Back to Languages

Assamese - Chapter 105 - Al-Fil

Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink

Verse 1 — Surah Al-Fil 105:1

তুমি দেখা নাইনে, তোমাৰ প্ৰতিপালকে হাতীৰ অধিপতিসকলৰ লগত কি কৰিছিল

Verse 2 — Surah Al-Fil 105:2

তেওঁ সিহঁতৰ ষঢ়যন্ত্ৰ ব্যৰ্থতাত পৰ্যবসিত কৰা নাইনে

Verse 3 — Surah Al-Fil 105:3

আৰু সিহঁতৰ বিৰুদ্ধে তেওঁ জাকে জাকে চৰাই পঠিওৱা নাছিলনে

Verse 4 — Surah Al-Fil 105:4

যিসকলে সিহঁতৰ ওপৰত পকা টান মাটিৰ শিলগুটি নিক্ষেপ কৰিছিল

Verse 5 — Surah Al-Fil 105:5

ফলত তেওঁ সিহঁতক ভক্ষিত তৃণ-সদৃশ কৰিছিল।