Back to Languages

Assamese - Chapter 11 - Hud

Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink

Verse 1 — Surah Hud 11:1

আলিফ-লাম-ৰা, এইটো এনে এখন কিতাব যাৰ আয়াতসমূহ সুস্পষ্ট, সুবিন্যস্ত আৰু পিছত বিশদভাৱে বিবৃত প্ৰজ্ঞাময়, সবিশেষ অৱহিত সত্তাৰ তৰফৰ পৰা

Verse 2 — Surah Hud 11:2

যে, তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা, নিশ্চয় মই তেওঁৰ তৰফৰ পৰা তোমালোকৰ বাবে সতৰ্ককাৰী আৰু সুসংবাদদাতা।

Verse 3 — Surah Hud 11:3

লগতে তোমালোকে নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, তাৰ পিছত তেওঁৰ পিনে উভতি আহা, তেওঁ তোমালোকক এটা নিৰ্দিষ্ট সময়ৰ এটা উত্তম জীৱন উপভোগ কৰিবলৈ দিব আৰু তেওঁ প্ৰত্যেক গুণী ব্যক্তিক তাৰ প্ৰাপ্য মৰ্যাদা প্ৰদান কৰিব; আৰু যদি তোমালোকে মুখ ঘূৰাই লোৱা, তেন্তে নিশ্চয় মই তোমালোকৰ ওপৰত মহা দিৱসৰ শাস্তিৰ আশংকা কৰো।

Verse 4 — Surah Hud 11:4

আল্লাহৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

Verse 5 — Surah Hud 11:5

জানি থোৱা! সিহঁতে তেওঁৰ পৰা গোপন কৰিবলৈ সিহঁতৰ বুকু জপাই ৰাখে। জানি থোৱা! সিহঁতে যেতিয়া নিজকে বস্ত্ৰৰ দ্বাৰা আচ্ছাদিত কৰে তেতিয়া সিহঁতে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে, তেওঁ সেয়াও জানে। অন্তৰত যি আছে, নিশ্চয় তেওঁ সেই বিষয়ে সবিশেষ অৱগত।

Verse 6 — Surah Hud 11:6

আৰু পৃথিৱীত বিচৰণকাৰী প্ৰতিটো প্ৰাণীৰ জীৱিকাৰ দায়িত্ব কেৱল আল্লাহৰেই আৰু তেওঁ সেইবোৰৰ স্থায়ী ও অস্থায়ী অৱস্থিতি সম্পৰ্কে অৱহিত; প্ৰতিটো বিষয় সুস্পষ্ট কিতাবত আছে।

Verse 7 — Surah Hud 11:7

আৰু তেৱেঁই আকাশসমূহ আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে; আৰু তেওঁৰ আৰশ্ব আছিল পানীৰ ওপৰত, তোমালোকৰ মাজত আমলত কোন শ্ৰেষ্ঠ সেয়া পৰীক্ষা কৰাৰ বাবে, আৰু তুমি যদি কোৱা যে, ‘নিশ্চয় মৃত্যুৰ পিছত তোমালোকক পুনৰুত্থান কৰা হ’ব’, তেতিয়া কাফিৰসকলে অৱশ্যে ক’ব, ‘এয়া স্পষ্ট যাদু’।

Verse 8 — Surah Hud 11:8

আৰু যদি নিৰ্দিষ্ট সময়ৰ বাবে আমি সিহঁতৰ পৰা শাস্তি স্থগিত ৰাখো তেন্তে সিহঁতে অৱশ্যে ক’ব, ‘কিহে ইয়াক নিবাৰণ কৰিছে’? সাৱধান! যিদিনা সিহঁতৰ ওচৰত এইটো আহিব সেই দিনা এইটো সিহঁতৰ পৰা নিবৃত্ত কৰা নহ’ব আৰু যি বিষয়ে সিহঁতে ঠাট্ৰা-বিদ্ৰূপ কৰে সেয়া সিহঁতক পৰিবেষ্টন কৰিব।

Verse 9 — Surah Hud 11:9

আৰু যদি আমি মানুহক আমাৰ ফালৰ পৰা ৰহমতৰ সোৱাদ লবলৈ দিওঁ আৰু পিছত তাৰ পৰা সেয়া কাঢি লওঁ তেন্তে নিশ্চয় সি হতাশ আৰু অকৃতজ্ঞ হৈ পৰে।

Verse 10 — Surah Hud 11:10

আৰু যদি দুখ-দৈন্য স্পৰ্শ কৰাৰ পিছত আমি তাক সুখৰ সোৱাদ লবলৈ দিওঁ তেতিয়া সি অৱশ্যে ক’ব, ‘মোৰ পৰা বিপদ-আপদ দূৰ হৈছে’, আৰু সি উৎফুল্ল আৰু অহংকাৰী হৈ পৰে।

Verse 11 — Surah Hud 11:11

কিন্তু যিসকলে ধৈৰ্যশীল আৰু সৎকৰ্মপৰায়ণ তেওঁলোকৰ বাবেই আছে ক্ষমা আৰু মহাপুৰষ্কাৰ।

Verse 12 — Surah Hud 11:12

তেন্তে তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে তাৰ পৰা কিবা তুমি বৰ্জন কৰিবা নেকি আৰু ইয়াৰ দ্বাৰা তোমাৰ মন সংকুচিত হ’ব নেকি সিহঁতৰ এই কথা কোৱাৰ বাবে যে, ‘তাৰ ওচৰত ধন-ভান্ডাৰ কিয় অৱতীৰ্ণ কৰা নহয় অথবা তাৰ লগত ফিৰিস্তা কিয় নাহে’? তুমিহে কেৱল এজন সতৰ্ককাৰী আৰু আল্লাহ সকলো বস্তুৰ ওপৰত কৰ্মবিধায়ক।

Verse 13 — Surah Hud 11:13

নে সিহঁতে এইটো কয় যে, ‘তেওঁ এইটো নিজেই ৰচনা কৰিছে’? কোৱা, ‘তোমালোকে যদি (তোমালোকৰ দাবীত) সত্যবাদী হোৱা তেন্তে তোমালোকে ইয়াৰ দৰে দহটা ছুৰা ৰচনা কৰি লৈ আহা আৰু আল্লাহৰ বাহিৰে আন যাক ইচ্ছা (এই বিষয়ে সহযোগৰ বাবে) মাতি লোৱা’।

Verse 14 — Surah Hud 11:14

এতেকে সিহঁতে যদি তোমালোকৰ আহ্বানত সঁহাৰি নিদিয়ে তেন্তে জানি থোৱা, এইটো আল্লাহৰ জ্ঞান অনুসাৰেই অৱতীৰ্ণ কৰা হৈছে আৰু তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকে আত্মসমৰ্পণকাৰী (মুছলিম) হ’বানে

Verse 15 — Surah Hud 11:15

যিয়ে পাৰ্থিৱ জীৱন আৰু ইয়াৰ সৌন্দৰ্য কামনা কৰে, পৃথিৱীতেই আমি সিহঁতৰ আমলৰ পূৰ্ণ ফল প্ৰদান কৰো আৰু তাত সিহঁতক কম দিয়া নহ’ব।

Verse 16 — Surah Hud 11:16

ইহঁতেই সেইসকল লোক যিসকলৰ বাবে আখিৰাতত (জাহান্নামৰ) জুইৰ বাহিৰে আন একো নাই আৰু সিহঁতে পাৰ্থিৱ জীৱনত যি (আমল) কৰিছিল আখিৰাতত সেয়া নিষ্ফল হৈ যাব আৰু সিহঁতে যি কৰিছিল সেয়া আছিল নিৰৰ্থক।

Verse 17 — Surah Hud 11:17

যিসকলে নিজ প্ৰতিপালকৰ পৰা অহা স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত আৰু যাৰ অনুসৰণ কৰে তেওঁৰ প্ৰেৰিত সাক্ষী আৰু যাৰ আগত আছিল মুছাৰ কিতাব আদৰ্শ আৰু অনুগ্ৰহস্বৰূপ, (এওঁলোক সেইসকল লোকৰ দৰেনে যিসকলে পৃথিৱী আৰু ইয়াৰ উপকৰণ কামনাত বিভোৰ) বৰং এওঁলোকেই ইয়াৰ ওপৰত ঈমান পোষণ কৰে। অন্যান্য দলৰ যিসকলে ইয়াক অস্বীকাৰ কৰে, অগ্নিয়ে হ’ব সিহঁতৰ প্ৰতিশ্ৰুত স্থান। এতেকে তুমি কেতিয়াও ইয়াত সন্দেহ পোষণ নকৰিবা। এইটো কেৱল তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সত্য; কিন্তু অধিকাংশ মানুহেই ঈমান পোষণ নকৰে।

Verse 18 — Surah Hud 11:18

যিসকলে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে, সিহঁততকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? সিহঁতক সিহঁতৰ প্ৰতিপালকৰ সন্মুখত উপস্থিত কৰোৱা হ’ব আৰু সাক্ষীসকলে ক’ব, ‘ইহঁতে নিজ প্ৰতিপালকৰ বিষয়ে মিছা কৈছিল’। সাৱধান! যালিমসকলৰ ওপৰত আল্লাহৰ অভিশাপ।

Verse 19 — Surah Hud 11:19

যিসকলে আল্লাহৰ পথত বাধা দিয়ে আৰু তাত বক্ৰতা অনুসন্ধান কৰে; আৰু ইহঁতেই আখিৰাত অস্বীকাৰকাৰী।

Verse 20 — Surah Hud 11:20

পৃথিৱীত আল্লাহক ব্যৰ্থ কৰাৰ ক্ষমতা সিহঁতৰ নাছিল আৰু আল্লাহৰ বাহিৰে সিহঁতৰ কোনো সহায়কাৰীও নাছিল; সিহঁতৰ শাস্তি দ্বিগুণ কৰা হ’ব; সিহঁতৰ শুনিবলৈও সামৰ্থ নাছিল আৰু দেখিবলৈয়ো নাছিল।

Verse 21 — Surah Hud 11:21

ইহঁত নিজৰেই ক্ষতি কৰিলে আৰু সিহঁতে যি মিছা ৰটনা কৰিছিল সেয়া সিহঁতৰ পৰা হেৰাই গ’ল।

Verse 22 — Surah Hud 11:22

নিসন্দেহে সিহঁতেই আখিৰাতত সৰ্বাধিক ক্ষতিগ্ৰস্ত।

Verse 23 — Surah Hud 11:23

নিশ্চয় যিসকলে ঈমান আনিছে, সৎকৰ্ম কৰিছে আৰু নিজ প্ৰতিপালকৰ প্ৰতি বিনীত হৈছে; তেওঁলোকেই জান্নাতৰ অধিবাসী, তাত তেওঁলোক চিৰকাল থাকিব।

Verse 24 — Surah Hud 11:24

দল দুটাৰ উদাহৰণ হৈছে, এটা অন্ধ আৰু বধিৰ, আৰু আনটো হৈছে দৃষ্টিশক্তি ও শ্ৰৱণশক্তি সম্পন্ন। তুলনাত এই দুটা সমান হ’ব পাৰেনে? তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবানে

Verse 25 — Surah Hud 11:25

আৰু অৱশ্যে আমি নূহক তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ পঠিয়াইছিলো। তেওঁ কৈছিল, ‘নিশ্চয় মই তোমালোকৰ বাবে প্ৰকাশ্য সতৰ্ককাৰী’।

Verse 26 — Surah Hud 11:26

যাতে তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰা, নিশ্চয় মই তোমালোকৰ বাবে এটা যন্ত্ৰণাদায়ক দিৱসৰ শাস্তিৰ আশংকা কৰিছো।

Verse 27 — Surah Hud 11:27

তাৰ পিছত তেওঁৰ সম্প্ৰদায়ৰ কাফিৰ নেতাসকলে ক’লে, ‘আমিতো তোমাক এজন আমাৰ নিচিনাই মানুহ বুলিহে দেখি আছো, লগতে আমি দেখি আছো তোমাক কেৱল সেইসকল লোকেই অনুসৰণ কৰে যিসকল আমাৰ মাজত বাহ্যিক দৃষ্টিতেই অধম আৰু আমি আমাৰ ওপৰত তোমালোকৰ কোনো শ্ৰেষ্ঠত্ব দেখা পোৱা নাই, বৰং আমি তোমালোকক মিছলীয়া বুলি ভাৱো’।

Verse 28 — Surah Hud 11:28

তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! কোৱাচোন তোমালোকে, মই যদি মোৰ প্ৰতিপালকৰ পৰা প্ৰেৰিত প্ৰমাণত প্ৰতিষ্ঠিত থাকো আৰু তেওঁ যদি মোক তেওঁৰ তৰফৰ পৰা অনুগ্ৰহ দান কৰি থাকে, আৰু সেয়া তোমালোকৰ ওচৰত গোপন ৰখা হয়, তেন্তে মই তোমালোকৰ ওপৰত তোমালোকে অপছন্দ কৰা সত্বেও সেয়া জাপি দিব পাৰো নে’

Verse 29 — Surah Hud 11:29

‘হে মোৰ সম্প্ৰদায়! ইয়াৰ পৰিবৰ্তে মই তোমালোকৰ ওচৰত কোনো ধন-সম্পদ নিবিচাৰো। মোৰ প্ৰতিদান কেৱল আল্লাহৰ ওচৰত। যিসকলে ঈমান আনিছে তেওঁলোকক খেদি দিয়াটোও মোৰ কাম নহয়; তেওঁলোক নিশ্চিতভাৱে নিজ প্ৰতিপালকক সাক্ষাত কৰিব। কিন্তু মোৰ দৃষ্টিত তোমালোক এটা অজ্ঞ সম্প্ৰদায়’।

Verse 30 — Surah Hud 11:30

‘হে মোৰ সম্প্ৰদায়! মই যদি তেওঁলোকক খেদি দিওঁ তেন্তে আল্লাহৰ শাস্তিৰ পৰা মোক কোনে সহায় কৰিব? তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে

Verse 31 — Surah Hud 11:31

‘আৰু মই তোমালোকক এই বুলি নকওঁ যে, ‘মোৰ ওচৰত আল্লাহৰ ধন-ভাণ্ডাৰ আছে’, আৰু মই গায়েব সম্পৰ্কেও নাজানো আৰু মই এই বুলিও নকওঁ যে, ‘মই এজন ফিৰিস্তা’। তোমালোকৰ দৃষ্টিত যিসকল হীন, সিহঁতৰ বিষয়েও মই এইটো নকওঁ যে, ‘আল্লাহে সিহঁতক কেতিয়াও কল্যাণ প্ৰদান নকৰিব’; সিহঁতৰ অন্তৰত যি আছে সেই বিষয়ে আল্লাহেই অধিক অৱগত। (যদি মই এইদৰে কোৱাহেঁতেন) তেন্তে নিশ্চয় মই যালিমসকলৰ অন্তৰ্ভুক্ত হম’।

Verse 32 — Surah Hud 11:32

সিহঁতে ক’লে, ‘হে নূহ! তুমি কেৱল আমাৰ সৈতে বাদানুবাদ কৰিছা--- অতি মাত্ৰা বাক-বিতণ্ডা কৰিছা; গতিকে যদি তুমি সত্যবাদী তেন্তে তুমি আমাৰ লগত যি প্ৰতিশ্ৰুতি কৰিছা সেয়া আমাৰ ওচৰলৈ লৈ আহা’।

Verse 33 — Surah Hud 11:33

তেওঁ ক’লে, ‘আল্লাহে ইচ্ছা কৰিলে সেয়া তোমালোকৰ ওচৰত উপস্থিত কৰিব আৰু তোমালোকে সেয়া ব্যৰ্থ কৰিব নোৱাৰিবা’।

Verse 34 — Surah Hud 11:34

‘আৰু মই তোমালোকক উপদেশ দিব বিচাৰিলেও মোৰ উপদেশ তোমালোকৰ কোনো কামত নাহিব যদি আল্লাহে তোমালোকক বিভ্ৰান্ত কৰিব বিচাৰে। তেৱেঁই তোমালোকৰ ৰব, তেওঁৰ ওচৰতেই তোমালোকক উভতাই নিয়া হ’ব’।

Verse 35 — Surah Hud 11:35

সিহঁতে এইটো কয় নেকি যে, ‘তেওঁ এইটো নিজেই ৰচনা কৰিছে’? কোৱা, ‘মই যদি এইটো ৰচনা কৰি থাকো তেন্তে ময়েই মোৰ অপৰাধৰ বাবে দায়ী হম। কিন্তু তোমালোকে যি অপৰাধ কৰিছা তাৰ পৰা মই দায়মুক্ত’।

Verse 36 — Surah Hud 11:36

আৰু নূহৰ প্ৰতি অহী কৰা হৈছিল, ‘যিসকলে ঈমান আনিছে তেওঁলোকৰ বাহিৰে তোমাৰ সম্প্ৰদায়ৰ আন কোনেও ঈমান পোষণ নকৰিব। গতিকে সিহঁতে যি কৰে তাৰ বাবে তুমি চিন্তিত নহ’বা’।

Verse 37 — Surah Hud 11:37

‘তুমি আমাৰ চকুৰ সন্মুখত আৰু আমাৰ অহী অনুযায়ী এখন নাওঁ নিৰ্মাণ কৰা আৰু যিসকলে অপৰাধ কৰিছে সিহঁতৰ বিষয়ে তুমি মোৰ ওচৰত কোনো আবেদন নকৰিবা; নিশ্চয় সিহঁতক পানীত ডুবোৱা হ’ব’।

Verse 38 — Surah Hud 11:38

আৰু তেওঁ নাওঁ নিৰ্মাণ কৰিব ধৰিলে, যেতিয়াই তেওঁৰ সম্প্ৰদায়ৰ নেতাসকলে তেওঁৰ ওচৰেদি পাৰ হৈছিল, তেতিয়াই তেওঁৰ প্ৰতি উপহাস কৰিছিল; তেওঁ কৈছিল, ‘তোমালোকে যদি আমাক লৈ উপহাস কৰা, তেন্তে নিশ্চয় আমিও তোমালোকক উপহাস কৰিম, যেনেকৈ তোমালোকে উপহাস কৰি আছা’।

Verse 39 — Surah Hud 11:39

এতেকে তোমালোকে অতিশীঘ্ৰে জানিব পাৰিবা, কাৰ ওপৰত আহিব এনেকুৱা শাস্তি যিটোৱে তাক লাঞ্ছিত কৰিব, আৰু তাৰ ওপৰত আপতিত হ’ব স্থায়ী শাস্তি।

Verse 40 — Surah Hud 11:40

অৱশেষত যেতিয়া আমাৰ আদেশ আহিল আৰু চৌকাটো উথলি উঠিল, আমি ক’লো, ‘প্ৰত্যেক জাতৰে এজোৰ এজোৰকৈ নাওঁত তুলি লোৱা। যিসকলৰ বিৰুদ্ধে পূৰ্ব-সিদ্ধান্ত হৈছে সিহঁতৰ বাহিৰে তোমাৰ পৰিয়ালৰ আৰু যিসকলে ঈমান আনিছে তেওঁলোককো তুলি লোৱা; আৰু তেওঁৰ লগত ঈমান আনিছিল কেৱল কিছুসংখ্যক লোকে’।

Verse 41 — Surah Hud 11:41

আৰু তেওঁ ক’লে, ‘তোমালোকে ইয়াত আৰোহণ কৰা, ইয়াৰ গতি আৰু স্থিতি হ’ব আল্লাহৰ নামত, নিশ্চয় মোৰ ৰব, অতি ক্ষমাশীল, পৰম দয়ালু’।

Verse 42 — Surah Hud 11:42

আৰু ই (নাওঁখনে) পৰ্বতৰ দৰে তৰঙ্গৰ মাজত তেওঁলোকক লৈ গতি কৰিলে; নূহে তেওঁৰ পুত্ৰক, যিজন পৃথক আছিল, মাতি ক’লে, ‘হে মোৰ প্ৰিয় পুত্ৰ! আমাৰ লগত আৰোহণ কৰা আৰু কাফিৰসকলৰ সঙ্গী নহ’বা’।

Verse 43 — Surah Hud 11:43

সি ক’লে, ‘মই এনে এটা পৰ্বতত আশ্ৰয় লম যিটোৱে মোক পানীৰ পৰা ৰক্ষা কৰিব’। তেওঁ ক’লে, ‘আজি আল্লাহৰ আদেশৰ পৰা ৰক্ষা কৰিবলৈ কোনো নাই, কিন্তু যাক আল্লাহে দয়া কৰিব তাৰ বাহিৰে’। এনেতে তৰঙ্গ এটা আহি সিহঁতৰ মাজত আঁৰ হৈ গ’ল, ফলত সি ডুবি মৰা সকলৰ অন্তৰ্ভুক্ত হৈ গ’ল’।

Verse 44 — Surah Hud 11:44

আৰু কোৱা হ’ল, ‘হে মাটি! তুমি তোমাৰ পানী গ্ৰাস কৰি লোৱা, আৰু হে আকাশ! ক্ষেন্ত হোৱা’। ফলত পানী হ্ৰাস কৰা হ’ল আৰু সিদ্ধান্ত বাস্তবায়িত হ’ল; আৰু নাওঁখন আল-জুদী পৰ্বতৰ ওপৰত স্থিৰ হ’ল, আৰু কোৱা হ’ল, ‘যালিম সম্প্ৰদায়ৰ বাবেই ধ্বংস’।

Verse 45 — Surah Hud 11:45

আৰু নূহে তেওঁৰ প্ৰতিপালকক আহ্বান কৰি ক’লে, ‘হে মোৰ ৰব! নিশ্চয় মোৰ পুত্ৰ মোৰ পৰিয়ালৰ অন্তৰ্ভুক্ত আৰু নিশ্চয় তোমাৰ প্ৰতিশ্ৰুতি সত্য, আৰু তুমি বিচাৰকসকলৰ মাজত আটাইতকৈ শ্ৰেষ্ঠ বিচাৰক’।

Verse 46 — Surah Hud 11:46

আল্লাহে ক’লে, ‘হে নূহ! নিশ্চয় সি তোমাৰ পৰিয়ালৰ অন্তৰ্ভুক্ত নহয়। সি অৱশ্যে অসৎকৰ্মপৰায়ণ। সেয়ে যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই সেই বিষয়ে তুমি মোক অনুৰোধ নকৰিবা। মই তোমাক উপদেশ দিছো, তুমি যাতে অজ্ঞসকলৰ অন্তৰ্ভুক্ত নোহোৱা’।

Verse 47 — Surah Hud 11:47

তেওঁ ক’লে, ‘হে মোৰ ৰব! যি বিষয়ে মোৰ কোনো জ্ঞান নাই সেই বিষয়ে মই যাতে তোমাক অনুৰোধ নকৰো তাৰ বাবে মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছো। তুমি যদি মোক ক্ষমা নকৰা আৰু মোক দয়া নকৰা, তেন্তে মই ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাম’।

Verse 48 — Surah Hud 11:48

কোৱা হ’ল, ‘হে নূহ! অৱতৰণ কৰা (নাৱৰ পৰা) আমাৰ ফালৰ পৰা শান্তি আৰু কল্যাণৰ সৈতে তোমাৰ প্ৰতি আৰু যিবোৰ সম্প্ৰদায় তোমাৰ লগত আছে তেওঁলোকৰ প্ৰতি; আৰু কিছুমান এনেকুৱা সম্প্ৰদায়ো আছে আমি সিহঁতক জীৱন উপভোগ কৰিবলৈ দিম, কিন্তু পিছত আমাৰ ফালৰ পৰা যন্ত্ৰণাদায়ক শাস্তিয়ে সিহঁতক স্পৰ্শ কৰিব

Verse 49 — Surah Hud 11:49

‘এইবোৰ গায়েবৰ সংবাদ আমি তোমাক অহীৰ জৰিয়তে অৱহিত কৰিছো, যিবোৰ ইয়াৰ আগত তুমি জনা নাছিলা আৰু তোমাৰ সম্প্ৰদায়েও জনা নাছিল। গতিকে তুমি ধৈৰ্য ধাৰণ কৰা। নিশ্চয় শুভ পৰিণাম কেৱল মুত্তাক্বীসকলৰ বাবে’।

Verse 50 — Surah Hud 11:50

আৰু আদ জাতিৰ ওচৰত সিহঁতৰ ভাতৃ হূদক প্ৰেৰণ কৰিছিলো, তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। তোমালোকে কেৱল মিছাহে ৰচনা কৰা’।

Verse 51 — Surah Hud 11:51

‘হে মোৰ সম্প্ৰদায়! মই তোমালোকৰ ওচৰত ইয়াৰ কোনো বিনিময় নিবিচাৰো। মোৰ বিনিময় আছে কেৱল তেওঁৰ ওচৰত, যিজনে মোক সৃষ্টি কৰিছে। তথাপিও তোমালোকে বুজি নোপোৱা নে’

Verse 52 — Surah Hud 11:52

‘হে মোৰ সম্প্ৰদায়! তোমালোকে নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, তাৰ পিছত তেওঁৰ ফালেই উভতি আহা। তেওঁ তোমালোকৰ ওপৰত ধাৰাষাৰ বৰষুণ বৰ্ষাব; আৰু তেওঁ তোমালোকক শক্তি প্ৰদান কৰি শক্তিশালী কৰিব আৰু (শুনা) তোমালোকে অপৰাধী হৈ মুখ ঘূৰাই নলবা’।

Verse 53 — Surah Hud 11:53

সিহঁতে ক’লে, ‘হে হূদ! তুমি আমাৰ ওচৰত কোনো স্পষ্ট প্ৰমাণ লৈ আহা নাই, তোমাৰ কথাত আমি আমাৰ উপাস্যবোৰক এৰি নিদিওঁ আৰু আমি তোমাৰ প্ৰতি বিশ্বাসো নকৰো’।

Verse 54 — Surah Hud 11:54

আমি কেৱল এইটোৱে কওঁ যে, ‘আমাৰ উপাস্যবোৰৰ কোনোবাই তোমাক অমঙ্গলৰ দ্বাৰা আক্ৰান্ত কৰিছে’। তেওঁ ক’লে, ‘নিশ্চয় মই আল্লাহক সাক্ষী কৰিলো আৰু তোমালোকেও সাক্ষী হোৱা যে, নিশ্চয় মই সেইবোৰৰ পৰা মুক্ত যিবোৰক তোমালোকে অংশী কৰা’

Verse 55 — Surah Hud 11:55

‘আল্লাহৰ বাহিৰে। এতেকে তোমালোক সকলোৱে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা; আৰু মোক অকণো অৱকাশ নিদিবা’।

Verse 56 — Surah Hud 11:56

‘মই কেৱল নিৰ্ভৰ কৰো মোৰ আৰু তোমালোকৰ ৰব আল্লাহৰ ওপৰত; এনে কোনো জীৱ-জন্তু নাই, যিটো তেওঁৰ পূৰ্ণ আয়ত্তাধীন নহয়; নিশ্চয় মোৰ ৰব সৰল পথত আছে’।

Verse 57 — Surah Hud 11:57

‘এতেকে তোমালোকে যদি বিমুখ হোৱা, তেন্তে যি লৈ মই তোমালোকৰ ওচৰত প্ৰেৰিত হৈছো সেয়া মই পৌঁছাই দিছো; আৰু মোৰ প্ৰতিপালকে তোমালোকৰ ঠাইত আন এটা সম্প্ৰদায়ক তোমালোকৰ স্থলাভিষিক্ত কৰিব আৰু তোমালোকে তেওঁৰ কোনো ক্ষতি সাধন কৰিব নোৱাৰিবা। নিশ্চয় মোৰ ৰব সকলো বস্তুৰ ৰক্ষণাবেক্ষণকাৰী’।

Verse 58 — Surah Hud 11:58

আৰু যেতিয়া আমাৰ নিৰ্দেশ আহিল তেতিয়া আমি হূদ আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছিল তেওঁলোকক আমাৰ অনুগ্ৰহত ৰক্ষা কৰিলো আৰু ৰক্ষা কৰিলো তেওঁলোকক কঠিন শাস্তিৰ পৰা।

Verse 59 — Surah Hud 11:59

আৰু এই আদ জাতিয়ে সিহঁতৰ প্ৰতিপালকৰ নিদৰ্শন অস্বীকাৰ কৰিছিল আৰু অমান্য কৰিছিল তেওঁৰ ৰাছুলসকলক আৰু সিহঁতে প্ৰত্যেক উদ্ধত স্বৈৰাচাৰীৰ নিৰ্দেশ অনুসৰণ কৰিছিল।

Verse 60 — Surah Hud 11:60

আৰু এই পৃথিৱীতেই সিহঁতক অভিশপ্ত কৰা হৈছিল আৰু কিয়ামতৰ দিনাও সিহঁত অভিশপ্ত হ’ব। জানি থোৱা! আদ সম্প্ৰদায়ে সিহঁতৰ প্ৰতিপালকক অস্বীকাৰ কৰিছিল। জানি থোৱা! ধ্বংসই হৈছে হূদৰ সম্প্ৰদায় আদ জাতিৰ পৰিণাম।

Verse 61 — Surah Hud 11:61

আৰু আমি ছামূদ জাতিৰ ওচৰত সিহঁতৰ ভাতৃ ছলেহক প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। তেৱেঁই তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে আৰু তাতেই তেওঁ তোমালোকৰ বসবাস কৰাৰ ব্যৱস্থা কৰিছে। গতিকে তোমালোকে তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা আৰু তেওঁৰ পিনেই উভতি আহা। নিশ্চয় মোৰ ৰব অতি ওচৰত, আহ্বানত সঁহাৰি প্ৰদানকাৰী’।

Verse 62 — Surah Hud 11:62

সিহঁতে ক’লে, ‘হে ছলেহ! ইয়াৰ পূৰ্বে তুমি আমাৰ প্ৰত্যাশিত আছিলা। তুমি আমাক নিষেধ কৰি আছা নেকি সিহঁতৰ ইবাদত কৰিবলৈ যিসকলৰ ইবাদত আমাৰ পিতৃ-পুৰুষসকলে কৰিছিল? নিশ্চয় আমি বিভ্ৰান্তিকৰ সন্দেহত আছো সেই বিষয়ে, যাৰ প্ৰতি তুমি আমাক আহ্বান কৰি আছা’।

Verse 63 — Surah Hud 11:63

তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! কোৱাচোন তোমালোকে, মই যদি মোৰ প্ৰতিপালকৰ পৰা প্ৰেৰিত প্ৰমাণত প্ৰতিষ্ঠিত থাকো আৰু তেওঁ যদি মোক তেওঁৰ তৰফৰ পৰা অনুগ্ৰহ দান কৰে, তথাপিও যদি মই আল্লাহৰ অবাধ্য হওঁ, তেন্তে আল্লাহৰ শাস্তিৰ পৰা মোক কোনে ৰক্ষা কৰিব? গতিকে তোমালোকে কেৱল মোৰ ক্ষতিহে বৃদ্ধি কৰি আছা’।

Verse 64 — Surah Hud 11:64

‘হে মোৰ সম্প্ৰদায়! এইজনী আল্লাহৰ উট, তোমালোকৰ বাবে নিদৰ্শনস্বৰূপ। এতেকে ইয়াক আল্লাহৰ ভূমিত চৰি খাব দিয়া। ইয়াক কোনো ধৰণৰ কষ্ট নিদিবা, অন্যথা আশু শাস্তিয়ে তোমালোকক আক্ৰান্ত কৰিব’।

Verse 65 — Surah Hud 11:65

তথাপিও সিহঁতে ইয়াক হত্যা কৰিলে। সেয়ে তেওঁ ক’লে, ‘তোমালোকে নিজৰ ঘৰত তিনি দিনলৈকে জীৱন উপভোগ কৰি লোৱা। এইটো এনেকুৱা এটা প্ৰতিশ্ৰুতি যিটো কেতিয়াও মিছা নহয়’।

Verse 66 — Surah Hud 11:66

ফলত যেতিয়া আমাৰ নিৰ্দেশ আহি পালে, তেতিয়া আমি ছলেহ আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছিল তেওঁলোকক আমাৰ অনুগ্ৰহত ৰক্ষা কৰিলো আৰু ৰক্ষা কৰিলো সেইদিনাৰ লাঞ্ছনাৰ পৰা। নিশ্চয় তোমাৰ ৰব, তেওঁ মহা শক্তিমান, মহাপৰাক্ৰমশালী।

Verse 67 — Surah Hud 11:67

আৰু যিসকলে অন্যায় কৰিছিল এটা ভীষণ শব্দই সিহঁতক আক্ৰান্ত কৰিলে; ফলত সিহঁত নিজ নিজ গৃহত নতজানু অৱস্থাত শেষ হৈ গ’ল

Verse 68 — Surah Hud 11:68

যেনিবা সিহঁতে কেতিয়াও তাত বাস কৰা নাছিল। জানি থোৱা! ছামূদ সম্প্ৰদায়ে নিজ প্ৰতিপালকৰ লগত কুফৰী কৰিছিল। জানি থোৱা! ধ্বংসই হৈছে ছামূদ সম্প্ৰদায়ৰ পৰিণাম।

Verse 69 — Surah Hud 11:69

আৰু অৱশ্যে আমাৰ ফিৰিস্তাসকল সুসংবাদ লৈ ইব্ৰাহীমৰ ওচৰত আহিছিল। তেওঁলোকে ক’লে, ‘ছালাম’। তেখেতেও ক’লে, ‘ছালাম’। তাৰ পিছত পলম নকৰি তেওঁ এটা কাবাবকৃত দামুৰি লৈ আহিল।

Verse 70 — Surah Hud 11:70

এতেকে তেওঁ যেতিয়া দেখিলে যে, তেওঁলোকৰ হাত সেইটোৰ ফালে প্ৰসাৰিত হোৱা নাই, তেতিয়া তেওঁলোকক অবাঞ্ছিত বুলি ভাৱিলে আৰু তেওঁলোকৰ বিষয়ে তেওঁৰ মনত ভীতি সঞ্চাৰ হ’ল। তেওঁলোকে ক’লে, ‘ভয় নকৰিব, আমিতো লূত সম্প্ৰদায়ৰ প্ৰতিহে প্ৰেৰিত হৈছো’।

Verse 71 — Surah Hud 11:71

আৰু তেওঁৰ স্ত্ৰী থিয় হৈ আছিল, ফলত তেওঁ হাঁহি উঠিল। তাৰ পিছত আমি তেওঁক ইছহাক্বৰ আৰু ইছহাক্বৰ পৰবৰ্তী ইয়াকূবৰ সুসংবাদ দিলো।

Verse 72 — Surah Hud 11:72

তেওঁ ক’লে, ‘হায়, কি আচৰিত! মই সন্তান জন্ম দিম নে! অথচ মই এজনী বৃদ্ধা আৰু মোৰ স্বামীও বৃদ্ধ, এইটো অৱশ্যে এটা অদ্ভুদ কথা’

Verse 73 — Surah Hud 11:73

তেওঁলোকে ক’লে, ‘আল্লাহৰ কামত আপুনি বিস্ময় বোধ কৰিছে নেকি? হে নবীৰ পৰিয়াল! আপোনালোকৰ প্ৰতি আছে আল্লাহৰ অনুগ্ৰহ আৰু কল্যাণ। নিশ্চয় তেওঁ প্ৰশংসাৰ যোগ্য আৰু অত্যন্ত সন্মানিত’।

Verse 74 — Surah Hud 11:74

তাৰ পিছত যেতিয়া ইব্ৰাহীমৰ ভীতি দূৰীভূত হ’ল আৰু তেওঁৰ ওচৰত সুসংবাদ আহিলে তেতিয়া তেওঁ লূতৰ সম্প্ৰদায়ৰ বিষয়ে আমাৰ লগত বাদানুবাদ কৰিবলৈ ধৰিলে।

Verse 75 — Surah Hud 11:75

নিশ্চয় ইব্ৰাহীম অত্যন্ত সহনশীল, কোমল হৃদয়, সদায় আল্লাহ অভিমুখী আছিল।

Verse 76 — Surah Hud 11:76

হে ইব্ৰাহীম! তুমি ইয়াৰ পৰা বিৰত হোৱা; নিশ্চয় তোমাৰ প্ৰতিপালকৰ বিধান আহি পৰিছে; আৰু অৱশ্যে সিহঁতৰ প্ৰতি আহিব শাস্তি যিটো অনিবাৰ্য।

Verse 77 — Surah Hud 11:77

আৰু যেতিয়া আমাৰ প্ৰেৰিত ফিৰিস্তাসকল লূতৰ ওচৰত আহিলে তেতিয়া তেওঁলোকৰ আগমনত তেওঁ বিষণ্ন হ’ল আৰু নিজকে তেওঁলোকৰ ৰক্ষাত অসমৰ্থ বুলি ভাৱিলে আৰু ক’লে, ‘এইটো বৰ বিপদৰ দিন’

Verse 78 — Surah Hud 11:78

আৰু তেওঁৰ সম্প্ৰদায়ৰ লোকসকল তেওঁৰ ওচৰত উদভ্ৰান্ত হৈ গুচি আহিল আৰু আগৰ পৰাই সিহঁত অসৎকৰ্মত লিপ্ত আছিল। তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! ইহঁত মোৰ কন্যা, তোমালোকৰ বাবে ইহঁতেহে বেছি পৱিত্ৰ। গতিকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অতিথি সম্বন্ধে মোক লজ্জিত নকৰিবা। তোমালোকৰ মাজত এজনো সাধু ব্যক্তি নাইনে’

Verse 79 — Surah Hud 11:79

সিহঁতে ক’লে, ‘তুমিতো জানাই, তোমাৰ কন্যাসকলৰ প্ৰতি আমাৰ কোনো আগ্ৰহ নাই; আৰু আমি যিটো বিচাৰো সেয়া তুমি নিশ্চয় জানা’।

Verse 80 — Surah Hud 11:80

তেওঁ ক’লে, ‘হায়! তোমালোকৰ ওপৰত যদি মোৰ শক্তি থাকিলেহেঁতেন অথবা মই যদি কোনো সুদৃঢ় স্তম্ভৰ আশ্ৰয় লব পাৰিলোহেঁতেন’

Verse 81 — Surah Hud 11:81

তেওঁলোকে (ফিৰিস্তাসকলে) ক’লে, ‘হে লূত! নিশ্চয় আমি আপোনাৰ প্ৰতিপালকৰ প্ৰেৰিত ফিৰিস্তা। সিহঁতে কেতিয়াও আপোনাৰ ওচৰলৈকে আহিব নোৱাৰিব। গতিকে আপুনি ৰাতিৰ কোনো এটা ভাগত আপোনাৰ পৰিয়ালবৰ্গসহ ওলাই যাওঁক আৰু আপোনালোকৰ মাজৰ কোনোৱেই পিছফালে ঘূৰি নাচাব কেৱল আপোনাৰ স্ত্ৰীৰ বাহিৰে। সিহঁতৰ লগত যি সংঘটিত হ’ব তাইৰ লগতো সেয়া ঘটিব। নিশ্চয় প্ৰভাত হৈছে সিহঁতৰ বাবে নিৰ্ধাৰিত সময়। প্ৰভাত অতি সন্নিকট নহয়নে বাৰু’

Verse 82 — Surah Hud 11:82

এতেকে যেতিয়া আমাৰ আদেশ আহিল তেতিয়া আমি জনপদক তল-ওপৰ কৰি দিলো আৰু সিহঁতৰ ওপৰত ক্ৰমাগত বৰ্ষণ কৰিলো পকা মাটিৰ শীল

Verse 83 — Surah Hud 11:83

যিটো তোমাৰ প্ৰতিপালকৰ ওচৰত চিহ্নিত আছিল; আৰু এইটো যালিমসকলৰ পৰা বেছি আঁতৰত নহয়।

Verse 84 — Surah Hud 11:84

আৰু মাদিয়ানবাসী সকলৰ ওচৰত সিহঁতৰ ভাতৃ ছুআইবক প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই; আৰু (শুনা) জোখ-মাখত কম নকৰিবা; নিশ্চয় মই তোমালোকক কল্যাণৰ মাজত দেখিছো, কিন্তু মই তোমালোকৰ বিষয়ে এটা সৰ্বগ্ৰাসী দিনৰ শাস্তিৰ আশংকা কৰিছো’।

Verse 85 — Surah Hud 11:85

‘হে মোৰ সম্প্ৰদায়! তোমালোকে ন্যায় সঙ্গতভাৱে জোখ-মাখ কৰিবা, মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা’।

Verse 86 — Surah Hud 11:86

যদি তোমালোকে মুমিন হোৱা তেন্তে আল্লাহ প্ৰদত্ত অৱশিষ্টখিনিয়ে (লাভাংশ) তোমালোকৰ বাবে উত্তম; আৰু মই তোমালোকৰ তত্ত্বাৱধায়ক নহয়।

Verse 87 — Surah Hud 11:87

সিহঁতে ক’লে, ‘হে ছুআইব! তোমাৰ ছালাতে তোমাক এই নিৰ্দেশ দিয়ে নেকি যে, আমাৰ পিতৃ-পুৰুষসকলে যিসকলৰ ইবাদত কৰিছিল আমি সিহঁতক বৰ্জন কৰিব লাগিব আৰু আমি আমাৰ ধন-সম্পদ সম্পৰ্কে নিজ ইচ্ছামতে যি কৰো সেয়াও (বৰ্জন কৰিব লাগিব)? কেৱল তুমিহে সহিষ্ণু, সদাচাৰী’

Verse 88 — Surah Hud 11:88

তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে ভাৱিছানে, মই যদি মোৰ প্ৰতিপালকৰ প্ৰেৰিত স্পষ্ট প্ৰমাণত প্ৰতিষ্ঠিত হৈ থাকো আৰু তেওঁ যদি মোক তেওঁৰ তৰফৰ পৰা উৎকৃষ্ট জীৱিকা দান কৰে (তথাপিও মই মোৰ কৰ্তব্যৰ পৰা বিৰত থাকিমনে?) আৰু মই তোমালোকক যিটো নিষেধ কৰো, মই নিজেও তাৰ বিপৰীত কৰিবলৈ ইচ্ছুক নহয়। মই কেৱল মোৰ সক্ষম অনুযায়ী সংস্কাৰহে কৰিব বিচাৰো। মোৰ কাৰ্যসাধন কেৱল আল্লাহৰ তাওফীকত; মই কেৱল তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰো আৰু মই তেওঁৰেই অভিমুখী’।

Verse 89 — Surah Hud 11:89

‘আৰু হে মোৰ সম্প্ৰদায়! মোৰ লগত কৰা বৈৰিতাই যেন তোমালোকক কেতিয়াও এনে অপৰাধ কৰিবলৈ প্ৰৰোচিত নকৰে যাৰ ফলত তোমালোকৰ ওপৰত সেইদৰে বিপদ আপতিত হ’ব যিদৰে আপতিত হৈছিল নূহৰ সম্প্ৰদায়ৰ ওপৰত অথবা হূদৰ সম্প্ৰদায়ৰ ওপৰত নাইবা ছলেহৰ সম্প্ৰদায়ৰ ওপৰত; আৰু লূতৰ সম্প্ৰদায় তোমালোকৰ পৰা বেছি দূৰত নহয়’।

Verse 90 — Surah Hud 11:90

‘আৰু তোমালোকে নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা আৰু তেওঁৰ পিনে উভতি আহা, নিশ্চয় মোৰ ৰব পৰম দয়ালু, অতি স্নেহশীল’।

Verse 91 — Surah Hud 11:91

সিহঁতে ক’লে, ‘হে ছুআইব! তুমি যি কোৱা তাৰে বহু কথা আমি বুজি নাপাওঁ, আৰু আমি তোমাক আমাৰ মাজত দুৰ্বল বুলিহে গম পাওঁ। তোমাৰ আত্মীয়-স্বজন নাথাকিলে আমি তোমাক শিলগুটি দলিয়াই মাৰি পেলালোহেঁতেন। কাৰণ তুমি আমাতকৈ বেছি শক্তিশালী নহয়’।

Verse 92 — Surah Hud 11:92

তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকৰ ওচৰত মোৰ আত্মীয়-স্বজন আল্লাহতকৈ বেছি শক্তিশালী নেকি? অথচ তোমালোকে তেওঁক সম্পূৰ্ণৰূপে আওকাণ কৰিছা। তোমালোকে যি কৰা নিশ্চয় মোৰ ৰব সেয়া পৰিবেষ্টন কৰি আছে’।

Verse 93 — Surah Hud 11:93

‘হে মোৰ সম্প্ৰদায়! তোমালোকে নিজ নিজ অৱস্থানত কাম কৰি যোৱা, ময়ো মোৰ কাম কৰি আছো। তোমালোকে শীঘ্ৰেই জানিব পাৰিবা কাৰ ওপৰত আহিব লাঞ্ছনাদায়ক শাস্তি আৰু কোন মিছলীয়া; আৰু তোমালোকে প্ৰতীক্ষা কৰা, ময়ো তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছো।

Verse 94 — Surah Hud 11:94

আৰু যেতিয়া আমাৰ আদেশ আহি পালে তেতিয়া আমি ছুআইব আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছিল তেওঁলোকক আমাৰ অনুগ্ৰহত ৰক্ষা কৰিলো; আৰু যিসকলে অন্যায় কৰিছিল সিহঁতক এটা ভীষণ শব্দই আঘাত কৰিলে, ফলত সিহঁত নিজ নিজ ঘৰতে নতজানু অৱস্থাত পৰি থাকিল।

Verse 95 — Surah Hud 11:95

যেনিবা সিহঁতে কেতিয়াও তাত বসবাস কৰা নাছিল। জানি থোৱা! ধ্বংসই আছিল মাদিয়ানবাসীৰ পৰিণাম, যেনেকৈ ধ্বংস হৈছিল ছামূদ সম্প্ৰদায়।

Verse 96 — Surah Hud 11:96

আৰু অৱশ্যে আমিয়েই মুছাক আমাৰ নিদৰ্শনাৱলী আৰু স্পষ্ট প্ৰমাণসহ প্ৰেৰণ কৰিছিলো।

Verse 97 — Surah Hud 11:97

ফিৰআউন আৰু তাৰ নেতৃবৃন্দসকলৰ ওচৰলৈ। কিন্তু নেতাসকলে ফিৰআউনৰ কাৰ্যকলাপৰ অনুসৰণ কৰিছিল; অথচ ফিৰআউনৰ কাৰ্যকলাপ সঠিক নাছিল।

Verse 98 — Surah Hud 11:98

সি কিয়ামতৰ দিনা তাৰ সম্প্ৰদায়ৰ সন্মুখত থাকিব। তাৰ পিছত সি সিহঁতক জুইত উপনীত কৰিব। য’ত সিহঁত উপনীত হ’ব সেয়া কিমান যে নিকৃষ্ট উপনীত হোৱাৰ স্থান

Verse 99 — Surah Hud 11:99

আৰু এই পৃথিৱীত অভিশাপ সিহঁতৰ পিছত লগাই দিয়া হৈছিল আৰু কিয়ামতৰ দিনাও। কিমান যে নিকৃষ্ট পুৰষ্কাৰ যিটো সিহঁতক প্ৰদান কৰা হ’ব

Verse 100 — Surah Hud 11:100

এইবোৰ হৈছে জনপদসমূহৰ কিছুমান সংবাদ, যিবোৰ আমি তোমাৰ ওচৰত বৰ্ণনা কৰিলো। এইবোৰৰ কিছুমান এতিয়াও আছে আৰু কিছুমান নিৰ্মূল হৈছে।

Verse 101 — Surah Hud 11:101

আৰু আমি সিহঁতৰ প্ৰতি অকণো অন্যায় কৰা নাছিলো সিহঁত নিজেই নিজৰ অন্যায় কৰিছিল। তাৰ পিছত যেতিয়া তোমাৰ প্ৰতিপালকৰ নিৰ্দেশ আহি পালে, তেতিয়া আল্লাহৰ বাহিৰে সিহঁতে যি উপাস্যসমূহৰ ইবাদত কৰিছিল সেইবোৰ সিহঁতৰ কোনো কামত নাহিল; আৰু সিহঁতে নিজৰ ধ্বংসৰ বাহিৰে আন একো বৃদ্ধি কৰা নাছিল।

Verse 102 — Surah Hud 11:102

যেতিয়া তোমাৰ প্ৰতিপালকে কোনো অন্যায়কাৰী জনপদক আক্ৰমণ কৰে তেতিয়া এইদৰেই আক্ৰমণ কৰে। নিশ্চয় তেওঁৰ আক্ৰমণ অতি যন্ত্ৰণাদায়ক, মহাকঠিন।

Verse 103 — Surah Hud 11:103

নিশ্চয় ইয়াত আছে তাৰ বাবে নিদৰ্শন যিয়ে আখিৰাতক ভয় কৰে। সেইটো এনেকুৱা এটা দিন যিদিনা সকলো মানুহকে একত্ৰিত কৰা হ’ব; আৰু সেইটো এনেকুৱা এটা দিন যিদিনা সকলোকে উপস্থিত কৰা হ’ব

Verse 104 — Surah Hud 11:104

আৰু আমি সেয়া কেৱল নিৰ্দিষ্ট কিছু সময়ৰ বাবে বিলম্বিত কৰিছো।

Verse 105 — Surah Hud 11:105

যেতিয়া সেই দিনটো আহিব তেতিয়া আল্লাহৰ অনুমতিবিহীন কোনেও কথা কব নোৱাৰিব; এতেকে সিহঁতৰ মাজত কিছুমান হ’ব হতভাগ্য আৰু কিছুমান হ’ব সৌভাগ্যবান।

Verse 106 — Surah Hud 11:106

ফলত যিসকল হ’ব হতভাগ্য সিহঁত থাকিব (জাহান্নামৰ) জুইত, আৰু তাত থাকিব সিহঁতৰ ভীষণ চিঞঁৰ আৰু আৰ্তনাদ।

Verse 107 — Surah Hud 11:107

তাত সিহঁত চিৰকাল থাকিব, যিমান দিন আকাশসমূহ আৰু পৃথিৱী বিদ্যমান থাকিব, অৱশ্যে তোমাৰ ৰব অনুৰূপ ইচ্ছা নকৰালৈকে; নিশ্চয় তোমাৰ ৰব সেইটোৱেই কৰে যিটো তেওঁ ইচ্ছা কৰে।

Verse 108 — Surah Hud 11:108

আৰু যিসকল সৌভাগ্যবান তেওঁলোক থাকিব জান্নাতত, তাত তেওঁলোক চিৰস্থায়ী হ’ব, যিমান দিন আকাশসমূহ আৰু পৃথিৱী বিদ্যমান থাকিব, অৱশ্যে তোমাৰ ৰব অনুৰূপ ইচ্ছা নকৰালৈকে; এইটো এটা নিৰৱচ্ছিন্ন পুৰষ্কাৰ।

Verse 109 — Surah Hud 11:109

এতেকে সিহঁতে যিবোৰৰ ইবাদত কৰে সেই বিষয়ে সংশয়ত নপৰিবা, আগতে সিহঁতৰ পিতৃ-পুৰুষসকলে যেনেকৈ ইবাদত কৰিছিল সিহঁতেও সেইদৰেই ইবাদত কৰে। নিশ্চয় আমি সিহঁতক সিহঁতৰ প্ৰাপ্য সম্পূৰ্ণৰূপে প্ৰদান কৰিম--- অকণো হ্ৰাস নকৰো।

Verse 110 — Surah Hud 11:110

আৰু নিশ্চয় আমি মুছাক কিতাব প্ৰদান কৰিছিলো, তাৰ পিছত তাত মতভেদ ঘটিছিল। তোমাৰ প্ৰতিপালকৰ পূৰ্ব সিদ্ধান্ত নাথাকিলে সিহঁতৰ মীমাংসা হৈয়ে গ’’লেহেঁতেন। নিশ্চয় সিহঁত এই বিষয়ে বিভ্ৰান্তিকৰ সন্দেহত নিপতিত।

Verse 111 — Surah Hud 11:111

আৰু নিশ্চয় তোমাৰ প্ৰতিপালকে সিহঁতৰ প্ৰত্যেককে তাৰ কৰ্মফল সম্পূৰ্ণৰূপে প্ৰদান কৰিব। সিহঁতে যি কৰে তেওঁ সেই বিষয়ে সবিশেষ অৱহিত।

Verse 112 — Surah Hud 11:112

এতেকে তুমি যিদৰে আদিষ্ট হৈছা তাত অবিচল থাকা আৰু তোমাৰ সৈতে যিসকলে তাওবা কৰিছে তেওঁলোকেও; আৰু তোমালোকে সীমালংঘন নকৰিবা, তোমালোকে যি কৰা নিশ্চয় তেওঁ সেই বিষয়ে সম্যক দ্ৰষ্টা।

Verse 113 — Surah Hud 11:113

আৰু যিসকলে অন্যায় কৰিছে সিহঁতৰ প্ৰতি তোমালোকে ঢাল নাখাবা; এনে কৰিলে তোমালোকক জুয়ে স্পৰ্শ কৰিব। তেনে অৱস্থাত আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো সহায়ক নাথাকিব। ফলত তোমালোকক কোনো সহায় কৰা নহ’ব।

Verse 114 — Surah Hud 11:114

আৰু তুমি ছালাত কায়েম কৰা, দিনৰ দুয়ো প্ৰান্তভাগত আৰু ৰাতিৰ প্ৰথমাংশত। নিশ্চয় সৎকৰ্মই অসৎকৰ্মক দূৰ কৰে। উপদেশ গ্ৰহণকাৰীসকলৰ বাবে এইটো এটা উপদেশ।

Verse 115 — Surah Hud 11:115

আৰু তুমি ধৈৰ্য ধাৰণ কৰা, কাৰণ নিশ্চয় আল্লাহ ইহছানকাৰীসকলৰ প্ৰতিদান বিনষ্ট নকৰে।

Verse 116 — Surah Hud 11:116

এতেকে তোমালোকৰ পূৰ্বৰ প্ৰজন্মসমূহৰ মাজত এনেকুৱা প্ৰজ্ঞাবান কিয় হোৱা নাই, যিসকলে পৃথিৱীত বিপৰ্যয় সৃষ্টিৰ পৰা নিষেধ কৰিলে হয়? কিছুসংখ্যকৰ বাহিৰে, যিসকলক আমি সিহঁতৰ মাজৰ পৰা নাজাত দিছিলো। আৰু যিসকলে অন্যায় কৰিছিল সিহঁত বিলাসিতাৰ পিছত পৰি আছিল, আৰু সিহঁত আছিল অপৰাধী।

Verse 117 — Surah Hud 11:117

আৰু তোমাৰ ৰব এনেকুৱা নহয় যে, তেওঁ অন্যায়ভাৱে কোনো জনপদ ধ্বংস কৰিব অথচ তাৰ অধিবাসীসকল সংশোধনকাৰী।

Verse 118 — Surah Hud 11:118

আৰু তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে সকলো মানুহকেই এটা জাতি কৰিব পাৰিলেহঁতেন, কিন্তু সিহঁত মতবিৰোধকাৰীহে হৈ থাকিল

Verse 119 — Surah Hud 11:119

কিন্তু তেওঁলোক নহয়, যিসকলক তোমাৰ প্ৰতিপালকে দয়া কৰিছে কাৰণ তেওঁ তেওঁলোকক এই বাবেই সৃষ্টি কৰিছে। আৰু তোমাৰ প্ৰতিপালকৰ এই কথা চূড়ান্ত হৈছে যে, ‘আমি জ্বিন আৰু মানৱ উভয়ৰ দ্বাৰা জাহান্নাম অৱশ্যে পূৰ্ণ কৰিম’।

Verse 120 — Surah Hud 11:120

আৰু ৰাছুলসকলৰ এইবোৰ সংবাদ আমি তোমাৰ ওচৰত বৰ্ণনা কৰিছো, যাৰ দ্বাৰা আমি তোমাৰ মনক দৃঢ় কৰো, ইয়াৰ মাধ্যমত তোমাৰ ওচৰলৈ আহিছে সত্য আৰু মুমিনসকলৰ ওচৰত আহিছে উপদেশ আৰু স্মৰণ।

Verse 121 — Surah Hud 11:121

আৰু যিসকলে ঈমান পোষণ নকৰে সিহঁতক কোৱা, ‘তোমালোকে নিজ নিজ অৱস্থানত কাম কৰি থাকা, আমিও কাম কৰি আছো’।

Verse 122 — Surah Hud 11:122

‘আৰু তোমালোকে প্ৰতীক্ষা কৰা, আমিও প্ৰতীক্ষা কৰি আছো’।

Verse 123 — Surah Hud 11:123

আকাশসমূহ আৰু পৃথিৱীৰ গায়েব (ৰ সংবাদ) কেৱল আল্লাহৰেই কৰ্তৃত্বাধীন আৰু তেওঁৰ ওচৰতেই সকলো বিষয় প্ৰত্যাৱৰ্তন কৰোৱা হ’ব। সেয়ে তুমি কেৱল তেওঁৰেই ইবাদত কৰা আৰু তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰা। আৰু তোমালোকে যি কৰা সেই বিষয়ে তোমাৰ ৰব অমনোযোগী নহয়।