Back to LanguagesPrevious ChapterNext Chapter
Assamese - Chapter 17 - Al-Isra
Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink
Verse 1 — Surah Al-Isra 17:1
পৱিত্ৰ মহিমাময় তেওঁ, যিজনে তেওঁৰ বান্দাক ৰাতিৰ ভিতৰতে ভ্ৰমণ কৰাইছে, আল-মাছজিদুল হাৰামৰ পৰা আল-মাছজিদুল আক্বছা লৈ, যাৰ কেউফালে আমি বৰকত প্ৰদান কৰিছো, যাতে আমি তেওঁক আমাৰ নিদৰ্শন দেখুৱাব পাৰো; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।
Verse 2 — Surah Al-Isra 17:2
আৰু আমি মুছাক কিতাব প্ৰদান কৰিছিলো আৰু সেইটোক আমি বনী ইছৰাঈলৰ বাবে পথনিৰ্দেশক কৰি দিছিলো। যাতে তোমালোকে মোৰ বাহিৰে আন কাকো কৰ্মবিধায়কৰূপে গ্ৰহণ নকৰা।
Verse 3 — Surah Al-Isra 17:3
তেওঁলোকৰ বংশধৰ! যিসকলক আমি নূহৰ লগত আৰোহণ কৰাইছিলো; নিশ্চয় তেওঁ আছিল পৰম কৃতজ্ঞ বান্দা।
Verse 4 — Surah Al-Isra 17:4
আৰু আমি কিতাবত বনী ইছৰাঈলক জনাই দিছিলো যে, ‘অৱশ্যে তোমালোকে পৃথিৱীত দুবাৰ বিপৰ্যয় সৃষ্টি কৰিবা আৰু তোমালোকে অতিশয় অহংকাৰস্ফীত হ’বা’।
Verse 5 — Surah Al-Isra 17:5
তাৰ পিছত এই দুটাৰ প্ৰথমটোৰ নিৰ্ধাৰিত সময় যেতিয়া উপস্থিত হ’ল তেতিয়া আমি তোমালোকৰ বিৰুদ্ধে যুদ্ধত অত্যন্ত শক্তিশালী আমাৰ বান্দাসকলক পঠাইছিলো, ফলত তেওঁলোকে ঘৰে ঘৰে প্ৰৱেশ কৰি ধ্বংসযজ্ঞ চলাইছিল। এইটো আছিল এনেকুৱা প্ৰতিশ্ৰুতি যিটো কাৰ্যকৰ হ’বলগীয়াই আছিল।
Verse 6 — Surah Al-Isra 17:6
তাৰ পিছত আমি তোমালোকক আকৌ সিহঁতৰ ওপৰত প্ৰতিষ্ঠিত কৰিলো, তোমালোকক ধন আৰু সন্তান-সন্ততিৰ দ্বাৰা সহায় কৰিলো আৰু সংখ্যাত গৰিষ্ঠ কৰিলো।
Verse 7 — Surah Al-Isra 17:7
যদি তোমালোকে সৎকৰ্ম কৰা, তেন্তে সেয়া তোমালোকৰ নিজৰে উপকাৰ হ’ব আৰু যদি বেয়া কৰ্ম কৰা তেন্তে সেয়া তোমালোকৰে অপকাৰ হ’ব। তাৰ পিছত পৰবৰ্তী নিৰ্ধাৰিত সময় উপস্থিত হোৱাত (মই মোৰ বান্দাসকলক প্ৰেৰণ কৰিলো) তোমালোকৰ মুখমণ্ডল কালিমাচ্ছন্ন কৰাৰ বাবে, প্ৰথমবাৰ সিহঁতে যেনেকৈ মছজিদত প্ৰৱেশ কৰিছিল আকৌ তেনেতৈ তাত প্ৰৱেশ কৰাৰ বাবে আৰু যি সিহঁতৰ কৰ্তৃত্বত আছিল সেয়া সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ বাবে।
Verse 8 — Surah Al-Isra 17:8
সম্ভৱত তোমালোকৰ প্ৰতিপালকে তোমালোকৰ প্ৰতি দয়া কৰিব, কিন্তু তোমালোকে যদি তোমালোকৰ আগৰ আচৰণৰ পুনৰাবৃত্তি কৰা তেন্তে আমিও পুনৰাবৃত্তি কৰিম। লগতে জাহান্নমক আমি কাফিৰসকলৰ বাবে কাৰাগাৰ কৰি ৰাখিছো।
Verse 9 — Surah Al-Isra 17:9
নিশ্চয় এই কোৰআন হিদায়ত কৰে সেই পথৰ পিনে যিটো আক্বৱাম (সৰল, সুদৃঢ়) আৰু সৎকৰ্মপৰায়ণ মুমিনসকলক সুসংবাদ দিয়ে যে, তেওঁলোকৰ বাবে আছে মহাপুৰষ্কাৰ।
Verse 10 — Surah Al-Isra 17:10
আৰু যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে আমি সিহঁতৰ বাবে প্ৰস্তুত ৰাখিছো যন্ত্ৰণাদায়ক শাস্তি।
Verse 11 — Surah Al-Isra 17:11
আৰু মানুহে কল্যাণ কামনাৰ দৰে অকল্যাণ কামনা কৰে; আৰু মানুহ প্ৰকৃতিগত ভাৱেই বৰ বেছি শীঘ্ৰতাপ্ৰিয়।
Verse 12 — Surah Al-Isra 17:12
আৰু আমি ৰাতি আৰু দিনক দুটা নিদৰ্শন বনাইছো, তাৰ পিছত ৰাতিৰ নিদৰ্শনক মচি দিছো আৰু দিনৰ নিদৰ্শনক আলোকপ্ৰদ কৰিছো; যাতে তোমালোকে তোমালোকৰ প্ৰতিপালকৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা আৰু যাতে তোমালোকে বছৰৰ সংখ্যা আৰু হিচাপ স্থিৰ কৰিব পাৰা; আৰু আমি সকলো বিষয় বিশদভাৱে বৰ্ণনা কৰিছো।
Verse 13 — Surah Al-Isra 17:13
আৰু আমি প্ৰত্যেক মানুহৰ কৰ্ম তাৰ ডিঙিত আঁৰি থৈছো আৰু কিয়ামতৰ দিনা আমি তাৰ বাবে উলিয়াম এখন কিতাপ, যিটো সি উন্মুক্ত পাব।
Verse 14 — Surah Al-Isra 17:14
তুমি তোমাৰ কিতাপ পাঠ কৰা, আজি তুমি নিজেই তোমাৰ হিচাপ-নিকাচৰ বাবে যথেষ্ট।
Verse 15 — Surah Al-Isra 17:15
যিয়ে সৎপথ অৱলম্বন কৰে নিশ্চয় সি নিজৰ মঙ্গলৰ বাবেই সৎপথ অৱলম্বন কৰে আৰু যিয়ে পথভ্ৰষ্ট হয় অৱশ্যে সি নিজৰ ধ্বংসৰ বাবেই পথভ্ৰষ্ট হয়। আৰু কোনো বহনকাৰীয়েই আনৰ (পাপৰ) বোজা বহন নকৰিব। আৰু আমি ৰাছুল প্ৰেৰণ নকৰা লৈকে শাস্তি প্ৰদানকাৰী নহয়।
Verse 16 — Surah Al-Isra 17:16
আৰু আমি যেতিয়া কোনো জনপদক ধ্বংস কৰিব বিচাৰো তেতিয়া সেই ঠাইৰ সমৃদ্ধশালী ব্যক্তিসকলক (সৎকৰ্মৰ) আদেশ কৰো; কিন্তু সিহঁতে তাত অসৎকৰ্ম কৰে; তাৰ পিছত সেই ঠাইৰ প্ৰতি দণ্ডাজ্ঞা ন্যায়সংগত হৈ যায় আৰু আমি সেই ঠাইক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি দিওঁ।
Verse 17 — Surah Al-Isra 17:17
আৰু নূহৰ পিছত আমি বহু প্ৰজন্মক ধ্বংস কৰিছো আৰু তোমাৰ প্ৰতিপালকেই নিজ বান্দাসকলৰ পাপকৰ্মৰ সংবাদ ৰাখিবলৈ আৰু পৰ্যবেক্ষণৰ বাবে যথেষ্ট।
Verse 18 — Surah Al-Isra 17:18
কোনোবাই আশু সূখ-সম্ভোগ কামনা কৰিলে আমি যাক ইচ্ছা ইয়াতেই ততালিকে দি দিওঁ, তাৰ পিছত তাৰ বাবে জাহান্নাম নিৰ্ধাৰিত কৰোঁ, তাত সি লাঞ্ছিত আৰু অনুগ্ৰহৰ পৰা বঞ্চিত হৈ প্ৰৱেশ কৰিব।
Verse 19 — Surah Al-Isra 17:19
আৰু যিসকলে মুমিন হৈ আখিৰাত কামনা কৰে আৰু তাৰ বাবে যথাযথ চেষ্টা কৰে, তেওঁলোকৰ প্ৰচেষ্টা পুৰষ্কাৰযোগ্য।
Verse 20 — Surah Al-Isra 17:20
তোমাৰ প্ৰতিপালকৰ দানৰ পৰা আমি ইহঁতৰ আৰু সিহঁতৰ প্ৰত্যেককে সহায় কৰোঁ আৰু তোমাৰ প্ৰতিপালকৰ দান অবাৰিত (কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে)।
Verse 21 — Surah Al-Isra 17:21
লক্ষ্য কৰা, আমি কেনেকৈ সিহঁতৰ কিছুমানক আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছো, আৰু অৱশ্যে আখিৰাত মৰ্যাদাৰ ক্ষেত্ৰত আটাইতকৈ মহৎ আৰু শ্ৰেষ্ঠত্বত বৃহত্তৰ
Verse 22 — Surah Al-Isra 17:22
আল্লাহৰ লগত আন কোনো ইলাহ সাব্যস্ত নকৰিবা, এনে কৰিলে তুমি নিন্দিত আৰু লাঞ্ছিত হৈ বহি পৰিবা।
Verse 23 — Surah Al-Isra 17:23
আৰু তোমাৰ প্ৰতিপালকে আদেশ কৰিছে যে, তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা আৰু পিতৃ-মাতৃৰ প্ৰতি সদ্ব্যৱহাৰ কৰিবা। তেওঁলোকৰ কোনোবা এজন অথবা উভয়েই যদি তোমাৰ জীৱন কালত বৃদ্ধাৱস্থাত উপনীত হয় তেন্তে তুমি তেওঁলোকক ‘উফ’ শব্দও নকৰিবা আৰু তেওঁলোকক ধমকো নিদিবা; তেওঁলোকৰ লগত সন্মানসূচক কথা কবা।
Verse 24 — Surah Al-Isra 17:24
আৰু তেওঁলোকৰ প্ৰতি মায়া-মমতাৰ সৈতে নম্ৰতাৰ বাহু অৱনমিত কৰা আৰু কোৱা, ‘হে মোৰ ৰব! তেওঁলোকৰ প্ৰতি দয়া কৰা যেনেকৈ শৈশৱত তেওঁলোকে মোক প্ৰতিপালন কৰিছিল’।
Verse 25 — Surah Al-Isra 17:25
তোমালোকৰ প্ৰতিপালকে তোমালোকৰ অন্তৰত যি আছে সেয়া ভালদৰেই জানে; যদি তোমালোক সৎকৰ্মপৰায়ণ হোৱা তেন্তে নিশ্চয় তেওঁ তেওঁৰ প্ৰতি প্ৰত্যাৱৰ্তনকাৰী সকলৰ প্ৰতি অতি ক্ষমাশীল।
Verse 26 — Surah Al-Isra 17:26
আৰু আত্মীয় স্বজনক সিহঁতৰ প্ৰাপ্য প্ৰদান কৰা লগতে অভাৱগ্ৰস্ত আৰু মুছাফিৰসকলকো দান কৰা আৰু কেতিয়াও অপব্যয় নকৰিবা।
Verse 27 — Surah Al-Isra 17:27
নিশ্চয় অপব্যয়কাৰীসকল চয়তানৰ ভাই আৰু চয়তান তাৰ প্ৰতিপালকৰ প্ৰতি বৰ অকৃতজ্ঞ।
Verse 28 — Surah Al-Isra 17:28
আৰু তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অনুগ্ৰহ লাভৰ প্ৰত্যাশাত যদি সিহঁতৰ পৰা তোমাৰ বিমুখ থাকিবলগীয়াই হয়, তেতিয়া সিহঁতৰ লগত নম্ৰভাৱে কথা কবা।
Verse 29 — Surah Al-Isra 17:29
আৰু তুমি তোমাৰ হাত ডিঙিত বান্ধি নাৰাখিবা আৰু সম্পূৰ্ণৰূপে মুকলিও কৰি নিদিবা, এনে কৰিলে তুমি নিন্দনীয় নিঃস্ব হৈ বহি পৰিবা।
Verse 30 — Surah Al-Isra 17:30
নিশ্চয় তোমাৰ ৰব যাৰ বাবে ইচ্ছা তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাৰ বাবে ইচ্ছা সীমিত কৰি দিয়ে; নিশ্চয় তেওঁ নিজ বান্দাসকলৰ বিষয়ে সম্যক পৰিজ্ঞাত, সৰ্বদ্ৰষ্টা।
Verse 31 — Surah Al-Isra 17:31
অভাৱ-অনাটনৰ ভয়ত তোমালোকে নিজৰ সন্তানসকলক হত্যা নকৰিবা। আমিয়েই সিহঁতক জীৱিকা দিওঁ আৰু তোমালোককো। নিশ্চয় সিহঁতক হত্যা কৰা মহাপাপ।
Verse 32 — Surah Al-Isra 17:32
আৰু তোমালোকে যিনাৰ (ব্যভিচাৰৰ) ওচৰলৈকেও নাযাবা, নিশ্চয় সেয়া অশ্লীল আৰু নিকৃষ্ট আচৰণ।
Verse 33 — Surah Al-Isra 17:33
আৰু আল্লাহে যাক হত্যা কৰিবলৈ নিষিদ্ধ কৰিছে যথাৰ্থ কাৰণবিহীন তোমালোকে তাক হত্যা নকৰিবা! আৰু কোনোবাই অন্যায়ভাৱে নিহিত হ’লে তাৰ উত্তৰাধিকাৰীক আমি তাৰ প্ৰতিশোধ লোৱাৰ অধিকাৰ দিছো; কিন্তু হত্যা সম্পৰ্কে সি যেন সীমালঙ্ঘন নকৰে; নিশ্চয় সি সাহায্যপ্ৰাপ্ত হ’ব।
Verse 34 — Surah Al-Isra 17:34
আৰু ইয়াতীম প্ৰাপ্ত বয়স্ক নোহোৱা লৈকে সৎ উদ্দেশ্য ব্যতীত তাৰ সম্পত্তিৰ ওচৰলৈকে নাযাবা আৰু তোমালোকে প্ৰতিশ্ৰুতি পালন কৰা; নিশ্চয় প্ৰতিশ্ৰুতি সম্পৰ্কে কৈফিয়ত তলব কৰা হ’ব।
Verse 35 — Surah Al-Isra 17:35
আৰু মাপি দিয়াৰ সময়ত পূৰ্ণমাত্ৰাত মাপি দিবা আৰু ওজন কৰিবা সঠিক তুলাচনীত, এইটোৱে উত্তম আৰু পৰিণামত উৎকৃষ্ট।
Verse 36 — Surah Al-Isra 17:36
আৰু যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই তাৰ অনুসৰণ নকৰিবা; নিশ্চয় কাণ, চকু আৰু হৃদয়- ইয়াৰ প্ৰত্যেকটোৰ বিষয়ে কৈফিয়ত তলব কৰা হ’ব।
Verse 37 — Surah Al-Isra 17:37
আৰু পৃথিৱীত ফুটনিমাৰি নুফুৰিবা, নিশ্চয় তুমি কেতিয়াও ভৰিৰে ভূপৃষ্ঠক বিদীৰ্ণ কৰিব নোৱাৰিবা আৰু কদাপিও পৰ্বতমান উচ্চতা লাভ কৰিব নোৱাৰা।
Verse 38 — Surah Al-Isra 17:38
এই সকলো বেয়া কৰ্ম তোমাৰ প্ৰতিপালকৰ ওচৰত ঘৃণনীয়।
Verse 39 — Surah Al-Isra 17:39
তোমাৰ প্ৰতিপালকে অহীৰ মাধ্যমত তোমাক যি হিকমত দান কৰিছে এইবোৰ তাৰেই অন্তৰ্ভুক্ত; আৰু আল্লাহৰ লগত আন কোনো ইলাহ স্থিৰ নকৰিবা, অন্যথা নিন্দিত আৰু লাঞ্ছিত অৱস্থাত জাহান্নামত নিক্ষিপ্ত হ’বা।
Verse 40 — Surah Al-Isra 17:40
(কি আচৰিত) তোমালোকৰ প্ৰতিপালকে তোমালোকক পুত্ৰ সন্তানৰ বাবে নিৰ্বাচিত কৰিছে আৰু তেওঁ নিজে ফিৰিস্তাসকলক কন্যাৰূপে গ্ৰহণ কৰিছে? নিশ্চয় তোমালোকে সাংঘাতিক কথা কৈ থাকা।
Verse 41 — Surah Al-Isra 17:41
আৰু অৱশ্যে আমি এই কোৰআনত (বহু বিষয়) বাৰে বাৰে বিবৃত কৰিছো যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে। কিন্তু সিহঁতৰ বিমুখতাইহে বৃদ্ধি পাইছে।
Verse 42 — Surah Al-Isra 17:42
কোৱা, ‘যদি তেওঁৰ লগত আৰু ইলাহ থাকিলেহেঁতেন যিদৰে সিহঁতে দাবী কৰি কয়, তেন্তে সিহঁতে আৰছ-অধিপতিৰ (নৈকট্য লাভৰ) উপায় অন্বেষণ কৰি ফুৰিলেহেঁতেন’।
Verse 43 — Surah Al-Isra 17:43
তেওঁ পৱিত্ৰ মহিমাময় আৰু সিহঁতে যি কয় তাৰ পৰা তেওঁ বহু উৰ্দ্ধত।
Verse 44 — Surah Al-Isra 17:44
সাতোখন আকাশ আৰু পৃথিৱী লগতে ইয়াৰ মাজত যি আছে সেই সকলো তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু এনে কোনো বস্তু নাই যিটোৱে তেওঁৰ সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা নকৰে; কিন্তু সিহঁতৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা তোমালোকে বুজি নোপোৱা; নিশ্চয় তেওঁ সহনশীল, ক্ষমাপৰায়ণ।
Verse 45 — Surah Al-Isra 17:45
আৰু তুমি যেতিয়া কোৰআন পাঠ কৰা তেতিয়া আমি তোমাৰ আৰু যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে সিহঁতৰ মাজত এটা অদৃশ্য পৰ্দা আঁৰি দিওঁ।
Verse 46 — Surah Al-Isra 17:46
আৰু আমি সিহঁতৰ অন্তৰৰ ওপৰত আৱৰণ ৰাখি দিছো যাতে সিহঁতে সেয়া বুজিব নোৱাৰে আৰু সিহঁতৰ কাণত দিছো বধিৰতা; সেয়ে যেতিয়া তুমি কোৰআনৰ পৰা উল্লেখ কৰা যে, ‘তোমাৰ ৰব কেৱল এজন’, তেতিয়া সিহঁতে পিঠ দেখুৱাই আঁতৰি যায়।
Verse 47 — Surah Al-Isra 17:47
যেতিয়া সিহঁতে তোমাৰ প্ৰতি কাণপাতি শুনে, তেতিয়া আমি জানো সিহঁতে কিয় কাণপাতি শুনে আৰু এইটোও জানো যেতিয়া গোপনে আলোচনা কৰাৰ সময়ত যালিমসকলে কয়, ‘অৱশ্যে তোমালোকে এজন যাদুগ্ৰস্ত ব্যক্তিৰ অনুসৰণ কৰি আছা’।
Verse 48 — Surah Al-Isra 17:48
চোৱা, সিহঁতে তোমাৰ বিষয়ে কেনেবোৰ উপমা দিয়ে! ফলত সিহঁত পথভ্ৰষ্ট হৈছে, এতেকে সিহঁত সৎপথ পাবলৈ সক্ষম নহয়।
Verse 49 — Surah Al-Isra 17:49
আৰু সিহঁতে কয়, ‘আমি যেতিয়া অস্থিত পৰিণত হম আৰু চূৰ্ণ-বিচূৰ্ণ হোৱাৰ পিছত আকৌ আমাক নতুন সৃষ্টিৰূপে উত্থিত কৰা হ’ব নেকি’
Verse 50 — Surah Al-Isra 17:50
কোৱা, ‘যদি তোমালোকে শীল বা লো হৈ যোৱা
Verse 51 — Surah Al-Isra 17:51
‘অথবা এনে কোনো সৃষ্টিত পৰিণত হোৱা যিটো তোমালোকৰ অন্তৰত বৰ ডাঙৰ বুলি ভবা’; (তথাপিও তোমালোকক পুনৰুত্থিত কৰা হ’ব) ইয়াৰ পিছতো সিহঁতে ক’ব, ‘কোনে আমাক পুনৰুত্থিত কৰিব’? কোৱা, ‘তেৱেঁই কৰিব, যিজনে প্ৰথমবাৰ তোমালোকক সৃষ্টি কৰিছিল’। তেতিয়া সিহঁতে মূৰ জোকাৰি সুধিব, ‘সেইটোনো কেতিয়া হ’ব? কোৱা, ‘সম্ভৱত সেয়া অতি শীঘ্ৰেই হ’ব’।
Verse 52 — Surah Al-Isra 17:52
যিদিনা তেওঁ তোমালোকক আহ্বান কৰিব, আৰু তোমালোকে তেওঁৰ প্ৰশংসাৰ সৈতে তেওঁৰ আহ্বানত সঁহাৰি দিবা আৰু তোমালোকে ধাৰণা কৰিবা যে, তোমালোকে (তাত) অতি কম সময় অৱস্থান কৰিছিলা।
Verse 53 — Surah Al-Isra 17:53
আৰু মোৰ বান্দাসকলক কোৱা, তেওঁলোকে যেন এনেকুৱা কথা কয় যিটো উত্তম। নিশ্চয় চয়তানে তেওঁলোকৰ মাজত বিৰোধ সৃষ্টি কৰে। নিশ্চয় চয়তান মানুহৰ প্ৰকাশ্য শত্ৰু।
Verse 54 — Surah Al-Isra 17:54
তোমালোকৰ প্ৰতিপালক তোমালোকৰ বিষয়ে অধিক অৱগত। তেওঁ ইচ্ছা কৰিলে তোমালোকৰ প্ৰতি দয়া কৰিব অথবা ইচ্ছা কৰিলে তোমালোকক শাস্তি দিব, (আৰু হে নবী!) আমি তোমাক সিহঁতৰ কৰ্মবিধায়ক কৰি পঠোৱা নাই।
Verse 55 — Surah Al-Isra 17:55
আৰু যিসকল আকাশমণ্ডল আৰু পৃথিৱীত আছে সিহঁতৰ বিষয়েও তোমাৰ প্ৰতিপালক অধিক অৱগত। অৱশ্যে আমি নবীসকলৰ কিছুমানক আন কিছুমানৰ ওপৰত মৰ্যাদা প্ৰদান কৰিছো আৰু দাউদক প্ৰদান কৰিছিলো যাবূৰ।
Verse 56 — Surah Al-Isra 17:56
কোৱা, ‘তোমালোকে আল্লাহৰ বাহিৰে যিবোৰক ইলাহ বুলি ধাৰণা কৰা সিহঁতক মাতাচোন, তেতিয়াহে গম পাবা, তোমালোকৰ দুখ-দৈন্য দূৰ কৰাৰ বা পৰিবৰ্তন কৰাৰ ক্ষমতা সিহঁতৰ নাই’।
Verse 57 — Surah Al-Isra 17:57
সিহঁতে যিবোৰক আহ্বান কৰে সিহঁত নিজেই সিহঁতৰ প্ৰতিপালকৰ নৈকট্য লাভৰ উপায় সন্ধান কৰে যে, সিহঁতৰ মাজত কোন কিমান তেওঁৰ নিকটবৰ্তী হ’ব পাৰে, আৰু সিহঁতে তেওঁৰ দয়া প্ৰত্যাশা কৰে আৰু তেওঁৰ শাস্তিক ভয় কৰে। নিশ্চয় তোমাৰ প্ৰতিপালকৰ শাস্তি অতি ভয়াৱহ।
Verse 58 — Surah Al-Isra 17:58
আৰু এনে কোনো জনবসতি নাই যাক আমি কিয়ামতৰ পূৰ্বে ধ্বংস নকৰিম অথবা যাক আমি কঠোৰ শাস্তি নিবিহিম; এয়াতো কিতাবত লিপিবদ্ধ আছে।
Verse 59 — Surah Al-Isra 17:59
আৰু আমি নিদৰ্শন প্ৰেৰণ নকৰাৰ কেৱল এইটোৱে কাৰণ যে, সিহঁতৰ পূৰ্বৱৰ্তীসকলে ইয়াক অস্বীকাৰ কৰিছিল। আমি শিক্ষামূলক নিদৰ্শন স্বৰূপে ছামূদ জাতিক উট প্ৰদান কৰিছিলো, কিন্তু সিহঁতে সেইটোৰ প্ৰতি অত্যাচাৰ কৰিছিল। আমি কেৱল ভয় দেখুৱাবৰ কাৰণেহে নিদৰ্শন প্ৰেৰণ কৰো।
Verse 60 — Surah Al-Isra 17:60
আৰু স্মৰণ কৰা, যেতিয়া আমি তোমাক কৈছিলো যে, নিশ্চয় তোমাৰ ৰব মানুহক পৰিবেষ্টন কৰি আছে। আমি যি দৃশ্য তোমাক দেখুৱাইছো সেইটো আৰু কোৰআনত উল্লেখিত অভিশপ্ত গছটোও কেৱল মানুহৰ বাবে ফিতনাস্বৰূপ নিৰ্ধাৰণ কৰিছো। আমি সিহঁতক ভয় দেখুৱাওঁ, কিন্তু ই সিহঁতৰ ঘোৰ অবাধ্যতাহে বৃদ্ধি কৰে।
Verse 61 — Surah Al-Isra 17:61
আৰু স্মৰণ কৰা, যেতিয়া আমি ফিৰিস্তাসকলক কৈছিলো, ‘আদমক ছাজদাহ কৰা’, তেতিয়া ইবলীছৰ বাহিৰে সকলোৱে ছাজদাহ কৰিছিল। সি কৈছিল, ‘মই ইয়াক ছাজদাহ কৰিমনে যাক তুমি বোকা মাটিৰে সৃষ্টি কৰিছা’
Verse 62 — Surah Al-Isra 17:62
সি (আৰু) কৈছিল, ‘চোৱাচোন! এইজন যাক তুমি মোৰ ওপৰত মৰ্যাদা দান কৰিলা, কিয়ামতৰ দিনলৈকে যদি তুমি মোক অৱকাশ দিয়া, তেনেহ’লে শপত কৰি কৈছো, মই কিছু সংখ্যকৰ বাহিৰে ইয়াৰ গোটেই বংশধৰক অৱশ্যে মোৰ কৰ্তৃত্বাধীন কৰি পেলাম’।
Verse 63 — Surah Al-Isra 17:63
আল্লাহে ক’লে, ‘যোৱা, এতেকে সিহঁতৰ মাজৰ যিয়ে তোমাৰ অনুসৰণ কৰিব, নিশ্চয় পূৰ্ণ প্ৰতিদান হিচাপে জাহান্নামেই হ’ব তোমালোক সকলোৰে প্ৰতিদান’।
Verse 64 — Surah Al-Isra 17:64
‘আৰু তোমাৰ কণ্ঠৰে সিহঁতৰ মাজৰ যাকে পাৰা পদস্খলিত কৰা, তোমাৰ অশ্বাৰোহী আৰু পদাতিক বাহিনীৰ দ্বাৰা সিহঁতক আক্ৰমণ কৰা আৰু সিহঁতৰ ধন-সম্পদত লগতে সন্তান-সন্ততিত অংশী হোৱাগৈ, আৰু সিহঁতক প্ৰতিশ্ৰুতি দিয়া’। অৱশ্যে চয়তানে ছলনাৰ বাহিৰে সিহঁতক কোনো প্ৰতিশ্ৰুতিয়ে নিদিয়ে।
Verse 65 — Surah Al-Isra 17:65
‘নিশ্চয় মোৰ বান্দাসকলৰ ওপৰত তোমাৰ কোনো ক্ষমতা নাই’। কৰ্মবিধায়ক হিচাপে তোমাৰ প্ৰতিপালকেই যথেষ্ট।
Verse 66 — Surah Al-Isra 17:66
তোমালোকৰ ৰব তেৱেঁই, যিজনে তোমালোকৰ বাবে সাগৰত নৌযান পৰিচালিত কৰায়, যাতে তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা। নিশ্চয় তেওঁ তোমালোকৰ প্ৰতি পৰম দয়ালু।
Verse 67 — Surah Al-Isra 17:67
আৰু যেতিয়া তোমালোকক সাগৰত বিপদ স্পৰ্শ কৰে, তেতিয়া তেওঁৰ বাহিৰে তোমালোকে যিবোৰক আহ্বান কৰা, সেইবোৰ (তোমালোকৰ মনৰ পৰা) হেৰাই যায়; এতেকে তেওঁ যেতিয়া তোমালোকক উদ্ধাৰ কৰি স্থলত আনে তেতিয়া তোমালোকে মুখ ঘূৰাই লোৱা। প্ৰকৃততে মানুহ বৰ অকৃতজ্ঞ।
Verse 68 — Surah Al-Isra 17:68
তোমালোকে এই বিষয়ে নিশ্চিন্ত আছা নেকি যে, তেওঁ তোমালোকসহ কোনো অঞ্চলক খহাই নিদিব বুলি অথবা তোমালোকৰ ওপৰত শিলা বৰ্ষণকাৰী প্ৰবল ধুমুহা নপঠাব বুলি? তাৰ পিছত তোমালোকে নিজৰ বাবে কোনো কৰ্মবিধায়ক নাপাবা।
Verse 69 — Surah Al-Isra 17:69
অথবা তোমালোকে এই বিষয়ে নিশ্চিন্ত হৈছা নেকি যে, তেওঁ তোমালোকক দ্বিতীয়বাৰ সাগৰত লৈ নাযাব আৰু তোমালোকৰ বিৰুদ্ধে প্ৰচণ্ড ধুমুহা নপঠাব আৰু তোমালোকৰ কুফৰী কৰাৰ বাবে তোমালোকক তেওঁ ডুবাই নামাৰিব? তাৰ পিছত তোমালোকে আমাৰ বিৰুদ্ধে কোনো সহায়কাৰী বিচাৰি নাপাবা।
Verse 70 — Surah Al-Isra 17:70
আৰু অৱশ্যে আমি আদম সন্তানক মৰ্যাদা দান কৰিছো, আমিয়েই সিহঁতক স্থলত আৰু সাগৰত চলাচল কৰিবলৈ বাহন দিছো; আৰু সিহঁতক উত্তম জীৱিকা দান কৰিছো আৰু আমাৰ সৃষ্টিৰ বহুতৰে ওপৰত সিহঁতক শ্ৰেষ্ঠত্ব প্ৰদান কৰিছো।
Verse 71 — Surah Al-Isra 17:71
স্মৰণ কৰা, সেই দিনটোক, যিদিনা আমি প্ৰত্যেক সম্প্ৰদায়ক সিহঁতৰ ইমামসহ আহ্বান কৰিম। তাৰ পিছত যিসকলক সিহঁতৰ সোঁ হাতত আমলনামা দিয়া হ’ব, সিহঁতে নিজৰ আমলনামা পঢ়িব আৰু সিহঁতৰ ওপৰত অকণো অন্যায় কৰা নহ’ব।
Verse 72 — Surah Al-Isra 17:72
আৰু যিজন ইয়াত অন্ধ সি আখিৰাততো অন্ধ আৰু আটাইতকৈ বেছি পথভ্ৰষ্ট।
Verse 73 — Surah Al-Isra 17:73
আৰু আমি তোমাৰ প্ৰতি যি অহী কৰিছো তাৰ পৰা সিহঁতে তোমাক পদস্খলন ঘটোৱাৰ চেষ্টা প্ৰায় চুড়ান্ত কৰিছিল, যাতে তুমি আমাৰ নামত ইয়াৰ বিপৰীতে মিছা ৰটাব পাৰা; আৰু তেতিয়া নিসন্দেহে সিহঁতে তোমাক বন্ধৰূপে গ্ৰহণ কৰিলেহেঁতেন।
Verse 74 — Surah Al-Isra 17:74
আৰু আমি তোমাক অবিচলিত নাৰাখিলে তুমি অৱশ্যে সিহঁতৰ ফালে প্ৰায় কিঞ্চিত ঢাল খালাইহেঁতেন
Verse 75 — Surah Al-Isra 17:75
এনে কৰিলে অৱশ্যে আমি তোমাক এই জীৱনত দ্বিগুণ আৰু পৰকালতো দ্বিগুণ শাস্তিৰ সোৱাদ দিলোহেঁতেন; তেতিয়া তুমি আমাৰ বিৰুদ্ধে তোমাৰ বাবে কোনো সহায়কাৰী নাপালেহেঁতেন।
Verse 76 — Surah Al-Isra 17:76
আৰু সিহঁতে তোমাক দেশৰ পৰা উৎখাত কৰিবলৈ চূড়ান্ত চেষ্টা কৰিছিল, যাতে তোমাক তাৰ পৰা বহিষ্কাৰ কৰিব পাৰে, তেতিয়া সিহঁতেও তোমাৰ পিছত বেছি সময় তিষ্ঠি থাকিব নোৱাৰিলেহেঁতেন।
Verse 77 — Surah Al-Isra 17:77
আমাৰ ৰাছুলসকলৰ মাজত তোমাৰ পূৰ্বে যিসকলক প্ৰেৰণ কৰিছিলো তেওঁলোকৰ ক্ষেত্ৰতো আছিল এইটোৱেই নিয়ম আৰু তুমি আমাৰ নিয়মৰ কোনো পৰিবৰ্তন নাপাবা।
Verse 78 — Surah Al-Isra 17:78
সূৰ্য ঢালখোৱাৰ পিছৰ পৰা ৰাতিৰ ঘন অন্ধকাৰ পৰ্যন্ত ছালাত কায়েম কৰা আৰু ফজৰৰ ছালাত (আদায় কৰা)। নিশ্চয় ফজৰৰ ছালাত (ফিৰিস্তাসকলৰ) উপস্থিতিৰ সময়।
Verse 79 — Surah Al-Isra 17:79
আৰু ৰাতিৰ কিছু অংশত তাহাজ্জুদ আদায় কৰা, এইটো তোমাৰ বাবে অতিৰিক্ত। আশা কৰা যায় তোমাৰ প্ৰতিপালকে তোমাক প্ৰতিষ্ঠিত কৰিব প্ৰশংসিত স্থানত।
Verse 80 — Surah Al-Isra 17:80
আৰু কোৱা, ‘হে মোৰ ৰব! মোক প্ৰৱেশ কৰোৱা সত্যতাৰ সৈতে আৰু মোক বাহিৰ কৰা সত্যতাৰ সৈতে আৰু তোমাৰ ফালৰ পৰা মোক দান কৰা সাহায্যকাৰী শক্তি’।
Verse 81 — Surah Al-Isra 17:81
আৰু কোৱা, ‘সত্য আহি পাইছে আৰু বাতিল (অসত্য) বিলুপ্ত হৈছে; নিশ্চয় বাতিল বিলুপ্ত হ’বলগীয়াই আছিল’।
Verse 82 — Surah Al-Isra 17:82
আৰু আমি কোৰআন অৱতীৰ্ণ কৰো, যিটো মুমিনসকলৰ বাবে আৰোগ্য আৰু ৰহমত, কিন্তু ই যালিমসকলৰ ক্ষতিহে বৃদ্ধি কৰে।
Verse 83 — Surah Al-Isra 17:83
আৰু আমি যেতিয়া মানুহৰ প্ৰতি অনুগ্ৰহ কৰো তেতিয়া সি মুখ ঘূৰাই লয় আৰু আঁতৰ হৈ যায়। কিন্তু যেতিয়া তাক অনিষ্টই স্পৰ্শ কৰে তেতিয়া সি একেবাৰে হতাশ হৈ পৰে।
Verse 84 — Surah Al-Isra 17:84
কোৱা, ‘প্ৰত্যেকেই নিজ নিজ প্ৰকৃতি অনুযায়ী কাম কৰে কিন্তু তোমাৰ প্ৰতিপালকহে অধিক অৱগত যে, কোন সৰ্বাধিক নিৰ্ভুল পথত পৰিচালিত’।
Verse 85 — Surah Al-Isra 17:85
আৰু সিহঁতে তোমাক ৰূহ সম্পৰ্কে প্ৰশ্ন কৰে। কোৱা, ‘ৰূহ মোৰ প্ৰতিপালকৰ আদেশঘটিত আৰু তোমালোকক অতি সামান্য জ্ঞানহে দিয়া হৈছে’।
Verse 86 — Surah Al-Isra 17:86
আৰু আমি ইচ্ছা কৰিলে তোমাৰ প্ৰতি যি অহী কৰিছো সেয়া অৱশ্যে প্ৰত্যাহাৰ কৰিলোহেঁতেন; তাৰ পিছত এই বিষয়ে তুমি আমাৰ বিৰুদ্ধে কোনো কৰ্মবিধায়ক নাপালাহেঁতেন।
Verse 87 — Surah Al-Isra 17:87
কিন্তু এয়া প্ৰত্যাহাৰ নকৰাটো হৈছে তোমাৰ প্ৰতিপালকৰ দয়া; নিশ্চয় তোমাৰ প্ৰতি আছে তেওঁৰ মহা অনুগ্ৰহ।
Verse 88 — Surah Al-Isra 17:88
কোৱা, ‘যদি এই কোৰআনৰ অনুৰূপ কোৰআন আনিবলৈ মানুহ আৰু জিন সমবেত হয় তথাপিও ইয়াৰ অনুৰূপ আনিব নোৱাৰিব যদিও সিহঁত পৰস্পৰে পৰস্পৰক সহায় কৰে’।
Verse 89 — Surah Al-Isra 17:89
আৰু অৱশ্যে আমি এই কোৰআনত মানুহৰ বাবে বিভিন্ন উপমা বিশদভাৱে বৰ্ণনা কৰিছো; কিন্তু অধিকাংশ মানুহ কুফৰী নকৰি ক্ষেন্ত হোৱা নাই।
Verse 90 — Surah Al-Isra 17:90
আৰু সিহঁতে কয়, ‘আমি কেতিয়াও তোমাৰ ওপৰত ঈমান পোষণ নকৰিম, যেতিয়ালৈকে তুমি আমাৰ বাবে ভূমিৰ পৰা এটা প্ৰস্ৰৱন উৎসাৰিত নকৰিবা
Verse 91 — Surah Al-Isra 17:91
‘অথবা তোমাৰ বাবে খেজুৰ আৰু আঙুৰৰ এটা বাগিচা হ’ব, যাৰ মাজত তুমি নিজৰা প্ৰবাহিত কৰিবা’
Verse 92 — Surah Al-Isra 17:92
‘অথবা তুমি যেনেকৈ কোৱা সেই অনুযায়ী আকাশক খণ্ড-বিখণ্ড কৰি আমাৰ ওপৰত পেলাই দিবা, নাইবা আল্লাহ আৰু ফিৰিস্তাসকলক আমাৰ সন্মুখত উপস্থিত কৰিবা’
Verse 93 — Surah Al-Isra 17:93
‘অথবা তোমাৰ বাবে এটা সোণৰ ঘৰ হ’ব নাইবা তুমি আকাশত আৰোহণ কৰিবা কিন্তু তোমাৰ আকাশ আৰোহণত আমি কেতিয়াও ঈমান পোষণ নকৰিম যেতিয়া লৈকে তুমি আমাৰ বাবে এটা কিতাব অৱতীৰ্ণ নকৰিবা যিটো আমি পঢ়িম। কোৱা, ‘পৱিত্ৰ মহান মোৰ ৰব! মই কেৱল বাৰ্তাবাহকৰূপে এজন মানুহহে’।
Verse 94 — Surah Al-Isra 17:94
আৰু যেতিয়া মানুহৰ ওচৰত হিদায়ত আহে, তেতিয়া সিহঁতক কেৱল এই কথাই ঈমান আনিবলৈ বাধা দিয়ে যে, ‘আল্লাহে এজন মানুহক ৰাছুল হিচাপে প্ৰেৰণ কৰিছে নেকি’
Verse 95 — Surah Al-Isra 17:95
কোৱা, ‘ফিৰিস্তাসকল যদি নিশ্চিন্ত হৈ পৃথিৱীত বিচৰণ কৰিলেহেঁতেন তেন্তে নিশ্চয় আমি আকাশৰ পৰা সিহঁতৰ ওচৰত ফিৰিস্তাকেই ৰাছুল কৰি প্ৰেৰণ কৰিলোহেঁতেন’।
Verse 96 — Surah Al-Isra 17:96
কোৱা, ‘মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে আল্লাহেই যথেষ্ট; নিশ্চয় তেওঁ তেওঁৰ বান্দাসকলৰ বিষয়ে পূৰ্ণ অৱহিত, পূৰ্ণদ্ৰষ্টা’।
Verse 97 — Surah Al-Isra 17:97
আৰু আল্লাহে যিসকলক হিদায়ত দিয়ে সিহঁতেহে হিদায়তপ্ৰাপ্ত হয় আৰু যিসকলক তেওঁ পথভ্ৰষ্ট কৰে সিহঁতৰ বাবে তুমি কেতিয়াও তেওঁৰ বাহিৰে আন কোনো অভিভাৱক নাপাবা। কিয়ামতৰ দিনা আমি সিহঁতক উবৰি খোৱা অৱস্থাত অন্ধ, বোবা আৰু বধিৰ কৰি সমবেত কৰিম। সিহঁতৰ আবাসস্থল জাহান্নাম; যেতিয়া ই নিস্তেজ হ’ব তেতিয়াই আমি সিহঁতৰ বাবে জুইৰ শিখা বৃদ্ধি কৰিম।
Verse 98 — Surah Al-Isra 17:98
এইটোৱেই সিহঁতৰ প্ৰতিদান, কাৰণ সিহঁতে আমাৰ নিদৰ্শন অস্বীকাৰ কৰিছিল আৰু কৈছিল, ‘অস্থিত পৰিণত আৰু চূৰ্ণ-বিচূৰ্ণ হোৱাৰ পিছত আমি আকৌ নতুন সৃষ্টিৰূপে পুনৰুত্থিত হমনে’
Verse 99 — Surah Al-Isra 17:99
সিহঁতে লক্ষ্য নকৰে নেকি যে, নিশ্চয় আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে তেওঁ সিহঁতৰ অনুৰূপ সৃষ্টি কৰিবলৈ ক্ষমতাবান? আৰু তেৱেঁই সিহঁতৰ বাবে স্থিৰ কৰিছে এটা নিৰ্দিষ্ট কাল, য’ত কোনো সন্দেহ নাই, কিন্তু যালিমসকল কুফৰী নকৰি ক্ষেন্ত হোৱা নাই।
Verse 100 — Surah Al-Isra 17:100
কোৱা, ‘যদি তোমালোকে মোৰ প্ৰতিপালকৰ দয়াৰ ভাণ্ডাৰৰ অধিকাৰী হ’লাহেঁতেন, তথাপিও সেয়া ব্যয় হৈ যোৱাৰ আশংকাত তোমালোকে সেয়া ধৰি ৰাখিলাহেঁতেন; অৱশ্যে মানুহ বৰ কৃপণ’।
Verse 101 — Surah Al-Isra 17:101
আৰু আমি মুছাক নটা স্পষ্ট নিদৰ্শন প্ৰদান কৰিছিলো; এতেকে তুমি বনী ইছৰাঈলক সুধি চোৱা; যেতিয়া তেওঁ সিহঁতৰ ওচৰত আহিছিল, আৰু ফিৰআউনে তেওঁক কৈছিল, ‘হে মুছা! নিশ্চয় মোৰ মতে তুমি এজন যাদুগ্ৰস্ত’।
Verse 102 — Surah Al-Isra 17:102
মুছাই ক’লে, ‘তুমি অৱশ্যে জানা যে, এইবোৰ স্পষ্ট নিদৰ্শন আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালকেই অৱতীৰ্ণ কৰিছে—প্ৰত্যক্ষ্য প্ৰমাণস্বৰূপে। ‘হে ফিৰআউন! মোৰ মতে তুমি এজন ধ্বংসপ্ৰাপ্ত’।
Verse 103 — Surah Al-Isra 17:103
অৱশেষত ফিৰআউনে তেওঁলোকক দেশৰ পৰা উচ্ছেদ কৰিবলৈ ইচ্ছা কৰিলে; তেতিয়া আমি তাক আৰু তাৰ সঙ্গীসকলৰ আটাইকে ডুবাই মাৰিলো।
Verse 104 — Surah Al-Isra 17:104
আমি ইয়াৰ পিছত বনী ইছৰাঈলক ক’লো, ‘তোমালোকে পৃথিৱীত বসবাস কৰা আৰু যেতিয়া আখিৰাতৰ প্ৰতিশ্ৰুতি বাস্তবায়িত হ’ব তেতিয়া আমি তোমালোক আটাইকে একত্ৰিত কৰি উপস্থিত কৰিম।
Verse 105 — Surah Al-Isra 17:105
আৰু আমি সত্য সহকাৰে কোৰআন অৱতীৰ্ণ কৰিছো আৰু ই সত্য সহকাৰেই অৱতীৰ্ণ হৈছে। আমি কেৱল তোমাক সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপেহে প্ৰেৰণ কৰিছো।
Verse 106 — Surah Al-Isra 17:106
আৰু আমি কোৰআনক অলপ অলপকৈ অৱতীৰ্ণ কৰিছো; যাতে তুমি সেয়া মানুহৰ ওচৰত ক্ৰমে ক্ৰমে পাঠ কৰিব পাৰা আৰু আমি ইয়াক পৰ্যায়ক্ৰমে অৱতীৰ্ণ কৰিছো।
Verse 107 — Surah Al-Isra 17:107
কোৱা, ‘তোমালোকে কোৰআনৰ ওপৰত ঈমান পোষণ কৰা বা নকৰা, নিশ্চয় যিসকলক ইয়াৰ পূৰ্বে জ্ঞান দিয়া হৈছিল, তেওঁলোকৰ ওচৰত যেতিয়া ইয়াক তিলাৱত কৰা হয় তেতিয়াই তেওঁলোকে ছাজদাত পৰি যায়’।
Verse 108 — Surah Al-Isra 17:108
আৰু তেওঁলোকে কয়, ‘আমাৰ ৰব পৱিত্ৰ মহান। আমাৰ প্ৰতিপালকৰ প্ৰতিশ্ৰুতি কাৰ্যকৰ হ’বই হ’ব’।
Verse 109 — Surah Al-Isra 17:109
‘আৰু তেওঁলোকে কান্দি কান্দি নতশিৰে (ছাজদাত) পৰি যায় আৰু এইটোৱেই তেওঁলোকৰ বিনয় আৰু বৃদ্ধি কৰে’।
Verse 110 — Surah Al-Isra 17:110
কোৱা, ‘তোমালোকে (নিজ প্ৰতিপালকক) ‘আল্লাহ’ নামেৰে মাতা বা ‘ৰহমান’ নামেৰেই মাতা, কাৰণ তোমালোকে যি নামেৰেই নামাতা কিয়, সকলো সুন্দৰ নাম তেওঁৰেই। আৰু তুমি ছালাতত স্বৰ খুব উচ্চ নকৰিবা আকৌ বেছি নিম্নও নকৰিবা; বৰং এই দুটাৰ মধ্যপথ অৱলম্বন কৰিবা।
Verse 111 — Surah Al-Isra 17:111
আৰু কোৱা, ‘প্ৰশংসা কেৱল আল্লাহৰেই যিজনে কোনো সন্তান গ্ৰহণ কৰা নাই, তেওঁৰ সাৰ্বভৌমত্বত কোনো অংশীদাৰ নাই আৰু অপমানৰ পৰা বাচিবলৈ তেওঁৰ কোনো অভিভাৱকৰো প্ৰয়োজন নাই, সেয়ে তুমি স-সম্ভ্ৰমে তেওঁৰ মাহাত্ম্য ঘোষণা কৰা’।