Back to LanguagesPrevious ChapterNext Chapter
Assamese - Chapter 19 - Maryam
Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink
Verse 1 — Surah Maryam 19:1
কাফ-হা-ইয়া-আঈন- ছোৱাদ
Verse 2 — Surah Maryam 19:2
এইটো তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহৰ বিৱৰণ তেওঁৰ বান্দা যাকাৰিয়্যাৰ প্ৰতি
Verse 3 — Surah Maryam 19:3
যেতিয়া তেওঁ নিজ প্ৰতিপালকক গোপনে আহ্বান কৰিছিল
Verse 4 — Surah Maryam 19:4
তেওঁ কৈছিল, ‘হে মোৰ ৰব! মোৰ অস্থি দুৰ্বল হৈছে, বাৰ্ধক্যত মোৰ মূৰ শুভ্ৰোজ্জ্বল হৈছে; হে মোৰ ৰব! তোমাৰ ওচৰত দুআ কৰি মই কেতিয়াও ব্যৰ্থ হোৱা নাই।
Verse 5 — Surah Maryam 19:5
আৰু মই মোৰ পিছত মোৰ স্বগোত্ৰীয় সকলৰ বিষয়ে আশংকাবোধ কৰিছো; আৰু মোৰ স্ত্ৰীও হৈছে বন্ধা। সেয়ে তুমি তোমাৰ ফালৰ পৰা মোক এজন উত্তৰাধিকাৰী দান কৰা
Verse 6 — Surah Maryam 19:6
‘যিয়ে মোৰ উত্তৰাধিকাৰিত্ব কৰিব আৰু উত্তৰাধিকাৰিত্ব কৰিব ইয়াকূবৰ বংশৰ আৰু হে মোৰ ৰব! তাক তুমি সন্তোষভাজন কৰিবা’।
Verse 7 — Surah Maryam 19:7
(আল্লাহে ক’লে,) ‘হে যাকাৰিয়্যা! নিশ্চয় আমি তোমাক এজন পুত্ৰ সন্তানৰ সুসংবাদ দিছোঁ, যাৰ নাম হ’ব ইয়াহয়া; এই নামেৰে আমি আগতে কাকো নামকৰণ কৰা নাছিলো’।
Verse 8 — Surah Maryam 19:8
তেওঁ ক’লে, ‘হে মোৰ ৰব! কেনেকৈ মোৰ পুত্ৰ সন্তান হ’ব, অথচ মোৰ স্ত্ৰী বন্ধা আৰু মই বাৰ্ধক্যৰ শেষ সীমাত উপনীত হৈছো’
Verse 9 — Surah Maryam 19:9
(উত্তৰত) ক’লে, ‘এইদৰেই হ’ব’। তোমাৰ প্ৰতিপালকে কৈছে, ‘এইটো মোৰ বাবে সহজ; ইয়াৰ পূৰ্বে মই তোমাকো সৃষ্টি কৰিছো যেতিয়া তুমি একোৱেই নাছিলা’।
Verse 10 — Surah Maryam 19:10
যাকাৰিয়্যাই ক’লে, ‘হে মোৰ ৰব! মোক এটা নিদৰ্শন দিয়া’। তেওঁ ক’লে, ‘তোমাৰ নিদৰ্শন এইটোৱে যে, তুমি সুস্থ থকা সত্বেও তিনি দিন কাৰো লগত কথা নকবা’।
Verse 11 — Surah Maryam 19:11
তাৰ পিছত তেওঁ (ইবাদতৰ বাবে নিৰ্দিষ্ট) কক্ষৰ পৰা ওলাই তেওঁৰ সম্প্ৰদায়ৰ ওচৰত আহিল আৰু ইঙ্গিতেৰে সিহঁতক পুৱা-গধূলি আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰিবলৈ ক’লে।
Verse 12 — Surah Maryam 19:12
‘হে ইয়াহয়া! তুমি কিতাবটো দৃঢ়তাৰ সৈতে গ্ৰহণ কৰা’। আৰু আমি তেওঁক শৈশৱতেই প্ৰজ্ঞা দান কৰিছিলো
Verse 13 — Surah Maryam 19:13
আৰু আমাৰ ফালৰ পৰা তেওঁক হৃদয়ৰ কোমলতা আৰু পৱিত্ৰতা দান কৰিছো; আৰু তেওঁ আছিল মুত্তাক্বী।
Verse 14 — Surah Maryam 19:14
আৰু তেওঁ আছিল পিতৃ-মাতৃৰ প্ৰতি অনুগত আৰু তেওঁ অহংকাৰী, অবাধ্য নাছিল।
Verse 15 — Surah Maryam 19:15
আৰু তেওঁৰ প্ৰতি শান্তি যিদিনা তেওঁ জন্ম লাভ কৰিছে, যিদিনা তেওঁ মৃত্যুবৰণ কৰিব আৰু যিদিনা তেওঁ জীৱিত অৱস্থাত উত্থিত হ’ব।
Verse 16 — Surah Maryam 19:16
আৰু স্মৰণ কৰা এই কিতাবত মাৰইয়ামক, যেতিয়া তেওঁ নিজ পৰিয়ালবৰ্গৰ পৰা পৃথক হৈ পূৱ দিশৰ এটা নিৰ্জন স্থানত আশ্ৰয় নিলে
Verse 17 — Surah Maryam 19:17
তাৰ পিছত তেওঁ সিহঁতৰ পৰা নিজকে পৰ্দা কৰিলে। তেতিয়া আমি তেওঁৰ ওচৰত আমাৰ ৰূহ (জীব্ৰীল)ক প্ৰেৰণ কৰিলো, তেওঁ তেওঁৰ ওচৰত পূৰ্ণ মানৱাকৃতিত আত্মপ্ৰকাশ কৰিলে।
Verse 18 — Surah Maryam 19:18
মাৰইয়ামে ক’লে, ‘মই তোমাৰ পৰা ৰহমানৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছো, (আল্লাহক ভয় কৰা) যদি তুমি মুত্তাক্বী হোৱা’।
Verse 19 — Surah Maryam 19:19
তেওঁ ক’লে, ‘মইতো তোমাৰ প্ৰতিপালকৰ দূত, তোমাক এজন পৱিত্ৰ পুত্ৰ দান কৰাৰ বাবে আহিছো’।
Verse 20 — Surah Maryam 19:20
মাৰইয়ামে ক’লে, ‘মোৰ পুত্ৰ কেনেকৈ হ’ব যিহেতু মোক কোনো পুৰুষে স্পৰ্শ কৰা নাই আৰু মই ব্যভিচাৰিণীও নহয়’
Verse 21 — Surah Maryam 19:21
তেওঁ ক’লে, ‘এইদৰেই হ’ব’। তোমাৰ প্ৰতিপালকে কৈছে, ‘এইটো মোৰ বাবে সহজ; আৰু আমি তেওঁক এই বাবে সৃষ্টি কৰিম যাতে তেওঁ মানুহৰ বাবে এটা নিদৰ্শন হয় আৰু আমাৰ ফালৰ পৰা এটা অনুগ্ৰহ; এইটো এটা সিদ্ধান্তকৃত বিষয়’।
Verse 22 — Surah Maryam 19:22
তাৰ পিছত মাৰইয়ামে তেওঁক গৰ্ভ ধাৰণ কৰিলে আৰু সেই গৰ্ভসহ দূৰৱৰ্তী এডোখৰ ঠাইলৈ গুচি গ’ল
Verse 23 — Surah Maryam 19:23
তাৰ পিছত প্ৰসৱ-বেদনাই তেওঁক এজোপা খেজুৰ গছৰ তলত আশ্ৰয় নিবলৈ বাধ্য কৰিলে। তেওঁ ক’লে, ‘হায়, ইয়াৰ আগতেই যদি মই মৃত্যুবৰণ কৰিলোহেঁতেন আৰু মানুহৰ স্মৃতিৰ পৰা সম্পূৰ্ণৰূপে হেৰাই গ’লোহেঁতেন!’
Verse 24 — Surah Maryam 19:24
তেতিয়া তলৰ পৰা তেওঁ মাৰইয়ামক মাতি ক’লে, ‘তুমি চিন্তা নকৰিবা, তোমাৰ পাদদেশত তোমাৰ প্ৰতিপালকে এটা নিজৰা সৃষ্টি কৰিছে
Verse 25 — Surah Maryam 19:25
আৰু তুমি খেজুৰ গছৰ কাণ্ড ধৰি জোকাৰি দিয়া, ই তোমাৰ ওপৰত তাজা পকা খেজুৰ পেলাব।
Verse 26 — Surah Maryam 19:26
এতেকে খোৱা, পান কৰা আৰু চকু জুৰ পেলোৱা। যদি কোনো মানুহৰ লগত তোমাৰ দেখা হয় তেন্তে ক’বা, ‘মই ৰহমানৰ উদ্দেশ্যে মৌনতা অৱলম্বনৰ মানত কৰিছো। সেয়ে মই আজি কাৰো লগত কথা নকওঁ’।
Verse 27 — Surah Maryam 19:27
তাৰ পিছত তেওঁ কেঁচুৱাটিক লৈ নিজ সম্প্ৰদায়ৰ ওচৰত উপস্থিত হ’ল, সিহঁতে ক’লে, ‘হে মাৰইয়াম! অৱশ্যে তুমি এটা অদ্ভূত বিষয় লৈ আহিছা’।
Verse 28 — Surah Maryam 19:28
‘হে হাৰূনৰ ভগ্নী! তোমাৰ পিতৃ কিন্তু অসৎ ব্যক্তি নাছিল আৰু তোমাৰ মাতৃও ব্যভিচাৰিণী নাছিল’।
Verse 29 — Surah Maryam 19:29
তেতিয়া মাৰইয়ামে কেঁচুৱাটিৰ প্ৰতি ইংগিত কৰিলে। সিহঁতে ক’লে, ‘দোলনাত থকা এটি কেঁচুৱাৰ লগত আমি কেনেকৈ কথা পাতিম’
Verse 30 — Surah Maryam 19:30
কেঁচুৱাটোৱে মাত লগালে, ‘নিশ্চয় মই এজন আল্লাহৰ বান্দা। তেৱেঁই মোক কিতাব প্ৰদান কৰিছে আৰু মোক নবী বনাইছে
Verse 31 — Surah Maryam 19:31
‘মই য’তেই নাথাকো কিয় তেওঁ মোক বৰকতময় কৰিছে, আৰু যিমান দিন জীৱিত থাকিম তেৱেঁই মোক ছালাত আৰু যাকাত আদায় কৰিবলৈ নিৰ্দেশ দিছে
Verse 32 — Surah Maryam 19:32
‘আৰু মোক মোৰ মাতৃৰ প্ৰতি অনুগত কৰিছে আৰু তেওঁ মোক অহংকাৰী, অবাধ্য কৰা নাই
Verse 33 — Surah Maryam 19:33
‘আৰু মোৰ প্ৰতি শান্তি যিদিনা মই জন্ম লাভ কৰিছো, যিদিনা মোৰ মৃত্যু হ’ব আৰু যিদিনা মই জীৱিত অৱস্থাত উত্থিত হম’।
Verse 34 — Surah Maryam 19:34
এওঁৱেই হৈছে মাৰইয়ামৰ পুত্ৰ ঈছা। (যিটো বৰ্ণনা কৰা হ’ল) এইটোৱে সত্য কথা, যি বিষয়ে সিহঁতে সন্দেহ পোষণ কৰিছে।
Verse 35 — Surah Maryam 19:35
সন্তান গ্ৰহণ কৰা আল্লাহৰ কাম নহয়। তেওঁ পৱিত্ৰ মহিমাময়। তেওঁ যেতিয়া কিবা কৰিবলৈ স্থিৰ কৰে, তেতিয়া কেৱল এই বুলি কয় ‘হ’ সেইটো তৎক্ষণাত হৈ যায়।
Verse 36 — Surah Maryam 19:36
নিশ্চয় আল্লাহেই মোৰ ৰব আৰু তোমালোকৰো ৰব; সেয়ে তোমালোকে তেওঁৰ ইবাদত কৰা, এইটোৱেই সৰল পথ।
Verse 37 — Surah Maryam 19:37
তথাপিও দলসমূহে নিজৰ মাজতে মতানৈক্য সৃষ্টি কৰিলে, সেয়ে মহাদিৱস প্ৰত্যক্ষকালত কাফিৰসকলৰ বাবে ধ্বংস অনিবাৰ্য।
Verse 38 — Surah Maryam 19:38
সিহঁতে যিদিনা আমাৰ ওচৰত উপস্থিত হ’ব সিদিনা সিহঁত কিমান যে স্পষ্টকৈ শুনা পাব আৰু দেখা পাব! কিন্তু যালিমসকল আজি স্পষ্ট বিভ্ৰান্তিত আছে।
Verse 39 — Surah Maryam 19:39
আৰু সিহঁতক পৰিতাপৰ দিন সম্পৰ্কে সতৰ্ক কৰি দিয়া, যেতিয়া সকলো সিদ্ধান্ত হৈ যাব। অথচ সিহঁত উদাসীনতাত বিভোৰ হৈ আছে আৰু সিহঁত ঈমান পোষণ নকৰে।
Verse 40 — Surah Maryam 19:40
নিশ্চয় পৃথিৱী আৰু ইয়াৰ ওপৰত যি আছে সেই সকলোবোৰৰ চূড়ান্ত মালিকানা কেৱল আমাৰেই থাকিব আৰু আমাৰ ওচৰতেই সিহঁত প্ৰত্যাৱৰ্তিত হ’ব।
Verse 41 — Surah Maryam 19:41
আৰু স্মৰণ কৰা এই কিতাবত ইব্ৰাহীমক, নিশ্চয় তেওঁ আছিল পৰম সত্যবাদী, নবী।
Verse 42 — Surah Maryam 19:42
যেতিয়া তেওঁ তেওঁৰ পিতৃক ক’লে, ‘হে মোৰ পিতৃ! আপুনি কিয় এনে বস্তুৰ ইবাদত কৰে যিয়ে একো শুনা নাপায়, দেখা নাপায় আৰু আপোনাৰ কোনো কামতো নাহে’
Verse 43 — Surah Maryam 19:43
‘হে মোৰ পিতৃ! মোৰ ওচৰত এনেকুৱা জ্ঞান আহিছে যিটো আপোনাৰ ওচৰত আহা নাই; সেয়ে মোৰ অনুসৰণ কৰক, মই আপোনাক সঠিক পথ দেখুৱাম।
Verse 44 — Surah Maryam 19:44
‘হে মোৰ পিতৃ! চয়তানৰ ইবাদত নকৰিব। নিশ্চয় চয়তান ৰহমানৰ অবাধ্য।
Verse 45 — Surah Maryam 19:45
‘হে মোৰ পিতৃ! মোৰ আশংকা হৈছে ৰহমানৰ শাস্তিয়ে আপোনাক স্পৰ্শ কৰিব, ফলত আপুনি চয়তানৰ বন্ধু হৈ পৰিব’।
Verse 46 — Surah Maryam 19:46
পিতাকে ক’লে, ‘হে ইব্ৰাহীম! তুমি মোৰ উপাস্যবোৰৰ পৰা বিমুখ হৈছা নেকি? যদি তুমি (এনে আচৰণৰ পৰা) বিৰত নোহোৱা তেন্তে অৱশ্যে মই তোমাক শীল দলিয়াই তোমাৰ প্ৰাণ নাশ কৰিম; আৰু তুমি দীৰ্ঘ সময়ৰ বাবে মোক এৰি গুচি যোৱা’।
Verse 47 — Surah Maryam 19:47
ইব্ৰাহীমে ক’লে, ‘আপোনাৰ প্ৰতি ছালাম। মই মোৰ প্ৰতিপালকৰ ওচৰত আপোনাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম; নিশ্চয় তেওঁ মোৰ প্ৰতি বৰ অনুগ্ৰহশীল।
Verse 48 — Surah Maryam 19:48
‘লগতে মই আপোনালোকৰ পৰা আৰু আপোনালোকে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰে সেইবোৰৰ পৰা পৃথক হলো; আৰু মই কেৱল মোৰ প্ৰতিপালকক আহ্বান কৰো; আশা কৰো মই মোৰ প্ৰতিপালকক আহ্বান কৰি ব্যৰ্থ নহওঁ’।
Verse 49 — Surah Maryam 19:49
তাৰ পিছত তেওঁ যেতিয়া সিহঁতৰ পৰা আৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰে সেইবোৰৰ পৰা পৃথক হৈ গ’ল, তেতিয়া আমি তেওঁক দান কৰিলো ইছহাক্ব আৰু ইয়াকূব আৰু প্ৰত্যেককে নবী বনাইছো।
Verse 50 — Surah Maryam 19:50
আৰু আমি তেওঁলোকক আমাৰ অনুগ্ৰহ দান কৰিলো, আৰু তেওঁলোকৰ নাম-যশস্যা উচ্চ কৰিলো।
Verse 51 — Surah Maryam 19:51
আৰু স্মৰণ কৰা এই কিতাবত মুছাক, তেওঁ আছিল বিশেষ মনোনীত আৰু তেওঁ আছিল ৰাছুল, নবী।
Verse 52 — Surah Maryam 19:52
আৰু তেওঁক আমি মাতিছিলো তূৰ পৰ্বতৰ সোঁ ফালে লগতে অন্তৰঙ্গ আলাপৰ উদ্দেশ্যে আমি তেওঁক নিকটৱৰ্তী কৰিছিলো।
Verse 53 — Surah Maryam 19:53
আৰু আমি নিজ অনুগ্ৰহত তেওঁৰ বাবে তেওঁৰ ভাতৃ হাৰূনক নবীৰূপে দান কৰিলো।
Verse 54 — Surah Maryam 19:54
আৰু স্মৰণ কৰা এই কিতাবত ইছমাঈলক, নিশ্চয় তেওঁ আছিল প্ৰতিশ্ৰুতি পালনত সত্যাশ্ৰয়ী আৰু তেওঁ আছিল ৰাছুল, নবী
Verse 55 — Surah Maryam 19:55
তেওঁ নিজ পৰিয়ালবৰ্গক ছালাত আৰু যাকাতৰ নিৰ্দেশ দিছিল আৰু তেওঁ আছিল নিজ প্ৰতিপালকৰ সন্তোষভাজন।
Verse 56 — Surah Maryam 19:56
আৰু স্মৰণ কৰা এই কিতাবত ইদৰীছক, নিশ্চয় তেওঁ আছিল সত্যনিষ্ঠ নবী
Verse 57 — Surah Maryam 19:57
আৰু আমি তেওঁক উচ্চ মৰ্যাদাত উন্নীত কৰিছিলো।
Verse 58 — Surah Maryam 19:58
এওঁলোকেই হৈছে সেইসকল নবী, আদম সন্তানৰ মাজৰ পৰা আল্লাহে যিসকলক অনুগ্ৰহ কৰিছে আৰু (এওঁলোক সেইসকল লোকৰ বংশধৰ) যিসকলক আমি নূহৰ লগত নাৱঁত আৰোহণ কৰিছিলো। এওঁলোক ইব্ৰাহীম আৰু ইছৰাঈলৰ বংশোদ্ভূত, লগতে (তেওঁলোকৰো বংশধৰ) যিসকলক আমি হিদায়ত প্ৰদান কৰিছিলো আৰু মনোনীত কৰিছিলো; তেওঁলোকৰ ওচৰত ৰহমানৰ আয়াত তিলাৱত কৰা হ’লে তেওঁলোকে কান্দি কান্দি ছাজদাত পৰিছিল।
Verse 59 — Surah Maryam 19:59
তেওঁলোকৰ পিছত আহিল অযোগ্য বংশধৰ, যিসকলে ছালাত বিনষ্ট কৰিলে আৰু কুপ্ৰবৃত্তিৰ অনুসৰণ কৰিলে। সেয়ে অচিৰেই সিহঁতে ক্ষতিগ্ৰস্ততাৰ সন্মুখীন হ’ব।
Verse 60 — Surah Maryam 19:60
কিন্তু সেইসকল লোকৰ বাহিৰে, যিসকলে তাওবা কৰিছে, ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। তেওঁলোকেই জান্নাতত প্ৰৱেশ কৰিব। তেওঁলোকৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।
Verse 61 — Surah Maryam 19:61
এইটো চিৰস্থায়ী জান্নাত, যাৰ গায়েবী প্ৰতিশ্ৰুতি পৰম কৰুণাময়ে তেওঁৰ বান্দাসকলক প্ৰদান কৰিছিল। নিশ্চয় তেওঁৰ প্ৰতিশ্ৰুতি বিষয় অৱশ্যম্ভাৱী।
Verse 62 — Surah Maryam 19:62
তাত তেওঁলোক ছালাম তথা শান্তিৰ বাহিৰে আন কোনো অসাৰ বাক্য শুনিবলৈ নাপাব আৰু তাত পুৱা-গধূলি তেওঁলোকৰ বাবে থাকিব তেওঁলোকৰ ৰিজিক্ব (আহাৰ)।
Verse 63 — Surah Maryam 19:63
এইটোৱে সেই জান্নাত, যাৰ অধিকাৰী কৰিম আমাৰ বান্দাসকলৰ মাজত তেওঁলোকক, যিসকল মুত্তাক্বী।
Verse 64 — Surah Maryam 19:64
আৰু আমি আপোনাৰ প্ৰতিপালকৰ আদেশ অবিহনে অৱতৰণ নকৰো; আমাৰ সন্মুখত যি আছে আৰু পিছফালে যি আছে লগতে এই দুয়োৰ মাজত যি আছে সেই সকলো তেওঁৰেই; আৰু আপোনাৰ ৰব বিস্মৃত নহয়।
Verse 65 — Surah Maryam 19:65
তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে সেই সকলোৰে ৰব। সেয়ে কেৱল তেওঁৰেই ইবাদত কৰক আৰু তেওঁৰ ইবাদতত ধৈৰ্য ধাৰণ কৰক। আপুনি তেওঁৰ সমনাম গুণ সম্পন্ন কাৰোবাক জানেনে
Verse 66 — Surah Maryam 19:66
আৰু মানুহে কয়, ‘মই মৃত্যুবৰণ কৰিলে মোক আকৌ জীৱিত অৱস্থাত উঠোৱা হ’ব নেকি’
Verse 67 — Surah Maryam 19:67
মানুহে স্মৰণ নকৰে নেকি যে, আমি তাক ইয়াৰ পূৰ্বে সৃষ্টি কৰিছো অথচ সি একোৱেই নাছিল
Verse 68 — Surah Maryam 19:68
এতেকে তোমাৰ প্ৰতিপালকৰ শপত! অৱশ্যে আমি সিহঁতক আৰু চয়তানসকলক একেলগে সমবেত কৰিম, তাৰ পিছত আমি সিহঁতক নতজানু অৱস্থাত জাহান্নামৰ চাৰিওফালে উপস্থিত কৰিম।
Verse 69 — Surah Maryam 19:69
তাৰ পিছত প্ৰত্যেক দলৰ মাজৰ পৰা যিজন ৰহমানৰ সৰ্বাধিক অবাধ্য আমি তাক টানি উলিয়াই আনিম।
Verse 70 — Surah Maryam 19:70
আৰু আমিহে ভালকৈ জানো সিহঁতক, যিসকল জাহান্নামত দগ্ধ হোৱাৰ বেছি উপযুক্ত।
Verse 71 — Surah Maryam 19:71
আৰু তোমালোকৰ প্ৰত্যেকেই তাৰ (জাহান্নামৰ) ওপৰেদি অতিক্ৰম কৰিব; এইটো তোমাৰ প্ৰতিপালকৰ চূড়ান্ত সিদ্ধান্ত।
Verse 72 — Surah Maryam 19:72
তাৰ পিছত আমি উদ্ধাৰ কৰিম তেওঁলোকক, যিসকলে তাক্বৱা অৱলম্বন কৰিছে আৰু যালিমসকলক তাত নতজানু অৱস্থাত ৰাখি দিম।
Verse 73 — Surah Maryam 19:73
আৰু সিহঁতৰ ওচৰত আমাৰ স্পষ্ট আয়াতসমূহ তিলাৱত কৰা হ’লে কাফিৰসকলে মুমিনসকলক কয়, ‘(আমাৰ) দুই দলৰ মাজত মৰ্যাদাত কোন শ্ৰেষ্ঠ আৰু কাৰ সভা বেছি জাকজমকতাপূৰ্ণ’
Verse 74 — Surah Maryam 19:74
আৰু সিহঁতৰ পূৰ্বে আমি বহু মানৱগোষ্ঠীক বিনাশ কৰিছো—যিসকল সিহঁততকৈ সম্পদ আৰু বাহ্যদৃষ্টিত শ্ৰেষ্ঠ আছিল।
Verse 75 — Surah Maryam 19:75
কোৱা, ‘যিসকলে বিভ্ৰান্তিত আছে, পৰম কৰুণাময়ে সিহঁতক প্ৰচুৰ অৱকাশ দিব, অৱশেষত যেতিয়া সিহঁতে সেয়া প্ৰত্যক্ষভাৱে দেখিবলৈ পাব যি বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছিল, সেয়া শাস্তিয়েই হওঁক বা কিয়ামতেই হওঁক, তেতিয়াহে সিহঁতে জানিবলৈ পাব মৰ্যাদাৰ ক্ষেত্ৰত কোন নিকৃষ্ট আৰু দলবলৰ ক্ষেত্ৰত কোন দুৰ্বল’।
Verse 76 — Surah Maryam 19:76
আৰু যিসকলে সৎপথত চলে আল্লাহে তেওঁলোকৰ হিদায়ত বৃদ্ধি কৰি দিয়ে; আৰু স্থায়ী সৎকৰ্মসমূহ তোমাৰ প্ৰতিপালকৰ পুৰষ্কাৰ প্ৰাপ্তিৰ বাবে শ্ৰেষ্ঠ আৰু পৰিণতিৰ ফালেৰেও অতি উত্তম।
Verse 77 — Surah Maryam 19:77
তুমি সেইজন ব্যক্তিক দেখিছানে, যিয়ে আমাৰ আয়াতসমূহ অস্বীকাৰ কৰে আৰু কয়, ‘অৱশ্যে মোক ধন-সম্পদ আৰু সন্তান-সন্ততি দিয়া হ’ব’।
Verse 78 — Surah Maryam 19:78
সি গায়েব সম্পৰ্কে অৱহিত হৈছে নেকি, নে ৰহমানৰ পৰা কোনো প্ৰতিশ্ৰুতি লাভ কৰিছে
Verse 79 — Surah Maryam 19:79
কেতিয়াও নহয়, সি যি কয় আমি সেয়া লিখি ৰাখিম আৰু তাৰ শাস্তি বৃদ্ধিহে কৰি থাকিম।
Verse 80 — Surah Maryam 19:80
আৰু সি যি (ধন-সম্পদ, জনবলৰ কথা) কয়, (তাৰ মৃত্যুৰ পিছত) সেয়া থাকিব আমাৰ অধিকাৰত আৰু সি অকলশৰীয়া হৈ আমাৰ ওচৰত উপস্থিত হবহি।
Verse 81 — Surah Maryam 19:81
আৰু সিহঁতে আল্লাহৰ বাহিৰে বহুতো ইলাহ গ্ৰহণ কৰিছে, যাতে সেইবোৰ সিহঁতৰ সহায়ক হয়
Verse 82 — Surah Maryam 19:82
কেতিয়াও নহয়, অনতিপলমে সিহঁতে (উপাস্যবোৰে) সিহঁতৰ ইবাদত অস্বীকাৰ কৰিব আৰু সিহঁতৰ বিৰোধী হৈ যাব।
Verse 83 — Surah Maryam 19:83
তুমি লক্ষ্য কৰা নাইনে, আমি কাফিৰসকলৰ বাবে চয়তানবোৰক এৰি থৈছো, সিহঁতক বেয়া কামত বিশেষভাৱে প্ৰলুব্ধ কৰাৰ বাবে
Verse 84 — Surah Maryam 19:84
এতেকে সিহঁতৰ বিষয়ে তুমি খৰখেদা নকৰিবা। অৱশ্যে আমি সিহঁতৰ নিৰ্ধাৰিত কাল গণনা কৰি আছো
Verse 85 — Surah Maryam 19:85
যিদিনা ৰহমানৰ ওচৰত মুত্তাক্বীসকলক সন্মানিত অতিথিৰূপে আমি সমবেত কৰিম
Verse 86 — Surah Maryam 19:86
আৰু অপৰাধীবিলাকক তৃষ্ণাতুৰ অৱস্থাত জাহান্নামৰ ফালে খেদি নিয়া হ’ব।
Verse 87 — Surah Maryam 19:87
যিসকলে ৰহমানৰ পৰা প্ৰতিশ্ৰুতি লৈছে, তেওঁলোকৰ বাহিৰে কোনেও ছুপাৰিছ কৰিব নোৱাৰিব।
Verse 88 — Surah Maryam 19:88
আৰু সিহঁতে কয়, ‘ৰহমানে সন্তান গ্ৰহণ কৰিছে’।
Verse 89 — Surah Maryam 19:89
অৱশ্যে তোমালোকে এটা বীভৎস বিষয়ৰ অৱতাৰণা কৰিছা
Verse 90 — Surah Maryam 19:90
যাৰ ফলত আকাশসমূহ বিদীৰ্ণ হৈ যোৱাৰ উপক্ৰম হয়, আৰু পৃথিৱী খণ্ড-বিখণ্ড হ’ব আৰু পাহাৰ-পৰ্বত চূৰ্ণ-বিচূৰ্ণ হৈ যাব
Verse 91 — Surah Maryam 19:91
এই কাৰণে যে, সিহঁতে ৰহমানৰ প্ৰতি সন্তান আৰোপ কৰিছে।
Verse 92 — Surah Maryam 19:92
অথচ সন্তান গ্ৰহণ কৰা ৰহমানৰ বাবে শোভনীয় নহয়।
Verse 93 — Surah Maryam 19:93
আকাশসমূহ আৰু পৃথিৱীত এনেকুৱা কোনো নাই যিয়ে ৰহমানৰ ওচৰত বান্দাৰূপে উপস্থিত নহ’ব।
Verse 94 — Surah Maryam 19:94
তেওঁ সিহঁতৰ সংখ্যা জানে আৰু তেওঁ সিহঁতক বিশেষভাৱে গণনা কৰি থৈছে
Verse 95 — Surah Maryam 19:95
আৰু কিয়ামতৰ দিনা সিহঁত সকলোৱে তেওঁৰ ওচৰত অকলশৰীয়া হৈ আহিব।
Verse 96 — Surah Maryam 19:96
নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে ৰহমানে অৱশ্যে তেওঁলোকৰ বাবে (বান্দাসকলৰ হৃদয়ত) ভালপোৱা সৃষ্টি কৰিব।
Verse 97 — Surah Maryam 19:97
আৰু আমি তোমাৰ ভাষাত কোৰআনক সহজ কৰি দিছো যাতে তুমি ইয়াৰ দ্বাৰা মুত্তাক্বীসকলক সুসংবাদ দিব পাৰা আৰু বিতণ্ডাপ্ৰিয় সম্প্ৰদায়ক ইয়াৰ দ্বাৰা সতৰ্ক কৰিব পাৰা।
Verse 98 — Surah Maryam 19:98
আৰু সিহঁতৰ পূৰ্বে আমি কিমান যে প্ৰজন্মক বিনাশ কৰিছো! তুমি সিহঁতৰ কাৰোবাৰ অস্তিত্ব অনুভৱ কৰিছানে অথবা ক্ষীণতকৈয়ো ক্ষীণ কোনো শব্দ শুনিবলৈ পোৱা নে