Back to Languages

Assamese - Chapter 18 - Al-Kahf

Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink

Verse 1 — Surah Al-Kahf 18:1

যাৱতীয় প্ৰশংসা কেৱল আল্লাহৰ বাবেই, যিজনে তেওঁৰ বান্দাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছে আৰু তাত তেওঁ কোনো ধৰণৰ বক্ৰতা ৰখা নাই

Verse 2 — Surah Al-Kahf 18:2

সৰলৰূপে, তেওঁৰ কঠিন শাস্তি সম্পৰ্কে সতৰ্ক কৰাৰ বাবে আৰু মুমিনসকল যিসকলে সৎকৰ্ম কৰে, তেওঁলোকক এই সুসংবাদ দিয়াৰ বাবে যে, তেওঁলোকৰ বাবে আছে উত্তম পুৰষ্কাৰ

Verse 3 — Surah Al-Kahf 18:3

তাত তেওঁলোকে স্থায়ীভাৱে অৱস্থান কৰিব

Verse 4 — Surah Al-Kahf 18:4

আৰু সিহঁতক সতৰ্ক কৰাৰ বাবে যিসকলে কয়, ‘আল্লাহে সন্তান গ্ৰহণ কৰিছে’

Verse 5 — Surah Al-Kahf 18:5

এই বিষয়ে সিহঁতৰ কোনো জ্ঞান নাই লগতে সিহঁতৰ পিতৃ-পুৰুষৰো কোনো জ্ঞান নাছিল। কি সাংঘাতিক বাক্য যিটো সিহঁতৰ মুখৰ পৰা ওলায়! সিহঁত মিছাৰ বাহিৰে একো নকয়।

Verse 6 — Surah Al-Kahf 18:6

এতেকে সিহঁতে এই বাণীত ঈমান পোষণ নকৰিলে সম্ভৱত সিহঁতৰ পিছত ঘূৰি ঘূৰি তুমি দুখতে আত্ম-বিনাশী হৈ পৰিবা।

Verse 7 — Surah Al-Kahf 18:7

নিশ্চয় মাটিৰ ওপৰত যি আছে আমি সেইবোৰক ইয়াৰ শোভা কৰি দিছো, মানুহক এই পৰীক্ষা কৰাৰ বাবে যে, সিহঁতৰ মাজত কোনে শ্ৰেষ্ঠ আমল কৰে।

Verse 8 — Surah Al-Kahf 18:8

আৰু ইয়াৰ ওপৰত যি আছে সেয়া অৱশ্যে আমি উদ্ভিদশূন্য পথাৰত পৰিণত কৰিম।

Verse 9 — Surah Al-Kahf 18:9

তুমি কাহাফ (গুহা) আৰু ৰাক্বীমৰ অধিবাসীসকলক আমাৰ নিদৰ্শনাৱলীৰ মাজত বিস্ময়কৰ বুলি ভাবা নেকি

Verse 10 — Surah Al-Kahf 18:10

যেতিয়া যুৱকসকলে গুহাত আশ্ৰয় ল’লে তেতিয়া সিহঁতে কৈছিল, ‘হে আমাৰ ৰব! তুমি তোমাৰ নিজৰ ফালৰ পৰা আমাক অনুগ্ৰহ দান কৰা আৰু আমাৰ বাবে আমাৰ কাজকৰ্ম সঠিকভাৱে পৰিচালনাৰ ব্যৱস্থা কৰা’।

Verse 11 — Surah Al-Kahf 18:11

ফলত আমি সিহঁতক গুহাৰ মাজত কেইবা বছৰো ঘুমন্ত অৱস্থাত ৰাখিলো

Verse 12 — Surah Al-Kahf 18:12

তাৰ পিছত আমি সিহঁতক জগাই তুলিলো জনাৰ বাবে যে, দুই দলৰ মাজত কোনটোৱে সিহঁতৰ অৱস্থিতিকাল সঠিকভাৱে নিৰ্ণয় কৰিব পাৰে।

Verse 13 — Surah Al-Kahf 18:13

আমি তোমাৰ ওচৰত সিহঁতৰ বৃত্তান্ত সঠিকভাৱে বৰ্ণনা কৰিছো, সিহঁত আছিল কেইজনমান যুৱক, সিহঁতে নিজ প্ৰতিপালকৰ ওপৰত ঈমান আনিছিল আৰু আমি সিহঁতৰ হিদায়ত বৃদ্ধি কৰি দিছিলো

Verse 14 — Surah Al-Kahf 18:14

আৰু আমি সিহঁতৰ চিত্ত দৃঢ় কৰি দিছিলো; সিহঁতে যেতিয়া (সাৰ পাই) উঠি ক’লে, ‘আমাৰ প্ৰতিপালকেই আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালক। আমি কেতিয়াও তেওঁৰ পৰিবৰ্তে আন কোনো ইলাহক আহ্বান নকৰিম; যদি আহ্বান কৰো তেন্তে এয়া হ’ব বৰ গৰ্হিত কথা।

Verse 15 — Surah Al-Kahf 18:15

আমাৰ এই স্বজাতিসকলে তেওঁৰ পৰিবৰ্তে বহুতো ইলাহ গ্ৰহণ কৰিছে। ইহঁতে এইবোৰ ইলাহ সম্পৰ্কে স্পষ্ট প্ৰমাণ উপস্থিত নকৰে কিয়? এতেকে যিয়ে আল্লাহ সম্পৰ্কে মিছা উদ্ভাৱন কৰে সেইজনতকৈ ডাঙৰ যালিম আৰুনো কোন হ’ব পাৰে

Verse 16 — Surah Al-Kahf 18:16

এতিয়া যিহেতু তোমালোকে সিহঁতৰ পৰা আৰু সিহঁতে যিবোৰৰ ইবাদত কৰে সেইবোৰৰ পৰা বিচ্ছিন্ন হৈছা, সেয়ে এতিয়া তোমালোকে গুহাত আশ্ৰয় গ্ৰহণ কৰা। তোমালোকৰ প্ৰতিপালকে তোমালোকৰ বাবে তেওঁৰ ৰহমত বিস্তাৰ কৰিব আৰু তোমালোকৰ বাবে তোমালোকৰ জীৱনোপকৰণৰ বিষয়টো সহজ কৰি দিব।

Verse 17 — Surah Al-Kahf 18:17

আৰু তুমি সিহঁতক দেখাহেঁতেন, সূৰ্য উদয় হোৱাৰ সময়ত সিহঁতৰ গুহাৰ সোঁ ফালে ঢাল খায় আৰু অস্ত যোৱাৰ সময়ত সিহঁতক অতিক্ৰম কৰি বাওঁ ফালে ঢাল খায়, অথচ সিহঁত গুহাৰ প্ৰশস্ত চোতালত (শুই আছে), এইবোৰ আল্লাহৰ নিদৰ্শনসমূহৰ মাজত অন্যতম। আল্লাহে যাক সৎপথত পৰিচালিত কৰে, সি সৎপথপ্ৰাপ্ত আৰু তেওঁ যাক পথভ্ৰষ্ট কৰে, তুমি কেতিয়াও তাৰ বাবে কোনো পথনিৰ্দেশকাৰী অভিভাৱক বিচাৰি নাপাবা।

Verse 18 — Surah Al-Kahf 18:18

আৰু তুমি ভাবিলাহেঁতেন সিহঁত সাৰে আছে, অথচ সিহঁত আছিল টোপনিত। আমি সিহঁতক কাতি সলাই দিছিলো সোঁ ফালে আৰু বাওঁ ফালে আৰু সিহঁতৰ কুকুৰে সন্মুখৰ ভৰি দুটা গুহাৰ দুৱাৰত প্ৰসাৰিত কৰি আছিল। যদি তুমি সিহঁতৰ ফালে ভুমুকি মাৰি দেখিলাহেঁতেন, তেন্তে অৱশ্যে তুমি ভিৰাই লৰ মাৰিলাহেঁতেন। অৱশ্যে তুমি সিহঁতৰ ভয়ত আতংকগ্ৰস্ত হৈ পৰিলাহেঁতেন

Verse 19 — Surah Al-Kahf 18:19

আৰু এইদৰেই আমি সিহঁতক জগাই তুলিলো যাতে সিহঁতে পৰস্পৰৰ মাজত সোধ-পোছ কৰে। সিহঁতৰ এজনে ক’লে, ‘তোমালোকে কিমান সময় অৱস্থান কৰিছা’? সিহঁতে ক’লে, ‘আমি এদিন বা এদিনৰ কিছু অংশহে অৱস্থান কৰিছো’। সিহঁতে ক’লে, ‘তোমালোকে কিমান সময় অৱস্থান কৰিছা সেয়া তোমালোকৰ প্ৰতিপালকেই ভালকৈ জানে। এতেকে তোমালোকে এতিয়া তোমালোকৰ মাজৰ পৰা এজনক এই মুদ্ৰাসহ বজাৰলৈ পঠাই দিয়া। সি যেন ভালকৈ চাই-চিতি কোনটো উত্তম খাদ্য তাৰ পৰা যেন তোমালোকৰ বাবে কিছু খাদ্য লৈ আহে। লগতে সি যেন বিচক্ষণতাৰ সৈতে কাম কৰে। কোনোমতেই যাতে তোমালোকৰ বিষয়ে কাকো একো জানিব নিদিয়ে।

Verse 20 — Surah Al-Kahf 18:20

নিশ্চয় সিহঁতে যদি তোমালোকৰ বিষয়ে জানিব পাৰে তেন্তে সিহঁতে তোমালোকক শিল দলিয়াই আঘাত কৰি হত্যা কৰিব অথবা তোমালোকক সিহঁতৰ ধৰ্মত উভতাই নিব। তেতিয়া তোমালোকে কেতিয়াও সফল হ’ব নোৱাৰিবা।

Verse 21 — Surah Al-Kahf 18:21

আৰু এইদৰে আমি মানুহক সিহঁতৰ বিষয়ে জনাই দিলো যাতে সিহঁতে জানে যে, আল্লাহৰ প্ৰতিশ্ৰুতি সত্য আৰু নিশ্চয় কিয়ামতত কোনো সন্দেহ নাই। যেতিয়া সিহঁতে (নগৰবাসীয়ে) সিহঁতৰ কৰ্তব্য বিষয়ে নিজৰ মাজতে বিতৰ্ক কৰিছিল তেতিয়া সিহঁতৰ কিছুমানে ক’লে, ‘সিহঁতৰ ওপৰত সৌধ নিৰ্মাণ কৰা’। সিহঁতৰ প্ৰতিপালকেই সিহঁতৰ বিষয়ে ভাল জানে। সিহঁতৰ কৰ্তব্য বিষয়ে যিসকলৰ মত প্ৰবল হৈছিল সিহঁতে ক’লে, ‘নিশ্চয় আমি সিহঁতৰ ওপৰত মছজিদ নিৰ্মাণ কৰিম’।

Verse 22 — Surah Al-Kahf 18:22

অচিৰেই কিছুমানে ক’ব, ‘সিহঁত আছিল তিনিজন, সিহঁতৰ চতুৰ্থটো আছিল সিহঁতৰ কুকুৰ’, আৰু আন কিছুমানে ক’ব, ‘সিহঁত আছিল পাঁচজন, সিহঁতৰ ষষ্ঠটো আছিল সিহঁতৰ কুকুৰ’, এই সকলোৱে গায়েবী বিষয়ত অনুমানৰ ওপৰত নিৰ্ভৰ কৰে। আকৌ কিছুমানে ক’ব, ‘সিহঁত আছিল সাতজন, সিহঁতৰ অষ্টমটো হৈছে সিহঁতৰ কুকুৰ’। কোৱা, ‘মোৰ প্ৰতিপালকেহে সিহঁতৰ সংখ্যা ভালকৈ জানে; সিহঁতৰ প্ৰকৃত সংখ্যা কেৱল কিছুসংখ্যক লোকেহে জানে। এতেকে সাধাৰণ আলোচনাৰ বাহিৰে তুমি সিহঁতৰ বিষয়ে বিতৰ্ক নকৰিবা আৰু ইহঁতৰ কাকো সিহঁতৰ বিষয়ে নুসুধিবা।

Verse 23 — Surah Al-Kahf 18:23

আৰু কেতিয়াও তুমি কোনো বিষয়ত এই বুলি নকবা যে, নিশ্চয় মই এইটো অহা কালি কৰিম

Verse 24 — Surah Al-Kahf 18:24

ইন শ্বা আল্লাহ নোকোৱাকৈ, (অৰ্থাৎ যদি আল্লাহে বিচাৰে), আৰু যদি পাহৰি যোৱা তেন্তে তোমাৰ প্ৰতিপালকক স্মৰণ কৰিবা আৰু কোৱা, ‘সম্ভৱত মোৰ প্ৰতিপালকে মোক ইয়াতকৈয়ো সত্যৰ নিকটৱৰ্তী পথ দেখুৱাব’।

Verse 25 — Surah Al-Kahf 18:25

আৰু সিহঁতে গুহাত আছিল তিনি শ বছৰ লগতে অতিৰিক্ত ন বছৰ।

Verse 26 — Surah Al-Kahf 18:26

কোৱা, ‘সিহঁতে কিমান সময় অৱস্থান কৰিছিল সেয়া আল্লাহেই ভালকৈ জানে’, আকাশসমূহ আৰু পৃথিৱীৰ গায়েবৰ জ্ঞান কেৱল তেওঁৰেই। তেওঁ কিমান সুন্দৰ দ্ৰষ্টা আৰু শ্ৰোতা! তেওঁৰ বাহিৰে সিহঁতৰ আন কোনো অভিভাৱক নাই। তেওঁ কাকো নিজ কৰ্তৃত্বত অংশীদাৰ নকৰে।

Verse 27 — Surah Al-Kahf 18:27

আৰু তোমাৰ প্ৰতিপালকৰ কিতাবৰ পৰা তোমাৰ ওচৰত যি অহী কৰা হয় সেয়া তুমি পাঠ কৰি শুনোৱা। তেওঁৰ বাক্যসমূহৰ কোনো পৰিবৰ্তনকাৰী নাই; আৰু তুমি কেতিয়াও তেওঁৰ বাহিৰে আন কোনো আশ্ৰয় বিচাৰি নাপাবা।

Verse 28 — Surah Al-Kahf 18:28

আৰু তুমি নিজকে ধৈৰ্যশীল ৰাখিবা তেওঁলোকৰ সৈতে, যিসকলে পুৱা-গধূলি তেওঁলোকৰ প্ৰতিপালকক আহ্বান কৰে, তেওঁৰ সন্তুষ্টিৰ উদ্দেশ্যে; আৰু তুমি পাৰ্থিৱ জীৱনৰ শোভা কামনা কৰি সিহঁতৰ পৰা তোমাৰ দৃষ্টি আঁতৰাই নিনিবা। লগতে তুমি সেই ব্যক্তিৰ অনুসৰণ নকৰিবা—যাৰ অন্তৰক আমি আমাৰ স্মৰণৰ পৰা অমনোযোগী কৰি দিছো, যিয়ে নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰিছে আৰু যাৰ কৰ্ম বিনষ্ট হৈছে।

Verse 29 — Surah Al-Kahf 18:29

আৰু কোৱা, ‘সত্য তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা (আহিছে), সেয়ে যাৰ ইচ্ছা সি ঈমান আনক আৰু যাৰ ইচ্ছা সি কুফৰী কৰক’। নিশ্চয় আমি যালিমসকলৰ বাবে প্ৰস্তুত ৰাখিছো অগ্নি, যাৰ প্ৰাচীৰবোৰে সিহঁতক পৰিবেষ্টন কৰি ৰাখিছে। সিহঁতে পানীয় বিচাৰিলে সিহঁতক দিয়া হ’ব গলিত ধাতুৰ দৰে পানীয়, যিটো সিহঁতৰ মুখমণ্ডল দগ্ধ কৰিব, এইটো বৰ নিকৃষ্ট পানীয়! আৰু জাহান্নাম কিমান যে নিকৃষ্ট বিশ্ৰামস্থল

Verse 30 — Surah Al-Kahf 18:30

নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে – নিশ্চয় আমি উত্তমৰূপে কৰ্ম সম্পাদনকাৰীৰ শ্ৰমফল বিনষ্ট নকৰো।

Verse 31 — Surah Al-Kahf 18:31

তেওঁলোকৰ বাবেই আছে স্থায়ী জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোকক সোণৰ কংকনেৰে অলংকৃত কৰা হ’ব, তেওঁলোকে পৰিধান কৰিব সূক্ষ্ম আৰু মিহি ৰেছমৰ সেউজীয়া বস্ত্ৰ, আৰু তেওঁলোকে তাত সুসজ্জিত আসনত আউজি বহিব, কিমান যে ধুনীয়া পুৰষ্কাৰ আৰু উত্তম বিশ্ৰামস্থল

Verse 32 — Surah Al-Kahf 18:32

আৰু তুমি সিহঁতৰ বাবে এটা দৃষ্টান্ত দাঙি ধৰা, দুজন ব্যক্তি আছিল, সিহঁতৰ এজনক আমি প্ৰদান কৰিছিলো দুটা আঙুৰৰ বাগিচা আৰু দুয়োটাকে আমি খেজুৰ গছেৰে পৰিবেষ্টিত কৰিছিলো আৰু দুয়োটাৰে মধ্যৱৰ্তী স্থানক ৰাখিছিলো শস্যক্ষেত্ৰ।

Verse 33 — Surah Al-Kahf 18:33

উভয় উদ্যানে ফল দান কৰিছিল আৰু তাত কোনো ত্ৰুটি কৰা নাছিল আৰু আমি উভয় উদ্যানৰ মাজেৰে প্ৰবাহিত কৰিছিলো এটা নিজৰা।

Verse 34 — Surah Al-Kahf 18:34

আৰু তাৰ প্ৰচুৰ ফল-সম্পদ আছিল। তাৰ পিছত কথা প্ৰসঙ্গত সি তাৰ বন্ধুক ক’লে, ‘তোমাতকৈ মোৰ ধন-সম্পদ বেছি আৰু জনবলতো মই তোমাতকৈ শক্তিশালী’।

Verse 35 — Surah Al-Kahf 18:35

আৰু সি অহংকাৰ কৰি তাৰ উদ্যানত প্ৰৱেশ কৰিলে। সি ক’লে, ‘এইটো কেতিয়াও ধ্বংস হ’ব বুলি মোৰ ধাৰণা নহয়

Verse 36 — Surah Al-Kahf 18:36

‘আৰু কিয়ামত সংঘটিত হ’ব বুলিও মোৰ ধাৰণা নহয়, আৰু মোক যদি মোৰ প্ৰতিপালকৰ ওচৰত উভতাই নিয়া হয়, তেন্তে নিশ্চয় মই ইয়াতকৈয়ো উৎকৃষ্ট প্ৰত্যাৱৰ্তন স্থল পাম’।

Verse 37 — Surah Al-Kahf 18:37

ইয়াৰ উত্তৰত তাৰ বন্ধুজনে বিতৰ্কমূলক ভাৱে তাক ক’লে, ‘তুমি সেই সত্তাৰ লগত কুফৰী কৰিছা নেকি, যিজনে তোমাক সৃষ্টি কৰিছে মাটিৰ পৰা আৰু তাৰ পিছত বীৰ্যৰ পৰা আৰু তাৰ পিছত তোমাক পুৰ্ণাংঙ্গ পুৰুষ আকৃতি দান কৰিছে’

Verse 38 — Surah Al-Kahf 18:38

‘কিন্তু তেৱেঁই আল্লাহ, মোৰ ৰব; আৰু মই মোৰ প্ৰতিপালকৰ লগত কাকো অংশী নকৰো’।

Verse 39 — Surah Al-Kahf 18:39

‘তুমি যেতিয়া তোমাৰ উদ্যানত প্ৰৱেশ কৰিলা তেতিয়া তুমি কিয় এইদৰে কোৱা নাছিলা যে, আল্লাহে যিটো বিচাৰে সেইটোৱেই হয়, আল্লাহৰ সহায় অবিহনে কোনো শক্তি নাই? যদি তুমি তোমাৰ ধন-সম্পত্তি আৰু সন্তান-সন্ততিৰ ক্ষেত্ৰত মোক হীন বুলি ধাৰণা কৰা

Verse 40 — Surah Al-Kahf 18:40

‘তথাপিও এয়া অসম্ভৱ নহয় যে, হয়তো মোৰ প্ৰতিপালকে মোক তোমাৰ উদ্যানতকৈ উৎকৃষ্ট কিবা দান কৰিব আৰু তোমাৰ উদ্যানত আকাশৰ পৰা নিৰ্ধাৰিত বিপৰ্যয় পঠাব, যাৰ ফলত ই উদ্ভিদশূন্য পথাৰত পৰিণত হ’ব।

Verse 41 — Surah Al-Kahf 18:41

‘অথবা ইয়াৰ পানী ভূগৰ্ভত গুচি যাব আৰু তুমি কেতিয়াও সেইটোৰ সন্ধান লাভত সক্ষম হ’ব নোৱাৰিবা’।

Verse 42 — Surah Al-Kahf 18:42

ফলত তাৰ ফল-সম্পদ বিপৰ্যয়ে বেৰি ধৰিলে আৰু গছবোৰ হেন্দালিৰ সৈতে ভাঙি-চিঙি পৰি থকা দেখি সি তাত যি ব্যয় কৰিছিল তাৰ বাবে হাত মোহাৰি মোহাৰি আক্ষেপ কৰি ক’লে, ‘হায়, মই যদি মোৰ প্ৰতিপালকৰ লগত কাকো অংশী নকৰিলোহেঁতেন’

Verse 43 — Surah Al-Kahf 18:43

আৰু আল্লাহৰ বাহিৰে তাক সহায় কৰিবলৈ কোনো নাছিল আৰু সি নিজেও প্ৰতিকাৰত সমৰ্থ নাছিল।

Verse 44 — Surah Al-Kahf 18:44

ইয়াত কৰ্তৃত্ব কেৱল আল্লাহৰেই, যিজন সত্য। পুৰষ্কাৰ প্ৰদানত আৰু পৰিণাম নিৰ্ধাৰণত তেৱেঁই শ্ৰেষ্ঠ।

Verse 45 — Surah Al-Kahf 18:45

আৰু তুমি সিহঁতৰ ওচৰত পাৰ্থিৱ জীৱনৰ উপমা দাঙি ধৰা, এইটো পানীৰ দৰে যিটো আমি আকাশৰ পৰা বৰ্ষণ কৰো, যাৰ দ্বাৰা ভূমিজ উদ্ভিদ ঘন সন্নিবিষ্ট হৈ উৎপন্ন হয়, তাৰ পিছত এইবোৰ শুকাই এনেকৈ চূৰ্ণ-বিচূৰ্ণ হয় যে, বতাহে সেইবোৰ উৰাই লৈ যায়। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

Verse 46 — Surah Al-Kahf 18:46

ধন-সম্পদ আৰু সন্তান-সন্ততি পাৰ্থিৱ জীৱনৰ শোভামাত্ৰ, আৰু স্থায়ী সৎকৰ্ম তোমাৰ প্ৰতিপালকৰ ওচৰত পুৰষ্কাৰ প্ৰাপ্তিৰ বাবে শ্ৰেষ্ঠ আৰু প্ৰত্যাশাৰ ক্ষেত্ৰতো উৎকৃষ্ট।

Verse 47 — Surah Al-Kahf 18:47

আৰু স্মৰণ কৰা, যিদিনা আমি পৰ্বতসমূহক সঞ্চালন কৰিম আৰু তুমি পৃথিৱীক উন্মুক্ত প্ৰান্তৰ হিচাপে দেখিবা, আৰু আমি সিহঁত সকলোকে একত্ৰিত কৰিম; ফলত সিহঁতৰ এজনকো এৰি নিদিওঁ।

Verse 48 — Surah Al-Kahf 18:48

আৰু সিহঁতক তোমাৰ প্ৰতিপালকৰ ওচৰত শাৰীবদ্ধভাৱে উপস্থিত কৰা হ’ব আৰু আল্লাহে ক’ব, ‘তোমালোকক আমি প্ৰথমবাৰ যেনেকৈ সৃষ্টি কৰিছিলো ঠিক তেনেকৈয়ে তোমালোক মোৰ ওচৰত উপস্থিত হৈছা, অথচ তোমালোকে ভাবিছিলা যে, তোমালোকৰ বাবে আমি কোনো প্ৰতিশ্ৰুতি সময় নিৰ্ধাৰণ নকৰিম’।

Verse 49 — Surah Al-Kahf 18:49

লগতে উপস্থাপিত কৰা হ’ব আমলনামা, তেতিয়া তাত যি লিপিবদ্ধ আছে তাৰ বাবে তুমি অপৰাধীবিলাকক আতংকগ্ৰস্ত দেখিবা আৰু সিহঁতে ক’ব, ‘হায়, দুৰ্ভাগ্য আমাৰ! এইটো কেনেকুৱা গ্ৰন্থ! সৰু-বৰ এনে কোনো কৰ্ম নাই যিটো ইয়াত লিপিবদ্ধ কৰা হোৱা নাই’। সিহঁতে যি আমল কৰিছে সেয়া সন্মুখত উপস্থিত পাব; আৰু তোমাৰ প্ৰতিপালকে কাৰো প্ৰতি অন্যায় নকৰে।

Verse 50 — Surah Al-Kahf 18:50

আৰু স্মৰণ কৰা, আমি যেতিয়া ফিৰিস্তাসকলক কৈছিলো, ‘আদমৰ প্ৰতি ছাজদাহ কৰা’, তেতিয়া ইবলীছৰ বাহিৰে সকলোৱে ছাজদাহ কৰিলে, সি আছিল জিনসকলৰ বংশধৰ, সি তাৰ প্ৰতিপালকৰ আদেশ অমান্য কৰিলে। তেন্তে তোমালোকে মোৰ পৰিবৰ্তে তাক আৰু তাৰ বংশধৰসকলক অভিভাৱকৰূপে গ্ৰহণ কৰিবা নেকি? অথচ সিহঁত তোমালোকৰ শত্ৰু। যালিমসকলৰ এই বিনিময় কিমান যে নিকৃষ্ট

Verse 51 — Surah Al-Kahf 18:51

আকাশসমূহ আৰু পৃথিৱী সৃষ্টিৰ সময়ত মই সিহঁতক সাক্ষী কৰা নাছিলো আৰু স্বয়ং সিহঁতৰ সৃষ্টিৰ সময়তো সাক্ষী কৰা নাছিলো, আৰু আমি পথভ্ৰষ্টকাৰীসকলক সাহায্যকাৰীৰূপে গ্ৰহণ কৰা নাছিলো।

Verse 52 — Surah Al-Kahf 18:52

আৰু সেইদিনাৰ কথা স্মৰণ কৰা, যিদিনা তেওঁ ক’ব, ‘তোমালোকে যিবোৰক মোৰ অংশী বুলি ধাৰণা কৰিছিলা সেইবোৰক মাতা’। সিহঁতে তেতিয়া সেইবোৰক মাতিব কিন্তু সেইবোৰে সিহঁতৰ আহ্বানত সঁহাৰি নিদিব আৰু আমি সিহঁত উভয়ৰ মধ্যৱৰ্তী ঠাইত এটা ধ্বংস-গহ্বৰ ৰাখি দিম।

Verse 53 — Surah Al-Kahf 18:53

আৰু অপৰাধীবিলাকে জুই দেখিয়েই গম পাব যে, সিহঁতে তাত নিক্ষিপ্ত হ’ব কিন্তু সিহঁত সেই ঠাইৰ পৰা (বাচিবলৈ) কোনো পৰিত্ৰাণস্থল বিচাৰি নাপাব।

Verse 54 — Surah Al-Kahf 18:54

অৱশ্যে আমি মানুহৰ বাবে এই কোৰআনত সকলো ধৰণৰ উপমা বিশদভাৱে বৰ্ণনা কৰিছো। কিন্তু মানুহ আটাইতকৈ বেছি বিতৰ্কপ্ৰিয়।

Verse 55 — Surah Al-Kahf 18:55

আৰু যেতিয়া সিহঁতৰ ওচৰত পথনিৰ্দেশ আহিল, তেতিয়া মানুহক ঈমান আনাৰ পৰা আৰু সিহঁতৰ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰাৰ পৰা কেৱল এইটোৱেই বিৰত ৰাখে যে, সিহঁতৰ ওচৰতো পূৰ্বৱৰ্তীসলৰ দৰে অনুসৃত ৰীতি আহক নাইবা সিহঁতৰ ওচৰত প্ৰত্যক্ষভাৱে শাস্তি আহক।

Verse 56 — Surah Al-Kahf 18:56

আৰু আমি কেৱল সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপেহে ৰাছুলসকলক প্ৰেৰণ কৰোঁ, কিন্তু কাফিৰসকলে বাতিলৰ দ্বাৰা তৰ্ক কৰে, যাতে তাৰ মাধ্যমত সত্যক ব্যৰ্থ কৰি দিব পাৰে। লগতে সিহঁতে মোৰ নিদৰ্শনাৱলীক আৰু যিবোৰৰ দ্বাৰা সিহঁতক সতৰ্ক কৰা হৈছে সেইবোৰক বিদ্ৰূপৰ বিষয়ৰূপে গ্ৰহণ কৰে।

Verse 57 — Surah Al-Kahf 18:57

আৰু সেইজনতকৈ অধিক যালিম আৰু কোন হ’ব পাৰে, যাক তাৰ প্ৰতিপালকৰ আয়াতসমূহ স্মৰণ কৰাই দিয়া হৈছে কিন্তু সি তাৰ পৰা বিমুখ হৈছে আৰু সি পাহৰি গৈছে তাৰ দুহাতে যি উপস্থিত কৰিছে? নিশ্চয় আমি সিহঁতৰ অন্তৰৰ ওপৰত আৱৰণ দিছো যাতে সিহঁতে কোৰআন বুজিব নোৱাৰে আৰু সিহঁতৰ কাণত আছে বধিৰতা। তুমি সিহঁতক সৎপথত আহ্বান কৰিলেও সিহঁত কেতিয়া সৎপথত নাহিব।

Verse 58 — Surah Al-Kahf 18:58

আৰু তোমাৰ ৰব পৰম ক্ষমাশীল, দয়ালু। সিহঁতৰ কৃতকৰ্মৰ বাবে যদি তেওঁ সিহঁতক ধৰিলেহেঁতেন, তেন্তে তেওঁ অৱশ্যে সিহঁতক অতি সোনকালে শাস্তি বিহিলেহেঁতেন; কিন্তু সিহঁতৰ বাবে আছে এটা প্ৰতিশ্ৰুত মুহূৰ্ত, যিটোৰ পৰা সিহঁত কেতিয়াও কোনো আশ্ৰয়স্থল নাপাব।

Verse 59 — Surah Al-Kahf 18:59

আৰু এইবোৰ সেই জনপদ যিবোৰক আমি ধ্বংস কৰিছো, যেতিয়া সিহঁতে অন্যায় কৰিছিল আৰু আমি সিহঁতৰ ধ্বংসৰ বাবে এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰিছিলো।

Verse 60 — Surah Al-Kahf 18:60

আৰু স্মৰণ কৰা, যেতিয়া মুছাই তেওঁৰ সহচৰ যুৱকক কৈছিল, ‘মই দুখন নৈৰ সঙ্গমস্থলত উপনীত নোহোৱা লৈকে নৰখো, লাগিলে মই যুগ যুগ সময় গৈ থাকিম’।

Verse 61 — Surah Al-Kahf 18:61

এতেকে যেতিয়া তেওঁলোক উভয়ে দুখন নৈৰ সঙ্গমস্থলত উপনীত হ’ল, তেতিয়া তেওঁলোকে লৈ যোৱা মাছৰ কথা পাহৰিলে, ফলত মাছটোৱে সুৰঙ্গৰ দৰে নিজৰ পথ বনাই সাগৰলৈ নামি গ’ল।

Verse 62 — Surah Al-Kahf 18:62

এতেকে যেতিয়া তেওঁলোকে আৰু ভালেখিনি ঠাই অতিক্ৰম কৰিলে তেতিয়া মুছাই তেওঁৰ সহচৰজনক ক’লে, ‘আমাৰ দুপুৰীয়াৰ ভোজন লৈ আহা, অৱশ্যে আমি এই ভ্ৰমণত ক্লান্ত হৈ পৰিছো’।

Verse 63 — Surah Al-Kahf 18:63

সি ক’লে, ‘আপুনি লক্ষ্য কৰিছিল নে, যেতিয়া আমি শিলাখণ্ডত বিশ্ৰাম লৈছিলো তেতিয়া মাছৰ কি ঘটিছিল? মাছটোৰ কথা মই আপোনাক জনাবলৈ পাহৰিয়ে গৈছিলো, চয়তানেহে সেইটোৰ কথা মোক পাহৰাই দিছিল; আৰু মাছটোৱে আশ্চৰ্যজনকভাৱে নিজৰ পথ বনাই সাগৰত নামি গৈছিল।

Verse 64 — Surah Al-Kahf 18:64

তেওঁ ক’লে, ‘আমি সেই স্থানটোৰেই অনুসন্ধান কৰি আছো’। তাৰ পিছত তেওঁলোকে নিজৰ পদচিহ্ন অনুসৰণ কৰি উভতি গ’ল।

Verse 65 — Surah Al-Kahf 18:65

ইয়াৰ পিছত তেওঁলোকে মোৰ এজন বান্দাৰ সাক্ষাত পালে, যাক আমি আমাৰ ফালৰ পৰা অনুগ্ৰহ দান কৰিছিলো আৰু আমাৰ ফালৰ পৰা এটা বিশেষ জ্ঞানৰ শিক্ষা দিছিলো।

Verse 66 — Surah Al-Kahf 18:66

মুছাই তেওঁক ক’লে, ‘মই এই চৰ্তত আপোনাৰ অনুসৰণ কৰিব পাৰিমনে যে, যি জ্ঞান আপোনাক দান কৰা হৈছে তাৰ পৰা মোক শিক্ষা দিব, যাৰ দ্বাৰা মই সঠিক পথ পাম’

Verse 67 — Surah Al-Kahf 18:67

তেওঁ ক’লে, ‘আপুনি কেতিয়াও মোৰ লগত ধৈৰ্য ধাৰণ কৰি থাকিব নোৱাৰিব

Verse 68 — Surah Al-Kahf 18:68

‘কাৰণ যি বিষয়ে আপোনাৰ জ্ঞানায়ত্ত নাই সেই বিষয়ে আপুনি কেনেকৈ ধৈৰ্য ধাৰণ কৰিব’

Verse 69 — Surah Al-Kahf 18:69

মুছাই ক’লে, ‘ইন শ্বা আল্লাহ আপুনি মোক ধৈৰ্যশীল পাব আৰু আপোনাৰ কোনো আদেশ মই অমান্য নকৰিম’।

Verse 70 — Surah Al-Kahf 18:70

তেওঁ ক’লে, ‘ঠিক আছে, যদি আপুনি মোৰ অনুসৰণ কৰেই তেন্তে কোনো বিষয়ে মোক প্ৰশ্ন নকৰিব, যেতিয়ালৈকে মই আপোনাক সেই বিষয়ে খুলি নকওঁ’।

Verse 71 — Surah Al-Kahf 18:71

তাৰ পিছত দুয়ো গৈ থাকিল, অৱশেষত যেতিয়া তেওঁলোকে নাৱঁত আৰোহণ কৰিলে তেতিয়া তেওঁ নাওঁখন বিদীৰ্ণ কৰি দিলে। মুছাই ক’লে, ‘আপুনি আৰোহীসকলক ডুবাই মাৰিবলৈ ইয়াক বিদীৰ্ণ কৰিলে নেকি? অৱশ্যে আপুনি এটা বৰ গৰ্হিত অন্যায় কাম কৰিছে’।

Verse 72 — Surah Al-Kahf 18:72

তেওঁ ক’লে, ‘মই কোৱা নাছিলোনে যে, আপুনি মোৰ লগত কেতিয়াও ধৈৰ্য ধাৰণ কৰিব নোৱাৰিব’

Verse 73 — Surah Al-Kahf 18:73

মুছাই ক’লে, ‘মই পাহৰি যোৱাৰ কাৰণে মোৰ দোষ নধৰিব লগতে মোৰ বিষয়ে অত্যাধিক কঠোৰতা অৱলম্বন নকৰিব’।

Verse 74 — Surah Al-Kahf 18:74

তাৰ পিছত দুয়ো গৈ থাকিল, অৱশেষত তেওঁলোকৰ লগত এটি শিশুৰ সাক্ষাত হ’ল, তেতিয়া তেওঁ তাক হত্যা কৰিলে। মুছাই ক’লে, ‘হত্যাৰ অপৰাধবিহীন আপুনি এটা নিষ্পাপ জীৱন নাশ কৰিলে? অৱশ্যে আপুনি এটা গৰ্হিত অন্যায় কাম কৰিছে’।

Verse 75 — Surah Al-Kahf 18:75

তেওঁ ক’লে, ‘মই আপোনাক কোৱা নাছিলোনে যে, আপুনি মোৰ লগত কেতিয়াও ধৈৰ্য ধাৰণ কৰিব নোৱাৰিব’

Verse 76 — Surah Al-Kahf 18:76

মুছাই ক’লে, ‘ইয়াৰ পিছত যদি মই আপোনাক কোনো বিষয়ে প্ৰশ্ন কৰো তেন্তে আপুনি মোক লগত নাৰাখিব; মোৰ ফালৰ পৰা আপুনি উপযুক্ত ওজৰ পাইছে’।

Verse 77 — Surah Al-Kahf 18:77

তাৰ পিছত দুয়ো আকৌ যোৱা আৰম্ভ কৰিলে, অৱশেষত যেতিয়া তেওঁলোক এটা জনপদৰ অধিবাসীসকলৰ ওচৰত উপস্থিত হ’ল, তেতিয়া সিহঁতৰ ওচৰত খাদ্য বিচাৰিলে; কিন্তু সিহঁতে তেওঁলোকৰ আতিথ্য কৰিবলৈ অস্বীকাৰ কৰিলে। তাৰ পিছত তেওঁলোকে তাত এখন প্ৰাচীৰ দেখা পালে, যিটো বাগৰি যোৱাৰ উপক্ৰম হৈছিল, তেতিয়া তেওঁ সেইটোক সুদৃঢ় কৰি দিলে। মুছাই ক’লে, ‘অৱশ্যে আপুনি ইচ্ছা কৰিলে ইয়াৰ বাবে পাৰিশ্ৰমিক গ্ৰহণ কৰিব পাৰিলেহেঁতেন’।

Verse 78 — Surah Al-Kahf 18:78

তেওঁ ক’লে, ‘ইয়াতেই মোৰ আৰু আপোনাৰ মাজত সম্পৰ্কচ্ছেদ হৈ গ’ল, যি বিষয়ে আপুনি ধৈৰ্য ধাৰণ কৰিব পৰা নাই অচিৰেই মই সেইবোৰৰ তাৎপৰ্য ব্যাখ্যা কৰিম।

Verse 79 — Surah Al-Kahf 18:79

‘নাওঁখনৰ বিষয় হ’ল—এইটো আছিল কিছুমান দৰিদ্ৰ ব্যক্তিৰ, সিহঁতে সাগৰতেই কাম কৰিছিল; মই নাওঁখনক ত্ৰুটিযুক্ত কৰিবলৈ ইচ্ছা কৰিলো; কাৰণ সিহঁতৰ সন্মুখত আছিল এনে এজন ৰজা, যিয়ে বলপ্ৰয়োগ কৰি প্ৰতিটো ভাল নাও কাঢ়ি নিয়ে।

Verse 80 — Surah Al-Kahf 18:80

‘আৰু সেই শিশুটি--- তাৰ পিতৃ-মাতৃ আছিল মুমিন। ফলত আমি আশংকা কৰিলো যে, সি সীমালংঘন কৰি আৰু কুফৰীৰ দ্বাৰা তেওঁলোকক অতিষ্ঠ কৰি তুলিব।

Verse 81 — Surah Al-Kahf 18:81

‘সেয়ে আমি বিচাৰিলো যে, তেওঁলোকৰ প্ৰতিপালকে যেন তেওঁলোকক ইয়াৰ পৰিবৰ্তে এজন সুসন্তান দান কৰে, যিজন হ’ব পৱিত্ৰতাত উত্তম আৰু মৰম-চেনেহত অতি ঘনিষ্ঠ।

Verse 82 — Surah Al-Kahf 18:82

‘আৰু সেই প্ৰাচীৰটো—সেইটো আছিল নগৰবাসী দুজন এতীম শিশুৰ আৰু ইয়াৰ তলত আছে সিহঁতৰ গুপ্তধন আৰু সিহঁতৰ পিতৃ আছিল সৎকৰ্মপৰায়ণ। সেয়ে আপোনাৰ প্ৰতিপালকে ইচ্ছা কৰিলে যে, সিহঁত দুজন প্ৰাপ্তবয়স্কত উপনীত হওঁক আৰু সিহঁতৰ সেই গুপ্তধন উদ্ধাৰ কৰক। আৰু (এইবোৰ) মই নিজৰ ফালৰ পৰা একো কৰা নাই; আপুনি যি বিষয়ে ধৈৰ্য ধাৰণ কৰিবলৈ অপাৰগ হৈছিল, এইটোৱেই তাৰ ব্যাখ্যা’।

Verse 83 — Surah Al-Kahf 18:83

আৰু সিহঁতে তোমাক জুল-কাৰনাইন সম্পৰ্কে সোধে। কোৱা, ‘অচিৰেই মই তোমালোকৰ ওচৰত তেওঁৰ বিষয়ে বৰ্ণনা কৰিম’।

Verse 84 — Surah Al-Kahf 18:84

নিশ্চয় আমি তেওঁক পৃথিৱীত কৰ্তৃত্ব প্ৰদান কৰিছিলো আৰু প্ৰত্যেক বিষয়ৰ উপায়-উপকৰণ দান কৰিছিলো।

Verse 85 — Surah Al-Kahf 18:85

তাৰ পিছত তেওঁ এটা পথ অৱলম্বন কৰিলে।

Verse 86 — Surah Al-Kahf 18:86

গৈ গৈ অৱশেষত তেওঁ যেতিয়া সূৰ্য অস্ত যোৱাৰ স্থানত উপস্থিত হ’ল, তেতিয়া তেওঁ সূৰ্যক এটি পংকিল জলাশয়ত অস্ত যোৱা দেখিলে আৰু তেওঁ তাত এটা সম্প্ৰদায়ক লগ পালে। আমি কলো, ‘হে জুল-কাৰনাইন! তুমি ইহঁতক শাস্তি দিব পাৰা নাইবা ইহঁতৰ বিষয়টো সদয়ভাৱে গ্ৰহণ কৰিব পাৰা’।

Verse 87 — Surah Al-Kahf 18:87

তেওঁ ক’লে, ‘যিয়ে অন্যায় কৰিব অচিৰেই আমি তাক শাস্তি প্ৰদান কৰিম; তাৰ পিছত তাক তাৰ প্ৰতিপালকৰ ওচৰত উভতাই নিয়া হ’ব, তেতিয়া তেওঁ তাক কঠিন শাস্তি প্ৰদান কৰিব।

Verse 88 — Surah Al-Kahf 18:88

‘কিন্তু যিয়ে ঈমান আনিব আৰু সৎকৰ্ম কৰিব তাৰ বাবে প্ৰতিদানস্বৰূপ আছে কল্যাণ আৰু আমি আমাৰ ব্যৱহাৰত তাৰ লগত কোমল কথা কম’।

Verse 89 — Surah Al-Kahf 18:89

তাৰ পিছত তেওঁ আন এটা (অভিযানত) পথ ধৰিলে।

Verse 90 — Surah Al-Kahf 18:90

গৈ গৈ অৱশেষত তেওঁ যেতিয়া সূৰ্যোদয়ৰ ঠাই পালে, তেতিয়া তেওঁ দেখা পালে যে, সূৰ্য এনেকুৱা এটা সম্প্ৰদায়ৰ ওপৰত উদয় হয়, যিসকলৰ বাবে সূৰ্যৰ তাপৰ পৰা কোনো অন্তৰাল আমি সৃষ্টি কৰা নাই

Verse 91 — Surah Al-Kahf 18:91

প্ৰকৃত ঘটনা এইটোৱেই, আৰু তেওঁৰ ওচৰত যি আছিল, সেই সম্পৰ্কে আমি সম্যক অৱগত।

Verse 92 — Surah Al-Kahf 18:92

তাৰ পিছত তেওঁ আন এটা (অভিযানৰ) পথত ওলাই পৰিলে।

Verse 93 — Surah Al-Kahf 18:93

অৱশেষত তেওঁ যেতিয়া দুই পৰ্বতৰ মধ্যৱৰ্তী স্থলত উপনীত হ’ল, তেতিয়া তাত তেওঁ এনেকুৱা এটা সম্প্ৰদায়ক লগ পালে, যিসকলে তেওঁৰ কথা ভালকৈ বুজিব পৰা নাছিল।

Verse 94 — Surah Al-Kahf 18:94

সিহঁতে ক’লে, ‘হে জুল-কাৰনাইন! ইয়া’জুজ আৰু মা’জুজে পৃথিৱীত অশান্তি সৃষ্টি কৰি আছে। সেয়ে আমি আপোনাৰ বাবে খৰচ বহন কৰিমনে, যাতে আপুনি আমাৰ আৰু সিহঁতৰ মাজত এটা প্ৰাচীৰ নিৰ্মাণ কৰি দিয়ে’

Verse 95 — Surah Al-Kahf 18:95

তেওঁ ক’লে, ‘মোৰ প্ৰতিপালকে মোক যি সামৰ্থ দিছে সেইটোৱে উৎকৃষ্ট। গতিকে তোমালোকে মোক দৈহিক শ্ৰমৰ দ্বাৰা সহায় কৰা, মই তোমালোকৰ আৰু সিহঁতৰ মাজত এখন মজবুত প্ৰাচীৰ নিৰ্মাণ কৰি দিম’।

Verse 96 — Surah Al-Kahf 18:96

‘তোমালোকে মোৰ ওচৰত লোৰ পাতসমূহ আনি দিয়া’, অৱশেষত মধ্যৱৰ্তী খালী ঠাই পূৰ্ণ হৈ যেতিয়া লোহস্তূপ দুয়ো পৰ্বতৰ সমান হ’ল তেতিয়া তেওঁ ক’লে, ‘এতিয়া ফুঁ দি থকা’। তাৰ পিছত যেতিয়া সেইটো জুইত পৰিণত হ’ল, তেতিয়া তেওঁ ক’লে, ‘তোমালোকে মোৰ ওচৰত গলিত তাম লৈ আহা, মই ইয়াৰ ওপৰত ঢালি দিওঁ’।

Verse 97 — Surah Al-Kahf 18:97

তাৰ পিছত সিহঁতে (ইয়া’জুজ আৰু মা’জুজে) সেইটো অতিক্ৰম কৰিব নোৱাৰিলে আৰু সুৰঙ্গ কাটিও পাৰ হ’ব নোৱাৰিলে।

Verse 98 — Surah Al-Kahf 18:98

তেওঁ ক’লে, ‘এইটো মোৰ প্ৰতিপালকৰ অনুগ্ৰহ। কিন্তু যেতিয়া মোৰ প্ৰতিপালকৰ প্ৰতিশ্ৰুত সময় আহিব তেতিয়া তেওঁ ইয়াক চূৰ্ণ-বিচূৰ্ণ কৰি দিব, আৰু মোৰ প্ৰতিপালকৰ প্ৰতিশ্ৰুতি সত্য’।

Verse 99 — Surah Al-Kahf 18:99

আৰু সেইদিনা আমি সিহঁতক এৰি দিম এনেকুৱা অৱস্থাত যে, এটা দলে আনটো দলৰ ওপৰত তৰঙ্গৰ দৰে খুন্দিয়াই পৰিব; আৰু শিঙাত ফুঁ দিয়া হ’ব। তাৰ পিছত আমি সিহঁত সকলোকে একত্ৰিত কৰিম।

Verse 100 — Surah Al-Kahf 18:100

আৰু যিদিনা আমি জাহান্নামক প্ৰত্যক্ষভাৱে উপস্থাপন কৰিম কাফিৰসকলৰ ওচৰত

Verse 101 — Surah Al-Kahf 18:101

আমাৰ নিদৰ্শনৰ প্ৰতি যিসকলৰ চকু আৱৰণেৰে ঢাকি থোৱা আছিল আৰু যিসকল শুনিবলৈও আছিল অক্ষম।

Verse 102 — Surah Al-Kahf 18:102

যিসকলে কুফৰী কৰিছে, সিহঁতে ধাৰণা কৰে নেকি যে, সিহঁতে মোৰ পৰিবৰ্তে মোৰ বান্দাসকলক অভিভাৱকৰূপে গ্ৰহণ কৰিব? নিশ্চয় আমি কাফিৰসকলৰ আপ্যায়নৰ বাবে প্ৰস্তুত কৰি ৰাখিছো জাহান্নাম।

Verse 103 — Surah Al-Kahf 18:103

কোৱা, ‘আমি তোমালোকক এনে লোকৰ বিষয়ে সংবাদ দিমনে, যিসকল আমলৰ ফালৰ পৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত’

Verse 104 — Surah Al-Kahf 18:104

সিহঁতেই সেইসকল লোক, পাৰ্থিৱ জীৱনত যিসকলৰ প্ৰচেষ্টা ব্যৰ্থ হৈছে, অথচ সিহঁতে ধাৰণা কৰে যে, সিহঁতে ভাল কামেই কৰি আছে।

Verse 105 — Surah Al-Kahf 18:105

সিহঁতেই সেইসকল লোক, যিসকলে নিজ প্ৰতিপালকৰ নিদৰ্শনাৱলী আৰু তেওঁৰ লগত সিহঁতৰ সাক্ষাতৰ বিষয়টো অস্বীকাৰ কৰিছে। ফলত সিহঁতৰ সকলো আমল নিষ্ফল হৈ গৈছে; সেয়ে আমি সিহঁতৰ বাবে কিয়ামতৰ দিনা কোনো ওজনৰ ব্যৱস্থা নকৰিম।

Verse 106 — Surah Al-Kahf 18:106

‘জাহান্নাম, এইটোৱে সিহঁতৰ প্ৰতিফল। যিহেতু সিহঁতে কুফৰী কৰিছে আৰু মোৰ নিদৰ্শনাৱলীক লগতে ৰাছুলসকলক বিদ্ৰূপৰ বিষয় হিচাপে গ্ৰহণ কৰিছে’।

Verse 107 — Surah Al-Kahf 18:107

নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক আতিথ্য-অভ্যৰ্থনা কৰিবলৈ আছে জান্নাতুল ফিৰদাউছ।

Verse 108 — Surah Al-Kahf 18:108

তাত তেওঁলোক চিৰকাল থাকিব, তাৰ পৰা তেওঁলোক (কেতিয়াও) স্থানান্তৰিত হ’ব নিবিচাৰিব।

Verse 109 — Surah Al-Kahf 18:109

কোৱা, ‘মোৰ প্ৰতিপালকৰ কথা লিপিবদ্ধ কৰাৰ বাবে সাগৰ যদি চিয়াহী হয়, তেন্তে মোৰ প্ৰতিপালকৰ কথা শেষ হোৱাৰ আগতেই সাগৰ নিঃশেষ হৈ যাব—যদিও ইয়াৰ সাহায্যাৰ্থে অনুৰূপ আৰু সাগৰ লৈ আহোঁ’।

Verse 110 — Surah Al-Kahf 18:110

কোৱা, ‘মই তোমালোকৰ দৰেই এজন মানুহ, মোৰ প্ৰতি অহী হয় যে, তোমালোকৰ ইলাহ একমাত্ৰ সত্য ইলাহ। সেয়ে যিয়ে তাৰ প্ৰতিপালকৰ সাক্ষাত কামনা কৰে, তাৰ উচিত সৎকৰ্ম কৰা আৰু তাৰ প্ৰতিপালকৰ ইবাদতত আন কাকো অংশী নকৰা’।