Back to LanguagesPrevious ChapterNext Chapter
Assamese - Chapter 15 - Al-Hijr
Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink
Verse 1 — Surah Al-Hijr 15:1
আলিফ-লাম-ৰা, এইবোৰ হৈছে মহাগ্ৰন্থ আৰু সুস্পষ্ট কোৰআনৰ আয়াত।
Verse 2 — Surah Al-Hijr 15:2
কাফিৰসকলে এটা সময়ত আকাংক্ষা কৰিব যে, যদি সিহঁত মুমিন হ’লেহেঁতেন
Verse 3 — Surah Al-Hijr 15:3
এৰি দিয়া সিহঁতক, সিহঁত খাই থাকক আৰু ভোগ কৰি থাকক, আৰু আশা-আকাংক্ষাই সিহঁতক গাফিল কৰি ৰাখক, এতেকে অচিৰেই সিহঁতে জানিব পাৰিব।
Verse 4 — Surah Al-Hijr 15:4
আৰু আমি যি জনপদকেই ধ্বংস কৰিছো তাৰ বাবে এটা নিৰ্দিষ্ট কাল লিপিবদ্ধ আছিল।
Verse 5 — Surah Al-Hijr 15:5
কোনো জাতিয়ে তাৰ নিৰ্দিষ্ট (ধ্বংসৰ) কালক আগুৱাই আনিব নোৱাৰে আৰু পিছুৱাইও নিব নোৱাৰে।
Verse 6 — Surah Al-Hijr 15:6
আৰু সিহঁতে কয়, ‘হেৰা মানুহজন! যাৰ প্ৰতি যিকিৰ অৱতীৰ্ণ হৈছে, নিশ্চয় তুমি এজন উন্মাদ’।
Verse 7 — Surah Al-Hijr 15:7
যদি তুমি সত্যবাদীসকলৰ অন্তৰ্ভুক্ত তেন্তে আমাৰ ওচৰত ফিৰিস্তা উপস্থিত নকৰা কিয়
Verse 8 — Surah Al-Hijr 15:8
আমি ফিৰিস্তাসকলক যথাৰ্থ কাৰণবিহীন প্ৰেৰণ নকৰো, আৰু (ফিৰিস্তাসকল উপস্থিত হ’লে) তেতিয়া সিহঁত অৱকাশও নাপালেহেঁতেন।
Verse 9 — Surah Al-Hijr 15:9
নিশ্চয় আমিয়েই কোৰআন অৱতীৰ্ণ কৰিছো আৰু অৱশ্যে আমিয়েই ইয়াৰ সংৰক্ষক।
Verse 10 — Surah Al-Hijr 15:10
অৱশ্যে আমি তোমাৰ পূৰ্বে অতীত সম্প্ৰদায়সমূহৰ মাজত ৰাছুল প্ৰেৰণ কৰিছো।
Verse 11 — Surah Al-Hijr 15:11
আৰু সিহঁতৰ ওচৰত এনে কোনো ৰাছুল আহা নাই যাক সিহঁতে উপহাস কৰা নাছিল।
Verse 12 — Surah Al-Hijr 15:12
এইদৰেই আমি অপৰাধীসকলৰ অন্তৰত সেয়া সঞ্চাৰ কৰো
Verse 13 — Surah Al-Hijr 15:13
ইহঁত কোৰআনৰ প্ৰতি ঈমান পোষণ নকৰিব, আৰু অৱশ্যে পাৰ হৈছে পূৰ্বৱৰ্তীসকলৰ ৰীতি।
Verse 14 — Surah Al-Hijr 15:14
আৰু যদি আমি সিহঁতৰ বাবে আকাশৰ দুৱাৰ খুলি দিলোহেঁতেন, আৰু সিহঁত তাত আৰোহণ কৰিলে হয়
Verse 15 — Surah Al-Hijr 15:15
তথাপিও সিহঁত ক’লেহেঁতেন যে, ‘আমাৰ দৃষ্টি সন্মোহিত কৰা হৈছে, বৰং আমি এটা যাদুগ্ৰস্ত সম্প্ৰদায়’।
Verse 16 — Surah Al-Hijr 15:16
আৰু অৱশ্যে আমি আকাশত বৰুজসমূহ সৃষ্টি কৰিছো আৰু দৰ্শকসকলৰ বাবে সেইবোৰক সৌন্দৰ্যময় কৰিছো।
Verse 17 — Surah Al-Hijr 15:17
আৰু প্ৰত্যেক অভিশপ্ত চয়তানৰ পৰা আমি সেইবোৰক সুৰক্ষিত কৰিছো
Verse 18 — Surah Al-Hijr 15:18
কিন্তু কোনোবাই লুকাই-চুৰকৈ শুনিব ধৰিলে প্ৰদীপ্ত শিখাই তাৰ পিছ লয়।
Verse 19 — Surah Al-Hijr 15:19
আৰু পৃথিৱী, ইয়াক আমি বিস্তৃত কৰিছো, তাত আমি স্থাপন কৰিছো পৰ্বতমালা; লগতে তাত আমি প্ৰত্যেক বস্তু উদগত কৰিছো সুপৰিমিতভাৱে
Verse 20 — Surah Al-Hijr 15:20
আৰু তাত আমি জীৱিকাৰ ব্যৱস্থা কৰিছো তোমালোকৰ বাবে আৰু তোমালোক যিবোৰৰ জীৱিকাদাতা নহয় সেইবোৰৰ বাবেও।
Verse 21 — Surah Al-Hijr 15:21
আৰু আমাৰ ওচৰতেই আছে প্ৰত্যেক বস্তুৰ ভাণ্ডাৰ আৰু আমি সেয়া পৰিজ্ঞাত পৰিমাণেই অৱতীৰ্ণ কৰো।
Verse 22 — Surah Al-Hijr 15:22
আৰু আমিয়েই উৰ্বৰ বায়ু প্ৰেৰণ কৰো, তাৰ পিছত আকাশৰ পৰা পানী বৰ্ষণ কৰো, সেয়া তোমালোকক পান কৰিবলৈ দিওঁ; অথচ তোমালোক নিজে সেয়া ভাণ্ডাৰত সঞ্চয়কাৰী নহয়।
Verse 23 — Surah Al-Hijr 15:23
আৰু আমিয়েই জীৱন দান কৰো আৰু মৃত্যু ঘটাওঁ আৰু আমিয়েই চুড়ান্ত মালিকানাৰ অধিকাৰী।
Verse 24 — Surah Al-Hijr 15:24
আৰু নিশ্চয় আমি তোমালোকৰ মাজৰ পৰা যিসকলে অগ্ৰগামী হৈছে সিহঁতক জানো আৰু অৱশ্যে সিহঁতকো জানো যিসকলে পশ্চাদগামী হৈছে।
Verse 25 — Surah Al-Hijr 15:25
নিশ্চয় তোমাৰ প্ৰতিপালকে সিহঁতক সমবেত কৰিব; নিশ্চয় তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ।
Verse 26 — Surah Al-Hijr 15:26
আৰু অৱশ্যে আমি মানুহক সৃষ্টি কৰিছো গন্ধযুক্ত বোকাৰ শুকান টিং টিং শব্দ কৰা ক’লাবৰণীয়া মাটিৰ পৰা
Verse 27 — Surah Al-Hijr 15:27
আৰু ইয়াৰ আগত আমি জ্বিনবোৰক সৃষ্টি কৰিছো উত্তপ্ত অগ্নিশিখাৰ পৰা।
Verse 28 — Surah Al-Hijr 15:28
আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক কৈছিল, ‘নিশ্চয় মই গন্ধযুক্ত বোকাৰ শুকান টিং টিং শব্দ কৰা ক’লাবৰণীয়া মাটিৰে মানুহ সৃষ্টি কৰিবলৈ থিৰাং কৰিছো
Verse 29 — Surah Al-Hijr 15:29
এতেকে যেতিয়া মই তাক সুঠাম কৰিম আৰু তাৰ মাজত মোৰ ফালৰ পৰা ৰূহ সঞ্চাৰ কৰিম তেতিয়া তোমালোকে তাৰ প্ৰতি ছাজদাৱনত হ’বা
Verse 30 — Surah Al-Hijr 15:30
তাৰ পিছত ফিৰিস্তাসকলে সকলোৱে একেলগে ছাজদাহ কৰিলে
Verse 31 — Surah Al-Hijr 15:31
কেৱল ইবলীছৰ বাহিৰে, সি ছাজদাহকাৰী সকলৰ অন্তৰ্ভুক্ত হ’বলৈ অস্বীকাৰ কৰিলে।
Verse 32 — Surah Al-Hijr 15:32
আল্লাহে ক’লে, ‘হে ইবলীছ! তোমাৰ কি হ’ল, তুমি কিয় ছাজদাহকাৰী সকলৰ অন্তৰ্ভুক্ত নহ’লা’
Verse 33 — Surah Al-Hijr 15:33
সি ক’লে, ‘(হে আল্লাহ!) তুমি গন্ধযুক্ত বোকাৰ শুকান টিং টিং শব্দ কৰা ক’লাবৰণীয়া মাটিৰ পৰা যি মানুহ সৃষ্টি কৰিছা মই তাক ছাজদাহ নকৰো’।
Verse 34 — Surah Al-Hijr 15:34
তেওঁ ক’লে, ‘তেন্তে তই ইয়াৰ পৰা ওলাই যা, কাৰণ নিশ্চয় তই অভিশপ্ত
Verse 35 — Surah Al-Hijr 15:35
আৰু নিশ্চয় প্ৰতিদান দিৱস লৈকে তোৰ ওপৰত থাকিল অভিসম্পাত।
Verse 36 — Surah Al-Hijr 15:36
সি ক’লে, ‘হে মোৰ ৰব! তেনেহ’লে মোক অৱকাশ দিয়া সেই দিনলৈকে, যিদিনা সিহঁতক পুনৰুজ্জীৱিত কৰা হ’ব’।
Verse 37 — Surah Al-Hijr 15:37
তেওঁ ক’লে, ‘যা, নিশ্চয় তোক অৱকাশ দিয়া হ’ল
Verse 38 — Surah Al-Hijr 15:38
‘সুনিৰ্দিষ্ট সময় অহাৰ দিন পৰ্যন্ত’।
Verse 39 — Surah Al-Hijr 15:39
সি ক’লে, ‘হে মোৰ ৰব! তুমি যে মোক বিপথগামী কৰিলা সেই বাবে অৱশ্যে মই পৃথিৱীত পাপকৰ্মসমূহক মানুহৰ ওচৰত শোভনীয় কৰি তুলিম আৰু অৱশ্যে আমি সিহঁতৰ আটাইকে বিপথগামী কৰিম
Verse 40 — Surah Al-Hijr 15:40
‘কিন্তু সিহঁতৰ মাজত তোমাৰ একনিষ্ঠ বান্দাসকলৰ বাহিৰে’।
Verse 41 — Surah Al-Hijr 15:41
আল্লাহে ক’লে, ‘এইটোৱে মোৰ ওচৰলৈ অহাৰ সৰল পথ’।
Verse 42 — Surah Al-Hijr 15:42
‘নিশ্চয় মোৰ বান্দাসকলৰ ওপৰত তোমাৰ কোনো ক্ষমতা নাই, কিন্তু পথভ্ৰষ্টসকলৰ বাহিৰে যিসকলে তোমাক অনুসৰণ কৰিব’
Verse 43 — Surah Al-Hijr 15:43
‘নিশ্চয় জাহান্নাম সিহঁত সকলোৰে প্ৰতিশ্ৰুত স্থান’
Verse 44 — Surah Al-Hijr 15:44
‘সেইটোৰ সাতখন দুৱাৰ আছে, প্ৰত্যেক দুৱাৰেৰে প্ৰৱেশ কৰিবলৈ (চয়তানৰ অনুসাৰীসকলৰ বাবে) নিৰ্দিষ্ট অংশ আছে’।
Verse 45 — Surah Al-Hijr 15:45
নিশ্চয় মুত্তাক্বীসকল থাকিব জান্নাতত আৰু প্ৰস্ৰৱণসমূহৰ মাজত।
Verse 46 — Surah Al-Hijr 15:46
তেওঁলোকক কোৱা হ’ব, ‘তোমালোকে শান্তি আৰু নিৰাপত্তাৰ সৈতে ইয়াত প্ৰৱেশ কৰা’।
Verse 47 — Surah Al-Hijr 15:47
আৰু আমি তেওঁলোকৰ অন্তৰৰ পৰা হিংসা বিদ্বেষ আঁতৰাই দিম; তেওঁলোকে ভাতৃৰ দৰে পৰস্পৰে ইজনে সিজনৰ সন্মুখৰ আসনত অৱস্থান কৰিব
Verse 48 — Surah Al-Hijr 15:48
তাত তেওঁলোকক অৱসাদে (ক্লান্তিয়ে) স্পৰ্শ নকৰিব আৰু তাৰ পৰা তেওঁলোকক বহিষ্কৃতও কৰা নহ’ব।
Verse 49 — Surah Al-Hijr 15:49
মোৰ বান্দাসকলক জনাই দিয়া যে, নিশ্চয় মই পৰম ক্ষমাশীল, পৰম দয়ালু
Verse 50 — Surah Al-Hijr 15:50
আৰু নিশ্চয় মোৰ শাস্তিয়েই হৈছে যন্ত্ৰণাদায়ক শাস্তি
Verse 51 — Surah Al-Hijr 15:51
আৰু তুমি সিহঁতক জনাই দিয়া, ইব্ৰাহীমৰ অতিথিসকলৰ কথা
Verse 52 — Surah Al-Hijr 15:52
যেতিয়া তেওঁলোকে তেওঁৰ ওচৰত উপস্থিত হৈ ক’লে, ‘ছালাম’, তেতিয়া তেওঁ ক’লে, ‘নিশ্চয় আমি আপোনালোকৰ বিষয়ে শংকিত’।
Verse 53 — Surah Al-Hijr 15:53
তেওঁলোকে ক’লে, ‘ভয় নকিৰব, আমি আপোনাক এজন জ্ঞানী পুত্ৰৰ সুসংবাদ দিবলৈহে আহিছো’।
Verse 54 — Surah Al-Hijr 15:54
তেওঁ ক’লে, ‘বাৰ্দ্ধক্যই স্পৰ্শ কৰা সত্বেও আপোনালোকে মোক (সন্তান লাভৰ) সুসংবাদ দিছে? এতেকে আপোনালোকে কিহৰ (কেনেকৈ) সুসংবাদ দি আছে’
Verse 55 — Surah Al-Hijr 15:55
তেওঁলোকে ক’লে, ‘আমি সত্য সুসংবাদ দিছো; এতেকে আপুনি নিৰাশ নহ’ব’।
Verse 56 — Surah Al-Hijr 15:56
তেওঁ ক’লে, ‘পথভ্ৰষ্টসকলৰ বাহিৰে নিজ প্ৰতিপালকৰ ৰহমতৰ পৰা কোনেনো নিৰাশ হয়’
Verse 57 — Surah Al-Hijr 15:57
তেওঁ ক’লে, ‘হে প্ৰেৰিত (ফিৰিস্তা)সকল! আপোনালোকৰ আৰু কিবা বিশেষ উদ্দেশ্য আছে নেকি’
Verse 58 — Surah Al-Hijr 15:58
তেওঁলোকে ক’লে, ‘নিশ্চয় আমাক এটা অপৰাধী সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে
Verse 59 — Surah Al-Hijr 15:59
কিন্তু লূতৰ পৰিয়ালৰ বিৰুদ্ধে নহয়, নিশ্চয় আমি তেওঁলোক আটাইকে ৰক্ষা কৰিম
Verse 60 — Surah Al-Hijr 15:60
কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে; আমি সিদ্ধান্ত লৈছো যে, নিশ্চয় তাই পিছত অৱস্থানকাৰী সকলৰ অন্তৰ্ভুক্ত’।
Verse 61 — Surah Al-Hijr 15:61
তাৰ পিছত ফিৰিস্তাসকল যেতিয়া লূত পৰিয়ালৰ ওচৰত আহিল
Verse 62 — Surah Al-Hijr 15:62
তেতিয়া লূতে ক’লে, ‘আপোনালোক দেখোন অপৰিচিত’।
Verse 63 — Surah Al-Hijr 15:63
তেওঁলোকে ক’লে, ‘নহয়, বৰং আমি আপোনাৰ ওচৰলৈ সেইটোৱে লৈ আহিছো যি বিষয়ে সিহঁতে সন্দেহ পোষণ কৰিছিল’
Verse 64 — Surah Al-Hijr 15:64
‘আৰু আমি আপোনাৰ ওচৰত সত্য সংবাদ লৈ আহিছো আৰু নিশ্চয় আমি সত্যবাদী’
Verse 65 — Surah Al-Hijr 15:65
‘এতেকে আপুনি ৰাতিৰ কোনো এটা ভাগত আপোনাৰ পৰিয়ালবৰ্গক লৈ ওলাই যাওঁক, আৰু আপুনি সিহঁতৰ পিছে পিছে গৈ থাকিব। আপোনালোকৰ কোনোৱেই যাতে পিছলৈ ঘূৰি নাচায়; আপোনালোকক য’লৈকে যোৱাৰ আদেশ কৰা হৈছে তালৈকে গুচি যাওঁক’।
Verse 66 — Surah Al-Hijr 15:66
আৰু আমি তেওঁক এই বিষয়ে ফয়চালা জনাই দিলো যে, নিশ্চয় সিহঁতক উষাৰ লগে লগে সমূলি বিনাশ কৰা হ’ব।
Verse 67 — Surah Al-Hijr 15:67
আৰু নগৰবাসী উল্লাসিত হৈ উপস্থিত হ’ল।
Verse 68 — Surah Al-Hijr 15:68
তেওঁ ক’লে, ‘নিশ্চয় এওঁলোক মোৰ অতিথি; এতেকে তোমালোকে মোক অপমান নকৰিবা’।
Verse 69 — Surah Al-Hijr 15:69
‘তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোক লাঞ্ছিত নকৰিবা’।
Verse 70 — Surah Al-Hijr 15:70
সিহঁতে ক’লে, ‘আমি পৃথিৱীৰ (যি সি) লোকক আশ্ৰয় দিবলৈ তোমাক নিষেধ কৰা নাছিলো নে’
Verse 71 — Surah Al-Hijr 15:71
লূতে ক’লে, ‘যদি তোমালোকে কিবা কৰিবই বিচৰা তেন্তে মোৰ এই ছোৱালীবোৰ আছে (বিবাহৰ মাধ্যমত বৈধ উপায়ে কৰা)’।
Verse 72 — Surah Al-Hijr 15:72
তোমাৰ জীৱনৰ শপত! নিশ্চয় সিহঁত তেওঁলোকৰ নিচাত মতলীয়া হৈ ঘূৰি আছিল।
Verse 73 — Surah Al-Hijr 15:73
ফলত সূৰ্যোদয়ৰ সময়ত প্ৰচণ্ড চিঞঁৰে সিহঁতক আহি ধৰিলে
Verse 74 — Surah Al-Hijr 15:74
তাৰ পিছত আমি জনপদক ওলোটাই তল-ওপৰ কৰি দিলো আৰু সিহঁতৰ ওপৰত পোৰা মাটিৰ শিল বৰ্ষণ কৰিলো।
Verse 75 — Surah Al-Hijr 15:75
নিশ্চয় ইয়াত নিদৰ্শন আছে পৰ্যবেক্ষণ-শক্তি সম্পন্ন ব্যক্তিসকলৰ বাবে।
Verse 76 — Surah Al-Hijr 15:76
আৰু নিশ্চয় সেয়া মানুহৰ চলাচল পথৰ কাষতেই বিদ্যমান।
Verse 77 — Surah Al-Hijr 15:77
নিশ্চয় ইয়াত মুমিনসকলৰ বাবে আছে নিদৰ্শন।
Verse 78 — Surah Al-Hijr 15:78
আৰু আইকাহ বাসীসকলেও আছিল সীমালংঘনকাৰী
Verse 79 — Surah Al-Hijr 15:79
সেই কাৰণে আমি সিহঁতৰ পৰাও প্ৰতিশোধ লৈছো, আৰু দুয়োটা জনপদ প্ৰকাশ্য পথৰ দাঁতিতে অৱস্থিত।
Verse 80 — Surah Al-Hijr 15:80
আৰু অৱশ্যে হিজৰবাসীয়ে ৰাছুলসকলক অস্বীকাৰ কৰিছিল
Verse 81 — Surah Al-Hijr 15:81
আমি সিহঁতক আমাৰ নিদৰ্শন প্ৰদান কৰিছিলো, কিন্তু সিহঁতে সেয়া উপেক্ষা কৰিছিল।
Verse 82 — Surah Al-Hijr 15:82
আৰু সিহঁতে নিৰাপদে পাহাৰ কাটি ঘৰ নিৰ্মাণ কৰিব পাৰিছিল।
Verse 83 — Surah Al-Hijr 15:83
তথাপিও পুৱাৰ ভাগত প্ৰচণ্ড শব্দই সিহঁতক আহি ধৰিলে।
Verse 84 — Surah Al-Hijr 15:84
এতেকে সিহঁতে যি অৰ্জন কৰিছিল সেয়া সিহঁতৰ কোনো কামত আহা নাছিল।
Verse 85 — Surah Al-Hijr 15:85
আকাশসমূহ আৰু পৃথিৱী লগতে এই দুয়োৰ মাজৰ কোনো বস্তুৱেই আমি যথাৰ্থতাৰ বাহিৰে সৃষ্টি কৰা নাই, আৰু নিশ্চয় কিয়ামত আহিব। এতেকে তুমি পৰম সৌজন্যৰ সৈতে সিহঁতক ক্ষমা কৰি দিয়া।
Verse 86 — Surah Al-Hijr 15:86
নিশ্চয় তোমাৰ ৰব, তেৱেঁই মহাস্ৰষ্টা, মহাজ্ঞানী।
Verse 87 — Surah Al-Hijr 15:87
আৰু আমি তোমাক প্ৰদান কৰিছো পুনঃ পুনঃ পঠিত সাতোটা আয়াত আৰু মহা কোৰআন।
Verse 88 — Surah Al-Hijr 15:88
আমি সিহঁতৰ বিভিন্ন শ্ৰেণীক ভোগ-বিলাসৰ যি উপকৰণ দিছো তাৰ প্ৰতি তুমি কেতিয়াও তোমাৰ দুচকু প্ৰসাৰিত নকৰিবা। সিহঁতৰ বাবে তুমি দুখ নকৰিবা; আৰু তুমি মুমিনসকলৰ বাবে তোমাৰ বাহু নত কৰা (অৰ্থাৎ সদয় হোৱা)
Verse 89 — Surah Al-Hijr 15:89
আৰু কোৱা, ‘নিশ্চয় মই প্ৰকাশ্য সতৰ্ককাৰী’।
Verse 90 — Surah Al-Hijr 15:90
যিদৰে আমি অৱতীৰ্ণ কৰিছিলো বিভক্তকাৰী সকলৰ ওপৰত
Verse 91 — Surah Al-Hijr 15:91
যিসকলে কোৰআনক বিভিন্নভাৱে বিভক্ত কৰিছে।
Verse 92 — Surah Al-Hijr 15:92
এতেকে তোমাৰ প্ৰতিপালকৰ শপত! নিশ্চয় আমি সিহঁত সকলোকে জেৰা কৰিম
Verse 93 — Surah Al-Hijr 15:93
সেই বিষয়ে, যিটো সিহঁতে আমল কৰিছিল।
Verse 94 — Surah Al-Hijr 15:94
এতেকে তুমি যি বিষয়ে আদেশপ্ৰাপ্ত হৈছা সেয়া প্ৰকাশ্যভাৱে প্ৰচাৰ কৰা আৰু মুশ্বৰিকসকলৰ পৰা মুখ ঘূৰাই লোৱা।
Verse 95 — Surah Al-Hijr 15:95
নিশ্চয় বিদ্ৰূপকাৰীসকলৰ বিৰুদ্ধে আমিয়েই তোমাৰ বাবে যথেষ্ট
Verse 96 — Surah Al-Hijr 15:96
যিসকলে আল্লাহৰ লগত আন কোনো উপাস্য নিৰ্ধাৰণ কৰে। নিশ্চয় অতিশীঘ্ৰেই (ইয়াৰ পৰিণাম) সিহঁতে জানিব পাৰিব।
Verse 97 — Surah Al-Hijr 15:97
আৰু অৱশ্যে আমি এই কথা জানো যে, সিহঁতৰ কথাত তোমাৰ মন সংকুচিত হয়
Verse 98 — Surah Al-Hijr 15:98
এতেকে তুমি তোমাৰ প্ৰতিপালকৰ তছবীহ পাঠ কৰা আৰু ছাজদাহকাৰী সকলৰ অন্তৰ্ভুক্ত হোৱা।
Verse 99 — Surah Al-Hijr 15:99
আৰু তোমাৰ মৃত্যু নাহা লৈকে তুমি তোমাৰ প্ৰতিপালকৰ ইবাদত কৰা।