ’ল, কিয় আল্লাহে সিহঁতক শাস্তি নিদিব? অথচ সিহঁতে মানুহক মছজিদুল হাৰামৰ পৰা নিবৃত্ত কৰিছে; আনকি সিহঁত সেই মছজিদৰ অভিভাৱকো নহয়; ইয়াৰ অভিভাৱক হৈছে কেৱল মুত্তাক্বীসকল; কিন্তু সিহঁতৰ অধিকাংশই (এই কথা) নাজানে।

    [35] আৰু কাবা ঘৰৰ ওচৰত সিহঁতৰ উপাসনা উৰুলি আৰু হাত তালিৰ বাহিৰে আন একো নহয়। গতিকে তোমালোকে শাস্তি ভোগ কৰা, কাৰণ তোমালোকে কুফৰী কৰিছিলা।

    [36] নিশ্চয় যিসকলে কুফৰী কৰিছে, সিহঁতে আল্লাহৰ পথৰ পৰা মানুহক নিবৃত্ত কৰিবলৈ সিহঁতৰ ধন-সম্পদ ব্যয় কৰে, অচিৰেই সিহঁতে সেয়া ব্যয় কৰিব, তাৰ পিছত সেয়া সিহঁতৰ মনস্তাপৰ কাৰণ হ’ব; ইয়াৰ পিছত সিহঁতে পৰাভূত হ’ব; আৰু যিসকলে কুফৰী কৰিছে সিহঁতক জাহান্নামত একত্ৰিত কৰা হ’ব।

    [37] যাতে আল্লাহে অপৱিত্ৰবোৰক পৱিত্ৰসকলৰ পৰা পৃথক কৰিব পাৰে। তেওঁ অপৱিত্ৰবোৰক এটাৰ পিছত আনটোক ৰাখি সকলোবোৰ স্তূপ কৰিব, তাৰ পিছত সেয়া জাহান্নামত নিক্ষেপ কৰিব। সিহঁতেই ক্ষতিগ্ৰস্ত।

    [38] যিসকলে কুফৰী কৰিছে সিহঁতক কোৱা, ‘যদি সিহঁতে (কুফৰী) পৰিহাৰ কৰে তেন্তে আগতে যি হৈছে সেয়া আল্লাহে ক্ষমা কৰিব; কিন্তু সিহঁতে যদি অন্যায়ৰ পুনৰাবৃত্তি কৰে তেন্তে পুৰ্বৱৰ্তীসকলৰ ৰীতিতো জানাই (সিহঁতৰ কি পৰিণতি হৈছিল)’।

    [39] আৰু তোমালোকে ফিতনাৰ অৱসান নঘটা লৈকে সিহঁতৰ বিৰুদ্ধে সংগ্ৰাম কৰি থাকিবা আৰু দ্বীন পূৰ্ণৰূপে কেৱল আল্লাহৰ বাবে নোহোৱা লৈকে। তাৰ পিছত যদি সিহঁতে বিৰত থাকে তেন্তে সিহঁতে যি কৰে সেই বিষয়ে আল্লাহ সম্যক দ্ৰষ্টা।

    [40] আৰু যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে জানি থোৱা, আল্লাহেই তোমালোকৰ অভিভাৱক, তেওঁ কিমান যে উত্তম অভিভাৱক আৰু কিমান যে উত্তম সহায়কাৰী।

    [41] আৰু জানি থোৱা, যুদ্ধ ক্ষেত্ৰত তোমালোকে গনিমত হিচাপে যি লাভ কৰিছা, তাৰ এক-পঞ্চমাংশ হৈছে আল্লাহৰ, ৰাছুলৰ, ৰাছুলৰ নিকট আত্মীয়ৰ, ইয়াতীমসকলৰ, মিছকীনসকলৰ আৰু মুছাফিৰসকলৰ বাবে নিৰ্দিষ্ট, যদি তোমালোকে আল্লাহৰ প্ৰতি বিশ্বাস কৰা আৰু সেইটোৰ প্ৰতি বিশ্বাস কৰা যিটো আমি মীমাংসাৰ দিনা আমাৰ বান্দাৰ ওপৰত অৱতীৰ্ণ কৰিছিলো, যিদিনা দুয়ো দলে পৰস্পৰৰ সন্মুখীন হৈছিল। আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

    [42] স্মৰণ কৰা, যেতিয়া তোমালোকে উপত্যকাৰ নিকটৱৰ্তী প্ৰান্তত আছিলা আৰু সিহঁত আছিল দূৰৱৰ্তী প্ৰান্তত আৰু আৰোহী দল আছিল তোমালোকৰ পৰা নিম্নভূমিত। যদি তোমালোকে পৰস্পৰে যুদ্ধ সম্পৰ্কে কোনো পূৰ্বসিদ্ধান্তত থাকিলাহেঁতেন তেন্তে এই সিদ্ধান্ত সম্পৰ্কে তোমালোকে নিশ্চয় মতভেদ কৰিলাহেঁতেন। কিন্তু যি ঘটিবলগীয়া আছিল, আল্লাহে সেয়া সম্পন্ন কৰিলে, যাতে যিয়ে ধ্বংস হ’ব সি যেন সুস্পষ্ট প্ৰমাণ পোৱাৰ পিছত ধ্বংস হয় আৰু যিয়ে জীৱিত থাকিব সি যেন সুস্পষ্ট প্ৰমাণ পোৱাৰ পিছত জীৱিত থাকে; আৰু নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

    [43] আৰু স্মৰণ কৰা, যেতিয়া আল্লাহে তোমাক সপোনত দেখুৱাইছিল যে, সিহঁত সংখ্যাত তাকৰ; যদি তোমাক দেখুৱালেহেঁতেন যে, সিহঁত সংখ্যাত বেছি তেন্তে অৱশ্যে তোমালোকে সাহস হেৰুৱালাহেঁতেন আৰু যুদ্ধৰ বিষয়ে নিজৰ মাজতে বিৰোধ সৃষ্টি কৰিলাহেঁতেন। কিন্তু আল্লাহে তোমালোকক ৰক্ষা কৰিছে। নিশ্চয় অন্তৰত যি আছে সেই বিষয়ে তেওঁ সবিশেষ অৱগত।

    [44] আৰু স্মৰণ কৰা, যেতিয়া তোমালোকে পৰস্পৰৰ সন্মুখীন হৈছিলা তেতিয়া তেওঁ সিহঁতক তোমালোকৰ দৃষ্টিত সংখ্যাত কম দেখুৱাইছিল আৰু তোমালোককো সিহঁতৰ দৃষ্টিত সংখ্যাত কম দেখুৱাইছিল, যাতে আল্লাহে সেই কামটো সম্পন্ন কৰিব পাৰে যিটো ঘটিবলগীয়া আছিল। শেষত সকলো বিষয় আল্লাহৰ পিনেই প্ৰত্যাৱৰ্তন কৰোৱা হয়।

    [45] হে মুমিনসকল! যেতিয়া তোমালোকে কোনো দলৰ সন্মুখীন হ’বা তেতিয়া অবিচল থাকিবা আৰু আল্লাহক বেছি পৰিমাণে স্মৰণ কৰিবা, যাতে তোমালোকে সফলতা লাভ কৰিব পাৰা।

    [46] আৰু তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা আৰু নিজৰ মাজতে বিবাদ নকৰিবা, এনে কৰিলে তোমালোকে সাহস হেৰুৱাবা আৰু তোমালোকৰ শক্তি-সামৰ্থ বিলুপ্ত হ’ব। তোমালোকে ধৈৰ্য ধাৰণ কৰা; নিশ্চয় আল্লাহ ধৈৰ্যশীলসকলৰ লগত আছে।

    [47] আৰু তোমালোকে সিহঁতৰ দৰে নহ’বা যিসকলে নিজ ঘৰৰ পৰা অহংকাৰ আৰু মানুহক দেখুৱাবলৈ ওলাইছে আৰু সিহঁতে মানুহক আল্লাহৰ পথৰ পৰা নিবৃত্ত কৰে। কিন্তু সিহঁতে যি কৰে আল্লাহে সেয়া পৰিবেষ্টন কৰি আছে।

    [48] আৰু স্মৰণ কৰা, যেতিয়া চয়তানে সিহঁতৰ বাবে সিহঁতৰ কাৰ্যাৱলীক শোভনীয় কৰিছিল আৰু কৈছিল, ‘আজি মানুহৰ মাজত কোনোৱেই তোমালোকৰ ওপৰত বিজয় লাভ কৰিব নোৱাৰে, আৰু নিশ্চয় মই তোমালোকৰ কাষতেই অৱস্থান কৰিম’। এতেকে যেতিয়া দুয়ো দল পৰস্পৰে দৃশ্যমান হ’ল তেতিয়া সি পিছ হোঁহোকিলে আৰু ক’লে, ‘নিশ্চয় মই তোমালোকৰ পৰা সম্পৰ্কমুক্ত, নিশ্চয় মই এনেকুৱা কিবা দেখি আছো যিটো তোমালোকে দেখা নোপোৱা। নিশ্চয় মই আল্লাহক ভয় কৰো’, আৰু আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।

    [49] স্মৰণ কৰা, যেতিয়া মুনাফিকসকলে আৰু যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে কৈছিল, ‘এওঁলোকৰ দ্বীনে এওঁলোকক বিভ্ৰান্ত কৰিছে’। প্ৰকৃততে যিয়ে আল্লাহৰ ওপৰত নিৰ্ভৰ কৰিব তেন্তে নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰান্ত, প্ৰজ্ঞাময়।

    [50] আৰু যদি তুমি দেখিলাহেঁতেন যেতিয়া ফিৰিস্তাসকলে কাফিৰসকলৰ প্ৰাণ হৰণ কৰিছিল, তেতিয়া সিহঁতৰ মুখমণ্ডলত আৰু পিঠিত আঘাত কৰি কৈছিল, ‘তোমালোকে দহনযন্ত্ৰণা ভোগ কৰা’।

    [51] এয়া তোমালোকে পূৰ্বে নিজ হাতেৰে পঠোৱা কৰ্মৰ প্ৰতিফল। আল্লাহে তেওঁৰ বান্দাসকলৰ ওপৰত কেতিয়াও অবিচাৰ নকৰে।

    [52] ফিৰআউন বংশধৰ আৰু সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ অভ্যাসৰ দৰে, সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে; ফলত আল্লাহে সিহঁতৰ পাপকৰ্মৰ বাবে সিহঁতক গ্ৰেপ্তাৰ কৰিছে। নিশ্চয় আল্লাহ সৰ্বশক্তিমান, শাস্তি দানত অতি কঠোৰ।

    [53] এইটো এই বাবে যে, যদি কোনো সম্প্ৰদায়ে নিজৰ অৱস্থাৰ পৰিবৰ্তন নিজে নকৰে তেন্তে আল্লাহ এনে নহয় যে, তেওঁ সিহঁতক যি নিয়ামত দান কৰিছে তাত কোনো পৰিবৰ্তন আনিব; নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

    [54] ফিৰআউনৰ বংশধৰ আৰু সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ অভ্যাসৰ দৰে ইহঁতে নিজ প্ৰতিপালকৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল। ফলত সিহঁতৰ পাপকৰ্মৰ বাবে আমি সিহঁতক ধ্বংস কৰিছো আৰু ফিৰআউনৰ বংশধৰসকলক ডুবাই মাৰিছো; আৰু সিহঁত আটায়ে আছিল যালিম।

    [55] নিশ্চয় বিচৰণকাৰী প্ৰাণীবোৰৰ মাজত আল্লাহৰ ওচৰত আটাইতকৈ নিকৃষ্ট প্ৰাণী হৈছে, যিসকলে কুফৰী কৰিছে। সেয়ে সিহঁত ঈমান পোষণ নকৰিব।

    [56] যিসকলৰ পৰা তুমি অঙ্গীকাৰ লৈছা, তাৰ পিছতো সিহঁতে বাৰে বাৰে সিহঁতৰ অঙ্গীকাৰ ভঙ্গ কৰে, আৰু সিহঁতে তাক্বৱা অৱলম্বন নকৰে।

    [57] এতেকে যদি তুমি সিহঁতক যুদ্ধত নিজ আয়ত্তত কৰিব পাৰা তেন্তে সিহঁতক কঠোৰ শাস্তি প্ৰদান কৰি সিহঁতৰ পিছফালে যিসকল আছে সিহঁতক ছত্ৰভঙ্গ কৰি দিয়া, যাতে সিহঁতে শিক্ষা লাভ কৰে।

    [58] আৰু যদি তুমি কোনো সম্প্ৰদায়ৰ চুক্তি ভঙ্গৰ আশংকা কৰা তেন্তে সিহঁতৰ চুক্তি প্ৰকাশ্যভাৱে সিহঁতলৈ দলিয়াই দিবা, নিশ্চয় আল্লাহে চুক্তি ভঙ্গকাৰীসকলক পছন্দ নকৰে।

    [59] আৰু কাফিৰসকলে যেন এইটো কেতিয়াও নাভাৱে যে, সিহঁতে আয়ত্বৰ বাহিৰত গুচি গৈছে; নিশ্চয় সিহঁতে (আল্লাহক) অপাৰগ কৰিবলৈ সক্ষম নহয়।

    [60] আৰু তোমালোকে সিহঁতৰ মুকাবিলাৰ বাবে যথাসাধ্য শক্তি-সামৰ্থ আৰু অশ্ব-বাহিনী প্ৰস্তুত কৰা, যিটোৰ দ্বাৰা তোমালোকে ভীত-সন্ত্ৰস্ত কৰিবা আল্লাহৰ শত্ৰুক আৰু তোমালোকৰ শত্ৰুক লগতে ইয়াৰ বাহিৰেও আন আন লোকসকলক যিসকলক তোমালোকে চিনি নোপোৱা, কিন্তু আল্লাহে সিহঁতক জানে। আল্লাহৰ পথত তোমালোকে যি ব্যয় কৰিবা তাৰ পূৰ্ণ প্ৰতিদান তোমালোকক প্ৰদান কৰা হ’ব আৰু তোমালোকৰ প্ৰতি অকণো অন্যায় কৰা নহ’ব।

    [61] আৰু সিহঁতে যদি (শান্তি স্থাপনৰ বাবে) সন্ধিৰ পিনে ঢাল খায় তেন্তে তুমিও তাৰ বাবে আগ্ৰহী হ’বা আৰু আল্লাহৰ ওপৰত নিৰ্ভৰ কৰিবা; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

    [62] আৰু যদি সিহঁতে তোমাক প্ৰতাৰিত কৰিব বিচাৰে তেন্তে তোমাৰ বাবে আল্লাহেই যথেষ্ট, নিশ্চয় তেওঁ তোমাক নিজ সহায়ৰ দ্বাৰা আৰু মুমিনসকলৰ দ্বাৰা শক্তিশালী কৰিছে।

    [63] আৰু তেৱেঁই সিহঁতৰ পৰস্পৰৰ হৃদয়ৰ মাজত প্ৰীতি স্থাপন কৰিছে। পৃথিৱীৰ যাৱতীয় সম্পদ ব্যয় কৰিলেও তুমি সিহঁতৰ হৃদয়ত প্ৰীতি স্থাপন কৰিব নোৱাৰিলাহেঁতেন; কিন্তু আল্লাহে সিহঁতৰ মাজত প্ৰীতি স্থাপন কৰিছে, নিশ্চয় তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    [64] হে নবী! তোমাৰ বাবে আৰু তোমাৰ অনুসাৰীসকলৰ বাবে আল্লাহেই যথেষ্ট।

    [65] হে নবী! তুমি মুমিনসকলক যুদ্ধৰ বাবে উদ্বুদ্ধ কৰা, তোমালোকৰ মাজৰ বিশজন ধৈৰ্যশীল ব্যক্তিয়ে দুশ জনক পৰাস্ত কৰিব আৰু তোমালোকৰ মাজৰ এশ জনে এহেজাৰ কাফিৰৰ ওপৰত বিজয়ী লাভ কৰিব। কাৰণ সিহঁত (কাফিৰসকল) এনেকুৱা এটা সম্প্ৰদায় যিসকলৰ বোধ শক্তি নাই।

    [66] আল্লাহে এতিয়া তোমালোকৰ ভাৰ লাঘৱ কৰিলে আৰু তেওঁ অৱগত যে, তোমালোকৰ মাজত দুৰ্বলতা আছে, সেয়ে তোমালোকৰ মাজৰ এশ জন ধৈৰ্যশীল ব্যক্তিয়ে দুশ জনৰ ওপৰত বিজয়ী লাভ কৰিব, আৰু তোমালোকৰ মাজত এহেজাৰ থাকিলে আল্লাহৰ অনুজ্ঞাক্ৰমে সিহঁতে দুহেজাৰৰ ওপৰত বিজয়ী লাভ কৰিব। আৰু আল্লাহ ধৈৰ্যশীলসকলৰ লগত আছে।

    [67] পৃথিৱীত সম্পূৰ্ণৰূপে শত্ৰুক উচ্ছন্ন নকৰা লৈকে যুদ্ধবন্দী ৰখাটো কোনো নবীৰ বাবেই সংগত নহয়। তোমালোকে কামনা কৰা পাৰ্থিৱ সম্পদ কিন্তু আল্লাহে বিচাৰে আখিৰাত; আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    [68] আল্লাহৰ পূৰ্ব বিধান নাথাকিলে তোমালোকে যি গ্ৰহণ কৰিছা সেই কাৰণে তোমালোকৰ ওপৰত মহাশাস্তি আপতিত হ’লেহেঁতেন।

    [69] এতেকে তোমালোকে যি গনীমত লাভ কৰিছা সেয়া বৈধ আৰু উত্তম বুলি ভোগ কৰা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

    [70] হে নবী! তোমালোকৰ কৰায়ত্ত যুদ্ধবন্দীসকলক কোৱা, ‘আল্লাহে যদি তোমালোকৰ হৃদয়ত ভাল কিবা দেখে তেন্তে তোমালোকৰ পৰা যি লোৱা হৈছে তাতকৈয়ো উত্তম কিবা তেওঁ তোমালোকক প্ৰদান কৰিব আৰু তোমালোকক ক্ষমা কৰিব, আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু’।

    [71] আৰু সিহঁতে যদি তোমাৰ লগত বিশ্বাসঘাতকতা কৰে, তেন্তে (জানি থোৱা) সিহঁতে আল্লাহৰ লগতো বিশ্বাসঘাতকতা কৰিছে; তাৰ পিছত তেওঁ সিহঁতৰ ওপৰত (তোমাক) শক্তিশালী কৰিছে; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

    [72] নিশ্চয় যিসকলে ঈমান আনিছে, হিজৰত কৰিছে, জীৱন আৰু সম্পদৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিছে, আৰু যিসকলে আশ্ৰয় প্ৰদান কৰিছে আৰু সহায় কৰিছে, তেওঁলোকে পৰস্পৰে পৰস্পৰৰ বন্ধু। কিন্তু যিসকলে ঈমান আনিছে অথচ হিজৰত কৰা নাই, সিহঁতে হিজৰত নকৰা লৈকে সিহঁতৰ অভিভাৱকত্বৰ দায়িত্ব তোমালোকৰ ওপৰত নাই; আৰু যদি সিহঁতে দ্বীন সম্পৰ্কে তোমালোকৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে তেতিয়া সিহঁতক সহায় কৰা তোমালোকৰ কৰ্তব্য, কিন্তু যি সম্প্ৰদায় আৰু তোমালোকৰ মাজত চুক্তি আছে সিহঁতৰ বিৰুদ্ধে নহয়। তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সম্যক দ্ৰষ্টা।

    [73] আৰু যিসকলে কুফৰী কৰিছে সিহঁতে পৰস্পৰে পৰস্পৰৰ বন্ধু, সেয়ে যদি তোমালোকে এনে নকৰা তেন্তে পৃথিৱীত ফিতনা আৰু মহাবিপৰ্যয় দেখা দিব।

    [74] আৰু যিসকলে ঈমান আনিছে, হিজৰত কৰিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে, আৰু যিসকলে আশ্ৰয় প্ৰদান কৰিছে লগতে সহায় কৰিছে, তেওঁলোকেই প্ৰকৃত মুমিন; তেওঁলোকৰ বাবেই আছে ক্ষমা আৰু সন্মানজনক জীৱিকা।

    [75] আৰু যিসকলে পিছত ঈমান আনিছে, হিজৰত কৰিছে আৰু তোমালোকৰ লগত থাকি জিহাদ কৰিছে সিহঁতেও তোমালোকৰ অন্তৰ্ভুক্ত আৰু আত্মীয়সকল আল্লাহৰ বিধানত ইজনে সিজনৰ বেছি হক্বদাৰ। নিশ্চয় আল্লাহ সকলো বিষয়ে সম্যক অৱগত।

    Surah 9
    আত-তাওবা

    [1] এইটো আল্লাহ আৰু তেওঁৰ ৰাছুলৰ তৰফৰ পৰা সম্পৰ্কচ্ছেদৰ ঘোষণা, সেই সকল মুশ্বৰিকৰ প্ৰতি যিসকলৰ লগত তোমালোকে পাৰস্পৰিক চুক্তিত আৱদ্ধ হৈছিলা।

    [2] এতেকে তোমালোকে দেশত চাৰিমাহ লৈকে বিচৰণ কৰা আৰু জানি থোৱা, তোমালোকে (কদাপিও) আল্লাহক হীনবল কৰিব নোৱাৰিবা, আৰু নিশ্চয় আল্লাহেই কাফিৰসকলৰ অপদস্থকাৰী।

    [3] আৰু মহান হজ্জৰ দিনা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ তৰফৰ পৰা মানুহৰ প্ৰতি এইটো এটা ঘোষণা যে, নিশ্চয় আল্লাহ মুশ্বৰিকসকলৰ বিষয়ে দায়মুক্ত আৰু তেওঁৰ ৰাছুলো। এতেকে তোমালোকে যদি তাওবা কৰা তেন্তে সেয়া তোমালোকৰ বাবে কল্যাণকৰ আৰু যদি মুখ ঘূৰাই লোৱা তেন্তে জানি থোৱা যে, তোমালোকে (কদাপিও) আল্লাহক অক্ষম কৰিব নোৱাৰিবা। আৰু (হে নবী!) কাফিৰসকলক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া।

    [4] কিন্তু মুশ্বৰিকসকলৰ মাজত যিসকলৰ লগত তোমালোকৰ চুক্তি আছে, এতেকে সিহঁতে তোমালোকৰ চুক্তি ৰক্ষাত কোনো ত্ৰুটিও কৰা নাই আৰু তোমালোকৰ বিৰুদ্ধে আনক সহায়ও কৰা নাই, তেন্তে তোমালোকে সিহঁতৰ লগত নিৰ্দিষ্ট ম্যাদ পৰ্যন্ত চুক্তি পূৰ্ণ কৰা; নিশ্চয় আল্লাহে মুত্তাক্বীসকলক পছন্দ কৰে।

    [5] গতিকে যেতিয়া নিষিদ্ধ মাহসমূহ অতিবাহিত হৈ যাব তেতিয়া তোমালোকে মুশ্বৰিকসকলক য’তেই পাবা হত্যা কৰিবা, সিহঁতক গ্ৰেপ্তাৰ কৰিবা, অৱৰোধ কৰিবা আৰু ঘাঁটিয়ে ঘাঁটিয়ে সিহঁতৰ বাবে খাপ পাতি ৰৈ থাকিবা। কিন্তু যদি সিহঁতে তাওবা কৰে, ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে তেন্তে সিহঁতৰ পথ এৰি দিবা; নিশ্চয় আল্লাহ অতিশয় ক্ষমাশীল, পৰম দয়ালু।

    [6] আৰু মুশ্বৰিকসকলৰ কোনোবাই যদি তোমাৰ ওচৰত আশ্ৰয় বিচাৰে তেন্তে তুমি তাক আশ্ৰয় দিবা, যাতে সি আল্লাহৰ বাণী শুনিব পাৰে, তাৰ পিছত তাক নিৰাপদ স্থানলৈ পৌঁচাই দিবা; কাৰণ সিহঁত এনে এটা সম্প্ৰদায় যিহঁতে একোৱে নাজানে।

    [7] আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত মুশ্বৰিকসকলৰ চুক্তি কেনেকৈ বলবৎ থাকিব? কিন্তু যিসকলৰ লগত মছজিদুল হাৰামৰ সন্নিকটত তোমালোকে পাৰস্পাৰিক চুক্তিত আবদ্ধ হৈছিলা, যেতিয়া লৈকে সিহঁতে তোমালোকৰ চুক্তিত স্থিৰ থাকিব তোমালোকেও সিহঁতৰ চুক্তিত স্থিৰ থাকিবা, নিশ্চয় আল্লাহে মুত্তাক্বীসকলক পছন্দ কৰে।

    [8] কেনেকৈ চুক্তি বলবৎ থাকিব? অথচ সিহঁতে যদি তোমালোকৰ ওপৰত বিজয় লাভ কৰে তেন্তে সিহঁতে তোমালোকৰ আত্মীয়তাৰ আৰু অঙ্গীকাৰৰ কোনো মৰ্যাদা নিদিব; সিহঁতে কেৱল মুখেৰেহে তোমালোকক সন্তুষ্ট কৰে; কিন্তু সিহঁতৰ হৃদয়ে সেয়া অস্বীকাৰ কৰে; আৰু সিহঁতৰ অধিকাংশই ফাছিক্ব।

    [9] সিহঁতে আল্লাহৰ আয়াতসমূহক তুচ্ছ মূল্যত বিক্ৰী কৰি দিছে ফলত সিহঁতে মানুহক তেওঁৰ পথৰ পৰা নিবৃত্ত কৰিছে, নিশ্চয় সিহঁতে যি কৰিছে সেয়া অতি নিকৃষ্ট

    [10] সিহঁতে কোনো মুমিনৰ লগত আত্মীয়তাৰ আৰু অঙ্গীকাৰৰ মৰ্যাদা ৰক্ষা নকৰে, আৰু সিহঁতেই সীমালংঘনকাৰী।

    [11] এতেকে সিহঁতে যদি তাওবা কৰে, ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে, তেন্তে সিহঁতে তোমালোকৰ দ্বীনি ভাই; আৰু আমি আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰো এনে সম্প্ৰদায়ৰ বাবে যিসকলে জানে।

    [12] আৰু যদি সিহঁতে সিহঁতৰ চুক্তিৰ পিছত নিজৰ প্ৰতিশ্ৰুতি ভঙ্গ কৰে আৰু তোমালোকৰ দ্বীন সম্পৰ্কে কটুক্তি কৰে, তেন্তে কুফৰৰ নেতাসকলৰ লগত যুদ্ধ কৰা; নিশ্চয় সিহঁত এনেকুৱা লোক যিসকলৰ কোনো প্ৰতিশ্ৰুতি নাই; যাতে সিহঁতে বিৰত থাকে।

    [13] তোমালোকে সেই সম্প্ৰদায়ৰ লগত যুদ্ধ নকৰিবানে, যিসকলে নিজৰ প্ৰতিশ্ৰুতি ভঙ্গ কৰিছে আৰু ৰাছুলক ওলাই দিয়াৰ বাবে সংকল্প কৰিছিল? আৰু সিহঁতেই প্ৰথমে তোমালোকৰ লগত (যুদ্ধ) আৰম্ভ কৰিছে। তোমালোকে সিহঁতক ভয় কৰা নেকি? আল্লাহক ভয় কৰাহে তোমালোকৰ বাবে বেছি সমীচীন যদি তোমালোকে (প্ৰকৃত) মুমিন।

    [14] তোমালোকে সিহঁতৰ লগত যুদ্ধ কৰা। তোমালোকৰ হাতৰ জৰিয়তে আল্লাহে সিহঁতক শাস্তি দিব, সিহঁতক অপদস্থ কৰিব, সিহঁতৰ ওপৰত তোমালোকক জয়যুক্ত কৰিব আৰু মুমিন সম্প্ৰদায়ৰ অন্তৰসমূহ চিত্ত প্ৰশান্তি কৰিব

    [15] আৰু তেওঁ সিহঁতৰ অন্তৰৰ ক্ষোভ দূৰ কৰিব আৰু আল্লাহে যাৰ ইচ্ছা তাৰেই তাওবা কবুল কৰিব। কাৰণ আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

    [16] তোমালোকে এইটো ধাৰণা কৰিছা নেকি যে, তোমালোকক এনেই এৰি দিয়া হ’ব? অথচ আল্লাহে এতিয়াও প্ৰকাশ কৰা নাই যে, তোমালোকৰ মাজত কোনে জিহাদ কৰিছে আৰু কোনে আল্লাহ আৰু তেওঁৰ ৰাছুল লগতে মুমিনসকলৰ বাহিৰে আন কাকো অন্তৰঙ্গ বন্ধু হিচাপে গ্ৰহণ কৰা নাই; আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সম্যক অৱগত।

    [17] মুশ্বৰিকসকলৰ কোনো অধিকাৰ নাই যে, সিহঁতে আল্লাহৰ মছজিদসমূহৰ তত্বাৱধায়ক হ’ব, যিহেতু সিহঁত নিজেই নিজৰ কুফৰীৰ সাক্ষ্য দিছে। সিহঁতৰ সকলো আমল বিনষ্ট হৈছে আৰু সিহঁত জাহান্নামতেই স্থায়ীভাৱে অৱস্থান কৰিব।

    [18] একমাত্ৰ তেওঁলোকেই আল্লাহৰ মছজিদসমূহৰ তত্বাৱধায়ন লব, যিসকলে ঈমান আনিছে আল্লাহৰ প্ৰতি আৰু শেষ দিৱসৰ প্ৰতি, ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে লগতে আল্লাহৰ বাহিৰে আন কাকো ভয় নকৰে। এতেকে আশা কৰা যায় যে, তেওঁলোকেই হ’ব সৎপথ প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত।

    [19] হাজীসকলক পানী পান কৰোৱা আৰু মছজিদুল হাৰামৰ তত্বাৱধান কৰা কাৰ্যক তোমালোকে সেই ব্যক্তিৰ দৰে ধাৰণা কৰা নেকি, যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে? সিহঁত আল্লাহৰ ওচৰত সমান নহয়। আৰু আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।

    [20] যিসকলে ঈমান আনিছে, হিজৰত কৰিছে আৰু নিজৰ সম্পদ আৰু নিজৰ জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিছে তেওঁলোক আল্লাহৰ ওচৰত মৰ্যাদাত শ্ৰেষ্ঠ, আৰু তেওঁলোকেই সাফল্যমণ্ডিত।

    [21] তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক সুসংবাদ দিছে, তেওঁৰ দয়া আৰু সন্তুষ্টিৰ আৰু এনেকুৱা জান্নাতৰ য’ত আছে তেওঁলোকৰ বাবে স্থায়ী নিয়ামত।

    [22] তাত তেওঁলোক চিৰস্থায়ী হ’ব। নিশ্চয় আল্লাহৰ ওচৰত আছে মহা পুৰষ্কাৰ।

    [23] হে ঈমান্দাৰসকল! তোমলোকৰ পিতৃবৰ্গ আৰু ভাতৃবৃন্দ যদি ঈমানৰ মুকাবিলাত কুফৰীক পছন্দ কৰে, তেন্তে সিহঁতক অভিভাৱকৰূপে গ্ৰহণ নকৰিবা। তোমালোকৰ মাজত যিয়ে সিহঁতক অভিভাৱকৰূপে গ্ৰহণ কৰে সিহঁতেই যালিম।

    [24] কোৱা, ‘তোমালোকৰ ওচৰত যদি আল্লাহ, তেওঁৰ ৰাছুল আৰু তেওঁৰ (আল্লাহৰ) পথত জিহাদ কৰাতকৈ বেছি প্ৰিয় হয় তোমালোকৰ পিতৃবৰ্গ, তোমালোকৰ সন্তান-সন্ততি, তোমালোকৰ ভাতৃসকল, তোমালোকৰ স্ত্ৰীসকল, তোমালোকৰ নিজ বংশগোত্ৰ, তোমালোকৰ অৰ্জিত সম্পদ, তোমালোকৰ ব্যৱসায়-বাণিজ্য যাৰ ক্ষতিৰ আশংকা তোমালোকে কৰা আৰু তোমালোকৰ বাসস্থান যিটোক তোমালোকে ভাল পোৱা তেন্তে অপেক্ষা কৰা আল্লাহে তেওঁৰ নিৰ্দেশ লৈ নাহা লৈকে’; আৰু আল্লাহে ফাছিক্ব সম্প্ৰদায়ক হিদায়ত নিদিয়ে।

    [25] নিশ্চয় আল্লাহে তোমালোকক বহু ক্ষেত্ৰত সহায় কৰিছে আৰু হুনাইনৰ যুদ্ধৰ দিনা যেতিয়া তোমালোকক উৎফুল্ল কৰিছিল তোমালোকৰ সংখ্যাগৰিষ্ঠতাই, কিন্তু সেয়া তোমালোকৰ কোনো কামত অহা নাছিল আৰু পৃথিৱী প্ৰশস্ত হোৱা সত্বেও তোমালোকৰ বাবে সংকীৰ্ণ হৈ গৈছিল। তাৰ পিছত তোমালোকে পৃষ্ঠ প্ৰদৰ্শন কৰি পলায়ন কৰিছিলা।

    [26] তাৰ পিছত আল্লাহে তেওঁৰ ফালৰ পৰা তেওঁৰ ৰাছুলৰ ওপৰত আৰু মুমিনসকলৰ ওপৰত প্ৰশান্তি নাযিল কৰিলে আৰু এনেকুৱা এটা সৈন্য বাহিনী অৱতীৰ্ণ কৰিলে যিটো তোমালোকে দেখা পোৱা নাছিলা। আৰু কাফিৰসকলক তেৱেঁই শাস্তি দিলে, আৰু এইটোৱেই আছিল কাফিৰসকলৰ প্ৰতিফল।

    [27] ইয়াৰ পিছতো যাৰ প্ৰতি ইচ্ছা আল্লাহে তাৰ তাওবা কবুল কৰিব; আৰু আল্লাহ অতি ক্ষমাশীল, পৰম দয়ালু।

    [28] হে ঈমান্দাৰসকল! নিশ্চয় মুশ্বৰিকসকল অপৱিত্ৰ, গতিকে এই বছৰৰ পিছত সিহঁতে যাতে মছজিদুল হাৰামৰ নিকটৱৰ্তী নহয়; আৰু যদি তোমালোকে দৰিদ্ৰতাৰ আশংকা কৰা তেন্তে আল্লাহে ইচ্ছা কৰিলে তেওঁৰ নিজ অনুগ্ৰহত তোমালোকক অভাৱমুক্ত কৰিব। নিশ্চয় আল্লাহ মহাজ্ঞানী, প্ৰজ্ঞাময়।

    [29] যিসকলক কিতাব প্ৰদান কৰা হৈছে সিহঁতৰ মাজত যিসকলে আল্লাহৰ প্ৰতি বিশ্বাস নকৰে আৰু শেষ দিৱসৰ প্ৰতিও ঈমান পোষণ নকৰে লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলে যি হাৰাম কৰিছে সেয়া হাৰাম বুলি গণ্য নকৰে; আৰু সত্য দ্বীনৰ অনুসৰণ নকৰে; সিহঁতে নত হৈ নিজ হাতে জিযইয়া নিদিয়া লৈকে সিহঁতৰ লগত যুদ্ধ কৰা।

    [30] আৰু ইয়াহুদীসকলে কয়, ‘উযাইৰ আল্লাহৰ পুত্ৰ’, আৰু খ্ৰীষ্টানসকলে কয়, ‘মছীহ আল্লাহৰ পুত্ৰ’। এইটো কেৱল সিহঁতৰ মুখৰ কথা। পূৰ্বে যিসকলে কুফৰী কৰিছিল সিহঁতৰ দৰেই ইহঁতে কথা কয়। আল্লাহে ইহঁতক ধ্বংস কৰক। কোন পিনে ইহঁতক উভতাই নিয়া হৈছে

    [31] সিহঁতে আল্লাহৰ বাহিৰে সিহঁতৰ পণ্ডিত আৰু সংসাৰ-বিৰাগিসকলক সিহঁতৰ ৰবৰূপে গ্ৰহণ কৰিছে আৰু মাৰইয়ামৰ পুত্ৰ মছীহকো। অথচ এক ইলাহৰ ইবাদত কৰাৰ বাবেই তেওঁলোক আদিষ্ট হৈছিল। যাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। সিহঁতে যি অংশী স্থাপন কৰে তাৰ পৰা তেওঁ অতি পৱিত্ৰ

    [32] সিহঁতে নিজৰ মুখেৰে ফুঁ মাৰি আল্লাহৰ নূৰক নুমাই দিব বিচাৰে। কিন্তু আল্লাহে তেওঁৰ নূৰ পৰিপূৰ্ণ কৰাৰ বাহিৰে আন একো নিবিচাৰে। যদিও সেয়া কাফিৰসকলে অপছন্দ নকৰক কিয়।

    [33] তেৱেঁই সেই সত্তা যিজনে তেওঁৰ ৰাছুলক হিদায়ত আৰু সত্য দ্বীনসহ প্ৰেৰণ কৰিছে, যাতে তেওঁ ইয়াক সকলো দ্বীনৰ ওপৰত জয়যুক্ত কৰে, যদিও মুশ্বৰিকসকলে সেয়া অপছন্দ কৰে।

    [34] হে ঈমান্দাৰসকল! পণ্ডিত আৰু সংসাৰ-বিৰাগীসকলৰ মাজত বহুতেই জনসাধাৰণৰ ধন-সম্পদ অন্যায়ভাৱে ভক্ষণ কৰে আৰু মানুহক আল্লাহৰ পথৰ পৰা নিবৃত্ত কৰে। আৰু যিসকলে সোণ-ৰূপ সঞ্চয় কৰে আৰু সেয়া আল্লাহৰ পথত ব্যয় নকৰে তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া।

    [35] যিদিনা সেইবোৰ জাহান্নামৰ অগ্নিত উত্তপ্ত কৰা হ’ব আৰু সেইবোৰেৰে সিহঁতৰ কপাল, শৰীৰৰ দুয়োকাষে আৰু পিঠিত দাগ দিয়া হ’ব, কোৱা হ’ব, ‘এইবোৰেই তোমালোকে নিজৰ বাবে সঞ্চয় কৰিছিলা। গতিকে তোমালোকে যি সঞ্চয় কৰিছিলা তাৰ সোৱাদ উপভোগ কৰা’।

    [36] নিশ্চয় আকাশসমূহ আৰু পৃথিৱী সৃষ্টিৰ দিনৰ পৰাই আল্লাহৰ বিধানত মাহবোৰৰ গণনা বাৰটা। তাৰে মাজত চাৰিটা মাহ নিষিদ্ধ, এইটোৱে প্ৰতিষ্ঠিত দ্বীন। এতেকে ইয়াৰ মাজত তোমালোকে নিজৰ প্ৰতি যুলুম নকৰিবা, আৰু তোমালোকে মুশ্বৰিকসকলৰ লগত সৰ্বাত্মকভাৱে যুদ্ধ কৰা, যেনেকৈ সিহঁতে তোমালোকৰ বিৰুদ্ধে সৰ্বাত্মকভাৱে যুদ্ধ কৰি থাকে; আৰু জানি থোৱা, নিশ্চয় আল্লাহ মুত্তাক্বীসকলৰ লগত আছে।

    [37] কোনো মাহক পিছুৱাই দিয়াটো হৈছে কেৱল কুফৰীত বৃদ্ধি সাধন কৰা, ইয়াৰ দ্বাৰা কাফিৰসকলক বিভ্ৰান্ত কৰা হয়। সিহঁতে ইয়াক কোনো বছৰত বৈধ কৰে আকৌ কোনো বছৰত অবৈধ কৰে যাতে সিহঁতে আল্লাহে যিবোৰক নিষিদ্ধ কৰিছে সেইবোৰৰ গণনা পূৰ্ণ কৰিব পাৰে; ফলত আল্লাহে যি হাৰাম কৰিছে সেয়া সিহঁতে হালাল কৰে। সিহঁতৰ বেয়া কৰ্মবোৰ সিহঁতৰ বাবে শোভনীয় কৰি দিয়া হৈছে, আৰু আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নিদিয়ে।

    [38] হে ঈমান্দাৰসকল! তোমালোকৰ কি হ’ল, তোমালোকক যেতিয়া আল্লাহৰ পথৰ অভিযানত ওলাবলৈ কোৱা হয়, তেতিয়া কিয় তোমালোকে ভাৰাক্ৰান্ত হৈ পৃথিৱীখনকে সাৱটি ধৰা? তোমালোকে আখিৰাতৰ পৰিবৰ্তে পাৰ্থিৱ জীৱনত সন্তুষ্ট হৈছা নেকি? আখিৰাতৰ তুলনাত পাৰ্থিৱ জীৱনৰ ভোগৰ উপকৰণ অতি নগণ্য।

    [39] যদি তোমালোকে অভিযানত ওলাই নোযোৱা, তেন্তে তেওঁ তোমালোকক যন্ত্ৰণাদায়ক শাস্তি প্ৰদান কৰিব আৰু অন্য এটা জাতিক তোমালোকৰ পৰিবৰ্তে প্ৰতিষ্ঠিত কৰিব আৰু তোমালোকে তেওঁৰ কোনো ক্ষতি কৰিব নোৱাৰিবা। কাৰণ আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

    [40] যদি তোমালোকে তেওঁক সহায় নকৰা, তেন্তে আল্লাহে কিন্তু তেওঁক সহায় কৰিছিল যেতিয়া কাফিৰসকলে তেওঁক বহিষ্কাৰ কৰিছিল আৰু তেওঁ আছিল দুজনৰ দ্বিতীয়জন, যেতিয়া তেওঁলোক উভয়ে গুহাৰ মাজত আছিল, তেওঁ তেতিয়া নিজৰ লগৰজনক কৈছিল, ‘বিষণ্ণ নহ’বা, আল্লাহ আছে আমাৰ লগত’। তাৰ পিছত আল্লাহে তেওঁৰ ওপৰত নিজ প্ৰশান্তি অৱতীৰ্ণ কৰিলে আৰু তেওঁক শক্তিশালী কৰিলে এনেকুৱা এটা সৈন্য বাহিনীৰ দ্বাৰা যিটো তোমালোকে দেখা পোৱা নাছিলা আৰু তেওঁ কাফিৰসকলৰ কথাক তল পেলাই দিলে; আৰু আল্লাহৰ কথাই সমুন্নত আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    [41] অভিযানলৈ ওলাই পৰা, পাতল অৱস্থাতেই হওঁক নাইবা গধূৰ অৱস্থাত আৰু জিহাদ কৰা আল্লাহৰ পথত তোমালোকৰ সম্পদ আৰু জীৱনৰ দ্বাৰা। এইটোৱে তোমালোকৰ বাবে উত্তম, যদি তোমালোকে জানিলাহেঁতেন

    [42] যদি সহজতে সম্পদ লাভৰ আশা থাকিলেহেঁতেন আৰু ভ্ৰমণ সুগম হ’লেহেঁতেন তেন্তে নিশ্চয় সিহঁতে তোমাৰ অনুসৰণ কৰিলেহেঁতেন; কিন্তু সিহঁতে যাত্ৰাপথ সুদীৰ্ঘ বুলি ভাৱিছিল, আৰু অনতিপলমে সিহঁতে আল্লাহৰ শপত লৈ ক’ব, ‘পাৰিলে আমি নিশ্চয় তোমালোকৰ লগত ওলাই গ’লোহেঁতেন’। সিহঁতে নিজেই নিজকে ধ্বংস কৰে, আৰু আল্লাহে জানে যে, নিশ্চয় সিহঁত মিছলীয়া।

    [43] আল্লাহে তোমাক ক্ষমা কৰিছে। কোনসকল লোক সত্যবাদী সেয়া তোমাৰ ওচৰত স্পষ্ট নোহোৱা লৈকে আৰু কোনসকল লোক মিছলীয়া সেয়া তুমি নজনা লৈকে কিয় সিহঁতক অব্যাহতি প্ৰদান কৰিলা

    [44] যিসকলে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে তেওঁলোকে নিজ সম্পদ আৰু জীৱনৰ দ্বাৰা জিহাদ কৰাৰ পৰা অব্যাহতি পাবলৈ তোমাৰ ওচৰত অনুমতি নিবিচাৰে; আৰু আল্লাহ মুত্তাক্বীসকলৰ বিষয়ে সবিশেষ অৱগত।

    [45] তোমাৰ ওচৰত অব্যাহতি বিচাৰে কেৱল সেইসকল লোকে যিসকলে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ নকৰে। কাৰণ সিহঁতৰ অন্তৰসমূহ সংশয়গ্ৰস্ত হৈ গৈছে, এতেকে সিহঁতে নিজ সংশয়ত দ্বিধাগ্ৰস্ত।

    [46] আৰু যদি সিহঁতে ওলাবলৈ ইচ্ছা কৰিলেহেঁতেন তেন্তে নিশ্চয় সিহঁতে তাৰ বাবে প্ৰস্তুতিৰ ব্যৱস্থা কৰিলেহেঁতেন, কিন্তু সিহঁতৰ অভিযাত্ৰাক আল্লাহে অপছন্দ কৰিলে। সেয়ে তেওঁ সিহঁতক অলসতাৰ মাধ্যমত বিৰত ৰাখিলে আৰু সিহঁতক কোৱা হ’ল, ‘বহি থকা লোকসকলৰ লগত তোমালোকেও বহি থকা’।

    [47] যদি সিহঁতে তোমালোকৰ লগত ওলালেহেঁতেন, তেন্তে তোমালোকৰ অশান্তি অসুবিধাহে বৃদ্ধি কৰিলেহেঁতেন আৰু তোমালোকৰ মাজত ফিতনা সৃষ্টি কৰিবলৈ যথাসাধ্য চেষ্টা কৰিলেহেঁতেন, আৰু তোমালোকৰ মাজতে সিহঁতৰ বাবে কথা শুনাৰ মানুহো আছে। আল্লাহ যালিমসকলৰ বিষয়ে সবিশেষ অৱগত।

    [48] নিশ্চয় সিহঁতে ইয়াৰ আগতেও ফিতনা সৃষ্টি কৰিব বিচাৰিছিল আৰু সিহঁতে তোমাৰ বহু কামত ওলট-পালট কৰিছিল, অৱশেষত সত্যৰ আগমন ঘটিলে আৰু আল্লাহৰ আদেশ জয়যুক্ত হ’ল, যদিও সিহঁতে অপছন্দ কৰিছিল।

    [49] আৰু সিহঁতৰ মাজত এনেকুৱা লোক আছে যিয়ে কয়, ‘মোক অব্যাহতি দিয়ক আৰু মোক ফিতনাত পতিত নকৰিব’। সাৱধান! সিহঁত ফিতনাতেই পতিত হৈ আছে; আৰু নিশ্চয় জাহান্নামে কাফিৰসকলক বেষ্টন কৰিয়ে আছে।

    [50] যদি তোমাৰ কোনো মঙ্গল হয় তেন্তে সেয়া সিহঁতক কষ্ট দিয়ে, আৰু তোমাৰ বিপদ ঘটিলে সিহঁতে কয়, ‘আমি আগতেই আমাৰ নিজৰ বিষয়ে সতৰ্কতা অৱলম্বন কৰিছিলো’, আৰু সিহঁতে উৎফুল্ল চিত্তে মুখ ঘূৰাই লয়।

    [51] কোৱা, ‘আমাৰ লগত কেৱল সেইটোৱে ঘটিব যিটো আল্লাহে আমাৰ বাবে লিখি ৰাখিছে; তেৱেঁই আমাৰ অভিভাৱক; আৰু আল্লাহৰ ওপৰতেই মুমিনসকলে নিৰ্ভৰ কৰা উচিত’।

    [52] কোৱা, ‘তোমালোকে কেৱল আমাৰ বাবে দুটা কল্যাণৰ পৰা যিকোনো এটাৰ অপেক্ষা কৰি আছা, আৰু আমি প্ৰতীক্ষা কৰি আছো যে, আল্লাহে তোমালোকক তেওঁৰ তৰফৰ পৰা অথবা আমাৰ হতুৱাই শাস্তি প্ৰদান কৰিব। এতেকে তোমালোকে প্ৰতীক্ষা কৰা, আমিও তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছো’।

    [53] কোৱা, ‘তোমালোকে ইচ্ছাকৃতভাৱে ব্যয় কৰা অথবা অনিচ্ছাকৃত ভাৱে, তোমালোকৰ পৰা সেয়া কেতিয়াও গ্ৰহণ কৰা নহ’ব, নিশ্চয় তোমালোক হৈছা ফাছিক্ব সম্প্ৰদায়’।

    [54] আৰু সিহঁতৰ অৰ্থসাহায্য গ্ৰহণ কৰিবলৈ নিষেধ কৰা হৈছে এই কাৰণে যে, সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফৰী কৰিছে আৰু ছালাতত উপস্থিত হয় কেৱল শৈথিল্যৰ সৈতে, আৰু অৰ্থসাহায্য কৰে কেৱল অনিচ্ছাকৃতভাৱে।

    [55] সেয়ে সিহঁতৰ সম্পদ আৰু সন্তান-সন্ততিয়ে যাতে তোমাক বিমুগ্ধ নকৰে, আল্লাহে এইবোৰৰ দ্বাৰাই সিহঁতক পাৰ্থিৱ জীৱনত শাস্তি দিব বিচাৰে; আৰু সিহঁতৰ আত্মাই কাফিৰ অৱস্থাতেই দেহ ত্যাগ কৰিব।

    [56] আৰু সিহঁতে আল্লাহৰ নামত শপত লৈ কয় যে, সিহঁত তোমালোকৰেই অন্তৰ্ভুক্ত, অথচ সিহঁতে তোমালোকৰ অন্তৰ্ভুক্ত নহয়; প্ৰকৃততে সিহঁত এনে এটা সম্প্ৰদায় যিহঁতে ভয় কৰে।

    [57] যদি সিহঁতে কোনো আশ্ৰয়স্থল নাইবা কোনো গিৰি-গুহা অথবা লুকাই থাকিবলৈ কোনো প্ৰৱেশস্থল পায় তেন্তে সিহঁতে সেইফালেই দ্ৰুত গতিত দৌৰি লুকাব।

    [58] আৰু সিহঁতৰ মাজত এনেকুৱা মানুহো আছে, যিয়ে ছাদাক্বা বন্টন সম্পৰ্কে তোমাক দোষাৰোপ কৰে, তাৰ পিছত সিহঁতক ইয়াৰ পৰা কিছু দিলে সিহঁতে সন্তুষ্ট হয়, আৰু ইয়াৰ পৰা কিবা নিদিলে লগে লগে বিক্ষুব্ধ হয়।

    [59] ভাল হ’লেহেঁতেন যদি সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলে সিহঁতক যি প্ৰদান কৰিছে তাতে সন্তুষ্ট থকাহেঁতেন আৰু যদি ক’লেহেঁতেন, ‘আল্লাহেই আমাৰ বাবে যথেষ্ট, অচিৰেই আল্লাহে আমাক তেওঁৰ নিজ অনুগ্ৰহেৰে প্ৰদান কৰিব আৰু তেওঁৰ ৰাছুলেও; নিশ্চয় আমি আল্লাহৰেই প্ৰতি অনুৰক্ত’।

    [60] ছাদাক্বা কেৱল ফকীৰ, মিছকীন আৰু ছাদাক্বা আদায়ৰ কামত নিযুক্ত কৰ্মচাৰীসকলৰ বাবে, আৰু যাৰ অন্তৰ (সত্যৰ প্ৰতি) আকৃষ্ট কৰাৰ আৱশ্যক তাৰ বাবে, দায়মুক্তিৰ বাবে, ঋণগ্ৰস্তসকলৰ বাবে, আল্লাহৰ পথৰ বাবে লগতে মুছাফিৰসকলৰ বাবে। এইটো আল্লাহৰ তৰফৰ পৰা নিৰ্ধাৰিত। আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

    [61] আৰু সিহঁতৰ মাজত এনেকুৱা মানুহো আছে যিসকলে নবীক কষ্ট দিয়ে আৰু কয়, ‘এওঁতো কৰ্ণপাতকাৰী’। কোৱা, ‘তোমালোকৰ বাবে যি মঙ্গল তেওঁ কেৱল সেয়াই শুনে’। তেওঁ আল্লাহৰ ওপৰত বিশ্বাস কৰে আৰু মুমিনসকলকো বিশ্বাস কৰে; আৰু তোমালোকৰ মাজত যিসকল ঈমান্দাৰ তেওঁ সিহঁতৰ বাবে ৰহমত। আৰু যিসকলে আল্লাহৰ ৰাছুলক শাস্তি দিয়ে সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।

    [62] সিহঁতে তোমালোকক সন্তুষ্ট কৰাৰ বাবে তোমালোকৰ ওচৰত আল্লাহৰ শপত লয়। অথচ আল্লাহ আৰু তেওঁৰ ৰাছুলকহে বেছি সন্তুষ্ট কৰা উচিত, যদি সিহঁতে মুমিন।

    [63] সিহঁতে নাজানে নেকি যে, যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিব তাৰ বাবে আছে জাহান্নামৰ জুই, য’ত সি চিৰকাল থাকিব? এইটোৱেই চৰম লাঞ্ছনা।

    [64] মুনাফিকসকলে ভয় কৰে যে, সিহঁতৰ বিষয়ে এনে কোনো ছুৰা অৱতীৰ্ণ হয়েই নেকি, যিটোৱে সিহঁতৰ অন্তৰৰ কথা প্ৰকাশ কৰি দিব! কোৱা, ‘তোমালোকে বিদ্ৰূপ কৰিয়ে থাকা; তোমালোকে যিটো ভয় কৰা নিশ্চয় আল্লাহে সেয়া প্ৰকাশ কৰিব’।

    [65] আৰু তুমি সিহঁতক সুধিলে অৱশ্যে সিহঁতে ক’ব, ‘আমি কেৱল আলাপ-আলোচনা আৰু হাঁহি-ধেমালিহে কৰিছিলো’। কোৱা, ‘তোমালোকে আল্লাহ আৰু তেওঁৰ আয়াতসমূহক লগতে তেওঁৰ ৰাছুলক বিদ্ৰূপ কৰিছিলা নেকি’

    [66] ‘তোমালোকে এতিয়া ওজৰ পেচ নকৰিবা। নিশ্চয় তোমালোকে ঈমান আনাৰ পিছত আকৌ কুফৰী কৰিছা। আমি তোমালোকৰ মাজত কোনো দলক ক্ষমা কৰিলেও আন এটা দলক শাস্তি প্ৰদান কৰিম—কাৰণ সিহঁত অপৰাধী’।

    [67] মুনাফিক পুৰুষ আৰু মুনাফিক নাৰী ইজনে সিজনৰ অংশ, সিহঁতে অসৎকৰ্মৰ আদেশ দিয়ে আৰু সৎকৰ্মক নিষেধ কৰে, সিহঁতে নিজৰ হাত সংকুচিত কৰি ৰাখে, সিহঁতে আল্লাহক পাহৰি গৈছে, ফলত আল্লাহেও সিহঁতক এৰি দিছে; নিশ্চয় মুনাফিকসকল ফাছিক্ব।

    [68] আল্লাহে মুনাফিক পুৰুষ আৰু মুনাফিক নাৰীক জাহান্নামৰ অগ্নিৰ প্ৰতিশ্ৰুতি দিছে। য’ত সিহঁতে চিৰকাল থাকিব, এইটোৱে সিহঁতৰ বাবে যথেষ্ট; আৰু আল্লাহে সিহঁতক অভিশাপ কৰিছে আৰু সিহঁতৰ বাবে আছে স্থায়ী শাস্তি

    [69] সিহঁতৰ দৰে, যিসকলে তোমালোকৰ পূৰ্বে আছিল, সিহঁতে শক্তিত তোমালোকতকৈয়ো অধিক প্ৰবল আছিল আৰু সিহঁতৰ ধন-সম্পদ ও সন্তান-সন্ততি আছিল তোমালোকতকৈ বেছি। সেয়ে সিহঁতে সিহঁতৰ ভাগ্যত যি আছিল সেয়া ভোগ কৰিছে; আৰু তোমালোকেও তোমালোকৰ ভাগ্যত যি আছিল সেয়া উপভোগ কৰিলা, যেনেকৈ তোমালোকৰ পূৰ্বৱৰ্তীসকলে সিহঁতৰ ভাগ্যত যি আছিল ভোগ কৰিছে, আৰু তোমালোকেও সেইদৰে অনৰ্থক আলাপ-আলোচনাত লিপ্ত আছা যেনেকুৱা অনৰ্থক আলাপ-আলোচনাত সিহঁত লিপ্ত আছিল। সিহঁতৰ আমল পৃথিৱী আৰু আখিৰাতত নিষ্ফল হৈ গৈছে, আৰু সিহঁতেই ক্ষতিগ্ৰস্ত।

    [70] সিহঁতৰ পূৰ্বৱৰ্তী নূহ, আদ আৰু ছামূদৰ সম্প্ৰদায়, ইব্ৰাহীমৰ সম্প্ৰদায় আৰু মাদইয়ান লগতে বিধ্বস্ত নগৰৰ অধিবাসীসকলৰ সংবাদ সিহঁতৰ ওচৰত অহা নাইনে? সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণাদিসহ সিহঁতৰ ৰাছুলসকল আহিছিল। এতেকে আল্লাহ এনেকুৱা নহয় যে, সিহঁতৰ ওপৰত অন্যায় কৰিছে বৰং সিহঁত নিজেই নিজৰ প্ৰতিহে অন্যায় কৰিছিল।

    [71] মুমিন পুৰুষ আৰু মুমিনা নাৰী ইজনে সিজনৰ বন্ধু, সিহঁতে সৎকৰ্মৰ আদেশ দিয়ে আৰু অসৎকৰ্মত বাধা দিয়ে, ছালাত কায়েম কৰে যাকাত প্ৰদান কৰে আৰু আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰে; এওঁলোককেই আল্লাহে অনতিপলমে দয়া কৰিব। নিশ্চয় আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    [72] আল্লাহে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক জান্নাতৰ প্ৰতিশ্ৰুতি দিছে—যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক স্থায়ী হ’ব; আৰু (প্ৰতিশ্ৰুতি দিছে) স্থায়ী জান্নাতসমূহত উত্তম বাসস্থানৰ, আৰু আল্লাহৰ সন্তুষ্টিয়েই সৰ্বশ্ৰেষ্ঠ। এইটোৱেই মহাসাফল্য।

    [73] হে নবী! কাফিৰ আৰু মুনাফিকসকলৰ বিৰুদ্ধে জিহাদ কৰা, সিহঁতৰ প্ৰতি কঠোৰ হোৱা; আৰু সিহঁতৰ আবাসস্থল জাহান্নাম, আৰু সেয়া কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তন স্থল

    [74] সিহঁতে আল্লাহৰ শপত লৈ কয় যে, সিহঁতে একো কোৱা নাই; অথচ সিহঁতে কুফৰী বাক্য কৈছে আৰু ইছলাম গ্ৰহণৰ পিছত আকৌ কুফৰী কৰিছে; সিহঁতে এনেকুৱা সংকল্প কৰিছিল যিটো সিহঁতে পোৱা নাই। আল্লাহ আৰু তেওঁৰ ৰাছুলে নিজ অনুগ্ৰহত সিহঁতক (মুছলিমসকলক) অভাৱমুক্ত কৰিছিল বুলিয়ে সিহঁতে (কাফিৰ মুনাফিকসকলে) বিৰোধিতা কৰিছিল। এতেকে যদি সিহঁতে তাওবা কৰে তেন্তে সিহঁতৰ বাবে ভাল হ’ব, আৰু সিহঁতে মুখ ঘূৰাই ল’লে আল্লাহে পৃথিৱীত আৰু আখিৰাতত সিহঁতক যন্ত্ৰণাদায়ক শাস্তি দিব; আৰু পৃথিৱীত সিহঁতৰ কোনো অভিভাৱক নাই আৰু নাই কোনো সাহায্যকাৰীও।

    [75] আৰু সিহঁতৰ কিছুমানে আল্লাহৰ ওচৰত অঙ্গীকাৰ কৰিছিল যে, ‘আল্লাহে নিজ কৃপাত আমাক দান কৰিলে আমি নিশ্চয় ছাদাক্বা কৰিম আৰু অৱশ্যে সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত হম’।

    [76] তাৰ পিছত যেতিয়া তেওঁ সিহঁতক নিজ অনুগ্ৰহৰ পৰা দান কৰিলে, তেতিয়া সিহঁতে এই বিষয়ে কৃপণতা কৰিলে আৰু বিমুখ হৈ উভতি গ'ল।

    [77] পৰিণাম স্বৰূপে তেওঁ সিহঁতৰ অন্তৰত নিফাক্ব ৰাখি দিলে সেই দিন লৈকে যিদিনা সিহঁতে আল্লাহৰ লগত সাক্ষাৎ কৰিব, সিহঁতে আল্লাহৰ ওচৰত যি অঙ্গীকাৰ কৰিছিল সেয়া ভঙ্গ কৰাৰ কাৰণে আৰু সিহঁতে যি মিছা কৈছিল তাৰ বাবে।

    [78] সিহঁতে নাজানে নেকি যে, নিশ্চয় আল্লাহে সিহঁতৰ অন্তৰৰ গোপন কথা আৰু সিহঁতৰ গোপন পৰামৰ্শৰ বিষয়ে জানে? আৰু নিশ্চয় আল্লাহ গায়েব সম্পৰ্কে সম্যক অৱগত।

    [79] মুমিনসকলৰ মাজত যিসকলে স্বতঃস্ফূৰ্তভাৱে ছাদাক্বা দিয়ে আৰু যিসকলে নিজ শ্ৰমৰ বাহিৰে একোৱে নাপায়, তেওঁলোকক যিসকলে দোষাৰোপ কৰে। তাৰ পিছত সিহঁতক লৈ উপহাস কৰে, (এনে প্ৰকৃতিৰ লোকক) আল্লাহে উপহাস কৰে আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।

    [80] তুমি সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা বা নকৰা একেই কথা; তুমি যদি সিহঁতৰ বাবে সত্তৰ বাৰো ক্ষমা প্ৰাৰ্থনা কৰা তথাপিও আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰে। এইটো এই কাৰণে যে, সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফৰী কৰিছে; আৰু আল্লাহে ফাছিক্ব সম্প্ৰদায়ক হিদায়ত নিদিয়ে।

    [81] পিছত ৰৈ যোৱা লোকসকলে আল্লাহৰ ৰাছুলৰ বিৰুদ্ধাচৰণ কৰি বহি থকাকে আনন্দ বোধ কৰিলে আৰু সিহঁতৰ ধন-সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰাক অপছন্দ কৰিলে, লগতে সিহঁতে ক’লে, ‘গৰমৰ মাজত অভিযানলৈ ওলাই নাযাবা’। কোৱা, ‘জাহান্নামৰ জুই ইয়াতকৈ বেছি উত্তপ্ত’, যদি সিহঁতে বুজিলেহেঁতেন

    [82] সিহঁতে যি অৰ্জন কৰিছে তাৰ প্ৰতিফল হিচাপে সিহঁতে কমকৈ হঁহা আৰু বেছিকৈ কান্দা উচিত।

    [83] এতেকে যদি আল্লাহে তোমাক সিহঁতৰ কোনো দলৰ ওচৰত ঘূৰাই আনে আৰু সিহঁতে অভিযানত ওলাবলৈ তোমাৰ ওচৰত প্ৰাৰ্থনা কৰে, তেতিয়া তুমি ক’বা, ‘তোমালোকে মোৰ লগত কেতিয়াও ওলাব নোৱাৰা আৰু তোমালোকে মোৰ সঙ্গী হৈ কেতিয়াও শত্ৰুৰ লগত যুদ্ধ কৰিব নোৱাৰিবা। তোমালোকে প্ৰথমেই বহি থকাটোকে পছন্দ কৰিছিলা; সেয়ে তোমালোকে পিছত ৰৈ যোৱাবিলাকৰ লগত বহি থাকা’।

    [84] আৰু সিহঁতৰ মাজত কাৰোবাৰ মৃত্যু হ’লে তুমি কেতিয়াও তাৰ বাবে জানাযাৰ ছালাত নপঢ়িবা আৰু তাৰ কবৰৰ ওচৰতো থিয় নহ’বা; নিশ্চয় সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছিল আৰু ফাছিক্ব অৱস্থাত সিহঁতৰ মৃত্যু হৈছে।

    [85] আৰু সিহঁতৰ সম্পদ আৰু সন্তান-সন্ততিয়ে যাতে তোমাক বিমুগ্ধ নকৰে, আল্লাহে এইবোৰৰ দ্বাৰাই সিহঁতক পাৰ্থিৱ জীৱনত শাস্তি দিব বিচাৰে; আৰু সিহঁতৰ আত্মাই কাফিৰ অৱস্থাতেই দেহ ত্যাগ কৰিব।

    [86] আল্লাহৰ প্ৰতি ঈমান আনা আৰু ৰাছুলৰ সঙ্গী হৈ জিহাদ কৰা—এই বিষয়ে যেতিয়া কোনো ছুৰা অৱতীৰ্ণ হয় তেতিয়া সিহঁতৰ মাজত যিসকলৰ শক্তি-সামৰ্থ আছে সিহঁতে তোমাৰ ওচৰত আহি অব্যাহতি বিচাৰে আৰু কয়, ‘আমাক ৰেহাই দিয়ক, আমি বহি থকা ব্যক্তিসকলৰ লগতে থাকিম’।

    [87] সিহঁতে অন্তঃপুৰ নিবাসিনীসকলৰ লগত অৱস্থান কৰাকেই পছন্দ কৰিলে আৰু সিহঁতৰ অন্তৰত মোহৰ মাৰি দিয়া হ’ল; ফলত সিহঁতে একো বুজি নাপায়।

    [88] কিন্তু ৰাছুল আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছে তেওঁলোকে নিজ সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিছে; তেওঁলোকৰ বাবেই আছে যাৱতীয় কল্যাণ আৰু তেওঁলোকেই সাফল্যমণ্ডিত।

    [89] আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰি ৰাখিছে জান্নাত, যাৰ তলত নদী প্ৰবাহিত, য’ত তেওঁলোক চিৰকাল থাকিব; এইটোৱেই মহাসফলতা।

    [90] আৰু মৰুবাসীসকলৰ মাজৰ কিছুমান লোকে অজুহাত লৈ আহিল যাতে সিহঁতকো অব্যাহতি দিয়া হয় আৰু যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে মিছা কৈছিল, সিহঁতে বহিয়ে থাকিল; সিহঁতৰ মাজত যিসকলে কুফৰী কৰিছে অচিৰেই সিহঁতে যন্ত্ৰণাদায়ক শাস্তি পাব।

    [91] কোনো দোষ নাই দুৰ্বলসকলৰ ওপৰত, অসুস্থসকলৰ ওপৰত আৰু যিসকল অৰ্থ সাহায্যত অসমৰ্থ, যদি সিহঁত আল্লাহ আৰু তেওঁৰ ৰাছুলৰ হিতাকাঙ্ক্ষী হয়। মুহছিনসকলৰ বিৰুদ্ধে অভিযোগৰ কোনো পথ নাই; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

    [92] আৰু সিহঁতৰো কোনো দোষ নাই যিসকলে তোমাৰ ওচৰত বাহনৰ বাবে আহিছিল তুমি কৈছিলা, ‘তোমালোকৰ বাবে মই কোনো বাহন পোৱা নাই’; সিহঁতে কষ্ট সহ্য কৰিব নোৱাৰি বাধ্য হৈ চকুলো টুকি উভতি গ’ল, কাৰণ সিহঁতে ব্যয় কৰিবলৈ একো পোৱা নাই।

    [93] কিন্তু যিসকলে অভাৱমুক্ত হৈয়ো অব্যাহতি প্ৰাৰ্থনা কৰিছে, নিশ্চয় সিহঁতৰ বিৰুদ্ধে অভিযোগৰ কাৰণ আছে। সিহঁতে অন্তঃপুৰ নিবাসিনীসকলৰ লগত থকাকেই পছন্দ কৰিছিল; আৰু আল্লাহে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছে, ফলত সিহঁতে একো নাজানে।

    [94] তোমালোকে সিহঁতৰ ওচৰত উভতি আহিলে সিহঁতে তোমালোকৰ ওচৰত অজুহাত দেখুৱাব। কোৱা, ‘তোমালোকে অজুহাত নেদেখুৱাবা, আমি তোমালোকক কেতিয়াও বিশ্বাস নকৰিম; নিশ্চয় আল্লাহে আমাক তোমালোকৰ বিষয়ে জনাই দিছে আৰু আল্লাহে অৱশ্যে তোমালোকৰ কাৰ্যকলাপ দেখিব আৰু তেওঁৰ ৰাছুলেও। তাৰ পিছত তোমালোকক অদৃশ্য আৰু প্ৰকাশ্যৰ মহাজ্ঞানীৰ ওচৰলৈকে উভতাই নিয়া হ’ব তেতিয়া তেৱেঁই তোমালোকক জনাব তোমালোকে কি কৰিছিলা’।

    [95] তোমালোকে সিহঁতৰ ওচৰত ঘুৰি আহিলে অচিৰেই সিহঁতে তোমালোকৰ ওচৰত আল্লাহৰ শপত খাব যাতে তোমালোকে সিহঁতক উপেক্ষা কৰা। সেয়ে তোমালোকেও সিহঁতক উপেক্ষা কৰা; নিশ্চয় সিহঁত অপৱিত্ৰ আৰু সিহঁতৰ কৃতকৰ্মৰ ফলস্বৰূপে জাহান্নামেই সিহঁতৰ আবাসস্থল।

    [96] সিহঁতে তোমালোকৰ ওচৰত শপত কৰিব যাতে তোমালোকে সিহঁতৰ প্ৰতি সন্তুষ্ট হোৱা। এতেকে তোমালোকে সিহঁতৰ প্ৰতি সন্তুষ্ট হ’লেও আল্লাহে ফাছিক্ব সম্প্ৰদায়ৰ প্ৰতি কেতিয়াও সন্তুষ্ট নহয়।

    [97] আ’ৰাব বা মৰুবাসীসকল কুফৰী আৰু নিফাক্বত দৃঢ়তৰ; আৰু আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত যি অৱতীৰ্ণ কৰিছে, তাৰ সীমাৰেখা সম্পৰ্কে অজ্ঞ থকাৰ অধিক উপযোগী; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

    [98] আৰু মৰুবাসীসকলৰ কিছুমানে সিহঁতে যি আল্লাহৰ পথত ব্যয় কৰে সেয়া জৰিমনা বুলি গণ্য কৰে আৰু তোমালোকৰ বিপৰ্যয়ৰ প্ৰতীক্ষা কৰে। সিহঁতৰ ওপৰতেই হওঁক নিকৃষ্ট বিপৰ্যয়; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।

    [99] আৰু কিছুমান মৰুবাসীয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে লগতে সিহঁতে যি ব্যয় কৰে সেয়া আল্লাহৰ সান্নিধ্য আৰু ৰাছুলৰ দুআ লাভৰ উপায় বুলি গণ্য কৰে। জানি থোৱা, নিশ্চয় সেয়া সিহঁতৰ বাবে আল্লাহৰ সান্নিধ্য লাভৰ উপায়; অচিৰেই আল্লাহে সিহঁতক নিজ ৰহমতত দাখিল কৰিব। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

    [100] মুহাজিৰ আৰু আনছাৰসকলৰ মাজত যিসকলে প্ৰথম অগ্ৰগামী লগতে যিসকলে ইহছানৰ সৈতে তেওঁলোকৰ অনুসৰণ কৰে, আল্লাহে তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকেও আল্লাহৰ প্ৰতি সন্তুষ্ট হৈছে। আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰিছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক চিৰস্থায়ী হ’ব। এইটোৱে মহাসফলতা।

    [101] আৰু মৰুবাসীসকলৰ মাজত যিসকলে তোমালোকৰ ওচৰে পাজৰে আছে সিহঁতৰ কিছুমান হৈছে মুনাফিক লগতে মদীনাবাসীৰ মাজতো কিছুমান আছে, সিহঁতে নিফাক্বৰ চৰম সীমাত উপনীত হৈছে। তুমি সিহঁতক নাজানা; কিন্তু আমি সিহঁতক চিনি পাওঁ। অনতিপলমে আমি সিহঁতক দুবাৰ শাস্তি প্ৰদান কৰিম তাৰ পিছত সিহঁতক মহাশাস্তিৰ পিনে প্ৰত্যাৱৰ্তন কৰোৱা হ’ব।

    [102] আৰু আন কিছুমান লোকে নিজৰ অপৰাধ স্বীকাৰ কৰিছে, সিহঁতে এটা সৎকৰ্মৰ লগত আন এটা অসৎকৰ্মৰ মিশ্ৰণ ঘটাইছে; সম্ভৱতঃ আল্লাহে সিহঁতক ক্ষমা কৰিব, নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

    [103] তুমি সিহঁতৰ সম্পদৰ পৰা ছাদাক্বা গ্ৰহণ কৰা। ইয়াৰ দ্বাৰা তুমি সিহঁতক পৱিত্ৰ কৰিবা আৰু পৰিশোধিত কৰিবা। লগতে তুমি সিহঁতৰ বাবে দুআ কৰা। তোমাৰ দুআ সিহঁতৰ বাবে প্ৰশান্তিকৰ; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।

    [104] সিহঁতে নাজানে নেকি যে, নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলৰ তাওবা কবুল কৰে আৰু ছাদাক্বাহ গ্ৰহণ কৰে? আৰু নিশ্চয় আল্লাহ তাওবা কবুলকাৰী, পৰম দয়ালু।

    [105] আৰু কোৱা, ‘তোমালোকে আমল কৰা, আল্লাহে তোমালোকৰ আমল দেখিব আৰু তেওঁৰ ৰাছুলেও আৰু মুমিনসকলেও। অনতিপলমে তোমালোকক উভতাই নিয়া হ’ব অদৃশ্য আৰু প্ৰকাশ্যৰ জ্ঞানীৰ ওচৰত; অৱশেষত তেৱেঁই তোমালোকক জনাই দিব তোমালোকে কি কৰিছিলা’।

    [106] আৰু আন কিছুমান লোকৰ সিদ্ধান্ত আল্লাহৰ আদেশৰ অপেক্ষাত পিছুৱাই দিয়া হ’ল --- তেৱেঁই সিহঁতক শাস্তি দিব নহ’লে ক্ষমা কৰিব। আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

    [107] আৰু যিসকলে মছজিদ নিৰ্মাণ কৰিছে ক্ষতিসাধন কৰাৰ বাবে, কুফৰী কৰাৰ বাবে আৰু মুমিনসকলৰ মাজত বিভেদ সৃষ্টি কৰাৰ উদ্দেশ্যে আৰু ইয়াৰ আগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধে যিসকলে যুদ্ধ কৰিছিল সিহঁতৰ গোপন ঘাঁটি স্বৰূপে ব্যৱহাৰৰ উদ্দেশ্যে, আৰু সিহঁতে অৱশ্যে শপত খাই ক’ব, ‘আমি কেৱল কল্যাণ কামনা কৰিছিলোহে’; আৰু আল্লাহে সাক্ষ্য দিয়ে যে, অৱশ্যে সিহঁত মিছলীয়া।

    [108] তুমি তাত কেতিয়াও ছালাতৰ বাবে থিয় নহ’বা; যি মছজিদৰ ভিত্তি প্ৰথম দিনাৰ পৰাই স্থাপিত হৈছে তাক্বৱাৰ ওপৰত, সেইটোতহে ছালাতৰ বাবে থিয় হোৱা তোমাৰ বাবে বেছি উপযুক্ত। তাত এনেকুৱা লোক আছে যিসকলে উত্তমৰূপে পৱিত্ৰতা অৰ্জন কৰা ভালপায়, আৰু পৱিত্ৰতা অৰ্জনকাৰীসকলক আল্লাহে ভালপায়।

    [109] যি ব্যক্তিয়ে তাৰ ঘৰৰ ভিত্তি আল্লাহৰ তাক্বৱা আৰু সন্তুষ্টিৰ ওপৰত স্থাপন কৰে সি উত্তম, নে সেই ব্যক্তি উত্তম যিয়ে তাৰ ঘৰৰ ভিত্তি স্থাপন কৰে খহি পৰিব ধৰা গৰাৰ কাষত? ফলত ই তাক লৈ জাহান্নামৰ অগ্নিত খহি পৰিল; আৰু আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নিদিয়ে।

    [110] সিহঁতৰ নিৰ্মিত গৃহ, সিহঁতৰ অন্তৰত সন্দেহৰ কাৰণ হৈ থাকিব, যেতিয়া লৈকে সিহঁতৰ অন্তৰ ছিন্ন-বিছিন্ন হৈ নাযায়। আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

    [111] নিশ্চয় আল্লাহে মুমিনসকলৰ পৰা সিহঁতৰ জীৱন আৰু সম্পদ কিনি লৈছে (ইয়াৰ বিনিময়ত) যে, সিহঁতৰ বাবে আছে জান্নাত। সিহঁতে আল্লাহৰ পথত যুদ্ধ কৰে, অৱশেষত সিহঁতে (শত্ৰুক) মাৰে আৰু নিজেও মৰে। এতেকে তাওৰাত, ঈঞ্জীল আৰু কোৰআনত এই বিষয়ে সিহঁতৰ সত্য প্ৰতিশ্ৰুতি আছে; আৰু নিজ প্ৰতিজ্ঞা পালনত আল্লাহতকৈ শ্ৰেষ্ঠ আন কোন আছে? সেয়ে তোমালোকে আল্লাহৰ লগত যি বেচা-কিনা কৰিছা তাৰ বাবে আনন্দিত হোৱা; আৰু এইটোৱেই হৈছে মহাসফলতা।

    [112] সিহঁত তাওবাকাৰী, ইবাদতকাৰী, আল্লাহৰ প্ৰশংসাকাৰী, ছিয়াম পালনকাৰী, ৰুকুকাৰী, ছাজদাকাৰী, সৎকৰ্মৰ আদেশদাতা, অসৎকৰ্মৰ নিষেধকাৰী আৰু আল্লাহৰ নিৰ্ধাৰিত সীমাৰেখা সংৰক্ষণকাৰী, আৰু তুমি মুমিনসকলক শুভ সংবাদ দিয়া।

    [113] নবী আৰু যিসকলে ঈমান আনিছে তেওঁলোকৰ বাবে উচিত নহয় মুশ্বৰিকসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা, যদিও সিহঁত নিকটাত্মীয় নহওঁক কিয়, যেতিয়া এই কথা সুস্পষ্ট হৈ গৈছে যে, নিশ্চয় সিহঁত প্ৰজ্বলিত অগ্নিৰ অধিবাসী।

    [114] আৰু ইব্ৰাহীমে তেওঁৰ পিতৃৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছিল এটা প্ৰতিশ্ৰুতিৰ কাৰণে, তাৰ পিছত যেতিয়া এইটো তেওঁৰ ওচৰত স্পষ্ট হ’ল যে, সি আল্লাহৰ শত্ৰু তেতিয়া ইব্ৰাহীমে তাৰ লগত সম্পৰ্ক বিছিন্ন কৰিলে। নিশ্চয় ইব্ৰাহীম আছিল অধিক কোমল হৃদয়ৰ অধিকাৰী, সহনশীল।

    [115] আৰু আল্লাহ এনেকুৱা নহয় যে, তেওঁ কোনো সম্প্ৰদায়ক হিদায়ত দিয়াৰ পিছত সিহঁতে বিৰত থাকিবলগীয়া বিষয়সমূহ বিতংভাৱে জনাই নিদিয়াৰ আগতেই সিহঁতক বিভ্ৰান্ত কৰিব। নিশ্চয় আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।

    [116] নিশ্চয় আল্লাহ, আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব তেওঁৰেই; তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়। আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱক নাই আৰু কোনো সহায়কাৰীও নাই।

    [117] আল্লাহে অৱশ্যে নবী, মুহাজিৰ আৰু আনছাৰসকলৰ তাওবা কবুল কৰিলে, যিসকলে তেওঁৰ অনুসৰণ কৰিছিল সংকটময় মুহূৰ্তত – তেওঁলোকৰ এটা দলৰ হৃদয় সত্যচুত হোৱাৰ উপক্ৰম হোৱাৰ পিছত। তাৰ পিছত আল্লাহে সিহঁতৰ তাওবা কবুল কৰিলে; নিশ্চয় তেওঁ সিহঁতৰ প্ৰতি অতি স্নেহশীল, পৰম দয়ালু।

    [118] আৰু তেওঁ তাওবা কবুল কৰিলে সেই তিনিজনৰো, যিসকলৰ বিষয়ে সিদ্ধান্ত স্থগিত ৰখা হৈছিল, আনকি পৃথিৱী প্ৰশস্ত হোৱা সত্বেও সিহঁতৰ বাবে সংকীৰ্ণ হৈ গৈছিল আৰু সিহঁতৰ জীৱন সিহঁতৰ বাবে দুৰ্বিষহ হৈ পৰিছিল আৰু সিহঁতে নিশ্চিত উপলব্ধি কৰিছিল যে, আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পাবলৈ তেওঁৰ বাহিৰে আন কোনো আশ্ৰয়স্থল নাই। তাৰ পিছত তেওঁ সিহঁতৰ তাওবা কবুল কৰিলে যাতে সিহঁতে তাওবাত স্থিৰ থাকে। নিশ্চয় আল্লাহ অধিক তাওবা কবুলকাৰী, পৰম দয়ালু।

    [119] হে মুমিনসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু সত্যবাদীসকলৰ সঙ্গী হোৱা।

    [120] আল্লাহৰ ৰাছুলৰ লগত যোৱাৰ পৰা বিৰত থাকি পিছত ৰৈ যোৱা আৰু তেওঁৰ জীৱনতকৈ নিজৰ জীৱনক বেছি গুৰুত্ব দিয়াটো মদীনাবাসী আৰু সিহঁতৰ ওচৰে পাজৰে থকা মৰুবাসীসকলৰ বাবে উচিত নহয়; কাৰণ আল্লাহৰ পথত সিহঁতক যি তৃষ্ণা, ক্লান্তি আৰু ভোক লাগে আৰু কাফিৰসকলৰ ক্ৰোধ উদ্ৰেক কৰা ঠাইত গমণ কৰা সিহঁতৰ এনেকুৱা প্ৰতিটো পদক্ষেপ যিটো শত্ৰুসকলক কোনো কষ্ট প্ৰদান কৰে, সেয়া সিহঁতৰ বাবে সৎকৰ্মৰূপে লিপিবদ্ধ কৰা হয়। নিশ্চয় আল্লাহ মুহছিনসকলৰ কৰ্মৰ প্ৰতিফল বিনষ্ট নকৰে।

    [121] আৰু সিহঁতে সৰু বা ডাঙৰ যিটোৱে ব্যয় নকৰক কিয় আৰু যিকোনো উপত্যকাই অতিক্ৰম নকৰক কিয় সেয়া সিহঁতৰ অনুকূলত লিপিবদ্ধ হয় – যাতে সিহঁতে যি কৰে আল্লাহে তাৰ উৎকৃষ্ট পুৰষ্কাৰ সিহঁতক প্ৰদান কৰিব পাৰে।

    [122] আৰু মুমিনসকলে সকলোৱে একেলগে অভিযানত ওলোৱা উচিত নহয়। এতেকে সিহঁতৰ প্ৰত্যেক দলৰ একাংশই কিয় নোলায়, যাতে সিহঁতে দ্বীনৰ গভীৰ জ্ঞান অৰ্জন কৰিব পাৰে, আৰু যেতিয়া সিহঁতে নিজ সম্প্ৰদায়ৰ ওচৰত উভতি আহিব তেতিয়া সিহঁতৰ সম্প্ৰদায়ক ভীতিপ্ৰদৰ্শন কৰিব পাৰে, যাতে সিহঁতে সতৰ্ক হয়।

    [123] হে ঈমান্দাৰসকল! কাফিৰসকলৰ মাজত যিসকল তোমালোকৰ নিকটৱৰ্তী, সিহঁতৰ লগত যুদ্ধ কৰা আৰু সিহঁতে যেন তোমালোকৰ মাজত কঠোৰতা দেখিবলৈ পায়। জানি থোৱা, নিশ্চয় আল্লাহ মুত্তাক্বীসকলৰ লগত আছে।

    [124] আৰু যেতিয়াই কোনো ছুৰা অৱতীৰ্ণ হয় তেতিয়াই সিহঁতৰ কিছুমানে কয়, ‘এইটোৱে তোমালোকৰ মাজত কাৰ ঈমান বৃদ্ধি কৰিলে’? এতেকে যিসকলে ঈমান আনিছে ই তেওঁলোকৰে ঈমান বৃদ্ধি কৰিছে আৰু তেওঁলোকেই আনন্দিত হয়।

    [125] আৰু যিসকলৰ অন্তৰত ব্যাধি আছে, এইটো সিহঁতৰ কলুষৰ লগত আৰু কলুষযুক্ত কৰে; আৰু সিহঁতৰ মৃত্যু ঘটে কাফিৰ অৱস্থাত।

    [126] সিহঁতে দেখা নাপায় নে যে, সিহঁতক প্ৰতি বছৰ এবাৰ বা দুবাৰ বিপৰ্যস্ত কৰা হয়? ইয়াৰ পিছতো সিহঁতে তাওবা নকৰে আৰু উপদেশ গ্ৰহণ নকৰে।

    [127] আৰু যেতিয়াই কোনো ছুৰা অৱতীৰ্ণ হয় তেতিয়াই সিহঁতে ইজনে সিজনৰ প্ৰতি দৃষ্টিপাত কৰি কয়, ‘তোমালোকক কোনোবাই লক্ষ্য কৰিছেনে’? তাৰ পিছত সিহঁত আঁতৰি যায়। আল্লাহে সিহঁতৰ হৃদয়ক সত্যবিমুখ কৰি দিয়ে; কাৰণ সিহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলৰ বোধশক্তি নাই।

    [128] নিশ্চয় তোমালোকৰ ওচৰত তোমালোকৰ মাজৰ পৰাই এজন ৰাছুল আহিছে, তোমালোকৰ যি দুখ-কষ্ট হয় তেওঁ তাৰ বাবে বৰ মনোকষ্ট পায়। তেওঁ তোমালোকৰ মঙ্গলকামী, মুমিনসকলৰ প্ৰতি তেওঁ কৰুণাশীল আৰু অতি দয়ালু।

    [129] এতেকে সিহঁতে যদি আঁতৰি যায় তেন্তে তুমি কোৱা, ‘মোৰ বাবে আল্লাহেই যথেষ্ট, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। মই তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰো আৰু তেওঁ মহা আৰছৰ ৰব’।

    Surah 10
    ইউনুছ

    [1] আলিফ লাম-ৰা। এইবোৰ প্ৰজ্ঞাপূৰ্ণ কিতাবৰ আয়াত।

    [2] মানুহৰ বাবে এইটো বিস্ময়ৰ বিষয় নেকি যে, আমি সিহঁতৰেই মাজৰ পৰা এজনৰ ওচৰত অহী পঠিয়াইছো যে, তুমি মানুহক সতৰ্ক কৰা আৰু মুমিনসকলক সুসংবাদ দিয়া যে, সিহঁতৰ বাবে সিহঁতৰ প্ৰতিপালকৰ ওচৰত আছে উচ্চ মৰ্যাদা। কাফিৰসকলে কয়, ‘নিশ্চয় এওঁ এজন প্ৰকাশ্য যাদুকৰ’।

    [3] নিশ্চয় তোমালোকৰ ৰব সেইজন আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱী ছয় দিনত সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ আৰছৰ ওপৰত উঠিছে। তেৱেঁই সকলো বিষয় পৰিচালনা কৰে। তেওঁৰ অনুমতি লাভ নকৰাকৈ ছুপাৰিছ কৰাৰ ক্ষমতা কাৰো নাই। তেৱেঁই আল্লাহ, তোমালোকৰ ৰব; গতিকে তোমালোকে তেওঁৰেই ইবাদত কৰা। তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে

    [4] তেওঁৰ ওচৰতেই তোমালোক সকলোৰে প্ৰত্যাৱৰ্তন, আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। নিশ্চয় তেৱেঁই সৃষ্টিৰ সূচনা কৰিছে, তাৰ পিছত তেৱেঁই সেইটোৰ পুনৰাবৃত্তি ঘটাব যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক ইনচাফপূৰ্ণ প্ৰতিফল প্ৰদানৰ বাবে। আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে অত্যন্ত গৰম পানী অৰু অতি কষ্টদায়ক শাস্তি; কাৰণ সিহঁতে কুফৰী কৰিছিল।

    [5] তেৱেঁই সূৰ্যক দীপ্তিমান আৰু চন্দ্ৰক জ্যোতিৰ্ময় কৰিছে আৰু তাৰ বাবে নিৰ্দিষ্ট কৰিছে বিভিন্ন মনযিল, যাতে তোমালোকে বছৰ গণনা কৰিব পাৰা আৰু সময়ৰ হিচাপ জানিব পাৰা। আল্লাহে এইবোৰ যথাযথ ভাৱেই সৃষ্টি কৰিছে। তেওঁ এইবোৰ নিদৰ্শন বিশদভাৱে বৰ্ণনা কৰে এনে সম্প্ৰদায়ৰ বাবে যিসকলে জানে।

    [6] নিশ্চয় দিন আৰু ৰাতিৰ পৰিবৰ্তনত আৰু আল্লাহে আকাশসমূহ আৰু পৃথিৱীত যি সৃষ্টি কৰিছে তাত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে তাক্বৱা অৱলম্বন কৰে।

    [7] নিশ্চয় যিসকলে আমাৰ সাক্ষাতৰ আশা পোষণ নকৰে, আৰু পাৰ্থিৱ জীৱন লৈয়ে সন্তুষ্ট হৈছে আৰু সেইটো লৈয়ে পৰিতৃপ্ত, আৰু যিসকলে আমাৰ নিদৰ্শনাৱলী সম্পৰ্কে গাফিল

    [8] সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতৰ ঠিকনা হ’ব অগ্নি।

    [9] নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক পথ নিৰ্দেশ কৰিব তেওঁলোকে ঈমান অনাৰ কাৰণে; নিয়ামতেৰে পৰিপূৰ্ণ জান্নাতৰ ফালে তেওঁলোকৰ তলত প্ৰবাহিত হ'ব নদীসমূহ।

    [10] তাত তেওঁলোকৰ ধ্বনি হ’বঃ ‘হে আল্লাহ! তুমি মহান, পৱিত্ৰ’! আৰু তাত তেওঁলোকৰ অভিবাদন হ’ব, ‘ছালাম’ আৰু তেওঁলোকৰ শেষ ধ্বনি হ’বঃ ‘সকলো ধৰণৰ প্ৰশংসা সৃষ্টিজগতৰ ৰব আল্লাহৰ বাবে’।

    [11] আৰু আল্লাহে যদি মানুহৰ অকল্যাণ (প্ৰাৰ্থনাত সহাঁৰি দিওঁতে) খৰখেদা কৰিলেহেঁতেন, যেনেকৈ তেওঁ সিহঁতৰ কল্যাণ (প্ৰাৰ্থনাত সহাঁৰি দিওঁতে) খৰধৰ কৰে, তেন্তে অৱশ্যে সিহঁতৰ মৃত্যুৰ সময় আহি গ’লেহেঁতেন। গতিকে যিসকলে আমাৰ সাক্ষাতৰ আশা পোষণ নকৰে সিহঁতক আমি সিহঁতৰ অবাধ্যতাত উদ্ভ্ৰান্তৰ দৰে ঘূৰি ফুৰিবলৈ এৰি দিওঁ।

    [12] আৰু মানুহক যেতিয়া দুখ-দৈন্যই স্পৰ্শ কৰে তেতিয়া সি শুই, বহি অথবা থিয় হৈ আমাক আহ্বান কৰে। তাৰ পিছত আমি যেতিয়া তাৰ দুখ-দৈন্য দূৰ কৰি দিওঁ, তেতিয়া সি এনেকৈ চলা-ফুৰা কৰে যে তাক আক্ৰান্ত কৰা দুখ-দৈন্যৰ পৰা পৰিত্ৰাণ কৰিবলৈ সি যেনিবা আমাক আহ্বান কৰাই নাছিল। এইদৰেই সীমালংঘনকাৰী সকলৰ কৃতকৰ্ম সিহঁতৰ ওচৰত শোভনীয় কৰি দিয়া হৈছে।

    [13] আৰু অৱশ্যে আমি তোমালোকৰ আগত বহু প্ৰজন্মক ধ্বংস কৰিছো যেতিয়া সিহঁতে যুলুম কৰিছিল; আৰু সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণাদি লৈ আহিছিল, কিন্তু সিহঁতে ঈমান আনিবলৈ প্ৰস্তুত নাছিল। এইদৰে আমি অপৰাধী সম্প্ৰদায়ক প্ৰতিফল দি থাকো।

    [14] তাৰ পিছত আমি তোমালোকক সিহঁতৰ পিছত পৃথিৱীত স্থলাভিষিক্ত কৰিছো, তোমালোকে কেনেকুৱা আমল কৰা সেইটো দেখাৰ বাবে।

    [15] আৰু যেতিয়া আমাৰ সুস্পষ্ট আয়াতসমূহ সিহঁতৰ ওচৰত পাঠ কৰা হয়, তেতিয়া যিসকলে আমাৰ সাক্ষাতৰ আশা পোষণ নকৰে সিহঁতে কয়, ‘ইয়াৰ বাহিৰে আন এখন কোৰআন লৈ আহা, অথবা ইয়াকে পৰিবৰ্তন কৰা’। কোৱা, ‘মোৰ নিজৰ ফালৰ পৰা ইয়াত সাল-সলনি কৰা মোৰ কাম নহয়। মোৰ প্ৰতি যি অহী প্ৰেৰণ কৰা হয় মই কেৱল সেইটোৰহে অনুসৰণ কৰো। নিশ্চয় মই মহা দিৱসৰ শাস্তিৰ পৰা ভয় কৰো যদি মই মোৰ প্ৰতিপালকৰ অবাধ্যতা কৰো’।

    [16] কোৱা, ‘আল্লাহে যদি বিচাৰিলেহেঁতেন তেন্তে ময়ো তোমালোকৰ ওচৰত এইটো তিলাৱত নকৰিলোহেঁতেন আৰু তেৱোঁ তোমালোকক এই বিষয়ে নজনালেহেঁতেন। মইতো ইয়াৰ আগতেও তোমালোকৰ মাজত জীৱনৰ দীৰ্ঘকাল অৱস্থান কৰিছো, তথাপিও তোমালোকে বুজি নোপোৱানে’

    [17] এতেকে যি ব্যক্তিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে বা আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰে সেইজনতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? নিশ্চয় অপৰাধীসকল কেতিয়াও সফল হ’ব নোৱাৰে।

    [18] আৰু সিহঁতে আল্লাহৰ বাহিৰে এনে বস্তুৰ ইবাদত কৰে যিয়ে সিহঁতৰ ক্ষতিও কৰিব নোৱাৰে উপকাৰো কৰিব নোৱাৰে; আৰু সিহঁতে কয়, ‘এইবোৰ আল্লাহৰ ওচৰত আমাৰ ছুপাৰিছকাৰী’। কোৱা, ‘তোমালোকে আল্লাহক আকাশসমূহ আৰু পৃথিৱীৰ এনে কোনো সংবাদ দিয়া নেকি, যি বিষয়ে তেওঁ নাজানে?, তেওঁ মহান, পৱিত্ৰ’, আৰু সিহঁতে যাক অংশী স্থাপন কৰে তাৰ পৰা তেওঁ বহু ঊৰ্দ্ধত।

    [19] আৰু মানুহৰ এটাই উম্মত আছিল, পিছতহে সিহঁতে মতভেদ সৃষ্টি কৰিছে। তোমাৰ প্ৰতিপালকৰ পূৰ্ব-ঘোষণা নাথাকিলে সিহঁতে যি বিষয়ত মতভেদ কৰে তাৰ মীমাংসা হৈয়ে গ’লেহেঁতেন।

    [20] আৰু সিহঁতে কয়, ‘এওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা এওঁৰ ওচৰত কোনো নিদৰ্শন অৱতীৰ্ণ নহয় কিয়’? কোৱা, ‘গায়েবৰ জ্ঞান কেৱল আল্লাহৰ ওচৰত। এতেকে তোমালোকে অপেক্ষা কৰা, ময়ো তোমালোকৰ লগত অপেক্ষা কৰিছো’।

    [21] আৰু দুখ-দন্যই সিহঁতক স্পৰ্শ কৰাৰ পিছত যেতিয়া আমি মানুহক অনুগ্ৰহৰ সোৱাদ দিওঁ তেতিয়াই সিহঁতে আমাৰ আয়াতসমূহৰ বিৰুদ্ধে অপকৌশল কৰে। কোৱা, ‘আল্লাহ কৌশল অৱলম্বনত আৰু বেছি দ্ৰুত’। তোমালোকে যি অপকৌশল কৰা নিশ্চয় আমাৰ ফিৰিস্তাসকলে সেয়া লিখি ৰাখে।

    [22] তেৱেঁই তোমালোকক জল-স্থলত ভ্ৰমণ কৰায়। আনকি তোমালোকে যেতিয়া নৌযানত আৰোহণ কৰি অনুকূল বতাহত আনন্দ উল্লাসেৰে ভ্ৰমণ কৰা আৰু হঠাৎ যেতিয়া প্ৰবল ধুমুহা আহে, আৰু চাৰিওফালৰ পৰা ঢৌ আহিবলৈ ধৰে আৰু সিহঁতে (আৰোহণকাৰীসকলে) নিশ্চিত ধাৰণা কৰে যে, সিহঁত পৰিবেষ্টিত হৈছে, তেতিয়া সিহঁতে সৰল চিত্তে আনুগত্য সহকাৰে কেৱল আল্লাহকেই প্ৰাৰ্থনা কৰে যে, ‘তুমি যদি আমাক ইয়াৰ পৰা ৰক্ষা কৰা, নিশ্চয় আমি কৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত হৈ যাম’।

    [23] তাৰ পিছত তেওঁ যেতিয়া সিহঁতক বিপদমুক্ত কৰে তেতিয়া সিহঁতে পৃথিৱীত অন্যায়ভাৱে সীমালংঘন কৰি থাকে। হে মানৱ! তোমালোকৰ সীমালংঘন কেৱল তোমালোকৰ বিৰুদ্ধেই হয়; পাৰ্থিৱ জীৱনৰ সূখ উপভোগ কৰি লোৱা, পিছত আমাৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন। তেতিয়া আমি তোমালোকক জনাই দিম তোমালোকে কি কৰিছিলা।

    [24] পাৰ্থিৱ জীৱনৰ উদাহৰণ পানীৰ দৰে যিটো আমি আকাশৰ পৰা বৰ্ষণ কৰো, ইয়াৰ দ্বাৰা ভূমিজ উদ্ভিদ ঘন সন্নিবিষ্ট হৈ উৎপন্ন হয়, যিবোৰ মানুহে আৰু জীৱ-জন্তুৱে খায়। তাৰ পিছত যেতিয়া ভূমি সুজলা-সুফলা আৰু মনোমোহা হৈ উঠে আৰু তাৰ গিৰিহঁতে ভাৱে যে, সেইবোৰ সিহঁতৰ আয়ত্তাধীন, তেতিয়া দিনতে হওঁক বা ৰাতিয়ে আমাৰ আদেশ আহি পৰে, তাৰ পিছত আমি সেইটো এনেকৈ নিৰ্মূল কৰি দিওঁ যেনিবা যোৱা কালিও ইয়াৰ কোনো অস্তিত্ব নাছিল। এইদৰে আমি আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰো এনে এটা সম্প্ৰদায়ৰ বাবে যিসকলে চিন্তা-চৰ্চা কৰে।

    [25] আৰু আল্লাহে শান্তিৰ আবাসৰ ফালে আহ্বান কৰে আৰু যাক ইচ্ছা সৰল পথত পৰিচালিত কৰে।

    [26] যিসকলে ইহছানৰ সৈতে আমল কৰে (উত্তমৰূপে কাম কৰে) তেওঁলোকৰ বাবে আছে জান্নাত বৰং আৰু বেছি। মলিনতা আৰু হীনতাই তেওঁলোকৰ মুখমণ্ডলক আচ্ছন্ন নকৰিব। তেওঁলোকেই জান্নাতৰ অধিবাসী, তাত তেওঁলোক চিৰস্থায়ী হ’ব।

    [27] আৰু যিসকলে বেয়া কাম কৰে, প্ৰতিটো বেয়া কামৰ প্ৰতিদান হ’ব সেই অনুপাতেই আৰু হীনতাই সিহঁতক আচ্ছন্ন কৰিব; আল্লাহৰ পৰা সিহঁতক ৰক্ষা কৰিবলৈ কোনো নাই; সিহঁতৰ মুখমণ্ডল এনেকৈ অন্ধকাৰাচ্ছন্ন হৈ থাকিব যেনিবা ৰাতিৰ অন্ধকাৰৰ আৱৰণে সিহঁতক ছাটি ধৰিছে। সিহঁতেই জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰস্থায়ী হ’ব।

    [28] আৰু যিদিনা আমি সিহঁত সকলোকে একত্ৰিত কৰি মুশ্বৰিকসকলক সুধিম, ‘তোমালোকে আৰু তোমালোকে যিসকলক অংশী কৰিছিলা সিহঁত (আটায়ে) নিজ নিজ স্থানত অৱস্থান কৰা’; তাৰ পিছত আমি সিহঁতক পৰস্পৰৰ পৰা পৃথক কৰি দিম আৰু সিহঁতে যিবোৰক অংশী কৰিছিল সিহঁতে ক’ব, ‘তোমালোকে আমাৰ ইবাদত কৰা নাছিলা’।

    [29] ‘এতেকে আল্লাহেই আমাৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে যথেষ্ট যে, তোমালোকে যদিও আমাৰ ইবাদত কৰিছিলা কিন্তু এই বিষয়ে আমি অজ্ঞাত আছিলো’।

    [30] তাত সিহঁত প্ৰত্যেকেই নিজৰ পূৰ্ব কৃতকৰ্ম পৰীক্ষা কৰি লব আৰু সিহঁতক সিহঁতৰ প্ৰকৃত অভিভাৱক আল্লাহৰ ওচৰলৈ উভতাই নিয়া হ’ব আৰু সিহঁতৰ উদ্ভাৱিত মিছা আৰোপীসকল সিহঁতৰ পৰা আঁতৰি যাব।

    [31] কোৱা, ‘কোনে তোমালোকক আকাশ আৰু পৃথিৱীৰ পৰা জীৱনোপকৰণ সৰবৰাহ কৰে অথবা শ্ৰৱণ আৰু দৃষ্টিশক্তি কাৰ কৰ্তৃত্বাধীন; জীৱিতৰ পৰা মৃতক কোনে উলিয়ায় আৰু মৃতক জীৱিতৰ পৰা কোনে উলিয়ায় আৰু সকলো বিষয় কোনে নিয়ন্ত্ৰণ কৰে’? তেতিয়া সিহঁতে অৱশ্যে ক’ব, ‘আল্লাহ’। এতেকে কোৱা, ‘তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’

    [32] এতেকে তেৱেঁই আল্লাহ, তোমালোকৰ প্ৰকৃত ৰব। সত্য ত্যাগ কৰাৰ পিছত বিভ্ৰান্তিৰ বাহিৰে আন কি থাকিব পাৰে? গতিকে তোমালোকক কোন ফালে আঁতৰাই নিয়া হৈছে

    [33] যিসকলে অবাধ্য হৈছে এইদৰেই সিহঁতৰ বিষয়ে তোমাৰ প্ৰতিপালকৰ বাণী সত্য প্ৰতিপন্ন হৈছে যে, সিহঁতে ঈমান পোষণ নকৰিব।

    [34] কোৱা, ‘তোমালোকে যিসকলক অংশী স্থাপন কৰা সিহঁতৰ মাজত এনেকুৱা কোনোবা আছে নেকি যিয়ে সৃষ্টিক অস্তিত্বত আনে আৰু পিছত সেইটোৰ পুনৰাবৃত্তি ঘটায়’? কোৱা, ‘কেৱল আল্লাহেই সৃষ্টিক অস্তিত্বত আনে আৰু পিছত সেইটোৰ পুনৰাবৃত্তি ঘটাব’। গতিকে (সত্যৰ পৰা) তোমালোকক কোন পিনে উভতাই নিয়া হৈছে।

    [35] কোৱা, ‘তোমালোকে যিসকলক অংশী স্থাপন কৰা সিহঁতৰ মাজত এনে কোনোবা আছে নেকি যিয়ে সত্যৰ পথ নিৰ্দেশ কৰে’? কোৱা, ‘আল্লাহেই সত্যৰ পথ নিৰ্দেশ কৰে। তেনেহ’লে (কোৱাচোন) আনুগত্যৰ বেছি হকদাৰ কোন? যিজনে সত্যৰ পথ নিৰ্দেশ দিয়ে তেওঁ, নে যাক পথ নেদেখুৱালে পথ বিচাৰি নাপায় সেইজন? এতেকে তোমালোকৰ কি হৈছে? তোমালোকে কেনেকুৱা বিচাৰ কৰা

    [36] আৰু সিহঁতৰ অধিকাংশই কেৱল অনুমানৰহে অনুসৰণ কৰে, অথচ সত্যৰ বিপৰীতে ধাৰণা কোনো কামত নাহে, সিহঁতে যি কৰে নিশ্চয় আল্লাহ সেই বিষয়ে সবিশেষ অৱগত।

    [37] আৰু এই কোৰআন আল্লাহৰ বাহিৰে আন কাৰো ৰচনা হোৱা সম্ভৱ নহয়। বৰং ইয়াৰ আগত যি অৱতীৰ্ণ হৈছে এইটো তাৰ সত্যতা সাব্যস্তকাৰী আৰু আল-কিতাবৰ বিশদ ব্যাখ্যা। ইয়াত কোনো সন্দেহ নাই যে, এইটো সৃষ্টিজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা (অৱতীৰ্ণ)।

    [38] সিহঁতে এইটো কয় নেকি যে, ‘তেওঁ নিজেই এইটো ৰচনা কৰিছে’? কোৱা, ‘তেন্তে তোমালোকে ইয়াৰ অনুৰূপ এটা ছুৰা লৈ আহা আৰু আল্লাহৰ বাহিৰে আন যাক ইচ্ছা মাতি লোৱা, যদি তোমালোকে সত্যবাদী হোৱা’।

    [39] বৰং সিহঁতে যি বিষয়ৰ জ্ঞান আয়ত্ত কৰা নাই সেইবোৰ সিহঁতে অস্বীকাৰ কৰিছে, আৰু যাৰ প্ৰকৃত পৰিণতি এতিয়াও সিহঁতৰ ওচৰত আহি পোৱা নাই। এইদৰেই সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল, গতিকে চোৱা, যালিমসকলৰ কি পৰিণাম হৈছিল।

    [40] আৰু সিহঁতৰ কিছুমানে ইয়াৰ প্ৰতি ঈমান পোষণ কৰে আৰু কিছুমানে ইয়াৰ প্ৰতি ঈমান পোষণ নকৰে, আৰু তোমাৰ প্ৰতিপালক ফাছাদ সৃষ্টিকাৰীসকলৰ বিষয়ে ভালদৰেই অৱগত।

    [41] আৰু সিহঁতে যদি তোমাৰ প্ৰতি মিছা আৰোপ কৰে তেন্তে তুমি কোৱা, মোৰ কামৰ দায়িত্ব মোৰ ওপৰত আৰু তোমালোকৰ কামৰ দায়িত্ব তোমালোকৰ ওপৰত। মই যি কৰো সেই বিষয়ে তোমালোক দায়মুক্ত আৰু তোমালোকে যি কৰা সেই বিষয়ে মই দায়মুক্ত।

    [42] আৰু সিহঁতৰ কিছুমানে তোমাৰ প্ৰতি কাণ পাতি থাকে। কিন্তু তুমি বধিৰ বিলাকক কিবা শুনাব পাৰিবানে যদিও সিহঁতে একো বুজি নাপায়

    [43] আৰু সিহঁতৰ কিছুমানে তোমাৰ প্ৰতি চাই থাকে। কিন্তু সিহঁতে নেদেখিলে তুমি অন্ধক পথ দেখুৱাব পাৰিবানে

    [44] নিশ্চয় আল্লাহে মানুহৰ প্ৰতি কোনো অন্যায় নকৰে, বৰং মানুহেই নিজৰ প্ৰতি অন্যায় কৰি থাকে।

    [45] আৰু যিদিনা তেওঁ সিহঁতক একত্ৰিত কৰিব (সেই দিনা সিহঁতৰ এনে লাগিব যেনিবা পৃথিৱীত) কেৱল সিহঁতৰ অৱস্থিতি দিনৰ মুহুৰ্ত্তকাল মাত্ৰ আছিল; সিহঁতে পৰস্পৰক চিনি পাব। অৱশ্যে সিহঁত ক্ষতিগ্ৰস্ত হৈছে যিসকলে আল্লাহৰ সাক্ষাতৰ বিষয়ে মিছা আৰোপ কৰিছে আৰু সিহঁত সৎপথ প্ৰাপ্ত নাছিল।

    [46] আৰু আমি সিহঁতক যি (শাস্তিৰ) প্ৰতিশ্ৰুতি দিছো তাৰে অলপ যদি তোমাক (পৃথিৱীতে) দেখুৱাই দিওঁ অথবা (সিহঁতৰ ওপৰত সেয়া অহাৰ আগতেই) তোমাক মৃত্যু প্ৰদান কৰো, তথাপিও সিহঁত আমাৰ ওচৰতেই উভতি আহিব লাগিব; তদুপৰি সিহঁতে যি কৰে আল্লাহেই তাৰ সাক্ষী।

    [47] আৰু প্ৰত্যেক উম্মতৰ বাবেই আছে একোজনকৈ ৰাছুল। এতেকে যেতিয়া সিহঁতৰ ওচৰত ৰাছুল আহে তেতিয়া সিহঁতৰ মাজত ন্যায়ভিত্তিক মীমাংসা কৰা হয় আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহয়।

    [48] আৰু সিহঁতে কয়, ‘যদি তোমালোকে সত্যবাদী হোৱা, (তেন্তে কোৱা) এই প্ৰতিশ্ৰুতি কেতিয়া পূৰ্ণ হ’ব’

    [49] কোৱা, ‘আল্লাহে যি ইচ্ছা কৰে তাৰ বাহিৰে মোৰ নিজৰ কোনো অপকাৰ বা উপকাৰ কৰাৰো অধিকাৰ নাই। প্ৰত্যেক উম্মতৰ বাবেই এটা নিৰ্দিষ্ট সময় আছে; যেতিয়া সিহঁতৰ সময় আহিব তেতিয়া সিহঁতে মুহুৰ্ত্তকালো পিছুৱাব বা আগুৱাব নোৱাৰিব’।

    [50] কোৱা, ‘তোমালোকে কি ভৱা কোৱাচোন, যদি তেওঁৰ শাস্তি তোমালোকৰ ওপৰত ৰাতিতে বা দিনতেই আহি পৰে, তেন্তে অপাৰধীসকলে তাৰ কোনটো অংশ অতিসোনকালে পাব বিচাৰে’

    [51] তেন্তে তোমালোকে এইটো সংঘটিত হোৱাৰ পিছত ঈমান আনিবা নেকি? এতিয়া?! অথচ তোমালোকে ইয়াৰ আগমনৰ বাবেই খৰখেদা কৰিছিলা।

    [52] তাৰ পিছত যালিমসকলক কোৱা হ’ব, ‘স্থায়ী শাস্তিৰ সোৱাদ লোৱা; তোমালোকে যি কৰিছিলা তোমালোকক কেৱল তাৰেই প্ৰতিফল দিয়া হৈছে’।

    [53] আৰু সিহঁতে তোমাৰ ওচৰত জানিব বিচাৰে যে, ‘এইটো সঁচাই নেকি’? কোৱা, ‘হয়, মোৰ প্ৰতিপালকৰ শপত! এইটো অৱশ্যে সত্য আৰু তোমালোকে কেতিয়াও প্ৰতিৰোধ কৰিব নোৱাৰিবা’।

    [54] পৃথিৱীত যি আছে সেয়া যদি প্ৰত্যেক যুলুমকাৰী ব্যক্তিৰ হৈ যায়, তেন্তে সি মুক্তিৰ বিনিময়ত সেইবোৰ দি দিব আৰু অনুতাপ গোপন কৰিব যেতিয়া সিহঁতে শাস্তি প্ৰত্যক্ষ কৰিব। তথাপিও সিহঁতৰ মীমাংসা ন্যায়ভিত্তিক কৰা হ’ব আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।

    [55] জানি থোৱা! আকাশসমূহ আৰু পৃথিৱীত যি আছে সেয়া আল্লাহৰেই। জানি থোৱা! আল্লাহৰ প্ৰতিশ্ৰুতি সত্য, কিন্তু সিহঁতৰ অধিকাংশই নাজানে।

    [56] তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু প্ৰদান কৰে আৰু তেওঁৰ ওচৰতেই তোমালোকক উভতাই নিয়া হ’ব।

    [57] হে মানৱ! তোমালোকৰ প্ৰতি তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা উপদেশ আহিছে আৰু ই অন্তৰত যি (ব্যাধি) আছে তাৰ প্ৰতিষেধক আৰু মুমিনসকলৰ বাবে হিদায়ত আৰু ৰহমত।

    [58] কোৱা, ‘এইটো আল্লাহৰ অনুগ্ৰহত আৰু তেওঁৰ কৃপাত; এতেকে সিহঁতে এই বিষয়ে আনন্দিত হোৱা উচিত’। সিহঁতে যি পুঞ্জীভূত কৰে তাতকৈয়ো এইটো উত্তম।

    [59] কোৱা, ‘এই বিষয়ে কি কোৱা তোমালোকে, আল্লাহে তোমালোকক যি জীৱিকা প্ৰদান কৰিছে তাৰ পৰা তোমালোকে কিছুমানক হালাল আৰু আন কিছুমানক হাৰাম কৰিছা’, কোৱা, ‘আল্লাহে তোমালোকক ইয়াৰ অনুমতি দিছে নেকি, নে তোমালোকে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰা’

    [60] আৰু যিসকলে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে, কিয়ামত দিৱস সম্পৰ্কে সিহঁতৰ ধাৰণা কি? নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহপৰায়ণ, কিন্তু সিহঁতৰ অধিকাংশই কৃতজ্ঞতা প্ৰকাশ নকৰে।

    [61] আৰু তুমি যি অৱস্থাতেই নথকা কিয় আৰু তুমি সেই সম্পৰ্কে কোৰআনৰ পৰা যিটোৱেই তিলাৱত কৰা আৰু তোমালোকে যি আমলেই নকৰা কিয়, আমি তোমালোকৰ সাক্ষী থাকো, যেতিয়া তোমালোকে তাত প্ৰবৃত্ত হোৱা। আকাশসমূহ আৰু পৃথিৱীৰ অণু পৰিমাণ বস্তুও তোমাৰ প্ৰতিপালকৰ দৃষ্টিৰ অগোচৰ নহয় আৰু তাতকৈয়ো ক্ষুদ্ৰ বা বৃহত একোৱেই নাই যিটো সুস্পষ্ট কিতাবত নাই।

    [62] জানি থোৱা! আল্লাহৰ বন্ধুসকলৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।

    [63] যিসকলে ঈমান আনিছে আৰু তেওঁলোকে তাক্বৱা অৱলম্বন কৰিছিল।

    [64] তেওঁলোকৰ বাবেই আছে সুসংবাদ পৃথিৱীৰ জীৱনত আৰু আখিৰাতত, আল্লাহৰ বাণীৰ কোনো পৰিবৰ্তন নাই; এইটোৱেই মহাসফলতা।

    [65] আৰু সিহঁতৰ কথাই তোমাক যাতে চিন্তিত নকৰে। নিশ্চয় সকলো ধৰণৰ সন্মান-মৰ্যাদা কেৱল আল্লাহৰ বাবেই; তেওঁ সৰ্বশ্ৰোতা সৰ্বজ্ঞ।

    [66] জানি থোৱা! নিশ্চয় যিসকলে আকাশত আছে আৰু যিসকল পৃথিৱীত আছে সিহঁত আল্লাহৰেই। যিসকলে আল্লাহৰ বাহিৰে আনক শ্বৰীকৰূপে আহ্বান কৰে, সিহঁতে কিহৰ অনুসৰণ কৰে? সিহঁতে কেৱলমাত্ৰ ধাৰণাৰ অনুসৰণ কৰে আৰু সিহঁত কেৱল মিছা কথাহে কয়।

    [67] তেৱেঁই সেই সত্তা, যিজনে তোমালোকৰ বাবে সৃষ্টি কৰিছে ৰাতি, যাতে তোমালোকে বিশ্ৰাম কৰিব পাৰা আৰু দেখিবলৈ (সৃষ্টি কৰিছে) দিন। যি সম্প্ৰদায়ে কথা শুনে নিশ্চয় সিহঁতৰ বাবে ইয়াত আছে বহু নিদৰ্শন।

    [68] সিহঁতে কয়, ‘আল্লাহে সন্তান গ্ৰহণ কৰিছে’। তেওঁ মহান পৱিত্ৰ! তেওঁ অভাৱমুক্ত! আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। এই বিষয়ে তোমালোকৰ ওচৰত কোনো প্ৰমাণ নাই। তোমালোকে আল্লাহ সম্পৰ্কে এনে কথা কোৱা নেকি যিটো তোমালোকে নিজেই নাজানা

    [69] কোৱা, ‘যিসকলে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰিব সিহঁত কেতিয়াও সফল হ’ব নোৱাৰিব’।

    [70] পৃথিৱীতেই সিহঁতৰ বাবে আছে অলপ ভোগসামগ্ৰী; তাৰ পিছত আমাৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন। তেতিয়া আমি সিহঁতক কঠোৰ শাস্তিৰ সোৱাদ ভোগ কৰাম; কাৰণ সিহঁতে কুফৰী কৰিছিল।

    [71] আৰু সিহঁতক নূহৰ সংবাদ পাঠ কৰি শুনোৱা। তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘হে মোৰ সম্প্ৰদায়! মোৰ অৱস্থিতি আৰু আল্লাহৰ আয়াতসমূহৰ দ্বাৰা মোৰ উপদেশ প্ৰদান কৰা তোমালোকৰ ওচৰত যদি অসহ্য হয় তেন্তে মইতো কেৱল আল্লাহৰ ওপৰতেই নিৰ্ভৰ কৰো। এতেকে তোমালোকে নিজৰ কৰ্তব্য স্থিৰ কৰি লোৱা আৰু তোমালোকে যিসকলক অংশী কৰিছা সিহঁতকো মাতা, পিছত যাতে কৰ্তব্য বিষয়ত তোমালোকৰ কোনো অস্পষ্টতা নাথাকে। তাৰ পিছত মোৰ বিষয়ে তোমালোকৰ যি কৰিবলগীয়া আছে কৰা আৰু মোক অকণো অৱকাশ নিদিবা’।

    [72] ‘তথাপিও যদি তোমালোকে মোৰ পৰা ফালৰি কাটি যোৱা তেন্তে মইতো তোমালোকৰ ওচৰত কোনো পাৰিশ্ৰমিক বিচৰা নাই, মোৰ পাৰিশ্ৰমিক আছে কেৱল আল্লাহৰ ওচৰত, আৰু মই মুছলিমসকলৰ অন্তৰ্ভুক্ত হ’বলৈ আদেশপ্ৰাপ্ত হৈছো’।

    [73] অৱশেষত সিহঁতে তেওঁৰ প্ৰতি মিছা আৰোপ কৰিলে; ফলত আমি তেওঁক আৰু তেওঁৰ সৈতে যিসকলে নাৱঁত আৰোহণ কৰিছিল তেওঁলোকক নাজাত দিলো আৰু তেওঁলোকক স্থলাভিষিক্ত কৰিলো; আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল সিহঁতক ডুবাই মাৰিলো। গতিকে চোৱা, যিসকলক সতৰ্ক কৰা হৈছিল সিহঁতৰ কেনেকুৱা পৰিণাম হৈছিল

    [74] নূহৰ পিছত আমি বহুতো ৰাছুল সিহঁতৰ সম্প্ৰদায়ৰ ওচৰত প্ৰেৰণ কৰিছো; এতেকে তেওঁলোকে সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণাদিসহ আহিছিল। কিন্তু সিহঁতে আগতেই যিটো অস্বীকাৰ কৰিছিল তাত ঈমান আনিবলৈ সিহঁত প্ৰস্তুত নাছিল। এইদৰেই আমি সীমালংঘনকাৰীসকলৰ হৃদয়ত মোহৰ মাৰি দিওঁ।

    [75] তাৰ পিছত আমি মুছা আৰু হাৰুনক আমাৰ নিদৰ্শনসহ ফিৰআউন আৰু তাৰ পৰিষদবৰ্গৰ ওচৰলৈ প্ৰেৰণ কৰিছো। কিন্তু সিহঁতে অহংকাৰ কৰিলে কাৰণ সিহঁত আছিল অপৰাধী সম্প্ৰদায়।

    [76] এতেকে যেতিয়া সিহঁতৰ ওচৰত আমাৰ তৰফৰ পৰা সত্য আহিল তেতিয়া সিহঁতে ক’লে, ‘এয়া নিশ্চয় স্পষ্ট যাদু’।

    [77] মুছাই ক’লে, ‘সত্য যিহেতু তোমালোকৰ ওচৰত আহিল এতিয়া তোমালোকে এইদৰে (যাদু বুলি) কৈ আছা? এইটো যাদু নেকি? অথচ যাদুকৰসকলে কেতিয়াও সফল নহয়’।

    [78] সিহঁতে ক’লে, ‘আমি আমাৰ পিতৃ পুৰুষসকলক য’ত পাইছো তুমি তাৰ পৰা আমাক বিচ্যুত কৰাৰ বাবে আমাৰ ওচৰলৈ আহিছা নেকি আৰু যাতে পৃথিৱীত তোমালোক দুজনৰ প্ৰতিপত্তি হয় তাৰ বাবে আহিছা নেকি? আমি তোমালোক উভয়কে বিশ্বাস নকৰো’।

    [79] আৰু ফিৰআউনে ক’লে, ‘তোমালোকে মোৰ ওচৰত সকলো সুদক্ষ যাদুকৰক লৈ আহা’।

    [80] এতেকে যেতিয়া যাদুকৰসকল আহিল তেতিয়া মুছাই ক’লে, ‘তোমালোকৰ যি নিক্ষেপ কৰিবলগীয়া আছে নিক্ষেপ কৰা’।

    [81] ফলত যেতিয়া সিহঁতে নিক্ষেপ কৰিলে, তেতিয়া মুছাই ক’লে, ‘তোমালোকে যি লৈ আহিছা সেয়া হৈছে যাদু, নিশ্চয় আল্লাহে সেয়া অসাৰ (বাতিল) কৰি দিব। নিশ্চয় আল্লাহে অশান্তি সৃষ্টিকাৰীসকলৰ কৰ্মক সাৰ্থক নকৰে’।

    [82] আৰু অপৰাধীসকলে অপ্ৰীতিকৰ বুলি অনুভৱ কৰিলেও আল্লাহে তেওঁৰ বাণীৰ দ্বাৰা সত্যক প্ৰতিষ্ঠিত কৰিব।

    [83] কিন্তু ফিৰআউন আৰু তাৰ পৰিষদবৰ্গই নিৰ্যাতন কৰিব বুলি আশংকা কৰি মুছাৰ সম্প্ৰদায়ৰ এটা সৰু যুৱক দলৰ বাহিৰে আন কোনেও তেওঁৰ প্ৰতি ঈমান আনা নাছিল। কাৰণ ফিৰআউন আছিল পৃথিৱীত শক্তিশালী আৰু সি নিশ্চয় সীমালংঘনকাৰী সকলৰ অন্তৰ্ভুক্ত আছিল।

    [84] আৰু মুছাই ক’লে, ‘হে মোৰ সম্প্ৰদায়! যদি তোমালোকে আল্লাহৰ ওপৰত ঈমান আনিছা, তেন্তে তোমালোকে কেৱল তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰা, যদি তোমালোকে (প্ৰকৃত) মুছলিম’।

    [85] তেতিয়া সিহঁতে ক’লে, ‘আমি আল্লাহৰ ওপৰতেই নিৰ্ভৰ কৰিলো। হে আমাৰ ৰব! তুমি আমাক যালিম সম্প্ৰদায়ৰ উৎপীড়নৰ পাত্ৰ নকৰিবা’।

    [86] ‘আৰু আমাক তোমাৰ অনুগ্ৰহৰ দ্বাৰা কাফিৰ সম্প্ৰদায়ৰ পৰা ৰক্ষা কৰা’।

    [87] আমি মুছা আৰু তেওঁৰ ভাতৃৰ ওচৰত অহী প্ৰেৰণ কৰিলো যে, ‘মিচৰত তোমাৰ সম্প্ৰদায়ৰ বাবে কিছুমান ঘৰ তৈয়াৰ কৰা আৰু তোমালোকৰ ঘৰবোৰক ‘কিবলা’ তথা ইবাদতৰ স্থান কৰি লোৱা, আৰু ছালাত কায়েম কৰা আৰু মুমিনসকলক সুসংবাদ দিয়া’।

    [88] মুছাই ক’লে, ‘হে আমাৰ ৰব! তুমিয়েই ফিৰআউন আৰু তাৰ পৰিষদবৰ্গক পাৰ্থিৱ জীৱনত সৌন্দৰ্য আৰু ধন-সম্পদ প্ৰদান কৰিছা, হে আমাৰ ৰব! সিহঁতে ইয়াৰ দ্বাৰাই মানুহক তোমাৰ পথৰ পৰা ভ্ৰষ্ট কৰে। হে আমাৰ ৰব! সিহঁতৰ সম্পদ বিনষ্ট কৰা, আৰু সিহঁতৰ হৃদয় কঠিন কৰি দিয়া, ফলত সিহঁতে যন্ত্ৰণাদায়ক শাস্তি প্ৰত্যক্ষ নকৰা লৈকে ঈমান পোষণ নকৰিব’।

    [89] তেওঁ ক’লে, ‘তোমালোক দুয়োৰে দুআ কবুল কৰা হ’ল। এতেকে তোমালোক দৃঢ় হৈ থাকা আৰু তোমালোকে কেতিয়াও নজনাসকলৰ পথ অনুসৰণ নকৰিবা’।

    [90] আৰু আমি বনী ঈছৰাইলক সাগৰ পাৰ কৰালো। ফিৰআউন আৰু তাৰ সৈন্যবাহিনীয়ে ঔদ্ধত্য সহকাৰে আৰু সীমালংঘন কৰি তেওঁলোকৰ পিছ ল’লে। অৱশেষত যেতিয়া সি ডুবিবলৈ ধৰিলে তেতিয়া ক’লে, ‘মই ঈমান আনিলো যে, নিশ্চয় তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, যাৰ প্ৰতি বনী ঈছৰাইলে ঈমান আনিছে, আৰু মই মুছলিমসকলৰ অন্তৰ্ভুক্ত’।

    [91] এতিয়া! অথচ ইয়াৰ পূৰ্বে তুমি অমান্য কৰিছিলা আৰু তুমি অশান্তি সৃষ্টিকাৰী সকলৰ অন্তৰ্ভুক্ত আছিলা।

    [92] ‘এতেকে আজি আমি তোমাৰ শৰীৰটো ৰক্ষা কৰিম যাতে তুমি তোমাৰ পৰবৰ্তীসকলৰ বাবে নিদৰ্শন হৈ থাকা। নিশ্চয় মানুহৰ মাজত বহুতেই আমাৰ নিদৰ্শন সম্পৰ্কে উদাসীন’।

    [93] আৰু অৱশ্যে আমি বনী ইছৰাঈলক উৎকৃষ্ট আবাস ভূমিত বসবাস কৰি দিছিলো আৰু আমি সিহঁতক উত্তম জীৱিকা প্ৰদান কৰিছিলো, তথাপিও সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছত সিহঁতে বিভেদ সৃষ্টি কৰিছিল। নিশ্চয় সিহঁতে যি বিষয়ে বিভেদ সৃষ্টি কৰিছিল তোমাৰ প্ৰতিপালকে সিহঁতৰ মাজত কিয়ামতৰ দিনা সেইটোৰ মীমাংসা কৰি দিব।

    [94] এতেকে আমি যি অৱতীৰ্ণ কৰিছো সেই বিষয়ে যদি তুমি সন্দেহ পোষণ কৰা তেন্তে তোমাৰ পূৰ্বৰ কিতাব যিসকলে পাঠ কৰে সিহঁতক সুধি লোৱা; নিশ্চয় তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ ওচৰত সত্য আহিছে। সেয়ে তুমি কেতিয়াও সন্দেহ পোষণকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’বা।

    [95] আৰু যিসকলে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে তুমি কেতিয়াও সিহঁতৰ অন্তৰ্ভুক্ত নহ’বা- অন্যথা তুমিও ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাবা।

    [96] নিশ্চয় যিসকলৰ বিৰুদ্ধে তোমাৰ প্ৰতিপালকৰ বাণী সাব্যস্ত হৈ গৈছে, সিহঁতে ঈমান পোষণ নকৰিব।

    [97] যদিও সিহঁতৰ ওচৰত সকলো নিদৰ্শন আহি যায় তথাপিও সিহঁতে যন্ত্ৰণাদায়ক শাস্তি নেদেখা লৈকে (ঈমান পোষণ নকৰিব)।

    [98] এতেকে কোনো এটা জনপদবাসী কিয় এনেকুৱা নহ’ল যিসকলে ঈমান আনিলে হয় আৰু সিহঁতৰ ঈমান সিহঁতৰ উপকাৰত আহিলেহেঁতেন? কিন্তু ইউনুছৰ সম্প্ৰদায়ৰ বাহিৰে, সিহঁতে যেতিয়া ঈমান আনিলে তেতিয়া আমি সিহঁতৰ পৰা পাৰ্থিৱ জীৱনৰ লাঞ্ছনামূলক শাস্তি দূৰ কৰিলো আৰু সিহঁতক কিছু সময়ৰ বাবে জীৱনোপভোগ কৰিবলৈ দিলো।

    [99] আৰু তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে পৃথিৱীত যিসকল আছে সিহঁত সকলোৱেই ঈমান আনিলেহেঁতেন; তেন্তে তুমি মানুহক মুমিন হ’বলৈ বাধ্য কৰাবা নেকি

    [100] আৰু আল্লাহৰ অনুমতিবিহীন কাৰো পক্ষে ঈমান পোষণ কৰা সম্ভৱ নহয় আৰু যিসকলে নুবুজে আল্লাহে সিহঁতকেই কলুষলিপ্ত কৰে।

    [101] কোৱা, ‘আকাশসমূহ আৰু পৃথিৱীত যি আছে সেইবোৰৰ প্ৰতি লক্ষ্য কৰা; আৰু যিসকলে ঈমান পোষণ নকৰে, নিদৰ্শনাৱলী আৰু ভীতি প্ৰদৰ্শন এনেকুৱা সম্প্ৰদায়ৰ কোনো কামত নাহে’।

    [102] তেন্তে সিহঁতে কেৱল সিহঁতৰ পূৰ্বে যি ঘটিছে সেই অনুৰূপ ঘটনাৰ প্ৰতীক্ষা কৰে নেকি? কোৱা, ‘তোমালোকে প্ৰতীক্ষা কৰা, ময়ো তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছো’।

    [103] তাৰ পিছত আমি আমাৰ ৰাছুলসকলক আৰু যিসকলে ঈমান আনিছে তেওঁলোকক উদ্ধাৰ কৰিছো। এইদৰে মুমিনসকলক উদ্ধাৰ কৰা আমাৰ দায়িত্ব।

    [104] কোৱা, ‘হে মানৱ! তোমালোকে যদি মোৰ দ্বীন সম্পৰ্কে সন্দেহ পোষণ কৰা তেন্তে জানি থোৱা! তোমালোকে আল্লাহৰ বাহিৰে যিসকলৰ ইবাদত কৰা মই সিহঁতৰ ইবাদত নকৰো। বৰং মই ইবাদত কৰো আল্লাহৰ যিজনে তোমালোকক মৃত্যু প্ৰদান কৰে আৰু মই আদিষ্ট হৈছো যে মই যাতে মুমিনসকলৰ অন্তৰ্ভুক্ত হওঁ’।

    [105] আৰু (এই নিৰ্দেশ) যে, তুমি একনিষ্ঠভাৱে নিজকে দ্বীনৰ ওপৰত প্ৰতিষ্ঠিত ৰাখা আৰু কেতিয়াও মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহ’বা।

    [106] আৰু তুমি আল্লাহৰ বাহিৰে আন কাকো আহ্বান নকৰিবা, যিবোৰে তোমাৰ কোনো উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে; আৰু যদি তুমি এনেকুৱা কৰা তেন্তে নিশ্চয় তুমি যালিমসকলৰ অন্তৰ্ভুক্ত হ’বা।

    [107] আৰু যদি আল্লাহে তোমাক কোনো ক্ষতিৰ স্পৰ্শ কৰায়, তেন্তে তেওঁৰ বাহিৰে আন কোনেও সেইটো দূৰ কৰিব নোৱাৰে; আৰু যদি আল্লাহে তোমাৰ মঙ্গল বিচাৰে, তেন্তে তেওঁৰ অনুগ্ৰহ প্ৰতিহত কৰিবলৈয়ো কোনো নাই। তেওঁৰ বান্দাসকলৰ মাজৰ যাক ইচ্ছা তাৰ ওচৰতেই সেইটো পৌঁচাই দিয়ে; আৰু তেওঁ পৰম ক্ষমাশীল, অতি দয়লু।

    [108] কোৱা, ‘হে মানৱ! অৱশ্যে তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত সত্য আহি পাইছে। গতিকে যিয়ে সৎপথ অৱলম্বন কৰিব সি নিজৰ মঙ্গলৰ বাবেই সৎপথ ধৰিব আৰু যিয়ে পথভ্ৰষ্ট হ’ব সি নিজৰ ধ্বংসৰ বাবেই পথভ্ৰষ্ট হ’ব; আৰু মই তোমালোকৰ ওপৰত কৰ্মবিধায়ক নহয়’।

    [109] আৰু তোমাৰ প্ৰতি যি অহী অৱতীৰ্ণ হৈছে তুমি কেৱল তাৰেই অনুসৰণ কৰা আৰু আল্লাহে ফয়চালা নকৰা লৈকে তুমি ধৈৰ্য ধাৰণ কৰা, আৰু তেৱেঁই সৰ্বোত্তম ফয়চালা প্ৰদানকাৰী।

    Surah 11
    হুদ

    [1] আলিফ-লাম-ৰা, এইটো এনে এখন কিতাব যাৰ আয়াতসমূহ সুস্পষ্ট, সুবিন্যস্ত আৰু পিছত বিশদভাৱে বিবৃত প্ৰজ্ঞাময়, সবিশেষ অৱহিত সত্তাৰ তৰফৰ পৰা

    [2] যে, তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা, নিশ্চয় মই তেওঁৰ তৰফৰ পৰা তোমালোকৰ বাবে সতৰ্ককাৰী আৰু সুসংবাদদাতা।

    [3] লগতে তোমালোকে নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, তাৰ পিছত তেওঁৰ পিনে উভতি আহা, তেওঁ তোমালোকক এটা নিৰ্দিষ্ট সময়ৰ এটা উত্তম জীৱন উপভোগ কৰিবলৈ দিব আৰু তেওঁ প্ৰত্যেক গুণী ব্যক্তিক তাৰ প্ৰাপ্য মৰ্যাদা প্ৰদান কৰিব; আৰু যদি তোমালোকে মুখ ঘূৰাই লোৱা, তেন্তে নিশ্চয় মই তোমালোকৰ ওপৰত মহা দিৱসৰ শাস্তিৰ আশংকা কৰো।

    [4] আল্লাহৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

    [5] জানি থোৱা! সিহঁতে তেওঁৰ পৰা গোপন কৰিবলৈ সিহঁতৰ বুকু জপাই ৰাখে। জানি থোৱা! সিহঁতে যেতিয়া নিজকে বস্ত্ৰৰ দ্বাৰা আচ্ছাদিত কৰে তেতিয়া সিহঁতে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে, তেওঁ সেয়াও জানে। অন্তৰত যি আছে, নিশ্চয় তেওঁ সেই বিষয়ে সবিশেষ অৱগত।

    [6] আৰু পৃথিৱীত বিচৰণকাৰী প্ৰতিটো প্ৰাণীৰ জীৱিকাৰ দায়িত্ব কেৱল আল্লাহৰেই আৰু তেওঁ সেইবোৰৰ স্থায়ী ও অস্থায়ী অৱস্থিতি সম্পৰ্কে অৱহিত; প্ৰতিটো বিষয় সুস্পষ্ট কিতাবত আছে।

    [7] আৰু তেৱেঁই আকাশসমূহ আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে; আৰু তেওঁৰ আৰশ্ব আছিল পানীৰ ওপৰত, তোমালোকৰ মাজত আমলত কোন শ্ৰেষ্ঠ সেয়া পৰীক্ষা কৰাৰ বাবে, আৰু তুমি যদি কোৱা যে, ‘নিশ্চয় মৃত্যুৰ পিছত তোমালোকক পুনৰুত্থান কৰা হ’ব’, তেতিয়া কাফিৰসকলে অৱশ্যে ক’ব, ‘এয়া স্পষ্ট যাদু’।

    [8] আৰু যদি নিৰ্দিষ্ট সময়ৰ বাবে আমি সিহঁতৰ পৰা শাস্তি স্থগিত ৰাখো তেন্তে সিহঁতে অৱশ্যে ক’ব, ‘কিহে ইয়াক নিবাৰণ কৰিছে’? সাৱধান! যিদিনা সিহঁতৰ ওচৰত এইটো আহিব সেই দিনা এইটো সিহঁতৰ পৰা নিবৃত্ত কৰা নহ’ব আৰু যি বিষয়ে সিহঁতে ঠাট্ৰা-বিদ্ৰূপ কৰে সেয়া সিহঁতক পৰিবেষ্টন কৰিব।

    [9] আৰু যদি আমি মানুহক আমাৰ ফালৰ পৰা ৰহমতৰ সোৱাদ লবলৈ দিওঁ আৰু পিছত তাৰ পৰা সেয়া কাঢি লওঁ তেন্তে নিশ্চয় সি হতাশ আৰু অকৃতজ্ঞ হৈ পৰে।

    [10] আৰু যদি দুখ-দৈন্য স্পৰ্শ কৰাৰ পিছত আমি তাক সুখৰ সোৱাদ লবলৈ দিওঁ তেতিয়া সি অৱশ্যে ক’ব, ‘মোৰ পৰা বিপদ-আপদ দূৰ হৈছে’, আৰু সি উৎফুল্ল আৰু অহংকাৰী হৈ পৰে।

    [11] কিন্তু যিসকলে ধৈৰ্যশীল আৰু সৎকৰ্মপৰায়ণ তেওঁলোকৰ বাবেই আছে ক্ষমা আৰু মহাপুৰষ্কাৰ।

    [12] তেন্তে তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে তাৰ পৰা কিবা তুমি বৰ্জন কৰিবা নেকি আৰু ইয়াৰ দ্বাৰা তোমাৰ মন সংকুচিত হ’ব নেকি সিহঁতৰ এই কথা কোৱাৰ বাবে যে, ‘তাৰ ওচৰত ধন-ভান্ডাৰ কিয় অৱতীৰ্ণ কৰা নহয় অথবা তাৰ লগত ফিৰিস্তা কিয় নাহে’? তুমিহে কেৱল এজন সতৰ্ককাৰী আৰু আল্লাহ সকলো বস্তুৰ ওপৰত কৰ্মবিধায়ক।

    [13] নে সিহঁতে এইটো কয় যে, ‘তেওঁ এইটো নিজেই ৰচনা কৰিছে’? কোৱা, ‘তোমালোকে যদি (তোমালোকৰ দাবীত) সত্যবাদী হোৱা তেন্তে তোমালোকে ইয়াৰ দৰে দহটা ছুৰা ৰচনা কৰি লৈ আহা আৰু আল্লাহৰ বাহিৰে আন যাক ইচ্ছা (এই বিষয়ে সহযোগৰ বাবে) মাতি লোৱা’।

    [14] এতেকে সিহঁতে যদি তোমালোকৰ আহ্বানত সঁহাৰি নিদিয়ে তেন্তে জানি থোৱা, এইটো আল্লাহৰ জ্ঞান অনুসাৰেই অৱতীৰ্ণ কৰা হৈছে আৰু তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকে আত্মসমৰ্পণকাৰী (মুছলিম) হ’বানে

    [15] যিয়ে পাৰ্থিৱ জীৱন আৰু ইয়াৰ সৌন্দৰ্য কামনা কৰে, পৃথিৱীতেই আমি সিহঁতৰ আমলৰ পূৰ্ণ ফল প্ৰদান কৰো আৰু তাত সিহঁতক কম দিয়া নহ’ব।

    [16] ইহঁতেই সেইসকল লোক যিসকলৰ বাবে আখিৰাতত (জাহান্নামৰ) জুইৰ বাহিৰে আন একো নাই আৰু সিহঁতে পাৰ্থিৱ জীৱনত যি (আমল) কৰিছিল আখিৰাতত সেয়া নিষ্ফল হৈ যাব আৰু সিহঁতে যি কৰিছিল সেয়া আছিল নিৰৰ্থক।

    [17] যিসকলে নিজ প্ৰতিপালকৰ পৰা অহা স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত আৰু যাৰ অনুসৰণ কৰে তেওঁৰ প্ৰেৰিত সাক্ষী আৰু যাৰ আগত আছিল মুছাৰ কিতাব আদৰ্শ আৰু অনুগ্ৰহস্বৰূপ, (এওঁলোক সেইসকল লোকৰ দৰেনে যিসকলে পৃথিৱী আৰু ইয়াৰ উপকৰণ কামনাত বিভোৰ) বৰং এওঁলোকেই ইয়াৰ ওপৰত ঈমান পোষণ কৰে। অন্যান্য দলৰ যিসকলে ইয়াক অস্বীকাৰ কৰে, অগ্নিয়ে হ’ব সিহঁতৰ প্ৰতিশ্ৰুত স্থান। এতেকে তুমি কেতিয়াও ইয়াত সন্দেহ পোষণ নকৰিবা। এইটো কেৱল তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সত্য; কিন্তু অধিকাংশ মানুহেই ঈমান পোষণ নকৰে।

    [18] যিসকলে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে, সিহঁততকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? সিহঁতক সিহঁতৰ প্ৰতিপালকৰ সন্মুখত উপস্থিত কৰোৱা হ’ব আৰু সাক্ষীসকলে ক’ব, ‘ইহঁতে নিজ প্ৰতিপালকৰ বিষয়ে মিছা কৈছিল’। সাৱধান! যালিমসকলৰ ওপৰত আল্লাহৰ অভিশাপ।

    [19] যিসকলে আল্লাহৰ পথত বাধা দিয়ে আৰু তাত বক্ৰতা অনুসন্ধান কৰে; আৰু ইহঁতেই আখিৰাত অস্বীকাৰকাৰী।

    [20] পৃথিৱীত আল্লাহক ব্যৰ্থ কৰাৰ ক্ষমতা সিহঁতৰ নাছিল আৰু আল্লাহৰ বাহিৰে সিহঁতৰ কোনো সহায়কাৰীও নাছিল; সিহঁতৰ শাস্তি দ্বিগুণ কৰা হ’ব; সিহঁতৰ শুনিবলৈও সামৰ্থ নাছিল আৰু দেখিবলৈয়ো নাছিল।

    [21] ইহঁত নিজৰেই ক্ষতি কৰিলে আৰু সিহঁতে যি মিছা ৰটনা কৰিছিল সেয়া সিহঁতৰ পৰা হেৰাই গ’ল।

    [22] নিসন্দেহে সিহঁতেই আখিৰাতত সৰ্বাধিক ক্ষতিগ্ৰস্ত।

    [23] নিশ্চয় যিসকলে ঈমান আনিছে, সৎকৰ্ম কৰিছে আৰু নিজ প্ৰতিপালকৰ প্ৰতি বিনীত হৈছে; তেওঁলোকেই জান্নাতৰ অধিবাসী, তাত তেওঁলোক চিৰকাল থাকিব।

    [24] দল দুটাৰ উদাহৰণ হৈছে, এটা অন্ধ আৰু বধিৰ, আৰু আনটো হৈছে দৃষ্টিশক্তি ও শ্ৰৱণশক্তি সম্পন্ন। তুলনাত এই দুটা সমান হ’ব পাৰেনে? তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবানে

    [25] আৰু অৱশ্যে আমি নূহক তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ পঠিয়াইছিলো। তেওঁ কৈছিল, ‘নিশ্চয় মই তোমালোকৰ বাবে প্ৰকাশ্য সতৰ্ককাৰী’।

    [26] যাতে তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰা, নিশ্চয় মই তোমালোকৰ বাবে এটা যন্ত্ৰণাদায়ক দিৱসৰ শাস্তিৰ আশংকা কৰিছো।

    [27] তাৰ পিছত তেওঁৰ সম্প্ৰদায়ৰ কাফিৰ নেতাসকলে ক’লে, ‘আমিতো তোমাক এজন আমাৰ নিচিনাই মানুহ বুলিহে দেখি আছো, লগতে আমি দেখি আছো তোমাক কেৱল সেইসকল লোকেই অনুসৰণ কৰে যিসকল আমাৰ মাজত বাহ্যিক দৃষ্টিতেই অধম আৰু আমি আমাৰ ওপৰত তোমালোকৰ কোনো শ্ৰেষ্ঠত্ব দেখা পোৱা নাই, বৰং আমি তোমালোকক মিছলীয়া বুলি ভাৱো’।

    [28] তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! কোৱাচোন তোমালোকে, মই যদি মোৰ প্ৰতিপালকৰ পৰা প্ৰেৰিত প্ৰমাণত প্ৰতিষ্ঠিত থাকো আৰু তেওঁ যদি মোক তেওঁৰ তৰফৰ পৰা অনুগ্ৰহ দান কৰি থাকে, আৰু সেয়া তোমালোকৰ ওচৰত গোপন ৰখা হয়, তেন্তে মই তোমালোকৰ ওপৰত তোমালোকে অপছন্দ কৰা সত্বেও সেয়া জাপি দিব পাৰো নে’

    [29] ‘হে মোৰ সম্প্ৰদায়! ইয়াৰ পৰিবৰ্তে মই তোমালোকৰ ওচৰত কোনো ধন-সম্পদ নিবিচাৰো। মোৰ প্ৰতিদান কেৱল আল্লাহৰ ওচৰত। যিসকলে ঈমান আনিছে তেওঁলোকক খেদি দিয়াটোও মোৰ কাম নহয়; তেওঁলোক নিশ্চিতভাৱে নিজ প্ৰতিপালকক সাক্ষাত কৰিব। কিন্তু মোৰ দৃষ্টিত তোমালোক এটা অজ্ঞ সম্প্ৰদায়’।

    [30] ‘হে মোৰ সম্প্ৰদায়! মই যদি তেওঁলোকক খেদি দিওঁ তেন্তে আল্লাহৰ শাস্তিৰ পৰা মোক কোনে সহায় কৰিব? তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে

    [31] ‘আৰু মই তোমালোকক এই বুলি নকওঁ যে, ‘মোৰ ওচৰত আল্লাহৰ ধন-ভাণ্ডাৰ আছে’, আৰু মই গায়েব সম্পৰ্কেও নাজানো আৰু মই এই বুলিও নকওঁ যে, ‘মই এজন ফিৰিস্তা’। তোমালোকৰ দৃষ্টিত যিসকল হীন, সিহঁতৰ বিষয়েও মই এইটো নকওঁ যে, ‘আল্লাহে সিহঁতক কেতিয়াও কল্যাণ প্ৰদান নকৰিব’; সিহঁতৰ অন্তৰত যি আছে সেই বিষয়ে আল্লাহেই অধিক অৱগত। (যদি মই এইদৰে কোৱাহেঁতেন) তেন্তে নিশ্চয় মই যালিমসকলৰ অন্তৰ্ভুক্ত হম’।

    [32] সিহঁতে ক’লে, ‘হে নূহ! তুমি কেৱল আমাৰ সৈতে বাদানুবাদ কৰিছা--- অতি মাত্ৰা বাক-বিতণ্ডা কৰিছা; গতিকে যদি তুমি সত্যবাদী তেন্তে তুমি আমাৰ লগত যি প্ৰতিশ্ৰুতি কৰিছা সেয়া আমাৰ ওচৰলৈ লৈ আহা’।

    [33] তেওঁ ক’লে, ‘আল্লাহে ইচ্ছা কৰিলে সেয়া তোমালোকৰ ওচৰত উপস্থিত কৰিব আৰু তোমালোকে সেয়া ব্যৰ্থ কৰিব নোৱাৰিবা’।

    [34] ‘আৰু মই তোমালোকক উপদেশ দিব বিচাৰিলেও মোৰ উপদেশ তোমালোকৰ কোনো কামত নাহিব যদি আল্লাহে তোমালোকক বিভ্ৰান্ত কৰিব বিচাৰে। তেৱেঁই তোমালোকৰ ৰব, তেওঁৰ ওচৰতেই তোমালোকক উভতাই নিয়া হ’ব’।

    [35] সিহঁতে এইটো কয় নেকি যে, ‘তেওঁ এইটো নিজেই ৰচনা কৰিছে’? কোৱা, ‘মই যদি এইটো ৰচনা কৰি থাকো তেন্তে ময়েই মোৰ অপৰাধৰ বাবে দায়ী হম। কিন্তু তোমালোকে যি অপৰাধ কৰিছা তাৰ পৰা মই দায়মুক্ত’।

    [36] আৰু নূহৰ প্ৰতি অহী কৰা হৈছিল, ‘যিসকলে ঈমান আনিছে তেওঁলোকৰ বাহিৰে তোমাৰ সম্প্ৰদায়ৰ আন কোনেও ঈমান পোষণ নকৰিব। গতিকে সিহঁতে যি কৰে তাৰ বাবে তুমি চিন্তিত নহ’বা’।

    [37] ‘তুমি আমাৰ চকুৰ সন্মুখত আৰু আমাৰ অহী অনুযায়ী এখন নাওঁ নিৰ্মাণ কৰা আৰু যিসকলে অপৰাধ কৰিছে সিহঁতৰ বিষয়ে তুমি মোৰ ওচৰত কোনো আবেদন নকৰিবা; নিশ্চয় সিহঁতক পানীত ডুবোৱা হ’ব’।

    [38] আৰু তেওঁ নাওঁ নিৰ্মাণ কৰিব ধৰিলে, যেতিয়াই তেওঁৰ সম্প্ৰদায়ৰ নেতাসকলে তেওঁৰ ওচৰেদি পাৰ হৈছিল, তেতিয়াই তেওঁৰ প্ৰতি উপহাস কৰিছিল; তেওঁ কৈছিল, ‘তোমালোকে যদি আমাক লৈ উপহাস কৰা, তেন্তে নিশ্চয় আমিও তোমালোকক উপহাস কৰিম, যেনেকৈ তোমালোকে উপহাস কৰি আছা’।

    [39] এতেকে তোমালোকে অতিশীঘ্ৰে জানিব পাৰিবা, কাৰ ওপৰত আহিব এনেকুৱা শাস্তি যিটোৱে তাক লাঞ্ছিত কৰিব, আৰু তাৰ ওপৰত আপতিত হ’ব স্থায়ী শাস্তি।

    [40] অৱশেষত যেতিয়া আমাৰ আদেশ আহিল আৰু চৌকাটো উথলি উঠিল, আমি ক’লো, ‘প্ৰত্যেক জাতৰে এজোৰ এজোৰকৈ নাওঁত তুলি লোৱা। যিসকলৰ বিৰুদ্ধে পূৰ্ব-সিদ্ধান্ত হৈছে সিহঁতৰ বাহিৰে তোমাৰ পৰিয়ালৰ আৰু যিসকলে ঈমান আনিছে তেওঁলোককো তুলি লোৱা; আৰু তেওঁৰ লগত ঈমান আনিছিল কেৱল কিছুসংখ্যক লোকে’।

    [41] আৰু তেওঁ ক’লে, ‘তোমালোকে ইয়াত আৰোহণ কৰা, ইয়াৰ গতি আৰু স্থিতি হ’ব আল্লাহৰ নামত, নিশ্চয় মোৰ ৰব, অতি ক্ষমাশীল, পৰম দয়ালু’।

    [42] আৰু ই (নাওঁখনে) পৰ্বতৰ দৰে তৰঙ্গৰ মাজত তেওঁলোকক লৈ গতি কৰিলে; নূহে তেওঁৰ পুত্ৰক, যিজন পৃথক আছিল, মাতি ক’লে, ‘হে মোৰ প্ৰিয় পুত্ৰ! আমাৰ লগত আৰোহণ কৰা আৰু কাফিৰসকলৰ সঙ্গী নহ’বা’।

    [43] সি ক’লে, ‘মই এনে এটা পৰ্বতত আশ্ৰয় লম যিটোৱে মোক পানীৰ পৰা ৰক্ষা কৰিব’। তেওঁ ক’লে, ‘আজি আল্লাহৰ আদেশৰ পৰা ৰক্ষা কৰিবলৈ কোনো নাই, কিন্তু যাক আল্লাহে দয়া কৰিব তাৰ বাহিৰে’। এনেতে তৰঙ্গ এটা আহি সিহঁতৰ মাজত আঁৰ হৈ গ’ল, ফলত সি ডুবি মৰা সকলৰ অন্তৰ্ভুক্ত হৈ গ’ল’।

    [44] আৰু কোৱা হ’ল, ‘হে মাটি! তুমি তোমাৰ পানী গ্ৰাস কৰি লোৱা, আৰু হে আকাশ! ক্ষেন্ত হোৱা’। ফলত পানী হ্ৰাস কৰা হ’ল আৰু সিদ্ধান্ত বাস্তবায়িত হ’ল; আৰু নাওঁখন আল-জুদী পৰ্বতৰ ওপৰত স্থিৰ হ’ল, আৰু কোৱা হ’ল, ‘যালিম সম্প্ৰদায়ৰ বাবেই ধ্বংস’।

    [45] আৰু নূহে তেওঁৰ প্ৰতিপালকক আহ্বান কৰি ক’লে, ‘হে মোৰ ৰব! নিশ্চয় মোৰ পুত্ৰ মোৰ পৰিয়ালৰ অন্তৰ্ভুক্ত আৰু নিশ্চয় তোমাৰ প্ৰতিশ্ৰুতি সত্য, আৰু তুমি বিচাৰকসকলৰ মাজত আটাইতকৈ শ্ৰেষ্ঠ বিচাৰক’।

    [46] আল্লাহে ক’লে, ‘হে নূহ! নিশ্চয় সি তোমাৰ পৰিয়ালৰ অন্তৰ্ভুক্ত নহয়। সি অৱশ্যে অসৎকৰ্মপৰায়ণ। সেয়ে যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই সেই বিষয়ে তুমি মোক অনুৰোধ নকৰিবা। মই তোমাক উপদেশ দিছো, তুমি যাতে অজ্ঞসকলৰ অন্তৰ্ভুক্ত নোহোৱা’।

    [47] তেওঁ ক’লে, ‘হে মোৰ ৰব! যি বিষয়ে মোৰ কোনো জ্ঞান নাই সেই বিষয়ে মই যাতে তোমাক অনুৰোধ নকৰো তাৰ বাবে মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছো। তুমি যদি মোক ক্ষমা নকৰা আৰু মোক দয়া নকৰা, তেন্তে মই ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাম’।

    [48] কোৱা হ’ল, ‘হে নূহ! অৱতৰণ কৰা (নাৱৰ পৰা) আমাৰ ফালৰ পৰা শান্তি আৰু কল্যাণৰ সৈতে তোমাৰ প্ৰতি আৰু যিবোৰ সম্প্ৰদায় তোমাৰ লগত আছে তেওঁলোকৰ প্ৰতি; আৰু কিছুমান এনেকুৱা সম্প্ৰদায়ো আছে আমি সিহঁতক জীৱন উপভোগ কৰিবলৈ দিম, কিন্তু পিছত আমাৰ ফালৰ পৰা যন্ত্ৰণাদায়ক শাস্তিয়ে সিহঁতক স্পৰ্শ কৰিব

    [49] ‘এইবোৰ গায়েবৰ সংবাদ আমি তোমাক অহীৰ জৰিয়তে অৱহিত কৰিছো, যিবোৰ ইয়াৰ আগত তুমি জনা নাছিলা আৰু তোমাৰ সম্প্ৰদায়েও জনা নাছিল। গতিকে তুমি ধৈৰ্য ধাৰণ কৰা। নিশ্চয় শুভ পৰিণাম কেৱল মুত্তাক্বীসকলৰ বাবে’।

    [50] আৰু আদ জাতিৰ ওচৰত সিহঁতৰ ভাতৃ হূদক প্ৰেৰণ কৰিছিলো, তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। তোমালোকে কেৱল মিছাহে ৰচনা কৰা’।

    [51] ‘হে মোৰ সম্প্ৰদায়! মই তোমালোকৰ ওচৰত ইয়াৰ কোনো বিনিময় নিবিচাৰো। মোৰ বিনিময় আছে কেৱল তেওঁৰ ওচৰত, যিজনে মোক সৃষ্টি কৰিছে। তথাপিও তোমালোকে বুজি নোপোৱা নে’

    [52] ‘হে মোৰ সম্প্ৰদায়! তোমালোকে নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, তাৰ পিছত তেওঁৰ ফালেই উভতি আহা। তেওঁ তোমালোকৰ ওপৰত ধাৰাষাৰ বৰষুণ বৰ্ষাব; আৰু তেওঁ তোমালোকক শক্তি প্ৰদান কৰি শক্তিশালী কৰিব আৰু (শুনা) তোমালোকে অপৰাধী হৈ মুখ ঘূৰাই নলবা’।

    [53] সিহঁতে ক’লে, ‘হে হূদ! তুমি আমাৰ ওচৰত কোনো স্পষ্ট প্ৰমাণ লৈ আহা নাই, তোমাৰ কথাত আমি আমাৰ উপাস্যবোৰক এৰি নিদিওঁ আৰু আমি তোমাৰ প্ৰতি বিশ্বাসো নকৰো’।

    [54] আমি কেৱল এইটোৱে কওঁ যে, ‘আমাৰ উপাস্যবোৰৰ কোনোবাই তোমাক অমঙ্গলৰ দ্বাৰা আক্ৰান্ত কৰিছে’। তেওঁ ক’লে, ‘নিশ্চয় মই আল্লাহক সাক্ষী কৰিলো আৰু তোমালোকেও সাক্ষী হোৱা যে, নিশ্চয় মই সেইবোৰৰ পৰা মুক্ত যিবোৰক তোমালোকে অংশী কৰা’

    [55] ‘আল্লাহৰ বাহিৰে। এতেকে তোমালোক সকলোৱে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা; আৰু মোক অকণো অৱকাশ নিদিবা’।

    [56] ‘মই কেৱল নিৰ্ভৰ কৰো মোৰ আৰু তোমালোকৰ ৰব আল্লাহৰ ওপৰত; এনে কোনো জীৱ-জন্তু নাই, যিটো তেওঁৰ পূৰ্ণ আয়ত্তাধীন নহয়; নিশ্চয় মোৰ ৰব সৰল পথত আছে’।

    [57] ‘এতেকে তোমালোকে যদি বিমুখ হোৱা, তেন্তে যি লৈ মই তোমালোকৰ ওচৰত প্ৰেৰিত হৈছো সেয়া মই পৌঁছাই দিছো; আৰু মোৰ প্ৰতিপালকে তোমালোকৰ ঠাইত আন এটা সম্প্ৰদায়ক তোমালোকৰ স্থলাভিষিক্ত কৰিব আৰু তোমালোকে তেওঁৰ কোনো ক্ষতি সাধন কৰিব নোৱাৰিবা। নিশ্চয় মোৰ ৰব সকলো বস্তুৰ ৰক্ষণাবেক্ষণকাৰী’।

    [58] আৰু যেতিয়া আমাৰ নিৰ্দেশ আহিল তেতিয়া আমি হূদ আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছিল তেওঁলোকক আমাৰ অনুগ্ৰহত ৰক্ষা কৰিলো আৰু ৰক্ষা কৰিলো তেওঁলোকক কঠিন শাস্তিৰ পৰা।

    [59] আৰু এই আদ জাতিয়ে সিহঁতৰ প্ৰতিপালকৰ নিদৰ্শন অস্বীকাৰ কৰিছিল আৰু অমান্য কৰিছিল তেওঁৰ ৰাছুলসকলক আৰু সিহঁতে প্ৰত্যেক উদ্ধত স্বৈৰাচাৰীৰ নিৰ্দেশ অনুসৰণ কৰিছিল।

    [60] আৰু এই পৃথিৱীতেই সিহঁতক অভিশপ্ত কৰা হৈছিল আৰু কিয়ামতৰ দিনাও সিহঁত অভিশপ্ত হ’ব। জানি থোৱা! আদ সম্প্ৰদায়ে সিহঁতৰ প্ৰতিপালকক অস্বীকাৰ কৰিছিল। জানি থোৱা! ধ্বংসই হৈছে হূদৰ সম্প্ৰদায় আদ জাতিৰ পৰিণাম।

    [61] আৰু আমি ছামূদ জাতিৰ ওচৰত সিহঁতৰ ভাতৃ ছলেহক প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। তেৱেঁই তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে আৰু তাতেই তেওঁ তোমালোকৰ বসবাস কৰাৰ ব্যৱস্থা কৰিছে। গতিকে তোমালোকে তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা আৰু তেওঁৰ পিনেই উভতি আহা। নিশ্চয় মোৰ ৰব অতি ওচৰত, আহ্বানত সঁহাৰি প্ৰদানকাৰী’।

    [62] সিহঁতে ক’লে, ‘হে ছলেহ! ইয়াৰ পূৰ্বে তুমি আমাৰ প্ৰত্যাশিত আছিলা। তুমি আমাক নিষেধ কৰি আছা নেকি সিহঁতৰ ইবাদত কৰিবলৈ যিসকলৰ ইবাদত আমাৰ পিতৃ-পুৰুষসকলে কৰিছিল? নিশ্চয় আমি বিভ্ৰান্তিকৰ সন্দেহত আছো সেই বিষয়ে, যাৰ প্ৰতি তুমি আমাক আহ্বান কৰি আছা’।

    [63] তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! কোৱাচোন তোমালোকে, মই যদি মোৰ প্ৰতিপালকৰ পৰা প্ৰেৰিত প্ৰমাণত প্ৰতিষ্ঠিত থাকো আৰু তেওঁ যদি মোক তেওঁৰ তৰফৰ পৰা অনুগ্ৰহ দান কৰে, তথাপিও যদি মই আল্লাহৰ অবাধ্য হওঁ, তেন্তে আল্লাহৰ শাস্তিৰ পৰা মোক কোনে ৰক্ষা কৰিব? গতিকে তোমালোকে কেৱল মোৰ ক্ষতিহে বৃদ্ধি কৰি আছা’।

    [64] ‘হে মোৰ সম্প্ৰদায়! এইজনী আল্লাহৰ উট, তোমালোকৰ বাবে নিদৰ্শনস্বৰূপ। এতেকে ইয়াক আল্লাহৰ ভূমিত চৰি খাব দিয়া। ইয়াক কোনো ধৰণৰ কষ্ট নিদিবা, অন্যথা আশু শাস্তিয়ে তোমালোকক আক্ৰান্ত কৰিব’।

    [65] তথাপিও সিহঁতে ইয়াক হত্যা কৰিলে। সেয়ে তেওঁ ক’লে, ‘তোমালোকে নিজৰ ঘৰত তিনি দিনলৈকে জীৱন উপভোগ কৰি লোৱা। এইটো এনেকুৱা এটা প্ৰতিশ্ৰুতি যিটো কেতিয়াও মিছা নহয়’।

    [66] ফলত যেতিয়া আমাৰ নিৰ্দেশ আহি পালে, তেতিয়া আমি ছলেহ আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছিল তেওঁলোকক আমাৰ অনুগ্ৰহত ৰক্ষা কৰিলো আৰু ৰক্ষা কৰিলো সেইদিনাৰ লাঞ্ছনাৰ পৰা। নিশ্চয় তোমাৰ ৰব, তেওঁ মহা শক্তিমান, মহাপৰাক্ৰমশালী।

    [67] আৰু যিসকলে অন্যায় কৰিছিল এটা ভীষণ শব্দই সিহঁতক আক্ৰান্ত কৰিলে; ফলত সিহঁত নিজ নিজ গৃহত নতজানু অৱস্থাত শেষ হৈ গ’ল

    [68] যেনিবা সিহঁতে কেতিয়াও তাত বাস কৰা নাছিল। জানি থোৱা! ছামূদ সম্প্ৰদায়ে নিজ প্ৰতিপালকৰ লগত কুফৰী কৰিছিল। জানি থোৱা! ধ্বংসই হৈছে ছামূদ সম্প্ৰদায়ৰ পৰিণাম।

    [69] আৰু অৱশ্যে আমাৰ ফিৰিস্তাসকল সুসংবাদ লৈ ইব্ৰাহীমৰ ওচৰত আহিছিল। তেওঁলোকে ক’লে, ‘ছালাম’। তেখেতেও ক’লে, ‘ছালাম’। তাৰ পিছত পলম নকৰি তেওঁ এটা কাবাবকৃত দামুৰি লৈ আহিল।

    [70] এতেকে তেওঁ যেতিয়া দেখিলে যে, তেওঁলোকৰ হাত সেইটোৰ ফালে প্ৰসাৰিত হোৱা নাই, তেতিয়া তেওঁলোকক অবাঞ্ছিত বুলি ভাৱিলে আৰু তেওঁলোকৰ বিষয়ে তেওঁৰ মনত ভীতি সঞ্চাৰ হ’ল। তেওঁলোকে ক’লে, ‘ভয় নকৰিব, আমিতো লূত সম্প্ৰদায়ৰ প্ৰতিহে প্ৰেৰিত হৈছো’।

    [71] আৰু তেওঁৰ স্ত্ৰী থিয় হৈ আছিল, ফলত তেওঁ হাঁহি উঠিল। তাৰ পিছত আমি তেওঁক ইছহাক্বৰ আৰু ইছহাক্বৰ পৰবৰ্তী ইয়াকূবৰ সুসংবাদ দিলো।

    [72] তেওঁ ক’লে, ‘হায়, কি আচৰিত! মই সন্তান জন্ম দিম নে! অথচ মই এজনী বৃদ্ধা আৰু মোৰ স্বামীও বৃদ্ধ, এইটো অৱশ্যে এটা অদ্ভুদ কথা’

    [73] তেওঁলোকে ক’লে, ‘আল্লাহৰ কামত আপুনি বিস্ময় বোধ কৰিছে নেকি? হে নবীৰ পৰিয়াল! আপোনালোকৰ প্ৰতি আছে আল্লাহৰ অনুগ্ৰহ আৰু কল্যাণ। নিশ্চয় তেওঁ প্ৰশংসাৰ যোগ্য আৰু অত্যন্ত সন্মানিত’।

    [74] তাৰ পিছত যেতিয়া ইব্ৰাহীমৰ ভীতি দূৰীভূত হ’ল আৰু তেওঁৰ ওচৰত সুসংবাদ আহিলে তেতিয়া তেওঁ লূতৰ সম্প্ৰদায়ৰ বিষয়ে আমাৰ লগত বাদানুবাদ কৰিবলৈ ধৰিলে।

    [75] নিশ্চয় ইব্ৰাহীম অত্যন্ত সহনশীল, কোমল হৃদয়, সদায় আল্লাহ অভিমুখী আছিল।

    [76] হে ইব্ৰাহীম! তুমি ইয়াৰ পৰা বিৰত হোৱা; নিশ্চয় তোমাৰ প্ৰতিপালকৰ বিধান আহি পৰিছে; আৰু অৱশ্যে সিহঁতৰ প্ৰতি আহিব শাস্তি যিটো অনিবাৰ্য।

    [77] আৰু যেতিয়া আমাৰ প্ৰেৰিত ফিৰিস্তাসকল লূতৰ ওচৰত আহিলে তেতিয়া তেওঁলোকৰ আগমনত তেওঁ বিষণ্ন হ’ল আৰু নিজকে তেওঁলোকৰ ৰক্ষাত অসমৰ্থ বুলি ভাৱিলে আৰু ক’লে, ‘এইটো বৰ বিপদৰ দিন’

    [78] আৰু তেওঁৰ সম্প্ৰদায়ৰ লোকসকল তেওঁৰ ওচৰত উদভ্ৰান্ত হৈ গুচি আহিল আৰু আগৰ পৰাই সিহঁত অসৎকৰ্মত লিপ্ত আছিল। তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! ইহঁত মোৰ কন্যা, তোমালোকৰ বাবে ইহঁতেহে বেছি পৱিত্ৰ। গতিকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অতিথি সম্বন্ধে মোক লজ্জিত নকৰিবা। তোমালোকৰ মাজত এজনো সাধু ব্যক্তি নাইনে’

    [79] সিহঁতে ক’লে, ‘তুমিতো জানাই, তোমাৰ কন্যাসকলৰ প্ৰতি আমাৰ কোনো আগ্ৰহ নাই; আৰু আমি যিটো বিচাৰো সেয়া তুমি নিশ্চয় জানা’।

    [80] তেওঁ ক’লে, ‘হায়! তোমালোকৰ ওপৰত যদি মোৰ শক্তি থাকিলেহেঁতেন অথবা মই যদি কোনো সুদৃঢ় স্তম্ভৰ আশ্ৰয় লব পাৰিলোহেঁতেন’

    [81] তেওঁলোকে (ফিৰিস্তাসকলে) ক’লে, ‘হে লূত! নিশ্চয় আমি আপোনাৰ প্ৰতিপালকৰ প্ৰেৰিত ফিৰিস্তা। সিহঁতে কেতিয়াও আপোনাৰ ওচৰলৈকে আহিব নোৱাৰিব। গতিকে আপুনি ৰাতিৰ কোনো এটা ভাগত আপোনাৰ পৰিয়ালবৰ্গসহ ওলাই যাওঁক আৰু আপোনালোকৰ মাজৰ কোনোৱেই পিছফালে ঘূৰি নাচাব কেৱল আপোনাৰ স্ত্ৰীৰ বাহিৰে। সিহঁতৰ লগত যি সংঘটিত হ’ব তাইৰ লগতো সেয়া ঘটিব। নিশ্চয় প্ৰভাত হৈছে সিহঁতৰ বাবে নিৰ্ধাৰিত সময়। প্ৰভাত অতি সন্নিকট নহয়নে বাৰু’

    [82] এতেকে যেতিয়া আমাৰ আদেশ আহিল তেতিয়া আমি জনপদক তল-ওপৰ কৰি দিলো আৰু সিহঁতৰ ওপৰত ক্ৰমাগত বৰ্ষণ কৰিলো পকা মাটিৰ শীল

    [83] যিটো তোমাৰ প্ৰতিপালকৰ ওচৰত চিহ্নিত আছিল; আৰু এইটো যালিমসকলৰ পৰা বেছি আঁতৰত নহয়।

    [84] আৰু মাদিয়ানবাসী সকলৰ ওচৰত সিহঁতৰ ভাতৃ ছুআইবক প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই; আৰু (শুনা) জোখ-মাখত কম নকৰিবা; নিশ্চয় মই তোমালোকক কল্যাণৰ মাজত দেখিছো, কিন্তু মই তোমালোকৰ বিষয়ে এটা সৰ্বগ্ৰাসী দিনৰ শাস্তিৰ আশংকা কৰিছো’।

    [85] ‘হে মোৰ সম্প্ৰদায়! তোমালোকে ন্যায় সঙ্গতভাৱে জোখ-মাখ কৰিবা, মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা’।

    [86] যদি তোমালোকে মুমিন হোৱা তেন্তে আল্লাহ প্ৰদত্ত অৱশিষ্টখিনিয়ে (লাভাংশ) তোমালোকৰ বাবে উত্তম; আৰু মই তোমালোকৰ তত্ত্বাৱধায়ক নহয়।

    [87] সিহঁতে ক’লে, ‘হে ছুআইব! তোমাৰ ছালাতে তোমাক এই নিৰ্দেশ দিয়ে নেকি যে, আমাৰ পিতৃ-পুৰুষসকলে যিসকলৰ ইবাদত কৰিছিল আমি সিহঁতক বৰ্জন কৰিব লাগিব আৰু আমি আমাৰ ধন-সম্পদ সম্পৰ্কে নিজ ইচ্ছামতে যি কৰো সেয়াও (বৰ্জন কৰিব লাগিব)? কেৱল তুমিহে সহিষ্ণু, সদাচাৰী’

    [88] তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে ভাৱিছানে, মই যদি মোৰ প্ৰতিপালকৰ প্ৰেৰিত স্পষ্ট প্ৰমাণত প্ৰতিষ্ঠিত হৈ থাকো আৰু তেওঁ যদি মোক তেওঁৰ তৰফৰ পৰা উৎকৃষ্ট জীৱিকা দান কৰে (তথাপিও মই মোৰ কৰ্তব্যৰ পৰা বিৰত থাকিমনে?) আৰু মই তোমালোকক যিটো নিষেধ কৰো, মই নিজেও তাৰ বিপৰীত কৰিবলৈ ইচ্ছুক নহয়। মই কেৱল মোৰ সক্ষম অনুযায়ী সংস্কাৰহে কৰিব বিচাৰো। মোৰ কাৰ্যসাধন কেৱল আল্লাহৰ তাওফীকত; মই কেৱল তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰো আৰু মই তেওঁৰেই অভিমুখী’।

    [89] ‘আৰু হে মোৰ সম্প্ৰদায়! মোৰ লগত কৰা বৈৰিতাই যেন তোমালোকক কেতিয়াও এনে অপৰাধ কৰিবলৈ প্ৰৰোচিত নকৰে যাৰ ফলত তোমালোকৰ ওপৰত সেইদৰে বিপদ আপতিত হ’ব যিদৰে আপতিত হৈছিল নূহৰ সম্প্ৰদায়ৰ ওপৰত অথবা হূদৰ সম্প্ৰদায়ৰ ওপৰত নাইবা ছলেহৰ সম্প্ৰদায়ৰ ওপৰত; আৰু লূতৰ সম্প্ৰদায় তোমালোকৰ পৰা বেছি দূৰত নহয়’।

    [90] ‘আৰু তোমালোকে নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা আৰু তেওঁৰ পিনে উভতি আহা, নিশ্চয় মোৰ ৰব পৰম দয়ালু, অতি স্নেহশীল’।

    [91] সিহঁতে ক’লে, ‘হে ছুআইব! তুমি যি কোৱা তাৰে বহু কথা আমি বুজি নাপাওঁ, আৰু আমি তোমাক আমাৰ মাজত দুৰ্বল বুলিহে গম পাওঁ। তোমাৰ আত্মীয়-স্বজন নাথাকিলে আমি তোমাক শিলগুটি দলিয়াই মাৰি পেলালোহেঁতেন। কাৰণ তুমি আমাতকৈ বেছি শক্তিশালী নহয়’।

    [92] তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকৰ ওচৰত মোৰ আত্মীয়-স্বজন আল্লাহতকৈ বেছি শক্তিশালী নেকি? অথচ তোমালোকে তেওঁক সম্পূৰ্ণৰূপে আওকাণ কৰিছা। তোমালোকে যি কৰা নিশ্চয় মোৰ ৰব সেয়া পৰিবেষ্টন কৰি আছে’।

    [93] ‘হে মোৰ সম্প্ৰদায়! তোমালোকে নিজ নিজ অৱস্থানত কাম কৰি যোৱা, ময়ো মোৰ কাম কৰি আছো। তোমালোকে শীঘ্ৰেই জানিব পাৰিবা কাৰ ওপৰত আহিব লাঞ্ছনাদায়ক শাস্তি আৰু কোন মিছলীয়া; আৰু তোমালোকে প্ৰতীক্ষা কৰা, ময়ো তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছো।

    [94] আৰু যেতিয়া আমাৰ আদেশ আহি পালে তেতিয়া আমি ছুআইব আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছিল তেওঁলোকক আমাৰ অনুগ্ৰহত ৰক্ষা কৰিলো; আৰু যিসকলে অন্যায় কৰিছিল সিহঁতক এটা ভীষণ শব্দই আঘাত কৰিলে, ফলত সিহঁত নিজ নিজ ঘৰতে নতজানু অৱস্থাত পৰি থাকিল।

    [95] যেনিবা সিহঁতে কেতিয়াও তাত বসবাস কৰা নাছিল। জানি থোৱা! ধ্বংসই আছিল মাদিয়ানবাসীৰ পৰিণাম, যেনেকৈ ধ্বংস হৈছিল ছামূদ সম্প্ৰদায়।

    [96] আৰু অৱশ্যে আমিয়েই মুছাক আমাৰ নিদৰ্শনাৱলী আৰু স্পষ্ট প্ৰমাণসহ প্ৰেৰণ কৰিছিলো।

    [97] ফিৰআউন আৰু তাৰ নেতৃবৃন্দসকলৰ ওচৰলৈ। কিন্তু নেতাসকলে ফিৰআউনৰ কাৰ্যকলাপৰ অনুসৰণ কৰিছিল; অথচ ফিৰআউনৰ কাৰ্যকলাপ সঠিক নাছিল।

    [98] সি কিয়ামতৰ দিনা তাৰ সম্প্ৰদায়ৰ সন্মুখত থাকিব। তাৰ পিছত সি সিহঁতক জুইত উপনীত কৰিব। য’ত সিহঁত উপনীত হ’ব সেয়া কিমান যে নিকৃষ্ট উপনীত হোৱাৰ স্থান

    [99] আৰু এই পৃথিৱীত অভিশাপ সিহঁতৰ পিছত লগাই দিয়া হৈছিল আৰু কিয়ামতৰ দিনাও। কিমান যে নিকৃষ্ট পুৰষ্কাৰ যিটো সিহঁতক প্ৰদান কৰা হ’ব

    [100] এইবোৰ হৈছে জনপদসমূহৰ কিছুমান সংবাদ, যিবোৰ আমি তোমাৰ ওচৰত বৰ্ণনা কৰিলো। এইবোৰৰ কিছুমান এতিয়াও আছে আৰু কিছুমান নিৰ্মূল হৈছে।

    [101] আৰু আমি সিহঁতৰ প্ৰতি অকণো অন্যায় কৰা নাছিলো সিহঁত নিজেই নিজৰ অন্যায় কৰিছিল। তাৰ পিছত যেতিয়া তোমাৰ প্ৰতিপালকৰ নিৰ্দেশ আহি পালে, তেতিয়া আল্লাহৰ বাহিৰে সিহঁতে যি উপাস্যসমূহৰ ইবাদত কৰিছিল সেইবোৰ সিহঁতৰ কোনো কামত নাহিল; আৰু সিহঁতে নিজৰ ধ্বংসৰ বাহিৰে আন একো বৃদ্ধি কৰা নাছিল।

    [102] যেতিয়া তোমাৰ প্ৰতিপালকে কোনো অন্যায়কাৰী জনপদক আক্ৰমণ কৰে তেতিয়া এইদৰেই আক্ৰমণ কৰে। নিশ্চয় তেওঁৰ আক্ৰমণ অতি যন্ত্ৰণাদায়ক, মহাকঠিন।

    [103] নিশ্চয় ইয়াত আছে তাৰ বাবে নিদৰ্শন যিয়ে আখিৰাতক ভয় কৰে। সেইটো এনেকুৱা এটা দিন যিদিনা সকলো মানুহকে একত্ৰিত কৰা হ’ব; আৰু সেইটো এনেকুৱা এটা দিন যিদিনা সকলোকে উপস্থিত কৰা হ’ব

    [104] আৰু আমি সেয়া কেৱল নিৰ্দিষ্ট কিছু সময়ৰ বাবে বিলম্বিত কৰিছো।

    [105] যেতিয়া সেই দিনটো আহিব তেতিয়া আল্লাহৰ অনুমতিবিহীন কোনেও কথা কব নোৱাৰিব; এতেকে সিহঁতৰ মাজত কিছুমান হ’ব হতভাগ্য আৰু কিছুমান হ’ব সৌভাগ্যবান।

    [106] ফলত যিসকল হ’ব হতভাগ্য সিহঁত থাকিব (জাহান্নামৰ) জুইত, আৰু তাত থাকিব সিহঁতৰ ভীষণ চিঞঁৰ আৰু আৰ্তনাদ।

    [107] তাত সিহঁত চিৰকাল থাকিব, যিমান দিন আকাশসমূহ আৰু পৃথিৱী বিদ্যমান থাকিব, অৱশ্যে তোমাৰ ৰব অনুৰূপ ইচ্ছা নকৰালৈকে; নিশ্চয় তোমাৰ ৰব সেইটোৱেই কৰে যিটো তেওঁ ইচ্ছা কৰে।

    [108] আৰু যিসকল সৌভাগ্যবান তেওঁলোক থাকিব জান্নাতত, তাত তেওঁলোক চিৰস্থায়ী হ’ব, যিমান দিন আকাশসমূহ আৰু পৃথিৱী বিদ্যমান থাকিব, অৱশ্যে তোমাৰ ৰব অনুৰূপ ইচ্ছা নকৰালৈকে; এইটো এটা নিৰৱচ্ছিন্ন পুৰষ্কাৰ।

    [109] এতেকে সিহঁতে যিবোৰৰ ইবাদত কৰে সেই বিষয়ে সংশয়ত নপৰিবা, আগতে সিহঁতৰ পিতৃ-পুৰুষসকলে যেনেকৈ ইবাদত কৰিছিল সিহঁতেও সেইদৰেই ইবাদত কৰে। নিশ্চয় আমি সিহঁতক সিহঁতৰ প্ৰাপ্য সম্পূৰ্ণৰূপে প্ৰদান কৰিম--- অকণো হ্ৰাস নকৰো।

    [110] আৰু নিশ্চয় আমি মুছাক কিতাব প্ৰদান কৰিছিলো, তাৰ পিছত তাত মতভেদ ঘটিছিল। তোমাৰ প্ৰতিপালকৰ পূৰ্ব সিদ্ধান্ত নাথাকিলে সিহঁতৰ মীমাংসা হৈয়ে গ’’লেহেঁতেন। নিশ্চয় সিহঁত এই বিষয়ে বিভ্ৰান্তিকৰ সন্দেহত নিপতিত।

    [111] আৰু নিশ্চয় তোমাৰ প্ৰতিপালকে সিহঁতৰ প্ৰত্যেককে তাৰ কৰ্মফল সম্পূৰ্ণৰূপে প্ৰদান কৰিব। সিহঁতে যি কৰে তেওঁ সেই বিষয়ে সবিশেষ অৱহিত।

    [112] এতেকে তুমি যিদৰে আদিষ্ট হৈছা তাত অবিচল থাকা আৰু তোমাৰ সৈতে যিসকলে তাওবা কৰিছে তেওঁলোকেও; আৰু তোমালোকে সীমালংঘন নকৰিবা, তোমালোকে যি কৰা নিশ্চয় তেওঁ সেই বিষয়ে সম্যক দ্ৰষ্টা।

    [113] আৰু যিসকলে অন্যায় কৰিছে সিহঁতৰ প্ৰতি তোমালোকে ঢাল নাখাবা; এনে কৰিলে তোমালোকক জুয়ে স্পৰ্শ কৰিব। তেনে অৱস্থাত আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো সহায়ক নাথাকিব। ফলত তোমালোকক কোনো সহায় কৰা নহ’ব।

    [114] আৰু তুমি ছালাত কায়েম কৰা, দিনৰ দুয়ো প্ৰান্তভাগত আৰু ৰাতিৰ প্ৰথমাংশত। নিশ্চয় সৎকৰ্মই অসৎকৰ্মক দূৰ কৰে। উপদেশ গ্ৰহণকাৰীসকলৰ বাবে এইটো এটা উপদেশ।

    [115] আৰু তুমি ধৈৰ্য ধাৰণ কৰা, কাৰণ নিশ্চয় আল্লাহ ইহছানকাৰীসকলৰ প্ৰতিদান বিনষ্ট নকৰে।

    [116] এতেকে তোমালোকৰ পূৰ্বৰ প্ৰজন্মসমূহৰ মাজত এনেকুৱা প্ৰজ্ঞাবান কিয় হোৱা নাই, যিসকলে পৃথিৱীত বিপৰ্যয় সৃষ্টিৰ পৰা নিষেধ কৰিলে হয়? কিছুসংখ্যকৰ বাহিৰে, যিসকলক আমি সিহঁতৰ মাজৰ পৰা নাজাত দিছিলো। আৰু যিসকলে অন্যায় কৰিছিল সিহঁত বিলাসিতাৰ পিছত পৰি আছিল, আৰু সিহঁত আছিল অপৰাধী।

    [117] আৰু তোমাৰ ৰব এনেকুৱা নহয় যে, তেওঁ অন্যায়ভাৱে কোনো জনপদ ধ্বংস কৰিব অথচ তাৰ অধিবাসীসকল সংশোধনকাৰী।

    [118] আৰু তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে সকলো মানুহকেই এটা জাতি কৰিব পাৰিলেহঁতেন, কিন্তু সিহঁত মতবিৰোধকাৰীহে হৈ থাকিল

    [119] কিন্তু তেওঁলোক নহয়, যিসকলক তোমাৰ প্ৰতিপালকে দয়া কৰিছে কাৰণ তেওঁ তেওঁলোকক এই বাবেই সৃষ্টি কৰিছে। আৰু তোমাৰ প্ৰতিপালকৰ এই কথা চূড়ান্ত হৈছে যে, ‘আমি জ্বিন আৰু মানৱ উভয়ৰ দ্বাৰা জাহান্নাম অৱশ্যে পূৰ্ণ কৰিম’।

    [120] আৰু ৰাছুলসকলৰ এইবোৰ সংবাদ আমি তোমাৰ ওচৰত বৰ্ণনা কৰিছো, যাৰ দ্বাৰা আমি তোমাৰ মনক দৃঢ় কৰো, ইয়াৰ মাধ্যমত তোমাৰ ওচৰলৈ আহিছে সত্য আৰু মুমিনসকলৰ ওচৰত আহিছে উপদেশ আৰু স্মৰণ।

    [121] আৰু যিসকলে ঈমান পোষণ নকৰে সিহঁতক কোৱা, ‘তোমালোকে নিজ নিজ অৱস্থানত কাম কৰি থাকা, আমিও কাম কৰি আছো’।

    [122] ‘আৰু তোমালোকে প্ৰতীক্ষা কৰা, আমিও প্ৰতীক্ষা কৰি আছো’।

    [123] আকাশসমূহ আৰু পৃথিৱীৰ গায়েব (ৰ সংবাদ) কেৱল আল্লাহৰেই কৰ্তৃত্বাধীন আৰু তেওঁৰ ওচৰতেই সকলো বিষয় প্ৰত্যাৱৰ্তন কৰোৱা হ’ব। সেয়ে তুমি কেৱল তেওঁৰেই ইবাদত কৰা আৰু তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰা। আৰু তোমালোকে যি কৰা সেই বিষয়ে তোমাৰ ৰব অমনোযোগী নহয়।

    Surah 12
    ইউছুফ

    [1] আলিফ-লাম-ৰা। এইবোৰ সুস্পষ্ট কিতাবৰ আয়াত।

    [2] নিশ্চয় আমি ইয়াক কোৰআন হিচাপে অৰবী ভাষাত অৱতীৰ্ণ কৰিছো যাতে তোমালোকে বুজিব পাৰা।

    [3] আমি তোমাৰ ওচৰত উত্তম কাহিনী বৰ্ণনা কৰিছো, অহীৰ মাধ্যমত তোমাৰ ওচৰলৈ এই কোৰআন প্ৰেৰণ কৰি; যদিও ইয়াৰ আগত তুমি আছিলা অনৱহিত সকলৰ অন্তৰ্ভুক্ত।

    [4] স্মৰণ কৰা, যেতিয়া ইউছুফে তেওঁৰ পিতাক কৈছিল, ‘হে মোৰ পিতৃ! মই (সপোনত) এঘাৰটা নক্ষত্ৰ, সূৰ্য আৰু চন্দ্ৰক দেখিছো, সেইবোৰক মোৰ প্ৰতি ছাজদাৱনত অৱস্থাত দেখিছো’।

    [5] তেওঁ ক’লে, ‘হে মোৰ পুত্ৰ! তোমাৰ সপোনৰ কথা কেতিয়াও তোমাৰ ভাতৃসকলক নকবা; অন্যথা সিহঁতে তোমাৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ কৰিব। নিশ্চয় চয়তান মানুহৰ প্ৰকাশ্য শত্ৰু’।

    [6] আৰু এইদৰে তোমাৰ প্ৰতিপালকে তোমাক মনোনীত কৰিব আৰু তোমাক সপোনৰ ব্যাখ্যা শিক্ষা দিব আৰু তোমাৰ ওপৰত লগতে ইয়াকূবৰ পৰিয়ালৰ ওপৰত তেওঁৰ অনুগ্ৰহ পূৰ্ণ কৰিব, যেনেকৈ তেওঁ এইটো পূৰ্ণ কৰিছিল ইয়াৰ আগত তোমাৰ পিতৃ-পুৰুষ ইব্ৰাহীম আৰু ইছহাক্বৰ ওপৰত। নিশ্চয় তোমাৰ ৰব সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

    [7] অৱশ্যে ইউছুফ আৰু তেওঁৰ ভাতৃসকলৰ কাহিনীত প্ৰশ্নকাৰীসকলৰ বাবে বহুতো নিদৰ্শন আছে।

    [8] স্মৰণ কৰা, যেতিয়া সিহঁতে কৈছিল, ‘আমাৰ পিতৃৰ ওচৰত ইউছুফ আৰু তেওঁৰ ভাইহে আমাতকৈ বেছি প্ৰিয়, অথচ আমি একোটা সংহত দল; নিশ্চয় আমাৰ পিতৃ স্পষ্ট বিভ্ৰান্তিত আছে’।

    [9] ‘তোমালোকে ইউছুফক হত্যা কৰা অথবা কোনো এটা ঠাইত তাক পেলাই থৈ আহা, তেতিয়াহে তোমালোকৰ পিতৃৰ দৃষ্টি কেৱল তোমালোকৰ পিনেই নিবিষ্ট হ’ব আৰু তাৰ পিছত তোমালোক সৎ হৈ যাবা’।

    [10] সিহঁতৰ মাজৰ এজনে ক’লে, ‘তোমালোকে ইউছুফক হত্যা নকৰিবা আৰু যদি কিবা কৰিবই বিচৰা তেনেহ’লে তাক কোনোবা এটা কুঁৱাত পেলাই দিয়া, যাত্ৰীদলৰ কোনোবাই তাক তুলি লৈ যাব’।

    [11] সিহঁতে ক’লে, ‘হে আমাৰ পিতৃ! আপোনাৰ কি হ’ল, ইউছুফৰ বিষয়ে আমাক আপুনি কিয় নিৰাপদ বুলি নাভাৱে? অথচ আমি তাৰ শুভাকাংক্ষী’।

    [12] ‘আপুনি অহা কালি তাক আমাৰ লগত পঠাই দিয়ক, সি আনন্দত খেল-ধেমালি কৰি ঘূৰি ফুৰিব আৰু অৱশ্যে আমি তাৰ চোৱা-চিতা কৰিম’।

    [13] তেওঁ (পিতাকে) ক’লে, ‘তোমালোকে তাক লৈ গ’লে সঁচাকৈয়ে মই মনত বৰ দুখ পাম আৰু মই আশংকা কৰো যে, তোমালোকে তাৰ প্ৰতি অসাৱধান হ’লে কুকুৰ-নেচিয়াই তাক খাই পেলাব পাৰে’।

    [14] সিহঁতে ক’লে, ‘আমি এটা সংহত দল হোৱা সত্বেও যদি কুকুৰ-নেচিয়াই তাক খাই পেলায়, তেন্তে আমি অৱশ্যে ক্ষতিগ্ৰস্ত’।

    [15] তাৰ পিছত সিহঁতে যেতিয়া তাক লৈ গ’ল, আৰু তাক কুঁৱাৰ মাজত নিক্ষেপ কৰিবলৈ একমত হ’ল, আৰু (তেতিয়া) আমি তাৰ (ইউছুফৰ) ওচৰত অহী প্ৰেৰণ কৰি জনাই দিলো যে, ‘অৱশ্যে তুমি সিহঁতক (ভৱিষ্যতত) সিহঁতৰ এই কৰ্ম সম্পৰ্কে জনাবা; অথচ সিহঁতে সেয়া উপলব্ধি কৰিব নোৱাৰিব’।

    [16] আৰু সিহঁতে ৰাতিৰ প্ৰথম প্ৰহৰত কান্দি কান্দি সিহঁতৰ পিতৃৰ ওচৰত আহিল।

    [17] সিহঁতে ক’লে, ‘হে আমাৰ পিতৃ! আমি দৌৰ প্ৰতিযোগিতা কৰিবলৈ গৈছিলো আৰু ইউছুফক আমাৰ বস্তু-বাহিনীৰ ওচৰত ৰাখি থৈ গৈছিলো; ফলত কুকুৰ-নেচিয়া আহি তাক খাই পেলাইছে, কিন্তু আপুনিতো বিশ্বাসেই নকৰিব আমি যিমানেই সঁচা কথা নকওঁ কিয়’।

    [18] আৰু সিহঁতে চোলাটোত মিছা তেজ লগাই আনিছিল। তেওঁ ক’লে, ‘নহয়, বৰং তোমালোকৰ কু-প্ৰবৃত্তিয়ে তোমালোকৰ বাবে এটা কাহিনী সজাই দিছে। গতিকে উত্তম ধৈৰ্যহে মই গ্ৰহণ কৰিম। তোমালোকে যি বৰ্ণনা কৰিছা সেই বিষয়ে একমাত্ৰ আল্লাহেই মোৰ সাহায্যস্থল’।

    [19] আৰু সিপিনে এটা যাত্ৰীদল আহিল, সিহঁতে সিহঁতৰ পানী সংগ্ৰাহকক পানী আনিবলৈ পঠাই দিলে, সি তাৰ পানী তোলা পাত্ৰটো নাদত নমাই দিলে। সি আনন্দত কৈ উঠিল, ‘কি সুখবৰ! এয়া দেখোন শিশু’! আৰু সিহঁতে তাক পণ্যদ্ৰব্য বুলি লুকাই ৰাখিলে। কিন্তু সিহঁতে যি কৰিছিল সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।

    [20] আৰু সিহঁতে তাক অতি নগণ্য মূল্যত, মাত্ৰ কেইটামান দিৰহামৰ বিনিময়ত বিক্ৰী কৰি দিলে আৰু সিহঁত আছিল তাৰ বিষয়ে অনাগ্ৰহী।

    [21] আৰু মিচৰৰ যিজন ব্যক্তিয়ে তাক কিনি লৈছিল, সি তাৰ স্ত্ৰীক ক’লে, ‘ইয়াৰ থকাৰ বাবে সন্মানজনক ব্যৱস্থা কৰা, সম্ভৱত ই আমাৰ উপকাৰত আহিব অথবা আমি ইয়াক পুত্ৰৰূপেও গ্ৰহণ কৰিব পাৰি’। এইদৰে আমি ইউছুফক সেই দেশত প্ৰতিষ্ঠিত কৰিলো; আৰু যাতে আমি তাক সপোনৰ ব্যাখ্যা শিকাই দিওঁ। কাৰণ আল্লাহ নিজৰ কৰ্ম সম্পাদনত অপ্ৰতিহত, কিন্তু অধিকাংশ মানুহেই নাজানে।

    [22] আৰু তেওঁ যেতিয়া পূৰ্ণ যৌৱনত উপনীত হ’ল তেতিয়া আমি তাক হিকমত আৰু জ্ঞান দান কৰিলো। এইদৰেই আমি ইহছানকাৰী সকলক পুৰষ্কৃত কৰো।

    [23] আৰু তেওঁ যিজনী মহিলাৰ ঘৰত আছিল, সেইজনীয়ে তেওঁক কুপ্ৰৰোচনা দিলে আৰু দুৱাৰসমূহ বন্ধ কৰি দিলে, আৰু ক’লে, ‘আহা’। তেওঁ ক’লে, ‘মই আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰো, নিশ্চয় তেওঁ মোৰ মনিব; তেৱেঁই মোৰ থকাৰ সুন্দৰ ব্যৱস্থা কৰিছে। নিশ্চয় যালিমসকল কেতিয়াও সফল নহয়’।

    [24] আৰু সেই মহিলাজনী তেওঁৰ প্ৰতি আসক্ত হৈছিল আৰু তেৱোঁ তাইৰ প্ৰতি আসক্ত হৈ পৰিলেহেঁতেন যদি তেওঁ তেওঁৰ প্ৰতিপালকৰ নিদৰ্শন নেদেখিলেহেঁতেন। এইদৰেই (সেয়া হৈছিল) যাতে আমি তেওঁৰ পৰা কুকৰ্ম আৰু অশ্লীলতা দূৰ কৰি দিওঁ। নিশ্চয় তেওঁ আছিল আমাৰ মুখলিচ বা বিশুদ্ধচিত্ত বান্দাসকলৰ অন্তৰ্ভুক্ত।

    [25] আৰু সিহঁত উভয়ে দৌৰি দুৱাৰৰ পিনে গ’ল, আৰু মহিলাজনীয়ে পিছফালৰ পৰা তেওঁৰ চোলা ফালি পেলালে, তেওঁলোক উভয়ে মহিলাগৰাকীৰ স্বামীক দুৱাৰৰ সন্মুখত পালে। মহিলাজনীয়ে ক’লে, ‘যিয়ে তোমাৰ স্ত্ৰীৰ লগত অসৎকৰ্ম কৰাৰ ইচ্ছা কৰে তাৰ বাবে কাৰাগাৰত প্ৰেৰণ বা আন কোনো যন্ত্ৰণাদায়ক শাস্তিৰ বাহিৰে আৰুনো কি দণ্ড হ’ব পাৰে’

    [26] ইউছুফে ক’লে, ‘এওঁহে মোক কুপ্ৰৰোচনা দিছে’। মহিলাগৰাকীৰ পৰিয়ালৰ এজন সাক্ষীয়ে সাক্ষ্য দিলে যে, ‘যদি তেওঁৰ চোলাটো সন্মুখৰ পৰা ফলা হৈছে তেন্তে মহিলাগৰাকীয়ে সত্য কথা কৈছে আৰু পুৰুষজন (ইউছুফ) মিছলীয়াসকলৰ অন্তৰ্ভুক্ত’।

    [27] আৰু যদি তেওঁৰ চোলা পিছফালৰ পৰা ফলা থাকে তেন্তে মহিলাগৰাকী মিছলীয়া আৰু পুৰুষজন (ইউছুফ) সত্যবাদীসকলৰ অন্তৰ্ভুক্ত।

    [28] এতেকে মহিলাগৰাকীৰ স্বামীয়ে যেতিয়া দেখিলে যে, ইউছুফৰ চোলা পিছফালৰ পৰা ফলা হৈছে তেতিয়া তেওঁ ক’লে, ‘নিশ্চয় এইটো তোমালোক নাৰীসকলৰ ছলনা, নিশ্চয় তোমালোকৰ ছলনা অতি সাংঘাতিক’।

    [29] ‘হে ইউছুফ! তুমি এইটো উপেক্ষা কৰা, আৰু হে নাৰী! তুমি তোমাৰ অপৰাধৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা; নিশ্চয় তুমি অপৰাধীসকলৰ অন্তৰ্ভুক্ত’।

    [30] আৰু নগৰৰ কিছুমান মহিলাই গাই ফুৰিছিল যে, ‘আজীজৰ স্ত্ৰীয়ে তাইৰ কৃতদাস যুৱকৰ পৰা অসৎকৰ্ম কামনা কৰিছিল, গভীৰ প্ৰেমে তাইক উন্মত্ত কৰিছে, নিশ্চয় আমাৰ দৃষ্টিত তাই স্পষ্ট ভ্ৰষ্টতাত নিপতিত’।

    [31] এতেকে যেতিয়া মহিলাজনীয়ে সিহঁতৰ ষড়যন্ত্ৰৰ কথা শুনিলে, তেতিয়া সিহঁতক মাতি পঠিয়ালে আৰু সিহঁতৰ বাবে আসন প্ৰস্তুত কৰিলে। সিহঁত সকলোকে একোটাকৈ ছুৰিকটাৰী প্ৰদান কৰিলে আৰু ইউছফক ক’লে, ‘সিহঁতৰ সন্মুখত ওলাই আহা’। ফলত সিহঁতে যেতিয়া তেওঁক দেখিলে তেতিয়া সিহঁত তেওঁৰ সৌন্দৰ্যত অভিভূত হ’ল আৰু নিজৰে হাত কাটি পেলালে আৰু সিহঁতে ক’লে, ‘অদ্ভুত আল্লাহৰ মাহাত্ম্য! এওঁ মানুহ নহয়। নিশ্চয় এওঁ এজন মহিমান্বিত ফিৰিস্তা’।

    [32] মহিলাগৰাকীয়ে ক’লে, ‘এওঁৱেই হৈছে সেই ব্যক্তি যাৰ বিষয়ে তোমালোকে মোক নিন্দা কৰিছিলা। ময়েই তেওঁৰ পৰা অসৎকৰ্ম কামনা কৰিছিলো কিন্তু তেওঁ নিজকে পৱিত্ৰ ৰাখিছে; আৰু মই তেওঁক যি আদেশ কৰিছো সেয়া যদি তেওঁ পালন নকৰে, তেন্তে তেওঁ অৱশ্যে কাৰাৰুদ্ধ হ’ব আৰু অৱশ্যে তেওঁ অপদস্তসকলৰ অন্তৰ্ভুক্ত হ’ব’।

    [33] ইউছুফে ক’লে, ‘হে মোৰ ৰব! এই নাৰীসকলে মোক যি কামৰ প্ৰতি আহ্বান কৰি আছে তাতকৈ বন্দীশাল মোৰ ওচৰত বেছি প্ৰিয়। তুমি যদি মোক সিহঁতৰ ছলনাৰ পৰা ৰক্ষা নকৰা তেন্তে মই সিহঁতৰ প্ৰতি আকৃষ্ট হৈ পৰিম আৰু অজ্ঞসকলৰ অন্তৰ্ভুক্ত হৈ যাম’।

    [34] সেয়ে তেওঁৰ প্ৰতিপালকে তেওঁৰ প্ৰাৰ্থনাত সঁহাৰি জনালে আৰু তেওঁক সিহঁতৰ ছলনাৰ পৰা ৰক্ষা কৰিলে। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

    [35] ফলত বিভিন্ন নিদৰ্শনাৱলী দেখাৰ পিছত সিহঁতে ভাৱিলে যে, তেওঁক অৱশ্যে কিছু সময়ৰ বাবে কাৰাৰুদ্ধ কৰিব লাগিব।

    [36] তেওঁৰ লগতে আৰু দুজন যুৱক কাৰাগাৰত প্ৰৱেশ কৰিলে। সিহঁতৰ এজনে ক’লে, ‘মই সপোনত দেখিলো যে, মই মদৰ বাবে আঙুৰ নিঃসাৰণ কৰি আছো’, আৰু আনজনে ক’লে, ‘মই সপোনত দেখিলো যে, মই মোৰ মূৰত ৰুটি কঢ়িয়াই নিছো আৰু চৰাইয়ে তাৰ পৰা খাই আছে। আপুনি আমাক ইয়াৰ তাৎপৰ্য জনাই দিয়ক, আমি দেখিছো আপুনি মুহছিনসকলৰ অন্তৰ্ভুক্ত’।

    [37] ইউছুফে ক’লে, ‘তোমালোকক যি খাদ্য দিয়া হয় সেয়া অহাৰ আগতেই মই তোমালোকক সপোনৰ তাৎপৰ্য জনাই দিম। মই তোমালোকক যিটো জনাম সেয়া মোৰ প্ৰতিপালকে মোক শিক্ষা দিছে। নিশ্চয় মই সেই সম্প্ৰদায়ৰ ধৰ্ম মতক বৰ্জন কৰিছো যিসকলে আল্লাহৰ ওপৰত ঈমান পোষণ নকৰে, আৰু যিসকলে আখিৰাতক অস্বীকাৰ কৰে’।

    [38] ‘মই মোৰ পিতৃ-পুৰুষ ইব্ৰাহীম, ইছহাক্ব আৰু ইয়াকূবৰ মিল্লাত অনুসৰণ কৰো। আল্লাহৰ লগত আনক অংশীদাৰ কৰা আমাৰ বাবে সংগত নহয়। এইটো আমাৰ আৰু সমগ্ৰ মানৱৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ; কিন্তু অধিকাংশ মানুহেই কৃতজ্ঞতা প্ৰকাশ নকৰে’।

    [39] ‘হে মোৰ বন্দীশালৰ সঙ্গীদ্বয়! ভিন ভিন অসংখ্য ৰব ভাল, নে মহাপ্ৰতাপশালী এজন আল্লাহেই ভাল’

    [40] ‘তেওঁৰ বাহিৰে তোমালোকে কিছুমান নামৰহে ইবাদত কৰি আছা, যিবোৰ নাম তোমালোকৰ পিতৃপুৰুষ নাইবা তোমালোকে নিজেই ৰাখিছা; এইবোৰৰ কোনো প্ৰমাণ আল্লাহে অৱতীৰ্ণ কৰা নাই। বিধান দিয়াৰ অধিকাৰ কেৱল আল্লাহৰেই। তেৱেঁই নিৰ্দেশ দিছে যে, ‘তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা’। এইটোৱেই শাশ্বত দ্বীন কিন্তু অধিকাংশ মানুহেই সেয়া নাজানে’।

    [41] ‘হে মোৰ বন্দীশালৰ সঙ্গীদ্বয়! তোমালোক দুজনৰ এজনে তাৰ মনিবক সুৰা পান কৰাব আৰু আনজন শূলবিদ্ধ হ’ব; আৰু চৰাইয়ে তাৰ মূৰ খুটি খুটি খাব। যি বিষয়ে তোমালোকে জানিব বিচাৰিছিলা তাৰ সিদ্ধান্ত হৈ গৈছে’।

    [42] আৰু সিহঁতৰ মাজৰ যিজনে মুক্তি পাব বুলি ইউছুফে ধাৰণা কৰিলে, তাক তেওঁ ক’লে, ‘তোমাৰ মনিবৰ ওচৰত মোৰ কথা উল্লেখ কৰিবা’। কিন্তু চয়তানে তাক তেওঁৰ বিষয়ে তাৰ মনিবৰ ওচৰত ব্যক্ত কৰিবলৈ পাহৰাই দিলে। ফলত ইউছুফক আৰু কেইবা বছৰ কাৰাগাৰত থাকিবলগীয়া হ’ল।

    [43] আৰু ৰজাই (এদিনাখন) ক’লে, ‘মই সপোনত দেখিলো, সাতজনী হৃষ্ট-পুষ্ট গাই, সিহঁতক আন সাতজনী ক্ষীণ গায়ে ভক্ষন কৰিছে আৰু দেখিলো সাতোটা সজীৱ শীহ লগতে আন সাতোটা শুকান শীহ। হে পৰিষদবৰ্গ! যদি তোমালোকে সপোনৰ ব্যাখ্যা কৰিব পাৰা তেন্তে মোৰ সপোনৰ বিষয়ে অভিমত দিয়া’।

    [44] সিহঁতে ক’লে, ‘এইটো অৰ্থহীন অলীক সপোন আৰু এনেকুৱা সপোনৰ ব্যাখ্যাত আমি অভিজ্ঞ নহয়’।

    [45] আৰু সেই দুজন কাৰাৰুদ্ধৰ মাজত যিজনে মুক্তি পাইছিল, দীৰ্ঘকাল পিছত তাৰ স্মৰণ হ’ল, সি ক’লে, ‘মই ইয়াৰ তাৎপৰ্য আপোনালোকক জনাম। সেয়ে মোক পঠাই দিয়ক’।

    [46] সি আহি ক’লে, ‘হে ইউছুফ! হে সত্যবাদী! সাতজনী হৃষ্ট-পুষ্ট গাই, সেইবোৰক ভক্ষণ কৰিছে সাতজনী দুৰ্বল গায়ে আৰু সাতোটা সজীৱ শীহ আৰু আন সাতোটা শুকান শীহ সম্বন্ধে আপুনি আমাক ব্যাখ্যা দিয়ক, যাতে মই মানুহৰ ওচৰত উভতি যাব পাৰো আৰু মানুহে জানিব পাৰে’।

    [47] তেওঁ ক’লে, ‘তোমালোকে একেৰাহে সাত বছৰ খেতিবাতি কৰিবা, তাৰ পিছত তোমালোকে যি শস্য কাটিবা তাৰে সামান্য পৰিমাণ খাই বাকীখিনি শীহসহ থৈ দিব’

    [48] ‘ইয়াৰ পিছত আহিব সাতোটা কঠিন বছৰ, এই সাত বছৰত, আগতে যি সঞ্চয় কৰি ৰাখিবা, মানুহে সেয়া খাব; কেৱল সামান্য পৰিমাণ যিটো তোমালোকে সংৰক্ষণ কৰিবা, তাৰ বাহিৰে’।

    [49] ‘তাৰ পিছত আহিব এনেকুৱা এটা বছৰ, সেই বছৰত মানুহৰ বাবে প্ৰচুৰ বৰষুণ হ’ব আৰু সেই বছৰত মানুহে ফলৰ ৰস চেপি উলিয়াব’।

    [50] আৰু ৰজাই ক’লে, ‘তোমালোকে ইউছুফক মোৰ ওচৰলৈ লৈ আহা’। তাৰ পিছত যেতিয়া (ৰজাৰ) দূত তেওঁৰ ওচৰত উপস্থিত হ’ল তেতিয়া তেওঁ ক’লে, ‘তুমি তোমাৰ মনিবৰ ওচৰত উভতি যোৱা আৰু তেওঁক সোধাগৈ, যি নাৰীসকলে নিজৰে হাত কাটি পেলাইছিল সিহঁতৰ অৱস্থা কি! নিশ্চয় মোৰ ৰব সিহঁতৰ ছলনা সম্পৰ্কে সম্যক অৱগত’।

    [51] ৰজাই নাৰীসকলক ক’লে, ‘যেতিয়া তোমালোকে ইউছুফৰ পৰা অসৎকৰ্ম কামনা কৰিছিলা, তেতিয়া তোমালোকৰ কি হৈছিল’? সিহঁতে ক’লে, ‘অদ্ভুত আল্লাহৰ মাহাত্ম্য! আমি তেওঁৰ মাজত কোনো দোষ পোৱা নাছিলো’। আজীজৰ স্ত্ৰীয়ে ক’লে, ‘এতিয়াহে সত্য প্ৰকাশ পালে, মইহে তেওঁক প্ৰৰোচনা দিছিলো, আৰু তেওঁ নিশ্চয় সত্যবাদীসকলৰ অন্তৰ্ভুক্ত’।

    [52] ‘এইটো এই বাবে যে, যাতে তেওঁ জানিব পাৰে, তেওঁৰ অনুপস্থিতিত মই তেওঁৰ প্ৰতি বিশ্বাসঘাতকতা কৰা নাছিলো আৰু নিশ্চয় আল্লাহে বিশ্বাসঘাতক সকলৰ ষড়যন্ত্ৰ সফল নকৰে’।

    [53] ‘আৰু মই নিজকে নিৰ্দোষ বুলি কব বিচৰা নাই, কিয়নো, নিশ্চয় মানুহৰ নফচে বেয়া কামৰ নিৰ্দেশ দিয়াটোৱে স্বাভাৱিক, কিন্তু তাৰ বাহিৰে যাৰ প্ৰতি মোৰ প্ৰতিপালকে দয়া কৰে। নিশ্চয় মোৰ প্ৰতিপালক অতি ক্ষমাশীল, পৰম দয়ালু’।

    [54] ৰজাই ক’লে, ‘ইউছুফক মোৰ ওচৰলৈ লৈ আহা; মই তেওঁক মোৰ নিজৰ বাবে আপোন কৰি লম’। তাৰ পিছত ৰজাই যেতিয়া তেওঁৰ লগত কথা পাতিলে, তেতিয়া ৰজাই ক’লে, ‘নিশ্চয় আজি আপুনি আমাৰ ওচৰত মৰ্যাদাশীল, পূৰ্ণ বিশ্বস্ত’।

    [55] তেওঁ ক’লে, ‘মোক দেশৰ কোষাগাৰৰ দায়িত্ব অৰ্পণ কৰক। নিশ্চয় মই উত্তম ৰক্ষক, সুবিজ্ঞ’।

    [56] আৰু এইদৰে আমি ইউছুফক সেই দেশত প্ৰতিষ্ঠিত কৰিলো; সেই দেশত তেওঁৰ য’তে ইচ্ছা ততেই অৱস্থান কৰাৰ অধিকাৰ আছিল। আমি যাক ইচ্ছা তাকেই আমাৰ ৰহমত প্ৰদান কৰো; আৰু আমি মুহছিনসকলৰ পুৰষ্কাৰ বিনষ্ট নকৰো।

    [57] আৰু যিসকলে ঈমান আনিছে আৰু তাক্বৱা অৱলম্বন কৰে তেওঁলোকৰ বাবে আখিৰাতৰ পুৰষ্কাৰেই উত্তম।

    [58] ইউছুফৰ ভাতৃসকল আহিল আৰু তেওঁৰ ওচৰত প্ৰৱেশ কৰিলে। ফলত তেওঁ সিহঁতক চিনি পালে, কিন্তু সিহঁতে তেওঁক চিনি নাপালে।

    [59] আৰু তেওঁ যেতিয়া সিহঁতক সিহঁতৰ সামগ্ৰীৰ ব্যৱস্থা কৰি দিলে তেতিয়া তেওঁ ক’লে, ‘তোমালোকে মোৰ ওচৰলৈ তোমালোকৰ পিতৃ পক্ষৰ বৈমাত্ৰেয় ভায়েকক লৈ আহিবা। তোমালোকে দেখা নাইনে, মই কেনেকৈ পূৰ্ণ মাত্ৰাত প্ৰদান কৰো আৰু মই কিমান ভাল অথিতিপৰায়ণ’।

    [60] ‘আৰু যদি তোমালোকে তাক লৈ নাহা তেন্তে তোমালোকৰ বাবে মোৰ ওচৰত কোনো খাদ্য সামগ্ৰী নাই আনকি তোমালোক মোৰ ওচৰলৈকে নাহিবা’।

    [61] সিহঁতে ক’লে, ‘তাৰ বিষয়ে আমি তাৰ পিতৃক সন্মত কৰোৱাৰ চেষ্টা কৰিম আৰু আমি এইটো নিশ্চয় কৰিম’।

    [62] আৰু ইউছুফে তেওঁৰ কৰ্মচাৰীসকলক ক’লে, ‘সিহঁতে যি পণ্যমূল্য দিছে সেয়া সিহঁতৰ খাদ্যসামগ্ৰীৰ ভিতৰতে থৈ দিয়া, যাতে সিহঁতে পৰিয়ালৰ ওচৰত উভতি যোৱাৰ পিছত সেয়া চিনি পায়। ফলত যাতে সিহঁতে আকৌ উভতি আহে’।

    [63] এতেকে সিহঁতে যেতিয়া সিহঁতৰ পিতৃ ওচৰত উভতি আহিল, তেতিয়া সিহঁতে ক’লে, ‘হে আমাৰ পিতৃ! আমাৰ বাবে পৰিমাপকৃত খাদ্য সামগ্ৰী নিষিদ্ধ কৰা হৈছে। গতিকে আমাৰ ভায়েকক আমাৰ লগত পঠাই দিয়ক যাতে আমি পৰিমাপকৃত খাদ্য সামগ্ৰী পাওঁ। অৱশ্যে আমি তাৰ হিফাজত কৰিম’।

    [64] তেওঁ ক’লে, ‘মই তোমালোকক ইয়াৰ বিষয়ে তেনেকৈ নিৰাপদ বুলি ভাৱিম নেকি, যেনেকৈ ইয়াৰ আগত তোমালোকক নিৰাপদ বুলি ভাৱিছিলো ইয়াৰ ভায়েকৰ বিষয়ে? কিন্তু আল্লাহেই ৰক্ষণাবেক্ষণত শ্ৰেষ্ঠ আৰু তেৱেঁই সৰ্বশ্ৰেষ্ঠ দয়ালু’।

    [65] আৰু যেতিয়া সিহঁতে সিহঁতৰ খাদ্যসামগ্ৰীৰ টোপোলা খুলিলে তেতিয়া সিহঁতে দেখিবলৈ পালে যে, সিহঁতৰ পণ্যমূল্য সিহঁতক উভতাই দিয়া হৈছে। সিহঁতে ক’লে, ‘হে আমাৰ পিতৃ! আমি আৰু কি প্ৰত্যাশা কৰিব পাৰো? চাওঁক এয়া আমি দিয়া পণ্যমূল্য, আমাক আকৌ উভতাই দিয়া হৈছে। আমি আমাৰ পৰিয়ালবৰ্গক খাদ্য-সামগ্ৰী আনি দিম আৰু আমি আমাৰ ভাতৃৰ ৰক্ষণাবেক্ষণ কৰিম লগতে আমি অতিৰিক্ত আৰু এটা উটৰ (পিঠিত) পণ্য আনিম; এই পৰিমাণৰ শস্য লৈ অহা অতি সহজ’।

    [66] পিতাকে ক’লে, ‘মই তাক কেতিয়াও তোমালোকৰ লগত নপঠাওঁ যেতিয়ালৈকে তোমালোকে আল্লাহৰ নামত এই অঙ্গীকাৰ নকৰিবা যে, তোমালোকে তাক মোৰ ওচৰলৈ ঘূৰাই আনিবা, অৱশ্যে যদি তোমালোকক আটক কৰা হয় (তেন্তে সেয়া ভিন্ন কথা)’। তাৰ পিছত সিহঁতে যেতিয়া তেওঁৰ ওচৰত প্ৰতিজ্ঞা কৰিলে তেতিয়া তেওঁ ক’লে, ‘আমি যি বিষয়ে কথা পাতি আছো, আল্লাহেই ইয়াৰ বিধায়ক’।

    [67] আৰু তেওঁ ক’লে, ‘হে মোৰ পুত্ৰসকল! তোমালোকে এটা দুৱাৰেৰে প্ৰৱেশ নকৰিবা, বৰং ভিন ভিন দুৱাৰেৰে প্ৰৱেশ কৰিবা। আল্লাহৰ সিদ্ধান্তৰ বিপৰীতে মই তোমালোকৰ বাবে একো কৰিব নোৱাৰো। আদেশ কেৱল মাত্ৰ আল্লাহৰেই। মই তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰো, আল্লাহৰ ওপৰতেই নিৰ্ভৰকাৰী সকলৰ নিৰ্ভৰ কৰা উচিত’।

    [68] আৰু যেতিয়া সিহঁতে সিহঁতৰ পিতৃৰ আদেশ মতে প্ৰৱেশ কৰিলে, তেতিয়া আল্লাহৰ আদেশৰ বিপৰীতে সেয়া সিহঁতৰ কোনো কামত অহা নাছিল; ইয়াকূবে কেৱল তেওঁৰ মনৰ এটি অভিপ্ৰায় পূৰ্ণ কৰিছিল আৰু অৱশ্যে তেওঁ আমি দিয়া শিক্ষাৰে জ্ঞানবান আছিল। কিন্তু বেছি ভাগ মানুহেই নাজানে।

    [69] আৰু সিহঁতে যেতিয়া ইউছুফৰ ওচৰত প্ৰৱেশ কৰিলে, তেতিয়া ইউছুফে তেওঁৰ সহোদৰ ভায়েকক নিজৰ ওচৰতে ৰাখিলে আৰু ক’লে, ‘নিশ্চয় ময়েই তোমাৰ সহোদৰ ভায়েক, গতিকে সিহঁতে যি কৰিছিল তাৰ বাবে দুখ নকৰিবা’।

    [70] তাৰ পিছত তেওঁ যেতিয়া সিহঁতৰ সামগ্ৰীৰ ব্যৱস্থা কৰি দিলে, তেতিয়া তেওঁ নিজ সহোদৰ ভায়েকৰ টোপোলাৰ মাজত পানপাত্ৰ ৰাখি দিলে। তাৰ পিছত এজন আহ্বায়কে চিঞঁৰি ক’লে, ‘হে যাত্ৰীদল! নিশ্চয় তোমালোক চোৰ’।

    [71] সিহঁতে তেওঁলোকৰ ফালে চাই সুধিলে, ‘আপোনালোকৰ কি হেৰাইছে’

    [72] তেওঁলোকে ক’লে, ‘আমি ৰজাৰ পানপাত্ৰ হেৰাইছো। যিয়ে সেইটো আনি দিব, সি এটা উটৰ (পিঠিত) বোজাই পৰিমাণ খাদ্য-সামগ্ৰী উপহাৰ পাব; আৰু মই ইয়াৰ জামিন’।

    [73] সিহঁতে ক’লে, ‘আল্লাহৰ শপত! আপোনালোকে জানেই দেখোন যে, আমি এই দেশত দুষ্কৃতি কৰিবলৈ অহা নাই আৰু আমি চোৰো নহয়’।

    [74] তেওঁলোকে ক’লে, ‘যদি তোমালোকে মিছলীয়া হোৱা তেন্তে ইয়াৰ শাস্তি কি হব

    [75] সিহঁতে ক’লে, ‘ইয়াৰ শাস্তি হ’ব, যাৰ টোপোলাৰ মাজত সেই পাত্ৰটো পোৱা যাব, সিয়েই তাৰ বিনিময়’। এইদৰেই আমি যালিমসকলক শাস্তি প্ৰদান কৰো।

    [76] এতেকে তেওঁ নিজ সহোদৰ ভায়েকৰ টোপোলা চোৱাৰ আগতে সিহঁতৰ টোপোলাত বিচাৰিবলৈ ধৰিলে, পিছত তেওঁৰ সহোদৰ ভায়েকৰ টোপোলাৰ পৰা পাত্ৰটো উলিয়াই আনিলে। এনেকৈ আমি ইউছুফৰ বাবে কৌশল কৰিছিলো। আল্লাহে ইচ্ছা নকৰিলে ৰজাৰ আইনত তেওঁৰ ভাতৃক আটক কৰা সংগত নাছিল। আমি যাক ইচ্ছা মৰ্যাদাত উচ্চ কৰি দিওঁ। কাৰণ প্ৰত্যেক জ্ঞানবান ব্যক্তিৰ ওপৰত আছে সৰ্বজ্ঞানী।

    [77] সিহঁতে ক’লে, ‘সি যদি চুৰি কৰিছে তেন্তে (এয়া কোনো আচৰিত কথা নহয়) ইয়াৰ সহোদৰেও ইয়াৰ আগত চুৰি কৰিছিল’। কিন্তু ইউছুফে প্ৰকৃত বিষয়টো নিজৰ মনতে গোপন ৰাখিলে আৰু সিহঁতৰ সন্মুখত প্ৰকাশ নকৰিলে। তেওঁ (মনে মনে) ক’লে, ‘তোমালোকৰ অৱস্থা অতি জঘন্য আৰু তোমালোকে যি কৈ আছা সেই বিষয়ে আল্লাহেই অধিক অৱগত’।

    [78] সিহঁতে ক’লে, ‘হে আজীজ! ইয়াৰ পিতৃ অত্যন্ত বৃদ্ধ; গতিকে ইয়াৰ ঠাইত আমাৰ মাজৰ কোনো এজনক ৰাখি দিয়ক। আমাৰ দৃষ্টিত আপুনি এজন সৎকৰ্মশীল ব্যক্তি’।

    [79] তেওঁ ক’লে, ‘যাৰ ওচৰত আমি আমাৰ বস্তু পাইছো, তাৰ বাহিৰে আনক আটক কৰাৰ অপৰাধৰ পৰা আমি আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছো। এনে কৰিলে নিশ্চয় আমি যালিমত পৰিণত হম’।

    [80] এতেকে যেতিয়া সিহঁত তাৰ বিষয়ে সম্পূৰ্ণৰূপে নিৰাশ হ’ল, তেতিয়া সিহঁত পৰামৰ্শ কৰিবলৈ একান্তভাৱে গোট খালে। সিহঁতৰ মাজৰ ডাঙৰ জনে ক’লে, ‘তোমালোকৰ মনত আছেনে তোমালোকৰ পিতৃয়ে তোমালোকৰ পৰা আল্লাহৰ নামত অঙ্গীকাৰ লৈছে আৰু ইয়াৰ আগতেও তোমালোকে ইউছুফৰ বিষয়ে অন্যায় কৰিছিলা। গতিকে মই কেতিয়াও এই দেশ এৰি নাযাওঁ যেতিয়ালৈকে মোৰ পিতৃয়ে মোক অনুমতি নিদিব অথবা আল্লাহে মোৰ বাবে কোনো ফয়চালা নকৰিব আৰু তেৱেঁই শ্ৰেষ্ঠ ফয়চালাকাৰী’।

    [81] তোমালোকে তোমালোকৰ পিতৃৰ ওচৰত ঘূৰি যোৱা আৰু কোৱাগৈ, ‘হে আমাৰ পিতৃ! আপোনাৰ পুত্ৰই চুৰি কৰিছে আৰু আমি যি জানো তাৰেই প্ৰত্যক্ষ বিৱৰণ দিলো, আৰু আমি অদৃশ্যৰ সংৰক্ষণকাৰী নহয়’।

    [82] ‘(যদি বিশ্বাস নহয়) তেন্তে যি জনপদত আমি আছিলো সেই ঠাইৰ অধিবাসীসকলক সোধক আৰু যি যাত্ৰীদলৰ লগত আমি আহিছো তেওঁলোককো সোধক। নিশ্চয় আমি সঁচা কথা কৈ আছো’।

    [83] তেওঁ (ইয়াকূবে) ক’লে, ‘নহয়, বৰং তোমালোকৰ কু-প্ৰবৃত্তিয়ে তোমালোকৰ বাবে এটা কাহিনী সজাই দিছে। গতিকে উত্তম ধৈৰ্যহে মই গ্ৰহণ কৰিম; সম্ভৱতঃ আল্লাহে সিহঁত উভয়কে একেলগে মোৰ ওচৰলৈ আনি দিব। নিশ্চয় তেওঁ সৰ্বজ্ঞ, প্ৰজ্ঞাময়’।

    [84] আৰু তেওঁ সিহঁতৰ পৰা মুখ ঘূৰাই নিলে আৰু ক’লে, ‘হায় আফচোচ! ইউছুফৰ বাবে’। শোকত (কান্দি কান্দি) তেওঁৰ চকু দুটা ঘোলা হৈ পৰিছিল কিন্তু তেওঁ আছিল সম্বৰণকাৰী।

    [85] সিহঁতে ক’লে, ‘আল্লাহৰ শপত! আপুনি ইউছুফৰ কথা সদায় স্মৰণ কৰি থাকিব যেতিয়া লৈকে আপুনি মুমূৰ্ষ অৱস্থাত উপনীত নহয় অথবা আপোনাৰ মৃত্যুবৰণ নহয়’।

    [86] তেওঁ ক’লে, ‘মই মোৰ অসহনীয় বেদনা, মোৰ দুখ কেৱল আল্লাহৰ ওচৰতেই নিবেদন কৰো আৰু মই আল্লাহৰ তৰফৰ পৰা সেয়া জানো যিটো তোমালোকে নাজানা’।

    [87] ‘হে মোৰ পুত্ৰসকল! তোমালোকে যোৱা, ইউছুফ আৰু তাৰ সহোদৰৰ সন্ধান কৰা আৰু আল্লাহৰ ৰহমতৰ পৰা তোমালোক নিৰাশ নহ’বা। কাৰণ আল্লাহৰ ৰহমতৰ পৰা কাফিৰ সম্প্ৰদায়ৰ বাহিৰে আন কোনেও নিৰাশ নহয়’।

    [88] এতেকে যেতিয়া সিহঁত ইউছুফৰ ওচৰত উপস্থিত হ’ল তেতিয়া সিহঁতে ক’লে, ‘হে আজীজ! আমি আৰু আমাৰ পৰিয়ালবৰ্গ বিপন্ন হৈ পৰিছো আৰু আমি তুচ্ছ পুঁজি লৈ আহিছো; গতিকে আপুনি আমাক খাদ্য-সামগ্ৰী পূৰ্ণ মাত্ৰাত প্ৰদান কৰক আৰু আমাৰ প্ৰতি অনুগ্ৰহ কৰক; নিশ্চয় আল্লাহে অনুগ্ৰহকাৰী সকলক পুৰষ্কৃত কৰে’।

    [89] ইউছুফে ক’লে, ‘তোমালোকে জানানে, তোমালোকে ইউছুফ আৰু তেওঁৰ সহোদৰৰ লগত কি আচৰণ কৰিছিলা, যেতিয়া তোমালোক আছিলা অজ্ঞ’

    [90] সিহঁতে ক’লে, ‘তেন্তে তুমিয়েই ইউছুফ নেকি’? তেওঁ ক’লে, ‘হয়, ময়েই ইউছুফ আৰু এওঁ মোৰ ভাইটি; নিশ্চয় আল্লাহে আমাৰ ওপৰত অনুগ্ৰহ কৰিছে। নিশ্চয় যি ব্যক্তি তাক্বৱা অৱলম্বন কৰে আৰু ধৈৰ্য ধাৰণ কৰে, তেন্তে অৱশ্যে আল্লাহে সৎকৰ্মশীলসকলৰ শ্ৰমফল বিনষ্ট নকৰে’।

    [91] সিহঁতে ক’লে, ‘আল্লাহৰ শপত! আল্লাহে নিশ্চয় তোমাক আমাৰ ওপৰত প্ৰাধান্য দিছে আৰু আমি আছিলো অপৰাধী’।

    [92] তেওঁ ক’লে, ‘আজি তোমালোকৰ বিৰুদ্ধে কোনো গৰিহণা নাই। আল্লাহে তোমালোকক ক্ষমা কৰক আৰু তেৱেঁই শ্ৰেষ্ঠ দয়ালু’।

    [93] ‘তোমালোকে মোৰ এই চোলাটো লৈ যোৱা আৰু এইটো মোৰ পিতৃৰ মুখমণ্ডলৰ ওপৰত ৰাখিবা; তেতিয়া তেওঁ দৃষ্টি শক্তি ঘূৰাই পাব। লগতে তোমালোকৰ পৰিয়ালৰ সকলোকে মোৰ ওচৰলৈ লৈ আহাগৈ’।

    [94] আৰু যেতিয়া যাত্ৰীদল ওলাই পৰিল সেই সময়তে (ইয়াত) তেওঁলোকৰ পিতৃয়ে ক'লে, তোমালোকে যদি মোক বৃদ্ধ-অপ্ৰকৃতিস্থ বুলি নভবা তেন্তে মই কওঁ যে, ‘মই ইউছুফৰ ঘ্ৰাণ পাই আছো’।

    [95] সিহঁতে ক’লে, ‘আল্লাহৰ শপত! আপুনি এতিয়াও সেই পুৰণি বিভ্ৰান্তিতেই আছে’।

    [96] তাৰ পিছত যেতিয়া সুসংবাদবাহক উপস্থিত হ’ল আৰু তেওঁৰ মুখমণ্ডলৰ ওপৰত চোলাটো ৰাখিলে তেতিয়া তেওঁ দৃষ্টি শক্তি ঘূৰাই পালে। তেওঁ ক’লে, ‘মই তোমালোকক কোৱা নাছিলোনে যে, মই আল্লাহৰ তৰফৰ পৰা যি জানো তোমালোকে সেয়া নাজানা’

    [97] সিহঁতে ক’লে, ‘হে আমাৰ পিতৃ! আমাৰ গুনাহৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰক; নিশ্চয় আমি অপৰাধী’।

    [98] তেওঁ ক’লে, ‘অচিৰেই মই মোৰ প্ৰতিপালকৰ ওচৰত তোমালোকৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম। নিশ্চয় তেওঁ অতি ক্ষমাশীল, পৰম দয়ালু’।

    [99] তাৰ পিছত তেওঁলোক যেতিয়া ইউছুফৰ ওচৰত উপস্থিত হ’ল, তেতিয়া তেওঁ পিতৃ-মাতৃক নিজৰ কাষত স্থান দিলে, আৰু ক’লে, ‘আপোনালোকে আল্লাহৰ ইচ্ছাত নিৰাপদে মিচৰত অৱস্থান কৰক’।

    [100] আৰু ইউছুফে তেওঁৰ পিতৃ-মাতৃক উচ্চ আসনত বহুৱালে আৰু তেওঁলোক সকলোৱে তেওঁৰ সন্মানত ছাজদাৱনত হ’ল। তেতিয়া তেওঁ ক’লে, ‘হে মোৰ পিতৃ! এইটোৱেই মোৰ সপোনৰ ব্যাখ্যা; মোৰ প্ৰতিপালকে ইয়াক সত্যত পৰিণত কৰিছে আৰু তেৱেঁই মোক কাৰাগাৰৰ পৰা মুক্ত কৰিছে আৰু চয়তানে মোৰ আৰু মোৰ ভাতৃসকলৰ সম্পৰ্ক বিনষ্ট কৰাৰ পিছতো আপোনালোকক মৰুভূমি অঞ্চলৰ পৰা ইয়াত আনি তেওঁ মোৰ প্ৰতি অনুগ্ৰহ কৰিছে। নিশ্চয় মোৰ প্ৰতিপালকে যি ইচ্ছা কৰে সেয়া নিপুণতাৰ সৈতে কৰে। নিশ্চয় তেৱেঁই সৰ্বজ্ঞ, প্ৰজ্ঞাময়’।

    [101] ‘হে মোৰ প্ৰতিপালক! তুমিয়েই মোক ৰাজত্ব দান কৰিছা আৰু সপোনৰ ব্যাখ্যা শিক্ষা দিছা। হে আকাশসমূহ আৰু পৃথিৱীৰ স্ৰষ্টা! তুমিয়েই পৃথিৱী আৰু আখিৰাতত মোৰ অভিভাৱক। তুমি মোক মুছলিম অৱস্থাত মুত্যু প্ৰদান কৰা আৰু মোক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত কৰা’।

    [102] এইবোৰ গায়েবৰ সংবাদ যিবোৰ আমি অহীৰ দ্বাৰা তোমাক জনাই আছো, যেতিয়া সিহঁতে ঐক্যমতত উপনীত হৈ ষড়যন্ত্ৰ কৰিছিল, তেতিয়া তুমি সিহঁতৰ লগত নাছিলা।

    [103] আৰু তুমি যিমানেই আকাংক্ষা নকৰা কিয়, অধিকাংশ মানুহেই ঈমান পোষণ নকৰিব।

    [104] অথচ তুমি সিহঁতৰ পৰা কোনো প্ৰতিদানো বিচৰা নাই। এই (কোৰআন) কেৱল সৃষ্টিজগতৰ বাবে উপদেশমাত্ৰ।

    [105] আকাশসমূহ আৰু পৃথিৱীত বহুতো নিদৰ্শন আছে; সিহঁতে এইবোৰ দেখে কিন্তু সিহঁতে এইবোৰৰ প্ৰতি উদাসীন।

    [106] সিহঁতৰ সৰহভাগ মানুহে ঈমান পোষণ কৰা সত্বেও আল্লাহৰ লগত অংশীদাৰ স্থাপন (শ্বিৰ্ক) কৰে।

    [107] কিন্তু সিহঁত আল্লাহৰ সৰ্বগ্ৰাসী শাস্তিৰ পৰা নাইবা সিহঁতৰ অজানিতে কিয়ামতৰ আকস্মিক উপস্থিতিৰ পৰা নিৰাপদ হৈ গৈছে নেকি

    [108] কোৱা, ‘এইটোৱেই মোৰ পথ, মই আৰু মোৰ অনুসাৰীসকলে পূৰ্ণ বিশ্বাসৰ সৈতে জানি-বুজি আল্লাহৰ প্ৰতি আহ্বান কৰো। আল্লাহ অতি পৱিত্ৰ মহান আৰু মই মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহয়’।

    [109] আৰু আমি তোমাৰ পূৰ্বেও জনপদবাসীৰ মাজৰ পৰা কেৱল পুৰুষসকলকেই ৰিছালত প্ৰদান কৰিছিলো, যিসকলৰ ওপৰত আমি অহী অৱতীৰ্ণ কৰিছিলো। ইহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাইনে? তেতিয়াহে দেখিব পাৰিলেহেঁতেন যে, সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ কি পৰিণাম হৈছিল? আৰু অৱশ্যে যিসকলে তাক্বৱা অৱলম্বন কৰিছে তেওঁলোকৰ বাবে আখিৰাতৰ আবাসেই উত্তম; তথাপিও তোমালোকে বুজি নোপোৱা নে

    [110] অৱশেষত যেতিয়া ৰাছুলসকল (তেওঁলোকৰ সম্প্ৰদায়ৰ ঈমানৰ পৰা) নিৰাশ হ’ল আৰু মানুহে ধাৰণা কৰিলে যে, ৰাছুলসকলক মিছা প্ৰতিশ্ৰুতি দিয়া হৈছে, তেতিয়া তেওঁলোকৰ ওচৰত আমাৰ সাহায্য আহি পালে। এইদৰে আমি যাক ইচ্ছা কৰো সি নাজাত পায়। কিন্তু অপৰাধী সম্প্ৰদায়ৰ পৰা আমাৰ শাস্তি প্ৰতিৰোধ কৰা নহয়।

    [111] সিহঁতৰ বৃত্তান্তত অৱশ্যে বোধশক্তি সম্পন্ন ব্যক্তিসকলৰ বাবে আছে শিক্ষা। এইটো কোনো মনে সজা ৰচনা নহয়। বৰং এইটো আগৰ গ্ৰন্থবোৰত যি আছে তাৰেই সমৰ্থক আৰু সকলো বিষয়ৰ বিশদ বিৱৰণ, লগতে মুমিন সম্প্ৰদায়ৰ বাবে ই হিদায়ত আৰু ৰহমত।

    Surah 13
    আর্‌-রা‘দ

    [1] আলিফ-লাম-মীম-ৰা, এইবোৰ কিতাবৰ আয়াত, আৰু তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া সত্য; কিন্তু অধিকাংশ মানুহেই ঈমান পোষণ নকৰে।

    [2] আল্লাহ সেইজন, যিজনে আকাশসমূহক খুঁটাবিহীন ওপৰত স্থাপন কৰিছে, যিটো তোমালোকে দেখা পোৱা। তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে আৰু সূৰ্য আৰু চন্দ্ৰক নিয়মাধীন কৰিছে, প্ৰত্যেকটোৱে এটা নিৰ্দিষ্ট সময় লৈকে আবৰ্তন কৰিব। তেৱেঁই সকলো বিষয় পৰিচালনা কৰে, আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰে, যাতে তোমালোকে তোমালোকৰ প্ৰতিপালকৰ লগত সাক্ষাত সম্পৰ্কে নিশ্চিত বিশ্বাস কৰিব পাৰা।

    [3] আৰু তেৱেঁই ধৰাখনক বিস্তৃত কৰিছে আৰু তাত সুদৃঢ় পৰ্বত আৰু নদী সৃষ্টি কৰিছে আৰু তেৱেঁই সকলো ধৰণৰ ফল-মূল যোৰা-যোৰাকৈ সৃষ্টি কৰিছে। তেৱেঁই দিনক ৰাতিৰ দ্বাৰা ঢাকি দিয়ে। নিশ্চয় ইয়াত চিন্তাশীল সম্প্ৰদায়ৰ বাবে নিদৰ্শন আছে।

    [4] আৰু পৃথিৱীত আছে পৰস্পৰ সংলগ্ন ভূখণ্ড, আঙ্গুৰৰ বাগিচা, খেতি পথাৰ, একেই মূলৰ পৰা উদগত বা ভিন ভিন মূলৰ পৰা উদগত খেজুৰ গছ যিবোৰক একে পানীয়েই জীপাল কৰে, কিন্তু সোৱাদৰ ক্ষেত্ৰত সেইবোৰৰ কিছুমানক আমি আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব দিওঁ। নিশ্চয় বোধশক্তি সম্পন্ন সম্প্ৰদায়ৰ বাবে ইয়াত আছে নিদৰ্শন।

    [5] আৰু যদি তুমি বিস্মিত হোৱা, তেন্তে (তাতোকৈ) বিস্মিয়ৰ বিষয় হৈছে সিহঁতৰ এই কথাঃ ‘আমি যেতিয়া মাটিত পৰিণত হম, তাৰ পিছতো আমি নতুন জীৱন লাভ কৰিমনে’? ইহঁতেই হৈছে সেইসকল লোক যিসকলে নিজ প্ৰতিপালকৰ লগত কুফৰী কৰিছে, আৰু ইহঁতৰেই ডিঙিত থাকিব শিকলি, আৰু ইহঁতেই অগ্নিৰ অধিবাসী, তাত সিহঁত স্থায়ী হ’ব।

    [6] আৰু সিহঁতে তোমাৰ ওচৰত মঙ্গলৰ পূৰ্বে অমঙ্গলৰ বাবে খৰখেদা কৰে। অথচ সিহঁতৰ আগত শাস্তিৰ অনুৰূপ বহু (শিক্ষণীয়) দৃষ্টান্ত পাৰ হৈছে। সিহঁতৰ অপৰাধৰ পিছতো নিশ্চয় তোমাৰ ৰব মানুহৰ প্ৰতি ক্ষমাশীল আৰু (শুনা) নিশ্চয় তোমাৰ ৰব শাস্তি প্ৰদানতো অতি কঠোৰ।

    [7] আৰু যিসকলে কুফৰী কৰিছে সিহঁতে কয়, ‘এওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা এওঁৰ ওপৰত কোনো নিদৰ্শন অৱতীৰ্ণ নহয় কিয়’? নিশ্চয় তুমি এজন সতৰ্ককাৰী, আৰু প্ৰত্যেক সম্প্ৰদায়ৰ বাবে আছে পথ প্ৰদৰ্শক।

    [8] প্ৰত্যেক নাৰীয়ে গৰ্ভত যি ধাৰণ কৰে আৰু গৰ্ভাশয়ত যি কমে আৰু বৃদ্ধি হয় সেয়া আল্লাহে জানে আৰু তেওঁৰ ওচৰত প্ৰত্যেক বস্তুৰে এটা নিৰ্দিষ্ট পৰিমাণ আছে।

    [9] তেওঁ গায়েব আৰু প্ৰকাশ্যৰ জ্ঞানী, মহান, সৰ্বোচ্চ।

    [10] তোমালোকৰ মাজত যিয়ে কথা গোপন কৰে অথবা যিয়ে কথা প্ৰকাশ কৰে, ৰাতিত যিয়ে আত্মগোপন কৰে আৰু দিনত যিয়ে প্ৰকাশ্যৰূপে বিচৰণ কৰে, সিহঁত সকলোৱে আল্লাহৰ ওচৰত সমান।

    [11] মানুহৰ বাবে তাৰ সন্মুখত আৰু পিছত এটাৰ পিছত এটাকৈ আগমনকাৰী প্ৰহৰী আছে, সিহঁতে আল্লাহৰ আদেশত তাৰ ৰক্ষণাবেক্ষণ কৰে। নিশ্চয় আল্লাহে কোনো সম্প্ৰদায়ৰ অৱস্থা পৰিবৰ্তন নকৰে যেতিয়া লৈকে সিহঁতে নিজেই নিজৰ অৱস্থা পৰিবৰ্তন নকৰে। লগতে কোনো সম্প্ৰদায়ৰ বাবে যদি আল্লাহে অশুভ কিবা ইচ্ছা কৰে তেন্তে সেয়া প্ৰতিৰোধ কৰা সম্ভৱ নহয় আৰু তেওঁৰ বাহিৰে সিহঁতৰ কোনো অভিভাৱক নাই।

    [12] তেৱেঁই ভয় আৰু আশা সঞ্চাৰ কৰাৰ বাবে তোমালোকক বিজুলীৰ চমক দেখুৱায়। তেৱেঁই গধূৰ মেঘ সৃষ্টি কৰে

    [13] আৰু ৰা’দ (বজ্ৰ অথবা ফিৰিস্তাৰ নাম) আল্লাহৰ সপ্ৰশংস মহিমা আৰু পৱিত্ৰতা ঘোষণা কৰে আৰু ফিৰিস্তাসকলেও কৰে তেওঁৰ ভয়ত। তেৱেঁই গৰ্জনকাৰী বজ্ৰ পঠায়, তাৰ পিছত যাক ইচ্ছা তাৰ দ্বাৰা আঘাত কৰে, কাৰণ সিহঁত আল্লাহ সম্পৰ্কে বাক-বিতণ্ডা কৰে, আৰু তেৱেঁই শক্তিত প্ৰবল, শাস্তিত অতি কঠোৰ।

    [14] সত্যৰ আহ্বান তেওঁৰেই। যিসকলে তেওঁৰ বাহিৰে আনক আহ্বান কৰে, সিহঁতে সিহঁতৰ আহ্বানত অকণো সঁহাৰি নিদিয়ে। বৰং সিহঁতৰ দৃষ্টান্ত সেই ব্যক্তিৰ দৰে, যিজনে পানীৰ বাবে হাত পাতি পানীক আহ্বান কৰে তাৰ মুখত পৰিবলৈ অথচ তাৰ মুখত আহি পৰিবলৈ পানীৰ কোনো শক্তি নাই, আৰু কাফিৰসকলৰ আহ্বান কেৱল ভ্ৰষ্টতাতেই নিপতিত।

    [15] আকাশসমূহ আৰু পৃথিৱীত থকা সকলো বস্তুৱেই স্ব-ইচ্ছাই হওঁক নাইবা অনিচ্ছাই হওঁক আল্লাহক ছাজদাহ কৰে আৰু পুৱা-গধূলি সেইবোৰৰ ছাঁবোৰেও (তেওঁকেই ছাজদাহ কৰে)।

    [16] কোৱা, ‘আকাশসমূহ আৰু পৃথিৱীৰ ৰব কোন’? কোৱা, ‘আল্লাহ’। কোৱা, ‘তেন্তে তোমালোকে তেওঁৰ বাহিৰে এনে বস্তুক অভিভাৱকৰূপে গ্ৰহণ কৰিছা নেকি যিসকলে নিজৰেই উপকাৰ বা অপকাৰ কৰিব নোৱাৰে’? কোৱাচোন, ‘অন্ধ আৰু দৃষ্টি সম্পন্ন ব্যক্তি সমান হ’ব পাৰেনে? অথবা অন্ধকাৰ আৰু পোহৰ সমান হ’ব পাৰেনে’? নে সিহঁতে আল্লাহৰ লগত এনে কিছুমানক অংশী কৰিছে, যিসকলে আল্লাহৰ সৃষ্টিৰ দৰে সৃষ্টি কৰিছে, যাৰ বাবে সিহঁতৰ ওচৰত সদৃশ বুলি ধাৰণা হৈছে? কোৱা, ‘কেৱল আল্লাহেই সকলো বস্তুৰ স্ৰষ্টা, আৰু তেওঁ একক, মহা প্ৰতাপশালী’।

    [17] তেৱেঁই আকাশৰ পৰা পানী বৰষায়, ফলত উপত্যকাসমূহ নিজ নিজ আয়তন অনুযায়ী প্লাৱিত হয় আৰু প্লাৱনে তাৰ ওপৰৰ আৱৰ্জনা বহন কৰে। এইদৰেই আৱৰ্জনা উপৰি ভাগত আহে যেতিয়া অলংকাৰ আৰু সৰঞ্জাম তৈয়াৰ কৰিবলৈ ধাতু জুইত উত্তপ্ত কৰা হয়। এইদৰেই আল্লাহে সত্য আৰু অসত্যৰ উদাহৰণ দিয়ে। ফলত আৱৰ্জনাবোৰ নিঃশেষ হৈ যায় আৰু যিবোৰ মানুহৰ উপকাৰত আহে সেয়া মাটিত স্থিতি লয়। এইদৰেই আল্লাহে উপমা দিয়ে।

    [18] যিসকলে নিজ প্ৰতিপালকৰ আহ্বানত সঁহাৰি দিয়ে, তেওঁলোকৰ বাবে আছে শ্ৰেষ্ঠ প্ৰতিদান; আৰু যিসকলে তেওঁৰ আহ্বানত সঁহাৰি দিয়া নাই, সিহঁতে যদি পৃথিৱীত যি আছে সেই সকলোবোৰৰ লগতে আৰু ইয়াৰ সমপৰিমাণ বস্তুৰ মালিক হৈ যায়, তেনেহ’লে (আল্লাহৰ শাস্তিৰ পৰা বাচিবলৈ) সিহঁতে সেই সকলোবোৰ মুক্তিপণস্বৰূপ দিবলৈ অৱশ্যে প্ৰস্তুত হ’ব। কিন্তু সিহঁতৰ হিচাব হ’ব অতি কঠোৰ আৰু জাহান্নাম হ’ব সিহঁতৰ আবাস, আৰু সেইটো কিমান যে নিকৃষ্ট বিশ্ৰামস্থল

    [19] তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে সেইটোক যি ব্যক্তিয়ে সত্য বুলি জানে, সেইজন ব্যক্তি তাৰ দৰে নেকি যিজন অন্ধ? নিশ্চয় বিবেক সম্পন্ন ব্যক্তিসকলেই কেৱল উপদেশ গ্ৰহণ কৰে।

    [20] যিসকলে আল্লাহৰ লগত কৰা অঙ্গীকাৰ পূৰ্ণ কৰে আৰু প্ৰতিজ্ঞা ভঙ্গ নকৰে

    [21] আৰু আল্লাহে যি সম্পৰ্ক অটুট ৰাখিবলৈ আদেশ কৰিছে যিসকলে সেয়া অটুট ৰাখে, আৰু নিজ প্ৰতিপালকক ভয় কৰে আৰু ভয় কৰে কঠোৰ হিচাবক

    [22] আৰু যিসকলে নিজ প্ৰতিপালকৰ সন্তুষ্টি লাভৰ বাবে ধৈৰ্য ধাৰণ কৰে আৰু ছালাত কায়েম কৰে, আৰু আমি তেওঁলোকক যি জীৱনোপকৰণ দিছো তাৰ পৰা গোপনে আৰু প্ৰকাশ্যভাৱে ব্যয় কৰে লগতে ভাল কৰ্মৰ দ্বাৰা বেয়া কৰ্মক প্ৰতিহত কৰে, তেওঁলোকৰ বাবেই আছে আখিৰাতৰ শুভ পৰিণাম।

    [23] স্থায়ী জান্নাতসমূহ, তাত তেওঁলোক প্ৰৱেশ কৰিব আৰু তেওঁলোকৰ পিতৃ-মাতৃ, পতি-পত্নী লগতে সন্তান-সন্ততিসকলৰ মাজত যিসকলে সৎকৰ্ম কৰিছে তেওঁলোকেও (প্ৰৱেশ কৰিব)। আৰু ফিৰিস্তাসকল তেওঁলোকৰ ওচৰত উপস্থিত হ’ব প্ৰত্যেক দুৱাৰেৰে

    [24] আৰু আহি ক’ব, ‘শান্তি তোমালোকৰ ওপৰত, কাৰণ তোমালোকে ধৈৰ্য ধাৰণ কৰিছিলা, আখিৰাতৰ এই পৰিণাম কিমান যে উত্তম’

    [25] আনহাতে যিসকলে আল্লাহৰ লগত দৃঢ় অঙ্গীকাৰত আৱদ্ধ হোৱাৰ পিছত সেয়া ভঙ্গ কৰে, যি সম্পৰ্ক অটুট ৰাখিবলৈ আল্লাহে আদেশ কৰিছে সেয়া ছিন্ন কৰে আৰু পৃথিৱীত অশান্তি সৃষ্টি কৰি ফুৰে, সিহঁতৰ বাবে আছে অভিশাপ লগতে সিহঁতৰ বাবে আছে আখিৰাতৰ নিকৃষ্ট আবাসস্থল।

    [26] আল্লাহে যাক ইচ্ছা কৰে তাৰ বাবে জীৱনোপকৰণ বৃদ্ধি কৰি দিয়ে আৰু সংকুচিত কৰে; কিন্তু ইহঁত পাৰ্থিৱ জীৱন লৈয়ে আনন্দিত, অথচ পাৰ্থিৱ জীৱন আখিৰাতৰ তুলনাত ক্ষণস্থায়ী ভোগমাত্ৰ।

    [27] আৰু যিসকলে কুফৰী কৰিছে সিহঁতে কয়, ‘এওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা এওঁৰ ওচৰত কোনো নিদৰ্শন অৱতীৰ্ণ নহয় কিয়’? কোৱা, ‘আল্লাহে যাক ইচ্ছা বিভ্ৰান্ত কৰে আৰু যিসকল তেওঁৰ অভিমুখী তেওঁ তেওঁলোকক তেওঁৰ পথ দেখুৱায়’।

    [28] ‘যিসকলে ঈমান আনিছে আল্লাহৰ স্মৰণত তেওঁলোকৰ মন প্ৰশান্ত হয়; জানি থোৱা! আল্লাহৰ স্মৰণতেই মনৰ শান্তি লাভ হয়’

    [29] ‘যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰে, তেওঁলোকৰ বাবেই আছে পৰম আনন্দ আৰু সুন্দৰ প্ৰত্যাৱৰ্তনস্থল’।

    [30] এইদৰে আমি তোমাক প্ৰেৰণ কৰিছো এনে এটা জাতিৰ প্ৰতি যিহঁতৰ আগত বহু জাতি পাৰ হৈছে, যাতে আমি তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছো, সেয়া তুমি সিহঁতৰ ওচৰত তিলাৱত কৰা। তথাপিও সিহঁতে ৰহমানক অস্বীকাৰ কৰে। কোৱা, ‘তেৱেঁই মোৰ ৰব, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁৰ ওপৰতেই মই নিৰ্ভৰ কৰো আৰু তেওঁৰ ওচৰতেই মোৰ প্ৰত্যাৱৰ্তন’।

    [31] আৰু যদি কোৰআন এনেকুৱা হ’লেহেঁতেন যাৰ দ্বাৰা পৰ্বতক গতিশীল কৰা গ’লেহেঁতেন আৰু পৃথিৱীক টুকুৰা-টুকুৰ কৰা গ’লেহেঁতেন নাইবা মৃত ব্যক্তিৰ লগত কথা ক’ব পৰা গ’লেহেঁতেন, কিন্তু সকলো বিষয় আল্লাহৰেই ইখতিয়াৰভুক্ত। তেন্তে যিসকলে ঈমান আনিছে তেওঁলোকে নাজানে নেকি যে, আল্লাহে ইচ্ছা কৰিলে সকলোকে সৎপথত পৰিচালিত কৰিব পাৰিলেহেঁতেন? আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ কৰ্মকাণ্ডৰ কাৰণে সিহঁতৰ বিপৰ্যয় ঘটিয়েই থাকিব, অথবা বিপৰ্যয় সিহঁতৰ আবাসৰ ওচৰে পাজৰে আপতিত হৈয়ে থাকিব, আল্লাহৰ প্ৰতিশ্ৰুতি নহা লৈকে। নিশ্চয় আল্লাহ প্ৰতিশ্ৰুতিৰ ব্যতিক্ৰম নকৰে।

    [32] নিশ্চয় তোমাৰ পূৰ্বে বহু ৰাছুলক উপহাস কৰা হৈছে আৰু যিসকলে কুফৰী কৰিছিল সিহঁতক মই অকণমান অৱকাশ দিছিলো, তাৰ পিছত সিহঁতক আক্ৰমণ কৰিছো। এতেকে কেনেকুৱা আছিল মোৰ শাস্তি

    [33] তেন্তে প্ৰত্যেক মানুহে যি কৰে সেইবোৰৰ যিজন পৰ্যবেক্ষক (তেওঁ ইহঁতৰ এই অক্ষম ইলাহবোৰৰ দৰে নেকি?) অথচ সিহঁতে আল্লাহৰ লগত বহু অংশীদাৰ সাব্যস্ত কৰিছে। কোৱা, ‘তোমালোকে ইহঁতৰ পৰিচয় দিয়া। নে তোমালোকে পৃথিৱীৰ মাজৰ এনেকুৱা কোনো সংবাদ দিব বিচৰা যিটো তেওঁ নাজানে? নে (তোমালোকে কেৱল) বাহ্যিক কথাহে কৈ আছা’? বৰং যিসকলে কুফৰী কৰিছে সিহঁতৰ ওচৰত সিহঁতৰ ছলনা শোভনীয় কৰি দিয়া হৈছে আৰু সিহঁতক সৎপথৰ পৰা আঁতৰত ৰখা হৈছে, আৰু আল্লাহে যাক বিভ্ৰান্ত কৰে তাৰ কোনো পথপ্ৰদৰ্শক নাই।

    [34] সিহঁতৰ বাবে পাৰ্থিৱ জীৱনত আছে শাস্তি, আৰু আখিৰাতৰ শাস্তি অতি কঠোৰ! আৰু আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ সিহঁতৰ কোনো নাই।

    [35] মুত্তাক্বীসকলক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, তাৰ উপমা হৈছে এনেকুৱাঃ তাৰ তলত নদীসমূহ প্ৰবাহিত, তাৰ ফল-মূল আৰু ছাঁ হ’ব চিৰস্থায়ী। যিসকলে তাক্বৱা অৱলম্বন কৰিছে এইটো তেওঁলোকৰ প্ৰতিফল আৰু কাফিৰসকলৰ প্ৰতিফল হৈছে অগ্নি।

    [36] আৰু আমি যিসকলক কিতাব প্ৰদান কৰিছো তেওঁলোকে তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাত আনন্দ পায়। কিন্তু দলসমূহৰ কিছুমানে ইয়াৰ কিছু অংশক অস্বীকাৰ কৰে। কোৱা, ‘মোক আদেশ কৰা হৈছে মই যাতে কেৱল আল্লাহৰ ইবাদত কৰো আৰু তেওঁৰ লগত যাতে আন কাকো অংশী নকৰো। মই তেওঁৰ পিনেই আহ্বান কৰো আৰু তেওঁৰ ওচৰতেই মোৰ প্ৰত্যাৱৰ্তন’।

    [37] এইদৰেই আমি কোৰআনক বিধানৰূপে আৰবী ভাষাত অৱতীৰ্ণ কৰিছো। এতেকে জ্ঞান পোৱাৰ পিছতো যদি তুমি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ কৰা তেন্তে আল্লাহৰ বিৰুদ্ধে তোমাৰ কোনো অভিভাৱক আৰু ৰক্ষক নাথাকিব।

    [38] আৰু অৱশ্যে আমি তোমাৰ পূৰ্বে বহু ৰাছুল প্ৰেৰণ কৰিছিলো আৰু তেওঁলোককো স্ত্ৰী আৰু সন্তান-সন্ততি প্ৰদান কৰিছিলো। আল্লাহৰ অনুমতিবিহীন কোনো নিদৰ্শন উপস্থিত কৰা কোনো ৰাছুলৰ দ্বাৰা সম্ভৱ নহয়। প্ৰত্যেক বিষয়ৰ বাবেই নিৰ্ধাৰিত সময় লিপিবদ্ধ আছে।

    [39] আল্লাহে যি ইচ্ছা কৰে সেয়া মুচি দিয়ে আৰু যি ইচ্ছা কৰে সেয়া প্ৰতিষ্ঠিত কৰে আৰু তেওঁৰ ওচৰতেই আছে উম্মুল কিতাব।

    [40] আৰু আমি সিহঁতক যি (শাস্তিৰ) প্ৰতিশ্ৰুতি দিছো তাৰে অলপ যদি তোমাক (পৃথিৱীতে) দেখুৱাই দিওঁ অথবা (সিহঁতৰ ওপৰত সেয়া অহাৰ আগতেই) তোমাক মৃত্যু প্ৰদান কৰো, -- তেন্তে তোমাৰ কৰ্তব্যতো হৈছে কেৱল প্ৰচাৰ কৰা, আৰু হিচাব-নিকাচ লোৱাৰ দায়িত্ব কেৱল আমাৰেই।

    [41] সিহঁতে দেখা নাইনে যে, আমি পৃথিৱীক কেউফালৰ পৰা সংকুচিত কৰি আনি আছো? আৰু আল্লাহেই আদেশ কৰে, তেওঁৰ আদেশ ৰদ্দ কৰিবলৈ কোনো নাই আৰু তেওঁ দ্ৰুত হিচাব গ্ৰহণকাৰী।

    [42] সিহঁতৰ পূৰ্বে যিসকল আছিল সিহঁতেও চক্ৰান্ত কৰিছিল; কিন্তু সকলো চক্ৰান্ত আল্লাহৰ ইখতিয়াৰত। প্ৰত্যেক ব্যক্তিয়ে যি উপাৰ্জন কৰে সেয়া তেওঁ জানে, আৰু কাফিৰসকলে অনতিপলমে জানিব পাৰিব যে, আখিৰাতৰ শুভ পৰিণাম কাৰ বাবে।

    [43] আৰু যিসকলে কুফৰী কৰিছে সিহঁতে কয়, ‘তুমি আল্লাহৰ প্ৰেৰিত নহয়’। কোৱা, ‘আল্লাহ আৰু যিসকলৰ ওচৰত কিতাবৰ জ্ঞান আছে, তেওঁলোকেই মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে যথেষ্ট’।

    Surah 14
    ইব্রাহীম

    [1] আলিফ-লাম-ৰা, এইটো এখন কিতাব, আমি ইয়াক তোমাৰ প্ৰতি অৱতীৰ্ণ কৰিছো, যাতে তুমি মানুহক সিহঁতৰ প্ৰতিপালকৰ অনুমতিক্ৰমে অন্ধকাৰৰ পৰা পোহৰলৈ ওলাই আনিব পাৰা, সেই সত্তাৰ পথৰ পিনে যিজন পৰাক্ৰমশালী, সৰ্বপ্ৰশংসিত।

    [2] সেই আল্লাহৰ পথত, যিজন আকাশসমূহ আৰু পৃথিৱীৰ সকলো বস্তুৰেই গৰাকী, আৰু কাফিৰসকলৰ বাবে আছে কঠিন শাস্তিৰ দুৰ্ভোগ

    [3] যিসকলে পাৰ্থিৱ জীৱনক আখিৰাততকৈ অধিক ভালপায় আৰু মানুহক আল্লাহৰ পথৰ পৰা বিৰত ৰাখে, আৰু তাত বক্ৰতা সন্ধান কৰে; সিহঁতেই ঘোৰ বিভ্ৰান্তিত নিপতিত।

    [4] আৰু আমি প্ৰতিজন ৰাছুলক তেওঁৰ স্ব-জাতিৰ ভাষাতেই প্ৰেৰণ কৰিছো, যাতে তেওঁ সিহঁতৰ ওচৰত স্পষ্টৰূপে ব্যাখ্যা কৰিব পাৰে, তাৰ পিছতো আল্লাহে যাক ইচ্ছা বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা সৎপথত পৰিচালিত কৰে আৰু তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    [5] আৰু অৱশ্যে আমি মুছাক আমাৰ নিদৰ্শনসহ প্ৰেৰণ কৰিছিলো আৰু কৈছিলো, ‘তোমাৰ সম্প্ৰদায়ক অন্ধকাৰৰ পৰা পোহৰলৈ লৈ আহা, আৰু সিহঁতক আল্লাহৰ দিনবোৰৰ (অৰ্থাৎ বিভিন্ন সম্প্ৰদায়ৰ শাস্তিৰ দিনবোৰৰ) দ্বাৰা উপদেশ দিয়া’। ইয়াত নিদৰ্শন আছে প্ৰত্যেক পৰম ধৈৰ্যশীল আৰু পৰম কৃতজ্ঞ ব্যক্তিৰ বাবে।

    [6] আৰু স্মৰণ কৰা, যেতিয়া মুছাই তেওঁৰ সম্প্ৰদায়ক কৈছিল, ‘আল্লাহে তোমালোকৰ ওপৰত কৰা অনুগ্ৰহবোৰ স্মৰণ কৰা, যেতিয়া তেওঁ তোমালোকক ৰক্ষা কৰিছিল ফিৰআউন গোষ্ঠীৰ কবলৰ পৰা, যিহঁতে তোমালোকক নিকৃষ্ট শাস্তি প্ৰদান কৰিছিল, তোমালোকৰ পুত্ৰ সন্তানক জবেহ কৰিছিল আৰু তোমালোকৰ নাৰীসকলক জীৱিত ৰাখিছিল; আৰু ইয়াত আছিল তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা মহাপৰীক্ষা’।

    [7] আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ঘোষণা কৰিছিল, যদি তোমালোক কৃতজ্ঞ হোৱা তেন্তে অৱশ্যে মই তোমালোকক আৰু অধিক প্ৰদান কৰিম, আৰু অকৃতজ্ঞ হ'লে নিশ্চয় মোৰ শাস্তি অতি কঠোৰ।

    [8] আৰু মুছাই কৈছিল, ‘তোমালোকে আৰু পৃথিৱীৰ সকলোৱে যদি অকৃতজ্ঞ হোৱা, তথাপিও নিশ্চয় আল্লাহ অভাৱমুক্ত, সৰ্বপ্ৰশংসিত’।

    [9] তোমালোকৰ ওচৰত তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ সংবাদ আহি পোৱা নাইনে, নূহ সম্প্ৰদায়ৰ, আদ আৰু ছামূদৰ লগতে সিহঁতৰ পৰবৰ্তীসকলৰ? যিসকলক আল্লাহৰ বাহিৰে আন কোনেও নাজানে। সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণাদি লৈ সিহঁতৰ ৰাছুলসকল আহিছিল, তেতিয়া সিহঁতে নিজৰ হাত নিজ মুখত স্থাপন কৰি কৈছিল, ‘তোমালোকে যি লৈ প্ৰেৰিত হৈছা সেয়া আমি নিশ্চিতভাৱে অস্বীকাৰ কৰিলো, আৰু নিশ্চয় আমি বিভ্ৰান্তিকৰ সন্দেহত আছো সেই বিষয়ে, যাৰ পিনে তোমালোকে আমাক আহ্বান কৰি আছা’।

    [10] সিহঁতৰ ৰাছুলসকলে কৈছিল, ‘আল্লাহ সম্পৰ্কে কোনো সন্দেহ আছে নেকি, যিজন আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা? তেওঁ তোমালোকক আহ্বান কৰে তোমালোকৰ পাপ মোচন কৰাৰ বাবে আৰু নিৰ্দিষ্ট কাল পৰ্যন্ত তোমালোকক অৱকাশ দিয়াৰ বাবে’। সিহঁতে ক’লে, ‘তোমালোকে হেনো আমাৰ দৰেই মানুহ। আমাৰ পিতৃ-পুৰুষসকলে যিসকলৰ ইবাদত কৰিছিল তোমালোকে সিহঁতৰ ইবাদতৰ পৰা আমাক বিৰত ৰাখিব বিচৰা। এতেকে তোমালোকে আমাৰ ওচৰত কোনো অকাট্য প্ৰমাণ লৈ আহা’।

    [11] সিহঁতৰ ৰাছুলসকলে সিহঁতক ক’লে, ‘সঁচা, আমি তোমালোকৰ দৰেই মানুহ কিন্তু আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা অনুগ্ৰহ প্ৰদান কৰে আৰু আল্লাহৰ অনুমতিবিহীন তোমালোকৰ ওচৰত প্ৰমাণ উপস্থিত কৰাৰ ক্ষমতা আমাৰ মাজত নাই’। আল্লাহৰ ওপৰতেই মুমিনসকলৰ তাৱাক্কুল (ভৰসা) কৰা উচিত।

    [12] ‘আৰু আমাৰ কি হৈছে যে, আমি আল্লাহৰ ওপৰত ভৰসা নকৰিম? অথচ তেৱেঁই আমাক আমাৰ পথ দেখুৱাইছে। (আৰু শুনা) তোমালোকে আমাক যি কষ্ট দি আছা, আমি তাৰ ওপৰত অৱশ্যে ধৈৰ্য ধাৰণ কৰিম। এতেকে নিৰ্ভৰকাৰী সকলৰ কেৱল আল্লাহৰ ওপৰতেই নিৰ্ভৰ কৰা উচিত’।

    [13] আৰু কাফিৰসকলে সিহঁতৰ ৰাছুলসকলক কৈছিল, ‘আমি তোমালোকক আমাৰ দেশৰ পৰা অৱশ্যে বহিষ্কাৰ কৰিম নাইবা তোমালোকে আমাৰ ধৰ্মাদৰ্শত উভতি আহিবা’। তাৰ পিছত ৰাছুলসকলক তেওঁলোকৰ প্ৰতিপালকে অহী প্ৰেৰণ কৰিলে, ‘যালিমসকলক আমি অৱশ্যে বিনাশ কৰিম’

    [14] অৱশ্যে আমি সিহঁতৰ পিছত তোমালোকক এই দেশত বাস কৰাম; এইটো তাৰ বাবে যিয়ে আমাৰ সন্মুখত উপস্থিত হ’বলৈ ভয় কৰে আৰু ভয় কৰে আমাৰ শাস্তিৰ।

    [15] আৰু সিহঁতে বিজয় কামনা কৰিলে কিন্তু প্ৰত্যেক উদ্ধত স্বৈৰাচাৰী ব্যৰ্থ মনোৰথ হ’ল।

    [16] তাৰ সন্মুখত আছে জাহান্নাম আৰু তাক পান কৰোৱা হ’ব গলিত পূঁজ

    [17] সেইটো সি অতি কষ্টত ঢোকে ঢোকে গিলি খাবলৈ চেষ্টা কৰিব, কিন্তু সহজে গিলিব নোৱাৰিব। কেউফালৰ পৰা তাৰ ওচৰত মৃত্যু আহিব, অথচ তাৰ মৃত্যু নহ’ব। ইয়াৰ পিছতো আছে কঠোৰ শাস্তি।

    [18] যিসকলে নিজ প্ৰতিপালকৰ লগত কুফৰী কৰে সিহঁতৰ উপমা হৈছে, সিহঁতৰ আমলবোৰ ভস্মৰ দৰে, যিবোৰ ধুমুহাৰ দিনত প্ৰবল বতাহে প্ৰচণ্ড গতিত সেইবোৰ উৰুৱাই লৈ যায়। সিহঁতে যি উপাৰ্জন কৰে তাৰ একোৱেই সিহঁতে নিজৰ কামত লগাব নোৱাৰে। এইটোৱেই চৰম বিভ্ৰান্তি।

    [19] তুমি লক্ষ্য কৰা নাইনে যে, আল্লাহে আকাশসমূহ আৰু পৃথিৱী যথাযথভাৱে সৃষ্টি কৰিছে? তেওঁ ইচ্ছা কৰিলে তোমালোকৰ অস্তিত্ব বিলোপ কৰিব পাৰে আৰু নতুন এটা সৃষ্টিক অস্তিত্বত আনিব পাৰে

    [20] আৰু এইটো আল্লাহৰ বাবে একো টান কাম নহয়।

    [21] আৰু সিহঁত সকলোৱে আল্লাহৰ ওচৰত প্ৰকাশিত হ’ব। তেতিয়া দুৰ্বলসকলে যিসকলে অহংকাৰ কৰিছিল সিহঁতক ক’ব, ‘আমি তোমালোকৰ অনুসাৰী আছিলো, এতিয়া তোমালোকে আল্লাহৰ শাস্তিৰ পৰা আমাক অলপ ৰক্ষা কৰিব পাৰিবানে’? সিহঁতে ক’ব, ‘আল্লাহে যদি আমাক সৎপথত পৰিচালিত কৰিলেহেঁতেন তেন্তে আমিও তোমালোকক সৎপথত পৰিচালিত কৰিলোহেঁতেন। এতিয়া আমি ধৈৰ্যচ্যুত হওঁ অথবা ধৈৰ্যশীল- উভয় অৱস্থাই আমাৰ বাবে সমান; আমাৰ পলোৱাৰ কোনো ঠাই নাই’।

    [22] আৰু যেতিয়া বিচাৰ কাৰ্য সম্পন্ন হ’ব তেতিয়া চয়তানে ক’ব, ‘নিশ্চয় আল্লাহে তোমালোকক প্ৰতিশ্ৰুতি দিছিল সত্য প্ৰতিশ্ৰুতি, ময়ো তোমালোকক প্ৰতিশ্ৰুতি দিছিলো, কিন্তু মই তোমালোকক দিয়া প্ৰতিশ্ৰুতি ভঙ্গ কৰিছো। তোমালোকৰ ওপৰত মোৰ কোনো আধিপত্য নাছিল, মই কেৱল তোমালোকক আহ্বান কৰিছিলো ফলত তোমালোকে মোৰ আহ্বানত সঁহাৰি দিছিলা। গতিকে তোমালোকে মোক দোষ নিদিবা, তোমালোকে নিজেই নিজকে দোষ দিয়াগৈ। মই তোমালোকৰ উদ্ধাৰকাৰী নহয় আৰু তোমালোকেও মোৰ উদ্ধাৰকাৰী নহয়। তোমালোকে মোক যে ইয়াৰ আগত আল্লাহৰ অংশী কৰিছিলা সেয়া মই অস্বীকাৰ কৰিছো’। নিশ্চয় যালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।

    [23] আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক প্ৰৱেশ কৰোৱা হ’ব জান্নাতত, যাৰ তলত নদীসমূহ প্ৰবাহিত। তাত তেওঁলোক নিজ প্ৰতিপালকৰ অনুমতিক্ৰমে স্থায়িত্ব লাভ কৰিব, তাত তেওঁলোকৰ অভিবাদন হ’ব ‘ছালাম’।

    [24] তুমি লক্ষ্য কৰা নাইনে, আল্লাহে কেনেকৈ উপমা দাঙি ধৰে? কলিমা তায়্যেবাৰ তুলনা উৎকৃষ্ট গছৰ দৰে, যাৰ মূল সুদৃঢ় আৰু যাৰ শাখা-প্ৰশাখা ওপৰত বিস্তৃত

    [25] যিটো তাৰ প্ৰতিপালকৰ অনুমতিক্ৰমে সদায় তাৰ ফল দান কৰে; আৰু আল্লাহে মানুহৰ বাবে উপমা দাঙি ধৰে, যাতে সিহঁতে শিক্ষা গ্ৰহণ কৰে।

    [26] আৰু অসৎ বাক্যৰ তুলনা এটা বেয়া গছৰ দৰে, যাৰ মূল ভূপৃষ্ঠৰ পৰা বিচ্ছিন্নকৃত, যাৰ কোনো স্থায়িত্ব নাই।

    [27] যিসকলে ঈমান আনিছে, আল্লাহে তেওঁলোকক সুদৃঢ় বাক্যৰ দ্বাৰা পাৰ্থিৱ জীৱনত আৰু আখিৰাতত সুপ্ৰতিষ্ঠিত ৰাখিব, আৰু যালিমসকলক বিভ্ৰান্তিত ৰাখিব। কাৰণ আল্লাহে যি ইচ্ছা সেইটোৱেই কৰে।

    [28] তুমি সিহঁতক দেখা নাইনে, যিসকলে আল্লাহৰ অনুগ্ৰহক কুফৰীৰ দ্বাৰা পৰিবৰ্তন কৰিছে? আৰু সিহঁতে নিজ সম্প্ৰদায়ক নমাই আনিছে ধ্বংসৰ আবাসত

    [29] জাহান্নামত, যাৰ মাজত সিহঁত দগ্ধ হ’ব, আৰু কিমান যে নিকৃষ্ট এই আবাসস্থল

    [30] আৰু সিহঁতে আল্লাহৰ বাবে সমকক্ষ নিৰ্ধাৰণ কৰে, যাতে সিহঁতে তেওঁৰ পথৰ পৰা (মানুহক) বিভ্ৰান্ত কৰিব পাৰে। কোৱা, ভোগ কৰি লোৱা, অৱশেষত জাহান্নামেই তোমালোকৰ গন্তব্যস্থল।

    [31] মোৰ বান্দাসকলৰ মাজত যিসকলে ঈমান আনিছে তেওঁলোকক তুমি কোৱা, ‘ছালাত কায়েম কৰিবলৈ আৰু মই তেওঁলোকক যি জীৱিকা দান কৰিছো তাৰ পৰা গোপনে আৰু প্ৰকাশ্যভাৱে ব্যয় কৰিবলৈ—সেই দিন অহাৰ পূৰ্বেই যিদিনা কোনো ক্ৰয়-বিক্ৰয় নাথাকিব আৰু কোনো বন্ধুত্বও নাথাকিব’।

    [32] আল্লাহ সেইজন, যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে, যিজনে আকাশৰ পৰা পানী বৰ্ষণ কৰে তাৰ দ্বাৰা তোমালোকৰ জীৱিকাৰ বাবে ফলমূল উৎপাদন কৰে আৰু তেৱেঁই নৌযানক তোমালোকৰ অনুগত কৰি দিছে, যাতে তেওঁৰ নিৰ্দেশত সেইবোৰ সাগৰত বিচৰণ কৰে আৰু তেৱেঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে নদীসমূহক।

    [33] আৰু তেৱেঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে সূৰ্য আৰু চন্দ্ৰক, যিবোৰ অবিৰামভাৱে একেই নিয়মৰ অনুবৰ্তিত আৰু তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে দিন আৰু ৰাতিক।

    [34] আৰু তোমালোকে যি বিচাৰিছা সেইটোৱেই তেওঁ তোমালোকক প্ৰদান কৰিছে। যদি তোমালোকে আল্লাহৰ অনুগ্ৰহ গণনা কৰা তেন্তে (কেতিয়াও) তাৰ সংখ্যা নিৰ্ণয় কৰিব নোৱাৰিবা। নিশ্চয় মানুহ অতিমাত্ৰা যালিম, অকৃতজ্ঞ।

    [35] আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমে কৈছিল, ‘হে মোৰ ৰব! এই চহৰক নিৰাপদ কৰি দিয়া, মোক আৰু মোৰ পুত্ৰসকলক মূৰ্তি পূজাৰ পৰা দূৰৈত ৰখা’।

    [36] ‘হে মোৰ ৰব! এইবোৰ মূৰ্তিয়ে বহু মানুহক বিভ্ৰান্ত কৰিছে। এতেকে যিয়ে মোৰ অনুসৰণ কৰিব তেওঁ মোৰ দলভুক্ত, আৰু যিয়ে মোৰ অবাধ্য হ’ব তেন্তে তুমিতো ক্ষমাশীল, পৰম দয়ালু’।

    [37] ‘হে আমাৰ ৰব! নিশ্চয় মই মোৰ বংশৰ কিছুমান লোকক অনুৰ্বৰ উপত্যকাত, তোমাৰ পৱিত্ৰ ঘৰৰ ওচৰত বসবাস কৰালো। হে আমাৰ ৰব! এই কাৰণে যে, তেওঁলোকে যেন ছালাত কায়েম কৰে। এতেকে তুমি কিছুমান লোকৰ অন্তৰ তেওঁলোকৰ প্ৰতি অনুৰাগী কৰি দিয়া আৰু ফলমূলেৰে তেওঁলোকৰ জীৱিকাৰ ব্যৱস্থা কৰা, যাতে তেওঁলোকে কৃতজ্ঞতা প্ৰকাশ কৰে’।

    [38] ‘হে আমাৰ ৰব! নিশ্চয় তুমি জানা যিবোৰ আমি গোপন কৰো আৰু যি আমি প্ৰকাশ কৰো, আকাশ আৰু পৃথিৱীৰ কোনো বস্তুৱেই আল্লাহৰ পৰা গোপন নহয়’।

    [39] সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে, যিজনে মোক মোৰ বৃদ্ধ অৱস্থাত ইছমাঈল আৰু ইছহাক্ব দান কৰিছে। নিশ্চয় মোৰ ৰব দুআ শ্ৰৱণকাৰী।

    [40] ‘হে মোৰ ৰব! মোক ছালাত প্ৰতিষ্ঠাকাৰী বনাই দিয়া লগতে মোৰ বংশধৰ সকলৰ পৰাও। হে মোৰ ৰব! আৰু মোৰ দুআ কবুল কৰা’।

    [41] ‘হে আমাৰ ৰব! যিদিনা হিচাব অনুষ্ঠিত হ’ব সেইদিনা মোক, আৰু মোৰ পিতৃ-মাতৃক লগতে মুমিনসকলক ক্ষমা কৰি দিবা’।

    [42] আৰু যালিমসকলে যি কৰে সেই বিষয়ে তুমি কেতিয়াও আল্লাহক অমনোযোগী বুলি নাভাবিবা, কিন্তু তেওঁ সিহঁতক সেই দিনলৈকে অৱকাশ দিয়ে যিদিনা সিহঁতৰ চকু (আতংকত) স্থিৰ হ’ব।

    [43] ভীত-বিহ্বল চিত্তে ওপৰৰ পিনে চাই সিহঁতে পলাবলৈ দৌৰিব, নিজৰ প্ৰতি সিহঁতৰ দৃষ্টি উভতি নাহিব, আৰু সিহঁতৰ অন্তৰ হ’ব উদাস, শূন্য।

    [44] আৰু যিদিনা সিহঁতৰ শাস্তি আহিব সেইদিন সম্পৰ্কে তুমি মানুহক সতৰ্ক কৰা, তেতিয়া অন্যায়কাৰীসকলে ক’ব, ‘হে আমাৰ ৰব! তুমি আমাক অলপ সময়ৰ বাবে অৱকাশ দিয়া, আমি তোমাৰ আহ্বানত সঁহাৰি দিম আৰু ৰাছুলসকলৰ অনুসৰণ কৰিম’। (উত্তৰত কোৱা হ’ব) কিয় তোমালোকে জানো ইয়াৰ আগত শপত কৰি কোৱা নাছিলা যে, তোমালোকৰ কেতিয়াও পতন নহয়

    [45] আৰু তোমালোকে বাস কৰিছিলা সিহঁতৰ ভূমিত, যিসকলে নিজৰে প্ৰতি অন্যায় কৰিছিল আৰু সিহঁতৰ লগত আমি কি ধৰণৰ (আচৰণ) কৰিছিলো সেয়াও তোমালোকৰ ওচৰত স্পষ্ট আছিল। লগতে আমি তোমালোকৰ বাবে বহুতো দৃষ্টান্তও উপস্থাপন কৰিছিলো।

    [46] আৰু সিহঁতে ভীষণ চক্ৰান্ত কৰিছিল, কিন্তু সিহঁতৰ চক্ৰান্ত ব্যৰ্থ কৰাৰ প্ৰতিকাৰ আল্লাহৰ ওচৰত আছে, তথাপিও সিহঁতৰ চক্ৰান্ত এনে নাছিল যে, পৰ্বতকো টলাব পাৰে।

    [47] এতেকে তুমি কেতিয়াও নাভাবিবা যে, আল্লাহে তেওঁৰ ৰাছুলসকলক দিয়া প্ৰতিশ্ৰুতি ভঙ্গ কৰিব। নিশ্চয় আল্লাহ পৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী।

    [48] যিদিনা এই পৃথিৱী ভিন্ন পৃথিৱীত ৰূপান্তৰিত হ’ব আৰু আকাশসমূহও (ৰূপান্তৰিত হ’ব); আৰু মানুহ উন্মুক্তভাৱে উপস্থিত হ’ব মহাপৰাক্ৰমশালী এক আল্লাহৰ সন্মুখত।

    [49] সেইদিনা তুমি অপৰাধী বিলাকক পৰস্পৰ শিকলীৰে বান্ধি থোৱা অৱস্থাত দেখিবা

    [50] সিহঁতৰ পোছাক হ’ব আলকাতৰাৰ আৰু জুয়ে সিহঁতৰ মুখমণ্ডল আচ্ছন্ন কৰি ৰাখিব

    [51] যাতে আল্লাহে প্ৰতিদান দিয়ে প্ৰত্যেক নফছক সি যি অৰ্জন কৰিছে। নিশ্চয় আল্লাহ হিচাব গ্ৰহণত অতি দ্ৰুত।

    [52] এইটো মানুহৰ বাবে এটা বাৰ্তা, যাতে ইয়াৰ দ্বাৰা সিহঁতক সতৰ্ক কৰা হয় আৰু যাতে সিহঁতে জানিব পাৰে যে, কেৱল তেৱেঁই একক সত্য ইলাহ আৰু যাতে বিবেক সম্পন্ন লোকে উপদেশ গ্ৰহণ কৰিব পাৰে।

    Surah 15
    আল-হিজ্‌র

    [1] আলিফ-লাম-ৰা, এইবোৰ হৈছে মহাগ্ৰন্থ আৰু সুস্পষ্ট কোৰআনৰ আয়াত।

    [2] কাফিৰসকলে এটা সময়ত আকাংক্ষা কৰিব যে, যদি সিহঁত মুমিন হ’লেহেঁতেন

    [3] এৰি দিয়া সিহঁতক, সিহঁত খাই থাকক আৰু ভোগ কৰি থাকক, আৰু আশা-আকাংক্ষাই সিহঁতক গাফিল কৰি ৰাখক, এতেকে অচিৰেই সিহঁতে জানিব পাৰিব।

    [4] আৰু আমি যি জনপদকেই ধ্বংস কৰিছো তাৰ বাবে এটা নিৰ্দিষ্ট কাল লিপিবদ্ধ আছিল।

    [5] কোনো জাতিয়ে তাৰ নিৰ্দিষ্ট (ধ্বংসৰ) কালক আগুৱাই আনিব নোৱাৰে আৰু পিছুৱাইও নিব নোৱাৰে।

    [6] আৰু সিহঁতে কয়, ‘হেৰা মানুহজন! যাৰ প্ৰতি যিকিৰ অৱতীৰ্ণ হৈছে, নিশ্চয় তুমি এজন উন্মাদ’।

    [7] যদি তুমি সত্যবাদীসকলৰ অন্তৰ্ভুক্ত তেন্তে আমাৰ ওচৰত ফিৰিস্তা উপস্থিত নকৰা কিয়

    [8] আমি ফিৰিস্তাসকলক যথাৰ্থ কাৰণবিহীন প্ৰেৰণ নকৰো, আৰু (ফিৰিস্তাসকল উপস্থিত হ’লে) তেতিয়া সিহঁত অৱকাশও নাপালেহেঁতেন।

    [9] নিশ্চয় আমিয়েই কোৰআন অৱতীৰ্ণ কৰিছো আৰু অৱশ্যে আমিয়েই ইয়াৰ সংৰক্ষক।

    [10] অৱশ্যে আমি তোমাৰ পূৰ্বে অতীত সম্প্ৰদায়সমূহৰ মাজত ৰাছুল প্ৰেৰণ কৰিছো।

    [11] আৰু সিহঁতৰ ওচৰত এনে কোনো ৰাছুল আহা নাই যাক সিহঁতে উপহাস কৰা নাছিল।

    [12] এইদৰেই আমি অপৰাধীসকলৰ অন্তৰত সেয়া সঞ্চাৰ কৰো

    [13] ইহঁত কোৰআনৰ প্ৰতি ঈমান পোষণ নকৰিব, আৰু অৱশ্যে পাৰ হৈছে পূৰ্বৱৰ্তীসকলৰ ৰীতি।

    [14] আৰু যদি আমি সিহঁতৰ বাবে আকাশৰ দুৱাৰ খুলি দিলোহেঁতেন, আৰু সিহঁত তাত আৰোহণ কৰিলে হয়

    [15] তথাপিও সিহঁত ক’লেহেঁতেন যে, ‘আমাৰ দৃষ্টি সন্মোহিত কৰা হৈছে, বৰং আমি এটা যাদুগ্ৰস্ত সম্প্ৰদায়’।

    [16] আৰু অৱশ্যে আমি আকাশত বৰুজসমূহ সৃষ্টি কৰিছো আৰু দৰ্শকসকলৰ বাবে সেইবোৰক সৌন্দৰ্যময় কৰিছো।

    [17] আৰু প্ৰত্যেক অভিশপ্ত চয়তানৰ পৰা আমি সেইবোৰক সুৰক্ষিত কৰিছো

    [18] কিন্তু কোনোবাই লুকাই-চুৰকৈ শুনিব ধৰিলে প্ৰদীপ্ত শিখাই তাৰ পিছ লয়।

    [19] আৰু পৃথিৱী, ইয়াক আমি বিস্তৃত কৰিছো, তাত আমি স্থাপন কৰিছো পৰ্বতমালা; লগতে তাত আমি প্ৰত্যেক বস্তু উদগত কৰিছো সুপৰিমিতভাৱে

    [20] আৰু তাত আমি জীৱিকাৰ ব্যৱস্থা কৰিছো তোমালোকৰ বাবে আৰু তোমালোক যিবোৰৰ জীৱিকাদাতা নহয় সেইবোৰৰ বাবেও।

    [21] আৰু আমাৰ ওচৰতেই আছে প্ৰত্যেক বস্তুৰ ভাণ্ডাৰ আৰু আমি সেয়া পৰিজ্ঞাত পৰিমাণেই অৱতীৰ্ণ কৰো।

    [22] আৰু আমিয়েই উৰ্বৰ বায়ু প্ৰেৰণ কৰো, তাৰ পিছত আকাশৰ পৰা পানী বৰ্ষণ কৰো, সেয়া তোমালোকক পান কৰিবলৈ দিওঁ; অথচ তোমালোক নিজে সেয়া ভাণ্ডাৰত সঞ্চয়কাৰী নহয়।

    [23] আৰু আমিয়েই জীৱন দান কৰো আৰু মৃত্যু ঘটাওঁ আৰু আমিয়েই চুড়ান্ত মালিকানাৰ অধিকাৰী।

    [24] আৰু নিশ্চয় আমি তোমালোকৰ মাজৰ পৰা যিসকলে অগ্ৰগামী হৈছে সিহঁতক জানো আৰু অৱশ্যে সিহঁতকো জানো যিসকলে পশ্চাদগামী হৈছে।

    [25] নিশ্চয় তোমাৰ প্ৰতিপালকে সিহঁতক সমবেত কৰিব; নিশ্চয় তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ।

    [26] আৰু অৱশ্যে আমি মানুহক সৃষ্টি কৰিছো গন্ধযুক্ত বোকাৰ শুকান টিং টিং শব্দ কৰা ক’লাবৰণীয়া মাটিৰ পৰা

    [27] আৰু ইয়াৰ আগত আমি জ্বিনবোৰক সৃষ্টি কৰিছো উত্তপ্ত অগ্নিশিখাৰ পৰা।

    [28] আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক কৈছিল, ‘নিশ্চয় মই গন্ধযুক্ত বোকাৰ শুকান টিং টিং শব্দ কৰা ক’লাবৰণীয়া মাটিৰে মানুহ সৃষ্টি কৰিবলৈ থিৰাং কৰিছো

    [29] এতেকে যেতিয়া মই তাক সুঠাম কৰিম আৰু তাৰ মাজত মোৰ ফালৰ পৰা ৰূহ সঞ্চাৰ কৰিম তেতিয়া তোমালোকে তাৰ প্ৰতি ছাজদাৱনত হ’বা

    [30] তাৰ পিছত ফিৰিস্তাসকলে সকলোৱে একেলগে ছাজদাহ কৰিলে

    [31] কেৱল ইবলীছৰ বাহিৰে, সি ছাজদাহকাৰী সকলৰ অন্তৰ্ভুক্ত হ’বলৈ অস্বীকাৰ কৰিলে।

    [32] আল্লাহে ক’লে, ‘হে ইবলীছ! তোমাৰ কি হ’ল, তুমি কিয় ছাজদাহকাৰী সকলৰ অন্তৰ্ভুক্ত নহ’লা’

    [33] সি ক’লে, ‘(হে আল্লাহ!) তুমি গন্ধযুক্ত বোকাৰ শুকান টিং টিং শব্দ কৰা ক’লাবৰণীয়া মাটিৰ পৰা যি মানুহ সৃষ্টি কৰিছা মই তাক ছাজদাহ নকৰো’।

    [34] তেওঁ ক’লে, ‘তেন্তে তই ইয়াৰ পৰা ওলাই যা, কাৰণ নিশ্চয় তই অভিশপ্ত

    [35] আৰু নিশ্চয় প্ৰতিদান দিৱস লৈকে তোৰ ওপৰত থাকিল অভিসম্পাত।

    [36] সি ক’লে, ‘হে মোৰ ৰব! তেনেহ’লে মোক অৱকাশ দিয়া সেই দিনলৈকে, যিদিনা সিহঁতক পুনৰুজ্জীৱিত কৰা হ’ব’।

    [37] তেওঁ ক’লে, ‘যা, নিশ্চয় তোক অৱকাশ দিয়া হ’ল

    [38] ‘সুনিৰ্দিষ্ট সময় অহাৰ দিন পৰ্যন্ত’।

    [39] সি ক’লে, ‘হে মোৰ ৰব! তুমি যে মোক বিপথগামী কৰিলা সেই বাবে অৱশ্যে মই পৃথিৱীত পাপকৰ্মসমূহক মানুহৰ ওচৰত শোভনীয় কৰি তুলিম আৰু অৱশ্যে আমি সিহঁতৰ আটাইকে বিপথগামী কৰিম

    [40] ‘কিন্তু সিহঁতৰ মাজত তোমাৰ একনিষ্ঠ বান্দাসকলৰ বাহিৰে’।

    [41] আল্লাহে ক’লে, ‘এইটোৱে মোৰ ওচৰলৈ অহাৰ সৰল পথ’।

    [42] ‘নিশ্চয় মোৰ বান্দাসকলৰ ওপৰত তোমাৰ কোনো ক্ষমতা নাই, কিন্তু পথভ্ৰষ্টসকলৰ বাহিৰে যিসকলে তোমাক অনুসৰণ কৰিব’

    [43] ‘নিশ্চয় জাহান্নাম সিহঁত সকলোৰে প্ৰতিশ্ৰুত স্থান’

    [44] ‘সেইটোৰ সাতখন দুৱাৰ আছে, প্ৰত্যেক দুৱাৰেৰে প্ৰৱেশ কৰিবলৈ (চয়তানৰ অনুসাৰীসকলৰ বাবে) নিৰ্দিষ্ট অংশ আছে’।

    [45] নিশ্চয় মুত্তাক্বীসকল থাকিব জান্নাতত আৰু প্ৰস্ৰৱণসমূহৰ মাজত।

    [46] তেওঁলোকক কোৱা হ’ব, ‘তোমালোকে শান্তি আৰু নিৰাপত্তাৰ সৈতে ইয়াত প্ৰৱেশ কৰা’।

    [47] আৰু আমি তেওঁলোকৰ অন্তৰৰ পৰা হিংসা বিদ্বেষ আঁতৰাই দিম; তেওঁলোকে ভাতৃৰ দৰে পৰস্পৰে ইজনে সিজনৰ সন্মুখৰ আসনত অৱস্থান কৰিব

    [48] তাত তেওঁলোকক অৱসাদে (ক্লান্তিয়ে) স্পৰ্শ নকৰিব আৰু তাৰ পৰা তেওঁলোকক বহিষ্কৃতও কৰা নহ’ব।

    [49] মোৰ বান্দাসকলক জনাই দিয়া যে, নিশ্চয় মই পৰম ক্ষমাশীল, পৰম দয়ালু

    [50] আৰু নিশ্চয় মোৰ শাস্তিয়েই হৈছে যন্ত্ৰণাদায়ক শাস্তি

    [51] আৰু তুমি সিহঁতক জনাই দিয়া, ইব্ৰাহীমৰ অতিথিসকলৰ কথা

    [52] যেতিয়া তেওঁলোকে তেওঁৰ ওচৰত উপস্থিত হৈ ক’লে, ‘ছালাম’, তেতিয়া তেওঁ ক’লে, ‘নিশ্চয় আমি আপোনালোকৰ বিষয়ে শংকিত’।

    [53] তেওঁলোকে ক’লে, ‘ভয় নকিৰব, আমি আপোনাক এজন জ্ঞানী পুত্ৰৰ সুসংবাদ দিবলৈহে আহিছো’।

    [54] তেওঁ ক’লে, ‘বাৰ্দ্ধক্যই স্পৰ্শ কৰা সত্বেও আপোনালোকে মোক (সন্তান লাভৰ) সুসংবাদ দিছে? এতেকে আপোনালোকে কিহৰ (কেনেকৈ) সুসংবাদ দি আছে’

    [55] তেওঁলোকে ক’লে, ‘আমি সত্য সুসংবাদ দিছো; এতেকে আপুনি নিৰাশ নহ’ব’।

    [56] তেওঁ ক’লে, ‘পথভ্ৰষ্টসকলৰ বাহিৰে নিজ প্ৰতিপালকৰ ৰহমতৰ পৰা কোনেনো নিৰাশ হয়’

    [57] তেওঁ ক’লে, ‘হে প্ৰেৰিত (ফিৰিস্তা)সকল! আপোনালোকৰ আৰু কিবা বিশেষ উদ্দেশ্য আছে নেকি’

    [58] তেওঁলোকে ক’লে, ‘নিশ্চয় আমাক এটা অপৰাধী সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে

    [59] কিন্তু লূতৰ পৰিয়ালৰ বিৰুদ্ধে নহয়, নিশ্চয় আমি তেওঁলোক আটাইকে ৰক্ষা কৰিম

    [60] কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে; আমি সিদ্ধান্ত লৈছো যে, নিশ্চয় তাই পিছত অৱস্থানকাৰী সকলৰ অন্তৰ্ভুক্ত’।

    [61] তাৰ পিছত ফিৰিস্তাসকল যেতিয়া লূত পৰিয়ালৰ ওচৰত আহিল

    [62] তেতিয়া লূতে ক’লে, ‘আপোনালোক দেখোন অপৰিচিত’।

    [63] তেওঁলোকে ক’লে, ‘নহয়, বৰং আমি আপোনাৰ ওচৰলৈ সেইটোৱে লৈ আহিছো যি বিষয়ে সিহঁতে সন্দেহ পোষণ কৰিছিল’

    [64] ‘আৰু আমি আপোনাৰ ওচৰত সত্য সংবাদ লৈ আহিছো আৰু নিশ্চয় আমি সত্যবাদী’

    [65] ‘এতেকে আপুনি ৰাতিৰ কোনো এটা ভাগত আপোনাৰ পৰিয়ালবৰ্গক লৈ ওলাই যাওঁক, আৰু আপুনি সিহঁতৰ পিছে পিছে গৈ থাকিব। আপোনালোকৰ কোনোৱেই যাতে পিছলৈ ঘূৰি নাচায়; আপোনালোকক য’লৈকে যোৱাৰ আদেশ কৰা হৈছে তালৈকে গুচি যাওঁক’।

    [66] আৰু আমি তেওঁক এই বিষয়ে ফয়চালা জনাই দিলো যে, নিশ্চয় সিহঁতক উষাৰ লগে লগে সমূলি বিনাশ কৰা হ’ব।

    [67] আৰু নগৰবাসী উল্লাসিত হৈ উপস্থিত হ’ল।

    [68] তেওঁ ক’লে, ‘নিশ্চয় এওঁলোক মোৰ অতিথি; এতেকে তোমালোকে মোক অপমান নকৰিবা’।

    [69] ‘তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোক লাঞ্ছিত নকৰিবা’।

    [70] সিহঁতে ক’লে, ‘আমি পৃথিৱীৰ (যি সি) লোকক আশ্ৰয় দিবলৈ তোমাক নিষেধ কৰা নাছিলো নে’

    [71] লূতে ক’লে, ‘যদি তোমালোকে কিবা কৰিবই বিচৰা তেন্তে মোৰ এই ছোৱালীবোৰ আছে (বিবাহৰ মাধ্যমত বৈধ উপায়ে কৰা)’।

    [72] তোমাৰ জীৱনৰ শপত! নিশ্চয় সিহঁত তেওঁলোকৰ নিচাত মতলীয়া হৈ ঘূৰি আছিল।

    [73] ফলত সূৰ্যোদয়ৰ সময়ত প্ৰচণ্ড চিঞঁৰে সিহঁতক আহি ধৰিলে

    [74] তাৰ পিছত আমি জনপদক ওলোটাই তল-ওপৰ কৰি দিলো আৰু সিহঁতৰ ওপৰত পোৰা মাটিৰ শিল বৰ্ষণ কৰিলো।

    [75] নিশ্চয় ইয়াত নিদৰ্শন আছে পৰ্যবেক্ষণ-শক্তি সম্পন্ন ব্যক্তিসকলৰ বাবে।

    [76] আৰু নিশ্চয় সেয়া মানুহৰ চলাচল পথৰ কাষতেই বিদ্যমান।

    [77] নিশ্চয় ইয়াত মুমিনসকলৰ বাবে আছে নিদৰ্শন।

    [78] আৰু আইকাহ বাসীসকলেও আছিল সীমালংঘনকাৰী

    [79] সেই কাৰণে আমি সিহঁতৰ পৰাও প্ৰতিশোধ লৈছো, আৰু দুয়োটা জনপদ প্ৰকাশ্য পথৰ দাঁতিতে অৱস্থিত।

    [80] আৰু অৱশ্যে হিজৰবাসীয়ে ৰাছুলসকলক অস্বীকাৰ কৰিছিল

    [81] আমি সিহঁতক আমাৰ নিদৰ্শন প্ৰদান কৰিছিলো, কিন্তু সিহঁতে সেয়া উপেক্ষা কৰিছিল।

    [82] আৰু সিহঁতে নিৰাপদে পাহাৰ কাটি ঘৰ নিৰ্মাণ কৰিব পাৰিছিল।

    [83] তথাপিও পুৱাৰ ভাগত প্ৰচণ্ড শব্দই সিহঁতক আহি ধৰিলে।

    [84] এতেকে সিহঁতে যি অৰ্জন কৰিছিল সেয়া সিহঁতৰ কোনো কামত আহা নাছিল।

    [85] আকাশসমূহ আৰু পৃথিৱী লগতে এই দুয়োৰ মাজৰ কোনো বস্তুৱেই আমি যথাৰ্থতাৰ বাহিৰে সৃষ্টি কৰা নাই, আৰু নিশ্চয় কিয়ামত আহিব। এতেকে তুমি পৰম সৌজন্যৰ সৈতে সিহঁতক ক্ষমা কৰি দিয়া।

    [86] নিশ্চয় তোমাৰ ৰব, তেৱেঁই মহাস্ৰষ্টা, মহাজ্ঞানী।

    [87] আৰু আমি তোমাক প্ৰদান কৰিছো পুনঃ পুনঃ পঠিত সাতোটা আয়াত আৰু মহা কোৰআন।

    [88] আমি সিহঁতৰ বিভিন্ন শ্ৰেণীক ভোগ-বিলাসৰ যি উপকৰণ দিছো তাৰ প্ৰতি তুমি কেতিয়াও তোমাৰ দুচকু প্ৰসাৰিত নকৰিবা। সিহঁতৰ বাবে তুমি দুখ নকৰিবা; আৰু তুমি মুমিনসকলৰ বাবে তোমাৰ বাহু নত কৰা (অৰ্থাৎ সদয় হোৱা)

    [89] আৰু কোৱা, ‘নিশ্চয় মই প্ৰকাশ্য সতৰ্ককাৰী’।

    [90] যিদৰে আমি অৱতীৰ্ণ কৰিছিলো বিভক্তকাৰী সকলৰ ওপৰত

    [91] যিসকলে কোৰআনক বিভিন্নভাৱে বিভক্ত কৰিছে।

    [92] এতেকে তোমাৰ প্ৰতিপালকৰ শপত! নিশ্চয় আমি সিহঁত সকলোকে জেৰা কৰিম

    [93] সেই বিষয়ে, যিটো সিহঁতে আমল কৰিছিল।

    [94] এতেকে তুমি যি বিষয়ে আদেশপ্ৰাপ্ত হৈছা সেয়া প্ৰকাশ্যভাৱে প্ৰচাৰ কৰা আৰু মুশ্বৰিকসকলৰ পৰা মুখ ঘূৰাই লোৱা।

    [95] নিশ্চয় বিদ্ৰূপকাৰীসকলৰ বিৰুদ্ধে আমিয়েই তোমাৰ বাবে যথেষ্ট

    [96] যিসকলে আল্লাহৰ লগত আন কোনো উপাস্য নিৰ্ধাৰণ কৰে। নিশ্চয় অতিশীঘ্ৰেই (ইয়াৰ পৰিণাম) সিহঁতে জানিব পাৰিব।

    [97] আৰু অৱশ্যে আমি এই কথা জানো যে, সিহঁতৰ কথাত তোমাৰ মন সংকুচিত হয়

    [98] এতেকে তুমি তোমাৰ প্ৰতিপালকৰ তছবীহ পাঠ কৰা আৰু ছাজদাহকাৰী সকলৰ অন্তৰ্ভুক্ত হোৱা।

    [99] আৰু তোমাৰ মৃত্যু নাহা লৈকে তুমি তোমাৰ প্ৰতিপালকৰ ইবাদত কৰা।

    Surah 16
    আন-নাহল

    [1] আল্লাহৰ আদেশ আহিবই; এতেকে সেইটো পাবলৈ খৰখেদা নকৰিবা। তেওঁ অতি পৱিত্ৰ মহিমাময় আৰু সিহঁতে যি অংশীদাৰ স্থাপন কৰে তাৰ পৰা তেওঁ (বহু) উৰ্দ্ধত।

    [2] তেওঁ নিজ বান্দাসকলৰ মাজত যাৰ প্ৰতি ইচ্ছা নিজ নিৰ্দেশত ৰূহ (অহীসহ ফিৰিস্তা) প্ৰেৰণ কৰে এই বুলি যে, তোমালোকে সতৰ্ক কৰা, মই বিনে আন কোনো সত্য ইলাহ নাই; সেয়ে তোমালোকে মোৰ তাক্বৱা অৱলম্বন কৰা।

    [3] তেৱেঁই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে; সিহঁতে যি অংশীদাৰ স্থাপন কৰে তেওঁ তাৰ পৰা (বহু) উৰ্দ্ধত।

    [4] তেৱেঁই মানুহক শুক্ৰকীটৰ পৰা সৃষ্টি কৰিছে; অথচ চোৱা, সেই মানুহেই প্ৰকাশ্য বিতণ্ডাকাৰী

    [5] আৰু চতুষ্পদ জন্তুবোৰ তেৱেঁই সৃষ্টি কৰিছে, তোমালোকৰ বাবে তাত আছে শীত নিবাৰণৰ উপকৰণ লগতে আৰু নানা ধৰণৰ উপকাৰ আছে আৰু সেইবোৰৰ কিছুমানক তোমালোকে ভক্ষণো কৰা।

    [6] আৰু তোমালোকৰ বাবে আছে তাত সৌন্দৰ্য, যেতিয়া তোমালোকে চৰাবলৈ পুৱাৰ ভাগত সেইবোৰক খেদি নিয়া আৰু যেতিয়া সন্ধিয়া (পথাৰৰ পৰা) ঘৰলৈ লৈ আহা।

    [7] আৰু সেইবোৰে তোমালোকৰ গধুৰ বোজাবোৰ বহন কৰি লৈ যায় এনেকুৱা দেশত, য’ত প্ৰাণান্তৰ কষ্টবিহীন তোমালোকে যাব নোৱাৰিলাহেঁতেন। নিশ্চয় তোমালোকৰ ৰব অতি স্নেহশীল, পৰম দয়ালু।

    [8] আৰু তোমালোকৰ আৰোহণৰ বাবে লগতে শোভাৰ বাবে তেওঁ সৃষ্টি কৰিছে ঘোঁৰা, খচ্চৰ আৰু গাধ আৰু তেওঁ এনেকুৱা বহুতো বস্তু সৃষ্টি কৰে (আৰু কৰিব) যিবোৰ তোমালোকে নাজানা।

    [9] আৰু সৰল পথ আল্লাহৰ ওচৰলৈকে লৈ যায়, কিন্তু পথবোৰৰ মাজত বক্ৰ পথো আছে। তেওঁ ইচ্ছা কৰিলে তোমালোক আটাইকে সৎপথত পৰিচালিত কৰিলেহেঁতেন।

    [10] তেৱেঁই আকাশৰ পৰা পানী বৰষায়। তাত তোমালোকৰ বাবে আছে পানীয় আৰু তাৰ পৰাই জন্মায় উদ্ভিদ যাতে তোমালোকে পশু চৰোৱাব পাৰা।

    [11] ইয়াৰ মাধ্যমত তেৱেঁই তোমালোকৰ বাবে জন্মায় শস্য, যায়তুন, খেজুৰ গছ, আঙ্গুৰ আৰু নানা ধৰণৰ ফলমূল। নিশ্চয় ইয়াত আছে চিন্তাশীল সম্প্ৰদায়ৰ বাবে নিদৰ্শন।

    [12] আৰু তেৱেঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে ৰাতি, দিন, সূৰ্য আৰু চন্দ্ৰক; আৰু নক্ষত্ৰৰাজিও তেওঁৰেই নিৰ্দেশত নিয়োজিত। নিশ্চয় ইয়াত বোধশক্তি সম্পন্ন সম্প্ৰদায়ৰ বাবে আছে বহুতো নিদৰ্শন।

    [13] আৰু তেওঁ তোমালোকৰ বাবে পৃথিৱীত বিচিত্ৰ ৰঙ-বিৰঙৰ যি যি সৃষ্টি কৰিছে, নিশ্চয় তাতো আছে সেই সম্প্ৰদায়ৰ বাবে নিদৰ্শন, যিসকলে উপদেশ গ্ৰহণ কৰে।

    [14] আৰু তেৱেঁই সাগৰক নিয়োজিত কৰিছে, যাতে তোমালোকে তাৰ পৰা (মাছৰ) সতেজ মাংস খাব পাৰা লগতে যাতে তোমালোকে তাৰ পৰা ৰত্নাৱলী আহৰণ কৰিব পাৰা যিবোৰ তোমালোকে ভূষণৰূপে পৰিধান কৰা; আৰু তোমালোকে দেখিবলৈ পোৱা যে, সাগৰৰ বুকু ভেদ কৰি নৌযান চলাচল কৰে, এইটো এই বাবে যে, যাতে তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা আৰু যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা

    [15] আৰু তেৱেঁই পৃথিৱীত সুদৃঢ় পৰ্বত স্থাপন কৰিছে, যাতে পৃথিৱীয়ে তোমালোকক লৈ থৰক-বৰক কৰিব নোৱাৰে, আৰু স্থাপন কৰিছে নদ-নদী আৰু পথসমূহ, যাতে তোমালোকে নিজৰ গন্তব্যস্থলত যাব পাৰা

    [16] আৰু (তেৱেঁই) পথ নিৰ্দেশক চিহ্নসমূহ (স্থাপন কৰিছে)। লগতে তৰা নক্ষত্ৰৰ দ্বাৰাও (মানুহে) পথ নিৰ্দেশ পায়।

    [17] এতেকে যিজনে সৃষ্টি কৰে, তেওঁ তাৰ দৰে নেকি যিজনে সৃষ্টি কৰিব নোৱাৰে? তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবানে

    [18] আৰু তোমালোকে আল্লাহৰ অনুগ্ৰহ গণিলে কেতিয়াও তাৰ সংখ্যা নিৰ্ণয় কৰিব নোৱাৰিবা। নিশ্চয় আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু।

    [19] আৰু তোমালোকে যি গোপন কৰা আৰু যি প্ৰকাশ কৰা সেয়া আল্লাহে (ভালদৰেই) জানে।

    [20] আৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰক আহ্বান কৰে সিহঁতে একোৱেই সৃষ্টি কৰিব নোৱাৰে, বৰং সিহঁতকেই সৃষ্টি কৰা হয়।

    [21] (বৰং সিহঁত) নিষ্প্ৰাণ, নিৰ্জীৱ আৰু সিহঁতক কেতিয়া পুনৰুত্থিত কৰা হ’ব সেই বিষয়েও সিহঁতৰ কোনো চেতনা নাই।

    [22] তোমালোকৰ ইলাহ কেৱল এজন ইলাহ, এতেকে যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে সিহঁতৰ অন্তৰ হৈছে অস্বীকাৰকাৰী আৰু সিহঁত হৈছে অহংকাৰী।

    [23] ইয়াত কোনো সন্দেহ নাই যে, আল্লাহে (ভালদৰেই) জানে সিহঁতে যি গোপন কৰে আৰু যি ঘোষণা কৰে। নিশ্চয় তেওঁ অহংকাৰীসকলক পছন্দ নকৰে।

    [24] আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘তোমালোকৰ প্ৰতিপালকে কি অৱতীৰ্ণ কৰিছে’? তেতিয়া সিহঁতে কয়, ‘পূৰ্বৱৰ্তীসকলৰ উপকথা’

    [25] ফলত কিয়ামতৰ দিনা সিহঁতে নিজৰ পাপকৰ্মৰ বোজা সম্পূৰ্ণৰূপে বহন কৰিব আৰু সিহঁতৰ বোজাও বহন কৰিব যিসকলক সিহঁতে অজ্ঞতাবশত বিভ্ৰান্ত কৰিছে। চোৱা, সিহঁতে যি বহন কৰিব সেয়া কিমান নিকৃষ্ট

    [26] অৱশ্যে সিহঁতৰ পূৰ্বৱৰ্তীসকলে চক্ৰান্ত কৰিছিল, এতেকে আল্লাহে সিহঁতৰ প্ৰসাদৰ ভিত্তিমূলত আঘাত কৰিছিল; ফলত প্ৰসাদৰ ছাদ সিহঁতৰ ওপৰত খহি পৰিছিল আৰু সিহঁতৰ প্ৰতি শাস্তি এনেকৈ আহিছিল যে, সিহঁতে একোৱেই উপলব্ধি কৰিব পৰা নাছিল।

    [27] পিছত কিয়ামতৰ দিনা তেওঁ সিহঁতক লাঞ্ছিত কৰিব আৰু তেওঁ ক’ব, ‘মোৰ সেই অংশীদাৰবোৰ ক’ত, যিবোৰৰ বিষয়ে তোমালোকে ঘোৰ বাক-বিতণ্ডা কৰিছিলা’? যিসকলক জ্ঞান দান কৰা হৈছিল, তেওঁলোকে ক’ব, ‘নিশ্চয় আজি লাঞ্ছনা আৰু অমঙ্গল কাফিৰসকলৰ ওপৰত’

    [28] যিবিলাকে নিজৰ প্ৰতি অন্যায় কৰি থকা অৱস্থাতেই ফিৰিস্তাসকলে সিহঁতৰ মৃত্যু ঘটাব, তেতিয়া সিহঁতে আত্মসমৰ্পণ কৰি ক’ব, ‘আমি কোনো বেয়া কাম কৰা নাছিলো’। হয়, নিশ্চয় তোমালোকে যি কৰিছিলা সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।

    [29] এতেকে তোমালোকে জাহান্নামৰ দুৱাৰসমূহৰে তাত স্থায়ী হৈ প্ৰৱেশ কৰা। এতেকে চোৱা, অহংকাৰীসকলৰ আবাসস্থল কিমান নিকৃষ্ট

    [30] আৰু যিসকলে তাক্বৱা অৱলম্বন কৰিছিল তেওঁলোকক কোৱা হ’ল, ‘তোমালোকৰ প্ৰতিপালকে কি অৱতীৰ্ণ কৰিছে’? তেওঁলোকে ক’লে, ‘মহাকল্যাণ’। যিসকলে সৎকৰ্ম কৰে তেওঁলোকৰ বাবে আছে এই পৃথিৱীত মঙ্গল আৰু আখিৰাতৰ আবাস ইয়াতকৈয়ো উৎকৃষ্ট; আৰু মুত্তাক্বীসকলৰ আবাসস্থল কিমান যে উৎকৃষ্ট

    [31] য’ত তেওঁলোক প্ৰৱেশ কৰিব সেইটো হৈছে স্থায়ী জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত; তেওঁলোকে যিটো বিচাৰিব সেইটোৱেই তেওঁলোকৰ বাবে তাত থাকিব। এইদৰেই আল্লাহে মুত্তাক্বীসকলক পুৰষ্কৃত কৰে

    [32] ফিৰিস্তাসকলে তেওঁলোকৰেই মৃত্যু ঘটায় উত্তমভাৱে। ফিৰিস্তাসকলে কয়, ‘তোমালোকৰ ওপৰত ছালাম (বৰ্ষিত হওঁক)! তোমালোকে যি কৰিছিলা তাৰ বিনিময়ত জান্নাতত প্ৰৱেশ কৰা’।

    [33] সিহঁতে (কাফিৰসকলে) কেৱল সিহঁতৰ ওচৰত ফিৰিস্তা অহাৰ প্ৰতীক্ষা কৰি আছে অথবা তোমাৰ প্ৰতিপালকৰ নিৰ্দেশ অহাৰহে প্ৰতীক্ষা কৰি আছে। সিহঁতৰ পূৰ্বৱৰ্তীসকলেও এনেকুৱাই কৰিছিল। আল্লাহে সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নাছিল, কিন্তু সিহঁতে নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।

    [34] সেয়ে সিহঁতৰ ওপৰত আপতিত হৈছিল সিহঁতৰেই বেয়া কৰ্মৰ পৰিণতি আৰু সিহঁতে যিটো লৈ উপহাস কৰিছিল সেইটোৱে সিহঁতক পৰিবেষ্টন কৰিছে।

    [35] আৰু যিসকলে শ্বিৰ্ক কৰিছে সিহঁতে কয়, ‘আল্লাহে ইচ্ছা কৰিলে আমি আৰু আমাৰ পিতৃ-পুৰুষসকলে তেওঁৰ বাহিৰে আনৰ ইবাদত নকৰিলোহেঁতেন, আৰু তেওঁৰ বিপৰীতে আমি কোনো বস্তু হাৰামো নকৰিলোহেঁতেন’। সিহঁতৰ পূৰ্বৱৰ্তীসকলেও এনেকুৱাই কৰিছিল। এতেকে ৰাছুলসকলৰ কৰ্তব্য কেৱল সুস্পষ্ট বাণী পৌঁছাই দিয়া নহয় জানো

    [36] আৰু অৱশ্যে আমি প্ৰত্যেক জাতিৰ ওচৰতেই ৰাছুল পঠাইছিলো এই নিৰ্দেশ প্ৰদান কৰি যে, তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তাগুতক পৰিহাৰ কৰা। তাৰ পিছত আল্লাহে সিহঁতৰ কিছুসংখ্যক লোকক হিদায়ত দিছে, আৰু সিহঁতৰ কিছুমানৰ ওপৰত পথভ্ৰষ্টতা সাব্যস্ত হৈছিল; এতেকে তোমালোকে পৃথিৱীত পৰিভ্ৰমণ কৰি চোৱা মিছলীয়াসকলৰ পৰিণাম কি হৈছিল

    [37] তুমি সিহঁতৰ হিদায়তৰ বাবে ঐকান্তিকভাৱে আগ্ৰহী হ’লেও আল্লাহে যাক বিভ্ৰান্ত কৰে তাক তেওঁ হিদায়ত নিদিয়ে, আৰু সিহঁতৰ বাবে কোনো সহায়কাৰীও নাই।

    [38] আৰু সিহঁতে দৃঢ়তাৰ সৈতে আল্লাহৰ শপত কৰি কয়, ‘যাৰ মৃত্যু হয় তাক আল্লাহে কেতিয়াও পুনৰ্জীৱিত নকৰিব’। কিয় নকৰিব! নিশ্চয় তেওঁৰ ওপৰত কৃত প্ৰতিশ্ৰুতি তেওঁ সত্যত পৰিণত কৰিব। কিন্তু অধিকাংশ মানুহেই নাজানে।

    [39] (পুনৰ্জীৱিত এই কাৰণে কৰিব যে) যি বিষয়ে সিহঁতে মতানৈক্য কৰিছে, সেয়া সিহঁতৰ ওচৰত স্পষ্টভাৱে বৰ্ণনা কৰাৰ বাবে আৰু কাফিৰসকলক জনাবলৈ যে, নিশ্চয় সিহঁত আছিল মিছলীয়া।

    [40] (জানি থোৱা!) আমি কোনো বস্তুক (অস্তিত্বত আনিবলৈ) ইচ্ছা কৰিলে আমি কেৱল কওঁ যে, ‘হ’; ফলত ই হৈ যায়।

    [41] আৰু যিসকলে অত্যাচাৰিত হোৱাৰ পিছত আল্লাহৰ পথত হিজৰত কৰিছে, অৱশ্যে আমি তেওঁলোকক পৃথিৱীত উত্তম আবাস প্ৰদান কৰিম; আৰু আখিৰাতৰ পুৰষ্কাৰ নিশ্চয় ইয়াতকৈয়ো শ্ৰেষ্ঠ। যদি সিহঁতে জানিলেহেঁতেন

    [42] যিসকলে ধৈৰ্য ধাৰণ কৰে আৰু তেওঁলোকৰ প্ৰতিপালকৰ ওপৰত নিৰ্ভৰ কৰে।

    [43] আৰু তোমাৰ পূৰ্বে আমি অহীসহ কেৱল পুৰুষসকলকেই প্ৰেৰণ কৰিছিলো, এতেকে যদি তোমালোকে নাজানা তেন্তে জ্ঞানীসকলক সুধি লোৱা

    [44] স্পষ্ট প্ৰমাণাদি আৰু গ্ৰন্থাৱলীসহ। আৰু আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছো, যাতে তুমি মানুহৰ বাবে সেইটো স্পষ্ট কৰি দিব পাৰা যিটো সিহঁতৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে লগতে যাতে মানুহে (এই বিষয়ে) চিন্তা-চৰ্চা কৰে।

    [45] যিসকলে বেয়া কৰ্মৰ ষড়যন্ত্ৰ কৰে, আল্লাহে সিহঁতক ভূগৰ্ভত বিলীন নকৰিব বুলি সিহঁতে নিৰ্ভয় হৈ গৈছে নেকি, নে উপলব্ধি কৰিব নোৱাৰা ঠাইৰ পৰা সিহঁতৰ ওপৰত শাস্তি নাহিব বুলি সিহঁতে নিৰ্ভয় হৈছে

    [46] অথবা সিহঁতে চলা-ফুৰা কৰা অৱস্থাত তেওঁ সিহঁতক গ্ৰেপ্তাৰ নকৰিব বুলি সিহঁত নিৰ্ভয় হৈছে নেকি? অথচ সিহঁতে সেয়া ব্যৰ্থও কৰিব নোৱাৰিব।

    [47] অথবা তেওঁ সিহঁতক ভীত-সন্ত্ৰস্ত অৱস্থাত গ্ৰেপ্তাৰ নকৰিব বুলি নিৰ্ভয় হৈছে নেকি? নিশ্চয় তোমালোকৰ ৰব অতি স্নেহশীল, পৰম দয়ালু।

    [48] সিহঁতে আল্লাহে সৃষ্টি কৰা বস্তুৰ প্ৰতি লক্ষ্য নকৰে নেকি, যাৰ ছাঁ সোঁফালে আৰু বাওঁফালে আল্লাহৰ প্ৰতি ছাজদাৱনত হৈ ঢলি পৰে, আৰু সেইবোৰ একান্ত বিনীত

    [49] আকাশসমূহ আৰু পৃথিৱীত যিমান জীৱ-জন্তু আৰু ফিৰিস্তা আছে সেই সকলো কেৱল আল্লাহকেই ছাজদাহ কৰে, তেওঁলোক অহংকাৰ নকৰে।

    [50] তেওঁলোকে তেওঁলোকৰ ওপৰত থকা প্ৰতিপালকক ভয় কৰে আৰু তেওঁলোকক যি নিৰ্দেশ দিয়া হয় তেওঁলোকে সেইটোৱে কৰে।

    [51] আৰু আল্লাহে কৈছে, ‘তোমালোকে দুজন ইলাহ গ্ৰহণ নকৰিবা; কেৱল তেৱেঁই একমাত্ৰ ইলাহ। গতিকে তোমালোকে কেৱল মোকেই ভয় কৰা’।

    [52] আকাশসমূহ আৰু পৃথিৱীত যি আছে সেইবোৰ তেওঁৰেই আৰু সাৰ্বক্ষণিক আনুগত্য কেৱল তেওঁৰেই প্ৰাপ্য। তথাপিও তোমালোকে আল্লাহৰ বাহিৰে আনক ভয় কৰিবানে

    [53] আৰু তোমালোকৰ ওচৰত যিবোৰ নিয়ামত আছে সেইবোৰ আল্লাহৰ পৰাই আহিছে। তাৰ পিছত যেতিয়া তোমালোকক দুখ-দৈন্যই স্পৰ্শ কৰে তেতিয়া তোমালোকে ব্যাকুলভাৱে তেওঁকেই আহ্বান কৰা।

    [54] তাৰ পিছত যেতিয়া আল্লাহে তোমালোকৰ দুখ-দৈন্য দূৰীভূত কৰে তেতিয়া তোমালোকৰ এটা দলে সিহঁতৰ প্ৰতিপালকৰ লগত শ্বিৰ্ক কৰে

    [55] আমি সিহঁতক যি প্ৰদান কৰিছো সেয়া অস্বীকাৰ কৰাৰ বাবে। গতিকে তোমালোকে ভোগ কৰি লোৱা, অচিৰেই তোমালোকে (ইয়াৰ পৰিণাম) জানিব পাৰিবা।

    [56] আৰু আমি সিহঁতক যি জীৱিকা দান কৰিছো সিহঁতে তাৰ পৰা এটা অংশ নিৰ্ধাৰণ কৰে সেইবোৰ (উপাস্য)ৰ বাবে যিবোৰৰ বিষয়ে সিহঁতে একোৱেই নাজানে। শপত আল্লাহৰ! তোমালোকে যি মিছা উদ্ভাৱন কৰা সেই বিষয়ে অৱশ্যে তোমালোকক প্ৰশ্ন কৰা হ’ব।

    [57] আৰু সিহঁতে আল্লাহৰ বাবে কন্যা সন্তান নিৰ্ধাৰণ কৰে-- তেওঁ পৱিত্ৰ, মহিমাময়। কিন্তু সিহঁতে নিজৰ বাবে সেইটোৱে নিৰ্দিষ্ট কৰে যিটো সিহঁতে পছন্দ কৰে।

    [58] সিহঁতৰ কাৰোবাক যেতিয়া কন্যা সন্তানৰ সুসংবাদ দিয়া হয় তেতিয়া তাৰ মুখমণ্ডল ক’লা পৰি যায় আৰু সি অসহনীয় মানসিক যন্ত্ৰণাত ক্লিষ্ট হৈ পৰে।

    [59] তাক যি সুসংবাদ দিয়া হয়, তাৰ গ্লানিৰ কাৰণে সি নিজ সম্প্ৰদায়ৰ পৰা আত্মগোপন কৰে। সি চিন্তা কৰে যে, হীনতা সত্বেও তাইক ৰাখি দিব নে মাটিত পুতি থব? সাৱধান! সিহঁতে যি সিদ্ধান্ত কৰে সেয়া কিমান নিকৃষ্ট

    [60] যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে যাৱতীয় বেয়া উদাহৰণ (গুণাৱলী) সিহঁতৰ বাবেই, আৰু কেৱল আল্লাহৰ বাবেই হৈছে যাৱতীয় উৎকৃষ্ট উদাহৰণ (গুণাৱলী), আৰু তেৱেঁই পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    [61] আৰু আল্লাহে যদি মানুহক সিহঁতৰ সীমালংঘনৰ বাবে শাস্তি দিলেহেঁতেন তেন্তে ভূপৃষ্ঠত কোনো জীৱ-জন্তুকেই ৰেহাই নিদিলেহেঁতেন; কিন্তু তেওঁ এটা নিৰ্দিষ্ট সময় লৈকে সিহঁতক অৱকাশ দিয়ে। এতেকে যেতিয়া সিহঁতৰ সময় আহি পৰে তেতিয়া সিহঁতে এটা মুহূৰ্ত্তও আগ-পিছ কৰিব নোৱাৰে।

    [62] আৰু সিহঁতে যি অপছন্দ কৰে সেইটোৱেই আল্লাহৰ প্ৰতি আৰোপ কৰে। সিহঁতৰ জিভাই মিছা বিৱৰণ দিয়ে যে, মঙ্গল কেৱল সিহঁতৰ বাবেই। নিসন্দেহে সিহঁতৰ বাবে আছে অগ্নি, আৰু নিশ্চয় সিহঁতকেই সৰ্বপ্ৰথম তাত নিক্ষেপ কৰা হ’ব।

    [63] আল্লাহৰ শপত! আমি তোমাৰ পূৰ্বেও বহু জাতিৰ ওচৰত ৰাছুল প্ৰেৰণ কৰিছো; কিন্তু চয়তানে সেইবোৰ জাতিৰ কাৰ্যকলাপ সিহঁতৰ দৃষ্টিত শোভনীয় কৰি দিছিল, সেয়ে আজি সি সিহঁতৰ অভিভাৱক আৰু সিহঁতৰ বাবেই আছে যন্ত্ৰণাদায়ক শাস্তি।

    [64] আৰু আমি তোমাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছো যিসকলে এই বিষয়ে মতভেদ কৰে সিহঁতক সুস্পষ্টভাৱে বুজাই দিয়াৰ বাবে আৰু ই হিদায়ত আৰু ৰহমত স্বৰূপ সেই সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।

    [65] আৰু আল্লাহেই আকাশৰ পৰা পানী বৰ্ষণ কৰে আৰু তাৰ দ্বাৰা তেওঁ মৃত ভূমিক পুনৰ্জীৱিত কৰে। নিশ্চয় ইয়াত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে (আল্লাহৰ) কথা শুনে।

    [66] নিশ্চয় ঘৰচীয়া জন্তুৰ মাজতো তোমালোকৰ বাবে আছে শিক্ষা। তাৰ পেটৰ গোবৰ আৰু তেজৰ মাজৰ পৰা তোমালোকক পান কৰাওঁ বিশুদ্ধ আৰু নিৰ্ভেজাল গাখীৰ, সেয়া পান কৰোতাসকলৰ বাবে অতি তৃপ্তিকৰ।

    [67] আৰু খেজুৰ গছৰ ফল আৰু আঙুৰৰ পৰা তোমালোকে মাদক আৰু উত্তম খাদ্য গ্ৰহণ কৰা; নিশ্চয় ইয়াত বোধশক্তি সম্পন্ন সম্প্ৰদায়ৰ বাবে আছে নিদৰ্শন।

    [68] আৰু তোমাৰ প্ৰতিপালকে মৌ-মাখিক তাৰ অন্তৰত ইংগিত কৰি নিৰ্দেশ দিছে যে, ‘তুমি পাহাৰত, গছত আৰু মানুহে তৈয়াৰ কৰা হেদালিত মৌচাক সাজা

    [69] ‘ইয়াৰ পিছত প্ৰত্যেক ফলৰ পৰা অলপ অলপ খোৱা, আৰু তোমাৰ প্ৰতিপালকৰ সহজ পথ অনুসৰণ কৰা’। তাৰ পেটৰ পৰা নিৰ্গত হয় বিভিন্ন ৰঙৰ পানীয়, য'ত মানুহৰ বাবে আছে আৰোগ্য। নিশ্চয় ইয়াত আছে চিন্তাশীল সম্প্ৰদায়ৰ বাবে নিদৰ্শন।

    [70] আৰু আল্লাহেই তোমালোকক সৃষ্টি কৰিছে, তাৰ পিছত তেৱেঁই তোমালোকৰ মৃত্যু ঘটাব আৰু তোমালোকৰ মাজৰ কিছুমানক প্ৰত্যাৱৰ্তিত কৰা হ’ব নিকৃষ্টতম বয়সত; যাতে জ্ঞান লাভৰ পিছত আকৌ সি সকলো নজনা হয়। নিশ্চয় আল্লাহৰ সৰ্বজ্ঞ, পূৰ্ণ ক্ষমতাবান।

    [71] আৰু আল্লাহে জীৱনোপকৰণত তোমালোকৰ মাজত ইজনক সিজনৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে। কিন্তু যিসকলক শ্ৰেষ্ঠত্ব দিয়া হৈছে সিহঁতে সিহঁতৰ অধীনস্থ দাস-দাসীসকলক নিজৰ জীৱনোপকৰণৰ পৰা এনে পৰিমাণে নিদিয়ে যাতে সিহঁতেও এই বিষয়ে সিহঁতৰ সমান হৈ যায়। তেনেহ’লে সিহঁতে আল্লাহৰ অনুগ্ৰহ অস্বীকাৰ কৰেনে

    [72] আৰু আল্লাহে তোমালোকৰ পৰাই তোমালোকৰ যোৰা (সঙ্গিনী) সৃষ্টি কৰিছে আৰু তোমালোকৰ সঙ্গিনীৰ পৰাই তোমালোকৰ বাবে সন্তান আৰু নাতিপুতি সৃষ্টি কৰিছে আৰু তোমালোকক উত্তম জীৱনোপকৰণ দান কৰিছে। তথাপিও সিহঁতে বাতিলৰ স্বীকৃতি দিবনে আৰু আল্লাহৰ অনুগ্ৰহ অস্বীকাৰ কৰিবনে

    [73] আৰু সিহঁতে আল্লাহৰ বাহিৰে এনে কিছুমানৰ উপাসনা কৰে, আকাশসমূহ আৰু পৃথিৱীৰ পৰা সিহঁতক জীৱনোপকৰণ দিয়াৰ যিসকলৰ কোনো অধিকাৰ নাই আৰু অধিকাৰী হোৱাৰ ক্ষমতাও নাই।

    [74] সেয়ে তোমালোকে আল্লাহৰ কোনো সদৃশ স্থিৰ নকৰিবা। নিশ্চয় আল্লাহে জানে আৰু তোমালোকে নাজানা।

    [75] আল্লাহে উপমা দাঙি ধৰিছে, আনৰ অধিকাৰভূক্ত এজন দাসৰ, যাৰ কোনো বস্তুৰ ওপৰত অধিকাৰ নাই আৰু এনে এজন ব্যক্তিৰ যাক আমি আমাৰ তৰফৰ পৰা উত্তম জীৱিকা দান কৰিছো আৰু তেওঁ তাৰ পৰা গোপনে আৰু প্ৰকাশ্যভাৱে ব্যয় কৰে; (এতেকে কোৱাচোন!) উভয় ব্যক্তি সমান হ’ব পাৰেনে? সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই প্ৰাপ্য; বৰং সিহঁতৰ অধিকাংশই (এই কথা) নাজানে।

    [76] আল্লাহে আৰু উপমা দিছে দুজন ব্যক্তিৰঃ সিহঁতৰ এজন বোবা, কোনো বস্তুৰ ওপৰত তাৰ অধিকাৰ নাই আৰু সি তাৰ অভিভাৱকৰ ওপৰত বোজা হৈ আছে; য’তেই তাক পঠোৱা নহওঁক কিয় সি কোনো কল্যাণ লৈ আহিব নোৱাৰে; তেনেহ’লে এই ব্যক্তি সেই ব্যক্তিৰ সমান হ’ব পাৰেনে যিয়ে ন্যায়ৰ নিৰ্দেশ দিয়ে আৰু যিজন আছে সৰল পথত

    [77] আকাশসমূহ আৰু পৃথিৱীৰ অদৃশ্য বিষয়াদি (ৰ জ্ঞান কেৱল) আল্লাহৰেই। কিয়ামত (সংঘটিত হোৱা)ৰ বিষয়টো চকুৰ পলকৰ দৰে, অথবা তাতোকৈ কম সময়। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

    [78] আৰু আল্লাহে তোমালোকক তোমালোকৰ মাতৃগৰ্ভৰ পৰা এনেকুৱা অৱস্থাত উলিয়াইছে, যেতিয়া তোমালোকে একোৱে জনা নাছিলা আৰু তেৱেঁই তোমালোকক দিছে শ্ৰৱণশক্তি, দৃষ্টিশক্তি আৰু হৃদয়, যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা।

    [79] সিহঁতে লক্ষ্য কৰা নাইনে আকাশৰ শূন্য গৰ্ভত নিয়ন্ত্ৰণাধীন বিহংগৰ প্ৰতি? আল্লাহৰ বাহিৰে আন কোনেও সেইবোৰক ধৰি নাৰাখে। নিশ্চয় ইয়াত মুমিন সম্প্ৰদায়ৰ বাবে আছে নিদৰ্শন।

    [80] আৰু আল্লাহে তোমালোকৰ গৃহসমূহক তোমালোকৰ বাবে আবাসস্থল কৰিছে আৰু তেৱেঁই তোমালোকৰ বাবে পশুৰ চামৰাৰে ঘৰ তম্বুৰ ব্যৱস্থা কৰিছে, তোমালোকে সেইটোক ভ্ৰমণকালত আৰু অৱস্থানকালত সহজ বুলি ভবা। আৰু (ব্যৱস্থা কৰিছে) সেইবোৰৰ পচম, নোম আৰু চুলিৰ পৰা কিছু কালৰ বাবে গৃহ-সামগ্ৰী আৰু ব্যৱহাৰ-উপকৰণ।

    [81] আৰু আল্লাহে যি সৃষ্টি কৰিছে তাৰ পৰাই তেওঁ তোমালোকৰ বাবে ছাঁৰ ব্যৱস্থা কৰিছে আৰু তোমালোকৰ বাবে পাহাৰত আশ্ৰয়স্থল বনাইছে আৰু তোমালোকৰ বাবে ব্যৱস্থা কৰিছে পৰিধেয় বস্ত্ৰৰ; যিবোৰে তোমালোকক তাপৰ পৰা ৰক্ষা কৰে আৰু তেৱেঁই তোমালোকৰ বাবে বৰ্মৰ ব্যৱস্থা কৰিছে যিয়ে তোমালোকক যুদ্ধ ক্ষেত্ৰত ৰক্ষা কৰে। এইদৰেই তেওঁ তোমালোকৰ প্ৰতি তেওঁৰ অনুগ্ৰহ পূৰ্ণ কৰিছে যাতে তোমালোকে আত্মসমৰ্পণ কৰা।

    [82] এতেকে যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে তোমাৰ কৰ্তব্য হৈছে কেৱল সুস্পষ্টভাৱে পৌছাই দিয়া।

    [83] সিহঁতে আল্লাহৰ নিয়ামত চিনি পায়; তথাপিও সিহঁতে সেইবোৰ অস্বীকাৰ কৰে আৰু সিহঁতৰ অধিকাংশই কাফিৰ।

    [84] আৰু যিদিনা আমি প্ৰত্যেক সম্প্ৰদায়ৰ পৰা একোজনকৈ সাক্ষী উত্থিত কৰিম, তাৰ পিছত যিসকলে শ্বিৰ্ক কৰিছে সিহঁতক ওজৰ-আপত্তি কৰিবলৈ অনুমতি দিয়া নহ’ব আৰু সিহঁতক (আল্লাহৰ) সন্তুষ্টি লাভৰ সুযোগো দিয়া নহ’ব।

    [85] আৰু যেতিয়া যালিমসকলে শাস্তি দেখিব তেতিয়া সিহঁতৰ শাস্তি লঘু কৰা নহ’ব আৰু সিহঁতক অৱকাশো দিয়া নহ’ব।

    [86] আৰু মুশ্বৰিকবিলাকে যেতিয়া সিহঁতৰ অংশীদাৰসকলক দেখিব তেতিয়া সিহঁতে ক’ব, ‘হে আমাৰ ৰব! ইহঁতেই সেইসকল লোক যিসকলক আমি তোমাৰ অংশী কৰিছিলো, যিসকলক আমি তোমাৰ পৰিবৰ্তে আহ্বান কৰিছিলো’; তেতিয়া অংশীসকলে এই কথা মুশ্বৰিকসকলৰ পিনে উভতাই দি ক’ব, ‘নিশ্চয় তোমালোক মিছলীয়া’।

    [87] সেইদিনা সিহঁত আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিব আৰু সিহঁতে যি মিছা ৰটনা কৰিছিল সেয়া সিহঁতৰ পৰা উধাও হৈ যাব।

    [88] যিসকলে কুফৰী কৰিছে আৰু আল্লাহৰ পথৰ পৰা (মানুহক) বিৰত ৰাখিছে, আমি সিহঁতৰ শাস্তিৰ ওপৰত শাস্তি বৃদ্ধি কৰিম; কাৰণ সিহঁতে অশান্তি সৃষ্টি কৰিছিল।

    [89] আৰু স্মৰণ কৰা, যেতিয়া আমি প্ৰত্যেক উম্মতৰ পৰা, সিহঁতৰ মাজৰ পৰাই সিহঁতৰ বিৰুদ্ধে একোজনকৈ সাক্ষী উত্থিত কৰিম আৰু তোমাক আমি তেওঁলোকৰ ওপৰত সাক্ষীৰূপে লৈ আহিম; কাৰণ আমি তোমাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছো প্ৰত্যেক বিষয়ৰ স্পষ্ট ব্যাখ্যাস্বৰূপ, পথ নিৰ্দেশ, ৰহমত আৰু মুছলিমসকলৰ বাবে সুসংবাদস্বৰূপ।

    [90] নিশ্চয় আল্লাহে আদল (ন্যায়পৰায়ণতা), ইহছান (সদাচৰণ) আৰু আত্মীয়-স্বজনক দানৰ নিৰ্দেশ দিয়ে আৰু তেওঁ অশ্লীলতা, অসৎকৰ্ম আৰু সীমালঙ্ঘনৰ পৰা নিষেধ কৰে, তেওঁ তোমালোকক উপদেশ দিয়ে যাতে তোমালোকে শিক্ষা গ্ৰহণ কৰা।

    [91] আৰু তোমালোকে আল্লাহৰ অঙ্গীকাৰ পূৰ্ণ কৰিবা যেতিয়া তোমালোকে অঙ্গীকাৰ কৰা, আৰু তোমালোকে আল্লাহক তোমালোকৰ সাক্ষী কৰি শপত দৃঢ় কৰাৰ পিছত সেয়া ভঙ্গ নকৰিবা। নিশ্চয় তোমালোকে যি কৰা সেয়া আল্লাহে জানে।

    [92] তোমালোকে সেই নাৰীৰ দৰে নহ’বা, যিজনীয়ে মজবুতকৈ সূতা কটাৰ পিছত সেয়া তাই নিজেই টুকুৰা-টুকুৰ কৰি পেলায়। (কিয়নো) তোমালোকৰ শপত তোমালোকে পৰস্পৰক প্ৰবঞ্চনা কৰাৰ বাবে ব্যৱহাৰ কৰি থাকা, যাতে এটা দলে আনটো দলতকৈ বেছি লাভবান হয়। নিশ্চয় আল্লাহে ইয়াৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰে। অৱশ্যে আল্লাহে কিয়ামতৰ দিনা সেয়া তোমালোকৰ ওচৰত স্পষ্ট বৰ্ণনা কৰি দিব যি বিষয়ে তোমালোকে মতানৈক্য কৰিছা।

    [93] আৰু আল্লাহে ইচ্ছা কৰিলে তোমালোকক এটা জাতি কৰি দিব পাৰিলেহেঁতেন, কিন্তু তেওঁ যাক ইচ্ছা বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা সৎপথত পৰিচালিত কৰে। আৰু তোমালোকে যি কৰিছিলা সেই বিষয়ে অৱশ্যে তোমালোকক প্ৰশ্ন কৰা হ’ব।

    [94] আৰু পৰস্পৰক প্ৰবঞ্চনা কৰাৰ বাবে তোমালোকে নিজৰ শপতক ব্যৱহাৰ নকৰিবা; এনে কৰিলে, ভৰি স্থিৰ হোৱাৰ পিছত আকৌ পিচলি যাব আৰু আল্লাহৰ পথত বাধা দিয়াৰ কাৰণে তোমালোকে শাস্তিৰ সোৱাদ গ্ৰহণ কৰিব লাগিব; আৰু তোমালোকৰ বাবে আছে মহাশাস্তি।

    [95] আৰু তোমালোকে আল্লাহৰ অঙ্গীকাৰক তুচ্ছ মূল্যত বিক্ৰী নকৰিবা। আল্লাহৰ ওচৰত যি আছে সেইটোৱে তোমালোকৰ বাবে উত্তম—(হায়!) যদি তোমালোক জানিলাহেঁতেন

    [96] তোমালোকৰ ওচৰত যি আছে সেয়া নিঃশেষ হ’ব আৰু আল্লাহৰ ওচৰত যি আছে সেয়া স্থায়ী। সেয়ে যিসকলে ধৈৰ্য ধাৰণ কৰিছে, আমি অৱশ্যে তেওঁলোকক তেওঁলোকে যি কৰিছিল তাতোকৈ শ্ৰেষ্ঠ প্ৰতিদান প্ৰদান কৰিম।

    [97] ঈমানৰ অৱস্থাত পুৰুষে হওঁক বা নাৰী, যিয়েই সৎকৰ্ম কৰিব, অৱশ্যে আমি তাক পৱিত্ৰ জীৱন দান কৰিম। লগতে অৱশ্যে আমি তেওঁলোকক তেওঁলোকে যি আমল কৰিছিল তাতোকৈ শ্ৰেষ্ঠ প্ৰতিদান প্ৰদান কৰিম।

    [98] এতেকে যেতিয়া তুমি কোৰআন পাঠ কৰিবা তেতিয়া অভিশপ্ত চয়তানৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিবা

    [99] নিশ্চয় যিসকলে ঈমান আনিছে আৰু তেওঁলোকে নিজ প্ৰতিপালকৰ ওপৰতেই নিৰ্ভৰ কৰে তেওঁলোকৰ ওপৰত তাৰ (চয়তানৰ) কোনো আধিপত্য নাই।

    [100] তাৰ আধিপত্য কেৱল সেইসকল লোকৰ ওপৰত যিসকলে তাক অভিভাৱকৰূপে গ্ৰহণ কৰে আৰু যিসকলে আল্লাহৰ লগত শ্বিৰ্ক কৰে।

    [101] আৰু যেতিয়া আমি এটা আয়াতৰ স্থান পৰিবৰ্তন কৰি আন এটা আয়াত দিওঁ—আৰু সেই সম্পৰ্কে আল্লাহেই ভালকৈ জানে কি তেওঁ অৱতীৰ্ণ কৰিব--, তেতিয়া সিহঁতে কয়, ‘নিশ্চয় তুমি এজন মিছা ৰচনাকাৰী’, বৰং সিহঁতৰ অধিকাংশই নাজানে।

    [102] কোৱা, ‘তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰূহুল-কুদুছে (জীব্ৰীলে) যথাযথভাৱে ইয়াক অৱতীৰ্ণ কৰিছে, যিসকলে ঈমান আনিছে তেওঁলোকক সুদৃঢ় কৰাৰ বাবে আৰু ই হৈছে হিদায়ত লগতে মুছলিমসকলৰ বাবে সুসংবাদস্বৰূপ’।

    [103] আৰু আমি অৱশ্যে জানো সিহঁতে কয়, ‘তাক এজন মানুহে শিক্ষা দিয়ে’। সিহঁতে যাৰ প্ৰতি ইয়াক সম্পৰ্কযুক্ত কৰিবলৈ ইংগিত দিছে তাৰ ভাষাতো আৰবী নহয়; অথচ এই (কোৰআন) হৈছে সুস্পষ্ট আৰবী ভাষা।

    [104] নিশ্চয় যিসকলে আল্লাহৰ আয়াতসমূহৰ প্ৰতি ঈমান পোষণ নকৰে, সিহঁতক আল্লাহে হিদায়ত নকৰিব আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।

    [105] কেৱল সিহঁতেই মিছা ৰটনা কৰে যিসকলে আল্লাহৰ আয়াতসমূহৰ প্ৰতি বিশ্বাস স্থাপন নকৰে, আৰু সিহঁতেই মিছলীয়া।

    [106] কোনোৱে ঈমান আনাৰ পিছত যদি তাক কুফৰী কৰিবলৈ বাধ্য কৰোৱা হয় অথচ তাৰ অন্তৰ ঈমানত অবিচলিত (তেন্তে তাৰ কোনো দোষ নাই)। কিন্তু যিয়ে উন্মুক্ত হৃদয়ৰ সৈতে কুফৰী কৰিব তাৰ প্ৰতি আপতিত হ’ব আল্লাহৰ গযব আৰু তাৰ বাবেই আছে মহাশাস্তি।

    [107] এইটো এই বাবে যে, সিহঁতে পাৰ্থিৱ জীৱনক আখিৰাতৰ ওপৰত প্ৰাধান্য দিয়ে; আৰু আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নকৰে।

    [108] ইহঁতেই সেইসকল লোক, যিসকলৰ অন্তৰত, কাণ আৰু চকুত আল্লাহে মোহৰ মাৰি দিছে; আৰু সিহঁতেই উদাসীন।

    [109] নিঃসন্দেহে, নিশ্চিত যে, সিহঁতেই আখিৰাতত হ’ব ক্ষতিগ্ৰস্ত।

    [110] তাৰ পিছত যিসকলে নিৰ্যাতিত হোৱাৰ পিছত হিজৰত কৰে, তাৰ পিছত জিহাদ কৰে আৰু ধৈৰ্য ধাৰণ কৰে, নিশ্চয় তোমাৰ ৰব ইয়াৰ পিছত তেওঁলোকৰ প্ৰতি ক্ষমাশীল, পৰম দয়ালু।

    [111] স্মৰণ কৰা সেই দিনটোক, যিদিনা প্ৰত্যেক ব্যক্তিয়ে আত্মপক্ষ সমৰ্থনত যুক্তি-তৰ্ক লৈ উপস্থিত হ’ব আৰু প্ৰত্যেককে সি যি আমল কৰিছে সেয়া পৰিপূৰ্ণৰূপে দিয়া হ’ব আৰু সিহঁতৰ প্ৰতি (কোনো প্ৰকাৰ) অন্যায় কৰা নহ’ব।

    [112] আৰু আল্লাহে উপমা দাঙি ধৰিছে এটা জনপদৰ যিটো আছিল নিৰাপদ আৰু নিশ্চিত, য’ত কেউফালৰ পৰা তাৰ প্ৰচুৰ জীৱনোপকৰণ আহিছিল। তথাপিও সেই জনপদবাসীয়ে আল্লাহৰ অনুগ্ৰহ অস্বীকাৰ কৰিলে, ফলত আল্লাহে সিহঁতক ক্ষুধা আৰু আতংকৰ আৱৰণ জাপি দি সিহঁতৰ কৃতকৰ্মৰ সোৱাদ গ্ৰহণ কৰালে।

    [113] আৰু অৱশ্যে সিহঁতৰ ওচৰত, সিহঁতৰ মাজৰ পৰাই এজন ৰাছুল আহিছিল, কিন্তু সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল। ফলত অন্যায়কাৰী অৱস্থাতেই শাস্তিয়ে সিহঁতক গ্ৰাস কৰিলে।

    [114] এতেকে আল্লাহে তোমালোকক হালাল আৰু পৱিত্ৰ যি জীৱিকা দান কৰিছে তাৰ পৰা তোমালোকে খোৱা আৰু আল্লাহৰ অনুগ্ৰহৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰা, যদি তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা।

    [115] আল্লাহে কেৱল মৃত জন্তু, তেজ, গাহৰিৰ মাংস আৰু যিটো জবেহ কৰাৰ সময়ত আল্লাহৰ পৰিবৰ্তে আনৰ নাম লোৱা হৈছে সেইটোহে তোমালোকৰ বাবে হাৰাম কৰিছে, কিন্তু কোনোবাই অবাধ্য বা সীমালংঘনকাৰী নহৈ অনন্যোপায় হ’লে (তাৰ কোনো দোষ নাই) তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

    [116] আৰু তোমালোকৰ জিভাৰ দ্বাৰা বনাই মিছাৰ ওপৰত নিৰ্ভৰ কৰি ‘এইটো হালাল আৰু এইটো হাৰাম’ বুলি নক’বা। নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি মিছা কথা আৰোপ কৰে সিহঁতে কেতিয়াও সফল নহব।

    [117] সিহঁতৰ সূখ-সম্ভোগ অতি সামান্য আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।

    [118] আৰু যিসকলে ইয়াহুদী হৈছে আমি কেৱল সেইটোৱে হাৰাম কৰিছো (সিহঁতৰ ওপৰত) যিটো তোমাৰ ওচৰত আমি ইয়াৰ পূৰ্বে উল্লেখ কৰিছো; আৰু আমি সিহঁতৰ ওপৰত কোনো অন্যায় কৰা নাই, কিন্তু সিহঁতে নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।

    [119] তাৰ পিছত যিসকলে অজ্ঞতাবশত বেয়া কাম কৰে, পিছত (যদি) সিহঁতে তাওবা কৰে আৰু নিজকে সংশোধন কৰে, তেন্তে ইয়াৰ পিছতো নিশ্চয় তেওঁলোকৰ বাবে তোমাৰ ৰব অতি ক্ষমাশীল, পৰম দয়ালু।

    [120] নিশ্চয় ইব্ৰাহীম আছিল এটা উম্মত, আল্লাহৰ একান্ত অনুগত, একনিষ্ঠ আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল

    [121] তেওঁ আছিল আল্লাহৰ অনুগ্ৰহৰ বাবে কৃতজ্ঞ, আল্লাহে তেওঁক মনোনীত কৰিছিল আৰু তেওঁক সৎপথত পৰিচালিত কৰিছিল।

    [122] আৰু আমি তেওঁক পৃথিৱীত কল্যাণ দান কৰিছিলো, আৰু নিশ্চয় তেওঁ আখিৰাতত সৎপৰ্মপৰায়ণ সকলৰ অন্তৰ্ভুক্ত।

    [123] তাৰ পিছত আমি তোমাৰ প্ৰতি অহী কৰিলো যে, ‘তুমি একনিষ্ঠ ইব্ৰাহীমৰ মিল্লাত (আদৰ্শ) অনুসৰণ কৰা’; আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল।

    [124] শনিবাৰ পালনটো কেৱল সিহঁতৰ ওপৰত বাধ্যতামূলক কৰা হৈছিল, যিসকলে এই বিষয়ে মতভেদ কৰিছিল। যি বিষয়ে সিহঁতে মতভেদ কৰিছিল নিশ্চয় তোমাৰ প্ৰতিপালকে কিয়মাতৰ দিনা সেই বিষয়ে সিহঁতৰ মাজত বিচাৰ-মীমাংসা কৰি দিব।

    [125] তুমি তোমাৰ প্ৰতিপালকৰ পথত মানুহক আহ্বান কৰা হিকমত আৰু সদুপদেশৰ দ্বাৰা আৰু সিহঁতৰ লগত উত্তম পন্থাত তৰ্ক কৰিবা। নিশ্চয় তোমাৰ ৰব, তেৱেঁই ভালদৰে জানে কোনে তেওঁৰ পথৰ পৰা বিভ্ৰান্ত হৈছে, আৰু কোনে সৎপথত পৰিচালিত হৈছে সেইটোও তেওঁ ভালকৈ জানে।

    [126] আৰু যদি তোমালোকে শাস্তি দিয়া, তেন্তে কেৱল সেইখিনিয়ে শাস্তি প্ৰদান কৰিবা যিমানখিনি অন্যায় তোমালোকৰ প্ৰতি কৰা হৈছে। কিন্তু যদি তোমালোকে ধৈৰ্য ধাৰণ কৰা তেন্তে ধৈৰ্যশীলসকলৰ বাবে সেইটো অৱশ্যে উত্তম।

    [127] আৰু তুমি ধৈৰ্য ধাৰণ কৰা, তোমাৰ ধৈৰ্য কেৱল আল্লাহৰেই সহায়ৰ ফল। আৰু তুমি সিহঁতৰ বাবে দুখ নকৰিবা আৰু সিহঁতৰ ষড়যন্ত্ৰত তুমি অতিষ্ঠও নহ’বা।

    [128] নিশ্চয় আল্লাহ তেওঁলোকৰ লগত আছে যিসকলে তাক্বৱা অৱলম্বন কৰে আৰু যিসকল সৎকৰ্মপৰায়ণ।

    Surah 17
    আল-ইসরা

    [1] পৱিত্ৰ মহিমাময় তেওঁ, যিজনে তেওঁৰ বান্দাক ৰাতিৰ ভিতৰতে ভ্ৰমণ কৰাইছে, আল-মাছজিদুল হাৰামৰ পৰা আল-মাছজিদুল আক্বছা লৈ, যাৰ কেউফালে আমি বৰকত প্ৰদান কৰিছো, যাতে আমি তেওঁক আমাৰ নিদৰ্শন দেখুৱাব পাৰো; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।

    [2] আৰু আমি মুছাক কিতাব প্ৰদান কৰিছিলো আৰু সেইটোক আমি বনী ইছৰাঈলৰ বাবে পথনিৰ্দেশক কৰি দিছিলো। যাতে তোমালোকে মোৰ বাহিৰে আন কাকো কৰ্মবিধায়কৰূপে গ্ৰহণ নকৰা।

    [3] তেওঁলোকৰ বংশধৰ! যিসকলক আমি নূহৰ লগত আৰোহণ কৰাইছিলো; নিশ্চয় তেওঁ আছিল পৰম কৃতজ্ঞ বান্দা।

    [4] আৰু আমি কিতাবত বনী ইছৰাঈলক জনাই দিছিলো যে, ‘অৱশ্যে তোমালোকে পৃথিৱীত দুবাৰ বিপৰ্যয় সৃষ্টি কৰিবা আৰু তোমালোকে অতিশয় অহংকাৰস্ফীত হ’বা’।

    [5] তাৰ পিছত এই দুটাৰ প্ৰথমটোৰ নিৰ্ধাৰিত সময় যেতিয়া উপস্থিত হ’ল তেতিয়া আমি তোমালোকৰ বিৰুদ্ধে যুদ্ধত অত্যন্ত শক্তিশালী আমাৰ বান্দাসকলক পঠাইছিলো, ফলত তেওঁলোকে ঘৰে ঘৰে প্ৰৱেশ কৰি ধ্বংসযজ্ঞ চলাইছিল। এইটো আছিল এনেকুৱা প্ৰতিশ্ৰুতি যিটো কাৰ্যকৰ হ’বলগীয়াই আছিল।

    [6] তাৰ পিছত আমি তোমালোকক আকৌ সিহঁতৰ ওপৰত প্ৰতিষ্ঠিত কৰিলো, তোমালোকক ধন আৰু সন্তান-সন্ততিৰ দ্বাৰা সহায় কৰিলো আৰু সংখ্যাত গৰিষ্ঠ কৰিলো।

    [7] যদি তোমালোকে সৎকৰ্ম কৰা, তেন্তে সেয়া তোমালোকৰ নিজৰে উপকাৰ হ’ব আৰু যদি বেয়া কৰ্ম কৰা তেন্তে সেয়া তোমালোকৰে অপকাৰ হ’ব। তাৰ পিছত পৰবৰ্তী নিৰ্ধাৰিত সময় উপস্থিত হোৱাত (মই মোৰ বান্দাসকলক প্ৰেৰণ কৰিলো) তোমালোকৰ মুখমণ্ডল কালিমাচ্ছন্ন কৰাৰ বাবে, প্ৰথমবাৰ সিহঁতে যেনেকৈ মছজিদত প্ৰৱেশ কৰিছিল আকৌ তেনেতৈ তাত প্ৰৱেশ কৰাৰ বাবে আৰু যি সিহঁতৰ কৰ্তৃত্বত আছিল সেয়া সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ বাবে।

    [8] সম্ভৱত তোমালোকৰ প্ৰতিপালকে তোমালোকৰ প্ৰতি দয়া কৰিব, কিন্তু তোমালোকে যদি তোমালোকৰ আগৰ আচৰণৰ পুনৰাবৃত্তি কৰা তেন্তে আমিও পুনৰাবৃত্তি কৰিম। লগতে জাহান্নমক আমি কাফিৰসকলৰ বাবে কাৰাগাৰ কৰি ৰাখিছো।

    [9] নিশ্চয় এই কোৰআন হিদায়ত কৰে সেই পথৰ পিনে যিটো আক্বৱাম (সৰল, সুদৃঢ়) আৰু সৎকৰ্মপৰায়ণ মুমিনসকলক সুসংবাদ দিয়ে যে, তেওঁলোকৰ বাবে আছে মহাপুৰষ্কাৰ।

    [10] আৰু যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে আমি সিহঁতৰ বাবে প্ৰস্তুত ৰাখিছো যন্ত্ৰণাদায়ক শাস্তি।

    [11] আৰু মানুহে কল্যাণ কামনাৰ দৰে অকল্যাণ কামনা কৰে; আৰু মানুহ প্ৰকৃতিগত ভাৱেই বৰ বেছি শীঘ্ৰতাপ্ৰিয়।

    [12] আৰু আমি ৰাতি আৰু দিনক দুটা নিদৰ্শন বনাইছো, তাৰ পিছত ৰাতিৰ নিদৰ্শনক মচি দিছো আৰু দিনৰ নিদৰ্শনক আলোকপ্ৰদ কৰিছো; যাতে তোমালোকে তোমালোকৰ প্ৰতিপালকৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা আৰু যাতে তোমালোকে বছৰৰ সংখ্যা আৰু হিচাপ স্থিৰ কৰিব পাৰা; আৰু আমি সকলো বিষয় বিশদভাৱে বৰ্ণনা কৰিছো।

    [13] আৰু আমি প্ৰত্যেক মানুহৰ কৰ্ম তাৰ ডিঙিত আঁৰি থৈছো আৰু কিয়ামতৰ দিনা আমি তাৰ বাবে উলিয়াম এখন কিতাপ, যিটো সি উন্মুক্ত পাব।

    [14] তুমি তোমাৰ কিতাপ পাঠ কৰা, আজি তুমি নিজেই তোমাৰ হিচাপ-নিকাচৰ বাবে যথেষ্ট।

    [15] যিয়ে সৎপথ অৱলম্বন কৰে নিশ্চয় সি নিজৰ মঙ্গলৰ বাবেই সৎপথ অৱলম্বন কৰে আৰু যিয়ে পথভ্ৰষ্ট হয় অৱশ্যে সি নিজৰ ধ্বংসৰ বাবেই পথভ্ৰষ্ট হয়। আৰু কোনো বহনকাৰীয়েই আনৰ (পাপৰ) বোজা বহন নকৰিব। আৰু আমি ৰাছুল প্ৰেৰণ নকৰা লৈকে শাস্তি প্ৰদানকাৰী নহয়।

    [16] আৰু আমি যেতিয়া কোনো জনপদক ধ্বংস কৰিব বিচাৰো তেতিয়া সেই ঠাইৰ সমৃদ্ধশালী ব্যক্তিসকলক (সৎকৰ্মৰ) আদেশ কৰো; কিন্তু সিহঁতে তাত অসৎকৰ্ম কৰে; তাৰ পিছত সেই ঠাইৰ প্ৰতি দণ্ডাজ্ঞা ন্যায়সংগত হৈ যায় আৰু আমি সেই ঠাইক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি দিওঁ।

    [17] আৰু নূহৰ পিছত আমি বহু প্ৰজন্মক ধ্বংস কৰিছো আৰু তোমাৰ প্ৰতিপালকেই নিজ বান্দাসকলৰ পাপকৰ্মৰ সংবাদ ৰাখিবলৈ আৰু পৰ্যবেক্ষণৰ বাবে যথেষ্ট।

    [18] কোনোবাই আশু সূখ-সম্ভোগ কামনা কৰিলে আমি যাক ইচ্ছা ইয়াতেই ততালিকে দি দিওঁ, তাৰ পিছত তাৰ বাবে জাহান্নাম নিৰ্ধাৰিত কৰোঁ, তাত সি লাঞ্ছিত আৰু অনুগ্ৰহৰ পৰা বঞ্চিত হৈ প্ৰৱেশ কৰিব।

    [19] আৰু যিসকলে মুমিন হৈ আখিৰাত কামনা কৰে আৰু তাৰ বাবে যথাযথ চেষ্টা কৰে, তেওঁলোকৰ প্ৰচেষ্টা পুৰষ্কাৰযোগ্য।

    [20] তোমাৰ প্ৰতিপালকৰ দানৰ পৰা আমি ইহঁতৰ আৰু সিহঁতৰ প্ৰত্যেককে সহায় কৰোঁ আৰু তোমাৰ প্ৰতিপালকৰ দান অবাৰিত (কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে)।

    [21] লক্ষ্য কৰা, আমি কেনেকৈ সিহঁতৰ কিছুমানক আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছো, আৰু অৱশ্যে আখিৰাত মৰ্যাদাৰ ক্ষেত্ৰত আটাইতকৈ মহৎ আৰু শ্ৰেষ্ঠত্বত বৃহত্তৰ

    [22] আল্লাহৰ লগত আন কোনো ইলাহ সাব্যস্ত নকৰিবা, এনে কৰিলে তুমি নিন্দিত আৰু লাঞ্ছিত হৈ বহি পৰিবা।

    [23] আৰু তোমাৰ প্ৰতিপালকে আদেশ কৰিছে যে, তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা আৰু পিতৃ-মাতৃৰ প্ৰতি সদ্ব্যৱহাৰ কৰিবা। তেওঁলোকৰ কোনোবা এজন অথবা উভয়েই যদি তোমাৰ জীৱন কালত বৃদ্ধাৱস্থাত উপনীত হয় তেন্তে তুমি তেওঁলোকক ‘উফ’ শব্দও নকৰিবা আৰু তেওঁলোকক ধমকো নিদিবা; তেওঁলোকৰ লগত সন্মানসূচক কথা কবা।

    [24] আৰু তেওঁলোকৰ প্ৰতি মায়া-মমতাৰ সৈতে নম্ৰতাৰ বাহু অৱনমিত কৰা আৰু কোৱা, ‘হে মোৰ ৰব! তেওঁলোকৰ প্ৰতি দয়া কৰা যেনেকৈ শৈশৱত তেওঁলোকে মোক প্ৰতিপালন কৰিছিল’।

    [25] তোমালোকৰ প্ৰতিপালকে তোমালোকৰ অন্তৰত যি আছে সেয়া ভালদৰেই জানে; যদি তোমালোক সৎকৰ্মপৰায়ণ হোৱা তেন্তে নিশ্চয় তেওঁ তেওঁৰ প্ৰতি প্ৰত্যাৱৰ্তনকাৰী সকলৰ প্ৰতি অতি ক্ষমাশীল।

    [26] আৰু আত্মীয় স্বজনক সিহঁতৰ প্ৰাপ্য প্ৰদান কৰা লগতে অভাৱগ্ৰস্ত আৰু মুছাফিৰসকলকো দান কৰা আৰু কেতিয়াও অপব্যয় নকৰিবা।

    [27] নিশ্চয় অপব্যয়কাৰীসকল চয়তানৰ ভাই আৰু চয়তান তাৰ প্ৰতিপালকৰ প্ৰতি বৰ অকৃতজ্ঞ।

    [28] আৰু তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অনুগ্ৰহ লাভৰ প্ৰত্যাশাত যদি সিহঁতৰ পৰা তোমাৰ বিমুখ থাকিবলগীয়াই হয়, তেতিয়া সিহঁতৰ লগত নম্ৰভাৱে কথা কবা।

    [29] আৰু তুমি তোমাৰ হাত ডিঙিত বান্ধি নাৰাখিবা আৰু সম্পূৰ্ণৰূপে মুকলিও কৰি নিদিবা, এনে কৰিলে তুমি নিন্দনীয় নিঃস্ব হৈ বহি পৰিবা।

    [30] নিশ্চয় তোমাৰ ৰব যাৰ বাবে ইচ্ছা তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাৰ বাবে ইচ্ছা সীমিত কৰি দিয়ে; নিশ্চয় তেওঁ নিজ বান্দাসকলৰ বিষয়ে সম্যক পৰিজ্ঞাত, সৰ্বদ্ৰষ্টা।

    [31] অভাৱ-অনাটনৰ ভয়ত তোমালোকে নিজৰ সন্তানসকলক হত্যা নকৰিবা। আমিয়েই সিহঁতক জীৱিকা দিওঁ আৰু তোমালোককো। নিশ্চয় সিহঁতক হত্যা কৰা মহাপাপ।

    [32] আৰু তোমালোকে যিনাৰ (ব্যভিচাৰৰ) ওচৰলৈকেও নাযাবা, নিশ্চয় সেয়া অশ্লীল আৰু নিকৃষ্ট আচৰণ।

    [33] আৰু আল্লাহে যাক হত্যা কৰিবলৈ নিষিদ্ধ কৰিছে যথাৰ্থ কাৰণবিহীন তোমালোকে তাক হত্যা নকৰিবা! আৰু কোনোবাই অন্যায়ভাৱে নিহিত হ’লে তাৰ উত্তৰাধিকাৰীক আমি তাৰ প্ৰতিশোধ লোৱাৰ অধিকাৰ দিছো; কিন্তু হত্যা সম্পৰ্কে সি যেন সীমালঙ্ঘন নকৰে; নিশ্চয় সি সাহায্যপ্ৰাপ্ত হ’ব।

    [34] আৰু ইয়াতীম প্ৰাপ্ত বয়স্ক নোহোৱা লৈকে সৎ উদ্দেশ্য ব্যতীত তাৰ সম্পত্তিৰ ওচৰলৈকে নাযাবা আৰু তোমালোকে প্ৰতিশ্ৰুতি পালন কৰা; নিশ্চয় প্ৰতিশ্ৰুতি সম্পৰ্কে কৈফিয়ত তলব কৰা হ’ব।

    [35] আৰু মাপি দিয়াৰ সময়ত পূৰ্ণমাত্ৰাত মাপি দিবা আৰু ওজন কৰিবা সঠিক তুলাচনীত, এইটোৱে উত্তম আৰু পৰিণামত উৎকৃষ্ট।

    [36] আৰু যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই তাৰ অনুসৰণ নকৰিবা; নিশ্চয় কাণ, চকু আৰু হৃদয়- ইয়াৰ প্ৰত্যেকটোৰ বিষয়ে কৈফিয়ত তলব কৰা হ’ব।

    [37] আৰু পৃথিৱীত ফুটনিমাৰি নুফুৰিবা, নিশ্চয় তুমি কেতিয়াও ভৰিৰে ভূপৃষ্ঠক বিদীৰ্ণ কৰিব নোৱাৰিবা আৰু কদাপিও পৰ্বতমান উচ্চতা লাভ কৰিব নোৱাৰা।

    [38] এই সকলো বেয়া কৰ্ম তোমাৰ প্ৰতিপালকৰ ওচৰত ঘৃণনীয়।

    [39] তোমাৰ প্ৰতিপালকে অহীৰ মাধ্যমত তোমাক যি হিকমত দান কৰিছে এইবোৰ তাৰেই অন্তৰ্ভুক্ত; আৰু আল্লাহৰ লগত আন কোনো ইলাহ স্থিৰ নকৰিবা, অন্যথা নিন্দিত আৰু লাঞ্ছিত অৱস্থাত জাহান্নামত নিক্ষিপ্ত হ’বা।

    [40] (কি আচৰিত) তোমালোকৰ প্ৰতিপালকে তোমালোকক পুত্ৰ সন্তানৰ বাবে নিৰ্বাচিত কৰিছে আৰু তেওঁ নিজে ফিৰিস্তাসকলক কন্যাৰূপে গ্ৰহণ কৰিছে? নিশ্চয় তোমালোকে সাংঘাতিক কথা কৈ থাকা।

    [41] আৰু অৱশ্যে আমি এই কোৰআনত (বহু বিষয়) বাৰে বাৰে বিবৃত কৰিছো যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে। কিন্তু সিহঁতৰ বিমুখতাইহে বৃদ্ধি পাইছে।

    [42] কোৱা, ‘যদি তেওঁৰ লগত আৰু ইলাহ থাকিলেহেঁতেন যিদৰে সিহঁতে দাবী কৰি কয়, তেন্তে সিহঁতে আৰছ-অধিপতিৰ (নৈকট্য লাভৰ) উপায় অন্বেষণ কৰি ফুৰিলেহেঁতেন’।

    [43] তেওঁ পৱিত্ৰ মহিমাময় আৰু সিহঁতে যি কয় তাৰ পৰা তেওঁ বহু উৰ্দ্ধত।

    [44] সাতোখন আকাশ আৰু পৃথিৱী লগতে ইয়াৰ মাজত যি আছে সেই সকলো তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু এনে কোনো বস্তু নাই যিটোৱে তেওঁৰ সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা নকৰে; কিন্তু সিহঁতৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা তোমালোকে বুজি নোপোৱা; নিশ্চয় তেওঁ সহনশীল, ক্ষমাপৰায়ণ।

    [45] আৰু তুমি যেতিয়া কোৰআন পাঠ কৰা তেতিয়া আমি তোমাৰ আৰু যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে সিহঁতৰ মাজত এটা অদৃশ্য পৰ্দা আঁৰি দিওঁ।

    [46] আৰু আমি সিহঁতৰ অন্তৰৰ ওপৰত আৱৰণ ৰাখি দিছো যাতে সিহঁতে সেয়া বুজিব নোৱাৰে আৰু সিহঁতৰ কাণত দিছো বধিৰতা; সেয়ে যেতিয়া তুমি কোৰআনৰ পৰা উল্লেখ কৰা যে, ‘তোমাৰ ৰব কেৱল এজন’, তেতিয়া সিহঁতে পিঠ দেখুৱাই আঁতৰি যায়।

    [47] যেতিয়া সিহঁতে তোমাৰ প্ৰতি কাণপাতি শুনে, তেতিয়া আমি জানো সিহঁতে কিয় কাণপাতি শুনে আৰু এইটোও জানো যেতিয়া গোপনে আলোচনা কৰাৰ সময়ত যালিমসকলে কয়, ‘অৱশ্যে তোমালোকে এজন যাদুগ্ৰস্ত ব্যক্তিৰ অনুসৰণ কৰি আছা’।

    [48] চোৱা, সিহঁতে তোমাৰ বিষয়ে কেনেবোৰ উপমা দিয়ে! ফলত সিহঁত পথভ্ৰষ্ট হৈছে, এতেকে সিহঁত সৎপথ পাবলৈ সক্ষম নহয়।

    [49] আৰু সিহঁতে কয়, ‘আমি যেতিয়া অস্থিত পৰিণত হম আৰু চূৰ্ণ-বিচূৰ্ণ হোৱাৰ পিছত আকৌ আমাক নতুন সৃষ্টিৰূপে উত্থিত কৰা হ’ব নেকি’

    [50] কোৱা, ‘যদি তোমালোকে শীল বা লো হৈ যোৱা

    [51] ‘অথবা এনে কোনো সৃষ্টিত পৰিণত হোৱা যিটো তোমালোকৰ অন্তৰত বৰ ডাঙৰ বুলি ভবা’; (তথাপিও তোমালোকক পুনৰুত্থিত কৰা হ’ব) ইয়াৰ পিছতো সিহঁতে ক’ব, ‘কোনে আমাক পুনৰুত্থিত কৰিব’? কোৱা, ‘তেৱেঁই কৰিব, যিজনে প্ৰথমবাৰ তোমালোকক সৃষ্টি কৰিছিল’। তেতিয়া সিহঁতে মূৰ জোকাৰি সুধিব, ‘সেইটোনো কেতিয়া হ’ব? কোৱা, ‘সম্ভৱত সেয়া অতি শীঘ্ৰেই হ’ব’।

    [52] যিদিনা তেওঁ তোমালোকক আহ্বান কৰিব, আৰু তোমালোকে তেওঁৰ প্ৰশংসাৰ সৈতে তেওঁৰ আহ্বানত সঁহাৰি দিবা আৰু তোমালোকে ধাৰণা কৰিবা যে, তোমালোকে (তাত) অতি কম সময় অৱস্থান কৰিছিলা।

    [53] আৰু মোৰ বান্দাসকলক কোৱা, তেওঁলোকে যেন এনেকুৱা কথা কয় যিটো উত্তম। নিশ্চয় চয়তানে তেওঁলোকৰ মাজত বিৰোধ সৃষ্টি কৰে। নিশ্চয় চয়তান মানুহৰ প্ৰকাশ্য শত্ৰু।

    [54] তোমালোকৰ প্ৰতিপালক তোমালোকৰ বিষয়ে অধিক অৱগত। তেওঁ ইচ্ছা কৰিলে তোমালোকৰ প্ৰতি দয়া কৰিব অথবা ইচ্ছা কৰিলে তোমালোকক শাস্তি দিব, (আৰু হে নবী!) আমি তোমাক সিহঁতৰ কৰ্মবিধায়ক কৰি পঠোৱা নাই।

    [55] আৰু যিসকল আকাশমণ্ডল আৰু পৃথিৱীত আছে সিহঁতৰ বিষয়েও তোমাৰ প্ৰতিপালক অধিক অৱগত। অৱশ্যে আমি নবীসকলৰ কিছুমানক আন কিছুমানৰ ওপৰত মৰ্যাদা প্ৰদান কৰিছো আৰু দাউদক প্ৰদান কৰিছিলো যাবূৰ।

    [56] কোৱা, ‘তোমালোকে আল্লাহৰ বাহিৰে যিবোৰক ইলাহ বুলি ধাৰণা কৰা সিহঁতক মাতাচোন, তেতিয়াহে গম পাবা, তোমালোকৰ দুখ-দৈন্য দূৰ কৰাৰ বা পৰিবৰ্তন কৰাৰ ক্ষমতা সিহঁতৰ নাই’।

    [57] সিহঁতে যিবোৰক আহ্বান কৰে সিহঁত নিজেই সিহঁতৰ প্ৰতিপালকৰ নৈকট্য লাভৰ উপায় সন্ধান কৰে যে, সিহঁতৰ মাজত কোন কিমান তেওঁৰ নিকটবৰ্তী হ’ব পাৰে, আৰু সিহঁতে তেওঁৰ দয়া প্ৰত্যাশা কৰে আৰু তেওঁৰ শাস্তিক ভয় কৰে। নিশ্চয় তোমাৰ প্ৰতিপালকৰ শাস্তি অতি ভয়াৱহ।

    [58] আৰু এনে কোনো জনবসতি নাই যাক আমি কিয়ামতৰ পূৰ্বে ধ্বংস নকৰিম অথবা যাক আমি কঠোৰ শাস্তি নিবিহিম; এয়াতো কিতাবত লিপিবদ্ধ আছে।

    [59] আৰু আমি নিদৰ্শন প্ৰেৰণ নকৰাৰ কেৱল এইটোৱে কাৰণ যে, সিহঁতৰ পূৰ্বৱৰ্তীসকলে ইয়াক অস্বীকাৰ কৰিছিল। আমি শিক্ষামূলক নিদৰ্শন স্বৰূপে ছামূদ জাতিক উট প্ৰদান কৰিছিলো, কিন্তু সিহঁতে সেইটোৰ প্ৰতি অত্যাচাৰ কৰিছিল। আমি কেৱল ভয় দেখুৱাবৰ কাৰণেহে নিদৰ্শন প্ৰেৰণ কৰো।

    [60] আৰু স্মৰণ কৰা, যেতিয়া আমি তোমাক কৈছিলো যে, নিশ্চয় তোমাৰ ৰব মানুহক পৰিবেষ্টন কৰি আছে। আমি যি দৃশ্য তোমাক দেখুৱাইছো সেইটো আৰু কোৰআনত উল্লেখিত অভিশপ্ত গছটোও কেৱল মানুহৰ বাবে ফিতনাস্বৰূপ নিৰ্ধাৰণ কৰিছো। আমি সিহঁতক ভয় দেখুৱাওঁ, কিন্তু ই সিহঁতৰ ঘোৰ অবাধ্যতাহে বৃদ্ধি কৰে।

    [61] আৰু স্মৰণ কৰা, যেতিয়া আমি ফিৰিস্তাসকলক কৈছিলো, ‘আদমক ছাজদাহ কৰা’, তেতিয়া ইবলীছৰ বাহিৰে সকলোৱে ছাজদাহ কৰিছিল। সি কৈছিল, ‘মই ইয়াক ছাজদাহ কৰিমনে যাক তুমি বোকা মাটিৰে সৃষ্টি কৰিছা’

    [62] সি (আৰু) কৈছিল, ‘চোৱাচোন! এইজন যাক তুমি মোৰ ওপৰত মৰ্যাদা দান কৰিলা, কিয়ামতৰ দিনলৈকে যদি তুমি মোক অৱকাশ দিয়া, তেনেহ’লে শপত কৰি কৈছো, মই কিছু সংখ্যকৰ বাহিৰে ইয়াৰ গোটেই বংশধৰক অৱশ্যে মোৰ কৰ্তৃত্বাধীন কৰি পেলাম’।

    [63] আল্লাহে ক’লে, ‘যোৱা, এতেকে সিহঁতৰ মাজৰ যিয়ে তোমাৰ অনুসৰণ কৰিব, নিশ্চয় পূৰ্ণ প্ৰতিদান হিচাপে জাহান্নামেই হ’ব তোমালোক সকলোৰে প্ৰতিদান’।

    [64] ‘আৰু তোমাৰ কণ্ঠৰে সিহঁতৰ মাজৰ যাকে পাৰা পদস্খলিত কৰা, তোমাৰ অশ্বাৰোহী আৰু পদাতিক বাহিনীৰ দ্বাৰা সিহঁতক আক্ৰমণ কৰা আৰু সিহঁতৰ ধন-সম্পদত লগতে সন্তান-সন্ততিত অংশী হোৱাগৈ, আৰু সিহঁতক প্ৰতিশ্ৰুতি দিয়া’। অৱশ্যে চয়তানে ছলনাৰ বাহিৰে সিহঁতক কোনো প্ৰতিশ্ৰুতিয়ে নিদিয়ে।

    [65] ‘নিশ্চয় মোৰ বান্দাসকলৰ ওপৰত তোমাৰ কোনো ক্ষমতা নাই’। কৰ্মবিধায়ক হিচাপে তোমাৰ প্ৰতিপালকেই যথেষ্ট।

    [66] তোমালোকৰ ৰব তেৱেঁই, যিজনে তোমালোকৰ বাবে সাগৰত নৌযান পৰিচালিত কৰায়, যাতে তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা। নিশ্চয় তেওঁ তোমালোকৰ প্ৰতি পৰম দয়ালু।

    [67] আৰু যেতিয়া তোমালোকক সাগৰত বিপদ স্পৰ্শ কৰে, তেতিয়া তেওঁৰ বাহিৰে তোমালোকে যিবোৰক আহ্বান কৰা, সেইবোৰ (তোমালোকৰ মনৰ পৰা) হেৰাই যায়; এতেকে তেওঁ যেতিয়া তোমালোকক উদ্ধাৰ কৰি স্থলত আনে তেতিয়া তোমালোকে মুখ ঘূৰাই লোৱা। প্ৰকৃততে মানুহ বৰ অকৃতজ্ঞ।

    [68] তোমালোকে এই বিষয়ে নিশ্চিন্ত আছা নেকি যে, তেওঁ তোমালোকসহ কোনো অঞ্চলক খহাই নিদিব বুলি অথবা তোমালোকৰ ওপৰত শিলা বৰ্ষণকাৰী প্ৰবল ধুমুহা নপঠাব বুলি? তাৰ পিছত তোমালোকে নিজৰ বাবে কোনো কৰ্মবিধায়ক নাপাবা।

    [69] অথবা তোমালোকে এই বিষয়ে নিশ্চিন্ত হৈছা নেকি যে, তেওঁ তোমালোকক দ্বিতীয়বাৰ সাগৰত লৈ নাযাব আৰু তোমালোকৰ বিৰুদ্ধে প্ৰচণ্ড ধুমুহা নপঠাব আৰু তোমালোকৰ কুফৰী কৰাৰ বাবে তোমালোকক তেওঁ ডুবাই নামাৰিব? তাৰ পিছত তোমালোকে আমাৰ বিৰুদ্ধে কোনো সহায়কাৰী বিচাৰি নাপাবা।

    [70] আৰু অৱশ্যে আমি আদম সন্তানক মৰ্যাদা দান কৰিছো, আমিয়েই সিহঁতক স্থলত আৰু সাগৰত চলাচল কৰিবলৈ বাহন দিছো; আৰু সিহঁতক উত্তম জীৱিকা দান কৰিছো আৰু আমাৰ সৃষ্টিৰ বহুতৰে ওপৰত সিহঁতক শ্ৰেষ্ঠত্ব প্ৰদান কৰিছো।

    [71] স্মৰণ কৰা, সেই দিনটোক, যিদিনা আমি প্ৰত্যেক সম্প্ৰদায়ক সিহঁতৰ ইমামসহ আহ্বান কৰিম। তাৰ পিছত যিসকলক সিহঁতৰ সোঁ হাতত আমলনামা দিয়া হ’ব, সিহঁতে নিজৰ আমলনামা পঢ়িব আৰু সিহঁতৰ ওপৰত অকণো অন্যায় কৰা নহ’ব।

    [72] আৰু যিজন ইয়াত অন্ধ সি আখিৰাততো অন্ধ আৰু আটাইতকৈ বেছি পথভ্ৰষ্ট।

    [73] আৰু আমি তোমাৰ প্ৰতি যি অহী কৰিছো তাৰ পৰা সিহঁতে তোমাক পদস্খলন ঘটোৱাৰ চেষ্টা প্ৰায় চুড়ান্ত কৰিছিল, যাতে তুমি আমাৰ নামত ইয়াৰ বিপৰীতে মিছা ৰটাব পাৰা; আৰু তেতিয়া নিসন্দেহে সিহঁতে তোমাক বন্ধৰূপে গ্ৰহণ কৰিলেহেঁতেন।

    [74] আৰু আমি তোমাক অবিচলিত নাৰাখিলে তুমি অৱশ্যে সিহঁতৰ ফালে প্ৰায় কিঞ্চিত ঢাল খালাইহেঁতেন

    [75] এনে কৰিলে অৱশ্যে আমি তোমাক এই জীৱনত দ্বিগুণ আৰু পৰকালতো দ্বিগুণ শাস্তিৰ সোৱাদ দিলোহেঁতেন; তেতিয়া তুমি আমাৰ বিৰুদ্ধে তোমাৰ বাবে কোনো সহায়কাৰী নাপালেহেঁতেন।

    [76] আৰু সিহঁতে তোমাক দেশৰ পৰা উৎখাত কৰিবলৈ চূড়ান্ত চেষ্টা কৰিছিল, যাতে তোমাক তাৰ পৰা বহিষ্কাৰ কৰিব পাৰে, তেতিয়া সিহঁতেও তোমাৰ পিছত বেছি সময় তিষ্ঠি থাকিব নোৱাৰিলেহেঁতেন।

    [77] আমাৰ ৰাছুলসকলৰ মাজত তোমাৰ পূৰ্বে যিসকলক প্ৰেৰণ কৰিছিলো তেওঁলোকৰ ক্ষেত্ৰতো আছিল এইটোৱেই নিয়ম আৰু তুমি আমাৰ নিয়মৰ কোনো পৰিবৰ্তন নাপাবা।

    [78] সূৰ্য ঢালখোৱাৰ পিছৰ পৰা ৰাতিৰ ঘন অন্ধকাৰ পৰ্যন্ত ছালাত কায়েম কৰা আৰু ফজৰৰ ছালাত (আদায় কৰা)। নিশ্চয় ফজৰৰ ছালাত (ফিৰিস্তাসকলৰ) উপস্থিতিৰ সময়।

    [79] আৰু ৰাতিৰ কিছু অংশত তাহাজ্জুদ আদায় কৰা, এইটো তোমাৰ বাবে অতিৰিক্ত। আশা কৰা যায় তোমাৰ প্ৰতিপালকে তোমাক প্ৰতিষ্ঠিত কৰিব প্ৰশংসিত স্থানত।

    [80] আৰু কোৱা, ‘হে মোৰ ৰব! মোক প্ৰৱেশ কৰোৱা সত্যতাৰ সৈতে আৰু মোক বাহিৰ কৰা সত্যতাৰ সৈতে আৰু তোমাৰ ফালৰ পৰা মোক দান কৰা সাহায্যকাৰী শক্তি’।

    [81] আৰু কোৱা, ‘সত্য আহি পাইছে আৰু বাতিল (অসত্য) বিলুপ্ত হৈছে; নিশ্চয় বাতিল বিলুপ্ত হ’বলগীয়াই আছিল’।

    [82] আৰু আমি কোৰআন অৱতীৰ্ণ কৰো, যিটো মুমিনসকলৰ বাবে আৰোগ্য আৰু ৰহমত, কিন্তু ই যালিমসকলৰ ক্ষতিহে বৃদ্ধি কৰে।

    [83] আৰু আমি যেতিয়া মানুহৰ প্ৰতি অনুগ্ৰহ কৰো তেতিয়া সি মুখ ঘূৰাই লয় আৰু আঁতৰ হৈ যায়। কিন্তু যেতিয়া তাক অনিষ্টই স্পৰ্শ কৰে তেতিয়া সি একেবাৰে হতাশ হৈ পৰে।

    [84] কোৱা, ‘প্ৰত্যেকেই নিজ নিজ প্ৰকৃতি অনুযায়ী কাম কৰে কিন্তু তোমাৰ প্ৰতিপালকহে অধিক অৱগত যে, কোন সৰ্বাধিক নিৰ্ভুল পথত পৰিচালিত’।

    [85] আৰু সিহঁতে তোমাক ৰূহ সম্পৰ্কে প্ৰশ্ন কৰে। কোৱা, ‘ৰূহ মোৰ প্ৰতিপালকৰ আদেশঘটিত আৰু তোমালোকক অতি সামান্য জ্ঞানহে দিয়া হৈছে’।

    [86] আৰু আমি ইচ্ছা কৰিলে তোমাৰ প্ৰতি যি অহী কৰিছো সেয়া অৱশ্যে প্ৰত্যাহাৰ কৰিলোহেঁতেন; তাৰ পিছত এই বিষয়ে তুমি আমাৰ বিৰুদ্ধে কোনো কৰ্মবিধায়ক নাপালাহেঁতেন।

    [87] কিন্তু এয়া প্ৰত্যাহাৰ নকৰাটো হৈছে তোমাৰ প্ৰতিপালকৰ দয়া; নিশ্চয় তোমাৰ প্ৰতি আছে তেওঁৰ মহা অনুগ্ৰহ।

    [88] কোৱা, ‘যদি এই কোৰআনৰ অনুৰূপ কোৰআন আনিবলৈ মানুহ আৰু জিন সমবেত হয় তথাপিও ইয়াৰ অনুৰূপ আনিব নোৱাৰিব যদিও সিহঁত পৰস্পৰে পৰস্পৰক সহায় কৰে’।

    [89] আৰু অৱশ্যে আমি এই কোৰআনত মানুহৰ বাবে বিভিন্ন উপমা বিশদভাৱে বৰ্ণনা কৰিছো; কিন্তু অধিকাংশ মানুহ কুফৰী নকৰি ক্ষেন্ত হোৱা নাই।

    [90] আৰু সিহঁতে কয়, ‘আমি কেতিয়াও তোমাৰ ওপৰত ঈমান পোষণ নকৰিম, যেতিয়ালৈকে তুমি আমাৰ বাবে ভূমিৰ পৰা এটা প্ৰস্ৰৱন উৎসাৰিত নকৰিবা

    [91] ‘অথবা তোমাৰ বাবে খেজুৰ আৰু আঙুৰৰ এটা বাগিচা হ’ব, যাৰ মাজত তুমি নিজৰা প্ৰবাহিত কৰিবা’

    [92] ‘অথবা তুমি যেনেকৈ কোৱা সেই অনুযায়ী আকাশক খণ্ড-বিখণ্ড কৰি আমাৰ ওপৰত পেলাই দিবা, নাইবা আল্লাহ আৰু ফিৰিস্তাসকলক আমাৰ সন্মুখত উপস্থিত কৰিবা’

    [93] ‘অথবা তোমাৰ বাবে এটা সোণৰ ঘৰ হ’ব নাইবা তুমি আকাশত আৰোহণ কৰিবা কিন্তু তোমাৰ আকাশ আৰোহণত আমি কেতিয়াও ঈমান পোষণ নকৰিম যেতিয়া লৈকে তুমি আমাৰ বাবে এটা কিতাব অৱতীৰ্ণ নকৰিবা যিটো আমি পঢ়িম। কোৱা, ‘পৱিত্ৰ মহান মোৰ ৰব! মই কেৱল বাৰ্তাবাহকৰূপে এজন মানুহহে’।

    [94] আৰু যেতিয়া মানুহৰ ওচৰত হিদায়ত আহে, তেতিয়া সিহঁতক কেৱল এই কথাই ঈমান আনিবলৈ বাধা দিয়ে যে, ‘আল্লাহে এজন মানুহক ৰাছুল হিচাপে প্ৰেৰণ কৰিছে নেকি’

    [95] কোৱা, ‘ফিৰিস্তাসকল যদি নিশ্চিন্ত হৈ পৃথিৱীত বিচৰণ কৰিলেহেঁতেন তেন্তে নিশ্চয় আমি আকাশৰ পৰা সিহঁতৰ ওচৰত ফিৰিস্তাকেই ৰাছুল কৰি প্ৰেৰণ কৰিলোহেঁতেন’।

    [96] কোৱা, ‘মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে আল্লাহেই যথেষ্ট; নিশ্চয় তেওঁ তেওঁৰ বান্দাসকলৰ বিষয়ে পূৰ্ণ অৱহিত, পূৰ্ণদ্ৰষ্টা’।

    [97] আৰু আল্লাহে যিসকলক হিদায়ত দিয়ে সিহঁতেহে হিদায়তপ্ৰাপ্ত হয় আৰু যিসকলক তেওঁ পথভ্ৰষ্ট কৰে সিহঁতৰ বাবে তুমি কেতিয়াও তেওঁৰ বাহিৰে আন কোনো অভিভাৱক নাপাবা। কিয়ামতৰ দিনা আমি সিহঁতক উবৰি খোৱা অৱস্থাত অন্ধ, বোবা আৰু বধিৰ কৰি সমবেত কৰিম। সিহঁতৰ আবাসস্থল জাহান্নাম; যেতিয়া ই নিস্তেজ হ’ব তেতিয়াই আমি সিহঁতৰ বাবে জুইৰ শিখা বৃদ্ধি কৰিম।

    [98] এইটোৱেই সিহঁতৰ প্ৰতিদান, কাৰণ সিহঁতে আমাৰ নিদৰ্শন অস্বীকাৰ কৰিছিল আৰু কৈছিল, ‘অস্থিত পৰিণত আৰু চূৰ্ণ-বিচূৰ্ণ হোৱাৰ পিছত আমি আকৌ নতুন সৃষ্টিৰূপে পুনৰুত্থিত হমনে’

    [99] সিহঁতে লক্ষ্য নকৰে নেকি যে, নিশ্চয় আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে তেওঁ সিহঁতৰ অনুৰূপ সৃষ্টি কৰিবলৈ ক্ষমতাবান? আৰু তেৱেঁই সিহঁতৰ বাবে স্থিৰ কৰিছে এটা নিৰ্দিষ্ট কাল, য’ত কোনো সন্দেহ নাই, কিন্তু যালিমসকল কুফৰী নকৰি ক্ষেন্ত হোৱা নাই।

    [100] কোৱা, ‘যদি তোমালোকে মোৰ প্ৰতিপালকৰ দয়াৰ ভাণ্ডাৰৰ অধিকাৰী হ’লাহেঁতেন, তথাপিও সেয়া ব্যয় হৈ যোৱাৰ আশংকাত তোমালোকে সেয়া ধৰি ৰাখিলাহেঁতেন; অৱশ্যে মানুহ বৰ কৃপণ’।

    [101] আৰু আমি মুছাক নটা স্পষ্ট নিদৰ্শন প্ৰদান কৰিছিলো; এতেকে তুমি বনী ইছৰাঈলক সুধি চোৱা; যেতিয়া তেওঁ সিহঁতৰ ওচৰত আহিছিল, আৰু ফিৰআউনে তেওঁক কৈছিল, ‘হে মুছা! নিশ্চয় মোৰ মতে তুমি এজন যাদুগ্ৰস্ত’।

    [102] মুছাই ক’লে, ‘তুমি অৱশ্যে জানা যে, এইবোৰ স্পষ্ট নিদৰ্শন আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালকেই অৱতীৰ্ণ কৰিছে—প্ৰত্যক্ষ্য প্ৰমাণস্বৰূপে। ‘হে ফিৰআউন! মোৰ মতে তুমি এজন ধ্বংসপ্ৰাপ্ত’।

    [103] অৱশেষত ফিৰআউনে তেওঁলোকক দেশৰ পৰা উচ্ছেদ কৰিবলৈ ইচ্ছা কৰিলে; তেতিয়া আমি তাক আৰু তাৰ সঙ্গীসকলৰ আটাইকে ডুবাই মাৰিলো।

    [104] আমি ইয়াৰ পিছত বনী ইছৰাঈলক ক’লো, ‘তোমালোকে পৃথিৱীত বসবাস কৰা আৰু যেতিয়া আখিৰাতৰ প্ৰতিশ্ৰুতি বাস্তবায়িত হ’ব তেতিয়া আমি তোমালোক আটাইকে একত্ৰিত কৰি উপস্থিত কৰিম।

    [105] আৰু আমি সত্য সহকাৰে কোৰআন অৱতীৰ্ণ কৰিছো আৰু ই সত্য সহকাৰেই অৱতীৰ্ণ হৈছে। আমি কেৱল তোমাক সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপেহে প্ৰেৰণ কৰিছো।

    [106] আৰু আমি কোৰআনক অলপ অলপকৈ অৱতীৰ্ণ কৰিছো; যাতে তুমি সেয়া মানুহৰ ওচৰত ক্ৰমে ক্ৰমে পাঠ কৰিব পাৰা আৰু আমি ইয়াক পৰ্যায়ক্ৰমে অৱতীৰ্ণ কৰিছো।

    [107] কোৱা, ‘তোমালোকে কোৰআনৰ ওপৰত ঈমান পোষণ কৰা বা নকৰা, নিশ্চয় যিসকলক ইয়াৰ পূৰ্বে জ্ঞান দিয়া হৈছিল, তেওঁলোকৰ ওচৰত যেতিয়া ইয়াক তিলাৱত কৰা হয় তেতিয়াই তেওঁলোকে ছাজদাত পৰি যায়’।

    [108] আৰু তেওঁলোকে কয়, ‘আমাৰ ৰব পৱিত্ৰ মহান। আমাৰ প্ৰতিপালকৰ প্ৰতিশ্ৰুতি কাৰ্যকৰ হ’বই হ’ব’।

    [109] ‘আৰু তেওঁলোকে কান্দি কান্দি নতশিৰে (ছাজদাত) পৰি যায় আৰু এইটোৱেই তেওঁলোকৰ বিনয় আৰু বৃদ্ধি কৰে’।

    [110] কোৱা, ‘তোমালোকে (নিজ প্ৰতিপালকক) ‘আল্লাহ’ নামেৰে মাতা বা ‘ৰহমান’ নামেৰেই মাতা, কাৰণ তোমালোকে যি নামেৰেই নামাতা কিয়, সকলো সুন্দৰ নাম তেওঁৰেই। আৰু তুমি ছালাতত স্বৰ খুব উচ্চ নকৰিবা আকৌ বেছি নিম্নও নকৰিবা; বৰং এই দুটাৰ মধ্যপথ অৱলম্বন কৰিবা।

    [111] আৰু কোৱা, ‘প্ৰশংসা কেৱল আল্লাহৰেই যিজনে কোনো সন্তান গ্ৰহণ কৰা নাই, তেওঁৰ সাৰ্বভৌমত্বত কোনো অংশীদাৰ নাই আৰু অপমানৰ পৰা বাচিবলৈ তেওঁৰ কোনো অভিভাৱকৰো প্ৰয়োজন নাই, সেয়ে তুমি স-সম্ভ্ৰমে তেওঁৰ মাহাত্ম্য ঘোষণা কৰা’।

    Surah 18
    আল-কাহ্‌ফ

    [1] যাৱতীয় প্ৰশংসা কেৱল আল্লাহৰ বাবেই, যিজনে তেওঁৰ বান্দাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছে আৰু তাত তেওঁ কোনো ধৰণৰ বক্ৰতা ৰখা নাই

    [2] সৰলৰূপে, তেওঁৰ কঠিন শাস্তি সম্পৰ্কে সতৰ্ক কৰাৰ বাবে আৰু মুমিনসকল যিসকলে সৎকৰ্ম কৰে, তেওঁলোকক এই সুসংবাদ দিয়াৰ বাবে যে, তেওঁলোকৰ বাবে আছে উত্তম পুৰষ্কাৰ

    [3] তাত তেওঁলোকে স্থায়ীভাৱে অৱস্থান কৰিব

    [4] আৰু সিহঁতক সতৰ্ক কৰাৰ বাবে যিসকলে কয়, ‘আল্লাহে সন্তান গ্ৰহণ কৰিছে’

    [5] এই বিষয়ে সিহঁতৰ কোনো জ্ঞান নাই লগতে সিহঁতৰ পিতৃ-পুৰুষৰো কোনো জ্ঞান নাছিল। কি সাংঘাতিক বাক্য যিটো সিহঁতৰ মুখৰ পৰা ওলায়! সিহঁত মিছাৰ বাহিৰে একো নকয়।

    [6] এতেকে সিহঁতে এই বাণীত ঈমান পোষণ নকৰিলে সম্ভৱত সিহঁতৰ পিছত ঘূৰি ঘূৰি তুমি দুখতে আত্ম-বিনাশী হৈ পৰিবা।

    [7] নিশ্চয় মাটিৰ ওপৰত যি আছে আমি সেইবোৰক ইয়াৰ শোভা কৰি দিছো, মানুহক এই পৰীক্ষা কৰাৰ বাবে যে, সিহঁতৰ মাজত কোনে শ্ৰেষ্ঠ আমল কৰে।

    [8] আৰু ইয়াৰ ওপৰত যি আছে সেয়া অৱশ্যে আমি উদ্ভিদশূন্য পথাৰত পৰিণত কৰিম।

    [9] তুমি কাহাফ (গুহা) আৰু ৰাক্বীমৰ অধিবাসীসকলক আমাৰ নিদৰ্শনাৱলীৰ মাজত বিস্ময়কৰ বুলি ভাবা নেকি

    [10] যেতিয়া যুৱকসকলে গুহাত আশ্ৰয় ল’লে তেতিয়া সিহঁতে কৈছিল, ‘হে আমাৰ ৰব! তুমি তোমাৰ নিজৰ ফালৰ পৰা আমাক অনুগ্ৰহ দান কৰা আৰু আমাৰ বাবে আমাৰ কাজকৰ্ম সঠিকভাৱে পৰিচালনাৰ ব্যৱস্থা কৰা’।

    [11] ফলত আমি সিহঁতক গুহাৰ মাজত কেইবা বছৰো ঘুমন্ত অৱস্থাত ৰাখিলো

    [12] তাৰ পিছত আমি সিহঁতক জগাই তুলিলো জনাৰ বাবে যে, দুই দলৰ মাজত কোনটোৱে সিহঁতৰ অৱস্থিতিকাল সঠিকভাৱে নিৰ্ণয় কৰিব পাৰে।

    [13] আমি তোমাৰ ওচৰত সিহঁতৰ বৃত্তান্ত সঠিকভাৱে বৰ্ণনা কৰিছো, সিহঁত আছিল কেইজনমান যুৱক, সিহঁতে নিজ প্ৰতিপালকৰ ওপৰত ঈমান আনিছিল আৰু আমি সিহঁতৰ হিদায়ত বৃদ্ধি কৰি দিছিলো

    [14] আৰু আমি সিহঁতৰ চিত্ত দৃঢ় কৰি দিছিলো; সিহঁতে যেতিয়া (সাৰ পাই) উঠি ক’লে, ‘আমাৰ প্ৰতিপালকেই আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালক। আমি কেতিয়াও তেওঁৰ পৰিবৰ্তে আন কোনো ইলাহক আহ্বান নকৰিম; যদি আহ্বান কৰো তেন্তে এয়া হ’ব বৰ গৰ্হিত কথা।

    [15] আমাৰ এই স্বজাতিসকলে তেওঁৰ পৰিবৰ্তে বহুতো ইলাহ গ্ৰহণ কৰিছে। ইহঁতে এইবোৰ ইলাহ সম্পৰ্কে স্পষ্ট প্ৰমাণ উপস্থিত নকৰে কিয়? এতেকে যিয়ে আল্লাহ সম্পৰ্কে মিছা উদ্ভাৱন কৰে সেইজনতকৈ ডাঙৰ যালিম আৰুনো কোন হ’ব পাৰে

    [16] এতিয়া যিহেতু তোমালোকে সিহঁতৰ পৰা আৰু সিহঁতে যিবোৰৰ ইবাদত কৰে সেইবোৰৰ পৰা বিচ্ছিন্ন হৈছা, সেয়ে এতিয়া তোমালোকে গুহাত আশ্ৰয় গ্ৰহণ কৰা। তোমালোকৰ প্ৰতিপালকে তোমালোকৰ বাবে তেওঁৰ ৰহমত বিস্তাৰ কৰিব আৰু তোমালোকৰ বাবে তোমালোকৰ জীৱনোপকৰণৰ বিষয়টো সহজ কৰি দিব।

    [17] আৰু তুমি সিহঁতক দেখাহেঁতেন, সূৰ্য উদয় হোৱাৰ সময়ত সিহঁতৰ গুহাৰ সোঁ ফালে ঢাল খায় আৰু অস্ত যোৱাৰ সময়ত সিহঁতক অতিক্ৰম কৰি বাওঁ ফালে ঢাল খায়, অথচ সিহঁত গুহাৰ প্ৰশস্ত চোতালত (শুই আছে), এইবোৰ আল্লাহৰ নিদৰ্শনসমূহৰ মাজত অন্যতম। আল্লাহে যাক সৎপথত পৰিচালিত কৰে, সি সৎপথপ্ৰাপ্ত আৰু তেওঁ যাক পথভ্ৰষ্ট কৰে, তুমি কেতিয়াও তাৰ বাবে কোনো পথনিৰ্দেশকাৰী অভিভাৱক বিচাৰি নাপাবা।

    [18] আৰু তুমি ভাবিলাহেঁতেন সিহঁত সাৰে আছে, অথচ সিহঁত আছিল টোপনিত। আমি সিহঁতক কাতি সলাই দিছিলো সোঁ ফালে আৰু বাওঁ ফালে আৰু সিহঁতৰ কুকুৰে সন্মুখৰ ভৰি দুটা গুহাৰ দুৱাৰত প্ৰসাৰিত কৰি আছিল। যদি তুমি সিহঁতৰ ফালে ভুমুকি মাৰি দেখিলাহেঁতেন, তেন্তে অৱশ্যে তুমি ভিৰাই লৰ মাৰিলাহেঁতেন। অৱশ্যে তুমি সিহঁতৰ ভয়ত আতংকগ্ৰস্ত হৈ পৰিলাহেঁতেন

    [19] আৰু এইদৰেই আমি সিহঁতক জগাই তুলিলো যাতে সিহঁতে পৰস্পৰৰ মাজত সোধ-পোছ কৰে। সিহঁতৰ এজনে ক’লে, ‘তোমালোকে কিমান সময় অৱস্থান কৰিছা’? সিহঁতে ক’লে, ‘আমি এদিন বা এদিনৰ কিছু অংশহে অৱস্থান কৰিছো’। সিহঁতে ক’লে, ‘তোমালোকে কিমান সময় অৱস্থান কৰিছা সেয়া তোমালোকৰ প্ৰতিপালকেই ভালকৈ জানে। এতেকে তোমালোকে এতিয়া তোমালোকৰ মাজৰ পৰা এজনক এই মুদ্ৰাসহ বজাৰলৈ পঠাই দিয়া। সি যেন ভালকৈ চাই-চিতি কোনটো উত্তম খাদ্য তাৰ পৰা যেন তোমালোকৰ বাবে কিছু খাদ্য লৈ আহে। লগতে সি যেন বিচক্ষণতাৰ সৈতে কাম কৰে। কোনোমতেই যাতে তোমালোকৰ বিষয়ে কাকো একো জানিব নিদিয়ে।

    [20] নিশ্চয় সিহঁতে যদি তোমালোকৰ বিষয়ে জানিব পাৰে তেন্তে সিহঁতে তোমালোকক শিল দলিয়াই আঘাত কৰি হত্যা কৰিব অথবা তোমালোকক সিহঁতৰ ধৰ্মত উভতাই নিব। তেতিয়া তোমালোকে কেতিয়াও সফল হ’ব নোৱাৰিবা।

    [21] আৰু এইদৰে আমি মানুহক সিহঁতৰ বিষয়ে জনাই দিলো যাতে সিহঁতে জানে যে, আল্লাহৰ প্ৰতিশ্ৰুতি সত্য আৰু নিশ্চয় কিয়ামতত কোনো সন্দেহ নাই। যেতিয়া সিহঁতে (নগৰবাসীয়ে) সিহঁতৰ কৰ্তব্য বিষয়ে নিজৰ মাজতে বিতৰ্ক কৰিছিল তেতিয়া সিহঁতৰ কিছুমানে ক’লে, ‘সিহঁতৰ ওপৰত সৌধ নিৰ্মাণ কৰা’। সিহঁতৰ প্ৰতিপালকেই সিহঁতৰ বিষয়ে ভাল জানে। সিহঁতৰ কৰ্তব্য বিষয়ে যিসকলৰ মত প্ৰবল হৈছিল সিহঁতে ক’লে, ‘নিশ্চয় আমি সিহঁতৰ ওপৰত মছজিদ নিৰ্মাণ কৰিম’।

    [22] অচিৰেই কিছুমানে ক’ব, ‘সিহঁত আছিল তিনিজন, সিহঁতৰ চতুৰ্থটো আছিল সিহঁতৰ কুকুৰ’, আৰু আন কিছুমানে ক’ব, ‘সিহঁত আছিল পাঁচজন, সিহঁতৰ ষষ্ঠটো আছিল সিহঁতৰ কুকুৰ’, এই সকলোৱে গায়েবী বিষয়ত অনুমানৰ ওপৰত নিৰ্ভৰ কৰে। আকৌ কিছুমানে ক’ব, ‘সিহঁত আছিল সাতজন, সিহঁতৰ অষ্টমটো হৈছে সিহঁতৰ কুকুৰ’। কোৱা, ‘মোৰ প্ৰতিপালকেহে সিহঁতৰ সংখ্যা ভালকৈ জানে; সিহঁতৰ প্ৰকৃত সংখ্যা কেৱল কিছুসংখ্যক লোকেহে জানে। এতেকে সাধাৰণ আলোচনাৰ বাহিৰে তুমি সিহঁতৰ বিষয়ে বিতৰ্ক নকৰিবা আৰু ইহঁতৰ কাকো সিহঁতৰ বিষয়ে নুসুধিবা।

    [23] আৰু কেতিয়াও তুমি কোনো বিষয়ত এই বুলি নকবা যে, নিশ্চয় মই এইটো অহা কালি কৰিম

    [24] ইন শ্বা আল্লাহ নোকোৱাকৈ, (অৰ্থাৎ যদি আল্লাহে বিচাৰে), আৰু যদি পাহৰি যোৱা তেন্তে তোমাৰ প্ৰতিপালকক স্মৰণ কৰিবা আৰু কোৱা, ‘সম্ভৱত মোৰ প্ৰতিপালকে মোক ইয়াতকৈয়ো সত্যৰ নিকটৱৰ্তী পথ দেখুৱাব’।

    [25] আৰু সিহঁতে গুহাত আছিল তিনি শ বছৰ লগতে অতিৰিক্ত ন বছৰ।

    [26] কোৱা, ‘সিহঁতে কিমান সময় অৱস্থান কৰিছিল সেয়া আল্লাহেই ভালকৈ জানে’, আকাশসমূহ আৰু পৃথিৱীৰ গায়েবৰ জ্ঞান কেৱল তেওঁৰেই। তেওঁ কিমান সুন্দৰ দ্ৰষ্টা আৰু শ্ৰোতা! তেওঁৰ বাহিৰে সিহঁতৰ আন কোনো অভিভাৱক নাই। তেওঁ কাকো নিজ কৰ্তৃত্বত অংশীদাৰ নকৰে।

    [27] আৰু তোমাৰ প্ৰতিপালকৰ কিতাবৰ পৰা তোমাৰ ওচৰত যি অহী কৰা হয় সেয়া তুমি পাঠ কৰি শুনোৱা। তেওঁৰ বাক্যসমূহৰ কোনো পৰিবৰ্তনকাৰী নাই; আৰু তুমি কেতিয়াও তেওঁৰ বাহিৰে আন কোনো আশ্ৰয় বিচাৰি নাপাবা।

    [28] আৰু তুমি নিজকে ধৈৰ্যশীল ৰাখিবা তেওঁলোকৰ সৈতে, যিসকলে পুৱা-গধূলি তেওঁলোকৰ প্ৰতিপালকক আহ্বান কৰে, তেওঁৰ সন্তুষ্টিৰ উদ্দেশ্যে; আৰু তুমি পাৰ্থিৱ জীৱনৰ শোভা কামনা কৰি সিহঁতৰ পৰা তোমাৰ দৃষ্টি আঁতৰাই নিনিবা। লগতে তুমি সেই ব্যক্তিৰ অনুসৰণ নকৰিবা—যাৰ অন্তৰক আমি আমাৰ স্মৰণৰ পৰা অমনোযোগী কৰি দিছো, যিয়ে নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰিছে আৰু যাৰ কৰ্ম বিনষ্ট হৈছে।

    [29] আৰু কোৱা, ‘সত্য তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা (আহিছে), সেয়ে যাৰ ইচ্ছা সি ঈমান আনক আৰু যাৰ ইচ্ছা সি কুফৰী কৰক’। নিশ্চয় আমি যালিমসকলৰ বাবে প্ৰস্তুত ৰাখিছো অগ্নি, যাৰ প্ৰাচীৰবোৰে সিহঁতক পৰিবেষ্টন কৰি ৰাখিছে। সিহঁতে পানীয় বিচাৰিলে সিহঁতক দিয়া হ’ব গলিত ধাতুৰ দৰে পানীয়, যিটো সিহঁতৰ মুখমণ্ডল দগ্ধ কৰিব, এইটো বৰ নিকৃষ্ট পানীয়! আৰু জাহান্নাম কিমান যে নিকৃষ্ট বিশ্ৰামস্থল

    [30] নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে – নিশ্চয় আমি উত্তমৰূপে কৰ্ম সম্পাদনকাৰীৰ শ্ৰমফল বিনষ্ট নকৰো।

    [31] তেওঁলোকৰ বাবেই আছে স্থায়ী জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোকক সোণৰ কংকনেৰে অলংকৃত কৰা হ’ব, তেওঁলোকে পৰিধান কৰিব সূক্ষ্ম আৰু মিহি ৰেছমৰ সেউজীয়া বস্ত্ৰ, আৰু তেওঁলোকে তাত সুসজ্জিত আসনত আউজি বহিব, কিমান যে ধুনীয়া পুৰষ্কাৰ আৰু উত্তম বিশ্ৰামস্থল

    [32] আৰু তুমি সিহঁতৰ বাবে এটা দৃষ্টান্ত দাঙি ধৰা, দুজন ব্যক্তি আছিল, সিহঁতৰ এজনক আমি প্ৰদান কৰিছিলো দুটা আঙুৰৰ বাগিচা আৰু দুয়োটাকে আমি খেজুৰ গছেৰে পৰিবেষ্টিত কৰিছিলো আৰু দুয়োটাৰে মধ্যৱৰ্তী স্থানক ৰাখিছিলো শস্যক্ষেত্ৰ।

    [33] উভয় উদ্যানে ফল দান কৰিছিল আৰু তাত কোনো ত্ৰুটি কৰা নাছিল আৰু আমি উভয় উদ্যানৰ মাজেৰে প্ৰবাহিত কৰিছিলো এটা নিজৰা।

    [34] আৰু তাৰ প্ৰচুৰ ফল-সম্পদ আছিল। তাৰ পিছত কথা প্ৰসঙ্গত সি তাৰ বন্ধুক ক’লে, ‘তোমাতকৈ মোৰ ধন-সম্পদ বেছি আৰু জনবলতো মই তোমাতকৈ শক্তিশালী’।

    [35] আৰু সি অহংকাৰ কৰি তাৰ উদ্যানত প্ৰৱেশ কৰিলে। সি ক’লে, ‘এইটো কেতিয়াও ধ্বংস হ’ব বুলি মোৰ ধাৰণা নহয়

    [36] ‘আৰু কিয়ামত সংঘটিত হ’ব বুলিও মোৰ ধাৰণা নহয়, আৰু মোক যদি মোৰ প্ৰতিপালকৰ ওচৰত উভতাই নিয়া হয়, তেন্তে নিশ্চয় মই ইয়াতকৈয়ো উৎকৃষ্ট প্ৰত্যাৱৰ্তন স্থল পাম’।

    [37] ইয়াৰ উত্তৰত তাৰ বন্ধুজনে বিতৰ্কমূলক ভাৱে তাক ক’লে, ‘তুমি সেই সত্তাৰ লগত কুফৰী কৰিছা নেকি, যিজনে তোমাক সৃষ্টি কৰিছে মাটিৰ পৰা আৰু তাৰ পিছত বীৰ্যৰ পৰা আৰু তাৰ পিছত তোমাক পুৰ্ণাংঙ্গ পুৰুষ আকৃতি দান কৰিছে’

    [38] ‘কিন্তু তেৱেঁই আল্লাহ, মোৰ ৰব; আৰু মই মোৰ প্ৰতিপালকৰ লগত কাকো অংশী নকৰো’।

    [39] ‘তুমি যেতিয়া তোমাৰ উদ্যানত প্ৰৱেশ কৰিলা তেতিয়া তুমি কিয় এইদৰে কোৱা নাছিলা যে, আল্লাহে যিটো বিচাৰে সেইটোৱেই হয়, আল্লাহৰ সহায় অবিহনে কোনো শক্তি নাই? যদি তুমি তোমাৰ ধন-সম্পত্তি আৰু সন্তান-সন্ততিৰ ক্ষেত্ৰত মোক হীন বুলি ধাৰণা কৰা

    [40] ‘তথাপিও এয়া অসম্ভৱ নহয় যে, হয়তো মোৰ প্ৰতিপালকে মোক তোমাৰ উদ্যানতকৈ উৎকৃষ্ট কিবা দান কৰিব আৰু তোমাৰ উদ্যানত আকাশৰ পৰা নিৰ্ধাৰিত বিপৰ্যয় পঠাব, যাৰ ফলত ই উদ্ভিদশূন্য পথাৰত পৰিণত হ’ব।

    [41] ‘অথবা ইয়াৰ পানী ভূগৰ্ভত গুচি যাব আৰু তুমি কেতিয়াও সেইটোৰ সন্ধান লাভত সক্ষম হ’ব নোৱাৰিবা’।

    [42] ফলত তাৰ ফল-সম্পদ বিপৰ্যয়ে বেৰি ধৰিলে আৰু গছবোৰ হেন্দালিৰ সৈতে ভাঙি-চিঙি পৰি থকা দেখি সি তাত যি ব্যয় কৰিছিল তাৰ বাবে হাত মোহাৰি মোহাৰি আক্ষেপ কৰি ক’লে, ‘হায়, মই যদি মোৰ প্ৰতিপালকৰ লগত কাকো অংশী নকৰিলোহেঁতেন’

    [43] আৰু আল্লাহৰ বাহিৰে তাক সহায় কৰিবলৈ কোনো নাছিল আৰু সি নিজেও প্ৰতিকাৰত সমৰ্থ নাছিল।

    [44] ইয়াত কৰ্তৃত্ব কেৱল আল্লাহৰেই, যিজন সত্য। পুৰষ্কাৰ প্ৰদানত আৰু পৰিণাম নিৰ্ধাৰণত তেৱেঁই শ্ৰেষ্ঠ।

    [45] আৰু তুমি সিহঁতৰ ওচৰত পাৰ্থিৱ জীৱনৰ উপমা দাঙি ধৰা, এইটো পানীৰ দৰে যিটো আমি আকাশৰ পৰা বৰ্ষণ কৰো, যাৰ দ্বাৰা ভূমিজ উদ্ভিদ ঘন সন্নিবিষ্ট হৈ উৎপন্ন হয়, তাৰ পিছত এইবোৰ শুকাই এনেকৈ চূৰ্ণ-বিচূৰ্ণ হয় যে, বতাহে সেইবোৰ উৰাই লৈ যায়। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

    [46] ধন-সম্পদ আৰু সন্তান-সন্ততি পাৰ্থিৱ জীৱনৰ শোভামাত্ৰ, আৰু স্থায়ী সৎকৰ্ম তোমাৰ প্ৰতিপালকৰ ওচৰত পুৰষ্কাৰ প্ৰাপ্তিৰ বাবে শ্ৰেষ্ঠ আৰু প্ৰত্যাশাৰ ক্ষেত্ৰতো উৎকৃষ্ট।

    [47] আৰু স্মৰণ কৰা, যিদিনা আমি পৰ্বতসমূহক সঞ্চালন কৰিম আৰু তুমি পৃথিৱীক উন্মুক্ত প্ৰান্তৰ হিচাপে দেখিবা, আৰু আমি সিহঁত সকলোকে একত্ৰিত কৰিম; ফলত সিহঁতৰ এজনকো এৰি নিদিওঁ।

    [48] আৰু সিহঁতক তোমাৰ প্ৰতিপালকৰ ওচৰত শাৰীবদ্ধভাৱে উপস্থিত কৰা হ’ব আৰু আল্লাহে ক’ব, ‘তোমালোকক আমি প্ৰথমবাৰ যেনেকৈ সৃষ্টি কৰিছিলো ঠিক তেনেকৈয়ে তোমালোক মোৰ ওচৰত উপস্থিত হৈছা, অথচ তোমালোকে ভাবিছিলা যে, তোমালোকৰ বাবে আমি কোনো প্ৰতিশ্ৰুতি সময় নিৰ্ধাৰণ নকৰিম’।

    [49] লগতে উপস্থাপিত কৰা হ’ব আমলনামা, তেতিয়া তাত যি লিপিবদ্ধ আছে তাৰ বাবে তুমি অপৰাধীবিলাকক আতংকগ্ৰস্ত দেখিবা আৰু সিহঁতে ক’ব, ‘হায়, দুৰ্ভাগ্য আমাৰ! এইটো কেনেকুৱা গ্ৰন্থ! সৰু-বৰ এনে কোনো কৰ্ম নাই যিটো ইয়াত লিপিবদ্ধ কৰা হোৱা নাই’। সিহঁতে যি আমল কৰিছে সেয়া সন্মুখত উপস্থিত পাব; আৰু তোমাৰ প্ৰতিপালকে কাৰো প্ৰতি অন্যায় নকৰে।

    [50] আৰু স্মৰণ কৰা, আমি যেতিয়া ফিৰিস্তাসকলক কৈছিলো, ‘আদমৰ প্ৰতি ছাজদাহ কৰা’, তেতিয়া ইবলীছৰ বাহিৰে সকলোৱে ছাজদাহ কৰিলে, সি আছিল জিনসকলৰ বংশধৰ, সি তাৰ প্ৰতিপালকৰ আদেশ অমান্য কৰিলে। তেন্তে তোমালোকে মোৰ পৰিবৰ্তে তাক আৰু তাৰ বংশধৰসকলক অভিভাৱকৰূপে গ্ৰহণ কৰিবা নেকি? অথচ সিহঁত তোমালোকৰ শত্ৰু। যালিমসকলৰ এই বিনিময় কিমান যে নিকৃষ্ট

    [51] আকাশসমূহ আৰু পৃথিৱী সৃষ্টিৰ সময়ত মই সিহঁতক সাক্ষী কৰা নাছিলো আৰু স্বয়ং সিহঁতৰ সৃষ্টিৰ সময়তো সাক্ষী কৰা নাছিলো, আৰু আমি পথভ্ৰষ্টকাৰীসকলক সাহায্যকাৰীৰূপে গ্ৰহণ কৰা নাছিলো।

    [52] আৰু সেইদিনাৰ কথা স্মৰণ কৰা, যিদিনা তেওঁ ক’ব, ‘তোমালোকে যিবোৰক মোৰ অংশী বুলি ধাৰণা কৰিছিলা সেইবোৰক মাতা’। সিহঁতে তেতিয়া সেইবোৰক মাতিব কিন্তু সেইবোৰে সিহঁতৰ আহ্বানত সঁহাৰি নিদিব আৰু আমি সিহঁত উভয়ৰ মধ্যৱৰ্তী ঠাইত এটা ধ্বংস-গহ্বৰ ৰাখি দিম।

    [53] আৰু অপৰাধীবিলাকে জুই দেখিয়েই গম পাব যে, সিহঁতে তাত নিক্ষিপ্ত হ’ব কিন্তু সিহঁত সেই ঠাইৰ পৰা (বাচিবলৈ) কোনো পৰিত্ৰাণস্থল বিচাৰি নাপাব।

    [54] অৱশ্যে আমি মানুহৰ বাবে এই কোৰআনত সকলো ধৰণৰ উপমা বিশদভাৱে বৰ্ণনা কৰিছো। কিন্তু মানুহ আটাইতকৈ বেছি বিতৰ্কপ্ৰিয়।

    [55] আৰু যেতিয়া সিহঁতৰ ওচৰত পথনিৰ্দেশ আহিল, তেতিয়া মানুহক ঈমান আনাৰ পৰা আৰু সিহঁতৰ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰাৰ পৰা কেৱল এইটোৱেই বিৰত ৰাখে যে, সিহঁতৰ ওচৰতো পূৰ্বৱৰ্তীসলৰ দৰে অনুসৃত ৰীতি আহক নাইবা সিহঁতৰ ওচৰত প্ৰত্যক্ষভাৱে শাস্তি আহক।

    [56] আৰু আমি কেৱল সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপেহে ৰাছুলসকলক প্ৰেৰণ কৰোঁ, কিন্তু কাফিৰসকলে বাতিলৰ দ্বাৰা তৰ্ক কৰে, যাতে তাৰ মাধ্যমত সত্যক ব্যৰ্থ কৰি দিব পাৰে। লগতে সিহঁতে মোৰ নিদৰ্শনাৱলীক আৰু যিবোৰৰ দ্বাৰা সিহঁতক সতৰ্ক কৰা হৈছে সেইবোৰক বিদ্ৰূপৰ বিষয়ৰূপে গ্ৰহণ কৰে।

    [57] আৰু সেইজনতকৈ অধিক যালিম আৰু কোন হ’ব পাৰে, যাক তাৰ প্ৰতিপালকৰ আয়াতসমূহ স্মৰণ কৰাই দিয়া হৈছে কিন্তু সি তাৰ পৰা বিমুখ হৈছে আৰু সি পাহৰি গৈছে তাৰ দুহাতে যি উপস্থিত কৰিছে? নিশ্চয় আমি সিহঁতৰ অন্তৰৰ ওপৰত আৱৰণ দিছো যাতে সিহঁতে কোৰআন বুজিব নোৱাৰে আৰু সিহঁতৰ কাণত আছে বধিৰতা। তুমি সিহঁতক সৎপথত আহ্বান কৰিলেও সিহঁত কেতিয়া সৎপথত নাহিব।

    [58] আৰু তোমাৰ ৰব পৰম ক্ষমাশীল, দয়ালু। সিহঁতৰ কৃতকৰ্মৰ বাবে যদি তেওঁ সিহঁতক ধৰিলেহেঁতেন, তেন্তে তেওঁ অৱশ্যে সিহঁতক অতি সোনকালে শাস্তি বিহিলেহেঁতেন; কিন্তু সিহঁতৰ বাবে আছে এটা প্ৰতিশ্ৰুত মুহূৰ্ত, যিটোৰ পৰা সিহঁত কেতিয়াও কোনো আশ্ৰয়স্থল নাপাব।

    [59] আৰু এইবোৰ সেই জনপদ যিবোৰক আমি ধ্বংস কৰিছো, যেতিয়া সিহঁতে অন্যায় কৰিছিল আৰু আমি সিহঁতৰ ধ্বংসৰ বাবে এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰিছিলো।

    [60] আৰু স্মৰণ কৰা, যেতিয়া মুছাই তেওঁৰ সহচৰ যুৱকক কৈছিল, ‘মই দুখন নৈৰ সঙ্গমস্থলত উপনীত নোহোৱা লৈকে নৰখো, লাগিলে মই যুগ যুগ সময় গৈ থাকিম’।

    [61] এতেকে যেতিয়া তেওঁলোক উভয়ে দুখন নৈৰ সঙ্গমস্থলত উপনীত হ’ল, তেতিয়া তেওঁলোকে লৈ যোৱা মাছৰ কথা পাহৰিলে, ফলত মাছটোৱে সুৰঙ্গৰ দৰে নিজৰ পথ বনাই সাগৰলৈ নামি গ’ল।

    [62] এতেকে যেতিয়া তেওঁলোকে আৰু ভালেখিনি ঠাই অতিক্ৰম কৰিলে তেতিয়া মুছাই তেওঁৰ সহচৰজনক ক’লে, ‘আমাৰ দুপুৰীয়াৰ ভোজন লৈ আহা, অৱশ্যে আমি এই ভ্ৰমণত ক্লান্ত হৈ পৰিছো’।

    [63] সি ক’লে, ‘আপুনি লক্ষ্য কৰিছিল নে, যেতিয়া আমি শিলাখণ্ডত বিশ্ৰাম লৈছিলো তেতিয়া মাছৰ কি ঘটিছিল? মাছটোৰ কথা মই আপোনাক জনাবলৈ পাহৰিয়ে গৈছিলো, চয়তানেহে সেইটোৰ কথা মোক পাহৰাই দিছিল; আৰু মাছটোৱে আশ্চৰ্যজনকভাৱে নিজৰ পথ বনাই সাগৰত নামি গৈছিল।

    [64] তেওঁ ক’লে, ‘আমি সেই স্থানটোৰেই অনুসন্ধান কৰি আছো’। তাৰ পিছত তেওঁলোকে নিজৰ পদচিহ্ন অনুসৰণ কৰি উভতি গ’ল।

    [65] ইয়াৰ পিছত তেওঁলোকে মোৰ এজন বান্দাৰ সাক্ষাত পালে, যাক আমি আমাৰ ফালৰ পৰা অনুগ্ৰহ দান কৰিছিলো আৰু আমাৰ ফালৰ পৰা এটা বিশেষ জ্ঞানৰ শিক্ষা দিছিলো।

    [66] মুছাই তেওঁক ক’লে, ‘মই এই চৰ্তত আপোনাৰ অনুসৰণ কৰিব পাৰিমনে যে, যি জ্ঞান আপোনাক দান কৰা হৈছে তাৰ পৰা মোক শিক্ষা দিব, যাৰ দ্বাৰা মই সঠিক পথ পাম’

    [67] তেওঁ ক’লে, ‘আপুনি কেতিয়াও মোৰ লগত ধৈৰ্য ধাৰণ কৰি থাকিব নোৱাৰিব

    [68] ‘কাৰণ যি বিষয়ে আপোনাৰ জ্ঞানায়ত্ত নাই সেই বিষয়ে আপুনি কেনেকৈ ধৈৰ্য ধাৰণ কৰিব’

    [69] মুছাই ক’লে, ‘ইন শ্বা আল্লাহ আপুনি মোক ধৈৰ্যশীল পাব আৰু আপোনাৰ কোনো আদেশ মই অমান্য নকৰিম’।

    [70] তেওঁ ক’লে, ‘ঠিক আছে, যদি আপুনি মোৰ অনুসৰণ কৰেই তেন্তে কোনো বিষয়ে মোক প্ৰশ্ন নকৰিব, যেতিয়ালৈকে মই আপোনাক সেই বিষয়ে খুলি নকওঁ’।

    [71] তাৰ পিছত দুয়ো গৈ থাকিল, অৱশেষত যেতিয়া তেওঁলোকে নাৱঁত আৰোহণ কৰিলে তেতিয়া তেওঁ নাওঁখন বিদীৰ্ণ কৰি দিলে। মুছাই ক’লে, ‘আপুনি আৰোহীসকলক ডুবাই মাৰিবলৈ ইয়াক বিদীৰ্ণ কৰিলে নেকি? অৱশ্যে আপুনি এটা বৰ গৰ্হিত অন্যায় কাম কৰিছে’।

    [72] তেওঁ ক’লে, ‘মই কোৱা নাছিলোনে যে, আপুনি মোৰ লগত কেতিয়াও ধৈৰ্য ধাৰণ কৰিব নোৱাৰিব’

    [73] মুছাই ক’লে, ‘মই পাহৰি যোৱাৰ কাৰণে মোৰ দোষ নধৰিব লগতে মোৰ বিষয়ে অত্যাধিক কঠোৰতা অৱলম্বন নকৰিব’।

    [74] তাৰ পিছত দুয়ো গৈ থাকিল, অৱশেষত তেওঁলোকৰ লগত এটি শিশুৰ সাক্ষাত হ’ল, তেতিয়া তেওঁ তাক হত্যা কৰিলে। মুছাই ক’লে, ‘হত্যাৰ অপৰাধবিহীন আপুনি এটা নিষ্পাপ জীৱন নাশ কৰিলে? অৱশ্যে আপুনি এটা গৰ্হিত অন্যায় কাম কৰিছে’।

    [75] তেওঁ ক’লে, ‘মই আপোনাক কোৱা নাছিলোনে যে, আপুনি মোৰ লগত কেতিয়াও ধৈৰ্য ধাৰণ কৰিব নোৱাৰিব’

    [76] মুছাই ক’লে, ‘ইয়াৰ পিছত যদি মই আপোনাক কোনো বিষয়ে প্ৰশ্ন কৰো তেন্তে আপুনি মোক লগত নাৰাখিব; মোৰ ফালৰ পৰা আপুনি উপযুক্ত ওজৰ পাইছে’।

    [77] তাৰ পিছত দুয়ো আকৌ যোৱা আৰম্ভ কৰিলে, অৱশেষত যেতিয়া তেওঁলোক এটা জনপদৰ অধিবাসীসকলৰ ওচৰত উপস্থিত হ’ল, তেতিয়া সিহঁতৰ ওচৰত খাদ্য বিচাৰিলে; কিন্তু সিহঁতে তেওঁলোকৰ আতিথ্য কৰিবলৈ অস্বীকাৰ কৰিলে। তাৰ পিছত তেওঁলোকে তাত এখন প্ৰাচীৰ দেখা পালে, যিটো বাগৰি যোৱাৰ উপক্ৰম হৈছিল, তেতিয়া তেওঁ সেইটোক সুদৃঢ় কৰি দিলে। মুছাই ক’লে, ‘অৱশ্যে আপুনি ইচ্ছা কৰিলে ইয়াৰ বাবে পাৰিশ্ৰমিক গ্ৰহণ কৰিব পাৰিলেহেঁতেন’।

    [78] তেওঁ ক’লে, ‘ইয়াতেই মোৰ আৰু আপোনাৰ মাজত সম্পৰ্কচ্ছেদ হৈ গ’ল, যি বিষয়ে আপুনি ধৈৰ্য ধাৰণ কৰিব পৰা নাই অচিৰেই মই সেইবোৰৰ তাৎপৰ্য ব্যাখ্যা কৰিম।

    [79] ‘নাওঁখনৰ বিষয় হ’ল—এইটো আছিল কিছুমান দৰিদ্ৰ ব্যক্তিৰ, সিহঁতে সাগৰতেই কাম কৰিছিল; মই নাওঁখনক ত্ৰুটিযুক্ত কৰিবলৈ ইচ্ছা কৰিলো; কাৰণ সিহঁতৰ সন্মুখত আছিল এনে এজন ৰজা, যিয়ে বলপ্ৰয়োগ কৰি প্ৰতিটো ভাল নাও কাঢ়ি নিয়ে।

    [80] ‘আৰু সেই শিশুটি--- তাৰ পিতৃ-মাতৃ আছিল মুমিন। ফলত আমি আশংকা কৰিলো যে, সি সীমালংঘন কৰি আৰু কুফৰীৰ দ্বাৰা তেওঁলোকক অতিষ্ঠ কৰি তুলিব।

    [81] ‘সেয়ে আমি বিচাৰিলো যে, তেওঁলোকৰ প্ৰতিপালকে যেন তেওঁলোকক ইয়াৰ পৰিবৰ্তে এজন সুসন্তান দান কৰে, যিজন হ’ব পৱিত্ৰতাত উত্তম আৰু মৰম-চেনেহত অতি ঘনিষ্ঠ।

    [82] ‘আৰু সেই প্ৰাচীৰটো—সেইটো আছিল নগৰবাসী দুজন এতীম শিশুৰ আৰু ইয়াৰ তলত আছে সিহঁতৰ গুপ্তধন আৰু সিহঁতৰ পিতৃ আছিল সৎকৰ্মপৰায়ণ। সেয়ে আপোনাৰ প্ৰতিপালকে ইচ্ছা কৰিলে যে, সিহঁত দুজন প্ৰাপ্তবয়স্কত উপনীত হওঁক আৰু সিহঁতৰ সেই গুপ্তধন উদ্ধাৰ কৰক। আৰু (এইবোৰ) মই নিজৰ ফালৰ পৰা একো কৰা নাই; আপুনি যি বিষয়ে ধৈৰ্য ধাৰণ কৰিবলৈ অপাৰগ হৈছিল, এইটোৱেই তাৰ ব্যাখ্যা’।

    [83] আৰু সিহঁতে তোমাক জুল-কাৰনাইন সম্পৰ্কে সোধে। কোৱা, ‘অচিৰেই মই তোমালোকৰ ওচৰত তেওঁৰ বিষয়ে বৰ্ণনা কৰিম’।

    [84] নিশ্চয় আমি তেওঁক পৃথিৱীত কৰ্তৃত্ব প্ৰদান কৰিছিলো আৰু প্ৰত্যেক বিষয়ৰ উপায়-উপকৰণ দান কৰিছিলো।

    [85] তাৰ পিছত তেওঁ এটা পথ অৱলম্বন কৰিলে।

    [86] গৈ গৈ অৱশেষত তেওঁ যেতিয়া সূৰ্য অস্ত যোৱাৰ স্থানত উপস্থিত হ’ল, তেতিয়া তেওঁ সূৰ্যক এটি পংকিল জলাশয়ত অস্ত যোৱা দেখিলে আৰু তেওঁ তাত এটা সম্প্ৰদায়ক লগ পালে। আমি কলো, ‘হে জুল-কাৰনাইন! তুমি ইহঁতক শাস্তি দিব পাৰা নাইবা ইহঁতৰ বিষয়টো সদয়ভাৱে গ্ৰহণ কৰিব পাৰা’।

    [87] তেওঁ ক’লে, ‘যিয়ে অন্যায় কৰিব অচিৰেই আমি তাক শাস্তি প্ৰদান কৰিম; তাৰ পিছত তাক তাৰ প্ৰতিপালকৰ ওচৰত উভতাই নিয়া হ’ব, তেতিয়া তেওঁ তাক কঠিন শাস্তি প্ৰদান কৰিব।

    [88] ‘কিন্তু যিয়ে ঈমান আনিব আৰু সৎকৰ্ম কৰিব তাৰ বাবে প্ৰতিদানস্বৰূপ আছে কল্যাণ আৰু আমি আমাৰ ব্যৱহাৰত তাৰ লগত কোমল কথা কম’।

    [89] তাৰ পিছত তেওঁ আন এটা (অভিযানত) পথ ধৰিলে।

    [90] গৈ গৈ অৱশেষত তেওঁ যেতিয়া সূৰ্যোদয়ৰ ঠাই পালে, তেতিয়া তেওঁ দেখা পালে যে, সূৰ্য এনেকুৱা এটা সম্প্ৰদায়ৰ ওপৰত উদয় হয়, যিসকলৰ বাবে সূৰ্যৰ তাপৰ পৰা কোনো অন্তৰাল আমি সৃষ্টি কৰা নাই

    [91] প্ৰকৃত ঘটনা এইটোৱেই, আৰু তেওঁৰ ওচৰত যি আছিল, সেই সম্পৰ্কে আমি সম্যক অৱগত।

    [92] তাৰ পিছত তেওঁ আন এটা (অভিযানৰ) পথত ওলাই পৰিলে।

    [93] অৱশেষত তেওঁ যেতিয়া দুই পৰ্বতৰ মধ্যৱৰ্তী স্থলত উপনীত হ’ল, তেতিয়া তাত তেওঁ এনেকুৱা এটা সম্প্ৰদায়ক লগ পালে, যিসকলে তেওঁৰ কথা ভালকৈ বুজিব পৰা নাছিল।

    [94] সিহঁতে ক’লে, ‘হে জুল-কাৰনাইন! ইয়া’জুজ আৰু মা’জুজে পৃথিৱীত অশান্তি সৃষ্টি কৰি আছে। সেয়ে আমি আপোনাৰ বাবে খৰচ বহন কৰিমনে, যাতে আপুনি আমাৰ আৰু সিহঁতৰ মাজত এটা প্ৰাচীৰ নিৰ্মাণ কৰি দিয়ে’

    [95] তেওঁ ক’লে, ‘মোৰ প্ৰতিপালকে মোক যি সামৰ্থ দিছে সেইটোৱে উৎকৃষ্ট। গতিকে তোমালোকে মোক দৈহিক শ্ৰমৰ দ্বাৰা সহায় কৰা, মই তোমালোকৰ আৰু সিহঁতৰ মাজত এখন মজবুত প্ৰাচীৰ নিৰ্মাণ কৰি দিম’।

    [96] ‘তোমালোকে মোৰ ওচৰত লোৰ পাতসমূহ আনি দিয়া’, অৱশেষত মধ্যৱৰ্তী খালী ঠাই পূৰ্ণ হৈ যেতিয়া লোহস্তূপ দুয়ো পৰ্বতৰ সমান হ’ল তেতিয়া তেওঁ ক’লে, ‘এতিয়া ফুঁ দি থকা’। তাৰ পিছত যেতিয়া সেইটো জুইত পৰিণত হ’ল, তেতিয়া তেওঁ ক’লে, ‘তোমালোকে মোৰ ওচৰত গলিত তাম লৈ আহা, মই ইয়াৰ ওপৰত ঢালি দিওঁ’।

    [97] তাৰ পিছত সিহঁতে (ইয়া’জুজ আৰু মা’জুজে) সেইটো অতিক্ৰম কৰিব নোৱাৰিলে আৰু সুৰঙ্গ কাটিও পাৰ হ’ব নোৱাৰিলে।

    [98] তেওঁ ক’লে, ‘এইটো মোৰ প্ৰতিপালকৰ অনুগ্ৰহ। কিন্তু যেতিয়া মোৰ প্ৰতিপালকৰ প্ৰতিশ্ৰুত সময় আহিব তেতিয়া তেওঁ ইয়াক চূৰ্ণ-বিচূৰ্ণ কৰি দিব, আৰু মোৰ প্ৰতিপালকৰ প্ৰতিশ্ৰুতি সত্য’।

    [99] আৰু সেইদিনা আমি সিহঁতক এৰি দিম এনেকুৱা অৱস্থাত যে, এটা দলে আনটো দলৰ ওপৰত তৰঙ্গৰ দৰে খুন্দিয়াই পৰিব; আৰু শিঙাত ফুঁ দিয়া হ’ব। তাৰ পিছত আমি সিহঁত সকলোকে একত্ৰিত কৰিম।

    [100] আৰু যিদিনা আমি জাহান্নামক প্ৰত্যক্ষভাৱে উপস্থাপন কৰিম কাফিৰসকলৰ ওচৰত

    [101] আমাৰ নিদৰ্শনৰ প্ৰতি যিসকলৰ চকু আৱৰণেৰে ঢাকি থোৱা আছিল আৰু যিসকল শুনিবলৈও আছিল অক্ষম।

    [102] যিসকলে কুফৰী কৰিছে, সিহঁতে ধাৰণা কৰে নেকি যে, সিহঁতে মোৰ পৰিবৰ্তে মোৰ বান্দাসকলক অভিভাৱকৰূপে গ্ৰহণ কৰিব? নিশ্চয় আমি কাফিৰসকলৰ আপ্যায়নৰ বাবে প্ৰস্তুত কৰি ৰাখিছো জাহান্নাম।

    [103] কোৱা, ‘আমি তোমালোকক এনে লোকৰ বিষয়ে সংবাদ দিমনে, যিসকল আমলৰ ফালৰ পৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত’

    [104] সিহঁতেই সেইসকল লোক, পাৰ্থিৱ জীৱনত যিসকলৰ প্ৰচেষ্টা ব্যৰ্থ হৈছে, অথচ সিহঁতে ধাৰণা কৰে যে, সিহঁতে ভাল কামেই কৰি আছে।

    [105] সিহঁতেই সেইসকল লোক, যিসকলে নিজ প্ৰতিপালকৰ নিদৰ্শনাৱলী আৰু তেওঁৰ লগত সিহঁতৰ সাক্ষাতৰ বিষয়টো অস্বীকাৰ কৰিছে। ফলত সিহঁতৰ সকলো আমল নিষ্ফল হৈ গৈছে; সেয়ে আমি সিহঁতৰ বাবে কিয়ামতৰ দিনা কোনো ওজনৰ ব্যৱস্থা নকৰিম।

    [106] ‘জাহান্নাম, এইটোৱে সিহঁতৰ প্ৰতিফল। যিহেতু সিহঁতে কুফৰী কৰিছে আৰু মোৰ নিদৰ্শনাৱলীক লগতে ৰাছুলসকলক বিদ্ৰূপৰ বিষয় হিচাপে গ্ৰহণ কৰিছে’।

    [107] নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক আতিথ্য-অভ্যৰ্থনা কৰিবলৈ আছে জান্নাতুল ফিৰদাউছ।

    [108] তাত তেওঁলোক চিৰকাল থাকিব, তাৰ পৰা তেওঁলোক (কেতিয়াও) স্থানান্তৰিত হ’ব নিবিচাৰিব।

    [109] কোৱা, ‘মোৰ প্ৰতিপালকৰ কথা লিপিবদ্ধ কৰাৰ বাবে সাগৰ যদি চিয়াহী হয়, তেন্তে মোৰ প্ৰতিপালকৰ কথা শেষ হোৱাৰ আগতেই সাগৰ নিঃশেষ হৈ যাব—যদিও ইয়াৰ সাহায্যাৰ্থে অনুৰূপ আৰু সাগৰ লৈ আহোঁ’।

    [110] কোৱা, ‘মই তোমালোকৰ দৰেই এজন মানুহ, মোৰ প্ৰতি অহী হয় যে, তোমালোকৰ ইলাহ একমাত্ৰ সত্য ইলাহ। সেয়ে যিয়ে তাৰ প্ৰতিপালকৰ সাক্ষাত কামনা কৰে, তাৰ উচিত সৎকৰ্ম কৰা আৰু তাৰ প্ৰতিপালকৰ ইবাদতত আন কাকো অংশী নকৰা’।

    Surah 19
    মারইয়াম

    [1] কাফ-হা-ইয়া-আঈন- ছোৱাদ

    [2] এইটো তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহৰ বিৱৰণ তেওঁৰ বান্দা যাকাৰিয়্যাৰ প্ৰতি

    [3] যেতিয়া তেওঁ নিজ প্ৰতিপালকক গোপনে আহ্বান কৰিছিল

    [4] তেওঁ কৈছিল, ‘হে মোৰ ৰব! মোৰ অস্থি দুৰ্বল হৈছে, বাৰ্ধক্যত মোৰ মূৰ শুভ্ৰোজ্জ্বল হৈছে; হে মোৰ ৰব! তোমাৰ ওচৰত দুআ কৰি মই কেতিয়াও ব্যৰ্থ হোৱা নাই।

    [5] আৰু মই মোৰ পিছত মোৰ স্বগোত্ৰীয় সকলৰ বিষয়ে আশংকাবোধ কৰিছো; আৰু মোৰ স্ত্ৰীও হৈছে বন্ধা। সেয়ে তুমি তোমাৰ ফালৰ পৰা মোক এজন উত্তৰাধিকাৰী দান কৰা

    [6] ‘যিয়ে মোৰ উত্তৰাধিকাৰিত্ব কৰিব আৰু উত্তৰাধিকাৰিত্ব কৰিব ইয়াকূবৰ বংশৰ আৰু হে মোৰ ৰব! তাক তুমি সন্তোষভাজন কৰিবা’।

    [7] (আল্লাহে ক’লে,) ‘হে যাকাৰিয়্যা! নিশ্চয় আমি তোমাক এজন পুত্ৰ সন্তানৰ সুসংবাদ দিছোঁ, যাৰ নাম হ’ব ইয়াহয়া; এই নামেৰে আমি আগতে কাকো নামকৰণ কৰা নাছিলো’।

    [8] তেওঁ ক’লে, ‘হে মোৰ ৰব! কেনেকৈ মোৰ পুত্ৰ সন্তান হ’ব, অথচ মোৰ স্ত্ৰী বন্ধা আৰু মই বাৰ্ধক্যৰ শেষ সীমাত উপনীত হৈছো’

    [9] (উত্তৰত) ক’লে, ‘এইদৰেই হ’ব’। তোমাৰ প্ৰতিপালকে কৈছে, ‘এইটো মোৰ বাবে সহজ; ইয়াৰ পূৰ্বে মই তোমাকো সৃষ্টি কৰিছো যেতিয়া তুমি একোৱেই নাছিলা’।

    [10] যাকাৰিয়্যাই ক’লে, ‘হে মোৰ ৰব! মোক এটা নিদৰ্শন দিয়া’। তেওঁ ক’লে, ‘তোমাৰ নিদৰ্শন এইটোৱে যে, তুমি সুস্থ থকা সত্বেও তিনি দিন কাৰো লগত কথা নকবা’।

    [11] তাৰ পিছত তেওঁ (ইবাদতৰ বাবে নিৰ্দিষ্ট) কক্ষৰ পৰা ওলাই তেওঁৰ সম্প্ৰদায়ৰ ওচৰত আহিল আৰু ইঙ্গিতেৰে সিহঁতক পুৱা-গধূলি আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰিবলৈ ক’লে।

    [12] ‘হে ইয়াহয়া! তুমি কিতাবটো দৃঢ়তাৰ সৈতে গ্ৰহণ কৰা’। আৰু আমি তেওঁক শৈশৱতেই প্ৰজ্ঞা দান কৰিছিলো

    [13] আৰু আমাৰ ফালৰ পৰা তেওঁক হৃদয়ৰ কোমলতা আৰু পৱিত্ৰতা দান কৰিছো; আৰু তেওঁ আছিল মুত্তাক্বী।

    [14] আৰু তেওঁ আছিল পিতৃ-মাতৃৰ প্ৰতি অনুগত আৰু তেওঁ অহংকাৰী, অবাধ্য নাছিল।

    [15] আৰু তেওঁৰ প্ৰতি শান্তি যিদিনা তেওঁ জন্ম লাভ কৰিছে, যিদিনা তেওঁ মৃত্যুবৰণ কৰিব আৰু যিদিনা তেওঁ জীৱিত অৱস্থাত উত্থিত হ’ব।

    [16] আৰু স্মৰণ কৰা এই কিতাবত মাৰইয়ামক, যেতিয়া তেওঁ নিজ পৰিয়ালবৰ্গৰ পৰা পৃথক হৈ পূৱ দিশৰ এটা নিৰ্জন স্থানত আশ্ৰয় নিলে

    [17] তাৰ পিছত তেওঁ সিহঁতৰ পৰা নিজকে পৰ্দা কৰিলে। তেতিয়া আমি তেওঁৰ ওচৰত আমাৰ ৰূহ (জীব্ৰীল)ক প্ৰেৰণ কৰিলো, তেওঁ তেওঁৰ ওচৰত পূৰ্ণ মানৱাকৃতিত আত্মপ্ৰকাশ কৰিলে।

    [18] মাৰইয়ামে ক’লে, ‘মই তোমাৰ পৰা ৰহমানৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছো, (আল্লাহক ভয় কৰা) যদি তুমি মুত্তাক্বী হোৱা’।

    [19] তেওঁ ক’লে, ‘মইতো তোমাৰ প্ৰতিপালকৰ দূত, তোমাক এজন পৱিত্ৰ পুত্ৰ দান কৰাৰ বাবে আহিছো’।

    [20] মাৰইয়ামে ক’লে, ‘মোৰ পুত্ৰ কেনেকৈ হ’ব যিহেতু মোক কোনো পুৰুষে স্পৰ্শ কৰা নাই আৰু মই ব্যভিচাৰিণীও নহয়’

    [21] তেওঁ ক’লে, ‘এইদৰেই হ’ব’। তোমাৰ প্ৰতিপালকে কৈছে, ‘এইটো মোৰ বাবে সহজ; আৰু আমি তেওঁক এই বাবে সৃষ্টি কৰিম যাতে তেওঁ মানুহৰ বাবে এটা নিদৰ্শন হয় আৰু আমাৰ ফালৰ পৰা এটা অনুগ্ৰহ; এইটো এটা সিদ্ধান্তকৃত বিষয়’।

    [22] তাৰ পিছত মাৰইয়ামে তেওঁক গৰ্ভ ধাৰণ কৰিলে আৰু সেই গৰ্ভসহ দূৰৱৰ্তী এডোখৰ ঠাইলৈ গুচি গ’ল

    [23] তাৰ পিছত প্ৰসৱ-বেদনাই তেওঁক এজোপা খেজুৰ গছৰ তলত আশ্ৰয় নিবলৈ বাধ্য কৰিলে। তেওঁ ক’লে, ‘হায়, ইয়াৰ আগতেই যদি মই মৃত্যুবৰণ কৰিলোহেঁতেন আৰু মানুহৰ স্মৃতিৰ পৰা সম্পূৰ্ণৰূপে হেৰাই গ’লোহেঁতেন!’

    [24] তেতিয়া তলৰ পৰা তেওঁ মাৰইয়ামক মাতি ক’লে, ‘তুমি চিন্তা নকৰিবা, তোমাৰ পাদদেশত তোমাৰ প্ৰতিপালকে এটা নিজৰা সৃষ্টি কৰিছে

    [25] আৰু তুমি খেজুৰ গছৰ কাণ্ড ধৰি জোকাৰি দিয়া, ই তোমাৰ ওপৰত তাজা পকা খেজুৰ পেলাব।

    [26] এতেকে খোৱা, পান কৰা আৰু চকু জুৰ পেলোৱা। যদি কোনো মানুহৰ লগত তোমাৰ দেখা হয় তেন্তে ক’বা, ‘মই ৰহমানৰ উদ্দেশ্যে মৌনতা অৱলম্বনৰ মানত কৰিছো। সেয়ে মই আজি কাৰো লগত কথা নকওঁ’।

    [27] তাৰ পিছত তেওঁ কেঁচুৱাটিক লৈ নিজ সম্প্ৰদায়ৰ ওচৰত উপস্থিত হ’ল, সিহঁতে ক’লে, ‘হে মাৰইয়াম! অৱশ্যে তুমি এটা অদ্ভূত বিষয় লৈ আহিছা’।

    [28] ‘হে হাৰূনৰ ভগ্নী! তোমাৰ পিতৃ কিন্তু অসৎ ব্যক্তি নাছিল আৰু তোমাৰ মাতৃও ব্যভিচাৰিণী নাছিল’।

    [29] তেতিয়া মাৰইয়ামে কেঁচুৱাটিৰ প্ৰতি ইংগিত কৰিলে। সিহঁতে ক’লে, ‘দোলনাত থকা এটি কেঁচুৱাৰ লগত আমি কেনেকৈ কথা পাতিম’

    [30] কেঁচুৱাটোৱে মাত লগালে, ‘নিশ্চয় মই এজন আল্লাহৰ বান্দা। তেৱেঁই মোক কিতাব প্ৰদান কৰিছে আৰু মোক নবী বনাইছে

    [31] ‘মই য’তেই নাথাকো কিয় তেওঁ মোক বৰকতময় কৰিছে, আৰু যিমান দিন জীৱিত থাকিম তেৱেঁই মোক ছালাত আৰু যাকাত আদায় কৰিবলৈ নিৰ্দেশ দিছে

    [32] ‘আৰু মোক মোৰ মাতৃৰ প্ৰতি অনুগত কৰিছে আৰু তেওঁ মোক অহংকাৰী, অবাধ্য কৰা নাই

    [33] ‘আৰু মোৰ প্ৰতি শান্তি যিদিনা মই জন্ম লাভ কৰিছো, যিদিনা মোৰ মৃত্যু হ’ব আৰু যিদিনা মই জীৱিত অৱস্থাত উত্থিত হম’।

    [34] এওঁৱেই হৈছে মাৰইয়ামৰ পুত্ৰ ঈছা। (যিটো বৰ্ণনা কৰা হ’ল) এইটোৱে সত্য কথা, যি বিষয়ে সিহঁতে সন্দেহ পোষণ কৰিছে।

    [35] সন্তান গ্ৰহণ কৰা আল্লাহৰ কাম নহয়। তেওঁ পৱিত্ৰ মহিমাময়। তেওঁ যেতিয়া কিবা কৰিবলৈ স্থিৰ কৰে, তেতিয়া কেৱল এই বুলি কয় ‘হ’ সেইটো তৎক্ষণাত হৈ যায়।

    [36] নিশ্চয় আল্লাহেই মোৰ ৰব আৰু তোমালোকৰো ৰব; সেয়ে তোমালোকে তেওঁৰ ইবাদত কৰা, এইটোৱেই সৰল পথ।

    [37] তথাপিও দলসমূহে নিজৰ মাজতে মতানৈক্য সৃষ্টি কৰিলে, সেয়ে মহাদিৱস প্ৰত্যক্ষকালত কাফিৰসকলৰ বাবে ধ্বংস অনিবাৰ্য।

    [38] সিহঁতে যিদিনা আমাৰ ওচৰত উপস্থিত হ’ব সিদিনা সিহঁত কিমান যে স্পষ্টকৈ শুনা পাব আৰু দেখা পাব! কিন্তু যালিমসকল আজি স্পষ্ট বিভ্ৰান্তিত আছে।

    [39] আৰু সিহঁতক পৰিতাপৰ দিন সম্পৰ্কে সতৰ্ক কৰি দিয়া, যেতিয়া সকলো সিদ্ধান্ত হৈ যাব। অথচ সিহঁত উদাসীনতাত বিভোৰ হৈ আছে আৰু সিহঁত ঈমান পোষণ নকৰে।

    [40] নিশ্চয় পৃথিৱী আৰু ইয়াৰ ওপৰত যি আছে সেই সকলোবোৰৰ চূড়ান্ত মালিকানা কেৱল আমাৰেই থাকিব আৰু আমাৰ ওচৰতেই সিহঁত প্ৰত্যাৱৰ্তিত হ’ব।

    [41] আৰু স্মৰণ কৰা এই কিতাবত ইব্ৰাহীমক, নিশ্চয় তেওঁ আছিল পৰম সত্যবাদী, নবী।

    [42] যেতিয়া তেওঁ তেওঁৰ পিতৃক ক’লে, ‘হে মোৰ পিতৃ! আপুনি কিয় এনে বস্তুৰ ইবাদত কৰে যিয়ে একো শুনা নাপায়, দেখা নাপায় আৰু আপোনাৰ কোনো কামতো নাহে’

    [43] ‘হে মোৰ পিতৃ! মোৰ ওচৰত এনেকুৱা জ্ঞান আহিছে যিটো আপোনাৰ ওচৰত আহা নাই; সেয়ে মোৰ অনুসৰণ কৰক, মই আপোনাক সঠিক পথ দেখুৱাম।

    [44] ‘হে মোৰ পিতৃ! চয়তানৰ ইবাদত নকৰিব। নিশ্চয় চয়তান ৰহমানৰ অবাধ্য।

    [45] ‘হে মোৰ পিতৃ! মোৰ আশংকা হৈছে ৰহমানৰ শাস্তিয়ে আপোনাক স্পৰ্শ কৰিব, ফলত আপুনি চয়তানৰ বন্ধু হৈ পৰিব’।

    [46] পিতাকে ক’লে, ‘হে ইব্ৰাহীম! তুমি মোৰ উপাস্যবোৰৰ পৰা বিমুখ হৈছা নেকি? যদি তুমি (এনে আচৰণৰ পৰা) বিৰত নোহোৱা তেন্তে অৱশ্যে মই তোমাক শীল দলিয়াই তোমাৰ প্ৰাণ নাশ কৰিম; আৰু তুমি দীৰ্ঘ সময়ৰ বাবে মোক এৰি গুচি যোৱা’।

    [47] ইব্ৰাহীমে ক’লে, ‘আপোনাৰ প্ৰতি ছালাম। মই মোৰ প্ৰতিপালকৰ ওচৰত আপোনাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম; নিশ্চয় তেওঁ মোৰ প্ৰতি বৰ অনুগ্ৰহশীল।

    [48] ‘লগতে মই আপোনালোকৰ পৰা আৰু আপোনালোকে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰে সেইবোৰৰ পৰা পৃথক হলো; আৰু মই কেৱল মোৰ প্ৰতিপালকক আহ্বান কৰো; আশা কৰো মই মোৰ প্ৰতিপালকক আহ্বান কৰি ব্যৰ্থ নহওঁ’।

    [49] তাৰ পিছত তেওঁ যেতিয়া সিহঁতৰ পৰা আৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰে সেইবোৰৰ পৰা পৃথক হৈ গ’ল, তেতিয়া আমি তেওঁক দান কৰিলো ইছহাক্ব আৰু ইয়াকূব আৰু প্ৰত্যেককে নবী বনাইছো।

    [50] আৰু আমি তেওঁলোকক আমাৰ অনুগ্ৰহ দান কৰিলো, আৰু তেওঁলোকৰ নাম-যশস্যা উচ্চ কৰিলো।

    [51] আৰু স্মৰণ কৰা এই কিতাবত মুছাক, তেওঁ আছিল বিশেষ মনোনীত আৰু তেওঁ আছিল ৰাছুল, নবী।

    [52] আৰু তেওঁক আমি মাতিছিলো তূৰ পৰ্বতৰ সোঁ ফালে লগতে অন্তৰঙ্গ আলাপৰ উদ্দেশ্যে আমি তেওঁক নিকটৱৰ্তী কৰিছিলো।

    [53] আৰু আমি নিজ অনুগ্ৰহত তেওঁৰ বাবে তেওঁৰ ভাতৃ হাৰূনক নবীৰূপে দান কৰিলো।

    [54] আৰু স্মৰণ কৰা এই কিতাবত ইছমাঈলক, নিশ্চয় তেওঁ আছিল প্ৰতিশ্ৰুতি পালনত সত্যাশ্ৰয়ী আৰু তেওঁ আছিল ৰাছুল, নবী

    [55] তেওঁ নিজ পৰিয়ালবৰ্গক ছালাত আৰু যাকাতৰ নিৰ্দেশ দিছিল আৰু তেওঁ আছিল নিজ প্ৰতিপালকৰ সন্তোষভাজন।

    [56] আৰু স্মৰণ কৰা এই কিতাবত ইদৰীছক, নিশ্চয় তেওঁ আছিল সত্যনিষ্ঠ নবী

    [57] আৰু আমি তেওঁক উচ্চ মৰ্যাদাত উন্নীত কৰিছিলো।

    [58] এওঁলোকেই হৈছে সেইসকল নবী, আদম সন্তানৰ মাজৰ পৰা আল্লাহে যিসকলক অনুগ্ৰহ কৰিছে আৰু (এওঁলোক সেইসকল লোকৰ বংশধৰ) যিসকলক আমি নূহৰ লগত নাৱঁত আৰোহণ কৰিছিলো। এওঁলোক ইব্ৰাহীম আৰু ইছৰাঈলৰ বংশোদ্ভূত, লগতে (তেওঁলোকৰো বংশধৰ) যিসকলক আমি হিদায়ত প্ৰদান কৰিছিলো আৰু মনোনীত কৰিছিলো; তেওঁলোকৰ ওচৰত ৰহমানৰ আয়াত তিলাৱত কৰা হ’লে তেওঁলোকে কান্দি কান্দি ছাজদাত পৰিছিল।

    [59] তেওঁলোকৰ পিছত আহিল অযোগ্য বংশধৰ, যিসকলে ছালাত বিনষ্ট কৰিলে আৰু কুপ্ৰবৃত্তিৰ অনুসৰণ কৰিলে। সেয়ে অচিৰেই সিহঁতে ক্ষতিগ্ৰস্ততাৰ সন্মুখীন হ’ব।

    [60] কিন্তু সেইসকল লোকৰ বাহিৰে, যিসকলে তাওবা কৰিছে, ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। তেওঁলোকেই জান্নাতত প্ৰৱেশ কৰিব। তেওঁলোকৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।

    [61] এইটো চিৰস্থায়ী জান্নাত, যাৰ গায়েবী প্ৰতিশ্ৰুতি পৰম কৰুণাময়ে তেওঁৰ বান্দাসকলক প্ৰদান কৰিছিল। নিশ্চয় তেওঁৰ প্ৰতিশ্ৰুতি বিষয় অৱশ্যম্ভাৱী।

    [62] তাত তেওঁলোক ছালাম তথা শান্তিৰ বাহিৰে আন কোনো অসাৰ বাক্য শুনিবলৈ নাপাব আৰু তাত পুৱা-গধূলি তেওঁলোকৰ বাবে থাকিব তেওঁলোকৰ ৰিজিক্ব (আহাৰ)।

    [63] এইটোৱে সেই জান্নাত, যাৰ অধিকাৰী কৰিম আমাৰ বান্দাসকলৰ মাজত তেওঁলোকক, যিসকল মুত্তাক্বী।

    [64] আৰু আমি আপোনাৰ প্ৰতিপালকৰ আদেশ অবিহনে অৱতৰণ নকৰো; আমাৰ সন্মুখত যি আছে আৰু পিছফালে যি আছে লগতে এই দুয়োৰ মাজত যি আছে সেই সকলো তেওঁৰেই; আৰু আপোনাৰ ৰব বিস্মৃত নহয়।

    [65] তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে সেই সকলোৰে ৰব। সেয়ে কেৱল তেওঁৰেই ইবাদত কৰক আৰু তেওঁৰ ইবাদতত ধৈৰ্য ধাৰণ কৰক। আপুনি তেওঁৰ সমনাম গুণ সম্পন্ন কাৰোবাক জানেনে

    [66] আৰু মানুহে কয়, ‘মই মৃত্যুবৰণ কৰিলে মোক আকৌ জীৱিত অৱস্থাত উঠোৱা হ’ব নেকি’

    [67] মানুহে স্মৰণ নকৰে নেকি যে, আমি তাক ইয়াৰ পূৰ্বে সৃষ্টি কৰিছো অথচ সি একোৱেই নাছিল

    [68] এতেকে তোমাৰ প্ৰতিপালকৰ শপত! অৱশ্যে আমি সিহঁতক আৰু চয়তানসকলক একেলগে সমবেত কৰিম, তাৰ পিছত আমি সিহঁতক নতজানু অৱস্থাত জাহান্নামৰ চাৰিওফালে উপস্থিত কৰিম।

    [69] তাৰ পিছত প্ৰত্যেক দলৰ মাজৰ পৰা যিজন ৰহমানৰ সৰ্বাধিক অবাধ্য আমি তাক টানি উলিয়াই আনিম।

    [70] আৰু আমিহে ভালকৈ জানো সিহঁতক, যিসকল জাহান্নামত দগ্ধ হোৱাৰ বেছি উপযুক্ত।

    [71] আৰু তোমালোকৰ প্ৰত্যেকেই তাৰ (জাহান্নামৰ) ওপৰেদি অতিক্ৰম কৰিব; এইটো তোমাৰ প্ৰতিপালকৰ চূড়ান্ত সিদ্ধান্ত।

    [72] তাৰ পিছত আমি উদ্ধাৰ কৰিম তেওঁলোকক, যিসকলে তাক্বৱা অৱলম্বন কৰিছে আৰু যালিমসকলক তাত নতজানু অৱস্থাত ৰাখি দিম।

    [73] আৰু সিহঁতৰ ওচৰত আমাৰ স্পষ্ট আয়াতসমূহ তিলাৱত কৰা হ’লে কাফিৰসকলে মুমিনসকলক কয়, ‘(আমাৰ) দুই দলৰ মাজত মৰ্যাদাত কোন শ্ৰেষ্ঠ আৰু কাৰ সভা বেছি জাকজমকতাপূৰ্ণ’

    [74] আৰু সিহঁতৰ পূৰ্বে আমি বহু মানৱগোষ্ঠীক বিনাশ কৰিছো—যিসকল সিহঁততকৈ সম্পদ আৰু বাহ্যদৃষ্টিত শ্ৰেষ্ঠ আছিল।

    [75] কোৱা, ‘যিসকলে বিভ্ৰান্তিত আছে, পৰম কৰুণাময়ে সিহঁতক প্ৰচুৰ অৱকাশ দিব, অৱশেষত যেতিয়া সিহঁতে সেয়া প্ৰত্যক্ষভাৱে দেখিবলৈ পাব যি বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছিল, সেয়া শাস্তিয়েই হওঁক বা কিয়ামতেই হওঁক, তেতিয়াহে সিহঁতে জানিবলৈ পাব মৰ্যাদাৰ ক্ষেত্ৰত কোন নিকৃষ্ট আৰু দলবলৰ ক্ষেত্ৰত কোন দুৰ্বল’।

    [76] আৰু যিসকলে সৎপথত চলে আল্লাহে তেওঁলোকৰ হিদায়ত বৃদ্ধি কৰি দিয়ে; আৰু স্থায়ী সৎকৰ্মসমূহ তোমাৰ প্ৰতিপালকৰ পুৰষ্কাৰ প্ৰাপ্তিৰ বাবে শ্ৰেষ্ঠ আৰু পৰিণতিৰ ফালেৰেও অতি উত্তম।

    [77] তুমি সেইজন ব্যক্তিক দেখিছানে, যিয়ে আমাৰ আয়াতসমূহ অস্বীকাৰ কৰে আৰু কয়, ‘অৱশ্যে মোক ধন-সম্পদ আৰু সন্তান-সন্ততি দিয়া হ’ব’।

    [78] সি গায়েব সম্পৰ্কে অৱহিত হৈছে নেকি, নে ৰহমানৰ পৰা কোনো প্ৰতিশ্ৰুতি লাভ কৰিছে

    [79] কেতিয়াও নহয়, সি যি কয় আমি সেয়া লিখি ৰাখিম আৰু তাৰ শাস্তি বৃদ্ধিহে কৰি থাকিম।

    [80] আৰু সি যি (ধন-সম্পদ, জনবলৰ কথা) কয়, (তাৰ মৃত্যুৰ পিছত) সেয়া থাকিব আমাৰ অধিকাৰত আৰু সি অকলশৰীয়া হৈ আমাৰ ওচৰত উপস্থিত হবহি।

    [81] আৰু সিহঁতে আল্লাহৰ বাহিৰে বহুতো ইলাহ গ্ৰহণ কৰিছে, যাতে সেইবোৰ সিহঁতৰ সহায়ক হয়

    [82] কেতিয়াও নহয়, অনতিপলমে সিহঁতে (উপাস্যবোৰে) সিহঁতৰ ইবাদত অস্বীকাৰ কৰিব আৰু সিহঁতৰ বিৰোধী হৈ যাব।

    [83] তুমি লক্ষ্য কৰা নাইনে, আমি কাফিৰসকলৰ বাবে চয়তানবোৰক এৰি থৈছো, সিহঁতক বেয়া কামত বিশেষভাৱে প্ৰলুব্ধ কৰাৰ বাবে

    [84] এতেকে সিহঁতৰ বিষয়ে তুমি খৰখেদা নকৰিবা। অৱশ্যে আমি সিহঁতৰ নিৰ্ধাৰিত কাল গণনা কৰি আছো

    [85] যিদিনা ৰহমানৰ ওচৰত মুত্তাক্বীসকলক সন্মানিত অতিথিৰূপে আমি সমবেত কৰিম

    [86] আৰু অপৰাধীবিলাকক তৃষ্ণাতুৰ অৱস্থাত জাহান্নামৰ ফালে খেদি নিয়া হ’ব।

    [87] যিসকলে ৰহমানৰ পৰা প্ৰতিশ্ৰুতি লৈছে, তেওঁলোকৰ বাহিৰে কোনেও ছুপাৰিছ কৰিব নোৱাৰিব।

    [88] আৰু সিহঁতে কয়, ‘ৰহমানে সন্তান গ্ৰহণ কৰিছে’।

    [89] অৱশ্যে তোমালোকে এটা বীভৎস বিষয়ৰ অৱতাৰণা কৰিছা

    [90] যাৰ ফলত আকাশসমূহ বিদীৰ্ণ হৈ যোৱাৰ উপক্ৰম হয়, আৰু পৃথিৱী খণ্ড-বিখণ্ড হ’ব আৰু পাহাৰ-পৰ্বত চূৰ্ণ-বিচূৰ্ণ হৈ যাব

    [91] এই কাৰণে যে, সিহঁতে ৰহমানৰ প্ৰতি সন্তান আৰোপ কৰিছে।

    [92] অথচ সন্তান গ্ৰহণ কৰা ৰহমানৰ বাবে শোভনীয় নহয়।

    [93] আকাশসমূহ আৰু পৃথিৱীত এনেকুৱা কোনো নাই যিয়ে ৰহমানৰ ওচৰত বান্দাৰূপে উপস্থিত নহ’ব।

    [94] তেওঁ সিহঁতৰ সংখ্যা জানে আৰু তেওঁ সিহঁতক বিশেষভাৱে গণনা কৰি থৈছে

    [95] আৰু কিয়ামতৰ দিনা সিহঁত সকলোৱে তেওঁৰ ওচৰত অকলশৰীয়া হৈ আহিব।

    [96] নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে ৰহমানে অৱশ্যে তেওঁলোকৰ বাবে (বান্দাসকলৰ হৃদয়ত) ভালপোৱা সৃষ্টি কৰিব।

    [97] আৰু আমি তোমাৰ ভাষাত কোৰআনক সহজ কৰি দিছো যাতে তুমি ইয়াৰ দ্বাৰা মুত্তাক্বীসকলক সুসংবাদ দিব পাৰা আৰু বিতণ্ডাপ্ৰিয় সম্প্ৰদায়ক ইয়াৰ দ্বাৰা সতৰ্ক কৰিব পাৰা।

    [98] আৰু সিহঁতৰ পূৰ্বে আমি কিমান যে প্ৰজন্মক বিনাশ কৰিছো! তুমি সিহঁতৰ কাৰোবাৰ অস্তিত্ব অনুভৱ কৰিছানে অথবা ক্ষীণতকৈয়ো ক্ষীণ কোনো শব্দ শুনিবলৈ পোৱা নে

    Surah 20
    তা-হা

    [1] ত্বা-হা

    [2] আমি তোমাক দুখ-কষ্টত পতিত কৰিবলৈ তোমাৰ প্ৰতি এই কোৰআন অৱতীৰ্ণ কৰা নাই

    [3] বৰং যিয়ে ভয় কৰে তাৰ বাবে উপদেশ স্বৰূপ (অৱতীৰ্ণ কৰিছো)

    [4] যিজনে পৃথিৱী আৰু সুউচ্চ আকাশসমূহ সৃষ্টি কৰিছে তেওঁৰ তৰফৰ পৰা নাযিলকৃত

    [5] পৰম কৰুণাময় (ৰহমান) আৰছৰ ওপৰত উঠিছে।

    [6] আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে লগতে ভূগৰ্ভত যি আছে সেই সকলো তেওঁৰেই।

    [7] আৰু যদি তুমি উচ্চ কণ্ঠত কথা কোৱা (যদিও ইয়াৰ কোনো প্ৰয়োজন নাই), তেন্তে (জানি থোৱা) তেওঁ গোপন আৰু অতি গোপন সকলো বিষয়ে জানে।

    [8] আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, সুন্দৰ নামসমূহ কেৱল তেওঁৰেই।

    [9] আৰু মুছাৰ বৃত্তান্ত তোমাৰ ওচৰত আহি পাইছেনে

    [10] তেওঁ যেতিয়া জুই দেখা পালে তেতিয়া তেওঁ নিজ পৰিয়ালবৰ্গক ক’লে, ‘তোমালোকে অপেক্ষা কৰা, নিশ্চয় মই জুই দেখা পাইছো। আশা কৰো মই তোমালোকৰ বাবে তাৰ পৰা অলপ জ্বলন্ত এঙাৰ আনিব পাৰিম নাইবা জুইৰ ওচৰত কোনো পথনিৰ্দেশ পাব পাৰো’।

    [11] যেতিয়া তেওঁ জুইৰ ওচৰ আহি পালে তেতিয়া তেওঁক আহ্বান কৰা হ’ল, ‘হে মুছা

    [12] ‘নিশ্চয় ময়েই তোমাৰ ৰব, এতেকে তোমাৰ জোতাযোৰ খুলি পেলোৱা, কাৰণ তুমি এতিয়া পৱিত্ৰ তোৱা উপত্যকাত আছা।

    [13] ‘আৰু মই তোমাক মনোনীত কৰিছো। সেয়ে যি অহী প্ৰেৰণ কৰা হয় সেয়া মনোযোগ সহকাৰে শুনা।

    [14] ‘নিশ্চয় ময়েই আল্লাহ, মোৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে কেৱল মোৰেই ইবাদত কৰা আৰু মোৰ স্মৰণাৰ্থে ছালাত কায়েম কৰা।

    [15] ‘নিশ্চয় কিয়ামত অৱশ্যম্ভাৱী, মই এইটো গোপন ৰাখিব বিচাৰো যাতে প্ৰত্যেককে নিজ নিজ চেষ্টা-সাধনা অনুযায়ী প্ৰতিদান দিয়া যায়।

    [16] ‘এতেকে যি ব্যক্তি কিয়ামতৰ প্ৰতি ঈমান পোষণ নকৰে আৰু নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰে, সি যেন তোমাক ইয়াৰ প্ৰতি ঈমান আনাৰ পৰা বিৰত নাৰাখে, অন্যথা তুমি ধ্বংস হৈ যাবা।

    [17] ‘আৰু হে মুছা! তোমাৰ সোঁ হাতত সেইটো কি’

    [18] তেওঁ ক’লে, ‘এইডাল মোৰ লাখুটি, ইয়াৰ ওপৰত মই ভৰ দিওঁ, আৰু ইয়াৰ দ্বাৰা মই মোৰ ছাগলীবোৰৰ বাবে গছৰ পাত সৰাওঁ লগতে এইডাল মোৰ অন্যান্য কামতো আহে’।

    [19] আল্লাহে ক’লে, ‘হে মুছা! তুমি এইডাল (মাটিত) নিক্ষেপ কৰাচোন’।

    [20] তাৰ পিছত তেওঁ সেইডাল নিক্ষেপ কৰিলে, লগে লগে সেয়া এডাল সাপ হৈ দৌৰিব ধৰিলে

    [21] আল্লাহে ক’লে, ‘তুমি এইটো ধৰা, ভয় নকৰিবা, আমি ইয়াক ইয়াৰ আগৰ অৱস্থাত উভতাই দিম।

    [22] ‘আৰু তুমি তোমাৰ হাতখন কাষলতিত ৰাখা, সেয়া আৰু এটা নিদৰ্শনস্বৰূপ কোনো ধৰণৰ ত্ৰুটিবিহীন উজ্জ্বল হৈ ওলাই আহিব।

    [23] ‘এইটো এই বাবে যে, আমি তোমাক আমাৰ কিছুমান মহান নিদৰ্শনাৱলী দেখুৱাম।

    [24] ‘ফিৰআউনৰ ওচৰত যোৱা, নিশ্চয় সি সীমালঙ্ঘন কৰিছে’।

    [25] মুছাই ক’লে, ‘হে মোৰ ৰব! মোৰ বুকু প্ৰশস্ত কৰি দিয়া।

    [26] ‘আৰু মোৰ কাম সহজ কৰি দিয়া

    [27] ‘আৰু মোৰ জিভাৰ জড়তা দূৰ কৰি দিয়া

    [28] ‘যাতে সিহঁতে মোৰ কথা বুজিব পাৰে।

    [29] ‘আৰু মোৰ পৰিয়ালৰ পৰা মোৰ বাবে এজন সাহায্যকাৰী নিৰ্ধাৰণ কৰি দিয়া

    [30] ‘মোৰ ভাই হাৰূনক

    [31] ‘তেওঁৰ দ্বাৰা মোৰ শক্তি সুদৃঢ় কৰা

    [32] ‘আৰু তেওঁক মোৰ কামত অংশীদাৰ কৰা

    [33] ‘যাতে আমি তোমাৰ বেছি বেছি তাছবীহ পাঠ কৰিব পাৰো

    [34] ‘আৰু অধিক পৰিমাণে স্মৰণ কৰিব পাৰো।

    [35] ‘নিশ্চয় তুমি আমাৰ সম্যক দ্ৰষ্টা’।

    [36] তেওঁ ক’লে, ‘হে মুছা! তুমি যি বিচাৰিছা সেয়া তোমাক প্ৰদান কৰা হ’ল।

    [37] ‘আৰু অৱশ্যে আমি তোমাৰ প্ৰতি আৰু এবাৰ অনুগ্ৰহ কৰিছিলো

    [38] ‘যেতিয়া আমি তোমাৰ মাকক যি জনাবলগীয়া আছিল সেয়া জনাইছিলো

    [39] ‘যে, তুমি ইয়াক বাকচৰ ভিতৰত ৰাখি দিয়া, তাৰ পিছত ইয়াক সাগৰত উটুৱাই দিয়া, যাতে সাগৰে ইয়াক পাৰলৈ ঠেলি দিয়ে, ফলত ইয়াক মোৰ শত্ৰুৱে আৰু তাৰ শত্ৰুৱে উঠাই লৈ যাব। মই মোৰ ফালৰ পৰা তোমাৰ প্ৰতি মুহাব্বত ঢালি দিছিলো, আৰু যাতে তুমি মোৰ চকুৰ আগত প্ৰতিপালিত হোৱা’।

    [40] ‘যেতিয়া তোমাৰ বায়েৰে খোজ কাঢ়ি গৈ আছিল, তাৰ পিছত (যেতিয়া গৈ পালে) তেওঁ ক’লে, ‘মই তোমালোকক এনে কাৰোবাৰ সন্ধান দিমনে যিয়ে এই শিশুৰ দায়িত্বভাৰ লব পাৰিব’? ফলত আমি তোমাক তোমাৰ মাতৃৰ ওচৰলৈ ঘূৰাই আনিলো, যাতে তেওঁৰ চকু জুৰ পৰে আৰু শোকত ভাঙি নপৰে, আৰু তুমি এজন ব্যক্তিক হত্যা কৰিছিলা; তথাপিও আমি তোমাক মনোকষ্টৰ পৰা মুক্তি দিছিলো আৰু আমি তোমাক বহু পৰীক্ষা কৰিছো। হে মুছা! তাৰ পিছত তুমি কেইবা বছৰো মাদাইনবাসীৰ মাজত অৱস্থান কৰিছিলা, ইয়াৰ পিছত তুমি নিৰ্ধাৰিত সময়ত উপস্থিত হ’লা।

    [41] ‘আৰু মই তোমাক মোৰ নিজৰ বাবে প্ৰস্তুত কৰি লৈছো।

    [42] ‘তুমি আৰু তোমাৰ ভাই মোৰ নিদৰ্শনসমূহ লৈ যাত্ৰা কৰা আৰু মোৰ স্মৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ অলসতা নকৰিবা

    [43] ‘তোমালোকে দুয়ো ফিৰআউনৰ ওচৰলৈ যোৱা, নিশ্চয় সি সীমালঙ্ঘন কৰিছে।

    [44] ‘তোমালোকে তাৰ লগত কোমল ভাৱে কথা কবা, হয়তো সি উপদেশ গ্ৰহণ কৰিব অথবা ভয় কৰিব’।

    [45] তেওঁলোকে ক’লে, ‘হে আমাৰ ৰব! আমাৰ আশংকা হৈছে সি আমাৰ লগত দুৰ্ব্যৱহাৰ কৰিব নাইবা অন্যায় আচৰণত সীমালঙ্ঘন কৰিব’।

    [46] তেওঁ ক’লে, ‘তোমালোকে ভয় নকৰিবা, নিশ্চয় মই তোমালোকৰ লগত আছো, মই শুনো আৰু দেখোঁ’।

    [47] এতেকে তোমালোকে তাৰ ওচৰত যোৱা আৰু কোৱা, ‘আমি দুয়ো তোমাৰ প্ৰতিপালকৰ ৰাছুল, সেয়ে আমাৰ লগত বনী ইছৰাঈলক যাবলৈ দিয়া আৰু সিহঁতক কষ্ট নিদিবা, আমি তোমাৰ ওচৰত তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা নিদৰ্শন লৈ আহিছো; আৰু যিসকলে সৎপথ অনুসৰণ কৰে তেওঁলোকৰ প্ৰতি শান্তি বৰ্ষিত হওঁক।

    [48] ‘নিশ্চয় আমাৰ প্ৰতি অহী প্ৰেৰণ কৰা হৈছে যে, শাস্তি কেৱল তাৰ বাবে যিয়ে মিছা আৰোপ কৰে আৰু মুখ ঘূৰাই লয়’।

    [49] ফিৰআউনে ক’লে, ‘হে মুছা! তেনেহ’লে তোমালোকৰ ৰব কোন’

    [50] মুছাই ক’লে, ‘তেৱেঁই আমাৰ ৰব, যিজনে প্ৰত্যেক বস্তুক উপযুক্ত আকৃতি দান কৰিছে, তাৰ পিছত সঠিক পথ নিৰ্দেশ কৰিছে’।

    [51] ফিৰআউনে ক’লে, ‘তেনেহ’লে অতীত যুগৰ লোকসকলৰ অৱস্থা কি’

    [52] মুছাই ক’লে, ‘ইয়াৰ জ্ঞান মোৰ প্ৰতিপালকৰ ওচৰত কিতাবত আছে, মোৰ প্ৰতিপালকে ভুল নকৰে আৰু বিস্মৃতও নহয়’।

    [53] ‘যিজনে তোমালোকৰ বাবে পৃথিৱীখনক শয্যাৰূপে পাৰি দিছে আৰু তাত তোমালোকৰ বাবে চলাৰ পথ কৰি দিছে, আৰু তেৱেঁই আকাশৰ পৰা পানী বৰ্ষণ কৰে’। ফলত তাৰ দ্বাৰা আমি বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন কৰো।

    [54] তোমালোকে খোৱা আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰকো চৰোৱা; নিশ্চয় ইয়াত বিবেকসম্পন্ন ব্যক্তিসকলৰ বাবে নিদৰ্শন আছে।

    [55] আমি তোমাক মাটিৰ পৰাই সৃষ্টি কৰিছো, তালৈকেই তোমালোকক উভতাই দিম আৰু তাৰ পৰাই তোমালোকক পুনৰ উলিয়াই আনিম।

    [56] আৰু অৱশ্যে আমি তাক আমাৰ প্ৰত্যেক নিদৰ্শন দেখুৱাইছিলো; কিন্তু সি মিছা আৰোপ কৰিছে আৰু অমান্য কৰিছে।

    [57] সি ক’লে, ‘হে মুছা! তুমি তোমাৰ যাদুৰ দ্বাৰা আমাক আমাৰ দেশৰ পৰা বহিষ্কাৰ কৰিবলৈ আহিছা নেকি’

    [58] ‘তেনেহ’লে অৱশ্যে আমিও তোমাৰ ওচৰত অনুৰূপ যাদু উপস্থিত কৰিম, সেয়ে এটা মধ্যৱৰ্তী স্থানত আমাৰ আৰু তোমাৰ মাজত এটা সময় নিৰ্ধাৰণ কৰা, সেইটো আমিও লঙ্ঘন নকৰিম আৰু তুমিও লঙ্ঘন নকৰিবা’।

    [59] মুছাই ক’লে, ‘উৎসৱৰ দিনটোৱে তোমালোকৰ বাবে নিৰ্ধাৰিত সময় আৰু যাতে পূৰ্বাহ্নতেই জনগণক সমবেত কৰা হয়’।

    [60] লগে লগে ফিৰআউনে প্ৰস্থান কৰি তাৰ যাৱতীয় কৌশল একত্ৰিত কৰিলে, তাৰ পিছত সি আহিল।

    [61] মুছাই সিহঁতক ক’লে, ‘দূৰ্ভোগ তোমালোকৰ! তোমালোকে আল্লাহৰ ওপৰত মিছা আৰোপ নকৰিবা। অন্যথা তেওঁ তোমালোকক শাস্তিৰ দ্বাৰা সমূলি ধ্বংস কৰিব, আৰু যিয়ে মিছা উদ্ভাৱন কৰিছে সিয়েই ব্যৰ্থ হৈছে’।

    [62] তেতিয়া সিহঁতে নিজৰ মাজতে সিহঁতৰ কৰ্ম সম্পৰ্কে বাক-বিতণ্ডা কৰিলে আৰু সিহঁতে গোপনে পৰামৰ্শ কৰিলে।

    [63] সিহঁতে ক’লে, ‘এই দুজন অৱশ্যে যাদুকৰ, সিহঁতে সিহঁতৰ যাদুৰ দ্বাৰা তোমালোকক তোমালোকৰ দেশৰ পৰা বহিষ্কাৰ কৰিব বিচাৰে আৰু তোমালোকৰ উৎকৃষ্ট জীৱন পদ্ধতি ধ্বংস কৰিব বিচাৰে।

    [64] ‘এতেকে তোমালোকে তোমালোকৰ কৌশল (যাদুক্ৰিয়া) গোটাই লোৱা, তাৰ পিছত শাৰীবদ্ধ হৈ উপস্থিত হোৱা; আৰু আজি যিয়ে জয় লাভ কৰিব সিয়ে সফল হ’ব’।

    [65] সিহঁতে ক’লে, ‘হে মুছা! হয় তুমি আগতে নিক্ষেপ কৰা নহলে আমিয়ে প্ৰথম নিক্ষেপকাৰী হম’।

    [66] মুছাই ক’লে, ‘বৰং তোমালোকেই (আগতে) নিক্ষেপ কৰা’। ফলত (সিহঁতে নিক্ষেপ কৰাৰ) লগে লগে সিহঁতৰ যাদুৰ প্ৰভাৱত মুছাৰ এনে লাগিল যেনিবা সিহঁতৰ জৰীবোৰ আৰু লাঠিসমূহ কেৰমেৰ কৰি আছে।

    [67] তেতিয়া মুছাই তেওঁৰ অন্তৰত অলপ ভীতি অনুভৱ কৰিলে।

    [68] আমি ক’লো, ‘তুমি ভয় নকৰিবা, নিশ্চয় তুমিয়েই জয় লাভ কৰিবা।

    [69] ‘আৰু তোমাৰ সোঁ হাতত যি আছে সেয়া নিক্ষেপ কৰা, এইটোৱে সিহঁতে যি কৰিছে সেয়া খাই পেলাব। সিহঁতে যি কৰিছে সেয়া কেৱল যাদুকৰৰ কৌশল; আৰু যাদুকৰ য’তে নাহক কিয়, কেতিয়াও সফল নহ’ব’।

    [70] ফলত যাদুকৰসকলে ছাজদাৱনত হ’ল, সিহঁতে ক’লে, ‘আমি হাৰূন আৰু মুছাৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিলো’।

    [71] ফিৰআউনে ক’লে, ‘মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে তাৰ প্ৰতি বিশ্বাস স্থাপন কৰিলা! নিশ্চয় সিয়ে তোমালোকৰ প্ৰধান, সিয়েই তোমালোকক যাদু শিকাইছে। সেয়ে অৱশ্যে মই তোমালোকৰ হাত ভৰি বিপৰীত দিশৰ পৰা কাটিম আৰু মই তোমালোকক খেজুৰ গছৰ কাণ্ডত শূলবিদ্ধ কৰিম আৰু তোমালোকে অৱশ্যে জানিব পাৰিবা আমাৰ মাজত কাৰ শাস্তি বেছি কঠোৰ আৰু অধিক স্থায়ী’।

    [72] সিহঁতে ক’লে, ‘আমাৰ ওচৰত যিবোৰ স্পষ্ট নিদৰ্শন আহিছে তাৰ ওপৰত আৰু যিজনে আমাক সৃষ্টি কৰিছে তেওঁৰ ওপৰত আমি তোমাক কেতিয়াও প্ৰধান্য নিদিওঁ। সেয়ে তোমাৰ যি সিদ্ধান্ত লব লগা আছে লোৱা। তুমি কেৱল এই পাৰ্থিৱ জীৱনৰ ওপৰতেই কৰ্তৃত্ব কৰিব পাৰা’।

    [73] ‘নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিছো, যাতে তেওঁ আমাৰ অপৰাধসমূহ ক্ষমা কৰি দিয়ে আৰু তুমি আমাক যি যাদু কৰিবলৈ বাধ্য কৰাইছিলা সেয়া ক্ষমা কৰি দিয়ে, আৰু আল্লাহ শ্ৰেষ্ঠ ও স্থায়ী’।

    [74] নিশ্চয় যিয়ে তাৰ প্ৰতিপালকৰ ওচৰত অপৰাধী হৈ উপস্থিত হ’ব অৱশ্যে তাৰ বাবে আছে জাহান্নাম, সি তাত মৃত্যুবৰণো নকৰিব আৰু জীয়াই থাকিবও নোৱাৰিব।

    [75] আৰু যিসকলে তেওঁৰ ওচৰত সৎকৰ্ম কৰি মুমিন অৱস্থাত আহিব, তেওঁলোকৰ বাবেই আছে উচ্চ মৰ্যাদা।

    [76] স্থায়ী জান্নাত, যাৰ তলত নদী প্ৰবাহিত, তাত তেওঁলোক স্থায়ী হ'ব আৰু এইটো তেওঁলোকৰেই পুৰষ্কাৰ যিসকলে পৰিশুদ্ধ হয়।

    [77] আৰু আমি অৱশ্যে মুছাৰ প্ৰতি অহী কৰিছিলো এই কথা কৈ যে, মোৰ বান্দাসকলক লৈ তুমি ৰাতিৰ ভিতৰতে ওলাই যোৱা, এতেকে তুমি সিহঁতৰ বাবে সাগৰৰ মাজেৰে এটি শুকান পথৰ ব্যৱস্থা কৰা, পিচফালৰ পৰা আহি ধৰাৰ আশংকা নকৰিবা আৰু ভয়ও নকৰিবা।

    [78] তাৰ পিছত ফিৰআউনে তাৰ সৈন্যবাহিনী লৈ তেওঁলোকৰ পিচ ল’লে, ফলত সাগৰে সিহঁতক সম্পূৰ্ণৰূপে ডুবাই নিলে।

    [79] কাৰণ ফিৰআউনে তাৰ সম্প্ৰদায়ক পথভ্ৰষ্ট কৰিছিল আৰু সৎপথ দেখুৱা নাছিল।

    [80] হে বনী ইছৰাঈল! অৱশ্যে আমি তোমালোকক শত্ৰুৰ পৰা উদ্ধাৰ কৰিছিলো, আৰু আমিয়ে তোমালোকক প্ৰতিশ্ৰুতি দিছিলো তূৰ পৰ্বতৰ সোঁ ফালে, আৰু তোমালোকৰ ওপৰত মান্না আৰু ছালৱা অৱতীৰ্ণ কৰিছিলো

    [81] তোমালোকক আমি যি জীৱিকা দান কৰিছো তাৰ পৰা পৱিত্ৰ বস্তুসমূহ খোৱা আৰু এই বিষয়ে সীমালঙ্ঘন নকৰিবা, অন্যথা তোমালোকৰ ওপৰত মোৰ ক্ৰোধ আপতিত হ’ব; আৰু যাৰ ওপৰত মোৰ ক্ৰোধ আপতিত হয় অৱশ্যে সি ধ্বংস হৈ যায়।

    [82] আৰু নিশ্চয় মই সেই ব্যক্তিৰ প্ৰতি ক্ষমাশীল, যিয়ে তাওবা কৰে, ঈমান পোষণ কৰে, সৎকৰ্ম কৰে আৰু তাৰ পিছত সৎপথত অবিচল থাকে।

    [83] হে মুছা! তোমাৰ সম্প্ৰদায়ক পিচফালে এৰি থৈ তোমাক খৰখেদা কৰিবলৈ কিহে বাধ্য কৰালে

    [84] মুছাই ক’লে, ‘সিহঁত মোৰ পিছে পিছে আছেই দেখুন, হে মোৰ ৰব! মই তোমাৰ ওচৰত খৰখেদা কৈ আহিছো যাতে তুমি সন্তুষ্ট হোৱা’।

    [85] তেওঁ ক’লে, ‘তুমি গুচি অহাৰ পিছত আমি তোমাৰ সম্প্ৰদায়ক পৰীক্ষাৰ সন্মুখীন কৰিছো, আৰু ছামেৰীয়ে সিহঁতক পথভ্ৰষ্ট কৰিছে’।

    [86] তাৰ পিছত মুছাই তেওঁৰ সম্প্ৰদায়ৰ ওচৰত ক্ৰুদ্ধ আৰু ক্ষুব্ধ হৈ উভতি আহিল। তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকৰ প্ৰতিপালকে তোমালোকক এটা উত্তম প্ৰতিশ্ৰুতি দিয়া নাছিল নে? তেন্তে তোমালোকৰ ওচৰত প্ৰতিশ্ৰুতিৰ সময় সুদীৰ্ঘ হৈছে নেকি? নে তোমালোকে তোমালোকৰ প্ৰতিপালকৰ ক্ৰোধ আপতিত হোৱাটো কামনা কৰা? সেই কাৰণে তোমালোকে মোক দিয়া অঙ্গীকাৰ ভঙ্গ কৰিলানে’

    [87] সিহঁতে ক’লে, ‘আমি আপোনাক দিয়া অঙ্গীকাৰ নিজে ইচ্ছা কৰি ভঙ্গ কৰা নাই, কিন্তু আমাৰ ওপৰত মানুহৰ অলংকাৰৰ বোজা চপাই দিয়া হৈছিল। সেয়ে আমি সেইবোৰ জুইত নিক্ষেপ কৰিছো, এইদৰে ছামেৰীয়েও (তাত অলপ মাটি) নিক্ষেপ কৰিছিল।

    [88] ‘তাৰ পিছত সি সিহঁতৰ বাবে এটা দামুৰী সাজিলে, এটা অৱয়ব, যিটো গৰুৰ দৰে হাম্বা হাম্বা কৰিছিল’। তেতিয়া সিহঁতে কৈছিল, ‘এইটোৱে তোমালোকৰ ইলাহ আৰু মুছাৰো ইলাহ, কিন্তু সি (মুছাই) পাহৰি গৈছে’।

    [89] সিহঁতে দেখা নাইনে, ই যে সিহঁতৰ কোনো প্ৰত্যুত্তৰ দিব নোৱাৰে আৰু সিহঁতৰ কোনো ক্ষতি বা উপকাৰ সাধন কৰাৰো ক্ষমতা নাৰাখে

    [90] অৱশ্যে হাৰূনে সিহঁতক আগতেই কৈছিল, ‘হে মোৰ সম্প্ৰদায়! ইয়াৰ দ্বাৰা তোমালোকক কেৱল পৰীক্ষাৰ সন্মুখীন কৰা হৈছে। নিশ্চয় তোমালোকৰ ৰব অতি দয়ালু; সেয়ে তোমালোকে মোৰ অনুসৰণ কৰা আৰু মোৰ আদেশ মানি চলা’।

    [91] সিহঁতে কৈছিল, ‘আমাৰ ওচৰত মুছা উভতি নহা লৈকে আমি ইয়াৰ পূজা পাঠৰ পৰা বিৰত নহওঁ’।

    [92] মুছাই ক’লে, ‘হে হাৰূন! আপুনি যেতিয়া দেখিছিল যে সিহঁত পথভ্ৰষ্ট হৈছে তথাপিও আপোনাক কিহে বিৰত ৰাখিছিল

    [93] ‘যে আপুনি মোৰ অনুসৰণ নকৰিলে? তেন্তে আপুনি মোৰ আদেশ অমান্য কৰিলে নেকি’

    [94] হাৰূনে ক’লে, ‘হে মোৰ সহোদৰ! তুমি মোৰ দাড়ি আৰু চুলিত নধৰিবা। নিশ্চয় মই আশংকা কৰিছিলো যে, তুমি কবা, ‘আপুনিয়ে বনী ইছৰাঈলৰ মাজত বিভেদ সৃষ্টি কৰিছে আৰু মোৰ কথাত যত্নবান হোৱা নাই’।

    [95] মুছাই ক’লে, ‘হে ছামেৰী! তোমাৰ কি অৱস্থা’

    [96] সি ক’লে, ‘মই যি দেখিছিলো সিহঁতে সেয়া দেখা নাই, তাৰ পিছত মই সেই দূতৰ পদচিহ্নৰ পৰা এক মুঠি মাটি লৈছিলো, সেইটোৱে মই নিক্ষেপ কৰিছিলো, আৰু মোৰ মনে মোৰ বাবে এইটো কৰিবলৈ শোভনীয় কৰি দিছিল’।

    [97] মুছাই ক’লে, ‘যোৱা, তুমি ওৰে জীৱন এইটোৱে কৈ থাকিবা, ‘মই অস্পৃশ্য’, আৰু তোমাৰ বাবে থাকিল এটা নিৰ্দিষ্ট সময়, যিটো কেতিয়াও ব্যতিক্ৰম নহ’ব। লগতে তুমি তোমাৰ সেই ইলাহৰ প্ৰতি লক্ষ্য কৰা যাৰ পূজাত তুমি আসক্ত আছিলা, সেইটোক আমি ভষ্ম কৰিম, তাৰ পিছত সেয়া বিক্ষিপ্ত কৰি সাগৰত ছটিয়াই দিম’।

    [98] তোমালোকৰ ইলাহ কেৱল একমাত্ৰ আল্লাহ, যাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, সকলো বস্তু তেওঁৰ জ্ঞানৰ পৰিধিভুক্ত।

    [99] পূৰ্বে যি সংঘটিত হৈছে তাৰে কিছু সংবাদ এইদৰে আমি তোমাৰ ওচৰত বৰ্ণনা কৰো, আৰু আমি তোমাক আমাৰ তৰফৰ পৰা দান কৰিছো উপদেশবাণী (কোৰআন)।

    [100] ইয়াৰ পৰা যিয়ে বিমুখ হ’ব, নিশ্চয় সি কিয়ামতৰ দিনা মহাভাৰ বহন কৰিব।

    [101] তাত সিহঁত স্থায়ী হ’ব আৰু কিয়ামতৰ দিনা সিহঁতৰ বাবে এই বোজা কিমান যে বেয়া হ’ব

    [102] যিদিনা শিঙাত ফুঁ দিয়া হ’ব আৰু সেইদিনা আমি অপৰাধীবিলাকক দৃষ্টিহীন অৱস্থাত সমবেত কৰিম।

    [103] সেইদিনা সিহঁতে পৰস্পৰে ফুচ-ফুচাই ক’ব, ‘তোমালোকে মাত্ৰ দহ দিন অৱস্থান কৰিছিলা’।

    [104] আমি ভালদৰেই জানো সিহঁতে কি ক’ব, সিহঁতৰ মাজত যিয়ে অপেক্ষাকৃত উত্তমপথত আছিল (বিবেকবান ব্যক্তি) সি ক’ব, ‘তোমালোকে মাত্ৰ এদিনহে অৱস্থান কৰিছিলা’।

    [105] আৰু সিহঁতে তোমাক পৰ্বতসমূহৰ বিষয়ে সোধে। কোৱা, ‘মোৰ প্ৰতিপালকে এইবোৰক সমূলি উৎপাটন কৰি বিক্ষিপ্ত কৰি দিব।

    [106] ‘তাৰ পিছত তেওঁ ইয়াক মসৃণ সমতল পথাৰত পৰিণত কৰিব

    [107] ‘য’ত তুমি খলা-বমা দেখা নাপাবা’।

    [108] সেইদিনা সিহঁতে আহ্বানকাৰীৰ অনুসৰণ কৰিব, এই বিষয়ে কোনোৱেই ইফাল-সিফাল কৰিব নোৱাৰিব। ৰহমানৰ সন্মুখত সকলো শব্দ স্তব্ধ হৈ যাব; সেয়ে মৃদু ধ্বনিৰ বাহিৰে তুমি একো শুনা নাপাবা।

    [109] ৰহমানে যাক অনুমতি দিব আৰু যাৰ কথাত তেওঁ সন্তুষ্ট হ’ব, তাৰ বাহিৰে আন কাৰো ছুপাৰিছ সেইদিনা কোনো কামত নাহিব।

    [110] সিহঁতৰ সন্মুখত আৰু পিচফালে যি আছে, সেয়া তেওঁ অৱগত, কিন্তু সিহঁতে জ্ঞানৰ দ্বাৰা তেওঁক বেষ্টন কৰিব নোৱাৰে।

    [111] আৰু চিৰঞ্জীৱ, চিৰপ্ৰতিষ্ঠিত-সৰ্বসত্তাৰ ধাৰকৰ ওচৰত সকলোৱে নিম্নমুখী হ’ব আৰু অৱশ্যে সি ব্যৰ্থ হ’ব, যিয়ে যুলুম বহন কৰিব।

    [112] আৰু যিয়ে মুমিন হৈ সৎকৰ্ম কৰিব, তাৰ বাবে অবিচাৰৰ আৰু কোনো ক্ষতিৰ আশংকা নাই।

    [113] আৰু এইদৰেই আমি আৰবী ভাষাত কোৰআন অৱতীৰ্ণ কৰিছো আৰু তাত বিশদভাৱে সতৰ্কবাণী বিবৃত কৰিছো, যাতে সিহঁতে তাক্বৱা অৱলম্বন কৰে অথবা এইটোৱে সিহঁতৰ মাজত স্মৰণিকাৰ উৎপত্তি কৰে।

    [114] এতেকে প্ৰকৃত মালিক কেৱল আল্লাহ, অতি মহান, সৰ্বোচ্চ সত্তা। তোমাৰ প্ৰতি আল্লাহৰ অহী সম্পূৰ্ণ হোৱাৰ আগতেই তুমি কোৰআন পাঠ কৰিবলৈ খৰখেদা নকৰিবা আৰু কোৱা, ‘হে মোৰ ৰব! মোৰ জ্ঞান বৃদ্ধি কৰি দিয়া’।

    [115] আৰু অৱশ্যে ইয়াৰ পূৰ্বে আমি আদমৰ প্ৰতি নিৰ্দেশ দান কৰিছিলো, কিন্তু তেওঁ পাহৰি গৈছিল, আৰু আমি তেওঁৰ সংকল্পত দৃঢ়তা পোৱা নাছিলো।

    [116] আৰু স্মৰণ কৰা, যেতিয়া আমি ফিৰিস্তাসকলক ক’লো, ‘তোমালোকে আদমৰ প্ৰতি ছাজদাহ কৰা, তেতিয়া ইবলীছৰ বাহিৰে সকলোৱে ছাজদাহ কৰিলে; সি অমান্য কৰিলে।

    [117] তাৰ পিছত আমি ক’লো, ‘হে আদম! নিশ্চয় ই তোমাৰ আৰু তোমাৰ স্ত্ৰীৰ শত্ৰু, গতিকে সি যাতে কোনোমতেই তোমালোকক জান্নাতৰ পৰা বহিষ্কাৰ কৰাব নোৱাৰে, এনে কৰিলে তোমালোকে বিপদত পৰিবা।

    [118] নিশ্চয় তোমাৰ বাবে জান্নাতত এই ব্যৱস্থা দিয়া হ’ল যে, তুমি ইয়াত ক্ষুধাৰ্তও নহ’বা আৰু বিবস্ত্ৰও নহ’বা।

    [119] ‘আৰু নিশ্চয় তুমি তাত তৃষ্ণাতুৰো নহ’বা, ৰ’দতো আক্ৰান্ত নহ’বা’।

    [120] তাৰ পিছত চয়তানে তেওঁক কুমন্ত্ৰণা দিলে; সি ক’লে, ‘হে আদম! মই তোমাক সেইজোপা গছ দেখুৱামনে যিজোপাৰ দ্বাৰা অমৰত্ব আৰু অক্ষয় ৰাজত্ব লাভ কৰা যায়’

    [121] অৱশেষত তেওঁলোক (স্বামী-স্ত্ৰী) উভয়ে সেই গছজোপাৰ পৰা (ফল) খালে; লগে লগে তেওঁলোকৰ লজ্জাস্থান তেওঁলোকৰ ওচৰত প্ৰকাশ হৈ গ’ল, আৰু তেওঁলোকে জান্নাতৰ গছৰ পাতেৰে নিজকে আবৃত কৰিবলৈ ধৰিলে, আৰু আদমে তেওঁৰ প্ৰতিপালকৰ আদেশ অমান্য কৰিলে, ফলত তেওঁ পথভ্ৰান্ত হৈ গ’ল।

    [122] তাৰ পিছত তেওঁৰ প্ৰতিপালকে তেওঁক মনোনীত কৰিলে, ফলত তেওঁৰ তাওবা কবুল কৰিলে আৰু তেওঁক পথনিৰ্দেশ কৰিলে।

    [123] তেওঁ ক’লে, ‘তোমালোকে উভয়ে একেলগে জান্নাতৰ পৰা নামি যোৱা। তোমালোকে পৰস্পৰে পৰস্পৰৰ শত্ৰু। সেয়ে যদি মোৰ তৰফৰ পৰা তোমালোকৰ ওচৰত সৎপথৰ নিৰ্দেশ আহি পায় যিয়ে মোৰ প্ৰদৰ্শিত সৎপথৰ অনুসৰণ কৰিব সি বিপথগামী নহ’ব আৰু দুৰ্দশাগ্ৰস্তও নহ’ব।

    [124] ‘আৰু যিয়ে মোৰ স্মৰণৰ পৰা বিমুখ থাকিব, নিশ্চয় তাৰ জীৱন-যাপন হ'ব সংকুচিত আৰু আমি তাক কিয়ামতৰ দিনা অন্ধ অৱস্থাত উত্থিত কৰিম’।

    [125] সি ক’ব, ‘হে মোৰ ৰব! কিয় মোক অন্ধ অৱস্থাত উত্থিত কৰিলা? অথচ মই দৃষ্টিশক্তি সম্পন্ন আছিলো’।

    [126] তেওঁ ক’ব, ‘এইদৰেই তোমাৰ ওচৰত আমাৰ নিদৰ্শনাৱলী আহিছিল, কিন্তু তুমি সেয়া এৰি দিছিলা ঠিক সেইদৰে আজি তোমাকো (জাহান্নামত) এৰি দিয়া হ’ব’।

    [127] আৰু এইদৰেই আমি প্ৰতিফল দিওঁ যিয়ে সীমালঙ্ঘন কৰে আৰু নিজ প্ৰতিপালকৰ নিদৰ্শনাৱলী বিশ্বাস নকৰে। অৱশ্যে আখিৰাতৰ শাস্তি আৰু কঠোৰ লগতে অধিক স্থায়ী।

    [128] এইটোৱেও সিহঁতক সৎপথ নেদেখুৱালে নে যে, আমি সিহঁতৰ পূৰ্বে বহুতো মানৱগোষ্ঠী ধ্বংস কৰিছো যিসকলৰ বাসভূমিত সিহঁতে বিচৰণ কৰি থাকে? নিশ্চয় ইয়াত বিবেক সম্পন্ন ব্যক্তিসকলৰ বাবে আছে নিদৰ্শন।

    [129] যদি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা পূৰ্ব সিদ্ধান্ত আৰু এটা সময় নিৰ্ধাৰিত নাথাকিলেহেঁতেন, তেন্তে আশু শাস্তি অৱশ্যম্ভাৱী হ’লেহেঁতেন।

    [130] সেয়ে সিহঁতে যি কয়, সেই বিষয়ে তুমি ধৈৰ্য ধাৰণ কৰা লগতে সূৰ্যোদয়ৰ আগত আৰু সূৰ্যাস্তৰৰ আগত তোমাৰ প্ৰতিপালকৰ সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা আৰু ৰাতিতো তাছবীহ পাঠ কৰা, আৰু দিনৰ প্ৰান্তসমূহতো, যাতে তুমি সন্তুষ্ট হ’ব পাৰা।

    [131] আৰু তুমি তোমাৰ দুচকু কেতিয়াও প্ৰসাৰিত নকৰিবা সেইবোৰৰ প্ৰতি, যিবোৰ আমি বিভিন্ন শ্ৰেণীক পাৰ্থিৱ জীৱনৰ সৌন্দৰ্যস্বৰূপ উপভোগৰ উপকৰণ হিচাপে প্ৰদান কৰিছো, সেইবোৰৰ দ্বাৰা সিহঁতক পৰীক্ষা কৰাৰ বাবে। আৰু তোমাৰ প্ৰতিপালকে দিয়া জীৱিকাই সৰ্বোৎকৃষ্ট আৰু অধিক স্থায়ী।

    [132] তুমি তোমাৰ পৰিয়ালবৰ্গক ছালাতৰ আদেশ দিয়া আৰু নিজেও তাৰ ওপৰত অবিচল থাকা; আমি তোমাৰ ওচৰত কোনো জীৱিকা নিবিচাৰো, আমিয়েই তোমাক জীৱিকা দান কৰো; আৰু শুভ পৰিণাম কেৱল তাক্বৱাৰ ভিতৰতেই নিহিত।

    [133] আৰু সিহঁতে কয়, ‘সি তাৰ প্ৰতিপালকৰ পৰা আমাৰ ওচৰত কোনো নিদৰ্শন লৈ নাহে কিয়’? সিহঁতৰ ওচৰত সুস্পষ্ট প্ৰমাণ অহা নাইনে যিবোৰ পূৰ্বৰ গ্ৰন্থসমূহত আছে

    [134] আৰু যদি আমি সিহঁতক ইয়াৰ পূৰ্বেই শাস্তিৰ দ্বাৰা ধ্বংস কৰিলোহেঁতেন, তেন্তে অৱশ্যে সিহঁতে ক’লেহেঁতেন, ‘হে আমাৰ ৰব! তুমি আমাৰ ওচৰত ৰাছুল নপঠালা কিয়? তেতিয়া আমি লাঞ্ছিত আৰু অপমানিত হোৱাৰ আগতেই তোমাৰ নিদৰ্শনাৱলীৰ অনুসৰণ কৰিলোহেঁতেন’।

    [135] কোৱা, ‘প্ৰত্যেকেই প্ৰতীক্ষা কৰি আছে, গতিকে তোমালোকেও প্ৰতীক্ষা কৰা। তাৰ পিছত অচিৰেই তোমালোকে জানিব পাৰিবা সৰল পথত কোন আছে আৰু কোনে সৎপথ অৱলম্বন কৰিছে’।

    Surah 21
    আল-আম্বিয়া

    [1] মানুহৰ হিচাপ-নিকাচৰ সময় সমিপবৰ্তী, অথচ সিহঁতে উদাসিনতাত বিমুখ হৈ আছে।

    [2] যেতিয়াই সিহঁতৰ ওচৰত সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা কোনো নতুন উপদেশ আহে তেতিয়া সিহঁতে সেয়া কৌতুকচ্ছলত শুনে

    [3] সিহঁতৰ অন্তৰ থাকে অমনোযোগী। আৰু যিসকল যালিম সিহঁতে গোপনে পৰামৰ্শ কৰে, ‘এওঁ দেখুন তোমালোকৰ দৰেই এজন মানুহ, তথাপিও তোমালোকে দেখি-শুনি যাদুৰ কবলত পৰিবানে’

    [4] তেওঁ (ৰাছুলে) ক’লে, ‘আকাশসমূহ আৰু পৃথিৱীৰ সকলো কথাই মোৰ প্ৰতিপালকৰ জনা আছে আৰু তেৱেঁই সৰ্বশ্ৰোতা, সৰ্বজ্ঞ’।

    [5] বৰং সিহঁতে কয়, ‘এইবোৰ অলীক কল্পনা, হয়তোবা সি এইবোৰ নিজেই ৰচনা কৰিছে নহয় সি এজন কবি। নহ’লে সি আমাৰ ওচৰত এটা নিদৰ্শন লৈ আহক যেনেকৈ পূৰ্বৱৰ্তীসকল নিদৰ্শনসহ প্ৰেৰিত হৈছিল’।

    [6] ইহঁতৰ পূৰ্বে যিবোৰ জনপদ আমি ধ্বংস কৰিছো সেইবোৰ ঠাইৰ অধিবাসীসকল ঈমান পোষণ কৰা নাছিল; তেন্তে ইহঁতে ঈমান পোষণ কৰিবনে

    [7] আৰু তোমাৰ পূৰ্বে আমি অহীসহ কেৱল পুৰুষসকলকেই প্ৰেৰণ কৰিছিলো; এতেকে যদি তোমালোকে নাজানা তেনেহ’লে জ্ঞানীসকলক সুধি লোৱা।

    [8] আৰু আমি তেওঁলোকক এনে কোনো দেহবিশিষ্ট কৰা নাছিলো যে, তেওঁলোকে খাদ্য গ্ৰহণ কৰা নাছিল, আৰু তেওঁলোক চিৰঞ্জীৱীও নাছিল।

    [9] তাৰ পিছত আমি তেওঁলোকৰ প্ৰতি কৰা প্ৰতিশ্ৰুতি সত্য কৰি দেখুৱালো, ফলত আমি তেওঁলোকক আৰু যিসকলক ইচ্ছা ৰক্ষা কৰিছিলো আৰু সীমালঙ্ঘনকাৰী বিলাকক ধ্বংস কৰিছিলো।

    [10] অৱশ্যে আমি তোমালোকৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছো য’ত আছে তোমালোকৰ বিষয়েই আলোচনা, তথাপিও তোমালোকে নুবুজিবানে

    [11] আৰু আমি কিমান যে জনপদ ধ্বংস কৰিছো, যাৰ অধিবাসীসকল আছিল যালিম আৰু সিহঁতৰ পিছত সৃষ্টি কৰিছো আন এটা জাতি

    [12] এতেকে সিহঁতে যেতিয়া আমাৰ শাস্তি অহা বুলি অনুভৱ কৰিলে তেতিয়াই সিহঁতে তাৰ পৰা পলায়ন কৰিবলৈ ধৰিলে।

    [13] (সিহঁতক কোৱা হ’ল) ‘পলায়ন নকৰিবা, তোমালোকে য’ত ভোগ-বিলাসত মত্ত আছিলা সেই ঠাইলৈ আৰু তোমালোকে নিজৰ ঘৰ-দুৱাৰলৈ উভতি যোৱা, যাতে এই বিষয়ে তোমালোকক সুধিব পৰা যায়’।

    [14] সিহঁতে ক’লে, ‘হায়! দুৰ্ভাগ্য আমাৰ! নিশ্চয় আমি যালিম আছিলো’।

    [15] এতেকে সিহঁতৰ এই আৰ্তনাদ চলিয়ে আছিল যেতিয়ালৈকে আমি সিহঁতক দাই নিয়া শস্য আৰু নুমাই যোৱা জুইৰ দৰে কৰা নাছিলো।

    [16] আকাশ-পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে সেয়া আমি খেল-ধেমালিৰ ছলেৰে সৃষ্টি কৰা নাই।

    [17] খেল-ধেমালিৰ বস্তু সৃষ্টি কৰাই যদি আমাৰ অভিপ্ৰায় হ’লেহেঁতেন, তেন্তে আমি সেয়া আমাৰ পৰাই কৰিলোহেঁতেন; কিন্তু আমি সেয়া কৰা নাই।

    [18] বৰং আমি সত্যৰ দ্বাৰা অসত্যক আঘাত কৰো, ফলত ই অসত্যক চূৰ্ণ-বিচূৰ্ণ কৰি দিয়ে আৰু তৎক্ষণাত অসত্য নিচিহ্ন হৈ যায়, আৰু তোমালোকে আল্লাহক যি গুণেৰে আখ্যায়িত কৰিছা সেয়ে তোমালোকৰ বাবে আছে দুৰ্ভোগ

    [19] আকাশসমূহ আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই; আৰু তেওঁৰ সান্নিধ্যত যিসকল আছে তেওঁলোকে অহংকাৰ কৰি তেওঁৰ ইবাদতৰ পৰা বিমুখ নহয় আৰু বিৰক্তি বোধো নকৰে।

    [20] তেওঁলোকে দিনে-ৰাতি তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে, তেওঁলোকে ক্লান্তও নহয়।

    [21] সিহঁতে (কাফিৰসকলে) পৃথিৱীৰ পৰা যিবোৰক উপাস্য হিচাপে গ্ৰহণ কৰিছে সেইবোৰে কোনো মৃতক জীৱিত কৰিবলৈ সক্ষম নে

    [22] যদি এই দুয়োৰ (আকাশ আৰু পৃথিৱীৰ) মাজত আল্লাহৰ বাহিৰে বহু ইলাহ থাকিলেহেঁতেন, তেন্তে উভয়েই বিশৃংখল হৈ গ’লেহেঁতেন। এতেকে সিহঁতে যি বৰ্ণনা কৰে তাৰ পৰা আৰছৰ অধিপতি আল্লাহ অতি পৱিত্ৰ।

    [23] তেওঁ যি কৰে সেই বিষয়ে তেওঁ জবাবদিহি নহ’ব; বৰং সিহঁতকেই প্ৰশ্ন কৰা হ’ব।

    [24] সিহঁতে তেওঁৰ বাহিৰে বহু ইলাহ গ্ৰহণ কৰিছে নেকি? কোৱা, ‘তোমালোকৰ প্ৰমাণ লৈ আহা। মোৰ লগত যি আছে এইটোৱে তাৰ উপদেশ আৰু এইটোৱে উপদেশ আছিল মোৰ পূৰ্বৱৰ্তীসকলৰ’। কিন্তু সিহঁতৰ বেছি ভাগেই প্ৰকৃত সত্য নাজানে; ফলত সিহঁত মুখ ঘূৰাই লয়।

    [25] আৰু তোমাৰ পূৰ্বে আমি যি ৰাছুলকেই প্ৰেৰণ কৰিছো তেওঁৰ ওচৰত এইটোৱেই অহী কৰিছো যে, ‘মোৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, সেয়ে তোমালোকে কেৱল মোৰেই ইবাদত কৰা’।

    [26] আৰু সিহঁতে কয়, ‘ৰহমানে (আল্লাহে) সন্তান গ্ৰহণ কৰিছে’। তেওঁ পৱিত্ৰ মহান! বৰং তেওঁলোক তেওঁৰ সন্মানিত বান্দা।

    [27] তেওঁলোকে তেওঁৰ আগধৰি নামাতে; তেওঁলোকে কেৱল তেওঁৰ আদেশ অনুসাৰেই কাম কৰে।

    [28] তেওঁলোকৰ সন্মুখত আৰু পিছত যি আছে সেই সকলো তেওঁ জানে। আৰু তেওঁলোকে ছুপাৰিছ কৰে কেৱল সিহঁতৰ বাবেই যিসকলৰ প্ৰতি তেওঁ সন্তুষ্ট আৰু তেওঁলোকে তেওঁৰ ভয়ত ভীত সন্ত্ৰস্ত।

    [29] আৰু তেওঁলোকৰ মাজত যিয়ে ক’ব, ‘আল্লাহৰ বাহিৰে ময়েই ইলাহ’, তাক আমি জাহান্নামৰ শাস্তিৰ প্ৰতিদান দিম; এইদৰেই আমি যালিমসকলক প্ৰতিদান দিওঁ।

    [30] যিসকলে কুফৰী কৰে সিহঁতে দেখা নাই নেকি যে, আকাশসমূহ আৰু পৃথিৱী ওতপ্ৰোতভাৱে মিলিত হৈ আছিল, তাৰ পিছত আমি উভয়ক পৃথক কৰি দিলো; আৰু প্ৰাণবান সকলো বস্তুকে পানীৰ পৰা সৃষ্টি কৰিলো; তথাপিও সিহঁতে ঈমান পোষণ নকৰিব নে

    [31] আৰু পৃথিৱীত আমি সৃষ্টি কৰিছো সুদৃঢ় পৰ্বত, যাতে পৃথিৱীয়ে সিহঁতক লৈ থৰক-বৰক নকৰে, আৰু তাত আমি তৈয়াৰ কৰিছো প্ৰশস্ত পথ, যাতে সিহঁতে গন্তব্যস্থলত গৈ পায়।

    [32] আৰু আমি আকাশক কৰিছো সুৰক্ষিত চাদ; কিন্তু সিহঁতে আকাশত অৱস্থিত নিদৰ্শনাৱলীৰ পৰা মুখ ঘুৰাই লয়।

    [33] আৰু আল্লাহেই সৃষ্টি কৰিছে ৰাতি আৰু দিন, সূৰ্য আৰু চন্দ্ৰ; প্ৰত্যেকেই নিজ নিজ কক্ষপথত বিচৰণ কৰে।

    [34] আৰু আমি তোমাৰ পূৰ্বেও কোনো মানুহক চিৰজীৱী কৰা নাছিলো, গতিকে যদি তুমি মৃত্যুবৰণ কৰা তেন্তে সিহঁতে চিৰজীৱী হৈ থাকিব নেকি

    [35] প্ৰতিটো জীৱই মৃ্ত্যুৰ সোৱাদ গ্ৰহণ কৰিব; আমি তোমালোকক ভাল আৰু বেয়াৰ দ্বাৰা বিশেষভাৱে পৰীক্ষা কৰি থাকো, আৰু আমাৰ ওচৰতেই তোমালোকৰ উভতি আহিব লাগিব।

    [36] আৰু যিসকলে কুফৰী কৰে সিহঁতে যেতিয়া তোমাক দেখে তেতিয়া সিহঁতে কেৱল তোমাক উপহাসৰ পাত্ৰ হিচাপেহে গ্ৰহণ কৰে। সিহঁতে কয়, ‘এওঁৱেই সেইজন নেকি, যিয়ে তোমালোকৰ উপাস্যবোৰক লৈ সমালোচনা কৰে’?, অথচ সিহঁতেই ৰহমানৰ আলোচনাৰ বিৰোধিতা কৰে।

    [37] মানুহক সৃষ্টিয়ে কৰা হৈছে খৰধৰ প্ৰৱণতাৰে, অতিশীঘ্ৰে মই সিহঁতক মোৰ নিদৰ্শনাৱলী দেখুৱাম; সেয়ে তোমালোকে খৰখেদা নকৰিবা।

    [38] আৰু সিহঁতে কয়, ‘যদি তোমালোকে সত্যবাদী হোৱা তেন্তে কোৱা এই প্ৰতিশ্ৰুতি কেতিয়া পূৰ্ণ হ’ব’

    [39] যদি কাফিৰসকলে সেই সময়ৰ কথা জানিলেহেঁতেন, যেতিয়া সিহঁতে সিহঁতৰ মুখমণ্ডল আৰু পিঠিৰ পৰা জুই প্ৰতিৰোধ কৰিব নোৱাৰিব আৰু সিহঁতক সহায়ও কৰা নহ’ব (তেন্তে সিহঁতে সেই শাস্তিক খৰখেদাকৈ নিবিচাৰিলেহেঁতেন)।

    [40] বৰং সেয়া সিহঁতৰ ওপৰত আকস্মিকভাৱে আহিব আৰু সিহঁতক হতভম্ব কৰি দিব। ফলত সিহঁতে সেয়া ৰোধ কৰিব নোৱাৰিব আৰু সিহঁতক অৱকাশো দিয়া নহ’ব।

    [41] তোমাৰ পূৰ্বেও বহু ৰাছুলৰ লগত ঠাট্ৰা-বিদ্ৰূপ কৰা হৈছিল, পৰিণামত সিহঁতে যি বিষয়ে ঠাট্ৰা-বিদ্ৰূপ কৰিছিল সেইটোৱে সিহঁতক পৰিবেষ্টন কৰি লৈছিল।

    [42] কোৱা, ‘ৰাতিতে হওঁক বা দিনতে হওঁক ৰহমানৰ পৰা কোনে তোমালোকক ৰক্ষা কৰিব’? তথাপিও সিহঁতে নিজ প্ৰতিপালকৰ স্মৰণৰ পৰা মুখ ঘূৰাই লয়।

    [43] তেন্তে সিহঁতৰ এনেকুৱাও কিছুমান ইলাহ আছে নেকি যিবোৰে আমাৰ পৰা সিহঁতক ৰক্ষা কৰিব পাৰে? ইহঁতে দেখুন নিজকেই সহায় কৰিব নোৱাৰে আৰু আমাৰ শাস্তিৰ পৰা ৰক্ষা পাবলৈয়ো সিহঁতে কোনো আশ্ৰয়দানকাৰী নাপাব।

    [44] বৰং আমিয়েই সিহঁতক আৰু সিহঁতৰ পিতৃ-পুৰুষসকলক ভোগ-সম্ভাৰ দান কৰিছিলো, লগতে সিহঁতৰ আয়ু কালও আছিল দীঘলীয়া। সিহঁতে দেখা নাইনে যে, আমি পৃথিৱীখনক চাৰিওফালৰ পৰা সংকুচিত কৰি আনি আছো। তথাপিও সিহঁতেই বিজয়ী হ’বনে

    [45] কোৱা, ‘মই কেৱল অহীৰ দ্বাৰাহে তোমালোকক সতৰ্ক কৰো’; কিন্তু যিসকল বধিৰ সিহঁতক যেতিয়া সতৰ্ক কৰা হয় তেতিয়া সিহঁতে সেই আহ্বান নুশুনে।

    [46] আৰু তোমাৰ প্ৰতিপালকৰ শাস্তিৰ অকণমানো যদি সিহঁতক স্পৰ্শ কৰে তেন্তে অৱশ্যে সিহঁতে কৈ উঠিব, ‘হায়! দুৰ্ভাগ্য আমাৰ, নিশ্চয় আমি যালিম আছিলো

    [47] আৰু কিয়ামতৰ দিনা আমি ন্যায়বিচাৰৰ তুলাচনী স্থাপন কৰিম, সেয়ে কাৰো প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ’ব আৰু আমল যদি শস্য দানা পৰিমাণ ওজনৰো হয় তথাপিও আমি সেয়া উপস্থিত কৰিম; আৰু হিচাপ গ্ৰহণকাৰীৰূপে আমিয়েই যথেষ্ট।

    [48] অৱশ্যে আমি মুছা আৰু হাৰূনক দান কৰিছিলো ফুৰক্বান, যিটো মুত্তাক্বীসকলৰ বাবে জ্যোতি আৰু উপদেশ

    [49] যিসকলে নেদেখাকৈয়ে তেওঁলোকৰ প্ৰতিপালকক ভয় কৰে আৰু তেওঁলোকে কিয়ামত সম্পৰ্কে ভীত-সন্ত্ৰস্ত।

    [50] আৰু এইটো হৈছে বৰকতময় উপদেশ, যিটো আমি অৱতীৰ্ণ কৰিছো। তথাপিও তোমালোকে ইয়াক অস্বীকাৰ কৰিবানে

    [51] আৰু আমি ইয়াৰ আগত ইব্ৰাহীমক শুভবুদ্ধি আৰু সঠিক জ্ঞান দান কৰিছিলো আৰু আমি তেওঁৰ বিষয়ে আছিলো সম্যক পৰিজ্ঞাত।

    [52] যেতিয়া তেওঁ তেওঁৰ পিতৃক আৰু নিজ সম্প্ৰদায়ক ক’লে, ‘এই মূৰ্তিবোৰ কি, যিবোৰৰ পূজাত তোমালোক আসক্ত হৈছা!’

    [53] সিহঁতে ক’লে, ‘আমি আমাৰ পিতৃ-পুৰুষসকলক এইবোৰৰ ইবাদত কৰোতে দেখিছো’।

    [54] তেওঁ ক’লে, ‘অৱশ্যে তোমালোকে আৰু তোমালোকৰ পিতৃ-পুৰুষসকলেও স্পষ্ট বিভ্ৰান্তিত আছা’।

    [55] সিহঁতে ক’লে, ‘তুমি আমাৰ ওচৰত সত্য লৈ আহিছা নেকি, নে তুমি আমাৰ লগত ধেমালি কৰিছা

    [56] তেওঁ ক’লে, ‘বৰং তোমালোকৰ ৰব সেইজনেই যিজন আকাশসমূহ আৰু পৃথিৱীৰ ৰব, যিয়ে এইবোৰ সৃষ্টি কৰিছে, আৰু এই বিষয়ে মই অন্যতম সাক্ষী’।

    [57] ‘আৰু আল্লাহৰ শপত! তোমালোকে গুচি যোৱাৰ পিছত মই তোমালোকৰ মূৰ্তিবোৰৰ বিষয়ে অৱশ্যে কৌশল অৱলম্বন কৰিম’।

    [58] তাৰ পিছত তেওঁ মূৰ্তিসমূহ চূৰ্ণ-বিচূৰ্ণ কৰি দিলে কেৱল ডাঙৰ মূৰ্তিটোৰ বাহিৰে; যাতে সিহঁতে তাৰ ওচৰলৈ উভতি যায়।

    [59] সিহঁতে ক’লে, ‘আমাৰ উপাস্যবোৰৰ সৈতে কোনে এই কাম কৰিছে? সি নিশ্চয় অন্যতম যালিম’।

    [60] কিছুমানে ক’লে, ‘আমি এজন যুৱকক এইবোৰৰ সমালোচনা কৰোতে শুনিছো; যাক ইব্ৰাহীম বুলি কোৱা হয়’।

    [61] সিহঁতে ক’লে, ‘তেনেহ’লে তাক জন সন্মুখত উপস্থিত কৰা, যাতে সিহঁতে সাক্ষ্য হয়’।

    [62] সিহঁতে ক’লে, ‘হে ইব্ৰাহীম! তুমিয়ে আমাৰ উপাস্যবোৰৰ সৈতে এই কাম কৰিছা নেকি’

    [63] তেওঁ ক’লে, ‘বৰং ইহঁতৰ এই প্ৰধানজনেই কিজানি এই কাম কৰিছে, এতেকে এইবোৰক সুধি চোৱা, যদি ইহঁত কথা ক’ব পাৰে’।

    [64] তেতিয়া সিহঁতে নিজেই পুনৰ বিবেচনা কৰি দেখিলে আৰু ইজনে সিজনক ক’লে, ‘নিশ্চয় তোমালোকেই আচল অন্যায়কাৰী’।

    [65] তাৰ পিছত সিহঁতৰ শিৰ নত হ’ল আৰু ক’লে, ‘তুমি দেখুন জানাই যে, ইহঁতে কথা কব নোৱাৰে’।

    [66] তেওঁ ক’লে, ‘তেনেহ’লে তোমালোকে আল্লাহৰ পৰিবৰ্তে এনে বস্তুৰ ইবাদত কৰা নেকি যিটোৱে তোমালোকৰ কোনো উপকাৰ কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে

    [67] ‘ধিক তোমালোকৰ প্ৰতি আৰু আল্লাহৰ পৰিবৰ্তে তোমালোকে যিবোৰৰ ইবাদত কৰা সেইবোৰৰ প্ৰতি! তথাপিও তোমালোকে নুবুজানে’

    [68] সিহঁতে ক’লে, ‘যদি তোমালোকে কিবা কৰিব বিচৰা তেন্তে ইয়াক জুইত পুৰি মাৰি পেলোৱা আৰু তোমালোকৰ উপাস্যবোৰৰ সহায় কৰা’।

    [69] আমি ক’লো, ‘হে জুই! তুমি ইব্ৰাহীমৰ বাবে শীতল আৰু নিৰাপদ হৈ যোৱা’।

    [70] আৰু সিহঁতে তেওঁৰ ক্ষতি সাধন কৰাৰ ইচ্ছা কৰিছিল। কিন্তু আমি সিহঁতকেই বেছি ক্ষতিগ্ৰস্ত কৰি দিলো।

    [71] আৰু আমি তেওঁক আৰু লূতক উদ্ধাৰ কৰি লৈ গ’লো সেই দেশত, য’ত সৃষ্টি জগতৰ বাবে আমি কল্যাণ ৰাখিছো।

    [72] আৰু আমি তেওঁক (ইব্ৰাহীমক) দান কৰিছিলো ইছহাক্ব লগতে অতিৰিক্ত পুৰষ্কাৰস্বৰূপে দান কৰিছিলো ইয়াকূবক; আৰু প্ৰত্যেককে কৰিছিলো সৎকৰ্মপৰায়ণ।

    [73] আৰু আমি তেওঁলোকক নেতৃত্ব দান কৰিছিলো, তেওঁলোকে আমাৰ নিৰ্দেশ অনুসাৰে মানুহক সঠিক পথ দেখুৱাইছিল; আৰু আমি তেওঁলোকক সৎকৰ্ম কৰিবলৈ, ছালাত কায়েম কৰিবলৈ আৰু যাকাত প্ৰদান কৰিবলৈ অহী প্ৰেৰণ কৰিছিলো; আৰু তেওঁলোক আমাৰেই ইবাদতকাৰী আছিল।

    [74] আৰু লূতক আমি দান কৰিছিলো প্ৰজ্ঞা আৰু জ্ঞান, আৰু তেওঁক আমি উদ্ধাৰ কৰিছিলো এনে এটা জনপদৰ পৰা যাৰ অধিবাসীবিলাক লিপ্ত আছিল অশ্লীল কামত; নিশ্চয় সিহঁত আছিল এটা বেয়া ফাছিক্ব সম্প্ৰদায়।

    [75] আৰু তেওঁক আমি আমাৰ অনুগ্ৰহৰ অন্তৰ্ভুক্ত কৰিছিলো; তেওঁ আছিল সৎকৰ্মপৰায়ণ সকলৰ অন্যতম।

    [76] আৰু স্মৰণ কৰা নূহৰ কথা; ইতিপূৰ্বে তেওঁ যেতিয়া আহ্বান কৰিছিল তেতিয়া আমি তেওঁৰ আহ্বানত সঁহাৰি দিছিলো আৰু তেওঁৰ লগতে তেওঁৰ পৰিয়ালবৰ্গকো মহাসংকটৰ পৰা উদ্ধাৰ কৰিছিলো

    [77] আৰু আমি তেওঁক সহায় কৰিছিলো সেই সম্প্ৰদায়ৰ বিৰুদ্ধে যিসকলে আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰিছিল; নিশ্চয় সিহঁত আছিল এটা ফাছিক্ব সম্প্ৰদায়। এই কাৰণেই আমি সিহঁত আটাইকে ডুবাই মাৰিছিলো।

    [78] লগতে স্মৰণ কৰা দাউদ আৰু ছুলাইমানক, যেতিয়া তেওঁলোকে শস্যক্ষেত্ৰ সম্পৰ্কে বিচাৰ কৰিছিল; যি শস্যক্ষেত্ৰত ৰাতি মানুহৰ ভেৰা-ছাগলী প্ৰৱেশ কৰিছিল; আৰু আমি তেওঁলোকৰ বিচাৰ পৰ্যবেক্ষণ কৰি আছিলো।

    [79] এতেকে আমি ছুলাইমানক এই বিষয়ৰ মীমাংসা বুজাই দিছিলো আৰু তেওঁলোক দুয়োকে প্ৰজ্ঞা আৰু জ্ঞান দান কৰিছিলো, লগতে পৰ্বত আৰু চৰাইবোৰক আমি দাউদৰ অনুগত কৰি দিছিলো, সেইবোৰে তেওঁৰ লগত পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰিছিল; আৰু আমিয়েই আছিলো এইবোৰৰ কৰ্তা।

    [80] আৰু আমি তেওঁক তোমালোকৰ বাবেই বৰ্ম নিৰ্মাণৰ শিক্ষা দিছিলো, যাতে ই যুদ্ধত তোমালোকক ৰক্ষা কৰে; গতিকে তোমালোকে কৃতজ্ঞ হ’বা নে

    [81] আৰু প্ৰবল বায়ুক ছুলাইমানৰ বশীভূত কৰি দিছিলো; যিটো তেওঁৰ নিৰ্দেশত প্ৰবাহিত হৈছিল সেই দেশৰ পিনে যি দেশত আমি প্ৰভূত কল্যাণ ৰাখি থৈছো; আৰু প্ৰত্যেক বিষয় সম্পৰ্কে আমিয়েই সম্যক জ্ঞানী।

    [82] আৰু চয়তানসকলৰ মাজৰ পৰাও (কিছুমানক তেওঁৰ বশীভূত কৰিছিলো), সিহঁতে তেওঁৰ বাবে ডুবাৰুৰ কাম কৰিছিল, ইয়াৰ বাহিৰেও ভিন ভিন কাম কৰিছিল; আৰু আমিয়েই সিহঁতৰ ৰক্ষাকাৰী আছিলো।

    [83] আৰু স্মৰণ কৰা আইয়ূবক, যেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, ‘নিশ্চয় মই দুখ-কষ্টত পতিত হৈছো, আৰু তুমি সৰ্বশ্ৰেষ্ঠ দয়ালু’।

    [84] ফলত আমি তেওঁৰ আহ্বানত সঁহাৰি দিলো, তেওঁৰ দুখ-কষ্ট দূৰ কৰি দিলো, তেওঁক তেওঁৰ পৰিয়ালবৰ্গ ঘূৰাই দিলো আৰু প্ৰদান কৰিলো তেওঁলোকৰ লগতে তেওঁলোকৰ সমপৰিমাণ, আমাৰ ফালৰ পৰা বিশেষ ৰহমতস্বৰূপে আৰু ইবাদতকাৰী সকলৰ বাবে উপদেশস্বৰূপ।

    [85] আৰু স্মৰণ কৰা ইছমাঈল, ইদৰীছ আৰু জুল-কিফ্লক, তেওঁলোকৰ প্ৰত্যেকেই আছিল ধৈৰ্যশীল

    [86] আৰু আমি তেওঁলোকক আমাৰ অনুগ্ৰহৰ অন্তৰ্ভুক্ত কৰিছিলো। নিশ্চয় তেওঁলোক আছিল সৎকৰ্মপৰায়ণ।

    [87] আৰু স্মৰণ কৰা জুন-নুনক, যেতিয়া তেওঁ ক্ৰোধ অৱস্থাত গুচি গৈছিল আৰু ধাৰণা কৰিছিল যে, আমি তেওঁক নধৰিম। তাৰ পিছত তেওঁ অন্ধকাৰৰ পৰা আহ্বান কৰি কৈছিল যে, ‘তোমাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তুমি পৱিত্ৰ মহান, নিশ্চয় মই অন্যায় কৰিছিলো’।

    [88] ফলত আমি তেওঁৰ আহ্বানত সঁহাৰি দিছিলো আৰু তেওঁক দুশ্চিন্তাৰ পৰা উদ্ধাৰ কৰিছিলো, আৰু এইদৰেই আমি মুমিনসকলক উদ্ধাৰ কৰো।

    [89] আৰু স্মৰণ কৰা যাকাৰিয়্যাক, যেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, ‘হে মোৰ ৰব! মোক অকলশৰীয়াকৈ (নিঃসন্তান) নাৰাখিবা, তুমিয়েইতো শ্ৰেষ্ঠ উত্তৰাধিকাৰী’।

    [90] ফলত আমি তেওঁৰ আহ্বানত সঁহাৰি দিছিলো আৰু তেওঁক দান কৰিছিলো ইয়াহইয়া, আৰু তেওঁৰ বাবে তেওঁৰ স্ত্ৰীক (গৰ্ভধাৰণৰ) যোগ্য কৰিছিলো। তেওঁলোকে সৎকৰ্মত প্ৰতিযোগিতা কৰিছিল, লগতে তেওঁলোকে আমাক আগ্ৰহ আৰু ভীতিৰ সৈতে আহ্বান কৰিছিল আৰু তেওঁলোক আমাৰ প্ৰতি বিনীত আছিল।

    [91] আৰু স্মৰণ কৰা সেইজনী নাৰীক, যিয়ে নিজ লজ্জাস্থানৰ হিফাজত কৰিছিল, সেয়ে তাৰ মাজত আমি আমাৰ ৰূহ ফুৱাই দিলো। তেওঁক আৰু তেওঁৰ পুত্ৰক সৃষ্টিজগতৰ বাবে এটা নিদৰ্শন বনাই দিলো।

    [92] নিশ্চয় তোমালোকৰ এই জাতি প্ৰকৃততে এটাই জাতি আৰু ময়েই তোমালোকৰ ৰব, এতেকে তোমালোকে কেৱল মোৰেই ইবাদত কৰা।

    [93] কিন্তু সিহঁতে নিজৰ কাৰ্যকলাপৰ মাজত বিভেদ সৃষ্টি কৰিছে। প্ৰত্যেকেই আমাৰ ওচৰত প্ৰত্যাৱৰ্তনকাৰী।

    [94] এতেকে যদি কোনোবাই মুমিন হৈ সৎকৰ্ম কৰে তেন্তে তাৰ প্ৰচেষ্টা কেতিয়াও অস্বীকাৰ কৰা নহ’ব আৰু নিশ্চয় আমি ইয়াৰ লিপিবদ্ধকাৰী।

    [95] আৰু আমি যি জনপদক ধ্বংস কৰিছো তাৰ বাবে নিষেধাজ্ঞা আছে যে, নিশ্চয় তাৰ অধিবাসীসকলে কেতিয়াও ঘূৰি নাহিব

    [96] অৱশেষত যেতিয়া ইয়া’জুজ আৰু মা’জুজক মুক্তি দিয়া হ’ব আৰু সিহঁতে প্ৰতিটো উচ্চভূমিৰ পৰা দৌৰি আহিব।

    [97] আৰু অমোঘ প্ৰতিশ্ৰুত সময় নিকটৱৰ্তী হ’লে আকস্মিকভাৱে কাফিৰসকলৰ চকু স্থিৰ হৈ যাব, সিহঁতে ক’ব, ‘হায়! দুৰ্ভাগ্য আমাৰ! অৱশ্যে আমি এই বিষয়ে উদাসীন আছিলো; বৰং আমি আছিলো যালিম’।

    [98] নিশ্চয় তোমালোকে আৰু আল্লাহৰ পৰিবৰ্তে তোমালোকে যিবোৰৰ ইবাদত কৰা সেই সকলোবোৰ হৈছে জাহান্নামৰ ইন্ধন; তোমালোক আটায়ে তাত প্ৰৱেশ কৰিবা।

    [99] যদি সিহঁত ইলাহ হ’লেহেঁতেন তেন্তে সিহঁত জাহান্নামত প্ৰৱেশ নকৰিলেহেঁতেন; আৰু সিহঁত আটায়ে তাত স্থায়ী হ’ব

    [100] তাত থাকিব সিহঁতৰ চিঞঁৰ-বাখৰ আৰু আৰ্তনাদ, সেই কাৰণে সিহঁতে তাত একোৱে শুনা নাপাব

    [101] নিশ্চয় আমাৰ তৰফৰ পৰা যিসকলৰ বাবে পূৰ্বৰে পৰা কল্যাণ নিৰ্ধাৰিত আছে তেওঁলোকক ইয়াৰ পৰা আঁতৰত ৰখা হ’ব।

    [102] তেওঁলোকে জাহান্নামৰ ক্ষিণ শব্দও শুনা নাপাব, আৰু তাত তেওঁলোকে মনঃপুত বস্তুৰ মাজত চিৰকাল থাকিব।

    [103] মহাভীতিয়েও তেওঁলোকক চিন্তিত নকৰিব আৰু ফিৰিস্তাসকলে তেওঁলোকক অভ্যৰ্থনা কৰিব এই বুলি, ‘এইটোৱে তোমালোকৰ সেই দিন, যাৰ প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল’।

    [104] সেইদিনা আমি আকাশসমূহক মেৰিয়াই পেলাম, যেনেকৈ মেৰিওৱা হয় লিখিত দলীল-পত্ৰ। যিদৰে আমি প্ৰথমে সৃষ্টিৰ সূচনা কৰিছিলো সেইদৰে পুনৰ সৃষ্টি কৰিম; এইটো আমাৰ কৃত প্ৰতিশ্ৰুতি, নিশ্চয় আমি সেয়া পালন কৰিমেই।

    [105] আৰু অৱশ্যে আমি ‘যিকৰ’ৰ পিছত যাবূৰত লিখি দিছো যে, ‘কেৱল মোৰ যোগ্য বান্দাসকলেই পৃথিৱীৰ উত্তৰাধিকাৰী হ’ব’।

    [106] নিশ্চয় ইয়াত আছে ইবাদতকাৰী সম্প্ৰদায়ৰ বাবে পৰ্যাপ্ত বিষয়বস্তু।

    [107] আৰু আমি তোমাক বিশ্ববাসীৰ বাবে কেৱল ৰহমত হিচাপেহে প্ৰেৰণ কৰিছো।

    [108] কোৱা, ‘মোৰ প্ৰতি অহী কৰা হয় যে, তোমালোকৰ ইলাহ কেৱল একক ইলাহ। এতেকে তোমালোকে আত্মসমৰ্পণকাৰী হ’বানে?’

    [109] তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে তুমি কৈ দিয়া, ‘মই তোমালোকক যথাযথভাৱে জনাই দিছো আৰু তোমালোকক যি বিষয়ৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, মই নাজানো সেয়া নিকটৱৰ্তী নে দূৰৱৰ্তী।

    [110] ‘নিশ্চয় তেওঁ প্ৰকাশ্য কথা সম্পৰ্কেও জানে আৰু তোমালোকে যি গোপন কৰা সেয়াও জানে।

    [111] ‘আৰু মই নাজানো হয়তো এইটো (বিলম্ব) তোমালোকৰ বাবে এটা পৰীক্ষা আৰু কিছুসময়ৰ বাবে জীৱনোপভোগৰ সুযোগ’।

    [112] ৰাছুলে কৈছিল, ‘হে মোৰ ৰব! তুমি ন্যায়সঙ্গতভাৱে ফয়চালা কৰি দিয়া’, আৰু আমাৰ ৰব হৈছে দয়াময়, তোমালোকে যি সাব্যস্ত কৰিছা সেই বিষয়ে একমাত্ৰ সহায়স্থল কেৱল তেৱেঁই’।

    Surah 22
    আল-হাজ্জ্ব

    [1] হে মানৱ! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় কিয়ামতৰ প্ৰকম্পন এটা বৰ ভয়ংকৰ বিষয়

    [2] যিদিনা তোমালোকে সেয়া দেখিবলৈ পাবা সেইদিনা প্ৰত্যেক পিয়াহ খুউৱা তিৰোতাই নিজৰ কেঁচুৱাক পাহৰি যাব আৰু প্ৰত্যেক গৰ্ভৱতী নাৰীয়ে গৰ্ভপাত কৰিব; আৰু তুমি মানুহক নিচাগ্ৰস্ত সদৃশ দেখিবা, অথচ সিহঁত নিচাগ্ৰস্ত নহয়। বৰং আল্লাহৰ শাস্তি অতি কঠিন।

    [3] মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে যিবিলাকে নাজানি আল্লাহ সম্পৰ্কে বিতণ্ডা কৰে আৰু সি প্ৰত্যেক বিদ্ৰোহী চয়তানৰ অনুসৰণ কৰে

    [4] তাৰ বিষয়ে লিখি দিয়া হৈছে যে, যিয়ে তাৰ লগত বন্ধুত্ব কৰিব সি অৱশ্যে তাক পথভ্ৰষ্ট কৰিব আৰু তাক প্ৰজ্জ্বলিত অগ্নিৰ শাস্তিৰ পিনে পৰিচালিত কৰিব।

    [5] হে মানৱ! যদি তোমালোকে পুনৰুত্থান সম্পৰ্কে সন্দেহত আছা তেন্তে জানি থোৱা, আমি তোমালোকক সৃষ্টি কৰিছো মাটিৰ পৰা, তাৰ পিছত শুক্ৰকীটৰ পৰা, তাৰ পিছত আলাক্বাৰ পৰা, তাৰ পিছত পূৰ্ণাকৃতি অথবা অপূৰ্ণাকৃতি মাংসপিণ্ডৰ পৰা—যাতে আমি বিষয়টো তোমালোকৰ ওচৰত সুস্পষ্টৰূপে প্ৰকাশ কৰি দিওঁ। আমাৰ ইচ্ছানুসৰি সেয়া (শুক্ৰকীটক) এটা নিৰ্দিষ্ট সময়ৰ বাবে মাতৃগৰ্ভত স্থিত ৰাখো, তাৰ পিছত আমি তোমালোকক শিশুৰূপে ওলাই আনো। যাতে তোমালোকে প্ৰাপ্তবয়সত উপনীত হোৱা। তোমালোকৰ মাজৰ কিছুমানক (আগতেই) মৃত্যু দিয়া হয় আকৌ আন কিছুমানক বুঢ়া বয়সৰ জৰাজীৰ্ণ অৱস্থালৈ প্ৰত্যাৰ্পণ কৰা হয়, যাৰ ফলত সি জনাৰ পিছতো একো নজনা হৈ পৰে। তুমি দেখা পোৱা যে, ভূমিখন শুকান হৈ পৰি আছে, তাৰ পিছত আমি তাত পানী বৰ্ষণ কৰো ফলত সেয়া সজীৱ হৈ ঠন ধৰি উঠে আৰু সকলো ধৰণৰ সুদৃশ্য উদ্ভিদ উৎপন্ন হয়

    [6] এইটো এই বাবে যে, আল্লাহেই সত্য আৰু তেৱেঁই মৃতক জীৱিত কৰে আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান

    [7] আৰু এই বাবে যে, নিশ্চয় কিয়ামত আহিব, ইয়াত কোনো সন্দেহ নাই আৰু যিসকল কবৰত আছে নিশ্চয় আল্লাহে তেওঁলোকক পুনৰুত্থিত কৰিব।

    [8] আৰু মানুহৰ মাজত এনেকুৱা মানুহো আছে যিসকলৰ কোনো জ্ঞান নাই, পথনিৰ্দেশও নাই আৰু দীপ্তিমান কোনো পুথিও নাই তথাপিও আল্লাহ সম্পৰ্কে বাক-বিতণ্ডা কৰে।

    [9] এই স্বভাৱৰ ব্যক্তিয়ে মানুহক আল্লাহৰ পথৰ পৰা পথভ্ৰষ্ট কৰিবলৈ অহংকাৰ কৰি দাং খাই উঠে। তাৰ বাবে পৃথিৱীত আছে লাঞ্ছনা আৰু কিয়ামতৰ দিনা আমি তাক ভোগ কৰাম দহন যন্ত্ৰণা।

    [10] (সেইদিনা তাক কোৱা হ’ব) ‘এইটো তোমাৰেই কৃতকৰ্মৰ ফল, আৰু আল্লাহে বান্দাসকলৰ প্ৰতি বিন্দুমাত্ৰও অন্যায় নকৰে’।

    [11] মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে, যিবিলাকে দ্বিধাৰ সৈতে আল্লাহৰ ইবাদত কৰে; তাৰ মঙ্গল হ’লে তেতিয়া তাৰ চিত্ত প্ৰশান্ত হয় আৰু কোনো বিপৰ্যয় ঘটিলে সি তাৰ পূৰ্ব চেহেৰাত উভতি যায়। সি ক্ষতিগ্ৰস্ত হয় পৃথিৱীত আৰু আখিৰাততো; এইটোৱেই স্পষ্ট ক্ষতি।

    [12] সি আল্লাহৰ পৰিবৰ্তে সেইবোৰক আহ্বান কৰে যিবোৰে তাৰ কোনো ক্ষতি কৰিব নোৱাৰে আৰু তাৰ কোনো উপকাৰো কৰিব নোৱাৰে; এইটোৱে চৰম পথভ্ৰষ্টতা

    [13] সি যিবোৰক আহ্বান কৰে সেইবোৰৰ ক্ষতি তাৰ লাভতকৈ বেছি। কিমান যে নিকৃষ্ট এই অভিভাৱক আৰু কিমান যে নিকৃষ্ট এই সহচৰ

    [14] নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাব, যাৰ পাদদেশত নদীসমূহ প্ৰবাহিত; নিশ্চয় আল্লাহে যি ইচ্ছা সেইটোৱেই কৰে।

    [15] যিয়ে ধাৰণা কৰে যে, আল্লাহে তেওঁক (ৰাছুলক) সহায় নকৰিব, সিয়ে আকাশৰ ফালে এটা ৰছী প্ৰসাৰিত কৰক, তাৰ পিছত সেয়া কাটি দিয়ক, তাৰ পিছত চাওক তাৰ এই কৌশলে তাৰ আক্ৰোশ দূৰ কৰে নে নাই।

    [16] এইদৰেই আমি সুস্পষ্ট নিদৰ্শন হিচাপে ইয়াক অৱতীৰ্ণ কৰিছো। নিশ্চয় আল্লাহে যাক ইচ্ছা হিদায়ত দান কৰে।

    [17] নিশ্চয় যিসকলে ঈমান আনিছে আৰু যিসকলে ইয়াহুদী হৈছে, আৰু যিসকলে ছাবেয়ী, খ্ৰীষ্টান আৰু অগ্নিপূজক আৰু যিবিলাকে শ্বিৰ্ক কৰিছে কিয়ামতৰ দিনা আল্লাহে সিহঁতৰ মাজত ফয়চালা কৰি দিব। নিশ্চয় আল্লাহ সকলো বস্তুৰ সম্যক প্ৰত্যক্ষকাৰী।

    [18] তুমি দেখা নাইনে যে, আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহকেই ছাজদাহ কৰে, আৰু সূৰ্য, চন্দ্ৰ, নক্ষত্ৰমণ্ডলী, পৰ্বতৰাজি, বৃক্ষলতা, জীৱ-জন্তু লগতে বহুতো মানুহেও ছাজদাহ কৰে? আৰু বহুতৰে প্ৰতি সাব্যস্ত হৈছে শাস্তি। আল্লাহে যাক অপমানিত কৰে তাক সন্মানদাতা কোনো নাই; নিশ্চয় আল্লাহ যি ইচ্ছা সেইটোৱে কৰে।

    [19] এই দুটা বিবদমান পক্ষ, সিহঁতে নিজ প্ৰতিপালক সম্পৰ্কে বিতৰ্কত লিপ্ত হৈছে; এতেকে যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে জুইৰ কাপোৰ কাটি পোছাক তৈয়াৰ কৰা হৈছে, সিহঁতৰ মূৰত ঢালি দিয়া হ’ব উতলা পানী।

    [20] ইয়াৰ দ্বাৰা সিহঁতৰ পেটৰ ভিতৰত যি আছে সেয়া লগতে সিহঁতৰ ছালবোৰ বিগলিত কৰা হ’ব।

    [21] আৰু সিহঁতৰ বাবে থাকিব লোৰ হাতুৰী।

    [22] যেতিয়াই সিহঁতে যন্ত্ৰণাত কাতৰ হৈ জাহান্নামৰ পৰা ওলাব বিচাৰিব তেতিয়াই সিহঁতক তালৈকে উভতাই দিয়া হ’ব; আৰু কোৱা হ’ব, ‘ভোগ কৰা দহন যন্ত্ৰণা’।

    [23] নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাব, যাৰ পাদদেশত নদীসমূহ প্ৰবাহিত; তাত তেওঁলোকক অলংকৃত কৰা হ’ব সোণৰ খাৰু আৰু মকুতাৰ দ্বাৰা আৰু তাত তেওঁলোকৰ পোছাক হ’ব ৰেচমৰ।

    [24] তেওঁলোকক পৱিত্ৰ বাক্যৰ অনুগামী কৰা হৈছিল আৰু তেওঁলোক পৰিচালিত হৈছিল পৰম প্ৰশংসিত আল্লাহৰ পথত।

    [25] নিশ্চয় যিসকলে কুফৰী কৰিছে সিহঁতে আল্লাহৰ পথৰ পৰা লগতে মছজিদে হাৰামৰ পৰা মানুহক বাধা দিয়ে, য’ত আমি স্থানীয় আৰু বহিৰাগত সকলো মানুহৰ বাবেই সম অধিকাৰ দান কৰিছো, তাত যিয়ে অন্যায়ভাৱে ইলহাদ তথা দ্বীনবিৰোধী পাপ কৰ্মৰ ইচ্ছা কৰে, আমি তাক যন্ত্ৰণাদায়ক শাস্তি ভোগ কৰাম।

    [26] আৰু স্মৰণ কৰা, যেতিয়া আমি ইব্ৰাহীমক ঘৰৰ (বাইতুল্লাহৰ) স্থান নিৰ্ধাৰণ কৰি দিছিলো, তেতিয়া কৈছিলো, ‘মোৰ লগত আন কাকো অংশী নকৰিবা আৰু মোৰ ঘৰখনক তাৱাফকাৰীসকলৰ বাবে, ছালাত আদায়কাৰীসকলৰ বাবে আৰু ৰুকু-ছাজদাকাৰী সকলৰ বাবে পৱিত্ৰ কৰি ৰাখিবা।

    [27] ‘আৰু মানুহৰ মাজত হজ্জৰ বাবে ঘোষণা কৰি দিয়া, তেওঁলোকে তোমাৰ ওচৰত আহিব খোজকাঢ়ি আৰু সকলো ধৰণৰ উটৰ পিঠিত আৰোহণ কৰি, তেওঁলোক আহিব দূৰ-দূৰণিৰ পথ অতিক্ৰম কৰি

    [28] ‘যাতে তেওঁলোকে নিজৰ কল্যাণৰ ঠাইবোৰত উপস্থিত হ’ব পাৰে আৰু আল্লাহে তেওঁলোকক চতুষ্পদ জন্তুৰ পৰা যিবোৰ জীৱিকা হিচাপে দান কৰিছে সেইবোৰৰ ওপৰত নিৰ্দিষ্ট দিনবোৰত আল্লাহৰ নাম উচ্চাৰণ কৰিব পাৰে। সেয়ে তোমালোকে তাৰ পৰা নিজে খোৱা আৰু দুখীয়া-নিচলা, অভাৱগ্ৰস্তক আহাৰ কৰোৱা।

    [29] ‘তাৰ পিছত তেওঁলোকে যেন অপৰিচ্ছন্নতা দূৰ কৰে আৰু তেওঁলোকৰ মানত পূৰ্ণ কৰে আৰু প্ৰাচীন ঘৰৰ তাৱাফ কৰে’।

    [30] এইটোৱে বিধান আৰু যিয়ে আল্লাহৰ সন্মানিত বিধানাৱলীৰ প্ৰতি সন্মান কৰিব তেন্তে তাৰ প্ৰতিপালকৰ ওচৰত তাৰ বাবে এইটোৱে উত্তম। তোমালোকৰ বাবে চতুষ্পদ জন্তু হালাল কৰা হৈছে কিন্তু সেইবোৰৰ বাহিৰে যিবোৰৰ বিষয়ে তোমালোকক তিলাৱত কৰি (নিষিদ্ধ বুলি) জনোৱা হৈছে। সেয়ে তোমালোকে মূৰ্তিপূজাৰ অপৱিত্ৰতাৰ পৰা বাচি থাকা আৰু মিছা কথা বৰ্জন কৰা।

    [31] আল্লাহৰ প্ৰতি একনিষ্ঠ হৈ আৰু তেওঁৰ লগত আনক অংশীদাৰ নকৰি। কাৰণ যিয়ে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰে সি যেনিবা আকাশৰ পৰা পৰিল আৰু চৰাইয়ে তাক থাপ মাৰি লৈ গ’ল নাইবা বতাহে তাক উৰুৱাই নি কোনো দূৰৱৰ্তী ঠাইত নিক্ষেপ কৰিলে।

    [32] এইটোৱে আল্লাহৰ বিধান আৰু যিয়ে আল্লাহৰ নিদৰ্শনাৱলীক সন্মান কৰে নিসন্দেহে সেয়া তাৰ হৃদয়ৰ তাক্বৱাপ্ৰসূত।

    [33] এই চতুষ্পদ জন্তুবোৰৰ মাজত তোমালোকৰ বাবে নানাবিধ উপকাৰ আছে এটা নিৰ্দিষ্ট সময়লৈকে; তাৰ পিছত এইবোৰৰ কুৰবানীৰ স্থান হৈছে প্ৰাচীন ঘৰটোৰ ওচৰত।

    [34] আৰু আমি প্ৰত্যেক সম্প্ৰদায়ৰ বাবে ‘মানছাক’ৰ নিয়ম বনাই দিছো; যাতে তেওঁ তেওঁলোকক জীৱনোপকৰণ হিচাপে যিবোৰ চতুষ্পদ জন্তু প্ৰদান কৰিছে, সেইবোৰৰ ওপৰত তেওঁলোকে আল্লাহৰ নাম উচ্চাৰণ কৰে। এতেকে তোমালোকৰ ইলাহ কেৱল একক ইলাহ, সেয়ে কেৱল তেওঁৰ ওচৰতেই আত্মসমৰ্পণ কৰা, আৰু সুসংবাদ দিয়া বিনীতলোক সকলক

    [35] যিসকলৰ ওচৰত আল্লাহৰ কথা উল্লেখ কৰা হ’লে তেওঁলোকৰ হৃদয় ভয়তে কম্পিত হয়, যিসকলে নিজৰ বিপদ-আপদত ধৈৰ্য ধাৰণ কৰে আৰু ছালাত কায়েম কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছো তাৰ পৰা ব্যয় কৰে।

    [36] আৰু উটক আমি আল্লাহৰ নিদৰ্শনসমূহৰ মাজত অন্যতম নিদৰ্শন বনাইছো, তোমালোকৰ বাবে তাৰ মাজত বহুতো কল্যাণ আছে। সেয়ে এটা ভৰি বান্ধি থোৱা আৰু বাকী তিনিটা ভৰিত থিয় দি থকা অৱস্থাত তোমালোকে তাৰ ওপৰত আল্লাহৰ নাম উচ্চাৰণ কৰা। তাৰ পিছত যেতিয়া সিহঁত কাতি হৈ পৰি যায়, তেতিয়া তোমালোকে তাৰ পৰা (মাংস) খোৱা আৰু আহাৰ কৰোৱা ধৈৰ্যশীল অভাৱগ্ৰস্তক লগতে সাহায্যপ্ৰাৰ্থীসকলক; এইদৰেই আমি সেইবোৰক তোমালোকৰ বশীভূত কৰি দিছো যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা।

    [37] সেইবোৰ পশুৰ ৰক্ত আৰু মাংস আল্লাহৰ ওচৰত গৈ নাপায়, বৰং তেওঁৰ ওচৰত গৈ পায় কেৱল তোমালোকৰ তাক্বৱা। এইদৰেই তেওঁ এইবোৰক তোমালোকৰ বশীভূত কৰি দিছে যাতে তোমালোকে আল্লাহৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা, এই কাৰণে যে, তেৱেঁই তোমালোকক হিদায়ত কৰিছে, সেয়ে তুমি সুসংবাদ দিয়া সৎকৰ্মপৰায়ণ সকলক।

    [38] নিশ্চয় আল্লাহে মুমিনসকলক প্ৰতিৰক্ষা দি থাকে, তেওঁ কোনো বিশ্বাসঘাতক, অকৃতজ্ঞ ব্যক্তিক পছন্দ নকৰে।

    [39] যুদ্ধৰ অনুমতি দিয়া হ’ল তেওঁলোকক যিসকলে আক্ৰান্ত হৈছে, কাৰণ তেওঁলোকক নিৰ্যাতন কৰা হৈছে। নিশ্চয় আল্লাহে তেওঁলোকক সহায় কৰিবলৈ সম্যক সক্ষম

    [40] তেওঁলোকক নিজ ঘৰ-বাৰীৰ পৰা অন্যায়ভাৱে বহিষ্কাৰ কৰা হৈছে, তেওঁলোকৰ অপৰাধ কেৱল এইটোৱে যে, তেওঁলোকে কয়, ‘আমাৰ ৰব আল্লাহ’। আল্লাহে যদি মানুহৰ এটা দলক আন এটা দলৰ দ্বাৰা প্ৰতিহত নকৰিলেহেঁতেন, তেন্তে বিধ্বস্ত হৈ গ’লেহেঁতেন খৃষ্টান সন্যাসীসকলৰ উপাসনালয়, গীৰ্জা, ইয়াহুদীসকলৰ উপাসনালয় লগতে মছজিদসমূহ—য’ত বেছি বেছি আল্লাহৰ নাম স্মৰণ কৰা হয়। নিশ্চয় আল্লাহে তাক সহায় কৰে যিয়ে আল্লাহক সহায় কৰে। নিশ্চয় আল্লাহ মহাশক্তিমান, পৰাক্ৰমশালী।

    [41] এওঁলোকেই হৈছে সেইসকল লোক যিসকলক আমি পৃথিৱীৰ বুকুত প্ৰতিষ্ঠিত কৰিলে তেওঁলোকে ছালাত কায়েম কৰিব, যাকাত প্ৰদান কৰিব আৰু সৎকমৰ নিৰ্দেশ দিব লগতে অসৎকৰ্ম নিষেধ কৰিব; আৰু সকলো কৰ্মৰ চূড়ান্ত পৰিণতি আল্লাহৰ ইখতিয়াৰত।

    [42] আৰু সিহঁতে যদি তোমাক অস্বীকাৰ কৰে, তেন্তে (এয়া কোনো নতুন কথা নহয়) সিহঁতৰ পূৰ্বেও নূহ, আদ আৰু ছামূদ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল

    [43] লগতে ইব্ৰাহীম আৰু লূতৰ সম্প্ৰদায়েও (অস্বীকাৰ কৰিছিল)

    [44] আৰু মাদাইনৰ অধিবাসীবিলাকেও। এইদৰে অস্বীকাৰ কৰা হৈছিল মুছাকো। এতেকে কাফিৰসকলক মই অৱকাশ দিছিলো, তাৰ পিছতহে আমি সিহঁতক ধৰিছিলো। এতেকে (প্ৰত্যক্ষ কৰা) মোৰ প্ৰত্যাখ্যান (শাস্তি) কেনেকুৱা আছিল

    [45] আৰু আমি কিমান যে জনপদ ধ্বংস কৰিছো যিবোৰৰ অধিবাসীবিলাক আছিল যালিম। ফলত এইবোৰ জনপদে সিহঁতৰ ঘৰৰ চাদৰ সৈতে ধ্বংসস্তূপত পৰিণত হৈছে। এইদৰে কিমান যে কুঁৱা পৰিত্যক্ত হৈছে আৰু কিমান যে সুদৃঢ় প্ৰসাদ ধ্বংস হৈছে

    [46] সিহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাইনে? তেতিয়াহে সিহঁতে জ্ঞান বুদ্ধি সম্পন্ন হৃদয় আৰু শ্ৰুতিশক্তি সম্পন্ন শ্ৰৱণৰ অধিকাৰী হ’ব পাৰিলেহেঁতেন। প্ৰকৃততে চকু অন্ধ নহয়, বৰং অন্ধ হৈছে বুকুৰ মাজত অৱস্থিত হৃদয়।

    [47] আৰু সিহঁতে শাস্তি আনিবলৈ তোমাক খৰখেদা কৰিবলৈ কয়, অথচ আল্লাহে তেওঁৰ প্ৰতিশ্ৰুতি কেতিয়াও ভঙ্গ নকৰে। নিশ্চয় তোমালোকৰ প্ৰতিপালকৰ ওচৰত এদিন তোমালোকৰ গণনাত সেয়া এহেজাৰ বছৰৰ সমান

    [48] আৰু আমি বহুতো জনপদক অৱকাশ দিছিলো অথচ সিহঁত আছিল যালিম, তাৰ পিছত আমি সিহঁতক গ্ৰেপ্তাৰ কৰিছো, আৰু আমাৰ ওচৰতেই প্ৰত্যাৱৰ্তনস্থল।

    [49] কোৱা, ‘হে মানৱ সম্প্ৰদায়! মই কেৱল তোমালোকৰ বাবে এজন সুস্পষ্ট সতৰ্ককাৰী’

    [50] এতেকে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে ক্ষমা আৰু সন্মানজনক জীৱিকা

    [51] আৰু যিসকলে আমাৰ আয়াতসমূহক ব্যৰ্থ কৰা চেষ্টা কৰে, সিহঁতেই হ’ব জাহান্নামৰ অধিবাসী।

    [52] আৰু আমি তোমাৰ পূৰ্বে যি ৰাছুল অথবা নবী প্ৰেৰণ কৰিছো, তেওঁলোকৰ কোনোবাই যেতিয়া (অহী বাণী) তিলাৱত কৰিছে, তেতিয়াই চয়তানে তেওঁলোকৰ তিলাৱতত (কিবা) নিক্ষেপ কৰিছে, কিন্তু চয়তানে যি নিক্ষেপ কৰে আল্লাহে সেয়া বিদূৰিত কৰে। তাৰ পিছত আল্লাহে তেওঁৰ আয়াতসমূহক সুপ্ৰতিষ্ঠিত কৰে, আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

    [53] এইটো এই কাৰণে যে, চয়তানে যি প্ৰক্ষিপ্ত কৰে, সেয়া তেওঁ সিহঁতৰ বাবে পৰীক্ষাৰ বস্তু বনাই দিয়ে যিসকলৰ অন্তৰত ব্যধি আছে আৰু যিসকলৰ অন্তৰ অতি কঠোৰ। নিশ্চয় যালিমসকল ঘোৰ বিৰোধিতাত লিপ্ত আছে।

    [54] আৰু এইটো এই বাবেও যে, যিসকলক জ্ঞান দিয়া হৈছে সিহঁতে যেন জানিব পাৰে যে, এইটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সত্য; ফলত সিহঁতে ইয়াৰ ওপৰত বিশ্বাস স্থাপন কৰে আৰু সিহঁতৰ অন্তৰ ইয়াৰ প্ৰতি বিনয়াৱনত হয়। নিশ্চয় যিসকলে ঈমান আনিছে আল্লাহে তেওঁলোকক সৰল পথ দেখুৱাব।

    [55] আৰু যিসকলে কুফৰী কৰিছে সিহঁতে ইয়াৰ প্ৰতি সন্দেহ পোষণ কৰিয়েই থাকিব, সিহঁতৰ ওচৰত আকস্মিকভাৱে কিয়ামত নহা লৈকে অথবা সিহঁতৰ ওচৰত এটা বন্ধা দিনৰ শাস্তি নহা লৈকে।

    [56] সেইদিনা কেৱল আল্লাহৰেই আধিপত্য; তেৱেঁই সিহঁতৰ মাজত বিচাৰ কৰিব। তাৰ পিছত যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে নিয়ামতপূৰ্ণ জান্নাতত অৱস্থান কৰিব।

    [57] আৰু যিসকলে কুফৰী কৰিছে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতৰ বাবেই আছে লাঞ্ছনাদায়ক শাস্তি।

    [58] আৰু যিসকলে আল্লাহৰ পথত হিজৰত কৰিছে, তাৰ পিছত নিহত হৈছে অথবা মৃত্যুবৰণ কৰিছে, তেওঁলোকক অৱশ্যে আল্লাহে উৎকৃষ্ট জীৱিকা প্ৰদান কৰিব; আৰু নিশ্চয় আল্লাহ, তেৱেঁই হৈছে সৰ্বোৎকৃষ্ট জীৱিকাদাতা।

    [59] তেওঁ অৱশ্যে তেওঁলোকক এনে স্থানত প্ৰৱেশ কৰাব, যিটো তেওঁলোকে পছন্দ কৰিব। নিশ্চয় আল্লাহ মহাজ্ঞানী, পৰম সহনশীল।

    [60] এইটোৱেই হ’ল প্ৰকৃত ৰীতি, আৰু যি ব্যক্তিয়ে নিৰ্যাতিত হৈ তাৰ সমপৰিমাণ প্ৰতিশোধ গ্ৰহণ কৰে, তাৰ পিছত পুনৰ সি নিৰ্যাতিত হয় তেন্তে নিশ্চয় আল্লাহে তেওঁক সহায় কৰিব; নিশ্চয় আল্লাহ পাপ মোচনকাৰী, ক্ষমাশীল।

    [61] এইটো এই বাবে যে, নিশ্চয় আল্লাহে ৰাতিক দিনৰ মাজত প্ৰৱেশ কৰায় আৰু দিনক প্ৰৱেশ কৰায় ৰাতিৰ মাজত। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা

    [62] আৰু এই কাৰণেও যে, নিশ্চয় আল্লাহ, কেৱল তেৱেঁই সত্য আৰু তেওঁৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে, সেই সকলো অসত্য। নিশ্চয় আল্লাহ, তেৱেঁই সুউচ্চ, সুমহান।

    [63] তুমি লক্ষ্য কৰা নাইনে যে, আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে? যাৰ ফলত পৃথিৱী সেউজীয়া হৈ উঠে? নিশ্চয় আল্লাহ সুক্ষ্মদৰ্শী, সম্যক অৱহিত।

    [64] আকাশসমূত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। নিশ্চয় আল্লাহ, তেৱেঁই অভাৱমুক্ত, পৰম প্ৰশংসিত।

    [65] তুমি লক্ষ্য কৰা নাইনে, পৃথিৱীত যি আছে সেই সকলো আল্লাহে তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে আৰু নৌযানসমূহকো, যিবোৰ তেওঁৰ নিৰ্দেশতেই সাগৰত বিচৰণ কৰে? আৰু তেৱেঁই আকাশক ধৰি ৰাখিছে, যাতে তেওঁৰ অনুমতিবিহীন পৃথিৱীৰ ওপৰত পৰি নাযায়। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি স্নেহপ্ৰৱণ, পৰম দয়ালু।

    [66] তেৱেঁই তোমালোকক জীৱিত কৰিছে আৰু তেৱেঁই তোমালোকৰ মৃত্যু ঘটাব, আকৌ তেৱেঁই পুনৰ তোমালোকক জীৱিত কৰিব। নিশ্চয় মানুহ বৰ বেছি অকৃতজ্ঞ।

    [67] আমি প্ৰত্যেক উম্মতৰ বাবে ইবাদতৰ নিয়ম-পদ্ধতি নিৰ্ধাৰণ কৰি দিছো যিটো সিহঁতে পালন কৰে। এতেকে সিহঁতে যেন এই বিষয়ে তোমাৰ লগত বিতৰ্ক নকৰে। তুমি তোমাৰ প্ৰতিপালকৰ পিনে আহ্বান কৰা। নিশ্চয় তুমি সৰল পথত প্ৰতিষ্ঠিত।

    [68] আৰু যদি সিহঁতে তোমাৰ লগত বিতৰ্ক কৰে তেন্তে কোৱা, ‘তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত’।

    [69] ‘তোমালোকে যি বিষয়ে মতানৈক্য কৰিছা আল্লাহে কিয়ামতৰ দিনা সেই বিষয়ে তোমালোকৰ মাজত বিচাৰ-মীমাংসা কৰি দিব’।

    [70] তুমি নাজানা নে যে, আকাশ আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহে জানে। নিশ্চয় সেই সকলো (লিখা) আছে এখন পুথিত। নিশ্চয় আল্লাহৰ ওচৰত এয়া অতি সহজ।

    [71] আৰু সিহঁতে আল্লাহৰ পৰিবৰ্তে এনে বস্তুৰ ইবাদত কৰে যিবোৰৰ বিষয়ে তেওঁ কোনো দলীল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই, আৰু যাৰ বিষয়ে সিহঁতৰ কোনো জ্ঞান নাই। অৱশ্যে যালিমসকলৰ কোনো সহায়কাৰী নাই।

    [72] আৰু সিহঁতৰ ওচৰত আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হ’লে তুমি কাফিৰসকলৰ মুখমণ্ডলত অসন্তুষ্ট ভাৱ দেখিবলৈ পাবা। যিসকলে আমাৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱত কৰে সিহঁতে তেওঁলোকক আক্ৰমণ কৰিবলৈ উদ্যত হয়। কোৱা, ‘মই তোমালোকক ইয়াতকৈয়ো নিকৃষ্ট বস্তুৰ সংবাদ দিমনে?--- সেয়া হ’ল জুই। যিসকলে কুফৰী কৰিছে আল্লাহে সিহঁতক ইয়াৰ প্ৰতিশ্ৰুতি দিছে। এইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল!’

    [73] হে মানৱ সম্প্ৰদায়! এটা উদাহৰণ দাঙি ধৰা হৈছে, মনোযোগ দি শুনাঃ তোমালোকে আল্লাহৰ পৰিবৰ্তে যিবোৰক আহ্বান কৰা সিহঁত আটায়ে মিলি কেতিয়াও এটা মাখিও সৃষ্টি কৰিব নোৱাৰে। বৰং মাখিয়ে যদি সিহঁতৰ পৰা কোনো বস্তু কাঢ়ি নিয়ে তথাপিও সিহঁতে তাৰ পৰা সেই বস্তুটো উদ্ধাৰ কৰিব নোৱাৰিব। প্ৰাৰ্থনাকাৰী আৰু যাৰ ওচৰত প্ৰাৰ্থনা কৰা হয় সিহঁত উভয়েই দুৰ্বল।

    [74] সিহঁতে আল্লাহক যথাযোগ্য মৰ্যাদা দিয়া নাই যেনেকুৱা মৰ্যাদা দিয়া উচিত আছিল। নিশ্চয় আল্লাহ ক্ষমতাবান, পৰাক্ৰমশালী।

    [75] আল্লাহে ফিৰিস্তাসকলৰ পৰা আৰু মানুহৰ মাজৰ পৰা ৰাছুল মনোনীত কৰে। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সম্যক দ্ৰষ্টা।

    [76] তেওঁলোকৰ সন্মুখত আৰু পিছত যি আছে সেই সকলো তেওঁ জানে আৰু সকলো বিষয় আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত কৰা হ’ব।

    [77] হে মুমিনসকল! তোমালোকে ৰুকু কৰা, ছাজদাহ কৰা আৰু তোমালোকৰ প্ৰতিপালকৰ ইবাদত কৰা লগতে সৎকৰ্ম কৰা, যাতে তোমালোকে সফলকাম হ’ব পাৰা।

    [78] আৰু আল্লাহৰ পথত জিহাদ কৰা যেনেকৈ জিহাদ কৰা উচিত। তেওঁ তোমালোকক মনোনীত কৰিছে। তেওঁ দ্বীন সম্পৰ্কে তোমালোকৰ ওপৰত কোনো কঠোৰতা আৰোপ কৰা নাই। এইটো তোমালোকৰ পিতৃ ইব্ৰাহীমৰ দ্বীন। তেৱেঁই তোমালোকক ইয়াৰ পূৰ্বেই নামকৰণ কৰিছে ‘মুছলিম’ বুলি আৰু এই কিতাবতো (এই নামেৰে নামকৰণ কৰা হৈছে); যাতে ৰাছুল তোমালোকৰ বাবে সাক্ষী হয় আৰু তোমালোকে মানুহৰ বাবে সাক্ষী হোৱা। সেয়ে তোমালোকে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা আৰু আল্লাহক মজবুতকৈ অৱলম্বন কৰা; তেৱেঁই তোমালোকৰ অভিভাৱক, তেওঁ কিমান যে উত্তম অভিভাৱক আৰু কিমান যে উত্তম সহায়কাৰী

    Surah 23
    আল-মুমিনুন

    [1] অৱশ্যে মুমিনসকল সফলকাম হৈছে

    [2] যিসকলে নিজৰ ছালাতত ভীতি-অৱনত

    [3] আৰু যিসকলে অসাৰ কথা-বতৰাৰ পৰা বিমুখ

    [4] আৰু যিসকলে যাকাতৰ ক্ষেত্ৰত সক্ৰিয়

    [5] যিসকলে নিজৰ যৌনাংগক ৰাখে সংৰক্ষিত

    [6] কেৱল নিজৰ স্ত্ৰী অথবা অধিকাৰভুক্ত দাসীসকলৰ বাহিৰে, নিশ্চয় ইয়াত তেওঁলোক নিন্দিত নহ’ব

    [7] এতেকে যিসকলে ইয়াৰ বাহিৰে আনক কামনা কৰিব, সিহঁতেই হ’ব সীমালঙ্ঘনকাৰী

    [8] আৰু যিসকলে ৰক্ষা কৰে নিজৰ আমানত আৰু প্ৰতিশ্ৰুতি

    [9] আৰু যিসকলে নিজৰ ছালাতত থাকে যত্নবান

    [10] তেওঁলোকেই হ’ব অধিকাৰী

    [11] যিসকলে অধিকাৰী হ’ব ফিৰদাউছৰ, য’ত তেওঁলোক স্থায়ী হ’ব।

    [12] অৱশ্যে আমি মানুহক সৃষ্টি কৰিছো মাটিৰ উপাদানৰ পৰা

    [13] তাৰ পিছত আমি তাক স্থাপন কৰো শুক্ৰবিন্দুৰূপে এটা নিৰাপদ ভাণ্ডাৰত

    [14] তাৰ পিছত আমি শুক্ৰবিন্দুক আলাকাত পৰিণত কৰো, পিছত আলাকাক পৰিণত কৰো মাংসপিণ্ডত, মাংসপিণ্ডক পৰিণত কৰো অস্থিত, তাৰ পিছত অস্থিক ঢাকি দিওঁ মাংসৰে, অৱশেষত আমি তাক গঢ়ি তোলোঁ আন এটা সৃষ্টিৰূপে। এতেকে (চোৱা) সৰ্বোত্তম স্ৰষ্টা আল্লাহ কিমান বৰকতময়

    [15] ইয়াৰ পিছত অৱশ্যে তোমালোকে মৃত্যুবৰণ কৰিবা

    [16] তাৰ পিছত কিয়ামতৰ দিনা তোমালোকক নিশ্চয় উত্থিত কৰা হ’ব।

    [17] আৰু অৱশ্যে আমি তোমালোকৰ ওপৰত সৃষ্টি কৰিছো সাতোটা আকাশ আৰু আমি সৃষ্টি সম্পৰ্কে কদাপিও উদাসিন নহয়

    [18] আৰু আমি আকাশৰ পৰা পানী বৰ্ষণ কৰো পৰিমিতভাৱে, ফলত সেয়া আমি মাটিত সংৰক্ষিত কৰো, আৰু আৱশ্যে আমি সেয়া অপসাৰণ কৰিবলৈয়ো সম্পূৰ্ণ সক্ষম।

    [19] তাৰ পিছত আমি তাৰ দ্বাৰা তোমালোকৰ বাবে খেজুৰ আৰু আঙুৰৰ বাগান সৃষ্টি কৰো, য’ত তোমালোকৰ বাবে থাকে প্ৰচুৰ ফল, যিবোৰ তোমালোকে খোৱা

    [20] আৰু সৃষ্টি কৰো এটা গছ যিটো উৎপন্ন হয় চিনাই পৰ্বতত, যিটোৰ পৰা উৎপন্ন হয় আহাৰকাৰী সকলৰ বাবে তেল আৰু তৰকাৰি।

    [21] আৰু নিশ্চয় তোমালোকৰ বাবে ঘৰচীয়া জন্তুবোৰৰ মাজত আছে শিক্ষণীয় বিষয়, সেইবোৰৰ পেটত যি (গাখীৰ) আছে তাৰে পৰা আমি তোমালোকক পান কৰাওঁ আৰু তাত তোমালোকৰ বাবে আছে প্ৰচুৰ উপকাৰিতা, সেইবোৰ (জন্তু)ৰ পৰা তোমালোকে আহাৰো কৰা।

    [22] আৰু এইবোৰ পশু আৰু নৌযানত তোমালোকক আৰোহণ কৰোৱা হয়।

    [23] অৱশ্যে আমি নূহক প্ৰেৰণ কৰিছিলো তেওঁৰ সম্প্ৰদায়ৰ ওচৰত। তেওঁ কলে হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই, তথাপিও তোমালোকে তাক্বনৱা অৱলম্বন নকৰিবানে

    [24] তাৰ পিছত তেওঁৰ সম্প্ৰদায়ৰ নেতা শ্ৰেণীৰ লোক যিসকলে কুফৰী কৰিছিল সিহঁতে কলে, এওঁতো তোমালোকৰ দৰেই এজন মানুহ, এওঁ তোমালোকৰ ওপৰত শ্ৰেষ্ঠত্ব লাভ কৰিব বিচাৰিছে, যদি আল্লাহে ইচ্ছা কৰিলেহেঁতেন তেন্তে ফিৰিস্তাকেই অৱতীৰ্ণ কৰিলেহেঁতেন, আমি আমাৰ পূৰ্বপূৰুষসকলৰ ওচৰত এনেকুৱা ঘটনা কেতিয়াও শুনা নাই।

    [25] নিশ্চয় এওঁ বলিয়া হৈছে, সেয়ে তোমালোকে ইয়াৰ বিষয়ে কিছুদিন ধৈৰ্য ধৰা।

    [26] নূহে (আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি) ক’লে, ‘হে মোৰ ৰব! মোক সহায় কৰা, কাৰণ সিহঁতে মোক মিছলীয়া বুলি অস্বীকাৰ কৰিছে’।

    [27] ফলত আমি তেওঁৰ ওচৰত অহী প্ৰেৰণ কৰিলো, তুমি আমাৰ চক্ষুষ তত্ত্বাৱধায়নত আৰু আমাৰ অহী অনুযায়ী নৌযান নিৰ্মাণ কৰা, তাৰ পিছত যেতিয়া আমাৰ আদেশ আহিব আৰু চৌকাৰ পানী উথলি উঠিব, তেতিয়া প্ৰত্যেক জীৱ-জন্তুৰ একো যোৰকৈ লৈ (নাৱঁত) উঠিবা আৰু তোমাৰ পৰিয়ালবৰ্গকো লগত লবা, কেৱল সেইসকলৰ বাহিৰে যিসকলৰ বিৰুদ্ধে পূৰ্বেই সিদ্ধান্ত লোৱা হৈছে। লগতে সিহঁতৰ বিষয় লৈ তুমি মোক সম্বোধন নকৰিবা যিসকলে অন্যায় কৰিছে। নিশ্চয় সিহঁত ডুবি মৰিব।

    [28] এতেকে যেতিয়া তুমি আৰু তোমাৰ সঙ্গীসকল নৌযানৰ ওপৰত স্থিৰ হ’বা তেতিয়া ক’বা, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবেই, যিয়ে আমাক উদ্ধাৰ কৰিছে যালিম সম্প্ৰদায়ৰ পৰা’।

    [29] তুমি আৰু কোৱা, ‘হে মোৰ ৰব! মোক বৰকতময় অৱতৰণস্থলত অৱতৰণ কৰোৱা; আৰু তুমিয়েই শ্ৰেষ্ঠ আৱতৰণকাৰী’।

    [30] নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন; আৰু আমি সিহঁতক পৰীক্ষাহে কৰিছিলো।

    [31] এতেকে আমি সিহঁতৰ পিছত আন এটা প্ৰজন্ম সৃষ্টি কৰিছিলো

    [32] ইয়াৰ পিছত আমি সিহঁতৰ মাজৰেই এজনক ৰাছুল হিচাপে প্ৰেৰণ কৰিছিলো, তেওঁ কৈছিল, ‘তোমালোকে কেৱল আল্লাহৰেই ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই, তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে

    [33] আৰু তেওঁৰ সম্প্ৰদায়ৰ নেতাসকলে, যিসকলে কুফৰী কৰিছিল আৰু আখিৰাতৰ সাক্ষাতক অস্বীকাৰ কৰিছিল আৰু যিসকলক আমি প্ৰদান কৰিছিলো পাৰ্থিৱ জীৱনৰ প্ৰচুৰ ভোগ-সম্ভাৰ, সিহঁতে কৈছিল, ‘এওঁ দেখুন তোমালোকৰ দৰেই এজন মানুহ, তোমালোকে যি খোৱা তেৱোঁ তাকেই খায় আৰু তোমালোকে যি পান কৰা তেৱোঁ তাকেই পান কৰে

    [34] ‘যদি তোমালোকে তোমালোকৰ দৰেই এজন মানুহৰ আনুগত্য কৰা তেন্তে তোমালোকে অৱশ্যে ক্ষতিগ্ৰস্ত হ’বা

    [35] ‘এওঁ তোমালোকক এই প্ৰতিশ্ৰুতি দিয়ে নেকি যে, তোমালোকে যেতিয়া মৃত্যুবৰণ কৰিবা আৰু তোমালোক মাটি আৰু অস্থিত পৰিণত হ’বা; তাৰ পিছতো তোমালোকক আকৌ উত্থিত কৰা হ’ব

    [36] ‘অসম্ভৱ, তোমালোকক যি বিষয়ে প্ৰতিশ্ৰুতি দিয়া হৈছে সেয়া অসম্ভৱ।

    [37] ‘একমাত্ৰ পাৰ্থিৱ জীৱনেই আমাৰ জীৱন, আমাৰ জীৱন মৰণ ইয়াতেই; আৰু আমি কেতিয়াও পুনৰুত্থিত নহওঁ।

    [38] ‘এওঁ এনেকুৱা এজন ব্যক্তি যিয়ে আল্লাহ সম্পৰ্কে মিছা অপবাদ দিছে, আমি তেওঁক কেতিয়াও বিশ্বাস নকৰো’।

    [39] তেওঁ ক’লে, ‘হে মোৰ ৰব! মোক সহায় কৰা, কাৰণ সিহঁতে মোক মিছলীয়া বুলি অস্বীকাৰ কৰিছে’।

    [40] আল্লাহে ক’লে, ‘কিছু সময়ৰ মাজতেই সিহঁত নিশ্চিতৰূপে অনুতপ্ত হ’ব’।

    [41] তাৰ পিছত এটা বিকট শব্দই সত্য-ন্যায়ৰ সৈতে সিহঁতক আক্ৰান্ত কৰিলে, ফলত আমি সিহঁতক বতাহে উৰুৱাই নিয়া আৱৰ্জনাৰ দৰে কৰি দিলো। এতেকে যালিম সম্প্ৰদায়ৰ বাবে কেৱল ধ্বংস।

    [42] ইয়াৰ পিছত আমি আৰু বহু প্ৰজন্ম সৃষ্টি কৰিছো।

    [43] কোনো জাতিয়েই সিহঁতৰ নিৰ্দিষ্ট সময়ক আগতীয়াকৈ আনিব নোৱাৰে আৰু পিছলৈয়ো ঠেলি দিব নোৱাৰে।

    [44] ইয়াৰ পিছত আমি এজনৰ পিছত এজনকৈ আমাৰ ৰাছুলসকলক প্ৰেৰণ কৰিছো। যেতিয়াই কোনো জাতিৰ ওচৰত সিহঁতৰ ৰাছুল আহিছে তেতিয়াই সিহঁতে তেওঁক অস্বীকাৰ কৰিছে। ফলত আমি সিহঁতক এটাৰ পিছত এটাকৈ ধ্বংস কৰি কাহিনীত পৰিণত কৰিছো। এতেকে যিসকলে ঈমান পোষণ নকৰে সেইবোৰ সম্প্ৰদায়ৰ বাবে কেৱল ধ্বংসই ধ্বংস

    [45] তাৰ পিছত আমি মুছা আৰু তেওঁৰ ভাতৃ হাৰূনক আমাৰ নিদৰ্শনাৱলীসহ লগতে সুস্পষ্ট প্ৰমাণসহ প্ৰেৰণ কৰিলো

    [46] ফিৰআউন আৰু তেওঁৰ পৰিষদবৰ্গৰ ওচৰত। কিন্তু সিহঁতে অহংকাৰ কৰিলে; আৰু সিহঁত আছিল উদ্ধত সম্প্ৰদায়।

    [47] তাৰ পিছত সিহঁতে ক’লে, ‘আমি আমাৰ দৰেই দুজন ব্যক্তিৰ প্ৰতি ঈমান পোষণ কৰিমনে, অথচ তেওঁলোকৰ জাতিৰ মানুহবিলাক আমাৰ দাস’

    [48] এতেকে সিহঁতে তেওঁলোক উভয়কে অস্বীকাৰ কৰিলে, ফলত সিহঁত ধ্বংসপ্ৰাপ্ত সকলৰ অন্তৰ্ভুক্ত হ’ল।

    [49] আৰু আমি অৱশ্যে মুছাক কিতাব প্ৰদান কৰিছিলো; যাতে সিহঁতে হিদায়ত পাব পাৰে।

    [50] আমি মাৰইয়ামৰ পুত্ৰ আৰু তেওঁৰ মাতৃক এটা নিদৰ্শন বনাইছিলো আৰু তেওঁলোকক আশ্ৰয় দিছিলো এটা অৱস্থানযোগ্য আৰু প্ৰস্ৰৱণবিশিষ্ট উচ্চ ভূমিত।

    [51] ‘হে ৰাছুলসকল! তোমালোকে পৱিত্ৰ বস্তুৰ পৰা খাদ্য গ্ৰহণ কৰা আৰু সৎকৰ্ম কৰা; নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আমি সবিশেষ অৱগত।

    [52] ‘আৰু তোমালোকৰ এই উম্মত কেৱল এটাই উম্মত, আৰু ময়েই তোমালোকৰ ৰব; এতেকে কেৱল মোৰেই তাক্বৱা অৱলম্বন কৰা’।

    [53] পিছতহে মানুহে সিহঁতৰ নিজৰ মাজত সিহঁতৰ এই দ্বীনক বহুধা বিভক্ত কৰিছে। প্ৰত্যেক দলেই সিহঁতৰ ওচৰত যি আছে সেইটো লৈহে আনন্দিত।

    [54] এতেকে কিছু সময়ৰ বাবে সিহঁতক সিহঁতৰ বিভ্ৰান্তিতে এৰি দিয়া।

    [55] সিহঁতে ভাৱে নেকি যে, আমি সিহঁতক যি ধন-সম্পদ আৰু সন্তান-সন্ততিৰ দ্বাৰা সহযোগিতা কৰিছো, তাৰ মাধ্যমত

    [56] আমি সিহঁতৰ বাবে সকলো মঙ্গল তৰান্বিত কৰিম? নহয়, বৰং সিহঁতে উপলব্ধি কৰিব পৰা নাই।

    [57] নিশ্চয় যিসকলে নিজ প্ৰতিপালকৰ ভয়ত ভীত-সন্ত্ৰস্ত

    [58] আৰু যিসকলে নিজ প্ৰতিপালকৰ নিদৰ্শনসমূহৰ প্ৰতি বিশ্বাস পোষণ কৰে

    [59] আৰু যিসকলে নিজ প্ৰতিপালকৰ লগত শ্বিৰ্ক নকৰে

    [60] আৰু যিসকলে দান কৰিবলগীয়া বস্তু ভীত-কম্পিত হৃদয়ত দান কৰে, এই কাৰণে যে, তেওঁলোকে নিজ প্ৰতিপালকৰ ওচৰত প্ৰত্যাৱৰ্তনকাৰী।

    [61] তেওঁলোকেই কল্যাণ সাধনত খৰধৰ কৰে আৰু তেওঁলোক তাত অগ্ৰগামী হয়।

    [62] আৰু আমি কাকো তাৰ সাধ্যাতীত দায়িত্বৰ বোজা অৰ্পন নকৰো আৰু আমাৰ ওচৰত আছে এনে এখন কিতাপ যিটো সত্য ব্যক্ত কৰে আৰু সিহঁতৰ প্ৰতি অকণো অন্যায় কৰা নহ’ব।

    [63] বৰং এই বিষয়ে সিহঁতৰ অন্তৰ অজ্ঞানতাত আচ্ছন্ন, ইয়াৰ বাহিৰেও সিহঁতৰ আৰু কৰ্ম আছে যিবোৰ সিহঁতে কৰি আছে।

    [64] অৱশেষত যেতিয়া আমি সিহঁতৰ বিলাসী ব্যক্তিসকলক শাস্তি দিওঁ তেতিয়া সিহঁতে আৰ্তনাদ কৰি উঠে।

    [65] সিহঁতক কোৱা হ’ব, ‘আজি আৰ্তনাদ নকৰিবা, নিশ্চয় তোমালোকে আমাৰ ফালৰ পৰা কোনো সহায় নাপাবা’।

    [66] অৱশ্যে মোৰ আয়াতসমূহ তোমালোকৰ ওচৰত তিলাৱত কৰা হৈছিল, কিন্তু তোমালোকে উলটি পিছফালেহে গুচি গৈছিলা

    [67] দাম্ভিকতাৰে এই বিষয়ত অৰ্থহীন গল্প-গুজব কৰি তোমালোকে ৰাতি অতিবাহিত কৰিছিলা।

    [68] কিয় সিহঁতে এই বাণী সম্পৰ্কে চিন্তা-গৱেষণা নকৰে? এই কাৰণে নেকি যে, সিহঁতৰ ওচৰত এনেকুৱা বস্তু আহিছে যিটো সিহঁতৰ পূৰ্বপুৰুষসকলৰ ওচৰত অহা নাছিল

    [69] অথবা সিহঁতে নিজ ৰাছুলক চিনিব পৰা নাই বুলি অস্বীকাৰ কৰিছে নেকি

    [70] নাইবা সিহঁতে এইটো কয় নেকি যে, এওঁ উন্মাদনাগ্ৰস্ত? নহয়, বৰং তেওঁ সিহঁতৰ ওচৰত সত্য লৈ আহিছে, আৰু সিহঁতৰ অধিকাংশই সত্যক অপছন্দ কৰে।

    [71] আৰু সত্য যদি সিহঁতৰ কামনা-বাসনাৰ অনুগামী হ’লেহেঁতেন তেন্তে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত থকা সকলো বস্তু বিশৃংখল হৈ পৰিলেহেঁতেন। বৰং আমি সিহঁতৰ ওচৰত লৈ আহিছো সিহঁতৰ সন্মান সম্বলিত যিকৰ (কোৰআন) কিন্তু সিহঁতে সিহঁতৰ এই উপদেশবাণীৰ (কোৰআনৰ) পৰা মুখ ঘূৰাই লয়।

    [72] অথবা তুমি সিহঁতৰ ওচৰত কোনো প্ৰতিদান বিচৰা নেকি? (জানি থোৱা) তোমাৰ প্ৰতিপালকৰ প্ৰতিদানেই শ্ৰেষ্ঠ আৰু তেৱেঁই শ্ৰেষ্ঠ জীৱিকাদাতা।

    [73] আৰু নিশ্চয় তুমি সিহঁতক সৰল পথৰ পিনেই আহ্বান কৰি আছা।

    [74] নিশ্চয় যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে, সিহঁতেই সৰল পথৰ পৰা বিচ্যুত

    [75] আৰু যদি আমি সিহঁতৰ প্ৰতি দয়া কৰো আৰু সিহঁতৰ দুখ-দৈন্য দূৰ কৰি দিওঁ তথাপিও সিহঁতে অবাধ্যতাত বিভ্ৰান্তৰ দৰে ঘূৰি থাকিব।

    [76] অৱশ্যে আমি সিহঁতক শাস্তিৰ দ্বাৰা সতৰ্ক কৰিলো, তথাপিও সিহঁতে নিজ প্ৰতিপালকৰ প্ৰতি অৱনত নহ’ল আৰু বিনীত হৈ প্ৰাৰ্থনাও নকৰিলে।

    [77] অৱশেষত যেতিয়া আমি সিহঁতৰ ওপৰত কোনো কঠিন শাস্তিৰ দুৱাৰ খুলি দিম তেতিয়াহে সিহঁতে হতাশ হৈ পৰিব।

    [78] তেৱেঁই তোমালোকৰ বাবে শ্ৰৱণশক্তি, দৃষ্টিশক্তি আৰু অন্তৰসমূহ সৃষ্টি কৰিছে; কিন্তু তোমালোকে খুবেই কম কৃতজ্ঞতা প্ৰকাশ কৰা।

    [79] তেৱেঁই তোমালোকক পৃথিৱীত বিস্তৃত কৰিছে আৰু তোমালোকক তেওঁৰ ওচৰতেই সমবেত কৰা হ’ব।

    [80] তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু প্ৰদান কৰে, তেওঁৰ অধিকাৰতেই ৰাতি আৰু দিনৰ পৰিবৰ্তন হয়। তথাপিও তোমালোকে বুজি নোপোৱা নে

    [81] বৰং সিহঁতেও সেই কথাকেই কয় যি কথা সিহঁতৰ পূৰ্বৱৰ্তীসকলে কৈছিল।

    [82] সিহঁতে কয়, ‘যেতিয়া আমি মৃত্যুবৰণ কৰিম আৰু আমি মাটি ও অস্থিত পৰিণত হম, তাৰ পিছতো আমি পুনৰুত্থিত হমনে

    [83] ‘অৱশ্যে আমাক আৰু ইতিপূৰ্বে আমাৰ পূৰ্বপুৰুষসকলকো এনে ধৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। এয়া পূৰ্বৱৰ্তী সকলৰ উপকথাৰ বাহিৰে আন একো নহয়’।

    [84] কোৱা, ‘পৃথিৱী আৰু ইয়াত যি আছে সেই সকলো(ৰ অধিকাৰ) কাৰ? যদি তোমালোকে জানা (তেন্তে কোৱা)’।

    [85] অৱশ্যে সিহঁতে ক’ব, ‘আল্লাহৰ’। কোৱা, ‘তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবা নে’

    [86] কোৱা, ‘সপ্ত আকাশ আৰু মহা আৰছৰ ৰব কোন’

    [87] অৱশ্যে সিহঁতে ক’ব, ‘আল্লাহ’। কোৱা, ‘তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবা নে’

    [88] কোৱা, ‘কাৰ হাতত সকলো বস্তুৰ কৰ্তৃত্ব? যিজনে আশ্ৰয় দান কৰে অথচ তেওঁৰ বিপক্ষে কোনোৱেই কাকো আশ্ৰয় দিব নোৱাৰে, যদি তোমালোকে জানা (তেন্তে কোৱা)’।

    [89] অৱশ্যে সিহঁতে ক’ব ‘আল্লাহ’। কোৱা, ‘তেন্তে ক’ৰ পৰা তোমালোকে যাদুগ্ৰস্ত হৈছা’

    [90] বৰং আমি সিহঁতৰ ওচৰত সত্য লৈ আহিছো; নিশ্চয় সিহঁত মিছলীয়া।

    [91] আল্লাহে কোনো সন্তান গ্ৰহণ কৰা নাই, আৰু তেওঁৰ লগত আন কোনো ইলাহও নাই; যদি থাকিলেহেঁতেন তেন্তে প্ৰত্যেক ইলাহে নিজ নিজ সৃষ্টিক লৈ পৃথক হৈ গ’লেহেঁতেন আৰু এজনে আনজনৰ ওপৰত প্ৰাধান্য বিস্তাৰ কৰিলেহেঁতেন। সিহঁতে আল্লাহৰ প্ৰতি যিবোৰ আৰোপ কৰে সেইবোৰৰ পৰা তেওঁ অতি পৱিত্ৰ অতি মহান

    [92] গোপন আৰু প্ৰকাশ্য সকলো বিষয়ে তেওঁ জ্ঞাত, এতেকে সিহঁতে যি অংশী কৰে তাৰ পৰা তেওঁ বহু উৰ্দ্ধত।

    [93] কোৱা, ‘হে মোৰ ৰব! যি বিষয়ে সিহঁতক প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে, তুমি যদি সেয়া মোক (মোৰ জীৱন কালতে) দেখুৱাব বিচৰা

    [94] ‘তেনেহ’লে, হে মোৰ ৰব! তুমি মোক যালিম সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত নকৰিবা’।

    [95] আৰু আমি সিহঁতক যি বিষয়ে প্ৰতিশ্ৰুতি দান কৰিছো, অৱশ্যে সেয়া আমি তোমাক দেখুৱাবলৈ সক্ষম।

    [96] সৎকৰ্মৰে অসৎকৰ্মক প্ৰতিহত কৰা; সিহঁতে (আমাৰ প্ৰতি) যি আৰোপ কৰে সেই সম্পৰ্কে আমি সবিশেষ অৱগত।

    [97] আৰু কোৱা, ‘হে মোৰ ৰব! মই চয়তানৰ প্ৰৰোচনাৰ পৰা তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰো’।

    [98] ‘আৰু হে মোৰ ৰব! মোৰ ওচৰত সিহঁতৰ (চয়তানবোৰৰ) উপস্থিতৰ পৰা মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰো’।

    [99] অৱশেষত যেতিয়া সিহঁতৰ কাৰোবাৰ ওচৰত মৃত্যু আহে, তেতিয়া সি কয়, হে মোৰ ৰব! মোক আকৌ উভতাই দিয়া

    [100] যাতে মই সৎকৰ্ম কৰিব পাৰো যিটো মই আগতে কৰা নাছিলো। নহয়, এইটো কেতিয়াও নহব। সি যি কৈছে নিশ্চয় সেয়া এটা বাক্য মাত্ৰ। পুনৰুত্থানৰ দিৱস লৈকে সিহঁতৰ সন্মুখত থাকিব বাৰযাখ।

    [101] এতেকে যিদিনা শিঙাত ফুঁ দিয়া হ’ব সেইদিনা পৰস্পৰৰ মাজত আত্মীয়তাৰ কোনো বন্ধন নাথাকিব আৰু কোনোৱেই কাৰো বিষয়ে সোধ-পোচ নকৰিব

    [102] এতেকে যিসকলৰ তুলাচনী গধূৰ হ’ব তেওঁলোকেই হ’ব সফলকাম

    [103] আৰু যিসকলৰ তুলাচনী পাতল হ’ব, সিহঁতেই সেইসকল লোক যিসকলে নিজৰেই ক্ষতি কৰিছে; সিহঁত জাহান্নামত স্থায়ী হ’ব।

    [104] জুয়ে সিহঁতৰ মুখমণ্ডল দগ্ধ কৰিব আৰু সিহঁত তাত থাকিব বীভৎস চেহেৰাত

    [105] তোমালোকৰ ওচৰত মোৰ আয়াতসমূহ তিলাৱত কৰা হোৱা নাইনে? অথচ তোমালোকে সেয়া অস্বীকাৰ কৰিছিলা।

    [106] সিহঁতে ক’ব, ‘হে আমাৰ ৰব! দুৰ্ভাগ্যই আমাক পৰাজয় কৰিছিল আৰু আমি আছিলো এটা পথভ্ৰষ্ট সম্প্ৰদায়

    [107] ‘হে আমাৰ ৰব! এই অগ্নিৰ পৰা আমাক মুক্ত কৰা; ইয়াৰ পিছতো যদি আমি পুনৰ কুফৰী কৰো তেন্তে নিশ্চয় আমি যালিম হম’।

    [108] আল্লাহে ক’ব, ‘তোমালোকে নিকৃষ্ট অৱস্থাত ইয়াতেই থাকা আৰু মোৰ লগত কোনো কথা নকবা’।

    [109] মোৰ বান্দাসকলৰ মাজত এনেকুৱা এটা দল আছিল যিসকলে কৈছিল, ‘হে আমাৰ ৰব! আমি ঈমান আনিছো, এতেকে তুমি আমাক ক্ষমা কৰা আৰু আমাৰ প্ৰতি দয়া কৰা, আৰু তুমি সৰ্বশ্ৰেষ্ঠ দয়ালু’।

    [110] ‘কিন্তু তেওঁলোকক লৈ তোমালোকে ইমান ঠাট্টা-বিদ্ৰূপ কৰিছিলা যে, সেয়া তোমালোকক মোৰ স্মৰণ পাহৰাই দিছিল। তোমালোকে তেওঁলোকৰ বিষয়ে কেৱল উপহাসহে কৰিছিলা’।

    [111] নিশ্চয় আমি তেওঁলোকৰ ধৈৰ্যৰ কাৰণে আজি আমি তেওঁলোকক পুৰষ্কৃত কৰিলো; নিশ্চয় তেওঁলোকেই সাফল্যমণ্ডিত।

    [112] আল্লাহে ক’ব, ‘তোমালোকে পৃথিৱীত কিমান বছৰ অৱস্থান কৰিছিলা’

    [113] সিহঁতে ক’ব, ‘আমি অৱস্থান কৰিছিলো এদিন অথবা দিনৰ কিছু অংশ; এতেকে তুমি গণনাকাৰী সকলক সুধি চোৱা’।

    [114] তেওঁ ক’ব, ‘তোমালোকে অতি কম সময়হে অৱস্থান কৰিছিলা; যদি তোমালোকে নিশ্চিতভাৱে জানিব পাৰিলাহেঁতেন

    [115] ‘তোমালোকে ভাবিছিলা নেকি যে, আমি তোমালোকক অনৰ্থক সৃষ্টি কৰিছো আৰু তোমালোকক আমাৰ ওচৰলৈকে উভতাই আনা নহ’ব

    [116] এতেকে আল্লাহ মহিমাময়, প্ৰকৃত মালিক, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; তেৱেঁই সন্মানিত আৰছৰ ৰব।

    [117] আৰু যিয়ে আল্লাহৰ লগতে আন কোনো উপাস্যক আহ্বান কৰে, যি বিষয়ে তাৰ ওচৰত কোনো প্ৰমাণ নাই, তাৰ হিচাপ-নিকাচ কেৱল তাৰ প্ৰতিপালকৰ ওচৰত, নিশ্চয় কাফিৰসকল সফল হ’ব নোৱাৰিব।

    [118] আৰু কোৱা, ‘হে মোৰ ৰব! ক্ষমা কৰা আৰু দয়া কৰা, আৰু তুমিয়েই সৰ্বশ্ৰেষ্ঠ দয়ালু’।

    Surah 24
    আন-নূর

    [1] এইটো এটা ছুৰা, এইটো আমি অৱতীৰ্ণ কৰিছো আৰু ইয়াৰ বিধানক আমি অৱশ্য পালনীয় কৰিছো, আৰু ইয়াত আমি অৱতীৰ্ণ কৰিছে সুস্পষ্ট আয়াতসমূহ যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।

    [2] ব্যভিচাৰিণী আৰু ব্যভিচাৰী--- সিহঁত প্ৰত্যেককে এশটাকৈ বেত্ৰাঘাত কৰা। আল্লাহৰ বিধান কাৰ্যকৰী কৰণত সিহঁতৰ প্ৰতি দয়াই যেন তোমালোকক প্ৰভাৱিত নকৰে, যদি তোমালোকে আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন কৰা; তেন্তে মুমিনসকলৰ এটা দল যাতে সিহঁতৰ শাস্তি (ৰ সময়ত উপস্থিত হৈ) প্ৰত্যক্ষ কৰে।

    [3] ব্যভিচাৰীয়ে কেৱল ব্যভিচাৰিণী অথবা মুশ্বৰিক নাৰীকহে বিবাহ কৰে; আৰু ব্যভিচাৰিণীক, তাইক কেৱল ব্যভিচাৰী অথবা মুশ্বৰিকেহে বিবাহ কৰে, আৰু মুমিনসকলৰ ওপৰত এইটো হাৰাম কৰা হৈছে।

    [4] আৰু যিসকলে সচ্চৰিত্ৰা নাৰীৰ প্ৰতি অপবাদ আৰোপ কৰে, তাৰ পিছত সিহঁতে চাৰিজন সাক্ষী উপস্থিত কৰিব নোৱাৰে, তেন্তে সিহঁতক তোমালোকে আশীটাকৈ বেত্ৰাঘাত কৰা আৰু তোমালোকে কেতিয়াও সিহঁতৰ সাক্ষী গ্ৰহণ নকৰিবা; কাৰণ ইহঁতেই ফাছিক্ব।

    [5] কিন্তু যিসকলে ইয়াৰ পিছত তাওবা কৰে আৰু নিজকে সংশোধন কৰে, তেন্তে আল্লাহ নিশ্চয় ক্ষমাশীল, পৰম দয়ালু।

    [6] আৰু যিসকলে নিজৰ স্ত্ৰীৰ প্ৰতি নিজেই অপবাদ আৰোপ কৰে, অথচ নিজৰ বাহিৰে সিহঁতৰ আন কোনো সাক্ষী নাই, তেনে অৱস্থাত সিহঁত প্ৰত্যেকৰে সাক্ষ্য এইদৰে হ’ব যে, সি আল্লাহৰ নামত চাৰিবাৰ শপত লৈ ক’ব যে, ‘নিশ্চয় সি সত্যবাদীসকলৰ অন্তৰ্ভুক্ত

    [7] আৰু পঞ্চমবাৰ সাক্ষ্য প্ৰদান কৰি ক’ব যে, ‘যদি সি মিছলীয়া হয় তেন্তে তাৰ ওপৰত নামি আহিব আল্লাহৰ অভিশাপ’।

    [8] আৰু ঘৈনিয়েকজনীৰ শাস্তিও ৰহিত হ’ব যদি তাইয়ো আল্লাহৰ নামত শপত খাই সাক্ষ্য প্ৰদান কৰে যে, ‘নিশ্চয় তাইৰ স্বামী মিছলীয়া’

    [9] আৰু পঞ্চমবাৰত ক’ব যে, ‘যদি তাইৰ স্বামী সত্যবাদী হয় তেন্তে তাইৰ নিজৰ ওপৰত নামি আহিব আল্লাহৰ গজব’।

    [10] তোমালোকৰ প্ৰতি আল্লাহৰ দয়া আৰু অনুগ্ৰহ নাথাকিলে (নিশ্চয় তোমালোক ধ্বংস হ’লাহেঁতেন); নিশ্চয় আল্লাহ তাওবা গ্ৰহণকাৰী, প্ৰজ্ঞাময়।

    [11] নিশ্চয় যিসকলে এই অপবাদ ৰচনা কৰিছে, সিহঁত তোমালোকৰেই এটা দল; ইয়াক তোমালোকে তোমালোকৰ বাবে অনিষ্টকৰ বুলি নাভাবিবা; বৰং এইটো তোমালোকৰ বাবে কল্যাণকৰ; অৱশ্যে সিহঁত প্ৰত্যেকৰে বাবে আছে সিহঁতৰ পাপকৰ্মৰ ফল কিন্তু সিহঁতৰ মাজত যিয়ে এই বিষয়ে প্ৰধান ভূমিকা পালন কৰিছে, তাৰ বাবে আছে মহাশাস্তি।

    [12] যেতিয়া তোমালোকে এই কথা শুনিছিলা, তেতিয়া মুমিন পুৰুষ আৰু মুমিন নাৰীসকলে কিয় নিজৰ (মানুহবিলাক) সম্পৰ্কে উত্তম ধাৰণা পোষণ নকৰিলে আৰু এইটো নকলে যে, ‘এয়া এটা স্পষ্ট ভিত্তিহীন অপবাদ’

    [13] সিহঁতে কিয় এই বিষয়ে চাৰিজন সাক্ষী উপস্থিত নকৰিলে? এতেকে যিহেতু সিহঁতে সাক্ষী উপস্থিত কৰা নাই, সেয়ে সিহঁতেই আল্লাহৰ ওচৰত মিছলীয়া।

    [14] পৃথিৱী আৰু আখিৰাতত তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ আৰু দয়া নাথাকিলে, তোমালোকে যি বিষয়ত জড়িত হৈছিলা তাৰ বাবে মহা শাস্তিয়ে তোমালোকক স্পৰ্শ কৰিলেহেঁতেন

    [15] যেতিয়া তোমালোকে মুখে মুখে এই কথা প্ৰচাৰ কৰি ফুৰিছিলা আৰু এনে বিষয় মুখেৰে উচ্চাৰণ কৰি আছিলা যাৰ কোনো জ্ঞান তোমালোকৰ ওচৰত নাছিল; আৰু তোমালোকে এইটো অতি তুচ্ছ বুলি ভাবিছিলা, অথচ আল্লাহৰ ওচৰত এইটো আছিল অতি গুৰুত্বপূৰ্ণ বিষয়।

    [16] আৰু তোমালোকে যেতিয়া এইটো শুনিছিলা তেতিয়া তোমালোকে কিয় এই বুলি নকলা যে, ‘এই বিষয়ে কথা কোৱা আমাৰ পক্ষে সম্ভৱ নহয়; আল্লাহ পৱিত্ৰ মহান। অৱশ্যে এয়া জঘন্য অপবাদ!’

    [17] আল্লাহে তোমালোকক উপদেশ দিয়ে যে, ‘যদি তোমালোকে মুমিন হোৱা তেন্তে আৰু কেতিয়াও অনুৰূপ আচৰণৰ পুনৰাবৃত্তি নকৰিবা’।

    [18] আৰু আল্লাহে তোমালোকৰ বাবে আয়াতসমূহ স্পষ্টভাৱে বিবৃত কৰে আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

    [19] নিশ্চয় যিসকলে মুমিনসকলৰ মাজত অশ্লীলতাৰ প্ৰসাৰ কামনা কৰে, সিহঁতৰ বাবে আছে পৃথিৱী আৰু আখিৰাতত যন্ত্ৰণাদায়ক শাস্তি; আৰু আল্লাহে জানে তোমালোকেহে নাজানা।

    [20] তোমালোকৰ প্ৰতি আল্লাহৰ দয়া আৰু অনুগ্ৰহ নাথাকিলে (নিশ্চয় তোমালোক ধ্বংস হ’লাহেঁতেন); আৰু নিশ্চয় আল্লাহ স্নেহশীল, অতি দয়ালু।

    [21] হে মুমিনসকল! তোমালোকে চয়তানৰ পদাঙ্ক অনুসৰণ নকৰিবা। যিয়ে চয়তানৰ পদাঙ্ক অনুসৰণ কৰে নিশ্চয় চয়তানে অশ্লীলতা আৰু বেয়া কৰ্মৰহে নিৰ্দেশ দিয়ে। আল্লাহৰ অনুগ্ৰহ আৰু দয়া নাথাকিলে তোমালোকৰ কোনেও কেতিয়াও পৱিত্ৰ হ’ব নোৱাৰিলাহেঁতেন, কিন্তু আল্লাহে যাক ইচ্ছা পৱিত্ৰ কৰে, আৰু আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞ।

    [22] আৰু তোমালোকৰ মাজত যিসকলে ঐশ্বৰ্যশালী আৰু প্ৰাচুৰ্যৰ অধিকাৰী তেওঁলোকে যেন এই বুলি শপত গ্ৰহণ নকৰে যে, সিহঁতে আত্মীয়-স্বজন, অভাৱগ্ৰস্তক আৰু আল্লাহৰ ৰাস্তাত হিজৰতকাৰী সকলক একোৱে প্ৰদান নকৰিব; তেওঁলোকে যেন সিহঁতক ক্ষমা কৰি দিয়ে আৰু সিহঁতৰ দোষ-ত্ৰুটি উপেক্ষা কৰে। তোমালোকে নিবিচৰা নেকি যে, আল্লাহে তোমালোকক ক্ষমা কৰক? আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

    [23] যিসকলে সচ্চৰিত্ৰা, সহজ-সৰলা নিৰ্মলচিত্ত, ঈমান্দাৰ নাৰীৰ প্ৰতি অপবাদ আৰোপ কৰে, সিহঁতেই পৃথিৱী আৰু আখিৰাতত অভিশপ্ত আৰু সিহঁতৰ বাবে আছে মহাশাস্তি।

    [24] যিদিনা সিহঁতৰ কৃতকৰ্মৰ বিষয়ে সিহঁতৰ বিৰুদ্ধে সাক্ষ্য দিব সিহঁতৰেই জিভা, হাত আৰু সিহঁতৰ ভৰিয়ে

    [25] সেইদিনা আল্লাহে সিহঁতৰ হক্ক তথা প্ৰাপ্য প্ৰতিফল পৰিপূৰ্ণৰূপে প্ৰদান কৰিব আৰু সিহঁতে জানি লব যে, আল্লাহেই সুস্পষ্ট সত্য।

    [26] দুশ্চৰিত্ৰা নাৰী দুশ্চৰিত্ৰ পুৰুষৰ বাবে, আৰু দুশ্চৰিত্ৰ পুৰুষ দুশ্চৰিত্ৰা নাৰীৰ বাবে; আনহাতে সচ্চৰিত্ৰা নাৰী সচ্চৰিত্ৰ পুৰুষৰ বাবে আৰু সচ্চৰিত্ৰ পুৰুষ সচ্চৰিত্ৰা নাৰীৰ বাবে। মানুহে যি কয় সেইবোৰৰ সৈতে তেওঁলোক সম্পৰ্কহীন; তেওঁলোকৰ বাবে আছে ক্ষমা আৰু সন্মানজনক জীৱিকা।

    [27] হে মুমিনসকল! তোমালোকে নিজৰ ঘৰৰ বাহিৰে আন কাৰোবাৰ ঘৰত, সেই ঘৰৰ অধিবাসীসকলৰ সম্প্ৰীতি সম্পন্ন অনুমতি নোলোৱাকৈ আৰু তেওঁলোকক ছালাম নিদিয়াকৈ প্ৰৱেশ নকৰিবা। এইটোৱে তোমালোকৰ বাবে উত্তম, যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।

    [28] এতেকে যদি তোমালোকে তাত কাকো নোপোৱা তেন্তে অনুমতি নোপোৱা লৈকে তাত প্ৰৱেশ নকৰিবা। যদি তোমালোকক কোৱা হয়, ‘উভতি যোৱা’, তেন্তে তোমালোকে উভতি যাবা, এইটোৱে তোমালোকৰ বাবে অধিক পৱিত্ৰ। তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।

    [29] যি ঘৰত কোনেও বাস নকৰে তেনে ঘৰত তোমালোকৰ কোনো ভোগ-সামগ্ৰী থাকিলে অথবা উপকৃত হোৱাৰ অধিকাৰ থাকিলে তাত তোমালোকে প্ৰৱেশ কৰাত কোনো পাপ নহ’ব। তোমালোকে যি প্ৰকাশ কৰা আৰু যি গোপন কৰা সেয়া আল্লাহে জানে।

    [30] মুমিনসকলক কোৱা, তেওঁলোকে যেন নিজৰ দৃষ্টি সংযত কৰে, আৰু নিজৰ লজ্জাস্থানৰ হিফাজত কৰে; এইটোৱে তেওঁলোকৰ বাবে অধিক পৱিত্ৰ। তেওঁলোকে যি কৰে নিশ্চয় সেই বিষয়ে আল্লাহ সম্যক অৱহিত।

    [31] আৰু মুমিনা নাৰীসকলক কোৱা, তেওঁলোকেও যেন নিজৰ দৃষ্টিক সংযত কৰে, আৰু নিজৰ লজ্জাস্থানৰ হিফাজত কৰে; আৰু তেওঁলোকে যেন নিজৰ সৌন্দৰ্য প্ৰদৰ্শন নকৰে কিন্তু যিটো সাধাৰণতে প্ৰকাশ পায় (সেয়া সুকীয় কথা)। তেওঁলোকে যেন মূৰৰ ওৰণিৰে ডিঙি আৰু বক্ষস্থল ঢাকি ৰাখে। তেওঁলোকে যেন নিজৰ স্বামী, পিতৃ, স্বামীৰ পিতৃ, নিজৰ পুত্ৰ, স্বামীৰ পুত্ৰ, ভাতৃৰ পুত্ৰ, বাই-ভনিৰ পুত্ৰ, লগৰীয়া তিৰোতা, নিজৰ মালিকানাধীন দাসী, যৌন কামনা বোধ নকৰা অধীনস্থ পুৰুষ আৰু নাৰীসকলৰ গোপন অঙ্গ সম্পৰ্কে অজ্ঞ শিশুৰ বাহিৰে কাৰো ওচৰত তেওঁলোকৰ সৌন্দৰ্য প্ৰকাশ নকৰে, লগতে তেওঁলোকে যেন নিজৰ গোপন সৌন্দৰ্য প্ৰকাশ কৰাৰ উদ্দেশ্যে সজোৰে খোজ নাকাঢ়ে। হে মুমিনসকল! তোমালোক আটায়ে আল্লাহৰ ফালে উভতি আহা, যাতে তোমালোকে সফলকাম হ’ব পাৰা।

    [32] আৰু তোমালোকৰ মাজৰ অবিবাহিত নাৰী-পুৰুষ আৰু সৎকৰ্মশীল দাস-দাসীসকলৰ বিবাহ সম্পাদন কৰা। সিহঁতে অভাৱগ্ৰস্ত হ’লে আল্লাহে নিজ অনুগ্ৰহত সিহঁতক অভাৱমুক্ত কৰি দিব; অৱশ্যে আল্লাহ প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।

    [33] আৰু যিসকলৰ বিবাহ কৰাৰ সামৰ্থ নাই, আল্লাহে তেওঁলোকক নিজ অনুগ্ৰহত অভাৱমুক্ত নকৰালৈকে তেওঁলোকে যেন সংযম অৱলম্বন কৰে আৰু তোমালোকৰ মালিকানাধীন দাস-দাসীৰ মাজৰ কোনোবাই নিজৰ মুক্তিৰ বাবে লিখিত চুক্তি বিচাৰিলে, সিহঁতৰ লগত চুক্তি কৰি লোৱা, যদিহে তোমালোকে সিহঁতৰ মাজত কোনো কল্যাণ আছে বুলি জানিব পাৰা। লগতে আল্লাহে তোমালোকক যি সম্পদ প্ৰদান কৰিছে তাৰ পৰা তোমালোকে সিহঁতক দান কৰা। আৰু তোমালোকৰ দাসীসকলে নিজৰ লজ্জাস্থানৰ পৱিত্ৰতা ৰক্ষা কৰিব বিচাৰিলে পাৰ্থিৱ জীৱনৰ ধনৰ লোভত সিহঁতক ব্যভিচাৰত বাধ্য নকৰিবা। যিসকলে সিহঁতক বাধ্য কৰাব, নিশ্চয় সিহঁতক বাধ্য কৰাৰ পিছত আল্লাহে সিহঁতৰ প্ৰতি অত্যন্ত ক্ষমাশীল, পৰম দয়ালু।

    [34] অৱশ্যে আমি তোমালোকৰ ওচৰত অৱতীৰ্ণ কৰিছো সুস্পষ্ট আয়াতসমূহ, তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ পৰা দৃষ্টান্ত আৰু মুত্তাক্বীসকলৰ বাবে উপদেশ।

    [35] আল্লাহ আকাশসমূহ আৰু পৃথিৱীৰ নূৰ, তেওঁৰ নূৰৰ উপমা হৈছে যেনিবা এটি দিপাধাৰ, যাৰ মাজত আছে এটা প্ৰদীপ, প্ৰদীপটো এটা কাঁচৰ আৱৰণৰ মাজত স্থাপিত, কাঁচৰ আৱৰণটো উজ্জ্বল নক্ষত্ৰৰ দৰে, যিটো প্ৰজ্বলিত কৰা হয় বৰকতময় যায়তুন গছৰ তেলৰ দ্বাৰা, সেইটো কেৱল পূৱ দিশৰ নহয় আৰু কেৱল পশ্চিম দিশৰো নহয়, জুইয়ে তাক স্পৰ্শ নকৰিলেও যেনিবা তাৰ তেলে উজ্জ্বল পোহৰ বিয়পাই থাকে, নূৰৰ ওপৰত নূৰ! আল্লাহে তেওঁৰ নূৰৰ পিনে যাক ইচ্ছা তাকেই হিদায়ত কৰে। আল্লাহে মানুহৰ বাবেই উপমাসমূহ বৰ্ণনা কৰে আৰু আল্লাহ সকলো বস্তু সম্পৰ্কে সৰ্বজ্ঞ।

    [36] সেইবোৰ ঘৰত যিবোৰক সমুন্নত কৰিবলৈ আৰু তেওঁৰ নাম স্মৰণ কৰিবলৈ আল্লাহে নিৰ্দেশ দিছে, পুৱা-গধূলি তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে

    [37] সেইসকল লোকে, যিসকলক ব্যৱসায়-বানিজ্য আৰু বেচা-কিনাই আল্লাহৰ স্মৰণৰ পৰা আৰু ছালাত কায়েম কৰাৰ পৰা লগতে যাকাত প্ৰদান কৰাৰ পৰা বিৰত নাৰাখে, তেওঁলোকে সেই দিনটোক ভয় পায় যিদিনা বহুতো অন্তৰ আৰু দৃষ্টিসমূহ ওলট-পালট হৈ যাব।

    [38] তেওঁলোকে যি উত্তম আমল কৰে তাৰ বাবে আল্লাহে যাতে তেওঁলোকক পুৰষ্কাৰ দিয়ে আৰু তেওঁ নিজ অনুগ্ৰহত তেওঁলোকৰ প্ৰাপ্যতকৈয়ো বেছি প্ৰদান কৰে। আৰু আল্লাহে যাক ইচ্ছা অপৰিমিত জীৱিকা দান কৰে।

    [39] আৰু যিসকলে কুফৰী কৰে সিহঁতৰ আমলসমূহ মৰুভূমিৰ মৰীচিকাৰ দৰে, তৃষ্ণাতুৰ ব্যক্তিয়ে যিটোক পানী বুলি ভাৱে, কিন্তু যেতিয়া সি সেইটোৰ কাষত যায় তাত একোকে নাপায়, বৰং তাত আল্লাহকহে পায়, এতেকে তেওঁ তাক তাৰ হিচাপ পূৰ্ণমাত্ৰাত প্ৰদান কৰিব; আৰু আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।

    [40] অথবা (সিহঁতৰ আমলসমূহ) গভীৰ সাগৰৰ তলত থকা অন্ধকাৰৰ দৰে, যাক আচ্ছন্ন কৰে তৰংগৰ ওপৰত তৰঙ্গ, যাৰ উৰ্দ্ধত আছে মেঘপুঞ্জ, অন্ধকাৰযুক্ত মেঘপুঞ্জ স্তৰৰ ওপৰত স্তৰ, আনকি সি নিজৰ হাতখন উলিয়ালেও কদাপিও দেখা নাপাব; আৰু আল্লাহে যাৰ বাবে নূৰৰ ব্যৱস্থা কৰা নাই তাৰ বাবে কোনো নূৰ নাই।

    [41] তুমি লক্ষ্য কৰা নাইনে যে, আকাশসমূহ আৰু পৃথিৱীত যিসকল আছে তেওঁলোকে আৰু শাৰীবদ্ধভাৱে উৰিফুৰা চৰাইয়েও আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে? প্ৰত্যেকেই জানে নিজ নিজ ইবাদতৰ আৰু পৱিত্ৰতা-মহিমা ঘোষণাৰ পদ্ধতি। আৰু সিহঁতে যি কৰে সেই বিষয়ে আল্লাহ সম্যক অৱগত।

    [42] আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্ব কেৱল আল্লাহৰেই, আৰু আল্লাহৰ ফালেই প্ৰত্যাৱৰ্তন।

    [43] তুমি লক্ষ্য কৰা নাইনে যে, আল্লাহে মেঘমালাক সঞ্চালিত কৰে? তাৰ পিছত তেওঁ সেইবোৰক একত্ৰিত কৰে আৰু পিছত পঞ্জীভূত কৰে, তাৰ পিছত তুমি দেখিবলৈ পোৱা যে, তাৰ মাজৰ পৰাই বৰষুণৰ টোপাল ওলাই আহে, আৰু তেওঁ আকাশত অৱস্থিত মেঘৰ পৰ্বতৰ মধ্যস্থিত শিলাস্তূপৰ পৰা শিলাবৃষ্টি বৰ্ষণ কৰে। তাৰ পিছত ইয়াৰ দ্বাৰা তেওঁ যাক ইচ্ছা আঘাত কৰে আৰু যাক ইচ্ছা তাৰ পৰা ইয়াক আন ফালে আঁতৰাই দিয়ে। মেঘৰ বিজুলী চকমকনিয়ে দৃষ্টিশক্তি কাঢ়ি লোৱাৰ উপক্ৰম হয়।

    [44] আল্লাহেই ৰাতি আৰু দিনৰ আৱৰ্তন ঘটায়, নিশ্চয় ইয়াত অন্তৰ্দৃষ্টি সম্পন্ন ব্যক্তিসকলৰ বাবে শিক্ষা আছে।

    [45] আৰু আল্লাহে প্ৰত্যেক জীৱকেই সৃষ্টি কৰিছে পানীৰ পৰা, তাৰে কিছুমান পেটত ভৰ দি চুচৰি যায়, আন কিছুমান দুই ভৰিৰে খোজকাঢ়ে আৰু কিছুমান চলে চাৰি ঠেঙেৰে। আল্লাহে যি ইচ্ছা সেইটোৱে সৃষ্টি কৰে। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

    [46] অৱশ্যে আমিয়েই সুস্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰিছো, আৰু আল্লাহে যাক ইচ্ছা সৰল-সঠিক পথত পৰিচালিত কৰে।

    [47] সিহঁতে কয়, ‘আমি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছো আৰু আমি আনুগত্য কৰিছো’। ইয়াৰ পিছতো সিহঁতৰ এটা দলে মুখ ঘূৰাই লয়; প্ৰকৃততে সিহঁত মুমিন নহয়।

    [48] আৰু যেতিয়া সিহঁতক আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি এই মৰ্মে আহ্বান কৰা হয় যে, যাতে তেওঁ সিহঁতৰ মাজত বিচাৰ-মীমাংসা কৰি দিয়ে, তেতিয়া সিহঁতৰ এটা দলে মুখ ঘূৰাই লয়।

    [49] আৰু যদি সত্য সিহঁতৰ সপক্ষে হয়, তেন্তে সিহঁত বিনীতভাৱে ৰাছুলৰ ওচৰত দৌৰি আহে।

    [50] সিহঁতৰ অন্তৰত ব্যাধি আছে নেকি, নে সিহঁতে সন্দেহ পোষণ কৰে? নে সিহঁতে ভয় কৰে যে, আল্লাহ আৰু তেওঁৰ ৰাছুলে সিহঁতৰ প্ৰতি অন্যায় কৰিব, বৰং সিহঁতেই যালিম।

    [51] মুমিনসকলৰ উক্তি হৈছে এইটো— যেতিয়া তেওঁলোকৰ মাজত বিচাৰ-ফয়চালা কৰি দিয়াৰ বাবে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পিনে আহ্বান কৰা হয়, তেতিয়া তেওঁলোকে কয়, ‘আমি শুনিলো আৰু আনুগত্য কৰিলো’। তেওঁলোকেই সফলকাম।

    [52] আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰে, আৰু আল্লাহক ভয় কৰে লগতে তেওঁৰ তাক্বৱা অৱলম্বন কৰে, তেওঁলোকেই কৃতকাৰ্য।

    [53] আৰু সিহঁতে দৃঢ়ভাৱে আল্লাহৰ শপত খাই কয় যে, তুমি যদি সিহঁতক আদেশ কৰা তেন্তে সিহঁত নিশ্চয় ওলাই আহিব। তুমি কোৱা, ‘শপত নাখাবা, আনুগত্যৰ বিষয়টো ভালকৈয়ে জনা আছে। তোমালোকে যি কৰা নিশ্চয় আল্লাহ সেই বিষয়ে সবিশেষ অৱহিত’।

    [54] কোৱা, ‘তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা’। তথাপিও যদি তোমালোকে মুখ ঘূৰাই লোৱা, তেন্তে তেওঁ কেৱল তেওঁৰ ওপৰত অৰ্পিত দায়িত্বৰ বাবে দায়ী আৰু তোমালোকৰ ওপৰত অৰ্পিত দায়িত্বৰ বাবে তোমালোক নিজেই দায়ী; যদি তোমালোকে তেওঁৰ আনুগত্য কৰা তেন্তে সৎপথ পাবা, দৰাচলতে ৰাছুলৰ দায়িত্ব কেৱল সুস্পষ্টভাৱে পৌঁচাই দিয়া।

    [55] তোমালোকৰ মাজত যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক প্ৰতিশ্ৰুতি দিছে যে, তেওঁ অৱশ্যে তেওঁলোকক পৃথিৱীত প্ৰতিনিধিত্ব দান কৰিব, যেনেকৈ তেওঁ প্ৰতিনিধিত্ব দান কৰিছিল তেওঁলোকৰ পূৰ্বৱৰ্তীসকলক আৰু তেওঁ অৱশ্যে তেওঁলোকৰ বাবে তেওঁলোকৰ দ্বীনক প্ৰতিষ্ঠিত কৰিব যিটো তেওঁলোকৰ বাবে তেওঁ পছন্দ কৰিছে আৰু তেওঁলোকৰ ভয়-ভীতিক শান্তি-নিৰাপত্তাত পৰিবৰ্তন কৰি দিব। তেওঁলোকে কেৱল মোৰেই ইবাদত কৰিব, মোৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিব, কিন্তু ইয়াৰ পিছত যিসকলে কুফৰী কৰিব সিহঁতেই ফাছিক্ব।

    [56] আৰু তোমালোকে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা আৰু ৰাছুলৰ আনুগত্য কৰা, যাতে তোমালোক ৰহমতপ্ৰাপ্ত হ’ব পাৰা।

    [57] যিসকলে কুফৰী কৰিছে সিহঁতৰ বিষয়ে তুমি কেতিয়াও এইটো নাভাবিবা যে, সিহঁতে পৃথিৱীত অপাৰগকাৰী। সিহঁতৰ আশ্ৰয়স্থল হৈছে অগ্নি; আৰু কিমান যে নিকৃষ্ট এই প্ৰত্যাৱৰ্তনস্থল

    [58] হে মুমিনসকল! তোমালোকৰ মালিকানাধীন দাস-দাসীসকল আৰু তোমালোকৰ মাজত যিসকল শিশু এতিয়াও প্ৰাপ্তবয়স্কত উপনীত হোৱা নাই সিহঁতে যেন তোমালোকৰ কোঠাত প্ৰৱেশ কৰিবলৈ তিনিটা সময়ত অনুমতি গ্ৰহণ কৰে, ফজৰৰ ছালাতৰ আগত, দুপুৰীয়া যেতিয়া তোমালোকে সাজ-কাপোৰ খুলি থোৱা সেই সময়ত আৰু ঈশ্বা ছালাতৰ পিছত, এই তিনিটা সময় তোমালোকৰ গোপনীয়তাৰ সময়। এই তিনিটা সময়ৰ বাহিৰে (আন যিকোনো সময়ত বিনা অনুমতিত প্ৰৱেশ কৰিলে) তোমালোকৰ আৰু সিহঁতৰো কোনো দোষ নাই। কিয়নো তোমালোকে ইজনে-সিজনৰ ওচৰত অহা-যোৱা কৰাটোৱে স্বাভাৱিক। এইদৰেই আল্লাহে তেওঁৰ আয়াতসমূহ তোমালোকৰ বাবে স্পষ্টকৈ বৰ্ণনা কৰে, আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

    [59] আৰু তোমালোকৰ সন্তান-সন্ততিসকল প্ৰাপ্তবয়স্কত উপনীত হ’লে সিহঁতেও যেন অনুমতি গ্ৰহণ কৰে যেনেকৈ অনুমতি গ্ৰহণ কৰিছিল সিহঁতৰ বয়োজ্যেষ্ঠসকলে। এইদৰে আল্লাহে তোমালোকৰ বাবে তেওঁৰ আয়াতসমূহ বিবৃত কৰে, আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

    [60] আৰু বৃদ্ধা নাৰীসকল, যিসকলে বিবাহৰ আশা পোষণ নকৰে, সিহঁতে যদি সৌন্দৰ্য প্ৰদৰ্শন নকৰি সিহঁতৰ চাদৰ খুলি ৰাখে তেন্তে সিহঁতৰ কোনো অপৰাধ নহয়। কিন্তু ইয়াৰ পৰা সিহঁতে বিৰত থকাটোৱে সিহঁতৰ বাবে উত্তম, আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

    [61] অন্ধৰ বাবে কোনো দোষ নাই, খঞ্জৰ বাবে কোনো দোষ নাই, ৰুগীয়াৰ বাবেও কোনো দোষ নাই আৰু তোমালোকৰ বাবেও কোনো দোষ নাই খোৱা-বোৱা কৰাত নিজৰ ঘৰত অথবা তোমালোকৰ পিতৃৰ ঘৰত, মাতৃৰ ঘৰত, ভাতৃসকলৰ ঘৰত, বাই-ভনীসকলৰ ঘৰত, দদাই-বৰকাইসকলৰ ঘৰত, পেহী-জেঠাইসকলৰ ঘৰত, মোমাইসকলৰ ঘৰত, মাহী-জেঠাইসকলৰ ঘৰত অথবা সেইবোৰ ঘৰত যিবোৰ ঘৰৰ চাবি-কাঠিৰ মালিক তোমালোক নিজেই নাইবা তোমালোকৰ বন্ধুসকলৰ ঘৰত। তোমালোকে একেলগে খোৱা অথবা পৃথকে খোৱা তাত তোমালোকৰ কোনো অপৰাধ নহয়। কিন্তু যেতিয়া তোমালোকে কোনো ঘৰত প্ৰৱেশ কৰিবা তেতিয়া তোমালোকে পৰস্পৰৰ প্ৰতি ছালাম কৰিবা অভিবাদনস্বৰূপ যিটো আল্লাহৰ তৰফৰ পৰা কল্যাণময় আৰু পৱিত্ৰ। এইদৰে আল্লাহে তোমালোকৰ বাবে তেওঁৰ আয়াতসমূহ স্পষ্টভাৱে বিবৃত কৰে যাতে তোমালোকে অনুধাৱন কৰিব পাৰা।

    [62] মুমিন কেৱল সেইসকল লোক, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি বিশ্বাস স্থাপন কৰে আৰু ৰাছুলৰ লগত কোনো সামাজিক কামত একত্ৰিত হ’লে তেওঁৰ অনুমতি নোলোৱাকৈ গুচি নাযায়; নিশ্চয় যিসকলে তোমাৰ পৰা অনুমতি বিচাৰে কেৱল তেওঁলোকেই আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰে। এতেকে তেওঁলোকে নিজৰ কোনো কামৰ বাবে তোমাৰ ওচৰত অনুমতি বিচাৰিলে তেওঁলোকৰ মাজৰ যাক ইচ্ছা তুমি তাক অনুমতি প্ৰদান কৰিবা আৰু তেওঁলোকৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবা। নিশ্চয় আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু।

    [63] তোমালোকে ৰাছুলৰ আহ্বানক তোমালোকৰ মাজৰ পৰস্পৰে কৰা আহ্বানৰ দৰে গণ্য নকৰিবা; তোমালোকৰ মাজৰ যিসকলে পুলুকামাৰি মনে মনে গুচি যায় আল্লাহে সিহঁতক ভালকৈয়ে জানে। এতেকে যিসকলে তেওঁৰ বিৰুদ্ধাচৰণ কৰে সিহঁতে সতৰ্ক হোৱা উচিত যে, সিহঁতে ফিতনাত পতিত হ’ব নাইবা যন্ত্ৰণাদায়ক শাস্তিয়ে সিহঁতক আক্ৰমণ কৰিব।

    [64] জানি থোৱা! আকাশসমূহ আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই; তোমালোকে যি অৱস্থাত আছা সেয়া তেওঁ অৱশ্যে জানে। যিদিনা সিহঁতক তেওঁৰ ওচৰত উভতাই নিয়া হ’ব, সিহঁতে কি কৰিছিল সেয়া সেইদিনা তেওঁ সিহঁতক জনাই দিব; আৰু আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।

    Surah 25
    আল-ফুরকান

    [1] অতি কল্যাণময় তেওঁ, যিজনে তেওঁৰ ওপৰত ফুৰক্বান অৱতীৰ্ণ কৰিছে, যাতে তেওঁ (ৰ সেই বান্দা) সৃষ্টিজগতৰ বাবে সতৰ্ককাৰী হ’ব পাৰে।

    [2] যিজন আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্বৰ অধিকাৰী; তেওঁ কোনো সন্তান গ্ৰহণ কৰা নাই; সাৰ্বভৌমত্বত তেওঁৰ কোনো অংশীদাৰ নাই। তেৱেঁই সকলো বস্তু সৃষ্টি কৰিছে, তাৰ পিছত সেয়া নিৰ্ধাৰণ কৰিছে যথাযথ অনুপাতত।

    [3] আৰু সিহঁতে আল্লাহৰ বাহিৰে বহুতো ইলাহ গ্ৰহণ কৰিছে, যিবোৰে একোৱে সৃষ্টি কৰিব নোৱাৰে বৰং সিহঁত নিজেই সৃষ্ট, আনকি সিহঁতে নিজৰ অপকাৰ বা উপকাৰ কৰাৰো ক্ষমতা নাৰাখে। লগতে মৃত্যু, জীৱন আৰু পুনৰুত্থানতো সিহঁতৰ কোনো অধিকাৰ নাই।

    [4] আৰু কাফিৰসকলে কয়, ‘এইটো মিছা কথাৰ বাহিৰে আন একো নহয়, এইটো তেওঁ নিজেই ৰচনা কৰিছে আৰু বিভিন্ন সম্প্ৰদায়ৰ মানুহে তেওঁক এই বিষয়ে সহায় কৰিছে’। এইদৰে কাফিৰসকলে যুলুম আৰু মিছা অপবাদ লৈ আহিছে।

    [5] সিহঁতে আৰু কয়, ‘এইবোৰ প্ৰাচীনকালৰ উপকথা, যিবোৰ তেওঁ লিখোৱাই লৈছে; তাৰ পিছত এইবোৰ পুৱা-গধূলি তেওঁৰ ওচৰত পাঠ কৰা হয়’।

    [6] কোৱা, ‘এইটো সেই সত্তাই অৱতীৰ্ণ কৰিছে যিজনে আকাশসমূহ আৰু পৃথিৱীৰ সমুদায় ৰহস্য জানে; নিশ্চয় তেওঁ পৰম ক্ষমাশীল, পৰম দয়ালু’।

    [7] সিহঁতে আৰু কয়, ‘এওঁ কেনেকুৱা ৰাছুল, যিয়ে খোৱা-বোৱা কৰে আকৌ হাট-বজাৰতো চলাফুৰা কৰে; তেওঁৰ ওচৰত কোনো ফিৰিস্তা কিয় অৱতীৰ্ণ কৰা নহ’ল, যিয়ে তেওঁৰ লগত সতৰ্ককাৰীৰূপে থাকিলেহেঁতেন

    [8] ‘অথবা তেওঁৰ ওচৰত কোনো ধনভাণ্ডাৰ নাহিল কিয়, নাইবা তেওঁৰ কাৰণে এটা বাগান নহয় কিয়, য’ৰ পৰা তেওঁ খাব পাৰিলেহেঁতেন?’ যালিমসকলে আৰু কয়, ‘তোমালোকে কেৱল এজন যাদুগ্ৰস্ত ব্যক্তিৰহে অনুসৰণ কৰি আছা’।

    [9] চোৱা, সিহঁতে তোমাৰ বাবে কেনেকুৱা (যুক্তিহীন) উপমা দাঙি ধৰিছে! ফলত সিহঁতে পথভ্ৰষ্ট হৈছে, এতেকে সিহঁতে সুপথ পাবলৈ কেতিয়াও সক্ষম নহয়।

    [10] তেওঁ অতি বৰকতময়, তেওঁ ইচ্ছা কৰিলে তোমাক ইয়াতকৈয়ো উৎকৃষ্ট বস্তু প্ৰদান কৰিব পাৰে— উদ্যানসমূহ যাৰ তলত নদীসমূহ প্ৰবাহিত লগতে তেওঁ তোমাক দিব পাৰে প্ৰসাদসমূহ

    [11] বৰং সিহঁতে কিয়ামত অস্বীকাৰ কৰিছে। এতেকে যিয়ে কিয়ামতক অস্বীকাৰ কৰে আমি তাৰ বাবে প্ৰস্তুত কৰি ৰাখিছো জলন্ত জুই।

    [12] দূৰৰ পৰা জুইয়ে যেতিয়া সিহঁতক দেখিব তেতিয়া সিহঁতে তাৰ ক্ৰুদ্ধ তৰ্জন-গৰ্জন আৰু প্ৰচণ্ড হুংকাৰ শুনিবলৈ পাব।

    [13] আৰু যেতিয়া সিহঁতক ডিঙিত হাত মেৰিয়াই শৃংখলিত অৱস্থাত তাৰ (জাহান্নামৰ) কোনো সংকীৰ্ণ স্থানত নিক্ষেপ কৰা হ’ব, তেতিয়া সিহঁতে তাত ধ্বংস কামনা কৰিব।

    [14] (কোৱা হ’ব) ‘আজি তোমালোকে এটা ধ্বংসক নহয়, বৰং বহু ধ্বংসক আহ্বান কৰা’।

    [15] কোৱা, ‘এইটোৱে ভাল নে সেই স্থায়ী জান্নাত ভাল, যাৰ প্ৰতিশ্ৰুতি মুত্তাক্বীসকলক দিয়া হৈছে’? সেইটো হ’ব তেওঁলোকৰ প্ৰতিদান আৰু প্ৰত্যাৱৰ্তনস্থল।

    [16] তাত তেওঁলোক চিৰকাল বসবাসৰত অৱস্থাত যি বিচাৰিব সেইটোৱে পাব; এই প্ৰতিশ্ৰুতি পূৰণ কৰা তোমাৰ প্ৰতিপালকৰ দায়িত্ব।

    [17] আৰু সেইদিনা তেওঁ সিহঁতক (কাফিৰসকলক) আৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰক উপাসনা কৰিছিল সেইবোৰকো একত্ৰিত কৰিব, তাৰ পিছত তেওঁ প্ৰশ্ন কৰিব, ‘তোমালোকেই মোৰ এই বান্দাসকলক বিভ্ৰান্ত কৰিছিলা নেকি, নে সিহঁত নিজেই বিভ্ৰান্ত হৈছিল’

    [18] সিহঁতে ক’ব, ‘তুমি পৱিত্ৰ আৰু মহান! তোমাৰ বাহিৰে আন কাৰোবাক অভিভাৱকৰূপে গ্ৰহণ কৰা আমাৰ বাবে কেতিয়াও উচিত নহয়, বৰং তুমিয়েই সিহঁতক আৰু সিহঁতৰ পিতৃ-পুৰুষসকলক ভোগ-সম্ভাৰ প্ৰদান কৰিছিলা, ফলত সিহঁতে (তোমাৰ) স্মৰণ পাহৰি গৈছিল আৰু ধ্বংসপ্ৰাপ্ত সম্প্ৰদায়ত পৰিণত হৈছিল’।

    [19] (আল্লাহে মুশ্বৰিকসকলক ক’ব) ‘এতেকে তোমালোকে যি কৈছিলা সেয়া সিহঁতে মিছা সাব্যস্ত কৰিছে। সেয়ে তোমালোকে এতিয়া শাস্তি প্ৰতিৰোধ কৰিব নোৱাৰিবা আৰু সহায়ো নাপাবা। তোমালোকৰ মাজৰ যিয়ে যুলুম তথা শ্বিৰ্ক কৰে আমি তাক মহাশাস্তিৰ স্বাদ উপভোগ কৰাম’।

    [20] আৰু আমি তোমাৰ পূৰ্বে যিমানবোৰ ৰাছুল প্ৰেৰণ কৰিছো তেওঁলোক আটায়ে খোৱা-বোৱা কৰিছিল আৰু হাট-বজাৰত চলা-ফুৰাও কৰিছিল। (হে মানৱ!) আমি তোমালোকৰ এজনক আনজনৰ বাবে পৰীক্ষাস্বৰূপ কৰি দিছো। তোমালোকে ধৈৰ্য ধাৰণ কৰিবানে? আৰু তোমাৰ ৰব সৰ্ব দ্ৰষ্টা।

    [21] আৰু যিসকলে আমাৰ সাক্ষাতৰ প্ৰত্যাশা নকৰে সিহঁতে কয়, ‘আমাৰ ওচৰত ফিৰিস্তা কিয় অৱতীৰ্ণ কৰা নহয়, অথবা আমি আমাৰ প্ৰতিপালকক দেখা নাপাওঁ কিয়’? অৱশ্যে সিহঁতে সিহঁতৰ অন্তৰত অহংকাৰ পোষণ কৰিছে আৰু সিহঁতে জঘন্যভাৱে সীমালংঘন কৰিছে।

    [22] যিদিনা সিহঁতে ফিৰিস্তাসকলক দেখিবলৈ পাব সেইদিনা অপৰাধীসকলৰ বাবে কোনো সুসংবাদ নাথাকিব আৰু সিহঁতে ক’ব, ‘ৰক্ষা কৰা, ৰক্ষা কৰা’।

    [23] আৰু আমি সিহঁতৰ কৃতকৰ্মৰ প্ৰতি অগ্ৰসৰ হৈ সেইবোৰক বিক্ষিপ্ত ধূলিকণাত পৰিণত কৰিম।

    [24] সেইদিনা জান্নাতবাসীসকলৰ বাসস্থান হব উৎকৃষ্ট আৰু বিশ্ৰামস্থল হ’ব মনোৰম।

    [25] আৰু সেইদিনা মেঘপুঞ্জৰ দ্বাৰা আকাশ বিদীৰ্ণ হ'ব আৰু দলে দলে ফিৰিস্তাসকলক অৱতীৰ্ণ কৰোৱা হ’ব।

    [26] সেইদিনা চূড়ান্ত কৰ্তৃত্ব হ’ব কেৱল ৰহমানৰ আৰু কাফিৰসকলৰ বাবে সেইদিন হ’ব অত্যন্ত কঠিন।

    [27] সেইদিনা যালিম ব্যক্তিয়ে নিজৰে দুহাত কামুৰি কামুৰি ক’ব, ‘হায়, মই যদি ৰাছুলৰ সৈতে কোনো পথ অৱলম্বন কৰিলোহেঁতেন!’

    [28] হায়, দুৰ্ভাগ্য মোৰ, অমুকক যদি মই বন্ধুৰূপে গ্ৰহণ নকৰিলোহেঁতেন

    [29] অৱশ্যে সিয়ে মোক উপদেশ বাণীৰ পৰা বিভ্ৰান্ত কৰিছিল, অথচ মোৰ ওচৰত সেয়া আহিছিল; আৰু চয়তানতো মানুহৰ বাবে মহাপ্ৰতাৰক।

    [30] আৰু ৰাছুলে ক’লে, ‘হে মোৰ ৰব! নিশ্চয় মোৰ সম্প্ৰদায়ে কোৰআনক পৰিত্যজ সাব্যস্ত কৰিছে’।

    [31] (আল্লাহে ক’লে) ‘এইদৰেই আমি প্ৰত্যেক নবীৰ বাবে অপৰাধীবিলাকৰ মাজৰ পৰা শত্ৰু বনাই দিছো। তোমাৰ প্ৰতিপালকেই পথপ্ৰদৰ্শক আৰু সহায়কাৰীৰূপে যথেষ্ট’।

    [32] আৰু কাফিৰসকলে কয়, ‘সম্পূৰ্ণ কোৰআনখন তেওঁৰ ওচৰত একেলগে অৱতীৰ্ণ কৰা নহ’ল কিয়’? এই দৰে অৱতীৰ্ণ কৰাৰ কাৰণ হৈছে যাতে তোমাৰ হৃদয়ক আমি ইয়াৰ দ্বাৰা মজবুত কৰিব পাৰো সেয়ে আমি ইয়াক ক্ৰমে ক্ৰমে স্পষ্টভাৱে আবৃত্তি কৰিছো।

    [33] আৰু সিহঁতে তোমাৰ ওচৰত যিকোনো বিষয়েই লৈ নাহক কিয়, আমি সেইটোৰ সঠিক সমাধান আৰু সুন্দৰ ব্যাখ্যা তোমাৰ ওচৰত লৈ আহিছো।

    [34] যিসকলক উবুৰি খুৱাই জাহান্নামৰ পিনে একত্ৰিত কৰা হ’ব, সিহঁত মৰ্যাদাত অতি নিকৃষ্ট আৰু অধিক পথভ্ৰষ্ট।

    [35] আৰু আমিয়েই মুছাক কিতাব প্ৰদান কৰিছিলো আৰু তেওঁৰ লগত তেওঁৰ ভাতৃ হাৰূনক সহায়কাৰী কৰি দিছিলো।

    [36] তাৰ পিছত আমি কৈছিলো, ‘তোমালোকে সেই সম্প্ৰদায়ৰ ওচৰত যোৱা যিসকলে আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰিছে’। ফলত আমি সিহঁতক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰিছিলো

    [37] আৰু নূহৰ সম্প্ৰদায়কো, যেতিয়া সিহঁতে ৰাছুলসকলক অস্বীকাৰ কৰিছিল, তেতিয়া আমি সিহঁতক ডুবাই মাৰিলো আৰু সিহঁতক মানুহৰ বাবে নিদৰ্শনস্বৰূপ বনাই দিলো। আৰু আমি যালিমসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছো যন্ত্ৰণাদায়ক শাস্তি।

    [38] আৰু আমি ধ্বংস কৰিছিলো আদ, ছামূদ, ৰাছ’ৰ অধিবাসীবিলাকক, আৰু সিহঁতৰ মধ্যৱৰ্তী সময়ৰ বহু প্ৰজন্মকো।

    [39] আমি সিহঁতৰ প্ৰত্যেকৰ বাবে দৃষ্টান্ত বৰ্ণনা কৰিছিলো আৰু সিহঁতবোৰক আমি সম্পূৰ্ণৰূপে ধ্বংস কৰিছিলো।

    [40] অৱশ্যে এই কাফিৰবিলাকেও সেই জনপদৰ মাজেৰেই অহা-যোৱা কৰে যাৰ ওপৰত বৰ্ষিত হৈছিল অকল্যাণৰ বৃষ্টি, তেন্তে সিহঁতে সেইবোৰ দেখা নাপায় নে? আচলতে সিহঁতে পুনৰুত্থানৰ প্ৰত্যাশাই কৰা নাছিল।

    [41] আৰু সিহঁতে যেতিয়া তোমাক দেখে, তেতিয়া সিহঁতে তোমাক কেৱল হাঁহিয়াতৰ পাত্ৰৰূপেহে গণ্য কৰে, কয়, ‘এওঁৱেই নেকি সেইজন, যাক আল্লাহে ৰাছুল কৰি পঠাইছে’

    [42] ‘এওঁ নিশ্চয় আমাক আমাৰ উপাস্যবোৰৰ পৰা আঁতৰ কৰি দিলেহেঁতেন, যদি আমি সিহঁতৰ প্ৰতি অবিচল নাথাকিলোহেঁতেন’। কিন্তু যেতিয়া সিহঁতে শাস্তি প্ৰত্যক্ষ কৰিব, তেতিয়াহে জানিব পাৰিব কোন অধিক পথভ্ৰষ্ট।

    [43] তুমি সেইজন ব্যক্তিক দেখিছানে, যিয়ে নিজ প্ৰবৃত্তিক ইলাহৰূপে গ্ৰহণ কৰিছে? তথাপিও তুমি তাৰ দায়িত্ব গ্ৰহণ কৰিবানে

    [44] অথবা তুমি ভাবা নেকি যে সিহঁতৰ অধিকাংশই শুনা পায় বা বুজি পায়? প্ৰকৃততে সিহঁত পশুৰ দৰে; বৰং সিহঁত তাতোকৈ অধিক পথভ্ৰষ্ট।

    [45] তুমি তোমাৰ প্ৰতিপালকৰ প্ৰতি লক্ষ্য নকৰা নেকি, চোৱাচোন তেওঁ কেনেকৈ ছাঁ সম্প্ৰসাৰিত কৰে? তেওঁ ইচ্ছা কৰিলে ইয়াক স্থিৰ ৰাখিব পাৰিলেহেঁতেন; পিছে আমি সূৰ্যক ইয়াৰ নিৰ্দেশক কৰি দিছো।

    [46] তাৰ পিছত আমি ইয়াক লাহে লাহে চপাই আনো।

    [47] আৰু তেৱেঁই তোমালোকৰ বাবে ৰাতিক কৰিছে আৱৰণস্বৰূপ, আৰু নিদ্ৰা প্ৰদান কৰিছে বিশ্ৰামৰ বাবে লগতে সজাগ হৈ উঠিবলৈ সৃষ্টি কৰিছে দিন।

    [48] আৰু তেৱেঁই তেওঁৰ ৰহমতৰ বৰষুণৰ আগতে সুসংবাদবাহীৰূপে বতাহ প্ৰেৰণ কৰে; আৰু আমিয়েই আকাশৰ পৰা পৱিত্ৰ পানী বৰ্ষণ কৰো

    [49] যাতে তাৰ দ্বাৰা আমি মৃত ভূ-খণ্ডক সঞ্জীৱিত কৰিব পাৰো, আৰু আমি যিবোৰ জীৱ-জন্তু আৰু মানুহ সৃষ্টি কৰিছো, তাৰ মাজৰ বহুতকে আমি সেয়া পান কৰাওঁ

    [50] আৰু অৱশ্যে আমি সেয়া সিহঁতৰ মাজত বন্টন কৰি দিছো, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে। তথাপিও অধিকাংশ লোকে কেৱল অকৃতজ্ঞতাই প্ৰকাশ কৰে।

    [51] আৰু আমি ইচ্ছা কৰিলে প্ৰতিটো জনপদতেই এজনকৈ সতৰ্ককাৰী পঠাব পাৰিলোহেঁতেন।

    [52] এতেকে তুমি কাফিৰসকলৰ আনুগত্য নকৰিবা আৰু তুমি কোৰআনৰ সহায়ত সিহঁতৰ লগত কঠোৰ সংগ্ৰাম চলাই যোৱা।

    [53] আৰু তেৱেঁই দুটা সাগৰক সমান্তৰালভাৱে প্ৰবাহিত কৰিছে, এখনৰ (পানী) সুস্বাদু, মিঠা আৰু আনখনৰ লুণীয়া, কেহেটা; আৰু তেওঁ উভয়ৰ মাজত ৰাখি দিছে এটা অন্তৰায়, যিটো অনতিক্ৰম্য ব্যৱধান।

    [54] আৰু তেৱেঁই মানুহক পানীৰ পৰা সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ তাক বংশগত আৰু বৈবাহিক সম্পৰ্কশীল কৰিছে। কাৰণ তোমাৰ ৰব প্ৰভূত ক্ষমতাবান।

    [55] আৰু সিহঁতে আল্লাহৰ পৰিবৰ্তে এনে কিছুমানৰ ইবাদত কৰে যিবোৰে সিহঁতৰ উপকাৰো কৰিব নোৱাৰে আৰু সিহঁতৰ অপকাৰো কৰিব নোৱাৰে। অৱশ্যে কাফিৰ কেৱল তাৰ প্ৰতিপালকৰ বিৰুদ্ধে সহায়কাৰী।

    [56] আৰু আমি তোমাক কেৱল সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপেহে প্ৰেৰণ কৰিছো।

    [57] কোৱা, ‘মই তোমালোকৰ ওচৰত ইয়াৰ বিপৰীতে কোনো বিনিময় নিবিচাৰো, কিন্তু যাৰ ইচ্ছা সি নিজ প্ৰতিপালকৰ পথ অৱলম্বন কৰক (এইটোৱে মোৰ কামনা)’।

    [58] আৰু তুমি কেৱল সেই সত্তাৰ প্ৰতি নিৰ্ভৰ কৰা যিজন চিৰঞ্জীৱ, যিজন কেতিয়াও মৃত্যুবৰণ নকৰিব, আৰু তেওঁৰেই সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা, তেওঁৰ বান্দাসকলৰ পাপ সম্পৰ্কে খবৰ ৰাখিবলৈ তেৱেঁই যথেষ্ট।

    [59] তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে সেই সকলো ছয় দিনত সৃষ্টি কৰিছে; তাৰ পিছত তেওঁ আৰছৰ ওপৰত উঠিছে। তেৱেঁই ৰহমান, এতেকে তেওঁৰ বিষয়ে যিয়ে জানে তাক সুধি চোৱা।

    [60] আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘তোমালোকে ৰহমানৰ প্ৰতি ছাজদাহ কৰা’, তেতিয়া সিহঁতে কয়, ‘ৰহমান আকৌ কি? তুমি কাৰোবাক ছাজদাহ কৰিব ক’লেই আমি তাক ছাজদাহ কৰিমনে’? (এনে আহ্বানে) কেৱল সিহঁতৰ পলায়নপৰতাই বৃদ্ধি কৰে।

    [61] অতি বৰকতময় সেই সত্তা যিজনে নভোমণ্ডলত সৃষ্টি কৰিছে বিশাল নক্ষত্ৰৰাজি আৰু তাত স্থাপন কৰিছে প্ৰদীপ আৰু আলো বিকিৰণকাৰী চন্দ্ৰ।

    [62] আৰু তেৱেঁই দিন ৰাতিক পৰস্পৰৰ অনুগামী কৰিছে, তাৰ বাবে যিয়ে উপদেশ গ্ৰহণ কৰিব বিচাৰে অথবা কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰে।

    [63] আৰু ৰহমানৰ বান্দা তেওঁলোকেই যিসকলে পৃথিৱীত অত্যন্ত বিনম্ৰভাৱে চলাফুৰা কৰে আৰু যেতিয়া মুৰ্খসকলে তেওঁলোকক (অশালীন ভাষাত) সম্বোধন কৰে, তেতিয়া তেওঁলোকে কয়, ‘ছালাম’

    [64] আৰু যিসকলে নিজ প্ৰতিপালকক ছাজদাহ কৰে আৰু থিয় হৈ (ইবাদত কৰি) থকা অৱস্থাত উজাগৰে ৰাতি কটায়

    [65] আৰু তেওঁলোকে কয়, ‘হে আমাৰ ৰব! তুমি আমাৰ পৰা জাহান্নামৰ শাস্তি আঁতৰাই দিয়া, নিশ্চয় ইয়াৰ শাস্তি অবিচ্ছিন্ন।

    [66] ‘নিশ্চয় সেয়া বসবাস আৰু অৱস্থানস্থল হিচাপে অতি নিকৃষ্ট’।

    [67] আৰু তেওঁলোকে যেতিয়া ব্যয় কৰে তেতিয়া অপব্যয় নকৰে, আৰু কৃপণতাও নকৰে, বৰং (তেওঁলোকে) এই দুয়োৰ মধ্যৱৰ্তী পন্থা অৱলম্বন কৰে।

    [68] আৰু তেওঁলোকে আল্লাহৰ লগত আন কোনো ইলাহক আহ্বান নকৰে; আৰু আল্লাহে যি প্ৰাণ হত্যা কৰিবলৈ নিষেধ কৰিছে, যথাৰ্থ কাৰণবিহীন তাক হত্যা নকৰে। তেওঁলোকে ব্যভিচাৰ নকৰে; যিয়ে এইবোৰ কৰিব সি (অৱশ্যে) শাস্তি ভোগ কৰিব।

    [69] কিয়ামতৰ দিনা তাৰ শাস্তি বৰ্ধিতভাৱে প্ৰদান কৰা হ’ব আৰু তাত সি অপমানিত অৱস্থাত স্থায়ী হ’ব।

    [70] কিন্তু যিয়ে তাওবা কৰে, ঈমান পোষণ কৰে আৰু সৎকৰ্ম কৰে, ইয়াৰ ফলত আল্লাহে তেওঁলোকৰ গুণাহসমূহ পূণ্যৰ দ্বাৰা পৰিবৰ্তন কৰি দিব। আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

    [71] আৰু যিয়ে তাওবা কৰে আৰু সৎকৰ্ম কৰে, নিশ্চয় তেওঁ সম্পূৰ্ণৰূপে আল্লাহৰ অভিমুখী হয়।

    [72] আৰু তেওঁলোকে মিছা কথাৰ সাক্ষী নহয় আৰু তেওঁলোকে অসাৰ কাৰ্যকলাপৰ সন্মুখীন হ’লে নিজৰ মৰ্যাদা ৰক্ষাৰ্থে সেয়া পৰিহাৰ কৰি গুচি যায়।

    [73] আৰু তেওঁলোকক নিজ প্ৰতিপালকৰ আয়াতসমূহ স্মৰণ কৰাই দিলে তেওঁলোকে অন্ধ আৰু বধিৰৰ দৰে আচৰণ নকৰে।

    [74] আৰু তেওঁলোকে প্ৰাৰ্থনা কৰি কয়, ‘হে আমাৰ ৰব! আমাক এনেকুৱা স্ত্ৰী আৰু সন্তান-সন্ততি দান কৰা, যাৰ দ্বাৰা আমাৰ চকু জুৰ পৰি যায়। আৰু তুমি আমাক মুত্তাক্বীসকলৰ বাবে অনুসৰণযোগ্য বনাই দিয়া’।

    [75] তেওঁলোককেই জান্নাতৰ সুউচ্চ কক্ষ প্ৰতিদান হিচাপে প্ৰদান কৰা হ’ব। যিহেতু তেওঁলোক আছিল ধৈৰ্যশীল। তেওঁলোকক তাত অভিবাদন আৰু ছালামৰ দ্বাৰা সম্বৰ্ধনা কৰা হ’ব।

    [76] তাত তেওঁলোক স্থায়ী হ’ব। অৱস্থানস্থল আৰু বাসস্থান হিচাপে সেয়া কিমান যে উৎকৃষ্ট

    [77] কোৱা, ‘যদি তোমালোকে তেওঁক আহ্বান নকৰিলাহেঁতেন তেন্তে মোৰ প্ৰতিপালকে তোমালোকৰ প্ৰতি অকণো ভ্ৰুক্ষেপ নকৰিলেহেঁতেন। তাৰ পিছতো তোমালোকে অস্বীকাৰ কৰিছা, সেয়ে অচিৰেই অপৰিহাৰ্য হ’ব শাস্তি’।

    Surah 26
    আশ-শু‘আরা

    [1] ত্ব-ছীন-মীম।

    [2] এইবোৰ সুস্পষ্ট কিতাবৰ আয়াত।

    [3] সিহঁতে মুমিন হোৱা নাই বুলি হয়তো তুমি আত্মঘাতী হৈ পৰিবা।

    [4] আমি ইচ্ছা কৰিলে আকাশৰ পৰা সিহঁতৰ ওপৰত এনেকুৱা নিদৰ্শন অৱতীৰ্ণ কৰিলোহেঁতেন, যাৰ ফলত সেইটোৰ প্ৰতি সিহঁতৰ ঘাৰ অৱনত হৈ পৰিলেহেঁতেন।

    [5] আৰু যেতিয়াই সিহঁতৰ ওচৰত ৰহমানৰ তৰফৰ পৰা কোনো নতুন উপদেশ আহে, তেতিয়াই সিহঁতে তাৰ পৰা মুখ ঘূৰাই লয়।

    [6] এতেকে সিহঁতে অৱশ্যে অস্বীকাৰ কৰিছে। সেয়ে সিহঁতে যিটো লৈ ঠাট্টা-বিদ্ৰূপ কৰিছিল তাৰ প্ৰকৃত বাৰ্তা সিহঁতৰ ওচৰত অতি শীঘ্ৰে আহি পৰিব।

    [7] সিহঁতে পৃথিৱীৰ ফালে লক্ষ্য নকৰে নেকি? আমি তাত প্ৰত্যেক প্ৰকাৰৰ বহুতো উৎকৃষ্ট উদ্ভিদ উৎপন্ন কৰিছো

    [8] নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।

    [9] আৰু নিশ্চয় তোমাৰ ৰব, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।

    [10] আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে মুছাক মাতি ক’লে, ‘তুমি যালিম সম্প্ৰদায়ৰ ওচৰলৈ যোৱা

    [11] ফিৰআউনৰ সম্প্ৰদায়ৰ ওচৰত; সিহঁতে তাক্বৱা অৱলম্বন নকৰিব নে’

    [12] মুছাই ক’লে, ‘হে মোৰ ৰব! মোৰ আশংকা হৈছে যে, সিহঁতে মোক অস্বীকাৰ কৰিব।

    [13] ‘আৰু মোৰ বুকু সংকুচিত হৈ পৰিছে, লগতে মোৰ জিভাও স্বাভাৱিক নহয়। এতেকে তুমি হাৰূনৰ প্ৰতিও অহী প্ৰেৰণ কৰা।

    [14] ‘আৰু মোৰ বিৰুদ্ধে সিহঁতৰ ওচৰত এটা অভিযোগো আছে, সেয়ে মোৰ আশংকা হৈছে যে, সিহঁতে মোক হত্যা কৰিব’।

    [15] আল্লাহে ক’লে, ‘নহয়, কেতিয়াও নহয়, তোমালোক দুয়ো মোৰ নিদৰ্শন লৈ যোৱা, নিশ্চয় আমি তোমালোকৰ লগত আছো শ্ৰৱণকাৰী হিচাপে।

    [16] ‘এতেকে তোমালোক দুয়ো ফিৰআউনৰ ওচৰত গৈ কোৱা, ‘নিশ্চয় আমি বিশ্বজগতৰ প্ৰতিপালকৰ (তৰফৰ পৰা প্ৰেৰিত) ৰাছুল

    [17] ‘যাতে তুমি বনী ইছৰাঈলক আমাৰ লগত পঠাই দিয়া’।

    [18] ফিৰআউনে ক’লে, ‘আমি তোমাক শৈশৱ কালত আমাৰ মাজতে লালন-পালন কৰা নাছিলো নে? আৰু অৱশ্যে তুমি তোমাৰ জীৱনৰ বহু বছৰ আমাৰ মাজতে অতিবাহিত কৰিছা

    [19] ‘আৰু তুমি তোমাৰ কৰ্ম যিটো কৰিবলগীয়া সেইটো কৰিছায়ে আৰু তুমি অকৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত’।

    [20] মুছাই ক’লে, ‘সেইটো মই কৰিছিলো তেতিয়া, যেতিয়া মই বিভ্ৰান্ত আছিলো’।

    [21] ‘এতেকে যেতিয়া মই তোমালোকক ভয় কৰিছিলো, তেতিয়া মই তোমালোকৰ পৰা পলায়ন কৰিছিলো। ইয়াৰ পিছত মোৰ প্ৰতিপালকে মোক প্ৰজ্ঞা (নবুওৱত) দান কৰিছে আৰু মোক ৰাছুলসকলৰ অন্তৰ্ভুক্ত কৰিছে।

    [22] ‘আৰু মোৰ প্ৰতি তোমাৰ যি অনুগ্ৰহৰ কথা উল্লেখ কৰি তুমি দয়া দেখুৱাই আছা, তাৰ প্ৰকৃত সত্য এইটো যে, তুমি বনী ইছৰাঈলক দাসত পৰিণত কৰিছা’।

    [23] ফিৰআউনে ক’লে, ‘সৃষ্টিজগতৰ ৰব আকৌ কি’

    [24] মুছাই ক’লে, ‘তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মধ্যৱৰ্তী সকলো বস্তুৰ ৰব, যদি তোমালোকে নিশ্চিত বিশ্বাসী হোৱা’।

    [25] ফিৰআউনে তাৰ ওচৰে পাজৰে থকা লোকসকলক লক্ষ্য কৰি ক’লে, ‘তোমালোকে মনোযোগ সহকাৰে শুনিছানে’

    [26] মুছাই ক’লে, ‘তেৱেঁই তোমালোকৰ ৰব আৰু তোমালোকৰ পূৰ্বপুৰুষসকলোৰো ৰব’।

    [27] ফিৰআউনে ক’লে, ‘তোমালোকৰ প্ৰতি প্ৰেৰিত তোমালোকৰ এই ৰাছুলজন নিশ্চয় এজন বলিয়া’।

    [28] মুছাই ক’লে, ‘তেওঁ পূৱ আৰু পশ্চিমৰ লগতে এই দুয়োৰ মাজত যি আছে সেই সকলো বস্তুৰ ৰব; যদি তোমালোকে বুজি পোৱা’।

    [29] ফিৰআউনে ক’লে, ‘যদি তুমি মোৰ পৰিবৰ্তে আনক ইলাহৰূপে গ্ৰহণ কৰা তেন্তে মই তোমাক অৱশ্যে কাৰাৰুদ্ধ কৰিম’।

    [30] মুছাই ক’লে, ‘যদি মই তোমাৰ ওচৰত স্পষ্ট কোনো বিষয় লৈ আহোঁ, তথাপিও’

    [31] ফিৰআউনে ক’লে, ‘যদি তুমি সত্যবাদী হোৱা তেন্তে সেয়া লৈ আহা’।

    [32] তাৰ পিছত মুছাই তেওঁৰ লাখুটিডাল নিক্ষেপ কৰিলে তৎক্ষণাত সেয়া এডাল স্পষ্ট অজগৰ সাপত পৰিণত হ’ল।

    [33] আৰু মুছাই তেওঁৰ হাত (কাষলতিৰ পৰা) ওলাই আনাৰ ফলত তৎক্ষণাত সেয়া দৰ্শকৰ দৃষ্টিত শুভ্ৰ উজ্জ্বল প্ৰতিভাত হ’ল।

    [34] ফিৰআউনে তাৰ ওচৰে পাজৰে থকা পৰিষদবৰ্গক উদ্দেশ্য কৰি ক’লে, ‘নিশ্চয় এওঁ এজন সুদক্ষ যাদুকৰ’।

    [35] ‘এওঁ নিজৰ যাদু শক্তিৰে তোমালোকক তোমালোকৰ দেশৰ পৰাই বহিষ্কৃত কৰিব বিচাৰে। এতেকে তোমালোকে মোক কি পৰামৰ্শ দিয়া’

    [36] সিহঁতে ক’লে, ‘তেওঁক আৰু তেওঁৰ ভাতৃক কিছু সময় অৱকাশ দিয়ক আৰু নগৰে নগৰে সংগ্ৰাহকসকলক পঠাই দিয়ক

    [37] ‘যাতে সিহঁতে আপোনাৰ ওচৰত প্ৰত্যেক অভিজ্ঞ যাদুকৰক লৈ উপস্থিত হয়’।

    [38] তাৰ পিছত এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত যাদুকৰসকলক একত্ৰিত কৰা হ’ল

    [39] আৰু মানুহক কোৱা হ’ল, ‘তোমালোকেও সমবেত হ’বানে’

    [40] ‘যাতে আমি যাদুকৰসকলক অনুসৰণ কৰিব পাৰো, যদি সিহঁতে বিজয়ী হয়’।

    [41] এতেকে যেতিয়া যাদুকৰবিলাকে আহি ফিৰআউনক ক’লে, ‘যদি আমি বিজয়ী হওঁ তেন্তে আমাৰ বাবে পুৰষ্কাৰ থাকিব নে’

    [42] ফিৰআউনে ক’লে, ‘হয়, আৰু নিশ্চয় তোমালোক তেতিয়া মোৰ ঘনিষ্টসকলৰ অন্তৰ্ভুক্ত হ’বা’।

    [43] মুছাই সিহঁতক ক’লে, ‘তোমালোকৰ যি নিক্ষেপ কৰিবলগীয়া আছে সেয়া নিক্ষেপ কৰা’।

    [44] তাৰ পিছত সিহঁতে সিহঁতৰ ৰছী আৰু লাখুটিবোৰ নিক্ষেপ কৰিলে আৰু সিহঁতে ক’লে, ‘ফিৰআউনৰ মৰ্যাদাৰ শপত! নিশ্চয় আমিয়েই বিজয়ী হম’।

    [45] তাৰ পিছত মুছাই তেওঁৰ লাখুটিডাল নিক্ষেপ কৰিলে, ফলত তৎক্ষণাত ই সিহঁতৰ মিছা কীৰ্তিসমূহ গ্ৰাস কৰিবলৈ ধৰিলে।

    [46] তেতিয়া যাদুকৰসকল ছাজদাৱনত হৈ পৰিল।

    [47] তেওঁলোকে ক’লে, ‘আমি ঈমান আনিলো সৃষ্টিজগতৰ প্ৰতিপালকৰ প্ৰতি

    [48] ‘যিজন মুছা আৰু হাৰূনৰ ৰব’।

    [49] ফিৰআউনে ক’লে, ‘মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে তাৰ প্ৰতি বিশ্বাস কৰিলা? নিশ্চয় সিয়ে তোমালোকৰ প্ৰধান আৰু সিয়ে তোমালোকক যাদু শিক্ষা দিছে। এতেকে অতিশীঘ্ৰে তোমালোকে ইয়াৰ পৰিণাম পাবা। নিশ্চয় আমি তোমালোকৰ হাত আৰু ভৰি বিপৰীত দিশৰ পৰা কাটি দিম আৰু তোমালোক সকলোকে শূলবিদ্ধ কৰিম’।

    [50] তেওঁলোকে ক’লে, ‘কোনো অসুবিধা নাই, নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ ফালেই উভতি যাম।

    [51] নিশ্চয় আমি আশা পোষণ কৰো যে, আমাৰ প্ৰতিপালকে আমাৰ অপৰাধসমূহ ক্ষমা কৰি দিব, কাৰণ আমিয়ে মুমিনসকলৰ মাজত প্ৰথম।

    [52] আৰু আমি মুছাৰ প্ৰতি এই মৰ্মে অহী কৰিছিলো যে, ‘আমাৰ বান্দাসকলক লৈ ৰাতিৰ ভিতৰতে ওলাই যোৱা, নিশ্চয় তোমালোকক পিছে পিছে খেদি যোৱা হ’ব’।

    [53] তাৰ পিছত ফিৰআউনে চহৰে চহৰে লোক সংগ্ৰহকাৰী প্ৰেৰণ কৰিলে

    [54] ‘নিশ্চয় ইহঁত ক্ষুদ্ৰ এটা দল

    [55] ‘আৰু নিশ্চয় সিহঁতে আমাৰ ক্ৰোধ উদ্ৰেক কৰিছে

    [56] ‘আৰু নিশ্চয় আমি সকলো সদায় সতৰ্ক’।

    [57] পৰিণামত আমি ফিৰআউন গোষ্ঠীক সিহঁতৰ উদ্যানসমূহ আৰু প্ৰস্ৰৱনৰ পৰা বহিষ্কাৰ কৰিলো

    [58] লগতে ধন-ভাণ্ডাৰ আৰু মনোৰম সৌধমালাৰ পৰাও।

    [59] এইদৰেই হৈছিল আৰু আমি বনী ইছৰাঈলক কৰিছিলো এইবোৰৰ অধিকাৰী।

    [60] তাৰ পিছত সিহঁতে সূৰ্যোদয়ৰ প্ৰাকমুহূৰ্তত তেওঁলোকৰ পিছ ল’লে।

    [61] এতেকে যেতিয়া দুয়ো দলে পৰস্পৰক দেখিলে, তেতিয়া মুছাৰ সঙ্গীসকলে ক’লে, ‘নিশ্চয় আমি ধৰা পৰিলো!’

    [62] মুছাই ক’লে, ‘কেতিয়াও নহয়, মোৰ লগত মোৰ প্ৰতিপালক আছে; অনতিপলমে তেওঁ মোক পথনিৰ্দেশ কৰিব’।

    [63] তাৰ পিছত আমি মুছাৰ প্ৰতি অহী কৰিলো যে, ‘তোমাৰ লাখুটিৰে সাগৰত আঘাত কৰা’। ফলত সাগৰ বিভক্ত হৈ প্ৰত্যেক ভাগ বিশাল পৰ্বতৰ দৰে হৈ গ’ল

    [64] আৰু আমি আন দলটোকো সেই ঠাইৰ নিকটৱৰ্তী কৰিলো

    [65] আৰু আমি উদ্ধাৰ কৰিলো মুছা আৰু তেওঁৰ সঙ্গীসকল

    [66] তাৰ পিছত ডুবাই মাৰিলো আনটো দলক।

    [67] নিশ্চয় ইয়াৰ মাজত আছে নিদৰ্শন, কিন্তু সিহঁতৰ অধিকাংশই মুমিন নহয়।

    [68] আৰু নিশ্চয় তোমাৰ ৰব মহাপৰাক্ৰমশালী, পৰম দয়ালু।

    [69] আৰু তুমি সিহঁতৰ ওচৰত ইব্ৰাহীমৰ বৃত্তান্ত বৰ্ণনা কৰা।

    [70] যেতিয়া তেওঁ তেওঁৰ পিতৃক আৰু নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে কিহৰ ইবাদত কৰা’

    [71] সিহঁতে ক’লে, ‘আমি মূৰ্তি পূজা কৰো; এতেকে আমি নিষ্ঠাৰ সৈতে সেইটোকে ধৰি থাকিম’।

    [72] তেওঁ ক’লে, ‘তোমালোকে যেতিয়া আহ্বান কৰা তেতিয়া সেইবোৰে তোমালোকৰ আহ্বান শুনা পায়নে

    [73] ‘অথবা সিহঁতে তোমালোকৰ উপকাৰ নাইবা ক্ষতি কৰিব পাৰে নেকি’

    [74] সিহঁতে ক’লে, ‘বৰং আমি আমাৰ পিতৃপুৰুষ সকলক পাইছো, তেওঁলোকে এনেকুৱাই কৰিছিল’।

    [75] ইব্ৰাহীমে ক’লে, ‘তোমালোকে ভাবি চাইছানে, যিসকলৰ ইবাদত তোমালোকে কৰা

    [76] ‘তোমালোক আৰু তোমালোকৰ পিতৃপুৰুষ সকল

    [77] ‘আটায়ে মোৰ শত্ৰু কেৱল বিশ্বজগতৰ ৰব (আল্লাহ)ৰ বাহিৰে।

    [78] ‘যিজনে মোক সৃষ্টি কৰিছে, তাৰ পিছত তেৱেঁই মোক হিদায়ত দিছে।

    [79] ‘তেৱেঁই মোক আহাৰ কৰায় আৰু তেৱেঁই মোক পান কৰায়।

    [80] ‘আৰু যেতিয়া মই অসুস্থ হওঁ, তেতিয়া তেৱেঁই মোক আৰোগ্য কৰে।

    [81] ‘তেৱেঁই মোৰ মৃত্যু ঘটাব আৰু তেৱেঁই মোক পুনৰ্জীৱিত কৰিব।

    [82] ‘আৰু তেওঁৰ ওচৰতেই মোৰ আশা যে, তেওঁ মোক কিয়ামতৰ দিনা মোৰ অপৰাধসমূহ ক্ষমা কৰি দিব।

    [83] ‘হে মোৰ ৰব! মোক হিকমত দান কৰা আৰু সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত কৰা।

    [84] ‘আৰু পৰৱৰ্তীসকলৰ মাজত মোৰ সুনাম-সুখ্যাতি অব্যাহত ৰাখা

    [85] ‘আৰু মোক সূখময় জান্নাতৰ অধিকাৰীসকলৰ অন্তৰ্ভুক্ত কৰা

    [86] ‘আৰু মোৰ পিতৃক ক্ষমা কৰা, নিশ্চয় তেওঁ পথভ্ৰষ্টবিলাকৰ অন্তৰ্ভুক্ত আছিল।

    [87] ‘আৰু (হে মোৰ ৰব!) পুনৰুত্থানৰ দিনা মোক লাঞ্ছিত নকৰিবা।

    [88] ‘যিদিনা ধন-সম্পদ- আৰু সন্তান-সন্ততি কোনো কামত নাহিব

    [89] ‘সেইদিনা উপকৃত হ’ব কেৱল সেই ব্যক্তি, যিজনে লৈ আহিব আল্লাহৰ ওচৰত বিশুদ্ধ অন্তঃকৰণ’।

    [90] আৰু (সেইদিনা) মুত্তাক্বীসকলৰ বাবে নিকটৱৰ্তী কৰা হ’ব জান্নাত

    [91] আৰু পথভ্ৰষ্টসকলৰ বাবে উন্মোচিত কৰা হ’ব জাহান্নাম

    [92] সিহঁতক কোৱা হ’ব, ‘তোমালোকৰ সেইবোৰ উপাস্য ক’ত, যিবোৰৰ তোমালোকে উপাসনা কৰিছিলা

    [93] আল্লাহৰ পৰিবৰ্তে? সিহঁতে তোমালোকক সহায় কৰিব পাৰেনে অথবা সিহঁতে আত্মৰক্ষা কৰিবলৈ সক্ষম নে

    [94] তাৰ পিছত সেই উপাস্যবোৰক আৰু পথভ্ৰষ্টবিলাকক তলমূৰ কৰি জাহান্নামত নিক্ষেপ কৰা হ’ব

    [95] লগতে ইবলীছৰ সৈন্যবাহিনীবিলাককো।

    [96] সিহঁতে তাত বিতৰ্কত লিপ্ত হৈ ক’ব

    [97] ‘আল্লাহৰ শপত! নিশ্চয় আমি স্পষ্ট পথভ্ৰষ্টতাত আছিলো

    [98] ‘যেতিয়া আমি তোমালোকক সৃষ্টিজগতৰ প্ৰতিপালকৰ সমকক্ষ বুলি গণ্য কৰিছিলো

    [99] ‘আৰু আমাক কেৱল অপৰাধীবিলাকেই পথভ্ৰষ্ট কৰিছিল

    [100] ‘এতেকে আমাৰ কোনো ছুপাৰিছকাৰী নাই’।

    [101] ‘আৰু কোনো অন্তৰঙ্গ বন্ধুও নাই।

    [102] ‘হায়, যদি আমি আকৌ এবাৰ উভতি যোৱাৰ সুযোগ পালোহেঁতেন, তেন্তে আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হৈ গ’লোহেঁতেন!’

    [103] নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ অধিকাংশই মুমিন নহয়।

    [104] আৰু তোমাৰ ৰব, নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, পৰম দয়ালু।

    [105] নূহ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল।

    [106] যেতিয়া সিহঁতৰ ভাতৃ নূহে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবা নে’

    [107] ‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।

    [108] ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।

    [109] ‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰো; মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।

    [110] ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা।’

    [111] সিহঁতে ক’লে, ‘আমি তোমাৰ প্ৰতি ঈমান আনিম নেকি অথচ তোমাক কেৱল নিম্নশ্ৰেণীৰ মানুহেই অনুসৰণ কৰিছে’

    [112] নূহে ক’লে, ‘সিহঁতে কি কৰে সেয়া জনা মোৰ কি প্ৰয়োজন

    [113] ‘সিহঁতৰ হিচাপ লোৱা কেৱল মোৰ প্ৰতিপালকৰহে কাম; যদি তোমালোকে বুজি পালাহেঁতেন

    [114] ‘আৰু মুমিনসকলক খেদি পঠিওৱা মোৰ কাম নহয়।

    [115] ‘মইহে কেৱল এজন স্পষ্ট সতৰ্ককাৰী’।

    [116] সিহঁতে ক’লে, ‘হে নূহ! যদি তুমি বিৰত নোহোৱা তেন্তে অৱশ্যে তুমি শিল দলিয়াই নিহত কৰা সকলৰ অন্তৰ্ভুক্ত হ’বা’।

    [117] নূহে (প্ৰাৰ্থনা কৰি) ক’লে, ‘হে মোৰ ৰব! মোৰ সম্প্ৰদায়ে মোক অস্বীকাৰ কৰিছে’।

    [118] ‘সেয়ে তুমি মোৰ আৰু সিহঁতৰ মাজত স্পষ্ট মীমাংসা কৰি দিয়া লগতে মোক আৰু মোৰ লগৰ মুমিনসকলক ৰক্ষা কৰা’।

    [119] ফলত আমি তেওঁক আৰু তেওঁৰ লগত যিসকল আছিল সকলোকে বোজাই নাৱত আৰোহণ কৰাই ৰক্ষা কৰিলো।

    [120] তাৰ পিছত বাকী থকা সকলক ডুবাই মাৰিলো।

    [121] নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ বেছি ভাগেই মুমিন নহয়।

    [122] আৰু তোমাৰ ৰব, নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, পৰম দয়ালু।

    [123] আদ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল

    [124] যেতিয়া সিহঁতৰ ভাতৃ হূদে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে

    [125] ‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।

    [126] ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা।

    [127] ‘ইয়াৰ বাবে মই তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰো, মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।

    [128] ‘তোমালোকে কিয় প্ৰতিটো উচ্চ স্থানত অযথা সৌধ নিৰ্মাণ কৰা

    [129] ‘আৰু তোমালোকে এনেকৈ প্ৰসাদসমূহ নিৰ্মাণ কৰি আছা, যেনিবা তোমালোক স্থায়ী।

    [130] ‘আৰু যেতিয়া তোমালোকে আঘাত কৰা তেতিয়া স্বেচ্ছাচাৰী হৈ আঘাত কৰা।

    [131] ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোক অনুসৰণ কৰা।

    [132] ‘আৰু তোমালোকে তাক্বৱা অৱলম্বন কৰা সেই সত্তাৰ যিজনে তোমালোকক দান কৰিছে সেই সকলো বিষয়, যিবোৰ তোমালোকে জানা।

    [133] ‘তেৱেঁই তোমালোকক দান কৰিছে চতুষ্পদ জন্তু আৰু পুত্ৰ সন্তান

    [134] ‘উদ্যান আৰু ঝৰ্ণাসমূহ

    [135] ‘নিশ্চয় মই তোমালোকৰ বাবে এটা মহা দিৱসৰ শাস্তিৰ ভয় কৰো’।

    [136] সিহঁতে ক’লে, ‘তুমি আমাক উপদেশ দিয়া বা নিদিয়া, উভয়ে আমাৰ বাবে সমান।

    [137] ‘এয়া পূৰ্বৱৰ্তীসকলৰহে স্বভাৱ।

    [138] ‘আমি কেতিয়াও শাস্তিপ্ৰাপ্ত নহওঁ’।

    [139] এতেকে সিহঁতে তেওঁক অস্বীকাৰ কৰিলে, ফলত আমি সিহঁতক ধ্বংস কৰিলো। নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।

    [140] আৰু তোমাৰ ৰব, নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, পৰম দয়ালু।

    [141] ছামূদ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল

    [142] যেতিয়া সিহঁতৰ ভাতৃ ছলেহে সিহঁতক কৈছিল, ‘তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন নকৰিবানে

    [143] ‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।

    [144] ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা।

    [145] ‘ইয়াৰ বাবে মই তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰো, মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।

    [146] ‘ইয়াত যি আছে তাত তোমালোকক নিৰাপদে এৰি দিয়া হ’বনে

    [147] ‘উদ্যান আৰু ঝৰ্ণাসমূহত

    [148] ‘শস্যক্ষেত্ৰত আৰু সুকোমল জোকা বিশিষ্ট খেজুৰ বাগানত

    [149] ‘আৰু তোমালোকে নিপুণতাৰ সৈতে পাহাৰ কাটি যিবোৰ গৃহ নিৰ্মাণ কৰিছা।

    [150] ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোক অনুসৰণ কৰা।

    [151] ‘আৰু তোমালোকে সীমালংঘনকাৰী সকলৰ নিৰ্দেশৰ আনুগত্য নকৰিবা

    [152] ‘যিসকলে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰে আৰু সংশোধন (তথা শান্তি স্থাপন) নকৰে’।

    [153] সিহঁতে ক’লে, ‘তুমি হৈছা যাদুকাৰীবিলাকৰ অন্যতম।

    [154] ‘তুমি দেখুন আমাৰ দৰেই এজন মানুহ, সেয়ে তুমি যদি সত্যবাদী হোৱা তেন্তে এটা নিদৰ্শন লৈ আহা’।

    [155] তেওঁ ক’লে, ‘এইজনী হৈছে (নিদৰ্শনীয়) উট, ইয়াৰ বাবে আছে পানী খোৱাৰ পাল, আৰু তোমালোকৰ বাবেও আছে এটা নিৰ্ধাৰিত দিনত পানী খোৱাৰ পাল।

    [156] ‘আৰু তোমালোকে ইয়াৰ কোনো অনিষ্ট সাধন নকৰিবা, যদি (অনিষ্ট সাধন) কৰা তেন্তে মহা দিৱসৰ শাস্তি তোমালোকৰ ওপৰত আপতিত হ’ব’।

    [157] তথাপিও সিহঁতে সেই উটজনীক বধ কৰিলে, পৰিণামত সিহঁত অনুতপ্ত হ’ল।

    [158] এতেকে শাস্তিয়ে সিহঁতক গ্ৰাস কৰিলে। নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ বেছিভাগেই মুমিন নহয়।

    [159] আৰু তোমাৰ ৰব, নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, পৰম দয়ালু।

    [160] লূতৰ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল

    [161] যেতিয়া সিহঁতৰ ভাতৃ লূতে কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে

    [162] ‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।

    [163] ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা।

    [164] ‘ইয়াৰ বাবে মই তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰো, মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।

    [165] ‘সৃষ্টিজগতৰ মাজত তোমালোকে কেৱল পুৰুষসকলৰ ওচৰতেই উপগত হোৱা

    [166] ‘আৰু তোমালোকৰ প্ৰতিপালকে তোমালোকৰ বাবে যে স্ত্ৰীসকলক সৃষ্টি কৰিছে সিহঁতক তোমালোকে বৰ্জন কৰি থাকা? বৰং তোমালোকে হৈছা এটা সীমালংঘনকাৰী সম্প্ৰদায়’।

    [167] সিহঁতে ক’লে, ‘হে লূত! তুমি যদি বিৰত নোহোৱা, তেন্তে নিশ্চয় তুমি বহিষ্কাৰ হ’বা’।

    [168] তেওঁ ক’লে, ‘নিশ্চয় মই তোমালোকৰ কৰ্মক ঘৃণা কৰো।

    [169] (তেওঁ প্ৰাৰ্থনা কৰি ক’লে,) ‘হে মোৰ ৰব! মোক আৰু মোৰ পৰিয়ালক সিহঁতৰ এই কৰ্মৰ পৰা ৰক্ষা কৰা’।

    [170] ফলত আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক ৰক্ষা কৰিলো।

    [171] কেৱল সেই বৃদ্ধাজনীৰ বাহিৰে, যিজনী আছিল পিছত অৱস্থাৱকাৰী বিলাকৰ অন্তৰ্ভুক্ত।

    [172] তাৰ পিছত আমি বাকীবিলাকক ধ্বংস কৰিলো।

    [173] আৰু আমি সিহঁতৰ ওপৰত শাস্তিমূলক শিলাবৃষ্টি বৰ্ষণ কৰিলো। এতেকে ভীতি প্ৰদৰ্শিতসকলৰ বাবে এই বৃষ্টি কিমান যে নিকৃষ্ট আছিল

    [174] নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ বেছিভাগেই মুমিন নহয়।

    [175] আৰু তোমাৰ ৰব, নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, পৰম দয়ালু।

    [176] আইকাৰ অধিবাসীসকলেও ৰাছুলসকলক অস্বীকাৰ কৰিছিল

    [177] যেতিয়া ছুআইবে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে

    [178] ‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।

    [179] ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা।

    [180] ‘ইয়াৰ বাবে মই তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰো, মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।

    [181] ‘তোমালোকে ওজন কৰোঁতে পৰিপূৰ্ণ ওজন কৰিবা, যিবিলাকে ওজনত কম দিয়ে তোমালোকে সিহঁতৰ অন্তৰ্ভুক্ত নহ’বা।

    [182] ‘আৰু ওজন কৰিবা সঠিক তুলাচনীত।

    [183] ‘আৰু মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা।

    [184] ‘আৰু সেই সত্তাৰ তাক্বৱা অৱলম্বন কৰা যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলক সৃষ্টি কৰিছে’।

    [185] সিহঁতে ক’লে, ‘নিশ্চয় তুমি যাদুগ্ৰস্ত হৈছা।

    [186] ‘তুমি দেখুন আমাৰ দৰেই এজন মানুহ, আৰু আমি তোমাক মিছলীয়াবিলাকৰ অন্তৰ্ভুক্ত বুলি ভাৱো।

    [187] ‘এতেকে তুমি যদি সত্যবাদী হোৱা, তেন্তে আকাশৰ এটা টুকুৰা আমাৰ ওপৰত পেলাই দিয়া’।

    [188] তেওঁ ক’লে, ‘মোৰ প্ৰতিপালকেই ভালদৰে জানে তোমালোকে যি কৰা’।

    [189] এতেকে সিহঁতে তেওঁক অস্বীকাৰ কৰিলে। ফলত সিহঁতক মেঘাচ্ছন্ন দিনৰ শাস্তিয়ে গ্ৰাস কৰিলে। নিশ্চয় এয়া আছিল এটা ভীষণ দিনৰ শাস্তি।

    [190] নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।

    [191] আৰু তোমাৰ ৰব, নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, পৰম দয়ালু।

    [192] নিশ্চয় এইটো (কোৰআন) সৃষ্টিজগতৰ ৰব (আল্লাহ)ৰ তৰফৰ পৰা অৱতীৰ্ণ।

    [193] বিশ্বস্ত ৰূহে (জীব্ৰীলে) সেয়া লৈ অৱতৰণ কৰিছে।

    [194] তোমাৰ হৃদয়ত, যাতে তুমি সতৰ্ককাৰী সকলৰ অন্তৰ্ভুক্ত হোৱা।

    [195] সুস্পষ্ট আৰবী ভাষাত।

    [196] আৰু নিশ্চয় পূৰ্বৱৰ্তী কিতাবসমূহত ইয়াৰ উল্লেখ আছে।

    [197] এইটো সিহঁতৰ বাবে এটা নিদৰ্শন নহয়নে বাৰু যে, বনী ইছৰাঈলৰ আলিমসকলে এই বিষয়ে জানে

    [198] আৰু যদি আমি ইয়াক কোনো অনাৰবৰ প্ৰতি অৱতীৰ্ণ কৰিলোহেঁতেন

    [199] আৰু সেইটো তেওঁ সিহঁতৰ ওচৰত পাঠ কৰিলে তথাপিও সিহঁতে ইয়াৰ প্ৰতি ঈমান পোষণ নকৰিলেহেঁতেন।

    [200] এইদৰেই আমি বিষয়টো অপৰাধীসকলৰ অন্তৰত সঞ্চাৰ কৰিছো।

    [201] সিহঁতে যন্ত্ৰণাদায়ক শাস্তি নেদেখা লৈকে ইয়াৰ ওপৰত ঈমান পোষণ নকৰিব।

    [202] এতেকে সেই (শাস্তি)টো সিহঁতৰ ওচৰত আকস্মিকভাৱে আহি পৰিব, অথচ সিহঁতে একোৱে উপলব্ধি কৰিব নোৱাৰিব।

    [203] তেতিয়া সিহঁতে ক’ব, ‘আমাক অলপ অৱকাশ দিয়া হ’বনে’

    [204] তেন্তে সিহঁতে আমাৰ শাস্তি ত্বৰান্বিত কৰিব বিচাৰে নেকি

    [205] তুমি ভাবি চোৱাচোন! যদি আমি সিহঁতক দীৰ্ঘকাল ভোগ-বিলাস কৰিবলৈ দিওঁ

    [206] তাৰ পিছত সিহঁতক যি বিষয়ে সতৰ্ক কৰা হৈছিল সেয়া সিহঁতৰ ওচৰত আহি পৰে

    [207] তেতিয়া সিহঁতক যি ভোগ-বিলাসৰ উপকৰণ হিচাপে দিয়া হৈছিল সেয়া সিহঁতৰ কোনো উপকাৰত আহিবনে

    [208] আৰু আমি এনে কোনো জনপদ ধ্বংস কৰা নাই যাৰ বাবে কোনো সতৰ্ককাৰী নাছিল

    [209] (সিহঁতৰ বাবে) স্মৰণ হিচাপে; আৰু আমি অন্যায়কাৰী নহয়।

    [210] আৰু চয়তানবিলাকে এয়া লৈ অৱতৰণ কৰা নাই।

    [211] আৰু সিহঁত এই কামৰ যোগ্যও নহয় লগতে সিহঁতে এই কামৰ সামৰ্থও নাৰাখে।

    [212] নিশ্চয় সিহঁতক শ্ৰৱণ কৰাৰ পৰাও আঁতৰত ৰখা হৈছে।

    [213] এতেকে তুমি আল্লাহৰ লগত আন কোনো ইলাহক আহ্বান নকৰিবা, অন্যথা তুমি শাস্তিপ্ৰাপ্তবিলাকৰ অন্তৰ্ভুক্ত হ’বা।

    [214] আৰু তুমি তোমাৰ নিকটাত্মীয় সকলক সতৰ্ক কৰা।

    [215] আৰু যিসকলে তোমাৰ অনুসৰণ কৰে, তেওঁলোকৰ প্ৰতি তোমাৰ বাহু অৱনত কৰা।

    [216] এতেকে যদি সিহঁতে তোমাৰ অবাধ্য হয়, তেন্তে কোৱা, ‘তোমালোকে যি কৰা, নিশ্চয় মই তাৰ পৰা সম্পূৰ্ণ মুক্ত’।

    [217] আৰু তুমি নিৰ্ভৰ কৰা পৰাক্ৰমশালী, পৰম দয়ালু (আল্লাহ)ৰ ওপৰত

    [218] যিজনে তোমাক দেখে যেতিয়া তুমি (ছালাতৰ বাবে) থিয় হোৱা

    [219] আৰু (তেৱেঁই) ছাজদাকাৰী সকলৰ মাজত তোমাৰ গতিবিধি (লক্ষ্য কৰে)।

    [220] নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

    [221] মই তোমালোকক সংবাদ দিমনে, কাৰ ওপৰত চয়তান অৱতীৰ্ণ হয়

    [222] সিহঁত অৱতীৰ্ণ হয় প্ৰত্যেক চৰম মিছলীয়া আৰু পাপীষ্ট ব্যক্তিৰ ওপৰত।

    [223] সিহঁতে কাণ পাতি থাকে আৰু সিহঁতৰ অধিকাংশই মিছলীয়া।

    [224] আৰু কবিসকল, সিহঁতৰ অনুসৰণ কেৱল বিভ্ৰান্তবিলাকেহে কৰে।

    [225] তুমি লক্ষ্য কৰা নাইনে যে, সিহঁত উদ্ভ্ৰান্ত হৈ প্ৰত্যেক উপত্যকাত ঘূৰি ফুৰে

    [226] আৰু সিহঁতে এনেকুৱা কথা কয়, যিটো সিহঁতে (নিজেই) নকৰে।

    [227] কিন্তু তেওঁলোকৰ বাহিৰে যিসকলে ঈমান আনিছে, সৎকৰ্ম কৰিছে, আৰু আল্লাহক বেছি বেছি স্মৰণ কৰিছে আৰু অত্যাচাৰিত হোৱাৰ পিছত প্ৰতিশোধ গ্ৰহণ কৰিছে। আৰু যালিমসকলে অতিশীঘ্ৰেই জানিবলৈ পাব যে, কোন ধৰণৰ গন্তব্যস্থলত সিহঁতে প্ৰত্যাৱৰ্তন কৰিব।

    Surah 27
    আন-নামল

    [1] ত্বা-ছীন; এইবোৰ আল-কোৰআন তথা সুস্পষ্ট কিতাবৰ আয়াত

    [2] পথনিৰ্দেশ আৰু সুসংবাদ মুমিনসকলৰ বাবে

    [3] যিসকলে ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে আৰু তেওঁলোকেই আখিৰাতৰ প্ৰতি নিশ্চিত বিশ্বাস স্থাপন কৰে।

    [4] নিশ্চয় যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন নকৰে, সিহঁতৰ বাবে সিহঁতৰ কৰ্মক আমি শোভনীয় কৰি দিছো, ফলত সিহঁত বিভ্ৰান্ত হৈ ঘূৰি ফুৰে

    [5] ইহঁতৰ বাবেই আছে নিকৃষ্ট শাস্তি আৰু ইহঁতেই আখিৰাতত সৰ্বাধিক ক্ষতিগ্ৰস্ত।

    [6] আৰু নিশ্চয় তুমি প্ৰজ্ঞাময় সৰ্বজ্ঞৰ তৰফৰ পৰা আল-কোৰআন প্ৰাপ্ত হৈছা।

    [7] স্মৰণ কৰা, যেতিয়া মুছাই তেওঁৰ পৰিয়ালবৰ্গক কৈছিল, ‘নিশ্চয় মই জুই দেখিছো, অনতিপলমে তাৰ পৰা তোমালোকৰ বাবে কোনো সংবাদ লৈ আহিম অথবা তোমালোকৰ বাবে লৈ আহিম জ্বলন্ত অন্ধৰা, যাতে তোমালোকে পুঁৱাব পাৰা’।

    [8] তাৰ পিছত তেওঁ যেতিয়া সেইটোৰ ওচৰত আহি পালে, তেতিয়া ঘোষিত হ’ল, ‘বৰকতময়, যি আছে এই জুইৰ মাজত আৰু যি আছে ইয়াৰ চাৰিওফালে, আৰু সৃষ্টিজগতৰ ৰব আল্লাহ পৱিত্ৰ আৰু মহিমাময়

    [9] ‘হে মুছা! নিশ্চয় ময়েই আল্লাহ! পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    [10] ‘আৰু তুমি তোমাৰ লাখুটিডাল নিক্ষেপ কৰা’। তাৰ পিছত যেতিয়া তেওঁ সেই লাখুটিডালক সাপৰ দৰে কেৰমেৰ কৰা দেখা পালে তেতিয়া তেওঁ পিছ হোঁহকা দি লৰ মাৰিবলৈ ধৰিলে আৰু উভতি নেদেখিলে। (আল্লাহে ক’লে) ‘হে মুছা! ভয় নকৰিবা, নিশ্চয় মোৰ ওচৰত ৰাছুলসকলে ভয় নাপায়

    [11] ‘কিন্তু অন্যায়কাৰীসকলৰ বাহিৰে, তাৰ পিছত যদি বেয়া কামৰ পৰিবৰ্তে সৎকৰ্ম কৰে তেন্তে নিশ্চয় মই ক্ষমাশীল, পৰম দয়ালু।

    [12] ‘আৰু তুমি তোমাৰ হাত কাষলতিত প্ৰৱেশ কৰা, এয়া ওলাই আহিব শুভ্ৰ নিৰ্দোষ অৱস্থাত। এইটো ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ ওচৰত অহা নটা নিদৰ্শনৰ অন্তৰ্ভুক্ত। নিশ্চয় সিহঁত আছিল ফাছিক্ব সম্প্ৰদায়’।

    [13] তাৰ পিছত যেতিয়া আমাৰ নিদৰ্শনসমূহ সিহঁতৰ ওচৰত দৃশ্যমান হ’ল, সিহঁতে ক’লে, ‘এইটো সুস্পষ্ট যাদু’।

    [14] সিহঁতে অন্যায় আৰু উদ্ধতভাৱে নিদৰ্শনসমূহ প্ৰত্যাখ্যান কৰিলে, যদিও সিহঁতৰ অন্তৰে এইবোৰক নিশ্চিত সত্য বুলি গ্ৰহণ কৰিছিল। এতেকে চোৱা, বিপৰ্যয় সৃষ্টিকাৰী বিলাকৰ পৰিণাম কি হৈছিল

    [15] আৰু অৱশ্যে আমি দাউদ আৰু ছুলাইমানক জ্ঞান দান কৰিছিলো আৰু তেওঁলোক উভয়ে কৈছিল, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে যিজনে আমাক তেওঁৰ বহু বান্দাসকলৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে’।

    [16] আৰু ছুলাইমান হৈছিল দাউদৰ উত্তৰাধিকাৰী আৰু তেওঁ কৈছিল, ‘হে মানৱ! আমাক চৰাই-চিৰিকতিৰ ভাষা শিক্ষা দিয়া হৈছে আৰু আমাক সকলো বস্তু দান কৰা হৈছে, নিশ্চয় এয়া সুস্পষ্ট অনুগ্ৰহ’।

    [17] আৰু ছুলাইমানৰ সন্মুখত তেওঁৰ সৈন্যবাহিনী সমবেত কৰা হ’ল, জিন, মানৱ আৰু চৰাই-চিৰিকতিবোৰক। তাৰ পিছত সিহঁতক বিন্যস্ত কৰা হ’ল বিভিন্ন ব্যূহত।

    [18] অৱশেষত যেতিয়া তেওঁলোক (এটা অভিযানত) পৰুৱা অধ্যূষিত উপত্যকাত উপনীত হ’ল তেতিয়া এটা পৰুৱাই ক’লে, ‘হে পৰুৱা বাহিনী! তোমালোকে নিজ নিজ ঘৰত প্ৰৱেশ কৰা, যাতে ছুলাইমান আৰু তেওঁৰ সৈন্যবাহিনীয়ে অজানিতে তোমালোকক গচকি নামাৰে’।

    [19] এই কথা শুনি ছুলাইমানে মিচিকীয়া হাঁহিলে আৰু ক’লে, ‘হে মোৰ ৰব! তুমি মোক সামৰ্থ দিয়া যাতে মই তোমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰো, মোৰ প্ৰতি আৰু মোৰ পিতৃ-মাতৃৰ প্ৰতি তুমি যি অনুগ্ৰহ কৰিছা তাৰ বাবে আৰু যাতে মই এনেকুৱা সৎকৰ্ম কৰিব পাৰো যিটো তুমি পছন্দ কৰা। লগতে তোমাৰ অনুগ্ৰহেৰে মোক তোমাৰ সৎকৰ্মপৰায়ণ বান্দাসকলৰ অন্তৰ্ভুক্ত কৰা’।

    [20] আৰু ছুলাইমানে চৰাইবোৰৰ খা-খবৰ ল’লে, আৰু ক’লে, ‘কি হ’ল, মই হুদহুদক দেখা পোৱা নাই যে? সি অনুপস্থিত নেকি

    [21] ‘অৱশ্যে মই তাক কঠিন শাস্তি বিহিম নহ’লে জবেহ কৰিম অন্যথা মোৰ ওচৰত উপযুক্ত কাৰণ দৰ্শাব লাগিব’।

    [22] ক্ষন্তেক পিছতেই হুদহুদ আহি পালে, আৰু ক’লে, ‘আপুনি যিটো জ্ঞান আয়ত্ব কৰিব পৰা নাই মই সেই জ্ঞান আয়ত্ব কৰিছো। মই আপোনাৰ ওচৰত ‘চাবা’ৰ পৰা সুনিশ্চিত সংবাদ লৈ আহিছো।

    [23] ‘মই এগৰাকী নাৰীক সিহঁতৰ ওপৰত ৰাজত্ব কৰা দেখি আহিলো। তাইক সকলো বস্তু প্ৰদান কৰা হৈছে লগতে তাইৰ এখন বিশাল সিংহাসনো আছে।

    [24] মই তাইক আৰু তাইৰ সম্প্ৰদায়ক দেখিলো সিহঁতে আল্লাহৰ পৰিবৰ্তে সূৰ্যক ছাজদাহ কৰে। চয়তানে সিহঁতৰ কাৰ্যৱলী সিহঁতৰ ওচৰত সুশোভিত কৰি দিছে আৰু সিহঁতক সৎপথৰ পৰা বাধাগ্ৰস্ত কৰিছে, ফলত সিহঁতে হিদায়ত পোৱা নাই

    [25] (চয়তানে এই কাৰণে বাধা দিছে যে,) যাতে সিহঁতে আল্লাহক ছাজদাহ নকৰে, যিজনে আকাশসমূহ আৰু পৃথিৱীৰ গুপ্ত বস্তুবোৰক প্ৰকাশ কৰে, আৰু তেৱেঁই জানে যি তোমালোকে গোপন কৰা আৰু যি প্ৰকাশ কৰা।

    [26] আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেৱেঁই মহা আৰছৰ ৰব।

    [27] ছুলাইমানে ক’লে, ‘আমি পৰীক্ষা কৰি চাম, তুমি সঁচাই কৈছা নে তুমি মিছলীয়াবিলাকৰ অন্তৰ্ভুক্ত।

    [28] ‘তুমি মোৰ এই পত্ৰখন লৈ যোৱা আৰু এইটো সিহঁতৰ ওচৰত পেলাই দিয়াগৈ, তাৰ পিছত সিহঁতৰ পৰা আঁতৰত থাকিবা আৰু লক্ষ্য কৰিবা সিহঁতৰ প্ৰতিক্ৰিয়া কি’

    [29] সেই মহিলা (ৰাণী) গৰাকীয়ে ক’লে, ‘হে মোৰ পৰিষদবৰ্গ! নিশ্চয় মোলৈ এটা সন্মানিত পত্ৰ প্ৰেৰণ কৰা হৈছে

    [30] নিশ্চয় এয়া ছুলাইমানৰ তৰফৰ পৰা আৰু নিশ্চয় এইটো পৰম কৰুণাময়, পৰম দয়ালু আল্লাহৰ নামত

    [31] ‘যাতে তোমালোকে মোৰ বিৰোধিতাৰ ঔদ্ধত্য প্ৰকাশ নকৰা আৰু আনুগত্য স্বীকাৰ কৰি মোৰ ওচৰত উপস্থিত হোৱা’।

    [32] ৰাণীয়ে ক’লে, ‘হে পৰিষদবৰ্গ! তোমালোকে মোৰ এই বিষয় সম্পৰ্কে অভিমত দিয়া। তোমালোকৰ উপস্থিতিবিহীন মই কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ নকৰো’।

    [33] সিহঁতে ক’লে, ‘আমি দেখুন শক্তিশালী আৰু কঠোৰ যুদ্ধা, কিন্তু সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰ কেৱল আপোনাৰ ওচৰত; এতেকে চিন্তা কৰি চাওঁক, কি নিৰ্দেশ কৰিব’।

    [34] মহিলা গৰাকীয়ে ক’লে, ‘ৰজাসকলে যেতিয়া কোনো জনপদত (বিজয়ীৰূপে) প্ৰৱেশ কৰে তেতিয়া তাক বিপৰ্যস্ত কৰি দিয়ে আৰু তাত থকা মৰ্যাদাশীল ব্যক্তিসকলক অপদস্থ কৰে, আৰু এইটোৱে সিহঁতৰ ৰীতি

    [35] ‘আৰু নিশ্চয় মই সিহঁতৰ ওচৰত উপঢৌকন পঠাম, চাওঁ, কটকীয়ে কি সংবাদ লৈ উভতি আহে’।

    [36] এতেকে যেতিয়া কটকী আহি ছুলাইমানৰ ওচৰত পালে, তেতিয়া তেওঁ উত্তৰত ক’লে, ‘তোমালোকে মোক ধন-সম্পদ প্ৰদান কৰি সহায় কৰিব বিচাৰিছা নেকি? (শুনা) আল্লাহে মোক যি দান কৰিছে সেয়া তোমালোকক যি দিছে তাতকৈয়ো উৎকৃষ্ট বৰং তোমালোকেই তোমালোকৰ উপঢৌকন লৈ আনন্দ কৰাগৈ।

    [37] ‘সিহঁতৰ ওচৰত উভতি যোৱা, (আৰু শুনা) আমি অৱশ্যে সিহঁতৰ ওচৰত এনেকুৱা সৈন্যবাহিনী লৈ আহিম যাৰ মুকাবিলা কৰাৰ শক্তি সিহঁতৰ নাই, লগতে সিহঁতক আমি অৱশ্যে তাৰ পৰা লাঞ্ছিত কৰি বহিষ্কাৰ কৰিম আৰু সিহঁত হ’ব অপমানিত’।

    [38] (ছুলাইমানে তেওঁ পৰিষদবৰ্গক উদ্দেশ্য কৰি) ক’লে, ‘হে পৰিষদবৰ্গ! সিহঁত মোৰ ওচৰত আত্মসমৰ্পণ কৰি অহাৰ পূৰ্বেই তোমালোকৰ মাজৰ কোনে মোক তাইৰ সিংহাসন আনি দিব পাৰা’

    [39] এজন শক্তিশালী জিনে ক’লে, ‘আপুনি আপোনাৰ স্থানৰ পৰা উঠাৰ পূৰ্বেই মই সেইটো লৈ উপস্থিত হম আৰু এই বিষয়ে নিশ্চয় মই শক্তিমান, বিশ্বস্ত’।

    [40] যাৰ ওচৰত পুথিৰ জ্ঞান আছিল তেওঁ ক’লে, ‘মই চকুৰ পলকতে সেয়া আপোনাৰ ওচৰত আনি দিম’। এতেকে ছুলাইমানে যেতিয়া সেয়া তেওঁৰ সন্মুখত স্থিৰ অৱস্থাত দেখিলে তেতিয়া তেওঁ ক’লে, ‘এয়া মোৰ প্ৰতিপালকৰ অনুগ্ৰহ, যাতে তেওঁ মোক পৰীক্ষা কৰে যে, মই তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰো নে অকৃতজ্ঞতা প্ৰকাশ কৰো। এতেকে যিয়ে কৃতজ্ঞতা প্ৰকাশ কৰে সি নিজৰ কল্যাণৰ বাবেই কৃতজ্ঞতা প্ৰকাশ কৰে, আৰু যিয়ে অকৃতজ্ঞ হয়, সি জানি থোৱা উচিত যে, নিশ্চয় মোৰ ৰব অভাৱমুক্ত, মহানুভৱ’।

    [41] ছুলাইমানে ক’লে, ‘তোমালোকে তাইৰ সিংহাসনৰ আকাৰ-আকৃতি পৰিবৰ্তন কৰি দিয়া, চাওঁ, তাই সঠিক দিহ পায় নে সিহঁতৰ অন্তৰ্ভুক্ত হয় যিহঁতে কোনো দিহ নাপায়’।

    [42] এতেকে যেতিয়া তাই আহিল, তেতিয়া তাইক কোৱা হ’ল, ‘তোমাৰ সিংহাসন এনেকুৱাই নেকি’? তাই ক’লে, ‘সেইটোৱেই যেন লাগিছে, আৰু আমাক ইয়াৰ পূৰ্বেই প্ৰকৃত জ্ঞান দান কৰা হৈছে আৰু আমি আজ্ঞাবহ হৈছো’।

    [43] আৰু আল্লাহৰ পৰিবৰ্তে তাই যাৰ পূজা পাঠ কৰিছিল সেইটোৱে তাইক ঈমানৰ পৰা নিবৃত্ত কৰিছিল। নিশ্চয় তাই আছিল কাফিৰ সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত।

    [44] তাইক কোৱা হ’ল, ‘প্ৰসাদটোৰ ভিতৰত প্ৰৱেশ কৰা’। এতেকে যেতিয়া তাই সেইটো দেখিলে তেতিয়া তাই সেইটোক জলাশয় বুলি ভাবিলে আৰু দুয়ো ভৰিৰ কাপোৰ কলাফুলিলৈকে অনাবৃত কৰিলে। তেওঁ (ছুলাইমানে) ক’লে, ‘এয়া কাচেৰে নিৰ্মিত স্বচ্ছ প্ৰসাদহে’। মহিলা গৰাকীয়ে (প্ৰাৰ্থনা কৰি) ক’লে, ‘হে মোৰ ৰব! নিশ্চয় মই নিজৰ প্ৰতি অন্যায় কৰিছিলো, আৰু মই এতিয়া ছুলাইমানৰ লগত সৃষ্টিজগতৰ ৰব আল্লাহৰ প্ৰতি আত্মসমৰ্পণ কৰিলো’।

    [45] আৰু অৱশ্যে আমি ছামূদ সম্প্ৰদায়ৰ ওচৰত সিহঁতৰ ভাতৃ ছলেহক প্ৰেৰণ কৰিছিলো এই আদেশ প্ৰদান কৰি যে, ‘তোমালোকে আল্লাহৰ ইবাদত কৰা’। তাৰ পিছত সিহঁতে দুই দলত বিভক্ত হৈ বিতৰ্কত লিপ্ত হ’ল।

    [46] তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কিয় কল্যাণৰ আগতে অকল্যাণ ত্বৰান্বিত কৰিব বিচৰা, কিয় তোমালোকে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা নকৰা, যাতে তোমালোকে ৰহমত প্ৰাপ্ত হোৱা’

    [47] সিহঁতে ক’লে, ‘আমি তোমাক আৰু তোমাৰ সঙ্গীসকলক অমঙ্গলৰ কাৰণ বুলি ভাবো’। ছলেহে ক’লে, ‘তোমালোকৰ অমঙ্গল গ্ৰহণ কৰা আল্লাহৰ ইখতিয়াৰত, প্ৰকৃততে তোমালোকে এনেকুৱা এটা সম্প্ৰদায় যিসকলক পৰীক্ষা কৰা হৈছে’।

    [48] আৰু সেই চহৰত আছিল এনেকুৱা নজন ব্যক্তি, যিসকলে দেশত বিপৰ্যয় সৃষ্টি কৰিছিল কিন্তু সংশোধন কৰা নাছিল।

    [49] সিহঁতে ক’লে, ‘তোমালোকে পৰস্পৰে আল্লাহৰ শপত গ্ৰহণ কৰা, আমি ৰাতিৰ ভিতৰতে শেষ কৰি দিম তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক; তাৰ পিছত তেওঁৰ অভিভাৱকক নিশ্চিত হিচাপে কম যে, তেওঁৰ পৰিয়ালবৰ্গৰ হত্যা আমি প্ৰত্যক্ষ কৰা নাছিলো, আৰু নিশ্চয় আমি সত্যবাদী’।

    [50] আৰু সিহঁতে এটা চক্ৰান্ত কৰিছিল আৰু আমিও এটা কৌশল অৱলম্বন কৰিলো, অথচ সিহঁতে উপলব্ধিও কৰিব পৰা নাই।

    [51] এতেকে চোৱা, সিহঁতৰ চক্ৰান্তৰ পৰিণাম কি হৈছিল, নিশ্চয় আমি সিহঁতক আৰু সিহঁতৰ সম্প্ৰদায়ৰ সকলোকে ধ্বংস কৰিছো।

    [52] চোৱা, এইবোৰ সিহঁতৰ ঘৰ-দুৱাৰ, অন্যায় কৰাৰ কাৰণে এইবোৰ জনশূন্য হৈ আছে; নিশ্চয় ইয়াত নিদৰ্শন আছে সেই সম্প্ৰদায়ৰ বাবে যিসকলে জ্ঞান ৰাখে।

    [53] আৰু যিসকলে ঈমান আনিছিল তেওঁলোকক আমি উদ্ধাৰ কৰিছিলো আৰু তেওঁলোক আছিল তাক্বৱা অৱলম্বনকাৰী।

    [54] আৰু স্মৰণ কৰা লূতৰ কথা, তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে জানি-বুজি কিয় অশ্লীল কাম কৰা

    [55] ‘তোমালোকে কামতৃপ্তিৰ বাবে নাৰীসকলক এৰি পুৰুষৰ লগত উপগত হোৱানে! প্ৰকৃততে তোমালোক এটা অজ্ঞ সম্প্ৰদায়’।

    [56] উত্তৰত তেওঁৰ সম্প্ৰদায়ে ক’লে, ‘লূত সম্প্ৰদায়ক তোমালোকে জনপদৰ পৰা বহিষ্কাৰ কৰা, নিশ্চয় এওঁলোকে পৱিত্ৰ থাকিব বিচাৰে’।

    [57] তাৰ পিছত আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক উদ্ধাৰ কৰিলো, কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে, আমি তাইক অৱশিষ্টবিলাকৰ অন্তৰ্ভুক্ত কৰিছিলো।

    [58] আৰু আমি সিহঁতৰ ওপৰত ভয়ংকৰ বৃষ্টি বৰ্ষণ কৰিছিলো, এতেকে ভীতি প্ৰদৰ্শিত সকলৰ বাবে এই বৰষুণ কিমান যে নিকৃষ্ট আছিল

    [59] কোৱা, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবেই আৰু শান্তি কেৱল তেওঁৰ মনোনীত বান্দাসকলৰ প্ৰতি! (তেন্তে কোৱাচোন!) কোন শ্ৰেষ্ঠ, আল্লাহ নে সিহঁতে যি অংশী কৰে সেইবোৰ’

    [60] বৰং তেওঁহে (শ্ৰেষ্ঠ) যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে লগতে তোমালোকৰ বাবে তেৱেঁই আকাশৰ পৰা পানী বৰ্ষণ কৰে। তাৰ পিছত তাৰ দ্বাৰা আমি মনোৰম উদ্যান সৃষ্টি কৰো, সেইবোৰৰ গছ উৎপন্ন কৰাৰ ক্ষমতা তোমালোকৰ নাই। (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনো ইলাহ আছেনে? বৰং সিহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলে (আল্লাহৰ) সমকক্ষ নিৰ্ধাৰণ কৰে।

    [61] বৰং তেওঁ, যিজনে পৃথিৱীক বসবাস কৰাৰ উপযোগী কৰিছে আৰু ইয়াৰ মাজে মাজে নদ-নদী প্ৰবাহিত কৰিছে, আৰু ইয়াত স্থাপন কৰিছে সুদৃঢ় পৰ্বত লগতে দুই সাগৰৰ মাজত সৃষ্টি কৰিছে অন্তৰায়, (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনো ইলাহ আছেনে, বৰং সিহঁতৰ অধিকাংশই নাজানে।

    [62] বৰং তেওঁ, যিজনে নিৰুপায় ব্যক্তিৰ আহ্বানত সঁহাৰি দিয়ে যেতিয়া সি তেওঁক আহ্বান কৰে আৰু তেওঁ বিপদ দূৰীভূত কৰে। তেৱেঁই তোমালোকক পৃথিৱীৰ প্ৰতিনিধি বনায়। (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনো ইলাহ আছে নে? বৰং তোমালোকে খুবেই কম শিক্ষা গ্ৰহণ কৰা।

    [63] বৰং তেওঁ, যিজনে তোমালোকক স্থলত আৰু সাগৰৰ অন্ধাকাৰত পথ দেখুৱায় আৰু তেৱেঁই নিজ অনুগ্ৰহৰ আগত সুসংবাদবাহী বতাহ প্ৰেৰণ কৰে। (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনো ইলাহ আছেনে? সিহঁতে যি অংশীদাৰ স্থাপন কৰে, আল্লাহ সেইবোৰৰ পৰা বহু উৰ্দ্ধত।

    [64] বৰং তেওঁ, যিজনে প্ৰথমে সৃষ্টিৰ সূচনা কৰিছে, তাৰ পিছত তেৱেঁই ইয়াৰ পুনৰাবৃত্তি কৰিব আৰু তেৱেঁই আকাশ আৰু পৃথিৱীৰ পৰা তোমালোকক জীৱনোপকৰণ দান কৰে। (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনো ইলাহ আছেনে? কোৱা, ‘যদি তোমালোকে সত্যবাদী তেন্তে তোমালোকৰ প্ৰমাণ লৈ আহা’।

    [65] কোৱা, ‘আল্লাহৰ বাহিৰে আকাশসমূহ আৰু পৃথিৱীৰ কোনেও গায়েব নাজানে। আনকি সিহঁতে উপলব্ধিও কৰিব নোৱাৰে যে সিহঁতক কেতিয়া উত্থিত কৰা হ’ব’।

    [66] বৰং আখিৰাত সম্পৰ্কে সিহঁতৰ জ্ঞান নিঃশেষ হৈছে; বৰং সেই বিষয়ে সিহঁতে সন্দেহত লিপ্ত হৈছে, বৰং এই বিষয়ে সিহঁত অন্ধ।

    [67] আৰু কাফিৰসকলে কয়, ‘আমি আৰু আমাৰ পিতৃ-পুৰুষসকলে মাটিত পৰিণত হ’লেও কি আমাক আকৌ উলিয়াই আনা হ’ব

    [68] ‘অৱশ্যে এই বিষয়ে আমাক আৰু ইয়াৰ পূৰ্বে আমাৰ পিতৃ-পুৰুষসকলোকো প্ৰতিশ্ৰুতি দিয়া হৈছিল। এইটো পূৰ্বৱৰ্তীবিলাকৰ উপকথাৰ বাহিৰে আন একো নহয়’।

    [69] কোৱা, ‘তোমালোকে পৃথিৱীত পৰিভ্ৰমণ কৰা তাৰ পিছত চোৱা, অপৰাধীবিলাকৰ পৰিণাম কেনেকুৱা হৈছিল’।

    [70] তুমি সিহঁতৰ বাবে দুঃখ নকৰিবা আৰু সিহঁতৰ ষড়যন্ত্ৰত মনঃক্ষুণ্ণও নহ’বা।

    [71] আৰু সিহঁতে কয়, ‘তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা, কেতিয়া এই প্ৰতিশ্ৰুতি পূৰ্ণ হ’ব’

    [72] কোৱা, ‘তোমালোকে যিটো বিষয় ত্বৰান্বিত কৰিব বিচাৰিছা সম্ভৱত তাৰে কিছু তোমালোকৰ পিছত আহিয়ে আছে!’

    [73] নিশ্চয় তোমাৰ ৰব মানুহৰ প্ৰতি অনুগ্ৰহশীল; কিন্তু সিহঁতৰ অধিকাংশই অকৃতজ্ঞ।

    [74] আৰু নিশ্চয় তোমাৰ ৰব, তেওঁ অৱশ্যে জানে সিহঁতৰ অন্তৰে যি গোপন কৰে আৰু সিহঁতে যি প্ৰকাশ কৰে।

    [75] আকাশ আৰু পৃথিৱীত এনে কোনো গোপন ৰহস্য নাই, যিটো সুস্পষ্ট কিতাবত নাই।

    [76] বনী ইছৰাঈলে যিবোৰ বিষয়ত বিতৰ্ক কৰিছিল, নিশ্চয় এই কোৰআনে তাৰ অধিকাংশই সিহঁতৰ ওচৰত বিৱৰণ দিয়ে।

    [77] আৰু নিশ্চয় ই মুমিনসকলৰ বাবে হিদায়ত আৰু ৰহমত।

    [78] নিশ্চয় তোমাৰ প্ৰতিপালকে তেওঁৰ বিধান অনুযায়ী সিহঁতৰ মাজত ফয়চালা কৰি দিব; আৰু তেওঁ মহাপৰাক্ৰমশালী, সৰ্বজ্ঞ।

    [79] এতেকে আল্লাহৰ ওপৰত নিৰ্ভৰ কৰা; নিশ্চয় তুমি সুস্পষ্ট সত্যৰ ওপৰত প্ৰতিষ্ঠিত।

    [80] নিশ্চয় তুমি মৃতক শুনাব নোৱাৰিবা, আৰু বধিৰকো আহ্বান শুনাব নোৱাৰিবা, যেতিয়া সিহঁতে পিঠি দেখুৱাই গুচি যায়।

    [81] তুমি অন্ধবিলাককো সিহঁতৰ পথভ্ৰষ্টতাৰ পৰা পথত আনিব নোৱাৰিবা। তুমি কেৱল তেওঁলোকক শুনাব পাৰিবা যিসকলে আমাৰ আয়াতসমূহৰ প্ৰতি ঈমান আনে, এতেকে তেওঁলোকেই আত্মসমৰ্পনকাৰী।

    [82] আৰু যেতিয়া সিহঁতৰ ওপৰত ঘোষিত শাস্তি আহিব তেতিয়া আমি সিহঁতৰ বাবে পৃথিৱীৰ পৰা এটা জন্তু উলিয়াম (দা-ব্বাতুল আৰজ), যিটো সিহঁতৰ লগত কথা ক'ব যে, মানুহে আমাৰ নিদৰ্শনসমূহৰ প্ৰতি নিশ্চিত বিশ্বাস কৰা নাছিল।

    [83] আৰু স্মৰণ কৰা সেই দিনটোৰ কথা, যিদিনা আমি সমবেত কৰিম প্ৰত্যেক সম্প্ৰদায়ৰ পৰা একো একোটা দল, যিহঁতে আমাৰ নিদৰ্শনাৱলী প্ৰত্যাখ্যান কৰিছিল, তাৰ পিছত সিহঁতক শাৰীবদ্ধভাৱে একত্ৰিত কৰা হ'ব।

    [84] অৱশেষত যেতিয়া সিহঁত আহি যাব, তেতিয়া আল্লাহে সিহঁতক ক’ব, ‘তোমালোকে মোৰ আয়াতসমূহক অস্বীকাৰ কৰিছিলা, অথচ সেই বিষয়ে তোমালোকৰ কোনো জ্ঞানেই নাছিল, নে তোমালোকে আৰু কিবা কৰিছিলা

    [85] আৰু অন্যায় কৰাৰ কাৰণে সিহঁতৰ ওপৰত ঘোষিত শাস্তি আহি পৰিব; ফলত সিহঁতে একোৱে ক’ব নোৱাৰিব।

    [86] সিহঁতে দেখা নাইনে যে, আমিয়েই সিহঁতৰ বাবে ৰাতি সৃষ্টি কৰিছো, যাতে সিহঁতে বিশ্ৰাম লব পাৰে আৰু দিনক কৰিছো দৃশ্যমান? নিশ্চয় ইয়াত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।

    [87] আৰু যিদিনা শিঙাত ফুঁ দিয়া হ’ব, সেইদিনা আকাশসমূহ আৰু পৃথিৱীৰ সকলোৱে ভীত-বিহ্বল হৈ পৰিব, কিন্তু আল্লাহে যিসকলক ইচ্ছা কৰিব তেওঁলোকৰ বাহিৰে, আৰু সকলোৱে তেওঁৰ ওচৰত হীন অৱস্থাত উপস্থিত হ’ব।

    [88] আৰু তুমি যিবোৰ পাহাৰ-পৰ্বত দেখি আছা, ভাবিছা এইবোৰ অচল, অথচ এইবোৰ মেঘপুঞ্জৰ দৰে চলমান হ’ব। এইটো আল্লাহৰেই সৃষ্টি-নৈপুণ্য, যিজনে সকলো বস্তুকেই কৰিছে সুষম। তোমালোকে যি কৰা নিশ্চয় তেওঁ সেই সম্পৰ্কে সম্যক অৱহিত।

    [89] যিয়ে সৎকৰ্ম লৈ আহিব তেওঁ তাতোকৈ উৎকৃষ্ট প্ৰতিফল পাব আৰু সেইদিনাৰ ভীতিকৰ অৱস্থাৰ পৰা তেওঁলোকে নিৰাপদ থাকিব।

    [90] আৰু যিয়ে অসৎকৰ্ম লৈ আহিব, তাক অধোমুখে জুইত নিক্ষেপ কৰা হ’ব। তোমালোকে যি কৰিছিলা তাৰেই প্ৰতিফল তোমালোকক দিয়া হৈছে।

    [91] মোক নিৰ্দেশ কৰা হৈছে এই নগৰৰ প্ৰতিপালকৰ ইবাদত কৰিবলৈ, যিজনে ইয়াক সন্মানিত কৰিছে। সকলো বস্তু তেওঁৰেই। মোক আৰু আদেশ কৰা হৈছে, মই যেন আত্মসমৰ্পনকাৰী সকলৰ অন্তৰ্ভুক্ত হওঁ।

    [92] মোক আৰু নিৰ্দেশ দিয়া হৈছে, কোৰআন তিলাৱত কৰিবলৈ। এতেকে যিয়ে সৎপথ অৱলম্বন কৰে সি নিজৰ কল্যাণৰ বাবেই সৎপথ অৱলম্বন কৰে, আৰু যিয়ে ভুল পথ অৱলম্বন কৰে, তেন্তে তুমি কোৱা, ‘মইহে কেৱল এজন সতৰ্ককাৰী’।

    [93] আৰু কোৱা, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই, অচিৰেই তেওঁ তোমালোকক তেওঁৰ নিদৰ্শনসমূহ দেখুৱাব, তেতিয়া তোমালোকে সেয়া চিনিব পাৰিবা’। তোমালোকে যি কৰা সেই সম্পৰ্কে তোমাৰ ৰব অমনোযোগী নহয়।

    Surah 28
    আল-ক্বাছাছ

    [1] ত্বা-ছীন-মীম।

    [2] এইবোৰ সুস্পষ্ট কিতাবৰ আয়াত।

    [3] আমি তোমাৰ ওচৰত মুছা আৰু ফিৰআউনৰ কিছু বৃত্তান্ত যথাযথভাৱে বিবৃত কৰিছো, এনে সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।

    [4] নিশ্চয় ফিৰআউন পৃথিৱীৰ বুকুত অহংকাৰী হৈছিল, আৰু সেই ঠাইৰ অধিবাসীবিলাকক বিভিন্ন শ্ৰেণীত বিভক্ত কৰি সিহঁতৰ এটা শ্ৰেণীক সি দুৰ্বল কৰি ৰাখিছিল; সিহঁতৰ পুত্ৰসকলক সি হত্যা কৰিছিল আৰু নাৰীসকলক জীৱিত এৰি দিছিল। নিশ্চয় সি আছিল বিপৰ্যয় সৃষ্টিকাৰী।

    [5] আৰু সেই দেশত যিসকলক দুৰ্বল কৰি ৰখা হৈছিল আমি সেই মানুহবিলাকৰ ওপৰত অনুগ্ৰহ কৰিব বিচাৰিলো লগতে তেওঁলোকক নেতৃত্ব দান কৰিবলৈ আৰু উত্তৰাধিকাৰী বনাবলৈ ইচ্ছা কৰিলো

    [6] আৰু পৃথিৱীত তেওঁলোকক ক্ষমতাত অধিষ্ঠিত কৰিবলৈ বিচাৰিলো, লগতে ফিৰআউন, হামান আৰু সিহঁতৰ সৈন্যবাহিনীক সেইটো দেখুৱাবলৈ ইচ্ছা কৰিলো, যিটো সিহঁতে সেই দুৰ্বল দলৰ পৰা আশংকা কৰিছিল।

    [7] আৰু আমি মুছাৰ মাতৃৰ প্ৰতি নিৰ্দেশ দিলো, তাক পিয়াহ খুওৱা; যেতিয়া তুমি ইয়াৰ বিষয়ে কোনো আশংকা কৰিবা, তেতিয়া ইয়াক সাগৰত নিক্ষেপ কৰিবা আৰু ভয় নকৰিবা, চিন্তিতও নহ’বা। নিশ্চয় আমি ইয়াক তোমাৰ ওচৰলৈ ঘূৰাই আনিম আৰু ইয়াক ৰাছুলসকলৰ অন্তৰ্ভুক্ত কৰিম।

    [8] তাৰ পিছত ফিৰআউনৰ পৰিয়ালে তাক (সাগৰৰ পৰা) তুলি নিলে। যাতে তেওঁ সিহঁতৰ শত্ৰু আৰু দুঃখৰ কাৰণ হয়। নিশ্চয় ফিৰআউন, হামান আৰু সিহঁতৰ সৈন্যবাহিনী আছিল অপৰাধী।

    [9] ফিৰআউনৰ স্ত্ৰীয়ে ক’লে, ‘এই শিশুটি মোৰ আৰু তোমাৰ নয়ন-প্ৰীতিকৰ। ইয়াক হত্যা নকৰিবা। ই আমাৰ উপকাৰত আহিব পাৰে অথবা আমি ইয়াক সন্তান হিচাপেও গ্ৰহণ কৰিব পাৰো’। দৰাচলতে সিহঁতে ইয়াৰ পৰিণাম উপলব্ধি কৰিব পৰা নাই।

    [10] আৰু ইপিনে মুছাৰ মাতৃৰ হৃদয় অস্থিৰ হৈ পৰিছিল। তেওঁ ইয়াৰ পৰিচয় প্ৰকাশ কৰিয়েই দিলেহেঁতেন, যদি আমি তেওঁৰ অন্তৰক দৃঢ় কৰি নিদিলোহেঁতেন, যাতে তেওঁ আস্থাশীলসকলৰ অন্তৰ্ভুক্ত হয়।

    [11] আৰু মুছাৰ বায়েকক ক'লে, ইয়াৰ পিছে পিছে যোৱা। তেওঁ দূৰৰ পৰাই ইয়াক দেখি আছিল কিন্তু সিহঁতে (শত্ৰুবিলাকে) সেয়া উপলব্ধি কৰিব পৰা নাছিল।

    [12] আৰু আমি পূৰ্বৰে পৰা তাৰ বাবে ধাত্ৰী-স্তন্য পান নিষিদ্ধ কৰি দিছিলো। তাৰ পিছত মুছাৰ বায়েকে ক’লে, ‘মই তোমালোকক এনে এটা পৰিয়ালৰ সন্ধান দিমনে, যিয়ে তোমালোকৰ হৈ ইয়াক লালন-পালন কৰিব আৰু ইয়াৰ মঙ্গলকামী হ’ব’

    [13] তাৰ পিছত আমি তাক উভতাই দিলো তাৰ মাতৃৰ ওচৰত, যাতে তেওঁৰ চকু জুৰ যায় আৰু চিন্তিত নহয়, আৰু যাতে এইটো জানি লয় যে, আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। কিন্তু সিহঁতৰ সৰহভাগেই নাজানে।

    [14] আৰু মুছাই যেতিয়া যৌৱনত উপনীত হ’ল আৰু প্ৰাপ্তবয়স্কত পৰিণত হ’ল, তেতিয়া আমি তেওঁক হিকমত আৰু জ্ঞান দান কৰিলো, আৰু এইদৰেই আমি মুহছিনসকলক পুৰষ্কাৰ প্ৰদান কৰো।

    [15] আৰু তেওঁ চহৰত প্ৰৱেশ কৰিলে, যেতিয়া তাৰ অধিবাসীবিলাক আছিল অসতৰ্ক। তাত তেওঁ দুজন ব্যক্তিক সংঘৰ্ষত লিপ্ত দেখিলে, এজন তেওঁৰ নিজ ফৈদৰ আৰু আনজন শত্ৰু পক্ষৰ। এতেকে মুছাৰ দলৰ ব্যক্তিজনে নিজ শত্ৰুৰ বিৰুদ্ধে তেওঁৰ সহায় বিচাৰিলে, তেতিয়া মুছাই তাক এটা ঘোচা মাৰিলে, ফলত সি মৃত্যুবৰণ কৰিলে। মুছাই ক’লে, ‘এয়া চয়তানৰ কাম। নিশ্চয় সি প্ৰকাশ্য শত্ৰু, বিভ্ৰান্তকাৰী’।

    [16] তেওঁ ক’লে, ‘হে মোৰ ৰব! নিশ্চয় মই মোৰ নিজৰ প্ৰতি অন্যায় কৰিছো, সেয়ে তুমি মোক ক্ষমা কৰা’। তাৰ পিছত আল্লাহে তেওঁক ক্ষমা কৰিলে। নিশ্চয় তেওঁ ক্ষমাশীল, পৰম দয়ালু।

    [17] মুছাই ক’লে, ‘হে মোৰ ৰব! তুমি যিহেতু মোক অনুগ্ৰহ কৰিছা, সেয়ে মই কেতিয়াও অপাৰীধিবিলাকৰ সহায়কাৰী নহওঁ’।

    [18] এতেকে ভীত সতৰ্ক অৱস্থাত সেই চহৰত তেওঁ ৰাতি অতিবাহিত কৰিলে। হঠাৎ তেওঁ শুনা পালে, যিজন ব্যক্তিয়ে যোৱা কালি তেওঁৰ ওচৰত সহায় বিচাৰিছিল, সি আকৌ সহায়ৰ বাবে চিঞঁৰি আছে। মুছাই তাক ক’লে, ‘নিশ্চয় তুমি এজন স্পষ্ট বিভ্ৰান্ত ব্যক্তি’।

    [19] এতেকে মুছাই যেতিয়া উভয়ৰ শত্ৰুক ধৰিব খুজিলে, তেতিয়া সেই ব্যক্তিয়ে চিঞঁৰি ক’ব ধৰিলে, ‘হে মুছা! যোৱা কালি তুমি যেনেকৈ এজন ব্যক্তিক হত্যা কৰিছা, তেনেকৈ মোকো হত্যা কৰিব খুজিছা নেকি? অৱশ্যে তুমি পৃথিৱীৰ বুকুত স্বেচ্ছাচাৰী হ’ব বিচাৰিছা, আৰু তুমি শান্তি স্থাপনকাৰী সকলৰ অন্তৰ্ভুক্ত হ’ব নিবিচৰা’।

    [20] আৰু চহৰৰ দূৰৱৰ্তী প্ৰান্তৰ পৰা এজন ব্যক্তি দৌৰি আহি ক’লে, ‘হে মুছা! পৰিষদবৰ্গই তোমাক হত্যা কৰাৰ পৰামৰ্শ কৰি আছে। সেয়ে তুমি ওলাই যোৱা, নিশ্চয় মই তোমাৰ কল্যাণকামী’।

    [21] তেতিয়া তেওঁ ভীত সতৰ্ক অৱস্থাত সেই ঠাইৰ পৰা ওলাই পৰিলে আৰু ক’লে, ‘হে মোৰ ৰব! তুমি মোক যালিম সম্প্ৰদায়ৰ পৰা ৰক্ষা কৰা’।

    [22] আৰু যেতিয়া মুছাই মাদিয়ান অভিমুখে যাত্ৰা কৰিলে তেতিয়া তেওঁ ক’লে, ‘আশা কৰো মোৰ প্ৰতিপালকে মোক সৰল পথ দেখুৱাব’।

    [23] যেতিয়া তেওঁ মাদিয়ানৰ জলাশয় পালেগৈ, তাত তেওঁ দেখিবলৈ পালে এদল মানুহে সিহঁতৰ জন্তুবোৰক পানী খুৱাই আছে আৰু সিহঁতৰ পৰা অলপ আঁতৰত দুজনী নাৰীয়ে সিহঁতৰ পশুবিলাকক আগচি ধৰি ৰাখিছে। মুছাই ক’লে, ‘কি হৈছে তোমালোকৰ’? সিহঁতে ক’লে, ‘পশুপালকবিলাকে সিহঁতৰ পশুবিলাক লৈ আঁতৰি নোযোৱা লৈকে আমি আমাৰ পশুবিলাকক পানী পান কৰাব নোৱাৰো, আৰু আমাৰ পিতৃ অতি বৃদ্ধ’।

    [24] তেতিয়া মুছাই সিহঁতৰ ফালৰ পৰা (পশুবোৰক) পানী খুৱালে। তাৰ পিছত তেওঁ এডোখৰ ছাঁলৈ আহি ক’লে, ‘হে মোৰ ৰব! নিশ্চয় তুমি মোৰ প্ৰতি যি অনুগ্ৰহেই অৱতীৰ্ণ নকৰা কিয় মই সেইটোৰে মুখাপেক্ষী’।

    [25] ফলত (কিছু সময় পিছতেই) নাৰী দুজনীৰ এজনীয়ে তেওঁৰ ওচৰত লাজকুৰীয়াভাৱে আহি ক’লে, ‘মোৰ পিতৃয়ে আপোনাক আমন্ত্ৰণ কৰিছে, আমাৰ পশুবিলাকক পানী পান কৰোৱাৰ পাৰিশ্ৰমিক প্ৰদান কৰিবলৈ’। এতেকে তাৰ পিছত মুছাই তেওঁৰ ওচৰত আহি সকলো ঘটনা বিস্তাৰিত বৰ্ণনা কৰিলে, তেওঁ ক’লে, ‘তুমি ভয় নকৰিবা। তুমি যালিম সম্প্ৰদায়ৰ পৰা ৰক্ষা পাইছা’।

    [26] নাৰী দুজনীৰ এজনীয়ে ক’লে, ‘হে মোৰ পিতৃ! আপুনি এওঁক শ্ৰমিক হিচাপে নিয়োগ কৰক। নিশ্চয় আপোনাৰ শ্ৰমিক হিচাপে এওঁ উত্তম হ’ব, এওঁ শক্তিশালী, বিশ্বস্ত’।

    [27] তেওঁ ক’লে, ‘মই মোৰ এই দুজনী ছোৱালীৰ এজনীক তোমাৰ লগত বিয়া দিব খোজো এই চৰ্তত যে, তুমি আঠ বছৰ মোৰ ইয়াত কাম কৰিবা, আৰু যদি তুমি দহ বছৰ পূৰ্ণ কৰা, সেইটো তোমাৰ ইচ্ছা। মই তোমাক কষ্ট দিব নিবিচাৰো। ইন শ্বা আল্লাহ নিশ্চয় তুমি মোক সৎকৰ্মপৰায়ণ সকলৰ অন্তৰ্ভুক্ত পাবা’।

    [28] মুছাই ক’লে, ‘(ঠিক আছে) তেন্তে এয়া মোৰ আৰু আপোনাৰ মাজত বন্দবস্ত হ’ল। এই দুটা ম্যাদৰ যিকোনো এটা পূৰণ কৰিলেই যেন মোৰ প্ৰতি কোনো অভিযোগ নাথাকে। আমি যি বিষয়ে কথা কৈ আছো আল্লাহেই ইয়াৰ কৰ্মবিধায়ক’।

    [29] এতেকে মুছাই যেতিয়া তেওঁৰ ম্যাদ পূৰ্ণ কৰাৰ পিছত সপৰিয়ালে যাত্ৰা কৰিলে, তেতিয়া তেওঁ তূৰ পৰ্বতৰ ফালে জুই দেখা পালে। তেওঁ পৰিয়ালবৰ্গক ক’লে, ‘তোমালোকে অপেক্ষা কৰা, মই জুই দেখিছো, সম্ভৱত মই তাৰ পৰা তোমালোকৰ বাবে কোনো খবৰ আনিম নাইবা এডোখৰ অন্ধৰাকে লৈ আহিম যাতে তোমালোকে জুই পুৱাব পাৰা’।

    [30] এতেকে যেতিয়া মুছাই জুইৰ ওচৰ পালেগৈ, তেতিয়া উপত্যকাৰ সোঁ ফালৰ বৰকতময় ভূমিৰ ওপৰত অৱস্থিত সুনিৰ্দিষ্ট গছৰ পৰা তেওঁক মাতি কোৱা হ’ল, ‘হে মুছা! ময়েই আল্লাহ সৃষ্টিজগতৰ ৰব;’

    [31] আৰু কোৱা হ’ল, ‘তুমি তোমাৰ লাখুটিডাল নিক্ষেপ কৰা’। তাৰ পিছত তেওঁ যেতিয়া সেইটোক সাপৰ নিচিনা কেৰমেৰ কৰা দেখিলে তেতিয়া তেওঁ পিছ হোঁহকা দি লৰ মাৰিলে আৰু উভতি নাচালে। তেওঁক কোৱা হ’ল, ‘হে মুছা! সন্মুখত আহা, ভয় নকৰিবা, নিশ্চয় তুমি নিৰাপদ’।

    [32] তোমাৰ হাত তোমাৰ কাষলতিত থোৱা, এইটো ত্ৰুটিমুক্ত অৱস্থাত শুভ্ৰোজ্জ্বল হৈ ওলাই আহিব। লগতে ভয় দূৰ কৰাৰ বাবে তোমাৰ দুহাত নিজৰ ফালে চেপি ধৰা। এতেকে এই দুটা হৈছে তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা দিয়া প্ৰমাণ, ফিৰআউন আৰু তাৰ পৰিষদবৰ্গৰ বাবে। নিশ্চয় সিহঁত ফাছিক্ব সম্প্ৰদায়।

    [33] মুছাই ক’লে, ‘হে মোৰ ৰব! নিশ্চয় মই সিহঁতৰ এজনক হত্যা কৰিছিলো। ফলত মই আশংকা কৰিছো সিহঁতে মোক হত্যা কৰিব’।

    [34] ‘আৰু মোৰ ভাতৃ হাৰূন মোতকৈ বাগ্মী, এতেকে তেওঁক মোৰ সহায়কাৰীৰূপে প্ৰেৰণ কৰা, তেওঁ মোক সমৰ্থন কৰিব। নিশ্চয় মই আশংকা কৰো সিহঁতে মোক মিছলীয়া বুলি আৰোপ লগাব’।

    [35] আল্লাহে ক’লে, ‘(ঠিক আছে) অনতিপলমে আমি তোমাৰ ভাতৃৰ দ্বাৰা তোমাৰ বাহুক শক্তিশালী কৰিম আৰু তোমালোক উভয়কে প্ৰাধান্য দান কৰিম। ফলত সিহঁতে তোমালোকৰ ওচৰত পৌঁচিব নোৱাৰিব। আমাৰ নিদৰ্শনাৱলীৰ দ্বাৰা তোমালোক আৰু তোমালোকৰ অনুসাৰীসকলে সিহঁতৰ ওপৰত বিজয় লাভ কৰিবা’।

    [36] এতেকে মুছাই যেতিয়া সিহঁতৰ ওচৰত আমাৰ সুস্পষ্ট নিদৰ্শনসমূহ লৈ উপস্থিত হ’ল, সিহঁতে ক’লে, ‘এয়া অলীক যাদুৰ বাহিৰে আন একো নহয়! আৰু আমি আমাৰ পুৰ্বপুৰুষসকলৰ যুগত কেতিয়াও এনেকুৱা কথা শুনা নাছিলো’।

    [37] আৰু মুছাই ক’লে, ‘মোৰ প্ৰতিপালকে ভালকৈ জানে, কোনে তেওঁৰ পৰা হিদায়ত লৈ আহিছে আৰু আখিৰাতত কাৰ পৰিণাম শুভ হ’ব। নিশ্চয় যালিমসকল সফল নহ’ব’।

    [38] ফিৰআউনে ক’লে, ‘হে পৰিষদবৰ্গ! মোৰ বাহিৰে তোমালোকৰ আন কোনো ইলাহ আছে বুলি মই নাজানো। এতেকে হে হামান! তুমি মোৰ বাবে (বোকা মাটি পুৰি) ইট তৈয়াৰ কৰা। তাৰ পিছত মোৰ বাবে এটা সুউচ্চ প্ৰসাদ নিৰ্মাণ কৰা, সম্ভৱত তাত উঠি মই মুছাৰ ইলাহক দেখিব পাৰিম। কিন্তু মোৰ মতে সি এজন মিছলীয়া’।

    [39] ফিৰআউন আৰু তাৰ সৈন্যবাহিনীয়ে অন্যায়ভাৱে পৃথিৱীত অহংকাৰ কৰিছিল আৰু সিহঁতে ভাবিছিল যে, সিহঁতক আমাৰ ওচৰলৈ উভতাই আনা নহ’ব।

    [40] সেয়ে আমি তাক আৰু তাৰ সৈন্যবাহিনীক ধৰিলো আৰু সিহঁতক সাগৰত নিক্ষেপ কৰিলো। এতেকে চোৱা, যালিমসকলৰ পৰিণাম কেনেকুৱা হৈছিল

    [41] আৰু আমিয়ে সিহঁতক নেতৃত্ব দান কৰিছিলো; সিহঁতে মানুহক জাহান্নামৰ পিনে আহ্বান কৰিছিল; আৰু কিয়ামতৰ দিনা সিহঁতক সহায় কৰা নহ’ব।

    [42] এই পৃথিৱীত আমি সিহঁতৰ পিছত লগাই দিছো অভিসম্পাত, আৰু কিয়ামতৰ দিনা সিহঁত হ’ব ঘৃণিতসকলৰ অন্তৰ্ভুক্ত।

    [43] আৰু অৱশ্যে পূৰ্বৱৰ্তী বহু প্ৰজন্মক বিনাশ কৰাৰ পিছত আমি মুছাক প্ৰদান কৰিছিলো কিতাব, মানৱ জাতিৰ বাবে জ্ঞান-বৰ্তিকা, পথনিৰ্দেশ আৰু অনুগ্ৰহস্বৰূপ; যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।

    [44] (হে নবী!) আমি যেতিয়া মুছাক বিধান দিছিলো তেতিয়া তুমি (তূৰ পৰ্বতৰ) পশ্চিম প্ৰান্তত উপস্থিত নাছিলা আৰু প্ৰত্যক্ষদৰ্শী সকলৰো অন্তৰ্ভুক্ত নাছিলা।

    [45] প্ৰকৃততে আমি বহু প্ৰজন্মৰ আৱিৰ্ভাব ঘটাইছিলো; সিহঁতৰ ওপৰতো বহু যুগ অতিবাহিত হৈ গৈছে। তুমি মাদিয়ানবাসী বিলাকৰ মাজত বিদ্যমান নাছিলা যে, সিহঁতৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱত কৰিবা। মুঠতে আমিহে ৰাছুল প্ৰেৰণকাৰী।

    [46] আৰু মুছাক যেতিয়া আমি মাতিছিলো তেতিয়াও তুমি তূৰ পৰ্বতৰ ওচৰত উপস্থিত নাছিলা। প্ৰকৃততে এইটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা দয়াস্বৰূপ, যাতে তুমি এনেকুৱা এটা সম্প্ৰদায়ক সতৰ্ক কৰিব পাৰা, যিসকলৰ ওচৰত তোমাৰ পূৰ্বে আন কোনো সতৰ্ককাৰী অহা নাই, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।

    [47] আৰু ৰাছুল প্ৰেৰণ নকৰিলে, সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতৰ ওপৰত কোনো বিপদ আহিলে সিহঁতে ক’লেহেঁতেন, ‘হে আমাৰ ৰব! তুমি আমাৰ ওচৰলৈ কিয় ৰাছুল প্ৰেৰণ কৰা নাছিলা, তেতিয়াহে আমি তোমাৰ নিদৰ্শন মানি চলিলোহেঁতেন আৰু আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন’।

    [48] এতেকে যেতিয়া আমাৰ তৰফৰ পৰা সিহঁতৰ ওচৰত সত্য আহি পালে, তেতিয়া সিহঁতে ক’বলৈ ধৰিলে, ‘মুছাক যি দিয়া হৈছিল, তেওঁকো তেনেকুৱা দিয়া নহ’ল কিয়’? (তেন্তে কোৱাচোন) ইতিপূৰ্বে মুছাক যি দিয়া হৈছিল সেয়া সিহঁতে অস্বীকাৰ কৰা নাছিলনে? সিহঁতে কৈছিল, ‘দুয়োটাই যাদু, এটাই আনটোক সমৰ্থন কৰে’। আৰু সিহঁতে কৈছিল, ‘নিশ্চয় আমি এটাকো নামানো’।

    [49] কোৱা, ‘তোমালোকে যদি সত্যবাদী তেন্তে আল্লাহৰ তৰফৰ পৰা এখন কিতাব লৈ আহা, যিটো পথনিৰ্দেশত এই দুটাতকৈ উৎকৃষ্ট হ’ব, মই নিজে সেই কিতাব অনুসৰণ কৰিম’।

    [50] এতেকে সিহঁতে যদি তোমাৰ আহ্বানত সঁহাৰি নিদিয়ে, তেন্তে জানি থোৱা, সিহঁতে কেৱল নিজৰ কামনা-বাসনাৰহে অনুসৰণ কৰে। আৰু যিয়ে আল্লাহৰ পথ নিৰ্দেশ অগ্ৰাহ্য কৰি নিজৰ কামনা-বাসনাৰ অনুসৰণ কৰে সেইজনতকৈ অধিক বিভ্ৰান্ত আৰু কোন হ’ব পাৰে? নিশ্চয় আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।

    [51] আৰু অৱশ্যে আমি সিহঁতৰ ওচৰত এটাৰ পিছত এটাকৈ বাণী পৌঁচাই দিছো; যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।

    [52] ইয়াৰ পূৰ্বে আমি যিসকলক কিতাব প্ৰদান কৰিছিলো তেওঁলোকে ইয়াৰ প্ৰতি ঈমান পোষণ কৰে।

    [53] আৰু যেতিয়া তেওঁলোকৰ ওচৰত ইয়াক তিলাৱত কৰা হয় তেতিয়া তেওঁলোকে কয়, ‘আমি ইয়াৰ ওপৰত ঈমান আনিছো, নিশ্চয় এইটো আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অহা সত্য। নিশ্চয় আমি আগতেও আত্মসমৰ্পণকাৰী আছিলো।’

    [54] তেওঁলোকক দুবাৰ প্ৰতিদান দিয়া হ’ব। এই কাৰণে যে, তেওঁলোকে ধৈৰ্য ধাৰণ কৰে, আৰু ভাল কামৰ দ্বাৰা বেয়া কাম প্ৰতিহত কৰে। আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছো তাৰ পৰা তেওঁলোকে ব্যয় কৰে।

    [55] আৰু তেওঁলোকে যেতিয়া অনৰ্থক কথা-বতৰা শুনে তেতিয়া তেওঁলোকে তাৰ পৰা বিমুখ হয় আৰু কয়, ‘আমাৰ আমল আমাৰ বাবে আৰু তোমালোকৰ আমল তোমালোকৰ বাবে, তোমালোকৰ প্ৰতি ‘ছালাম’। আমি মুৰ্খৰ লগত তৰ্ক কৰিব নিবিচাৰো’।

    [56] নিশ্চয় তুমি যাক ভালপোৱা ইচ্ছা কৰিলেই তাক সৎপথত আনিব নোৱাৰা। বৰং আল্লাহে যাক ইচ্ছা কৰে সৎপথ দেখুৱায় আৰু সৎপথ অনুসাৰীসকলৰ বিষয়ে তেৱেঁই ভালকৈ জানে।

    [57] আৰু সিহঁতে ক’লে, ‘আমি যদি তোমাৰ লগত সৎপথ অনুসৰণ কৰো তেন্তে আমাক দেশৰ পৰা উৎখাত কৰি দিয়া হ’ব’। আমি সিহঁতৰ বাবে এটা নিৰাপদ হাৰাম প্ৰতিষ্ঠা কৰা নাই নে, য’ত সকলো প্ৰকাৰৰ ফলমূল আমদানী হয়, আমি প্ৰদান কৰা জীৱিকাস্বৰূপ? কিন্তু সিহঁতৰ সৰহভাগ মানুহেই এইটো নাজানে।

    [58] আৰু আমি বহু জনপদক ধ্বংস কৰিছো যাৰ বাসিন্দাসকলে নিজৰ ভোগ-সম্পদলৈ অহংকাৰ কৰিছিল! এইবোৰ হৈছে সিহঁতৰ ঘৰ-দুৱাৰ, সিহঁতৰ পিছত এইবোৰ ঘৰ-দুৱাৰত খুব কম মানুহেই বসবাস কৰিছে। আমিয়েই চূড়ান্ত উত্তৰাধিকাৰী (প্ৰকৃত মালিক)

    [59] আৰু তোমাৰ প্ৰতিপালকে কোনো জনপদক সেই ঠাইৰ মূল ভূখণ্ডত কোনো ৰাছুল প্ৰেৰণ নকৰা লৈকে ধ্বংস নকৰে, যিজনে সিহঁতৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱত কৰে। আৰু কোনো জনপদৰ অধিবাসীবিলাক যালিম নহ’লে আমি সিহঁতক ধ্বংস নকৰো।

    [60] আৰু তোমালোকক যি দিয়া হৈছে সেয়া কেৱল পাৰ্থিৱ জীৱনৰ ভোগ আৰু সৌন্দৰ্য মাত্ৰ। আৰু যি আল্লাহৰ ওচৰত আছে সেয়া উত্তম আৰু স্থায়ী। তথাপিও তোমালোকে অনুধাৱন নকৰিবানে

    [61] যাক আমি উত্তম পুৰষ্কাৰৰ প্ৰতিশ্ৰুতি দিছো, তেওঁ সেইটো পাবই; তেওঁ সেই ব্যক্তিৰ দৰে নেকি যাক আমি পাৰ্থিৱ জীৱনৰ ভোগ-সম্ভাৰ দিছো, তাৰ পিছত কিয়ামতৰ দিনা সি হ’ব উপস্থিতকৃত বিলাকৰ অন্তৰ্ভুক্ত

    [62] আৰু সেইদিনা তেওঁ সিহঁতক মাতি ক’ব, ‘তোমালোকে যিবোৰক মোৰ অংশী বুলি গণ্য কৰিছিলা, সিহঁত ক’ত’

    [63] যিসকলৰ ওপৰত শাস্তিৰ বাণী সাব্যস্ত হৈছে সিহঁতে ক’ব, ‘হে আমাৰ ৰব! ইহঁতেই সেইসকল লোক যিসকলক আমি বিভ্ৰান্ত কৰিছিলো; আমি ইহঁতক বিভ্ৰান্ত কৰিছিলো যেনেকৈ আমি বিভ্ৰান্ত হৈছিলো। তোমাৰ সমীপত আমি সিহঁতৰ বিষয়ে দায়মুক্ততা ঘোষণা কৰিছো। ইহঁত আমাৰ ইবাদত কৰা নাছিল’।

    [64] আৰু সিহঁতক কোৱা হ’ব, ‘তোমালোকে অংশীদাৰ স্থাপন কৰা উপাস্যবোৰক মাতা’। তেতিয়া সিহঁতে সেইবোৰক মাতিব। কিন্তু সেইবোৰে সিহঁতৰ আহ্বানত সঁহাৰি নিদিব, আৰু সিহঁতে শাস্তি দেখা পাব। হায়! সিহঁতে যদি সৎপথ অনুসৰণ কৰিলেহেঁতেন

    [65] আৰু সেইদিনা আল্লাহে ইহঁতক মাতি ক’ব, ‘তোমালোকে ৰাছুলসকলক কি উত্তৰ দিছিলা’

    [66] তাৰ পিছত সেইদিনা সকলো তথ্য সিহঁতৰ পৰা বিলুপ্ত হ’ব তেতিয়া সিহঁতে ইজনে সিজনক সোধ-পোচও কৰিব নোৱাৰিব।

    [67] এতেকে যি ব্যক্তিয়ে তাওবা কৰিছে আৰু ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, আশা কৰা যায় তেওঁ সাফল্য অৰ্জনকাৰী সকলৰ অন্তৰ্ভুক্ত হ’ব।

    [68] আৰু তোমাৰ ৰব যি ইচ্ছা সেইটোৱে সৃষ্টি কৰে আৰু যি ইচ্ছা সেইটোৱে মনোনীত কৰে, ইয়াত সিহঁতৰ কোনো অধিকাৰ নাই। আল্লাহ পৱিত্ৰ, মহান আৰু সিহঁতে যি অংশী কৰে তাৰ পৰা তেওঁ উৰ্দ্ধত।

    [69] আৰু তোমাৰ প্ৰতিপালকে জানে ইহঁতৰ অন্তৰে যি গোপন কৰে আৰু ইহঁতে যি ব্যক্ত কৰে।

    [70] তেৱেঁই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, পৃথিৱী আৰু আখিৰাতত সকলো প্ৰশংসা তেওঁৰেই; বিধান তেওঁৰেই; আৰু তোমালোকেও তেওঁৰ পিনেই প্ৰত্যাৱৰ্তিত হ’বা।

    [71] কোৱা, ‘তোমালোকে ভাবিছানে, ৰাতিক যদি আল্লাহে কিয়ামত দিৱস লৈকে স্থায়ী কৰি দিয়ে, তেন্তে আল্লাহৰ বাহিৰে কোন এনেকুৱা ইলাহ আছে, যিয়ে তোমালোকৰ বাবে পোহৰ আনি দিব? তথাপিও তোমালোকে কৰ্ণপাত নকৰিবানে’

    [72] কোৱা, ‘তোমালোকে ভাবিছানে, আল্লাহে যদি দিনক কিয়ামত দিৱস লৈকে স্থায়ী কৰি দিয়ে, আল্লাহৰ বাহিৰে কোন এনেকুৱা ইলাহ আছে যিয়ে তোমালোকৰ বাবে ৰাতিৰ আবিৰ্ভাৱ ঘটাব? য’ত তোমালোকে বিশ্ৰাম লোৱা, তথাপিও তোমালোকে ভাবি নাচাবানে’

    [73] তেৱেঁই নিজ অনুগ্ৰহত তোমালোকৰ বাবে ৰাতি আৰু দিন বনাইছে, যাতে তোমালোকে তাত বিশ্ৰাম কৰিব পাৰা আৰু তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা লগতে যাতে তোমালোকে তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা।

    [74] আৰু সেইদিনা তেওঁ সিহঁতক মাতি ক’ব, ‘তোমালোকে যিবোৰক মোৰ অংশী বুলি গণ্য কৰিছিলা, সিহঁত ক’ত’

    [75] আৰু আমি প্ৰত্যেক জাতিৰ পৰা একোজনকৈ সাক্ষী ওলাই আনিম আৰু সুধিম, ‘তোমালোকৰ প্ৰমাণ উপস্থিত কৰা’। তেতিয়া সিহঁতে জানিব পাৰিব যে, ইলাহ হোৱাৰ অধিকাৰ কেৱল আল্লাহৰেই আৰু সিহঁতে যি মিছা ৰটনা কৰিছিল সেয়া সিহঁতৰ পৰা হেৰাই যাব।

    [76] নিশ্চয় ক্বাৰূন আছিল মুছাৰ সম্প্ৰদায়ভুক্ত, কিন্তু সি সিহঁতৰ প্ৰতি ঔদ্ধত্য প্ৰকাশ কৰিছিল। আৰু আমি তাক দান কৰিছিলো ইমান ধন-ভাণ্ডাৰ যে, যাৰ চাবিবোৰ বহন কৰা এদল শক্তিশালী মানুহৰ পক্ষেও কষ্টসাধ্য আছিল। স্মৰণ কৰা, যেতিয়া তাৰ সম্প্ৰদায়ৰ মানুহে তাক কৈছিল, ‘অহংকাৰ নকৰিবা। নিশ্চয় আল্লাহে অহংকাৰী লোকক পছন্দ নকৰে।

    [77] ‘আৰু আল্লাহে তোমাক যি দান কৰিছে তাৰ দ্বাৰা আখিৰাতৰ আবাস অনুসন্ধান কৰা আৰু পৃথিৱীৰ পৰাও তোমাৰ অংশখিনি নাপহৰিবা, তুমিও অনুগ্ৰহ কৰা যেনেকৈ আল্লাহে তোমাৰ প্ৰতি অনুগ্ৰহ কৰিছে আৰু পৃথিৱীৰ বুকুত বিপৰ্যয় সৃষ্টি কৰাৰ ইচ্ছা নকৰিবা। নিশ্চয় আল্লাহে বিপৰ্যয় সৃষ্টিকাৰীসকলক ভাল নাপায়’।

    [78] সি ক’লে, ‘এই সম্পদ মই মোৰ জ্ঞানৰ দ্বাৰাহে লাভ কৰিছো’। সি জনা নাছিলনে যে, আল্লাহে তাৰ আগত বহু প্ৰজন্মক ধ্বংস কৰিছে, যিসকল তাতকৈয়ো শক্তিশালী আছিল আৰু সিহঁতৰ জনসংখ্যাও আছিল অধিক? আৰু অপৰাধীবিলাকক সিহঁতৰ অপৰাধ সম্পৰ্কে প্ৰশ্ন কৰা নহ’ব।

    [79] এতেকে কাৰূন তাৰ সম্প্ৰদায়ৰ সন্মুখত জাক-জমকতাৰে ওলাই আহিল। যিসকলে পাৰ্থিৱ জীৱন কামনা কৰিছিল সিহঁতে ক’লে, ‘হায়! কাৰূনক যিদৰে দান কৰা হৈছে আমাকো যদি সেইদৰে দান কৰা হ’লেহেঁতেন! নিশ্চয় সি মহা ভাগ্যবান’।

    [80] আৰু যিসকলক জ্ঞান দান কৰা হৈছিল, তেওঁলোকে ক’লে, ‘ধিক তোমালোকৰ ওপৰত! যিয়ে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আল্লাহৰ পুৰষ্কাৰেই শ্ৰেষ্ঠ আৰু ধৈৰ্যশীলসকলৰ বাহিৰে আন কোনেও সেয়া নাপাব’।

    [81] তাৰ পিছত আমি কাৰূনক তাৰ প্ৰসাদসহ ভূগৰ্ভত পুতি পোলালো। তাৰ সপক্ষে এনে কোনো দল নাছিল যিয়ে আল্লাহৰ শাস্তিৰ পৰা তাক সহায় কৰিব আনকি সি নিজেও নিজকে সহায় কৰিবলৈ সক্ষম নাছিল।

    [82] আৰু যোৱা কালি যিসকলে তাৰ দৰে হোৱাৰ কামনা কৰিছিল, সিহঁতে ক’বলৈ ধৰিলে, ‘চোৱা, আল্লাহে তেওঁৰ বান্দাসকলৰ মাজত যাৰ বাবে ইচ্ছা তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাৰ বাবে ইচ্ছা তাৰ বাবে হ্ৰাস কৰি দিয়ে। যদি আল্লাহে আমাৰ প্ৰতি সদয় নহ’লেহেঁতেন তেন্তে আমাকো তেওঁ ভূগৰ্ভত পুতি পেলালেহেঁতেন। চোৱা, কাফিৰসকল কেতিয়াও সফলকাম হ’ব নোৱাৰে’।

    [83] এইটো আখিৰাতৰ সেই আবাস যিটো আমি নিৰ্ধাৰিত কৰো তেওঁলোকৰ বাবে যিসকলে পৃথিৱীত উদ্ধত আৰু বিপৰ্যয় সৃষ্টি কৰিব নিবিচাৰে; আৰু শুভ পৰিণাম কেৱল মুত্তাক্বীসকলৰ বাবে।

    [84] যিয়ে সৎকৰ্ম লৈ উপস্থিত হ’ব, তাৰ বাবে আছে তাতোকৈ উত্তম প্ৰতিদান, আৰু যিয়ে অসৎকৰ্ম লৈ উপস্থিত হ’ব, তেন্তে সিহঁতক কেৱল সেইখিনি অসৎকৰ্মৰ শাস্তি দিয়া হ’ব যিখিনি সিহঁতে কৰিছে।

    [85] নিশ্চয় যিয়ে তোমাৰ প্ৰতি কোৰআনক বিধানস্বৰূপে দান কৰিছে, অৱশ্যে তেওঁ তোমাক উভতাই নিব প্ৰত্যাৱৰ্তনস্থলত। কোৱা, ‘মোৰ প্ৰতিপালকেই ভালকৈ জানে কোনে সৎপথৰ নিৰ্দেশ লৈ আহিছে আৰু কোন স্পষ্ট বিভ্ৰান্তিত আছে’।

    [86] আৰু তুমি আশা কৰা নাছিলা যে, তোমাৰ প্ৰতি কিতাব অৱতীৰ্ণ হ’ব। এয়া কেৱল তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহ। সেয়ে তুমি কেতিয়াও কাফিৰসকলৰ সহায়ক নহ’বা।

    [87] আৰু তোমাৰ প্ৰতি আল্লাহৰ আয়াতসমূহ অৱতীৰ্ণ হোৱাৰ পিছত সিহঁতে যেন তোমাক কোনো মতেই তাৰ পৰা বিৰত ৰাখিব নোৱাৰে। তুমি তোমাৰ প্ৰতিপালকৰ প্ৰতি আহ্বান কৰা আৰু কোনো মতেই মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহ’বা।

    [88] তুমি আল্লাহৰ লগত আন কোনো ইলাহক নামাতিবা, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। আল্লাহৰ সত্তাৰ বাহিৰে সকলো বস্তুৱেই ধ্বংসশীল। বিধান কেৱল তেওঁৰেই, আৰু তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা।

    Surah 29
    আল-‘আনকাবুত

    [1] আলিফ-লাম-মীম।

    [2] মানুহে ভাবিছে নেকি যে, ‘আমি ঈমান আনিছো’ এই বুলি ক’লেই সিহঁতক পৰীক্ষা নকৰাকৈয়ে এনেই এৰি দিয়া হ’ব

    [3] অৱশ্যে আমি সিহঁতৰ পূৰ্বৱৰ্তীসকলকো পৰীক্ষা কৰিছিলো, আল্লাহে অৱশ্যে প্ৰকাশ কৰি দিব কোন সত্যবাদী আৰু তেওঁ অৱশ্যে প্ৰকাশ কৰি দিব কোন মিছলীয়া।

    [4] অথবা যিসকলে দুষ্কৰ্ম কৰে সিহঁতে ভাবিছে নেকি যে, সিহঁতে আমাৰ আয়ত্তৰ বাহিৰত গুচি যাব? কিমান যে নিকৃষ্ট সিহঁতৰ এই সিদ্ধান্ত

    [5] যিয়ে আল্লাহৰ সাক্ষাত কামনা কৰে তেওঁ জানি থোৱা উচিত যে, নিশ্চয় আল্লাহৰ নিৰ্ধাৰিত সময় আহিবই; আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

    [6] আৰু যিয়ে প্ৰচেষ্টা চলায়, সি নিজৰ বাবেহে প্ৰচেষ্টা চলায়, নিশ্চয় আল্লাহ সৃষ্টিজগতৰ পৰা অমুখাপেক্ষী।

    [7] আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, অৱশ্যে আমি তেওঁলোকৰ পৰা তেওঁলোকৰ পাপসমূহ মচি দিম আৰু তেওঁলোকে যি উত্তম আমল কৰিছিল, অৱশ্যে আমি তাৰ প্ৰতিদান দিম।

    [8] আৰু আমি মানুহক তাৰ পিতৃ-মাতৃৰ প্ৰতি সদ্ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছো। কিন্তু সিহঁতে যদি তোমাৰ ওপৰত বল প্ৰয়োগ কৰে মোৰ লগত শ্বিৰ্ক কৰিবলৈ যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই, তেন্তে তুমি সিহঁতৰ কথা নামানিবা। মোৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন। তাৰ পিছত মই তোমালোকক জনাই দিম তোমালোকে কি কৰিছিলা।

    [9] আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, অৱশ্যে আমি তেওঁলোকক সৎকৰ্মপৰায়ণ সকলৰ অন্তৰ্ভুক্ত কৰিম।

    [10] আৰু মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে, যিসকলে কয়, ‘আমি আল্লাহৰ প্ৰতি ঈমান আনিছো’, কিন্তু আল্লাহৰ পথত যেতিয়া সিহঁতক নিগৃহিত কৰা হয়, তেতিয়া সিহঁতে মানুহৰ শাস্তিক আল্লাহৰ শাস্তিৰ দৰে গণ্য কৰে। আৰু তোমাৰ প্ৰতিপালকৰ পৰা কোনো সহায় আহিলে সিহঁতে কয়, ‘নিশ্চয় আমি তোমালোকৰ লগতেই আছিলো’, (তেন্তে কোৱাচোন) সৃষ্টিজগতৰ অন্তঃকৰণত যি আছে, সেই বিষয়ে আল্লাহ সম্যক অৱগত নহয়নে

    [11] আৰু আল্লাহে অৱশ্যে প্ৰকাশ কৰি দিব কোনে ঈমান আনিছে আৰু অৱশ্যে প্ৰকাশ কৰি দিব কোন মুনাফিক।

    [12] আৰু কাফিৰসকলে মুমিনসকলক কয়, ‘তোমালোকে আমাৰ পথ অনুসৰণ কৰা তেনেহ’লে আমি তোমালোকৰ পাপৰ বোজা বহন কৰিম’। অথচ সিহঁতে সিহঁতৰ পাপৰ কোনো বোজা বহন নকৰিব। নিশ্চয় সিহঁত মিছলীয়া।

    [13] আৰু অৱশ্যে সিহঁতে বহন কৰিব নিজৰ বোজা লগতে আৰু কিছুমান বোজা; আৰু সিহঁতে যি মিছা ৰটনা কৰিছিল সেই বিষয়ে সিহঁতক অৱশ্যে কিয়ামতৰ দিনা প্ৰশ্ন কৰা হ’ব।

    [14] আৰু আমিয়েই নূহক তেওঁৰ সম্প্ৰদায়ৰ ওচৰত প্ৰেৰণ কৰিছিলো। তেওঁ সিহঁতৰ মাজত অৱস্থান কৰিছিল পঞ্চাশ বছৰ কম এহেজাৰ বছৰ। তাৰ পিছত মহা-প্লাৱনে সিহঁতক গ্ৰাস কৰিলে, কাৰণ সিহঁত আছিল যালিম।

    [15] তাৰ পিছত আমি তেওঁক আৰু নাৱত আৰোহনকাৰী সকলক ৰক্ষা কৰিলো আৰু সৃষ্টিজগতৰ বাবে ইয়াক এটা নিদৰ্শন বনাই দিলো।

    [16] আৰু (স্মৰণ কৰা) ইব্ৰাহীমক, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, তোমালোকে কেৱল আল্লাহৰেই ইবাদত কৰা আৰু তেওঁৰেই তাক্বৱা অৱলম্বন কৰা; এইটোৱেই তোমালোকৰ বাবে উত্তম যদি তোমালোকে জানিলাহেঁতেন

    [17] তোমালোকে আল্লাহক এৰি কেৱল মূৰ্তিপূজাহে কৰি আছা আৰু মিছা উদ্ভাৱন কৰি আছা। তোমালোকে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰি আছা সিহঁতে কেতিয়াও তোমালোকৰ জীৱিকাৰ মালিক নহয়। সেয়ে তোমালোকে কেৱল আল্লাহৰ ওচৰতেই জীৱিকা বিচৰা আৰু তেওঁৰেই ইবাদত কৰা। তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰা। তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা।

    [18] আৰু যদি তোমালোকে অস্বীকাৰ কৰা তেন্তে তোমালোকৰ পূৰ্বৱৰ্তী সকলেও অস্বীকাৰ কৰিছিল। আৰু সুস্পষ্টভাৱে প্ৰচাৰ কৰাটোৱেই কেৱল ৰাছুলৰ গুৰু দায়িত্ব।

    [19] সিহঁতে লক্ষ্য কৰা নাইনে, আল্লাহে কেনেকৈ সৃষ্টিক অস্তিত্ব দান কৰে? তাৰ পিছত তেওঁ ইয়াৰ পুনৰাবৃত্তি কৰিব। নিশ্চয় এইটো আল্লাহৰ বাবে অতি সহজ।

    [20] কোৱা, ‘তোমালোকে পৃথিৱীত ভ্ৰমণ কৰা, তাৰ পিছত প্ৰত্যক্ষ কৰা, কেনেকৈ তেওঁ সৃষ্টি আৰম্ভ কৰিছে, তাৰ পিছত আল্লাহেই সৃষ্টি কৰিব পৰৱৰ্তী সৃষ্টি’। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

    [21] তেওঁ যাক ইচ্ছা শাস্তি দিয়ে আৰু যাৰ প্ৰতি ইচ্ছা অনুগ্ৰহ কৰে। আৰু তোমালোকক তেওঁৰ ওচৰতেই উভতাই নিয়া হ’ব।

    [22] তোমালোকে আল্লাহক পৃথিৱীত অথবা আকাশত কতো ব্যৰ্থ কৰিব নোৱাৰিবা। আৰু আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱক নাই, আৰু কোনো সাহায্যকাৰীও নাই।

    [23] আৰু যিসকলে আল্লাহৰ নিদৰ্শনক আৰু তেওঁৰ সাক্ষাতক অস্বীকাৰ কৰে, সিহঁতেই মোৰ অনুগ্ৰহৰ পৰা নিৰাশ হৈছে, আৰু সিহঁতৰ বাবেই আছে যন্ত্ৰণাদায়ক শাস্তি।

    [24] উত্তৰত ইব্ৰাহীমৰ সম্প্ৰদায়ে কেৱল এই কথাষাৰকে ক'লে, ইয়াক হত্যা কৰা অথবা জুইত জ্বলাই দিয়া। তাৰ পিছত আল্লাহে তেওঁক জুইৰ পৰা ৰক্ষা কৰিলে। নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন, এনে সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।

    [25] ইব্ৰাহীমে আৰু ক’লে, ‘তোমালোকে দেখুন আল্লাহৰ পৰিবৰ্তে মূৰ্তিবোৰকহে উপাস্যৰূপে গ্ৰহণ কৰিছা, পাৰ্থিৱ জীৱনত তোমালোকৰ পাৰস্পাৰিক বন্ধুত্বৰ খাতিৰত। কিন্তু কিয়ামতৰ দিনা তোমালোকে ইজনে সিজনক অস্বীকাৰ কৰিবা আৰু পৰস্পৰে পৰস্পৰক অভিশাপ কৰিবা। তোমালোকৰ আবাস হ’ব জাহান্নাম আৰু তোমালোকৰ কোনো সহায়কাৰী নাথাকিব’।

    [26] তাৰ পিছত লূতে তেওঁৰ ওপৰত বিশ্বাস স্থাপন কৰিলে। আৰু ইব্ৰাহীমে ক'লে, মই মোৰ প্ৰতিপালকৰ উদ্দেশ্যে হিজৰত কৰিছো। নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    [27] আৰু আমি ইব্ৰাহীমক দান কৰিলো ইছহাক্ব আৰু ইয়াকূব। লগতে তেওঁৰ বংশধৰসকলৰ বাবে স্থিৰ কৰিলো নবূওৱত আৰু কিতাব। আমি তেওঁক তেওঁৰ প্ৰতিদান পৃথিৱীতেই দান কৰিছিলো আৰু আখিৰাততো তেওঁ নিশ্চয় সৎকৰ্মপৰায়ণ সকলৰ অন্যতম হ’ব।

    [28] আৰু স্মৰণ কৰা লূতৰ কথা, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘নিশ্চয় তোমালোকে এনেকুৱা অশ্লীল কাম কৰিছা যিটো তোমালোকৰ পূৰ্বে সৃষ্টিজগতৰ কোনেও কৰা নাই’।

    [29] ‘তোমালোকেই পুৰুষৰ ওচৰত গমন কৰা (কাম তৃপ্তিৰ বাবে), আৰু তোমালোকেই বাটে-পথে ডকাইতি কৰা আৰু তোমালোকেই নিজৰ বৈঠকত প্ৰকাশ্য ঘৃণনীয় কাম কৰা’। উত্তৰত তেওঁৰ সম্প্ৰদায়ে কেৱল এইটোৱে ক’লে যে, ‘তেন্তে আমাৰ ওপৰত আল্লাহৰ শাস্তি লৈ আহা, যদি তুমি সত্যবাদী হোৱা’।

    [30] তেওঁ ক’লে, ‘হে মোৰ ৰব! বিপৰ্যয় সৃষ্টিকাৰী সম্প্ৰদায়ৰ বিৰুদ্ধে তুমি মোক সহায় কৰা’।

    [31] আৰু যেতিয়া আমাৰ প্ৰেৰিত ফিৰিস্তাসকল সুসংবাদসহ ইব্ৰাহীমৰ ওচৰত আহিল, তেওঁলোকে ক’লে, ‘নিশ্চয় আমি এই জনপদবাসীক ধ্বংস কৰিম। নিশ্চয় ইয়াৰ অধিবাসীবিলাক যালিম’।

    [32] ইব্ৰাহীমে ক’লে, ‘নিশ্চয় এই জনপদত দেখুন লূতো আছে। তেওঁলোকে ক'লে, তাত কোন কোন আছে সেয়া আমি ভালকৈয়ে জানো, নিশ্চয় আমি লূতক আৰু তেওঁৰ পৰিয়ালবৰ্গক ৰক্ষা কৰিম, কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে, তাই পিছত অৱস্থানকাৰী বিলাকৰ অন্তৰ্ভুক্ত।

    [33] আৰু যেতিয়া আমাৰ প্ৰেৰিত ফিৰিস্তাসকল লূতৰ ওচৰত আহিল, তেতিয়া তেওঁলোকৰ বাবে তেওঁ বিষণ্ণ হৈ পৰিল আৰু নিজকে তেওঁলোকক ৰক্ষা কৰিবলৈ অসমৰ্থ বুলি ভাবিলে। তেওঁলোকে ক’লে, ‘ভয় নকৰিব, চিন্তাও নকৰিব, নিশ্চয় আমি আপোনাক আৰু আপোনাৰ পৰিয়ালক ৰক্ষা কৰিম, কেৱল আপোনাৰ স্ত্ৰীৰ বাহিৰে; তাই হৈছে পিছত অৱস্থানকাৰী বিলাকৰ অন্তৰ্ভুক্ত

    [34] ‘নিশ্চয় আমি এই জনপদবাসী বিলাকৰ ওপৰত শাস্তি অৱতীৰ্ণ কৰিম, কাৰণ সিহঁত মহাপাপত লিপ্ত আছিল’।

    [35] আৰু অৱশ্যে আমি ইয়াত বোধশক্তি সম্পন্ন সম্প্ৰদায়ৰ বাবে এটা স্পষ্ট নিদৰ্শন ৰাখিছো।

    [36] আৰু মাদিয়ানবাসীৰ ওচৰত প্ৰেৰণ কৰিছিলো সিহঁতৰ ভাতৃ ছুৱাইবক। তাৰ পিছত তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা আৰু শেষ দিৱসৰ আশা কৰা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা’।

    [37] তথাপিও সিহঁতে তেওঁক অস্বীকাৰ কৰিলে; ফলত সিহঁত ভূমিকম্পৰ দ্বাৰা আক্ৰান্ত হৈ নিজ নিজ ঘৰত নতজানু অৱস্থাত শেষ হৈ গ’ল।

    [38] আদ আৰু ছামূদক আমিয়ে ধ্বংস কৰিছিলো, সিহঁতৰ ঘৰ-দুৱাৰ কিছুমান তোমালোকৰ বাবে উন্মোচিত হৈছে। চয়তানে সিহঁতৰ কৰ্মক সিহঁতৰ দৃষ্টিত শোভনীয় কৰি দিছিল আৰু সিহঁতক সৎপথ অৱলম্বনত বাধা দিছিল, যদিও সিহঁত আছিল অতি বিচক্ষণ।

    [39] আৰু আমি ধ্বংস কৰিছিলো ক্বাৰূন, ফিৰআউন আৰু হামানক। অৱশ্যে মুছা সিহঁতৰ ওচৰত সুস্পষ্ট নিদৰ্শনসহ আহিছিল; তথাপিও সিহঁতে পৃথিৱীত অহংকাৰ কৰিছিল; কিন্তু সিহঁতে মোৰ শাস্তিৰ পৰা বাচিব পৰা নাই।

    [40] এতেকে সিহঁতৰ প্ৰত্যেককে নিজ নিজ অপৰাধৰ বাবে আমি সিহঁতক ধৰিছিলো। সিহঁতৰ কিছুমানৰ ওপৰত আমি পঠাইছিলো শিলাবৃষ্টি সম্পন্ন প্ৰচণ্ড ধুমুহা, লগতে সিহঁতৰ কিছুমানক আক্ৰমণ কৰিছিল বিকট চিঞঁৰে, আৰু কিছুমানক পুতি পেলাইছিলো ভূগৰ্ভত আৰু কিছুমানক ডুবাই মাৰিছিলো। আৰু আল্লাহ এনে নহয় যে, তেওঁ সিহঁতৰ প্ৰতি যুলুম কৰিব, বৰং সিহঁত নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।

    [41] যিসকলে আল্লাহৰ বাহিৰে বহু অভিভাৱক গ্ৰহণ কৰে, সিহঁতৰ দৃষ্টান্ত মকৰাৰ নিচিনা, যিয়ে ঘৰ বনায়। নিশ্চয় ঘৰৰ মাজত আটাইতকৈ দুৰ্বল ঘৰ হৈছে মকৰাৰ ঘৰ, যদি সিহঁতে জানিলেহেঁতেন।

    [42] নিশ্চয় সিহঁতে আল্লাহৰ বাহিৰে যিবোৰক আহ্বান কৰে, আল্লাহে সেয়া জানে, তেওঁ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    [43] আৰু এইবোৰ দৃষ্টান্ত আমি কেৱল মানুহৰ বাবেই দিওঁ, কিন্তু কেৱল জ্ঞানীসকলেই সেয়া বুজি পায়।

    [44] আল্লাহেই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে; নিশ্চয় ইয়াত আছে মুমিনসকলৰ বাবে নিদৰ্শন।

    [45] তোমাৰ প্ৰতি যি কিতাব অহী কৰা হয়, তাৰ পৰা তুমি তিলাৱত কৰা আৰু ছালাত কায়েম কৰা। নিশ্চয় ছালাতে অশ্লীল আৰু অসৎকৰ্মৰ পৰা বিৰত ৰাখে। আৰু আল্লাহৰ স্মৰণেই হৈছে সৰ্বশ্ৰেষ্ঠ। তোমালোকে যি কৰা আল্লাহে সেয়া জানে।

    [46] আৰু তোমালোকে উত্তম পন্থাৰ বাহিৰে কিতাবীসকলৰ লগত বিতৰ্ক নকৰিবা, কিন্তু সিহঁতৰ মাজত যিসকলে অন্যায় কৰিছে সিহঁতৰ লগত কৰিব পাৰা। তোমালোকে কোৱা, ‘আমাৰ প্ৰতি আৰু তোমালোকৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত আমি ঈমান আনিছো। আমাৰ ইলাহ আৰু তোমালোকৰ ইলাহ এজনেই, আমি তেওঁৰ প্ৰতিহে আত্মসমৰ্পণকাৰী’।

    [47] এইদৰেই আমি তোমাৰ প্ৰতিও কিতাব অৱতীৰ্ণ কৰিছো, এতেকে যিসকলক আমি (পূৰ্বে) কিতাব প্ৰদান কৰিছিলো তেওঁলোকে ইয়াৰ প্ৰতি ঈমান পোষণ কৰে। ইহঁতৰ মাজৰো কিছুমানে ইয়াৰ প্ৰতি বিশ্বাস স্থাপন কৰে। কাফিৰসকলৰ বাহিৰে আন কোনেও আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ নকৰে।

    [48] আৰু তুমিতো ইয়াৰ পূৰ্বে কোনো কিতাব পঢ়া নাছিলা আৰু নিজ হাতে কোনো কিতাবো লিখা নাই যে, বাতিল পন্থীসকলে সন্দেহ পোষণ কৰিব।

    [49] বৰং যিসকলক জ্ঞান দান কৰা হৈছে প্ৰকৃততে তেওঁলোকৰ অন্তৰত এইটো স্পষ্ট নিদৰ্শন। কেৱল যালিমসকলেই আমাৰ নিদৰ্শনসমূহ অস্বীকাৰ কৰে।

    [50] সিহঁতে আৰু কয়, ‘তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ ওচৰত নিদৰ্শন অৱতীৰ্ণ নহয় কিয়’? কোৱা, ‘নিদৰ্শনসমূহ হৈছে কেৱল আল্লাহৰ ওচৰত। মই কেৱল এজন স্পষ্ট সতৰ্ককাৰীহে মাত্ৰ’।

    [51] এইটো সিহঁতৰ বাবে যথেষ্ট নহয়নে যে, আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছো, যিটো সিহঁতৰ ওচৰত পাঠ কৰা হয়। নিশ্চয় ইয়াত অনুগ্ৰহ আৰু উপদেশ আছে সেই সম্প্ৰদায়ৰ বাবে, যিসকলে ঈমান পোষণ কৰে।

    [52] কোৱা, ‘মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে আল্লাহেই যথেষ্ট। আকাশসমূহ আৰু পৃথিৱীত যি আছে সেয়া তেওঁ জানে। যিসকলে বাতিলক বিশ্বাস কৰে আৰু আল্লাহৰ লগত কুফৰী কৰে, সিহঁতেই ক্ষতিগ্ৰস্ত’।

    [53] আৰু সিহঁতে তোমাক শাস্তি ত্বৰান্বিত কৰিবলৈ কয়। যদি সময় নিৰ্ধাৰিত নাথাকিলেহেঁতেন তেন্তে অৱশ্যে শাস্তি সিহঁতৰ ওপৰত আহি পৰিলেহেঁতেন। আৰু নিশ্চয় সিহঁতৰ ওপৰত শাস্তি আহিব আকস্মিকভাৱে, অথচ সিহতে উপলব্ধিও কৰিব নোৱাৰিব।

    [54] সিহঁতে তোমাক শাস্তি ত্বৰান্বিত কৰিবলৈ কয়। নিশ্চয় জাহান্নাম কাফিৰসকলক পৰিবেষ্টন কৰিব।

    [55] সেইদিনা শাস্তিয়ে সিহঁতক সিহঁতৰ ওপৰৰ পৰা আৰু তলৰ পৰা আচ্ছন্ন কৰিব, আৰু তেওঁ ক’ব, ‘তোমালোকে যি কৰিছিলা তাৰ ফলত তোমালোকে স্বাদ লোৱা’।

    [56] হে মোৰ মুমিন বান্দাসকল! নিশ্চয় মোৰ পৃথিৱী প্ৰশস্ত, এতেকে তোমালোকে কেৱল মোৰেই ইবাদত কৰা।

    [57] প্ৰতিটো জীৱই মৃত্যুৰ সোৱাদ গ্ৰহণ কৰিব, তাৰ পিছত তোমালোক আমাৰ ওচৰতেই প্ৰত্যাৱৰ্তিত হ’বা।

    [58] আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে অৱশ্যে আমি তেওঁলোকৰ বসবাসৰ বাবে জান্নাতত সুউচ্চ প্ৰসাদ দান কৰিম, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক স্থায়ী হ’ব, আমলকাৰী সকলৰ বাবে এয়া কিমান যে উত্তম প্ৰতিদান

    [59] যিসকলে ধৈৰ্য ধাৰণ কৰে আৰু নিজ প্ৰতিপালকৰ ওপৰত তাৱাক্কুল কৰে।

    [60] এনেকুৱা বহুতো জীৱ জন্তু আছে যিবোৰে নিজৰ খাদ্য সঞ্চয় নকৰে। আল্লাহেই সেইবোৰক জীৱিকা দান কৰে আৰু তোমালোককো, আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

    [61] আৰু যদি তুমি সিহঁতক সোধা, ‘আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে আৰু কোনে চন্দ্ৰ-সূৰ্যক নিয়ন্ত্ৰিত কৰিছে’? সিহঁতে অৱশ্যে ক’ব ‘আল্লাহ’। তেনেহ’লে সিহঁতক ক’লৈ উভতাই নিয়া হৈছে

    [62] আল্লাহে তেওঁৰ বান্দাসকলৰ মাজত যাৰ বাবে ইচ্ছা তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাৰ বাবে ইচ্ছা সীমিত কৰি দিয়ে। নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।

    [63] আৰু যদি তুমি সিহঁতক সোধা, ‘আকাশৰ পৰা পানী বৰ্ষণ কৰি কোনে মৃত ভূমিক সঞ্জীৱিত কৰে’? সিহঁতে অৱশ্যে ক’ব, ‘আল্লাহ’। কোৱা, ‘সকলো প্ৰশংসা আল্লাহৰেই’। কিন্তু সিহঁতৰ সৰহভাগেই এইটো অনুধাৱন নকৰে।

    [64] এই পাৰ্থিৱ জীৱন খেল-ধেমালিৰ বাহিৰে আন একো নহয়। আখিৰাতৰ জীৱনেই প্ৰকৃত জীৱন, যদি সিহঁতে জানিলেহেঁতেন

    [65] কিন্তু সিহঁতে যেতিয়া নৌযানত আৰোহণ কৰে, তেতিয়া সিহঁতে আনুগত্যত বিশুদ্ধ হৈ একনিষ্ঠভাৱে কেৱল আল্লাহকেই আহ্বান কৰে। তাৰ পিছত তেওঁ যেতিয়া সিহঁতক স্থলত আনি উদ্ধাৰ কৰে, তেতিয়া সিহঁত শ্বিৰ্কত লিপ্ত হয়

    [66] এই কাৰণে যে, যাতে আমি সিহঁতক যি প্ৰদান কৰিছো, সেয়া সিহঁতে অস্বীকাৰ কৰিব পাৰে আৰু ভোগ-বিলাসত মত্ত থাকিব পাৰে; এতেকে অতিশীঘ্ৰে সিহঁতে জানিবলৈ পাব।

    [67] সিহঁতে লক্ষ্য কৰা নাইনে যে, আমি হাৰামক নিৰাপদ কৰিছো, অথচ ইয়াৰ চাৰিওফালে যিবোৰ মানুহ আছে সিহঁতৰ ওপৰত আক্ৰমণ কৰা হয়। তথাপিও সিহঁতে বাতিলক বিশ্বাস কৰিবনে, আৰু আল্লাহৰ নিয়ামতক অস্বীকাৰ কৰিবনে

    [68] আৰু যি ব্যক্তিয়ে আল্লাহৰ ওপৰত মিছা ৰচনা কৰে অথবা তেওঁৰ তৰফৰ পৰা সত্য অহাৰ পিছতো সেয়া অস্বীকাৰ কৰে, সেইজনতকৈ অধিক যালিম আৰু কোন হ’ব পাৰে? জাহান্নামৰ মাজতেই কাফিৰসকলৰ আবাসস্থল নহয়নে বাৰু

    [69] আৰু যিসকলে আমাৰ পথত সৰ্বাত্মক প্ৰচেষ্টা চলায়, আমি তেওঁলোকক অৱশ্যে আমাৰ পথসমূহৰ হিদায়ত দান কৰিম। নিশ্চয় আল্লাহ মুহছিনসকলৰ লগত আছে।

    Surah 30
    আর-রূম

    [1] আলিফ-লাম-মীম।

    [2] ৰোমানসকল পৰাজিত হৈছে

    [3] নিকটৱৰ্তী অঞ্চলত, কিন্তু সিহঁতে সিহঁতৰ এই পৰাজয়ৰ পিছত শীঘ্ৰেই বিজয়ী হ’ব

    [4] কিছু বছৰৰ ভিতৰতেই। আগৰ আৰু পিছৰ সকলো ফয়চালা আল্লাহৰেই; আৰু সেইদিনা মুমিনসকল আনন্দিত হ’ব

    [5] আল্লাহৰ সহায়ত। তেওঁ যাক ইচ্ছা সহায় কৰে আৰু তেৱেঁই প্ৰবলপৰাক্ৰমী, পৰম দয়ালু।

    [6] এইটো আল্লাহৰেই প্ৰতিশ্ৰুতি, আল্লাহে তেওঁৰ প্ৰতিশ্ৰুতিৰ ব্যতিক্ৰম নকৰে, কিন্তু অধিকাংশ মানুহেই নাজানে।

    [7] সিহঁতে পাৰ্থিৱ জীৱনৰ বাহ্য দিশ সম্পৰ্কে অৱগত, আৰু সিহঁত আখিৰাত সম্বন্ধে উদাসীন।

    [8] সিহঁতে নিজৰ অন্তৰত ভাবি নাচায় নেকি? আল্লাহে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত থকা সকলো বস্তু সৃষ্টি কৰিছে যথাযথভাৱে আৰু এটা নিৰ্দিষ্ট সময়ৰ বাবে। কিন্তু মানুহৰ মাজত বহুতেই নিজ প্ৰতিপালকৰ সাক্ষাত সম্পৰ্কে অবিশ্বাসী।

    [9] সিহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাইনে? তেতিয়াহে সিহঁতে দেখিলেহেঁতেন যে, সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ দশা কি হৈছিল, শক্তিত সিহঁত আছিল ইহঁততকৈয়ো প্ৰবল, সিহঁতে মাটি চহাইছিল, আৰু সিহঁতে ইহঁতৰ আবাদতকৈয়ো বেছি আবাদ কৰিছিল। সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকল সুস্পষ্ট প্ৰমাণসহ আহিছিল। প্ৰকৃততে আল্লাহ এনে নহয় যে, তেওঁ সিহঁতৰ প্ৰতি অন্যায় কৰিছে বৰং সিহঁত নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।

    [10] এতেকে যিসকলে অসৎকৰ্ম কৰিছিল সিহঁতৰ পৰিণাম বেয়া হৈছিল, কাৰণ সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল আৰু সেয়া লৈ ঠাট্টা-বিদ্ৰূপ কৰিছিল।

    [11] আল্লাহেই সৃষ্টিৰ সূচনা কৰে, তাৰ পিছত তেৱেঁই ইয়াৰ পুনৰাবৃত্তি কৰিব, তাৰ পিছত তোমালোকক তেওঁৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰোৱা হ’ব।

    [12] আৰু যিদিনা কিয়ামত সংঘটিত হ’ব সেইদিনা অপৰাধীবিলাক হতাশ হৈ পৰিব।

    [13] আৰু (আল্লাহৰ লগত কৰা) সিহঁতৰ শ্বৰিকসকল সিহঁতৰ বাবে ছুপাৰিছকাৰী নহব আৰু সিহঁতে সিহঁতৰ শ্বৰিককৃত উপাস্যবোৰৰ অস্বীকাৰকাৰী হ’ব।

    [14] আৰু যিদিনা কিয়ামত সংঘটিত হ’ব সেইদিনা সিহঁত বিভক্ত হৈ পৰিব।

    [15] এতেকে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে জান্নাতত সূখ-শান্তিত থাকিব

    [16] আৰু যিসকলে কুফৰী কৰিছে লগতে আমাৰ আয়াতসমূহ আৰু আখিৰাতৰ সাক্ষাতক অস্বীকাৰ কৰিছে, পৰিণামত সিহঁতক শাস্তিৰ মাজত উপস্থিত কৰা হ’ব।

    [17] এতেকে তোমালোকে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা, যেতিয়া তোমালোকে সন্ধাত উপনীত হোৱা আৰু পোৱা সজাগ হোৱা

    [18] আবেলি আৰু যেতিয়া তোমালোকে দুপুৰীয়াত উপনীত হোৱা। তেওঁৰ বাবেই সকলো প্ৰশংসা আকাশসমূহত আৰু পৃথিৱীত।

    [19] তেৱেঁই নিৰ্জীৱৰ পৰা সজীৱ উলিয়াই আনে আৰু তেৱেঁই জীৱিতৰ পৰা মৃতক উলিয়াই আনে। আৰু তেৱেঁই ভূমিক তাৰ মৃত্যুৰ পিছত আকৌ পুনৰ্জীৱিত কৰে। এইদৰেই তোমালোককো উলিয়াই আনা হ’ব।

    [20] আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে যে, তেওঁ তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে, তাৰ পিছত তোমালোকে এতিয়া মানুহ হৈ সৰ্বত্ৰ সিচৰিত হৈ পৰিছা।

    [21] আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে যে, তেৱেঁই তোমালোকৰ বাবে তোমালোকৰ মাজৰ পৰা তোমালোকৰ যোৰা সৃষ্টি কৰিছে, যাতে তোমালোকে সিহঁতৰ পৰা প্ৰশান্তি লাভ কৰা আৰু তেৱেঁই তোমালোকৰ মাজত পাৰস্পৰিক প্ৰেম আৰু স্নেহ সৃষ্টি কৰিছে। নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন সেই সম্প্ৰদায়ৰ বাবে যিসকলে গৱেষণা কৰে।

    [22] আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি লগতে তোমালোকৰ ভাষা আৰু বৰ্ণৰ বৈচিত্ৰতা। নিশ্চয় ইয়াত জ্ঞানীসকলৰ বাবে আছে বহুতো নিদৰ্শন।

    [23] আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে ৰাতি আৰু দিনত তোমালোকৰ নিদ্ৰা, লগতে তেওঁৰ অনুগ্ৰহৰ পৰা তোমালোকৰ (জীৱিকা) অন্বেষণ। নিশ্চয় ইয়াৰ মাজত আছে বহুতো নিদৰ্শন সেই সম্প্ৰদায়ৰ বাবে যিসকলে শুনা পায়।

    [24] আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে যে, তেৱেঁই তোমালোকক ভয় আৰু আশাৰ সঞ্চাৰকৰূপে বিদ্যুত দেখুৱায়, আৰু আকাশৰ পৰা পানী বৰ্ষায় আৰু তাৰ দ্বাৰা তেওঁ মৃত ভূমিক পুনৰ্জীৱিত কৰে। নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে সেই সম্প্ৰদায়ৰ বাবে যিসকলে অনুধাৱন কৰে।

    [25] তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আৰু আছে যে, তেওঁৰ আদেশতেই আকাশ আৰু পৃথিৱী স্থিতিশীল হৈ থাকে, তাৰ পিছত আল্লাহে যেতিয়া তোমালোকক মাটিৰ পৰা উঠাৰ বাবে এবাৰ আহ্বান কৰিব তেতিয়া তোমালোকে ওলাই আহিবা।

    [26] আকাশসমূহ আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। সকলো তেওঁৰেই অনুগত।

    [27] তেৱেঁই সৃষ্টিৰ সূচনা কৰে, তাৰ পিছত তেৱেঁই ইয়াৰ পুনৰাবৃত্তি কৰিব; আৰু এইটো তেওঁৰ বাবে অতি সহজ। আকাশসমূহ আৰু পৃথিৱীত সৰ্বোচ্চ গুণাগুণ তেওঁৰেই; আৰু তেৱেঁই পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    [28] আল্লাহে তোমালোকৰ বাবে তোমালোকৰ মাজৰ পৰাই এটা উপমা দাঙি ধৰিছে, (কোৱাচোন) আমি তোমালোকক যি জীৱিকা দান কৰিছো, তাত তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীসকলৰ কোনোবাই অংশীদাৰ নে? ফলত তোমালোকে এই বিষয়ত সমান নেকি? তোমালোকে সিহঁতক সেইদৰে ভয় কৰা নেকি যিদৰে তোমালোকে পৰস্পৰে পৰস্পৰক ভয় কৰা? এইদৰেই আমি নিদৰ্শনাৱলী বিস্তাৰিত বৰ্ণনা কৰো সেই সম্প্ৰদায়ৰ বাবে, যিসকলে অনুধাৱন কৰে।

    [29] বৰং যালিমসকলে অজ্ঞতাবশত সিহঁতৰ নিজ কামনা-বাসনাৰ অনুসৰণ কৰে, এতেকে আল্লাহে যাক পথভ্ৰষ্ট কৰে, তাক হিদায়ত দিবলৈনো কোন আছে? আৰু সিহঁতৰ কোনো সহায়কাৰীও নাই।

    [30] এতেকে তুমি একনিষ্ঠ হৈ নিজ মুখমণ্ডলক দ্বীনত প্ৰতিষ্ঠিত ৰখা। আল্লাহৰ ফিতৰত (স্বাভাৱিক ৰীতি বা দ্বীন ইছলাম), যাৰ ওপৰত (চলাৰ উপযুক্ত কৰি) তেওঁ মানুহক সৃষ্টি কৰিছে; আল্লাহৰ সৃষ্টিৰ কোনো পৰিবৰ্তন নাই। এইটোৱেই সুপ্ৰতিষ্ঠিত দ্বীন; কিন্তু অধিকাংশ মানুহেই সেয়া নাজানে।

    [31] তোমালোকে বিশুদ্ধ চিত্তে তেওঁৰেই অভিমুখী হোৱা আৰু কেৱল তেওঁৰেই তাক্বৱা অৱলম্বন কৰা আৰু ছালাত কায়েম কৰা; আৰু মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহ’বা।

    [32] যিসকলে নিজৰ দ্বীনক বিভক্ত কৰিছে আৰু বিভিন্ন দলত পৰিণত হৈছে (সিহঁতৰ অন্তৰ্ভুক্ত নহ'বা)। প্ৰত্যেক দলেই সিহঁতৰ ওচৰত যি আছে সেইটো লৈয়ে উৎফুল্লিত।

    [33] আৰু মানুহক যেতিয়া দুঃখ-দৈন্যই স্পৰ্শ কৰে তেতিয়া সিহঁতে নিজ প্ৰতিপালকৰ পিনে বিনীতভাৱে উভতি আহি কেৱল তেওঁকেই আহ্বান কৰে। তাৰ পিছত যেতিয়া তেওঁ সিহঁতক নিজ অনুগ্ৰহৰ সোৱাদ লবলৈ দিয়ে, তেতিয়া সিহঁতৰ এটা দলে নিজ প্ৰতিপালকৰ লগত শ্বিৰ্ক কৰে

    [34] ফলত আমি সিহঁতক যি প্ৰদান কৰিছো, তাৰ প্ৰতি সিহঁতে অকৃতজ্ঞ হয়। এতেকে তোমালোকে ভোগ কৰি লোৱা, অতি শীঘ্ৰেই তোমালোকে জানিব পাৰিবা (ইয়াৰ পৰিণাম)

    [35] আমি সিহঁতৰ ওচৰত এনেকুৱা কোনো প্ৰমাণ অৱতীৰ্ণ কৰিছো নেকি, যিটোৱে সিহঁতক শ্বিৰ্ক কৰিবলৈ অনুমতি দিয়ে

    [36] আৰু যেতিয়া আমি মানুহক ৰহমতৰ সোৱাদ লবলৈ দিওঁ তেতিয়া সিহঁতে সেইটো লৈ উৎফুল্লিত হয় আৰু যদি সিহঁতৰ কৃতকৰ্মৰ বাবে কোনো অনিষ্ট সাধন হয় তেতিয়া সিহঁত নিৰাশ হৈ পৰে।

    [37] সিহঁতে লক্ষ্য কৰা নাইনে যে, আল্লাহে যাক ইচ্ছা তাৰ বাবে জীৱিকা প্ৰশস্ত কৰি দিয়ে আৰু সংকুচিত কৰি দিয়ে? নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে সেই সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।

    [38] এতেকে আত্মীয়-স্বজনক সিহঁতৰ প্ৰাপ্য প্ৰদান কৰা লগতে মিছকীন আৰু মুছাফিৰসকলোকো। যিসকলে আল্লাহৰ সন্তুষ্টি কামনা কৰে তেওঁলোকৰ বাবে এইটো অতি উত্তম আৰু তেওঁলোকেই হৈছে সাফল্যমণ্ডিত।

    [39] আৰু মানুহৰ সম্পদ বৃদ্ধি পাব বুলি তোমালোকে যি সুত দিয়া, আল্লাহৰ দৃষ্টিত কিন্তু সেয়া ধন-সম্পদ বৃদ্ধি নকৰে। আনহাতে আল্লাহৰ সন্তুষ্টি লাভৰ বাবে তোমালোকে যি যাকাত প্ৰদান কৰা (সেইটোৱেহে সম্পদ বৃদ্ধি কৰে) এতেকে তেওঁলোকেহে প্ৰকৃত সমৃদ্ধশালী।

    [40] আল্লাহেই সেই সত্তা যিজনে তোমালোকক সৃষ্টি কৰিছে তাৰ পিছত তোমালোকক জীৱিকা দান কৰিছে। তেৱেঁই তোমালোকৰ মৃত্যু ঘটাব তাৰ পিছত তেৱেঁই আকৌ তোমালোকক জীৱিত কৰিব। তোমালোকে অংশী কৰা বিলাকৰ মাজত এনেকুৱা কোনোবা আছে নেকি যিজনে এইবোৰৰ কিবা এটা কৰিব পাৰে? সিহঁতে যিবোৰ অংশী কৰে তেওঁ সেইবোৰৰ পৰা পৱিত্ৰ মহিমাময় আৰু অতি উৰ্দ্ধত।

    [41] মানুহৰেই কৃতকৰ্মৰ ফলত স্থলত আৰু সাগৰত বিপৰ্যয়ে দেখা দিছে; ফলত তেওঁ সিহঁতক সিহঁতৰে কিছুমান কামৰ শাস্তি আস্বাদন কৰায়, যাতে সিহঁতে উভতি আহে।

    [42] কোৱা, ‘তোমালোকে পৃথিৱীত ভ্ৰমণ কৰা আৰু চোৱা পূৰ্বৱৰ্তীসকলৰ পৰিণাম কি হৈছিল!’ সিহঁতৰ অধিকাংশই আছিল মুশ্বৰিক।

    [43] এতেকে তুমি সৰল-সঠিক দ্বীনত নিজকে প্ৰতিষ্ঠিত ৰখা, আল্লাহৰ তৰফৰ পৰা সেই দিন অহাৰ পূৰ্বেই, যিটো দিন অনিবাৰ্য। সেই দিনা মানুহ বিভক্ত হৈ পৰিব।

    [44] যিয়ে কুফৰী কৰে, কুফৰীৰ শাস্তি তাৰেই প্ৰাপ্য; আৰু যিসকলে সৎকৰ্ম কৰে তেওঁলোকে নিজৰ বাবেই ৰচনা কৰে সুখ-শয্যা।

    [45] যাতে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক নিজ অনুগ্ৰহেৰে পুৰষ্কৃত কৰিব পাৰে। নিশ্চয় তেওঁ কাফিৰসকলক পছন্দ নকৰে।

    [46] আৰু তেওঁৰ নিদৰ্শনসমূহৰ মাজত আছে যে, তেৱেঁই বতাহ প্ৰেৰণ কৰে (বৰষুণৰ) সুসংবাদ দিয়াৰ বাবে আৰু তোমালোকক তেওঁৰ কিছুমান ৰহমত আস্বাদন কৰোৱাৰ বাবে, যাতে তেওঁৰ নিৰ্দেশত নৌযানসমূহ বিচৰণ কৰে আৰু যাতে তোমালোকে তেওঁৰ অনুগ্ৰহৰ কিছু সন্ধান কৰিব পাৰা, আৰু যাতে তোমালোকে কৃতজ্ঞ হোৱা।

    [47] আৰু অৱশ্যে আমি তোমাৰ পূৰ্বে ৰাছুলসকলক তেওঁলোকৰ নিজ নিজ সম্প্ৰদায়ৰ ওচৰত প্ৰেৰণ কৰিছিলো। এতেকে তেওঁলোকে সিহঁতৰ ওচৰত সুস্পষ্ট প্ৰমাণাদি লৈ আহিছিল, ফলত আমি অপৰাধী বিলাকৰ পৰা প্ৰতিশোধ লৈছিলো। আমাৰ দায়িত্ব কেৱল মুমিনসকলক সহায় কৰা।

    [48] আল্লাহেই সেই সত্তা যিজনে বতাহ প্ৰেৰণ কৰে, ফলত ই মেঘমালাক সঞ্চালিত কৰে, তাৰ পিছত তেওঁ ইয়াক যেনে ইচ্ছা আকাশত প্ৰসাৰিত কৰি দিয়ে, আৰু ইয়াক খণ্ড-বিখণ্ড কৰি দিয়ে, ফলত তুমি দেখিবলৈ পোৱা তাৰ মাজৰ পৰা ওলাই আহে বৰষুণৰ টোপাল, তাৰ পিছত যেতিয়া তেওঁ ইয়াক তেওঁৰ বান্দাসকলৰ মাজত যিসকলৰ ওচৰত ইচ্ছা পৌঁচাই দিয়ে তেতিয়া সিহঁত আনন্দিত হয়

    [49] যদিও ইতিপূৰ্বে সিহঁতৰ প্ৰতি বৰষুণ অহাৰ আগত সিহঁত আছিল একান্ত নিৰাশ।

    [50] এতেকে তুমি আল্লাহৰ অনুগ্ৰহৰ ফল সম্পৰ্কে চিন্তা কৰা, কিদৰে তেওঁ মৃত ভূমিক পুনৰ্জীৱিত কৰে। নিশ্চয় এইদৰেই আল্লাহে মৃতক জীৱিত কৰিব, আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

    [51] আৰু যদি আমি এনেকুৱা বতাহ প্ৰেৰণ কৰো যাৰ ফলত সিহঁতে দেখিবলৈ পায় যে, শস্য হালধীয়া বৰ্ণ ধাৰণ কৰিছে, তেতিয়া সিহঁত অকৃতজ্ঞ হৈ পৰে।

    [52] এতেকে নিশ্চয় তুমি মৃতক শুনাব নোৱাৰিবা, বধিৰোকো আহ্বান শুনাব নোৱাৰিবা, যেতিয়া সিহঁত পৃষ্ঠপ্ৰদৰ্শন কৰি গুচি যায়।

    [53] আৰু তুমি অন্ধবিলাককো সিহঁতৰ পথভ্ৰষ্টতাৰ পৰা হিদায়তত আনিব নোৱাৰিবা। যিসকলে আমাৰ আয়াতসমূহত ঈমান পোষণ কৰে কেৱল তেওঁলোককেই তুমি শুনাব পাৰিবা; কাৰণ তেওঁলোক আত্মসমৰ্পণকাৰী।

    [54] আল্লাহেই সেই সত্তা যিজনে তোমালোকক সৃষ্টি কৰে দুৰ্বল বস্তুৰ পৰা, আৰু তেৱেঁই দুৰ্বলতাৰ পিছত শক্তি দান কৰে; শক্তিৰ পিছত আকৌ দুৰ্বলতা আৰু বাৰ্ধক্য দিয়ে। তেওঁ যি ইচ্ছা সেইটোৱে সৃষ্টি কৰে আৰু তেৱেঁই সৰ্বজ্ঞ, সৰ্বক্ষম।

    [55] আৰু যিদিনা কিয়ামত সংঘটিত হব সেইদিনা অপৰাধী বিলাকে শপত খাই কব যে, সিহঁতে এটা মুহূৰ্তৰ বেছি সময় অৱস্থান কৰা নাছিল। এইদৰেই সিহঁতে পথভ্ৰষ্ট হৈছিল।

    [56] আৰু যিসকলক জ্ঞান আৰু ঈমান দিয়া হৈছে তেওঁলোকে ক’ব, ‘অৱশ্যে তোমালোকে আল্লাহৰ লিখা অনুযায়ী পুনৰুত্থানৰ দিন লৈকে অৱস্থান কৰিছা। এতেকে এইটোৱেই পুনৰুত্থানৰ দিন কিন্তু তোমালোকে জনা নাছিলা’।

    [57] এতেকে যিসকলে যুলুম কৰিছে সেইদিনা সিহঁতৰ ওজৰ-আপত্তি সিহঁতৰ কোনো কামত নাহিব আৰু সিহঁতক তিৰষ্কৃত হোৱাৰ (মাধ্যমত আল্লাহৰ সন্তুষ্টি লাভৰ) সুযোগো দিয়া নহ’ব।

    [58] আৰু অৱশ্যে আমি এই কোৰআনত মানুহৰ বাবে সকলো ধৰণৰ দৃষ্টান্ত দাঙি ধৰিছো। তুমি যদি সিহঁতৰ ওচৰত কোনো নিদৰ্শন উপস্থিত কৰা, তেন্তে যিসকলে কুফৰী কৰিছে সিহঁতে অৱশ্যে ক’ব, ‘তোমালোক হৈছা বাতিলপন্থী’।

    [59] এইদৰেই আল্লাহে মোহৰ মাৰি দিয়ে সিহঁতৰ অন্তৰত যিসকলে নাজানে।

    [60] এতেকে তুমি ধৈৰ্য ধাৰণ কৰা, নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। আৰু যিসকলে দৃঢ় বিশ্বাসী নহয় সিহঁতে যেন তোমাক বিচলিত কৰিব নোৱাৰে।

    Surah 31
    লুকমান

    [1] আলিফ-লাম-মীম।

    [2] এইবোৰ প্ৰজ্ঞাপূৰ্ণ কিতাবৰ আয়াত

    [3] সৎকৰ্মশীল সকলৰ বাবে হিদায়ত আৰু ৰহমতস্বৰূপ

    [4] যিসকলে ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে তেওঁলোকেই আখিৰাতৰ প্ৰতি দৃঢ় বিশ্বাস পোষণ কৰে

    [5] তেওঁলোকেই নিজ প্ৰতিপালকৰ তৰফৰ পৰা হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত আৰু তেওঁলোকেই সফলকাম।

    [6] আৰু মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে যিসকলে আল্লাহৰ পথত বাধা দিয়াৰ বাবে অসাৰ বাক্য কিনি লয়, বিনা জ্ঞানে আৰু আল্লাহে দেখুৱা পথক ঠাট্টা-বিদ্ৰূপ কৰে। সিহঁতৰ বাবেই আছে অৱমাননাকৰ শাস্তি।

    [7] আৰু যেতিয়া তাৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱত কৰা হয় তেতিয়া সি অহংকাৰত মুখ ঘূৰাই নিয়ে যেনিবা সি এইটো শুনাই পোৱা নাই, যেনিবা তাৰ দুয়ো কাণ বধিৰ; এতেকে তাক যন্ত্ৰণাদায়ক শাস্তিৰ সংবাদ দিয়া।

    [8] নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে নিয়ামতপূৰ্ণ জান্নাত

    [9] তাত তেওঁলোক স্থায়ী হ’ব। আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। আৰু তেওঁ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    [10] তেৱেঁই আকাশসমূহ নিৰ্মাণ কৰিছে খুটাবিহীন, যিটো তোমালোকে দেখি আছা, তেৱেঁই পৃথিৱীত স্থাপন কৰিছে সুদৃঢ় পৰ্বতমালা যাতে পৃথিৱীয়ে তোমালোকক লৈ ঢলি নপৰে লগতে ইয়াত সিচৰিত কৰি দিছে সকলো ধৰণৰ জীৱ-জন্তু। আমিয়েই আকাশৰ পৰা পানী বৰ্ষণ কৰো তাৰ পিছত ইয়াত উৎপন্ন কৰো নানা প্ৰকাৰৰ কল্যাণকৰ উদ্ভিদ।

    [11] এইটো আল্লাহৰ সৃষ্টি। এতেকে তেওঁৰ বাহিৰে আনে কি সৃষ্টি কৰিছে মোক দেখুৱাচোন? বৰং যালিমসকল আছে স্পষ্ট বিভ্ৰান্তিত।

    [12] আৰু অৱশ্যে আমি লুক্বমানক হিকমত দান কৰিছিলো আৰু কৈছিলো যে, আল্লাহৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা। আৰু যিয়ে কৃতজ্ঞতা প্ৰকাশ কৰে সি নিজৰ কল্যাণৰ বাবেই কৃতজ্ঞতা প্ৰকাশ কৰে আৰু যদি কোনোবাই অকৃতজ্ঞ হয় তেন্তে নিশ্চয় আল্লাহ অভাৱমুক্ত, চিৰ প্ৰশংসিত।

    [13] আৰু স্মৰণ কৰা, যেতিয়া লুক্বমানে তেওঁৰ পুত্ৰক উপদেশ দি কৈছিল, ‘হে মোৰ পুত্ৰ! আল্লাহৰ লগত শ্বিৰ্ক নকৰিবা। নিশ্চয় শ্বিৰ্ক মহা অন্যায়’।

    [14] আৰু আমি মানুহক তাৰ পিতৃ-মাতৃৰ প্ৰতি সদাচৰণৰ নিৰ্দেশ দিছো। তাৰ মাকে তাক কষ্টৰ পিছত কষ্ট সহ্য কৰি গৰ্ভত ধাৰণ কৰিছে, আৰু তাৰ পিয়াহ এৰোৱাৰ সময় হৈছে দুবছৰ। এতেকে মোৰ প্ৰতি আৰু তোমাৰ পিতৃ-মাতৃৰ প্ৰতি কৃতজ্ঞ হোৱা। প্ৰত্যাৱৰ্তন কেৱল মোৰ ওচৰতেই।

    [15] আৰু যদি তোমাৰ পিতৃ-মাতৃয়ে তোমাক মোৰ লগত শ্বিৰ্ক কৰিবলৈ হেঁচা দিয়ে যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই, তেন্তে তুমি সিহঁতৰ কথা নামানিবা আৰু পৃথিৱীত সিহঁতৰ লগত বসবাস কৰিবা সদ্ভাৱে। তুমি তাৰ পথ অৱলম্বন কৰা যিয়ে মোৰ অভিমুখী হৈছে। তাৰ পিছত তোমালোকৰ প্ৰত্যাৱৰ্তন মোৰ ওচৰতেই, তেতিয়া মই তোমালোকক সেই বিষয়ে অৱহিত কৰিম যিবোৰ তোমালোকে কৰিছিলা।

    [16] ‘হে মোৰ পুত্ৰ! নিশ্চয় সেয়া (পাপ-পূণ্য) যদি সৰিয়হৰ বীজৰ সমানো হয়, আৰু ই যদি থাকে শিলাগৰ্ভত অথবা আকাশসমূহত নাইবা পৃথিৱীত, আল্লাহে সেইটোকো উপস্থিত কৰিব। নিশ্চয় আল্লাহ সূক্ষ্মদৰ্শী, সম্যক অৱহিত।

    [17] ‘হে মোৰ পুত্ৰ! ছালাত কায়েম কৰা, সৎকৰ্মৰ আদেশ কৰা আৰু অসৎকৰ্ম নিষেধ কৰা, লগতে তোমাৰ ওপৰত যি (বিপদ) আপতিত হয় তাৰ ওপৰত ধৈৰ্য ধাৰণ কৰা। নিশ্চয় এইটো অন্যতম দৃঢ় সংকল্পৰ কাম।

    [18] আৰু তুমি মানুহৰ প্ৰতি অৱজ্ঞা কৰি তোমাৰ গাল বেকা নকৰিবা আৰু পৃথিৱীত ফিতাহি মাৰি নুফুৰিবা; নিশ্চয় আল্লাহে কোনো উদ্ধত, অহংকাৰীক পছন্দ নকৰে।

    [19] আৰু তুমি তোমাৰ চলা-ফুৰাৰ ক্ষেত্ৰত মধ্যপন্থা অৱলম্বন কৰা আৰু তোমাৰ কণ্ঠস্বৰ অৱনত কৰা, নিশ্চয় মাতৰ ভিতৰত আটাইতকৈ অপ্ৰীতিকৰ মাত হৈছে গাধৰ মাত।

    [20] তোমালোকে লক্ষ্য কৰা নাইনে? নিশ্চয় আকাশসমূহ আৰু পৃথিৱীত যি আছে সকলোবোৰকেই আল্লাহে তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে আৰু তোমালোকৰ প্ৰতি তেওঁৰ প্ৰকাশ্য আৰু অপ্ৰকাশ্য অনুগ্ৰহ সম্পূৰ্ণ কৰিছে; আৰু মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে যিসকলে কোনো জ্ঞান, কোনো পথনিৰ্দেশ অথবা কোনো দীপ্তিমান পুথিবিহীন আল্লাহ সম্পৰ্কে বিতণ্ডা কৰে।

    [21] আৰু সিহঁতক যেতিয়া কোৱা হয় যে, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে তোমালোকে সেয়া অনুসৰণ কৰা’। সিহঁতে কয়, ‘বৰং আমি আমাৰ পিতৃপুৰুষ সকলক যিটোৰ ওপৰত পাইছো সেইটোৰেই অনুসৰণ কৰিম’। চয়তানে যদি সিহঁতক জ্বলন্ত জুইৰ পিনে আহ্বান কৰে তথাপিও, (সিহঁতে পিতৃপুৰুষ সকলৰ অনুসৰণ কৰিবনে)

    [22] আৰু যিয়ে একনিষ্ঠ আৰু বিশুদ্ধচিত্তে আল্লাহৰ ওচৰত নিজকে সমৰ্পন কৰে, তেওঁ নিশ্চিতভাৱে এডাল মজবুত ৰছী ধাৰণ কৰে; আৰু যাৱতীয় কৰ্মৰ পৰিণাম আল্লাহৰেই ওচৰত।

    [23] আৰু কোনোবাই কুফৰী কৰিলে, তাৰ কুফৰীয়ে যেন তোমাক চিন্তিত নকৰে। আমাৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন। এতেকে আমি সিহঁতক অৱহিত কৰিম সিহঁতে যি কৰিছিল। নিশ্চয় অন্তৰসমূহত যি আছে সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত।

    [24] আমি সিহঁতক অলপ সময় ভোগ কৰিবলৈ দিম। তাৰ পিছত আমি সিহঁতক কঠিন শাস্তি ভোগ কৰিবলৈ বাধ্য কৰাম।

    [25] আৰু যদি তুমি সিহঁতক সোধা, ‘আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে’? সিহঁতে অৱশ্যে ক’ব ‘আল্লাহে’। কোৱা, ‘সকলো ধৰণৰ প্ৰশংসা আল্লাহৰেই’। কিন্তু সিহঁতৰ অধিকাংশই নাজানে।

    [26] আকাশসমূহ আৰু পৃথিৱীত যি আছে সেয়া আল্লাহৰেই; নিশ্চয় আল্লাহ, তেৱেঁই অভাৱমুক্ত, চিৰপ্ৰশংসিত।

    [27] আৰু পৃথিৱীৰ সকলো গছ যদি কলম হয় আৰু সাগৰ, তাৰ পিছত আৰু সাতোটা সাগৰ চিয়াহী হয়, তথাপিও আল্লাহৰ বাণী শেষ নহ’ব। নিশ্চয় আল্লাহ মহা পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    [28] তোমালোক সকলোৰে সৃষ্টি আৰু পুনৰুত্থান কেৱল এটা প্ৰাণীৰ সৃষ্টি আৰু পুনৰুত্থানৰ দৰে। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সম্যক দ্ৰষ্টা।

    [29] তুমি দেখা নাইনে, নিশ্চয় আল্লাহেই ৰাতিক দিনৰ মাজত প্ৰৱেশ কৰায় আৰু দিনক ৰাতিৰ মাজত প্ৰৱেশ কৰায়? তেৱেঁই চন্দ্ৰ-সূৰ্যক তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে, প্ৰত্যেকেই বিচৰণ কৰে এটা নিৰ্দিষ্ট সময় লৈকে। নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱহিত।

    [30] এইবোৰেই প্ৰমাণ কৰে যে, নিশ্চয় আল্লাহ, তেৱেঁই সত্য আৰু সিহঁতে তেওঁৰ বাহিৰে যিবোৰক আহ্বান কৰে সেইবোৰ হৈছে বাতিল। নিশ্চয় আল্লাহ, তেৱেঁই হৈছে সৰ্বোচ্চ, সুমহান।

    [31] তুমি লক্ষ্য কৰা নাইনে যে, আল্লাহৰ অনুগ্ৰহতেই নৌযানসমূহ সাগৰত বিচৰণ কৰে, যাতে তেওঁ তেওঁৰ কিছু নিদৰ্শন তোমালোকক দেখুৱাব পাৰে? নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে, প্ৰত্যেক ধৈৰ্যশীল কৃতজ্ঞ ব্যক্তিৰ বাবে।

    [32] আৰু যেতিয়া ঢৌৱে সিহঁতক ছাঁৰ দৰে আচ্ছন্ন কৰে, তেতিয়া সিহঁতে একনিষ্ঠ অৱস্থাত আনুগত্যৰ সৈতে কেৱল আল্লাহকেই আহ্বান কৰে। তাৰ পিছত যেতিয়া তেওঁ সিহঁতক উদ্ধাৰ কৰি স্থলত পৌঁচাই দিয়ে তেতিয়া সিহঁতৰ কিছুমানে মধ্যম পন্থা অৱলম্বন কৰে। আৰু কেৱল বিশ্বাসঘাতক, কাফিৰ ব্যক্তিয়েই আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰে।

    [33] হে মানৱ! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা আৰু ভয় কৰা সেই দিনটোক, যিদিনা কোনো পিতৃয়ে তাৰ সন্তানৰ ফালৰ পৰা একো আদায় নকৰিব, এইদৰেই কোনো সন্তানেও তাৰ পিতৃৰ ফালৰ পৰা একো আদায় নকৰিব। নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য, এতেকে পাৰ্থিৱ জীৱনে যেন তোমালোকক কেতিয়াও প্ৰতাৰিত কৰিব নোৱাৰে আৰু সেই প্ৰবঞ্চকেও যেন তোমালোকক কেতিয়াও আল্লাহ সম্পৰ্কে প্ৰবঞ্চিত কৰিব নোৱাৰে।

    [34] নিশ্চয় আল্লাহ, তেওঁৰ ওচৰতেই আছে কিয়ামতৰ সঠিক জ্ঞান, তেৱেঁই বৰষুণ অৱতীৰ্ণ কৰে আৰু তেৱেঁই জানে মাতৃগৰ্ভত যি আছে। কোনোৱেই নাজানে অহা কালি সি কি উপাৰ্জন কৰিব আৰু কোনোৱেই নাজানে কোন ঠাইত তাৰ মৃত্যু ঘটিব। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত।

    Surah 32
    আস-সাজদাহ

    [1] আলিফ-লাম-মীম।

    [2] এই কিতাব সৃষ্টিজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ, ইয়াত কোনো সন্দেহ নাই।

    [3] অথবা সিহঁতে এই কথা কয় নেকি যে, ‘এইটো তেওঁ নিজেই ৰচনা কৰিছে’? নহয়, বৰং এয়া তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অহা সত্য, যাতে তুমি এনেকুৱা এটা সম্প্ৰদায়ক সতৰ্ক কৰিব পাৰা, যিসকলৰ ওচৰত তোমাৰ পূৰ্বে আন কোনো সতৰ্ককাৰী অহা নাই, সম্ভৱত সিহঁতে হিদায়ত লাভ কৰিব।

    [4] আল্লাহেই সেই সত্তা, যিজনে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মধ্যৱৰ্তী সকলো বস্তু কেৱল ছয় দিনত সৃষ্টি কৰিছে। তাৰ পিছত তেওঁ আৰছৰ ওপৰত উঠিছে। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱক নাই আৰু কোনো মধ্যস্ততাকাৰীও নাই, তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবা নে

    [5] তেৱেঁই আকাশৰ পৰা পৃথিৱী লৈকে সকলো বিষয় পৰিচালনা কৰে, তাৰ পিছত সেয়া এদিন তেওঁৰ ওচৰলৈকে উঠিব, যাৰ পৰিমাণ হ’ব তোমালোকৰ গণনা অনুসাৰে এহেজাৰ বছৰ।

    [6] তেওঁ গায়েব আৰু উপস্থিত (যাৱতীয় বিষয়ৰ) জ্ঞানী, প্ৰবল পৰাক্ৰমশালী, পৰম দয়ালু।

    [7] যিজনে তেওঁৰ প্ৰত্যেকটো সৃষ্টিক সৃজন কৰিছে উত্তমৰূপে আৰু বোকা মাটিৰ পৰা মানৱ সৃষ্টিৰ সূচনা কৰিছে।

    [8] তাৰ পিছত তেৱেঁই মানুহৰ বংশ উৎপন্ন কৰিছে তুচ্ছ তৰল পদাৰ্থৰ উপাদানৰ পৰা।

    [9] তাৰ পিছত তেৱেঁই তাক সুঠাম কৰিছে আৰু তাত তেওঁৰ ৰূহ ফুঁৱাই দিছে। তেৱেঁই তোমালোকৰ বাবে কাণ, চকু আৰু অন্তঃকৰণ সৃষ্টি কৰিছে। তোমালোকে খুবেই কম কৃতজ্ঞতা প্ৰকাশ কৰা।

    [10] আৰু সিহঁতে কয়, ‘আমি যেতিয়া মাটিত মিহলি যাম তাৰ পিছতো আমি নতুন সৃষ্টিৰূপে উত্থিত হমনে’? বৰং সিহঁতে নিজ প্ৰতিপালকৰ সাক্ষাতক অস্বীকাৰ কৰে।

    [11] কোৱা, ‘তোমালোকৰ বাবেই নিয়োগ কৰা হৈছে মৃত্যুৰ ফিৰিস্তা তেৱেঁই তোমালোকৰ প্ৰাণ হৰণ কৰিব। তাৰ পিছত তোমালোকৰ প্ৰতিপালকৰ ওচৰতেই তোমালোকক উভতাই নিয়া হ’ব’।

    [12] আৰু তুমি যদি দেখিলাহেঁতেন! যেতিয়া অপৰাধী বিলাকে মূৰ অৱনত কৰি ক’ব, ‘হে আমাৰ ৰব! আমি দেখিলো আৰু শুনিলো, এতেকে তুমি আমাক পুনৰ পঠাই দিয়া, আমি সৎকৰ্ম কৰিম, নিশ্চয় আমি দৃঢ় বিশ্বাসী’।

    [13] আৰু আমি ইচ্ছা কৰিলে প্ৰত্যেক ব্যক্তিকেই ইয়াৰ হিদায়ত দিলোহেঁতেন; কিন্তু মোৰ ফালৰ পৰা এই কথা নিশ্চিতভাৱে সাব্যস্ত যে, নিশ্চয় মই কিছুমান জিন আৰু মানুহৰ দ্বাৰা জাহান্নাম পূৰণ কৰিম।

    [14] এতেকে ‘শাস্তি আস্বাদন কৰা, কাৰণ তোমালোকে এই দিনৰ সাক্ষাতৰ কথা পাহৰি গৈছিলা। নিশ্চয় আমিও তোমালোকক পৰিত্যাগ কৰিলো। তোমালোকে যি আমল কৰিছিলা তাৰ বাবে তোমালোকে স্থায়ী শাস্তি ভোগ কৰা’।

    [15] কেৱল তেওঁলোকেই আমাৰ আয়াতসমূহৰ প্ৰতি বিশ্বাস স্থাপন কৰে, যিসকলে ইয়াৰ দ্বাৰা উপদেশ প্ৰাপ্ত হ’লে ছাজদাত পৰি যায় আৰু নিজ প্ৰতিপালকৰ সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে, আৰু তেওঁলোকে অহংকাৰ নকৰে।

    [16] তেওঁলোকৰ শৰীৰ বিছনাৰ পৰা পৃথক থাকে। তেওঁলোকে ভয় আৰু আশাৰে নিজ প্ৰতিপালকক আহ্বান কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছো তাৰ পৰা তেওঁলোকে ব্যয় কৰে।

    [17] এতেকে কোনোৱেই নাজানে তেওঁলোকৰ বাবে চকু জুৰ পেলোৱা কি লুকুৱাই ৰখা হৈছে তেওঁলোকৰ কৃতকৰ্মৰ পুৰষ্কাৰ স্বৰূপ

    [18] এতেকে যিজন ব্যক্তি মুমিন তেওঁ ফাছিকৰ দৰে হ’ব পাৰেনে? তেওঁলোক কেতিয়াও সমান নহয়।

    [19] যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ কৃতকৰ্মৰ ফলস্বৰূপে তেওঁলোকৰ আপ্যায়নৰ বাবে আছে জান্নাতৰ বাসস্থান।

    [20] আৰু যিসকলে পাপকৰ্ম কৰে সিহঁতৰ বাসস্থান হ’ব জুই; যেতিয়াই সিহঁতে তাৰ পৰা ওলাব বিচাৰিব তেতিয়াই সিহঁতক তালৈ উভতাই দিয়া হ’ব আৰু সিহঁতক কোৱা হ’ব, ‘যি জুইৰ শাস্তিক তোমালোকে মিছা প্ৰতিপন্ন কৰিছিলা সেইটো আস্বাদন কৰা’।

    [21] আৰু অৱশ্যে আমি সিহঁতক মহা শাস্তিৰ পূৰ্বে অলপ লঘু শাস্তি আস্বাদন কৰাম, যাতে সিহঁতে উভতি আহে।

    [22] যি ব্যক্তি নিজ প্ৰতিপালকৰ আয়াতসমূহৰ মাধ্যমত উপদেশপ্ৰাপ্ত হোৱাৰ পিছতো তাৰ পৰা মুখ ঘূৰাই লয়, তাতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? নিশ্চয় আমি অপৰাধী বিলাকৰ পৰা প্ৰতিশোধ গ্ৰহণকাৰী।

    [23] আৰু অৱশ্যে আমি মুছাক কিতাব প্ৰদান কৰিছিলো, এতেকে তুমি তেওঁৰ সাক্ষাতৰ বিষয়ে সন্দেহ পোষণ নকৰিবা; আৰু আমি সেই (কিতাব)টোক বনী ইছৰাঈলৰ বাবে হিদায়তস্বৰূপ কৰি দিছিলো।

    [24] আৰু আমি সিহঁতৰ মাজৰ পৰা বহু কেইজন নেতা মনোনীত কৰিছিলো, তেওঁলোকে আমাৰ নিৰ্দেশ অনুযায়ী সৎপথ প্ৰদৰ্শন কৰিছিল, যিহেতু তেওঁলোক ধৈৰ্য ধাৰণ কৰিছিল; আৰু তেওঁলোক আমাৰ আয়াতসমূহৰ প্ৰতি দৃঢ় বিশ্বাস পোষণ কৰিছিল।

    [25] নিশ্চয় তোমাৰ প্ৰতিপালকে কিয়ামতৰ দিনা সিহঁতৰ মাজত ফয়চালা কৰি দিব, যি বিষয়ে সিহঁতে মতবিৰোধ কৰি আছে।

    [26] এইটোৱেও সিহঁতক হিদায়ত নকৰিলেনে যে, আমি সিহঁতৰ পূৰ্বে কিমান প্ৰজন্মক ধ্বংস কৰিছো, যিসকলৰ বাসভূমিত সিহঁতে বিচৰণ কৰি থাকে? নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন; তথাপিও সিহঁতে নুশুনিবনে

    [27] সিহঁতে লক্ষ্য কৰা নাইনে, আমিয়ে শুকান ভূমিৰ ওপৰেদি পানী প্ৰবাহিত কৰো। তাৰ পিছত সেইটোৰে শস্য উৎপন্ন কৰো, যাৰ পৰা সিহঁতৰ চতুষ্পদ জন্তুবোৰে আৰু সিহঁত নিজেও খাদ্য গ্ৰহণ কৰে? সিহঁতে লক্ষ্য নকৰেনে

    [28] আৰু সিহঁতে কয়, ‘তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা, কেতিয়া হ’ব এই বিজয়’

    [29] কোৱা, ‘বিজয়ৰ দিনা কাফিৰসকলৰ ঈমান পোষণ কোনো কামত নাহিব আৰু সিহঁতক অৱকাশও দিয়া নহ’ব’।

    [30] এতেকে তুমি সিহঁতক উপেক্ষা কৰা আৰু অপেক্ষা কৰা, নিশ্চয় সিহঁতেও অপেক্ষাকাৰী।

    Surah 33
    আল-আহ্যাব

    [1] হে নবী আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু কাফিৰ, মুনাফিকসকলৰ আনুগত্য নকৰিবা। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

    [2] আৰু তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অহী হয় কেৱল তাৰেই অনুসৰণ কৰা। নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱহিত।

    [3] আৰু তুমি কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰা। কৰ্মবিধায়ক হিচাপে আল্লাহেই যথেষ্ট।

    [4] আল্লাহে কোনো মানুহৰেই অভ্যন্তৰত দুটা হৃদয় সৃষ্টি কৰা নাই। তোমালোকৰ স্ত্ৰীসকলৰ মাজত যিবিলাকৰ লগত তোমালোকে যিহাৰ কৰা, তেওঁ সিহঁতক তোমালোকৰ মাতৃ কৰি দিয়া নাই আৰু তোমালোকৰ তোলনীয়া পুত্ৰ বিলাককো তেওঁ তোমালোকৰ প্ৰকৃত পুত্ৰ কৰি দিয়া নাই। এইবোৰ তোমালোকৰ মুখৰ কথাহে। আল্লাহে কেৱল সত্য কথাই কয় আৰু তেৱেঁই সৰল পথ নিৰ্দেশ কৰে।

    [5] তোমালোকে সিহঁতক (তোলনীয়া পুত্ৰক) সিহঁতৰ পিতৃৰ পৰিচয়েৰে মাতিবা; আল্লাহৰ ওচৰত এইটোৱেই বেছি ন্যায়সংগত। এতেকে যদি তোমালোকে সিহঁতৰ পিতৃৰ পৰিচয় নাজানা তেন্তে সিহঁত তোমালোকৰ দ্বীনি ভাই আৰু বন্ধু। এই বিষয়ে তোমালোকে কোনো অনিচ্ছাকৃত ভুল কৰিলে তোমালোকৰ কোনো দোষ নহয়; কিন্তু তোমালোকৰ অন্তৰে যিটো ইচ্ছাকৃতভাৱে কৰিছে (সেয়া অপৰাধ); আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

    [6] মুমিনসকলৰ ওচৰত নবী হৈছে তেওঁলোকৰ নিজতকৈয়ো বেছি ঘনিষ্ট, আৰু তেওঁৰ স্ত্ৰীসকল তেওঁলোকৰ মাতৃ। আল্লাহৰ বিধান অনুযায়ী মুমিন আৰু মুহাজিৰসকলতকৈ আত্মীয়-স্বজনসকল পৰস্পৰে বেছি ওচৰত। কিন্তু তোমালোকে তোমালোকৰ বন্ধু-বান্ধৱৰ প্ৰতি কল্যাণমূলক কিবা কৰিব বিচাৰিলে সেয়া সূকীয়া কথা। এয়া কিতাবত লিপিবদ্ধ আছে।

    [7] আৰু স্মৰণ কৰা, যেতিয়া আমি নবীসকলৰ পৰা অঙ্গীকাৰ গ্ৰহণ কৰিছিলো আৰু তোমাৰ পৰাও, লগতে নূহ, ইব্ৰাহীম, মুছা আৰু ঈছা ইবনে মাৰয়ামৰ পৰাও। আমি তেওঁলোকৰ পৰা গ্ৰহণ কৰিছিলো দৃঢ় অঙ্গীকাৰ

    [8] সত্যবাদীসকলক সিহঁতৰ সত্যবাদিতা সম্পৰ্কে সুধিবলৈ। আৰু তেওঁ কাফিৰসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছে যন্ত্ৰণাদায়ক শাস্তি।

    [9] হে মুমিনসকল! তোমালোকে তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহসমূহ স্মৰণ কৰা, যেতিয়া শত্ৰু বাহিনী তোমালোকৰ বিৰুদ্ধে সমাগত হৈছিল, তাৰ পিছত আমি সিহঁতৰ বিৰুদ্ধে প্ৰেৰণ কৰিছিলো ঘূৰ্ণীবতাহ লগতে এনেকুৱা সৈন্যবাহিনী যিটো তোমালোকে দেখা নাছিলা। তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।

    [10] যেতিয়া সিহঁতে তোমালোকৰ বিৰুদ্ধে সমাগত হৈছিল, তোমালোকৰ ওপৰৰ পৰা আৰু নিম্নফালৰ পৰা, তেতিয়া তোমালোকৰ চকু থৰ লাগিছিল আৰু তোমালোকৰ প্ৰাণ কণ্ঠাগত হৈ পৰিছিল, আৰু তোমালোকে আল্লাহ সম্পৰ্কে নানাবিধ ধাৰণা পোষণ কৰিছিলা।

    [11] তেতিয়া মুমিনসকলক পৰীক্ষা কৰা হৈছিল আৰু তেওঁলোক ভীষণভাৱে প্ৰকম্পিত হৈছিল।

    [12] আৰু স্মৰণ কৰা, যেতিয়া মুনাফিকসকলে আৰু যিসকলৰ অন্তৰত ব্যাধি আছিল সিহঁতে কৈছিল, ‘আল্লাহ আৰু তেওঁৰ ৰাছুলে আমাক যি প্ৰতিশ্ৰুতি দিছিল সেয়া প্ৰতাৰণাৰ বাহিৰে আন একো নহয়’।

    [13] আৰু যেতিয়া সিহঁতৰ এটা দলে কৈছিল, ‘হে ইয়াছৰিবৰ অধিবাসীসকল! (ইয়াত ৰাছুলৰ ওচৰত প্ৰতিৰোধ কৰাৰ বাবে) তোমালোকৰ কোনো স্থান নাই। এতেকে তোমালোকে (ঘৰলৈ) উভতি যোৱা’, আৰু সিহঁতৰ মাজৰ এটা দলে নবীৰ ওচৰত অব্যাহতি বিচাৰি প্ৰাৰ্থনা কৰি কৈছিল, ‘আমাৰ ঘৰ-দুৱাৰসমূহ অৰক্ষিত’; অথচ সেইবোৰ অৰক্ষিত নাছিল, আচলতে পলাই যোৱাটোহে আছিল সিহঁতৰ মূল উদ্দেশ্য।

    [14] আৰু যদি বিভিন্ন ফালৰ পৰা সিহঁতৰ বিৰুদ্ধে শত্ৰুসকল প্ৰৱেশ কৰিলেহেঁতেন, তাৰ পিছত সিহঁতক শ্বিৰ্ক কৰাৰ বাবে আহ্বান জনোৱা হ’লে সিহঁতে অৱশ্যে সেয়া কৰিলেহেঁতেন, সিহঁতে সেইটো কৰিবলৈ অকণো পলম নকৰিলেহেঁতেন।

    [15] অৱশ্যে সিহঁতে পূৰ্বে আল্লাহৰ লগত অঙ্গীকাৰ কৰিছিল যে, সিহঁতে পৃষ্ঠ প্ৰদৰ্শন নকৰিব। আৰু আল্লাহৰ লগত কৰা অঙ্গীকাৰ সম্পৰ্কে অৱশ্যে (সিহঁতক) সোধা হ’ব।

    [16] কোৱা, ‘যদি তোমালোকে মৃত্যু অথবা হত্যাৰ ভয়ত পলাব বিচাৰিছা, তেন্তে সেই পলায়ন তোমালোকৰ কোনো উপকাৰত নাহিব, কিন্তু তেনে ক্ষেত্ৰত তোমালোকক অকণমানহে ভোগ কৰিবলৈ সুযোগ দিয়া হ’ব’।

    [17] কোৱা, ‘কোনে তোমালোকক আল্লাহৰ পৰা ৰক্ষা কৰিব, যদি তেওঁ তোমালোকক কোনো ক্ষতি কৰিব বিচাৰে, নাইবা তোমালোকক ৰহমত দান কৰিব বিচাৰে’? আৰু সিহঁতে আল্লাহৰ বাহিৰে নিজৰ বাবে আন কোনো অভিভাৱক আৰু সহায়কাৰী নাপাব।

    [18] আল্লাহে অৱশ্যে জানে তোমালোকৰ মাজত কোনসকল বাধা প্ৰদানকাৰী আৰু কোন বিলাকে সিহঁতৰ ভাতৃক কয়, আমাৰ ফালে গুচি আহা, সিহঁতে অতি সামান্যহে যুদ্ধ কৰে

    [19] তোমালোকৰ বিষয়ত ( সিহঁতৰ সহায় প্ৰদান আৰু বিজয় কামনাত) কৃপণতা কৰাৰ কাৰণে। এতেকে যেতিয়া ভীতি (বিপদ) আহিব তেতিয়া তুমি দেখিবা, সিহঁতে মৃত্যুৰ ভয়ত মূৰ্চ্ছা যোৱা ব্যক্তিৰ দৰে চকু ওলোটাই তোমাৰ পিনে থৰ লাগি চাই আছে। কিন্তু যেতিয়া বিপদ আঁতৰি যায় তেতিয়া সিহঁতে ধনৰ লালসাত তোমালোকক তীক্ষ্ণ ভাষাত বিদ্ধ কৰে। সিহঁতে ঈমান অনা নাই ফলত আল্লাহে সিহঁতৰ আমলসমূহ নিষ্ফল কৰিছে আৰু এইটো আল্লাহৰ বাবে অতি সহজ।

    [20] সিহঁতে ভাবে যে, সন্মিলিত বাহিনী গুচি যোৱা নাই। যদি সন্মিলিত বাহিনী আকৌ আহি পৰে, তেতিয়া সিহঁতে কামনা কৰিব যে, ভাল হ’লেহেঁতেন যদি সিহঁতে যাযাবৰ মৰুবাসীসকলৰ লগত থাকি তোমালোকৰ সংবাদ লব পাৰিলেহেঁতেন! আৰু যদি সিহঁতে তোমালোকৰ লগত অৱস্থান কৰিলেহেঁতেন তেন্তে নাম মাত্ৰহে যুদ্ধ কৰিলেহেঁতেন।

    [21] অৱশ্যে তোমালোকৰ বাবে আছে আল্লাহৰ ৰাছুলৰ মাজত উত্তম আদৰ্শ, সেই ব্যক্তিৰ বাবে যিয়ে আশা কৰে আল্লাহ আৰু শেষ দিৱসৰ আৰু যিয়ে আল্লাহক বেছি বেছি স্মৰণ কৰে।

    [22] আৰু মুমিনসকলে যেতিয়া সন্মিলিত বাহিনীক দেখিলে, তেতিয়া তেওঁলোকে ক’লে, ‘এইটোৱেই সেই প্ৰতিশ্ৰুতি যিটো আমাক আল্লাহ আৰু তেওঁৰ ৰাছুলে দিছিল লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলে সঁচাই কৈছিল’। এই ঘটনাই তেওঁলোকৰ ঈমান আৰু আনুগত্যহে বৃদ্ধি কৰিলে।

    [23] মুমিনসকলৰ মাজৰ কিছুমানে আল্লাহৰ লগত কৰা তেওঁলোকৰ অঙ্গীকাৰ পূৰ্ণ কৰিছে, তেওঁলোকৰ কিছুমানে (অঙ্গীকাৰ পূৰ্ণ কৰি) মৃত্যুবৰণ কৰিছে আৰু কিছুমান প্ৰতীক্ষাত আছে। তেওঁলোকে নিজ অঙ্গীকাৰত কোনো পৰিবৰ্তন কৰা নাই

    [24] যাতে আল্লাহে সত্যবাদীসকলক তেওঁলোকৰ সত্যবাদিতাৰ বাবে পুৰষ্কৃত কৰিব পাৰে আৰু তেওঁ ইচ্ছা কৰিলে মুনাফিকসকলক শাস্তি দিব পাৰে নাইবা সিহঁতক ক্ষমা কৰি দিব পাৰে। নিশ্চয় আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু।

    [25] আৰু আল্লাহে কাফিৰসকলক ক্ৰুদ্ধাৱস্থাত উভতাই দিলে, সিহঁতে কোনো কল্যাণ লাভ কৰা নাই। যুদ্ধত মুমিনসকলৰ বাবে আল্লাহেই যথেষ্ট। আল্লাহ সৰ্বশক্তিমান, প্ৰবল পৰাক্ৰমশালী।

    [26] আৰু কিতাবীসকলৰ মাজৰ যিবিলাকে সিহঁতক সহায় কৰিছিল, আল্লাহে সিহঁতক অৱতৰণ কৰালে সিহঁতৰ দূৰ্গসমূহৰ পৰা আৰু সিহঁতৰ অন্তৰসমূহত ভীতিৰ সঞ্চাৰ কৰিলে। ফলত তোমালোকে সিহঁতৰ কিছু সংখ্যক লোকক হত্যা কৰিছা আৰু কিছুমানক বন্দী কৰিছা।

    [27] আৰু তেৱেঁই তোমালোকক সিহঁতৰ ভূমি, ঘৰ-দুৱাৰ আৰু সিহঁতৰ ধন-সম্পদৰ উত্তৰাধিকাৰী কৰিলে, আৰু এনেকুৱা এটা ভূমিৰ (উত্তৰাধিকাৰী কৰিলে) য’ত তোমালোকে এতিয়াও পদাৰ্পণ কৰা নাই; আৰু আল্লাহ সকলো বস্তুৰ ওপৰত পূৰ্ণ ক্ষমতাবান।

    [28] হে নবী! তুমি তোমাৰ স্ত্ৰীসকলক কোৱা, ‘তোমালোকে যদি পাৰ্থিৱ জীৱন আৰু ইয়াৰ সৌন্দৰ্যতা কামনা কৰা তেন্তে আহা, মই তোমালোকক ভোগ-বিলাসৰ ব্যৱস্থা কৰি দিওঁ আৰু সৌজন্যৰ সৈতে তোমালোকক বিদায় দিওঁ।

    [29] ‘আৰু যদি তোমালোকে কামনা কৰা আল্লাহ, তেওঁৰ ৰাছুল আৰু আখিৰাতৰ আবাস, তেন্তে তোমালোকৰ মাজত যিসকলে সৎকৰ্মশীল আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰি ৰাখিছে মহাপ্ৰতিদান’।

    [30] হে নবী-পত্নীসকল! তোমালোকৰ মাজৰ কোনোবাই প্ৰকাশ্য অশ্লীল কাম কৰিলে তেওঁৰ বাবে শাস্তি বৃদ্ধি কৰা হ’ব দ্বিগুণ আৰু এইটো আল্লাহৰ বাবে সহজ।

    [31] আৰু তোমালোকৰ মাজৰ যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব আৰু নেক আমল কৰিব আমি তাক দুবাৰ প্ৰতিদান দিম আৰু আমি তাৰ বাবে প্ৰস্তুত ৰাখিছো সন্মানজনক জীৱিকা।

    [32] হে নবী-পত্নীসকল! তোমালোক আন আন নাৰীৰ দৰে নহয়, যদি তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা তেন্তে পৰ-পুৰুষৰ লগত কোমল কণ্ঠত কথা নকবা, কাৰণ এনে কৰিলে যাৰ অন্তৰত ব্যাধি আছে, সি প্ৰলুব্ধ হয়; আৰু তোমালোকে ন্যায়সংগত কথা কবা।

    [33] আৰু তোমালোকে নিজ ঘৰত অৱস্থান কৰিবা। প্ৰাচীন জাহেলী যুগৰ প্ৰদৰ্শনীৰ দৰে নিজকে প্ৰদৰ্শন কৰি নুফুৰিবা। তোমালোকে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত থাকা। হে নবী-পৰিয়াল! আল্লাহে তোমালোকৰ পৰা কেৱল অপৱিত্ৰতাক দূৰীভূত কৰিব বিচাৰে আৰু তোমালোকক সম্পূৰ্ণৰূপে পৱিত্ৰ কৰিব বিচাৰে।

    [34] আল্লাহৰ আয়াত আৰু হিকমতৰ পৰা যি তোমালোকৰ ঘৰত পাঠ কৰা হয়, সেয়া তোমালোকে স্মৰণ ৰাখিবা। নিশ্চয় আল্লাহ অতি সূক্ষ্মদৰ্শী, সম্যক অৱহিত।

    [35] নিশ্চয় মুছলিম পুৰুষ আৰু মুছলিম নাৰী, মুমিন পুৰুষ আৰু মুমিন নাৰী, আনুগত পুৰুষ আৰু আনুগত নাৰী, সত্যবাদী পুৰুষ আৰু সত্যবাদী নাৰী, ধৈৰ্যশীল পুৰুষ আৰু ধৈৰ্যশীল নাৰী, বিনীত পুৰুষ আৰু বিনীত নাৰী, দানশীল পুৰুষ আৰু দানশীল নাৰী, ছওম পালনকাৰী পুৰুষ আৰু ছওম পালনকাৰী নাৰী, যৌনাঙ্গ হিফাজতকাৰী পুৰুষ আৰু যৌনাঙ্গ হিফাজতকাৰী নাৰী, আল্লাহক অধিক স্মৰণকাৰী পুৰুষ আৰু আল্লাহক অধিক স্মৰণকাৰী নাৰী, তেওঁলোকৰ বাবে আল্লাহে ৰাখিছে ক্ষমা আৰু মহাপ্ৰতিদান।

    [36] আল্লাহ আৰু তেওঁৰ ৰাছুলে কোনো বিষয়ৰ ফয়চালা দিলে কোনো মুমিন পুৰুষ অথবা কোনো মুমিন নাৰীৰ বাবে সেই বিষয়ত তেওঁলোকৰ আন কোনো (সিদ্ধান্তৰ) অধিকাৰ নাথাকে। যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলক অমান্য কৰিলে সি স্পষ্টভাৱে পথভ্ৰষ্ট হৈ গ’ল।

    [37] আৰু স্মৰণ কৰা, আল্লাহে যাক অনুগ্ৰহ কৰিছে আৰু তুমিও যাৰ প্ৰতি অনুগ্ৰহ কৰিছা, তুমি তাক কৈছিলা, তুমি তোমাৰ স্ত্ৰীৰ লগত সম্পৰ্ক বজায় ৰখা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। কিন্তু তুমি তোমাৰ অন্তৰত যি গোপন কৰিছিলা সেয়া আল্লাহে প্ৰকাশ কৰি দিলে, তুমি মানুহক ভয় কৰিছিলা অথচ আল্লাহক ভয় কৰাটোহে তোমাৰ বেছি দৰকাৰ। তাৰ পিছত যেতিয়া যায়েদে তাৰ (স্ত্ৰীৰ) সৈতে প্ৰয়োজন শেষ কৰিলে (তালাক দিলে), তেতিয়া আমি তেওঁক (জয়নবক) তোমাৰ লগত বিয়া দিলো, যাতে মুমিনসকলৰ তোলনীয়া পুত্ৰৰ স্ত্ৰীক (স্ত্ৰী হিচাপে গ্ৰহণ কৰিবলৈ) কোনো সমস্যা নহয়, যেতিয়া সিহঁতে (তোলনীয়া পুত্ৰসকলে) নিজ স্ত্ৰীৰ লগত প্ৰয়োজন শেষ কৰিব (তালাক দিব)। আল্লাহৰ আদেশ কাৰ্যকৰি হ’বই।

    [38] সেইটো কৰিলে নবীৰ কোনো দোষ নহয় যিটো তেওঁৰ বাবে আল্লাহে বিধিসন্মত কৰিছে। পূৰ্বে যিসকল অতিবাহিত হৈছে তেওঁলোকৰ বাবেও এইটোৱেই আছিল আল্লাহৰ বিধান। আল্লাহৰ ফয়চালা সুনিৰ্ধাৰিত, অৱশ্যম্ভাৱী।

    [39] তেওঁলোকে আল্লাহৰ বাণী প্ৰচাৰ কৰিছিল, আৰু তেওঁকে ভয় কৰিছিল আৰু আল্লাহৰ বাহিৰে আন কাকো ভয় কৰা নাছিল। হিচাপ গ্ৰহণকাৰীৰূপে আল্লাহেই যথেষ্ট।

    [40] মুহাম্মদ তোমালোকৰ মাজৰ কোনো পুৰুষৰে পিতৃ নহয়, বৰং তেওঁ আল্লাহৰ ৰাছুল আৰু সৰ্বশেষ নবী। আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।

    [41] হে ঈমান্দাৰসকল! তোমালোকে আল্লাহক বেছি বেছি স্মৰণ কৰা

    [42] আৰু পুৱা-গধূলি তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা।

    [43] তেৱেঁই তোমালোকৰ প্ৰতি অনুগ্ৰহ কৰে আৰু তেওঁৰ ফিৰিস্তাসকলে তোমালোকৰ বাবে দুআ কৰে, যাতে তেওঁ তোমালোকক অন্ধকাৰৰ পৰা পোহৰলৈ ওলাই আনে। তেওঁ মুমিনসকলৰ প্ৰতি পৰম দয়ালু।

    [44] যিদিনা তেওঁলোকে আল্লাহৰ লগত সাক্ষাত কৰিব, সেইদিনা তেওঁলোকৰ অভিবাদন হ’ব ‘ছালাম’। তেওঁলোকৰ বাবে তেওঁ প্ৰস্তুত কৰিছে সন্মানজনক প্ৰতিদান।

    [45] হে নবী! অৱশ্যে আমি তোমাক সাক্ষী, সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে প্ৰেৰণ কৰিছো

    [46] আৰু আল্লাহৰ অনুমতিক্ৰমে তেওঁৰ ফালে আহ্বানকাৰী আৰু উজ্জ্বল প্ৰদীপৰূপে।

    [47] আৰু তুমি মুমিনসকলক সুসংবাদ দিয়া যে, তেওঁলোকৰ বাবে আল্লাহৰ ওচৰত আছে মহা অনুগ্ৰহ।

    [48] তুমি কাফিৰ আৰু মুনাফিকবিলাকৰ আনুগত্য নকৰিবা, সিহঁতৰ নিৰ্যাতন উপেক্ষা কৰা আৰু আল্লাহৰ ওপৰতেই ভৰসা কৰা। কৰ্মবিধায়ক হিচাপে আল্লাহেই যথেষ্ট।

    [49] হে ঈমান্দাৰসকল! যেতিয়া তোমালোকে মুমিন নাৰীসকলক বিয়া কৰিবা, তাৰ পিছত সিহঁতক স্পৰ্শ কৰাৰ আগতে তালাক দিলে তোমালোকৰ বাবে সিহঁতৰ পালনীয় কোনো ইদ্দত নাই যিটো তোমালোকে গণনা কৰা। এতেকে তোমালোকে সিহঁতক অলপ সামগ্ৰী প্ৰদান কৰিবা আৰু সৌজন্যৰ সৈতে সিহঁতক বিদায় কৰিবা।

    [50] হে নবী! আমি তোমাৰ বাবে বৈধ কৰিছো তোমাৰ স্ত্ৰীসকলক, যিসকলক তুমি মোহৰ প্ৰদান কৰিছা আৰু বৈধ কৰিছো ফায় হিচাপে আল্লাহে তোমাক যি প্ৰদান কৰিছে সিহঁতৰ মাজৰ পৰা যিসকল তোমাৰ মালিকানাধীন হৈছে। আৰু বিবাহৰ বাবে বৈধ কৰিছো তোমাৰ দদাই-বৰপাইৰ জীয়েকহঁতক, জেঠাই-পেহীৰ জীয়েকহঁতক, মোমায়েৰৰ জীয়েকহঁতক আৰু তোমাৰ জেঠাই-মাহীৰ জীয়েকহঁতক, যিসকলে তোমাৰ লগত হিজৰত কৰিছে লগতে এনেকুৱা মুমিন নাৰীসকলোকো (বিবাহৰ বাবে বৈধ কৰিছো) যিয়ে নবীৰ বাবে নিজকে সমৰ্পন কৰে, যদি নবীয়ে তেওঁক বিয়া কৰিব বিচাৰে, এই বিধান বিশেষকৈ তোমাৰ বাবে, আন মুমিনসকলৰ বাবে নহয়; যাতে তোমাৰ কোনো অসুবিধা নহয়। সৰ্বসাধাৰণ মুমিনসকলৰ বাবে তেওঁলোকৰ স্ত্ৰী আৰু দাসীবিলাকৰ বিষয়ে আমি যি বিধি নিৰ্ধাৰণ কৰিছো সেয়া আমাৰ জনা আছে। আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

    [51] তুমি সিহঁতৰ মাজৰ পৰা যাক ইচ্ছা তোমাৰ ওচৰৰ পৰা দূৰৈত ৰাখিব পাৰা আৰু যাক ইচ্ছা তোমাৰ ওচৰত স্থান দিব পাৰা। তুমি যাক দূৰৈত ৰাখিছা তাক কামনা কৰিলে তোমাৰ কোনো অপৰাধ নাই। এই বিধান এই বাবে যে, এনে কৰিলে সিহঁতৰ চকু জুৰ পৰাৰ বেছি সম্ভাৱনা থাকিব আৰু সিহঁতে দুঃখ নাপাব আৰু সিহঁতক তুমি যি প্ৰদান কৰিবা সেইটোতেই সিহঁত প্ৰত্যেকেই সন্তুষ্ট হৈ থাকিব। তোমালোকৰ অন্তৰত যি আছে আল্লাহে সেয়া জানে আৰু আল্লাহ সৰ্বজ্ঞ, সহনশীল।

    [52] ইয়াৰ পিছত তোমাৰ বাবে আন কোনো নাৰী বৈধ নহয় আৰু তোমাৰ স্ত্ৰীসকলৰ পৰিবৰ্তে আন স্ত্ৰী গ্ৰহণ কৰাও বৈধ নহয়, যদিও সিহঁতৰ সৌন্দৰ্যই তোমাক মুগ্ধ কৰে; কিন্তু তোমাৰ অধিকাৰভুক্ত দাসীসকলৰ বাহিৰে। আল্লাহ সকলো বস্তুৰ ওপৰত তীক্ষ্ণ পৰ্যবেক্ষণকাৰী।

    [53] হে মুমিনসকল! তোমালোকে নবীৰ ঘৰসমূহত বিনা অনুমতিত প্ৰৱেশ নকৰিবা, অৱশ্যে যদি তোমালোকক খোৱাৰ অনুমতি দিয়া হয় তেন্তে (এনে সময়ত) প্ৰৱেশ কৰা যাতে খোৱাৰ বাবে অপেক্ষা কৰিবলগীয়া নহয়। এতেকে যেতিয়া তোমালোকক নিমন্ত্ৰণ কৰা হ’ব তেতিয়া তোমালোকে প্ৰৱেশ কৰিবা, কিন্তু খোৱা শেষ হ’লেই তোমালোকে গুচি যাবা, কথা-বতৰাত ব্যস্ত নহ’বা। নিশ্চয় তোমালোকৰ এই আচৰণে নবীক কষ্ট দিয়ে, কাৰণ তেওঁ তোমালোকক উঠাই দিবলৈ সংকোচ বোধ কৰে। কিন্তু আল্লাহে সত্য কথাত সংকোচ বোধ নকৰে। তোমালোকে তেওঁৰ পত্নীসকলৰ পৰা কিবা বিচাৰিলে পৰ্দাৰ আঁৰৰ পৰা বিচাৰিবা। এই বিধান তোমালোকৰ আৰু তেওঁলোকৰ হৃদয়ৰ বাবে বেছি পৱিত্ৰ। আল্লাহৰ ৰাছুলক কষ্ট দিয়া তোমালোকৰ বাবে উচিত নহয় আৰু তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ স্ত্ৰীসকলক বিয়া কৰাটোও তোমালোকৰ বাবে কেতিয়াও বৈধ নহয়। নিশ্চয় আল্লাহৰ ওচৰত এইটো মহা অপৰাধ।

    [54] যদি তোমালোকে কিবা প্ৰকাশ কৰা অথবা গোপন কৰা (তেন্তে জানি থোৱা) নিশ্চয় আল্লাহ সৰ্ব বিষয়ে সৰ্বজ্ঞ।

    [55] নবীৰ স্ত্ৰীসকলৰ বাবে তেওঁলোকৰ পিতৃবৰ্গ, পুত্ৰসকল, ভাতৃসকল, ভতিজাসকল, ভাগিনসকল, লগৰ তিৰোতাসকল আৰু তেওঁলোকৰ দাস-দাসীসকলৰ সন্মুখত সেয়া পালন নকৰাটো কোনো অপৰাধ নহয়। হে নবী-পত্নীসকল! আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় আল্লাহ সকলো বিষয়ে সম্যক প্ৰত্যক্ষদৰ্শী।

    [56] নিশ্চয় আল্লাহে নবীৰ প্ৰশংসা কৰে আৰু তেওঁৰ ফিৰিস্তাসকল নবীৰ বাবে দুআ আৰু ইছতিগফাৰ কৰে। হে ঈমান্দাৰসকল! তোমালোকেও নবীৰ প্ৰতি দৰুদ পাঠ কৰা আৰু তেওঁক যথাযথভাৱে ছালাম জনোৱা।

    [57] নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক কষ্ট দিয়ে, আল্লাহে সিহঁতক পৃথিৱী আৰু আখিৰাতত লানত কৰিছে আৰু তেওঁ সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে লাঞ্ছনাদায়ক শাস্তি।

    [58] আৰু যিসকলে মুমিন পুৰুষ আৰু মুমিন নাৰীসকলক বিনা অপৰাধত (যিটো সিহঁতে কৰা নাই তাৰ বাবে) কষ্ট দিয়ে, নিশ্চয় সিহঁতে অপবাদ আৰু সুস্পষ্ট পাপৰ বোজা বহন কৰিলে।

    [59] হে নবী! তুমি তোমাৰ স্ত্ৰীসকলক, তোমাৰ জীয়ৰীসকলক আৰু মুমিনসকলৰ স্ত্ৰীসকলক কোৱা, তেওঁলোকে যেন তেওঁলোকৰ চাদৰৰ কিছু অংশ নিজৰ ওপৰত টানি লয়। এইটো তেওঁলোকক চিনাৰ সহজ উপায়, ফলত তেওঁলোকক বিৰক্ত কৰা নহ'ব। আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু।

    [60] যদি মুনাফিকসকল আৰু যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে আৰু চহৰত মিছা সংবাদ প্ৰচাৰকাৰীসকলে বিৰত নহয় তেন্তে অৱশ্যে আমি তোমাক সিহঁতৰ বিৰুদ্ধে প্ৰবল কৰিম; ইয়াৰ পিছত এই চহৰত সিহঁতে তোমাৰ প্ৰতিবেশীৰূপে অতি কম সময়হে থাকিব পাৰিব

    [61] অভিশপ্ত হৈ; সিহঁতক য’তে পোৱা যাব ততেই ধৰা হ’ব আৰু নিৰ্দয়ভাৱে হত্যা কৰা হ’ব।

    [62] পূৰ্বে যিসকলে অতিবাহিত হৈছে সিহঁতৰ বিষয়েও এইটোৱেই আছিল আল্লাহৰ ৰীতি। তুমি কেতিয়াও আল্লাহৰ ৰীতিত কোনো পৰিবৰ্তন নাপাবা।

    [63] মানুহে তোমাক কিয়ামত সম্পৰ্কে প্ৰশ্ন কৰে। কোৱা, ‘ইয়াৰ প্ৰকৃত জ্ঞান কেৱল আল্লাহৰ ওচৰতহে আছে’। কিহে তোমাক জনাব? সম্ভৱত কিয়ামত অতি শীঘ্ৰেই হ’ব পাৰে।

    [64] নিশ্চয় আল্লাহে কাফিৰসকলক অভিশপ্ত কৰিছে আৰু সিহঁতৰ বাবে প্ৰস্তুত ৰাখিছে জ্বলন্ত জুই

    [65] তাত সিহঁত চিৰস্থায়ী হ’ব আৰু সিহঁতে কোনো অভিভাৱক নাপাব আৰু কোনো সহায়কাৰীও নাপাব।

    [66] যিদিনা সিহঁতৰ মুখমণ্ডল জুইত ওলট-পালট কৰা হ'ব, সেইদিনা সিহঁতে ক'ব, হায়! আমি যদি আল্লাহক মানিলোহেঁতেন আৰু ৰাছুলৰ আনুগত্য কৰিলোহেঁতেন

    [67] সিহঁতে আৰু ক’ব, ‘হে আমাৰ ৰব! আমি আমাৰ নেতৃবৰ্গ আৰু বিশিষ্ট লোকসকলৰহে আনুগত্য কৰিছিলো আৰু সিহঁতেহে আমাক পথভ্ৰষ্ট কৰিছিল

    [68] ‘হে আমাৰ ৰব! তুমি সিহঁতক দ্বিগুণ শাস্তি দিয়া আৰু সিহঁতক মহা অভিসম্পাত দিয়া’।

    [69] হে ঈমান্দাৰসকল! মুছাক যিসকলে কষ্ট দিছে তোমালোকে সিহঁতৰ দৰে নহ'বা, এতেকে সিহঁতে যি ৰটনা কৰিছিল আল্লাহে তেওঁক তাৰ পৰা নিৰ্দোষ প্ৰমাণিত কৰিছিল; আৰু তেওঁ আছিল আল্লাহৰ ওচৰত মৰ্যাদাবান।

    [70] হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু সঠিক কথা কোৱা

    [71] এনে কৰিলে তেওঁ তোমালোকৰ বাবে তোমালোকৰ আমলসমূহ সংশোধন কৰিব আৰু তোমালোকৰ পাপসমূহ ক্ষমা কৰিব। যি ব্যক্তি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰে, সি অৱশ্যে মহা সফলতা অৰ্জন কৰিলে।

    [72] নিশ্চয় আমি আকাশসমূহ, পৃথিৱী আৰু পৰ্বতমালাৰ প্ৰতিও এই আমানতৰ প্ৰস্তাৱ দিছিলো কিন্তু সিহঁতে এইটো (দায়িত্বভাৰ) বহন কৰিবলৈ অস্বীকাৰ কৰিলে আৰু সেয়া ল’বলৈ ভয় কৰিলে আৰু মানুহে সেয়া বহন কৰিলে; নিশ্চয় সি অত্যন্ত যালিম, অতি অজ্ঞ।

    [73] যাতে আল্লাহে মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰী লগতে মুশ্বৰিক পুৰুষ আৰু মুশ্বৰিকা নাৰীক শাস্তি দিয়ে আৰু মুমিন পুৰুষ আৰু মুমিনা নাৰীক ক্ষমা কৰে। আল্লাহ অত্যন্ত ক্ষমাশীল, পৰম দয়ালু।

    Surah 34
    সাবা

    [1] সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে, আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে তেৱেঁই সেই সকলোবোৰৰ মালিক আৰু আখিৰাততো সকলো প্ৰশংসা তেওঁৰেই। তেওঁ প্ৰজ্ঞাময়, সম্যক অৱহিত।

    [2] তেওঁ জানে মাটিত যি প্ৰৱেশ কৰে আৰু তাৰ পৰা যি ওলায়, লগতে আকাশৰ পৰা যি অৱতীৰ্ণ হয় আৰু যি তালৈ আৰোহণ কৰে। তেওঁ পৰম দয়ালু, অতি ক্ষমাশীল।

    [3] আৰু কাফিৰসকলে কয়, ‘আমাৰ ওচৰলৈ কিয়ামত নাহিব’। কোৱা, ‘অৱশ্যে আহিব, শপত মোৰ প্ৰতিপালকৰ! নিশ্চয় তোমালোকৰ ওচৰত সেয়া আহিব’। তেওঁ গায়েব সম্পৰ্কে সম্যক পৰিজ্ঞাত; আকাশসমূহ আৰু পৃথিৱীত অণু পৰিমাণ কোনো বস্তু অথবা তাতোকৈ সৰু বা ডাঙৰ একোৱেই তেওঁৰ অগোচৰ নহয়; প্ৰতিটো বস্তুৱেই সুস্পষ্ট কিতাবত লিপিবদ্ধ আছে।

    [4] যাতে তেওঁ প্ৰতিদান দিয়ে তেওঁলোকক যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। তেওঁলোকৰ বাবেই আছে ক্ষমা আৰু সন্মানজনক জীৱিকা।

    [5] আৰু যিসকলে আমাৰ আয়াতক ব্যৰ্থ কৰাৰ চেষ্টা কৰে, সিহঁতৰ বাবে আছে ভয়ংকৰ যন্ত্ৰণাদায়ক শাস্তি।

    [6] আৰু যিসকলক জ্ঞান দিয়া হৈছে, তেওঁলোকে জানে যে, তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালৈ যি অৱতীৰ্ণ হৈছে সেয়া সত্য; আৰু এইটোৱে পৰাক্ৰমশালী প্ৰশংসিত আল্লাহৰ পথ নিৰ্দেশ কৰে।

    [7] আৰু কাফিৰসকলে কয়, ‘আমি তোমালোকক এনে এজন ব্যক্তিৰ সন্ধান দিমনে? যিয়ে তোমালোকক সংবাদ দিব যে, তোমালোকৰ দেহ যেতিয়া সম্পূৰ্ণৰূপে ছিন্ন বিচ্ছিন্ন হৈ যাব তেতিয়া নিশ্চয় তোমালোক নতুন ভাৱে আকৌ সৃষ্ট হ’বা’

    [8] সি আল্লাহ সম্পৰ্কে মিছা উদ্ভাৱন কৰে নেকি, নে তাৰ মাজত উন্মাদনা আছে? বৰং যিহঁতে আখিৰাতৰ প্ৰতি বিশ্বাস নকৰে সিহঁতে শাস্তি আৰু ঘোৰ বিভ্ৰান্তিৰ মাজত আছে।

    [9] সিহঁতক আগফালৰ পৰা আৰু পিছফালৰ পৰা আগুৰি ৰখা আকাশৰ প্ৰতি আৰু পৃথিৱীৰ প্ৰতি সিহঁতে লক্ষ্য কৰা নাইনে? আমি ইচ্ছা কৰিলে সিহঁতক মাটিসহ পুতি দিব পাৰো অথবা সিহঁতৰ ওপৰত আকাশৰ পৰা এটা টুকুৰা পেলাব পাৰো। নিশ্চয় ইয়াত আছে নিদৰ্শন, প্ৰত্যেক আল্লাহ অভিমুখী বান্দাৰ বাবে।

    [10] আৰু অৱশ্যে আমি আমাৰ ফালৰ দাউদক প্ৰদান কৰিছিলো মৰ্যাদা আৰু আদেশ কৰিছিলো, হে পৰ্বতমালা! তোমালোকে দাউদৰ লগত বাৰে বাৰে মোৰ পৱিত্ৰতা ঘোষণা কৰা আৰু চৰাইবোৰকো (আমি এই আদেশ কৰিছিলো)। আৰু তেওঁৰ বাবে আমি লোহাক কোমল কৰি দিছিলো

    [11] (এই নিৰ্দেশ দি যে) তুমি পৰিপূৰ্ণৰূপে বৰ্ম তৈয়াৰ কৰা আৰু যথাৰ্থ পৰিমাণত প্ৰস্তুত কৰা; আৰু তোমালোকে সৎকৰ্ম কৰা। তোমালোকে যি কৰা নিশ্চয় মই তাৰ সম্যক দ্ৰষ্টা।

    [12] আৰু বতাহক ছুলাইমানৰ অধীন কৰি দিছিলো যিটো ৰাতি পুৱা এমাহৰ পথ অতিক্ৰম কৰিছিল আৰু গধূলি এমাহৰ পথ অতিক্ৰম কৰিছিল। আমি তেওঁৰ বাবে গলিত তামৰ এটা প্ৰস্ৰৱন প্ৰবাহিত কৰিছিলো আৰু এনে কিছুমান জিনক তেওঁৰ আনুগত কৰি দিছিলো যিবিলাকে তেওঁৰ প্ৰতিপালকৰ অনুমতিক্ৰমে তেওঁৰ সন্মুখত কাম কৰিছিল। সিহঁতৰ মাজৰ যিয়ে আমাৰ নিৰ্দেশ অমান্য কৰিব, আমি তাক জ্বলন্ত জুইৰ শাস্তি আস্বাদন কৰাম।

    [13] সিহঁতে ছুলাইমানৰ ইচ্ছানুযায়ী তেওঁৰ বাবে অট্টালিকা, ভাস্কৰ্য, জলাধাৰ সদৃশ বৃহদাকাৰ পাত্ৰ আৰু সুদৃঢ়ভাৱে স্থাপিত ডেগ নিৰ্মাণ কৰিছিল। ‘হে দাউদ পৰিয়াল! কৃতজ্ঞতাৰ সৈতে তোমালোকে কাম কৰি যোৱা। মোৰ বান্দাসকলৰ কিছু সংখ্যকহে কৃতজ্ঞ!’

    [14] এতেকে যেতিয়া আমি ছুলাইমানৰ মৃত্যু ঘটালো, তেতিয়া জিনবিলাকক তেওঁৰ মৃত্যু সম্পৰ্কে অৱগত কৰালে মাটিৰ পৰুৱায়, যিবোৰে তেওঁৰ লাখুটিডাল খাই আছিল। ফলত তেওঁ যেতিয়া মাটিত বাগৰি পৰিলে তেতিয়াহে জিনবিলাকে বুজিব পাৰিলে যে, যদি সিহঁতে গায়েব জানিলেহেঁতেন, তেন্তে সিহঁতে লাঞ্ছনাদায়ক শাস্তিত আৱদ্ধ নাথাকিলেহেঁতেন।

    [15] নিশ্চয় ছাবাৰ অধিবাসীসকলৰ বাবে সিহঁতৰ বাস ভূমিত আছিল এটা নিদৰ্শন, দুটা উদ্যান, এটা সোঁফালে আৰু এটা বাওঁ ফালে। কোৱা হৈছিল, তোমালোকে তোমালোকৰ প্ৰতিপালকে দিয়া জীৱিকা ভোগ কৰা আৰু তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা। উত্তম নগৰ আৰু ক্ষমাশীল ৰব।

    [16] তথাপিও সিহঁত অবাধ্য হ’ল। ফলত আমি সিহঁতৰ ওপৰত প্ৰবাহিত কৰিলো বান্ধ-ভঙ্গা ঢলপানী আৰু সিহঁতৰ উদ্যান দুটাক পৰিবৰ্তন কৰি দিলো এনেকুৱা দুটা উদ্যানত, য’ত উৎপন্ন হয় তিতা-কেহা ফলমূল, ঝাউগছ আৰু সামান্য কেইজোপামান বগৰী গছ।

    [17] সেই শাস্তি আমি সিহঁতক দিছিলো সিহঁতৰ কুফৰীৰ কাৰণে। অকৃতজ্ঞসকলৰ বাহিৰে আন কাকো আমি এনেকুৱা শাস্তি নিদিওঁ।

    [18] সিহঁতক লগতে আৰু যিবোৰ জনপদৰ মাজত আমি বৰকত দিছিলো, সেইবোৰৰ মধ্যৱৰ্তী স্থানত আমি দৃশ্যমান বহুতো জনপদ স্থাপন কৰিছিলো আৰু সেইবোৰ জনপদত ভ্ৰমণৰ বাবে যথাযথ ব্যৱস্থা কৰিছিলো। কৈছিলো, ‘তোমালোকে এইবোৰ জনপদত দিনে-ৰাতি (যেতিয়া ইচ্ছা তেতিয়াই) নিৰাপদে ভ্ৰমণ কৰা’।

    [19] তাৰ পিছত সিহঁতে ক’লে, ‘হে আমাৰ ৰব! আমাৰ ভ্ৰমণৰ দুৰত্ব দীৰ্ঘ কৰি দিয়া’। সিহঁতে নিজৰে প্ৰতি অন্যায় কৰিছিল। ফলত আমি সিহঁতক কাহিনীৰ বিষয় বস্তুত পৰিণত কৰিলো আৰু সিহঁতক সম্পূৰ্ণৰূপে ছিন্ন-বিচ্ছিন্ন কৰি দিলো। নিশ্চয় ইয়াত আছে নিদৰ্শন, প্ৰত্যেক ধৈৰ্যশীল, কৃতজ্ঞ ব্যক্তিৰ বাবে।

    [20] আৰু অৱশ্যে সিহঁতৰ সম্বন্ধে ইবলীছে তাৰ ধাৰণা সত্য প্ৰমাণ কৰিলে, ফলত সিহঁতৰ মাজৰ এটা মুমিন দলৰ বাহিৰে সকলোৱে তাৰ অনুসৰণ কৰিলে

    [21] আৰু সিহঁতৰ ওপৰত চয়তানৰ কোনো আধিপত্য নাছিল। কিন্তু কোনে আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে আৰু কোনে এই বিষয়ে সন্দেহ পোষণ কৰে, সেয়া প্ৰকাশ কৰাটোৱেই আছিল আমাৰ উদ্দেশ্য। তোমাৰ প্ৰতিপালক সকলো বস্তুৰ সম্যক সংৰক্ষণকাৰী।

    [22] কোৱা, ‘তোমালোকে আল্লাহৰ বাহিৰে যিবোৰক ইলাহ বুলি ধাৰণা কৰিছিলা সেইবোৰক মাতা। সিহঁতে আকাশসমূহ আৰু পৃথিৱীৰ অণু পৰিমান বস্তুৰো মালিক নহয়। আৰু এই দুটাত সিহঁতৰ কোনো অংশও নাই আৰু সিহঁতৰ মাজৰ পৰা কোনেও তেওঁৰ সহায়কো নহয়’।

    [23] আল্লাহে যাক অনুমতি প্ৰদান কৰিব, তেওঁৰ বাহিৰে আল্লাহৰ ওচৰত কাৰো ছুপাৰিছ ফলপ্ৰসূ নহ’ব। অৱশেষত যেতিয়া সিহঁতৰ অন্তৰৰ পৰা ভয় বিদূৰিত হয়, তেতিয়া সিহঁতে পৰস্পৰৰ মাজত সোধ-পোছ কৰে, ‘তোমালোকৰ প্ৰতিপালকে কি ক’লে’? ইয়াৰ উত্তৰত তেওঁলোকে কয়, ‘যিটো সত্য সেইটোৱে কৈছে’। তেওঁ অতি উচ্চ, অতি মহান।

    [24] কোৱা, ‘আকাশসমূহ আৰু পৃথিৱীৰ পৰা কোনে তোমালোকক জীৱিকা প্ৰদান কৰে’? কোৱা, ‘আল্লাহ। নিশ্চয় আমি অথবা তোমালোক সৎপথত প্ৰতিষ্ঠিত আছো নাইবা স্পষ্ট বিভ্ৰান্তিত পতিত’।

    [25] কোৱা, ‘আমাৰ অপৰাধৰ বাবে তোমালোকক প্ৰশ্ন কৰা নহ’ব আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আমাকো প্ৰশ্ন কৰা নহ’ব’।

    [26] কোৱা, ‘আমাৰ প্ৰতিপালকে আমাক সকলোকে একত্ৰিত কৰিব, তাৰ পিছত তেৱেঁই আমাৰ মাজত সঠিকভাৱে ফয়চালা কৰি দিব; আৰু তেৱেঁই শ্ৰেষ্ঠ ফয়চালাকাৰী, সৰ্বজ্ঞ’।

    [27] কোৱা, ‘তোমালোকে মোক দেখুৱাচোন, যিবোৰক তোমালোকে তেওঁৰ অংশীদাৰ হিচাপে নিযুক্ত কৰিছা। নহয়, কেতিয়াও নহয়। বৰং তেওঁ (একমাত্ৰ) আল্লাহ, পৰাক্ৰমশালী, প্ৰজ্ঞাময়’।

    [28] আৰু আমি তোমাক সমগ্ৰ মানৱ জাতিৰ বাবে কেৱল সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে প্ৰেৰণ কৰিছো; কিন্তু অধিকাংশ মানুহেই নাজানে।

    [29] আৰু সিহঁতে কয়, ‘তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা, এই প্ৰতিশ্ৰুতি কেতিয়া বাস্তবায়িত হ’ব’

    [30] কোৱা, ‘তোমালোকৰ বাবে আছে এটা নিৰ্ধাৰিত দিনৰ প্ৰতিশ্ৰুতি, তাৰ পৰা তোমালোকে এক মুহূৰ্ত্তও বিলম্ব কৰিব নোৱাৰিবা, আৰু ত্বৰান্বিতও কৰিব নোৱাৰিবা’।

    [31] যিসকলে কুফৰী কৰিছে সিহঁতে কয়, ‘আমি এই কোৰআনৰ প্ৰতি কেতিয়াও ঈমান পোষণ নকৰিম আৰু ইয়াৰ পূৰ্বৱৰ্তী কোনো কিতাবৰ প্ৰতিও নকৰিম’। হায়! যদি তুমি দেখিলাহেঁতেন যালিমসকলক, যেতিয়া সিহঁতক সিহঁতৰ প্ৰতিপালকৰ সন্মুখত থিয় কৰোৱা হ’ব, তেতিয়া সিহঁতে পৰস্পৰে বাদ-প্ৰতিবাদ কৰি থাকিব, যিবোৰক দুৰ্বল বুলি ভবা হৈছিল, সিহঁতে অহংকাৰী বিলাকক ক’ব, ‘তোমালোক নাথাকিলে আমি অৱশ্যে মুমিন হ’লোহেঁতেন!’

    [32] যিসকলে অহংকাৰী আছিল, সিহঁতে দুৰ্বল কৰি ৰখা বিলাকক ক’ব, ‘তোমালোকৰ ওচৰত হিদায়ত অহাৰ পিছত আমি তোমালোকক তাৰ পৰা নিবৃত্ত কৰিছিলো নে? বৰং তোমালোকহে অপৰাধী আছিলা’।

    [33] আৰু যিসকলক দুৰ্বল কৰি ৰখা হৈছিল সিহঁতে, অহংকাৰকাৰী বিলাকক ক’ব, ‘দৰাচলতে তোমালোকেই দিনে-ৰাতি চক্ৰান্তত লিপ্ত আছিলা, যেতিয়া তোমালোকে আমাক আদেশ কৰিছিলা যাতে আমি আল্লাহৰ লগত কুফৰী কৰো আৰু তেওঁৰ বাবে সমকক্ষ (শ্বিৰ্ক) স্থাপন কৰো’। কিন্তু যেতিয়া সিহঁতে শাস্তি দেখিবলৈ পাব, তেতিয়া সিহঁতে অনুতাপ গোপনে ৰাখিব আৰু যিসকলে কুফৰী কৰিছিল আমি সিহঁতৰ ডিঙিত শিকলি লগাম। সিহঁতে যি কৰিছিল সিহঁতক কেৱল তাৰেই প্ৰতিফল দিয়া হ’ব।

    [34] আমি যি জনপদতেই সতৰ্ককাৰী প্ৰেৰণ কৰিছো তাৰ বিত্তশালী অধিবাসীসকলে কৈছে, ‘তোমালোকে যি লৈ প্ৰেৰিত হৈছা নিশ্চয় আমি সেয়া অস্বীকাৰ কৰো’।

    [35] সিহঁতে আৰু কৈছে, ‘আমি ধন-সম্পদ আৰু সন্তান-সন্ততিত অধিক সমৃদ্ধশালী; আৰু আমাক কেতিয়াও শাস্তি দিয়া নহ’ব’।

    [36] কোৱা, ‘নিশ্চয় মোৰ প্ৰতিপালকে যাক ইচ্ছা তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে অথবা সীমিত কৰি দিয়ে; কিন্তু অধিকাংশ লোকেই সেয়া নাজানে’।

    [37] তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি এনে কোনো বস্তু নহয় যিটো তোমালোকক মৰ্যাদাৰ দিশত আমাৰ ওচৰত নিকটৱৰ্তী কৰি দিব; কিন্তু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকেই নিজ কৰ্মৰ বাবে পাব বহুগুণ প্ৰতিদান; আৰু তেওঁলোক সুউচ্চ অট্টালিকাত নিৰাপদে থাকিব।

    [38] আৰু যিসকলে আমাৰ আয়াতসমূহক ব্যৰ্থ কৰিবলৈ চেষ্টা কৰে, সিহঁতক শাস্তিৰ মাজত উপস্থিত কৰা হ’ব।

    [39] কোৱা, ‘নিশ্চয় মোৰ প্ৰতিপালকে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাক ইচ্ছা সীমিত কৰি দিয়ে। তোমালোকে (আল্লাহৰ পথত) যি ব্যয় কৰা, তেওঁ তাৰ বিনিময় প্ৰদান কৰিব আৰু তেৱেঁই শ্ৰেষ্ঠ জীৱিকাদাতা’।

    [40] আৰু স্মৰণ কৰা, যিদিনা তেওঁ সিহঁত সকলোকে একত্ৰিত কৰিব, তাৰ পিছত ফিৰিস্তাসকলক সুধিব, ‘ইহঁতে তোমালোকৰ ইবাদত কৰিছিল নেকি’

    [41] তেওঁলোকে ক’ব, ‘তুমি পৱিত্ৰ, মহান! তুমিহে আমাৰ অভিভাৱক, সিহঁত নহয়; বৰং সিহঁতে জিন বিলাকৰহে উপাসনা কৰিছিল। সিহঁতৰ সৰহভাগেই জিন বিলাকৰ প্ৰতি ঈমান পোষণ কৰিছিল।

    [42] ‘ফলত আজি তোমালোকৰ কাৰোৰে ইজনে সিজনৰ উপকাৰ বা অপকাৰ কৰাৰ অধিকাৰ নাই’। যিসকলে অন্যায় কৰিছিল আমি সিহঁতক কম, ‘তোমালোকে যি অগ্নি শাস্তিক মিছা বুলি অস্বীকাৰ কৰিছিলা তাৰে সোৱাদ লোৱা’।

    [43] আৰু সিহঁতৰ ওচৰত যেতিয়া আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া সিহঁতে কয়, ‘এওঁ এজন এনেকুৱা ব্যক্তি যিয়ে তোমালোকৰ পূৰ্ব পুৰুষে যাৰ উপাসনা কৰিছিল তাৰ পৰা তোমালোকক বাধা দিব বিচাৰে’। সিহঁতে আৰু কয়, ‘এইটো মিছা উদ্ভাৱনৰ বাহিৰে আন একো নহয়’। কাফিৰসকলৰ ওচৰত যেতিয়া সত্য আহে তেতিয়া সিহঁতে কয়, ‘এইটো এটা সুস্পষ্ট যাদুহে’।

    [44] আমি সিহঁতক ইয়াৰ পূৰ্বে কোনো কিতাব দিয়া নাছিলো যিটো সিহঁতে অধ্যয়ন কৰিব আৰু তোমাৰ পূৰ্বে ইহঁতৰ ওচৰত কোনো সতৰ্ককাৰীও প্ৰেৰণ কৰা নাছিলো।

    [45] সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল। অথচ সিহঁতক আমি যি প্ৰদান কৰিছিলো, তাৰ দহ ভাগৰ এভাগো ইহঁতে (মক্কাৰ অধিবাসীসকলে) পোৱা নাই, ইয়াৰ পিছতো সিহঁতে আমাৰ ৰাছুলসকলক অস্বীকাৰ কৰিছে। ফলত আমাৰ প্ৰত্যাখ্যান (শাস্তি) কেনেকুৱা আছিল

    [46] কোৱা, ‘মই তোমালোকক কেৱল এটা বিষয়ে উপদেশ দিছো, তোমালোকে আল্লাহৰ উদ্দেশ্যে দুজন দুজনকৈ অথবা এজন এজনকৈ উঠি থিয় দিয়া, তাৰ পিছত তোমালোকে চিন্তা-চৰ্চা কৰি চোৱা, তোমালোকৰ সঙ্গীজনৰ মাজত কোনো উন্মাদনা নাই। তেওঁ কেৱল আসন্ন কঠিন শাস্তি সম্পৰ্কে তোমালোকৰ বাবে মাথোন এজন সতৰ্ককাৰীহে’।

    [47] কোৱা, ‘যদি মই তোমালোকৰ ওচৰত কোনো পাৰিশ্ৰমিক বিচাৰো তেন্তে সেয়া কেৱল তোমালোকৰ বাবেই; মোৰ পুৰষ্কাৰ আছে কেৱল আল্লাহৰ ওচৰত আৰু তেওঁ সকলো বস্তুৰে প্ৰত্যক্ষকাৰী’।

    [48] কোৱা, ‘নিশ্চয় মোৰ ৰব সত্যৰ দ্বাৰা আঘাত কৰে, তেৱেঁই যাৱতীয় গায়েবৰ সম্যক জ্ঞানী’।

    [49] কোৱা, ‘সত্য আহিছে, এতেকে বাতিলে নতুন একো সৃষ্টি কৰিব নোৱাৰে আৰু পুনৰাবৃত্তিও কৰিব নোৱাৰে’।

    [50] কোৱা, ‘মই বিভ্ৰান্ত হ’লে বিভ্ৰান্তিৰ পৰিণাম ময়ে পাম, আৰু যদি মই হিদায়ত প্ৰাপ্ত হওঁ সেয়া কেৱল এই বাবে যে, মোৰ প্ৰতিপালকে মোৰ প্ৰতি অহী প্ৰেৰণ কৰে। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, অতি নিকটৱৰ্তী’।

    [51] যদি তুমি দেখিলাহেঁতেন যেতিয়া সিহঁতে ভীত-বিহ্বল হৈ পৰিব, তেতিয়া সিহঁতে অব্যাহতি নাপাব আৰু সিহঁতক অতি ওচৰৰ পৰা ধৰা হ’ব

    [52] আৰু সিহঁতে ক’ব, ‘আমি ইয়াৰ প্ৰতি ঈমান আনিলো’। কিন্তু ইমান দূৰৱৰ্তী স্থানৰ পৰা সিহঁতে (ঈমানক) লগ পাব কেনেকৈ

    [53] অথচ ইতিপূৰ্বে সিহঁতে ইয়াক অস্বীকাৰ কৰিছিল; আৰু সিহঁতে দূৰৱৰ্তী স্থানৰ পৰা গায়েবৰ বিষয়ে বেয়া মন্তব্য পোষণ কৰিছিল।

    [54] সিহঁত আৰু সিহঁতৰ আশা-আকাংক্ষাৰ মাজত অন্তৰায় সৃষ্টি কৰি দিয়া হৈছে, যেনেকৈ ইতিপূৰ্বে সিহঁতৰ সমপন্থীসকলৰ ক্ষেত্ৰত কৰা হৈছিল। নিশ্চয় সিহঁত আছিল বিভ্ৰান্তিকৰ সন্দেহৰ মাজত।

    Surah 35
    ফাতির

    [1] সকলো ধৰণৰ প্ৰশংসা কেৱল আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা আল্লাহৰ বাবেই, যিজনে ফিৰিস্তাসকলক বাণীবাহকৰূপে নিযুক্তি দিয়ে, তেওঁলোক (ফিৰিস্তাসকল) দুখন দুখন, তিনিখন তিনিখন আৰু চাৰিখন চাৰিখন ডেউকা বিশিষ্ট। তেৱেঁই সৃষ্টিৰ মাজত যি ইচ্ছা বৃদ্ধি কৰে। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

    [2] আল্লাহে মানুহৰ বাবে যি অনুগ্ৰহ মুকলি কৰি দিয়ে সেয়া ৰোধ কৰিবলৈ কোনো নাই আৰু তেওঁ যিটো ৰোধ কৰে, তাৰ পিছত সেইটো মুকলি কৰিবলৈয়ো কোনো নাই। তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    [3] হে মানৱ! তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ স্মৰণ কৰা। আল্লাহৰ বাহিৰে আন কোনো স্ৰষ্টা আছে নেকি, যিয়ে তোমালোকক আকাশ আৰু পৃথিৱীৰ পৰা জীৱিকা দান কৰে? আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকক ক’লৈ উভতাই নিয়া হৈছে

    [4] আৰু যদি ইহঁতে তোমাক অবিশ্বাস কৰে তেন্তে (জানি থোৱা) তোমাৰ পূৰ্বেও ৰাছুলসকলক অবিশ্বাস কৰা হৈছিল। আল্লাহৰ ওচৰতেই সকলো বিষয় প্ৰত্যাবৰ্তিত হ’ব।

    [5] হে মানৱ! নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য; সেয়ে পাৰ্থিৱ জীৱনে যেন তোমালোকক কেতিয়াও প্ৰতাৰিত কৰিব নোৱাৰে আৰু সেই প্ৰতাৰকেও যেন তোমালোকক আল্লাহৰ বিষয়ে প্ৰতাৰণা কৰিব নোৱাৰে।

    [6] নিশ্চয় চয়তান তোমালোকৰ শত্ৰু; এতেকে তাক শত্ৰু বুলিয়েই মনত ৰাখিবা। সি তাৰ দলক এই কাৰণে আহ্বান কৰে যাতে সিহঁতে প্ৰজ্জলিত জুইৰ অধিবাসী হ’ব পাৰে।

    [7] যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে কঠিন শাস্তি; আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে ক্ষমা আৰু মহাপুৰষ্কাৰ।

    [8] কাৰোবাক যদি তাৰ বেয়া কৰ্ম শোভনীয় কৰি দেখুৱা হয় ফলত সি সেইটোক উত্তম বুলি ভাৱে, (সেইজন ব্যক্তি তেওঁৰ দৰে হ’ব পাৰেনে যিয়ে ভাল কামক ভাল আৰু বেয়া কামক বেয়া বুলি ভাৱে?) এতেকে নিশ্চয় আল্লাহে যাক ইচ্ছা বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা তাকে হিদায়ত দিয়ে। এতেকে সিহঁতৰ বাবে আক্ষেপ কৰি তুমি নিজৰ প্ৰাণ বিনাশ নকৰিবা। সিহঁতে যি কৰে নিশ্চয় আল্লাহ সেই সম্পৰ্কে সম্যক পৰিজ্ঞাত।

    [9] সেইজনেই আল্লাহ যিজনে বতাহ প্ৰেৰণ কৰি তাৰ দ্বাৰা মেঘমালা সঞ্চালিত কৰে। তাৰ পিছত আমি সেইটোক নিৰ্জীৱ ভূখণ্ডৰ ফালে পৰিচালিত কৰো, ইয়াৰ পিছত আমি তাৰ দ্বাৰা মৃত ভূমিক আকৌ পুনৰ্জীৱিত কৰো। এইদৰেই পুনৰ্জীৱন সংঘটিত হ’ব।

    [10] যদি কোনোবাই সন্মান বিচাৰে (তেন্তে সি আল্লাহৰ ওচৰতেই বিচৰা উচিত) কিয়নো সকলো সন্মান-প্ৰতিপত্তিৰ মালিক কেৱল আল্লাহেই। তেওঁৰ ওচৰতেই সকলো ভাল কথা উত্থিত হয় আৰু নেক আমলক তেওঁ ওপৰলৈ উঠায়। আৰু যিসকলে বেয়া কামৰ চক্ৰান্ত কৰে সিহঁতৰ বাবে আছে কঠিন শাস্তি আৰু সিহঁতৰ ষড়যন্ত্ৰ ব্যৰ্থ হ’বই।

    [11] আৰু আল্লাহে তোমালোকক সৃষ্টি কৰিছে মাটিৰ পৰা, তাৰ পিছত শুক্ৰবিন্দুৰ পৰা, তাৰ পিছতহে তোমালোকক যোৰ যোৰ কৰিছে। আল্লাহৰ অজ্ঞাতত কোনো নাৰীয়ে গৰ্ভ ধাৰণ নকৰে আৰু প্ৰসৱো নকৰে। কোনো দীৰ্ঘায়ু ব্যক্তিৰ আয়ু বৃদ্ধি কৰা নহয় আৰু তাৰ আয়ু হ্ৰাস কৰাও নহয়, কিন্তু সেয়া আছে এটা পুথিত (লিপিবদ্ধ)। নিশ্চয় এয়া আল্লাহৰ বাবে অতি সহজ।

    [12] আৰু দুয়োটা সাগৰ সমান নহয়ঃ এটাৰ পানী মিঠা, সুস্বাদু; আনটোৰ পানী লুণীয়া, কেহেটা। প্ৰতিটোৰ পৰা তোমালোকে তাজা মাংস (মাছ) খোৱা আৰু আহৰণ কৰা অলংকাৰ, যিবোৰ তোমালোকে পৰিধান কৰা। আৰু তোমালোকে তাত দেখা পোৱা বুকু ভেদি চলাচল কৰা জাহাজবোৰ, যাতে তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা লগতে যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা।

    [13] তেৱেঁই ৰাতিক দিনৰ মাজত প্ৰৱেশ কৰায় আৰু দিনক প্ৰৱেশ কৰায় ৰাতিত, তেৱেঁই সূৰ্য আৰু চন্দ্ৰক কৰিছে নিয়মাধীন; প্ৰত্যেকটোৱে পৰিভ্ৰমণ কৰে এটা নিৰ্দিষ্ট সময় লৈকে। তেৱেঁই আল্লাহ তোমালোকৰ ৰব। আধিপত্য তেওঁৰেই। তোমালোকে তেওঁৰ পৰিবৰ্তে যিবোৰক আহ্বান কৰা সিহঁতে এটা খেজুৰ গুটিৰ পাতল আৱৰণৰো অধিকাৰী নহয়।

    [14] তোমালোকে সিহঁতক আহ্বান কৰিলে সিহঁতে তোমালোকৰ আহ্বান কেতিয়াও নুশুনিব আৰু শুনা পালেও তোমালোকৰ আহ্বানৰ কেতিয়াও সঁহাৰি দিব নোৱাৰে। তোমালোকে যে সিহঁতক অংশী কৰিছা সেয়া কিয়ামতৰ দিনা সিহঁতে অস্বীকাৰ কৰিব। সৰ্বজ্ঞ আল্লাহৰ দৰে কোনেও তোমাক অৱহিত কৰিব নোৱাৰে।

    [15] হে মানৱ! তোমালোকেহে আল্লাহৰ মুখাপেক্ষী; আৰু আল্লাহ, তেৱেঁই অভাৱমুক্ত, প্ৰশংসিত।

    [16] তেওঁ ইচ্ছা কৰিলে তোমালোকক অপসাৰিত কৰিব পাৰে আৰু এটা নতুন সৃষ্টি লৈ আহিব পাৰে।

    [17] আৰু সেয়া আল্লাহৰ বাবে একো টান কাম নহয়।

    [18] আৰু কোনো বহনকাৰীয়ে আনৰ বোজা বহন নকৰিব, আৰু কোনোবা ভাৰাক্ৰান্ত ব্যক্তিয়ে যদি তাৰ বোজা বহনৰ বাবে কাৰোবাক মাতে তথাপিও তাৰ বোজাৰ কোনো অংশই বহন কৰা নহ’ব আনকি তাৰ নিকট আত্মীয় হ’লেও নকৰিব। তুমি কেৱল তেওঁলোককহে সতৰ্ক কৰিব পাৰিবা যিসকলে নিজ প্ৰতিপালকক নেদেখাকৈয়ে ভয় কৰে আৰু ছালাত কায়েম কৰে। যিয়ে নিজকে পৰিশুদ্ধি কৰে, সি নিজৰ কল্যাণৰ বাবেই পৰিশুদ্ধি কৰে। প্ৰত্যাৱৰ্তন কেৱল আল্লাহৰ ফালেই।

    [19] অন্ধ আৰু দৃষ্টিসম্পন্ন ব্যক্তি কেতিয়াও সমান নহয়

    [20] অন্ধকাৰ আৰু পোহৰো সমান নহয়

    [21] শীতল ছাঁ আৰু প্ৰখৰ ৰ’দো সমান নহয়

    [22] আৰু সমান নহয় জীৱিত আৰু মৃতসকল। নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে শুনায়, কিন্তু যিসকল ব্যক্তি কবৰত আছে তুমি সিহঁতক কেতিয়াও শুনাব নোৱাৰিবা।

    [23] তুমি কেৱল এজন সতৰ্ককাৰীহে।

    [24] নিশ্চয় আমি তোমাক সত্যসহ প্ৰেৰণ কৰিছো সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে; আৰু এনে কোনো জাতি নাই যাৰ ওচৰত সতৰ্ককাৰী অহা নাই।

    [25] আৰু সিহঁতে যদি তোমাক অবিশ্বাস কৰে তেন্তে (জানি থোৱা) সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অবিশ্বাস কৰিছিল, সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকল সুস্পষ্ট প্ৰমাণাদি, গ্ৰন্থাদি আৰু দীপ্তিমান কিতাবসহ আহিছিল।

    [26] তাৰ পিছত যিসকলে কুফৰী কৰিছিল আমি সিহঁতক শাস্তি বিহিছিলো। এতেকে (চোৱা) কেনেকুৱা আছিল মোৰ প্ৰত্যাখ্যান (শাস্তি)

    [27] তুমি দেখা নাইনে, আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে, তাৰ পিছত আমি তাৰ দ্বাৰা বিভিন্ন বৰ্ণৰ ফলমূল উৎপন্ন কৰো। পাহাৰৰ মাজতো আছে বিভিন্ন বৰ্ণৰ স্তৰ, শুভ্ৰ, ৰঙা আৰু গাঢ় ক’লা।

    [28] আৰু এইদৰে মানুহৰ মাজত, বিচৰণশীল প্ৰাণী আৰু চতুষ্পদ জন্তুৰ মাজতো আছে নানা বৰ্ণ। আল্লাহক কেৱল তেওঁৰ জ্ঞানী বান্দাসকলেই ভয় কৰে। নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী, পৰম ক্ষমাশীল।

    [29] নিশ্চয় যিসকলে আল্লাহৰ কিতাব তিলাৱত কৰে আৰু ছালাত কায়েম কৰে, আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছো তাৰ পৰা গোপনে আৰু প্ৰকাশ্যৰূপে ব্যয় কৰে, তেওঁলোকেই আশা কৰে এনেকুৱা ব্যৱসায়ৰ, যিটো কেতিয়া ধ্বংস নহয়।

    [30] যাতে আল্লাহে তেওঁলোকক তেওঁলোকৰ পূৰ্ণ প্ৰতিফল দান কৰে আৰু নিজ অনুগ্ৰহত আৰু বঢ়াই দিয়ে। নিশ্চয় তেওঁ পৰম ক্ষমাশীল, মহাগুণগ্ৰাহী।

    [31] আৰু আমি কিতাবৰ পৰা তোমাৰ প্ৰতি যি অহী কৰিছো সেয়া সত্য, ইয়াৰ পূৰ্বে যি আছিল তাৰ সমৰ্থক। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ বিষয়ে সম্যক অৱহিত, স্ৰৰ্বদ্ৰষ্টা।

    [32] তাৰ পিছত আমি কিতাবৰ অধিকাৰী কৰিলো তেওঁলোকক, যিসকলক আমি আমাৰ বান্দাসকলৰ মাজৰ পৰা মনোনীত কৰিছো; কিন্তু সিহঁতৰ মাজৰ কিছুমান নিজৰ প্ৰতি অত্যাচাৰী, কিছুমান মধ্যমপন্থী আৰু কিছুমান আল্লাহৰ ইচ্ছাত কল্যাণৰ কামত অগ্ৰগামী। এইটোৱেই হৈছে মহা অনুগ্ৰহ।

    [33] চিৰস্থায়ী জান্নাত, য’ত তেওঁলোক প্ৰৱেশ কৰিব। তাত তেওঁলোকক সোণৰ খাৰু আৰু মুকুতাৰ অলংকাৰেৰে অলংকৃত কৰা হ’ব আৰু তাত তেওঁলোকৰ পোছাক হ’ব খাটি ৰেচমৰ।

    [34] আৰু তেওঁলোকে ক’ব, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে, যিজনে আমাৰ দুঃখ-চিন্তা দূৰীভূত কৰিছে। নিশ্চয় আমাৰ ৰব পৰম ক্ষমাশীল, অসীম গুণগ্ৰাহী

    [35] ‘যিজনে নিজ অনুগ্ৰহত আমাক স্থায়ী আবাসত প্ৰৱেশ কৰাইছে, য’ত আমাক কোনো বিষাদে স্পৰ্শ নকৰে আৰু কোনো ক্লান্তিয়েও স্পৰ্শ নকৰে’।

    [36] আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে জাহান্নামৰ জুই। সিহঁতৰ প্ৰতি এনে কোনো ফয়চালা দিয়া নহ’ব যে, সিহঁত মৃত্যু বৰণ কৰিব, আৰু সিহঁতৰ পৰা জাহান্নামৰ শাস্তিও লাঘৱ কৰা নহ’ব। এইদৰেই আমি প্ৰত্যেক অকৃতজ্ঞক শাস্তি দিওঁ।

    [37] আৰু তাত সিহঁতে চিঞঁৰি চিঞঁৰি ক’ব, ‘হে আমাৰ ৰব! আমাক (ইয়াৰ পৰা) উলিয়াই নিয়া, আমি যি কৰিছিলো তাৰ পৰিবৰ্তে সৎকৰ্ম কৰিম’। আল্লাহে ক’ব, ‘আমি তোমালোকক ইমানখিনি দীৰ্ঘায়ু কৰা নাছিলোনে যে, তেতিয়া কোনোবাই উপদেশ গ্ৰহণ কৰিব বিচাৰিলে উপদেশ গ্ৰহণ কৰিব পাৰিলেহেঁতেন, আৰু তোমালোকৰ ওচৰত সতৰ্ককাৰীও আহিছিল। এতেকে তোমালোকে শাস্তিৰ সোৱাদ লোৱা, কাৰণ যালিমসকলৰ বাবে কোনো সহায়কাৰী নাই’।

    [38] নিশ্চয় আল্লাহ আকাশসমূহ আৰু পৃথিৱীৰ গায়েব সম্পৰ্কে অৱগত। নিশ্চয় অন্তৰত যি আছে সেই বিষয়েও তেওঁ সম্যক পৰিজ্ঞাত।

    [39] তেৱেঁই তোমালোকক পৃথিৱীত স্থলাভিষিক্ত কৰিছে। এতেকে কোনোবাই কুফৰী কৰিলে তাৰ কুফৰীৰ বাবে সি নিজেই দায়ী হ’ব। কাফিৰসকলৰ কুফৰীয়ে কেৱল সিহঁতৰ প্ৰতিপালকৰ ক্ৰোধহে বৃদ্ধি কৰে আৰু কাফিৰসকলৰ কুফৰীয়ে কেৱল সিহঁতৰেই ক্ষতি বৃদ্ধি কৰে।

    [40] কোৱা, ‘তোমালোকে আল্লাহৰ পৰিবৰ্তে যিবোৰক আহ্বান কৰা, সেই অংশীবিলাকৰ কথা কেতিয়াবা ভাবি চাইছানে? সিহঁতে পৃথিৱীত কিবা সৃষ্টি কৰিছে যদি মোক দেখুৱাচোন; অথবা আকাশসমূহৰ সৃষ্টিত সিহঁতৰ কোনো অংশ আছেনে বাৰু? নাইবা আমি সিহঁতক এনে কোনো কিতাব দিছো নেকি যাৰ প্ৰমাণৰ ওপৰত সিহঁতে নিৰ্ভৰ কৰে’? বৰং যালিমসকলে ইজনে সিজনক প্ৰতাৰণাৰ বাহিৰে আন একো প্ৰতিশ্ৰুতি নিদিয়ে।

    [41] নিশ্চয় আল্লাহেই আকাশসমূহ আৰু পৃথিৱীক ধৰি আছে, যাতে স্থানচ্যুত নহয়। যদি এইবোৰ স্থানচ্যুত হয় তেন্তে তেওঁৰ বাহিৰে আন কোনো নাই যিয়ে সেইবোৰক ধৰি ৰাখিব পাৰিব। নিশ্চয় তেওঁ অতি সহনশীল, অসীম ক্ষমাপৰায়ণ।

    [42] আৰু সিহঁতে দৃঢ়তাৰ সৈতে আল্লাহৰ শপত খাই কৈছিল যে, সিহঁতৰ ওচৰলৈ যদি কোনো সতৰ্কাৰী আহে তেন্তে সিহঁতে আন সম্প্ৰদায়বিলাকৰ তুলনাত অধিক আনুগত্যৰে সৎপথ অনুসৰণ কৰিব; কিন্তু যেতিয়া সিহঁতৰ ওচৰত সতৰ্ককাৰী আহিল, তেতিয়া সেয়া কেৱল সিহঁতৰ বিমুখতা আৰু দূৰত্বহে বৃদ্ধি কৰিলে

    [43] পৃথিৱীত ঔদ্ধত্য প্ৰকাশ আৰু কূটকৌশল অৱলম্বনৰ কাৰণে। অথচ কূটকৌশলে কেৱল তাৰ উদ্যোক্তসকলকহে পৰিবেষ্টন কৰিব। তেন্তে সিহঁতে পূৰ্বৱৰ্তী বিলাকৰ (দৰে আল্লাহৰ) বিধানৰ অপেক্ষা কৰি আছে নেকি? কিন্তু তুমি আল্লাহৰ পদ্ধতিত কেতিয়াও কোনো পৰিবৰ্তন নাপাবা আৰু আল্লাহৰ পদ্ধতিৰ কোনো ব্যতিক্ৰমো দেখিবলৈ নাপাবা।

    [44] আৰু ইহঁতে পৃথিৱীত পৰিভ্ৰমণ কৰা নাইনে, তেতিয়াহে ইহঁতে দেখিব পাৰিলেহেঁতেন ইহঁতৰ পূৰ্বৱৰ্তীবিলাকৰ কি পৰিণাম হৈছিল। অথচ সিহঁত আছিল ইহঁততকৈয়ো শক্তিশালী। আল্লাহ এনেকুৱা নহয় যে, আকাশসমূহ আৰু পৃথিৱীৰ কোনোৱে তেওঁক অক্ষম কৰিব পাৰিব। নিশ্চয় তেওঁ সৰ্বজ্ঞ, সৰ্বশক্তিমান।

    [45] আৰু আল্লাহে যদি মানুহক সিহঁতৰ কৃতকৰ্মৰ বাবে কৰায়ত্ত কৰিলেহেঁতেন, তেন্তে ভূ-পৃষ্ঠত কোনো প্ৰাণীকেই তেওঁ ৰেহাই নিদিলেহেঁতেন, কিন্তু তেওঁ এটা নিৰ্দিষ্ট সময় লৈকে সিহঁতক অৱকাশ দিয়ে। এতেকে যেতিয়া সিহঁতৰ নিৰ্দিষ্ট সময় আহি যাব, (তেতিয়াহে তেওঁ সিহঁতক কৰায়ত্ত কৰিব) নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ বিষয়ে সম্যক দ্ৰষ্টা।

    Surah 36
    ইয়া-ছিন

    [1] ইয়া-ছীন

    [2] জ্ঞানগৰ্ভ কোৰআনৰ শপত

    [3] নিশ্চয় তুমি ৰাছুলসকলৰ অন্তৰ্ভুক্ত

    [4] সৰল পথৰ ওপৰত প্ৰতিষ্ঠিত।

    [5] এই কোৰআন প্ৰবল পৰাক্ৰমশালী, পৰম দয়ালু আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ।

    [6] যাতে তুমি সতৰ্ক কৰিব পাৰা এনেকুৱা এটা জাতিক যিসকলৰ পিতৃ-পুৰুষসকলক সতৰ্ক কৰা হোৱা নাই, সেয়ে সিহঁত উদাসীন।

    [7] অৱশ্যে সিহঁতৰ অধিকাংশৰ ওপৰত (আল্লাহৰ) বাণী অৱধাৰিত হৈছে, সেয়ে সিহঁত ঈমান পোষণ নকৰিব।

    [8] নিশ্চয় আমি সিহঁতৰ ডিঙিত থুঁতৰি লৈকে গলাবান্ধ (শিকলি) মেৰিয়াই দিছো, ফলত সিহঁত উৰ্দ্ধমুখী হৈ গৈছে।

    [9] আৰু আমি সিহঁতৰ আগফালে প্ৰাচীৰ আৰু পিছফালে প্ৰাচীৰ স্থাপন কৰিছো, তাৰ পিছত আমি সিহঁতক ঢাকি দিছো, ফলত সিহঁতে দেখিবলৈ নাপায়।

    [10] তুমি সিহঁতক সতৰ্ক কৰা বা নকৰা, সিহঁতৰ বাবে উভয়ে সমান; সিহঁতে ঈমান পোষণ নকৰিব।

    [11] তুমি কেৱল তাকেই সতৰ্ক কৰিব পাৰিবা যিয়ে কোৰআনৰ অনুসৰণ কৰে আৰু ৰহমানক নেদেখাকৈয়ে ভয় কৰে। এতেকে তুমি তাক ক্ষমা আৰু সন্মানজনক পুৰষ্কাৰৰ সুসংবাদ দিয়া।

    [12] নিশ্চয় আমিয়েই মৃতক জীৱিত কৰো আৰু লিখি ৰাখো যি সিহঁতে আগলৈ প্ৰেৰণ কৰে আৰু যি সিহঁতে পিছত এৰি যায়। আমি প্ৰত্যেক বস্তুকেই সুস্পষ্ট কিতাপত সংৰক্ষণ কৰি ৰাখিছো।

    [13] সিহঁতৰ ওচৰত বৰ্ণনা কৰা এটা জনপদৰ অধিবাসীসকলৰ দৃষ্টান্ত; যেতিয়া সিহঁতৰ ওচৰত ৰাছুলসকল আহিছিল।

    [14] যেতিয়া আমি সিহঁতৰ ওচৰত প্ৰেৰণ কৰিছিলো দুজন ৰাছুল, তেতিয়া সিহঁতে তেওঁলোকক অবিশ্বাস কৰিছিল, তাৰ পিছত আমি তেওঁলোকক তৃতীয় এজনৰ দ্বাৰা শক্তিশালী কৰিছিলো। তেওঁলোকে কৈছিল, ‘নিশ্চয় আমি তোমালোকৰ ওচৰত প্ৰেৰিত হৈছো’।

    [15] সিহঁতে ক’লে, ‘তোমালোকে দেখুন আমাৰ দৰেই মানুহ, পৰম কৰুণাময়ে একো অৱতীৰ্ণ কৰা নাই। তোমালোকে কেৱল মিছা কথাহে কৈছা’।

    [16] তেওঁলোকে ক’লে, ‘আমাৰ প্ৰতিপালকে জানে, নিশ্চয় আমি তোমালোকৰ ওচৰত প্ৰেৰিত হৈছো’।

    [17] ‘আৰু স্পষ্টভাৱে প্ৰচাৰ কৰাটোহে আমাৰ দায়িত্ব’।

    [18] সিহঁতে ক’লে, ‘নিশ্চয় আমি তোমালোকক অমঙ্গলৰ কাৰণ হিচাপেহে গণ্য কৰো, যদি তোমালোকে বিৰত নোহোৱা তেন্তে অৱশ্যে আমি তোমালোকক শিল দলিয়াই হত্যা কৰিম আৰু আমাৰ ফালৰ পৰা তোমালোকক যন্ত্ৰণাদায়ক শাস্তিয়ে স্পৰ্শ কৰিব’।

    [19] তেওঁলোকে ক’লে, ‘তোমালোকৰ অমঙ্গল তোমালোকৰেই লগত; তোমালোকক উপদেশ দিয়া হৈছে বুলিয়েই এনেকৈ কৈছা নেকি? বৰং তোমালোক এটা সীমালঙ্ঘনকাৰী সম্প্ৰদায়’।

    [20] আৰু নগৰৰ দূৰৱৰ্তী প্ৰান্তৰ পৰা এজন ব্যক্তি দৌৰি আহি ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে ৰাছুলসকলৰ অনুসৰণ কৰা

    [21] ‘অনুসৰণ কৰা তেওঁলোকৰ যিসকলে তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰে আৰু তেওঁলোক সৎপথপ্ৰাপ্ত।

    [22] ‘আৰু মোৰ কি যুক্তি আছে যে, মই তেওঁৰ ইবাদত নকৰিম, যিজনে মোক সৃষ্টি কৰিছে? আৰু যাৰ ওচৰত তোমালোকক উভতাই নিয়া হ’ব।

    [23] ‘মই তেওঁৰ বাহিৰে আন কোনো ইলাহ গ্ৰহণ কৰিম নেকি? ৰহমানে মোৰ কোনো ক্ষতি কৰিব বিচাৰিলে সিহঁতৰ ছুপাৰিছ মোৰ কোনো কামত নাহিব আৰু সিহঁতে মোক উদ্ধাৰো কৰিব নোৱাৰিব।

    [24] ‘এনে কৰিলে নিশ্চয় মই স্পষ্ট বিভ্ৰান্তিত পতিত হম।

    [25] ‘নিশ্চয় মই তোমালোকৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিছো, এতেকে তোমালোকে মোৰ কথা শুনা’।

    [26] তেওঁক কোৱা হ’ল, ‘জান্নাতত প্ৰৱেশ কৰা’। তেওঁ ক’লে, ‘হায়! মোৰ সম্প্ৰদায়ে যদি জানিলেহেঁতেন

    [27] ‘যাৰ বিনিময়ত মোৰ প্ৰতিপালকে মোক ক্ষমা কৰি দিছে আৰু মোক সন্মানিত কৰিছে’।

    [28] আমি তেওঁৰ (মৃত্যুৰ) পিছত তেওঁৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আকাশৰ পৰা কোনো বাহিনী প্ৰেৰণ কৰা নাই আৰু সেয়া প্ৰেৰণ কৰাৰ কোনো প্ৰয়োজনো নাছিল।

    [29] সেয়া আছিল কেৱল এটা বিকট শব্দ। ফলত সিহঁত নিথৰ নিস্তব্দ হৈ গ’ল।

    [30] পৰিতাপ বান্দাসকলৰ বাবে; সিহঁতৰ ওচৰত যেতিয়াই কোনো ৰাছুল আহিছে তেতিয়া সিহঁতে তেওঁৰ লগত ঠাট্টা-বিদ্ৰূপ কৰিছে।

    [31] সিহঁতে লক্ষ্য কৰা নাইনে যে, আমি সিহঁতৰ পূৰ্বে বহু প্ৰজন্মক ধ্বংস কৰিছো? নিশ্চয় সিহঁত সিহঁতৰ ওচৰত উভতি নাহিব।

    [32] সিহঁত সকলোকে একত্ৰিত কৰি আমাৰ ওচৰত উপস্থিত কৰোৱা হ’ব।

    [33] আৰু মৃত ভূমি সিহঁতৰ বাবে এটা নিদৰ্শন, যাক আমি সঞ্জীৱিত কৰিছো আৰু তাৰ পৰা শস্য উৎপন্ন কৰিছো, যিবোৰ সিহঁতে খায়।

    [34] আৰু তাত আমি সৃষ্টি কৰিছো খেজুৰ আৰু আঙুৰৰ উদ্যান আৰু তাত আমি প্ৰবাহিত কৰিছো কিছুমান প্ৰস্ৰৱন

    [35] যাতে সিহঁতে তাৰ ফলমূল খাব পাৰে, অথচ সিহঁতে নিজ হাতেৰে সৃষ্টি কৰা নাই। তথাপিও সিহঁতে কৃতজ্ঞতা প্ৰকাশ নকৰিবনে

    [36] পৱিত্ৰ আৰু মহান তেওঁ, যিজনে সকলোকে যোৰ যোৰকৈ সৃষ্টি কৰিছে, মাটিৰ পৰা উৎপন্ন উদ্ভিদেই হওঁক বা সিহঁতৰ নিজ প্ৰজাতিৰেই হওঁক (নাৰী আৰু পুৰুষ) আৰু সেইবোৰ বস্তুৰ মাজতো যিবোৰক সিহঁতে নাজানে।

    [37] আৰু ৰাতিও সিহঁতৰ বাবে এটা নিদৰ্শন, আমি তাৰ পৰা দিনক অপসাৰিত কৰো, তেতিয়া সিহঁত অন্ধকাৰাচ্ছন্ন হৈ পৰে।

    [38] আৰু সূৰ্যই ভ্ৰমণ কৰে তাৰ নিৰ্দিষ্ট গন্তব্যৰ ফালে, এইটো মহাপৰাক্ৰমশালী, সৰ্বজ্ঞ (আল্লাহ)ৰ নিৰ্ধাৰণ।

    [39] আৰু চন্দ্ৰৰ বাবে আমি নিৰ্দিষ্ট কৰিছো বিভিন্ন মনজিল, অৱশেষত সেইটো শুকান বেকা, পুৰনি খেজুৰ ঠানিৰ আকাৰত উভতি যায়।

    [40] সূৰ্যৰ পক্ষে সম্ভৱ নহয় চন্দ্ৰক লগ পোৱা, আৰু ৰাতিৰ পক্ষে সম্ভৱ নহয় দিনক অতিক্ৰম কৰা, আৰু প্ৰত্যেকেই নিজ নিজ কক্ষপথত সাঁতুৰি আছে।

    [41] সিহঁতৰ বাবে আৰু এটা নিদৰ্শন হৈছে এই যে, আমি সিহঁতৰ বংশধৰবিলাকক বোজাই নৌযানত আৰোহণ কৰিছিলো

    [42] আৰু সিহঁতৰ বাবেও অনুৰূপ যানবাহন সৃষ্টি কৰিছো যাতে সিহঁতে আৰোহণ কৰে।

    [43] আৰু আমি ইচ্ছা কৰিলে সিহঁতক ডুবাই মাৰিব পাৰো, তেতিয়া সিহঁতৰ কোনো উদ্ধাৰকাৰী নাথাকিব আৰু সিহঁতে পৰিত্ৰাণো নাপাব

    [44] একমাত্ৰ আমাৰ কৰুণাইহে সিহঁতক পাৰ লগাই দিয়ে আৰু কিছু সময়ৰ বাবে উপভোগৰ সুযোগ দিয়া হয়।

    [45] আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘তোমালোকৰ সন্মুখত যি আছে আৰু তোমালোকৰ পিছত যি আছে সেই সম্পৰ্কে তাক্বৱা অৱলম্বন কৰা; যাতে তোমালোকৰ প্ৰতি ৰহমত কৰা হয়’

    [46] আৰু যেতিয়াই সিহঁতৰ প্ৰতিপালকৰ নিদৰ্শনসমূহৰ মাজৰ পৰা কোনো নিদৰ্শন সিহঁতৰ ওচৰত আহে, তেতিয়াই সিহঁতে তাৰ পৰা মুখ ঘূৰাই লয়।

    [47] আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আল্লাহে তোমালোকক যি জীৱিকা দান কৰিছে তাৰ পৰা তোমালোকে ব্যয় কৰা’, তেতিয়া কাফিৰসকলে মুমিনসকলক কয়, ‘আমি তাক খাদ্য দান কৰিমনে, যাক আল্লাহে ইচ্ছা কৰিলেই খোৱাব পাৰে? নিশ্চয় তোমালোক স্পষ্ট বিভ্ৰান্তিত আছা’।

    [48] সিহঁতে কয়, ‘তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা, এই প্ৰতিশ্ৰুতি কেতিয়া পূৰ্ণ হ’ব’

    [49] সিহঁত মাথোন এটা বিকট শব্দৰ অপেক্ষাত আছে, যিটোৱে সিহঁতক বাক-বিতণ্ডাত লিপ্ত থকা অৱস্থাত আক্ৰমণ কৰিব।

    [50] তেতিয়া সিহঁতে অছিয়ত কৰাৰো সমৰ্থ নাপাব আৰু নিজৰ পৰিয়ালবৰ্গৰ ওচৰলৈকেও উভতি আহিব নোৱাৰিব।

    [51] আৰু যেতিয়া শিঙাত ফুঁ দিয়া হ’ব, তেতিয়াই সিহঁতে কবৰৰ পৰা ওলাই নিজ প্ৰতিপালকৰ পিনে দৌৰি গুচি আহিব।

    [52] সিহঁতে ক’ব, ‘হায়! দুৰ্ভাগ্য আমাৰ! কোনে আমাক আমাৰ নিদ্ৰাস্থলৰ পৰা উঠালে? দয়াময় আল্লাহে ইয়াৰেই প্ৰতিশ্ৰুতি দিছিল আৰু ৰাছুলসকলেও সত্যহে কৈছিল’।

    [53] এইটো হ’ব কেৱল এটা বিকট শব্দ; তেতিয়াই ইহঁত সকলোকে উপস্থিত কৰা হ’ব আমাৰ সন্মুখত

    [54] এতেকে আজি কাৰো প্ৰতি অন্যায় কৰা নহব আৰু তোমালোকে যি কৰিছিলা কেৱল তাৰেই প্ৰতিফল দিয়া হ’ব।

    [55] নিশ্চয় জান্নাতবাসীসকল আজি আনন্দত মগ্ন থাকিব

    [56] তেওঁলোকে আৰু তেওঁলোকৰ স্ত্ৰীসকল সুশীতল ছাঁৰ তলত সুসজ্জিত আসনত আউজি বহিব।

    [57] তাত থাকিব তেওঁলোকৰ বাবে ফলমূল, আৰু তেওঁলোকে যিটো বিচাৰিব সেইটোৱেই পাব

    [58] অসীম দয়ালু প্ৰতিপালকৰ তৰফৰ পৰা কোৱা হ’ব ‘ছালাম’ (অভিনন্দন বা নিৰাপত্তা)।

    [59] আৰু ‘হে অপৰাধীসকল! তোমালোকে আজি পৃথক হৈ যোৱা’।

    [60] হে আদম সন্তান! মই তোমালোকক এই মৰ্মে নিৰ্দেশ দিয়া নাছিলোনে যে, তোমালোকে চয়তানৰ ইবাদত নকৰিবা, কাৰণ সি তোমালোকৰ প্ৰকাশ্য শত্ৰু

    [61] আৰু কেৱল মোৰেই ইবাদত কৰা, এইটোৱেই সৰল পথ।

    [62] আৰু চয়তানে তোমালোকৰ বহু দলক বিভ্ৰান্ত কৰিছিল, তথাপিও তোমালোকে অনুধাৱন কৰা নাইনে

    [63] এইটোৱেই সেই জাহান্নাম, যাৰ প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল।

    [64] তোমালোকে যে কুফৰী কৰিছিলা তাৰ বাবে আজি তোমালোকে ইয়াত দগ্ধ হোৱা।

    [65] আজি আমি সিহঁতৰ মুখত মোহৰ মাৰি দিম, সিহঁতৰ হাতে আমাৰ লগত কথা পাতিব আৰু সিহঁতৰ ভৰিয়ে সাক্ষ্য দিব সিহঁতৰ কৃতকৰ্মৰ।

    [66] আৰু আমি ইচ্ছা কৰিলে অৱশ্যে সিহঁতৰ চকুবোৰক লোপ কৰি দিলোহেঁতেন, তেতিয়া সিহঁতে পথ অন্বেষণত দৌৰিলেও (কোনো কামত নাহিব) কাৰণ কেনেকৈনো দেখা পাব

    [67] আৰু আমি ইচ্ছা কৰিলে সিহঁতৰ নিজ নিজ স্থানত সিহঁতৰ আকৃতি পৰিবৰ্তন কৰি দিলোহেঁতেন, ফলত সিহঁতে আগুৱাইয়ো যাব নোৱাৰিলেহেঁতেন আৰু উভতিও আহিব নোৱাৰিলেহেঁতেন।

    [68] আৰু আমি যাক দীৰ্ঘ জীৱন দান কৰো, সৃষ্টি অৱয়বত তাৰ অৱনতি ঘটাওঁ। তথাপিও সিহঁতে বুজি নাপায়নে

    [69] আমি তেওঁক (ৰাছুলক) কাব্য ৰচনা কৰা শিকোৱা নাই আৰু এইটো তেওঁৰ বাবে শোভনীয়ও নহয়। নিশ্চয় এইটো কেৱল এটা উপদেশ আৰু সুস্পষ্ট কোৰআন

    [70] যাতে ই জীৱিতসকলক সতৰ্ক কৰিব পাৰে আৰু কাফিৰসকলৰ বিৰুদ্ধে শাস্তিৰ কথা সত্য বুলি প্ৰমাণিত হয়।

    [71] সিহঁতে লক্ষ্য কৰা নাইনে যে, আমাৰ হাতেৰে প্ৰস্তুত কৰা বস্তুসমূহৰ মাজত আমি সিহঁতৰ বাবে ঘৰচীয়া জন্তুও সৃষ্টি কৰিছো। সিহঁতেই সেইবোৰৰ মালিক।

    [72] আৰু আমি সেইবোৰক সিহঁতৰ বশীভূত কৰি দিছো। ফলত সেইবোৰৰ কিছু সংখ্যক হৈছে সিহঁতৰ বাহন আৰু কিছুমানক সিহঁতে ভক্ষণ কৰে।

    [73] আৰু সিহঁতৰ বাবে এইবোৰৰ মাজত আছে বহুতো উপকাৰ লগতে আছে পানীয় উপাদান। তথাপিও সিহঁতে কৃতজ্ঞতা প্ৰকাশ নকৰিবনে

    [74] অথচ সিহঁতে আল্লাহৰ পৰিবৰ্তে অন্য ইলাহ গ্ৰহণ কৰিছে, এই আশাত যে, সিহঁতে সাহায্যপ্ৰাপ্ত হ’ব।

    [75] কিন্তু সেইবোৰে সিহঁতক সহায় কৰিবলৈ সক্ষম নহয়, বৰং সেইবোৰক সিহঁতৰ বিৰুদ্ধে বাহিনীৰূপে উপস্থিত কৰা হ’ব।

    [76] এতেকে সিহঁতৰ কথায় যেন তোমাক চিন্তিত নকৰে, নিশ্চয় আমি জানো যি সিহঁতে গোপন কৰে আৰু যি সিহঁতে প্ৰকাশ কৰে।

    [77] মানুহে লক্ষ্য কৰা নাইনে যে, আমি তাক সৃষ্টি কৰিছো শুক্ৰবিন্দুৰ পৰা, অথচ পিছত সি প্ৰকাশ্য বিতণ্ডাকাৰী হৈ পৰে।

    [78] আৰু সি আমাৰ বিষয়ে উপমা ৰচনা কৰে, অথচ সি নিজৰ সৃষ্টিৰ কথা পাহৰি যায়। সি কয়, ‘অস্থিৰ ভিতৰত কোনে প্ৰাণ সঞ্চাৰ কৰিব যেতিয়া ই জহি-খহি, গেলি-পচি যাব’

    [79] কোৱা, ‘তেৱেঁই তাত প্ৰাণ সঞ্চাৰ কৰিব যিজনে ইয়াক প্ৰথমবাৰ সৃষ্টি কৰিছে, আৰু তেওঁ প্ৰতিটো সৃষ্টি সম্পৰ্কে সম্যক পৰিজ্ঞাত’।

    [80] তেৱেঁই তোমালোকৰ বাবে সেউজীয়া গছৰ পৰা জুই উৎপন্ন কৰে, ফলত তোমালোকে তাৰ পৰা অগ্নি প্ৰজ্বলিত কৰা।

    [81] যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে তেওঁ সিহঁতৰ অনুৰূপ আকৌ সৃষ্টি কৰিবলৈ সক্ষম নহয়নে? নিশ্চয় হয়। তেওঁ মহাস্ৰষ্টা, সৰ্বজ্ঞ।

    [82] তেওঁৰ বিষয়টো এনেকুৱা যে, তেওঁ যেতিয়া কোনো বস্তুৰ ইচ্ছা কৰে, তেতিয়া কেৱল কয়, ‘হ’, ফলত সেইটো হৈ যায়।

    [83] এতেকে পৱিত্ৰ আৰু মহান সেই সত্তা, যাৰ হাতত প্ৰত্যেক বিষয়ৰ সাৰ্বভৌম কৰ্তৃত্ব; আৰু তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা।

    Surah 37
    আছ-ছাফ্‌ফাত

    [1] শপত শাৰীবদ্ধ ফিৰিস্তাসকলৰ

    [2] তাৰ পিছত কঠোৰ পৰিচালকসকলৰ

    [3] আৰু উপদেশ গ্ৰন্থ তিলাৱতকাৰীসকলৰ

    [4] নিশ্চয় তোমালোকৰ ইলাহ এজন

    [5] যিজন আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মধ্যৱৰ্তী সকলো বস্তুৰ ৰব আৰু উদয়স্থল সমূহৰো ৰব।

    [6] নিশ্চয় আমি নিকটৱৰ্তী আকাশখনক নক্ষত্ৰৰাজিৰ সৌন্দৰ্যৰে সুশোভিত কৰিছো

    [7] আৰু ৰক্ষা কৰিছো প্ৰত্যেক বিদ্ৰোহী চয়তানৰ পৰা।

    [8] ফলত সিহঁতে উৰ্দ্ধজগতৰ একোৱে শুনিব নোৱাৰে, কাৰণ কেউফালৰ পৰা সিহঁতৰ প্ৰতি নিক্ষেপ কৰা হয় (উল্কাপিণ্ড)

    [9] সিহঁতক খেদি পঠিওৱাৰ বাবে, আৰু সিহঁতৰ বাবে আছে অবিৰাম শাস্তি।

    [10] কিন্তু হঠাৎ কোনোবাই কিবা শুনিলে জ্বলন্ত উল্কাপিণ্ডই তাৰ পিছে পিছে খেদি যায়।

    [11] এতেকে সিহঁতক সুধি চোৱাচোন, সৃষ্টিৰ ক্ষেত্ৰত সিহঁতে বেছি জটিল নে আমি আন যিবোৰ সৃষ্টি কৰিছো সেইবোৰ? আমি সিহঁতক দেখুন আলতীয়া মাটিৰ পৰা সৃষ্টি কৰিছো।

    [12] বৰং তুমি বিস্ময় বোধ কৰিছা, আৰু সিহঁতে বিদ্ৰূপ কৰি আছে।

    [13] আৰু যেতিয়া সিহঁতক উপদেশ দিয়া হয়, তেতিয়া সিহঁতে সেয়া গ্ৰহণ নকৰে।

    [14] আৰু যেতিয়া সিহঁতে কোনো নিদৰ্শন দেখে, তেতিয়া সিহঁতে উপহাস কৰে।

    [15] আৰু কয়, ‘এইটো দেখুন সুস্পষ্ট যাদুৰ বাহিৰে আন একো নহয়।

    [16] ‘আমি যেতিয়া মৃত্যুবৰণ কৰিম লগতে মাটি আৰু অস্থিত পৰিণত হম, তথাপিও আমাক পুনৰুত্থিত কৰা হ’বনে

    [17] ‘আৰু আমাৰ পিতৃ-পুৰুষ সকলোকো’

    [18] কোৱা, ‘হয়, আৰু তোমালোক হ’বা লাঞ্ছিত’।

    [19] এতেকে সেয়া কেৱল এটা মাত্ৰ প্ৰচণ্ড ধমক, তৎক্ষণাৎ সিহঁতে থৰ লাগি চাই থাকিব।

    [20] আৰু সিহঁতে ক’ব, ‘হায়! দুৰ্ভাগ্য আমাৰ! এইটো দেখুন প্ৰতিদান দিৱস’।

    [21] এইটোৱেই ফয়চালাৰ দিন, যি বিষয়ে তোমালোকে অবিশ্বাস কৰিছিলা।

    [22] (ফিৰিস্তাসকলক কোৱা হ’ব) ‘একত্ৰিত কৰা যালিমসকলক আৰু সিহঁতৰ সঙ্গী-সাৰথিসকলক আৰু সেইবোৰকো যিবোৰৰ সিহঁতে ইবাদত কৰিছিল

    [23] আল্লাহৰ বাহিৰে, আৰু সিহঁতক জাহান্নামৰ পথ দেখুৱাই দিয়া

    [24] ‘আৰু সিহঁতক ৰখোৱাচোন, নিশ্চয় সিহঁতক প্ৰশ্ন কৰা হ’ব।

    [25] ‘কি হ’ল তোমালোকৰ, তোমালোকে কিয় ইজনে সিজনৰ সহায় কৰা নাই এতিয়া’

    [26] প্ৰকৃততে সিহঁত হ’ব আজি আত্মসমৰ্পনকাৰী।

    [27] আৰু সিহঁতে ইজনে সিজনৰ মুখা-মখী হৈ সোধ-পোছ কৰিব

    [28] সিহঁতে ক’ব, ‘নিশ্চয় তোমালোকেই আমাৰ ওচৰলৈ শপত লৈ আহিছিলা’।

    [29] সিহঁতে (নেতৃস্থানীয় কাফিৰবিলাকে) ক’ব, ‘বৰং তোমালোকেই মুমিন নাছিলা

    [30] ‘আৰু তোমালোকৰ ওপৰত আমাৰ কোনো কৰ্তৃত্ব নাছিল; দৰাচলতে তোমালোকেই আছিলা সীমালংঘনকাৰী সম্প্ৰদায়।

    [31] ‘সেয়ে আমাৰ বিৰুদ্ধে আমাৰ প্ৰতিপালকৰ কথা সত্য হিচাপে সাব্যস্ত হৈছে, নিশ্চয় আমি শাস্তি আস্বাদন কৰিম।

    [32] ‘এতেকে আমিয়েই তোমালোকক বিভ্ৰান্ত কৰিছিলো, কাৰণ আমি নিজেও আছিলো বিভ্ৰান্ত’।

    [33] তাৰ পিছত নিশ্চয় সিহঁত আটায়ে সেইদিনা শাস্তিত অংশীদাৰ হ’ব।

    [34] নিশ্চয় আমি অপৰাধীবিলাকৰ লগত এনেকুৱা আচৰণেই কৰো।

    [35] সিহঁতক যেতিয়া কোৱা হৈছিল, ‘আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই’, তেতিয়া সিহঁতে অহংকাৰ কৰিছিল।

    [36] আৰু কৈছিল, ‘আমি এজন উন্মাদ কবিৰ কথাত আমাৰ ইলাহসমূহক বৰ্জন কৰিম নেকি’

    [37] বৰং তেওঁ সত্য লৈ আহিছে আৰু (বিগত) ৰাছুলসকলকো সত্য বুলি স্বীকাৰ কৰিছে।

    [38] নিশ্চয় তোমালোকে যন্ত্ৰণাদায়ক শাস্তিৰ আস্বাদনকাৰী হবা

    [39] আৰু তোমালোকে যি কৰিছিলা কেৱল তাৰেই প্ৰতিফল পাবা

    [40] কিন্তু তেওঁলোক নহয়, যিসকল আল্লাহৰ একনিষ্ঠ বান্দা।

    [41] তেওঁলোকৰ বাবে আছে নিৰ্ধাৰিত ৰিজিক্ব (জীৱিকা)

    [42] ফলমূল; আৰু তেওঁলোক হ’ব সন্মানিত

    [43] নিয়ামতেৰে ভৰা জান্নাতত

    [44] মুখা-মুখী হৈ আসনত বহিব।

    [45] তেওঁলোকৰ চাৰিওফালে ঘূৰি ঘূৰি পৰিবেশন কৰা হ’ব বিশুদ্ধ সুৰাপূৰ্ণ পাত্ৰ

    [46] শুভ্ৰ উজ্জ্বল, যিবোৰ হ’ব পানকাৰী সকলৰ বাবে সুস্বাদু।

    [47] তাত ক্ষতিকৰ একো নাথাকিব আৰু তেওঁলোক এইবোৰৰ দ্বাৰা মাতোৱালো নহ’ব।

    [48] তেওঁলোকৰ ওচৰত থাকিব আনত নয়না, ডাঙৰ চকু বিশিষ্টা (হূৰসকল)।

    [49] তেওঁলোক যেনিবা আচ্ছাদিত কণী।

    [50] তাৰ পিছত তেওঁলোকে পৰস্পৰে মুখা-মুখী হৈ সোধ-পোছ কৰিব।

    [51] তেওঁলোকৰ কোনোবাই ক’ব, ‘(পৃথিৱীত) মোৰ এজন সঙ্গী আছিল

    [52] সি কৈছিল, তুমিও সিহঁতৰ অন্তৰ্ভুক্ত নেকি, যিসকলে বিশ্বাস কৰে যে

    [53] ‘আমি যেতিয়া মৃত্যুবৰণ কৰিম আৰু আমি মাটি ও অস্থিত পৰিণত হম তেতিয়াও আমাক প্ৰতিফল দিয়া হ’বনে’

    [54] আল্লাহে ক’ব, ‘তোমালোকে তাক দেখিব বিচৰা নেকি’

    [55] তাৰ পিছত তেওঁ জুমি চাব আৰু তাক দেখা পাব জাহান্নামৰ মধ্যস্থলত

    [56] তেওঁ ক’ব, ‘আল্লাহৰ শপত! তুমিতো মোক প্ৰায় ধ্বংসহে কৰিছিলা

    [57] ‘মোৰ প্ৰতিপালকৰ অনুগ্ৰহ নহ’লে দেখুন ময়ো (জাহান্নামত) উপস্থিতকৃত ব্যক্তিসকলৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন।

    [58] (যিকে নহওঁক এতিয়া) আমাৰ আৰু দুনাই মৃত্যু নহয়

    [59] ‘আমাৰ প্ৰথম মৃত্যুৰ পিছত আৰু আমাক শাস্তিও দিয়া নহব!’

    [60] নিশ্চয় এইটোৱেই সেই মহাসফলতা।

    [61] এনেকুৱা সফলতাৰ বাবেই আমলকাৰী সকলে আমল কৰা উচিত

    [62] (কোৱাচোন) আপ্যায়নৰ বাবে এইবোৰেই উত্তম নে যাক্কূম গছ উত্তম

    [63] নিশ্চয় আমি যালিমসকলৰ বাবে ইয়াক পৰীক্ষাস্বৰূপ সৃষ্টি কৰিছো

    [64] এই গছ উৎপন্ন হয় জাহান্নামৰ তলৰ পৰা

    [65] ইয়াৰ থোপা হৈছে যেনিবা চয়তানৰ মূৰ

    [66] নিশ্চয় সিহঁতে এইটো ভক্ষণ কৰিব আৰু সেইটোৰ দ্বাৰাই পেট ভৰাব।

    [67] ইয়াৰ পিছতো সিহঁতৰ বাবে থাকিব উতলা পানীৰ মিশ্ৰণ।

    [68] তাৰ পিছত সিহঁতৰ প্ৰত্যাৱৰ্তন হ’ব জাহান্নামৰ জুইৰ ফালে।

    [69] নিশ্চয় সিহঁতে সিহঁতৰ পিতৃ-পুৰুষসকলক পাইছিল পথভ্ৰষ্ট

    [70] তথাপিও সিহঁতে সিহঁতৰ অনুসৰণত দ্ৰুত গতি কৰিছিল।

    [71] অৱশ্যে সিহঁতৰ পূৰ্বেও পূৰ্বৱৰ্তীসকলৰ সৰহভাগ মানুহেই বিপথগামী হৈছিল

    [72] অৱশ্যে আমি সিহঁতৰ মাজতো সতৰ্ককাৰী প্ৰেৰণ কৰিছিলো।

    [73] এতেকে চোৱা, যিসকলক সতৰ্ক কৰা হৈছিল, সিহঁতৰ পৰিণাম কি হৈছিল

    [74] কিন্তু আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ কথা স্বতন্ত্ৰ।

    [75] আৰু অৱশ্যে নূহে আমাক আহ্বান কৰিছিল, এতেকে (চোৱা) আমি কিমান উত্তমভাৱে সঁহাৰি জনাইছিলো

    [76] তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক আমি মহাসংকটৰ পৰা উদ্ধাৰ কৰিছিলো।

    [77] আৰু তেওঁৰ বংশধৰ সকলকেই আমি অৱশিষ্ট ৰাখিছিলো

    [78] আৰু আমি পৰবৰ্তীসকলৰ মাজত তেওঁৰ সুখ্যাতি ৰাখি দিছো।

    [79] সমগ্ৰ সৃষ্টিৰ মাজত নূহৰ প্ৰতি শান্তি বৰ্ষিত হওঁক।

    [80] নিশ্চয় আমি এইদৰেই সৎকৰ্মশীল সকলক পুৰষ্কৃত কৰো।

    [81] নিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম।

    [82] তাৰ পিছত আমি আনবিলাকক ডুবাই মাৰিছিলো।

    [83] আৰু নিশ্চয় ইব্ৰাহীম তেওঁৰ অনুসাৰী সকলৰেই অন্তৰ্ভুক্ত।

    [84] স্মৰণ কৰা, যেতিয়া তেওঁ নিজ প্ৰতিপালকৰ ওচৰত বিশুদ্ধচিত্তে উপস্থিত হৈছিল

    [85] যেতিয়া তেওঁ তেওঁৰ পিতৃক আৰু তেওঁৰ সম্প্ৰদায়ক সুধিছিল, ‘তোমালোকে কিহৰ ইবাদত কৰিছা

    [86] ‘তোমালোকে আল্লাহৰ পৰিবৰ্তে অলীক উপাস্যবোৰকে বিচৰা নেকি

    [87] ‘তেন্তে বিশ্বজগতৰ প্ৰতিপালক সম্পৰ্কে তোমালোকৰ ধাৰণা কি’

    [88] তাৰ পিছত তেওঁ তৰাসমূহৰ পিনে দৃষ্টিপাত কৰিলে।

    [89] আৰু ক’লে, ‘নিশ্চয় মই অসুস্থ’।

    [90] তাৰ পিছত সিহঁতে পৃষ্ঠপ্ৰদৰ্শন কৰি তেওঁৰ পৰা আঁতৰি গ’ল।

    [91] তাৰ পিছত তেওঁ চাইচিতি সিহঁতৰ উপাস্যবোৰৰ ওচৰত গ’ল, আৰু ক’লে, ‘তোমালোকে নোখোৱা কিয়’

    [92] ‘কি হ’ল তোমালোকৰ, কথা নোকোৱা কিয়’

    [93] তাৰ পিছত তেওঁ সিহঁতৰ ওপৰত সজোৰে আঘাত কৰিলে।

    [94] তেতিয়া (ঘূৰি আহি) মানুহে তেওঁৰ ফালে ঢাপলি মেলিলে।

    [95] তেওঁ ক’লে, ‘তোমালোকে সেইবোৰৰ উপাসনা কৰা নেকি, যিবোৰক তোমালোকে নিজেই নিৰ্মাণ কৰা’

    [96] ‘অথচ আল্লাহেই সৃষ্টি কৰিছে তোমালোকক আৰু তোমালোকে যি তৈয়াৰ কৰা সেইটোৱো তেৱেঁই সৃষ্টি কৰিছে’।

    [97] সিহঁতে ক’লে, ‘ইয়াৰ বাবে এটা স্থাপনা তৈয়াৰ কৰা, তাৰ পিছত ইয়াক জ্বলন্ত জুইত নিক্ষেপ কৰা’।

    [98] এইদৰেই সিহঁতে তেওঁৰ বিৰুদ্ধে চক্ৰান্তৰ সংকল্প কৰিছিল; কিন্তু আমি সিহঁতক সম্পূৰ্ণৰূপে পৰাভূত কৰি দিলো।

    [99] তেওঁ ক’লে, ‘মই মোৰ প্ৰতিপালকৰ ওচৰলৈ গৈ আছো, নিশ্চয় তেৱেঁই মোক হিদায়ত কৰিব

    [100] ‘হে মোৰ ৰব! মোক এজন সৎকৰ্মপৰায়ণ সন্তান দান কৰা’।

    [101] তাৰ পিছত আমি তেওঁক এজন সহিষ্ণু পুত্ৰৰ সুসংবাদ দিলো।

    [102] এতেকে যেতিয়া শিশুটো তেওঁৰ পিতৃৰ সৈতে চলাফুৰা কৰা অৱস্থাত উপনীত হ’ল, তেতিয়া ইব্ৰাহীমে ক’লে, ‘হে মোৰ চেনেহৰ পুত্ৰ! মই সপোনত দেখিলো যে, মই তোমাক যবেহ কৰি আছো, এতিয়া কোৱাচোন তোমাৰ অভিমত কি’? পুত্ৰই ক’লে, ‘হে মোৰ পিতৃ! আপুনি যি আদেশপ্ৰাপ্ত হৈছে সেইটোৱেই কৰক। আল্লাহৰ ইচ্ছাত আপুনি মোক ধৈৰ্যশীল সকলৰ অন্তৰ্ভুক্ত পাব’।

    [103] এতেকে তেওঁলোক উভয়ে যেতিয়া আনুগত্য প্ৰকাশ কৰিলে আৰু ইব্ৰাহীমে তেওঁৰ পুত্ৰক তলমূৰ কৰি শুৱাই ল’লে

    [104] তেতিয়া আমি তেওঁক মাতি ক’লো, ‘হে ইব্ৰাহীম

    [105] ‘তুমি দেখুন সপোনৰ আদেশ সঁচাই পালন কৰিলা! নিশ্চয় এইদৰেই আমি সৎকৰ্মশীল সকলক পুৰষ্কৃত কৰো’।

    [106] নিশ্চয় এইটো আছিল এটা সুস্পষ্ট পৰীক্ষা।

    [107] আৰু আমি তেওঁক মুক্ত কৰিলো এটা মহা কুৰবানীৰ বিনিময়ত।

    [108] আৰু আমি তেওঁৰ বাবে পৰবৰ্তীসকলৰ মাজত সুনাম-সুখ্যাতি ৰাখি দিছো।

    [109] শান্তি বৰ্ষিত হওঁক ইব্ৰাহীমৰ ওপৰত।

    [110] এইদৰেই আমি সৎকৰ্মশীলসকলক পুৰষ্কৃত কৰো।

    [111] নিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম

    [112] আৰু আমি তেওঁক ইছহাক্বৰ সুসংবাদ দিছিলো, তেওঁ আছিল এজন নবী, সৎকৰ্মশীলসকলৰ অন্যতম।

    [113] আৰু আমি ইব্ৰাহীমৰ ওপৰত বৰকত দান কৰিছিলো আৰু ইছহাক্বৰ ওপৰতো; আৰু তেওঁলোক উভয়েৰে বংশধৰসকলৰ মাজত আছিল কিছুমান সৎকৰ্মশীল আৰু কিছুমান আছিল নিজৰ প্ৰতি স্পষ্ট অত্যাচাৰী।

    [114] আৰু অৱশ্যে আমি অনুগ্ৰহ কৰিছিলো মূছা আৰু হাৰূনৰ প্ৰতি

    [115] আৰু তেওঁলোক উভয়কে লগতে তেওঁলোকৰ সম্প্ৰদায়কো উদ্ধাৰ কৰিছিলো মহাসংকটৰ পৰা।

    [116] আৰু আমি সহায় কৰিছিলো তেওঁলোকক, ফলত তেওঁলোকে বিজয়ী হৈছিল।

    [117] আৰু আমি উভয়কে বিশদ কিতাব প্ৰদান কৰিছিলো।

    [118] আৰু উভয়কে আমি পৰিচালিত কৰিছিলো সৰল পথত।

    [119] আৰু আমি তেওঁলোক উভয়ৰে বাবে পৰবৰ্তীসকলৰ মাজত সুনাম-সুখ্যাতি ৰাখি দিছো।

    [120] মুছা আৰু হাৰূনৰ ওপৰত বৰ্ষিত হওঁক ছালাম (শান্তি আৰু নিৰাপত্তা)।

    [121] এইদৰেই আমি সৎকৰ্মশীলসকলক পুৰষ্কৃত কৰো।

    [122] নিশ্চয় তেওঁলোক উভয়ে আছিল আমাৰ মুমিন বান্দাসকলৰ অন্তৰ্ভুক্ত।

    [123] আৰু ইলিয়াছো আছিল ৰাছুলসকলৰ অন্তৰ্ভুক্ত।

    [124] যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’

    [125] ‘তোমালোকে বাআলক আহ্বান কৰা নেকি? অথচ পৰিত্যাগ কৰা সৰ্বত্তোম স্ৰষ্টাক

    [126] ‘আল্লাহ, তেৱেঁই তোমালোকৰ ৰব, আৰু তোমালোকৰ পূৰ্বৱৰ্তী পিতৃ-পুৰুষসকলোৰো ৰব’।

    [127] কিন্তু সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল, সেয়ে সিহঁতক অৱশ্যে (শাস্তিৰ বাবে) উপস্থিত কৰা হ’ব।

    [128] কিন্তু আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ কথা স্বতন্ত্ৰ।

    [129] আৰু আমি তেওঁৰ বাবে পৰবৰ্তীসকলৰ মাজত সুনাম-সুখ্যাতি ৰাখি দিছো।

    [130] শান্তি বৰ্ষিত হওঁক ইলিয়াছৰ ওপৰত।

    [131] নিশ্চয় এইদৰেই আমি সৎকৰ্মশীল সকলক পুৰষ্কৃত কৰো।

    [132] নিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম।

    [133] আৰু নিশ্চয় লূতো আছিল ৰাছুল সকলৰ অন্তৰ্ভুক্ত।

    [134] স্মৰণ কৰা, যেতিয়া আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গৰ সকলোকে উদ্ধাৰ কৰিছিলো

    [135] কেৱল পিছত ৰৈ যোৱা সকলৰ অন্তৰ্ভুক্ত এজনী বৃদ্ধাৰ বাহিৰে।

    [136] তাৰ পিছত অৱশিষ্টসকলক আমি সম্পূৰ্ণৰূপে ধ্বংস কৰিছিলো।

    [137] আৰু নিশ্চয় তোমালোকে সিহঁতৰ ধ্বংস প্ৰাপ্ত অঞ্চলেদি অতিক্ৰম কৰা পুৱাৰ ভাগত

    [138] আৰু ৰাতিতো। তথাপিও তোমালোকে বুজি নোপোৱানে

    [139] আৰু নিশ্চয় ইউনুছো আছিল ৰাছুলসকলৰ অন্তৰ্ভুক্ত।

    [140] স্মৰণ কৰা, যেতিয়া তেওঁ বোজাই নৌযানৰ পিনে পলাই গ’ল

    [141] তাৰ পিছত তেওঁ লটাৰিত যোগদান কৰিলে আৰু তাত তেওঁ পৰাভূত সকলৰ অন্তৰ্ভুক্ত হ’ল।

    [142] তাৰ পিছত এটা ডাঙৰ মাছে তেওঁক গিলি পেলালে, আৰু তেওঁ নিজকে ধিক্কাৰ দি আছিল।

    [143] আৰু তেওঁ যদি আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণাকাৰী সকলৰ অন্তৰ্ভুক্ত নহ’লেহেঁতেন

    [144] তেন্তে তেওঁ পুনৰুত্থানৰ দিন লৈকে মাছৰ পেটতেই থাকিলেহেঁতেন।

    [145] অৱশেষত তেওঁক আমি নিক্ষেপ কৰিলো এটা তৃণহীন ঠাইত, আৰু তেওঁ আছিল অসুস্থ।

    [146] আৰু আমি তাৰ ওপৰত ইয়াকতীন প্ৰজাতিৰ এটা গছ গজাই তুলিলো

    [147] আৰু তেওঁক আমি এক লাখ বা তাতোকৈ বেছি লোকৰ ওচৰত প্ৰেৰণ কৰিলো।

    [148] এতেকে তেওঁলোকে ঈমান আনিছিল, ফলত আমি তেওঁলোকক কিছু কালৰ বাবে জীৱনোপভোগ কৰিবলৈ দিলো।

    [149] এতেকে সিহঁতক সোধাচোন, ‘(এইটো কেনেকুৱা কথা) তোমাৰ প্ৰতিপালকৰ বাবে কন্যা সন্তান আৰু সিহঁতৰ বাবে পুত্ৰ সন্তান’

    [150] অথবা আমি ফিৰিস্তাসকলক নাৰীৰূপে সৃষ্টি কৰিছিলো নেকি যে, সেয়া সিহঁতে দেখিছিল

    [151] জানি থোৱা, নিশ্চয় সিহঁতে মনেসজা কথা কয় যে

    [152] ‘আল্লাহে সন্তান জন্ম দিছে’। নিশ্চয় সিহঁত মিছলীয়া।

    [153] তেওঁ পুত্ৰ সন্তানৰ পৰিবৰ্তে কন্যা সন্তান পছন্দ কৰিছে নেকি

    [154] কি হৈছে তোমালোকৰ? তোমালোকে কেনেকুৱা বিচাৰ কৰা

    [155] তেন্তে তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে

    [156] নে তোমালোকৰ কোনো সুস্পষ্ট দলীল-প্ৰমাণ আছে

    [157] যদি তোমালোকে সত্যবাদী তেন্তে তোমালোকৰ কিতাব লৈ আহা।

    [158] সিহঁতে আল্লাহ আৰু জিন জাতিৰ মাজত আত্মীয়তাৰ সম্পৰ্ক স্থিৰ কৰিছে, অথচ জিনবিলাকে জানে যে, নিশ্চয় সিহঁতক উপস্থিত কৰা হ’ব (শাস্তিৰ বাবে)।

    [159] সিহঁতে যি আৰোপ কৰে তাৰ পৰা আল্লাহ পৱিত্ৰ আৰু মহান

    [160] কেৱল আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ বাহিৰে।

    [161] নিশ্চয় তোমালোকে আৰু তোমালোকে যিবোৰৰ ইবাদত কৰা সেইবোৰে

    [162] (একনিষ্ঠ বান্দাসকলৰ) কাকো তোমালোকে আল্লাহ সম্পৰ্কে বিভ্ৰান্ত কৰিব নোৱাৰিবা

    [163] কেৱল প্ৰজ্জ্বলিত জুইত যিজন দগ্ধ হ’ব তাৰ বাহিৰে।

    [164] আৰু (জিব্ৰীলে ক’লে) ‘আমাৰ প্ৰত্যেকৰে বাবে আছে নিৰ্ধাৰিত স্থান

    [165] ‘আৰু নিশ্চয় আমি শাৰীবদ্ধভাৱে দণ্ডায়মান

    [166] ‘আৰু নিশ্চয় আমি তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণাকাৰী’।

    [167] আৰু সিহঁতে (মক্কাবাসীবিলাকে) অৱশ্যে কৈছিল

    [168] ‘পূৰ্বৱৰ্তীসকলৰ দৰে যদি আমাৰো এখন উপদেশমূলক কিতাব থাকিলেহেঁতেন

    [169] ‘তেন্তে অৱশ্যে আমি আল্লাহৰ একনিষ্ঠ বান্দা হ’লোহেঁতেন’।

    [170] কিন্তু সিহঁতে সেয়া (কোৰআনক) অস্বীকাৰ কৰিলে, এতেকে অনতিপলমে সিহঁতে জানিবলৈ পাব।

    [171] নিশ্চয় আমাৰ প্ৰেৰিত বান্দাসকলৰ বিষয়ে আমাৰ এই কথা পূৰ্বেই নিৰ্ধাৰিত হৈছে যে

    [172] নিশ্চয় তেওঁলোক সাহায্যপ্ৰাপ্ত হ’ব।

    [173] আৰু নিশ্চয় আমাৰ সৈন্যবাহিনীয়েই বিজয়ী হ’ব।

    [174] এতেকে কিছু সময়ৰ বাবে তুমি সিহঁতৰ পৰা মুখ ঘূৰাই থাকা।

    [175] আৰু তুমি সিহঁতক পৰ্যবেক্ষণ কৰা, অতিশীঘ্ৰে সিহঁতে দেখিবলৈ পাব (ইয়াৰ পৰিণাম)।

    [176] সিহঁতে আমাৰ শাস্তি ত্বৰান্বিত কৰিব বিচাৰে নেকি

    [177] এতেকে যেতিয়া সিহঁতৰ চোতালত শাস্তি নামি আহিব তেতিয়া সতৰ্ককৃত বিলাকৰ প্ৰভাত কিমান যে নিকৃষ্ট হ’ব

    [178] আৰু কিছু সময়ৰ বাবে তুমি সিহঁতৰ পৰা মুখ ঘূৰাই থাকা।

    [179] তুমি সিহঁতক পৰ্যবেক্ষণ কৰা, অতিশীঘ্ৰে সিহঁতে দেখিবলৈ পাব (ইয়াৰ পৰিণাম)।

    [180] সিহঁতে যি আৰোপ কৰে, তাৰ পৰা তোমাৰ ৰব পৱিত্ৰ আৰু মহান, সকলো ক্ষমতাৰ অধিকাৰী।

    [181] আৰু শান্তি বৰ্ষিত হওঁক ৰাছুলসকলৰ প্ৰতি।

    [182] আৰু সকলো ধৰণৰ প্ৰশংসা কেৱল সৃষ্টিজগতৰ ৰব আল্লাহৰেই প্ৰাপ্য।

    Surah 38
    ছোয়াদ

    [1] চোৱাদ, শপত উপদেশপূৰ্ণ কোৰআনৰ

    [2] বৰং কাফিৰসকল ঔদ্ধত্য আৰু বিৰোধিতাত নিপতিত হৈ আছে।

    [3] ইহঁতৰ পূৰ্বে আমি বহুতো জনগোষ্ঠীক ধ্বংস কৰিছো, তেতিয়া সিহঁতে (সহায় বিচাৰি) চিঞঁৰিছিল। কিন্তু তেতিয়া পৰিত্ৰাণৰ কোনো সময় নাছিল।

    [4] আৰু সিহঁতে বিস্ময় বোধ কৰিছে যে, সিহঁতৰ ওচৰত সিহঁতৰ মাজৰ পৰাই এজন সতৰ্ককাৰী আহিছে আৰু কাফিৰসকলে কয়, ‘এওঁ এজন যাদুকৰ, মিছলীয়া’।

    [5] ‘এওঁ সকলো ইলাহক কেৱল এজন ইলাহ বনাই লৈছে নেকি? নিশ্চয় এইটো এটা অত্যাশ্চৰ্য বিষয়!’

    [6] আৰু সিহঁতৰ নেতৃস্থানীয় ব্যক্তিসকলে এই কথা কৈ আঁতৰি যায় যে, ‘তোমালোকেও গুচি যোৱা আৰু নিজ নিজ উপাস্যবিলাকৰ পূজাত অবিচল থাকা। নিশ্চয় এই বিষয়টো উদ্দেশ্যমূলক’।

    [7] আমি আন কোনো ধৰ্মাদৰ্শত এনেকুৱা কথা কেতিয়াও শুনা নাই, এইটো মনেসজা উক্তিৰ বাহিৰে আন একো নহয়।

    [8] ‘আমাৰ মাজৰ পৰা কেৱল তেওঁৰ ওপৰতহে যিকৰ (কোৰআন) অৱতীৰ্ণ কৰা হ’ল’? প্ৰকৃততে সিহঁতে আমাৰ কোৰআন সম্পৰ্কে সন্দেহত পতিত হৈছে। বৰং সিহঁতে এতিয়াও মোৰ শাস্তি ভোগ কৰা নাই।

    [9] অথবা সিহঁতৰ ওচৰত তোমাৰ প্ৰতিপালকৰ ভাণ্ডাৰ আছে নেকি? যিজন মহাপৰাক্ৰমশালী, অসীম দাতা।

    [10] অথবা আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজৰ সকলো বস্তুৰ ওপৰত সিহঁতৰ কোনো কৰ্তৃত্ব আছে নেকি? যদি আছে তেনেহ’লে সিহঁতে কোনো উপায় অৱলম্বন কৰি (আকাশলৈ) আৰোহণ কৰা উচিত

    [11] এই বাহিনী তাত অৱশ্যে পৰাজিত হ’ব, পূৰ্বৱৰ্তী দলসমূহৰ দৰে।

    [12] ইহঁতৰ পূৰ্বেও অস্বীকাৰ কৰিছিল নূহৰ সম্প্ৰদায়ে, আদ আৰু লৌহ শলাধাৰী ফিৰআউনে

    [13] আৰু ছামূদ, লগতে লূত সম্প্ৰদায় আৰু আইকাৰ অধিবাসীবিলাকেও। সিহঁত আছিল একো একোটা বিশাল বাহিনী।

    [14] সিহঁতৰ প্ৰত্যেকেই ৰাছুলসকলক অস্বীকাৰ কৰিছিল। ফলত সিহঁতৰ ওপৰত আমাৰ শাস্তি সাব্যস্ত হৈছিল।

    [15] আৰু ইহঁত কেৱল আপেক্ষা কৰি আছে এটা বিকট শব্দৰ, যাৰ পিছত কোনো বিৰাম নাথাকিব।

    [16] আৰু সিহঁতে ক’ব, ‘হে আমাৰ ৰব! হিচাপ দিৱসৰ পূৰ্বেই আমাৰ প্ৰাপ্য আমাক শীঘ্ৰে প্ৰদান কৰা!’

    [17] সিহঁতে যি কয় সেই বিষয়ে তুমি ধৈৰ্য ধাৰণ কৰা আৰু স্মৰণ কৰা আমাৰ শক্তিশালী বান্দা দাউদৰ কথা, নিশ্চয় তেওঁ আছিল অধিক আল্লাহ অভিমুখী (তাওবাকাৰী)।

    [18] নিশ্চয় আমি পৰ্বতমালাক অনুগত কৰি দিছিলো, যাতে এইবোৰে তেওঁৰ লগত পুৱা-গধূলি মোৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে

    [19] আৰু সমবেত চৰাইবোৰকো (অনুগত কৰি দিছিলো); প্ৰত্যেকেই আছিল অধিক আল্লাহ অভিমুখী।

    [20] আৰু আমি তেওঁৰ ৰাজ্যক সুদৃঢ় কৰিছিলো আৰু তেওঁক প্ৰদান কৰিছিলো হিকমত আৰু মীমাংসাকাৰী বাগ্মিতা।

    [21] আৰু তোমাৰ ওচৰত বিবদমান লোকসকলৰ সংবাদ আহি পাইছেনে? যেতিয়া সিহঁতে প্ৰাচীৰ বগাই ইবাদতৰ ঠাইত প্ৰৱেশ কৰিছিল।

    [22] যেতিয়া তেওঁলোকে দাউদৰ ওচৰত প্ৰৱেশ কৰিলে, তেতিয়া তেওঁ তেওঁলোকক দেখি ভয় খালে। তেওঁলোকে ক’লে, ‘ভয় নকৰিব, আমি দুটা বিবদমান পক্ষ। আমাৰ ইজনে সিজনৰ ওপৰত সীমালংঘন কৰিছে, এতেকে আপুনি আমাৰ মাজত ন্যায় বিচাৰ কৰি দিয়ক, অবিচাৰ নকৰিব আৰু আমাক সঠিক পথ প্ৰদৰ্শন কৰক।

    [23] ‘নিশ্চয় এওঁ মোৰ ভাতৃ। এওঁৰ নিৰানব্বৈ টা ভেৰা আছে; আৰু মোৰ আছে কেৱল এটা ভেৰা। তথাপিও তেওঁ কয়, ‘সেইটো মোক দি দিয়া’, আৰু তৰ্কত তেওঁ মোৰ ওপৰত প্ৰাধান্য বিস্তাৰ কৰিছে’।

    [24] দাউদে ক’লে, ‘তোমাৰ ভেৰাটোক তেওঁৰ ভেৰাবোৰৰ লগত যুক্ত কৰাৰ দাবী কৰি তেওঁ তোমাৰ প্ৰতি অন্যায় কৰিছে। নিশ্চয় যৌথ অংশীদাৰবিলাকৰ বহুতেই ইজনে সিজনৰ ওপৰত সীমালংঘন কৰে, কেৱল তেওঁলোকৰ বাহিৰে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, কিন্তু তেওঁলোক সংখ্যাত অতি তাকৰ’। দাউদে বুজি পালে আমি তেওঁক পৰীক্ষাহে কৰিলো। তাৰ পিছত তেওঁ নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে আৰু নত হৈ ছাজদাহ অৱনত হ’ল, আৰু তেওঁৰ অভিমুখী হ’ল।

    [25] তেতিয়া আমি তেওঁক ক্ষমা কৰি দিলো। নিশ্চয় আমাৰ ওচৰত তেওঁৰ বাবে আছে নৈকট্যৰ মৰ্যাদা আৰু উত্তম প্ৰত্যাৱৰ্তনস্থল।

    [26] ‘হে দাউদ! নিশ্চয় আমি তোমাক পৃথিৱীত প্ৰতিনিধি বনাইছো, এতেকে তুমি মানুহৰ মাজত সুবিচাৰ কৰা আৰু প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা, কিয়নো এনে কৰিলে ই তোমাক আল্লাহৰ পথৰ পৰা বিচ্যুত কৰিব’। নিশ্চয় যিসকলে আল্লাহৰ পথৰ পৰা বিচ্যুত হয় সিহঁতৰ বাবে আছে কঠিন শাস্তি, কাৰণ সিহঁতে বিচাৰ দিৱসক পাহৰি গৈছে।

    [27] আৰু আমি আকাশ, পৃথিৱী লগতে এই দুয়োৰ মাজত থকা কোনো বস্তুকেই অনৰ্থক সৃষ্টি কৰা নাই। এইটো ধাৰণা কেৱল সিহঁতৰ যিসকলে কুফৰী কৰিছে, এতেকে যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে অগ্নিৰ দুৰ্ভোগ।

    [28] যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আমি তেওঁলোকক পৃথিৱীত বিপৰ্যয় সৃষ্টিকাৰীসকলৰ সমতুল্য গণ্য কৰিম নেকি? নে আমি মুত্তাক্বীসকলক পাপীষ্টবিলাকৰ দৰে গণ্য কৰিম

    [29] এখন বৰকতময় পুথি, যিটো আমি তোমাৰ প্ৰতি অৱতীৰ্ণ কৰিছো, যাতে মানুহে ইয়াৰ আয়াতসমূহত গভীৰভাৱে চিন্তা কৰে আৰু যাতে বোধশক্তি সম্পন্ন ব্যক্তিসকলে উপদেশ গ্ৰহণ কৰে।

    [30] আৰু আমি দাউদক দান কৰিছিলো ছুলাইমান। কিমান যে উত্তম বান্দা আছিল তেওঁ! নিশ্চয় তেওঁ আছিল অতিশয় আল্লাহ অভিমুখী।

    [31] স্মৰণ কৰা, গধূলি যেতিয়া তেওঁৰ সন্মুখত দ্ৰুতগামী উৎকৃষ্ট অশ্বৰাজিক উপস্থাপন কৰা হ’ল

    [32] তেতিয়া তেওঁ ক’লে, ‘মই দেখুন মোৰ প্ৰতিপালকৰ স্মৰণৰ পৰা বিমুখ হৈ ঐশ্বৰ্য প্ৰীতিত মগ্ন হৈ পৰিছো, ইপিনে সূৰ্য পৰ্দাৰ আঁৰত গুচি গৈছে

    [33] ‘এইবোৰক মোৰ ওচৰলৈ ঘূৰাই আনা’। তাৰ পিছত তেওঁ সেইবোৰৰ ভৰি আৰু ডিঙিত আঘাত কৰি জবেহ কৰিবলৈ ধৰিলে।

    [34] অৱশ্যে আমি ছুলাইমানক পৰীক্ষা কৰিছিলো আৰু তেওঁৰ আসনৰ ওপৰত ৰাখিছিলো এটি দেহ, তাৰ পিছত ছুলাইমান আমাৰ অভিমুখী হ’ল।

    [35] তেওঁ ক’লে, ‘হে মোৰ ৰব! মোক ক্ষমা কৰি দিয়া আৰু মোক এনেকুৱা এখন ৰাজ্য দান কৰা যিটো মোৰ পিছত আন কাৰো বাবে প্ৰযোজ্য নহ’ব। নিশ্চয় তুমি পৰম দাতা’।

    [36] তেতিয়া আমি বতাহক তেওঁৰ অধীন কৰি দিলো, যিটো তেওঁৰ আদেশত তেওঁ য’ত ইচ্ছা কৰিছিল সেই ঠাইতে মৃদুমন্দভাৱে প্ৰবাহিত হৈছিল

    [37] আৰু (অধীন কৰি দিছিলো) প্ৰত্যেক অট্টালিকা নিৰ্মাণকাৰী আৰু ডুবাৰু ছয়তানবোৰকো

    [38] শিকলিত আৱদ্ধ আৰু বহুতকে।

    [39] এইবোৰ আমাৰ অনুগ্ৰহ, এতেকে ইয়াৰ পৰা তুমি আনকো দান কৰিব পাৰা আৰু নিজৰ বাবেও সাঁচি থব পাৰা। ইয়াৰ কোনো হিচাব দিব নালাগে।

    [40] আৰু নিশ্চয় তেওঁৰ বাবে আছে আমাৰ ওচৰত নৈকট্যৰ মৰ্যাদা আৰু উত্তম প্ৰত্যাৱৰ্তনস্থল।

    [41] আৰু স্মৰণ কৰা, আমাৰ বান্দা আইয়্যুবক, যেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, ‘নিশ্চয় মোক চয়তানে যন্ত্ৰণা আৰু কষ্টত পেলাইছে’

    [42] (মই তেওঁক ক’লো,) ‘তুমি নিজৰ ভৰিৰে ভূমিত আঘাত কৰা, এয়া হৈছে গা ধুবৰ বাবে সুশীতল পানী আৰু পানীয়’।

    [43] আৰু আমি তেওঁক দান কৰিলো তেওঁৰ পৰিয়ালবৰ্গ আৰু তেওঁলোকৰ দৰে আৰু বহুতো, আমাৰ ফালৰ পৰা অনুগ্ৰহস্বৰূপ আৰু বোধশক্তি সম্পন্ন লোকসকলৰ বাবে উপদেশস্বৰূপ।

    [44] আৰু (আমি তেওঁক আদেশ কৰিলো) ‘তুমি এমুঠি ঘাঁহ লোৱা আৰু সেইটোৰে তুমি কোবোৱা তথাপিও শপত ভঙ্গ নকৰিবা’। নিশ্চয় আমি তেওঁক ধৈৰ্যশীল পাইছিলো। কিমান যে উত্তম বান্দা আছিল তেওঁ! নিশ্চয় তেওঁ আছিল আমাৰ অভিমুখী।

    [45] আৰু স্মৰণ কৰা, আমাৰ বান্দা ইব্ৰাহীম, ইছহাক্ব আৰু ইয়াকূবৰ কথা, তেওঁলোক আটায়ে আছিল শক্তিশালী আৰু সূক্ষ্মদৰ্শী।

    [46] নিশ্চয় আমি তেওঁলোকক এটা বিশেষ গুণৰ অধিকাৰী কৰিছিলো, সেয়া আছিল আখিৰাতৰ স্মৰণ।

    [47] আৰু নিশ্চয় তেওঁলোক আছিল আমাৰ ওচৰত মনোনীত উত্তম বান্দাসকলৰ অন্যতম।

    [48] আৰু স্মৰণ কৰা, ইছমাঈল, আল-ইয়াচআ আৰু জুল-কিফলৰ কথা, এওঁলোক আটায়ে আছিল সজ্জনসকলৰ অন্তৰ্ভুক্ত।

    [49] এইটো এটা স্মৰণ। নিশ্চয় মুত্তাক্বীসকলৰ বাবে আছে উত্তম আবাস

    [50] চিৰস্থায়ী জান্নাত, যাৰ দুৱাৰসমূহ তেওঁলোকৰ বাবে উন্মুক্ত।

    [51] তাত তেওঁলোকে আউজি বহিব, তাত তেওঁলোকে বহু ধৰণৰ ফলমূল আৰু পানীয় আনিবলৈ ক’ব।

    [52] আৰু তেওঁলোকৰ ওচৰত থাকিব আনতনয়না সমবয়সীয়া (গাভুৰু ছোৱালীসকল)।

    [53] এইটো হিচাপ দিৱসৰ বাবে তোমালোকক দিয়া প্ৰতিশ্ৰুতি।

    [54] নিশ্চয় এইটো আমি প্ৰদান কৰা ৰিজিক্ব যিটো কেতিয়াও নিঃশেষ নহ’ব।

    [55] এইটোৱেই। নিশ্চয় সীমালংঘনকাৰী বিলাকৰ বাবে আছে নিকৃষ্টতম প্ৰত্যাৱৰ্তনস্থল

    [56] জাহান্নাম, তাত সিহঁত অগ্নিদগ্ধ হ’ব, (এয়া) কিমান যে নিকৃষ্ট বিশ্ৰামস্থল

    [57] এইটোৱেই। এতেকে সিহঁতে উতলা পানী আৰু গেলা-পূঁজৰ সোৱাদ লওঁক।

    [58] আৰু আছে এই জাতীয় বিভিন্ন ধৰণৰ শাস্তি।

    [59] এয়া এটা বাহিনী, তোমালোকৰ লগতেই প্ৰৱেশ কৰিছে। সিহঁতৰ বাবে কোনো অভিনন্দন নাই। নিশ্চয় সিহঁত জুইত জ্বলিব।

    [60] অনুসাৰীসকলে ক’ব, ‘বৰং তোমালোকেও (জুইত জ্বলিবা), তোমালোকৰ বাবেও কোনো অভিনন্দন নাই। তোমালোকেই আমাৰ বাবে এই বিপদ আনিছা। এতেকে কিমান যে নিকৃষ্ট এই আবাসস্থল!’

    [61] সিহঁতে ক’ব, ‘হে আমাৰ ৰব! যিয়ে আমাৰ বাবে এই বিপদ কঢ়িয়াই আনিছে, জাহান্নামত তাক তুমি দ্বিগুণ শাস্তি দিয়া’।

    [62] সিহঁতে আৰু ক’ব যে, ‘কি হ’ল, আমি যিসকল লোকক বেয়া বুলি গণ্য কৰিছিলো সিহঁতক দেখুন (ইয়াত) দেখা পোৱা নাই’।

    [63] ‘আমি সিহঁতক এনেই উপলুঙা কৰিছিলো নেকি, নে সিহঁতৰ বিষয়ে আমাৰ দৃষ্টি বিভ্ৰম ঘটিছে’

    [64] নিশ্চয় এইটো বাস্তৱ সত্য, জাহান্নামীসকলৰ এয়া পাৰস্পৰিক বাদ-প্ৰতিবাদ।

    [65] কোৱা, ‘মইহে কেৱল এজন সতৰ্ককাৰী মাথোন আৰু আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ একক, প্ৰবল প্ৰতাপশালী।

    [66] ‘তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত থকা সকলো বস্তুৰ ৰব, প্ৰবল পৰাক্ৰমশালী, পৰম ক্ষমাশীল’।

    [67] কোৱা, ‘এইটো এটা মহাসংবাদ

    [68] ‘যিটোৰ পৰা তোমালোকে বিমুখ হৈ আছা।

    [69] ‘উৰ্দ্ধলোক সম্পৰ্কে মোৰ কোনো জ্ঞান নাছিল যেতিয়া তেওঁলোকে বাদানুবাদ কৰিছিল।

    [70] ‘মোৰ ওচৰত এই অহী আহিছে যে, মই কেৱল এজন সতৰ্ককাৰী মাথোন’।

    [71] স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক কৈছিল, ‘মই আলতীয়া বোকা মাটিৰে মানুহ সৃষ্টি কৰিম

    [72] ‘এতেকে যেতিয়া আমি তেওঁক সুষম কৰিম আৰু তাত মোৰ ৰূহ সঞ্চাৰ কৰিম, তেতিয়া তোমালোকে তেওঁৰ প্ৰতি ছাজদাৱনত হ’বা’।

    [73] ‘তেতিয়া ফিৰিস্তাসকল আটায়ে ছাজদাৱনত হ’ল

    [74] কেৱল ইবলীছৰ বাহিৰে, সি অহংকাৰ কৰিলে আৰু কাফিৰবিলাকৰ অন্তৰ্ভুক্ত হ’ল।

    [75] আল্লাহে ক’লে, ‘হে ইবলীছ! মই যাক মোৰ দুহাতেৰে সৃষ্টি কৰিছো, তেওঁৰ প্ৰতি ছাজদাৱনত হ’বলৈ তোমাক কিহে বাধা প্ৰদান কৰিলে? তুমি অহংকাৰ কৰিলা নেকি? নে তুমি অধিক উচ্চ মৰ্যাদাসম্পন্ন’

    [76] সি ক’লে, ‘মই তেওঁতকৈ শ্ৰেষ্ঠ। তুমি মোক অগ্নিৰে সৃষ্টি কৰিছা আৰু তেওঁক সৃষ্টি কৰিছা আলতীয়া বোকা মাটিৰে’।

    [77] তেওঁ ক’লে, ‘তুমি ইয়াৰ পৰা ওলাই যোৱা, কিয়নো নিশ্চয় তুমি অভিশপ্ত।

    [78] ‘আৰু নিশ্চয় তোমাৰ ওপৰত মোৰ অভিশাপ থাকিব, কৰ্মফল দিৱস লৈকে’।

    [79] সি ক’লে, ‘হে মোৰ ৰব! এতেকে তুমি মোক অৱকাশ দিয়া সেই দিন লৈকে যিদিনা সিহঁতক পুনৰুত্থিত কৰা হ’ব’।

    [80] তেওঁ ক’লে, ‘যোৱা, নিশ্চয় তুমি অৱকাশ প্ৰাপ্তবিলাকৰ অন্তৰ্ভুক্ত

    [81] ‘নিৰ্ধাৰিত সময় উপস্থিত হোৱাৰ দিন লৈকে’।

    [82] সি ক’লে, ‘তোমাৰ ক্ষমতা-সন্মানৰ শপত! অৱশ্যে মই সিহঁতৰ আটাইকে পথভ্ৰষ্ট কৰিম

    [83] ‘কিন্তু সিহঁতৰ মাজৰ তোমাৰ একনিষ্ঠ বান্দাসকলৰ বাহিৰে’।

    [84] আল্লাহে ক’লে, ‘তেন্তে এইটোৱেই সত্য, আৰু মই সত্যহে কওঁ

    [85] ‘অৱশ্যে তোমাৰ দ্বাৰা আৰু সিহঁতৰ মাজৰ যিবিলাকে তোমাৰ অনুসৰণ কৰিব সিহঁত সকলোৰে দ্বাৰা মই জাহান্নাম পূৰ্ণ কৰিম’।

    [86] কোৱা, ‘মই ইয়াৰ বাবে তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰো আৰু মই কোনো প্ৰবঞ্চক-ছলনাকাৰীও নহয়’।

    [87] এয়া কেৱল সৃষ্টিজগতৰ বাবে উপদেশ মাত্ৰ।

    [88] আৰু ইয়াৰ সংবাদ তোমালোকে অৱশ্যে জানিবা, কিছুদিন পিছত।

    Surah 39
    আজ-জুমার

    [1] এই কিতাব মহা পৰাক্ৰমশালী, প্ৰজ্ঞাময় আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ।

    [2] নিশ্চয় আমি তোমাৰ ওচৰত এই কিতাব যথাযথভাৱে অৱতীৰ্ণ কৰিছো। এতেকে তুমি আল্লাহৰ আনুগত্যত একনিষ্ঠ হৈ তেওঁৰেই ইবাদত কৰা।

    [3] জানি থোৱা! বিশুদ্ধ আনুগত্য কেৱল আল্লাহৰেই প্ৰাপ্য। যিসকলে আল্লাহৰ পৰিবৰ্তে আনক অভিভাৱকৰূপে গ্ৰহণ কৰে সিহঁতে কয়, ‘আমি কেৱল এই বাবেই ইহঁতৰ ইবাদত কৰো যে, ইহঁতে আমাক আল্লাহৰ নৈকট্য লাভ কৰাই দিব’। সিহঁতে যি বিষয়ে নিজৰ মাজত মতভেদ কৰি আছে নিশ্চয় আল্লাহে সিহঁতৰ মাজত সেই বিষয়ে মীমাংসা কৰি দিব। নিশ্চয় আল্লাহে মিছলীয়া কাফিৰক হিদায়ত দান নকৰে।

    [4] যদি আল্লাহে সন্তান গ্ৰহণ কৰিব বিচাৰিলেহেঁতেন, তেন্তে তেওঁ যি সৃষ্টি কৰিছে তাৰ পৰাই যাক ইচ্ছা মনোনীত কৰি ল'লেহেঁতেন। কিন্তু তেওঁ পৱিত্ৰ আৰু মহান! তেওঁ আল্লাহ, একক (অদ্বিতীয়), প্ৰবল প্ৰতাপশালী।

    [5] তেৱেঁই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে। তেৱেঁই ৰাতিৰ দ্বাৰা দিনক আচ্ছাদিত কৰে আৰু ৰাতিক আচ্ছাদিত কৰে দিনৰ দ্বাৰা। সূৰ্য আৰু চন্দ্ৰক তেৱেঁই কৰিছে নিয়মাধীন। প্ৰত্যেকই এটা নিৰ্ধাৰিত সময় লৈকে গতি কৰে। জানি থোৱা! তেওঁ মহা পৰাক্ৰমশালী, ক্ষমাশীল।

    [6] তেৱেঁই তোমালোকক সৃষ্টি কৰিছে এজন ব্যক্তিৰ পৰা। তাৰ পিছত তেওঁ তাৰ পৰা তাৰ যোৰা সৃষ্টি কৰিছে। তেৱেঁই তোমালোকৰ বাবে আঠ যোৰা ঘৰচীয়া জন্তু অৱতীৰ্ণ কৰিছে। তেৱেঁই তোমালোকক তোমালোকৰ মাতৃগৰ্ভৰ ত্ৰিবিধ অন্ধকাৰত পৰ্যায়ক্ৰমে সৃষ্টি কৰিছে। তেৱেঁই আল্লাহ; তোমালোকৰ ৰব; সাৰ্বভৌম কৰ্তৃত্ব কেৱল তেওঁৰেই; তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকক ক’লৈ ঘূৰাই নিয়া হৈছে

    [7] যদি তোমালোকে কুফৰী কৰা তেন্তে (জানি থোৱা) আল্লাহ তোমালোকৰ মুখাপেক্ষী নহয়। তেওঁ নিজ বান্দাসকলৰ বাবে কুফৰী পছন্দ নকৰে, আৰু যদি তোমালোকে কৃতজ্ঞ হোৱা তেন্তে তেওঁ তোমালোকৰ বাবে এয়া পছন্দ কৰে। কোনো বোজা বহনকাৰীয়েই আনৰ বোজা বহন নকৰিব। তাৰ পিছত তোমালোকৰ প্ৰতিপালকৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন। তেতিয়া তোমালোকে যি আমল কৰিছিলা সেয়া তেওঁ তোমালোকক অৱহিত কৰিব। নিশ্চয় অন্তৰত যি আছে সেই বিষয়ে তেওঁ সম্যক অৱগত।

    [8] আৰু মানুহক যেতিয়া দুঃখ-দৈন্যই স্পৰ্শ কৰে তেতিয়া সি একাগ্ৰচিত্তে নিজ প্ৰতিপালককহে আহ্বান কৰে। তাৰ পিছত তেওঁ যেতিয়া তেওঁৰ তৰফৰ পৰা তাৰ প্ৰতি অনুগ্ৰহ কৰে, তেতিয়া সি পাহৰি যায় যে ইতিপূৰ্বে কি কাৰণত সি তেওঁৰ ওচৰত দুআ কৰিছিল, আৰু সি আল্লাহৰ সমকক্ষ স্থিৰ কৰিবলৈ ধৰে, আনক তেওঁৰ পথৰ পৰা বিভ্ৰান্ত কৰাৰ বাবে। কোৱা, ‘কুফৰীৰ জীৱন তুমি কিছুকাল উপভোগ কৰি লোৱা। নিশ্চয় তুমি অগ্নিবাসীবিলাকৰ অন্তৰ্ভুক্ত’।

    [9] যি ব্যক্তি ৰাতিৰ বিভিন্ন প্ৰহৰত ছাজদাৱনত হৈ আৰু থিয় হৈ আনুগত্য প্ৰকাশ কৰে, আখিৰাতক ভয় কৰে আৰু নিজ প্ৰতিপালকৰ অনুগ্ৰহ প্ৰত্যাশা কৰে, (তেওঁ তাৰ দৰেনে যিয়ে এইবোৰ নকৰে?) কোৱা, ‘যিসকলে জানে আৰু যিসকলে নাজানে সিহঁত সমান হ’ব পাৰেনে’? নিশ্চয় কেৱল বোধশক্তি সম্পন্ন ব্যক্তি সকলেহে উপদেশ গ্ৰহণ কৰে।

    [10] জনাই দিয়া, ‘হে মোৰ মুমিন বান্দাসকল! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা। যিসকলে এই পাৰ্থিৱ জীৱনত কল্যাণকৰ কাম কৰে তেওঁলোকৰ বাবে আছে কল্যাণ। আল্লাহৰ পৃথিৱী বিশাল প্ৰশস্ত, কেৱল ধৈৰ্যশীলসকলকেই তেওঁলোকৰ প্ৰতিদান অগণিতভাৱে পূৰ্ণৰূপে প্ৰদান কৰা হ’ব’।

    [11] কোৱা, ‘মোক আদেশ কৰা হৈছে, মই যেন আল্লাহৰ আনুগত্যত একনিষ্ঠ হৈ কেৱল তেওঁৰেই ইবাদত কৰো

    [12] ‘মোক আৰু আদেশ কৰা হৈছে, ময়ে যেন প্ৰথম মুছলিম হওঁ’।

    [13] কোৱা, ‘মই যদি মোৰ প্ৰতিপালকৰ অবাধ্য হওঁ তেন্তে মই ভয় কৰো মহাদিৱসৰ শাস্তিৰ’।

    [14] কোৱা, ‘মই আল্লাহৰ প্ৰতি মোৰ আনুগত্যক একনিষ্ঠ কৰি কেৱল তেওঁৰেই ইবাদত কৰো’।

    [15] ‘এতেকে তোমালোকে আল্লাহৰ পৰিবৰ্তে যাৰ ইচ্ছা তাৰে ইবাদত কৰা’। কোৱা, ‘ক্ষতিগ্ৰস্ত সিহঁতেই যিসকলে কিয়ামতৰ দিনা নিজৰ আৰু নিজ পৰিয়ালবৰ্গৰ ক্ষতি সাধন কৰে। জানি থোৱা! এইটোৱেই সুস্পষ্ট ক্ষতি’।

    [16] সিহঁতৰ বাবে থাকিব সিহঁতৰ ওপৰত অগ্নিৰ আৱৰণ আৰু তলফালেও থাকিব আৱৰণ। ইয়াৰ দ্বাৰা আল্লাহে তেওঁৰ বান্দাসকলক সতৰ্ক কৰে। হে মোৰ বান্দাসকল! তোমালোকে কেৱল মোৰেই তাক্বৱা অৱলম্বন কৰা।

    [17] আৰু যিসকলে তাগূতৰ ইবাদত পৰিহাৰ কৰে আৰু কেৱল আল্লাহৰ অভিমুখী হয় তেওঁলোকৰ বাবে আছে সুসংবাদ। এতেকে মোৰ বান্দাসকলক সুসংবাদ দিয়া

    [18] যিসকলে মনোযোগ সহকাৰে কথা শুনে আৰু তাৰ মাজৰ উত্তম কথাৰ অনুসৰণ কৰে। তেওঁলোককেই আল্লাহে হিদায়ত দান কৰিছে আৰু তেওঁলোকেই বোধশক্তি সম্পন্ন।

    [19] যাৰ ওপৰত শাস্তিৰ আদেশ সাব্যস্ত হৈছে, তুমি তাক ৰক্ষা কৰিব পাৰিবানে, যিজন জাহান্নামত আছে

    [20] কিন্তু যিসকলে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰে, তেওঁলোকৰ বাবে আছে বহুতো অট্টালিকা যাৰ ওপৰত নিৰ্মিত আৰু অট্টালিকা, যাৰ তলত নদীসমূহ প্ৰবাহিত; এইটো আল্লাহৰ প্ৰতিশ্ৰুতি, আল্লাহে নিজ প্ৰতিশ্ৰুতিৰ বিপৰীত নকৰে।

    [21] তুমি লক্ষ্য কৰা নাইনে আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে, তাৰ পিছত সেয়া ভূমিত প্ৰস্ৰৱন হিচাপে প্ৰবাহিত কৰে তাৰ পিছত সেইটোৰ জৰিয়তে নানা ধৰণৰ ফচল উৎপন্ন কৰে, অৱশেষত সেয়া শুকাই যায়। ফলত তুমি সেই ফচলক হালধীয়া বৰ্ণত দেখিবলৈ পোৱা, শেষত তেওঁ সেইটোক খেৰকুটাত পৰিণত কৰে? নিশ্চয় ইয়াত উপদেশ আছে বোধশক্তি সম্পন্ন ব্যক্তিসকলৰ বাবে।

    [22] আল্লাহে ইছলামৰ বাবে যাৰ বুকু উন্মুক্ত কৰি দিছে ফলত তেওঁ নিজ প্ৰতিপালকৰ তৰফৰ পৰা নূৰৰ ওপৰত আছে, (সেইজন ব্যক্তি তাৰ দৰে নেকি যিজন হিদায়তৰ ওপৰত নাই?) এতেকে দুৰ্ভোগ সেই কঠোৰ হৃদয় ব্যক্তিসকলৰ বাবে, যিসকলে আল্লাহৰ স্মৰণৰ পৰা বিমুখ! সিহঁত স্পষ্ট বিভ্ৰান্তিত আছে।

    [23] আল্লাহে অৱতীৰ্ণ কৰিছে উত্তম হাদীছ (বাণী) সম্বলিত এটা কিতাব, যিটো সুসামঞ্জস্য আৰু যিটো পুনঃ পুনঃ আবৃত্তি কৰা হয়। ফলত যিসকলে নিজ প্ৰতিপালকক ভয় কৰে, ইয়াৰ দ্বাৰা তেওঁলোকৰ শৰীৰ শিয়ঁৰি উঠে, তাৰ পিছত তেওঁলোকৰ দেহ মন বিনম্ৰ হৈ আল্লাহৰ স্মৰণত ধাবিত হয়। এইটোৱেই আল্লাহৰ হিদায়ত, তেওঁ ইয়াৰ দ্বাৰা যাক ইচ্ছা হিদায়ত কৰে। কিন্তু আল্লাহে যাক বিভ্ৰান্ত কৰে তাৰ হিদায়তকাৰী কোনো নাই।

    [24] যি ব্যক্তি কিয়ামতৰ দিনা নিজৰ মুখমণ্ডলৰ দ্বাৰা কঠিন শাস্তি ৰোধ কৰিবলৈ চেষ্টা কৰিব, (সি তেওঁৰ দৰে নেকি যিজন নিৰাপদ?) আৰু যালিমসকলক কোৱা হ’ব, ‘তোমালোকে যি অৰ্জন কৰিছিলা সেইটোৰে সোৱাদ লোৱা’।

    [25] সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল, ফলত সিহঁতৰ প্ৰতি শাস্তি এনেকৈ আহিছিল যে, সিহঁতে অনুভৱো কৰিব পৰা নাছিল।

    [26] ফলত আল্লাহে সিহঁতক পাৰ্থিৱ জীৱনতে লাঞ্ছনা ভোগ কৰালে আৰু আখিৰাতৰ শাস্তি ইয়াতকৈয়ো কঠিন। হায়! যদি সিহঁতে জানিলেহেঁতেন

    [27] আৰু অৱশ্যে আমি এই কোৰআনত মানুহৰ বাবে সৰ্বপ্ৰকাৰ দৃষ্টান্ত উপস্থাপন কৰিছো, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে।

    [28] আৰবী ভাষাত এই কোৰআন বক্ৰতামুক্ত, যাতে সিহঁতে তাক্বৱা অৱলম্বন কৰে।

    [29] আল্লাহে এটা দৃষ্টান্ত উপস্থাপন কৰিছে: এজন ব্যক্তি, যাৰ কেইবাজনো মনিব আছে, যিসকল পৰস্পৰ বিৰুদ্ধভাবাপন্ন, আৰু আন এজন মানুহ, যিজন কেৱল এজন মনিবৰ অনুগত; এই দুজন ব্যক্তিৰ অৱস্থা একে হ’ব পাৰেনে? সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই; কিন্তু সিহঁতৰ অধিকাংশই নাজানে।

    [30] নিশ্চয় তুমি মৰণশীল আৰু সিহঁতেও মৰণশীল।

    [31] তাৰ পিছত কিয়ামতৰ দিনা নিশ্চয় তোমালোকে নিজ প্ৰতিপালকৰ সন্মুখত পৰস্পৰে বাক-বিতণ্ডা কৰিবা।

    [32] এতেকে যি ব্যক্তি আল্লাহ সম্পৰ্কে মিছা আৰোপ কৰে আৰু সত্য অহাৰ পিছতো সেয়া অস্বীকাৰ কৰে সেইজনতকৈ ডাঙৰ যালিম আৰুনো কোন হ’ব পাৰে? কাফিৰবিলাকৰ আবাসস্থল জাহান্নাম নহয় নে বাৰু

    [33] আৰু যিয়ে সত্য লৈ আহিছে আৰু যিয়ে তাক সত্য বুলি মানি লৈছে তেওঁলোকেই হৈছে মুত্তাক্বী।

    [34] তেওঁলোকৰ বাবে নিজ প্ৰতিপালকৰ ওচৰত সেইটোৱেই আছে যিটো তেওঁলোকে বিচাৰিব। এইটোৱেই সৎকৰ্মশীল লোকৰ পুৰষ্কাৰ।

    [35] যাতে তেওঁলোকে যিবোৰ অসৎকৰ্ম কৰিছিল আল্লাহে সেয়া ক্ষমা কৰি দিয়ে আৰু তেওঁলোকক তেওঁলোকৰ সৰ্বোত্তম কৰ্মৰ বাবে পুৰষ্কৃত কৰে।

    [36] আল্লাহেই তেওঁৰ বান্দাৰ বাবে যথেষ্ট নহয় নে? অথচ সিহঁতে তোমাক আল্লাহৰ পৰিবৰ্তে আনৰ ভয় দেখুৱায়। আল্লাহে যাক পথভ্ৰষ্ট কৰে তাৰ বাবে কোনো হিদায়তকাৰী নাই।

    [37] আৰু যাক আল্লাহে হিদায়ত কৰে তাক পথভ্ৰষ্ট কৰিবলৈয়ো কোনো নাই; আল্লাহ মহা পৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী নহয় নে বাৰু

    [38] আৰু তুমি যদি সিহঁতক সোধা, ‘আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে’? সিহঁতে অৱশ্যে ক’ব, ‘আল্লাহ’। কোৱা, ‘তোমালোকে ভাবিছানে, আল্লাহে যদি মোৰ অনিষ্ট কৰিব বিচাৰে তেন্তে তোমালোকে আল্লাহৰ পৰিবৰ্তে যিবোৰক আহ্বান কৰা সিহঁতে সেই অনিষ্ট দূৰ কৰিব পাৰিবনে? অথবা তেওঁ যদি মোৰ প্ৰতি অনুগ্ৰহ কৰিব বিচাৰে তেন্তে সিহঁতে সেই অনুগ্ৰহ ৰোধ কৰিব পাৰিবনে’? কোৱা, ‘মোৰ বাবে আল্লাহেই যথেষ্ট’। নিৰ্ভৰকাৰীসকলে তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰে।

    [39] কোৱা, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে নিজ নিজ স্থানত কাম কৰি যোৱা, নিশ্চয় মই মোৰ কাম কৰি যাম। এতেকে শীঘ্ৰে তোমালোকে জানিবলৈ পাবা

    [40] ‘কাৰ ওপৰত আহিব লাঞ্ছনাদায়ক শাস্তি আৰু কাৰ ওপৰত আপতিত হ’ব স্থায়ী শাস্তি’।

    [41] নিশ্চয় আমি মানুহৰ বাবে তোমাৰ প্ৰতি যথাযথভাৱে কিতাব অৱতীৰ্ণ কৰিছো, এতেকে যিয়ে সৎপথ অৱলম্বন কৰে সি নিজৰ কল্যাণৰ বাবেই কৰে আৰু যিয়ে বিপথগামী হয় সি নিজৰ ধ্বংসৰ বাবেই হয়, আৰু তুমি সিহঁতৰ ওপৰত তত্ত্বাৱধায়ক নহয়।

    [42] আল্লাহেই জীৱসমূহৰ প্ৰাণ হৰণ কৰে সিহঁতৰ মৃত্যুৰ সময়ত আৰু যিসকলে মৃত্যুবৰণ কৰা নাই সিহঁতৰো (প্ৰাণ হৰণ কৰে) নিদ্ৰা অৱস্থাত। তাৰ পিছত তেওঁ যাৰ বাবে মৃত্যুৰ সিদ্ধান্ত কৰে তাৰ প্ৰাণ তেওঁ ৰাখি দিয়ে আৰু আনবোৰক এৰি দিয়ে, এটা নিৰ্দিষ্ট সময় লৈকে। নিশ্চয় ইয়াত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে, যিসকলে গৱেষনা কৰে।

    [43] তেন্তে সিহঁতে আল্লাহৰ বাহিৰে আনক ছুপাৰিছকাৰী বনাই লৈছে নেকি? কোৱা, ‘সিহঁতৰ কোনো ক্ষমতা নাথাকিলেও আৰু সিহঁতে একো বুজি নাপালেও (তোমালোকে সিহঁতক মধ্যস্থতাকাৰী বনাই লবানে)’

    [44] কোৱা, ‘সকলো ধৰণৰ মধ্যস্থতা কেৱল আল্লাহৰেই মালিকানাধীন, আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব তেওঁৰেই, তাৰ পিছত তেওঁৰ ওচৰতেই তোমালোকক প্ৰত্যাৱৰ্তিত কৰা হ’ব’।

    [45] আৰু যেতিয়া কেৱল এক আল্লাহৰ কথা কোৱা হয় তেতিয়া যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস নকৰে সিহঁতৰ অন্তৰ বিতৃষ্ণাত সংকুচিত হয়। কিন্তু আল্লাহৰ পৰিবৰ্তে আন উপাস্যবোৰৰ কথা উল্লেখ কৰা হ’লে তেতিয়াই সিহঁতে আনন্দত উৎফুল্ল হয়।

    [46] কোৱা, ‘হে আল্লাহ, আকাশসমূহ আৰু পৃথিৱীৰ স্ৰষ্টা, প্ৰকাশ্য আৰু অপ্ৰকাশ্য বিষয়াদিৰ জ্ঞানী, তুমিয়ে তোমাৰ বান্দাসকলৰ মাজত সেই বিষয়ে ফয়চালা কৰি দিবা যি বিষয়ে সিহঁতে মতবিৰোধ কৰি আছে’।

    [47] আৰু যিসকলে যুলুম কৰিছে, পৃথিৱীত থকা সকলো বস্তু যদি সিহঁতৰ হৈ যায় লগতে ইয়াৰ সমপৰিমাণ বস্তুও যদি সিহঁতৰ থাকে, তেন্তে কিয়ামতৰ দিনা কঠিন শাস্তিৰ পৰা ৰক্ষা পাবলৈ মুক্তিপণস্বৰূপ সেই সকলো সিহঁতে দি দিব আৰু সিহঁতৰ বাবে আল্লাহৰ তৰফৰ পৰা এনেকুৱা কিবা প্ৰকাশিত হ’ব যিটো সিহঁতে কল্পনাও কৰিব পৰা নাই।

    [48] আৰু সিহঁতে যি অৰ্জন কৰিছিল তাৰেই বেয়া পৰিণাম সিহঁতৰ ওচৰত প্ৰকাশ হৈ পৰিব আৰু সিহঁতে যি বিষয়ে ঠাট্টা-বিদ্ৰূপ কৰিছিল সেয়া সিহঁতক পৰিবেষ্টন কৰিব।

    [49] এতেকে যেতিয়া কোনো বিপদ-আপদে মানুহক স্পৰ্শ কৰে, তেতিয়া সি কেৱল মোকেই আহ্বান কৰে, তাৰ পিছত যেতিয়া আমি তাক আমাৰ কোনো নিয়ামতৰ অধিকাৰী কৰো তেতিয়া সি কয়, ‘এইটো মোক কেৱল মোৰ জ্ঞানৰ কাৰণেহে দিয়া হৈছে’। বৰং এইটো এটা পৰীক্ষা, কিন্তু সিহঁতৰ সৰহভাগেই সেয়া নাজানে।

    [50] অৱশ্যে সিহঁতৰ পূৰ্বৱৰ্তীসকলেও এইটোৱেই কৈছিল, কিন্তু সিহঁতে যি অৰ্জন কৰিছিল সেয়া সিহঁতৰ কোনো কামত অহা নাছিল।

    [51] এতেকে সিহঁতৰ কৃতকৰ্মৰ বেয়া পৰিণাম সিহঁতৰ ওপৰত আপতিত হৈছে, সিহঁতৰ মাজৰ যিসকলে যুলুম কৰে সিহঁতৰ ওপৰত অতিশীঘ্ৰে সিহঁতে যি অৰ্জন কৰিছে তাৰো বেয়া পৰিণাম আপতিত হ’ব আৰু সিহঁতে ৰোধ কৰিব নোৱাৰিব।

    [52] সিহঁতে নাজানে নেকি যে, আল্লাহে যাৰ বাবে ইচ্ছা তাৰ বাবে জীৱিকা প্ৰশস্ত কৰি দিয়ে আৰু সংকুচিতও কৰি দিয়ে? নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে, যিসকলে ঈমান পোষণ কৰে।

    [53] (সিহঁতক) জনাই দিয়া, ‘হে মোৰ বান্দাসকল! তোমালোকৰ যিসকলে নিজৰ ওপৰত অন্যায় কৰিছা, আল্লাহৰ অনুগ্ৰহৰ পৰা নিৰাশ নহ’বা, নিশ্চয় আল্লাহে সকলো পাপ ক্ষমা কৰি দিব। নিশ্চয় তেওঁ পৰম ক্ষমাশীল, পৰম দয়ালু’।

    [54] আৰু তোমালোকে নিজ প্ৰতিপালকৰ অভিমুখী হোৱা আৰু তোমালোকৰ ওপৰত শাস্তি অহাৰ আগতেই তোমালোকে তেওঁৰ ওচৰত আত্মসমৰ্পন কৰা, ইয়াৰ পিছত কিন্তু তোমালোকক সহায় কৰা নহ’ব।

    [55] আৰু তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি যি উত্তম (পুথি) অৱতীৰ্ণ কৰা হৈছে, সেয়ে তোমালোকৰ ওপৰত অতৰ্কিতভাৱে শাস্তি অহাৰ পূৰ্বেই তোমালোকে তাৰ অনুসৰণ কৰা, অন্যথা (সেই শাস্তি এনেকৈ আহিব যে) তোমালোকে উপলব্ধিও কৰিব নোৱাৰিবা।

    [56] পিছত যাতে কোনোৱেই কবলগীয়া নহয় যে, ‘হায় মোৰ দুৰ্ভাগ্য! আল্লাহৰ প্ৰতি থকা মোৰ কৰ্তব্যত মই অৱহেলা কৰিছিলো! আৰু মই উপহাসকাৰী বিলাকৰ অন্তৰ্ভুক্ত আছিলো’।

    [57] অথবা এনেকৈয়ো যাতে কবলগীয়া নহয়, ‘হায়! আল্লাহে যদি মোক হিদায়ত কৰিলেহেঁতেন তেন্তে নিশ্চয় মই মুত্তাক্বীসকলৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন!’

    [58] অথবা শাস্তি দেখিও যাতে কোনোবাই কবলগীয়া নহয়, ‘হায়! যদি মই এবাৰ উভতি যাব পাৰিলোহেঁতেন তেন্তে মই সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন!’

    [59] হয়, অৱশ্যে তোমাৰ ওচৰত মোৰ নিদৰ্শন আহিছিল, কিন্তু তুমি সেইবোৰক অস্বীকাৰ কৰিছিলা আৰু অহংকাৰ কৰিছিলা; আৰু তুমি আছিলা কাফিৰ বিলাকৰ অন্তৰ্ভুক্ত।

    [60] আৰু যিসকলে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰে, তুমি কিয়ামতৰ দিনা দেখিবা সিহঁতৰ মুখ ক’লা পৰিছে। অহংকাৰী বিলাকৰ আবাসস্থল জাহান্নাম নহয়নে বাৰু

    [61] আৰু যিসকলে তাক্বৱা অৱলম্বন কৰিছে, আল্লাহে তেওঁলোকক সফলতাসহ উদ্ধাৰ কৰিব, তেওঁলোকক কোনো অমঙ্গলে স্পৰ্শ নকৰিব আৰু তেওঁলোক চিন্তিতও নহ’ব।

    [62] আল্লাহেই সকলো বস্তুৰ স্ৰষ্টা আৰু তেৱেঁই সকলো বস্তুৰ তত্ত্বাৱধায়ক।

    [63] আকাশসমূহ আৰু পৃথিৱীৰ চাবিসমূহ তেওঁৰ ওচৰতেই। আৰু যিসকলে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰে সিহঁতেই ক্ষতিগ্ৰস্ত।

    [64] কোৱা, ‘হে অজ্ঞসকল! তোমালোকে মোক আল্লাহৰ বাহিৰে আনৰ ইবাদত কৰিবলৈ নিৰ্দেশ দিয়া নেকি’

    [65] অৱশ্যে তোমাৰ প্ৰতি আৰু তোমাৰ পূৰ্বৱৰ্তীসকলৰ প্ৰতি অহী কৰা হৈছে যে, ‘যদি তুমি শ্বিৰ্ক কৰা তেন্তে তোমাৰ সকলো আমল নিষ্ফল হৈ যাব আৰু অৱশ্যে তুমি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’বা।

    [66] ‘বৰং তুমি কেৱল আল্লাহৰেই ইবাদত কৰা আৰু কৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত হোৱা’।

    [67] আৰু সিহঁতে আল্লাহক যথোচিত সন্মান কৰা নাই অথচ কিয়ামতৰ দিনা গোটেই পৃথিৱী থাকিব তেওঁৰ হাতৰ মুঠিত আৰু আকাশসমূহ তেওঁৰ সোঁ হাতত মেৰিয়াই থোৱা অৱস্থাত থাকিব। পৱিত্ৰ আৰু মহান তেওঁ, সিহঁতে যিবোৰক অংশীস্থাপন কৰে তেওঁ সেইবোৰৰ পৰা বহু উৰ্দ্ধত।

    [68] আৰু শিঙাত ফুঁ দিয়া হ’ব। ফলত আকাশসমূহত যিসকল আছে আৰু পৃথিৱীত যিসকল আছে সিহঁত আটায়ে অজ্ঞান হৈ পৰিব, কেৱল আল্লাহে ইচ্ছা কৰা ব্যক্তি সকলৰ বাহিৰে। তাৰ পিছত আকৌ শিঙাত ফুঁ দিয়া হ’ব, ফলত তৎক্ষণাত সিহঁতে থিয় হৈ থৰ লাগি চাই থাকিব।

    [69] আৰু পৃথিৱী তেওঁৰ প্ৰতিপালকৰ নূৰত উদ্ভাসিত হ'ব আৰু আমলনামা উপস্থাপন কৰা হ'ব। নবীসকলক আৰু সাক্ষীসকলক উপস্থিত কৰা হ'ব আৰু তেওঁলোকৰ মাজত ন্যায় বিচাৰ কৰা হ'ব, এনেকৈ যে সিহঁত কাৰো প্ৰতি অন্যায় কৰা নহ’ব।

    [70] আৰু প্ৰত্যেককে তাৰ আমলৰ পূৰ্ণ প্ৰতিফল দিয়া হ’ব আৰু সিহঁতে যি আমল কৰে সেই সম্পৰ্কে আল্লাহ সৰ্বাধিক অৱগত।

    [71] আৰু কাফিৰসকলক জাহান্নামৰ ফালে দলে দলে খেদি লৈ যোৱা হ’ব। অৱশেষত যেতিয়া সিহঁতে জাহান্নামৰ ওচৰত আহি পাব তেতিয়া ইয়াৰ দুৱাৰসমূহ খুলি দিয়া হ’ব আৰু জাহান্নামৰ ৰক্ষকসকলে সিহঁতক সুধিব, ‘তোমালোকৰ ওচৰত তোমালোকৰ মাজৰ পৰাই ৰাছুল অহা নাছিলনে, যিসকলে তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ আয়াতসমূহ তিলাৱত কৰিছিল আৰু এই দিৱসৰ সাক্ষাত সম্পৰ্কে তোমালোকক সতৰ্ক কৰিছিল’? সিহঁতে ক’ব, ‘অৱশ্যে হয়’। কিন্তু শাস্তিৰ বাণী কাফিৰসকলৰ ওপৰত সাব্যস্ত হৈছে।

    [72] কোৱা হ’ব, ‘তোমালোকে জাহান্নামৰ দুৱাৰেৰে প্ৰৱেশ কৰা তাত স্থায়ীভাৱে থকাৰ বাবে। এতেকে অহংকাৰী বিলাকৰ আবাসস্থল কিমান যে নিকৃষ্ট

    [73] আৰু যিসকলে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰিছিল তেওঁলোকক দলে দলে জান্নাতৰ ফালে লৈ যোৱা হ’ব। অৱশেষত যেতিয়া তেওঁলোকে জান্নাতৰ ওচৰত আহি পাব আৰু ইয়াৰ দুৱাৰসমূহ খুলি দিয়া হ’ব আৰু জান্নাতৰ ৰক্ষকসকলে তেওঁলোকক ক’ব, ‘আপোনালোকৰ প্ৰতি ছালাম, আপোনালোক ভাল আছিল। এতেকে স্থায়ীভাৱে থকাৰ বাবে জান্নাতত প্ৰৱেশ কৰক’।

    [74] আৰু তেওঁলোকে (প্ৰৱেশ কৰি) ক’ব, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে, যিজনে আমাৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতি সত্য হিচাপে বাস্তবায়িত কৰিছে আৰু আমাক এই ভূমিৰ অধিকাৰী কৰিলে, আমি জান্নাতত য’তে ইচ্ছা ত’তেই বসবাসৰ ঠাই কৰি লম’। এতেকে (চোৱা) নেক আমলকাৰী সকলৰ পুৰষ্কাৰ কিমান যে উত্তম

    [75] আৰু তুমি ফিৰিস্তাসকলক দেখিবা যে, তেওঁলোকে আৰছৰ চাৰিওফালে ঘেৰি ধৰি নিজ প্ৰতিপালকৰ সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰি আছে। তেওঁলোকৰ মাজত ন্যায়ৰ সৈতে বিচাৰ কৰা হ’ব আৰু কোৱা হ’ব, ‘সকলো ধৰণৰ প্ৰশংসা সৃষ্টিজগতৰ ৰব আল্লাহৰেই প্ৰাপ্য’।

    Surah 40
    আল-মু’মিন

    [1] হা-মীম।

    [2] এই কিতাব অৱতীৰ্ণ হৈছে আল্লাহৰ তৰফৰ পৰা যিজন মহাপৰাক্ৰমশালী, সৰ্বজ্ঞ

    [3] তেওঁ পাপ ক্ষমাকাৰী, তাওবা গ্ৰহণকাৰী, কঠোৰ শাস্তি প্ৰদানকাৰী, অনুগ্ৰহ বৰ্ষণকাৰী। তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁৰ ফালেই প্ৰত্যাৱৰ্তন।

    [4] আল্লাহৰ আয়াতসমূহত বিতৰ্ক কেৱল সিহঁতেই কৰে যিসকলে কুফৰী কৰিছে; এতেকে দেশ বিদেশত সিহঁতৰ অবাধ বিচৰণে যেন তোমাক বিচলিত নকৰে।

    [5] সিহঁতৰ পূৰ্বে নূহৰ সম্প্ৰদায়ে আৰু সিহঁতৰ পিছত বহু দলেও অস্বীকাৰ কৰিছিল। প্ৰত্যেক সম্প্ৰদায়ে নিজ নিজ ৰাছুলক কৰায়ত্ত কৰাৰ সংকল্প কৰিছিল আৰু সিহঁতে অসাৰ কথাত লিপ্ত হৈছিল যাতে ইয়াৰ দ্বাৰা সত্যক ব্যৰ্থ কৰিব পাৰে। ফলত ময়ে সিহঁতক কৰায়ত্ত কৰিলো। এতেকে কিমান কঠোৰ আছিল মোৰ শাস্তি

    [6] আৰু যিসকলে কুফৰী কৰিছিল, এইদৰেই সিহঁতৰ ওপৰত বাস্তবায়িত হৈছিল তোমাৰ প্ৰতিপালকৰ বাণী যে, নিশ্চয় সিহঁত জাহান্নামী।

    [7] যিসকলে আৰছ ধাৰণ কৰি আছে আৰু যিসকলে ইয়াৰ চাৰিওফালে আছে, তেওঁলোকে নিজ প্ৰতিপালকৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে প্ৰশংসাৰ সৈতে আৰু তেওঁৰ ওপৰত ঈমান পোষণ কৰে, আৰু মুমিনসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰি কয়, ‘হে আমাৰ ৰব! তুমিয়েই দয়া আৰু জ্ঞানৰ দ্বাৰা সকলো বস্তুকে পৰিব্যপ্ত কৰি ৰাখিছা। এতেকে যিসকলে তাওবা কৰে আৰু তোমাৰ পথ অৱলম্বন কৰে, তুমি তেওঁলোকক ক্ষমা কৰি দিয়া। লগতে জাহান্নামৰ শাস্তিৰ পৰা তুমি তেওঁলোকক ৰক্ষা কৰা।

    [8] ‘হে আমাৰ ৰব! তুমি তেওঁলোকক প্ৰৱেশ কৰোৱা স্থায়ী জান্নাতত, যাৰ প্ৰতিশ্ৰুতি তুমি তেওঁলোকক প্ৰদান কৰিছা লগতে তেওঁলোকৰ পিতৃ-মাতৃ, পতি-পত্নী আৰু সন্তান-সন্ততিৰ মাজত যিসকলে সৎকৰ্ম কৰিছে তেওঁলোককো (প্ৰৱেশ কৰোৱা)। নিশ্চয় তুমি পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    [9] ‘আৰু তুমি তেওঁলোকক অপৰাধৰ শাস্তিৰ পৰা ৰক্ষা কৰা। সেইদিনা তুমি যাক (অপৰাধৰ) বেয়া পৰিণতিৰ পৰা ৰক্ষা কৰিবা, অৱশ্যে তুমি তাক অনুগ্ৰহহে কৰিবা; আৰু এইটোৱেই মহাসফলতা!’

    [10] নিশ্চয় যিসকলে কুফৰী কৰিছে সিহঁতক উচ্চ কণ্ঠত কোৱা হ’ব, ‘তোমালোকৰ নিজৰ প্ৰতি (আজি) তোমালোকৰ যিমান ক্ষোভ হৈছে, আল্লাহৰ ক্ষোভ ইয়াতকৈয়ো ডাঙৰ আছিল, যেতিয়া তোমালোকক ঈমানৰ প্ৰতি আহ্বান কৰা হৈছিল কিন্তু তোমালোকে সেয়া অস্বীকাৰ কৰিছিলা’।

    [11] সিহঁতে ক’ব, ‘হে আমাৰ ৰব! তুমি আমাক দুবাৰ মৃত্যু প্ৰদান কৰিছা আৰু দুবাৰ আমাক জীৱন দান কৰিছা। সেয়ে আমি আমাৰ অপৰাধ স্বীকাৰ কৰিছো। এতেকে (জাহান্নামৰ পৰা) ওলোৱাৰ কোনো উপায় আছে নেকি’

    [12] (সিহঁতক কোৱা হ’ব) ‘এইটো এই বাবে যে, যেতিয়া আল্লাহক এককভাৱে আহ্বান কৰা হৈছিল তেতিয়া তোমালোকে কুফৰী কৰিছিলা, আৰু যেতিয়া তেওঁৰ লগত শ্বিৰ্ক কৰা হৈছিল তেতিয়া তোমালোকে সেয়া বিশ্বাস কৰিছিলা। এতেকে যাৱতীয় কৰ্তৃত্ব কেৱল সুউচ্চ, মহান আল্লাহৰেই’।

    [13] তেৱেঁই তোমালোকক তেওঁৰ নিদৰ্শনাৱলী দেখুৱায় আৰু আকাশৰ পৰা তোমালোকৰ বাবে জীৱিকা অৱতীৰ্ণ কৰে। সেয়ে উপদেশ কেৱল সেই ব্যক্তিহে গ্ৰহণ কৰে যিয়ে আল্লাহ অভিমুখী।

    [14] এতেকে তোমালোকে কেৱল আল্লাহকেই আহ্বান কৰা তেওঁৰ আনুগত্যত একনিষ্ঠ হৈ। যদিও কাফিৰসকলে অপছন্দ কৰে।

    [15] তেওঁ সুউচ্চ মৰ্যাদাৰ অধিকাৰী, আৰছৰ অধিপতি, তেৱেঁই নিজ বান্দাসকলৰ মাজত যাৰ প্ৰতি ইচ্ছা তেওঁৰ আদেশৰ পৰা অহী প্ৰেৰণ কৰে, যাতে তেওঁ মহা সন্মিলন দিৱস সম্পৰ্কে সতৰ্ক কৰিব পাৰে।

    [16] যিদিনা সিহঁতে (মানুহ বিলাক) প্ৰকাশিত হ’ব সেইদিনা আল্লাহৰ ওচৰত একোৱেই গোপন নাথাকিব। (তেওঁ ক’ব) ‘আজি কৰ্তৃত্ব কাৰ’? কেৱল আল্লাহৰেই, তেওঁ এজন, প্ৰবল প্ৰতাপশালী।

    [17] আজি প্ৰত্যেককে তাৰ অৰ্জন অনুসাৰে প্ৰতিফল দিয়া হ’ব, আজি কোনো অন্যায় কৰা নহ’ব। নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।

    [18] আৰু তুমি সিহঁতক সতৰ্ক কৰি দিয়া আসন্ন দিন সম্পৰ্কে; যেতিয়া দুঃখ-কষ্ট সংবৰণ অৱস্থাত সিহঁতৰ প্ৰাণ কণ্ঠাগত হ’ব। যালিমসকলৰ বাবে কোনো অন্তৰঙ্গ বন্ধু নাই আৰু এনে কোনো মধ্যস্থতাকাৰীও নাই যাৰ মধ্যস্থতা গ্ৰহণ কৰা হ’ব।

    [19] চকুসমূহৰ বিশ্বাসঘাতকতা আৰু অন্তৰসমূহে যি গোপন কৰে সেয়া তেওঁ জানে।

    [20] আল্লাহে যথাযথভাৱে ফয়চালা কৰে, আৰু আল্লাহৰ পৰিবৰ্তে সিহঁতে যিবোৰক আহ্বান কৰে সিহঁতে একোৱেই ফয়চালা কৰিব নোৱাৰে। নিশ্চয় আল্লাহ, তেৱেঁই সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।

    [21] ইহঁতে পৃথিৱীত বিচৰণ নকৰে নেকি? তেতিয়াহে সিহঁতে দেখা পালেহেঁতেন, পূৰ্বে যিসকল আছিল সিহঁতৰ পৰিণাম কেনেকুৱা হৈছিল। সিহঁতে ইহঁতৰ তুলনাত পৃথিৱীত শক্তিত আৰু কীৰ্তিত আছিল অতি প্ৰবল। তথাপিও আল্লাহে সিহঁতক সিহঁতৰ অপৰাধৰ বাবে কৰায়ত্ত কৰিছিল আৰু আল্লাহৰ শাস্তিৰ পৰা সিহঁতক ৰক্ষা কৰিবলৈ কোনো নাছিল।

    [22] এইটো এই কাৰণে যে, সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকলে সুস্পষ্ট প্ৰমাণাদিসহ আহিছিল তথাপিও সিহঁতে প্ৰত্যাখ্যান কৰিছিল। সেয়ে আল্লাহে সিহঁতক কৰায়ত্ত কৰিছিল। নিশ্চয় তেওঁ শক্তিশালী, শাস্তি প্ৰদানত অতি কঠোৰ।

    [23] আৰু অৱশ্যে আমি মুছাক আমাৰ নিদৰ্শন আৰু সুস্পষ্ট প্ৰমাণসহ প্ৰেৰণ কৰিছিলো

    [24] ফিৰআউন, হামান আৰু কাৰূনৰ ওচৰত। কিন্তু সিহঁতে ক’লে, ‘যাদুকৰ, চৰম মিছলীয়া’।

    [25] তাৰ পিছত যেতিয়া মুছাই আমাৰ তৰফৰ পৰা সত্য লৈ সিহঁতৰ ওচৰত উপস্থিত হ’ল, সিহঁতে ক’লে, ‘মুছাৰ লগত যিসকলে ঈমান আনিছে, সিহঁতৰ পুত্ৰ সন্তান বিলাকক হত্যা কৰা আৰু সিহঁতৰ নাৰীসকলক জীৱিত এৰি দিয়া’। আৰু কাফিৰসকলৰ ষড়যন্ত্ৰ কেৱল ব্যৰ্থহে হয়।

    [26] আৰু ফিৰআউনে ক’লে, ‘মোক এৰি দিয়া মই মুছাক হত্যা কৰিম আৰু সি তাৰ প্ৰতিপালকক আহ্বান কৰক। নিশ্চয় মই আশংকা কৰো যে, সি তোমালোকৰ দ্বীন পৰিবৰ্তন কৰি দিব অথবা সি দেশত বিপৰ্যয় বিয়পাব’।

    [27] মুছাই ক’লে, ‘মই মোৰ প্ৰতিপালক আৰু (যিজন) তোমালোকৰো প্ৰতিপালক তেওঁৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছো এনেকুৱা প্ৰত্যেক অহংকাৰীৰ পৰা যিয়ে বিচাৰ দিৱসৰ ওপৰত ঈমান পোষণ নকৰে’।

    [28] আৰু ফিৰআউন বংশৰ এজন মুমিন ব্যক্তি যিজনে নিজৰ ঈমান গোপন ৰাখিছিল তেওঁ ক’লে, ‘তোমালোকে এজন ব্যক্তিক এই কাৰণে হত্যা কৰিবা নেকি যে, তেওঁ কয়, ‘মোৰ ৰব কেৱল আল্লাহ’, অথচ তেওঁ তোমালোকৰ প্ৰতিপালকৰ ওচৰৰ পৰা সুস্পষ্ট প্ৰমাণসহ তোমালোকৰ ওচৰত আহিছে? তেওঁ যদি মিছলীয়া হয় তাৰ বাবে দায়ী তেওঁ নিজেই হ’ব, আৰু যদি তেওঁ সত্যবাদী হয় তেন্তে তেওঁ তোমালোকক যি প্ৰতিশ্ৰুতি দিছে, তাৰ কিছুমান পৰিমাণ তোমালোকৰ ওপৰত আপতিত হ’ব’। নিশ্চয় আল্লাহে সেই ব্যক্তিক হিদায়ত নকৰে, যি ব্যক্তি সীমালংঘনকাৰী, মিছলীয়া।

    [29] ‘হে মোৰ সম্প্ৰদায়! আজি তোমালোকৰেই ৰাজত্ব, পৃথিৱীত তোমালোকেই প্ৰভাৱশালী; কিন্তু আল্লাহৰ শাস্তি আহিলে কোনে আমাক সহায় কৰিব’? ফিৰআউনে ক’লে, ‘মই যিটো সঠিক বুলি ভাবো, সেইটোৱেই তোমালোকক দেখুৱাওঁ আৰু মই তোমালোকক কেৱল সঠিক পথহে দেখুৱাওঁ’।

    [30] মুমিন ব্যক্তিজনে আৰু ক’লে, ‘হে মোৰ সম্প্ৰদায়! নিশ্চয় মই তোমালোকৰ প্ৰতিও সেই দিনটোৰ আশংকা কৰো যিটো পূৰ্বৱৰ্তী দলসমূহৰ ওপৰত আহিছিল

    [31] ‘যিদৰে সংঘটিত হৈছিল, নূহ, আদ, ছামূদ আৰু সিহঁতৰ পৰবৰ্তী লোকসকলৰ লগত। আল্লাহে বান্দাসকলৰ ওপৰত কোনো অন্যায় কৰিব নিবিচাৰে।

    [32] ‘আৰু হে মোৰ সম্প্ৰদায়! মই তোমালোকৰ বাবে ভয়াৰ্ত আহ্বান দিৱসৰ আশংকা কৰিছো

    [33] ‘যিদিনা তোমালোকে পিছ হোঁহকা দি পলাব বিচাৰিবা, আল্লাহৰ শাস্তিৰ পৰা তোমালোকক ৰক্ষা কৰিবলৈ কোনো নাথাকিব। আল্লাহে যাক বিভ্ৰান্ত কৰে তাৰ বাবে কোনো হিদায়তকাৰী নাই’।

    [34] আৰু অৱশ্যে ইতিপূৰ্বে তোমালোকৰ ওচৰত সুস্পষ্ট প্ৰমাণাদিসহ ইউছুফ আহিছিল, ফলত তেওঁ তোমালোকৰ ওচৰত যি লৈ আহিছিল সেইটোৰ প্ৰতি তোমালোকে সদায় সন্দেহ কৰিছিলা। অৱশেষত যেতিয়া তেওঁৰ মৃত্যু হ’ল তেতিয়া তোমালোকে কৈছিলা, ‘আল্লাহে এওঁৰ পিছত কেতিয়াও আন কোনো ৰাছুল প্ৰেৰণ নকৰিব।’ এইদৰেই আল্লাহে প্ৰত্যেক সীমালংঘনকাৰী, সংশয়বাদীক বিভ্ৰান্ত কৰে।

    [35] যিসকলে নিজৰ ওচৰত (সিহঁতৰ দাবীৰ সমৰ্থনত) কোনো দলীল-প্ৰমাণ নহা সত্বেও আল্লাহৰ নিদৰ্শনাৱলী সম্পৰ্কে বিতৰ্কত লিপ্ত হয়। সিহঁতৰ এই কৰ্ম আল্লাহ আৰু মুমিনসকলৰ দৃষ্টিত অতি ঘৃণাৰ যোগ্য। এইদৰেই আল্লাহে প্ৰত্যেক অহংকাৰী, স্বৈৰাচাৰী ব্যক্তিৰ হৃদয়ত মোহৰ মাৰি দিয়ে।

    [36] আৰু ফিৰআউনে ক’লে, ‘হে হামান! মোৰ বাবে তুমি এটা সুউচ্চ প্ৰসাদ নিৰ্মাণ কৰা যাতে মই উপায় পাওঁ

    [37] ‘আকাশসমূহত আৰোহণৰ উপায়, যাতে মই মুছাৰ ইলাহক ভুমুকি মাৰি চাব পাৰো, অৱশ্যে মই তাক মিছলীয়া বুলিহে ভাবো’। এইদৰেই ফিৰআউনৰ কৰ্মক তাৰ ওচৰত শোভনীয় কৰা হৈছিল আৰু তাক সৰল পথৰ পৰা নিবৃত্ত কৰা হৈছিল আৰু ফিৰআউনৰ ষড়যন্ত্ৰ ব্যৰ্থহে হৈছিল।

    [38] ঈমান পোষণ কৰা ব্যক্তিজনে আৰু ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে মোৰ অনুসৰণ কৰা, মই তোমালোকক সঠিক পথত পৰিচালিত কৰিম।

    [39] ‘হে মোৰ সম্প্ৰদায়! এই পাৰ্থিৱ জীৱন কেৱল অস্থায়ী ভোগৰ বস্তু। নিশ্চয় আখিৰাত, সেইটোহে হৈছে স্থায়ী আবাস।

    [40] ‘কোনোবাই অসৎকৰ্ম কৰিলে সি কেৱল তাৰ কৰ্ম অনুৰূপ শাস্তি প্ৰাপ্ত হ’ব। আৰু যি পুৰুষ অথবা নাৰী মুমিন হৈ সৎকৰ্ম কৰিব তেন্তে তেওঁলোকে প্ৰৱেশ কৰিব জান্নাতত, তাত তেওঁলোকক দিয়া হ’ব অগণন জীৱিকা।

    [41] ‘হে মোৰ সম্প্ৰদায়! কি হ’ল! মই তোমালোকক মুক্তিৰ পিনে আহ্বান কৰি আছো, আৰু তোমালোকে মোক অগ্নিৰ পিনে মাতি আছা

    [42] ‘তোমালোকে মোক মাতি আছা যাতে মই আল্লাহৰ লগত কুফৰী কৰো আৰু তেওঁৰ লগত শ্বিৰ্ক কৰো, যি বিষয়ে মোৰ কোনো জ্ঞান নাই; অথচ মই তোমালোকক আহ্বান কৰি আছো মহা পৰাক্ৰমশালী, পৰম ক্ষমাশীলৰ ফালে।

    [43] ‘এই বিষয়ে কোনো সন্দেহ নাই যে, তোমালোকে মোক যাৰ ফালে আহ্বান কৰি আছা, সি পৃথিৱী আৰু আখিৰাতৰ কতো আহ্বানৰ যোগ্য নহয়। আমাৰ প্ৰত্যাৱৰ্তন কেৱল আল্লাহৰ পিনে আৰু নিশ্চয় সীমালংঘনকাৰী বিলাক অগ্নিৰ অধিবাসী।

    [44] ‘এতেকে মই তোমালোকক যি কলো, সেয়া তোমালোকে অচিৰেই স্মৰণ কৰিবা; আৰু মই মোৰ (যাৱতীয়) বিষয় আল্লাহৰ ওচৰত সমৰ্পন কৰিছো। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি সৰ্বদ্ৰষ্টা’।

    [45] ফলত আল্লাহে তেওঁক সিহঁতৰ যড়যন্ত্ৰৰ অনিষ্টৰ পৰা ৰক্ষা কৰিলে আৰু ফিৰআউন গোষ্ঠীক কঠিন শাস্তিয়ে ঘেৰি পেলালে

    [46] পুৱা-গধূলি সিহঁতক অগ্নিত উপস্থিত কৰা হয় আৰু যিদিনা কিয়ামত সংঘটিত হ’ব সেইদিনা কোৱা হ’ব, ‘ফিৰআউন গোষ্ঠীক কঠোৰ শাস্তিত নিক্ষেপ কৰা’।

    [47] আৰু যেতিয়া সিহঁতে জাহান্নামত পৰস্পৰে বিতৰ্কত লিপ্ত হ’ব, তেতিয়া দুৰ্বলসকলে অহংকাৰী বিলাকক ক’ব, ‘নিশ্চয় আমি তোমালোকৰ অনুসাৰী আছিলো, এতেকে তোমালোকে আমাৰ পৰা জাহান্নামৰ জুইৰ কিছু অংশ গ্ৰহণ কৰিবানে’

    [48] অহংকাৰী বিলাকে ক’ব, ‘নিশ্চয় আমি সকলোৱে ইয়াতেই আছো, নিশ্চয় আল্লাহে বান্দাসকলৰ মাজত বিচাৰ সম্পন্ন কৰিছে’।

    [49] আৰু জাহান্নামী বিলাকে জাহান্নামৰ প্ৰহৰীসকলক ক’ব, ‘তোমালোকৰ প্ৰতিপালকৰ ওচৰত (আমাৰ বাবে) প্ৰাৰ্থনা কৰা, তেওঁ যেন আমাৰ পৰা এদিনৰ বাবে শাস্তি লাঘৱ কৰি দিয়ে’।

    [50] তেওঁলোকে ক'ব’, ‘তোমালোকৰ ওচৰত স্পষ্ট প্ৰমাণাদিসহ তোমালোকৰ ৰাছুলসকল অহা নাছিলনে’? জাহান্নামীবিলাকে ক’ব, ‘হয় অৱশ্যে আহিছিল’। প্ৰহৰীসকলে ক’ব, ‘এতেকে তোমালোকেই প্ৰাৰ্থনা কৰা; আৰু কাফিৰসকলৰ প্ৰাৰ্থনা কেৱল নিষ্ফলহে হয়’।

    [51] নিশ্চয় আমি আমাৰ ৰাছুলসকলক আৰু যিসকলে ঈমান আনিছে তেওঁলোকক পাৰ্থিৱ জীৱনত সহায় কৰিম, আৰু সেইদিনাও সহায় কৰিম যিদিনা সাক্ষীসকল থিয় হ’ব।

    [52] যিদিনা যালিমসকলৰ ওজৰ-আপত্তি সিহঁতৰ কোনো কামত নাহিব। সিহঁতৰ বাবে আছে লা’নত আৰু সিহঁতৰ বাবে আছে নিকৃষ্ট আবাস।

    [53] আৰু অৱশ্যে আমি মুছাক হিদায়ত দান কৰিছিলো আৰু বনী ইছৰাঈলক কিতাবৰ উত্তৰাধিকাৰী কৰিছিলো

    [54] বোধশক্তি সম্পন্ন লোকসকলৰ বাবে পথনিৰ্দেশ আৰু উপদেশস্বৰূপ।

    [55] এতেকে তুমি ধৈৰ্য ধাৰণ কৰা, নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। লগতে তুমি তোমাৰ ত্ৰুটিৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা আৰু পুৱা-গধূলি তোমাৰ প্ৰতিপালকৰ সপ্ৰশংস পৱিত্ৰতা-মহিমা ঘোষণা কৰা।

    [56] নিশ্চয় যিসকলে নিজৰ ওচৰত কোনো দলীল-প্ৰমাণ নথকা সত্বেও আল্লাহৰ নিদৰ্শনাৱলী সম্পৰ্কে বিতৰ্কত লিপ্ত হয়, সিহঁতৰ অন্তৰত আছে কেৱল অহংকাৰ, সিহঁতে এই বিষয়ত কেতিয়াও সফলতা লাভ কৰিব নোৱাৰিব। এতেকে তুমি কেৱল আল্লাহৰ ওচৰত আশ্ৰয় বিচৰা; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।

    [57] অৱশ্যে আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি, মানৱ সৃষ্টিতকৈয়ো ডাঙৰ বিষয়, কিন্তু অধিকাংশ মানুহে সেয়া নাজানে।

    [58] অন্ধ আৰু দৃষ্টিসম্পন্ন ব্যক্তি কেতিয়াও সমান নহয়, এইদৰে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে আৰু যিসকলে অসৎকৰ্ম কৰিছে সিহঁতেও সমান নহয়। তোমালোকে অতি সামান্যহে উপদেশ গ্ৰহণ কৰা।

    [59] নিশ্চয় কিয়ামত অৱশ্যম্ভাৱী, ইয়াত কোনো সন্দেহ নাই; কিন্তু অধিকাংশ লোকে সেয়া বিশ্বাস নকৰে।

    [60] আৰু তোমালোকৰ প্ৰতিপালকে কৈছে, ‘তোমালোকে কেৱল মোৰ ওচৰতেই দুআ কৰা, মই তোমালোকৰ দুআ কবুল কৰিম। নিশ্চয় যিসকলে অহংকাৰ কৰি মোৰ ইবাদতৰ পৰা বিমুখ হয়, সিহঁত অচিৰেই লাঞ্ছিত হৈ জাহান্নামত প্ৰৱেশ কৰিব’।

    [61] আল্লাহ, যিজনে তোমালোকৰ বাবে ৰাতিক সৃষ্টি কৰিছে যাতে তোমালোকে তাত বিশ্ৰাম কৰিব পাৰা, আৰু দিনক আলোকোজ্জ্বল কৰিছে। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহশীল, কিন্তু অধিকাংশ মানুহেই কৃতজ্ঞতা প্ৰকাশ নকৰে।

    [62] তেৱেঁই আল্লাহ, তোমালোকৰ ৰব, সকলো বস্তুৰ স্ৰষ্টা; তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকক ক’লৈ উভতাই নিয়া হৈছে

    [63] এইদৰেই উভতাই নিয়া হয় সিহঁতক যিসকলে আল্লাহৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰে।

    [64] আল্লাহ, যিজনে তোমালোকৰ বাবে পৃথিৱীক স্থিতিশীল কৰিছে আৰু আকাশখনক কৰি দিছে চাদ আৰু তেৱেঁই তোমালোকৰ আকৃতি দিছে তাৰ পিছত তোমালোকৰ আকৃতিক সুন্দৰ ৰূপ দিছে লগতে তোমালোকক পৱিত্ৰ বস্তুৰ পৰা জীৱিকা দান কৰিছে। তেৱেঁই আল্লাহ, তোমালোকৰ ৰব। এতেকে সৃষ্টিজগতৰ ৰব আল্লাহ কিমান যে বৰকতময়

    [65] তেওঁ চিৰঞ্জীৱ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকে তেওঁৰ আনুগত্যত একনিষ্ঠ হৈ কেৱল তেওঁকেই প্ৰাৰ্থনা কৰা। সকলো ধৰণৰ প্ৰশংসা কেৱল সৃষ্টিজগতৰ ৰব আল্লাহৰ বাবে।

    [66] কোৱা, ‘তোমালোকে আল্লাহৰ বাহিৰে যিবোৰক প্ৰাৰ্থনা কৰা, সেইবোৰৰ ইবাদত কৰিবলৈ মোক নিষেধ কৰা হৈছে, কাৰণ মোৰ প্ৰতিপালকৰ তৰফৰ পৰা মোৰ ওচৰত সুস্পষ্ট প্ৰমাণাদি আহিছে। মই সৃষ্টিজগতৰ প্ৰতিপালকৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ আদেশপ্ৰাপ্ত হৈছো।

    [67] তেৱেঁই তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে, তাৰ পিছত শুক্ৰবিন্দুৰ পৰা, তাৰ পিছত আলাকাৰ পৰা, তাৰ পিছতহে তোমালোকক উলিয়াই আনে নৱজাত শিশুৰূপে, যাতে তোমালোকে যৌৱনত উপনীত হোৱা, তাৰ পিছত যাতে তোমালোকে বৃদ্ধ হোৱা। তোমালোকৰ কিছুমানক ইয়াৰ পূৰ্বেই মৃত্যু ঘটোৱা হয় যাতে তোমালোকে নিৰ্ধাৰিত সময়ত উপনীত হোৱা আৰু তোমালোকে যাতে বুজিব পাৰা।

    [68] তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায় আৰু যেতিয়া তেওঁ কিবা কৰিবলৈ স্থিৰ কৰে তেতিয়া ইয়াৰ বাবে তেওঁ কেৱল কয় ‘হ’, সেইটো তৎক্ষণাত হৈ যায়।

    [69] তুমি সিহঁতক লক্ষ্য কৰা নাইনে যিহঁতে আল্লাহৰ নিদৰ্শনাৱলী সম্পৰ্কে বিতৰ্ক কৰে? সিহঁতক ক’লৈ উভতাই নিয়া হৈছে

    [70] যিহঁতে কিতাবক আৰু আমাৰ ৰাছুলসকলে যি লৈ প্ৰেৰিত হৈছে সেয়া অস্বীকাৰ কৰে, এতেকে সিহঁতে অতিশীঘ্ৰে জানিবলৈ পাব

    [71] যেতিয়া সিহঁতৰ ডিঙিত গলাবদ্ধ আৰু শিকলি থাকিব, আৰু সিহঁতক টানি লৈ যোৱা হ’ব

    [72] উতলা পানীৰ মাজত, তাৰ পিছত সিহঁতক জ্বলোৱা হ'ব অগ্নিৰ মাজত।

    [73] তাৰ পিছত সিহঁতক কোৱা হ’ব, ‘কত সিহঁত যিসকলক তোমালোকে অংশীদাৰ স্থাপন কৰিছিলা

    [74] আল্লাহৰ বাহিৰে’? সিহঁতে ক’ব, ‘সিহঁত দেখুন আমাৰ পৰা আঁতৰি গৈছে; বৰং ইতিপূৰ্বে আমি কাকো আহ্বান কৰা নাছিলো’। এইদৰেই আল্লাহে কাফিৰসকলক বিভ্ৰান্ত কৰে।

    [75] এয়া এই কাৰণে যে, তোমালোকে পৃথিৱীত অযথা উল্লাস কৰিছিলা আৰু এই কাৰণেও যে, তোমালোকে অহংকাৰ কৰিছিলা।

    [76] তোমালোকে জাহান্নামৰ বিভিন্ন দুৱাৰেৰ প্ৰৱেশ কৰা তাত স্থায়ীভাৱে অৱস্থানৰ বাবে, এতেকে (চোৱাচোন!) কিমান যে নিকৃষ্ট অহংকাৰী বিলাকৰ আবাসস্থল

    [77] এতেকে তুমি ধৈৰ্য ধাৰণ কৰা। নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। আমি সিহঁতক যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছো তাৰে অলপ হয়তো মই তোমাক দেখুৱাই দিম নাইবা তোমাৰ মৃত্যু ঘটাম, তথাপিও দেখুন সিহঁতে মোৰ ওচৰতেই প্ৰত্যাৱৰ্তিত হ’ব।

    [78] আৰু অৱশ্যে আমি তোমাৰ পূৰ্বে বহুতো ৰাছুল প্ৰেৰণ কৰিছো। আমি তেওঁলোকৰ কিছুমানৰ বৰ্ণনা তোমাৰ ওচৰত কৰিছো আৰু কিছুমানৰ বৰ্ণনা কৰা নাই। আল্লাহৰ অনুমতি বিনে কোনো নিৰ্দেশ লৈ অহা কোনো ৰাছুলৰ পক্ষে সম্ভৱ নহয়। এতেকে যেতিয়া আল্লাহৰ আদেশ আহিব তেতিয়া ন্যায় সংগতভাৱে ফয়চালা হৈ যাব। তেতিয়া বাতিলপন্থী বিলাক ক্ষতিগ্ৰস্ত হ’ব।

    [79] তেৱেঁই আল্লাহ, যিজনে তোমালোকৰ বাবে ঘৰচীয়া জন্তু সৃষ্টি কৰিছে, যাতে তোমালোকে সেইবোৰৰ কিছুমানৰ ওপৰত আৰোহণ কৰিব পাৰা আৰু কিছুমানক ভক্ষণ কৰিব পাৰা।

    [80] আৰু ইয়াত তোমালোকৰ বাবে আছে প্ৰচুৰ উপকাৰ, যাতে তোমালোকে নিজৰ অন্তৰত যি প্ৰয়োজন অনুভৱ কৰা, সেইবোৰৰ দ্বাৰা সেয়া পূৰ্ণ কৰিব পাৰা। সেইবোৰৰ ওপৰত আৰু নৌযানৰ ওপৰত তোমালোকক বহন কৰা হয়।

    [81] আৰু তেৱেঁই তোমালোকক তেওঁৰ নিদৰ্শনাৱলী দেখুৱাই থাকে। এতেকে তোমালোকে আল্লাহৰ কোন কোনটো নিদৰ্শনক অস্বীকাৰ কৰিবা

    [82] সিহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাই নেকি, তেতিয়াহে সিহঁতে দেখা পালেহেঁতেন সিহঁতৰ পূৰ্বৱৰ্তী বিলাকৰ পৰিণাম কেনেকুৱা হৈছিল? সিহঁতে পৃথিৱীত ইহঁততকৈয়ো সংখ্যাগৰিষ্ঠ আৰু শক্তি ও কীৰ্তিত আছিল অতি প্ৰবল। তথাপিও সিহঁতে যি অৰ্জন কৰিছিল সেয়া সিহঁতৰ কোনো কামত অহা নাছিল।

    [83] সিহঁতৰ ওচৰত যেতিয়া সিহঁতৰ ৰাছুলসকল সুস্পষ্ট প্ৰমাণাদি লৈ উপস্থিত হ’ল, তেতিয়া সিহঁতে (সেয়া অৱজ্ঞা কৰি) নিজৰ ওচৰত থকা জ্ঞানকে প্ৰাধান্য দি আনন্দি হ’ল। ফলত সিহঁতে যিটোক লৈ ঠাট্টা-বিদ্ৰূপ কৰিছিল সেইটোৱেই সিহঁতক পৰিবেষ্টন কৰিলে।

    [84] তাৰ পিছত সিহঁতে যেতিয়া আমাৰ শাস্তি দেখা পালে তেতিয়া ক’লে, ‘আমি একমাত্ৰ আল্লাহৰ ওপৰত ঈমান আনিলো আৰু আমি তেওঁৰ লগত যিবোৰক অংশী কৰিছিলো সেইবোৰক প্ৰত্যাখ্যান কৰিলো’।

    [85] কিন্তু আমাৰ শাস্তি দেখা পোৱাৰ পিছত সিহঁতে লৈ অহা ঈমান সিহঁতৰ কোনো উপকাৰত নাহিল। আল্লাহৰ এই বিধান পূৰ্বৰে পৰা তেওঁৰ বান্দাসকলৰ মাজত চলি আহিছে আৰু তেতিয়াই কাফিৰসকল ক্ষতিগ্ৰস্ত হৈছে।

    Surah 41
    হা-মীম ছাজদাহ

    [1] হা-মীম।

    [2] (এই গ্ৰন্থ) পৰম কৰুণাময় পৰম দয়ালু সত্তাৰ তৰফৰ পৰা অৱতীৰ্ণ।

    [3] এনেকুৱা এখন কিতাব, যাৰ আয়াতসমূহ জ্ঞানী সম্প্ৰদায়ৰ বাবে বিশদভাৱে বৰ্ণনা কৰা হৈছে, কোৰআনৰূপে আৰবী ভাষাত

    [4] সুসংবাদদাতা আৰু সতৰ্ককাৰী। তথাপিও সিহঁতৰ সৰহভাগেই মুখ ঘূৰাই লৈছে। সেয়ে সিহঁতে নুশুনিব।

    [5] আৰু সিহঁতে কয়, ‘তুমি যাৰ প্ৰতি আমাক আহ্বান কৰি আছা সেই বিষয়ে আমাৰ অন্তৰত আৱৰণ পৰিছে, আৰু আমাৰ কাণত আছে বধিৰতা লগতে আমাৰ আৰু তোমালোকৰ মাজত আছে পৰ্দা; সেয়ে তুমি তোমাৰ কাম কৰা, নিশ্চয় আমি আমাৰ কাম কৰিম’।

    [6] কোৱা, ‘মই কেৱল তোমালোকৰ দৰেই এজন মানুহ, মোৰ প্ৰতি অহী কৰা হয় যে, তোমালোকৰ ইলাহ কেৱল এজন ইলাহ। এতেকে তোমালোকে তেওঁৰ প্ৰতি দৃঢ়তা অৱলম্বন কৰা আৰু তেওঁৰ ওচৰতেই ক্ষমা প্ৰাৰ্থনা কৰা’। আৰু দুৰ্ভোগ মুশ্বৰিকসকলৰ বাবে

    [7] যিসকলে যাকাত প্ৰদান নকৰে সিহঁতেই আখিৰাত অস্বীকাৰকাৰী।

    [8] নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ বাবে আছে নিৰবিচ্ছিন্ন পুৰষ্কাৰ।

    [9] কোৱা, ‘তোমালোকে তেওঁৰ লগত কুফৰী কৰানে যিজনে দুদিনত পৃথিৱী সৃষ্টি কৰিছে? আৰু তোমালোকে তেওঁৰ সমকক্ষ স্থিৰ কৰানে’? তেওঁ হৈছে সৃষ্টিজগতৰ ৰব

    [10] আৰু তেৱেঁই ভূপৃষ্ঠত দৃঢ় পৰ্বতমালা স্থাপন কৰিছে আৰু তাত বৰকত দিছে আৰু চাৰি দিনৰ মাজত ইয়াত খাদ্য বস্তুৰ ব্যৱস্থা কৰিছে সমভাৱে যাচ্ঞাকাৰী সকলৰ বাবে।

    [11] তাৰ পিছত তেওঁ আকাশৰ ফালে মনোনিবেশ কৰিলে, যিটো (আগতে) আছিল ধোৱাঁ। তাৰ পিছত তেওঁ তাক (আকাশক) আৰু পৃথিৱীক ক’লে, ‘তোমালোকে উভয়ে আহা ইচ্ছাতেই হওঁক বা অনিচ্ছাতেই হওঁক’। সিহঁত উভয়ে ক’লে, ‘আমি আনুগত হৈ আহিলো’।

    [12] তাৰ পিছত তেওঁ দুদিনত আকাশসমূহক সাত আকাশত পৰিণত কৰিলে আৰু প্ৰত্যেক আকাশত তেওঁৰ নিৰ্দেশ অহী যোগে প্ৰেৰণ কৰিলে; আৰু আমি নিকটৱৰ্তী আকাশখনক প্ৰদীপমালাৰ দ্বাৰা সুশোভিত আৰু সুৰক্ষিত কৰিলো। এইটো মহাপৰাক্ৰমশালী, সৰ্বজ্ঞৰ ব্যৱস্থাপনা।

    [13] তথাপিও সিহঁতে যদি মুখ ঘূৰাই লয় তেন্তে কোৱা, ‘মই তোমালোকক এটা ধ্বংসাত্মক শাস্তি সম্পৰ্কে সতৰ্ক কৰিছো, আদ আৰু ছামূদৰ শাস্তিৰ দৰে’।

    [14] যেতিয়া সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকলে সন্মুখৰ পৰা আৰু পিছফালৰ পৰা আহি কৈছিল যে, ‘তোমালোকে একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা’। সিহঁতে কৈছিল, ‘যদি আমাৰ প্ৰতিপালকে ইচ্ছা কৰিলেহেঁতেন তেন্তে অৱশ্যে তেওঁ ফিৰিস্তা অৱতীৰ্ণ কৰিলেহেঁতেন। এতেকে তোমালোকে যিটো লৈ প্ৰেৰিত হৈছা সেয়া আমি অস্বীকাৰ কৰো’।

    [15] আনহাতে আদ সম্প্ৰদায়, সিহঁতে পৃথিৱীত অযথা অহংকাৰ কৰিছিল আৰু কৈছিল, ‘আমাতকৈ অধিক শক্তিশালী আৰু কোন আছে’? এতেকে সিহঁতে লক্ষ্য কৰা নাই নেকি যে, নিশ্চয় আল্লাহ, যিজনে সিহঁতক সৃষ্টি কৰিছে, তেওঁ সিহঁততকৈয়ো শক্তিশালী? আৰু সিহঁতে আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰিছিল।

    [16] তাৰ পিছত আমি সিহঁতৰ ওপৰত অশুভ দিনবোৰত ধুমুহা প্ৰেৰণ কৰিলো; যাতে আমি সিহঁতক পাৰ্থিৱ জীৱনতেই লাঞ্ছনাদায়ক শাস্তিৰ সোৱাদ লোৱাব পাৰো; আৰু আখিৰাতৰ শাস্তি ইয়াতকৈয়ো অধিক লাঞ্ছনাদায়ক আৰু সিহঁতক সহায়ো কৰা নহ’ব।

    [17] আৰু ছামূদ সম্প্ৰদায়, আমি সিহঁতক পথনিৰ্দেশ কৰিছিলো, কিন্তু সিহঁতে সৎপথৰ পৰিবৰ্তে অন্ধপথত চলাটোহে পছন্দ কৰিছিল। ফলত লাঞ্ছনাদায়ক শাস্তিৰ বজ্ৰাঘাতে সিহঁতক কৰায়ত্ত কৰিলে; সিহঁতে যি অৰ্জন কৰিছিল তাৰ পৰিণামত।

    [18] আৰু যিসকলে ঈমান আনিছিল আৰু তাক্বৱা অৱলম্বন কৰিছিল, আমি তেওঁলোকক ৰক্ষা কৰিলো।

    [19] আৰু যিদিনা আল্লাহৰ শত্ৰু বিলাকক অগ্নিৰ ফালে সমবেত কৰা হ’ব, সেই দিনা সিহঁতক বিন্যস্ত কৰা হ’ব বিভিন্ন দলত।

    [20] অৱশেষত যেতিয়া সিহঁতে জাহান্নামৰ একেবাৰে সন্নিকটত উপস্থিত হ’ব, তেতিয়া সিহঁতৰ কাণ, সিহঁতৰ চকু আৰু ছালেও সিহঁতৰ বিৰুদ্ধে সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে সাক্ষ্য দিব।

    [21] আৰু সিহঁতে (জাহান্নামীবিলাকে) সিহঁতৰ ছালবোৰক সুধিব, ‘কিয় তোমালোকে আমাৰ বিৰুদ্ধে সাক্ষ্য দিলা’? ছালবোৰে ক’ব, ‘আল্লাহেই আমাক বাকশক্তি দিছে, যি সত্তাই সকলোকে বাকশক্তি দিছে। তেৱেঁই তোমালোকক প্ৰথমবাৰ সৃষ্টি কৰিছে আৰু তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা’।

    [22] গোপনে অপকৰ্ম কৰাৰ সময়ত তোমালোকে ভবা নাছিলা যে, তোমালোকৰ কাণ, চকু আৰু ছালেও তোমালোকৰ বিৰুদ্ধে সাক্ষ্য দিব, বৰং তোমালোকে ভাবিছিলা যে, তোমালোকে যি কৰা তাৰ সৰহভাগেই আল্লাহে নাজানে।

    [23] তোমালোকৰ প্ৰতিপালক সম্পৰ্কে তোমালোকৰ এই ধাৰণাই তোমালোকক ধ্বংস কৰিছে। ফলত তোমালোক হৈছা ক্ষতিগ্ৰস্ত বিলাকৰ অন্তৰ্ভুক্ত।

    [24] এতিয়া যদি সিহঁতে ধৈৰ্য ধাৰণ কৰে তথাপিও অগ্নিয়েই হ’ব সিহঁতৰ আবাস। আৰু যদি সিহঁতে সন্তুষ্টি বিধান কৰিব বিচাৰে তথাপিও সিহঁতে সন্তুষ্টি প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত নহ’ব।

    [25] আৰু আমি সিহঁতৰ বাবে বেয়া স্বভাৱৰ সহচৰবৃন্দ নিৰ্ধাৰণ কৰি দিছিলো, যিসকলে সিহঁতৰ সন্মুখত আৰু পিছত যি আছে সেয়া সিহঁতৰ দৃষ্টিত শোভনীয় কৰি দেখুৱাইছিল। সেয়ে সিহঁতৰ ওপৰত শাস্তিৰ বাণী সাব্যস্ত হৈছে, সিহঁতৰ পূৰ্বে অতিবাহিত হোৱা জিন আৰু মানৱ জাতিৰ দৰে। নিশ্চয় সিহঁত আছিল ক্ষতিগ্ৰস্ত।

    [26] আৰু কাফিৰবিলাকে কয়, ‘তোমালোকে এই কোৰআনৰ নিৰ্দেশ নুশুনিবা আৰু সেয়া তিলাৱত কৰাৰ সময়ত হৈ চৈ সৃষ্টি কৰিবা, যাতে তোমালোকে জয়ী হ’ব পাৰা’।

    [27] সেয়ে আমি অৱশ্যে কাফিৰসকলক কঠিন শাস্তি আস্বাদন কৰাম আৰু অৱশ্যে আমি সিহঁতক সিহঁতৰ নিকৃষ্ট কাৰ্যকলাপৰ প্ৰতিফল দিম।

    [28] এই অগ্নি, আল্লাহৰ শত্ৰুবিলাকৰ প্ৰতিদান; তাত সিহঁতৰ বাবে আছে স্থায়ী আবাস, আমাৰ নিদৰ্শনাৱলীৰ প্ৰতি সিহঁতৰ অস্বীকৃতিৰ প্ৰতিফলস্বৰূপ।

    [29] আৰু কাফিৰসকলে ক’ব, ‘হে আমাৰ ৰব! জিন আৰু মানুহৰ মাজৰ পৰা যি দুজনে আমাক পথভ্ৰষ্ট কৰিছিল সিহঁতক দেখুৱাই দিয়া, আমি সিহঁত উভয়কে ভৰিৰ তলত ৰাখিম, যাতে সিহঁত নিকৃষ্টবিলাকৰ অন্তৰ্ভুক্ত হয়’।

    [30] নিশ্চয় যিসকলে কয়, ‘আমাৰ ৰব আল্লাহ’, তাৰ পিছত অবিচলিত থাকে, তেওঁলোকৰ ওচৰত ফিৰিস্তা অৱতীৰ্ণ হয়, (এই কথা কবলৈ) যে, ‘তোমালোকে ভয় নকৰিবা, আৰু চিন্তিতও নহ’বা বৰং তোমালোকক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল তাৰ বাবে আনন্দিত হোৱা।

    [31] ‘আমিয়েই তোমালোকৰ বন্ধু পাৰ্থিৱ জীৱনতো আৰু আখিৰাততো। আৰু তাত তোমালোকৰ বাবে প্ৰত্যেক সেইটো বস্তু থাকিব যিটো তোমালোকৰ মনে বিচাৰিব লগতে তোমালোকে তাত যিটো দাবী কৰিবা সেইটোৱেই থাকিব’।

    [32] এয়া পৰম ক্ষমাশীল, পৰম দয়ালু আল্লাহৰ তৰফৰ পৰা আতিথ্যস্বৰূপ।

    [33] সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায় আৰু সৎকৰ্ম কৰে? আৰু কয়, ‘নিশ্চয় মই মুছলিমসকলৰ অন্তৰ্ভুক্ত’।

    [34] ভাল আৰু বেয়া কেতিয়াও সমান হ’ব নোৱাৰে। সেয়ে উৎকৃষ্ট পন্থাৰে বেয়াক প্ৰতিহত কৰা, ফলত তোমাৰ আৰু যাৰ মাজত শত্ৰুতা আছে, (এনে কৰিলে) সি হৈ যাব তোমাৰ অন্তৰঙ্গ বন্ধুৰ দৰে।

    [35] আৰু এইটো কেৱল তেওঁলোকেই প্ৰাপ্ত হ’ব যিসকল ধৈৰ্যশীল। ইয়াৰ অধিকাৰী কেৱল তেওঁলোকেই হ’ব যিসকল মহাভাগ্যবান।

    [36] আৰু যদি চয়তানৰ তৰফৰ পৰা কোনো কুমন্ত্ৰণাই তোমাক প্ৰৰোচিত কৰে, তেন্তে তুমি আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিবা। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

    [37] আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে ৰাতি আৰু দিন, সূৰ্য আৰু চন্দ্ৰ। তোমালোকে সূৰ্যক ছাজদাহ নকৰিবা, আৰু চন্দ্ৰকো নহয়; ছাজদাহ কৰিবা কেৱল আল্লাহক, যিজনে এইবোৰ সৃষ্টি কৰিছে, যদিহে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা।

    [38] তথাপিও যদি সিহঁতে অহংকাৰ কৰে, তেন্তে (জানি থোৱা) যিসকল তোমাৰ প্ৰতিপালকৰ ওচৰত আছে, তেওঁলোকে দিনে ৰাতি তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু তেওঁলোকে ক্লান্তি বোধো নকৰে।

    [39] তেওঁৰ আৰু এটা নিদৰ্শন এই যে, তুমি ভূমিক শুকান দেখিবলৈ পোৱা, তাৰ পিছত যেতিয়া আমি তাত পানী বৰ্ষণ কৰো তেতিয়া সেয়া উজ্জীৱিত আৰু স্ফীত হয়। নিশ্চয় যিজনে ভূমিক জীৱিত কৰে অৱশ্যে তেৱেঁই মৃতসকলক জীৱন দানকাৰী। নিশ্চয় তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

    [40] নিশ্চয় যিসকলে আমাৰ আয়াতসমূহক বিকৃত কৰে, সিহঁত মোৰ অগোচৰত নহয়। (কোৱাচোন) ‘যিজন অগ্নিত নিক্ষিপ্ত হ’ব সি শ্ৰেষ্ঠ নে যিজন কিয়ামতৰ দিনা নিৰাপদে উপস্থিত হ’ব তেওঁ’? তোমালোকে যি ইচ্ছা আমল কৰা। তোমালোকে যি আমলকে নকৰা কিয়, নিশ্চয় তেওঁ তাৰ সম্যক দ্ৰষ্টা।

    [41] নিশ্চয় যিসকলে উপদেশ (কোৰআন) অহাৰ পিছতো সেয়া অস্বীকাৰ কৰে (সিহঁতক অৱশ্যে কঠিন শাস্তি দিয়া হ’ব)। নিশ্চয় এয়া হৈছে এখন সন্মানিত গ্ৰন্থ

    [42] বাতিল কেতিয়াও ইয়াত অনুপ্ৰৱেশ কৰিব নোৱাৰে, সন্মুখৰ ফালৰ পৰাও নহয়, পিছফালৰ পৰাও নহয়। এইটো প্ৰজ্ঞাময়, চিৰপ্ৰশংসিত সত্তাৰ তৰফৰ পৰা অৱতীৰ্ণ।

    [43] তোমাক কেৱল সেইটোৱেই কোৱা হয়, যিটো কোৱা হৈছিল তোমাৰ পূৰ্বৱৰ্তী ৰাছুলসকলক। নিশ্চয় তোমাৰ ৰব একান্ত ক্ষমাশীল আৰু অতি যন্ত্ৰণাদায়ক শাস্তি প্ৰদানকাৰী।

    [44] আৰু যদি আমি ইয়াক অনাৰবী ভাষাৰ কোৰআন বনালোহেঁতেন তেন্তে সিহঁতে অৱশ্যে ক’লেহেঁতেন, ‘ইয়াৰ আয়াতসমূহ বিশদভাৱে বিবৃত হোৱা নাই কিয়? ভাষা অনাৰবীয়, অথচ ৰাছুল আৰবীয়!’ কোৱা, ‘এইটো মুমিনসকলৰ বাবে হিদায়ত আৰু আৰোগ্য’। যিহঁতে ঈমান পোষণ নকৰে সিহঁতৰ কাণত আছে বধিৰতা আৰু কোৰআনে সিহঁতৰ (অন্তৰৰ) ওপৰত অন্ধত্ব সৃষ্টি কৰিব। সিহঁতকেই আহ্বান কৰা হ’ব দূৰৱৰ্তী স্থানৰ পৰা।

    [45] আৰু অৱশ্যে আমি মুছাক কিতাব প্ৰদান কৰিছিলো, কিন্তু তাত মতভেদ ঘটিছিল। যদি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা বাণী (সিদ্ধান্ত) পূৰ্বেই কৰি থোৱা নাথাকিলেহঁতেন তেন্তে সিহঁতৰ মাজত চূড়ান্ত মীমাংসা হৈ গ’লহেঁতেন। নিশ্চয় সিহঁত এই কোৰআন সম্পৰ্কে বিভ্ৰান্তিকৰ সন্দেহত পতিত হৈছে।

    [46] যিয়ে সৎকৰ্ম কৰে তেওঁ নিজৰ কল্যাণৰ বাবেই কৰে আৰু কোনোবাই অসৎকৰ্ম কৰিলে তাৰ প্ৰতিফল সি নিজেই ভোগ কৰিব। তোমাৰ প্ৰতিপালকে নিজ বান্দাসকলৰ প্ৰতি কদাপিও অন্যায় নকৰে।

    [47] কিয়ামতৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত হয়। তেওঁৰ অজ্ঞতাসাৰত কোনো ফলো আৱৰণৰ পৰা ওলাই নাহে, কোনো নাৰীও গৰ্ভ ধাৰণ নকৰে আৰু সন্তানো প্ৰসৱ নকৰে। যিদিনা আল্লাহে সিহঁতক মাতি ক’ব, ‘মোৰ অংশীদাৰসকল ক’ত’? তেতিয়া সিহঁতে ক’ব, ‘আমি তোমাৰ ওচৰত নিবেদন কৰো যে, এই বিষয়ে আমাৰ মাজত কোনো সাক্ষী নাই’।

    [48] আৰু ইতিপূৰ্বে সিহঁতে যিবিলাক (উপাস্যক) আহ্বান কৰিছিল সিহঁত সিহঁতৰ পৰা অন্তৰ্ধান হৈ যাব, আৰু সিহঁতে বিশ্বাস কৰিব যে, সিহঁতৰ পলায়নৰ কোনো উপায় নাই।

    [49] মানুহে কল্যাণ প্ৰাৰ্থনাত কোনো ক্লান্তি বোধ নকৰে, কিন্তু যেতিয়া তাক কোনো অকল্যাণে স্পৰ্শ কৰে তেতিয়া সি প্ৰচণ্ডভাৱে হতাশ আৰু নিৰাশ হৈ পৰে

    [50] আকৌ দুঃখ-দৈন্যই স্পৰ্শ কৰাৰ পিছত যদি আমি তাক আমাৰ তৰফৰ পৰা অনুগ্ৰহৰ সোৱাদ ল’বলৈ দিওঁ, তেতিয়া সি অৱশ্যে কয়, ‘এয়া মোৰ প্ৰাপ্য আৰু মোৰ বিশ্বাস নহয় যে কিয়ামত সংঘটিত হ’ব। আনহাতে যদি মোক মোৰ প্ৰতিপালকৰ ওচৰলৈ উভতাই নিয়াও হয়, তথাপিও তেওঁৰ ওচৰত মোৰ বাবে কল্যাণেই থাকিব’। এতেকে নিশ্চয় আমি কাফিৰসকলক সিহঁতৰ আমল সম্পৰ্কে অৱহিত কৰিম আৰু সিহঁতক অৱশ্যে কঠোৰ শাস্তি আস্বাদন কৰাম।

    [51] আৰু যেতিয়া আমি মানুহৰ প্ৰতি অনুগ্ৰহ কৰো তেতিয়া সি মুখ ঘূৰাই লয় আৰু দূৰলৈ আঁতৰি যায়। কিন্তু যেতিয়া তাক অকল্যাণে স্পৰ্শ কৰে তেতিয়া সি দীৰ্ঘ প্ৰাৰ্থনাকাৰী হয়।

    [52] কোৱা, ‘তোমালোকে কেতিয়াবা ভাবিছানে, যদি এই কোৰআন আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ হৈ থাকে তথাপিও তোমালোকে ইয়াক প্ৰত্যাখ্যান কৰিছা, তেনে অৱস্থাত যি ব্যক্তি ঘোৰ বিৰুদ্ধাচৰণত লিপ্ত আছে, তাতকৈ অধিক বিভ্ৰান্ত আৰু কোন হ’ব পাৰে’

    [53] অনতিপলমে আমি সিহঁতক আমাৰ নিদৰ্শনাৱলী দেখুৱাম, বিশ্বজগতৰ প্ৰান্তসমূহত আৰু সিহঁতৰ নিজৰ মাজতো; যাতে সিহঁতৰ ওচৰত সুস্পষ্ট হৈ উঠে যে, অৱশ্যে এইটো (কোৰআন) সত্য। এইটো তোমাৰ প্ৰতিপালক সম্পৰ্কে যথেষ্ট নহয়নে যে, তেওঁ সকলো বস্তুৰ ওপৰত সাক্ষী

    [54] জানি থোৱা! নিশ্চয় সিহঁত নিজ প্ৰতিপালকৰ সাক্ষাত সম্পৰ্কে সন্দেহত আছে। জানি থোৱা যে, নিশ্চয় তেওঁ (আল্লাহ) সকলো বস্তুকেই পৰিবেষ্টন কৰি আছে।

    Surah 42
    আশ-শূরা

    [1] হা-মীম।

    [2] আঈন-ছীন-ক্বাফ।

    [3] এইদৰেই তোমাৰ প্ৰতি আৰু তোমাৰ পূৰ্বৱৰ্তীসকলৰ প্ৰতি অহী কৰে মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময় আল্লাহে।

    [4] আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। তেওঁ সুউচ্চ, সুমহান।

    [5] আকাশসমূহ ওপৰৰ পৰা ভাঙি পৰাৰ উপক্ৰম হয়, আৰু ফিৰিস্তাসকলে নিজ প্ৰতিপালকৰ সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু পৃথিৱীবাসী সকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে। জানি থোৱা, নিশ্চয় আল্লাহ, তেৱেঁই ক্ষমাশীল, পৰম দয়ালু।

    [6] আৰু যিসকলে আল্লাহৰ পৰিবৰ্তে আনক অভিভাৱকৰূপে গ্ৰহণ কৰে, আল্লাহ সিহঁতৰ প্ৰতি সম্যক দৃষ্টিদাতা। আৰু তুমি সিহঁতৰ ওপৰত কৰ্মবিধায়ক নহয়।

    [7] আৰু এইদৰেই আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছো আৰবী ভাষাত, যাতে তুমি মক্কা আৰু ইয়াৰ চাৰিওফালৰ জনগণক সতৰ্ক কৰিব পাৰা লগতে সতৰ্ক কৰিব পাৰা কিয়ামতৰ দিন সম্পৰ্কে, যাৰ (সংঘটিত হোৱাত) কোনো সন্দেহ নাই। এদল থাকিব জান্নাতত আৰু এদল জ্বলন্ত অগ্নিত।

    [8] আৰু আল্লাহে ইচ্ছা কৰিলে সিহঁতক এটাই উম্মত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ যাক ইচ্ছা কৰে কেৱল তাকহে নিজ অনুগ্ৰহত প্ৰৱেশ কৰায়। আৰু যালিমসকল, সিহঁতৰ কোনো অভিভাৱক নাই আৰু কোনো সহায়কাৰীও নাই।

    [9] সিহঁতে আল্লাহৰ পৰিবৰ্তে আনক অভিভাৱকৰূপে গ্ৰহণ কৰিছে নেকি, কিন্তু আল্লাহ, কেৱল তেওঁহে প্ৰকৃত অভিভাৱক, আৰু কেৱল তেৱেঁই মৃতক জীৱিত কৰে। তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

    [10] আৰু তোমালোকে যি বিষয়তে মতভেদ নকৰা কিয়, তাৰ মীমাংসা কেৱল আল্লাহৰেই ওচৰত। তেৱেঁই আল্লাহ, মোৰ ৰব; তেওঁৰ ওপৰতেই মই নিৰ্ভৰ কৰিছো আৰু মই তেওঁৰেই অভিমুখী হওঁ।

    [11] তেৱেঁই আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি কৰ্তা, তেৱেঁই তোমালোকৰ মাজৰ পৰা তোমালোকৰ যোৰা সৃষ্টি কৰিছে আৰু চতুষ্পদ জন্তুৰ মাজতো যোৰা সৃষ্টি কৰিছে। এইদৰেই তেওঁ তোমালোকৰ বংশ বিস্তাৰ কৰে; একোৱেই তেওঁৰ সদৃশ নহয়, তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।

    [12] আকাশসমূহ আৰু পৃথিৱীৰ চাবি-কাঠি তেওঁৰেই ওচৰত। তেওঁ যাৰ বাবে ইচ্ছা কৰে তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু সংকুচিতও কৰে। নিশ্চয় তেওঁ সকলো বস্তু সম্পৰ্কে সৰ্বজ্ঞ।

    [13] তেৱেঁই তোমালোকৰ বাবে দ্বীন বিধিবদ্ধ কৰিছে, যাৰ নিৰ্দেশ তেওঁ নূহক প্ৰদান কৰিছিল; আৰু আমি তোমাৰ প্ৰতি ইয়াৰেই অহী প্ৰেৰণ কৰিছো লগতে ইব্ৰাহীম, মুছা আৰু ঈছাকো ইয়াৰ নিৰ্দেশ দিছিলো যে, তোমালোকে দ্বীনক প্ৰতিষ্ঠিত কৰা আৰু ইয়াৰ মাজত বিভেদ সৃষ্টি নকৰিবা। তুমি মুশ্বৰিকসকলক যিটোৰ ফালে আহ্বান কৰি আছা সেয়া সিহঁতৰ ওচৰত কঠিন বুলিহে ধাৰণা হয়। আল্লাহে যাক ইচ্ছা কৰে তাকহে তেওঁৰ দ্বীনৰ প্ৰতি আকৃষ্ট কৰে আৰু যিয়ে তেওঁৰ অভিমুখী হয় তাক তেওঁৰ দ্বীনৰ প্ৰতি হিদায়ত দান কৰে।

    [14] আৰু সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছতো কেৱল পাৰস্পৰিক বিদ্বেষবশত সিহঁতে নিজৰ মাজত মতভেদ ঘটায়। এটা নিৰ্ধাৰিত সময় লৈকে অৱকাশ সম্পৰ্কে তোমাৰ প্ৰতিপালকৰ পূৰ্ব সিদ্ধান্ত নাথাকিলে সিহঁতৰ বিষয়ে চূড়ান্ত ফয়চালা হৈ গ’লহেঁতেন। সিহঁতৰ পিছত যিসকলে কিতাবৰ উত্তৰাধিকাৰী হৈছে, নিশ্চয় সিহঁতে সেই বিষয়ে বিভ্ৰান্তিকৰ সন্দেহত পতিত হৈছে।

    [15] এতেকে তুমি আহ্বান কৰা আৰু দৃঢ়ভাৱে অবিচলিত থাকা, যিদৰে তোমাক আদেশ কৰা হৈছে। তুমি কেতিয়াও সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা; আৰু কোৱা, ‘আল্লাহে যিখন কিতাব অৱতীৰ্ণ কৰিছে মই তাত ঈমান আনিছো আৰু তোমালোকৰ মাজত ন্যায় বিচাৰ কৰিবলৈ মোক আদেশ কৰা হৈছে। আল্লাহেই আমাৰ ৰব আৰু তোমালোকৰো ৰব। আমাৰ আমল আমাৰ বাবে আৰু তোমালোকৰ আমল তোমালোকৰ বাবে; আমাৰ আৰু তোমালোকৰ মাজত কোনো বিবাদ-বিসম্বাদ নাই। আল্লাহেই আমাক একত্ৰিত কৰিব আৰু তেওঁৰ ওচৰতেই প্ৰত্যাৱৰ্তন’।

    [16] আল্লাহৰ আহ্বানত সঁহাৰি দিয়াৰ পিছতো যিসকলে আল্লাহ সম্পৰ্কে বিতৰ্ক কৰে, সিহঁতৰ যুক্তি-তৰ্ক সিহঁতৰ প্ৰতিপালকৰ দৃষ্টিত অসাৰ আৰু সিহঁতৰ ওপৰত আছে তেওঁৰ ক্ৰোধ আৰু আছে সিহঁতৰ বাবে কঠিন শাস্তি।

    [17] তেৱেঁই আল্লাহ, যিজনে সত্য সহকাৰে কিতাব আৰু মীজান অৱতীৰ্ণ কৰিছে। কিহে তোমাক জনাব যে, সম্ভৱত কিয়ামত অতি নিকটৱৰ্তী

    [18] যিহঁতে ইয়াৰ প্ৰতি ঈমান পোষণ নকৰে সিহঁতেই ইয়াক ত্বৰান্বিত কৰিব বিচাৰে। আৰু যিসকলে ঈমান আনিছে তেওঁলোকে ইয়াৰ পৰা ভীত হৈ থাকে আৰু তেওঁলোকে জানে যে, এয়া নিশ্চিতভাৱে সত্য। জানি থোৱা, নিশ্চয় কিয়ামত সম্পৰ্কে যিসকলে বাক-বিতণ্ডা কৰে সিহঁতে ঘোৰ বিভ্ৰান্তিত নিপতিত।

    [19] আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি অত্যন্ত কোমল; তেওঁ যাক ইচ্ছা কৰে জীৱিকা দান কৰে। তেওঁ সৰ্বশক্তিমান. প্ৰবল পৰাক্ৰমশালী।

    [20] যিয়ে আখিৰাতৰ ফচল কামনা কৰে তাৰ বাবে আমি তাৰ ফচল বৃদ্ধি কৰি দিওঁ আৰু যিয়ে পৃথিৱীৰ ফচল কামনা কৰে আমি তাক তাৰ পৰা অকণমান দিওঁ। কিন্তু আখিৰাতত তাৰ বাবে একো নাথাকিব।

    [21] অথবা সিহঁতৰ এনে কিছুমান অংশী আছে নেকি, যিবিলাকে সিহঁতৰ বাবে দ্বীনৰ পৰা চৰীয়ত প্ৰৱৰ্তন কৰিছে, যাৰ অনুমতি আল্লাহে দিয়া নাই? আৰু মীমাংসাৰ ঘোষণা নাথাকিলে অৱশ্যে সিহঁতৰ মাজত সিদ্ধান্ত হৈ গ’লহেঁতেন। নিশ্চয় যালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।

    [22] তুমি যালিমসকলক সিহঁতৰ কৃতকৰ্মৰ বাবে ভীত-সন্ত্ৰস্ত দেখিবলৈ পাবা। অথচ সেয়া আপতিত হ’ব সিহঁতৰেই ওপৰত। যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে থাকিব জান্নাতৰ উদ্যানসমূহত। তেওঁলোকে যিটোৱেই বিচাৰিব সেইটোৱেই তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত পাব। এইটোৱেই মহা অনুগ্ৰহ।

    [23] এইটোৱেই সেই সুসংবাদ, যিটো আল্লাহে তেওঁৰ বান্দাসকলক দিছে, যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। কোৱা, ‘মই ইয়াৰ বিনিময়ত তোমালোকৰ পৰা কেৱল আত্মীয়তাৰ সৌহাৰ্দ্যৰ বাহিৰে আন একো প্ৰতিদান নিবিচাৰো’। যিয়ে উত্তম কাম কৰে আমি তাৰ বাবে ইয়াত কল্যাণ বৃদ্ধি কৰি দিওঁ। নিশ্চয় আল্লাহ অত্যন্ত ক্ষমাশীল, গুণগ্ৰাহী।

    [24] অথবা সিহঁতে এই কথা কয় নেকি যে, সি আল্লাহ সম্পৰ্কে মিছা উদ্ভাৱন কৰিছে, যদি সেইটোৱেই হ’লেহেঁতেন তেন্তে আল্লাহে ইচ্ছা কৰিলে তোমাৰ হৃদয়ত মোহৰ মাৰি দিলেহেঁতেন। আল্লাহে বাতিলক মচি দিয়ে আৰু নিজ বাণীৰ দ্বাৰা সত্যক প্ৰতিষ্ঠিত কৰে। নিশ্চয় অন্তৰসমূহত যি আছে সেই বিষয়ে তেওঁ সবিশেষ অৱগত।

    [25] আৰু তেৱেঁই নিজ বান্দাসকলৰ তাওবা কবুল কৰে আৰু পাপসমূহ মোচন কৰে আৰু তোমালোকে যি কৰা সেয়া তেওঁ জানে।

    [26] আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ আহ্বানত তেওঁ সঁহাৰি দিয়ে আৰু তেওঁলোকৰ প্ৰতি তেওঁৰ অনুগ্ৰহ বৃদ্ধি কৰি দিয়ে; আৰু কাফিৰসকলৰ বাবে আছে কঠিন শাস্তি।

    [27] আৰু যদি আল্লাহে তেওঁৰ বান্দাসকলৰ জীৱিকা প্ৰশস্ত কৰি দিলেহেঁতেন, তেন্তে সিহঁতে পৃথিৱীত অৱশ্যে সীমালংঘন কৰিলেহেঁতেন; কিন্তু তেওঁ নিজৰ ইচ্ছামতে নিৰ্দিষ্ট পৰিমাণে (জীৱিকা) অৱতীৰ্ণ কৰে। নিশ্চয় তেওঁ নিজ বান্দাসকলৰ বিষয়ে সম্যক অৱহিত আৰু সৰ্বদ্ৰষ্টা।

    [28] আৰু সিহঁত নিৰাশ হোৱাৰ পিছত তেৱেঁই বৰষুণ অৱতীৰ্ণ কৰে আৰু তেওঁৰ ৰহমত বিস্তাৰ কৰে। তেৱেঁই অভিভাৱক, অত্যন্ত প্ৰশংসিত।

    [29] আৰু তেওঁৰ অন্যতম নিদৰ্শন হৈছে আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি আৰু এই দুয়োৰ মাজত তেওঁ যিবোৰ জীৱ-জন্তু বিস্তাৰ কৰিছে সেইবোৰো (তেওঁৰ নিদৰ্শন); আৰু তেওঁ যেতিয়াই ইচ্ছা তেতিয়াই সেইবোৰক সমবেত কৰিবলৈ সক্ষম।

    [30] আৰু তোমালোকৰ প্ৰতি যি বিপদ-আপদ আপতিত হয় সেয়া তোমালোকৰেই কৃতকৰ্মৰ পৰিণাম আৰু বহুতো অপৰাধ তেওঁ ক্ষমা কৰি দিয়ে।

    [31] আৰু তোমালোকে পৃথিৱীত (আল্লাহৰ কৰ্ম পৰিকল্পনাক) ব্যৰ্থ কৰিব নোৱাৰিবা। আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱক নাই আৰু কোনো সহায়কাৰীও নাই।

    [32] তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে সাগৰত চলাচল কৰা পৰ্বতসদৃশ নৌযানসমূহ।

    [33] তেওঁ ইচ্ছা কৰিলে বায়ুক স্তব্ধ কৰি দিব পাৰে, ফলত নৌযানসমূহ গতিহীন হৈ পৰিব সমুদ্ৰপৃষ্ঠত। নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে, প্ৰত্যেক চৰম ধৈৰ্যশীল আৰু একান্ত কৃতজ্ঞ ব্যক্তিৰ বাবে।

    [34] অথবা সিহঁতৰ কৃতকৰ্মৰ বাবে সেইবোৰক তেওঁ ধ্বংস কৰি দিব পাৰে; আৰু বহুতো (অপৰাধক) তেওঁ ক্ষমাও কৰে।

    [35] আৰু যিসকলে আমাৰ নিদৰ্শন সম্পৰ্কে বিতৰ্ক কৰে, সিহঁতে যাতে জানিবলৈ পায় যে, সিহঁতৰ কোনো আশ্ৰয়স্থল নাই।

    [36] এতেকে তোমালোকক যি দিয়া হৈছে সেয়া কেৱল পাৰ্থিৱ জীৱনৰ ভোগ-সামগ্ৰীহে। আৰু আল্লাহৰ ওচৰত যি আছে সেয়া উত্তম আৰু স্থায়ী, তেওঁলোকৰ বাবে যিসকলে ঈমান আনিছে আৰু তেওঁলোকে নিজ প্ৰতিপালকৰ ওপৰত তাৱাক্কুল কৰে

    [37] তেওঁলোকে কাবীৰা গুনাহ আৰু অশ্লীল কৰ্মৰ পৰা আঁতৰত থাকে আৰু যেতিয়া খং উঠে তেতিয়া ক্ষমা কৰি দিয়ে।

    [38] আৰু তেওঁলোকে নিজ প্ৰতিপালকৰ আহ্বানত সঁহাৰি দিয়ে, ছালাত কায়েম কৰে আৰু তেওঁলোকৰ কাৰ্যাৱলী পৰস্পৰ পৰামৰ্শৰ মাধ্যমত সম্পাদিত হয়। আৰু তেওঁলোকক আমি যি জীৱিকা দান কৰিছো তাৰ পৰা ব্যয় কৰে।

    [39] আৰু তেওঁলোকৰ ওপৰত অতিৰিক্ত অন্যায়-অবিচাৰ কৰা হ’লে তেওঁলোকে ইয়াৰ প্ৰতিবিধান কৰে।

    [40] আৰু বেয়াৰ প্ৰতিফল সেই অনুপাতেই বেয়া। এতেকে যিয়ে ক্ষমা কৰি দিয়ে আৰু আপোচ-নিষ্পত্তি কৰে তাৰ বাবে আছে আল্লাহৰ ওচৰত পুৰষ্কাৰ। নিশ্চয় তেওঁ অন্যায়কাৰী বিলাকক পছন্দ নকৰে।

    [41] কিন্তু অত্যাচাৰিত হোৱাৰ পিছত যিসকলে প্ৰতিবিধান কৰে, তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ব

    [42] কেৱল সিহঁতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব যিসকলে মানুহৰ ওপৰত অন্যায় কৰে আৰু পৃথিৱীত অন্যায়ভাৱে বিদ্ৰোহাচৰণ কৰি ফুৰে। সিহঁতৰে বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।

    [43] অৱশ্যে যিয়ে ধৈৰ্য ধাৰণ কৰে আৰু ক্ষমা কৰি দিয়ে, নিশ্চয় সেয়া দৃঢ় সংকল্পৰেই কাম।

    [44] আৰু আল্লাহে যাক পথভ্ৰষ্ট কৰে, ইয়াৰ পিছত তাৰ বাবে আন কোনো অভিভাৱক নাই। আৰু যালিমসকলে যেতিয়া শাস্তি দেখিব তেতিয়া তুমি সিহঁতক কওঁতে শুনিবা যে, ‘উভতি যোৱাৰ কোনো উপায় আছে নেকি’

    [45] আৰু তুমি সিহঁতক দেখিবলৈ পাবা যে, সিহঁতক জাহান্নামৰ সন্মুখত উপস্থিত কৰা হৈছে; সিহঁতে অপমানত অৱনত অৱস্থাত চুৰকৈ চাই থাকিব; আৰু যিসকলে ঈমান আনিছে তেওঁলোকে কিয়ামতৰ দিনা ক’ব, ‘নিশ্চয় সিহঁত ক্ষতিগ্ৰস্ত, যিহঁতে নিজৰ আৰু নিজ পৰিয়ালবৰ্গৰ ক্ষতি সাধন কৰিছে’। সাৱধান! নিশ্চয় যালিমসকল স্থায়ী শাস্তিত নিপতিত থাকিব।

    [46] আল্লাহৰ বাহিৰে সিহঁতক সহায় কৰাৰ বাবে সিহঁতৰ আন কোনো অভিভাৱক নাথাকিব। এতেকে আল্লাহে যাক পথভ্ৰষ্ট কৰে তাৰ বাবে আন কোনো পথ নাই।

    [47] আল্লাহৰ তৰফৰ পৰা সেই অপ্ৰতিৰোধ্য দিনটো অহাৰ পূৰ্বেই তোমালোকে নিজ প্ৰতিপালকৰ আহ্বানত সঁহাৰি দিয়া। যিদিনা তোমালোকৰ কোনো আশ্ৰয়স্থল নাথাকিব আৰু তোমালোকৰ বাবে প্ৰতিৰোধকাৰীও নাথাকিব।

    [48] তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয়, তেন্তে (জানি থোৱা) আমি তোমাক সিহঁতৰ ৰক্ষক হিচাপে প্ৰেৰণ কৰা নাই। তোমাৰ দায়িত্ব হৈছে কেৱল বাণী পৌঁচাই দিয়া। আমি যেতিয়া আমাৰ তৰফৰ পৰা মানুহক কোনো ৰহমত আস্বাদন কৰাওঁ তেতিয়া সি উৎফুল্ল হয় কিন্তু যেতিয়া সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতৰ বিপদ-আপদ ঘটে, তেতিয়া মানুহ অতি অকৃতজ্ঞ হৈ পৰে।

    [49] আকাশসমূহ আৰু পৃথিৱীৰ আধিপত্য কেৱল আল্লাহৰেই। তেওঁ যি ইচ্ছা সেইটোৱেই সৃষ্টি কৰে। তেওঁ যাক ইচ্ছা কন্যা সন্তান দান কৰে আৰু যাক ইচ্ছা পুত্ৰ সন্তান দান কৰে

    [50] নাইবা সিহঁতক পুত্ৰ আৰু কন্যা উভয়কে দান কৰে আৰু যাক ইচ্ছা কৰে বন্ধা কৰি দিয়ে। নিশ্চয় তেওঁ সৰ্বজ্ঞ, মহা ক্ষমতাবান।

    [51] কোনো মানুহৰেই এনেকুৱা মৰ্যাদা নাই যিয়ে আল্লাহৰ লগত পোনপটীয়াকৈ কথা কব অহীৰ মাধ্যমৰ বাহিৰে অথবা পৰ্দাৰ আঁৰত নাইবা এনেকুৱা কোনো বাৰ্তাবাহক প্ৰেৰণ কৰাৰ বাহিৰে, যি বাৰ্তাবাহকে কেৱল তেওঁৰ অনুমতিক্ৰমে তেওঁ যিটো বিচাৰে কেৱল সেইটোহে অহী কৰে, তেওঁ সৰ্বোচ্চ, প্ৰজ্ঞাময়।

    [52] অনুৰূপভাৱে (উপৰোক্ত তিনিটা পদ্ধতিত) আমি তোমাৰ প্ৰতি আমাৰ নিৰ্দেশৰ পৰা ৰূহক অহী কৰিছো। তুমি জনা নাছিলা কিতাব কি আৰু ঈমান কি! কিন্তু আমি ইয়াক নূৰ বনাইছো, যাৰ দ্বাৰা আমি আমাৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা হিদায়ত দান কৰো। নিশ্চয় তুমি সৰল পথৰ পিনে দিক নিৰ্দেশনা দিয়া

    [53] সেই আল্লাহৰ পথ, যিজন আকাশসমূহ আৰু পৃথিৱীত যি আছে সেই সকলোৰে গৰাকী। জানি থোৱা! সকলো বিষয় আল্লাহৰেই ফালে উভতি যাব।

    Surah 43
    আজ-জুখরুফ

    [1] হা-মীম।

    [2] শপত সুস্পষ্ট কিতাবৰ

    [3] নিশ্চয় আমি ইয়াক আৰবী (ভাষাত) কোৰআন (ৰূপে অৱতীৰ্ণ) কৰিছো, যাতে তোমালোকে বুজিব পাৰা।

    [4] নিশ্চয় ই আমাৰ ওচৰত উম্মুল কিতাবত উচ্চ মৰ্যাদাসম্পন্ন, হিকমতপূৰ্ণ।

    [5] তোমালোকে সীমালংঘনকাৰী সম্প্ৰদায় বুলিয়েই আমি তোমালোকৰ পৰা এই উপদেশ বাণী সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিমনে

    [6] আৰু পূৰ্বৱৰ্তীবিলাকৰ ওচৰত আমি বহুতো নবী প্ৰেৰণ কৰিছিলো।

    [7] আৰু যেতিয়াই সিহঁতৰ ওচৰত কোনো নবী আহিছে সিহঁতে তেওঁক লৈ ঠাট্টা-বিদ্ৰূপ কৰিছে।

    [8] ফলত যিসকল ইহঁততকৈয়ো শক্তিত প্ৰবল আছিল সিহঁতকো আমি ধ্বংস কৰিছিলো, আৰু পূৰ্বৱৰ্তীসকলৰ অনুৰূপ দৃষ্টান্ত অতীত হৈ গৈছে।

    [9] আৰু যদি তুমি সিহঁতক সোধা, আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে, তেন্তে সিহঁতে অৱশ্যে ক’ব, ‘এইবোৰ সৃষ্টি কৰিছে মহা পৰাক্ৰমশালী, সৰ্বজ্ঞ’

    [10] তেৱেঁই পৃথিৱীক তোমালোকৰ বাবে শয্যা কৰি দিছে আৰু তাত তোমালোকৰ বাবে চলাৰ পথ বনাই দিছে, যাতে তোমালোকে সঠিক পথ পাব পাৰা

    [11] আৰু তেৱেঁই আকাশৰ পৰা পৰিমিতভাৱে পানী বৰ্ষণ কৰে। তাৰ পিছত ইয়াৰ দ্বাৰা আমি সঞ্জীৱিত কৰো নিৰ্জীৱ জনপদক। এইদৰেই তোমালোকক (পুনৰ্জীৱিত কৰি) উলিয়াই আনা হ’ব।

    [12] আৰু তেৱেঁই সকলোকে যোৰা যোৰা সৃষ্টি কৰিছে আৰু তেৱেঁই তোমালোকৰ বাবে এনেকুৱা নৌযান আৰু ঘৰচীয়া জন্তু সৃষ্টি কৰিছে, যিবোৰত তোমালোকে আৰোহণ কৰা

    [13] যাতে তোমালোকে ইয়াৰ পিঠিত স্থিৰ হৈ বহিব পাৰা, তাৰ পিছত তোমালোকৰ প্ৰতিপালকৰ অনুগ্ৰহ স্মৰণ কৰিবা যেতিয়া তোমালোকে ইয়াৰ ওপৰত স্থিৰ হৈ বহিবা, আৰু কবা, ‘পৱিত্ৰ আৰু মহান তেওঁ, যিজনে এইবোৰক আমাৰ বশীভূত কৰি দিছে। অথচ এইবোৰক বশীভূত কৰিবলৈ আমি সমৰ্থ নাছিলো।

    [14] ‘আৰু নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ ওচৰতেই প্ৰত্যাৱৰ্তনকাৰী’।

    [15] আৰু সিহঁতে আল্লাহৰ বান্দাসকলৰ মাজৰ পৰা তেওঁৰ অংশ সাব্যস্ত কৰিছে। নিশ্চয় মানুহ স্পষ্ট অকৃতজ্ঞ।

    [16] তেওঁ যি সৃষ্টি কৰিছে তাৰ পৰা তেওঁ (নিজৰ বাবে) কন্যা সন্তান গ্ৰহণ কৰিছে আৰু তোমালোকক পুত্ৰ সন্তানৰ দ্বাৰা বিশিষ্ট কৰিছে নেকি

    [17] অথচ যেতিয়া সিহঁতৰ কাৰোবাক সুসংবাদ দিয়া হয় (কন্যা সন্তান জন্ম হোৱা বুলি), যিটোৰ দ্বাৰা সিহঁতে ৰহমানৰ প্ৰতি দৃষ্টান্ত দাঙি ধৰে, তেতিয়া তাৰ মুখমণ্ডল মলিন হৈ যায়, তেনে অৱস্থাত সি দুশ্চিন্তাত ভাগি পৰে।

    [18] (সেইবিলাক আল্লাহৰ ভাগত পৰিল নেকি) যিবিলাক অলংকাৰেৰে লালিত-পালিত হয় আৰু বিতৰ্কৰ সময়ত সুস্পষ্ট বক্তব্য প্ৰদানত অক্ষম

    [19] আৰু সিহঁতে ৰহমানৰ বান্দা ফিৰিস্তাসকলক নাৰী বুলি গণ্য কৰিছে; তেওঁলোকৰ সৃষ্টি সিহঁতে প্ৰত্যক্ষ কৰিছিল নেকি? সিহঁতৰ সাক্ষ্য অৱশ্যে লিপিবদ্ধ কৰা হ’ব আৰু সিহঁতক সোধ-পোছ কৰা হ’ব।

    [20] সিহঁতে আৰু কয়, ‘ৰহমানে ইচ্ছা কৰিলে আমি এওঁলোকৰ ইবাদত নকৰিলোহেঁতেন’। এই বিষয়ে সিহঁতৰ কোনো জ্ঞান নাই। সিহঁতে কেৱল মনেসজা কথাহে কয়।

    [21] আমি সিহঁতক কোৰআনৰ আগত কোনো কিতাব প্ৰদান কৰিছো নেকি, যিটো সিহঁতে দৃঢ়ভাৱে ধাৰণ কৰি আছে

    [22] বৰং সিহঁতে কয়, ‘নিশ্চয় আমি আমাৰ পিতৃ-পুৰুষসকলক এটা মতাদৰ্শৰ ওপৰতহে পাইছো আৰু নিশ্চয় আমি তেওঁলোকৰ পদাঙ্ক অনুসৰণ কৰি হিদায়তপ্ৰাপ্ত হম’।

    [23] আৰু এইদৰেই তোমাৰ পূৰ্বে যেতিয়াই আমি কোনো জনপদত কোনো এজন সতৰ্ককাৰী প্ৰেৰণ কৰিছো তেতিয়াই সেই ঠাইৰ বিলাসপ্ৰিয় বিলাকে কৈছে, ‘নিশ্চয় আমি আমাৰ পিতৃ-পুৰুষসকলক এটা মতাদৰ্শৰ ওপৰত পাইছো আৰু আমি তেওঁলোকৰেই পদাঙ্ক অনুসৰণ কৰি চলিম’।

    [24] তেতিয়া সেই সতৰ্ককাৰীয়ে কৈছে, ‘তোমালোকে তোমালোকৰ পিতৃ-পুৰুষসকলক যিটো মতাদৰ্শৰ ওপৰত পাইছা, মই যদি তোমালোকৰ বাবে তাতোকৈ উৎকৃষ্ট পথ লৈ আহোঁ তথাপিও (তোমালোকে সিহঁতৰ অনুসৰণ কৰিবানে)’? সিহঁতে কৈছে, ‘নিশ্চয় তোমালোকে যি লৈ প্ৰেৰিত হৈছা সেয়া আমি অস্বীকাৰ কৰো’।

    [25] ফলত আমি সিহঁতৰ পৰা প্ৰতিশোধ ল’লো। এতেকে চোৱা, অস্বীকাৰকাৰী বিলাকৰ পৰিণাম কেনেকুৱা হৈছিল

    [26] আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমে তেওঁৰ পিতৃ আৰু তেওঁৰ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে যিবোৰৰ ইবাদত কৰা নিশ্চয় মই সেইবোৰৰ পৰা সম্পৰ্কমুক্ত।

    [27] ‘কেৱল তেওঁৰ বাহিৰে যিজনে মোক সৃষ্টি কৰিছে। এতেকে নিশ্চয় তেওঁ অতিশীঘ্ৰে মোক সৎপথত পৰিচালিত কৰিব’।

    [28] আৰু এই ঘোষণাক তেওঁ চিৰন্তন বাণীৰূপে ৰাখি থৈ গৈছে তেওঁৰ উত্তৰসূৰীসকলৰ মাজত, যাতে সিহঁতে উভতি আহে।

    [29] বৰং আমি সিহঁতক আৰু সিহঁতৰ পিতৃ-পুৰুষসকলক ভোগ কৰিবলৈ সুযোগ দিছিলো, অৱশেষত সিহঁতৰ ওচৰত আহিল সত্য আৰু স্পষ্ট বৰ্ণনাকাৰী ৰাছুল।

    [30] আৰু যেতিয়া সত্য সিহঁতৰ ওচৰত আহি পালে, তেতিয়া সিহঁতে ক’লে, ‘এয়া দেখুন যাদু আৰু নিশ্চয় আমি ইয়াক প্ৰত্যাখ্যান কৰো’।

    [31] সিহঁতে আৰু ক’লে, ‘এই কোৰআন দুয়ো জনপদৰ কোনো এজন মহান ব্যক্তিৰ ওপৰত কিয় অৱতীৰ্ণ কৰা নহ’ল’

    [32] সিহঁতে তোমাৰ প্ৰতিপালকৰ ৰহমত ভাগ-বন্টন কৰে নেকি? আমিহে পাৰ্থিৱ জীৱনত সিহঁতৰ মাজত সিহঁতৰ জীৱিকা বন্টন কৰি দিওঁ আৰু সিহঁতৰ ইজনক সিজনৰ ওপৰত মৰ্যাদাত উন্নীত কৰি দিওঁ যাতে ইজনে সিজনক অধিনস্থ হিচাপে গ্ৰহণ কৰিব পাৰে; (জানি থোৱা) সিহঁতে যি সঞ্চয় কৰে, তোমাৰ প্ৰতিপালকৰ ৰহমত তাতোকৈ উৎকৃষ্ট।

    [33] যদি সকলো মানুহ একেটা মতালম্বী হোৱাৰ আশংকা নাথাকিলেহেঁতেন, তেন্তে যিসকলে ৰহমানৰ লগত কুফৰী কৰে, সিহঁতক আমি সিহঁতৰ ঘৰৰ বাবে ৰৌপ্য-নিৰ্মিত চাদ আৰু খটখটী দিলোহেঁতেন যাতে সিহঁতে আৰোহণ কৰে

    [34] আৰু সিহঁতৰ ঘৰসমূহৰ বাবে দুৱাৰ আৰু আসনসমূহ, য’ত সিহঁতে আউজি বহে

    [35] আৰু (অনুৰূপ দিলোহেঁতেন) সোণৰ নিৰ্মিতও; আৰু এই সকলোবোৰ কেৱল পাৰ্থিৱ জীৱনৰ ভোগ-সামগ্ৰীহে। আৰু তোমাৰ প্ৰতিপালকৰ ওচৰত আখিৰাত কেৱল মুত্তাক্বীসকলৰ বাবেহে।

    [36] আৰু যিয়ে ৰহমানৰ স্মৰণৰ পৰা বিমুখ হয় আমি তাৰ বাবে নিয়োজিত কৰো এজন চয়তান, ফলত সি তাৰ সহচৰ হৈ যায়।

    [37] নিশ্চয় সিহঁতেই (চয়তানবিলাকেই) মানুহক সৎপথৰ পৰা বাধা দিয়ে, অথচ মানুহ বিলাকে (ভ্ৰষ্ট পথত থকাৰ পিছতো) নিজকে হিদায়তপ্ৰাপ্ত বুলি ভাৱে।

    [38] অৱশেষত যেতিয়া সি আমাৰ ওচৰত আহিব, তেতিয়া সি চয়তানক ক’ব, ‘হায়! মোৰ আৰু তোমাৰ মাজত যদি পূৱ আৰু পশ্চিমৰ দৰে ব্যৱধান থাকিলেহেঁতেন!’ এতেকে এই সহচৰ কিমান যে নিকৃষ্ট

    [39] আৰু আজি তোমালোকৰ এই অনুতাপ তোমালোকৰ কোনো কামত নাহিব, যিহেতু তোমালোকে অন্যায় কৰিছিলা; নিশ্চয় তোমালোক আটায়ে শাস্তিত অংশীদাৰ।

    [40] তুমি বধিৰক শুনাব পাৰিবানে অথবা অন্ধক পথ দেখুৱাব পাৰিবানে আৰু যিজন স্পষ্ট বিভ্ৰান্তিত আছে তাক হিদায়ত দিব পাৰিবানে

    [41] এতেকে যদি আমি তোমাক লৈ যাওঁ, তেন্তে নিশ্চয় আমি সিহঁতৰ পৰা প্ৰতিশোধ লম

    [42] অথবা আমি সিহঁতক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিছো, সেয়া আমি তোমাক দেখুৱাম, নিশ্চয় আমি সিহঁতৰ ওপৰত পূৰ্ণ ক্ষমতাবান।

    [43] এতেকে তোমাৰ প্ৰতি যি অহী কৰা হৈছে সেয়া দৃঢ়ভাৱে অৱলম্বন কৰা। নিশ্চয় তুমি সৰল পথৰ ওপৰত প্ৰতিষ্ঠিত।

    [44] নিশ্চয় এই কোৰআন তোমাৰ আৰু তোমাৰ সম্প্ৰদায়ৰ বাবে স্মৰণিকাস্বৰূপ; অনতিপলমে তোমালোকক (ইয়াৰ বিষয়ে) সোধ-পোছ কৰা হ’ব।

    [45] সেয়ে তোমাৰ পূৰ্বে আমি আমাৰ ৰাছুলসকলৰ পৰা যিসকলক প্ৰেৰণ কৰিছিলো তেওঁলোকক সুধি চোৱা, আমি ৰহমানৰ বাহিৰে ইবাদত কৰিব পৰা এনে কোনো ইলাহ নিৰ্ধাৰণ কৰিছিলো নেকি

    [46] অৱশ্যে আমি মুছাক আমাৰ নিদৰ্শনাৱলীসহ ফিৰআউন আৰু তাৰ নেতৃবৰ্গৰ ওচৰত প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিল, ‘নিশ্চয় মই সৃষ্টিজগতৰ প্ৰতিপালকৰ এজন ৰাছুল’।

    [47] এতেকে যেতিয়া তেওঁ সিহঁতৰ ওচৰত আমাৰ নিদৰ্শনাৱলীসহ উপস্থিত হ’ল তেতিয়া সিহঁতে সেয়া লৈ উপহাস কৰিবলৈ ধৰিলে।

    [48] আমি সিহঁতক যি নিদৰ্শনেই দেখুৱাইছো সেয়া আছিল তাৰ আগৰ নিদৰ্শনতকৈ শ্ৰেষ্ঠ। আমি সিহঁতক শাস্তিৰ মাধ্যমত কৰায়ত্ত কৰিছিলো, যাতে সিহঁতে উভতি আহে।

    [49] সিহঁতে আৰু কৈছিল, ‘হে যাদুকৰ! তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে তুমি সেয়া প্ৰাৰ্থনা কৰা যিটো তেওঁ তোমাৰ লগত অঙ্গীকাৰ কৰিছে, নিশ্চয় আমি সৎপথ অৱলম্বন কৰিম’।

    [50] তাৰ পিছত যেতিয়া আমি সিহঁতৰ পৰা শাস্তি আঁতৰাই নিলো, তেতিয়াই সিহঁতে অঙ্গীকাৰ ভঙ্গ কৰিলে।

    [51] আৰু ফিৰআউনে তেওঁৰ সম্প্ৰদায়ৰ মাজত ঘোষণা কৰি ক’লে, ‘হে মোৰ সম্প্ৰদায়! মিছৰৰ ৰাজত্ব মোৰ নহয় নে বাৰু? আৰু এই নদ-নদীবোৰ মোৰ পাদদেশত প্ৰবাহিত হোৱা নাই জানো; তোমালোকে দেখা পোৱা নাইনে

    [52] ‘মই এই ব্যক্তিতকৈ শ্ৰেষ্ঠ নহয় নে? যিজন হীন আৰু স্পষ্ট কথা ক’বলৈয়ো প্ৰায় অক্ষম

    [53] ‘তেন্তে তেওঁক (মুছাক) সোণৰ গামখাৰু প্ৰদান কৰা নহল কিয়, অথবা তেওঁৰ লগত ফিৰিস্তাসকল দলবদ্ধভাৱে নাহিল কিয়’

    [54] এইদৰেই সি তাৰ সম্প্ৰদায়ক বুৰ্বক সজালে, ফলত সিহঁতে তাৰ কথা মানি ল’লে। নিশ্চয় সিহঁত আছিল এটা ফাছিক্ব সম্প্ৰদায়।

    [55] তাৰ পিছত যেতিয়া সিহঁতে আমাক ক্ৰোধান্বিত কৰিলে তেতিয়া আমি সিহঁতৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰিলো আৰু সিহঁত আটাইকে ডুবাই মাৰিলো।

    [56] ফলত আমি সিহঁতক পৰবৰ্তীবিলাকৰ বাবে অতীত ইতিহাস আৰু দৃষ্টান্ত বনাই ৰাখিলো।

    [57] আৰু যেতিয়াই মাৰইয়াম-পুত্ৰৰ উদাহৰণ দিয়া হয়, তেতিয়াই তোমাৰ সম্প্ৰদায়ৰ লোকে চিয়ঁৰ-বাখৰ কৰি হুলস্থুল লগাই দিয়ে।

    [58] আৰু সিহঁতে কয়, ‘আমাৰ উপাস্যবিলাক শ্ৰেষ্ঠ নে ঈছা’? সিহঁতে কেৱল বাক-বিতণ্ডাৰ উদ্দেশ্যেহে তোমাৰ সন্মুখত তেওঁৰ কথা দাঙি ধৰে। বৰং সিহঁত এটা কাজিয়া-প্ৰিয় সম্প্ৰদায়।

    [59] তেওঁ কেৱল মোৰ এজন বান্দাহে আছিল। যাৰ ওপৰত আমি অনুগ্ৰহ কৰিছিলো আৰু তেওঁক আমি বনী ইছৰাঈলৰ বাবে দৃষ্টান্ত বনাইছিলো।

    [60] আৰু যদি আমি ইচ্ছা কৰিলোহেঁতেন, তেন্তে তোমালোকৰ পৰিবৰ্তে ফিৰিস্তা সৃষ্টি কৰিলোহেঁতেন, যিসকলে পৃথিৱীত উত্তৰাধিকাৰী হ’লেহেঁতেন।

    [61] আৰু নিশ্চয় ঈছা কিয়ামতৰ নিশ্চিত নিদৰ্শন; সেয়ে তোমালোকে কিয়ামত সম্পৰ্কে সন্দেহ পোষণ নকৰিবা। তোমালোকে কেৱল মোৰেই অনুসৰণ কৰা। এইটোৱেই সৰল পথ।

    [62] চয়তানে যেন তোমালোকক কেতিয়াও বাধা প্ৰদান কৰিব নোৱাৰে। নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু।

    [63] আৰু যেতিয়া ঈছাই স্পষ্ট প্ৰমাণাদি লৈ আহিলে, তেতিয়া তেওঁ ক’লে, ‘অৱশ্যে মই তোমালোকৰ ওচৰত হিকমতসহ আহিছো আৰু তোমালোকে যিবোৰ বিষয়ত মতভেদ কৰিছা সেইবোৰ স্পষ্ট কৰিবলৈ আহিছো। সেয়ে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা।

    [64] ‘নিশ্চয় আল্লাহ, তেৱেঁই মোৰ ৰব আৰু তোমালোকৰো ৰব। এতেকে তোমালোকে তেওঁৰেই ইবাদত কৰা; এইটোৱেই সৰল পথ’।

    [65] তথাপিও সিহঁতৰ মাজৰ কিছুমান দলে মতানৈক্য সৃষ্টি কৰিলে, সেয়ে যালিমসকলৰ বাবে যন্ত্ৰণাদায়ক দিনৰ শাস্তিৰ দুৰ্ভোগ

    [66] সিহঁতে কেৱল সিহঁতৰ অজানিতে আকস্মিকভাৱে কিয়ামত অহাৰ অপেক্ষাত আছে।

    [67] সেইদিনা অন্তৰঙ্গ বন্ধুসকলেও ইজনে সিজনৰ শত্ৰু হৈ পৰিব, কেৱল মুত্তাক্বীসকলৰ বাহিৰে।

    [68] হে মোৰ বান্দাসকল! আজি তোমালোকৰ কোনো ভয় নাই আৰু তোমালোকে চিন্তিতও নহ’বা।

    [69] যিসকলে আমাৰ আয়াতৰ প্ৰতি ঈমান আনিছিল আৰু তেওঁলোক আছিল মুছলিম

    [70] তোমালোক আৰু তোমালোকৰ স্ত্ৰীসকল আনন্দচিত্তে জান্নাতত প্ৰৱেশ কৰা।

    [71] সোণৰ থাল আৰু পানপাত্ৰ লৈ তেওঁলোকক প্ৰদক্ষিণ কৰা হ’ব, তাত মনে যি বিচাৰে আৰু যিটোৰে চকু তৃপ্ত হয় সেই সকলো থাকিব, আৰু তাত তোমালোকে স্থায়ী হ’বা।

    [72] এইটোৱেই জান্নাত, তোমালোকক যিটোৰ অধিকাৰী কৰা হৈছে, তোমালোকৰ আমলৰ ফলস্বৰূপে।

    [73] তাত তোমালোকৰ বাবে আছে প্ৰচুৰ ফলমূল, তাৰ পৰা তোমালোকে খাবা।

    [74] নিশ্চয় অপৰাধীবিলাক জাহান্নামৰ শাস্তিত স্থায়ী হ’ব

    [75] সিহঁতৰ শাস্তি লাঘৱ কৰা নহ’ব আৰু সিহঁতে তাত হতাশ হৈ পৰিব।

    [76] আৰু আমি সিহঁতৰ প্ৰতি অন্যায় কৰা নাছিলো, কিন্তু সিহঁত নিজেই আছিল যালিম।

    [77] সিহঁতে চিয়ঁৰি চিয়ঁৰি ক’ব, ‘হে মালিক! তোমাৰ প্ৰতিপালকে যেন আমাক নিঃশেষ কৰি দিয়ে’। তেওঁ ক’ব, ‘নিশ্চয় তোমালোকে এনেকৈয়ে থাকিব লাগিব’।

    [78] আল্লাহে ক’ব, ‘অৱশ্যে আমি তোমালোকৰ ওচৰত সত্য লৈ আহিছিলো, কিন্তু তোমালোকৰ সৰহভাগেই আছিল সত্য অপছন্দকাৰী’।

    [79] সিহঁতে কোনো বিষয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে নেকি? নিশ্চয় আমিহে চূড়ান্ত সিদ্ধান্তকাৰী।

    [80] অথবা সিহঁতে ভাবে নেকি যে, আমি সিহঁতৰ গোপন বিষয় আৰু মন্ত্ৰণা শুনিবলৈ নাপাওঁ? অৱশ্যে শুনিবলৈ পাওঁ। আমাৰ ফিৰিস্তাসকল সিহঁতৰ ওচৰতে থাকি লিখে।

    [81] কোৱা, ‘ৰহমানৰ যদি কোনো সন্তান থাকিলেহেঁতেন তেন্তে ময়েই প্ৰথম তেওঁৰ ইবাদতত ঘৃণাকাৰীসকলৰ অগ্ৰণী হ’লোহেঁতেন

    [82] সিহঁতে যি আৰোপ কৰে তাৰ পৰা আকাশসমূহ, পৃথিৱীৰ প্ৰতিপালক আৰু অৰছৰ ৰব অতি পৱিত্ৰ-মহান।

    [83] এতেকে তুমি সিহঁতক এৰি দিয়া, সিহঁতে মগ্ন থাকক বেহুদা কথাত আৰু খেল-ধেমালিত মত্ত থাকক, সেইদিনৰ সন্মুখীন নোহোৱা লৈকে যিটো দিনৰ প্ৰতিশ্ৰুতি সিহঁতক দিয়া হৈছে।

    [84] তেৱেঁই সত্য ইলাহ আকাশত আৰু তেৱেঁই সত্য ইলাহ পৃথিৱীত। তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ।

    [85] আৰু তেওঁ বৰকতময়, যাৰ কৰ্তৃত্বত আছে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মধ্যৱৰ্তী সকলো বস্তু। আৰু কিয়ামতৰ জ্ঞান কেৱল তেওঁৰ ওচৰতেই, আৰু তেওঁৰ ওচৰতেই তোমালোকক প্ৰত্যাৱৰ্তিত কৰা হ’ব।

    [86] আৰু তেওঁৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে, সিহঁতে কেতিয়াও ছুপাৰিছৰ অধিকাৰী নহ’ব, কিন্তু তেওঁলোকৰ বাহিৰে যিসকলে জানি-শুনি সত্য সাক্ষ্য দিয়ে।

    [87] আৰু যদি তুমি সিহঁতক সোধা, ‘কোনে সিহঁতক সৃষ্টি কৰিছে’? সিহঁতে অৱশ্যে ক’ব ‘আল্লাহ’। তথাপিও সিহঁতে কেনেকৈ বিমুখ হৈছে

    [88] আৰু তেওঁৰ (ৰাছুলৰ) এই বাণী যে, ‘হে মোৰ ৰব! নিশ্চয় ইহঁত এনেকুৱা সম্প্ৰদায় যিহঁতে ঈমান পোষণ নকৰিব’।

    [89] এতেকে তুমি সিহঁতক উপেক্ষা কৰা আৰু কোৱা, ‘ছালাম’। কিন্তু সিহঁতে (ইয়াৰ পৰিণাম) অনতিপলমে জানিবলৈ পাব।

    Surah 44
    আদ-দুখান

    [1] হা-মীম।

    [2] শপত সুস্পষ্ট কিতাবৰ

    [3] নিশ্চয় ইয়াক আমি অৱতীৰ্ণ কৰিছো এটা বৰকতময় ৰাতিত; নিশ্চয় আমি সতৰ্ককাৰী।

    [4] সেই ৰাতিত প্ৰত্যেক চূড়ান্ত সিদ্ধান্ত স্থিৰ কৰা হয়

    [5] আমাৰ আদেশ অনুসাৰে। নিশ্চয় আমিয়েই ৰাছুল প্ৰেৰণকাৰী।

    [6] তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰহমতস্বৰূপে; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ

    [7] তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজৰ সকলো বস্তুৰ ৰব; যদি তোমালোকে নিশ্চিত বিশ্বাসী হোৱা।

    [8] তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়; তেৱেঁই তোমালোকৰ ৰব আৰু তোমালোকৰ পিতৃ-পুৰুষসকলোৰো ৰব।

    [9] বৰং সিহঁতে সন্দেহৰ বশবৰ্তী হৈ খেল-ধেমালি কৰি আছে।

    [10] এতেকে তুমি অপেক্ষা কৰা সেই দিনটোলৈ, যিদিনা স্পষ্ট ধোঁৱাৰে আচ্ছন্ন হ’ব আকাশ

    [11] যিটোৱে মানুহক আবৃত কৰি পেলাব। এইটো যন্ত্ৰণাদায়ক শাস্তি।

    [12] (সিহঁতে ক’ব) ‘হে আমাৰ ৰব! আমাৰ পৰা শাস্তি দূৰ কৰি দিয়া, নিশ্চয় আমি মুমিন হম’।

    [13] কেনেকৈ সিহঁতে উপদেশ গ্ৰহণ কৰিব? অথচ ইতিপূৰ্বে সিহঁতৰ ওচৰত আহিছিল এজন স্পষ্ট ৰাছুল

    [14] তাৰ পিছত সিহঁতে তেওঁৰ পৰা মুখ ঘূৰাই লৈছিল আৰু কৈছিল, ‘এওঁ এজন শিক্ষাপ্ৰাপ্ত উন্মাদ’।

    [15] নিশ্চয় আমি অলপ সময়ৰ কাৰণে শাস্তি ৰহিত কৰিম, (কিন্তু) নিশ্চয় তোমালোক তোমালোকৰ আগৰ অৱস্থালৈ উভতি যাবা।

    [16] যিদিনা আমি প্ৰবলভাৱে কৰায়ত্ত কৰিম, সেইদিনা নিশ্চয় আমি হম প্ৰতিশোধ গ্ৰহণকাৰী।

    [17] আৰু অৱশ্যে আমি ইহঁতৰ আগত ফিৰআউন সম্প্ৰদায়ক পৰীক্ষা কৰিছিলো আৰু সিহঁতৰ ওচৰতো আহিছিল এজন সন্মানিত ৰাছুল

    [18] (তেওঁ ফিৰআউনক কৈছিল) ‘আল্লাহৰ বান্দাসকলক মোলৈ গতাই দিয়া। নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।

    [19] ‘আৰু তোমালোকে আল্লাহৰ বিৰুদ্ধে ঔদ্ধত্য প্ৰকাশ নকৰিবা, নিশ্চয় মই তোমালোকৰ ওচৰত স্পষ্ট প্ৰমাণ লৈ আহিম।

    [20] ‘তোমালোকৰ প্ৰস্তৰাঘাতৰ পৰা মই মোৰ প্ৰতিপালক আৰু তোমালোকৰ প্ৰতিপালকৰ ওচৰত আশ্ৰয় বিচাৰিছো।

    [21] ‘আৰু যদি তোমালোকে মোৰ প্ৰতি বিশ্বাস স্থাপন নকৰা, তেন্তে মোক এৰি গুচি যোৱা’।

    [22] তাৰ পিছত তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি ক’লে, ‘নিশ্চয় ইহঁত এটা অপৰাধী সম্প্ৰদায়’।

    [23] (আল্লাহে ক’লে) ‘তেন্তে তুমি মোৰ বান্দাসকলক লৈ ৰাতিৰ ভিতৰতে ওলাই যোৱা, নিশ্চয় তোমালোকক পিছ ফালৰ পৰা খেদি যোৱা হ’ব’।

    [24] ‘আৰু সাগৰখনক স্থিৰ থাকিবলৈ দিয়া, নিশ্চয় সিহঁত হ’ব ডুবি মৰা বাহিনীৰ অন্তৰ্ভুক্ত’।

    [25] সিহঁতে পিছফালে এৰি গৈছিল বহুতো উদ্যান আৰু প্ৰস্ৰৱন

    [26] শস্যক্ষেত্ৰ আৰু সুৰম্য বাসস্থান

    [27] আৰু নানা ধৰণৰ বিলাস-সামগ্ৰী, য’ত সিহঁতে আনন্দ উপভোগ কৰিছিল।

    [28] এনেকুৱাই হৈছিল, আৰু আমি এই সকলোবোৰৰ উত্তৰাধিকাৰী কৰিছিলো এটা বেলেগ সম্প্ৰদায়ক।

    [29] এতেকে আকাশ আৰু পৃথিৱীয়ে সিহঁতৰ বাবে অশ্ৰুপাত কৰা নাছিল আৰু সিহঁত অৱকাশ প্ৰাপ্তও নাছিল।

    [30] আৰু অৱশ্যে আমি বনী ইছৰাঈলক লাঞ্ছনাদায়ক শাস্তিৰ পৰা উদ্ধাৰ কৰিছিলো

    [31] ফিৰআউনৰ পৰা, নিশ্চয় সি আছিল সীমালংঘনকাৰী সকলৰ মাজত শীৰ্ষস্থানীয়।

    [32] আৰু আমি জানি বুজিয়ে সিহঁতক সকলো সৃষ্টিৰ ওপৰত নিৰ্বাচিত কৰিছিলো।

    [33] আৰু আমি সিহঁতক এনেকুৱা নিদৰ্শনাৱলী প্ৰদান কৰিছিলো য’ত আছিল সুস্পষ্ট পৰীক্ষা

    [34] নিশ্চয় সিহঁতে (এই কথা সদায়ে) কৈ থাকে

    [35] ‘আমাৰ প্ৰথম মৃত্যুৰ বাহিৰে আন একো নাই, আৰু আমি কেতিয়াও পুনৰুত্থিত নহওঁ।

    [36] ‘এতেকে তোমালোকে যদি সত্যবাদী হোৱা তেন্তে আমাৰ পিতৃ-পুৰুষসকলক লৈ আহা’।

    [37] (কোৱাচোন) শ্ৰেষ্ঠ কোন, সিহঁত নে তুব্বা সম্প্ৰদায়, নে সিহঁতৰ পূৰ্বে যিসকল আছিল সিহঁত? আমি সিহঁতক ধ্বংস কৰিছিলো। নিশ্চয় সিহঁত আছিল অপৰাধী।

    [38] আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে ইয়াৰ একোৱেই আমি ধেমালিৰ ছলেৰে সৃষ্টি কৰা নাই

    [39] আমি এই দুয়োকে যথাযথভাৱেই সৃষ্টি কৰিছো, কিন্তু সিহঁতৰ সৰহভাগেই নাজানে।

    [40] নিশ্চয় মীমাংসাৰ দিনটো সিহঁত সকলোৰে বাবে নিৰ্ধাৰিত সময়।

    [41] সেইদিনা এজন বন্ধু আন এজন বন্ধুৰ কোনো কামত নাহিব আৰু সিহঁতে সহায়ও নাপাব।

    [42] কিন্তু আল্লাহে যাৰ প্ৰতি দয়া কৰিব কেৱল তেওঁ ব্যতীত। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, পৰম দয়ালু।

    [43] নিশ্চয় যাক্কূম গছ হ’ব

    [44] পাপীৰ খাদ্য

    [45] গলিত তামৰ দৰে, পেটৰ মাজত উতলি থাকিব

    [46] উতলি থকা গৰম পানীৰ দৰে।

    [47] (কোৱা হ’ব) ‘ধৰা তাক আৰু টানি লৈ যোৱা জাহান্নামৰ মধ্যস্থলত

    [48] ‘তাৰ পিছত তাৰ মূৰৰ ওপৰত উতলা পানীৰ শাস্তি ঢালি দিয়া’

    [49] (কোৱা হ’ব) ‘সোৱাদ লোৱা, নিশ্চয় তুমি সন্মানিত, অভিজাত

    [50] ‘নিশ্চয় এইটোৱেই সেই শাস্তি, যিটোক তোমালোকে সন্দেহ কৰিছিলা’।

    [51] নিশ্চয় মুত্তাক্বীসকল থাকিব নিৰাপদ স্থানত

    [52] বাগ-বাগিচা আৰু নিজৰাসমূহৰ মাজত

    [53] তেওঁলোকে পৰিধান কৰিব মিহি পাট আৰু ৰেচমী বস্ত্ৰ আৰু ইজনে সিজনৰ সন্মুখত বহিব।

    [54] এনেকুৱাই হ’ব, আৰু আমি তেওঁলোকৰ বিয়া পাতি দিম মৃগনয়না হূৰসকলৰ লগত

    [55] তাত তেওঁলোকে প্ৰশান্ত চিত্তে বিবিধ ফলমূল আনিবলৈ কব।

    [56] প্ৰথম মৃত্যুৰ পিছত তেওঁলোকে তাত আৰু মৃত্যু আস্বাদন নকৰিব। তেওঁ তেওঁলোকক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰিব

    [57] তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহস্বৰূপে, এইটোৱেই মহা সফলতা।

    [58] এতেকে নিশ্চয় আমি তোমাৰ ভাষাত কোৰআনক সহজ কৰি দিছো, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।

    [59] এতেকে তুমি অপেক্ষা কৰা, নিশ্চয় সিহঁতেও অপেক্ষাকাৰী।

    Surah 45
    আল-জাছিয়া

    [1] হা-মীম।

    [2] মহাপৰাক্ৰমশালী প্ৰজ্ঞাময় আল্লাহৰ তৰফৰ পৰা এই কিতাব নাযিলকৃত।

    [3] নিশ্চয় আকাশসমূহ আৰু পৃথিৱীত মুমিনসকলৰ বাবে আছে বহুতো নিদৰ্শন।

    [4] আৰু তোমালোকৰ সৃষ্টিত লগতে যিবোৰ জীৱ-জন্তু সিচৰিত হৈ আছে তাতো বহুতো নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে, যিসকলে নিশ্চিত বিশ্বাস স্থাপন কৰে

    [5] ৰাতি আৰু দিনৰ পৰিবৰ্তনত লগতে আল্লাহে আকাশৰ পৰা যি জীৱিকা (পানী) বৰ্ষণ কৰে, তাৰ পিছত ইয়াৰ দ্বাৰা তেওঁ মৃত ভূমিক পুনৰ্জীৱিত কৰে, ইয়াৰ মাজত আৰু বতাহৰ পৰিবৰ্তনৰ মাজতো বহু নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে বুজি পায়।

    [6] এইবোৰ আল্লাহৰ আয়াত, যিবোৰ আমি তোমাৰ ওচৰত যথাযথভাৱে তিলাৱত কৰিছো। এতেকে সিহঁতে আল্লাহ আৰু তেওঁৰ আয়াতৰ পিছত কোন হাদীছৰ (কথাৰ) ওপৰত বিশ্বাস স্থাপন কৰিব

    [7] দুৰ্ভোগ প্ৰত্যেক ঘোৰ মিছলীয়া পাপীৰ বাবে

    [8] সি আল্লাহৰ আয়াতসমূহ শুনে যিবোৰ তাৰ ওচৰত তিলাৱত কৰা হয়, তথাপিও সি ঔদ্ধত্যৰ সৈতে আকোৰগোজ হৈ থাকে যেনিবা সি সেয়া শুনাই নাই। এতেকে তুমি তাক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া

    [9] আৰু যেতিয়া সি আমাৰ কোনো আয়াতৰ বিষয়ে অৱগত হয়, তেতিয়া সি সেইটোক পৰিহাসৰ আহিলা হিচাপে গ্ৰহণ কৰে। সিহঁতৰে বাবে আছে লাঞ্ছনাদায়ক শাস্তি।

    [10] সিহঁতৰ সন্মুখত আছে জাহান্নাম; সিহঁতৰ কৃতকৰ্ম সিহঁতৰ কোনো কামত নাহিব, সিহঁতে আল্লাহৰ পৰিবৰ্তে যিবোৰক অভিভাৱক হিচাপে গ্ৰহণ কৰিছে সিহঁতেও কোনো কামত নাহিব। সিহঁতৰ বাবে আছে মহা শাস্তি।

    [11] এই (কোৰআন) সৎপথ প্ৰদৰ্শক; আৰু যিসকলে নিজ প্ৰতিপালকৰ আয়াতসমূহৰ লগত কুফৰী কৰে, সিহঁতৰ বাবে আছে অতি যন্ত্ৰণাদায়ক শাস্তি।

    [12] সেইজনেই আল্লাহ, যিজনে সাগৰক তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে, যাতে তেওঁৰ আদেশত তাত নৌযান চলাচল কৰিব পাৰে। আৰু যাতে তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা লগতে যাতে তোমালোকে (তেওঁৰ প্ৰতি) কৃতজ্ঞতা প্ৰকাশ কৰা।

    [13] আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে, সেই সকলোবোৰ তেৱেঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে। নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে চিন্তা-চৰ্চা, গৱেষণা কৰে।

    [14] যিসকলে ঈমান আনিছে তেওঁলোকক কোৱা, তেওঁলোকে যেন সিহঁতক ক্ষমা কৰি দিয়ে, যিসকলে আল্লাহৰ দিনবোৰৰ প্ৰত্যাশা নকৰে। যাতে আল্লাহে নিজেই প্ৰত্যেক সম্প্ৰদায়ক সিহঁতৰ কৃতকৰ্মৰ বাবে প্ৰতিদান দিয়ে।

    [15] যিয়ে সৎকৰ্ম কৰে সি নিজৰ কল্যাণৰ বাবেই কৰে আৰু কোনোবাই অসৎকৰ্ম কৰিলে তাৰ প্ৰতিফল সি নিজেই ভোগ কৰিব। তাৰ পিছত তোমালোকক তোমালোকৰ প্ৰতিপালকৰ ওচৰতহে প্ৰত্যাৱৰ্তিত কৰা হ’ব।

    [16] আৰু অৱশ্যে আমি বনী ইছৰাঈলক কিতাব, কৰ্তৃত্ব আৰু নবুওৱত দান কৰিছিলো আৰু সিহঁতক উত্তম বস্তুৰ পৰা জীৱিকা প্ৰদান কৰিছিলো, লগতে সিহঁতক সকলো সৃষ্টিৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছিলো।

    [17] আৰু আমি সিহঁতক দ্বীনৰ যাৱতীয় বিষয়ত সুস্পষ্ট প্ৰমাণাদি দান কৰিছিলো। তথাপিও সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছতো সিহঁতে কেৱল পৰস্পৰ বিদ্বেষবশত মত বিৰোধ কৰিছিল। সিহঁতে যিবোৰ বিষয়ত মতবিৰোধ কৰিছিল, নিশ্চয় তোমাৰ প্ৰতিপালকে কিয়ামতৰ দিনা সিহঁতৰ মাজত সেইবোৰ বিষয়ৰ ফয়চালা কৰি দিব।

    [18] তাৰ পিছত আমি তোমাক প্ৰতিষ্ঠিত কৰিছো দ্বীনৰ বিশেষ বিধানৰ ওপৰত; এতেকে তুমি তাৰেই অনুসৰণ কৰা। যিসকলে নাজানে সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা।

    [19] নিশ্চয় সিহঁত আল্লাহৰ মোকাবিলাত তোমাৰ কোনো কামত নাহিব, (জানি থোৱা) নিশ্চয় যালিমসকল ইজনে সিজনৰ বন্ধু কিন্তু আল্লাহ কেৱল মুত্তাক্বীসকলৰ বন্ধু।

    [20] এই কোৰআন মানৱ জাতিৰ বাবে আলোকবৰ্তিকা আৰু হিদায়ত ও ৰহমত এনে সম্প্ৰদায়ৰ বাবে, যিসকল নিশ্চিত বিশ্বাসী।

    [21] যিসকলে দুষ্কৰ্ম কৰিছে সিহঁতে ভাবিছে নেকি যে, জীৱন আৰু মৃত্যুৰ ক্ষেত্ৰত আমি সিহঁতক তেওঁলোকৰ দৰে গণ্য কৰিম, যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে? সিহঁতৰ বিচাৰ-সিদ্ধান্ত কিমান যে নিকৃষ্ট

    [22] আল্লাহে আকাশসমূহক আৰু পৃথিৱীক যথাযথভাৱে সৃষ্টি কৰিছে, এই উদ্দেশ্যে যে, যাতে প্ৰত্যেক ব্যক্তিক তাৰ কৰ্ম অনুযায়ী ফল প্ৰদান কৰা যায়; আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।

    [23] এতেকে তুমি সেইজন ব্যক্তিৰ পিনে লক্ষ্য কৰিছানে, যিয়ে নিজ কামনা-বাসনাক নিজৰ ইলাহ কৰি লৈছে? আৰু তাৰ ওচৰত জ্ঞান অহাৰ পিছতো আল্লাহে তাক বিভ্ৰান্ত কৰিছে, আৰু তেওঁ তাৰ কাণ আৰু হৃদয়ত মোহৰ মাৰি দিছে। তেওঁ তাৰ চকুৰ ওপৰত ৰাখি দিছে আৱৰণ। এতেকে আল্লাহৰ পিছত কোনে তাক হিদায়ত দিব? তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে

    [24] আৰু সিহঁতে কয়, ‘পাৰ্থিৱ জীৱনেই আমাৰ একমাত্ৰ জীৱন, আমাৰ জীৱন-মৰণ ইয়াতেই। আমাক কেৱল কালচক্ৰইহে ধ্বংস কৰে’। প্ৰকৃততে সিহঁতৰ এই বিষয়ে কোনো জ্ঞান নাই, সিহঁতে কেৱল ধাৰণাহে কৰে।

    [25] আৰু সিহঁতৰ ওচৰত যেতিয়া আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয় তেতিয়া সিহঁতৰ কোনো যুক্তি নাথাকে, কেৱল এই কথাৰ বাহিৰে যে, যদি তোমালোকে সত্যবাদী হোৱা তেন্তে আমাৰ পিতৃ-পুৰুষসকলক লৈ আহা।

    [26] কোৱা, আল্লাহে তোমালোকক জীৱন দান কৰে আৰু তাৰ পিছত তেৱেঁই তোমালোকৰ মৃত্যু ঘটায়। তেৱেঁই তোমালোকক কিয়ামতৰ দিনা একত্ৰিত কৰিব, যি বিষয়ে কোনো সন্দেহ নাই। কিন্তু সৰহভাগ মানুহেই সেয়া নাজানে।

    [27] আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব কেৱল আল্লাহৰেই; আৰু যিদিনা কিয়ামত সংঘটিত হ’ব সেইদিনা বাতিলপন্থীসকল হ’ব ক্ষতিগ্ৰস্ত।

    [28] আৰু তুমি প্ৰত্যেক জাতিকে দেখিবা ভয়তে নতজানু হৈ আছে; প্ৰত্যেক জাতিকেই তাৰ কিতাবৰ প্ৰতি আহ্বান কৰা হ’ব, (আৰু কোৱা হ’ব) ‘আজি তোমালোকক কেৱল সেইটোৰেই প্ৰতিফল দিয়া হ’ব যিটো তোমালোকে আমল কৰিছিলা’।

    [29] ‘এইটো আমাৰ লিখনি, এইটোৱে তোমালোকৰ বিষয়ে সত্যভাৱে সাক্ষ্য দান কৰিব। নিশ্চয় তোমালোকে যি আমল কৰিছিলা সেয়া আমি লিখি ৰাখিছিলো’।

    [30] তাৰ পিছত যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে পৰিণামত তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক তেওঁৰ ৰহমতত প্ৰৱেশ কৰাব। এইটোৱেই সুস্পষ্ট সফলতা।

    [31] আৰু যিসকলে কুফৰী কৰিছে (সিহঁতক কোৱা হ’ব) ‘তোমালোকৰ ওচৰত আমাৰ আয়াতসমূহ পাঠ কৰা হোৱা নাছিলনে? তথাপিও তোমালোকে অহংকাৰ কৰিছিলা আৰু তোমালোক আছিলা এটা অপৰাধী সম্প্ৰদায়’।

    [32] আৰু যেতিয়া কোৱা হৈছিল, ‘নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য; আৰু কিয়ামত (সংঘটিত হ’ব) ইয়াত কোনো সন্দেহ নাই’; তেতিয়া তোমালোকে কৈছিলা, ‘কিয়ামত কি আমি একো নাজানো; আমি ইয়াক এটা ধাৰণা বুলিহে ভাবো আৰু আমি নিশ্চিত নহয়’।

    [33] আৰু সিহঁতৰ অসৎকৰ্মবোৰৰ কুফল সিহঁতৰ সন্মুখত প্ৰকাশিত হ’ব আৰু যিটো লৈ সিহঁতে ঠাট্টা-বিদ্ৰূপ কৰিছিল সেইটোৱে সিহঁতক পৰিবেষ্টন কৰিব।

    [34] আৰু কোৱা হ’ব, ‘আজি আমি তোমালোকক অৱজ্ঞা কৰিম যিদৰে তোমালোকে এই দিনৰ সাক্ষাতৰ বিষয়টোক পাহৰি গৈছিলা। তোমালোকৰ আবাসস্থল হ’ব জাহান্নাম, আৰু তোমালোকৰ কোনো সহায়কাৰীও নাথাকিব’।

    [35] ‘এইটো এই কাৰণে যে, তোমালোকে আল্লাহৰ আয়াতসমূহক ঠাট্টা-বিদ্ৰূপৰ আহিলা বনাই লৈছিলা আৰু পাৰ্থিৱ জীৱনে তোমালোকক প্ৰতাৰিত কৰিছিল’। সেয়ে আজি সিহঁতক জাহান্নামৰ পৰা মুক্তিও দিয়া নহ’ব আৰু আল্লাহৰ সন্তুষ্টি লাভৰ সুযোগো দিয়া নহ’ব।

    [36] এতেকে সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবেই, যিজন আকাশসমূহৰ ৰব আৰু তেৱেঁই পৃথিৱীৰ ৰব আৰু সকলো সৃষ্টিজগতৰ ৰব।

    [37] আকাশসমূহ আৰু পৃথিৱীৰ যাৱতীয় গৌৰৱ-গৰিমা তেওঁৰেই আৰু তেওঁ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    Surah 46
    আল-আহক্বাফ

    [1] হা-মীম

    [2] এই কিতাব মহা পৰাক্ৰমশালী প্ৰজ্ঞাময় আল্লাহৰ তৰফৰ পৰা নাযিলকৃত

    [3] আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰ মাজত থকা সকলো বস্তু আমি যথাযথ ভাৱে আৰু নিৰ্দিষ্ট সময়ৰ বাবে সৃষ্টি কৰিছো; আৰু যিসকলে কুফৰী কৰিছে, সিহঁতক যি বিষয়ে ভীতি প্ৰদৰ্শন কৰা হৈছে তাৰ পৰা সিহঁতে বিমুখ হৈ আছে।

    [4] সিহঁতক কোৱা, ‘তোমালোকৰ ধাৰণা কি, তোমালোকে আল্লাহৰ পৰিবৰ্তে যিসকলক আহ্বান কৰা মোক দেখুৱাচোন সিহঁতে পৃথিৱীত কিবা সৃষ্টি কৰিছে নেকি অথবা আকাশসমূহত সিহঁতৰ কিবা অৰিহনা আছে নেকি? ইয়াৰ পূৰ্বৱৰ্তী কোনো কিতাব অথবা পৰম্পৰাগত কোনো জ্ঞান থাকিলে সেয়া তোমালোকে মোৰ ওচৰত লৈ আহা, যদি তোমালোকে সত্যবাদী হোৱা’।

    [5] আৰু সেই ব্যক্তিতকৈ অধিক বিভ্ৰান্ত আৰু কোন হ’ব পাৰে, যিয়ে আল্লাহৰ পৰিবৰ্তে এনে কিছুমানক আহ্বান কৰে যিবোৰে কিয়ামত দিৱস লৈকে তাৰ আহ্বানত সঁহাৰি নিদিব? আৰু সেইবোৰ সিহঁতৰ আহ্বান সম্পৰ্কেও উদাসীন।

    [6] আৰু যেতিয়া কিয়ামতৰ দিনা মানুহক একত্ৰিত কৰা হ’ব তেতিয়া সেইবোৰ হ’ব সিহঁতৰ শত্ৰু আৰু সেইবোৰে সিহঁতৰ ইবাদত অস্বীকাৰ কৰিব।

    [7] আৰু যেতিয়া সিহঁতৰ ওচৰত আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয় তেতিয়া যিসকলে কুফৰী কৰিছে সিহঁতৰ ওচৰত সত্য অহাৰ পিছতো সিহঁতে কয়, ‘এয়া দেখুন সুস্পষ্ট যাদু’।

    [8] অথবা সিহঁতে কয় যে, ‘এওঁ এইটো নিজেই উদ্ভাৱন কৰিছে’। কোৱা, ‘যদি এইটো মই নিজে উদ্ভাৱন কৰিছো, তেন্তে মোক আল্লাহৰ শাস্তিৰ পৰা বচাবলৈ তোমালোকৰ অকণো অধিকাৰ নাই। তোমালোকে যি বিষয়ে আলোচনাত লিপ্ত হৈছা, সেই বিষয়ে আল্লাহ সবিশেষ অৱগত। মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে তেৱেঁই যথেষ্ট আৰু তেওঁ ক্ষমাশীল, পৰম দয়ালু’।

    [9] কোৱা, ‘ৰাছুলসকলৰ মাজত ময়েই নতুন নহয়। মই এই কথাও নাজানো যে, মোৰ আৰু তোমালোকৰ বিষয়ে কি কৰা হ’ব। মই কেৱল মোৰ প্ৰতি যি অহী কৰা হয় সেইটোৰহে অনুসৰণ কৰো। মই এজন সুস্পষ্ট সতৰ্ককাৰী মাত্ৰ’।

    [10] সিহঁতক কোৱা, ‘কোৱাচোন তোমালোকে, যদি এই কোৰআন আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ হৈ থাকে আৰু তোমালোকে ইয়াক অস্বীকাৰ কৰিছা, অথচ বনী ইছৰাঈলৰ এজন সাক্ষীয়ে এই বিষয়ে অনুৰূপ সাক্ষী প্ৰদান কৰি তাৰ প্ৰতি ঈমান আনিলে; কিন্তু তোমালোকে ঔদ্ধত্য প্ৰকাশ কৰিলা, (তেনেহ’লে তোমালোকৰ পৰিণাম কি হ’ব?) নিশ্চয় আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে’।

    [11] যিসকলে কুফৰী কৰিছে সিহঁতে মুমিনসকলৰ বিষয়ে কয়, ‘যদি এয়া মানি লোৱা ভাল হ’লেহেঁতেন তেন্তে সিহঁতে আমাতকৈ অগ্ৰণী হ’ব নোৱাৰিলেহেঁতেন’। সিহঁতে যিহেতু ইয়াৰ দ্বাৰা হিদায়ত পোৱা নাই সেয়ে সিহঁতে অচিৰেই ক’ব, ‘এয়া এটা প্ৰাচীন মিছা কথাহে’।

    [12] ইয়াৰ পূৰ্বে আছিল মুছাৰ কিতাব পথ প্ৰদৰ্শক আৰু ৰহমতস্বৰূপ, আৰু এই কিতাব (সেইটোৰে) সমৰ্থক, আৰবী ভাষাত, যাতে ই যালিমসকলক সতৰ্ক কৰে, লগতে ই মুহছিনসকলৰ বাবে সুসংবাদ।

    [13] নিশ্চয় যিসকলে কয়, ‘আমাৰ ৰব আল্লাহ’, তাৰ পিছত অবিচল থাকে, তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।

    [14] তেওঁলোকেই জান্নাতৰ অধিবাসী, তেওঁলোকে যি আমল কৰিছিল তাৰ পুৰষ্কাৰ হিচাপে তাত তেওঁলোক স্থায়ী হ’ব।

    [15] আৰু আমি মানুহক সিহঁতৰ পিতৃ-মাতৃৰ প্ৰতি সদয় ব্যৱহাৰৰ নিৰ্দেশ প্ৰদান কৰিছো। তাৰ মাকে তাক বহু কষ্টৰে গৰ্ভত ধাৰণ কৰিছিল আৰু বহু কষ্টৰে প্ৰসৱ কৰিছিল, তাক গৰ্ভত ধাৰণ কৰা আৰু পিয়াহ খোৱা এৰুৱাবলৈ লাগিছিল ত্ৰিশ মাহ, অৱশেষত যেতিয়া সি পূৰ্ণ শক্তি প্ৰাপ্ত হয় আৰু চল্লিশ বছৰত উপনীত হয়, তেতিয়া সি কয়, হে মোৰ ৰব! তুমি মোক সামৰ্থ দিয়া, যাতে মই তোমাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰো, মোৰ প্ৰতি আৰু মোৰ পিতৃ-মাতৃৰ প্ৰতি তুমি যি অনুগ্ৰহ কৰিছা তাৰ বাবে লগতে যাতে মই এনেকুৱা সৎকৰ্ম কৰিব পাৰো যিটো তুমি পছন্দ কৰা, আৰু মোৰ বাবে মোৰ সন্তান-সন্ততিসকলক সংশোধন কৰি দিয়া, নিশ্চয় মই তোমাৰেই অভিমুখী হৈছো আৰু নিশ্চয় মই মুছলিমসকলৰ অন্তৰ্ভুক্ত।

    [16] এওঁলোকেই সেইসকল লোক, যিসকলৰ উৎকৃষ্ট আমলসমূহ আমি কবুল কৰো আৰু তেওঁলোকৰ বেয়া আমলসমূহ আমি ক্ষমা কৰি দিওঁ, তেওঁলোকেই জান্নাতবাসীসকলৰ অন্তৰ্ভুক্ত। তেওঁলোকক যিটো প্ৰতিশ্ৰুতি দিয়া হৈছে, সেয়া সত্য প্ৰতিশ্ৰুতি।

    [17] আৰু যিয়ে তাৰ পিতৃ-মাতৃক কয়, ‘আফচোচ তোমালোকৰ বাবে! তোমালোকে মোক এই প্ৰতিশ্ৰুতি দিয়া নেকি যে, মোক পুনৰুত্থিত কৰা হ’ব অথচ মোৰ পূৰ্বে বহু প্ৰজন্ম অতীত হৈছে’? তেতিয়া তাৰ পিতৃ-মাতৃ আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে আৰু তাক কয়, ‘দুৰ্ভাগ্য তোৰ! ঈমান আন, নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য’। তেতিয়া সি কয়, ‘এয়া অতীত কালৰ উপকথাৰ বাহিৰে আন একো নহয়’।

    [18] ইহঁতেই সেইসকল লোক, যিসকলৰ প্ৰতি শাস্তিৰ সেই ফয়চালা সাব্যস্ত হৈছে, যিটো সত্য প্ৰমাণিত হৈছিল সিহঁতৰ পূৰ্বে যিবোৰ উম্মত অতিবাহিত হৈছে জিন আৰু মানৱৰ পৰা সেইসকলৰ ওপৰত। নিশ্চয় সিহঁত আছিল ক্ষতিগ্ৰস্ত।

    [19] আৰু প্ৰত্যেকৰে বাবে সিহঁতৰ আমল অনুসাৰে মৰ্যাদা আছে; যাতে আল্লাহে প্ৰত্যেকৰে কৰ্মৰ পূৰ্ণ প্ৰতিফল প্ৰদান কৰে। লগতে সিহঁতৰ প্ৰতি অকণো অন্যায় কৰা নহ’ব।

    [20] আৰু যিসকলে কুফৰী কৰিছে যিদিনা সিহঁতক জাহান্নামৰ সন্মুখত পেচ কৰা হ’ব (সেইদিনা সিহঁতক কোৱা হ’ব) তোমালোকে তোমালোকৰ পাৰ্থিৱ জীৱনতেই যাৱতীয় সুখ-শান্তি লৈ গৈছা আৰু সেইবোৰ উপভোগো কৰিছা। এতেকে আজি তোমালোকক দিয়া হ’ব অৱমাননাকৰ শাস্তি; কাৰণ তোমালোকে পৃথিৱীত অন্যায়ভাৱে ঔদ্ধত্য প্ৰকাশ কৰিছিলা আৰু তোমালোকে অবাধ্যতা কৰিছিলা।

    [21] আৰু স্মৰণ কৰা আদ সম্প্ৰদায়ৰ ভাতৃৰ কথা, যেতিয়া তেওঁ আহক্বাফত নিজ সম্প্ৰদায়ক সতৰ্ক কৰিছিল। যাৰ আগত আৰু পিছতো সতৰ্ককাৰী আহিছিল (এই নিৰ্দেশ লৈ) যে, ‘তোমালোকে একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা। নিশ্চয় মই তোমালোকৰ বাবে মহাদিৱসৰ শাস্তিৰ আশংকা কৰিছো’।

    [22] সিহঁতে ক’লে, ‘তুমি আমাক আমাৰ উপাস্যবোৰৰ পৰা নিবৃত্ত কৰিবলৈ আহিছা নেকি? অন্যথা তুমি যদি সত্যবাদীসকলৰ অন্তৰ্ভুক্ত হৈ থকা তেন্তে আমাৰ লগত তুমি যি প্ৰতিশ্ৰুতি কৰিছা সেয়া লৈ আহা’।

    [23] তেওঁ ক’লে, ‘এই জ্ঞান কেৱল আল্লাহৰ ওচৰতহে। মই যিটো লৈ প্ৰেৰিত হৈছো কেৱল সেইটোহে মই তোমালোকৰ ওচৰত প্ৰচাৰ কৰো, কিন্তু মই দেখি আছো তোমালোক এটা মুৰ্খ সম্প্ৰদায়’।

    [24] তাৰ পিছত যেতিয়া সিহঁতে সিহঁতৰ উপত্যকাৰ পিনে মেঘ অহা দেখিলে তেতিয়া সিহঁতে ক’বলৈ ধৰিলে, ‘এই মেঘে আমাৰ ইয়াত বৰষুণ দিব’। নহয়, বৰং এইটোৱে সেই শাস্তি যিটোৰ বাবে তোমালোকে খৰধৰ কৰিছিলা, এজাক বৰষুণ, য’ত আছে যন্ত্ৰণাদায়ক শাস্তি।

    [25] ‘ই তাৰ প্ৰতিপালকৰ নিৰ্দেশত সকলো বস্তু ধ্বংস কৰি দিব’। ফলত সিহঁত এনেকুৱা (ধ্বংস) হৈ গ’ল যে, সিহঁতৰ আবাসস্থলৰ বাহিৰে আন একো দেখা পোৱা নগ’ল। এইদৰে আমি অপৰাধী সম্প্ৰদায়ক প্ৰতিফল প্ৰদান কৰি থাকো।

    [26] আৰু অৱশ্যে আমি সিহঁতক যেনেকৈ প্ৰতিষ্ঠিত কৰিছিলো তোমালোকক তেনেকৈ প্ৰতিষ্ঠিত কৰা নাই; আৰু আমি সিহঁতক দিছিলো কাণ, চকু আৰু হৃদয়; তথাপিও সিহঁতৰ কাণ, চকু আৰু হৃদয় কোনো কামত অহা নাছিল, যেতিয়া সিহঁতে আল্লাহৰ আয়াতসমূহ অস্বীকাৰ কৰিছিল। আৰু যি বিষয়ে সিহঁতে ঠাট্টা-বিদ্ৰূপ কৰিছিল, সেইটোৱে সিহঁতক পৰিবেষ্টন কৰিলে।

    [27] আৰু অৱশ্যে আমি ধ্বংস কৰিছিলো তোমালোকৰ চাৰিওফালে থকা জনপদমূহ; আৰু আমি বিভিন্নভাৱে আয়াতসমূহ বিবৃত কৰিছিলো, যাতে সিহঁতে উভতি আহে।

    [28] এতেকে যিহঁতে আল্লাহৰ সান্নিধ্য লাভ কৰাৰ বাবে আল্লাহৰ পৰিবৰ্তে যিবোৰক উপাস্যৰূপে গ্ৰহণ কৰিছিল সেইবোৰে সিহঁতক সহায় নকৰিলে কিয়? বৰং সেইবোৰ সিহঁতৰ পৰা হেৰাই গ’ল, কাৰণ এইটো আছিল সিহঁতৰ মনেসজা মিছা প্ৰতাৰণা; যিটো সিহঁতে অলীক উদ্ভাৱন কৰিছিল।

    [29] আৰু স্মৰণ কৰা, যেতিয়া আমি তোমাৰ ফালে জিনৰ এটা দল আনিছিলো। যিসকলে মনোযোগ সহকাৰে কোৰআন পাঠ শুনি আছিল। এতেকে যেতিয়া তেওঁলোকে তেওঁৰ ওচৰত উপস্থিত হৈছিল, তেওঁলোকে পৰস্পৰে কৈছিল, ‘মনে মনে শুনা’। তাৰ পিছত যেতিয়া কোৰআন পাঠ সমাপ্ত হ’ল তেতিয়া তেওঁলোকে সতৰ্ককাৰীৰূপে নিজ সম্প্ৰদায়ৰ ওচৰত উভতি গ’ল।

    [30] তেওঁলোকে কৈছিল, ‘হে আমাৰ সম্প্ৰদায়! নিশ্চয় আমি এনে এটা পুথিৰ পাঠ শুনিছো যিটো অৱতীৰ্ণ হৈছে মুছাৰ পিছত, ই তাৰ পূৰ্বৱৰ্তী কিতাবসমূহক সমৰ্থন কৰে লগতে সত্য আৰু সৰল পথৰ পিনে হিদায়ত কৰে।

    [31] ‘হে আমাৰ সম্প্ৰদায়! আল্লাহৰ ফালে আহ্বানকাৰীৰ প্ৰতি সঁহাৰি দিয়া আৰু তেওঁৰ প্ৰতি ঈমান পোষণ কৰা, তেওঁ তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিব আৰু যন্ত্ৰণাদায়ক শাস্তিৰ পৰা তোমালোকক ৰক্ষা কৰিব’।

    [32] আৰু যিয়ে আল্লাহৰ ফালে আহ্বানকাৰীৰ প্ৰতি সঁহাৰি নিদিয়ে (মনত ৰখা উচিত) সি কিন্তু পৃথিৱীত আল্লাহক অপাৰগ কৰিব নোৱাৰিব; আৰু আল্লাহৰ বাহিৰে তাৰ কোনো অভিভাৱকো নাই। সিহঁতেই আছে সুস্পষ্ট বিভ্ৰান্তিৰ মাজত।

    [33] সিহঁতে দেখা নাইনে যে, নিশ্চয় আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে আৰু এইবোৰৰ সৃষ্টিত তেওঁ কোনো ক্লান্তবোধ কৰা নাই, তেৱেঁই মৃতক জীৱন দান কৰিবলৈ সক্ষম? নিশ্চয় হয়, নিশ্চয় তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

    [34] আৰু যিসকলে কুফৰী কৰিছে যিদিনা সিহঁতক জাহান্নামৰ সন্মুখত উপস্থিত কৰা হ’ব (সেইদিনা সিহঁতক কোৱা হ’ব) ‘এইটো সঁচা নহয় নে’? সিহঁতে ক’ব, ‘আমাৰ প্ৰতিপালকৰ শপত! নিশ্চয় সঁচা’। তেওঁ ক’ব, ‘তেন্তে শাস্তি ভোগ কৰা; কাৰণ তোমালোকে কুফৰী কৰিছিলা’।

    [35] এতেকে তুমি ধৈৰ্য ধাৰণ কৰা যেনেকৈ ধৈৰ্য ধাৰণ কৰিছিল দৃঢ়প্ৰতিজ্ঞ ৰাছুলসকলে। তুমি সিহঁতৰ বাবে খৰখেদা নকৰিবা। সিহঁতক যি বিষয়ে সতৰ্ক কৰা হৈছে সেয়া যিদিনা সিহঁতে দেখিবলৈ পাব, সেইদিনা সিহঁতৰ ধাৰণা হ’ব, সিহঁতে যেনিবা পৃথিৱীত এটা মুহূৰ্তৰ বেছি সময় অৱস্থান কৰা নাছিল। এয়া এটা ঘোষণা, এতেকে কেৱল ফাছিক্ব সম্প্ৰদায়কেই ধ্বংস কৰা হ’ব।

    Surah 47
    মুহাম্মদ

    [1] যিসকলে কুফৰী কৰিছে আৰু আনক আল্লাহৰ পথৰ পৰা নিবৃত্ত কৰিছে তেওঁ (আল্লাহে) সিহঁতৰ আমলসমূহ ব্যৰ্থ কৰি দিছে।

    [2] আৰু যিসকলে ঈমান আনিছে, সৎকৰ্ম কৰিছে লগতে মুহাম্মদৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত বিশ্বাস স্থাপন কৰিছে আৰু সেয়া তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা (প্ৰেৰিত) সত্য, তেৱেঁই তেওঁলোকৰ বেয়া আমলসমূহ দূৰ কৰিব আৰু তেওঁলোকৰ অৱস্থাৰ সংশোধন কৰিব।

    [3] এইটো এই কাৰণে যে, যিসকলে কুফৰী কৰিছে সিহঁতে বাতিলৰ অনুসৰণ কৰিছে আৰু যিসকলে ঈমান আনিছে তেওঁলোকে নিজ প্ৰতিপালকৰ প্ৰেৰিত সত্যৰ অনুসৰণ কৰিছে। এইদৰে আল্লাহে মানুহৰ বাবে সিহঁতৰ দৃষ্টান্তসমূহ উপস্থান কৰে।

    [4] এতকে যেতিয়া তোমালোকে কাফিৰসকলৰ লগত যুদ্ধত মুকাবিলা কৰা তেতিয়া (সিহঁতৰ) ঘাৰত আঘাত কৰিবা, অৱশেষত যেতিয়া তোমালোকে সিহঁতক সম্পূৰ্ণৰূপে পৰ্যুদস্ত কৰিবা তেতিয়া সিহঁতক কটকটীয়াকৈ বান্ধিবা; তাৰ পিছত হ’লে অনুকম্পা, নহ’লে মুক্তিপণ। যেতিয়া লৈকে (সিহঁতে) যুদ্ধৰ ভাৰ (অস্ত্ৰ-শস্ত্ৰ) নমাই নথয়। এইদৰেই, আৰু আল্লাহে ইচ্ছা কৰিলে সিহঁতৰ পৰা প্ৰতিশোধ লব পাৰিলেহেঁতেন, কিন্তু তেওঁ তোমালোকৰ এজনক আনজনৰ দ্বাৰা পৰীক্ষা কৰিব বিচাৰে। যিসকলে আল্লাহৰ পথত নিহত হয় তেওঁ কেতিয়া তেওঁলোকৰ আমল বিনষ্ট হ’ব নিদিয়ে।

    [5] অনতিপলমে তেওঁ তেওঁলোকক পথনিৰ্দেশ কৰিব আৰু তেওঁলোকৰ অৱস্থাৰ সংশোধন কৰিব।

    [6] আৰু তেওঁ তেওঁলোকক প্ৰৱেশ কৰাব জান্নাতত, যাৰ পৰিচয় তেওঁ তেওঁলোকক জনাই দিছে।

    [7] হে মুমিনসকল! যদি তোমালোকে আল্লাহক সহায় কৰা তেন্তে তেওঁ তোমালোকক সহায় কৰিব আৰু তোমালোকৰ ভৰি সুদৃঢ় কৰিব।

    [8] আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে ধ্বংস আৰু তেওঁ সিহঁতৰ আমলসমূহ ব্যৰ্থ কৰি দিছে।

    [9] এইটো এই কাৰণে যে, আল্লাহে যি অৱতীৰ্ণ কৰিছে সেয়া সিহঁতে অপছন্দ কৰিছে। সেয়ে তেওঁ সিহঁতৰ আমলসমূহ নিষ্ফল কৰি দিছে।

    [10] তেন্তে সিহঁতে পৃথিৱীত ভ্ৰমণ কৰি চোৱা নাইনে সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ পৰিণাম কি হৈছিল? আল্লাহে সিহঁতক ধ্বংস কৰিছে। কাফিৰসকলৰ বাবে আছে অনুৰূপ পৰিণাম।

    [11] এইটো এই কাৰণে যে, নিশ্চয় আল্লাহ মুমিনসকলৰ অভিভাৱক আৰু এই কথাও নিশ্চিত যে, কাফিৰসকলৰ কোনো অভিভাৱক নাই।

    [12] নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক প্ৰৱেশ কৰাব জান্নাতত যাৰ তলত নদীসমূহ প্ৰবাহিত; কিন্তু যিসকলে কুফৰী কৰিছে সিহঁতে ভোগ-বিলাসত মত্ত থাকে আৰু আহাৰ কৰে সেইদৰে যিদৰে চতুষ্পদ জন্তুবোৰে আহাৰ কৰে; আৰু জাহান্নামেই সিহঁতৰ আবাসস্থল।

    [13] আৰু তোমাৰ জনপদ যিটোৰ পৰা সিহঁতে তোমাক বহিষ্কাৰ কৰিছে সেই জনপদৰ তুলনাত অধিক শক্তিশালী জনপদ আৰু বহুতো আছিল; যিবোৰক আমি ধ্বংস কৰি দিছো, ফলত সিহঁতৰ কোনো সহায়কাৰী নাছিল।

    [14] যি ব্যক্তি তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সুস্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত, সেইজন ব্যক্তি তাৰ দৰে নেকি যাৰ ওচৰত নিজৰ বেয়া আমলসমূহ শোভনীয় কৰি দিয়া হৈছে আৰু যিসকলে নিজৰ কামনা-বাসনাৰ অনুসৰণ কৰি আছে

    [15] মুত্তাক্বীসকলক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছে তাৰ দৃষ্টান্ত হৈছে, তাত আছে নিৰ্মল পানীৰ নিজৰাসমূহ, আৰু আছে গাখীৰৰ নদীসমূহ যাৰ সোৱাদ অপৰিবৰ্তনীয়, লগতে পানকাৰী সকলৰ বাবে আছে সুস্বাদু সুৰাৰ নহৰসমূহ, আৰু আছে পৰিশোধিত মৌজোলৰ নদীসমূহ আৰু তাত থাকিব তেওঁলোকৰ বাবে প্ৰত্যেক প্ৰকাৰৰ ফলমূল, আৰু আছে তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা ক্ষমা। তেওঁলোক সিহঁতৰ দৰে নেকি যিহঁত জাহান্নামত স্থায়ী হ’ব আৰু যিহঁতক পান কৰোৱা হ’ব উতলা পানী, ফলত সেই পানীয়ে সিহঁতৰ নাড়ী-ভুৰু ছিন্ন-বিচ্ছিন্ন কৰি পেলাব।

    [16] সিহঁতৰ মাজৰ কিছুমানে তোমাৰ কথা মনোযোগ সহকাৰে শুনে, অৱশেষত তোমাৰ ওচৰৰ পৰা ওলাই গৈ তেওঁলোকক সোধে যিসকলক জ্ঞান দান কৰা হৈছে, ‘এই মাত্ৰ তেওঁ কি ক’লে’? ইহঁতেই সেইসকল লোক, যিসকলৰ অন্তৰসমূহত আল্লাহে মোহৰ মাৰি দিছে আৰু সিহঁতে নিজৰ কামনা-বাসনাৰ অনুসৰণ কৰিছে।

    [17] আৰু যিসকলে হিদায়ত প্ৰাপ্ত হৈছে আল্লাহে তেওঁলোকৰ হিদায়ত আৰু বৃদ্ধি কৰি দিয়ে আৰু তেওঁলোকক তেওঁলোকৰ তাক্বৱা প্ৰদান কৰে।

    [18] এতেকে সিহঁতে কেৱল এই অপেক্ষাত আছে নেকি যে, কিয়ামত সিহঁতৰ ওচৰত আকস্মিকভাৱে আহি পৰক? অৱশ্যে কিয়ামতৰ লক্ষণসমূহ আহিয়ে পৰিছে! সেয়ে কিয়ামত আহি পৰিলে সিহঁতে উপদেশ গ্ৰহণ কৰিব কেনেকৈ

    [19] সেয়ে জানি থোৱা! আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। লগতে ক্ষমা প্ৰাৰ্থনা কৰা নিজৰ আৰু মুমিন নৰ-নাৰীসকলৰ ভুল-ত্ৰুটিৰ বাবে। আল্লাহে তোমালোকৰ গতিবিধি আৰু অৱস্থান সম্পৰ্কে অৱগত।

    [20] আৰু যিসকলে ঈমান আনিছে তেওঁলোকে কয়, এটা ছুৰা অৱতীৰ্ণ কৰা নহয় কিয়, তাৰ পিছত যদি কোনো মুহকাম ছুৰা অৱতীৰ্ণ হয় আৰু তাত যুদ্ধৰ কোনো নিৰ্দেশ থাকে, তেতিয়া তুমি দেখিবা যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে মৃত্যুৰ ভয়ত বিহ্বল মানুহৰ দৰে তোমাৰ ফালে চাই আছে। এতেকে সিহঁতৰ বাবে উত্তম আছিল

    [21] আনুগত্য আৰু ন্যায়সংগত বাক্য; এতেকে যেতিয়া সিদ্ধান্ত চূড়ান্ত হয়, তেতিয়া যদি সিহঁতে আল্লাহৰ লগত কৰা প্ৰতিশ্ৰুতি সত্যত পৰিণত কৰিলেহেঁতেন, তেন্তে সেয়া সিহঁতৰ বাবে কল্যাণকৰ হ’লেহেঁতেন।

    [22] তেন্তে তোমালোকে এইটো বিচৰা নেকি যে, যদি তোমালোকে শাসন কৰ্তৃত্ব পোৱা, তেন্তে তোমালোকে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিবা আৰু আত্মীয়তাৰ বন্ধন বিচ্ছিন্ন কৰিবা

    [23] ইহঁতকেই আল্লাহে লানত কৰিছে, ফলত তেওঁ সিহঁতক বধিৰ কৰি দিছে আৰু সিহঁতৰ দৃষ্টিসমূহক অন্ধ কৰি দিছে।

    [24] তেন্তে সিহঁতে কোৰআন লৈ গভীৰ চিন্তা-চৰ্চা নকৰে নেকি? নে সিহঁতৰ অন্তৰত তলা লগোৱা আছে

    [25] নিশ্চয় যিসকলে নিজৰ ওচৰত সৎপথ স্পষ্ট হোৱাৰ পিছতো তাৰ পৰা পৃষ্ঠপ্ৰদৰ্শন কৰে, চয়তানে সিহঁতৰ কৰ্মক শোভনীয় কৰি দেখুৱায় আৰু সিহঁতক মিছা আশা দিয়ে।

    [26] এইটো এই কাৰণে যে, আল্লাহে যি অৱতীৰ্ণ কৰিছে, সেয়া যিসকলে অপছন্দ কৰে সিহঁতক ইহঁতে কয়, ‘অনতিপলমে আমিও কিছুমান বিষয়ত তোমালোকৰ অনুসৰণ কৰিম’। কিন্তু আল্লাহে সিহঁতৰ গোপন অভিসন্ধিসমূহ জানে।

    [27] এতেকে সেই সময়ত সিহঁতৰ কি দশা হ’ব! যেতিয়া ফিৰিস্তাসকলে সিহঁতৰ মুখমণ্ডল আৰু পিঠিত মৰিয়াই মৰিয়াই প্ৰাণ হৰণ কৰিব

    [28] এইটো এই কাৰণে যে, সিহঁতে এনে কিছুমান বিষয়ৰ অনুসৰণ কৰিছে যিবোৰে আল্লাহক অসন্তোষ কৰিছে আৰু সিহঁতে তেওঁৰ সন্তুষ্টিক অপছন্দ কৰিছে, সেয়ে তেওঁ সিহঁতৰ আমলসমূহ নিষ্ফল কৰি দিছে।

    [29] যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে এইটো ভাৱে নেকি যে, আল্লাহে কেতিয়াও সিহঁতৰ বিদ্বেষভাৱ প্ৰকাশ কৰি নিদিব

    [30] আৰু আমি ইচ্ছা কৰিলে তোমাক সিহঁতৰ পৰিচয় দিলোহেঁতেন; ফলত তুমি সিহঁতৰ লক্ষণ দেখিয়ে সিহঁতক চিনিব পাৰিলাহেঁতেন। কিন্তু অৱশ্যে তুমি সিহঁতৰ কথাৰ ভঙ্গিতে সিহঁতক চিনিব পাৰিবা। আল্লাহে তোমালোকৰ যাৱতীয় আমল সম্পৰ্কে জানে।

    [31] আৰু আমি অৱশ্যে তোমালোকক পৰীক্ষা কৰিম এই কথা প্ৰকাশ নকৰা লৈকে যে, তোমালোকৰ মাজত কোন জিহাদকাৰী আৰু কোন ধৈৰ্যশীল আৰু আমিয়েই তোমালোকৰ কৰ্মকাণ্ড পৰীক্ষা কৰো।

    [32] নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু মানুহক আল্লাহৰ পথৰ পৰা নিবৃত্ত কৰিছে লগতে সিহঁতৰ ওচৰত হিদায়ত সুস্পষ্ট হোৱাৰ পিছতো ৰাছুলৰ বিৰোধিতা কৰিছে, সিহঁতে কেতিয়াও আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰিব। অতিশীঘ্ৰে তেওঁ সিহঁতৰ আমলসমূহ নিষ্ফল কৰি দিব।

    [33] হে মুমিনসকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা, আৰু তোমালোকে নিজৰ আমলসমূহ বিনষ্ট নকৰিবা।

    [34] নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু আল্লাহৰ পথৰ পৰা মানুহক নিবৃত্ত কৰিছে, তাৰ পিছত কাফিৰ অৱস্থাত মৃত্যুবৰণ কৰিছে, আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰিব।

    [35] এতেকে তোমালোকে মনোবল নেহেৰুৱাবা আৰু সন্ধিৰ প্ৰস্তাবো নিদিবা, তোমালোকেই প্ৰবল, কাৰণ আল্লাহ আছে (সহায়ক হিচাপে) তোমালোকৰ লগত আৰু তেওঁ তোমালোকৰ কৰ্মফল কেতিয়াও ক্ষুণ্ণ নকৰিব।

    [36] পাৰ্থিৱ জীৱন কেৱল খেল-ধেমালি আৰু অৰ্থহীন কথা-বতৰাহে। যদি তোমালোকে ঈমান পোষণ কৰা আৰু তাক্বৱা অৱলম্বন কৰা তেন্তে আল্লাহে তোমালোকক তোমালোকৰ পুৰষ্কাৰ প্ৰদান কৰিব আৰু তেওঁ তোমালোকৰ ধন-সম্পদ নিবিচাৰে।

    [37] যদি তেওঁ তোমালোকৰ ওচৰত সেয়া (ধন-সম্পদ) বিচাৰে, তাৰ পিছত তেওঁ তোমালোকৰ ওপৰত প্ৰবল চাপ দিয়ে তেন্তে তোমালোকে কৃপণালিহে কৰিবা আৰু তেওঁ তেতিয়া তোমালোকৰ বিদ্বেষভাৱ প্ৰকাশ কৰি দিব।

    [38] চোৱা, তোমালোকেই সেইসকল লোক, যিসকলক আল্লাহৰ পথত ব্যয় কৰিবলৈ কোৱা হৈছে অথচ তোমালোকৰ কিছুমানে কৃপণতাহে কৰিছে, কিন্তু যিয়ে কৃপণালি কৰিছে সি নিজৰ প্ৰতিহে কৃপণালি কৰিছে। (জানি থোৱা!) আল্লাহ অভাৱমুক্ত আৰু তোমালোক অভাৱগ্ৰস্ত। যদি তোমালোকে বিমুখ হোৱা, তেন্তে তেওঁ তোমালোকৰ বাহিৰে আন এটা সম্প্ৰদায়ক তোমালোকৰ স্থলৱৰ্তী কৰিব; সিহঁত কিন্তু তোমালোকৰ দৰে নহ’ব।

    Surah 48
    আল-ফাতহ

    [1] নিশ্চয় আমি তোমাক প্ৰদান কৰিছো সুস্পষ্ট বিজয়

    [2] যাতে আল্লাহে তোমাৰ অতীত আৰু ভৱিষ্যতৰ ত্ৰুটিসমূহ মাৰ্জনা কৰে আৰু তোমাৰ প্ৰতি তেওঁৰ অনুগ্ৰহ পূৰ্ণ কৰে, লগতে তেওঁ যাতে তোমাক সৰল পথৰ হিদায়ত দিয়ে

    [3] আৰু যাতে তোমাক বলিষ্ঠ সাহায্য দান কৰে।

    [4] তেৱেঁই মুমিনসকলৰ অন্তৰত প্ৰশান্তি নাযিল কৰিছে যাতে তেওঁলোকে নিজৰ ঈমানৰ সৈতে ঈমান বৃদ্ধি কৰি লয়। আকাশসমূহ আৰু পৃথিৱীৰ সৈন্যবাহিনী কেৱল আল্লাহৰেই আৰু আল্লাহ হৈছে সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

    [5] যাতে তেওঁ মুমিন পুৰুষ আৰু মুমিন নাৰীসকলক প্ৰৱেশ কৰায় জান্নাতত, যাৰ তলত নদীসমূহ প্ৰবাহিত, য’ত তেওঁলোক স্থায়ী হ’ব আৰু তেওঁ তেওঁলোকৰ পাপসমূহ মোচন কৰিব; এইটোৱে হৈছে আল্লাহৰ ওচৰত মহা সফলতা।

    [6] মনাফিক পুৰুষ আৰু মুনাফিকা নাৰী, লগতে মুশ্বৰিক পুৰুষ আৰু মুশ্বৰিকা নাৰী যিসকলে আল্লাহৰ বিষয়ে বেয়া ধাৰণা পোষণ কৰে যাতে তেওঁ সিহঁতক শাস্তি দিয়ে। অমঙ্গল চক্ৰ সিহঁতৰ ওপৰতেই আপতিত হয়। আল্লাহে সিহঁতৰ ওপৰত ক্ৰোধান্বিত হৈছে আৰু সিহঁতক লানত কৰিছে; আৰু সিহঁতৰ বাবে প্ৰস্তুত ৰাখিছে জাহান্নাম। সেইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল

    [7] আকাশসমূহ আৰু পৃথিৱীৰ সৈন্যবাহিনী কেৱল আল্লাহৰেই আৰু আল্লাহ হৈছে পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    [8] নিশ্চয় আমি তোমাক প্ৰেৰণ কৰিছো সাক্ষীৰূপে, সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে

    [9] যাতে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা আৰু তেওঁক সহায়-সহযোগিতাৰ দ্বাৰা শক্তি যুগুৱা লগতে তেওঁক সন্মান কৰা; আৰু পুৱা-গধূলি তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা।

    [10] নিশ্চয় যিসকলে তোমাৰ ওচৰত বাইআত কৰে অৱশ্যে তেওঁলোকে আল্লাহৰ হাততহে বাইআত কৰে। আল্লাহৰ হাত তেওঁলোকৰ হাতৰ ওপৰত। তাৰ পিছত যিয়ে সেইটো ভঙ্গ কৰিব, সেই ভঙ্গ কৰাৰ পৰিণাম তাৰেই ওপৰত বৰ্তিব আৰু যিয়ে আল্লাহৰ লগত কৰা অঙ্গীকাৰ পূৰ্ণ কৰিব তাক আল্লাহে অৱশ্যে মহাপুৰষ্কাৰ প্ৰদান কৰিব।

    [11] যিসকল বেদুইনে পিছ হোঁহকা দিছিল সিহঁতে তোমাক অৱশ্যে আহি ক’ব, ‘আমাৰ ধন-সম্পদ আৰু পৰিয়ালবৰ্গই আমাক ব্যস্ত কৰি ৰাখিছিল, সেয়ে আমাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰি দিয়ক’। সিহঁতে মুখেৰে যি কয় সেয়া সিহঁতৰ অন্তৰত নাই। সিহঁতক কোৱা, ‘আল্লাহে যদি তোমালোকৰ কোনো ক্ষতি কৰিব বিচাৰে অথবা কোনো উপকাৰ কৰিব বিচাৰে, তেন্তে তেওঁক বাধা দিয়াৰ ক্ষমতা কাৰ আছে? বৰং তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সবিশেষ অৱহিত’।

    [12] বৰং তোমালোকে ধাৰণা কৰিছিলা যে, ৰাছুল আৰু মুমিনসকল তেওঁলোকৰ নিজ পৰিয়ালৰ ওচৰত কেতিয়াও উভতি নাহিব আৰু এই ধাৰণা তোমালোকৰ অন্তৰত প্ৰীতিকৰ বুলি ভাবিছিলা, আৰু এয়া বৰ নিকৃষ্ট ধাৰণা কৰিছিলা আৰু তোমালোক আছিলা ধ্বংসমুখী এটা সম্প্ৰদায়

    [13] আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ নকৰে, তেন্তে (জানি থোৱা) নিশ্চয় আমি কাফিৰসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছো জলন্ত জুই।

    [14] আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব কেৱল আল্লাহৰেই, তেওঁ যাক ইচ্ছা ক্ষমা কৰে আৰু যাক ইচ্ছা শাস্তি দিয়ে। আল্লাহ অতি ক্ষমাশীল, পৰম দয়ালু।

    [15] তোমালোকে যেতিয়া যুদ্ধলব্ধ সম্পদ সংগ্ৰহ কৰিবলৈ যাবা তেতিয়া যিসকলে পিছ হোঁহকা দিছিল, তেতিয়া সিহঁতে আহি ক’ব, ‘আমাকো আপোনালোকৰ লগত যাবলৈ অনুমতি দিয়ক’। সিহঁতে আল্লাহৰ বাণী পৰিবৰ্তন কৰিব বিচাৰে। কোৱা, ‘তোমালোকে কোনো মতেই আমাৰ অনুসৰণ কৰিব নোৱাৰা। এই ঘোষণা আল্লাহে আগতেই কৰি থৈছে’। সিহঁতে অৱশ্যে ক’ব, ‘বৰং আপোনালোকে আমাক হিংসাহে কৰে’। নহয়, দৰাচলতে সিহঁতে অতি সামান্যহে বুজি পায়।

    [16] পিছ হোঁহকা দিয়া বেদুইনবিলাকক কোৱা, ‘অতিশীঘ্ৰে তোমালোকক এটা কঠোৰ যুদ্ধা জাতিৰ বিৰুদ্ধে মাতা হ’ব; তোমালোকে সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰিবা নাইবা সিহঁতে আত্মসমৰ্পন কৰিব। এতেকে তোমালোকে এই আদেশ পালন কৰিলে আল্লাহে তোমালোকক উত্তম পুৰষ্কাৰ দান কৰিব। অন্যথা তোমালোকে যদি আগৰ দৰে পৃষ্ঠ প্ৰদৰ্শন কৰা, তেন্তে তেওঁ তোমালোকক যন্ত্ৰণাদায়ক শাস্তি দিব’।

    [17] অন্ধৰ বাবে কোনো অপৰাধ নাই, খঞ্জৰ বাবে কোনো অপৰাধ নাই আৰু অসুস্থ লোকৰ বাবেও কোনো অপৰাধ নাই; আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব, তেওঁ তাক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত; কিন্তু যিয়ে পৃষ্ঠ প্ৰদৰ্শন কৰিব তেওঁ তাক যন্ত্ৰণাদায়ক শাস্তি দিব।

    [18] অৱশ্যে আল্লাহে মুমিনসকলৰ প্ৰতি সন্তুষ্ট হৈছে, যেতিয়া তেওঁলোক গছৰ তলত তোমাৰ ওচৰত বাইআত গ্ৰহণ কৰিছিল, এতেকে তেওঁলোকৰ অন্তৰত যি আছিল সেয়া তেওঁ জানি লৈছে; ফলত তেওঁ তেওঁলোকৰ ওপৰত প্ৰশান্তি অৱতীৰ্ণ কৰিলে আৰু তেওঁলোকক আসন্ন বিজয়েৰে পুৰষ্কৃত কৰিলে

    [19] লগতে বিপুল পৰিমাণ যুদ্ধলব্ধ সম্পদৰ দ্বাৰা (পুৰষ্কৃত কৰিলে) যিবোৰ তেওঁলোকে গ্ৰহণ কৰিব; আৰু আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    [20] আল্লাহে তোমালোকক প্ৰভূত যুদ্ধলব্ধ সম্পদৰ প্ৰতিশ্ৰুতি দান কৰিছে, যাৰ অধিকাৰী কেৱল তোমালোক। লগতে তেওঁ এইটো তোমালোকৰ বাবে ত্বৰান্বিত কৰিছে। তেৱেঁই তোমালোকৰ পৰা মানুহৰ হাত নিবাৰিত কৰিছে, যাতে এইটো মুমিনসকলৰ বাবে এটা নিদৰ্শন হয়। তেৱেঁই তোমালোকক সৰল পথত পৰিচালিত কৰে

    [21] আৰু এটা, যিটো এতিয়াও তোমালোকৰ অধিকাৰত অহা নাই, সেইটো আল্লাহেই বেষ্টন কৰি ৰাখিছে। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

    [22] আৰু যিসকলে কুফৰী কৰিছে সিহঁতে যদি তোমালোকৰ লগত যুদ্ধ কৰে তেন্তে সিহঁতে নিশ্চয় পৃষ্ট প্ৰদৰ্শন কৰিব, তাৰ পিছত সিহঁতে কোনো অভিভাৱক আৰু সহায়কাৰী নাপাব।

    [23] এইটোৱে আল্লাহৰ বিধান--- পূৰ্বৰে পৰা যিটো চলি আহিছে, তুমি আল্লাহৰ বিধানত কোনো পৰিবৰ্তন নাপাবা।

    [24] আৰু তেৱেঁই মক্কা উপত্যকাত সিহঁতৰ হাত তোমালোকৰ পৰা আৰু তোমালোকৰ হাত সিহঁতৰ পৰা নিবাৰিত কৰিছিল, সিহঁতৰ ওপৰত তোমালোকক বিজয়ী কৰাৰ পিছত, আৰু তোমালোকে যি কৰা আল্লাহে তাৰ সম্যক দ্ৰষ্টা।

    [25] সিহঁতেই কুফৰী কৰিছিল আৰু তোমালোকক বাধা প্ৰদান কৰিছিল মছজিদুল হাৰামৰ পৰা লগতে বাধা প্ৰদান কৰিছিল কুৰাবানীৰ বাবে আৱদ্ধ পশুবিলাকক যথাস্থানত লৈ যাবলৈ। যদি (মক্কাত) মুমিন পুৰুষ আৰু মুমিনা নাৰীসকল নাথাকিলেহেঁতেন, যিসকলৰ বিষয়ে তোমালোকে নাজানা যে, তোমালোকে অজ্ঞতাবশতঃ তেওঁলোকক পদদলিত কৰিবা, ফলত তেওঁলোকৰ কাৰণে তোমালোকেই অপৰাধী আৰু দোষী সাব্যস্ত হ’লাহেঁতেন, (তথাপিও তেওঁ যুদ্ধৰ অনুমতি দিলেহেঁতেন। কিন্তু আল্লাহে তোমালোকক তেতিয়া যুদ্ধৰ অনুমতি দিয়া নাছিল) যাতে আল্লাহে নিজ ইচ্ছা মতে যাক ইচ্ছা তেওঁৰ অনুগ্ৰহত প্ৰৱেশ কৰাব পাৰে। যদি তেওঁলোক পৃথক হৈ থাকিলেহেঁতেন, তেন্তে অৱশ্যে আমি সিহঁতৰ মাজত কাফিৰবিলাকক যন্ত্ৰণাদায়ক শাস্তি প্ৰদান কৰিলোহেঁতেন।

    [26] যেতিয়া কাফিৰসকলে সিহঁতৰ অন্তৰত গোত্ৰীয় অহমিকা পোষণ কৰিছিল— অজ্ঞতা যুগৰ অহমিকা, তেতিয়া আল্লাহে তেওঁৰ ৰাছুলৰ আৰু মুমিনসকলৰ ওপৰত তেওঁৰ প্ৰশান্তি অৱতীৰ্ণ কৰিলে, আৰু তেওঁলোকক তাক্বৱাৰ কলিমাত সুদৃঢ় কৰিলে, তেওঁলোকেই আছিল ইয়াৰ অধিক যোগ্য আৰু উপযুক্ত; আৰু আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।

    [27] অৱশ্যে আল্লাহে তেওঁৰ ৰাছুলক সপোনটো যথাযথভাৱে সত্যত পৰিণত কৰি দিছে, আল্লাহৰ ইচ্ছাত তোমালোকে অৱশ্যে নিৰাপদে মূৰ খুৰোৱাই আৰু চুলি চুটি কৰি নিৰ্ভয়ে মছজিদুল হাৰামত প্ৰৱেশ কৰিবা। এতেকে তেওঁ সেইটো জানে যিটো তোমালোকে নাজানা। সেয়ে ইয়াৰ বাহিৰেও তেওঁ তোমালোকক প্ৰদান কৰিছে এটা সদ্য বিজয়।

    [28] তেৱেঁই নিজ ৰাছুলক পথনিৰ্দেশ আৰু সত্য দ্বীনসহ প্ৰেৰণ কৰিছে, আন সকলো দ্বীনৰ ওপৰত ইয়াক জয়যুক্ত কৰাৰ বাবে; আৰু সাক্ষী হিচাপে আল্লাহেই যথেষ্ট।

    [29] মুহাম্মদ আল্লাহৰ ৰাছুল, আৰু তেওঁৰ সহচৰসকল কাফিৰসকলৰ প্ৰতি অতি কঠোৰ, পৰস্পৰৰ মাজত সহানুভূতিশীল; আল্লাহৰ অনুগ্ৰহ আৰু সন্তুষ্টি কামনাত তুমি তেওঁলোকক ৰুকু আৰু ছাজদাহ অৱনত দেখিবা। তেওঁলোকৰ লক্ষণ তেওঁলোকৰ মুখমণ্ডলত ছাজদাৰ প্ৰভাৱত পৰিস্ফুট; এইটোৱে তাওৰাতত তেওঁলোকৰ দৃষ্টান্ত। ইঞ্জীলত তেওঁলোকৰ দৃষ্টান্ত হৈছে এনেকুৱা এটি গছপুলিৰ দৰে, যিটোৰ পৰা ওলায় কোমল পাত, তাৰ পিছত সেয়া মজবুত হয় আৰু পুষ্ট হয় আৰু পিছত দৃঢ়ভাৱে কাণ্ডৰ ওপৰত থিয় দিয়ে, যিটো খেতিয়কৰ বাবে বৰ আনন্দদায়ক। এইদৰে আল্লাহে মুমিনসকলৰ সমৃদ্ধিৰ দ্বাৰা কাফিৰসকলৰ অন্তৰ্দহন বৃদ্ধি কৰে। যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক ক্ষমা আৰু মহাপ্ৰতিদানৰ প্ৰতিশ্ৰুতি দিছে।

    Surah 49
    আল-হুজুরাত

    [1] হে মুমিনসকল! আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সন্মুখত তোমালোকে কোনো বিষয়ে অগ্ৰণী নহ'বা আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

    [2] হে মুমিনসকল! তোমালোকে নবীৰ কণ্ঠস্বৰৰ ওপৰত নিজৰ কণ্ঠস্বৰ উচ্চ নকৰিবা আৰু নিজৰ মাজত যেনেকৈ উচ্চস্বৰে কথা কোৱা তেওঁৰ লগত তেনেকৈ উচ্চস্বৰত কথা নক’বা; অন্যথা তোমালোকে গম নোপোৱাকৈয়ে তোমালোকৰ সকলো আমল বিনষ্ট হৈ যাব।

    [3] নিশ্চয় যিসকলে আল্লাহৰ ৰাছুলৰ সন্মুখত নিজৰ কণ্ঠস্বৰ অৱনমিত কৰে, আল্লাহে তেওঁলোকৰ অন্তৰসমূহক তাক্বৱাৰ বাবে নিৰ্বাচিত কৰিছে। তেওঁলোকৰ বাবে আছে ক্ষমা আৰু মহা পুৰষ্কাৰ।

    [4] নিশ্চয় যিসকলে তোমাক হুজৰাসমূহৰ পিছফালৰ পৰা উচ্চস্বৰে মাতে, (দৰাচলতে) সিহঁতৰ অধিকাংশই নবুজে।

    [5] তুমি সিহঁতৰ ওচৰত ওলাই নহা লৈকে যদি সিহঁতে ধৈৰ্য ধাৰণ কৰিলেহেঁতেন, তেন্তে সেইটোৱে সিহঁতৰ বাবে উত্তম হ’লেহেঁতেন। আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

    [6] হে ঈমান্দাৰসকল! যদি কোনো ফাছিক্বে তোমালোকৰ ওচৰত কোনো বাৰ্তা লৈ আহে, তেন্তে তোমালোকে সেয়া পৰীক্ষা কৰি চাবা, যাতে এনে নহয় যে, অজ্ঞতাবশত তোমালোকে কোনো সম্প্ৰদায়ক আক্ৰমণ কৰি পেলাবা, ফলত তোমালোকৰ কৃতকৰ্মৰ বাবে তোমালোকেই অনুতপ্ত হ’ব লাগিব।

    [7] জানি থোৱা যে, তোমালোকৰ মাজত আল্লাহৰ ৰাছুল আছে, তেওঁ যদি অধিকাংশ বিষয়ত তোমালোকৰ কথা মানি ল’লেহেঁতেন, তেন্তে তোমালোকে অৱশ্যে কষ্টত পতিত হ’লাহেঁতেন। কিন্তু আল্লাহে তোমালোকৰ ওচৰত ঈমানক প্ৰিয় কৰি দিছে আৰু সেইটোক তোমালোকৰ হৃদয়গ্ৰাহী কৰিছে। লগতে কুফৰী, পাপকৰ্ম আৰু অবাধ্যতাক তোমালোকৰ ওচৰত অপ্ৰিয় কৰি দিছে। তেওঁলোকেই সত্য পথপ্ৰাপ্ত।

    [8] আল্লাহৰ দান আৰু অনুগ্ৰহস্বৰূপ; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

    [9] আৰু যদি মুমিনসকলৰ দুটা দলে বাদ-বিবাদত লিপ্ত হয় তেন্তে তোমালোকে তেওঁলোকৰ মাজত মীমাংসা কৰি দিয়া, তথাপিও যদি তেওঁলোকৰ এটা দলে আন এটা দলৰ বিৰুদ্ধে সীমালংঘন কৰে, তেন্তে যিসকলে সীমালংঘন কৰে সিহঁতৰ বিৰুদ্ধে তোমালোকে যুদ্ধ কৰা, যেতিয়া লৈকে সিহঁতে আল্লাহৰ নিৰ্দেশৰ পিনে উভতি নাহিব। তাৰ পিছত যদি সিহঁতে উভতি আহে তেন্তে সিহঁতৰ মাজত ন্যায়ৰ সৈতে আপোচ মীমাংসা কৰি দিয়া আৰু ন্যায় বিচাৰ কৰা। নিশ্চয় আল্লাহ ন্যায় বিচাৰকাৰী সকলক ভাল পায়।

    [10] মুমিনসকল পৰস্পৰে ভাই-ভাই; সেয়ে তোমালোকে নিজ ভাতৃসকলৰ মাজত আপোচ-মীমাংসা কৰি দিয়া। লগতে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাতে তোমালোকে অনুগ্ৰহপ্ৰাপ্ত হোৱা।

    [11] হে ঈমান্দাৰসকল! কোনো মুমিন সম্প্ৰদায়ে যেন আন কোনো মুমিন সম্প্ৰদায়ৰ উপহাস নকৰে, কিয়নো যিসকলক উপহাস কৰা হৈছে তেওঁলোকে উপহাসকাৰী সকলতকৈ উত্তম হ’ব পাৰে; আৰু নাৰীসকলেও যেন আন আন নাৰীসকলক উপহাস নকৰে, কিয়নো যিসকলৰ উপহাস কৰা হৈছে তেওঁলোকে উপহাসকাৰীণী বিলাকতকৈও উত্তম হ’ব পাৰে। লগতে তোমালোকে ইজনে সিজনৰ প্ৰতি দোষাৰোপ নকৰিবা আৰু এজনে আনজনক বেয়া নামেৰে নামাতিবা; ঈমানৰ পিছত বেয়া নাম অতি নিকৃষ্ট। এতেকে (জানি থোৱা) যিসকলে তাওবা নকৰে সিহঁতেই যালিম।

    [12] হে মুমিনসকল! তোমালোকে অতিমাত্ৰা সন্দেহ কৰাৰ পৰা বিৰত থাকা। নিশ্চয় কিছুমান সন্দেহ পাপ; লগতে তোমালোকে ইজনে সিজনৰ গোপনীয় বিষয় সন্ধান নকৰিবা আৰু এজনে আনজনৰ গীবত নকৰিবা। তোমালোকৰ মাজৰ কোনোবাই তাৰ মৃত ভাতৃৰ মাংস খোৱোটো পছন্দ কৰিবনে? নিশ্চয় তোমালোকে সেয়া অপছন্দ কৰা। সেয়ে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা; নিশ্চয় আল্লাহ তাওবা কবুলকাৰী, পৰম দয়ালু।

    [13] হে মানৱ সম্প্ৰদায়! নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছো, আৰু তোমালোকক বিভক্ত কৰিছো বিভিন্ন জাতি আৰু গোত্ৰত, যাতে তোমালোকে এজনে আনজনৰ লগত পৰিচিত হ’ব পাৰা। তোমালোকৰ মাজত আল্লাহৰ ওচৰত কেৱল সেই ব্যক্তিয়েই বেছি মৰ্যাদাশীল যিজন তোমালোকৰ মাজত বেছি তাক্বৱা সম্পন্ন। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত।

    [14] বেদুইনবিলাকে কয়, ‘আমি ঈমান আনিলো’। কোৱা, ‘তোমালোকে ঈমান আনা নাই, বৰং তোমালোকে কোৱা, ‘আমি আত্মসমৰ্পন কৰিলো’, কাৰণ ঈমান এতিয়াও তোমালোকৰ অন্তৰত প্ৰৱেশ কৰা নাই। যদি তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা তেন্তে তেওঁ তোমালোকৰ আমলসমূহৰ ছোৱাব অকণো লাঘৱ নকৰিব। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু’।

    [15] মুমিন কেৱল তেওঁলোকেই, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে, তাৰ পিছত সন্দেহ পোষণ কৰা নাই লগতে তেওঁলোকে জান-মালৰ সৈতে আল্লাহৰ পথত জিহাদ কৰিছে। তেওঁলোকেই সত্যনিষ্ঠ।

    [16] কোৱা, ‘তোমালোকে তোমালোকৰ দ্বীন সম্পৰ্কে আল্লাহক অৱগত কৰি আছা নেকি? অথচ আল্লাহে জানে আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে। আল্লাহ সকলো বিষয়েই সম্যক অৱগত’।

    [17] সিহঁতে ভাৱে যে, সিহঁতে ইছলাম গ্ৰহণ কৰি তোমাক ধন্য কৰিছে। কোৱা, ‘তোমালোকে ইছলাম গ্ৰহণ কৰি মোক ধন্য কৰিছা বুলি নাভাবিবা; বৰং আল্লাহেই তোমালোকক ঈমানৰ দিশত পৰিচালিত কৰি তোমালোককহে ধন্য কৰিছে, যদি তোমালোকে সত্যবাদী হোৱা’।

    [18] নিশ্চয় আল্লাহ আকাশসমূহ আৰু পৃথিৱীৰ গায়েব সম্পৰ্কে অৱগত। লগতে তোমালোকে যি কৰা আল্লাহে তাৰ সম্যক দ্ৰষ্টা।

    Surah 50
    ক্বাফ

    [1] ক্বা-ফ, শপত সন্মানিত কোৰআনৰ

    [2] বৰং সিহঁতে বিস্মিত হৈছে যে, সিহঁতৰ মাজৰ পৰাই এজন সতৰ্ককাৰী সিহঁতৰ ওচৰত আহিছে; আৰু কাফিৰসকলে কয়, ‘এওঁ দেখুন এটা বিস্ময়কৰ বস্তু!’

    [3] ‘আমি যেতিয়া মৃত্যুবৰণ কৰিম আৰু মাটিত পৰিণত হম তথাপিও (আমি পুনৰুত্থিত হমনে?), এই প্ৰত্যাৱৰ্তন সুদূৰপৰাহত!’

    [4] অৱশ্যে আমি জানো মাটিয়ে সিহঁতক কিমান ক্ষয় কৰে আৰু আমাৰ ওচৰত আছে সম্যক সংৰক্ষণকাৰী কিতাব।

    [5] প্ৰকৃততে সিহঁতৰ ওচৰত সত্য অহাৰ পিছত সিহঁতে সেয়া অস্বীকাৰ কৰিছে। এতেকে সিহঁত সংশয়যুক্ত বিষয়ত নিপতিত।

    [6] সিহঁতে সিহঁতৰ ওপৰত অৱস্থিত আকাশৰ পিনে লক্ষ্য নকৰে নেকি, কেনেকৈ আমি সেয়া নিৰ্মাণ কৰিছো আৰু ইয়াক সুশোভিত কৰিছো আৰু তাত কোনো ধৰণৰ ফাটও মেলা নাই

    [7] আৰু আমি পৃথিৱীক বিস্তৃত কৰিছো আৰু তাত স্থাপন কৰিছো পৰ্বতমালা। লগতে তাত উৎপন্ন কৰিছো নয়ন প্ৰীতিকৰ সকলো প্ৰকাৰৰ উদ্ভিদ

    [8] আল্লাহৰ অনুৰাগী প্ৰত্যেক বান্দাৰ বাবে জ্ঞান আৰু উপদেশস্বৰূপ।

    [9] আৰু আকাশৰ পৰা বৰ্ষণ কৰো আমি কল্যণময় পানী। তাৰ পিছত তাৰ দ্বাৰা উৎপন্ন কৰো বাগ-বাগিচা আৰু কৰ্তনযোগ্য শস্যদানা।

    [10] আৰু ওখ ওখ খেজুৰ গছ, য’ত আছে ওপৰা-ওপৰিকৈ লাগি থকা খেজুৰৰ জোকা

    [11] বান্দাসকলৰ জীৱিকাস্বৰূপ। আমিয়েই পানীৰ দ্বাৰা সঞ্জীৱিত কৰো মৃত চহৰক; এইদৰেই উত্থান ঘটিব।

    [12] সিহঁতৰ পূৰ্বেও সত্যক অস্বীকাৰ কৰিছিল নূহৰ সম্প্ৰদায়ে, ৰা’ছৰ অধিবাসী আৰু ছামূদ সম্প্ৰদায়েও

    [13] আদ, ফিৰআউন আৰু লূত সম্প্ৰদায়েও।

    [14] লগতে আইকাৰ অধিবাসী আৰু তুব্বা সম্প্ৰদায়ে, সিহঁত সকলোৱে অস্বীকাৰ কৰিছিল ৰাছুলসকলক। ফলত সিহঁতৰ ওপৰত আমাৰ শাস্তি যথাৰ্থভাৱে আপতিত হৈছিল।

    [15] আমি প্ৰথমবাৰ সৃষ্টি কৰিয়েই ক্লান্ত হৈছো নেকি! বৰং নতুন সৃষ্টিৰ বিষয়ে সিহঁত সন্দেহত পতিত।

    [16] অৱশ্যে আমি মানুহক সৃষ্টি কৰিছো আৰু তাৰ প্ৰবৃত্তিয়ে তাক যি কুমন্ত্ৰণা দিয়ে সেইটোও আমি জানো; আৰু আমি তাৰ ঘাৰৰ ধমনীতকৈয়ো অধিক ওচৰত।

    [17] যেতিয়া তাৰ সোঁফালে আৰু বাওঁফালে বহা দুজন ফিৰিস্তাই পৰস্পৰে (তাৰ আমল) লিপিবদ্ধ কৰিবলৈ গ্ৰহণ কৰে।

    [18] সি যি কথাই উচ্চাৰণ নকৰক কিয় তাৰ ওচৰত সদায় উপস্থিত আছে সংৰক্ষণকাৰী।

    [19] আৰু সঁচাকৈয়ে মৃত্যু যন্ত্ৰণা যথাযথ ভাৱে আহি পালে। এইটোৱেই সেইটো, যিটোৰ পৰা তুমি পলায়ন কৰিব বিচাৰিছিলা।

    [20] আৰু শিঙাত ফুঁ দিয়া হ’ব। এইটোৱে হৈছে প্ৰতিশ্ৰুত দিন।

    [21] আৰু সেইদিনা প্ৰতিজন ব্যক্তি উপস্থিত হ’ব, তাৰ লগত থাকিব এজন চালক আৰু এজন সাক্ষী।

    [22] অৱশ্যে এই দিন সম্পৰ্কে তুমি উদাসীন আছিলা, তাৰ পিছত আমিয়ে তোমাৰ সন্মুখৰ পৰা পৰ্দা উন্মোচন কৰিছো। ফলত আজি তোমাৰ দৃষ্টি অতি প্ৰখৰ।

    [23] আৰু তাৰ সঙ্গীয়ে (ফিৰিস্তাই) ক’ব, ‘এয়া মোৰ ওচৰত আমলনামা প্ৰস্তুত।

    [24] আদেশ কৰা হ’ব, তোমালোক উভয়ে জাহান্নামত নিক্ষেপ কৰা প্ৰত্যেক উদ্ধত কাফিৰক

    [25] কল্যাণকৰ কামত প্ৰবল বাধা প্ৰদানকাৰী, সীমালংঘনকাৰী আৰু সন্দেহ পোষণকাৰী।

    [26] যিয়ে আল্লাহৰ লগত আনক ইলাহৰূপে গ্ৰহণ কৰিছিল, তোমালোকে তাক কঠিন শাস্তিত নিক্ষেপ কৰা।

    [27] তাৰ সঙ্গী চয়তানে ক’ব, ‘হে আমাৰ ৰব! মই তাক বিদ্ৰোহী কৰি তোলা নাছিলো। বৰং সি নিজেই আছিল ঘোৰ বিভ্ৰান্ত’।

    [28] আল্লাহে ক’ব, ‘তোমালোকে মোৰ সন্মুখত বাক-বিতণ্ডা নকৰিবা, মই তোমালোকক আগতেই সতৰ্ক কৰিছিলো।

    [29] মোৰ ওচৰত কথা পৰিবৰ্তন নহয় আৰু মই বান্দাসকলৰ প্ৰতি অন্যায়কাৰীও নহয়।

    [30] সেইদিনা আমি জাহান্নামক সুধিম, ‘তুমি পৰিপূৰ্ণ হৈছানে’? জাহান্নামে ক’ব, ‘আৰু কিবা আছেনে’

    [31] আৰু জান্নাতক মুত্তাক্বীসকলৰ নিকটৱৰ্তী কৰা হ’ব, কোনো দূৰত্ব নাথাকিব।

    [32] ইয়াৰে প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল। প্ৰত্যেকজন আল্লাহ অভিমুখী, সংৰক্ষণশীলসকলৰ বাবে

    [33] যিসকলে নেদেখাকৈ ৰহমানক ভয় কৰিছিল আৰু বিনীত চিত্তে উপস্থিত হৈছে।

    [34] তেওঁলোকক কোৱা হ’ব, ‘শান্তিৰ সৈতে তোমালোকে তাত প্ৰৱেশ কৰা; এইটোৱে অনন্ত জীৱনৰ দিন’।

    [35] তাত তেওঁলোকে যিটো কামনা কৰিব সেইটোৱে পাব, লগতে আমাৰ ওচৰত আছে আৰু অধিক।

    [36] আৰু আমি সিহঁতৰ পূৰ্বে বহু প্ৰজন্মক ধ্বংস কৰিছো, যিসকল শক্তি-সামৰ্থৰ ক্ষেত্ৰত আছিল ইহঁততকৈ অধিক প্ৰবল, সিহঁতে দেশ-বিদেশে ঘূৰি ফুৰিছিল; তথাপিও সিহঁতৰ কোনো পলায়নস্থল আছিলনে বাৰু

    [37] নিশ্চয় ইয়াত উপদেশ আছে তাৰ বাবে, যাৰ আছে অন্তঃকৰণ অথবা যিয়ে মনোযোগ সহকাৰে শ্ৰৱণ কৰে।

    [38] আৰু অৱশ্যে আমি আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে সেই সকলো সৃষ্টি কৰিছো কেৱল ছয় দিনত; আৰু আমাক কোনো ক্লান্তই স্পৰ্শ কৰা নাই।

    [39] এতেকে সিহঁতে যি কয় সেই বিষয়ে তুমি ধৈৰ্য ধাৰণ কৰা আৰু তোমাৰ প্ৰতিপালকৰ সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা সুৰ্যোদয় হোৱাৰ আগত আৰু সূৰ্যাস্ত যোৱাৰ আগত

    [40] লগতে তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা ৰাতিৰ একাংশত আৰু ছালাতৰ পিছত।

    [41] মনোযোগ সহকাৰে শুনা, যিদিনা এজন ঘোষণাকাৰীয়ে নিকটৱৰ্তী স্থানৰ পৰা আহ্বান কৰিব

    [42] সেইদিনা সিহঁতে সঁচাকৈয়ে শুনিবলৈ পাব বিকট চিঞঁৰ, সেই দিনটোৱেই পুনৰুত্থানৰ দিন।

    [43] নিশ্চয় আমিয়েই জীৱন দান কৰো আৰু আমিয়েই মৃত্যু ঘটাওঁ, আৰু আমাৰ ফালেই (সকলোৰে) প্ৰত্যাৱৰ্তন।

    [44] যিদিনা সিহঁতৰ পৰা পৃথিৱীখন বিদীৰ্ণ হ’ব, আৰু মানুহে খৰধৰকৈ লৰ মাৰিব, এইটোৱে এনেকুৱা এটা সমাবেশ যিটো আমাৰ বাবে অতি সহজ।

    [45] সিহঁতে যি কয় সেয়া আমি ভালকৈয়ে জানো, আৰু সিহঁতক বাধ্য কৰোৱা তোমাৰ কাম নহয়; সেয়ে যিয়ে আমাৰ শাস্তিক ভয় কৰে তাক তুমি কোৰআনৰ সহায়ত উপদেশ দিয়া।

    Surah 51
    আজ-জারিয়াত

    [1] শপত ধূলি উৰুৱাই নিয়া বতাহৰ

    [2] তাৰ পিছত পানীৰ বোজা বহনকাৰী মেঘমালাৰ

    [3] তাৰ পিছত মৃদুগতিত বৈ যোৱা নৌযানসমূহৰ

    [4] তাৰ পিছত (আল্লাহৰ) নিৰ্দেশ বন্টনকাৰী ফিৰিস্তাসকলৰ

    [5] তোমালোকক দিয়া প্ৰতিশ্ৰুতি অৱশ্যে সত্য।

    [6] নিশ্চয় প্ৰতিদান দিৱস অৱশ্যম্ভাৱী।

    [7] শপত বহু পথ বিশিষ্ট আকাশৰ

    [8] নিশ্চয় তোমালোক পৰস্পৰ বিৰোধী কথাত লিপ্ত।

    [9] বিৰত ৰখা হয় তাৰ পৰা যিয়ে বিৰত থাকে।

    [10] মিছলীয়াসকল ধ্বংস হওঁক

    [11] যিসকল সন্দেহ-সংশয়ত নিপতিত, উদাসীন।

    [12] সিহঁতে সোধে, ‘প্ৰতিদান দিৱস কেতিয়া হ’ব’

    [13] ‘যিদিনা সিহঁতক জুইত শাস্তি দিয়া হ’ব’।

    [14] কোৱা হ’ব, ‘তোমালোকে তোমালোকৰ শাস্তি ভোগ কৰা, ইয়াৰ বাবেই তোমালোকে খৰধৰ কৰিছিলা’।

    [15] নিশ্চয় মুত্তাক্বীসকল থাকিব জান্নাতসমূহত আৰু নিজৰা প্ৰবাহিত স্থানত

    [16] তেওঁলোকৰৰ প্ৰতিপালকে তেওঁলোকক যি দান কৰিব সেয়া তেওঁলোকে আনন্দচিত্তে গ্ৰহণ কৰিব; নিশ্চয় ইতিপূৰ্বে এওঁলোক আছিল সৎকৰ্মশীল

    [17] ৰাতিৰ অতি কম সময় তেওঁলোকে টোপনীত কটাইছিল

    [18] আৰু ৰাতিৰ শেষ প্ৰহৰত তেওঁলোকে ক্ষমা প্ৰাৰ্থনা কৰিছিল

    [19] আৰু তেওঁলোকৰ ধন-সম্পদত আছিল ভিখাৰী আৰু বঞ্চিতসকলৰ হক।

    [20] আৰু সুনিশ্চিত বিশ্বাসীসকলৰ বাবে পৃথিৱীত বহুতো নিদৰ্শন আছে

    [21] আৰু তোমালোকৰ নিজৰ মাজতো আছে। তোমালোকে লক্ষ্য নকৰা নেকি

    [22] আৰু আকাশত আছে তোমালোকৰ জীৱিকা আৰু প্ৰতিশ্ৰুতি দিয়া সকলো বস্তু।

    [23] এতেকে আকাশ আৰু পৃথিৱীৰ প্ৰতিপালকৰ শপত! নিশ্চয় এইটো পৰম সত্য যেনেকৈ তোমালোকৰ কথা কোৱাটো সত্য।

    [24] ইব্ৰাহীমৰ সন্মানিত অতিথিৰ বৃত্তান্ত তোমাৰ ওচৰত আহিছেনে

    [25] যেতিয়া তেওঁলোকে তেওঁৰ ওচৰত আহিলে আৰু ক'লে, ‘ছালাম’, উত্তৰত তেৱোঁ ক'লে ‘ছালাম’। এওঁলোক দেখুন অচিনাকি।

    [26] তাৰ পিছত তেওঁ দ্ৰুতভাৱে গোপনে নিজ গৃহিণীৰ ওচৰলৈ গ’ল আৰু এটা স্বাস্থবান গো-পোৱালী (ভজা) লৈ উপস্থিত গ’ল

    [27] তাৰ পিছত তেওঁ সেইটো তেওঁলোকৰ সন্মুখত ৰাখি ক’লে, ‘আপোনালোকে নাখায় নেকি’

    [28] ফলত তেওঁলোকৰ বিষয়ে তেওঁৰ মনত ভীতিৰ সঞ্চাৰ হ’ল। তেওঁলোকে ক’লে, ‘ভয় নকৰিব’; আৰু তেওঁলোকে তেওঁক এজন জ্ঞানী পুত্ৰ সন্তানৰ সুসংবাদ দিলে।

    [29] তেতিয়া তেওঁৰ স্ত্ৰী চিঞঁৰি চিঞঁৰি আগুৱাই আহিলে আৰু নিজৰে মুখত থপৰিয়াই ক’লে, বৃদ্ধা-বন্ধ্যা (ৰ সন্তান হ’ব?)।

    [30] তেওঁলোকে ক’লে, ‘তোমাৰ প্ৰতিপালকে এইটোৱে কৈছে; নিশ্চয় তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ’।

    [31] ইব্ৰাহীমে ক’লে, ‘হে প্ৰেৰিত ফিৰিস্তাসকল! তোমালোকৰ বিশেষ কাম কি’

    [32] তেওঁলোকে ক’লে, ‘নিশ্চয় আমি এটা অপৰাধী সম্প্ৰদায়ৰ প্ৰতি প্ৰেৰিত হৈছো’।

    [33] সিহঁতৰ ওপৰত পকা মাটিৰ টুকুৰা নিক্ষেপ কৰিবলৈ

    [34] যিটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা চিহ্নিত সীমালঙ্ঘনকাৰীসকলৰ বাবে।

    [35] আৰু তাত যিসকল মুমিন আছিল আমি সিহঁতক উলিয়াই আনিছো।

    [36] কিন্তু আমি তাত এটা পৰিয়ালৰ বাহিৰে আন কোনো মুছলিম পোৱা নাই।

    [37] আৰু যিসকলে যন্ত্ৰণাদায়ক শাস্তিক ভয় কৰে আমি সিহঁতৰ বাবে তাত এটা নিদৰ্শন থৈ আহিছো।

    [38] আৰু মূছাৰ কাহিনীতো নিদৰ্শন আছে, যেতিয়া আমি তেওঁক সুস্পষ্ট প্ৰমাণসহ ফিৰআউনৰ ওচৰত পঠিয়াইছিলো

    [39] কিন্তু সি ক্ষমতাৰ অহংকাৰত মুখ ঘূৰাই ল’লে আৰু ক’লে, ‘এওঁ এজন যাদুকৰ নহ’লে উন্মাদ’।

    [40] ফলত আমি তাক আৰু তাৰ সৈন্য বাহিনীক শাস্তি বিহিলো আৰু সিহঁতক সাগৰত নিক্ষেপ কৰিলো আৰু সি আছিল তিৰস্কৃত।

    [41] আৰু নিদৰ্শন আছে আদ সম্প্ৰদায়ৰ ঘটনাতো, (স্মৰণ কৰা) যেতিয়া আমি সিহঁতৰ বিৰুদ্ধে অকল্যাণকৰ বতাহ প্ৰেৰণ কৰিছিলো

    [42] সেই বতাহজাক একোৱে এৰা নাছিল, যাৰ ওপৰেদি গৈছিল তাক চূৰ্ণ-বিচূৰ্ণ কৰি গৈছিল।

    [43] আৰু নিদৰ্শন আছে ছামূদ সম্প্ৰদায়ৰ ঘটনাতো, যেতিয়া সিহঁতক কোৱা হৈছিল, ‘এটা নিৰ্দিষ্ট সময় লৈকে ভোগ কৰি লোৱা’।

    [44] কিন্তু সিহঁতে সিহঁতৰ প্ৰতিপালকৰ আদেশ মানিবলৈ অহংকাৰ কৰিলে; ফলত সিহঁত চাই থকা অৱস্থাতে সিহঁতক বজ্ৰপাতে ধৰিলে।

    [45] ফলত সিহঁতে থিয় হ’বলৈকেও সক্ষম নহ’ল আৰু প্ৰতিৰোধো কৰিব নোৱাৰিলে।

    [46] আৰু (ধ্বংস কৰিছিলো) ইয়াৰ আগত নূহৰ সম্প্ৰদায়ক, নিশ্চয় সিহঁত আছিল ফাছিক্ব সম্প্ৰদায়।

    [47] আৰু আমি আমাৰ ক্ষমতাৰ বলত আকাশ নিৰ্মাণ কৰিছো আৰু নিশ্চয় আমি মহাসম্প্ৰসাৰণকাৰী।

    [48] আৰু আমি পৃথিৱীখনক পাৰি দিছো, (চোৱাচোন, আমি) কিমান সুন্দৰ ব্যৱস্থাপনাকাৰী

    [49] আৰু আমি প্ৰতিটো বস্তু যোৰা যোৰা সৃষ্টি কৰিছো, যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।

    [50] এতেকে তোমালোকে আল্লাহৰ ফালে ধাৱিত হোৱা, নিশ্চয় মই কেৱল তেওঁৰ তৰফৰ পৰা এজন স্পষ্ট সতৰ্ককাৰী।

    [51] আৰু তোমালোকে আল্লাহৰ লগত আন কোনো ইলাহ নিৰ্ধাৰণ নকৰিবা; নিশ্চয় মই কেৱল তেওঁৰ তৰফৰ পৰা এজন স্পষ্ট সতৰ্ককাৰী।

    [52] এইদৰে সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ মাজত যেতিয়াই কোনো ৰাছুল আহিছে, সিহঁতেই কৈছে, ‘এওঁ এজন যাদুকৰ নহ’লে উন্মাদ’।

    [53] সিহঁতে ইজনে সিজনক এই বিষয়ে অছিয়ত কৰিছে নেকি? বৰং সিহঁত সীমালঙ্ঘনকাৰী সম্প্ৰদায়।

    [54] এতেকে তুমি সিহঁতক উপেক্ষা কৰা, তোমাৰ কোনো দোষ নহ’ব।

    [55] আৰু তুমি উপদেশ দি থাকা, কাৰণ নিশ্চয় উপদেশ মুমিনসকলৰ উপকাৰত আহে।

    [56] আৰু মই জিন আৰু মানুহক কেৱল এই বাবেই সৃষ্টি কৰিছো যে, সিহঁত কেৱল মোৰেই ইবাদত কৰিব।

    [57] মই সিহঁতৰ পৰা কোনো জীৱিকা নিবিচাৰো আৰু মই এইটোও নিবিচাৰো যে, সিহঁতে মোক খুৱাব।

    [58] নিশ্চয় আল্লাহেই জীৱিকাদাতা, প্ৰবল শক্তিধৰ, পৰাক্ৰমশালী।

    [59] এতেকে যিহঁতে অন্যায় কৰিছে সিহঁতৰ বাবে আছে সিহঁতৰ সমমতালম্বীসকলৰ দৰে প্ৰাপ্য (শাস্তি); গতিকে সিহঁতে খৰখেদা কৰিব নালাগে।

    [60] এতেকে যিহঁতে কুফৰী কৰিছে সিহঁতৰ বাবে সেইদিনৰ ধ্বংস, যি দিনটোৰ বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছে।

    Surah 52
    আত-তুর

    [1] শপত তুৰ পৰ্বতৰ

    [2] শপত কিতাবৰ যিটো লিপিবদ্ধ আছে

    [3] উন্মুক্ত পাতত।

    [4] শপত আবাদ গৃহৰ

    [5] শপত সুউচ্চ চাদৰ

    [6] শপত তৰঙ্গ-বিক্ষুব্ধ উত্তাল সাগৰৰ

    [7] নিশ্চয় তোমাৰ প্ৰতিপালকৰ শাস্তি অৱশ্যম্ভাৱী

    [8] ইয়াৰ প্ৰতিৰোধকাৰী কোনো নাই।

    [9] যিদিনা প্ৰবলভাৱে আকাশখন প্ৰকম্পিত হ’ব

    [10] আৰু পৰ্বতসমূহ দ্ৰুতগতিত পৰিভ্ৰমণ কৰিব

    [11] এতেকে সৰ্বনাশ সেইদিন অস্বীকাৰকাৰীসকলৰ বাবে

    [12] যিহঁতে খেল-ধেমালিৰ ছলনাৰে অসাৰ কৰ্মত লিপ্ত থাকে।

    [13] সেইদিনা সিহঁতক জাহান্নামৰ জুইৰ ফালে ঠেলি-হেচি লৈ যোৱা হ’ব

    [14] ‘এইটোৱে সেই জাহান্নাম যাক তোমালোকে অস্বীকাৰ কৰিছিলা’।

    [15] এইটো যাদু নেকি? নে তোমালোকে দেখা নোপোৱা

    [16] তোমালোকে জুইত প্ৰৱেশ কৰা, তাৰ পিছত তোমালোকে ধৈৰ্য ধাৰণ কৰা বা নকৰা উভয়েই তোমালোকৰ বাবে সমান। তোমালোকে যি কৰিছিলা তাৰেই প্ৰতিফল তোমালোকক দিয়া হৈছে।

    [17] নিশ্চয় মুত্তাক্বীসকল থাকিব জান্নাতত আৰু প্ৰাচুৰ্যৰ ভিতৰত

    [18] তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক যি প্ৰদান কৰিছে সেয়া তেওঁলোকে উপভোগ কৰিব আৰু তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক ৰক্ষা কৰিব জ্বলন্ত অগ্নিৰ শাস্তিৰ পৰা

    [19] ‘তোমালোকে যি আমল কৰিছিলা তাৰ বিনিময়ত তোমালোকে তৃপ্তি সহকাৰে খোৱা আৰু পান কৰা’।

    [20] তেওঁলোকে শ্ৰেণীবদ্ধভাৱে সুসজ্জিত আসনত আউজী বহিব; আৰু আমি তেওঁলোকৰ মিলন ঘটাম মৃগনয়নী ডাঙৰ চকু বিশিষ্টা হুৰৰ লগত

    [21] আৰু যিসকলে ঈমান আনিছে আৰু তেওঁলোকৰ সন্তান-সন্ততিও ঈমানত তেওঁলোকৰ অনুগামী হৈছে, আমি তেওঁলোকৰ লগত তেওঁলোকৰ সন্তান-সন্ততিক একত্ৰিত কৰিম, আৰু তেওঁলোকৰ কৰ্মফল আমি অলপো হ্ৰাস নকৰিম; প্ৰত্যেক ব্যক্তিয়েই নিজ কৃতকৰ্মৰ বাবে দায়ী।

    [22] আৰু আমি তেওঁলোকক অতিৰিক্ত প্ৰদান কৰিম ফল-মূল আৰু মাংস যিটো তেওঁলোকে কামনা কৰিব।

    [23] তাত তেওঁলোকে পৰস্পৰে পানপাত্ৰ আদান-প্ৰদান কৰিব, তাত কোনো নিৰৰ্থক কথা-বতৰা নাথাকিব আৰু কোনো পাপ কামও নাথাকিব।

    [24] আৰু তাত তেওঁলোকৰ সেৱাত চাৰিওফালে ঘুৰি থাকিব কিশোৰসকলৰ দল; সিহঁত দেখাত যেন সুৰক্ষিত মুকুতা।

    [25] আৰু তেওঁলোকে ইজনে সিজনৰ ফালে চাই সুধিব

    [26] তেওঁলোকে ক’ব, ‘নিশ্চয় আমি ইতি পূৰ্বে আমাৰ পৰিয়াল বৰ্গৰ মাজত শঙ্কিত অৱস্থাত আছিলো’।

    [27] তাৰ পিছত আল্লাহে আমাৰ প্ৰতি অনুগ্ৰহ কৰিছে আৰু আমাক জুইৰ শাস্তিৰ পৰা ৰক্ষা কৰিছে।

    [28] নিশ্চয় আমি আগতেও তেওঁকেই আহ্বান কৰিছিলো; নিশ্চয় তেওঁ কৃপাময়, পৰম দয়ালু।

    [29] এতেকে তুমি উপদেশ দি থাকা, কাৰণ তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহত তুমি গণকো নহয় আৰু উন্মাদো নহয়।

    [30] সিহঁতে কয় নেকি যে, এওঁ (মুহাম্মদ) এজন কবি? আমি তাৰ মৃত্যুৰ প্ৰতীক্ষা কৰিছো।

    [31] কোৱা, ‘তোমালোকে অপেক্ষা কৰা, ময়ো তোমালোকৰ লগত প্ৰতীক্ষাকাৰীসকলৰ অন্তৰ্ভূক্ত হ’লো’।

    [32] সিহঁতৰ বিবেক-বুদ্ধিয়ে সিহঁতক এই আদেশ দিয়ে নেকি? নে সিহঁত সীমালঙ্ঘনকাৰী সম্প্ৰদায়

    [33] নে সিহঁতে কয়, ‘এই কোৰআন এওঁ নিজেই ৰচনা কৰিছে’? বৰং সিহঁত ঈমান নানিব।

    [34] তেন্তে সিহঁতে যদি সত্যবাদী, তেতিয়াহ’লে সিহঁতে ইয়াৰ দৰে কোনো বাণী লৈ আহকচোন

    [35] সিহঁতে স্ৰষ্টাবিহীন সৃষ্টি হৈছে নেকি, নে সিহঁত নিজেই স্ৰষ্টা

    [36] নে সিহঁতে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে? বৰং সিহঁতে দৃঢ় বিশ্বাস নকৰে।

    [37] তোমাৰ প্ৰতিপালকৰ গোপন ভাণ্ডাৰ সিহঁতৰ ওচৰতে নেকি, নে সিহঁতেই সকলো বস্তুৰ নিয়ন্ত্ৰণকাৰী

    [38] নে সিহঁতৰ ওচৰত মৈ আছে, য’ত আৰোহণ কৰি সিহঁতে (উৰ্দ্ধজগতৰ কথা) শুনিবলৈ পায়? তেন্তে সিহঁতে শুনা সেই স্পষ্ট প্ৰমাণটো লৈ আহকচোন

    [39] নে কন্যা সন্তান তেওঁৰ বাবে; আৰু পুত্ৰ সন্তান তোমালোকৰ বাবে

    [40] তুমি সিহঁতৰ ওচৰত প্ৰতিদান বিচৰা নেকি যে, সিহঁতে ইয়াক এটা দুৰ্বহ বোজা বুলি ভাবে

    [41] নে সিহঁতৰ ওচৰত অদৃশ্যৰ জ্ঞান আছে, যিটো সিহঁতে লিখে

    [42] নে সিহঁতে কোনো ষড়যন্ত্ৰ কৰিব বিচাৰে? এতেকে যিহঁতে কুফৰী কৰে সিহঁতেই হ’ব ষড়যন্ত্ৰৰ চিকাৰ।

    [43] নে আল্লাহৰ বাহিৰে সিহঁতৰ কোনো ইলাহ আছে? সিহঁতে যি শ্বিৰ্ক কৰে তাৰ পৰা আল্লাহ পৱিত্ৰ।

    [44] আৰু আকাশৰ কোনো টুকুৰা ভাঙি পৰা দেখিলেও সিহঁতে ক’ব, ‘এইটো এটা পুঞ্জিভূত মেঘ’।

    [45] এতেকে সিহঁতক এৰি দিয়া সেইদিন পৰ্যন্ত, যিদিনা সিহঁত বজ্ৰাঘাতত আক্ৰান্ত হ’ব।

    [46] সেইদিনা সিহঁতৰ ষড়যন্ত্ৰ কোনো কামত নাহিব আৰু সিহঁতক সহায়ও কৰা নহ’ব।

    [47] আৰু নিশ্চয় যিহঁতে অন্যায় কৰিছে সিহঁতৰ বাবে আছে ইয়াৰ বাহিৰেও আৰু শাস্তি। কিন্তু সিহঁতৰ অধিকাংশই এই কথা নাজানে।

    [48] আৰু তুমি তোমাৰ প্ৰতিপালকৰ সিদ্ধান্তৰ ওপৰত ধৈৰ্য ধাৰণ কৰা; কাৰণ তুমি আমাৰ চুকুৰ সন্মুখতে আছা। তুমি তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা যেতিয়া তুমি থিয় হোৱা।

    [49] আৰু তেওঁৰ পৱিত্ৰতা ঘোষণা কৰা নিশাৰ ভাগত আৰু তৰাবোৰ অস্তমিত হোৱাৰ পিছত।

    Surah 53
    আন-নাজম

    [1] শপত নক্ষত্ৰৰ, যেতিয়া ই অস্তমিত হয়

    [2] তোমালোকৰ সঙ্গী বিভ্ৰান্ত হোৱা নাই, আৰু বিপথগামীও নহয়

    [3] আৰু তেওঁ মনে সজা কথা নকয়।

    [4] এয়া কেৱল অহী, যিটো তেওঁৰ প্ৰতি অহীৰূপে প্ৰেৰণ কৰা হয়

    [5] তেওঁক শিক্ষা দিছে প্ৰবল শক্তিধৰ

    [6] সৌন্দৰ্যপূৰ্ণ সত্তা। তাৰ পিছত তেওঁ স্থিৰ হৈছিল

    [7] আৰু তেওঁ আছিল ঊৰ্দ্ধদিগন্তত

    [8] তাৰ পিছত তেওঁ নিকটৱৰ্তী হ’ল, এতেকে নিকটৱৰ্তী আহিল

    [9] ফলত তেওঁৰ মাজত দুখন ধেনুৰ দুৰত্ব ৰ’ল, অথবা তাতোকৈ কম।

    [10] তেতিয়া আল্লাহে তেওঁৰ বান্দাৰ প্ৰতি যি অহী কৰিবলগীয়া সেয়া অহী কৰিলে।

    [11] যি তেওঁ দেখিছে, তেওঁৰ অন্তৰে সেই সম্পৰ্কে মিছা কোৱা নাই

    [12] তেওঁ যি দেখিছে, সেই সম্পৰ্কে তোমালোকে তেওঁৰ লগত বিতৰ্ক কৰিবা নেকি

    [13] আৰু নিশ্চয় তেওঁ তেওঁক আৰু এবাৰ দেখিছিল।

    [14] ছিদৰাতুল মুনতাহাৰ ওচৰত

    [15] যাৰ ওচৰত জান্নাতুল মা’ওৱা অৱস্থিত।

    [16] যেতিয়া ছিদৰাই যি আচ্ছাদিত কৰাৰ সেয়া আচ্ছাদিত কৰিছিল

    [17] তেওঁৰ দৃষ্টি বিভ্ৰম হোৱা নাই, আৰু সীমাও অতিক্ৰম কৰা নাই।

    [18] নিশ্চয় তেওঁ নিজ প্ৰতিপালকৰ মহান নিদৰ্শনাৱলীৰ কিছুমান দেখিছিল

    [19] এতেকে তোমালোকে লাত আৰু উজ্ঝা সম্পৰ্কে কি কোৱা

    [20] আৰু তৃতীয় আন এটা মানাত সম্পৰ্কে

    [21] এয়া কি কথা, তোমালোকৰ বাবে পুত্ৰ আৰু আৰু আল্লাহৰ বাবে কন্যা সন্তান

    [22] তেনেহ’লে এয়া এটা অসঙ্গত বন্টন।

    [23] এইবোৰ কিছুমান নামৰ বাহিৰে আন একো নহয়, যিবোৰ নাম তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে ৰাখিছে, যাৰ সমৰ্থনত আল্লাহে কোনো দলীল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই। সিহঁতে কেৱল অনুমান আৰু নিজৰ প্ৰবৃত্তিৰেই অনুসৰণ কৰে, অথচ সিহঁতৰ ওচৰত সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা হিদায়ত আহিছে।

    [24] মানুহে যি বিচাৰে সেইটোৱে সি পায় নে

    [25] প্ৰকৃততে আখিৰাত আৰু দুনিয়া আল্লাহৰেই।

    [26] আৰু আকাশসমূহত অসংখ্য ফিৰিস্তা আছে, সিহঁতৰ মধ্যস্থতা কোনো কামত নাহিব, কিন্তু আল্লাহে যাক ইচ্ছা কৰে আৰু যাৰ প্ৰতি তেওঁ সন্তুষ্ট হয় তাৰ বাবে অনুমতি দিয়াৰ পিছত।

    [27] নিশ্চয় যিহঁতে আখিৰাতক বিশ্বাস নকৰে, সিহঁতেই ফিৰিস্তাসকলক নাৰীবাচক নামেৰে নামকৰণ কৰে

    [28] অথচ এই বিষয়ে সিহঁতৰ কোনো জ্ঞানেই নাই। সিহঁত কেৱল অনুমানৰ অনুসৰণ কৰে; আৰু নিশ্চয় অনুমান সত্যৰ মুকাবিলাত কোনো কামত নাহে।

    [29] এতেকে তুমি সেই ব্যক্তিক উপেক্ষা কৰা, যিয়ে আমাৰ স্মৰণৰ পৰা বিমুখ হয় আৰু অকল পৃথিৱীৰ জীৱনকেই কামনা কৰে।

    [30] এইটোৱে সিহঁতৰ জ্ঞানৰ শেষ সীমা। নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই আটাইতকৈ ভাল জানে কোন তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে আৰু তেৱেঁই ভাল জানে কোন হিদায়তপ্ৰাপ্ত হৈছে।

    [31] আৰু আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো আল্লাহৰেই। যাতে তেওঁ সিহঁতৰ কামৰ প্ৰতিফল দিব পাৰে যিহঁতে বেয়া কাম কৰে আৰু যাতে সেইসকল লোকক উত্তম পুৰষ্কাৰ দিব পাৰে যিসকলে সৎকৰ্ম কৰে

    [32] যিসকলে সৰু-সুৰা দোষ-ত্ৰুটিৰ বাহিৰে ডাঙৰ ডাঙৰ পাপ আৰু অশ্লীল কাৰ্যকলাপৰ পৰা বিৰত থাকে। নিশ্চয় তোমাৰ প্ৰতিপালকৰ ক্ষমা অপৰিসীম; তেওঁ তোমালোকৰ বিষয়ে সম্যক অৱগত—(স্মৰণ কৰা) যেতিয়া তেওঁ তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছিল আৰু যেতিয়া তোমালোক মাতৃগৰ্ভত ভ্ৰুণৰূপে আছিলা। এতেকে তোমালোকে আত্মপ্ৰশংসা নকৰিবা, কোনে তাক্বৱা অৱলম্বন কৰিছে সেই বিষয়ে তেৱেঁই সম্যক অৱগত।

    [33] তুমি সেই ব্যক্তিক দেখিছানে, যিয়ে মুখ ঘূৰাই লৈছে

    [34] আৰু কিঞ্চিত দান কৰিলে আৰু বন্ধ কৰি দিলে

    [35] তাৰ ওচৰত কিবা গায়েবৰ জ্ঞান আছে নেকি, যিটো সি প্ৰত্যক্ষ কৰে

    [36] নে মূছাৰ ছহীফাত যি আছে, সেই সম্পৰ্কে তাক অৱহীত কৰা হোৱা নাই

    [37] আৰু ইব্ৰাহীমৰ ছহীফাত, যিজনে পূৰ্ণ কৰিছিল (তেওঁৰ অঙ্গীকাৰ)

    [38] সেয়া হৈছে যে, কোনো বোজা বহনকাৰীয়ে আনৰ বোজা বহন নকৰিব

    [39] আৰু এই যে, মানুহে সেইটোৱে পায়, যিটো সি চেষ্টা কৰে

    [40] আৰু তাৰ প্ৰচেষ্টাৰ ফল অতিশীঘ্ৰেই দেখুৱা হ’ব

    [41] তাৰ পিছত তাক পূৰ্ণ প্ৰতিফল প্ৰদান কৰা হ’ব

    [42] আৰু নিশ্চয় তোমাৰ প্ৰতিপালকৰ ওচৰতেই হৈছে শেষ গন্তব্য

    [43] আৰু নিশ্চয় তেৱেঁই হহুৱায় আৰু তেৱেঁই কন্দুৱায়

    [44] আৰু নিশ্চয় তেৱেঁই মৃত্যু প্ৰদান কৰে আৰু তেৱেঁই জীৱন দান দিয়ে

    [45] আৰু নিশ্চয় তেৱেঁই সৃষ্টি কৰিছে যোৰ-যোৰকৈ পুৰুষ আৰু নাৰী

    [46] শুক্ৰবিন্দুৰ পৰা, যেতিয়া ই স্খলিত হয়

    [47] আৰু নিশ্চয় পুনৰুত্থান ঘটোৱাৰ দায়িত্বও তেওঁৰেই

    [48] আৰু নিশ্চয় তেৱেঁই অভাৱমুক্ত কৰে আৰু সম্পদ প্ৰদান কৰে

    [49] আৰু নিশ্চয় তেৱেঁই আশ্ব-শ্বি’ৰা নক্ষত্ৰৰ প্ৰতিপালক।

    [50] আৰু তেৱেঁই প্ৰাচীন ‘আদ জাতিক ধ্বংস কৰিছে

    [51] আৰু ছামূদ জাতিকো (ধ্বংস কৰিছে)। সিহঁতৰ এজনকো অৱশিষ্ট ৰখা নাই।

    [52] আৰু ইয়াৰ পূৰ্বে নূহৰ সম্প্ৰদায়কো (তেৱেঁই ধ্বংস কৰিছে)। নিশ্চয় সিহঁত আছিল অতিশয় যালিম আৰু চৰম অবাধ্য।

    [53] আৰু তেৱেঁই ওলোটাই দিয়া আবাসভূমিক নিক্ষেপ কৰিছিল

    [54] তাৰ পিছত সেইটো আচ্ছন্ন কৰিছিল যি আচ্ছন্ন কৰিবলগীয়া আছিল।

    [55] এতেকে তুমি তোমাৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ সম্পৰ্কে সন্দেহ পোষণ কৰিবা

    [56] অতীতত সতৰ্ককাৰীসকলৰ দৰেই এই নবীও এজন সতৰ্ককাৰী।

    [57] কিয়ামত নিকটৱৰ্তী।

    [58] আল্লাহৰ বাহিৰে কোনেও ইয়াক প্ৰকাশ কৰিবলৈ সক্ষম নহয়।

    [59] তোমালোকে এই কথাত বিস্ময় বোধ কৰিছা নেকি

    [60] আৰু হাঁহি-ঠাট্ৰা কৰিছা! কন্দা নাই

    [61] আৰু তোমালোকে উদাসীন

    [62] এতেকে তোমালোকে আল্লাহক ছাজদা কৰা আৰু তেওঁৰ ইবাদত কৰা।

    Surah 54
    আল-ক্বামার

    [1] কিয়ামত নিকটৱৰ্তী হৈছে আৰু চন্দ্ৰ বিদীৰ্ণ হৈছে

    [2] আৰু সিহঁতে কোনো নিদৰ্শন দেখিলে মুখ ঘূৰাই লয় আৰু কয়, ‘এয়াতো চিৰাচৰিত যাদু’।

    [3] আৰু সিহঁতে অস্বীকাৰ কৰে আৰু নিজ নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰে, অথচ প্ৰতিটো বিষয়েই শেষ লক্ষ্যত উপনীত হ’ব।

    [4] আৰু সিহঁতৰ ওচৰত সংবাদসমূহ আহি পাইছে, য’ত আছে সতৰ্কবাণী

    [5] এটা পৰিপূৰ্ণ হিকমত, কিন্তু ভীতিপ্ৰদৰ্শন সিহঁতৰ কোনো কামত আহা নাই।

    [6] এতেকে তুমি সিহঁতক উপেক্ষা কৰা। (স্মৰণ কৰা) যিদিনা আহ্বানকাৰীয়ে আহ্বান কৰিব এটা ভয়াৱহ পৰিণামৰ ফালে

    [7] অপমানিত অৱনমিত নয়নেৰে সেইদিনা সিহঁতে কবৰৰ পৰা ওলাই আহিব, এনে লাগিব যেন সিহঁত বিক্ষিপ্ত ফৰিঙহে

    [8] সিহঁতে আহ্বানকাৰীৰ ফালে ভীত-সন্ত্ৰস্ত অৱস্থাত গুচি আহিব। কাফিৰসকলে ক’ব, ‘এইটো বৰ কঠিন দিন’।

    [9] ইহঁতৰ পূৰ্বে নূহৰ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল-- এতেকে সিহঁতে আমাৰ বান্দাক অস্বীকাৰ কৰিছিল আৰু কৈছিল, ‘এওঁ এজন বলিয়া’, আৰু তেওঁক ভীতি প্ৰদৰ্শন কৰা হৈছিল।

    [10] তেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, ‘নিশ্চয় মই অসহায়, এতেকে তুমিয়েই ইয়াৰ প্ৰতিশোধ গ্ৰহণ কৰা’।

    [11] ফলত আমি ধাৰাসাৰ বৰষুণসহ আকাশৰ দুৱাৰসমূহ খুলি দিলো

    [12] আৰু মাটিৰ পৰা ঝৰ্ণাসমূহ উৎসাৰিত কৰিলো; ফলত গোটেই পানী মিলিত হ’ল এটা পৰিকল্পনা অনুসাৰে।

    [13] আৰু আমি তাক (নূহক) কাঠ আৰু পেৰেক নিৰ্মিত নৌযানত আৰোহণ কৰালো।

    [14] যিটো আমাৰ চকুৰ সন্মুখত চলিছিল, এইটো পুৰষ্কাৰ তাৰ বাবে যাক প্ৰত্যাখ্যান কৰা হৈছিল।

    [15] আৰু নিশ্চয় আমি ইয়াক নিদৰ্শনৰূপে ৰাখি দিছো; এতেকে আছেনে কোনোবা উপদেশ গ্ৰহণকাৰী

    [16] এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনে আছিল

    [17] আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছো উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা উপদেশ গ্ৰহণকাৰী আছেনে

    [18] আদ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল, এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনে আছিল

    [19] নিশ্চয় আমি সিহঁতৰ ওপৰত পঠিয়াইছিলো প্ৰচণ্ড শীতল ধুমুহা নিৰবিচ্ছিন্ন অমঙ্গল দিনত

    [20] সেই ধুমুহাই মানুহক উৎখাত কৰিছিল, যেন সিহঁত উঘালি পৰা খেজুৰ গছৰ কাণ্ড।

    [21] এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনে আছিল

    [22] আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছো উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা উপদেশ গ্ৰহণকাৰী আছেনে

    [23] ছামূদ সম্প্ৰদায়েও সতৰ্ককাৰীসকলক অস্বীকাৰ কৰিছিল।

    [24] আৰু সিহঁতে কৈছিল, ‘আমি আমাৰ মাজৰেই এজন ব্যক্তিৰ অনুসৰণ কৰিম নেকি? এনেহ’লে আমি পথভ্ৰষ্টতাত আৰু উন্মত্ততাত পতিত হম।

    [25] আমাৰ মাজৰ পৰা এওঁৰ প্ৰতি উপদেশবাণী প্ৰেৰণ কৰা হৈছে নেকি? নহয়, সি এজন মিছলীয়া, দাম্ভিক’।

    [26] অহাকালি নিশ্চয় সিহঁতে গম পাব, কোন চৰম মিছলীয়া, দাম্ভিক।

    [27] নিশ্চয় আমি সিহঁতৰ বাবে পৰীক্ষাস্বৰূপ উট পঠাই আছো, এতেকে তুমি সিহঁতৰ বিষয়ে অপেক্ষা কৰা আৰু ধৈৰ্যধাৰণ কৰা।

    [28] আৰু সিহঁতক জনাই দিয়া যে, সিহঁতৰ মাজত পানী বন্টন সুনিৰ্দিষ্ট। প্ৰত্যেকেই নিজৰ পাল মতে পানীৰ অংশত উপস্থিত হ’ব।

    [29] তাৰ পিছত সিহঁতে সিহঁতৰ সঙ্গীক মাতি আনিলে আৰু সি উটজনীক ধৰি হত্যা কৰিলে।

    [30] এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনে আছিল

    [31] নিশ্চয় আমি সিহঁতৰ প্ৰতি পঠিয়াইছিলো এটা প্ৰচণ্ড শব্দ, ফলত সিহঁত গোহালী সজা শুকান খণ্ডিত খৰিৰ দৰে হৈ গ’ল।

    [32] আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছো উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা উপদেশ গ্ৰহণকাৰী আছেনে

    [33] লূত সম্প্ৰদায়েও সতৰ্ককাৰীসকলক অস্বীকাৰ কৰিছিল।

    [34] নিশ্চয় আমি সিহঁতৰ ওপৰত শীল বহনকাৰী প্ৰচণ্ড ধুমুহা পঠিয়াইছিলো, কেৱল লূত পৰিয়ালৰ বাহিৰে; তেওঁলোকক আমি উদ্ধাৰ কৰিছিলো ৰাতিৰ শেষাংশত

    [35] আমাৰ ফালৰ পৰা অনুগ্ৰহস্বৰূপ। যিয়ে কৃতজ্ঞতা প্ৰকাশ কৰে, আমি তাক এনেকৈয়ে প্ৰতিদান দিওঁ।

    [36] আৰু নিশ্চয় লূতে সিহঁতক আমাৰ কঠিন শাস্তিৰ পৰা সতৰ্ক কৰিছিল, তথাপিও সিহঁতে সাৱধান বাণী সম্পৰ্কে সন্দেহ পোষণ কৰিছিল।

    [37] আৰু নিশ্চয় সিহঁতে লূতৰ পৰা তেওঁৰ অতিথিসকলৰ পৰা অসৎ উদ্দেশ্য দাবী কৰিলে, তেতিয়া আমি সিহঁতৰ দৃষ্টি লোপ কৰি দিলো (আৰু ক’লো), মোৰ শাস্তি আৰু সাৱধান বাণীৰ সোৱাদ লোৱা।

    [38] আৰু নিশ্চয় পুৱা দোকমুকালিতে সিহঁতৰ ওপৰত বিৰামহীন শাস্তি নামি আহিছিল।

    [39] ‘এতেকে মোৰ শাস্তি আৰু সাৱধান বাণীৰ পৰিণাম ভোগ কৰা’।

    [40] আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছো উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা উপদেশ গ্ৰহণকাৰী আছেনে

    [41] আৰু নিশ্চয় ফিৰআউন গোষ্ঠিৰ ওচৰতো সতৰ্ককাৰী আহিছিল

    [42] সিহঁতে আমাৰ সকলো নিদৰ্শনকে অস্বীকাৰ কৰিলে, এতেকে আমি মহাপৰাক্ৰমশালী আৰু সৰ্বশক্তিমানৰূপে সিহঁতক ধৰিলো।

    [43] তোমালোকৰ মাজৰ কাফিৰসকল সেইসকল কাফিৰতকৈ উত্তম নেকি? নে তোমালোকৰ বাবে পূৰ্বৱৰ্তী কিতাবত কোনো মুক্তিৰ ঘোষণা আছে

    [44] নে সিহঁতে কয়, ‘আমি সংঘবদ্ধ অপৰাজয় দল’

    [45] এই দল অনতিপলমে পৰাজিত হ’ব আৰু পিঠ দেখুৱাই পলায়ন কৰিব

    [46] বৰং কিয়ামত সিহঁতৰ শাস্তিৰ নিৰ্ধাৰিত সময়; আৰু কিয়ামত হৈছে অতি ভয়াৱহ আৰু তিক্তকৰ

    [47] নিশ্চয় অপৰাধীসকল বিভ্ৰান্তি আৰু শাস্তিত আছে।

    [48] যিদিনা সিহঁতক নাক চোঁচৰাই টানি জাহান্নামত লৈ যোৱা হ’ব (সেই দিনা কোৱা হ’ব) ‘এতিয়া জাহান্নামৰ স্পৰ্শ ভোগ কৰা’।

    [49] নিশ্চয় আমি প্ৰতিটো বস্তু এটা নিৰ্ধাৰিত পৰিমাপত সৃষ্টি কৰিছো।

    [50] আৰু আমাৰ আদেশ কেৱল এটা কথা, চকুৰ পলকৰ দৰে।

    [51] আৰু আমি তোমালোকৰ দৰে বহুতকে ধ্বংস কৰিছো; এতেকে উপদেশ গ্ৰহণকাৰী কোনোবা আছেনে

    [52] আৰু সিহঁতে যি কৰিছে, সেই সকলো ‘আমলনামাত’ (লিপিবদ্ধ) আছে

    [53] আৰু সকলো সৰু-বৰ কথা লিখিত আছে।

    [54] নিশ্চয় মুত্তাক্বীসকল থাকিব বাগ-বাগিচা আৰু নিজৰাসমূহৰ মাজত

    [55] যথাযোগ্য আসনত, সৰ্বশক্তিমান মহা অধিপতি (আল্লাহ)ৰ সান্নিধ্যত।

    Surah 55
    আর-রহমান

    [1] আৰ-ৰাহমান, (দয়াময় আল্লাহ)

    [2] তেৱেঁই শিক্ষা দিছে কোৰআন

    [3] তেৱেঁই সৃষ্টি কৰিছে মানুহ

    [4] তেৱেঁই তাক ভাষা শিকাইছে

    [5] সূৰ্য আৰু চন্দ্ৰ নিৰ্ধাৰিত হিচাপ অনুযায়ী আৱৰ্তন কৰে

    [6] আৰু তৃণলতা আৰু বৃক্ষাদিয়ে ছাজদা কৰে

    [7] আৰু তেৱেঁই আকাশখনক সমুন্নত কৰিছে আৰু স্থাপন কৰিছে তুলাচনী

    [8] যাতে তোমালোকে জোখ-মাখত সীমালঙ্ঘন নকৰা।

    [9] আৰু তোমালোকে ন্যায়সঙ্গতভাৱে ওজন প্ৰতিষ্ঠা কৰা আৰু ওজনকৃত বস্তু কম নিদিবা।

    [10] আৰু পৃথিৱীখনক তেওঁ সৃষ্টি জীৱৰ বাবে স্থাপন কৰিছে

    [11] য’ত আছে ফল-মূল আৰু খেজুৰ গছ, যাৰ ফল আৱৰণমূক্ত

    [12] আৰু আছে বাকলিযুক্ত দানা আৰু সুগন্ধিযুক্ত ফুল।

    [13] এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

    [14] তেৱেঁই মানুহক সৃষ্টি কৰিছে পানী মিশ্ৰিত শুকান মাটিৰ পৰা যিটো পোৰা মাটিৰ দৰে

    [15] আৰু তেৱেঁই জিনক সৃষ্টি কৰিছে ধোঁৱাবিহীন অগ্নিশিখাৰ পৰা।

    [16] এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

    [17] তেৱেঁই দুই উদয়াচল আৰু দুই অস্তাচলৰ প্ৰতিপালক।

    [18] এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

    [19] তেৱেঁ দুই সাগৰক প্ৰবাহিত কৰে, উভয়ে পৰস্পৰ মিলিত হয়

    [20] কিন্তু সিহঁত উভয়ৰ মাজত আছে এটা অন্তৰাল, যিটো সিহঁতে অতিক্ৰম কৰিব নোৱাৰে।

    [21] এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

    [22] উভয় সাগৰৰ পৰা উৎপন্ন হয় মুকুতা আৰু পোৱাল।

    [23] এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

    [24] আৰু সাগৰত বিচৰণশীল পৰ্বত সদৃশ নৌযানসমূহ তেওঁৰেই (নিয়ন্ত্ৰণাধীন)

    [25] এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

    [26] ভূপৃষ্ঠত যি আছে সকলো ধ্বংসশীল

    [27] আৰু অবিনশ্বৰ কেৱল তোমাৰ প্ৰতিপালকৰ চেহাৰা, যিজন মহিমাময়, মহানুভৱ

    [28] এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

    [29] আকাশমণ্ডল আৰু পৃথিৱীত যিসকল আছে, সকলোৱে তেওঁৰ ওচৰত প্ৰাৰ্থী, তেওঁ প্ৰতিটো মুহূৰ্ত্ততে গুৰুত্বপূৰ্ণ কামত নিয়োজিত।

    [30] এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

    [31] হে মানৱ আৰু জিন! আমি অনতিপলমে তোমালোকৰ (হিচাপ-নিকাচ গ্ৰহণৰ) প্ৰতি মনোনিবেশ কৰিম।

    [32] এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

    [33] হে জিন আৰু মানৱ সম্প্ৰদায়! আকাশমণ্ডল আৰু পৃথিৱীৰ সীমা যদি তোমালোকে অতিক্ৰম কৰিব পাৰা তেন্তে অতিক্ৰম কৰা, কিন্তু তোমালোকে (আল্লাহৰ) শক্তিবিহীন অতিক্ৰম কৰিব নোৱাৰিবা।

    [34] এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

    [35] তোমালোক উভয়ৰ প্ৰতি প্ৰেৰণ কৰা হ’ব অগ্নিশিখা আৰু ধুম্ৰপুঞ্জ, তেতিয়া তোমালোকে প্ৰতিৰোধ কৰিব নোৱাৰিবা।

    [36] এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

    [37] যিদিনা আকাশ বিদীৰ্ণ হ’ব সেইদিনা ই তেজবৰ্ণ গোলাপৰ দৰে ৰঙা ছালৰ ৰূপ ধাৰণ কৰিব

    [38] এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

    [39] গতিকে সেইদিনা মানুহকো তাৰ অপৰাধ সম্পৰ্কে সোধা নহ’ব আৰু জিনকো নহয়।

    [40] এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

    [41] অপৰাধীসকলৰ পৰিচয় পোৱা যাব সিহঁতৰ লক্ষণৰ দ্বাৰা, তাৰ পিছত সিহঁতৰ আগচুলি আৰু ভৰিত ধৰি টানি নিয়া হ’ব।

    [42] এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

    [43] এইটোৱেই সেই জাহান্নাম, যাক অপৰাধীসকলে অস্বীকাৰ কৰিছিল।

    [44] সিহঁত জাহান্নামৰ জুই আৰু উতলা পানীৰ মাজত ঘুৰি থাকিব।

    [45] এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

    [46] আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত উপস্থিত হোৱাৰ ভয় পোষণ কৰে, তাৰ বাবে আছে দুটা জান্নাত।

    [47] এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

    [48] উভয়েই বহু ফল শাখাবিশিষ্ট।

    [49] এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

    [50] উভয় জান্নাতত আছে প্ৰবাহমান দুটা নিজৰা

    [51] এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

    [52] উভয়ৰ মাজত আছে প্ৰত্যেক ফল দুই দুই প্ৰকাৰ।

    [53] এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

    [54] তাত সিহঁতে আউজি বহিব এনেকুৱা বিছনাত যাৰ অভ্যন্তৰভাগ হ'ব সিংখাপেৰে তৈৰী সুকোমল; আৰু উভয় জান্নাতৰ ফল-মূল থাকিব নিকটৱৰ্তী।

    [55] এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

    [56] তাত থাকিব স্বামীৰ প্ৰতি দৃষ্টি সীমিতকাৰী ৰূপহীসকল, যিসকলক ইতিপূৰ্বে কোনো মানুহে অথবা কোনো জিনে স্পৰ্শ কৰা নাই।

    [57] এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

    [58] সিহঁত যেনিবা হীৰা আৰু মুকুতা।

    [59] এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

    [60] উত্তম কামৰ প্ৰতিদান উত্তমৰ বাহিৰে আৰু কি হ’ব পাৰে

    [61] এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

    [62] আৰু সেই দুটা জান্নাতৰ বাহিৰেও আৰু দুটা জান্নাত আছে।

    [63] এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

    [64] জান্নাত দুটা হৈছে ঘন সেইউজীয়া।

    [65] এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

    [66] এই দুটা জান্নাতত আছে উচ্ছলিত দুটা নিজৰা।

    [67] এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

    [68] তাত আছে ফল-মূল, খেজুৰ আৰু ডালিম।

    [69] এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

    [70] সেই জান্নাতসমূহৰ মাজত আছে চৰিত্ৰৱৰ্তী, ৰূপহী ৰমণী।

    [71] এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

    [72] চামিয়ানাবোৰত সুৰক্ষিতা হৈ থাকিব হুৰসকল।

    [73] এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

    [74] যিসকলক ইতিপূৰ্বে কোনো মানুহে অথবা কোনো জিনে স্পৰ্শ কৰা নাই।

    [75] এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

    [76] সিহঁতে আউজি বহিব সেইউজীয়া দলিছা আৰু ধুনীয়া সিংখাপৰ গাদীযুক্ত আসনত।

    [77] এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

    [78] বৰকতময় তোমাৰ প্ৰতিপালকৰ নাম, যিজন মহামহিম আৰু মহানুভৱ।

    Surah 56
    আল-ওয়াক্বিয়াহ

    [1] যেতিয়া কিয়ামত সংঘটিত হ’ব

    [2] (তেতিয়া) ইয়াৰ সংঘটনৰ অস্বীকাৰকাৰী কোনো নাথাকিব।

    [3] ই কাৰোবাক অধঃপতন কৰিব, কাৰোবাক সমুন্নত কৰিব

    [4] যেতিয়া পৃথিৱী প্ৰবল প্ৰকম্পনেৰে প্ৰকম্পিত হ’ব

    [5] আৰু পৰ্বতসমূহ চূৰ্ণ-বিচূৰ্ণ হৈ পৰিব

    [6] ফলত সেইবোৰ বিক্ষিপ্ত ধূলিকণাত পৰিণত হ’ব

    [7] আৰু তোমালোকে বিভক্ত হৈ পৰিবা তিনিটা দলত

    [8] এতেকে সোঁফালৰ দল; আৰু সোঁফালৰ দলটো কিমান যে সৌভাগ্যবান

    [9] আৰু বাওঁফালৰ দল; আৰু বাওঁফালৰ দলটো কিমান যে দুৰ্ভগীয়া

    [10] আৰু অগ্ৰগামীসকলেই অগ্ৰগামী

    [11] তেওঁলোকেই সান্নিধ্যপ্ৰাপ্ত

    [12] তেওঁলোক থাকিব নিয়ামতপূৰ্ণ জান্নাতসমূহত

    [13] বহুসংখ্যক হ’ব পূৰ্বৱৰ্তীসকলৰ মাজৰ পৰা

    [14] আৰু কম সংখ্যক হ’ব পৰবৰ্তীসকলৰ মাজৰ পৰা।

    [15] সোণেৰে নিৰ্মিত আসনমূহত

    [16] সিহঁতে পৰস্পৰে মুখামুখিকৈ আউজি বহিব।

    [17] সিহঁতৰ আশে-পাশে ঘুৰিফুৰিব চিৰ কিশোৰসকলে

    [18] প্ৰবাহিত নিজৰাৰ সুৰাপূৰ্ণ পানপাত্ৰ আৰু পিয়লাবোৰ লৈ

    [19] সেই সুৰা পান কৰিলে তেওঁলোকৰ মূৰ নুঘুৰায় আৰু তেওঁলোক জ্ঞানহাৰাও নহ’ব

    [20] আৰু (ঘুৰিফুৰিব) তেওঁলোকৰ পছন্দনীয় ফল-মূল লৈ

    [21] আৰু তেওঁলোকৰ ৰুচী অনুযায়ী চৰাইৰ মাংস লৈ।

    [22] আৰু তেওঁলোকৰ বাবে থাকিব মৃগনয়নী (ডাঙৰ চকুবিশিষ্টা) হুৰ

    [23] যেনিবা সিহঁত সুৰক্ষিত মুকুতাহে

    [24] সিহঁতে যি আমল কৰিছিল তাৰ পুৰষ্কাৰস্বৰূপ।

    [25] তাত সিহঁতে কোনো অলাগতীয়াল কথা আৰু কোনো পাপবাক্য শুনিবলৈ নাপাব

    [26] শুনিব কেৱল ছালাম আৰু ছালাম।

    [27] আৰু সোঁফালৰ দল; কিমান যে ভাগ্যবান সোঁফালৰ দলটো

    [28] তেওঁলোকে থাকিব এনে উদ্যানত, য’ত আছে কাঁইটবিহীন বগৰী গছ

    [29] আৰু থোকেৰে ভৰা কল গছ

    [30] আৰু সম্প্ৰসাৰিত ছাঁ

    [31] আৰু সদায় প্ৰবাহমান পানী

    [32] আৰু প্ৰচুৰ ফল-মূল

    [33] যিবোৰ শেষ নহ'ব আৰু নিষিদ্ধও নহ’ব।

    [34] আৰু (সিহঁত থাকিব) সুউচ্চ শয্যাসমূহত

    [35] নিশ্চয় আমি সিহঁতক (হুৰসকলক) সৃষ্টি কৰিছো বিশেষৰূপত

    [36] তাৰ পিছত সিহঁতক কুমাৰী বনাইছো

    [37] নিজ স্বামীৰ প্ৰতি আসক্ত আৰু সমবয়সীয়া

    [38] সোঁফালৰ লোকসকলৰ বাবে।

    [39] সিহঁতৰ বেছিভাগেই হ'ব পূৰ্বৱৰ্তীলোকসলৰ মাজৰ পৰা

    [40] আৰু বহুসংখ্যক হ'ব পৰবৰ্তীসকলৰ মাজৰ পৰা।

    [41] আৰু বাওঁফালৰ দল, কিমান যে দুৰ্ভগীয়া বাওঁফালৰ দলটো

    [42] সিহঁত থাকিব অত্যন্ত উষ্ণ বায়ু আৰু উত্তপ্ত উতলা পানীত

    [43] আৰু অতি ক'লা ধোঁৱাৰ ছাঁত

    [44] যিটো শীতলো নহয় আৰু আৰামদায়কো নহয়।

    [45] নিশ্চয় সিহঁত ইতিপূৰ্বে ভোগ-বিলাসত মগ্ন আছিল

    [46] আৰু সিহঁত অবিৰাম লিপ্ত আছিল জঘন্য পাপ কামত।

    [47] আৰু সিহঁতে কৈছিল, ‘আমি যেতিয়া মৰি মাটি আৰু হাড়ত পৰিণত হম তেতিয়াও আমাক পুনৰুত্থিত কৰা হ’বনে’

    [48] আৰু আমাৰ পিতৃপুৰুষসকলকো (উঠোৱা হ’বনে)

    [49] কোৱা, ‘নিশ্চয় পূৰ্বৱৰ্তীসকলকো আৰু পৰবৰ্তীসকলকো

    [50] সকলোকে একত্ৰিত কৰা হ’ব এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত’।

    [51] তাৰ পিছত, হে বিভ্ৰান্ত অস্বীকাৰকাৰীসকল

    [52] নিশ্চয় আহাৰ কৰিবা যাক্কুম গছৰ পৰা

    [53] সেইটোৰেই তোমালোকে পেট ভৰাবা

    [54] তদুপৰি তাৰ ওপৰত পান কৰিবা উত্তপ্ত উতলা পানী

    [55] তাৰ পিছত তোমালোকে তৃষ্ণাতুৰ উটৰ দৰে সেই পানী পান কৰিবা।

    [56] প্ৰতিফল দিৱসত এইটোৱে হ’ব সিহঁতৰ আপ্যায়ন।

    [57] আমিয়েই তোমালোকক সৃষ্টি কৰিছো; তেনেহ’লে কিয় তোমালোকে বিশ্বাস নকৰা

    [58] তোমালোকে ভাবিছানে তোমালোকৰ বীৰ্যপাত সম্পৰ্কে

    [59] সেইটো তোমালোকে সৃষ্টি কৰা, নে আমি সৃষ্টি কৰো

    [60] আমিয়েই তোমালোকৰ মাজত মৃত্যু নিৰ্ধাৰণ কৰিছো আৰু আমি অক্ষম নহওঁ

    [61] তোমালোকৰ স্থানত তোমালোকৰ সদৃশ আনিবলৈ আৰু তোমালোকক এনে এটা আকৃতিত সৃষ্টি কৰিবলৈ যিটো তোমালোকে নাজানা।

    [62] আৰু নিশ্চয় তোমালোকে অৱগত হৈছা প্ৰথম সৃষ্টি সম্পৰ্কে, তেন্তে কিয় তোমালোকে উপদেশ গ্ৰহণ নকৰা

    [63] তোমালোকে যি বীজ সিঁচা সেই বিষয়ে তোমালোকে ভাবি চাইছানে

    [64] সেইটো তোমালোকে অংকুৰিত কৰা, নে আমি অংকুৰিত কৰো

    [65] আমি ইচ্ছা কৰিলে ইয়াক খেৰ-কুটাত পৰিণত কৰিব পাৰো, তেতিয়া তোমালোকে হতাশ হৈ পৰিবা

    [66] (এই বুলি) ‘নিশ্চয় আমি দায়গ্ৰস্ত হৈ পৰিলো’

    [67] ‘বৰং আমি বঞ্চিত হৈছো’।

    [68] তোমালোকে যি পানী পান কৰা সেই সম্পৰ্কে কোৱাচোন

    [69] মেঘৰ পৰা সেইটো তোমালোকে নমাই আনা, নে আমি সেইটো বৰ্ষণ কৰো

    [70] আমি ইচ্ছা কৰিলে সেইটো লুণীয়া কৰি দিব পাৰো। তথাপিও কিয় তোমালোকে কৃতজ্ঞতা প্ৰকাশ নকৰা

    [71] তোমালোকে যি জুই জ্বলোৱা সেই বিষয়ে কোৱাচোন

    [72] তোমালোকে ইয়াৰ গছ সৃষ্টি কৰা, নে আমি সৃষ্টি কৰো

    [73] ইয়াক আমি কৰিছো এটা স্মাৰক আৰু মৰুভুমিতবাস কৰা লোকৰ প্ৰয়োজনীয় বস্তু।

    [74] এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা।

    [75] এতেকে মই শপত কৰিছো নক্ষত্ৰৰাজিৰ অস্তাচলৰ

    [76] আৰু নিশ্চয় এইটো এটা মহাশপত, যদি তোমালোকে জানিলাহেঁতেন

    [77] নিশ্চয় এইটো মহিমান্বিত কোৰআন

    [78] যিটো আছে সুৰক্ষিত কিতাবত (লিপিবদ্ধ)।

    [79] পৱিত্ৰসকলৰ বাহিৰে আন কোনোৱে ইয়াক স্পৰ্শ কৰিব নোৱাৰে।

    [80] এইটো সৃষ্টিজগতৰ প্ৰতিপালকৰ পৰা অৱতীৰ্ণ।

    [81] তথাপিও তোমালোকে এই বাণীক তুচ্ছ বুলি ভাবিছা নেকি

    [82] আৰু তোমালোকে অস্বীকাৰ কৰাকেই তোমালোকৰ জীৱিকা কৰি লৈছা

    [83] এতেকে কিয় নহয়—প্ৰাণ যেতিয়া কন্ঠাগত হয়

    [84] আৰু তেতিয়া তোমালোকে (অসহায় হৈ) চাই থাকা

    [85] আৰু আমি তোমালোকতকৈও তাৰ বেছি ওচৰত থাকো, কিন্তু তোমালোকে দেখা নোপোৱা।

    [86] এতেকে যদি তোমালোকে হিচাপ-নিকাচ আৰু প্ৰতিফলৰ সন্মুখীন নোহোৱা

    [87] তেনেহ'লে তোমালোকে সেইটো (আত্মাটো) ঘুৰাই নান কিয়? যদি তোমালোকে সত্যবাদী

    [88] তাৰ পিছত সি যদি নৈকট্যপ্ৰাপ্তসকলৰ এজন হয়

    [89] তেন্তে তাৰ বাবে থাকিব বিশ্ৰাম, উত্তম জীৱনোপকৰণ আৰু সুখময় জান্নাত।

    [90] আৰু সি যদি হয় সোঁফালৰ দলৰ এজন

    [91] তেন্তে (তাক কোৱা হ’ব) ‘তোমাৰ প্ৰতি ছালাম’, যিহেতু তুমি সোঁফালৰ এজন।

    [92] কিন্তু সি যদি হয় অস্বীকাৰকাৰী, বিভ্ৰান্তসকলৰ এজন

    [93] তেন্তে তাৰ আতিথ্য কৰা হ’ব উতলা পানীৰ দ্বাৰা

    [94] আৰু জাহান্নামৰ দহনেৰে

    [95] নিশ্চয় এইটো সুনিশ্চিত সত্য।

    [96] এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা।

    Surah 57
    আল-হাদীদ

    [1] আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে; আৰু তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    [2] আকাশমণ্ডল আৰু পৃথিৱীৰ সৰ্বময় কৰ্তৃত্ব তেওঁৰেই; তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু প্ৰদান কৰে; আৰু তেৱেঁই সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

    [3] তেৱেঁই আদি আৰু অন্ত; প্ৰকাশ্য (ওপৰত) আৰু গোপন (ওচৰত) আৰু তেৱেঁই সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।

    [4] তেৱেঁই আকাশসমূহ আৰু পৃথিৱী ছয় দিনত সৃষ্টি কৰিছে; তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে। তেওঁ জানে যি ভূগৰ্ভত প্ৰৱেশ কৰে আৰু যি ভূগৰ্ভৰ পৰা ওলায়, আৰু আকাশৰ পৰা যি অৱতীৰ্ণ হয় আৰু যি আকাশলৈ উঠি যায়; আৰু তোমালোক য’তেই নাথাকা কিয়-- তেওঁ তোমালোকৰ লগত আছে, আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।

    [5] আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো কৰ্তৃত্ব তেওঁৰেই আৰু আল্লাহৰ ফালেই সকলো বিষয় প্ৰত্যাবৰ্তিত হয়।

    [6] তেৱেঁই ৰাতিক দিনৰ ভিতৰত প্ৰৱেশ কৰায় আৰু দিনক ৰাতিৰ ভিতৰত প্ৰৱেশ কৰায়; আৰু তেৱেঁই অন্তৰৰ বিষয়সমূহ সম্পৰ্কে সম্যক অৱগত।

    [7] তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনা আৰু আল্লাহে তোমালোকক যি সম্পদৰ উত্তৰাধিকাৰী কৰিছে তাৰ পৰা ব্যয় কৰা। এতেকে তোমালোকৰ মাজত যিসকলে ঈমান পোষণ কৰে আৰু (আল্লাহৰ পথত) ব্যয় কৰে তেওঁলোকৰ বাবে আছে মহাপুৰষ্কাৰ।

    [8] আৰু তোমালোকৰ কি হ’ল, তোমালোকে আল্লাহৰ প্ৰতি বিশ্বাস নকৰা কিয়? অথচ ৰাছুলে তোমালোকক তোমালোকৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিবলৈ আহ্বান কৰিছে, আৰু আল্লাহেও তোমালোকৰ পৰা অঙ্গীকাৰ গ্ৰহণ কৰিছে, যদি তোমালোকে মুমিন হোৱা।

    [9] তেৱেঁই নিজ বান্দাৰ প্ৰতি সুস্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰে, তোমালোকক অন্ধকাৰৰ পৰা পোহৰলৈ আনাৰ বাবে; আৰু নিশ্চয় আল্লাহ তোমালোকৰ প্ৰতি কৰুণাময়, পৰম দয়ালু।

    [10] আৰু তোমালোকৰ কি হ’ল, তোমালোকে আল্লাহৰ পথত খৰচ নকৰা কিয়? অথচ আকাশমণ্ডল আৰু পৃথিৱীৰ মীৰাছ কেৱল আল্লাহৰেই। তোমালোকৰ মাজত যিসকলে বিজয়ৰ আগত ব্যয় কৰিছে আৰু যুদ্ধ কৰিছে, তেওঁলোক (আৰু পৰবৰ্তীসকল) সমান নহয়। তেওঁলোক সিহঁততকৈ মৰ্যাদাত শ্ৰেষ্ঠ যিসকলে পৰবৰ্তী সময়ত ব্যয় কৰিছে আৰু যুদ্ধ কৰিছে। কিন্তু আল্লাহে উভয়ৰ বাবেই কল্যাণৰ প্ৰতিশ্ৰুতি দিছে; আৰু তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।

    [11] এনেকুৱা কোন আছে, যিয়ে আল্লাহক উত্তম ঋণ দিব? তেনেহ’লে তেওঁ তাৰ বাবে ইয়াক বহুগুণে বৃদ্ধি কৰি দিব আৰু তাৰ বাবে আছে সন্মানজনক পুৰষ্কাৰ।

    [12] সেইদিনা তুমি মুমিন নৰ-নাৰীসকলক দেখিবলৈ পাবা যে, তেওঁলোকৰ সন্মুখত আৰু সোঁ ফালে তেওঁলোকৰ নূৰ দৌৰি আছে। (কোৱা হ’ব) ‘আজি তোমালোকৰ বাবে সুসংবাদ হৈছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তোমালোক চিৰস্থায়ী হ’বা, এইটোৱেই মহাসফলতা’।

    [13] সেইদিনা মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰীসকলে ঈমান্দাৰসকলক ক’ব, ‘তোমালোকে আমাৰ বাবে অলপ অপেক্ষা কৰা, যাতে তোমালোকৰ নূৰৰ পৰা আমি অলপ গ্ৰহণ কৰিব পাৰো’। কোৱা হ’ব, ‘তোমালোকে নিজৰ পিছফালে উভতি যোৱা আৰু নূৰৰ সন্ধান কৰাগৈ’। তাৰ পিছত উভয়ৰ মাজত স্থাপন হ’ব এটা প্ৰাচীৰ, য’ত এটা দুৱাৰ থাকিব, যাৰ ভিতৰত থাকিব ৰহমত আৰু বাহিৰত থাকিব শাস্তি।

    [14] মুনাফিকসকলে মুমিনসকলক মাতি ক’ব, ‘আমি তোমালোকৰ লগত নাছিলোনে? তেওঁলোকে ক’ব, ‘হয়, কিন্তু তোমালোকে নিজেই নিজক বিপদগ্ৰস্ত কৰিছা আৰু তোমালোকে প্ৰতীক্ষা কৰিছিলা আৰু সন্দেহ কৰিছিলা আৰু মিছা আকাংক্ষাই তোমালোকক প্ৰতাৰিত কৰি ৰাখিছিল, আৰু অৱশেষত আল্লাহৰ নিৰ্দেশ আহি গ’ল, আৰু (অন্তিম সময়লৈকে) মহাপ্ৰতাৰকে তোমালোকক আল্লাহ সম্পৰ্কে প্ৰতাৰিত কৰিছিল’।

    [15] ‘এতেকে আজি তোমালোকৰ পৰা কোনো মুক্তিপণ গ্ৰহণ কৰা নহ’ব আৰু যিসকলে কুফৰী কৰিছিল সিহঁতৰ পৰাও নহয়। জাহান্নামেই তোমালোকৰ আবাসস্থল, এইটোৱেই তোমালোকৰ উপযুক্ত স্থান; আৰু কিমান যে নিকৃষ্ট এই প্ৰত্যাবৰ্তনস্থল

    [16] যিসকলে ঈমান আনিছে তেওঁলোকৰ হৃদয় আল্লাহৰ স্মৰণত আৰু যি সত্য অৱতীৰ্ণ হৈছে তাৰ বাবে তেওঁলোকৰ অন্তৰ পমি যোৱাৰ সময় হোৱা নাইনে? আৰু তেওঁলোকে যাতে সিহঁতৰ দৰে নহয়, যিহঁতক ইয়াৰ আগত কিতাব দিয়া হৈছিল-- তাৰ পিছত বহু কাল অতিবাহিত হোৱাৰ পিছত সিহঁতৰ অন্তৰসমূহ কঠোৰ হৈ পৰিছিল; আৰু সিহঁতৰ অধিকাংশই ফাছিক্ব।

    [17] জানি থোৱা যে, আল্লাহেই পৃথিৱীক তাৰ মৃত্যুৰ পিছত পুনৰ্জীৱিত কৰে। আমি নিদৰ্শনসমূহ তোমালোকৰ বাবে সুস্পষ্টভাৱে বৰ্ণনা কৰিছো যাতে তোমালোকে বুজিব পাৰা।

    [18] নিশ্চয় দানশীল পুৰুষ আৰু দানশীলা নাৰী আৰু যিসকলে আল্লাহক উত্তম ঋণ দিয়ে, তেওঁলোকক (ইয়াৰ পৰিবৰ্তে) বহু গুণ বৃদ্ধি কৰি দিয়া হ’ব আৰু তেওঁলোকৰ বাবে আছে সন্মানজনক পুৰষ্কাৰ।

    [19] আৰু যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনে, তেওঁলোকেই নিজ প্ৰতিপালকৰ ওচৰত ছিদ্দীক্ব আৰু শ্বহীদ (বুলি বিবেচিত)। তেওঁলোকৰ বাবে আছে তেওঁলোকৰ প্ৰাপ্য পুৰষ্কাৰ আৰু নূৰ; আৰু যিসকলে কুফৰী কৰিছে আৰু আমাৰ নিদৰ্শনসমূহ অস্বীকাৰ কৰিছে, সিহঁতেই জাহান্নামৰ অধিবাসী।

    [20] জানি থোৱা যে, নিশ্চয় পৃথিৱীৰ জীৱন খেল-ধেমালি, ক্ৰীড়া-কৌতুক, সৌন্দৰ্য, আৰু তোমালোকৰ পাৰস্পাৰিক গৌৰৱ-অহংকাৰ, ধন-সম্পদ আৰু সন্তান-সন্ততিত প্ৰাচুৰ্য লাভৰ প্ৰতিযোগিতাৰ বাহিৰে আন একো নহয়। ইয়াৰ উদাহৰণ হৈছে বৰষুণৰ দৰে, যাৰ দ্বাৰা উৎপন্ন শস্য-সম্ভাৰে কৃষকসকলক আনন্দিত কৰে, তাৰ পিছত সেইবোৰ শুকাই যায়, তেতিয়া তুমি সেইবোৰক হালধীয়া বৰণত দেখিবলৈ পোৱা, অৱশেষত সেইবোৰ খেৰ-কুটাত পৰিণত হয়; আৰু আখিৰাতত আছে কঠিন শাস্তি আৰু আল্লাহৰ মাগফিৰাত ও সন্তুষ্টি; আৰু পৃথিৱীৰ জীৱন প্ৰতাৰণাৰ বাহিৰে আন একো নহয়।

    [21] তোমালোকে নিজ প্ৰতিপালকৰ ক্ষমা আৰু সেই জান্নাত লাভৰ প্ৰয়াসত প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা, যাৰ প্ৰশস্ততা আকাশ আৰু পৃথিৱীৰ প্ৰশস্ততাৰ দৰে, যিটো প্ৰস্তুত কৰা হৈছে সেইসকল লোকৰ বাবে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনে। এইটো আল্লাহৰ অনুগ্ৰহ, তেওঁ যাক ইচ্ছা তাকেই এইটো প্ৰদান কৰে; আৰু আল্লাহ মহা অনুগ্ৰহশীল।

    [22] পৃথিৱীত আৰু তোমালোকৰ ওপৰত আপতিত হোৱা এনে কোনো বিপদ-আপদ নাই যিটো আমি সেয়া সংঘটিত হোৱাৰ আগতে এখন কিতাপত লিপিবদ্ধ কৰি ৰখা নাই। নিশ্চয় আল্লাহৰ পক্ষে এয়া অতি সহজ।

    [23] এইটো এই বাবে যে, যাতে তোমালোকে যি হেৰাইছা তাৰ প্ৰতি পৰিতাপ নকৰা আৰু তেওঁ তোমালোকক যি প্ৰদান কৰিছে তাৰ বাবে উৎফুল্লিত নোহোৱা। কাৰণ আল্লাহে কোনো উদ্ধত আৰু অহংকাৰী ব্যক্তিক পছন্দ নকৰে।

    [24] যিহঁতে কৃপণতা কৰে আৰু মানুহক কৃপণতাৰ নিৰ্দেশ দিয়ে, আৰু যিয়ে মুখ ঘূৰাই লয় (সি জানি লোৱা উচিত) নিশ্চয় আল্লাহ অভাৱমুক্ত, চিৰ প্ৰশংসিত।

    [25] নিশ্চয় আমি আমাৰ ৰাছুলসকলক সুস্পষ্ট প্ৰমাণ সহকাৰে প্ৰেৰণ কৰিছো, আৰু তেওঁলোকৰ লগত দিছো কিতাব আৰু ন্যায়ৰ মানদণ্ড, যাতে মানুহে সুবিচাৰ প্ৰতিষ্ঠা কৰে। আমি আৰু অৱতীৰ্ণ কৰিছো লোহা, য’ত আছে প্ৰচণ্ড শক্তি আৰু মানুহৰ বাবে আছে বহুবিধ কল্যাণ। এয়া এই বাবেই যে, যাতে আল্লাহে প্ৰকাশ কৰি দিয়ে যে, কোনে গায়েব অৱস্থাত তেওঁক আৰু তেওঁৰ ৰাছুলক সহায় কৰে। নিশ্চয় আল্লাহ মহাশক্তিমান, পৰাক্ৰমশালী।

    [26] আৰু নিশ্চয় আমি নূহ আৰু ইব্ৰাহীমক ৰাছুলৰূপে প্ৰেৰণ কৰিছিলো আৰু আমি তেওঁলোকৰ বংশধৰসকলৰ বাবে স্থিৰ কৰিছিলো নবুওৱাত আৰু কিতাব। কিন্তু সিহঁতৰ কিছুমানেহে সৎপথ অৱলম্বন কৰিছিল আৰু সিহঁতৰ অধিকাংশই আছিল ফাছিক্ব।

    [27] ইয়াৰ পিছত আমি তেওঁলোকৰ অনুগামী হিচাপে আমাৰ ৰাছুলসকলক প্ৰেৰণ কৰিছিলো আৰু মাৰয়াম পুত্ৰ ঈছাকো অনুগামী কৰিছিলো, আৰু তেওঁক আমি দিছিলো ইঞ্জিল আৰু তেওঁৰ অনুসাৰীসকলৰ অন্তৰত দিছিলো কৰুণা আৰু দয়া; আৰু বৈৰাগ্যবাদ—এইটো সিহঁতে নিজেই আল্লাহৰ সন্তুষ্টিৰ বাবে প্ৰৱৰ্তন কৰিছিল। আমি এইটো সিহঁতৰ ওপৰত লিপিবদ্ধ কৰা নাছিলো; অথচ এইটোও সিহঁতে যথাযথভাৱে পালন কৰা নাই। কিন্তু সিহঁতৰ মাজত যিসকলে ঈমান আনিছিল, সিহঁতক আমি সিহঁতৰ পুৰষ্কাৰ প্ৰদান কৰিছিলো; কিন্তু সিহঁতৰ অধিকাংশই আছিল ফাছিক্ব।

    [28] হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনা। তেওঁ নিজ অনুগ্ৰহত তোমালোকক দ্বিগুণ পুৰষ্কাৰ প্ৰদান কৰিব আৰু তেওঁ তোমালোকক প্ৰদান কৰিব নূৰ, যাৰ সহায়ত তোমালোকে চলিব পাৰিবা আৰু তেওঁ তোমালোকক ক্ষমা কৰিব; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

    [29] এয়া এই বাবেই যে, যাতে আহলে কিতাবসকলে জানিব পাৰে যে, আল্লাহৰ সামান্যতম অনুগ্ৰহতো সিহঁতৰ কোনো অধিকাৰ নাই; আৰু নিশ্চয় অনুগ্ৰহ আল্লাহৰেই হাতত, যাক ইচ্ছা তেওঁ তাক প্ৰদান কৰে, আৰু আল্লাহ মহা অনুগ্ৰহশীল।

    Surah 58
    আল-মুজাদালাহ

    [1] আল্লাহে নিশ্চয় শুনিছে সেই নাৰীৰ কথা; যিয়ে তাইৰ স্বামীৰ বিষয়ে তোমাৰ লগত বাদানুবাদ কৰি আছিল আৰু আল্লাহৰ ওচৰত অভিযোগ কৰি আছিল। আল্লাহে তোমালোক দুয়োৰে কথোপকথন শুনিছে; নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।

    [2] তোমালোকৰ মাজত যিসকলে নিজ স্ত্ৰীসকলৰ লগত যিহাৰ কৰে, সিহঁতৰ স্ত্ৰীসকল সিহঁতৰ মাক হৈ নাযায়, বৰং সিহঁতৰ মাক কেৱল সেইসকল তিৰোতা যিসকলে সিহঁতক জন্ম দিছে; আৰু নিশ্চয় সিহঁতে অসংগত আৰু অসত্য কথা কৈছে; নিশ্চয় আল্লাহ অধিক পাপ মোচনকাৰী আৰু বৰ ক্ষমাশীল।

    [3] আৰু যিসকলে সিহঁতৰ স্ত্ৰীসকলৰ লগত যিহাৰ কৰে, আৰু পিছত সিহঁতৰ উক্তি প্ৰত্যাহাৰ কৰে, তেন্তে ইজনে সিজনক স্পৰ্শ কৰাৰ আগতে এজন দাস মুক্ত কৰিব লাগিব, ইয়াৰ দ্বাৰা তোমালোকক উপদেশ দিয়া হৈছে; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱহিত।

    [4] কিন্তু যিয়ে এইটো কৰিব নোৱাৰিব, তেন্তে ইজনে সিজনক স্পৰ্শ কৰাৰ আগতে সি একেৰাহে দুমাহ ছিয়াম পালন কৰিব লাগিব;আৰু যিয়ে এইটোও কৰিবলৈ সক্ষম নহয়, সি ষাঠিজন মিছকীনক আহাৰ কৰাব লাগিব;এই বিধান এই বাবে যে, যাতে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনা। এইবোৰ আল্লাহৰ নিৰ্ধাৰিত বিধান; আৰু অস্বীকাৰকাৰী সকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।

    [5] নিশ্চয় যিবিলাক মানুহে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰে, সিহঁতক অপদস্ত কৰা হ’ব যেনেকৈ অপদস্ত কৰা হৈছিল সিহঁতৰ পূৰ্বৱৰ্তীসকলক; আৰু আমি সুস্পষ্ট আয়াত অৱতীৰ্ণ কৰিছো; আৰু কাফিৰসকলৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি

    [6] যিদিনা আল্লাহে সিহঁত সকলোকে পুনৰুজ্জীৱিত কৰি উঠাব, তাৰ পিছত সিহঁতে যি আমল কৰিছিল সেয়া তেওঁ সিহঁতক জনাই দিব; আল্লাহে সেইবোৰ হিচাপ কৰি ৰাখিছে যদিও সিহঁতে পাহৰি গৈছে; আৰু আল্লাহ প্ৰতিটো বস্তুৰ প্ৰত্যক্ষদৰ্শী।

    [7] তুমি লক্ষ্য কৰা নাইনে যে, আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেয়া আল্লাহে জানে? তিনিজন ব্যক্তিৰ মাজত এনেকুৱা কোনো গোপন পৰামৰ্শ নহয় য’ত চতুৰ্থজন হিচাপে তেওঁ নাথাকে আৰু পাঁচজনৰ মাজতো নহয় য’ত ষষ্টজন হিচাপে তেওঁ নাথাকে। সিহঁত ইয়াতকৈ কম হওঁক বা বেছি হওঁক তেওঁ সিহঁতৰ লগতে আছে সিহঁত য’তেই নাথাকক কিয়। তাৰ পিছত কিয়ামতৰ দিনা তেওঁ সিহঁতক সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে জনাই দিব। নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।

    [8] তুমি সিহঁতক লক্ষ্য কৰা নাইনে, যিসকলক গোপন পৰামৰ্শ কৰিবলৈ নিষেধ কৰা হৈছিল? তাৰ পিছতো সিহঁতে সেইটোৱে পুনৰাবৃত্তি কৰিলে যিটো কৰিবলৈ সিহঁতক নিষেধ কৰা হৈছিল; আৰু সিহঁতে দুষ্কাৰ্য, সীমালঙ্ঘন আৰু ৰাছুলৰ বিৰুদ্ধাচাৰণৰ বাবে গোপন পৰামৰ্শ কৰে। আৰু সিহঁতে যেতিয়া তোমাৰ ওচৰলৈ আহে তেতিয়া সিহঁতে তোমাক এনে কথাৰ দ্বাৰা অভিবাদন জনায় যিটোৰ দ্বাৰা আল্লাহে তোমাক অভিবাদন জনোৱা নাই। সিহঁতে মনে মনে কয়, ‘আমি যি কওঁ তাৰ বাবে আল্লাহে আমাক কিয় শাস্তি নিদিয়ে’? জাহান্নামেই সিহঁতৰ বাবে যথেষ্ট, য’ত সিহঁতে প্ৰৱেশ কৰিব, আৰু কিমান যে নিকৃষ্ট সেই গন্তব্যস্থল

    [9] হে ঈমান্দাৰসকল! তোমালোকে যেতিয়া গোপনে পৰামৰ্শ কৰিবা তেতিয়া যাতে তোমালোকে গুনাহ, সীমালঙ্ঘন আৰু ৰাছুলৰ বিৰুদ্ধাচাৰণ সম্পৰ্কে গোপন পৰামৰ্শ নকৰা। আৰু তোমালোকে সৎকৰ্ম আৰু তাক্বৱা অৱলম্বনৰ বিষয়ে গোপন পৰামৰ্শ কৰা, লগতে আল্লাহক ভয় কৰা, যাৰ ওচৰত তোমালোকক সমবেত কৰা হ’ব।

    [10] গোপন পৰামৰ্শ কেৱল চয়তানৰ প্ৰৰোচনাত হয়, যাতে মুমিনসকলে কষ্ট পায়। কিন্তু আল্লাহৰ অনুমতিবিহীন চয়তানে তেওঁলোকৰ সামান্যতম ক্ষতি সাধন কৰিবলৈয়ো সক্ষম নহয়। এতেকে মুমিনসকলে কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰা উচিত।

    [11] হে মুমিনসকল! তোমালোকক যেতিয়া কোৱা হয় ‘বৈঠকত স্থান প্ৰশস্ত কৰি দিয়া’ তেতিয়া তোমালোকে স্থান প্ৰশস্ত কৰি দিবা, আল্লাহে তোমালোকৰ বাবে ঠাই প্ৰশস্ত কৰি দিব; আৰু যেতিয়া তোমালোকক কোৱা হয়, ‘উঠা’ তেতিয়া উঠি যাবা। তোমালোকৰ ভিতৰত যিসকলে ঈমান আনিছে আৰু যিসকলক জ্ঞান দান কৰা হৈছে, আল্লাহে তেওঁলোকক উচ্চ মৰ্যাদা প্ৰদান কৰিব; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱহিত।

    [12] হে মুমিনসকল! তোমালোকে যেতিয়া ৰাছুলৰ সৈতে অকলশৰীয়াকৈ কথা ক’ব বিচৰা, তেতিয়া তোমালোকে এনে কথা কোৱাৰ আগতে কিবা ছাদক্বা পেচ কৰা, এইটোৱে তোমালোকৰ বাবে শ্ৰেয় আৰু পৰিশোধক; কিন্তু যদি তোমালোকে সক্ষম নোহোৱা তেন্তে নিশ্চয় আল্লাহ পৰম ক্ষমাশীল, অতি দয়ালু।

    [13] তোমালোকে ভয় পালা নেকি যে, অকলশৰীয়া পৰামৰ্শৰ আগতে ছাদক্বা পেচ কৰিব লাগিব বুলি? যেতিয়া তোমালোকে এইটো কৰিব নোৱাৰিলা, আৰু আল্লাহেও তোমালোকক ক্ষমা কৰি দিলে, তেন্তে তোমালোকে ছালাত কায়েম কৰা আৰু যাকাত প্ৰদান কৰা লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা। তোমালোকে যি কৰা, সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত।

    [14] তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাইনে, যিহঁতে এনে এটা সম্প্ৰদায়ৰ লগত বন্ধুত্ব কৰে যিসকলৰ ওপৰত আল্লাহ ক্ৰোধান্বিত হৈছে? সিহঁত তোমালোকৰ দলভূক্ত নহয়; আৰু সিহঁতে জানি বুজি মিছা কথাত শপত খায়।

    [15] আল্লাহে সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে কঠোৰ শাস্তি। নিশ্চয় সিহঁতে যি কৰিছিল সেয়া কিমান যে গৰ্হিত

    [16] সিহঁতে নিজ শপতবোৰক ঢাল হিচাপে গ্ৰহণ কৰিছে, তাৰ পিছত সিহঁতে আল্লাহৰ পথত বাধা প্ৰদান কৰিছে। ফলত সিহঁতৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি।

    [17] আল্লাহৰ শাস্তিৰ বিপৰীতে সিহঁতৰ ধন-সম্পদ আৰু সন্তান-সন্ততি সিহঁতৰ কোনো কামত নাহিব; সিহঁতেই জাহান্নামৰ অধিবাসী, তাত সিহঁতে চিৰকাল থাকিব।

    [18] সেইদিনা আল্লাহে সিহঁত সকলোকে পুনৰুত্থিত কৰিব, তেতিয়া সিহঁতে আল্লাহৰ ওচৰত এনেকুৱা শপত কৰিব যেনেকুৱা শপত তোমালোকৰ ওচৰত কৰে আৰু সিহঁতে ভাৱে যে, সিহঁতে ভাল কিবা এটা কৰি আছে। সাৱধান! নিশ্চয় সিহঁতেই প্ৰকৃত মিছলীয়া।

    [19] চয়তানে সিহঁতৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে; আৰু সিহঁতক আল্লাহৰ স্মৰণ পাহৰাই দিছে। ইহঁতেই চয়তানৰ দল। নিশ্চয় চয়তানৰ দলেই ক্ষতিগ্ৰস্ত।

    [20] নিশ্চয় যিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰে, সিহঁতেই হ’ব চৰম লাঞ্ছিতসকলৰ অন্তৰ্ভুক্ত।

    [21] আল্লাহে লিখি ৰাখিছে যে, ‘নিশ্চয় ময়েই বিজয়ী হ’ম আৰু মোৰ ৰাছুলসকলেও বিজয়ী হ’ব’। নিশ্চয় আল্লাহ মহাশক্তিমান, মহাপৰাক্ৰমশালী।

    [22] আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন কৰা এনে কোনো সম্প্ৰদায় তুমি নাপাবা, যিসকলে এনে লোকক ভালপায় যিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰে--- যদিও সিহঁত তেওঁলোকৰ পিতা অথবা পুত্ৰ বা ভাই নাইবা বংশ-পৰিয়ালৰ মানুহেই নহওঁক কিয়! এওঁলোকৰ অন্তৰতেই আল্লাহে ঈমান লিখি দিছে আৰু তেওঁৰ তৰফৰ পৰা ৰূহৰ দ্বাৰা তেওঁলোকক শক্তিশালী কৰিছে। তেওঁলোকক তেওঁ প্ৰৱেশ কৰাব এনে জান্নাতসমূহত যাৰ তলেদি নিজৰাসমূহ প্ৰবাহিত হয়। তাত তেওঁলোকে চিৰকাল থাকিব; আল্লাহে তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকেও তেওঁৰ প্ৰতি সন্তুষ্ট। এওঁলোকেই আল্লাহৰ দল। জানি থোৱা, আল্লাহৰ দলেই সফলতা লাভ কৰিব।

    Surah 59
    আল-হাশ্‌র

    [1] আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলোবোৰেই আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে; আৰু তেওঁ পৰাক্ৰমশালী প্ৰজ্ঞাময়।

    [2] তেৱেঁই আহলে কিতাবসকলৰ মাজত যিসকলে কুফৰী কৰিছিল সিহঁতক প্ৰথম সমাবেশৰ বাবে সিহঁতৰ আবাসভূমিৰ পৰা বিতাৰিত কৰিছিল। তোমালোকে কল্পনাও কৰা নাছিলা যে সিহঁতে ওলাই যাব; আৰু সিহঁতেও ভাবিছিল যে, সিহঁতৰ দুৰ্গসমূহে সিহঁতক আল্লাহৰ পৰা ৰক্ষা কৰিব; কিন্তু সিহঁতৰ ওচৰত আল্লাহৰ আযাব এনে ঠাইৰ পৰা আহিলে যিটো সিহঁতেও কল্পনা কৰিব পৰা নাছিল; আৰু তেওঁ সিহঁতৰ অন্তৰত আতঙ্কৰ সঞ্চাৰ কৰিলে। ফলত সিহঁতে সিহঁতৰ ঘৰ-দুৱাৰ নিজ হাতে আৰু মুমিনসকলৰ হাতেৰে ধ্বংস কৰিলে; এতেকে হে দৃষ্টিমান ব্যক্তিসকল! তোমালোকে উপদেশ গ্ৰহণ কৰা।

    [3] আৰু আল্লাহে সিহঁতৰ নিৰ্বাসনদণ্ড লিপিবদ্ধ নকৰিলেও তেওঁ সিহঁতক পৃথিৱীতেই (আন কোনো) শাস্তি দিলেহেঁতেন; আৰু আখিৰাতত সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি।

    [4] এয়া এই বাবে যে, নিশ্চয় সিহঁত আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰিছিল;আৰু কোনোবাই আল্লাহৰ বিৰুদ্ধাচাৰণ কৰিলে, তেন্তে নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।

    [5] তোমালোকে যিবোৰ খেজুৰ গছ কাটিছা আৰু যিবোৰক কাণ্ডৰ ওপৰত স্থিত অৱস্থাত ৰাখি দিছা, সেয়া আছিল কেৱল আল্লাহৰ অনুমতিক্ৰমে; যাতে তেওঁ ফাছিকসকলক লাঞ্ছিত কৰিব পাৰে।

    [6] আৰু আল্লাহে ইয়াহুদীসকলৰ পৰা তেওঁৰ ৰাছুলক যি ‘ফায়’ (ধন-সম্পদ) অৰ্পন কৰিছে, তাৰ বাবে তোমালোকে ঘোঁৰা অথবা উটত আৰোহণ কৰি কোনো অভিযান কৰা নাছিলা; বৰং আল্লাহে তেওঁৰ ৰাছুলসকলক যাৰ ওপৰত ইচ্ছা কৰ্তৃত্ব প্ৰদান কৰে; আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

    [7] আল্লাহে জনবসতিৰ অধিবাসীসকলৰ পৰা তেওঁৰ ৰাছুলক ‘ফায়’ হিচাপে যি প্ৰদান কৰিছে সেয়া আল্লাহৰ বাবে আৰু ৰাছুলৰ বাবে আৰু আত্মীয়-স্বজনৰ বাবে, ইয়াতীমসকল আৰু মিছকীনসকলৰ বাবে লগতে মুছাফিৰসকলৰ বাবে, যাতে ধন-সম্পদ কেৱল তোমালোকৰ মাজৰ বিত্তশালীসকলৰ মাজতেই আবৰ্তন কৰি নাথাকে। ৰাছুলে তোমালোকক যি দিয়ে সেয়া তোমালোকে গ্ৰহণ কৰা, আৰু যিটোৰ পৰা তেওঁ তোমালোকক নিষেধ কৰে তাৰ পৰা বিৰত থকা আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা; নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।

    [8] এই সম্পদ সেইসকল দৰিদ্ৰ মুহাজীৰৰ বাবে যিসকলক নিজ ঘৰ-বাৰী আৰু সা-সম্পত্তিৰ পৰা বিতাৰিত কৰা হৈছে। তেওঁলোকে আল্লাহৰ অনুগ্ৰহ আৰু সন্তুষ্টিৰ অন্বেষণ কৰে আৰু আল্লাহ আৰু তেওঁৰ ৰাছুলক সহায় কৰে। এওঁলোকেই সত্যবাদী।

    [9] আৰু তেওঁলোকৰ বাবেও, যিসকলে মুহাজিৰসকলৰ আগমনৰ আগতে এই নগৰীক নিবাস হিচাপে গ্ৰহণ কৰিছে আৰু ঈমান আনিছে, তেওঁলোকে তেওঁলোকৰ ওচৰত হিজৰত কৰি অহা মানুহবিলাকক ভালপায় আৰু মুহাজিৰসকলক যি দিয়া হৈছে তাৰ বাবে তেওঁলোকে নিজ অন্তৰত কোনো হিংসা পোষণ নকৰে, আৰু তেওঁলোকে অভাৱ থকা সত্ত্বেও নিজৰ ওপৰত তেওঁলোকক অগ্ৰাধিকাৰ দিয়ে। প্ৰকৃততে যিসকলক অন্তৰৰ কৃপণতাৰ পৰা ৰক্ষা কৰা হৈছে, তেওঁলোকেই সাফল্যমণ্ডিত।

    [10] আৰু যিসকল তেওঁলোকৰ পিছত আহিছে তেওঁলোকে কয়, ‘হে আমাৰ প্ৰতিপালক! আমাক আৰু আমাৰ পূৰ্বে ঈমান পোষণ কৰা আমাৰ ভাতৃসকলক ক্ষমা কৰি দিয়া; আৰু যিসকলে ঈমান আনিছে তেওঁলোকৰ বিৰুদ্ধে আমাৰ অন্তৰত কোনো বিদ্বেষ নাৰাখিবা। হে আমাৰ প্ৰতিপালক! নিশ্চয় তুমি দয়াবান, পৰম দয়ালু’।

    [11] তুমি মুনাফিকসকলৰ প্ৰতি লক্ষ্য কৰা নাইনে? সিহঁতে আহলে কিতাবসকলৰ মাজৰ পৰা যিসকলে কুফৰী কৰিছে সিহঁতৰ সেইসকল ভাতৃক কয়, ‘তোমালোকে যদি বহিষ্কৃত হোৱা, তেন্তে আমিও তোমালোকৰ লগত নিশ্চয় দেশ ত্যাগ কৰিম আৰু আমি তোমালোকৰ বিষয়ে কেতিয়াও কাৰো আনুগত্য নকৰিম আৰু তোমালোকৰ লগত যুদ্ধ হ’লে আমি নিশ্চয় তোমালোকৰ সহায় কৰিম’। কিন্তু আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় সিহঁত ঘোৰ মিছলীয়া।

    [12] প্ৰকৃততে যদি সিহঁত (ইয়াহুদীসকল) বহিষ্কৃত হয় তেন্তে ইহঁতে (মুনাফিকসকলে) কেতিয়াও সিহঁতৰ লগত ওলাই নাযাব আৰু সিহঁতৰ লগত যুদ্ধ কৰা হ’লে ইহঁতে কেতিয়াও সহায় নকৰিব আৰু যদি সিহঁতক কোনো সহায় কৰিবলৈ আহেও তেন্তে সিহঁত নিশ্চয় পৃষ্ঠপ্ৰদৰ্শন কৰিব; তাৰ পিছত সিহঁতে কোনো সহায়েই নাপাব।

    [13] প্ৰকৃতপক্ষে সিহঁতৰ অন্তৰত আল্লাহতকৈ তোমালোকৰ ভয়হে বেছি। এয়া এই বাবে যে, সিহঁত এটা জ্ঞানবোধ নথকা সম্প্ৰদায়।

    [14] সিহঁত সন্মিলিতভাৱে তোমালোকৰ লগত যুদ্ধ কৰিব নোৱাৰিব, যুদ্ধ কৰিলেও সুৰক্ষিত জনবসতিৰ মাজত অৱস্থান কৰি অথবা বেৰৰ আঁৰ লৈহে কৰিব; সিহঁত পাৰস্পাৰিক বিৰোধিতাত অতি কঠোৰ। তুমি সিহঁতক ঐক্যবদ্ধ বুলি ভাবা; কিন্তু সিহঁতৰ অন্তৰসমূহত মিল নাই; এইটো এই বাবেই যে, সিহঁত এটা নিৰ্বোধ সম্প্ৰদায়।

    [15] ইহঁত সেইসকল লোকৰ দৰেই, যিসকলে ইহঁতৰ কিছুকাল পূৰ্বেই নিজৰ কৃতকৰ্মৰ শাস্তি ভোগ কৰিছে, আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।

    [16] ইহঁতে চয়তানৰ দৰে, সি মানুহক কয়, ‘কুফৰী কৰা’; তাৰ পিছত যেতিয়া সি কুফৰী কৰে তেতিয়া সি কয়, ‘তোমাৰ লগত মোৰ কোনো সম্পৰ্ক নাই, নিশ্চয় মই সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহক ভয় কৰো’।

    [17] ফলত সিহঁত দুজনৰ পৰিণাম হ’ব যে, সিহঁত দুজনেই জাহান্নামী; তাত সিহঁত চিৰস্থায়ী হ’ব আৰু এইটোৱে যালিমসকলৰ প্ৰতিদান।

    [18] হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা; আৰু প্ৰত্যেকৰে চিন্তা কৰা উচিত যে, সি অহাকালিৰ বাবে কি প্ৰেৰণ কৰিছে; আৰু তোমালোকে আল্লাহক ভয় কৰা; তোমালোকে যি কৰা সেই সম্পৰ্কে নিশ্চয় আল্লাহ সবিশেষ অৱহিত।

    [19] তোমালোকে সিহঁতৰ দৰে নহ’বা যিসকলে আল্লাহক পাহৰি গৈছে; ফলত আল্লাহেও সিহঁতক আত্মবিস্মৃত কৰিছে, ইহঁতেই হৈছে ফাছিক্ব।

    [20] জাহান্নামৰ অধিবাসী আৰু জান্নাতৰ অধিবাসী কেতিয়াও সমান নহয়। প্ৰকৃত সফলতাৰ অধিকাৰী কেৱল জান্নাতৰ অধিবাসীসকলহে।

    [21] যদি আমি এই কোৰআনক কোনো পৰ্বতৰ ওপৰত অৱতীৰ্ণ কৰিলোহেঁতেন তেন্তে তুমি ইয়াক আল্লাহৰ ভয়ত বিনীত বিদীৰ্ণ অৱস্থাত দেখিলাহেঁতেন, আৰু আমি এইবোৰ উদাহৰণ বৰ্ণনা কৰো মানুহৰ বাবে যাতে সিহঁতে চিন্তা-গৱেষণা কৰে।

    [22] তেৱেঁই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ অদৃশ্য আৰু প্ৰকাশ্য বিষয়সমূহৰ জ্ঞানী; তেওঁ পৰম কৰুণাময় পৰম দয়ালু।

    [23] তেৱেঁই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেৱেঁই অধিপতি, মহাপৱিত্ৰ, শান্তিৰ উৎস ত্ৰুটিমুক্ত, নিৰাপত্তাদানকাৰী, ৰক্ষক, মহাপৰাক্ৰমশালী, মহাপ্ৰতাপশালী, অতি মহিমান্বিত। সিহঁতে যি অংশীস্থাপন কৰে তাৰ পৰা আল্লাহ পৱিত্ৰ, মহান।

    [24] তেৱেঁই আল্লাহ, স্ৰষ্টা উদ্ভাৱনকৰ্তা, আকাৰ-আকৃতিদানকাৰী, সৰ্বোত্তম নামসমূহ তেওঁৰেই। আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱে তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে। তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    Surah 60
    আল-মুমতাহিনা

    [1] হে ঈমান্দাৰসকল! তোমালোকে মোৰ শত্ৰু আৰু তোমালোকৰ শত্ৰুক বন্ধুৰূপে গ্ৰহণ নকৰিবা, তোমালোকে সিহঁতৰ প্ৰতি বন্ধুত্বৰ বাৰ্তা প্ৰেৰণ কৰিছা, অথচ সিহঁতে, তোমালোকৰ ওচৰত যি সত্য আহিছে, সেইটো প্ৰত্যাখ্যান কৰিছে, ৰাছুলক আৰু তোমালোকক বহিষ্কাৰ কৰিছে এই কাৰণে যে, তোমালোকে তোমালোকৰ প্ৰতিপালক আল্লাহৰ প্ৰতি ঈমান আনিছা। যদি তোমালোকে মোৰ পথত জিহাদ কৰিবলৈ আৰু মোৰ সন্তুষ্টি লাভৰ বাবে ওলাইছা, তেন্তে কিয় তোমালোকে সিহঁতৰ লগত গোপনে বন্ধুত্ব কৰিছা? আৰু তোমালোকে যি গোপন কৰা আৰু তোমালোকে যি প্ৰকাশ কৰা সেই বিষয়ে মই সম্যক অৱগত। তোমালোকৰ মাজত যিয়ে এনেকুৱা কৰিব সি সৰল পথৰ পৰা বিচ্যুত হ’ব।

    [2] সিহঁতে যদি তোমালোকৰ ওপৰত প্ৰধান্য লাভ কৰে তেন্তে সিহঁত তোমালোকৰ শত্ৰু হ’ব লগতে হাত আৰু জিভাৰ দ্বাৰা তোমালোকক অনিষ্ট সাধন কৰিব, আৰু সিহঁতে কামনা কৰে যদি তোমালোকে কুফৰী কৰিলাহেঁতেন

    [3] তোমালোকৰ আত্মীয়-স্বজন আৰু সন্তান-সন্ততি কিয়ামতৰ দিনা কোনো উপকাৰ কৰিব নোৱাৰিব। আল্লাহে তোমালোকৰ মাজত ফয়চালা কৰি দিব; আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সৰ্বদ্ৰষ্টা।

    [4] নিশ্চয় তোমালোকৰ বাবে ইব্ৰাহীম আৰু তেওঁৰ লগত যিসকল আছিল তেওঁলোকৰ মাজত উত্তম আদৰ্শ আছে। যেতিয়া তেওঁলোকে নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকৰ লগত আৰু তোমালোকে আল্লাহৰ পৰিবৰ্তে যিসকলৰ উপাসনা কৰা সেইসকলৰ পৰা আমি সম্পৰ্কমুক্ত। আমি তোমালোকক অস্বীকাৰ কৰো। আমাৰ আৰু তোমালোকৰ মাজত চিৰকালৰ বাবে শত্ৰুতা আৰু বিদ্বেষ সৃষ্টি হ’ল; যেতিয়ালৈকে তোমালোকে এক আল্লাহৰ প্ৰতি ঈমান পোষণ নকৰিবা’। কিন্তু ইব্ৰাহীমৰ নিজ পিতাৰ প্ৰতি কৰা এই উক্তিটো ব্যতিক্ৰম যে, ‘মই নিশ্চয় আপোনাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম কিন্তু মই আপোনাৰ হকে আল্লাহৰ পৰা কিবা উপকাৰ কৰিবলৈ মোৰ সাধ্য নাই’। (ইব্ৰাহীম আৰু তেওঁৰ অনুসাৰীসকলে কৈছিল) হে আমাৰ প্ৰতিপালক! ‘আমি তোমাৰেই প্ৰতি নিৰ্ভৰ কৰিছো, আৰু তোমাৰেই অভিমুখী হৈছো আৰু তোমাৰ ওচৰলৈকেই আমাৰ প্ৰত্যাৱৰ্তন’।

    [5] ‘হে আমাৰ প্ৰতিপালক! তুমি আমাক কাফিৰসকলৰ ফিতনাৰ পাত্ৰ নকৰিবা। হে আমাৰ প্ৰতিপালক! তুমি আমাক ক্ষমা কৰি দিয়া; নিশ্চয় তুমি পৰাক্ৰমশালী, প্ৰজ্ঞাময়’।

    [6] নিশ্চয় তোমালোকৰ বাবে উত্তম আদৰ্শ আছে সেইসকল লোকৰ মাজত, যিসকলে আল্লাহ আৰু শেষ দিৱসৰ প্ৰত্যাশা কৰে; আৰু যিয়ে মুখ ঘূৰাই লয় (সি জানি লোৱা উচিত যে) নিশ্চয় আল্লাহেই হৈছে অভাৱমুক্ত, স্বয়ং প্ৰশংসিত।

    [7] যিসকলৰ লগত তোমালোকৰ শত্ৰুতা আছে সম্ভৱত আল্লাহে সিহঁতৰ আৰু তোমালোকৰ মাজত বন্ধুত্ব সৃষ্টি কৰি দিব; আৰু আল্লাহ ক্ষমতাবান: আৰু আল্লাহ পৰম ক্ষমাশীল, অতি দয়ালু।

    [8] দ্বীনৰ বিষয়ে যিসকলে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰা নাই আৰু তোমালোকক স্বদেশৰ পৰা বহিষ্কাৰো কৰা নাই, সিহঁতৰ প্ৰতি মহানুভৱতা দেখুৱাবলৈ আৰু ন্যায়বিচাৰ কৰিবলৈ আল্লাহে তোমালোকক নিষেধ নকৰে। নিশ্চয় আল্লাহ ন্যায়পৰায়ণসকলক ভালপায়।

    [9] আল্লাহে কেৱল সিহঁতৰ লগত বন্ধুত্ব কৰিবলৈ নিষেধ কৰিছে, যিসকলে দ্বীন সম্পৰ্কে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰিছে, তোমালোকক স্বদেশৰ পৰা বহিষ্কাৰ কৰিছে আৰু তোমালোকক বহিষ্কাৰ কৰিবলৈ সহায় কৰিছে। সিহঁতৰ লগত যিহঁতে বন্ধুত্ব কৰে সিহঁতেই যালিম।

    [10] হে ঈমান্দাৰসকল! তোমালোকৰ ওচৰত মুমিনা নাৰীসকল হিজৰত কৰি আহিলে তোমালোকে সিহঁতক পৰীক্ষা কৰিবা; আল্লাহেই সিহঁতৰ ঈমান সম্পৰ্কে সম্যক অৱগত। তাৰ পিছত যদি তোমালোকে জানিব পাৰা যে, সিহঁত মুমিনা নাৰী, তেন্তে সিহঁতক কাফিৰসকলৰ ওচৰলৈ উভতাই নিদিবা। মুমিনা নাৰীসকল কাফিৰসকলৰ বাবে বৈধ নহয় আৰু কাফিৰসকলো মুমিনা নাৰীসকলৰ বাবে বৈধ নহয়। কাফিৰসকলে যি খৰচ কৰিছে সেয়া তোমালোকে সিহঁতক উভতাই দিয়া। তাৰ পিছত তোমালোকে সিহঁতক বিবাহ কৰিলে তোমালোকৰ কোনো অপৰাধ নহ’ব যদি তোমালোকে সিহঁতক মোহৰ আদায় দিয়া; আৰু তোমালোকে কাফিৰা নাৰীসকলৰ লগত দাম্পত্য সম্পৰ্ক বজায় নাৰাখিবা। তোমালোকে যি ব্যয় কৰিছা সেয়া উভতাই লবা আৰু কাফিৰসকলে যি ব্যয় কৰিছে সেয়া সিহঁতে বিচাৰি লোৱা উচিত। এইটোৱে আল্লাহৰ বিধান; তেওঁ তোমালোকৰ মাজত ফয়চালা কৰি দিয়ে; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

    [11] আৰু তোমালোকৰ স্ত্ৰীসকলৰ মাজত যদি কোনোবাই হাত এৰাদি কাফিৰসকলৰ ওচৰত গুচি যায়, তাৰ পিছত যদি তোমালোকে যুদ্ধত বিজয়ী হৈ গনীমত লাভ কৰা, তেনেহ’লে যিসকলৰ স্ত্ৰীসকল গুচি গৈছে, সিহঁতক সিহঁতে যি ব্যয় কৰিছে, তাৰ সমপৰিমাণ প্ৰদান কৰা; আৰু তোমালোকে আল্লাহক ভয় কৰা, যাৰ প্ৰতি তোমালোকে বিশ্বাস স্থাপন কৰিছা।

    [12] হে নবী! যেতিয়া মুমিনা নাৰীসকলে তোমাৰ ওচৰত আহি এই সম্পৰ্কে বাইআত কৰে যে, সিহঁতে আল্লাহৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিব, চুৰি নকৰিব, ব্যভিচাৰ নকৰিব, নিজ সন্তানসকলক হত্যা নকৰিব, ইচ্ছাকৃতভাৱে নিজে অপবাদ ৰচনা কৰি ৰটনা কৰি নুফুৰিব আৰু সৎকামত তোমাৰ অবাধ্য নহ’ব, তেতিয়া তুমি সিহঁতৰ বাইআত গ্ৰহণ কৰা আৰু সিহঁতৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

    [13] হে ঈমান্দাৰসকল! তোমালোকে সেই সম্প্ৰদায়ৰ লগত বন্ধুত্ব নকৰিবা, যিসকলৰ প্ৰতি আল্লাহ ক্ৰোধান্বিত হৈছে। সিহঁতে আখিৰাত সম্পৰ্কে নিৰাশ হৈ পৰিছে, যেনেকৈ কাফিৰসকলে কবৰবাসী সম্পৰ্কে নিৰাশ হৈ পৰিছে।

    Surah 61
    আছ-ছফ

    [1] আকাশমণ্ডলত যি যি আছে আৰু পৃথিৱীত যি যি আছে সকলোৱে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে; আৰু তেওঁ প্ৰবলপৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    [2] হে ঈমান্দাৰসকল! তোমালোকে যিটো নকৰা সেইটো কিয় কোৱা

    [3] তোমালোকে যিটো নকৰা তোমালোকৰ সেইটো কোৱা আল্লাহৰ দৃষ্টিত বৰ অসন্তোষজনক।

    [4] নিশ্চয় আল্লাহ তেওঁলোকক ভালপায়, যিসকলে তেওঁৰ পথত শাৰীবদ্ধভাৱে যুদ্ধ কৰে; যেনিবা সিহঁত গলিত সীহেৰে নিৰ্মিত সুদৃঢ় প্ৰাচীৰ।

    [5] আৰু স্মৰণ কৰা, মূছাই যেতিয়া তেওঁৰ সম্প্ৰদায়ক কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কিয় মোক কষ্ট দি আছা? অথচ তোমালোকে জানা যে, নিশ্চয় মই তোমালোকৰ প্ৰতি (প্ৰেৰিত) আল্লাহৰ ৰাছুল’। তাৰ পিছত সিহঁতে যেতিয়া বক্ৰ পথ অৱলম্বন কৰিলে তেতিয়া আল্লাহে সিহঁতৰ হৃদয়সমূহক বক্ৰ কৰি দিলে; আৰু আল্লাহে ফাছিক্ব সম্প্ৰদায়ক হিদায়ত নকৰে।

    [6] আৰু স্মৰণ কৰা, যেতিয়া মাৰয়ামৰ পুত্ৰ ঈছাই কৈছিল, হে বনী ইছৰাঈল! ‘নিশ্চয় মই তোমালোকৰ প্ৰতি প্ৰেৰিত আল্লাহৰ ৰাছুল আৰু মোৰ পূৰ্বৱৰ্তী তাওৰাতৰ সত্যায়নকাৰী আৰু এজন ৰাছুলৰ সুসংবাদদাতা, যিজন মোৰ পিছত আহিব, যাৰ নাম আহমদ’। তাৰ পিছত তেওঁ যেতিয়া সুস্পষ্ট নিদৰ্শনসমূহ লৈ আগমন কৰিলে, তেতিয়া সিহঁতে ক’লে, ‘এয়া স্পষ্ট যাদু’।

    [7] সেই ব্যক্তিতকৈ অধিক যালিম আৰু কোন হ’ব পাৰে? যিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে, অথচ তাক ইছলামৰ প্ৰতি আহ্বান কৰা হয়; আৰু আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।

    [8] সিহঁতে আল্লাহৰ জ্যোতিক মুখেৰে ফুঁ মাৰি নিৰ্বাপিত কৰিব বিচাৰে, আৰু আল্লাহে নিজ জ্যোতিক পূৰ্ণতাদানকাৰী। যদিও কাফিৰসকলে ইয়াক অপছন্দ কৰে।

    [9] তেৱেঁই নিজ ৰাছুলক প্ৰেৰণ কৰিছে হিদায়ত আৰু সত্য দ্বীনসহ সকলো দ্বীনৰ ওপৰত তেওঁক বিজয়ী কৰাৰ বাবে, যদিও মুশ্বৰিকসকলে ইয়াক অপছন্দ কৰে।

    [10] হে ঈমান্দাৰসকল! মই তোমালোকক এনে এটা ব্যৱসায়ৰ সন্ধান দিমনে, যিটো তোমালোকক যন্ত্ৰণাদায়ক শাস্তিৰ পৰা ৰক্ষা কৰিব

    [11] সেয়া হৈছে, তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিবা আৰু তোমালোকে নিজৰ ধন-সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিবা। এইটোৱেই তোমালোকৰ বাবে কল্যাণকৰ, যদি তোমালোকে জানা।

    [12] তেওঁ তোমালোকৰ বাবে তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিব; আৰু তোমালোকক এনে জান্নাতত প্ৰৱেশ কৰাব যাৰ তলেদি নদীসমূহ প্ৰবাহিত, আৰু চিৰস্থায়ী জান্নাতসমূহৰ উত্তম বাসগৃহসমূহতো (প্ৰৱেশ কৰাব)। এইটোৱে মহাসফলতা।

    [13] লগতে (তেওঁ প্ৰদান কৰিব) আৰু এটা অনুগ্ৰহ, যিটো তোমালোকে পছন্দ কৰা। (অৰ্থাৎ) আল্লাহৰ তৰফৰ পৰা সহায় আৰু নিকটবৰ্তী বিজয়; আৰু তুমি মুমিনসকলক সুসংবাদ দিয়া।

    [14] হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ সহায়কাৰী হোৱা, যেনেকৈ মাৰয়ামৰ পুত্ৰ ঈছাই হাৱাৰীসকলক কৈছিল, ‘আল্লাহৰ পথত কোনে মোৰ সহায়ক হ’বা’? হাৱাৰীসকলে কৈছিল, ‘আমিয়েই আল্লাহৰ পথত সহায়কাৰী’। তাৰ পিছত বনী ইছৰাঈলৰ এটা দলে ঈমান আনিলে আৰু আন এটা দলে কুফৰী কৰিলে। সেয়ে, যিসকলে ঈমান আনিছিল আমি তেওঁলোকক তেওঁলোকৰ শত্ৰুবাহিনীৰ ওপৰত শক্তিশালী কৰিলো। ফলত তেওঁলোক বিজয়ী হ’ল।

    Surah 62
    আল-জুমু‘আহ

    [1] আকাশমণ্ডলত যি যি আছে আৰু পৃথিৱীত যি যি আছে সকলোৱে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে, যিজন অধিপতি, মহাপৱিত্ৰ, পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    [2] তেৱেঁই উম্মীসকলৰ মাজত সিহঁতৰ মাজৰ পৰাই এজন ৰাছুল প্ৰেৰণ কৰিছে, যিজনে সিহঁতৰ ওচৰত তেওঁৰ আয়াতসমূহ তিলাৱাত কৰে, সিহঁতক পৱিত্ৰ কৰে আৰু সিহঁতক কিতাব ও হিকমতৰ শিক্ষা দিয়ে; যদিও ইতিপূৰ্বে সিহঁত ঘোৰ বিভ্ৰান্তিত আছিল

    [3] আৰু সিহঁতৰ মাজৰ পৰা অন্যান্যসকলৰ প্ৰতিও, (এই ৰাছুলকেই প্ৰেৰণ কৰা হৈছে) যিসকলে এতিয়াও সিহঁতৰ লগত মিলিত হোৱা নাই আৰু আল্লাহ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    [4] এইটো আল্লাহৰ অনুগ্ৰহ, তেওঁ যাক ইচ্ছা তাক সেয়া দান কৰে; আৰু আল্লাহ মহানুগ্ৰহৰ অধিকাৰী।

    [5] যিসকলক তাওৰাতৰ দায়িত্বভাৰ দিয়া হৈছিল, কিন্তু সিহঁতে ইয়াক বহন কৰা নাছিল। সিহঁতৰ উদাহৰণ হৈছে- গাধৰ দৰে! যিয়ে বহু কিতাপৰ বোজা বহন কৰে। কিমান যে নিকৃষ্ট সেই সম্প্ৰদায়ৰ দৃষ্টান্ত যিহঁতে আল্লাহৰ আয়াতসমূহক মিছা বুলি অমান্য কৰে; আৰু আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।

    [6] কোৱা, হে ইয়াহুদীসকল! যদি তোমালোকে ভাবা যে, আন আন মানুহৰ বাহিৰে অকল তোমালোকেই আল্লাহৰ বন্ধু, তেন্তে তোমালোকে মৃত্যু কামনা কৰা যদি তোমালোকে সত্যবাদী।

    [7] কিন্তু সিহঁতৰ হাতে আগলৈ যি প্ৰেৰণ কৰিছে তাৰ কাৰণে সিহঁতে কেতিয়াও মৃত্যু কামনা নকৰিব; আৰু আল্লাহ যালিমসকলৰ বিষয়ে সম্যক অৱগত।

    [8] কোৱা, যি মৃত্যুৰ পৰা তোমালোকে পলায়ন কৰা সেয়া নিশ্চয় তোমালোকৰ লগত সাক্ষাৎ কৰিব। তাৰ পিছত তোমালোকক প্ৰত্যাবৰ্তন কৰোৱা হ’ব গায়েব আৰু প্ৰকাশ্যৰ জ্ঞানী আল্লাহৰ ওচৰত। তেওঁ তোমালোকক জনাই দিব যি তোমালোকে আমল কৰিছিলা।

    [9] হে ঈমান্দাৰসকল! জুমুআৰ দিনা যেতিয়া ছালাতৰ বাবে আহ্বান কৰা হয়, তেতিয়া তোমালোকে আল্লাহৰ স্মৰণৰ ফালে ধাৱিত হোৱা আৰু বেচা-কিনা বন্ধ কৰা। এইটোৱে তোমালোকৰ বাবে সৰ্বোত্তম, যদি তোমালোকে উপলব্ধি কৰা।

    [10] তাৰ পিছত ছালাত সমাপ্ত হ’লে তোমালোকে পৃথিৱীত প্ৰসাৰিত হৈ যোৱা আৰু আল্লাহৰ অনুগ্ৰহ সন্ধান কৰা লগতে আল্লাহক বেছি বেছি স্মৰণ কৰা, যাতে তোমালোকে সফলতা অৰ্জন কৰিব পাৰা।

    [11] আৰু সিহঁতে যেতিয়া ব্যৱসায় অথবা ক্ৰীড়া-কৌতুক দেখা পায় তেতিয়া সিহঁতে তোমাক থিয় অৱস্থাতেই ৰাখি সেইফালে ধাৱিত হয়। কোৱা, আল্লাহৰ ওচৰত যি আছে সেয়া ক্ৰীড়া-কৌতুক আৰু ব্যৱসায়-বাণিজ্যতকৈয়ো উৎকৃষ্ট; আৰু আল্লাহ সৰ্বশ্ৰেষ্ঠ জীৱিকাদাতা।

    Surah 63
    আল-মুনাফিকুন

    [1] যেতিয়া মুনাফিকসকল তোমাৰ ওচৰত আহে তেতিয়া সিহঁতে কয়, আমি সাক্ষ্য দিওঁ যে, ‘নিশ্চয় আপুনি আল্লাহৰ ৰাছুল’; আৰু আল্লাহে জানে যে, তুমি নিশ্চয় তেওঁৰ ৰাছুল আৰু আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় মুনাফিকসকল মিছলীয়া।

    [2] সিহঁতে নিজৰ শপতবোৰক ঢালৰূপে ব্যৱহাৰ কৰে। ফলত সিহঁতে আল্লাহৰ পথৰ পৰা মানুহক নিবৃত্ত কৰে। সিহঁতে যি কৰে সেয়া কিমান যে নিকৃষ্ট

    [3] এয়া এই বাবেই যে, সিহঁতে ঈমান আনাৰ পিছত কুফৰী কৰিছে। ফলত সিহঁতৰ অন্তৰত মোহৰ মাৰি দিয়া হৈছে; সেয়ে সিহঁত নুবুজা হৈছে।

    [4] আৰু তুমি যেতিয়া সিহঁতৰ প্ৰতি লক্ষ্য কৰিবা তেতিয়া সিহঁতৰ দেহৰ আকৃতি তোমাক মুগ্ধ কৰিব আৰু সিহঁতে যেতিয়া কথা কয় তুমি সিহঁতৰ কথা আগ্ৰহেৰে শুনি থাকা। সিহঁত বেৰত লগাই থোৱা কাঠৰ খুটাৰ দৰে; সিহঁতে যিকোনো শব্দক নিজৰ বিৰুদ্ধে ধাৰণা কৰে। সিহঁতেই শত্ৰু, এতেকে সিহঁতৰ বিষয়ে সতৰ্ক হোৱা; আল্লাহে সিহঁতক ধ্বংস কৰক! সিহঁতক ক’লৈ উভতাই নিয়া হৈছে

    [5] আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আহা, আল্লাহৰ ৰাছুলে তোমালোকৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিব’, তেতিয়া সিহঁতে মূৰ জুকাৰি অস্বীকৃতি জনায়, আৰু তুমি সিহঁতক অহংকাৰ কৰি বিমুখ হৈ গুচি যোৱা দেখিবলৈ পাবা।

    [6] তুমি সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা বা নকৰা, উভয়টো সিহঁতৰ বাবে সমান। আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰিব। নিশ্চয় আল্লাহ ফাছিক্ব সম্প্ৰদায়ক হিদায়ত নিদিয়ে।

    [7] সিহঁতে কয়, ‘তোমালোকে আল্লাহৰ ৰাছুলৰ সহচৰসকলৰ বাবে ব্যয় নকৰিবা, যাতে সিহঁত আঁতৰি যায়’। অথচ আকাশমণ্ডল আৰু পৃথিৱীৰ ধন-ভাণ্ডাৰ আল্লাহৰেই, কিন্তু মুনাফিক্বসকলে নুবুজে।

    [8] সিহঁতে কয়, ‘আমি মদীনাত উভতি গ’লে নিশ্চয় তাৰ পৰা শক্তিশালীসকলে দুৰ্বলসকলক বহিষ্কাৰ কৰিব’। অথচ শক্তি-সন্মান কেৱল আল্লাহৰ আৰু তেওঁৰ ৰাছুলৰ আৰু মুমিনসকলৰ। কিন্তু মুনাফিক্বসকলে সেয়া নাজানে।

    [9] হে ঈমান্দাৰসকল! তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি যাতে তোমালোকক আল্লাহৰ স্মৰণৰ পৰা উদাসীন নকৰে; আৰু যিহঁত এনেকুৱা উদাসীন হ’ব সিহঁতেই ক্ষতিগ্ৰস্ত।

    [10] আৰু মই তোমালোকক যি জীৱিকা দান কৰিছো তোমালোকৰ ওচৰত মৃত্যু অহাৰ আগতে তাৰ পৰা ব্যয় কৰা, (কাৰণ মৃত্যু অহাৰ পিছত সি ক’ব) হে মোৰ প্ৰতিপালক! ‘মোক আৰু কিছু সময়ৰ বাবে অৱকাশ দিলে মই ছাদক্বা কৰিলোহেঁতেন আৰু সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন’

    [11] আৰু যেতিয়া কাৰোবাৰ নিৰ্দিষ্ট সময় উপস্থিত হ’ব, তেতিয়া আল্লাহে তাক কেতিয়াও অৱকাশ নিদিব। তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।

    Surah 64
    আত-তাগাবুন

    [1] আকাশমণ্ডলত যি যি আছে আৰু পৃথিৱীত যি যি আছে সকলোৱে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে, তেওঁৰেই আধিপত্য আৰু তেওঁৰেই প্ৰশংসা; আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

    [2] তেৱেঁই তোমালোকক সৃষ্টি কৰিছে। তাৰ পিছত তোমালোকৰ মাজত কিছুমান হৈছে কাফিৰ আৰু কিছুমান হৈছে মুমিন; আৰু তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।

    [3] তেৱেঁই আকাশমণ্ডল আৰু পৃথিৱীক যথাযথভাৱে সৃষ্টি কৰিছে আৰু তোমালোকক আকৃতি দান কৰিছে, তাৰ পিছত তোমালোকৰ আকৃতি উৎকৃষ্ট কৰিছে; আৰু প্ৰত্যাবৰ্তন তেওঁৰ ফালেই।

    [4] আকাশমণ্ডলত আৰু পৃথিৱীত যি আছে সকলো তেওঁ জানে আৰু তোমালোকে যি গোপন কৰা আৰু যি প্ৰকাশ কৰা সেয়াও তেওঁ জানে; আৰু অন্তৰসমূহত যি আছে সেই বিষয়ে আল্লাহ সম্যক জ্ঞানী।

    [5] ইয়াৰ আগত যিসকলে কুফৰী কৰিছে সিহঁতৰ সংবাদ তোমালোকৰ ওচৰত আহি পোৱা নাইনে? সিহঁতে নিজ কৰ্মৰ বেয়া পৰিণতি ভোগ কৰিছে আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।

    [6] এয়া এই বাবেই যে, সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকলে সুস্পষ্ট প্ৰমাণাদিসহ আহিছিল অথচ সিহঁতে কৈছিল, ‘মানুহেই আমাক পথৰ সন্ধান দিব নেকি’? তাৰ পিছত সিহঁতে কুফৰী কৰিলে আৰু মুখ ঘূৰাই ল’লে; আৰু আল্লাহেও (সিহঁতৰ ঈমানৰ বিষয়ে) ভ্ৰুক্ষেপ নকৰিলে; আৰু আল্লাহ অভাৱমুক্ত, সপ্ৰশংসিত।

    [7] কাফিৰসকলে ধাৰণা কৰে যে, সিহঁতক কেতিয়াও পুনৰুত্থিত কৰা নহ’ব। কোৱা, ‘নিশ্চয় কৰা হ’ব, মোৰ প্ৰতিপালকৰ শপত! তোমালোকক নিশ্চয় পুনৰুত্থিত কৰা হ’ব। তাৰ পিছত তোমালোকে যি কৰিছিলা সেই বিষয়ে তোমালোকক নিশ্চয় অৱগত কৰোৱা হ’ব আৰু এইটো আল্লাহৰ পক্ষে তেনেই সহজ’।

    [8] এতেকে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগতে আমি যি নূৰ আৱতীৰ্ণ কৰিছো তাৰ প্ৰতি ঈমান আনা; আৰু তোমালোকৰ কৃতকৰ্ম সম্পৰ্কে আল্লাহ সবিশেষ অৱহিত।

    [9] স্মৰণ কৰা, যিদিনা তেওঁ তোমালোকক সমাবেশ দিৱসৰ উদ্দেশ্যে সমবেত কৰিব, সেইদিনটোৱে হ’ব ক্ষতিৰ দিন; আৰু যিজনে আল্লাহৰ প্ৰতি ঈমান ৰাখে আৰু সৎকাম কৰে, তেওঁ তাৰ পাপসমূহ মোচন কৰি দিব আৰু তাক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত সিহঁত চিৰস্থায়ী হ’ব। এইটোৱে মহাসাফলতা।

    [10] কিন্তু যিহঁতে কুফুৰী কৰে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰে সিহঁতেই জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰকাল অৱস্থান কৰিব। কিমান নিকৃষ্ট সেই প্ৰত্যাবৰ্তনস্থল।

    [11] আল্লাহৰ অনুমতিবিহীন কোনো বিপদেই আপতিত নহয়। যিয়ে আল্লাহক বিশ্বাস কৰে তেওঁ তাৰ অন্তৰক সৎপথত পৰিচালিত কৰে। আল্লাহ সকলো বিষয়ে সম্যক অৱগত।

    [12] তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা। কিন্তু তোমালোকে যদি মুখ ঘূৰাই লোৱা তেন্তে (জানি থোৱা) মোৰ ৰাছুলৰ দায়িত্ব কেৱল স্পষ্টভাৱে প্ৰচাৰ কৰা।

    [13] আল্লাহ, তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই আৰু আল্লাহৰ ওপৰতেই মুমিনসকলে তাৱাক্কুল কৰা উচিত।

    [14] হে ঈমান্দাৰসকল! তোমালোকৰ স্ত্ৰী-স্বামী আৰু সন্তান-সন্ততিসকলৰ মাজত কিছুমান তোমালোকৰ শত্ৰু; এতেকে সিহঁতৰ বিষয়ে তোমালোকে সতৰ্ক থাকিবা। যদি তোমালোকে সিহঁতক মাৰ্জনা কৰি দিয়া, সিহঁতৰ দোষ-ত্ৰুটি উপেক্ষা কৰা আৰু সিহঁতক ক্ষমা কৰি দিয়া, তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

    [15] নিশ্চয় তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি কেৱল এটা পৰীক্ষা বিশেষ; আৰু আল্লাহৰ ওচৰতেই আছে মহাপুৰষ্কাৰ।

    [16] এতেকে তোমালোকে যথাসাধ্য আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, শ্ৰৱণ কৰা, আনুগত্য কৰা আৰু তোমালোকৰ নিজৰ কল্যাণৰ বাবে ব্যয় কৰা; আৰু যিসকলৰ অন্তৰ কাৰ্পণ্যৰ পৰা ৰক্ষা কৰা হয়, সিহঁতেই সাফল্যমণ্ডিত।

    [17] যদি তোমালোকে আল্লাহক উত্তম ঋণ প্ৰদান কৰা, তেওঁ তোমালোকৰ বাবে তাক বহু গুণ বৃদ্ধি কৰি দিব আৰু তেওঁ তোমালোকক ক্ষমা কৰিব; আৰু আল্লাহ গুণগ্ৰাহী, পৰম ধৈৰ্যশীল।

    [18] তেওঁ দৃশ্য আৰু অদৃশ্য যাৱতীয় বিষয়ৰ জ্ঞানী, পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

    Surah 65
    আত-ত্বালাক্ব

    [1] হে নবী (কোৱা), তোমালোকে যেতিয়া স্ত্ৰীসকলক তালাক দিবা, তেতিয়া সিহঁতক সিহঁতৰ ইদ্দতৰ প্ৰতি লক্ষ্য ৰাখি তালাক দিবা আৰু তোমালোকে ইদ্দতৰ হিচাপ ৰাখিবা; আৰু তোমালোকৰ প্ৰতিপালক আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। তোমালোকে সিহঁতক সিহঁতৰ ঘৰৰ পৰা বহিষ্কাৰ নকৰিবা আৰু সিহঁত নিজেও বাহিৰ নহ’ব, যদি সিহঁতে কোনো স্পষ্ট অশ্লিলতাত লিপ্ত নহয়। এইবোৰ আল্লাহৰ নিৰ্ধাৰিত সীমাৰেখা; আৰু যিয়ে আল্লাহৰ সীমাৰেখা লঙ্ঘন কৰে সি নিজৰ ওপৰত অত্যাচাৰ কৰে। তুমি নাজানা, সম্ভৱত আল্লাহে ইয়াৰ পিছত কোনো উপায় উদ্ভাৱন কৰি দিব।

    [2] তাৰ পিছত যেতিয়া সিহঁতে সিহঁতৰ ইদ্দতৰ শেষ সীমাত উপনীত হ’ব, তেতিয়া তোমালোকে সিহঁতক যথাবিধি ৰাখি দিবা নহ’লে সিহঁতক যথাবিধি পৰিত্যাগ কৰিবা আৰু তোমালোকৰ মাজৰ পৰা দুজন ন্যায়পৰায়ণ লোকক সাক্ষী ৰাখিবা; আৰু তোমালোকে আল্লাহৰ বাবে সঠিকভাৱে সাক্ষ্য দিবা। ইয়াৰ দ্বাৰা তোমালোকৰ মাজত যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান ৰাখে তাক উপদেশ দিয়া হৈছে; আৰু যিয়ে আল্লাহৰ তাক্বৱা অৱলম্বন কৰিব আল্লাহে তাৰ বাবে উত্তৰণৰ পথ উলিয়াই দিব

    [3] আৰু তেওঁ তাক তাৰ ধাৰণাতীত উৎসৰ পৰা জীৱিকা দান কৰিব; আৰু যি ব্যক্তি আল্লাহৰ প্ৰতি তাৱাক্কুল কৰিব তাৰ বাবে আল্লাহেই যথেষ্ট। নিশ্চয় আল্লাহে তেওঁৰ উদ্দেশ্য পূৰণ কৰিবই; নিশ্চয় আল্লাহে প্ৰতিটো বস্তুৰ বাবে এটা সময়সীমা নিৰ্ধাৰণ কৰি দিছে।

    [4] তোমালোকৰ স্ত্ৰীসকলৰ মাজত যিসকলে ঋতুমতি হোৱাৰ কাল অতিক্ৰম কৰিছে, সিহঁতৰ ইদ্দত সম্পৰ্কে যদি তোমালোকে সংশয় কৰা তেনেহ’লে সিহঁতৰ ইদ্দতকাল হ’ব তিনি মাহ আৰু যিসকলে এতিয়াও ঋতুৰ বয়সত উপনীত হোৱা নাই সিহঁতৰো (তিনি মাহ); আৰু গৰ্ভৱতী নাৰীসকলৰ ইদ্দতকাল সন্তান প্ৰসৱ নোহোৱা লৈকে; আৰু যিয়ে আল্লাহৰ তাক্বৱা অৱলম্বন কৰে আল্লাহে তাৰ বাবে তাৰ কৰ্মক সহজ কৰি দিয়ে।

    [5] এইটো আল্লাহৰ বিধান, যিটো তেওঁ তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে; আৰু যিয়ে আল্লাহৰ তাক্বৱা অৱলম্বন কৰিব তেওঁ তাৰ পাপসমূহ মোচন কৰি দিব আৰু তাক প্ৰদান কৰিব মহাপুৰষ্কাৰ।

    [6] তোমালোকৰ সামৰ্থ অনুযায়ী য’ত তোমালোকে বসবাস কৰা তাতেই সিহঁতকো বাস কৰিবলৈ দিয়া, সিহঁতক সঙ্কটত পেলাবলৈ কষ্ট নিদিবা; আৰু সিহঁত গৰ্ভৱতী থাকিলে সন্তান প্ৰসৱ নকৰালৈকে সিহঁতৰ বাবে ব্যয় কৰা। তাৰ পিছত যদি সিহঁতে তোমালোকৰ সন্তানসকলক পিয়াহ খুৱায় তেনেহ’লে সিহঁতক পাৰিশ্ৰমিক প্ৰদান কৰিবা আৰু (সন্তানৰ কল্যাণ সম্পৰ্কে) তোমালোকে নিজৰ মাজতেই সংগতভাৱে পৰামৰ্শ কৰা; আৰু যদি তোমালোকে পৰস্পৰে ঐক্যমত হ’বলৈ টান পোৱা তেনেহ’লে পিতাৰ পক্ষৰ পৰা আন তিৰোতাই পিয়াহ খুৱাব।

    [7] বিত্তবানে নিজ সামৰ্থ অনুযায়ী ব্যয় কৰিব আৰু যাৰ জীৱনোপকৰণ সীমিত তাক আল্লাহে যি দান কৰিছে তাৰ পৰা ব্যয় কৰিব। আল্লাহে যাক যি সামৰ্থ দিছে তাতকৈ বেছি গুৰুতৰ বোজা তেওঁ তাৰ ওপৰত জাপি নিদিয়ে। নিশ্চয় আল্লাহে কঠিন অৱস্থাৰ পিছত সচ্চলতা প্ৰদান কৰিব।

    [8] আৰু বহুতো জনপদে সিহঁতৰ প্ৰতিপালক আৰু তেওঁৰ ৰাছুলৰ নিৰ্দেশৰ বিৰুদ্ধাচাৰণ কৰিছিল। ফলত আমি সিহঁতৰ পৰা কঠিন হিচাপ লৈছিলো আৰু আমি সিহঁতক কঠিন শাস্তি বিহিছিলো।

    [9] ফলত সিহঁতে নিজ কৃতকৰ্মৰ সোৱাদ পালে; আৰু সিহঁতৰ কৰ্মৰ পৰিণাম আছিল ক্ষতিয়েই ক্ষতি।

    [10] আল্লাহে সিহঁতৰ বাবে কঠিন শাস্তি প্ৰস্তুত কৰি ৰাখিছে। এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, হে বোধসম্পন্ন ব্যক্তিসকল! যিসকলে ঈমান আনিছা। নিশ্চয় আল্লাহে তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে এটা উপদেশ

    [11] এজন ৰাছুল, যিয়ে তোমালোকৰ ওচৰত আল্লাহৰ সুস্পষ্ট আয়াতসমূহ তিলাৱাত কৰে, যাতে সেইসকল লোকক অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনিব পাৰে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে; আৰু যিয়ে আল্লাহৰ ওপৰত ঈমান আনিব আৰু সৎকাম কৰিব তেওঁ তাক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত সিহঁত চিৰকাল অৱস্থান কৰিব। নিশ্চয় আল্লাহে তাক উত্তম জীৱিকা প্ৰদান কৰিব।

    [12] তেৱেঁই আল্লাহ, যিজনে সাতখন আকাশ সৃষ্টি কৰিছে আৰু অনুৰূপ পৃথিৱীও, এইবোৰৰ মাজত নামি আহে তেওঁৰ নিৰ্দেশ; যাতে তোমালোকে জানিব পাৰা যে, আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান আৰু আল্লাহৰ জ্ঞানে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে।

    Surah 66
    আত-তাহরীম

    [1] হে নবী! আল্লাহে তোমাৰ বাবে যি বৈধ কৰিছে সেয়া তুমি নিজৰ বাবে নিষিদ্ধ কৰিছা কিয়? তুমি তোমাৰ স্ত্ৰীসকলৰ সন্তুষ্টি বিচৰা নেকি; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

    [2] নিশ্চয় আল্লাহে তোমালোকৰ বাবে শপতৰ পৰা মুক্তি লাভৰ ব্যৱস্থা কৰিছে; আৰু আল্লাহ তোমালোকৰ অভিভাৱক আৰু তেৱেঁই সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

    [3] আৰু স্মৰণ কৰা, যেতিয়া নবীয়ে নিজ স্ত্ৰীসকলৰ এগৰাকীক গোপন কথা এষাৰ কৈছিল; তাৰ পিছত সেইগৰাকীয়ে আন এগৰাকীক জনাই দিছিল আৰু আল্লাহে তেওঁৰ নবীৰ ওচৰত সেয়া প্ৰকাশ কৰি দিলে, তাৰ পিছত নবীয়ে এই বিষয়ে অলপ ব্যক্ত কৰিলে আৰু অলপ অৱজ্ঞা কৰি এৰি দিলে। যেতিয়া নবীয়ে বিষয়টো সেই স্ত্ৰীক জনালে, তেতিয়া স্ত্ৰীগৰাকীয়ে ক’লে, ‘আপোনাক এই কথাষাৰ কোনে জনালে’? নবীয়ে ক’লে, ‘মোক তেওঁ জনাইছে, যিজন সৰ্বজ্ঞ, সম্যক অৱগত’।

    [4] যদি তোমালোক উভয়ে আল্লাহৰ ওচৰত তাওবা কৰা (তেন্তে ই তোমালোকৰ বাবে কল্যাণকৰ), কাৰণ তোমালোকৰ হৃদয় ঢাল খাইছে। কিন্তু যদি তোমালোকে নবীৰ বিৰুদ্ধে ইজনে সিজনক পোষকতা কৰা তেন্তে জানি থোৱা, নিশ্চয় আল্লাহ তেওঁৰ সহায়কাৰী আৰু জীব্ৰীল লগতে সৎকৰ্মশীল মুমিনসকলেও, ইয়াৰ বাহিৰেও আন আন ফিৰিস্তাসকলো তেওঁৰ সহায়কাৰী।

    [5] যদি নবীয়ে তোমালোকক তালাক দিয়ে তেন্তে তেওঁৰ প্ৰতিপালকে সম্ভৱত তোমালোকৰ স্থানত তেওঁক তোমালোকতকৈয়ো উত্তম স্ত্ৰী প্ৰদান কৰিব--- যিসকল হ'ব মুছলিমাহ, মুমিনাহ, অনুগত, তাওবাকাৰীণী, ইবাদতকাৰীণী, ছিয়াম পালনকাৰীণী, অকুমাৰী আৰু কুমাৰী।

    [6] হে ঈমান্দাৰসকল! তোমালোকে নিজকে আৰু তোমালোকৰ পৰিয়ালবৰ্গক জাহান্নামৰ পৰা ৰক্ষা কৰা, যাৰ ইন্ধন হ’ব মানুহ আৰু শীল, য’ত নিয়োজিত আছে নিৰ্মম, কঠোৰস্বভাৱ ফিৰিস্তাসকল, যিসকলে আল্লাহৰ আদেশ অমান্য নকৰে; আৰু সিহঁতে যি কৰিবলৈ আদেশ প্ৰাপ্ত হয় সেইটোৱেই কৰে।

    [7] হে কাফিৰসকল! আজি তোমালোকে ওজৰ পেচ কৰিবলৈ চেষ্টা নকৰিবা। তোমালোকে যি কৰিছিলা তাৰেই প্ৰতিফল তোমালোকক দিয়া হৈছে।

    [8] হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ ওচৰত তাওবা কৰা-- বিশুদ্ধ তাওবা; আশা কৰা যায় তোমালোকৰ প্ৰতিপালকে তোমালোকৰ পাপসমূহ মোচন কৰি দিব আৰু তোমালোকক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত। সেইদিনা আল্লাহে নবী আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছে তেওঁলোকক লাঞ্ছিত নকৰিব। তেওঁলোকৰ নূৰ তেওঁলোকৰ সন্মুখত আৰু সোঁ হাতে ধাৱিত হ’ব। তেওঁলোকে ক’ব, ‘হে আমাৰ প্ৰতিপালক! আমাৰ বাবে আমাৰ নূৰক পূৰ্ণতা দান কৰা আৰু আমাক ক্ষমা কৰি দিয়া, নিশ্চয় তুমি সকলো বস্তুৰ ওপৰত ক্ষমতাবান’।

    [9] হে নবী! কাফিৰ আৰু মুনাফিকসকলৰ বিৰুদ্ধে জিহাদ কৰা আৰু সিহঁতৰ প্ৰতি কঠোৰ হোৱা। সিহঁতৰ আশ্ৰয়স্থল জাহান্নাম আৰু সেইটো কিমান যে নিকৃষ্ট গন্তব্যস্থল

    [10] যিহঁতে কুফৰী কৰে, সিহঁতৰ বাবে আল্লাহে নূহৰ স্ত্ৰী আৰু লূতৰ স্ত্ৰীৰ উদাহৰণ দিছে; সিহঁত আমাৰ বান্দাসকলৰ মাজৰ দুজন সৎ বান্দাৰ অধীনত আছিল, কিন্তু সিহঁত উভয়ে তেওঁলোকৰ লগত বিশ্বাসঘাতকতা কৰিছিল। ফলত আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ নূহ আৰু লূত সিহঁতৰ কোনো কামত নাহিল, আৰু সিহঁতক কোৱা হ’ল, ‘তোমালোক উভয়ে প্ৰৱেশকাৰীসকলৰ লগত জাহান্নামত প্ৰৱেশ কৰা’।

    [11] আৰু মুমিনসকলৰ বাবে আল্লাহে ফিৰআউনৰ স্ত্ৰীৰ উদাহৰণ দাঙি ধৰিছে, যেতিয়া তেওঁ এই বুলি প্ৰাৰ্থনা কৰিছিল, ‘হে মোৰ প্ৰতিপালক! তোমাৰ ওচৰত মোৰ বাবে জান্নাতত এটা ঘৰ নিৰ্মাণ কৰা আৰু মোক ফিৰআউন আৰু তাৰ কৰ্মৰ পৰা উদ্ধাৰ কৰা আৰু মোক উদ্ধাৰ কৰা যালিম সম্প্ৰদায়ৰ পৰা’।

    [12] (আল্লাহে আৰু উদাহৰণ দিছে) ইমৰাণৰ জীয়েক মাৰয়ামৰ---- যিয়ে নিজ লজ্জাস্থানৰ পৱিত্ৰতা ৰক্ষা কৰিছিল, ফলত আমি তাত আমাৰ ৰূহৰ পৰা ফুঁৱাই দিছিলো আৰু তেওঁ তেওঁৰ প্ৰতিপালকৰ বাণী আৰু তেওঁৰ কিতাবসমূহ সত্য বুলি গ্ৰহণ কৰিছিল আৰু তেওঁ আছিল অনুগতসকলৰ অন্যতম।

    Surah 67
    আল-মুলক

    [1] বৰকতময় তেওঁ যাৰ হাতত সৰ্বময় কৰ্তৃত্ব; আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

    [2] যিজনে মৃত্যু আৰু জীৱন সৃষ্টি কৰিছে, যাতে তোমালোকক পৰীক্ষা কৰিব পাৰে যে, তোমালোকৰ মাজত কোনে আটাইতকৈ উত্তম আমল কৰিব পাৰে? তেওঁ পৰাক্ৰমশালী, অতিক্ষমাশীল।

    [3] যিজনে সাতখন আকাশ স্তৰে স্তৰে সৃষ্টি কৰিছে। ৰহমানৰ সৃষ্টিত তুমি কোনো ত্ৰুটি দেখিবলৈ নাপাবা; তুমি আকৌ ঘুৰি চোৱা, কোনো ত্ৰুটি দেখিবলৈ পাইছানে

    [4] তাৰ পিছত আকৌ তুমি দ্বিতীয়বাৰ দৃষ্টিপাত কৰা, এই দৃষ্টি ব্যৰ্থ আৰু ক্লান্ত হৈ তোমাৰ ফালে উভতি আহিব।

    [5] নিশ্চয় আমি নিকটৱৰ্তী আকাশক প্ৰদীপপুঞ্জৰ দ্বাৰা সুশোভিত কৰিছো আৰু সেইবোৰক চয়তানসকলৰ প্ৰতি নিক্ষেপৰ উপকৰণ বনাইছো আৰু সিহঁতৰ বাবে প্ৰস্তুত কৰিছো জ্বলন্ত অগ্নিকুণ্ডৰ শাস্তি।

    [6] আৰু যিসকলে নিজ প্ৰতিপালকক অস্বীকাৰ কৰিছে, সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি; আৰু কিমান যে নিকৃষ্ট সেই প্ৰত্যাৱৰ্তনস্থল।

    [7] যেতিয়া সিহঁতক তাত নিক্ষেপ কৰা হ'ব, তাত সিহঁতে ইয়াৰ বিকট শব্দ শুনিবলৈ পাব। আৰু ই উথলি উঠিব।

    [8] ক্ৰোধত ই ছিন্ন-ভিন্ন হোৱাৰ উপক্ৰম হ'ব। যেতিয়াই তাত কোনো দলক নিক্ষেপ কৰা হ'ব, ইয়াৰ প্ৰহৰীসকলে সিহঁতক সুধিব, ‘তোমালোকৰ ওচৰত কোনো সতৰ্ককাৰী অহা নাছিল নে’

    [9] সিহঁতে ক'ব হয়, 'নিশ্চয় আমাৰ ওচৰত সতৰ্ককাৰী আহিছিল। তেতিয়া আমি (তেওঁলোকক) মিথ্যাৰোপ কৰিছিলো আৰু কৈছিলো, ‘আল্লাহে একোৱে অৱতীৰ্ণ কৰা নাই। তোমালোকে মহাবিভ্ৰান্তিত আছা’।

    [10] আৰু সিহঁতে ক'ব, ‘যদি আমি শুনিলোহেঁতেন আৰু বিবেক-বুদ্ধি প্ৰয়োগ কৰিলোহেঁতেন, তেন্তে আমি জ্বলন্ত জুইৰ অধিবাসী নহ'লোহেঁতেন’।

    [11] ফলত সিহঁতে নিজৰ অপৰাধ স্বীকাৰ কৰিব। এতেকে ধ্বংস জ্বলন্ত জুইৰ অধিবাসীসকলৰ বাবে।

    [12] নিশ্চয় যিসকলে নেদেখাকৈ নিজ প্ৰতিপালকক ভয় কৰে তেওঁলোকৰ বাবে আছে ক্ষমা আৰু ডাঙৰ প্ৰতিদান।

    [13] আৰু তোমালোকে তোমালোকৰ কথা গোপনে কোৱা অথবা প্ৰকাশ্যভাৱে কোৱা, নিশ্চয় তেওঁ অন্তৰসমূহত যি আছে সেই বিষয়ে সম্যক অৱগত।

    [14] যিজনে সৃষ্টি কৰিছে, তেৱেঁই নাজানিবনে? অথচ তেওঁ সূক্ষ্মদৰ্শী, সম্যক অৱহিত।

    [15] তেৱেঁই তোমালোকৰ বাবে পৃথিৱীখনক সুগম কৰি দিছে, এতেকে তোমালোকে ইয়াৰ পথ-প্ৰান্তৰত বিচৰণ কৰা আৰু তেওঁৰ জীৱিকাৰ পৰা তোমালোকে আহাৰ কৰা; আৰু তেওঁৰ ওচৰতেই পুনৰুত্থান।

    [16] তোমালোকে তেওঁৰ পৰা নিৰ্ভয় হৈছা নেকি যে, যিজন আকাশত আছে তেওঁ তোমালোকক পৃথিৱীসহ (পুতি পেলাই) ধ্বংস কৰিব আৰু হঠাৎ ই (পৃথিৱীখন) থৰ থৰকৈ কঁপিবলৈ ধৰিব

    [17] অথবা তোমালোকে ইয়াৰ পৰা নিৰ্ভয় হৈছা নেকি যে, যিজন আকাশত আছে, তেওঁ তোমালোকৰ ওপৰত শিল বৰ্ষণকাৰী প্ৰবল ধুমুহা পঠাব? তেতিয়া তোমালোকে জানিবলৈ পাবা কেনেকুৱা আছিল মোৰ সতৰ্কবাণী

    [18] আৰু নিশ্চয় সিহঁতৰ পুৰ্বৱৰ্তীসকলেও মিথ্যাৰোপ কৰিছিল। ফলত কেনেকুৱা আছিল মোৰ প্ৰত্যাখ্যান (ইয়াৰ শাস্তি)

    [19] সিহঁতে সিহঁতৰ ওপৰত (উৰি ফুৰা) চৰাইবোৰৰ প্ৰতি লক্ষ্য কৰা নাইনে, যিবোৰে পাখী মেলি দিয়ে আৰু সংকুচিত কৰে? পৰম কৰুণাময় আল্লাহেই এইবোৰক স্থিৰ কৰি ৰাখে। নিশ্চয় তেওঁ সকলো বস্তুৰ সম্যক দ্ৰষ্টা।

    [20] পৰম কৰুণাময় আল্লাহৰ বাহিৰে তোমালোকৰ এনে কোনো সৈন্যবাহিনী আছেনে, যিসকলে তোমালোকক সহায় কৰিব? কাফিৰসকল আছে মাথোন প্ৰবঞ্চনাৰ মাজত।

    [21] কোন আছে এনেকুৱা, যিজনে তোমালোকক জীৱিকা দান কৰিব যদি তেওঁ তেওঁৰ জীৱিকা বন্ধ কৰি দিয়ে? বৰং সিহঁত অবাধ্যতা আৰু বিমুখতাত আবিচল হৈ আছে।

    [22] যি ব্যক্তি নত হৈ মুখৰ ওপৰত ভৰ দি খোজ কাঢ়ে, সিয়েই অধিক হিদায়ত প্ৰাপ্ত, নে সেই ব্যক্তি, যিজনে পোন হৈ সৰল পথত খোজ কাঢ়ে

    [23] কোৱা, তেৱেঁই তোমালোকক সৃষ্টি কৰিছে আৰু তোমালোকৰ বাবে শ্ৰৱণ আৰু দৃষ্টিশক্তি লগতে অন্তঃকৰণসমূহ প্ৰদান কৰিছে। তোমালোকে খুবেই কম কৃতজ্ঞতা প্ৰকাশ কৰা।

    [24] কোৱা, তেৱেঁই তোমালোকক পৃথিৱীত সৃষ্টি কৰি প্ৰসাৰিত কৰিছে আৰু তেওঁৰ ওচৰতেই তোমালোকক সমবেত কৰা হ'ব।

    [25] আৰু সিহঁতে কয়, 'তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱাচোন এই প্ৰতিশ্ৰুতি কেতিয়া বাস্তবায়িত হ’ব'?।

    [26] কোৱা, এই বিষয়ৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতেই আছে। আৰু মইতো কেৱল স্পষ্ট সতৰ্ককাৰী মাত্ৰ।

    [27] তাৰ পিছত যেতিয়া সিহঁতে ইয়াক নিচেই ওচৰত দেখা পাব তেতিয়া কাফিৰসকলৰ চেহাৰা ম্লান হৈ পৰিব আৰু কোৱা হ’ব, ‘এইটোৱেই হৈছে সেইটো, যিটো তোমালোকে দাবী কৰিছিলা’।

    [28] কোৱা, কোৱাচোন তোমালোকে.. যদি আল্লাহে মোক আৰু মোৰ সঙ্গীসকলক ধ্বংস কৰি দিয়ে অথবা আমাৰ প্ৰতি দয়া প্ৰদৰ্শন কৰে, তেন্তে কাফিৰসকলক যন্ত্ৰণাদায়ক শাস্তিৰ পৰা কোনে ৰক্ষা কৰিব

    [29] কোৱা, তেৱেঁই পৰম কৰুণাময়। আমি তেওঁৰ ওপৰতেই ঈমান আনিছো আৰু তেওঁৰ ওপৰতেই ভৰসা কৰিছো। গতিকে তোমালোকে অনতিপলমে জানিবলৈ পাবা কোনে স্পষ্ট বিভ্ৰান্তিত আছে।

    [30] কোৱা, তোমালোকে ভাবিছানে, যদি তোমালোকৰ পানী ভূগৰ্ভত গুচি যায়, তেতিয়া কোনে তোমালোকক প্ৰবাহমান পানী আনি দিব

    Surah 68
    আল-ক্বালাম

    [1] নূন; কলমৰ শপত আৰু সিহঁতে যি লিখে তাৰ শপত

    [2] তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহ যে, তুমি উন্মাদ নহয়।

    [3] আৰু নিশ্চয় তোমাৰ বাবে আছে নিৰবিচ্ছিন্ন পুৰষ্কাৰ।

    [4] আৰু নিশ্চয় তুমি মহান চৰিত্ৰৰ উচ্চ শৃঙ্গত অধিষ্ঠিত।

    [5] এতেকে অনতিপলমে তুমি দেখিবলৈ পাবা আৰু সিহঁতেও দেখিবলৈ পাব

    [6] তোমালোকৰ মাজত কোন বিকাৰগ্ৰস্থ

    [7] নিশ্চয় তোমাৰ প্ৰতিপালক সম্যক অৱগত সিহঁতৰ বিষয়ে যিহঁতে তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে, আৰু তেওঁ হিদায়ত প্ৰাপ্তসকলৰ বিষয়েও সম্যক পৰিজ্ঞাত।

    [8] গতিকে তুমি মিথ্যাৰোপকাৰীসকলৰ আনুগত্য নকৰিবা।

    [9] সিহঁতে কামনা কৰে যে, তুমি আপোষকামী হোৱা, তেন্তে সিহঁতেও আপোষকামী হ'ব।

    [10] আৰু তুমি আনুগত্য নকৰিবা প্ৰত্যেক এনে ব্যক্তিৰ যিয়ে অধিক শপতকাৰী, লাঞ্ছিত

    [11] পিঠিৰ আঁৰত নিন্দাকাৰী আৰু যিজন চোগলখুৰী কৰি ফুৰে

    [12] কল্যাণৰ কামত বাধা প্ৰদানকাৰী, সীমালঙ্ঘনকাৰী, পাপিষ্ঠ

    [13] দুষ্ট প্ৰকৃতিৰ, তদুপৰি কুখ্যাত

    [14] এই বাবেই যে, সি আছিল ধন-সম্পদ আৰু সন্তান-সন্ততিৰ অধিকাৰী।

    [15] যেতিয়া তাৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱাত কৰা হয় তেতিয়া সি কয়, এইবোৰ পূৰ্বৱৰ্তীসকলৰ কল্প-কাহিনী মাত্ৰ।

    [16] অতি শীঘ্ৰে আমি তাৰ শুৰত (নাকত) দাগ দিম।

    [17] নিশ্চয় আমি ইহঁতক পৰীক্ষা কৰিছো, যেনেকৈ পৰীক্ষা কৰিছিলো উদ্যান-অধিপতিসকলক, যেতিয়া সিহঁতে শপত কৰিছিল যে, অৱশ্যে ৰাতিপুৱাই সিহঁতে বাগানৰ ফল আহৰণ কৰিব।

    [18] আৰু সিহঁতে ‘ইন শ্বা আল্লাহ’ কোৱা নাছিল।

    [19] সেয়ে তোমাৰ প্ৰতিপালকৰ ওচৰৰ পৰা এটা প্ৰদক্ষিণকাৰী (বিপৰ্যয়, জুই) বাগানৰ ওপৰত প্ৰদক্ষিণ কৰিলে, সেই সময়ত সিহঁত আছিল টোপনিত।

    [20] ফলত ই (জুই লাগি) কলাবৰ্ণৰ নিচিনা হৈ গ’ল।

    [21] ৰাতিপুৱাই সিহঁতে ইজনে সিজনক মাতি ক’লে

    [22] ‘যদি তোমালোকে ফল আহৰণ কৰিব বিচৰা তেনেহ’লে পুৱতি নিশাই তোমালোকৰ বাগানলৈ যোৱা’।

    [23] তাৰ পিছত সিহঁতে যাবলৈ ধৰিলে, আৰু নিম্নস্বৰে এই কথা কৈ আছিল

    [24] যে ‘আজি তাত তোমালোকৰ ওচৰত যাতে কোনো দুখীয়া-অভাৱী প্ৰৱেশ কৰিব নোৱাৰে’।

    [25] আৰু সিহঁতে পুৱতি নিশাই দৃঢ় ইচ্ছা শক্তি লৈ সক্ষম অৱস্থাত (বাগানলৈ) যাত্ৰা কৰিলে।

    [26] তাৰ পিছত সিহঁতে যেতিয়া বাগানখন দেখিবলৈ পালে, তেতিয়া সিহঁতে ক’লে, ‘নিশ্চয় পথ হেৰুৱাইছো’।

    [27] ‘বৰং আমি বঞ্চিত’।

    [28] সিহঁতৰ মাজৰ শ্ৰেষ্ঠ ব্যক্তিজনে ক’লে, ‘মই তোমালোকক কোৱা নাছিলোনে যে, তোমালোকে কিয় আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা নকৰা’

    [29] সিহঁতে ক’লে, ‘আমি আমাৰ প্ৰতিপালকৰ পৱিত্ৰতা ঘোষণা কৰোঁ। নিশ্চয় আমি যালিম আছিলো’।

    [30] তাৰ পিছত সিহঁতে ইজনে সিজনক দোষাৰোপ কৰিবলৈ ধৰিলে।

    [31] সিহঁতে ক’লে, ‘হায়, আমাৰ ধ্বংস! নিশ্চয় আমি সীমালঙ্ঘনকাৰী আছিলো’।

    [32] সম্ভৱতঃ আমাৰ প্ৰতিপালকে আমাক ইয়াতকৈয়ো উৎকৃষ্ট বিনিময় প্ৰদান কৰিব। অৱশ্যে আমি আমাৰ প্ৰতিপালকৰ প্ৰতি আগ্ৰহী।

    [33] এইদৰেই হয় শাস্তি আৰু আখিৰাতৰ শাস্তি আৰু ডাঙৰ, যদি সিহঁতে জানিলেহেঁতেন।

    [34] নিশ্চয় মুত্তাক্বীসকলৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে নিয়ামতপূৰ্ণ জান্নাত।

    [35] আমি মুছলিম (আনুগত)সকলক অপৰাধীসকলৰ দৰে গণ্য কৰিম নেকি

    [36] তোমালোকৰ কি হৈছে, তোমালোকে এইটো কেনেকুৱা সিদ্ধান্ত কৰা

    [37] তোমালোকৰ ওচৰত কোনো পুথি আছে নেকি য’ত তোমালোকে অধ্যয়ন কৰা

    [38] যে, নিশ্চয় তোমালোকৰ বাবে তাত এনেকুৱা বস্তু আছে যি তোমালোকে পছন্দ কৰা

    [39] অথবা তোমালোকৰ বাবে আমাৰ লগত কিয়ামত পৰ্যন্ত বলবৎ থকা এনেকুৱা কোনো অঙ্গীকাৰ আছে নেকি যে, তোমালোকে নিজৰ বাবে যিটোৱে ফয়চালা কৰিবা সেইটোৱে পাবা

    [40] তুমি সিহঁতক সোধা, সিহঁতৰ মাজত এই দাবীৰ জিম্মাদাৰ কোন

    [41] অথবা সিহঁতৰ বাবে (আল্লাহৰ লগত) বহুতো অংশীদাৰ আছে নেকি? আছে যদি তেন্তে সিহঁতে সিহঁতৰ অংশীদাৰসকলক উপস্থিত কৰক—যদি সিহঁত সত্যবাদী হয়।

    [42] সেইদিনা ভৰিৰ কলাফুলি উন্মোচিত কৰা হ’ব, সেইদিনা সিহঁতক মাতা হ’ব ছাজদাহ কৰিবলৈ, কিন্তু সিহঁত সক্ষম নহ’ব

    [43] সিহঁতৰ দৃষ্টিসমূহ অৱনত অৱস্থাত থাকিব, অপমানে সিহঁতক আচ্ছন্ন কৰিব অথচ যেতিয়া সিহঁত নিৰাপদ আছিল তেতিয়া সিহঁতক মাতা হৈছিল ছাজদা কৰিবলৈ (কিন্তু সিহঁতে ছাজদা কৰা নাছিল)।

    [44] এতেক এৰি দিয়া মোক আৰু সিহঁতক যিসকলে এই বাণী প্ৰত্যাখ্যান কৰে। আমি সিহঁতক লাহে লাহে এনেকৈ ধৰিম যে, সিহঁতে গমেই নাপাব।

    [45] আৰু মই সিহঁতক অৱকাশ দিম। নিশ্চয় মোৰ কৌশল অত্যন্ত বলিষ্ঠ।

    [46] তুমি সিহঁতৰ ওচৰত পাৰিশ্ৰমিক (বিনিময়) দাবী কৰিছা নেকি, যাৰ ফলত সিহঁতে ঋণৰ কাৰণে ভাৰাক্ৰান্ত হৈ পৰিছে

    [47] নে সিহঁতৰ ওচৰত গায়েবৰ জ্ঞান আছে, যিটো সিহঁতে লিখি ৰাখে

    [48] এতেকে তুমি তোমাৰ প্ৰতিপালকৰ আদেশৰ অপেক্ষাত ধৈৰ্য ধাৰণ কৰা, আৰু তুমি মাছৰ গৰাকীৰ দৰে নহ’বা, যেতিয়া তেওঁ বিষাদ আচ্ছন্ন অৱস্থাত আহ্বান কৰিছিল।

    [49] যদি তেওঁৰ প্ৰতিপালকৰ অনুগ্ৰহ তেওঁৰ ওচৰত আহি নাপালেহেঁতেন, তেন্তে তেওঁ লাঞ্ছিত অৱস্থাত উন্মুক্ত প্ৰান্তৰত নিক্ষিপ্ত হ’লেহেঁতেন।

    [50] তাৰ পিছত তেওঁৰ প্ৰতিপালকে তেওঁক মনোনীত কৰিলে আৰু তেওঁক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভূক্ত কৰিলে।

    [51] আৰু কাফিৰসকলে যেতিয়া উপদেশবাণী (কোৰআন) শুনে তেতিয়া সিহঁতে এনেকুৱা দৃষ্টিৰে তোমাৰ ফালে চায় যেনিবা তোমাক বাগৰাই দিব, আৰু সিহঁতে কয়, ‘নিশ্চয় এওঁ এজন উন্মাদ (বলিয়া)’।

    [52] অথচ এই কোৰআন কেৱল বিশ্ববাসীৰ বাবে উপদেশ।

    Surah 69
    আল-হাক্বক্বাহ

    [1] সেই অৱশ্যম্ভাৱী ঘটনা, (কিয়ামত)

    [2] কি সেই অৱশ্যম্ভাৱী ঘটনা

    [3] আৰু কিহে তোমাক জনাব সেই অৱশ্যম্ভাৱী ঘটনাটোনো কি

    [4] ছামুদ আৰু আদ সম্প্ৰদায়ে মিথ্যাৰোপ কৰিছিল ভীতিপ্ৰদ মহাবিপদক।

    [5] সেয়ে ছামুদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল এটা প্ৰলয়ংকৰ বিপৰ্যয়কাৰী প্ৰচণ্ড শব্দৰ দ্বাৰা।

    [6] আৰু আদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল ঠাণ্ডা প্ৰবল ধুমুহা বতাহৰ দ্বাৰা

    [7] ইয়াক তেওঁ সাত ৰাতি আৰু আঠ দিন অবিৰামভাৱে সিহঁতৰ ওপৰত প্ৰবাহিত কৰিছিল; ফলত তুমি উক্ত সম্প্ৰদায়ক দেখিবলৈ পালাহেঁতেন---যে সিহঁত এনেকৈ সিচৰিত হৈ পৰি আছে যেনে সাৰশূন্য খেজুৰ গছৰ কাণ্ডহে।

    [8] ইয়াৰ পিছত সিহঁতৰ বাবে তুমি কিবা অৱশিষ্ট দেখিবলৈ পোৱানে

    [9] আৰু ফিৰআউন, তাৰ পূৰ্বৱৰ্তীসকলে লগতে ওলোটাই দিয়া জনপদবাসীয়ে জঘন্য পাপ কামত লিপ্ত আছিল।

    [10] আৰু সিহঁতে নিজ প্ৰতিপালকৰ ৰাছুলক অমান্য কৰিছিল, ফলত তেওঁ সিহঁতক অত্যন্ত কঠোৰভাৱে গ্ৰেপ্তাৰ কৰিলে।

    [11] যেতিয়া বানপানী বিপদসীমা চেৰাই গৈছিল নিশ্চয় তেতিয়া আমি তোমালোকক নাৱঁত আৰোহণ কৰাইছিলো।

    [12] আমি এইটো কৰিছিলো তোমালোকক এটা স্মৰণীয় শিক্ষা দিয়াৰ বাবে আৰু এই বাবে যে, যাতে শ্ৰুতিধৰ কাণে ইয়াক সংৰক্ষণ কৰি ৰাখে।

    [13] এতেকে যেতিয়া শিঙাত ফু দিয়া হ’ব—কেৱল এটা ফু।

    [14] আৰু পৃথিৱীসহ পৰ্বতসমূহক উঠাই নিয়া হ’ব আৰু মাত্ৰ এটা আঘাতত এইবোৰ চূৰ্ণ-বিচূৰ্ণ হৈ যাব।

    [15] ফলত সেইদিনা মহাঘটনা সংঘটিত হ’ব।

    [16] আৰু আকাশ বিদীৰ্ণ হৈ যাব, ফলত সেইদিনা ই দুৰ্বল-বিক্ষিপ্ত হৈ পৰিব।

    [17] আৰু ফিৰিস্তাসকল আকাশৰ বিভিন্ন প্ৰান্তত থাকিব। সেইদিনা আঠজন ফিৰিস্তাই তোমাৰ প্ৰতিপালকৰ আৰছক বহন কৰিব।

    [18] সেইদিনা তোমালোকক উপস্থিত কৰোৱা হ’ব লগতে তোমালোকৰ কোনো গোপনীয়তাই আৰু গোপন নাথাকিব।

    [19] তেতিয়া যাৰ আমলনামা তাৰ সোঁ হাতত দিয়া হ’ব সি ক’ব, ‘লোৱা, মোৰ আমলনামা পঢ়ি চোৱা’।

    [20] ‘মোৰ দৃঢ় বিশ্বাস আছিল যে, মই মোৰ হিচাপৰ সন্মুখীন হম’।

    [21] সেয়ে তেওঁ সন্তোষজনক জীৱন-যাপন কৰিব।

    [22] সুউচ্চ জান্নাতত

    [23] যাৰ ফল-মূল নিচেই ওচৰত ওলমি থাকিব।

    [24] (কোৱা হ’ব) ‘বিগত দিনসমূহত তোমালোকে আগলৈ যি প্ৰেৰণ কৰিছিলা তাৰ বিনিময়ত তোমালোকে তৃপ্তি সহকাৰে খোৱা আৰু পান কৰা’।

    [25] কিন্তু যাৰ আমলনামা বাওঁ হাতত দিয়া হ’ব সি ক’ব, ‘হায়, মোক যদি মোৰ আমলনামা নিদিলেহেঁতেন’

    [26] ‘আৰু যদি মই নাজানিলোহেঁতেন মোৰ হিচাপ

    [27] ‘হায়, মোৰ মৃত্যুৱেই যদি মোৰ চূড়ান্ত ফায়চালা হ’লেহেঁতেন

    [28] ‘মোৰ ধন-সম্পদ মোৰ কোনো কামত নাহিল।

    [29] ‘মোৰ ক্ষমতা শক্তিও বিনষ্ট হৈছে’।

    [30] (ফিৰিস্তাসকলক কোৱা হ’ব) ‘ধৰা তাক আৰু গলত পঘা লগাই দিয়া’।

    [31] ‘তাৰ পিছত তাক জাহান্নামত নিক্ষেপ কৰা’।

    [32] তাৰ পিছত তাক বান্ধি থোৱা এনে এডাল শিকলিৰে যাৰ দৈৰ্ঘ সত্তৰ হাত।

    [33] নিশ্চয় সি মহান আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা নাছিল

    [34] আৰু মিছকিনক খাদ্যদানত উৎসাহিত কৰাও নাছিল।

    [35] এতেকে আজি ইয়াত তাৰ কোনো অন্তৰঙ্গ বন্ধু নাথাকিব।

    [36] আৰু ক্ষত-নিঃসৃত পুঁজৰ বাহিৰে আন কোনো খাদ্য নাথাকিব

    [37] যিটো অপৰাধীসকলৰ বাহিৰে আন কোনেও নাখাব।

    [38] এতেকে মই শপত কৰো সেইবোৰ বস্তুৰ যিবোৰ তোমালোকে দেখা পোৱা

    [39] আৰু তাৰো শপত কৰো যিবোৰ তোমালোকে দেখা নোপোৱা

    [40] নিশ্চয় এয়া (কোৰআন) এক সন্মানিত ৰাছুলৰ (বাহিত) বাণী।

    [41] আৰু এয়া কোনো কবিৰ কথা নহয়; তোমালোকে খুবেই কম ঈমান পোষণ কৰা।

    [42] আৰু এয়া কোনো গণকৰ কথাও নহয়; তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা।

    [43] এয়া বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা নাযিলকৃত।

    [44] যদি তেওঁ আমাৰ নামত কোনো মিছা ৰচনা কৰিলেহেঁতেন

    [45] তেন্তে নিশ্চয় আমি তাক সোঁ হাতেৰে ধৰিলোহেঁতেন

    [46] তাৰ পিছত আমি তাৰ হৃদপিণ্ডৰ শিৰা কাটি দিলোহেঁতেন

    [47] এতেকে তোমালোকৰ মাজত এনে কোনো নাই, যিয়ে তাক ৰক্ষা কৰিব।

    [48] আৰু এয়া (কোৰআন) তো মুত্তাক্বীসকলৰ বাবে নিশ্চিত এটা উপদেশ।

    [49] আৰু আমি নিশ্চয় জানো যে, তোমালোকৰ মাজত কিছুমান মিথ্যাৰোপকাৰী আছে।

    [50] আৰু এইটো (কোৰআন) নিশ্চয় কাফিৰসকলৰ বাবে এক নিশ্চিত অনুশোচনাৰ কাৰণ।

    [51] আৰু নিশ্চয় এইটো সুনিশ্চিত সত্য।

    [52] এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।

    Surah 70
    আল-মা‘আরিজ

    [1] ব্যক্তি এজনে আবেদন কৰিলে, এনে শাস্তি সম্পৰ্কে যিটো আপতিত হ’ব

    [2] কাফিৰসকলৰ ওপৰত, যাৰ কোনো প্ৰতিৰোধকাৰী নাই।

    [3] এইটো আহিব আল্লাহৰ তৰফৰ পৰা, যিজন ঊৰ্ধ্বাৰোহণৰ খটখটীবোৰৰ (জখলা) অধিকাৰী

    [4] ফিৰিস্তাসকল আৰু ৰূহ এনে এটা দিনত আল্লাহৰ দিশে ঊৰ্দ্ধগামী হয়, যাৰ পৰিমাণ পঞ্চাশ হাজাৰ বছৰ।

    [5] এতেকে তুমি ধৈৰ্য ধাৰণ কৰা পৰম ধৈৰ্য।

    [6] সিহঁতে এই দিনক বহু দূৰত থকা বুলি ভাৱে।

    [7] আৰু আমি ইয়াক নিচেই ওচৰত দেখি আছো।

    [8] সেইদিনা আকাশ হৈ যাব গলিত ধাতুৰ দৰে

    [9] আৰু পৰ্বতসমূহ হৈ যাব ৰঙ-বিৰঙৰ ঊণৰ দৰে

    [10] আৰু কোনো অন্তৰঙ্গ বন্ধুৱে অন্তৰঙ্গ বন্ধুৰ খা-খবৰ নুসুধিব

    [11] সিহঁতক ইজনে-সিজনৰ দৃষ্টিগোচৰ কৰোৱা হ’ব। অপৰাধীয়ে সেইদিনাৰ শাস্তিৰ বিনিময়ত দিব বিচাৰিব তাৰ সন্তান-সন্ততিক

    [12] আৰু তাৰ স্ত্ৰী আৰু ভাতৃক

    [13] আৰু তাৰ জাতি-গোষ্ঠিক, যিসকলে তাক আশ্ৰয় দিছিল

    [14] আৰু পৃথিৱীত যিসকল আছে সেই সকলোকে, যাতে এই বিনিময়ে তাক মুক্তি দিয়ে।

    [15] কেতিয়াও নহয়, নিশ্চয় এইটো লেলিহান জুই

    [16] যিয়ে মূৰৰ ছাল খহাই পেলাব।

    [17] জাহান্নামে সেই ব্যক্তিক মাতিব, যিয়ে সত্যৰ প্ৰতি পৃষ্ঠ প্ৰদৰ্শন কৰিছিল আৰু মুখ ঘূৰাই লৈছিল।

    [18] আৰু সম্পদ সঞ্চয় কৰিছিল আৰু সেইবোৰ সংৰক্ষণ কৰি ৰাখিছিল।

    [19] নিশ্চয় মানুহক সৃষ্টি কৰা হৈছে অতিশয় ধৈৰ্যহীন অস্থিৰচিত্তৰূপে।

    [20] যেতিয়া তাক বিপদে স্পৰ্শ কৰে তেতিয়া সি অতিমাত্ৰা উৎকন্ঠিত হৈ পৰে।

    [21] আৰু যেতিয়া তাক কল্যাণে স্পৰ্শ কৰে তেতিয়া সি অতিশয় কৃপণ হৈ পৰে।

    [22] কিন্তু ছালাত প্ৰতিষ্ঠাকাৰীসকলৰ বাহিৰে

    [23] যিসকলে নিজ ছালাতৰ ক্ষেত্ৰত সদায় প্ৰতিষ্ঠিত

    [24] আৰু যিসকলৰ ধন-সম্পদত নিৰ্ধাৰিত হক্ব আছে

    [25] খোজনীয়া-মগনীয়া আৰু বঞ্চিতসকলৰ বাবে

    [26] আৰু যিসকলে প্ৰতিফল দিৱসক সত্য বুলি বিশ্বাস কৰে।

    [27] আৰু যিসকলে নিজ প্ৰতিপালকৰ শাস্তি সম্পৰ্কে ভীত-সন্ত্ৰস্ত

    [28] নিশ্চয় তেওঁলোকৰ প্ৰতিপালকৰ শাস্তিৰ পৰা নিৰাপদ হৈ থকা নাযায়

    [29] আৰু যিসকলে নিজৰ যৌনাঙ্গসমূহৰ হিফাজতকাৰী

    [30] কিন্তু সিহঁতৰ পত্নী অথবা অধিকাৰভুক্ত দাসীৰ বাহিৰে, এনে ক্ষেত্ৰত সিহঁত নিন্দনীয় নহ’ব

    [31] কিন্তু যিসকলে এওঁলোকৰ বাহিৰে আনক কামনা কৰে, সিহঁতেই সীমালঙ্ঘনকাৰী।

    [32] আৰু যিসকলে নিজৰ আমানত আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰে

    [33] আৰু যিসকলে নিজ সাক্ষ্যদানত অটল

    [34] আৰু যিসকলে নিজৰ ছালাতৰ হিফাজত কৰে

    [35] তেওঁলোকেই জান্নাতসমূহত সন্মানিত হ’ব।

    [36] কাফিৰসকলৰ কি হ’ল, সিহঁতে দেখুন তোমাৰ ফালে ঢপলীয়াই আহি আছে

    [37] সোঁ ফালৰ পৰা আৰু বাওঁ ফালৰ পৰা, দলে দলে।

    [38] সিহঁতৰ প্ৰত্যেকেই এইটো আশা কৰে নেকি যে, তাক প্ৰাচুৰ্যময় জান্নাতত প্ৰৱেশ কৰোৱা হ’ব

    [39] কেতিয়াও নহয়, নিশ্চয় সিহঁতক যিটোৰে সৃষ্টি কৰিছো সেয়া সিহঁতে জানে।

    [40] এতেকে মই শপত কৰিছো উদয়স্থল আৰু অস্তাচলসমূহৰ প্ৰতিপালকৰ, অৱশ্যে আমি সক্ষম

    [41] সিহঁততকৈ উৎকৃষ্টসকলক সিহঁতৰ স্থলৱৰ্তী কৰিবলৈ, আৰু এনে কৰাত আমি অক্ষম নহয়।

    [42] এতেকে সিহঁতক নিৰৰ্থক কথা-বতৰা আৰু খেল-ধেমালিত মত্ত হৈ থাকিবলৈ দিয়া-- যি দিনৰ প্ৰতিশ্ৰুতি সিহঁতক দিয়া হৈছে সেই দিনৰ সন্মুখীন নোহোৱা পৰ্যন্ত।

    [43] সেইদিনা সিহঁত কবৰৰ পৰা দ্ৰুতবেগত ওলাই আহিব, এনে লাগিব যেনিবা সিহঁতে কোনো লক্ষ্যস্থলৰ ফালে ধাবিত হৈছে

    [44] সিহঁতৰ দৃষ্টিসমূহ অৱনত অৱস্থাত থাকিব, অপমানে সিহঁতক আচ্ছন্ন কৰিব এইটোৱে সেইদিন যাৰ বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছিল।

    Surah 71
    নূহ

    [1] নিশ্চয় আমি নূহক তেওঁৰ সম্প্ৰদায়ৰ প্ৰতি এই নিৰ্দেশসহ প্ৰেৰণ কৰিছিলো যে, ‘সিহঁতৰ ওচৰত যন্ত্ৰণাদায়ক শাস্তি অহাৰ পূৰ্বে তুমি সিহঁতক সতৰ্ক কৰি দিয়া’।

    [2] তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! নিশ্চয় মই তোমালোকৰ বাবে স্পষ্ট সতৰ্ককাৰী

    [3] ‘এই বিষয়ে যে, তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তেওঁৰ তাক্বৱা অৱলম্বন কৰা, আৰু মোৰ আনুগত্য কৰা

    [4] তেওঁ তোমালোকৰ বাবে তোমালোকৰ পাপসমূহ ক্ষমা কৰিব আৰু তোমালোকক এটা নিৰ্দিষ্ট সময় পৰ্যন্ত অৱকাশ দিব। নিশ্চয় আল্লাহৰ নিৰ্ধাৰিত সময় উপস্থিত হ’লে সেয়া (কেতিয়াও) বিলম্ব কৰা নহয়; যদি তোমালোকে এইটো জানিলাহেঁতেন!’

    [5] তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মই মোৰ সম্প্ৰদায়ক দিনে ৰাতিয়ে আহ্বান কৰিছো

    [6] ‘কিন্তু মোৰ আহ্বানত সিহঁতৰ আঁতৰি যোৱাটোহে বৃদ্ধি পাইছে’।

    [7] আৰু যেতিয়াই মই সিহঁতক আহ্বান কৰিছো যাতে তুমি সিহঁতক ক্ষমা কৰা, সিহঁতে নিজৰ কাণত আঙুলিৰে সোপা দিছে আৰু কাপোৰেৰে নিজকে ঢাকি লৈছে, আৰু আঁকোৰগোঁজ হৈ থাকিছে লগতে অতি দাম্ভিকতাৰে ঔদ্ধত্য প্ৰকাশ কৰিছে।

    [8] ‘তাৰ পিছতো মই সিহঁতক প্ৰকাশ্য আহ্বান কৰিছো

    [9] ‘আকৌ সিহঁতক মই প্ৰকাশ্য আৰু অতি গোপনীয়ভাৱেও আহ্বান কৰিছো’।

    [10] আৰু কৈছো, তোমালোকৰ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, নিশ্চয় তেওঁ মহাক্ষমাশীল

    [11] তেওঁ তোমালোকৰ বাবে প্ৰচুৰ পৰিমাণে বৰষুণ বৰ্ষাব

    [12] ‘আৰু তোমালোকক ধন-সম্পদ আৰু সন্তান-সন্ততি প্ৰদান কৰি সহায় কৰিব আৰু তোমালোকৰ বাবে উদ্যান স্থাপন কৰিব আৰু নদ-নদী প্ৰবাহিত কৰিব।

    [13] তোমালোকৰ কি হ'ল, তোমালোকে আল্লাহৰ শ্ৰেষ্ঠত্ব উপলব্ধি নকৰা কিয়

    [14] ‘অথচ তেৱেঁই তোমালোকক সৃষ্টি কৰিছে পৰ্যায়ক্ৰমে।

    [15] তোমালোকে লক্ষ্য কৰা নাইনে, আল্লাহে কেনেকৈ স্তৰে স্তৰে সাতখন আকাশ সৃষ্টি কৰিছে

    [16] আৰু এইবোৰৰ মাজত চন্দ্ৰক সৃষ্টি কৰিছে পোহৰ হিচাপে আৰু সূৰ্যক বনাইছে প্ৰদীপ।

    [17] ‘আৰু আল্লাহে তোমালোকক মাটিৰ পৰা উদ্ভূত কৰিছে

    [18] ‘তাৰ পিছত তেওঁ তোমালোকক তালৈ উভতাই নিব আৰু নিশ্চিতভাৱে তোমালোকক পুনৰুত্থিত কৰিব

    [19] ‘আৰু আল্লাহে পৃথিৱীখনক তোমালোকৰ বাবে বিস্তৃত কৰিছে

    [20] ‘যাতে তোমালোকে তাত প্ৰশস্ত পথত চলাচল কৰিব পাৰা’।

    [21] নুহে ক’লে, ‘হে মোৰ প্ৰতিপালক! সিহঁতে মোক অমান্য কৰিছে আৰু এনে লোকৰ অনুসৰণ কৰিছে যাৰ ধন-সম্পদ আৰু সন্তান-সন্ততিয়ে কেৱল তাৰ ক্ষতিহে বৃদ্ধি কৰিছে’।

    [22] আৰু সিহঁতে ভয়াৱহ ষড়যন্ত্ৰ কৰিছে

    [23] আৰু সিহঁতে কৈছে, ‘তোমালোকে কেতিয়াও তোমালোকৰ উপাস্যসকলক বৰ্জন নকৰিবা; আৰু পৰিত্যাগ নকৰিবা অদ্দ, ছুৱাআ, ইয়াগুছ, ইয়াউক্ব আৰু নাছৰক’।

    [24] ‘নিশ্চয় সিহঁতে বহুলোকক পথভ্ৰষ্ট কৰিছে, আৰু (হে আল্লাহ) তুমি যালিমসকলৰ বাবে ভ্ৰষ্টতাৰ বাহিৰে আন একো বৃদ্ধি নকৰিবা’।

    [25] সিহঁতৰ অপৰাধৰ বাবে সিহঁতক ডুবাই দিয়া হ’ল তাৰ পিছত সিহঁতক জুইত প্ৰৱেশ কৰোৱা হ’ল, এতেকে সিহঁতে আল্লাহৰ বাহিৰে আন কাকো সহায়কাৰী হিচাপে পোৱা নাছিল।

    [26] আৰু নুহে ক’লে, ‘হে মোৰ প্ৰতিপালক! পৃথিৱীৰ কাফিৰসকলৰ মাজৰ পৰা কোনো গৃহবাসীক অৱশিষ্ট নাৰাখিবা।

    [27] ‘যদি তুমি সিহঁতক অৱশিষ্ট ৰাখা তেন্তে সিহঁতে তোমাৰ বান্দাসকলক পথভ্ৰষ্ট কৰিব আৰু সিহঁতে কেৱল দুস্কৃতিকাৰী কাফিৰকহে জন্ম দিব।

    [28] হে মোৰ প্ৰতিপালক! মোক আৰু মোৰ পিতৃ-মাতৃক আৰু যিয়ে মুমিনহৈ মোৰ ঘৰত প্ৰৱেশ কৰিব লগতে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক ক্ষমা কৰি দিয়া; আৰু যালিমসকলৰ বাবে ধ্বংসৰ বাহিৰে আন একো বৃদ্ধি নকৰিবা’।

    Surah 72
    আল-জিন

    [1] কোৱা, মোৰ প্ৰতি অহী নাযিল হৈছে যে, নিশ্চয় জিনসকলৰ এটা দলে মনোযোগ সহকাৰে শুনিছে; তাৰ পিছত কৈছে, ‘নিশ্চয় আমি এক বিস্ময়কৰ কোৰআন শুনিছো

    [2] ‘যিটো সত্যৰ পথ দেখুৱায় সেয়ে আমি তাৰ ওপৰত ঈমান আনিছো। গতিকে আমি কেতিয়াও আমাৰ প্ৰতিপালকৰ লগত আন কাকো অংশী বুলি গণ্য নকৰিম

    [3] ‘আৰু নিশ্চয় আমাৰ প্ৰতিপালকৰ মৰ্যাদা সুউচ্চ’ তেওঁ কোনো সঙ্গিনী আৰু কোনো সন্তানো গ্ৰহণ কৰা নাই।

    [4] ‘আৰু আমাৰ মাজৰ নিৰ্বোধসকলে আল্লাহৰ বিষয়ে অবাস্তৱ কথা-বতৰা কৈছিল’।

    [5] ‘অথচ আমি ধাৰণা কৰিছিলো যে, মানুহ আৰু জিন জাতিয়ে কেতিয়াও আল্লাহ সম্পৰ্কে মিছা আৰোপ নকৰিব।

    [6] ‘আৰু নিশ্চয় কিছুমান মানুহে কিছুমান জিনৰ আশ্ৰয় লৈছিল, ফলত সিহঁতে জিনসকলৰ অহংকাৰ বৃদ্ধি কৰিছিল’।

    [7] ‘আৰু নিশ্চয় সিহঁতেও ধাৰণা কৰিছিল যেনেকৈ তোমালোকে ধাৰণা কৰিছা যে, আল্লাহে কাকো কেতিয়াও পুনৰুত্থিত নকৰিব’।

    [8] ‘আৰু নিশ্চয় আমি আকাশৰ তথ্য সংগ্ৰহ কৰিব বিচাৰিছিলো, কিন্তু আমি দেখিলো যে, আকাশখন কঠোৰ প্ৰহৰী আৰু উল্কাপিণ্ডৰ দ্বাৰা পৰিপূৰ্ণ

    [9] ‘আৰু আমি আগতে আকাশৰ বিভিন্ন ঘাঁটিত সংবাদ শুনাৰ বাবে বহিছিলো কিন্তু এতিয়া কোনোবাই সংবাদ শুনিবলৈ বিচাৰিলে সি তাৰ ওপৰত নিক্ষেপৰ বাবে প্ৰস্তুত জলন্ত উল্কাপিণ্ডৰ সন্মুখীন হয়।

    [10] ‘আৰু নিশ্চয় আমি নাজানো যে, পৃথিৱীবাসীৰ বাবে অমঙ্গল বিচৰা হৈছে, নে সিহঁতৰ প্ৰতিপালকে সিহঁতৰ মঙ্গল বিচাৰিছে।

    [11] আৰু নিশ্চয় আমাৰ মাজৰ কিছুমান হৈছে সৎকৰ্মশীল আৰু কিছুমান ইয়াৰ ব্যতিক্ৰম, আমি আছিলো বিভিন্ন পথৰ অনুসাৰী

    [12] ‘আৰু আমি বুজি পাইছো যে, আমি পৃথিৱীত কেতিয়াও আল্লাহক অপাৰগ কৰিব নোৱাৰিম আৰু পলায়ন কৰিও তেওঁক ব্যৰ্থ কৰিব নোৱাৰিম।

    [13] ‘আৰু নিশ্চয় আমি যেতিয়া হিদায়তৰ বাণী শুনিলো, তেতিয়া তাৰ প্ৰতি ঈমান আনিলো। এতেকে যি ব্যক্তি তাৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিব, তাৰ কোনো ক্ষতি আৰু কোনো অন্যায়ৰ আশংকা নাথাকিব।

    [14] ‘আৰু নিশ্চয় আমাৰ মাজত আছে কিছু সংখ্যক আত্মসমৰ্পনকাৰী আৰু কিছু সংখ্যক আছে সীমালংঘনকাৰী; এতেকে যিসকলে ইছলাম গ্ৰহণ কৰিছে সিহঁতেই সঠিক পথ বাছি লৈছে।

    [15] ‘আৰু যিসকল সীমালংঘনকাৰী, সিহঁতেই হৈছে জাহান্নামৰ ইন্ধন’।

    [16] আৰু যদি সিহঁতে সঠিক পথত অবিচল থাকিলেহেঁতেন, তেনেহ’লে আমি নিশ্চয় সিহঁতক প্ৰচুৰ পৰিমাণে পানী পান কৰালোহেঁতেন

    [17] যাতে আমি ইয়াৰ দ্বাৰা সিহঁতক পৰীক্ষা কৰিব পাৰো; আৰু যিয়ে নিজ প্ৰতিপালকৰ স্মৰণৰ পৰা মুখ ঘূৰাই লয়, তাক তেওঁ কঠিন শাস্তিত প্ৰৱেশ কৰাব।

    [18] আৰু নিশ্চয় মছজিদসমূহ আল্লাহৰ বাবেই, গতিকে তোমালোকে আল্লাহৰ লগত আন কাকো নামাতিবা।

    [19] আৰু নিশ্চয় যেতিয়া আল্লাহৰ বান্দাই তেওঁক প্ৰাৰ্থনা কৰিবলৈ থিয় দিলে, তেতিয়া সিহঁতে তেওঁৰ ওচৰত আহি ভিৰ কৰিলে।

    [20] কোৱা, ‘মই কেৱল মোৰ প্ৰতিপালককেই আহ্বান কৰো আৰু তেওঁৰ লগত আন কাকো আংশী নকৰো’।

    [21] কোৱা, ‘নিশ্চয় মই তোমালোকৰ কোনো ক্ষতি আৰু কল্যাণৰ মালিক নহয়’।

    [22] কোৱা, নিশ্চয় আল্লাহৰ পৰা কোনেও মোক ৰক্ষা কৰিব নোৱাৰিব আৰু তেওঁৰ বাহিৰে মই কেতিয়াও কোনো আশ্ৰয় নাপাম।

    [23] ‘কেৱল আল্লাহৰ তৰফৰ পৰা তেওঁৰ ৰিছালতৰ বাণী প্ৰচাৰ কৰাটোৱে মোৰ দায়িত্ব। আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলক অমান্য কৰিব তাৰ বাবে আছে জাহান্নামৰ জুই, তাত সিহঁতে চিৰকাল থাকিব’।

    [24] অৱশেষত যেতিয়া সিহঁতে ইয়াক প্ৰত্যক্ষ কৰিব, যি বিষয়ে সিহঁতক সাৱধান কৰা হৈছিল। তেতিয়া সিহঁতে জানিবলৈ পাব যে, সহায়কাৰী হিচাপে কোন বেছি দুৰ্বল আৰু সংখ্যাত কোন আটাইতকৈ কম।

    [25] কোৱা, ‘মই নাজানো তোমালোকক যিটোৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, সেইটো নিকটৱৰ্তী নে মোৰ প্ৰতিপালকে ইয়াৰ বাবে কোনো দীৰ্ঘ ম্যাদ নিৰ্ধাৰণ কৰিব’।

    [26] তেওঁ অদৃশ্য বিষয়ৰ জ্ঞানী, আৰু তেওঁ নিজৰ অদৃশ্যৰ জ্ঞান কাৰো ওচৰত প্ৰকাশ নকৰে

    [27] কিন্তু তেওঁৰ মনোনীত ৰাছুলৰ বাহিৰে। তেনে ক্ষেত্ৰত আল্লাহে তেওঁৰ ৰাছুলৰ সন্মুখত আৰু পিছত প্ৰহৰী নিযুক্ত কৰে

    [28] যাতে তেওঁ প্ৰকাশ কৰে যে, নিশ্চয় তেওঁলোকে তেওঁলোকৰ প্ৰতিপালকৰ ৰিছালত পৌঁচাই দিছে। আৰু তেওঁলোকৰ ওচৰত যি আছে সেয়া তেওঁ জ্ঞানৰ দ্বাৰা পৰিবেষ্টন কৰি ৰাখিছে আৰু তেওঁ প্ৰতিটো বস্তু গণনা কৰি হিচাপ কৰি ৰাখিছে।

    Surah 73
    আল-মুজ্জাম্মিল

    [1] হে বস্ত্ৰাবৃত

    [2] ৰাতি ছালাত আদায় কৰা, কিছু অংশৰ বাহিৰে

    [3] আধা ৰাতি বা তাতোকৈ অলপ কম

    [4] অথবা তাতোকৈ অলপ বেছি। আৰু স্পষ্টভাৱে ধীৰে ধীৰে কোৰআন তিলাৱাত কৰা।

    [5] নিশ্চয় আমি তোমাৰ প্ৰতি এটি গধুৰ বাণী অৱতীৰ্ণ কৰিম।

    [6] নিশ্চয় ৰাতি-জাগৰণ আত্মসংযমৰ বাবে অধিক প্ৰবল আৰু বাকস্ফুৰণত অধিক উপযোগী।

    [7] নিশ্চয় দিনৰ ভাগত তোমাৰ বাবে আছে দীৰ্ঘ কৰ্মব্যস্ততা।

    [8] আৰু তুমি তোমাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰা আৰু একনিষ্ঠভাৱে তেওঁৰ প্ৰতি মনোনিবেশ কৰা।

    [9] তেৱেঁই পূৱ আৰু পশ্চিমৰ ৰব, তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই। এতেকে তেওঁকেই তুমি কাৰ্য সম্পাদনকাৰীৰূপে গ্ৰহণ কৰা।

    [10] আৰু মানুহে যি কয় তাৰ ওপৰত তুমি ধৈৰ্য ধাৰণ কৰা আৰু সৌজন্যৰ সৈতে সিহঁতক পৰিহাৰ কৰি চলা।

    [11] আৰু বিলাস সামগ্ৰীৰ অধিকাৰী মিথ্যাৰোপকাৰীসকলক মোলৈ এৰি দিয়া আৰু সিহঁতক কিছু সময় অৱকাশ দিয়া।

    [12] নিশ্চয় আমাৰ ওচৰত আছে শিকলিসমূহ আৰু প্ৰজ্বলিত জুই

    [13] আৰু আছে কাইটযুক্ত খাদ্য আৰু যন্ত্ৰণাদায়ক শাস্তি।

    [14] যিদিনা পৃথিৱী আৰু পৰ্বতসমূহ প্ৰকম্পিত হ’ব আৰু পৰ্বতসমূহ বিক্ষিপ্ত চলমান বালীময়ত পৰিণত হ’ব।

    [15] নিশ্চয় আমি তোমালোকৰ বাবে সাক্ষী স্বৰূপে তোমালোকৰ ওচৰত ৰাছুল প্ৰেৰণ কৰিছো যেনেকৈ ফিৰআউনৰ ওচৰত ৰাছুল প্ৰেৰণ কৰিছিলো।

    [16] কিন্তু ফিৰআউনে ৰাছুলক অমান্য কৰিছে, সেয়ে আমি তাক শাস্তি বিহিছো।

    [17] এতেকে তোমালোকে যদি কুফৰি কৰা তেন্তে তোমালোকে সেই দিনটোত কেনেকৈ আত্ম ৰক্ষা কৰিবা যি দিৱসে শিশুসকলক বৃদ্ধত পৰিণত কৰিব

    [18] সেই দিনা আকাশখন বিদীৰ্ণ হ’ব, তেওঁৰ প্ৰতিশ্ৰুতি বাস্তবায়িত হ’ব।

    [19] নিশ্চয় এইটো এটা উপদেশ, এতেকে যিয়ে ইচ্ছা কৰে সি নিজ প্ৰতিপালকৰ পথ অৱলম্বন কৰক।

    [20] নিশ্চয় তোমাৰ প্ৰতিপালকে জানে যে, তুমি ছালাতৰ বাবে থিয় দিয়া কেতিয়াবা ৰাতিৰ প্ৰায় দুই-তৃতীয়াংশত, কেতিয়াবা অৰ্ধাংশত আৰু কেতিয়াবা এক-তৃতীয়াংশত আৰু তোমাৰ লগত থকাসকলৰ এটা দলেও থিয় দিয়ে। আৰু আল্লাহেই নিৰ্ধাৰণ কৰে দিন আৰু ৰাতিৰ পৰিমাণ। তেওঁ জানে যে, তোমালোকে ইয়াৰ সঠিক নিৰ্ধাৰণ পালন কৰিব নোৱাৰিবা, সেয়ে তেওঁ তোমালোকক ক্ষমা কৰিলে। এতেকে তোমালোকে কোৰআনৰ পৰা যিমানখিনি সহজ হয় সিমানখিনি পাঠ কৰা। তেওঁ জানে যে, তোমালোকৰ মাজৰ কিছুমান অসুস্থ হৈ পৰিব, আকৌ কিছুমানে আল্লাহৰ অনুগ্ৰহ সন্ধান কৰিবলৈ ভ্ৰমণ কৰিব আৰু আন কিছুমানে আল্লাহৰ পথত যুদ্ধৰত অৱস্থাত থাকিব। সেয়ে তোমালোকে কোৰআনৰ পৰা যিমানখিনি সহজ হয় সেইখিনি পাঠ কৰা; আৰু তোমালোকে ছালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত প্ৰদান কৰা লগতে আল্লাহক উত্তম ঋণ প্ৰদান কৰা। তোমালোকৰ নিজৰ মঙ্গলৰ বাবে তোমালোকে যি আগতীয়াকৈ প্ৰেৰণ কৰিবা সেয়া আল্লাহৰ ওচৰত পাবা। ই উৎকৃষ্টতম আৰু পুৰষ্কাৰ হিচাপে বৰ মহৎ। আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি থাকা; নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

    Surah 74
    আল-মুদ্দাচ্ছির

    [1] হে বস্ত্ৰাবৃত

    [2] উঠা, আৰু সতৰ্ক কৰা

    [3] আৰু তোমাৰ প্ৰতিপালকৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা।

    [4] আৰু তোমাৰ পোছাক-পৰিচ্ছদ পৱিত্ৰ কৰা

    [5] আৰু অপৱিত্ৰতা (শ্বিৰ্ক) পৰিহাৰ কৰা

    [6] আৰু অধিক পোৱাৰ আশাত কাকো অনুগ্ৰহ নকৰিবা।

    [7] আৰু তোমাৰ প্ৰতিপালকৰ বাবেই ধৈৰ্য ধাৰণ কৰা।

    [8] এতেকে যেতিয়া শিঙাত ফুঁ দিয়া হ’ব

    [9] সেই দিনটো হ’ব এটা সংকটৰ দিন

    [10] যিটো কাফিৰসকলৰ বাবে সহজ নহয়।

    [11] যাক মই অকলশৰীয়াকৈ সৃষ্টি কৰিছো তাক মোৰ হাতত এৰি দিয়া।

    [12] আৰু যাক মই প্ৰদান কৰিছো বিপুল ধন-সম্পদ

    [13] আৰু (প্ৰদান কৰিছো) নিত্যসঙ্গী পুত্ৰবোৰ।

    [14] আৰু তাক প্ৰদান কৰিছো স্বাচ্ছন্দ জীৱনৰ প্ৰচুৰ উপকৰণ

    [15] তথাপিও সি কামনা কৰে যে, মই তাক আৰু অধিক দিওঁ

    [16] কেতিয়াও নহয়, সি আমাৰ নিদৰ্শনসমূহৰ বিৰুদ্ধাচাৰী।

    [17] অনতিপলমে মই তাক (জাহান্নামৰ পিচল শিলত) আৰোহণ কৰিবলৈ বাধ্য কৰাম।

    [18] নিশ্চয় সি চিন্তা কৰিলে আৰু সিদ্ধান্ত গ্ৰহণ কৰিলে।

    [19] এতেকে সি ধ্বংস হওক! কেনেকৈ সি (এই) সিদ্ধান্ত গ্ৰহণ কৰিলে

    [20] আকৌ সি ধ্বংস হওক! কেনেকৈ সি (এই) সিদ্ধান্ত গ্ৰহণ কৰিলে

    [21] তাৰ পিছত সি লক্ষ্য কৰিলে।

    [22] তাৰ পিছত সি ভ্ৰুঁ কোচ খোৱালে আৰু মুখ বিকৃত কৰিলে।

    [23] তাৰ পিছত সি উভতিলে আৰু অহংকাৰ কৰিলে।

    [24] তাৰ পিছত সি ক’লে, ‘এয়া পূৰ্বৰে পৰা চলি অহা যাদুৰ বাহিৰে আন একো নহয়’

    [25] ‘এয়াতো মানুহৰেই কথা’।

    [26] অনতিপলমে মই তাক ছাক্বাৰত (জাহান্নামত) প্ৰৱেশ কৰাম।

    [27] আৰু কিহে তোমাক জনাব ছাক্বাৰ কি

    [28] ই একো অৱশিষ্ট নাৰাখিব আৰু এৰিও নিদিব।

    [29] ই শৰীৰৰ ছাল জ্বলাই ক'লা কৰি দিব।

    [30] ছাক্বাৰৰ তত্ত্বাৱধানত আছে ঊনৈশজন (প্ৰহৰী)।

    [31] আৰু আমি কেৱল ফিৰিস্তাসকলকেই জাহান্নামৰ তত্ত্বাৱধায়ক বনাইছো; আৰু কাফিৰসকলৰ পৰীক্ষাস্বৰূপ আমি সিহঁতৰ সংখ্যা নিৰ্ধাৰণ কৰিছো যাতে কিতাবপ্ৰাপ্তসকলে দৃঢ় বিশ্বাস কৰে, আৰু মুমিনসকলৰ ঈমান বৃদ্ধি পায় আৰু যাতে কিতাবপ্ৰাপ্তসকলে আৰু মুমিনসকলে সন্দেহ পোষণ নকৰে; আৰু যাতে ইয়াৰ ফলত যিহঁতৰ অন্তৰত ব্যাধি আছে সিহঁতে আৰু কাফিৰসকলে কয়, আল্লাহে এই (সংখ্যাৰ) উদাহৰণ দি কি বুজাব বিচাৰিছে? এনেকৈ আল্লাহে যাক ইচ্ছা পথভ্ৰষ্ট কৰে আৰু যাক ইচ্ছা তাকেই হিদায়ত প্ৰদান কৰে; আৰু তোমাৰ প্ৰতিপালকৰ সৈন্যবাহিনী সম্পৰ্কে তেওঁৰ বাহিৰে আন কোনোৱে নাজানে; আৰু জাহান্নামৰ এই উদাহৰণ মানুহৰ বাবে এটা উপদেশ মাত্ৰ।

    [32] কেতিয়াও নহয়, চন্দ্ৰৰ শপত

    [33] ৰাতিৰ শপত, যেতিয়া ইয়াৰ অৱসান ঘটে

    [34] প্ৰভাতৰ শপত, যেতিয়া ই আলোকোজ্জ্বল হয়

    [35] নিশ্চয় জাহান্নাম মহাবিপদসমূহৰ অন্যতম

    [36] মানুহৰ বাবে সতৰ্ককাৰীস্বৰূপ

    [37] তোমালোকৰ মাজত যিয়ে অগ্ৰসৰ হ’ব বিচাৰে অথবা পিছমুৱা হ’ব বিচাৰে তাৰ বাবে।

    [38] প্ৰত্যেক ব্যক্তি নিজ কৃতকৰ্মৰ বাবে দায়বদ্ধ

    [39] কিন্তু সোঁপন্থী লোকসকলৰ বাহিৰে

    [40] জান্নাতত তেওঁলোকে ইজনে সিজনক সুধিব

    [41] অপৰাধীবিলাকৰ বিষয়ে

    [42] কিহে তোমালোকক ছাক্বাৰত (জাহান্নামত) নিক্ষেপ কৰিছে

    [43] সিহঁতে ক’ব, ‘আমি ছালাত আদায়কাৰীসকলৰ অন্তৰ্ভুক্ত নাছিলো

    [44] ‘আৰু আমি দুখীয়াক খাদ্য দান কৰা নাছিলো

    [45] আৰু আমি অনৰ্থক আলোচনাকাৰীসকলৰ লগত বেহুদা আলচ কৰাত মগ্ন আছিলো।

    [46] আৰু আমি প্ৰতিদান দিৱসক অস্বীকাৰ কৰিছিলো

    [47] অৱশেষত আমাৰ ওচৰত মৃত্যু আহি পালে’।

    [48] এতেকে ছুপাৰিছকাৰীসকলৰ ছুপাৰিছে সিহঁতৰ কোনো উপকাৰ নকৰিব।

    [49] এতেকে সিহঁতৰ কি হৈছে, কিয় সিহঁতে উপদেশ বাণীৰ পৰা বিমুখ হৈছে

    [50] সিহঁতে যেন ভীত-সন্ত্ৰস্ত হৈ পলায়নৰত বনৰীয়া গাধ।

    [51] যিবোৰে সিংহৰ ভয়ত পলায়ন কৰিছে।

    [52] বৰং সিহঁতৰ মাজৰ প্ৰত্যেক ব্যক্তিয়েই কামনা কৰে যে তাক উন্মুক্ত গ্ৰন্থ প্ৰদান কৰা হওক।

    [53] কেতিয়াও নহয়, বৰং সিহঁতে আখিৰাতক ভয় নকৰে।

    [54] কেতিয়াও নহয়, নিশ্চয় এই কোৰআন সকলোৰে বাবে উপদেশবাণী।

    [55] এতেকে যাৰ ইচ্ছা সি ইয়াৰ পৰা উপদেশ গ্ৰহণ কৰক।

    [56] আৰু আল্লাহৰ ইচ্ছাবিহীন কোনোৱেই উপদেশ গ্ৰহণ কৰিব নোৱাৰে তেৱেঁই ভয়ৰ যোগ্য, কেৱল তেওঁৰেই তাক্বৱা অৱলম্বন কৰা, আৰু তেৱেঁই ক্ষমা কৰাৰ অধিকাৰী।

    Surah 75
    আল-ক্বিয়ামাহ

    [1] মই শপত কৰিছো ক্বিয়ামতৰ দিনৰ

    [2] মই আৰু শপত কৰিছো আত্মনিন্দাকাৰী আত্মাৰ

    [3] মানুহে ভাৱে নেকি যে, আমি কেতিয়াও তাৰ অস্থিসমূহ একত্ৰিত কৰিব নোৱাৰিম

    [4] কিয় নোৱাৰিম, আমি তাৰ আঙুলিৰ অগ্ৰভাগসমূহকো (পাববোৰকো) পুনৰ্বিন্যস্ত কৰিবলৈ সক্ষম।

    [5] বৰং মানুহে তাৰ ভৱিষ্যতেও পাপকৰ্ম কৰিবলৈ বিচাৰে।

    [6] সি প্ৰশ্ন কৰে, কিয়ামতৰ দিনটো কেতিয়া আহিব

    [7] যেতিয়া চকু স্থিৰ হৈ যাব

    [8] আৰু চন্দ্ৰ কিৰণবিহীন হৈ পৰিব

    [9] আৰু যেতিয়া সূৰ্য আৰু চন্দ্ৰক একত্ৰিত কৰা হ’ব

    [10] সেইদিনা মানুহে ক’ব, ‘আজি পলাবলৈ স্থান ক’ত’

    [11] কেতিয়াও নহয়, কোনো আশ্ৰয়স্থল নাই।

    [12] সেইদিনা ঠাই হ’ব কেৱল তোমাৰ প্ৰতিপালকৰ ওচৰত।

    [13] সেইদিনা মানুহক অৱহিত কৰোৱা হ’ব সি আগলৈ কি পঠিয়াইছিল আৰু পিছত কি থৈ আহিছে।

    [14] বৰং মানুহে নিজেই নিজৰ বিষয়ে সম্যক অৱগত

    [15] যদিও সি নানা অজুহাত দেখুৱায়।

    [16] ততাতৈয়াকৈ অহী আয়ত্ত্ব কৰাৰ বাবে তুমি তোমাৰ জিভাক দ্ৰুত সঞ্চালন নকৰিবা।

    [17] নিশ্চয় ইয়াৰ সংৰক্ষণ আৰু পাঠ কৰোৱাৰ দায়িত্ব আমাৰেই।

    [18] এতেকে আমি যেতিয়া ইয়াক পাঠ কৰো তুমি তেতিয়া সেই পাঠৰ অনুসৰণ কৰা

    [19] তাৰ পিছত ইয়াৰ বৰ্ণনাৰ দায়িত্ব নিশ্চিতভাৱে আমাৰেই।

    [20] কেতিয়াও নহয়, বৰং তোমালোকে পৃথিৱীৰ জীৱনক ভাল পোৱা

    [21] আৰু তোমালোকে আখিৰাতক অৱহেলা কৰা।

    [22] সেইদিনা কিছুমান মুখমণ্ডল উজ্জ্বল হ’ব

    [23] সিহঁত নিজ প্ৰতিপালকৰ প্ৰতি চাই থাকিব।

    [24] আৰু সেইদিনা কিছুমান মুখমণ্ডল বিবৰ্ণ হৈ পৰিব

    [25] সিহঁতে ধাৰণা কৰিব যে, এটা ধ্বংসকাৰী বিপৰ্যয় সিহঁতৰ ওপৰত আপতিত হ’ব।

    [26] নিশ্চয়, যেতিয়া প্ৰাণ কন্ঠাগত হ’ব

    [27] আৰু কোৱা হ’ব, ‘কোনে তাক ৰক্ষা কৰিব’

    [28] তেতিয়া তাৰ প্ৰত্যেয় হ’ব যে, এইটোৱে বিদায়ক্ষণ।

    [29] আৰু ভৰিৰ লগত ভৰি জোঁট খাই যাব।

    [30] সেইদিনা তোমাৰ প্ৰতিপালকৰ ওচৰতেই সকলোকে খেদি নিয়া হ’ব।

    [31] এতেকে সি বিশ্বাস কৰা নাই আৰু ছালাতো আদায় কৰা নাই।

    [32] বৰং সি সত্য প্ৰত্যাখ্যান কৰিছিল আৰু মুখ ঘূৰাই লৈছিল।

    [33] তাৰ পিছত সি অহংকাৰ কৰি নিজ পৰিয়ালৰ ওচৰলৈ উভতি গৈছিল

    [34] দুৰ্ভোগ তোমাৰ বাবে আৰু দুৰ্ভোগ

    [35] আকৌ দুৰ্ভোগ তোমাৰ বাবে আৰু দুৰ্ভোগ

    [36] মানুহে ভাৱে নেকি যে, তাক এনেই এৰি দিয়া হ’ব

    [37] সি বীৰ্যৰ শুক্ৰবিন্দু নাছিলনে, যিটো স্খলিত হয়

    [38] তাৰ পিছত সেইটো ‘আলাক্বাত’ পৰিণত হয়। তাৰ পিছত আল্লাহে তাক সৃষ্টি কৰে আৰু সুঠাম কৰে।

    [39] তাৰ পিছত তেওঁ তাৰ পৰা যোৰ যোৰ হিচাপে নৰ-নাৰী সৃষ্টি কৰে।

    [40] তথাপিও সেই স্ৰষ্টা মৃতক পুনৰ্জীৱিত কৰিবলৈ সক্ষম নহয়নে বাৰু

    Surah 76
    আদ-দাহর

    [1] কালপ্ৰবাহত মানুহৰ ওপৰত এনে এটা সময় অহা নাইনে যেতিয়া সি উল্লেখযোগ্য একোৱেই নাছিল

    [2] আমি মানুহক সৃষ্টি কৰিছো মিশ্ৰ শুক্ৰবিন্দুৰ পৰা, আমি তাক পৰীক্ষা কৰিম, সেয়ে আমি তাক শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তি সম্পন্ন বনাইছো।

    [3] নিশ্চয় আমি তাক পথ নিৰ্দেশ দিছো, হয় সি কৃতজ্ঞ হ’ব, নহয় সি অকৃতজ্ঞ হ’ব।

    [4] নিশ্চয় আমি কাফিৰসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছো শিকলি, গলবেৰি আৰু লেলিহান জুই।

    [5] নিশ্চয় সৎকৰ্মশীলসকলে পান কৰিব এনে পূৰ্ণপাত্ৰৰ পৰা যাৰ মিশ্ৰন হ’ব কাফূৰ।

    [6] এনেকুৱা এটা নিজৰা য’ৰ পৰা আল্লাহৰ বান্দাসকলে পান কৰিব, সিহঁতে ইয়াক নিজ ইচ্ছামতে প্ৰবাহিত কৰিব।

    [7] (কাৰণ) সিহঁতে মান্নত পূৰণ কৰে, আৰু সেই দিনটোক ভয় কৰে যি দিনটোৰ অকল্যাণ হ’ব সুবিস্তৃত।

    [8] সিহঁতে খাদ্যৰ প্ৰতি আসক্তি থকা সত্ত্বেও অভাৱগ্ৰস্ত, ইয়াতীম আৰু বন্দীক খাদ্য দান কৰে।

    [9] সিহঁতে কয়, ‘আমি কেৱল আল্লাহৰ সন্তুষ্টিৰ উদ্দেশ্যে তোমালোকক খাদ্য দান কৰো, আমি তোমালোকৰ ওচৰত প্ৰতিদান নিবিচাৰো আৰু কৃতজ্ঞতাও নিবিচাৰো।

    [10] নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা ভয়ংকৰ ভীতিপ্ৰদ দিৱসৰ ভয় পোষণ কৰো’।

    [11] ফলত আল্লাহে সিহঁতক ৰক্ষা কৰিব সেই দিনৰ অনিষ্টৰ পৰা আৰু সিহঁতক প্ৰদান কৰিব উজ্জ্বলতা আৰু উৎফুল্লতা।

    [12] আৰু সিহঁতৰ ধৈৰ্যৰ পুৰষ্কাৰস্বৰূপে তেওঁ সিহঁতক প্ৰদান কৰিব উদ্যান আৰু ৰেচমী বস্ত্ৰ।

    [13] তাত সিহঁতে সুসজ্জিত আসনত আউজি বহি থাকিব, তাত সিহঁতে প্ৰখৰ গৰম আৰু অত্যাধিক শীতো অনুভৱ নকৰিব।

    [14] সিহঁতৰ ওপৰত সন্নিহিত থাকিব উদ্যানৰ ছাঁ আৰু ইয়াৰ ফলমূলৰ থোকবোৰ সিহঁতৰ সম্পূৰ্ণ আয়ত্তাধীন কৰা হ’ব।

    [15] আৰু সিহঁতক ঘুৰি ঘুৰি পৰিবেশন কৰা হ’ব ৰূপৰ পাত্ৰত আৰু ফটিকৰ দৰে স্বচ্ছ পান পাত্ৰত

    [16] ৰূপৰ শুভ্ৰ ফটিক পাত্ৰ, সিহঁতে ইয়াৰ পৰিমাণ কৰিব সম্পূৰ্ণ পৰিমিতভাৱে।

    [17] আৰু তাত সিহঁতক পান কৰোৱা হ’ব শুকান আদাৰ মিশ্ৰিত পূৰ্ণপাত্ৰ-পানীয়

    [18] জান্নাতৰ এনেকুৱা এটা নিজৰা যাৰ নাম হ’ব ছালছাবীল।

    [19] আৰু সিহঁতৰ চাৰিওফালে প্ৰদক্ষিণ কৰিব চিৰ কিশোৰসকলে; যেতিয়া তুমি সিহঁতক দেখিবা তোমাৰ এনে লাগিব যেন সিহঁত বিক্ষিপ্ত মুকুতা।

    [20] আৰু তুমি যেতিয়া তাত দেখিবা, দেখিবলৈ পাবা স্বাচ্ছন্দ্য আৰু বিৰাট সাম্ৰাজ্য।

    [21] সিহঁতৰ আৱৰণ হ’ব সূক্ষ্ম সেউজীয়া ৰেচম আৰু মোটা ৰেচমী পোছাক আৰু সিহঁত অলংকৃত হ’ব ৰূপেৰে নিৰ্মিত গামখাৰুৰে, আৰু সিহঁতৰ প্ৰতিপালকে সিহঁতক পৱিত্ৰ পানীয় পান কৰাব।

    [22] নিশ্চয় এইটোৱে তোমালোকৰ পুৰষ্কাৰ; আৰু তোমালোকৰ কৰ্মপ্ৰচেষ্টা আছিল প্ৰসংশাযোগ্য।

    [23] নিশ্চয় আমি তোমাৰ প্ৰতি পৰ্যায়ক্ৰমে আল-কোৰআন অৱতীৰ্ণ কৰিছো।

    [24] এতেকে তুমি ধৈৰ্যৰ সৈতে তোমাৰ প্ৰতিপালকৰ নিৰ্দেশৰ প্ৰতীক্ষা কৰা আৰু সিহঁতৰ মাজৰ পৰা কোনো পাপিষ্ঠ বা ঘোৰ অকৃতজ্ঞ কাফিৰৰ আনুগত্য নকৰিবা।

    [25] আৰু পুৱা-গধূলি তোমাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰা।

    [26] আৰু ৰাতিৰ একাংশত তেওঁৰ প্ৰতি ছাজদাৱনত হোৱা আৰু ৰাতিৰ দীৰ্ঘ সময় তেওঁৰ পৱিত্ৰতা ঘোষণা আৰু তাছবীহ পাঠ কৰা।

    [27] নিশ্চয় সিহঁত পৃথিৱীৰ জীৱনক ভাল পায় আৰু সিহঁতে সিহঁতৰ সন্মুখৰ কঠিন দিনটোক উপেক্ষা কৰে।

    [28] আমিয়েই সিহঁতক সৃষ্টি কৰিছো আৰু সিহঁতৰ গঠন সুদৃঢ় কৰিছো। আৰু আমি যেতিয়া ইচ্ছা কৰিম তেতিয়াই সিহঁতৰ স্থানত সিহঁতৰ দৰে (কাৰোবাক) আনি পৰিবৰ্তন কৰি দিম।

    [29] নিশ্চয় এইটো এটা উপদেশ; এতেকে যিয়ে ইচ্ছা কৰে সি যেন তাৰ প্ৰতিপালকৰ ফালে যোৱাৰ পথ বাছি লয়।

    [30] আৰু আল্লাহে ইচ্ছা নকৰিলে তোমালোকে ইচ্ছা কৰিবলৈ সক্ষম নহ’বা; নিশ্চয় আল্লাহ মহাজ্ঞানী, প্ৰজ্ঞাময়।

    [31] তেওঁ যাক ইচ্ছা তাকেই নিজ ৰহমতৰ অন্তৰ্ভুক্ত কৰে, আৰু যালিমসকলৰ বাবে তেওঁ প্ৰস্তুত কৰি ৰাখিছে যন্ত্ৰণাদায়ক শাস্তি।

    Surah 77
    আল-মুরসালাত

    [1] শপত কল্যাণস্বৰূপ প্ৰেৰিত বতাহৰ

    [2] তাৰ পিছত প্ৰচণ্ড বেগত প্ৰবাহিত ধুমুহাৰ

    [3] শপত প্ৰচণ্ড সঞ্চালনকাৰীৰ

    [4] তাৰ পিছত সুস্পষ্টৰূপে পাৰ্থক্যকাৰীৰ

    [5] তাৰ পিছত সিহঁতৰ, যিসকলে মানুহৰ অন্তৰত উপদেশ পৌঁচাই দিয়ে

    [6] ওজৰ-আপত্তি দূৰীকৰণ আৰু সতৰ্ক কৰাৰ বাবে

    [7] নিশ্চয় তোমালোকক যি প্ৰতিশ্ৰুতি দিয়া হৈছে সেয়া অৱশ্যে সংঘটিত হ’ব।

    [8] যেতিয়া নক্ষত্ৰৰাজি আলোহীন হ’ব

    [9] আৰু যেতিয়া আকাশখন বিদীৰ্ণ কৰা হ’ব

    [10] আৰু যেতিয়া পৰ্বতসমূহক চূৰ্ণবিচূৰ্ণ কৰা হ’ব

    [11] আৰু যেতিয়া ৰাছুলসকলক নিৰ্ধাৰিত সময়ত উপস্থিত কৰা হ’ব

    [12] কোনটো দিনৰ বাবে এইবোৰ স্থগিত ৰখা হৈছে

    [13] বিচাৰ দিনৰ বাবে।

    [14] আৰু কিহে তোমাক জনাব বিচাৰ দিৱস কি

    [15] সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।

    [16] আমি পূৰ্বৱৰ্তীসকলক ধ্বংস কৰা নাইনে

    [17] তাৰ পিছত পৰবৰ্তীসকলকো সিহঁতৰ অনুগামী বনাম।

    [18] অপৰাধীবিলাকৰ লগত আমি এনেকুৱা আচৰণেই কৰো।

    [19] সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।

    [20] আমি তোমালোকক ঘৃণনীয় পানীৰ পৰা সৃষ্টি কৰা নাইনে

    [21] তাৰ পিছত আমি ইয়াক নিৰাপদ স্থানত সুৰক্ষিত কৰি ৰাখিছো

    [22] এটা নিৰ্দিষ্ট সময় লৈকে

    [23] তাৰ পিছত আমি পৰিমাপ কৰিছো, এতেকে আমি কিমান নিপুণ পৰিমাপকাৰী

    [24] সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।

    [25] আমি পৃথিৱীখনক ধাৰণকাৰীৰূপে সৃষ্টি কৰা নাইনে

    [26] জীৱিতসকল আৰু মৃতসকলৰ বাবে

    [27] আৰু আমি তাত স্থাপন কৰিছো সুদৃঢ় আৰু সুউচ্চ পৰ্বতসমূহ আৰু তোমালোকক পান কৰাইছো তৃ়ষ্ণা নিবাৰণকাৰী মিঠা উপযোগী পানী।

    [28] সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।

    [29] (সিহঁতক কোৱা হ’ব) তোমালোকে যাক অস্বীকাৰ কৰিছিলা, এতিয়া গতি কৰা তাৰফালে।

    [30] যোৱা তিনিটা শাখা বিশিষ্ট জুইৰ ছাঁৰ পিনে

    [31] যিটো ছাঁ শীতল নহয় আৰু ই অগ্নিশিখাৰ পৰা ৰক্ষাও নকৰিব

    [32] নিশ্চয় জাহান্নামে উৎক্ষেপন কৰিব বৃহৎ অট্ৰালিকা সদৃশ ফিৰিঙতি

    [33] এনেকুৱা যেন হালধীয়া উটৰ শ্ৰেণী

    [34] সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।

    [35] এইটো এনেকুৱা দিন যিদিনা সিহঁতে কথা ক’ব নোৱাৰিব

    [36] আৰু সিহঁতক অজুহাত পেচ কৰাৰ অনুমতিও দিয়া নহ’ব।

    [37] সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।

    [38] ‘এইটো ফয়চালাৰ দিন আমি একত্ৰিত কৰিছো তোমালোকক আৰু পূৰ্বৱৰ্তীসকলক’।

    [39] এতেকে যদি তোমালোকৰ কোনো কৌশল আছে তেন্তে প্ৰয়োগ কৰা মোৰ বিৰুদ্ধে।

    [40] সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।

    [41] নিশ্চয় মুত্তাক্বীসকল থাকিব ছাঁৰ তলত আৰু নিজৰা বহুল স্থানত

    [42] আৰু সিহঁতৰ হেঁপাহ অনুযায়ী ফলমূলৰ মাজত।

    [43] (সিহঁতক কোৱা হ'ব) তোমালোকে যি আমল কৰিছিলা তাৰ প্ৰতিদানস্বৰূপে তৃপ্তিৰ সৈতে পানাহাৰ কৰা

    [44] সৎকৰ্মশীলসকলক আমি এনেকুৱাই প্ৰতিদান দি থাকো।

    [45] সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।

    [46] (হে কাফিৰসকল!) তোমালোকে আহাৰ কৰা আৰু ভোগ কৰা খন্তেকৰ বাবে; নিশ্চয় তোমালোক অপৰাধী।

    [47] সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।

    [48] যেতিয়া সিহঁতক কোৱা হয়, ‘ৰুকু’ কৰা সিহঁতে ৰুকু’ নকৰে’।

    [49] সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।

    [50] এতেকে কোৰআনৰ পৰিবৰ্তে সিহঁতে আৰু কোন বাণীৰ প্ৰতি ঈমান আনিব

    Surah 78
    আন-নাবা

    [1] সিহঁতে কি বিষয়ে পৰস্পৰে সোধ-পোচ কৰি আছে

    [2] মহাসংবাদটোৰ বিষয়ে

    [3] যি বিষয়ে সিহঁতে মতানৈক্য কৰিছে।

    [4] কেতিয়াও নহয়, সিহঁতে অতিশীঘ্ৰেই জানিবলৈ পাব।

    [5] তাৰপিছত, কেতিয়াও নহয়, সিহঁতে অতিশীঘ্ৰেই জানিবলৈ পাব।

    [6] আমি পৃথিৱীখনক শয্যা বনোৱা নাইনে

    [7] আৰু পৰ্বতসমূহক পেৰেক

    [8] আৰু আমি তোমালোকক সৃষ্টি কৰিছো যোৰা-যোৰা।

    [9] আৰু তোমালোকৰ টোপনিক কৰিছো বিশ্ৰাম।

    [10] আৰু ৰাতিক কৰি দিছো আৱৰণ।

    [11] আৰু দিনক কৰি দিছো জীৱিকা উপাৰ্জনৰ সময়।

    [12] আৰু আমি তোমালোকৰ ওপৰত নিৰ্মান কৰিছো সুদৃঢ় সাতখন আকাশ।

    [13] আৰু আমি সৃষ্টি কৰিছো এটি উজ্জল প্ৰদীপ।

    [14] আৰু আমি বৰ্ষণ কৰিছো মেঘমালাৰ পৰা প্ৰচুৰ পানী।

    [15] যাতে তাৰ দ্বাৰা আমি উৎপন্ন কৰিব পাৰো শস্য আৰু উদ্ভিদ।

    [16] আৰু ঘন সন্নিবিষ্ট উদ্যান।

    [17] নিশ্চয় নিৰ্ধাৰিত আছে বিচাৰৰ দিন।

    [18] সেই দিনা শিঙাত ফুঁ দিয়া হ’ব তেতিয়া তোমালোকে দলে দলে আহিবা।

    [19] আৰু আকাশখন খুলি দিয়া হ’ব, ফলত ই হ’ব বহু দুৱাৰবিশিষ্ট।

    [20] আৰু পৰ্বতসমূহক চালিত কৰা হ’ব, ফলত সেইবোৰ হৈ যাব বালিময় মৰীচিকাৰ দৰে।

    [21] নিশ্চয় জাহান্নাম খাপ পাতি ৰৈ আছে।

    [22] সীমালঙ্ঘনকাৰী সকলৰ বাবে প্ৰত্যাৱৰ্তনস্থল।

    [23] তাত সিহঁতে যুগ যুগ ধৰি অৱস্থান কৰিব।

    [24] তাত সিহঁতে শীতলতা বা উপযুক্ত পানীও ভোগ কৰিব নোৱাৰিব।

    [25] উতলা পানী আৰু দুৰ্গন্ধময় পুঁজৰ বাহিৰে।

    [26] এইটোৱেই উপযুক্ত প্ৰতিফল।

    [27] নিশ্চয় সিহঁতে কেতিয়াও হিচাব-নিকাচৰ আশা কৰা নাছিল।

    [28] আৰু সিহঁতে আমাৰ নিদৰ্শনাৱলীক কঠোৰভাৱে মিথ্যাৰোপ কৰিছিল।

    [29] আৰু আমি প্ৰতিটো বস্তু লিখিতভাৱে সংৰক্ষণ কৰি ৰাখিছো।

    [30] এতেকে ভোগ কৰা, আমি তোমালোকৰ বাবে শাস্তিৰ বাহিৰে আন একো বৃদ্ধি নকৰো।

    [31] নিশ্চয় মুত্তাক্বীসকলৰ বাবে আছে সফলতা।

    [32] উদ্যানসমূহ আৰু আঙ্গুৰসমূহ।

    [33] আৰু সমবয়সীয়া উদ`ভিন্ন নৱ-যুৱতী তৰুণী।

    [34] আৰু পৰিপূৰ্ণ পানপাত্ৰ।

    [35] তাত তেওঁলোকে কোনো অনৰ্থক কথা আৰু মিছা বাক্যও শুনা নাপাব।

    [36] আপোনাৰ প্ৰতিপালকৰ ফালৰ পৰা পুৰষ্কাৰ, যথোচিত দানস্বৰূপ।

    [37] যিজন আকাশসমূহ আৰু পৃথিৱী আৰু এই দুটাৰ মাজত যি আছে সকলোৰে প্ৰতিপালক, পৰম কৰুণাময়, তেওঁৰ ওচৰত আবেদন-নিবেদনৰ শক্তি সিহঁতৰ কাৰো নাথাকিব।

    [38] সেইদিনা ৰূহ আৰু ফিৰিস্তাসকল শাৰীবদ্ধভাৱে থিয় হ’ব; ৰহমানে যাক অনুমতি দিব তাৰ বাহিৰে কোনেও কথা নক’ব, আৰু তেওঁ সঠিক কথা ক’ব।

    [39] এই দিনটো সত্য, এতেকে যাৰ ইচ্ছা সিয়ে তাৰ প্ৰতিপালকৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰক।

    [40] নিশ্চয় আমি তোমালোকক অতি নিকটৱৰ্তী শাস্তি সম্পৰ্কে সতৰ্ক কৰিলো। যিদিনা মানুহে নিজ কৃতকৰ্ম দেখিবলৈ পাব আৰু কাফিৰে ক’ব, হায়! মই যদি মাটি হ'লোহেঁতেন।

    Surah 79
    আন-নাযি‘আত

    [1] শপত নিৰ্মমভাৱে উত্পটনকাৰীসকলৰ।

    [2] আৰু মৃদুভাৱে বন্ধনমূক্তকাৰীসকলৰ।

    [3] আৰু তীব্ৰগতিত সাঁতুৰি ফুৰাসকলৰ।

    [4] আৰু দ্ৰুতগতিত আগবাঢ়ি যোৱাসকলৰ।

    [5] তাৰ পিছত যাৱতীয় কাম নিৰ্বাহকাৰীসকলৰ।

    [6] সেইদিনা কম্পনকাৰীয়ে প্ৰকম্পিত কৰিব।

    [7] তাক অনুসৰণ কৰিব পৰবৰ্তী কম্পনকাৰী।

    [8] সেইদিনা কিছুমান হৃদয়, ভয়ত সন্ত্ৰস্ত হ’ব।

    [9] সিহঁতৰ দৃষ্টিসমূহ আতংকিত হৈ নত হ’ব।

    [10] সিহঁতে কয়, ‘আমি আকৌ আগৰ অৱস্থাত উভতি যাম নে

    [11] যেতিয়া আমি চূৰ্ণবিচূৰ্ণ অস্থিত পৰিণত হম’

    [12] সিহঁতে কয়, ‘যদি এইটোৱে হয় তেন্তে এইটো এটা ক্ষতিকৰ প্ৰত্যাৱৰ্তন’।

    [13] প্ৰকৃততে এইটো এটা বিৰাট শব্দ।

    [14] তত্ক্ষণাত ভূ-পৃষ্ঠত সিহঁতৰ আবিৰ্ভাৱ হ’ব।

    [15] মূছাৰ ঘটনাটো তুমি পাইছানে

    [16] যেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক পৱিত্ৰ তুৱা উপত্যকাত মাতি কৈছিল

    [17] ‘ফিৰআউনৰ ওচৰলৈ যোৱা নিশ্চয় সি সীমালঙ্ঘন কৰিছে

    [18] তাৰ পিছত তাক কোৱা ‘তুমি পৱিত্ৰ হ’ব বিচৰা নে

    [19] আৰু মই তোমাক তোমাৰ প্ৰতিপালকৰ পিনে পথপ্ৰদৰ্শন কৰো, যাতে তুমি তেওঁক ভয় কৰা’।

    [20] তাৰ পিছত, তেওঁ তাক মহা নিদৰ্শন দেখুৱালে।

    [21] কিন্তু সি অস্বীকাৰ কৰিলে আৰু অমান্য কৰিলে।

    [22] তাৰ পিছত তেওঁ সি পিছফালে উভতি প্ৰতিবিধানত সচেষ্ট হ’ল।

    [23] তাৰ পিছত সকলোকে একত্ৰিত কৰি ঘোষণা কৰিলে

    [24] আৰু ক’লে, ‘ময়ে তোমালোকৰ সৰ্বোচ্চ প্ৰতিপালক’।

    [25] অৱশেষত আল্লাহে তাক আখিৰাত আৰু পৃথিৱীৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিলে।

    [26] নিশ্চয় যিয়ে ভয় কৰে তাৰ বাবে ইয়াত শিক্ষা আছে।

    [27] তোমালোকক সৃষ্টি কৰাটো কঠিন নে আকাশ সৃষ্টি কৰা কঠিন? তেৱেঁই ইয়াক নিৰ্মান কৰিছে।

    [28] তেৱেঁই ইয়াৰ চালখনক সুউচ্চ কৰিছে আৰু সুবিন্যস্ত কৰিছে।

    [29] আৰু তেৱেঁই ইয়াৰ ৰাতিক কৰিছে অন্ধকাৰ আৰু প্ৰকাশ কৰিছে পূৰ্বাহ্নৰ পোহৰ।

    [30] তাৰ পিছত, তেওঁ পৃথিৱীখনক বিস্তৃত কৰিছে।

    [31] তেৱেঁই তাৰ পৰা উলিয়াইছে পানী আৰু তৃণভূমি

    [32] আৰু পৰ্বতসমূহক তেৱেঁই স্থাপন কৰিছে

    [33] এইবোৰ তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰৰ বাবে জীৱনোপকৰণ স্বৰূপ।

    [34] আৰু যিদিনা মহাসংকট উপস্থিত হ’ব

    [35] সেইদিনা মানুহে স্মৰণ কৰিব যিটো সি (বিগত দিনত) কৰিছে

    [36] আৰু জাহান্নাম প্ৰকাশ কৰা হ’ব দৃষ্টিমান লোকসকলৰ বাবে।

    [37] এতেকে যিয়ে সীমালঙ্ঘন কৰে

    [38] আৰু পৃথিৱীৰ জীৱনক অগ্ৰাধিকাৰ দিয়ে

    [39] নিশ্চয় জাহান্নামেই হ’ব তাৰ আবাসস্থল।

    [40] আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’বলৈ ভয় কৰে আৰু কুপ্ৰবৃত্তিৰ পৰা নিজকে বিৰত ৰাখে

    [41] নিশ্চয় জান্নাতেই হ’ব তাৰ আবাসস্থল।

    [42] সিহঁতে তোমাক কিয়ামত সম্পৰ্কে প্ৰশ্ন কৰে যে, ই কেতিয়া সংঘটিত হ’ব

    [43] সেইটো আলোচনা কৰাৰ (প্ৰকৃত) জ্ঞান তোমাৰ আছেনে

    [44] ইয়াৰ প্ৰকৃত জ্ঞান (কেৱল) তোমাৰ প্ৰতিপালকৰ ওচৰত

    [45] যিয়ে ইয়াক ভয় কৰে তুমি কেৱল তাৰ বাবে সতৰ্ককাৰী।

    [46] যিদিনা সিহঁতে ইয়াক দেখিব সেইদিনা সিহঁতৰ এইটো ধাৰণা হব যে, সিহঁতে পৃথিৱীত কেৱল এটা সন্ধিয়া অথবা এটা প্ৰভাততকৈ বেছি সময় অৱস্থান কৰা নাছিল।

    Surah 80
    আবাসা

    [1] তেওঁ বিৰক্ত প্ৰকাশ কৰিলে আৰু মুখ ঘুৰাই ল’লে

    [2] তেওঁৰ ওচৰত অন্ধ ব্যক্তিজন অহাৰ কাৰণে।

    [3] কিহে তোমাক জনাব যে, হয়তো সি পৰিশুদ্ধ হ’ব

    [4] অথবা উপদেশ গ্ৰহণ কৰিব আৰু সেই উপদেশ তাৰ বাবে লাভজনক হ’ব।

    [5] আৰু যিয়ে নিজকে অমুখাপেক্ষী বুলি ভাৱে

    [6] তুমি তাৰ প্ৰতি মনোযোগ দিছা।

    [7] অথচ সি পৰিশুদ্ধ নহ’লে তোমাৰ কোনো দায়িত্ব নাই

    [8] আনহাতে যিয়ে তোমাৰ ওচৰলৈ দৌৰি আহিলে

    [9] আৰু সি (আল্লাহক) ভয়ো কৰে

    [10] তাৰ প্ৰতি তুমি উদাসীন হ’লা।

    [11] কেতিয়াও নহয়, নিশ্চয় এইটো উপদেশ বাণী

    [12] গতিকে যিয়ে ইচ্ছা কৰিব সিয়েই ইয়াক স্মৰণ ৰাখিব

    [13] এইটো মৰ্যদা সম্পন্ন ছহীফাত লিপিবদ্ধ।

    [14] সমুন্নত, পৱিত্ৰ

    [15] লেখক বা দূতসকলৰ হাতত।

    [16] (যিসকল) মহাসন্মানিত, পূণ্যবান।

    [17] মানুহ ধ্বংস হওঁক, কিমান যে অকৃতজ্ঞ

    [18] তেওঁ তাক কি বস্তুৰ পৰা সৃষ্টি কৰিছে

    [19] শুক্ৰবিন্দুৰ পৰা, তেওঁ তাক সৃষ্টি কৰিছে, পিছত তাৰ পৰিমিত বিকাশ সাধন কৰিছে

    [20] তাৰ পিছত তাৰ বাবে পথ সহজ কৰি দিছে

    [21] তাৰ পিছত তাক মৃত্যু প্ৰদান কৰিলে আৰু কবৰস্থ কৰিলে।

    [22] আকৌ যেতিয়া তেওঁ ইচ্ছা কৰিব তাক পুনৰ্জীৱিত কৰিব।

    [23] কেতিয়াও নহয়, তেওঁ তাক যি আদেশ কৰিছিল সেয়া সি এতিয়াও পূৰ্ণ কৰা নাই।

    [24] এতেকে মানুহে নিজ খাদ্যৰ প্ৰতি লক্ষ্য কৰা উচিত।

    [25] নিশ্চয় আমি প্ৰচুৰ পৰিমাণে পানী বৰ্ষণ কৰোঁ

    [26] তাৰ পিছত আমি পৃথিৱীক যথাযথভাৱে বিদীৰ্ণ কৰোঁ

    [27] তাৰ পিছত আমি তাত উত্পন্ন কৰোঁ শস্য

    [28] আঙুৰ আৰু শাক-পাচলি

    [29] যায়তুন আৰু খেজুৰ গছ

    [30] ঘন গছ-গছনি বিশিষ্ট উদ্যান

    [31] ফল-মূল আৰু তৃণ-ঘাঁহ

    [32] এইবোৰ তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুৰ জীৱনোপকৰণৰ বাবে।

    [33] এতেকে যেতিয়া তীক্ষ্ন শব্দ আহিব

    [34] সেইদিনা মানুহে পলায়ন কৰিব তাৰ ভাতৃৰ পৰা

    [35] আৰু তাৰ মাক-বাপেকৰ পৰা

    [36] তাৰ স্ত্ৰী আৰু সন্তানৰ পৰা

    [37] সেইদিনা সিহঁত প্ৰত্যকৰে হ’ব এনে এক গুৰুতৰ অৱস্থা যিটো তাক সম্পূৰ্ণৰূপে ব্যস্ত ৰাখিব।

    [38] সেইদিনা কিছুমান চেহেৰা হ’ব উজ্জ্বল

    [39] হাঁহিৰে ভৰা, আনন্দত উত্ফুল্ল

    [40] আৰু সেইদিনা কিছুমান চেহেৰা ধূলিৰে মলিন হ’ব

    [41] ক’লা আৱৰণে আৱৰি ধৰিব।

    [42] এওঁলোকেই কাফিৰ, অত্যন্ত পাপী।

    Surah 81
    আত-তাকভীর

    [1] সূৰ্যক যেতিয়া নিষ্প্ৰভ কৰা হ’ব

    [2] আৰু নক্ষত্ৰৰাজি যেতিয়া খহি পৰিব

    [3] পৰ্বতসমূহক যেতিয়া সঞ্চালিত কৰা হ’ব

    [4] আৰু যেতিয়া পূৰ্ণ গাভিনী উটবোৰক অযত্নে এৰি দিয়া হ’ব

    [5] আৰু যেতিয়া বনৰীয়া পশুবোৰক একত্ৰিত কৰা হ’ব

    [6] আৰু যেতিয়া সাগৰসমূহক অগ্নিউত্তাল কৰা হ’ব

    [7] আৰু যেতিয়া আত্মাসমূহক (সমগোত্ৰীয়সকলৰ লগত) মিলিত কৰা হ’ব

    [8] আৰু যেতিয়া জীৱন্ত সমাধিস্থ কন্যাশিশুক সোধা হ’ব

    [9] কি অপৰাধত তাইক হত্যা কৰা হৈছিল

    [10] আৰু যেতিয়া আমলনামাসমূহ উন্মোচিত কৰা হ’ব

    [11] আৰু যেতিয়া আকাশৰ আৱৰণ অপসাৰিত কৰা হ’ব

    [12] আৰু যেতিয়া জাহান্নামক ভীষণভাৱে প্ৰজ্জ্বলিত কৰা হ’ব

    [13] আৰু জান্নাতক যেতিয়া নিকটবৰ্তী কৰা হ’ব

    [14] তেতিয়া প্ৰত্যেক ব্যক্তিয়েই জানিব সি কি উপস্থিত কৰিছে।

    [15] এতেকে মই শপত কৰিছো আৱৰ্তনশীল নক্ষত্ৰবোৰৰ

    [16] যিবোৰ গতিশীল, অদৃশ্য

    [17] আৰু ৰাতিৰ শপত যেতিয়া ই বিদায় লয়

    [18] আৰু প্ৰভাতৰ শপত যেতিয়া ইয়াৰ আবিৰ্ভাৱ হয়

    [19] নিশ্চয় এই কোৰআন সন্মানিত ৰাছুলে লৈ অহা বাণী।

    [20] যিজন শক্তিশালী, আৰশ্বৰ মালিকৰ ওচৰত মৰ্যদাসম্পন্ন

    [21] মান্যবৰ, তাত তেওঁ বিশ্বস্ত।

    [22] আৰু তোমালোকৰ সঙ্গী উন্মাদ নহয়

    [23] আৰু তেওঁ তেওঁক স্পষ্ট দিগন্তত দেখিছে

    [24] আৰু তেওঁ গায়েবী বিষয় সম্পৰ্কে কৃপণালিও নকৰে।

    [25] আৰু এয়া কোনো অভিশপ্ত চয়তানৰো বাক্য নহয়।

    [26] এতেকে তোমালোকে কোনফালে গতি কৰিছা

    [27] এইটো কেৱল সমগ্ৰ জগতবাসীৰ বাবে উপদেশ বাণী

    [28] তাৰ বাবে, তোমালোকৰ মাজৰ যিয়ে সৰল পথত চলিব বিচাৰে।

    [29] তোমালোকে ইচ্ছা কৰিব নোৱাৰা, যেতিয়া লৈকে বিশ্বজগতৰ প্ৰতিপালক আল্লাহে ইচ্ছা নকৰে।

    Surah 82
    আল-ইনফিতার

    [1] যেতিয়া আকাশখন বিদীৰ্ণ হ’ব

    [2] আৰু যেতিয়া নক্ষত্ৰসমূহ বিক্ষিপ্তভাৱে খহি পৰিব

    [3] আৰু যেতিয়া সাগৰসমূহক বিস্ফোৰিত কৰা হ’ব

    [4] আৰু যেতিয়া কবৰসমূহক উন্মোচিত কৰা হ’ব

    [5] তেতিয়া প্ৰত্যেকেই জানিব, সি কি আগলৈ পঠিয়াইছে আৰু পিছত কি ৰাখি আহিছে।

    [6] হে মানৱ! কিহে তোমাক তোমাৰ প্ৰতিপালক সম্পৰ্কে বিভ্ৰান্ত কৰিছে

    [7] যিজনে তোমাক সৃষ্টি কৰিছে, তাৰ পিছত তোমাক সুঠাম কৰিছে আৰু সুসামঞ্জস্য কৰিছে

    [8] আৰু যি আকৃতিত বিচাৰিছে, তেওঁ তোমাক (সেই আকৃতিতে) গঠন কৰিছে।

    [9] কেতিয়াও নহয়, বৰং তোমালোকে প্ৰতিদান দিৱসক অস্বীকাৰ কৰা

    [10] আৰু নিশ্চয় তোমালোকৰ ওপৰত নিয়োজিত আছে সংৰক্ষকদল

    [11] সন্মানিত লেখক বৃন্দ

    [12] তোমালোকে যি কৰা সেয়া তেওঁলোকে জানে।

    [13] নিশ্চয় সত্কৰ্মপৰায়ণসকল থাকিব পৰম সূখ-শান্তিত।

    [14] আৰু নিশ্চয় পাপীসকল থাকিব জাহান্নামত।

    [15] সিহঁতে প্ৰতিদান দিৱসত তাত প্ৰৱেশ কৰিব

    [16] আৰু সিহঁতে তাৰ পৰা অনুপস্থিত থাকিব নোৱাৰিব।

    [17] আৰু তোমাক কিহে জনাব যে, প্ৰতিদান দিৱস কি

    [18] আকৌ কৈছো, কিহে তোমাক জনাব প্ৰতিদান দিৱস কি

    [19] সেইদিনা কোনেও কাৰো বাবে একো কৰাৰ ক্ষমতা নাৰাখিব; আৰু সেইদিনা সকলো বিষয়ৰ কৰ্তৃত্ব হ’ব আল্লাহৰ।

    Surah 83
    আল-মুতাফফিফীন

    [1] ধ্বংস সিহঁতৰ বাবে যিহঁতে জোখ-মাখত কম দিয়ে

    [2] যিহঁতে আনৰ পৰা মাপি লওঁতে পূৰ্ণমাত্ৰাত গ্ৰহণ কৰে

    [3] আৰু যেতিয়া সিহঁতক মাপি দিয়ে অথবা ওজন কৰি দিয়ে, তেতিয়া কম দিয়ে।

    [4] সিহঁতে বিশ্বাস নকৰে নেকি যে, সিহঁত পুৰনৰুত্থিত হ’ব

    [5] মহাদিৱসত।

    [6] যিদিনা সকলো মানুহে বিশ্বজগতৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’ব।

    [7] কেতিয়াও নহয়, নিশ্চয় পাপীসকলৰ আমলনামা ছিজ্জিনত আছে।

    [8] আৰু কিহে তোমাক জনাব ছিজ্জিন কি

    [9] চিহ্নিত আমলনামা।

    [10] সেইদিনা ধ্বংস অস্বীকাৰকাৰীসকলৰ বাবে

    [11] যিহঁতে প্ৰতিদান দিৱসক অস্বীকাৰ কৰে।

    [12] আৰু কেৱল প্ৰত্যেক পাপিষ্ঠ সীমালঙ্ঘনকাৰীৰ বাহিৰে আন কোনেও ইয়াক অস্বীকাৰ নকৰে।

    [13] আৰু যেতিয়া আমাৰ আয়াতসমূহ তাৰ ওচৰত তিলাৱত কৰা হয় তেতিয়া সি কয়, (এয়া হৈছে) ‘পুৰ্বৱৰ্তীসকলৰ উপকথা’।

    [14] কেতিয়াও নহয়, সিহঁতৰ কৰ্মৰ ফলত সিহঁতৰ অন্তৰত মামৰ ধৰিছে।

    [15] কেতিয়াও নহয়, নিশ্চয় সিহঁত সেইদিনা নিজ প্ৰতিপালকৰ পৰা পৰ্দাৰ আঁৰত থাকিব।

    [16] তাৰ পিছত নিশ্চয় সিহঁতে প্ৰজ্জ্বলিত জাহান্নামত প্ৰৱেশ কৰিব

    [17] তাৰ পিছত কোৱা হ’ব, ‘এইটোৱে সেইটো যাক তোমালোকে অস্বীকাৰ কৰিছিলা’।

    [18] কেতিয়াও নহয়, নিশ্চয় পূ্ণ্যবানলোকসকলৰ আমলনামা থাকিব ইল্লিয়্যীনত।

    [19] আৰু কিহে তোমাক জনাব ইল্লিয়্যীন কি

    [20] চিহ্নিত আমলনামা।

    [21] সান্নিধ্যপ্ৰাপ্তসকলেই ইয়াৰ অবলোকন কৰে।

    [22] নিশ্চয় পূণ্যবানসকলেই থাকিব পৰম সূখ-শান্তিত

    [23] সুসজ্জিত আসনত বহি দৰ্শন কৰিব।

    [24] তুমি সিহঁতৰ মুখমণ্ডলত সূখ-শান্তিৰ উজ্জলতা দেখিবলৈ পাবা

    [25] সিহঁতক মোহৰ মাৰি থোৱা বিশুদ্ধ পানীয় পান কৰোৱা হ’ব

    [26] আৰু যাৰ মোহৰ হ'ব মিছকৰ, সেয়ে এই বিষয়ে প্ৰতিযোগীসকলে প্ৰতিযোগীতা কৰা উচিত।

    [27] আৰু ইয়াৰ মিশ্ৰণ হ’ব তাছনীমৰ

    [28] (সেইটো) এটা নিজৰা, যাৰ পৰা সান্নিধ্যসকলে পান কৰিব।

    [29] নিশ্চয় যিহঁতে অপৰাধ কৰিছে সিহঁতে মুমিনসকলক উপহাস কৰিছিল

    [30] আৰু যেতিয়া সিহঁতে মুমিনসকলৰ ওচৰেদি গৈছিল তেতিয়া সিহঁতে চকু টিপি বিদ্ৰূপ কৰিছিল।

    [31] আৰু যেতিয়া সিহঁতে আপোনজনৰ ওচৰলৈ উভতি আহিছিল তেতিয়া উত্ফল্লিত হৈ উভতিছিল

    [32] আৰু সিহঁতে যেতিয়া মুমিনসকলক দেখিছিল তেতিয়া কৈছিল, ‘নিশ্চয় ইহঁত পথভ্ৰষ্ট’।

    [33] অথচ সিহঁতক মুমিনসকলৰ তত্ত্ববধায়ক হিচাপে পঠোৱা হোৱা নাই।

    [34] এতেকে আজি মুমিনসকলে উপহাস কৰিব কাফিৰসকলক।

    [35] সুসজ্জিত আসনত বহি সিহঁতে চাই থাকিব।

    [36] কাফিৰসকলে সিহঁতৰ কৃতকৰ্মৰ ফল পালেনে

    Surah 84
    আল-ইনশিক্বাক

    [1] যেতিয়া আকাশ বিদীৰ্ণ হ’ব

    [2] আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে তাৰ কৰণীয়।

    [3] আৰু যেতিয়া পৃথিৱীক সম্প্ৰসাৰিত কৰা হ’ব।

    [4] আৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা সকলোবোৰ বাহিৰলৈ নিক্ষেপ কৰিব আৰু ই গৰ্ভশূন্য হৈ পৰিব।

    [5] আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে তাৰ কৰণীয়।

    [6] হে মানৱ! তুমি তোমাৰ প্ৰতিপালকৰ নৈকট্য পাবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে তেওঁৰ সাক্ষাত লাভ কৰিব পাৰিবা।

    [7] এতেকে যাৰ আমলনামা তাৰ সোঁ হাতত দিয়া হব

    [8] অত্যন্ত সহজ ভাৱে তাৰ হিচাপ-নিকাচ লোৱা হ’ব।

    [9] আৰু সি তাৰ আপোনজনৰ ওচৰলৈ প্ৰফুল্লচিত্তে উভতি যাব

    [10] আৰু যাৰ আমলনামা পিছফালৰ পৰা দিয়া হ’ব

    [11] সি নিজৰ ধ্বংস আহ্বান কৰিব

    [12] আৰু সি জ্বলন্ত জুইত প্ৰৱেশ কৰিব

    [13] নিশ্চয় সি নিজ পৰিয়ালৰ মাজত আনন্দত আছিল

    [14] নিশ্চয় সি ভাবিছিল যে, সি কেতিয়াও উভতি নাযাব

    [15] হয়, নিশ্চয় তাৰ প্ৰতিপালক তাৰ ওপৰত সম্যক দৃষ্টি দানকাৰী।

    [16] এতেকে মই শপত কৰিছো পশ্চিম আকাশৰ ৰঙা কিৰণৰ

    [17] ৰাতিৰ শপত আৰু ই যিবোৰৰ সমাবেশ ঘটায়

    [18] আৰু চন্দ্ৰৰ শপত, যেতিয়া ই পূৰ্ণতা লাভ কৰে

    [19] অৱশ্যই তোমালোকে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ আৰোহণ কৰিবা।

    [20] কিন্তু সিহঁতৰ কি হ’ল, সিহঁতে ঈমান পোষণ নকৰে কিয়

    [21] আৰু যেতিয়া সিহঁতৰ ওচৰত কোৰআন তিলাৱাত কৰা হয় তেতিয়া সিহঁতে ছাজদা নকৰে কিয়

    [22] বৰং কাফিৰসকলে অস্বীকাৰ কৰে।

    [23] আৰু সিহঁতে (অন্তৰত) যি পোষণ কৰে আল্লাহে সেই বিষয়ে সবিশেষ অৱগত।

    [24] সেয়ে তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সংবাদ দিয়া

    [25] কিন্তু যিসকলে ঈমান আনে আৰু সত্কৰ্ম কৰে তেওঁলোকৰ বাবে আছে নিৰবিচ্ছিন্ন প্ৰতিদান।

    Surah 85
    আল-বুরুজ

    [1] শপত বুৰূজবিশিষ্ট আকাশৰ

    [2] শপত প্ৰতিশ্ৰুতিকৃত দিনৰ

    [3] শপত দ্ৰষ্টা আৰু দৃষ্টৰ

    [4] অভিশপ্ত হৈছিল অগ্নিকুণ্ডৰ অধিপতিসকল

    [5] য’ত আছিল ইন্ধনপূৰ্ণ জুই।

    [6] যেতিয়া সিহঁত ইয়াৰ কাষত উপবিষ্ট আছিল

    [7] আৰু সিহঁতে মুমিনসকলৰ লগত যি কৰিছিল সেয়া প্ৰত্যক্ষ কৰিছিল।

    [8] আৰু সিহঁতে তেওঁলোকক নিৰ্যাতন কৰিছিল কেৱল এই কাৰণে যে, তেওঁলোকে ঈমান আনিছিল পৰাক্ৰমশালী আৰু প্ৰশংসাৰ যোগ্য আল্লাহৰ ওপৰত

    [9] যাৰ অধিকাৰত আছে আকাশ আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব; আৰু আল্লাহ সকলো বস্তুৰ প্ৰত্যক্ষদৰ্শী।

    [10] নিশ্চয় যিহঁতে মুমিন পুৰুষ আৰু মুমিনা নাৰীক বিপদাপন্ন কৰিছে তাৰ পিছত তাওবা কৰা নাই, সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি, আৰু সিহঁতৰ বাবে আছে দহন যন্ত্ৰণা।

    [11] নিশ্চয় যিসকলে ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে জান্নাত, যাৰ তলত নদী প্ৰবাহিত; এইটোৱে মহাসাফল্য।

    [12] নিশ্চয় তোমাৰ প্ৰতিপালকৰ গ্ৰেপ্তাৰী অতি কঠোৰ।

    [13] তেৱেঁই অস্তিত্ব প্ৰদান কৰে আৰু তেৱেঁই পুনৰাৱৰ্তন ঘটায়

    [14] নিশ্চয় তেওঁ ক্ষমাশীল, অতিস্নেহশীল।

    [15] আৰছৰ অধিপতি, সন্মানিত।

    [16] তেওঁ যি বিচাৰে সেইটোৱে কৰে।

    [17] তোমাৰ ওচৰত সৈন্যবাহিনীৰ বৃত্তান্ত আহিছেনে

    [18] ফিৰআউনৰ আৰু ছামূদৰ।

    [19] তথাপিও কাফিৰসকল মিথ্যাৰোপ কৰাত লিপ্ত

    [20] আৰু আল্লাহে সিহঁতক কেউফালৰ পৰা পৰিবেষ্টন কৰি আছে।

    [21] প্ৰকৃততে ই সন্মানিত কোৰআন

    [22] সুৰক্ষিত ফলকত লিপিবদ্ধ।

    Surah 86
    আত-তারিক্ব

    [1] শপত আকাশৰ আৰু যি ৰাতিত আত্মপ্ৰকাশ কৰে

    [2] আৰু কিহে তোমাক জনাব যে, ‘ৰাতিত যিয়ে আত্মপ্ৰকাশ কৰে’ সেয়া নো কি

    [3] (সেয়া হৈছে) উজ্জ্বল নক্ষত্ৰ।

    [4] প্ৰত্যেক জীৱৰ ওপৰতেই তত্ত্বাবধায়ক আছে।

    [5] এতেকে মানুহে চিন্তা কৰা উচিত যে, তাক কিহেৰে সৃষ্টি কৰা হৈছে

    [6] তাক সৃষ্টি কৰা হৈছে দ্ৰুতগতিত নিৰ্গত হোৱা পানীৰে

    [7] যিটো নিৰ্গত হয় মেৰুদণ্ড আৰু বুকুৰ মাজৰ পৰা।

    [8] নিশ্চয় তেওঁ তাক উভতাই আনিবলৈ সক্ষম।

    [9] যিদিনা গোপন বিষয়সমূহ পৰীক্ষা কৰা হ’ব

    [10] সেইদিনা তাৰ কোনো শক্তি নাথাকিব আৰু কোনো সহায়কাৰীও নাথাকিব।

    [11] শপত আকাশৰ যিয়ে বৰষুণ ধাৰণ কৰে

    [12] শপত পৃথিৱীৰ, যিটো বিদীৰ্ণ হয়

    [13] নিশ্চয় এইটো (আল-কোৰআন) মীমাংসাকাৰী বাণী।

    [14] আৰু এইটো নিৰৰ্থক নহয়।

    [15] নিশ্চয় সিহঁত ভীষণ ষড়যন্ত্ৰ কৰে

    [16] আৰু ময়ো ভীষণ কৌশল কৰিছো।

    [17] এতেকে কাফিৰসকলক অৱকাশ দিয়া; সিহঁতক কিছু সময়ৰ বাবে অৱকাশ দিয়া।

    Surah 87
    আল-আ‘লা

    [1] তুমি তোমাৰ সুমহান প্ৰতিপালকৰ নামৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা

    [2] যিজনে সৃষ্টি কৰিছে, তাৰ পিছত সুঠাম কৰিছে।

    [3] আৰু যিজনে (ভাগ্য) নিৰ্ধাৰণ কৰিছে তাৰ পিছত সত্পথ প্ৰদৰ্শন কৰিছে

    [4] আৰু যিজনে তৃণ-লতা উত্পন্ন কৰিছে

    [5] তাৰ পিছত সেইবোৰক ক'লা আবৰ্জনাত পৰিণত কৰিছে।

    [6] অনতিপলমে আমি তোমাক পাঠ কৰাম, ফলত তুমি নাপাহৰিবা

    [7] কেৱল আল্লাহে যি বিচাৰে তাৰ বাহিৰে। নিশ্চয় তেওঁ প্ৰকাশ্য আৰু অপ্ৰকাশ্য সকলো জানে।

    [8] আৰু আমি তোমাৰ বাবে সহজ পথ সুগম কৰি দিম।

    [9] এতেকে উপদেশ দিয়া, যদি উপদেশ ফলপ্ৰসূ হয়

    [10] উপদেশ সিয়েই গ্ৰহণ কৰিব যিয়ে ভয় কৰে।

    [11] আৰু যি হতভাগ্য সি ইয়াক অগ্ৰাহ্য কৰিব

    [12] সি ভয়াবহ জুইত প্ৰৱেশ কৰিব।

    [13] তাৰ পিছত সি তাত মৃত্যুবৰণো কৰিব নোৱাৰিব আৰু জীৱিতও থাকিব নোৱাৰিব।

    [14] নিশ্চয় সফলতা লাভ কৰিব যিয়ে আত্মশুদ্ধি কৰিব।

    [15] আৰু তাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰিব আৰু ছালাত আদায় কৰিব।

    [16] কিন্তু তোমালোকে পৃথিৱীৰ জীৱনক প্ৰাধান্য দিয়া

    [17] অথচ আখিৰাত সৰ্বোত্তম আৰু স্থায়ী।

    [18] নিশ্চয় ইয়াৰ বৰ্ণনা আছে পূৰ্বৱৰ্তী ছহীফাসমূহত

    [19] ইব্ৰাহীম আৰু মূছাৰ ছহীফাসমূহত।

    Surah 88
    আল-গাশিয়া

    [1] তোমাৰ ওচৰত আচ্ছন্নকাৰী (কিয়ামতৰ) সংবাদ আহিছেনে

    [2] সেইদিনা কিছুমান মুখমণ্ডল হ’ব অৱনত

    [3] কৰ্মক্লান্ত, পৰিশ্ৰান্ত

    [4] সিহঁত প্ৰৱেশ কৰিব জ্বলন্ত জুইত

    [5] উত্তপ্ত উতলা নিজৰাৰ পানী পান কৰিবলৈ দিয়া হ’ব

    [6] সিহঁতৰ বাবে কাঁইটবিশিষ্ট ঘাঁহৰ বাহিৰে আন কোনো খাদ্য নাথাকিব

    [7] ই সিহঁতৰ পুষ্টিও সাধন নকৰিব আৰু ক্ষুধাও নিবৃত্ত নকৰিব।

    [8] আৰু সেইদিনা কিছুমান মুখমণ্ডল হ’ব আনন্দোজ্জ্বল

    [9] নিজ কৰ্মৰ সাফল্যত পৰিতৃপ্ত

    [10] সুউচ্চ জান্নাতত

    [11] তাত সিহঁতে কোনো অনৰ্থক কথা শুনিবলৈ নাপাব

    [12] তাত থাকিব প্ৰবাহমান নিজৰা

    [13] তাত থাকিব উন্নত শয্যাসমূহ

    [14] আৰু প্ৰস্তুত থাকিব পানপাত্ৰসমূহ

    [15] আৰু শাৰী শাৰীকৈ ৰখা গাৰুসমূহ

    [16] আৰু বিস্তৃত পাৰি থোৱা দলিচাসমূহ

    [17] ইহঁতে উটৰ পিনে দৃষ্টিপাত নকৰে নেকি, কেনেকৈ তাক সৃষ্টি কৰা হৈছে

    [18] আৰু আকাশৰ ফালে, কেনেকৈ তাক উৰ্দ্ধত স্থাপন কৰা হৈছে

    [19] আৰু পৰ্বতসমূহৰ ফালে, সেইবোৰ কেনেকৈ প্ৰতিষ্ঠিত কৰা হৈছে

    [20] আৰু পৃথিৱীখনৰ ফালে, কিদৰে তাক বিস্তৃত কৰা হৈছে

    [21] এতেকে তুমি উপদেশ দিয়া, তুমিতো কেৱল এজন উপদেশদাতা

    [22] তুমি সিহঁতৰ ওপৰত শক্তি প্ৰয়োগকাৰী নহয়।

    [23] কিন্তু কোনোবাই মুখ ঘুৰাই ল’লে অথবা কুফৰী কৰিলে

    [24] তেন্তে আল্লাহে তাক মহাশাস্তি প্ৰদান কৰিব।

    [25] নিশ্চয় আমাৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন।

    [26] আৰু সিহঁতৰ হিচাপ-নিকাচ আমাৰেই দায়িত্ব।

    Surah 89
    আল-ফাজর

    [1] ফজৰৰ সময়ৰ শপত

    [2] শপত দহ ৰাতিৰ

    [3] শপত যোৰ আৰু বিযোৰৰ

    [4] শপত ৰাতিৰ, যেতিয়া ই বিদায় লয়।

    [5] ইয়াৰ মাজত বোধসম্পন্ন ব্যক্তিৰ বাবে দৃঢ় প্ৰমাণ নাইনে

    [6] তুমি দেখা নাইনে, তোমাৰ প্ৰতিপালকে আদ সম্প্ৰদায়ৰ লগত কি আচৰণ কৰিছিল

    [7] ইৰাম গোত্ৰৰ লগত, যিহঁতে অধিকাৰী আছিল সুউচ্চ প্ৰসাদৰ

    [8] যাৰ সমতুল্য (জাতি) কোনো দেশতে সৃষ্টি কৰা হোৱা নাই

    [9] আৰু ছামূদ সম্প্ৰদায়ৰ লগত (কি আচৰণ কৰিছিল) যিসকলে ভৈয়ামত শিল কাটি ঘৰ নিৰ্মাণ কৰিছিল

    [10] আৰু শূলদণ্ডৰ অধিকাৰী ফিৰআউনৰ লগত (কি আচৰণ কৰিছিল)

    [11] যিসকলে দেশত সীমালঙ্ঘন কৰিছিল

    [12] তাৰ পিছত তাত অশান্তি বৃদ্ধি কৰিছিল।

    [13] ফলত তোমাৰ প্ৰতিপালকে সিহঁতৰ ওপৰত শাস্তিৰ চাবুক মাৰিলে।

    [14] নিশ্চয় তোমাৰ প্ৰতিপালক সতৰ্ক দৃষ্টি ৰাখে।

    [15] আৰু মানুহৰ প্ৰকৃতি এনেকুৱা যে, যেতিয়া তাৰ প্ৰতিপালকে তাক সন্মান আৰু অনুগ্ৰহ প্ৰদান কৰি পৰীক্ষা কৰে, তেতিয়া সি কয়, ‘মোৰ প্ৰতিপালকে মোক সন্মানিত কৰিছে’।

    [16] আৰু যেতিয়া তাক পৰীক্ষা কৰিবলৈ তাৰ জীৱিকা সংকুচিত কৰি দিয়ে, তেতিয়া সি কয়, ‘মোৰ প্ৰতিপালকে মোক লাঞ্ছিত কৰিছে’।

    [17] কেতিয়াও নহয়, বৰং তোমালোকে এতীমক সমাদৰ নকৰা

    [18] আৰু তোমালোকে মিচকিনক খাদ্য প্ৰদান কৰিবলৈ পৰস্পৰে পৰস্পৰক উত্সাহিত নকৰা

    [19] আৰু তোমালোকে উত্তৰাধিকাৰৰ সম্পদ সম্পূৰ্ণৰূপে গ্ৰাস কৰি পেলোৱা

    [20] আৰু তোমালোকে ধন-সম্পদক অতিকৈ ভালপোৱা

    [21] কেতিয়াও নহয়। যেতিয়া পৃথিৱীখনক চূৰ্ণ-বিচূৰ্ণ কৰা হ’ব

    [22] আৰু যেতিয়া তোমাৰ প্ৰতিপালক আগমন কৰিব আৰু ফিৰিস্তাসকল শাৰীবদ্ধভাৱে উপস্থিত হ’ব

    [23] আৰু সেইদিনা জাহান্নামক উপস্থিত কৰা হ’ব, সেইদিনা মানুহে স্মৰণ কৰিব, কিন্তু এই স্মৰণ তাৰ কোন কামত আহিব

    [24] (তেতিয়া) সি ক’ব, ‘হায়! এই জীৱনৰ বাবে মই যদি কিবা অগ্ৰিম পঠালোহেঁতেন

    [25] সেইদিনা তেওঁৰ শাস্তিৰ দৰে শাস্তি কোনেও দিব নোৱাৰিব।

    [26] আৰু তেওঁৰ বান্ধোনৰ দৰে বান্ধোন আন কোনেও দিব নোৱাৰিব।

    [27] হে প্ৰশান্ত আত্মা

    [28] তুমি তোমাৰ প্ৰতিপালকৰ ওচৰলৈ উভতি আহা সন্তুষ্ট আৰু সন্তোষভাজন হৈ

    [29] আৰু মোৰ বান্দাসকলৰ অন্তৰ্ভূক্ত হৈ যোৱা

    [30] আৰু মোৰ জান্নাতত প্ৰৱেশ কৰা।

    Surah 90
    আল-বালাদ

    [1] মই শপত কৰিছো এই নগৰখনৰ

    [2] আৰু তুমি এই নগৰৰ অধিবাসী

    [3] শপত জন্মদাতাৰ আৰু যিটো সি জন্ম দিছে।

    [4] নিসন্দেহে আমি মানুহক সৃষ্টি কৰিছো কঠোৰ দুখ-কষ্টৰ মাজত।

    [5] সি ভাবে নেকি যে, কেতিয়াও তাৰ ওপৰত কোনোৱেই ক্ষমতাবান নহ’ব

    [6] সি কয়, 'মই প্ৰচুৰ ধন-সম্পদ নাশ কৰিছো'।

    [7] সি ভাবে নেকি যে, কোনেও তাক দেখা নাই

    [8] তাৰ বাবে আমি দুটা চকু সৃষ্টি কৰা নাইনে

    [9] এখন জিভা আৰু দুটা ওঁঠ

    [10] আৰু আমি তাক দুটা পথ দেখুৱাইছো।

    [11] কিন্তু সি দুৰ্গম গিৰিপথত প্ৰৱেশ কৰা নাই।

    [12] আৰু তোমাক কিহে জনাব যে, দুৰ্গম গিৰিপথ কি

    [13] সেইটো হৈছে, দাসমুক্তি।

    [14] অথবা দুৰ্ভিক্ষৰ দিনত খাদ্যদান কৰা

    [15] নিকটাত্মীয় এতীমক

    [16] অথবা দৰিদ্ৰ-নিষ্পেষিত অভাৱগ্ৰস্তক

    [17] তাৰ পিছত সি এনেলোকৰ অন্তৰ্ভূক্ত হৈ যায় যিসকলে ঈমান আনিছে আৰু পৰস্পৰক ধৈৰ্য ধাৰণ কৰিবলৈ উপদেশ দিছে আৰু উপদেশ দিছে পৰস্পৰক দয়া-অনুগ্ৰহ কৰিবলৈ

    [18] এওঁলোকেই সৌভাগ্যশালী।

    [19] আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতেই হতভাগ্য।

    [20] সিহঁত অবৰুদ্ধ জুইত পৰিবেষ্টিত থাকিব।

    Surah 91
    আশ-শাম্‌ছ

    [1] শপত সূৰ্যৰ আৰু তাৰ পোহৰৰ

    [2] শপত চন্দ্ৰৰ যেতিয়া ই সূৰ্যৰ পিছত আবিৰ্ভাৱ হয়

    [3] দিনৰ শপত যেতিয়া সূৰ্যক প্ৰকাশ কৰে

    [4] ৰাতিৰ শপত যেতিয়া ই সূৰ্যক আচ্ছাদিত কৰে

    [5] শপত আকাশৰ আৰু সেই সত্তাৰ যিজনে ইয়াক নিৰ্মাণ কৰিছে

    [6] পৃথিৱীৰ শপত আৰু যিজনে ইয়াক বিস্তৃত কৰিছে

    [7] শপত নফছৰ আৰু যিজনে ইয়াক সুবিন্যস্ত কৰিছে

    [8] তাৰ পিছত ইয়াক তাৰ সত্কামৰ আৰু অসত্কামৰ জ্ঞান দান কৰিছে

    [9] নিসন্দেহে সিয়েই সফল হৈছে যিয়ে নিজকে পৱিত্ৰ কৰিছে।

    [10] আৰু সিয়েই ব্যৰ্থ হৈছে, যিয়ে নিজকে কলুষিত কৰিছে।

    [11] ছামূদ সম্প্ৰদায়ে অবাধ্যতাবশত অস্বীকাৰ কৰিছিল।

    [12] যেতিয়া সিহঁতৰ মাজৰ হতভাগ্য ব্যক্তিজন তত্পৰ হৈ উঠিল

    [13] তেতিয়া আল্লাহৰ ৰাছুলে সিহঁতক ক'লে, 'আল্লাহৰ উটজনীক আৰু তাইৰ পানী খোৱা সম্পৰ্কে সাৱধান হোৱা'।

    [14] কিন্তু সিহঁতে অস্বীকাৰ কৰিলে আৰু উটজনীক বধ কৰিলে। ফলত সিহঁতৰ পাপৰ বাবে সিহঁতৰ প্ৰতিপালকে সিহঁতক সমূলে ধ্বংস কৰি একাকাৰ কৰি দিলে।

    [15] আৰু তেওঁ ইয়াৰ পৰিণামক ভয় নকৰে।

    Surah 92
    আল-লাইল

    [1] শপত ৰাতিৰ, যেতিয়া ই আচ্ছন্ন কৰে

    [2] শপত দিনৰ, যেতিয়া ই উজ্জ্বল হয়

    [3] আৰু শপত সেই সত্তাৰ, যিজনে নৰ আৰু নাৰী সৃষ্টি কৰিছে।

    [4] নিশ্চয় তোমালোকৰ কৰ্মপ্ৰচেষ্টা বিভিন্ন প্ৰকৃতিৰ।

    [5] এতেকে কোনোবাই দান কৰিলে আৰু তাক্বৱা অৱলম্বন কৰিলে

    [6] আৰু যি উত্তম তাক সত্য বুলি গ্ৰহণ কৰিলে

    [7] আমি তাৰ বাবে সহজ পথত চলা সুগম কৰি দিম।

    [8] আৰু কোনোবাই কৃপণালি কৰিলে আৰু নিজকে অমুখাপেক্ষী ভাবিলে

    [9] আৰু যি উত্তম তাক অস্বীকাৰ কৰিলে

    [10] আমি তাৰ বাবে কঠিন পথত চলা সুগম কৰি দিম।

    [11] আৰু তাৰ সম্পদ তাৰ কোনো কামত নাহিব, যেতিয়া সি ধ্বংস হ’ব।

    [12] নিশ্চয় পথপ্ৰদৰ্শন কৰাটোৱে আমাৰ কৰ্তব্য।

    [13] নিশ্চয় আমিয়েই পৰকাল আৰু ইহকালৰ মালিক।

    [14] এতেকে আমি তোমালোকক লেলিহান জুই সম্পৰ্কে সতৰ্ক কৰি দিছো।

    [15] তাত প্ৰৱেশ কৰিব কেৱল সেই ব্যক্তি যি হ’ব চৰম হতভাগ্য

    [16] যিয়ে অস্বীকাৰ কৰিছে আৰু মুখ ঘূৰাই লৈছে।

    [17] আৰু ইয়াৰ পৰা দুৰৈত ৰখা হ’ব পৰম মুত্তাক্বী ব্যক্তিক

    [18] যিয়ে আত্মশুদ্ধিৰ বাবে নিজ সম্পদ দান কৰে

    [19] আৰু তাৰ প্ৰতি কাৰো এনে অনুগ্ৰহ নাই যাৰ প্ৰতিদান দিব লাগিব

    [20] কেৱল তাৰ মহান প্ৰতিপালকৰ সন্তুষ্টিৰ প্ৰত্যাশাত

    [21] আৰু অনতিপলমে সি সন্তুষ্টি লাভ কৰিব।

    Surah 93
    আদ-দুহা

    [1] পূৰ্বাহ্নৰ শপত

    [2] শপত ৰাতিৰ, যেতিয়া ই অন্ধকাৰাচ্ছন্ন হয়।

    [3] তোমাৰ প্ৰতিপালকে তোমাক পৰিত্যাগ কৰা নাই আৰু অসন্তুষ্টও হোৱা নাই।

    [4] নিশ্চয় তোমাৰ বাবে পৰবৰ্তী সময় পূৰ্বৱৰ্তী সময়তকৈ উত্তম।

    [5] নিশ্চয় অনতিপলমে তোমাৰ প্ৰতিপালকে তোমাক অনুগ্ৰহ প্ৰদান কৰিব, ফলত তুমি সন্তুষ্ট হ’বা।

    [6] তেওঁ তোমাক অনাথ অৱস্থাত পোৱা নাছিলনে? তাৰ পিছত তেৱেঁই তোমাক আশ্ৰয় দিছে।

    [7] আৰু তেওঁ তোমাক পাইছিল পথহাৰা অৱস্থাত, তাৰ পিছত তোৱেঁই তোমাক পথনিৰ্দেশ দিছে।

    [8] আৰু তেওঁ তোমাক পাইছিল সম্বলহীন দৰিদ্ৰৰূপে, তাৰ পিছত তেৱেঁই অভাৱমুক্ত কৰিলে।

    [9] এতেকে তুমি এতীমৰ (অনাথৰ) প্ৰতি কঠোৰ নহ’বা।

    [10] আৰু ভিখাৰীক ধমক নিদিবা।

    [11] আৰু তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহৰ কথা প্ৰচাৰ কৰা।

    Surah 94
    আল-ইনশিরাহ

    [1] আমি তোমাৰ (কল্যাণৰ) বাবে তোমাৰ বুকু প্ৰশস্ত কৰি দিয়া নাইনে

    [2] আৰু আমি তোমাৰ পৰা তোমাৰ বোজা অপসাৰণ কৰা নাইনে

    [3] যি বোজাই তোমাৰ পিঠি ভাঙি পেলাইছিল

    [4] আৰু আমিয়েই তোমাৰ (মৰ্যদা বৃদ্ধিৰ) বাবে তোমাৰ স্মৰণক সমুন্নত কৰিছো।

    [5] এতেকে দুখৰ লগতেই আছে সুখ

    [6] নিশ্চয় দুখৰ লগতেই আছে সুখ।

    [7] এতেকে যেতিয়াই তুমি অৱসৰ পোৱা তেতিয়াই কঠোৰ ইবাদতত আত্মনিয়োগ কৰা।

    [8] আৰু তোমাৰ প্ৰতিপালকৰ প্ৰতি গভীৰ মনোযোগী হোৱা।

    Surah 95
    আত-ত্বীন

    [1] শপত তীন আৰু যায়তুনৰ

    [2] শপত চিনাই পৰ্বতৰ

    [3] শপত এই নিৰাপদ নগৰখনৰ

    [4] নিশ্চয় আমি মানুহক সৰ্বোত্তম গঠনত সৃষ্টি কৰিছো

    [5] তাৰ পিছত আমি তাক হীনতাগ্ৰস্থসকলৰ হীনতমত পৰিণত কৰিছো

    [6] কেৱল সেইসকল লোকৰ বাহিৰে যিসকলে ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে; তেওঁলোকৰ বাবে আছে অফুৰন্ত শুভ প্ৰতিদান।

    [7] এতেকে (হে মানৱ!) ইয়াৰ পিছতো কিহে তোমাক কৰ্মফল দিন সম্পৰ্কে অবিশ্বাসী কৰি তুলে

    [8] আল্লাহেই বিচাৰকসকলৰ মাজত সৰ্বশ্ৰেষ্ঠ বিচাৰক নহয়নে বাৰু

    Surah 96
    আল-‘আলাক

    [1] পঢ়া তোমাৰ প্ৰতিপালকৰ নামত, যিয়ে সৃষ্টি কৰিছে

    [2] তেওঁ মানুহক আলাক্বৰ পৰা সৃষ্টি কৰিছে।

    [3] পঢ়া, কাৰণ তোমাৰ প্ৰতিপালক মহামহিম।

    [4] যিজনে কলমৰ সহায়ত শিক্ষা দিছে।

    [5] তেওঁ মানুহক এনে শিক্ষা দিছে, যিটো মানুহে জনা নাছিল।

    [6] বাস্তৱতে, মানুহে সীমালঙ্ঘন কৰি থাকে।

    [7] কাৰণ সি নিজকে স্বনিৰ্ভৰশীল বুলি ভাৱে।

    [8] নিশ্চয় তোমাৰ প্ৰতিপালকৰ ওচৰতেই প্ৰত্যাৱৰ্তন।

    [9] তুমি তাক দেখা নাইনে? যিয়ে নিষেধ কৰে।

    [10] এজন বান্দাক, যেতিয়া তেওঁ ছালাত আদায় কৰে।

    [11] কোৱাচোন, যদিও তেওঁ হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত

    [12] অথবা তাক্বৱাৰ নিৰ্দেশ দিয়ে; (তথাপিও তেওঁক কেনেকৈ বাধা দিয়ে)

    [13] কোৱাচোন যদি সি (নিষেধকাৰী) অস্বীকাৰ কৰে আৰু মুখ ঘূৰাই লয়

    [14] সি নাজানে নেকি, নিশ্চয় আল্লাহে দেখি আছে

    [15] কেতিয়াও নহয়, যদি সি বিৰত নাথাকে, তেন্তে নিশ্চয় আমি তাক আগচুলিত ধৰি টানি আনিম।

    [16] মিছলীয়া, পাপিষ্ঠৰ আগচুলি (কপাল)।

    [17] এতেকে সি নিজ পৰিষদক মাতি আনক।

    [18] অনতিপলমে আমি মাতি আনিম জাহান্নামৰ কঠোৰ প্ৰহৰীসকলক।

    [19] কেতিয়াও নহয়, তুমি তাৰ অনুসৰণ নকৰিবা। আৰু তুমি (তোমাৰ প্ৰতিপালকক) ছাজদা কৰা আৰু নৈকট্য লাভ কৰা।

    Surah 97
    আল-ক্বদর

    [1] নিশ্চয় আমি ইয়াক লাইলাতুল ক্বদৰত অৱতীৰ্ণ কৰিছো

    [2] তুমি কি জানিবা লাইলাতুল ক্বদৰ কি

    [3] লাইলাতুল ক্বদৰ এহেজাৰ মাহতকৈয়ো শ্ৰেষ্ঠ।

    [4] সেই ৰাতিত ফিৰিস্তাসকল আৰু ৰূহ তেওঁলোকৰ প্ৰতিপালকৰ অনুমতিক্ৰমে যাৱতীয় সিদ্ধান্ত লৈ অৱতৰণ কৰে।

    [5] শান্তিময় সেই ৰাতি, ফজৰৰ আবিৰ্ভাৱ নোহোৱালৈকে (শান্তি বিস্তৃত থাকে)।

    Surah 98
    আল-বাইয়্যিনাহ

    [1] আহলে কিতাবসকলৰ মাজত যিসকলে কুফৰী কৰিছে আৰু মুশ্বৰিকসকল, সিহঁতৰ ওচৰত সুস্পষ্ট প্ৰমাণ নহালৈকে সিহঁতে বিৰত থাকিবলৈ প্ৰস্তুত নাছিল।

    [2] আল্লাহৰ তৰফৰ পৰা এজন ৰাছুল, যিজনে তিলাৱাত কৰি শুনাব পৱিত্ৰ পত্ৰসমূহ

    [3] য’ত আছে সঠিক বিধিবদ্ধ বিধান।

    [4] আৰু যিসকলক কিতাব দিয়া হৈছিল সিহঁতে বিভক্ত হ’ল সিহঁতৰ ওচৰত সুস্পষ্ট প্ৰমাণ অহাৰ পিছত।

    [5] আৰু সিহঁতক কেৱল এই নিৰ্দেশ দিয়া হৈছিল যে, সিহঁতে যেন আল্লাহৰ ইবাদত কৰে তেওঁৰ বাবেই যেন দ্বীনক একনিষ্ঠ কৰে আৰু যেন ছালাত প্ৰতিষ্ঠা কৰে আৰু যাকাত প্ৰদান কৰে, আৰু এইটোৱেই হৈছে সঠিক দ্বীন।

    [6] নিশ্চয় আহলে কিতাবসকলৰ মাজৰ যিসকলে কুফৰী কৰিছে সিহঁত আৰু মুশ্বৰিকসকল জাহান্নামৰ জুইত স্থায়ীভাৱে অৱস্থান কৰিব; এওঁলোকেই হৈছে নিকৃষ্ট সৃষ্টি।

    [7] নিশ্চয় যিসকলে ঈমান আনিছে আৰু নেক কাম কৰিছে, তেওঁলোকেই হৈছে সৃষ্টিৰ শ্ৰেষ্ঠ।

    [8] তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত তেওঁলোকৰ পুৰষ্কাৰ আছে স্থায়ী জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোকে চিৰকাল থাকিব। আল্লাহ তেওঁলোকৰ প্ৰতি সন্তুষ্ট আৰু তেওঁলোকেও তেওঁৰ প্ৰতি সন্তুষ্ট। এইটো তাৰ বাবে, যিয়ে নিজ প্ৰতিপালকক ভয় কৰে।

    Surah 99
    আজ-জিলজাল

    [1] যেতিয়া প্ৰবল কম্পনত পৃথিৱীখন প্ৰকম্পিত হ’ব

    [2] আৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা বোজাবোৰ উলিয়াই দিব

    [3] আৰু মানুহে ক’ব, ইয়াৰ কি হ’ল

    [4] সেইদিনা পৃথিৱীয়ে তাৰ বৃত্তান্ত বৰ্ণনা কৰিব

    [5] কাৰণ তোমাৰ প্ৰতিপালকে তাক নিৰ্দেশ দিছে

    [6] সেইদিনা মানুহে ভিন্ ভিন্ দলত ওলাই আহিব যাতে সিহঁতক সিহঁতৰ কৃতকৰ্মবোৰ দেখুৱাব পৰা যায়

    [7] এতেকে যিয়ে অনু পৰিমাণ সত্কাম কৰিছে সেয়া সি দেখিবলৈ পাব।

    [8] আৰু যিয়ে অনু পৰিমাণ অসত্কাম কৰিছে সেয়াও সি দেখিবলৈ পাব।

    Surah 100
    আল-‘আদিয়াত

    [1] শপত ঊৰ্ধ্বশ্বাসত দৌৰি যোৱা ঘোঁৰাসমূহৰ

    [2] যিবোৰে ক্ষুৰৰ আঘাতত ফিৰিঙতি উৰুৱায়

    [3] যিবোৰে প্ৰভাতকালত আক্ৰমণ কৰে

    [4] ফলত সিহঁতে ইয়াৰ দ্বাৰা ধূলি উৰুৱায়

    [5] আৰু ইয়াৰ দ্বাৰা শত্ৰু দলৰ অভ্যন্তৰত সোমাই পৰে।

    [6] নিশ্চয় মানুহ তাৰ প্ৰতিপালকৰ প্ৰতি অতিকৈ অকৃতজ্ঞ

    [7] নিশ্চয় সি এই বিষয়ে সাক্ষী

    [8] আৰু নিশ্চয় সি ধন-সম্পদৰ লোভত প্ৰবল।

    [9] সি নাজানে নেকি যে, কবৰত যি আছে সেয়া উত্থিত হ’ব

    [10] আৰু অন্তৰত যি আছে সেয়া প্ৰকাশিত হ’ব

    [11] নিশ্চয় সিহঁতৰ প্ৰতিপালক সেইদিনা সিহঁতৰ অৱস্থা সম্পৰ্কে সবিশেষ অৱহিত।

    Surah 101
    আল-ক্বারিয়াহ

    [1] ভীতিপ্ৰদ মহা বিপদ।

    [2] ভীতিপ্ৰদ মহা বিপদ কি

    [3] ভীতিপ্ৰদ মহা বিপদ সম্পৰ্কে তুমি কি জানা

    [4] সেইদিনা মানুহ হ’ব বিক্ষিপ্ত কীট-পতঙ্গৰ দৰে।

    [5] আৰু পৰ্বতসমূহ হ’ব ধূনা ৰঙ্গিন ঊণৰ দৰে।

    [6] এতেকে যাৰ তৰ্জুসমূহ গধুৰ হ’ব

    [7] তেওঁ থাকিব সন্তোষজনক জীৱনত

    [8] আৰু যাৰ তৰ্জুসমূহ পাতল হ’ব

    [9] তাৰ ঠিকনা হ’ব ‘হা-ৱিয়াহ’।

    [10] আৰু তুমি কি জানা সেইটোনো কি

    [11] ই এটা অত্যন্ত উত্তপ্ত অগ্নিকুণ্ড।

    Surah 102
    আত-তাকাছুর

    [1] প্ৰাচুৰ্যৰ প্ৰতিযোগিতায় তোমালোকক অমনোযোগী কৰি ৰাখিছে।

    [2] যেতিয়ালৈকে তোমালোকে কবৰত উপনীত নোহোৱা।

    [3] কেতিয়াও নহয়, অতি সোনকালে তোমালোকে জানিবলৈ পাবা।

    [4] আকৌ কেতিয়াও নহয়, অতি সোনকালে তোমালোকে জানিবলৈ পাবা।

    [5] কেতিয়াও নহয়, যদি তোমালোকে নিশ্চিতভাৱে জানিলাহেঁতেন।

    [6] নিশ্চয় তোমালোকে জাহীম (জাহান্নাম) দেখিবা।

    [7] আকৌ, নিশ্চয় তোমালোকে ইয়াক পতিয়ন যোৱাকৈ দেখিবা।

    [8] তাৰ পিছত সেইদিনা অৱশ্যই তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব।

    Surah 103
    আল-‘আছর

    [1] সময়ৰ শপত

    [2] নিশ্চয় মানুহ ক্ষতিগ্ৰস্থতাত নিপতিত

    [3] কিন্তু তেওঁলোকৰ বাহিৰে, যিসকলে ঈমান আনিছে আৰু সত্কাম কৰিছে লগতে (যিসকলে) পৰস্পৰক সত্যৰ উপদেশ দিয়ে আৰু ধৈৰ্য ধাৰণ কৰিবলৈ উত্সাহ দিয়ে।

    Surah 104
    আল-হুমাযাহ

    [1] দুৰ্ভোগ প্ৰত্যেক সেই ব্যক্তিৰ বাবে যিয়ে সন্মুখত আৰু অনুপস্থিতিত পৰনিন্দা কৰে।

    [2] যিয়ে সম্পদ জমা কৰে আৰু বাৰে বাৰে গণনা কৰে।

    [3] সি ধাৰণা কৰে যে, তাৰ সম্পদে তাক চিৰজীৱি কৰি ৰাখিব।

    [4] কেতিয়াও নহয়, নিশ্চয় সি হুতামাত নিক্ষিপ্ত হ’ব।

    [5] আৰু তুমি জানানে, হুতামা কি

    [6] ই আল্লাহৰ প্ৰজ্বলিত জুই।

    [7] যিয়ে হৃদপিণ্ডক গ্ৰাস কৰিব।

    [8] নিশ্চয় ই সিহঁতক আৱদ্ধ কৰি ৰাখিব।

    [9] ওখ ওখ স্তম্ভসমূহত।

    Surah 105
    আল-ফীল

    [1] তুমি দেখা নাইনে, তোমাৰ প্ৰতিপালকে হাতীৰ অধিপতিসকলৰ লগত কি কৰিছিল

    [2] তেওঁ সিহঁতৰ ষঢ়যন্ত্ৰ ব্যৰ্থতাত পৰ্যবসিত কৰা নাইনে

    [3] আৰু সিহঁতৰ বিৰুদ্ধে তেওঁ জাকে জাকে চৰাই পঠিওৱা নাছিলনে

    [4] যিসকলে সিহঁতৰ ওপৰত পকা টান মাটিৰ শিলগুটি নিক্ষেপ কৰিছিল

    [5] ফলত তেওঁ সিহঁতক ভক্ষিত তৃণ-সদৃশ কৰিছিল।

    Surah 106
    কোরাইশ

    [1] যিহেতু ক্বুৰাইছসকল অভ্যস্ত

    [2] শীত আৰু গ্ৰীষ্মকালৰ ভ্ৰমণত সিহঁতৰ আসক্তি আছে।

    [3] এতেকে সিহঁতে যেন এই ঘৰৰ প্ৰতিপালকৰ ইবাদত কৰে।

    [4] যিজনে সিহঁতক ক্ষুধা অৱস্থাত খাদ্য প্ৰদান কৰিছে আৰু সন্ত্ৰাসৰ পৰা নিৰাপত্তা দিছে।

    Surah 107
    আল-মা‘ঊন

    [1] তুমি তাক দেখিছানে যিয়ে হিচাপ প্ৰতিদানক অস্বীকাৰ কৰে

    [2] সি সেইজনেই, যিয়ে অনাথক কঠোৰভাৱে খেদি পঠিয়ায়

    [3] আৰু সি দুখিয়াক খানা খুৱাবলৈ উৎসাহ নিদিয়ে।

    [4] এতেকে ধ্বংস সেইবিধ ছালাত আদায়কাৰীসকলৰ

    [5] যিসকলে নিজৰ ছালাতত অমনোযোগী

    [6] যিসকলে আনক দেখুৱাবলৈহে কৰে

    [7] আৰু সৰু-সুৰা গৃহসামগ্ৰী প্ৰদানত বাধা দিয়ে।

    Surah 108
    আল-কাউছার

    [1] নিশ্চয় আমি তোমাক আল-কাউছাৰ প্ৰদান কৰিছোঁ।

    [2] এতেকে তুমি তোমাৰ প্ৰতিপালকৰ উদ্দেশ্যে ছালাত আদায় কৰা আৰু কোৰবানী কৰা।

    [3] নিশ্চয় তোমাৰ প্ৰতি বিদ্বেষ পোষণকাৰীয়েই নিৰ্বংশ।

    Surah 109
    আল-কাফিরুন

    [1] কোৱা, ‘হে কাফিৰসকল

    [2] তোমালোকে যাৰ ইবাদত কৰা, মই তাৰ ইবাদত নকৰোঁ

    [3] আৰু মই যাৰ ইবাদত কৰোঁ, তোমালোকে তেওঁৰ ইবাদতকাৰী নহয়

    [4] আৰু মই তাৰ ইবাদতকাৰী নহয় যাৰ ইবাদত তোমালোকে কৰা।

    [5] আৰু মই যাৰ ইবাদত কৰোঁ তোমালোকেও তাৰ ইবাদতকাৰী নহয়।

    [6] তোমালোকৰ দ্বীন তোমালোকৰ বাবে, আৰু মোৰ দ্বীন মোৰ বাবে।

    Surah 110
    আন-নাসর

    [1] যেতিয়া আল্লাহৰ সহায় আৰু বিজয় আহিব

    [2] আৰু তুমি মানুহক দলে দলে আল্লাহৰ দ্বীনত প্ৰৱেশ কৰোতে দেখিবা

    [3] তেতিয়া তুমি তোমাৰ প্ৰতিপালকৰ প্ৰশংসাসহ তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰিবা আৰু তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবা, নিশ্চয় তেওঁ তাওবা গ্ৰহণকাৰী।

    Surah 111
    আল-লাহাব

    [1] ধ্বংস হওক আবু লাহাবৰ দুয়ো হাত আৰু সি নিজেও ধ্বংস হৈছে।

    [2] তাৰ ধন-সম্পদ আৰু তাৰ উপাৰ্জন তাৰ কোনো কামত নাহিল।

    [3] অতিশীঘ্ৰেই সি লেলিহান জুইত পতিত হ’ব।

    [4] আৰু তাৰ স্ত্ৰীও- যিজনীয়ে ইন্ধন বহন কৰে

    [5] তাইৰ ডিঙিত থাকিব পকোৱা টান ৰছি।

    Surah 112
    আল-ইখলাছ

    [1] কোৱা, ‘তেওঁ আল্লাহ, এক-অদ্বিতীয়

    [2] আল্লাহ হৈছে ছামাদ; (তেওঁ কাৰো মুখাপেক্ষী নহয়, সকলো তেওঁৰেই মুখাপেক্ষী)

    [3] তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ জন্ম লোৱা নাই

    [4] আৰু তেওঁৰ সমতুল্য কোনো নাই’।

    Surah 113
    আল-ফালাক

    [1] কোৱা, মই আশ্ৰয় বিচাৰো উষাৰ প্ৰতিপালকৰ।

    [2] তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা

    [3] আৰু ৰাতিৰ অন্ধকাৰৰ অনিষ্টৰ পৰা, যেতিয়া ই গভীৰ হয়

    [4] আৰু সেইসকল নাৰীৰ অনিষ্টৰ পৰা যিসকলে গাঁঠিত ফুঁ দিয়ে

    [5] আৰু হিংসুকৰ অনিষ্টৰ পৰা, যেতিয়া সি হিংসা কৰে।

    Surah 114
    আন-নাস

    [1] কোৱা- মই মানুহৰ প্ৰতিপালকৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ

    [2] মানুহৰ অধিপতিৰ

    [3] মানুহৰ ইলাহৰ ওচৰত

    [4] আত্মগোপনকাৰী কুমন্ত্ৰণাদাতাৰ অনিষ্টৰ পৰা

    [5] যিয়ে মানুহৰ মনত কুমন্ত্ৰণা দিয়ে

    [6] জিনৰ মাজৰ পৰা আৰু মানুহৰ মাজৰ পৰা।