Back to Languages

Assamese - Chapter 23 - Al-Muminun

Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink

Verse 1 — Surah Al-Muminun 23:1

অৱশ্যে মুমিনসকল সফলকাম হৈছে

Verse 2 — Surah Al-Muminun 23:2

যিসকলে নিজৰ ছালাতত ভীতি-অৱনত

Verse 3 — Surah Al-Muminun 23:3

আৰু যিসকলে অসাৰ কথা-বতৰাৰ পৰা বিমুখ

Verse 4 — Surah Al-Muminun 23:4

আৰু যিসকলে যাকাতৰ ক্ষেত্ৰত সক্ৰিয়

Verse 5 — Surah Al-Muminun 23:5

যিসকলে নিজৰ যৌনাংগক ৰাখে সংৰক্ষিত

Verse 6 — Surah Al-Muminun 23:6

কেৱল নিজৰ স্ত্ৰী অথবা অধিকাৰভুক্ত দাসীসকলৰ বাহিৰে, নিশ্চয় ইয়াত তেওঁলোক নিন্দিত নহ’ব

Verse 7 — Surah Al-Muminun 23:7

এতেকে যিসকলে ইয়াৰ বাহিৰে আনক কামনা কৰিব, সিহঁতেই হ’ব সীমালঙ্ঘনকাৰী

Verse 8 — Surah Al-Muminun 23:8

আৰু যিসকলে ৰক্ষা কৰে নিজৰ আমানত আৰু প্ৰতিশ্ৰুতি

Verse 9 — Surah Al-Muminun 23:9

আৰু যিসকলে নিজৰ ছালাতত থাকে যত্নবান

Verse 10 — Surah Al-Muminun 23:10

তেওঁলোকেই হ’ব অধিকাৰী

Verse 11 — Surah Al-Muminun 23:11

যিসকলে অধিকাৰী হ’ব ফিৰদাউছৰ, য’ত তেওঁলোক স্থায়ী হ’ব।

Verse 12 — Surah Al-Muminun 23:12

অৱশ্যে আমি মানুহক সৃষ্টি কৰিছো মাটিৰ উপাদানৰ পৰা

Verse 13 — Surah Al-Muminun 23:13

তাৰ পিছত আমি তাক স্থাপন কৰো শুক্ৰবিন্দুৰূপে এটা নিৰাপদ ভাণ্ডাৰত

Verse 14 — Surah Al-Muminun 23:14

তাৰ পিছত আমি শুক্ৰবিন্দুক আলাকাত পৰিণত কৰো, পিছত আলাকাক পৰিণত কৰো মাংসপিণ্ডত, মাংসপিণ্ডক পৰিণত কৰো অস্থিত, তাৰ পিছত অস্থিক ঢাকি দিওঁ মাংসৰে, অৱশেষত আমি তাক গঢ়ি তোলোঁ আন এটা সৃষ্টিৰূপে। এতেকে (চোৱা) সৰ্বোত্তম স্ৰষ্টা আল্লাহ কিমান বৰকতময়

Verse 15 — Surah Al-Muminun 23:15

ইয়াৰ পিছত অৱশ্যে তোমালোকে মৃত্যুবৰণ কৰিবা

Verse 16 — Surah Al-Muminun 23:16

তাৰ পিছত কিয়ামতৰ দিনা তোমালোকক নিশ্চয় উত্থিত কৰা হ’ব।

Verse 17 — Surah Al-Muminun 23:17

আৰু অৱশ্যে আমি তোমালোকৰ ওপৰত সৃষ্টি কৰিছো সাতোটা আকাশ আৰু আমি সৃষ্টি সম্পৰ্কে কদাপিও উদাসিন নহয়

Verse 18 — Surah Al-Muminun 23:18

আৰু আমি আকাশৰ পৰা পানী বৰ্ষণ কৰো পৰিমিতভাৱে, ফলত সেয়া আমি মাটিত সংৰক্ষিত কৰো, আৰু আৱশ্যে আমি সেয়া অপসাৰণ কৰিবলৈয়ো সম্পূৰ্ণ সক্ষম।

Verse 19 — Surah Al-Muminun 23:19

তাৰ পিছত আমি তাৰ দ্বাৰা তোমালোকৰ বাবে খেজুৰ আৰু আঙুৰৰ বাগান সৃষ্টি কৰো, য’ত তোমালোকৰ বাবে থাকে প্ৰচুৰ ফল, যিবোৰ তোমালোকে খোৱা

Verse 20 — Surah Al-Muminun 23:20

আৰু সৃষ্টি কৰো এটা গছ যিটো উৎপন্ন হয় চিনাই পৰ্বতত, যিটোৰ পৰা উৎপন্ন হয় আহাৰকাৰী সকলৰ বাবে তেল আৰু তৰকাৰি।

Verse 21 — Surah Al-Muminun 23:21

আৰু নিশ্চয় তোমালোকৰ বাবে ঘৰচীয়া জন্তুবোৰৰ মাজত আছে শিক্ষণীয় বিষয়, সেইবোৰৰ পেটত যি (গাখীৰ) আছে তাৰে পৰা আমি তোমালোকক পান কৰাওঁ আৰু তাত তোমালোকৰ বাবে আছে প্ৰচুৰ উপকাৰিতা, সেইবোৰ (জন্তু)ৰ পৰা তোমালোকে আহাৰো কৰা।

Verse 22 — Surah Al-Muminun 23:22

আৰু এইবোৰ পশু আৰু নৌযানত তোমালোকক আৰোহণ কৰোৱা হয়।

Verse 23 — Surah Al-Muminun 23:23

অৱশ্যে আমি নূহক প্ৰেৰণ কৰিছিলো তেওঁৰ সম্প্ৰদায়ৰ ওচৰত। তেওঁ কলে হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই, তথাপিও তোমালোকে তাক্বনৱা অৱলম্বন নকৰিবানে

Verse 24 — Surah Al-Muminun 23:24

তাৰ পিছত তেওঁৰ সম্প্ৰদায়ৰ নেতা শ্ৰেণীৰ লোক যিসকলে কুফৰী কৰিছিল সিহঁতে কলে, এওঁতো তোমালোকৰ দৰেই এজন মানুহ, এওঁ তোমালোকৰ ওপৰত শ্ৰেষ্ঠত্ব লাভ কৰিব বিচাৰিছে, যদি আল্লাহে ইচ্ছা কৰিলেহেঁতেন তেন্তে ফিৰিস্তাকেই অৱতীৰ্ণ কৰিলেহেঁতেন, আমি আমাৰ পূৰ্বপূৰুষসকলৰ ওচৰত এনেকুৱা ঘটনা কেতিয়াও শুনা নাই।

Verse 25 — Surah Al-Muminun 23:25

নিশ্চয় এওঁ বলিয়া হৈছে, সেয়ে তোমালোকে ইয়াৰ বিষয়ে কিছুদিন ধৈৰ্য ধৰা।

Verse 26 — Surah Al-Muminun 23:26

নূহে (আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি) ক’লে, ‘হে মোৰ ৰব! মোক সহায় কৰা, কাৰণ সিহঁতে মোক মিছলীয়া বুলি অস্বীকাৰ কৰিছে’।

Verse 27 — Surah Al-Muminun 23:27

ফলত আমি তেওঁৰ ওচৰত অহী প্ৰেৰণ কৰিলো, তুমি আমাৰ চক্ষুষ তত্ত্বাৱধায়নত আৰু আমাৰ অহী অনুযায়ী নৌযান নিৰ্মাণ কৰা, তাৰ পিছত যেতিয়া আমাৰ আদেশ আহিব আৰু চৌকাৰ পানী উথলি উঠিব, তেতিয়া প্ৰত্যেক জীৱ-জন্তুৰ একো যোৰকৈ লৈ (নাৱঁত) উঠিবা আৰু তোমাৰ পৰিয়ালবৰ্গকো লগত লবা, কেৱল সেইসকলৰ বাহিৰে যিসকলৰ বিৰুদ্ধে পূৰ্বেই সিদ্ধান্ত লোৱা হৈছে। লগতে সিহঁতৰ বিষয় লৈ তুমি মোক সম্বোধন নকৰিবা যিসকলে অন্যায় কৰিছে। নিশ্চয় সিহঁত ডুবি মৰিব।

Verse 28 — Surah Al-Muminun 23:28

এতেকে যেতিয়া তুমি আৰু তোমাৰ সঙ্গীসকল নৌযানৰ ওপৰত স্থিৰ হ’বা তেতিয়া ক’বা, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবেই, যিয়ে আমাক উদ্ধাৰ কৰিছে যালিম সম্প্ৰদায়ৰ পৰা’।

Verse 29 — Surah Al-Muminun 23:29

তুমি আৰু কোৱা, ‘হে মোৰ ৰব! মোক বৰকতময় অৱতৰণস্থলত অৱতৰণ কৰোৱা; আৰু তুমিয়েই শ্ৰেষ্ঠ আৱতৰণকাৰী’।

Verse 30 — Surah Al-Muminun 23:30

নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন; আৰু আমি সিহঁতক পৰীক্ষাহে কৰিছিলো।

Verse 31 — Surah Al-Muminun 23:31

এতেকে আমি সিহঁতৰ পিছত আন এটা প্ৰজন্ম সৃষ্টি কৰিছিলো

Verse 32 — Surah Al-Muminun 23:32

ইয়াৰ পিছত আমি সিহঁতৰ মাজৰেই এজনক ৰাছুল হিচাপে প্ৰেৰণ কৰিছিলো, তেওঁ কৈছিল, ‘তোমালোকে কেৱল আল্লাহৰেই ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই, তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে

Verse 33 — Surah Al-Muminun 23:33

আৰু তেওঁৰ সম্প্ৰদায়ৰ নেতাসকলে, যিসকলে কুফৰী কৰিছিল আৰু আখিৰাতৰ সাক্ষাতক অস্বীকাৰ কৰিছিল আৰু যিসকলক আমি প্ৰদান কৰিছিলো পাৰ্থিৱ জীৱনৰ প্ৰচুৰ ভোগ-সম্ভাৰ, সিহঁতে কৈছিল, ‘এওঁ দেখুন তোমালোকৰ দৰেই এজন মানুহ, তোমালোকে যি খোৱা তেৱোঁ তাকেই খায় আৰু তোমালোকে যি পান কৰা তেৱোঁ তাকেই পান কৰে

Verse 34 — Surah Al-Muminun 23:34

‘যদি তোমালোকে তোমালোকৰ দৰেই এজন মানুহৰ আনুগত্য কৰা তেন্তে তোমালোকে অৱশ্যে ক্ষতিগ্ৰস্ত হ’বা

Verse 35 — Surah Al-Muminun 23:35

‘এওঁ তোমালোকক এই প্ৰতিশ্ৰুতি দিয়ে নেকি যে, তোমালোকে যেতিয়া মৃত্যুবৰণ কৰিবা আৰু তোমালোক মাটি আৰু অস্থিত পৰিণত হ’বা; তাৰ পিছতো তোমালোকক আকৌ উত্থিত কৰা হ’ব

Verse 36 — Surah Al-Muminun 23:36

‘অসম্ভৱ, তোমালোকক যি বিষয়ে প্ৰতিশ্ৰুতি দিয়া হৈছে সেয়া অসম্ভৱ।

Verse 37 — Surah Al-Muminun 23:37

‘একমাত্ৰ পাৰ্থিৱ জীৱনেই আমাৰ জীৱন, আমাৰ জীৱন মৰণ ইয়াতেই; আৰু আমি কেতিয়াও পুনৰুত্থিত নহওঁ।

Verse 38 — Surah Al-Muminun 23:38

‘এওঁ এনেকুৱা এজন ব্যক্তি যিয়ে আল্লাহ সম্পৰ্কে মিছা অপবাদ দিছে, আমি তেওঁক কেতিয়াও বিশ্বাস নকৰো’।

Verse 39 — Surah Al-Muminun 23:39

তেওঁ ক’লে, ‘হে মোৰ ৰব! মোক সহায় কৰা, কাৰণ সিহঁতে মোক মিছলীয়া বুলি অস্বীকাৰ কৰিছে’।

Verse 40 — Surah Al-Muminun 23:40

আল্লাহে ক’লে, ‘কিছু সময়ৰ মাজতেই সিহঁত নিশ্চিতৰূপে অনুতপ্ত হ’ব’।

Verse 41 — Surah Al-Muminun 23:41

তাৰ পিছত এটা বিকট শব্দই সত্য-ন্যায়ৰ সৈতে সিহঁতক আক্ৰান্ত কৰিলে, ফলত আমি সিহঁতক বতাহে উৰুৱাই নিয়া আৱৰ্জনাৰ দৰে কৰি দিলো। এতেকে যালিম সম্প্ৰদায়ৰ বাবে কেৱল ধ্বংস।

Verse 42 — Surah Al-Muminun 23:42

ইয়াৰ পিছত আমি আৰু বহু প্ৰজন্ম সৃষ্টি কৰিছো।

Verse 43 — Surah Al-Muminun 23:43

কোনো জাতিয়েই সিহঁতৰ নিৰ্দিষ্ট সময়ক আগতীয়াকৈ আনিব নোৱাৰে আৰু পিছলৈয়ো ঠেলি দিব নোৱাৰে।

Verse 44 — Surah Al-Muminun 23:44

ইয়াৰ পিছত আমি এজনৰ পিছত এজনকৈ আমাৰ ৰাছুলসকলক প্ৰেৰণ কৰিছো। যেতিয়াই কোনো জাতিৰ ওচৰত সিহঁতৰ ৰাছুল আহিছে তেতিয়াই সিহঁতে তেওঁক অস্বীকাৰ কৰিছে। ফলত আমি সিহঁতক এটাৰ পিছত এটাকৈ ধ্বংস কৰি কাহিনীত পৰিণত কৰিছো। এতেকে যিসকলে ঈমান পোষণ নকৰে সেইবোৰ সম্প্ৰদায়ৰ বাবে কেৱল ধ্বংসই ধ্বংস

Verse 45 — Surah Al-Muminun 23:45

তাৰ পিছত আমি মুছা আৰু তেওঁৰ ভাতৃ হাৰূনক আমাৰ নিদৰ্শনাৱলীসহ লগতে সুস্পষ্ট প্ৰমাণসহ প্ৰেৰণ কৰিলো

Verse 46 — Surah Al-Muminun 23:46

ফিৰআউন আৰু তেওঁৰ পৰিষদবৰ্গৰ ওচৰত। কিন্তু সিহঁতে অহংকাৰ কৰিলে; আৰু সিহঁত আছিল উদ্ধত সম্প্ৰদায়।

Verse 47 — Surah Al-Muminun 23:47

তাৰ পিছত সিহঁতে ক’লে, ‘আমি আমাৰ দৰেই দুজন ব্যক্তিৰ প্ৰতি ঈমান পোষণ কৰিমনে, অথচ তেওঁলোকৰ জাতিৰ মানুহবিলাক আমাৰ দাস’

Verse 48 — Surah Al-Muminun 23:48

এতেকে সিহঁতে তেওঁলোক উভয়কে অস্বীকাৰ কৰিলে, ফলত সিহঁত ধ্বংসপ্ৰাপ্ত সকলৰ অন্তৰ্ভুক্ত হ’ল।

Verse 49 — Surah Al-Muminun 23:49

আৰু আমি অৱশ্যে মুছাক কিতাব প্ৰদান কৰিছিলো; যাতে সিহঁতে হিদায়ত পাব পাৰে।

Verse 50 — Surah Al-Muminun 23:50

আমি মাৰইয়ামৰ পুত্ৰ আৰু তেওঁৰ মাতৃক এটা নিদৰ্শন বনাইছিলো আৰু তেওঁলোকক আশ্ৰয় দিছিলো এটা অৱস্থানযোগ্য আৰু প্ৰস্ৰৱণবিশিষ্ট উচ্চ ভূমিত।

Verse 51 — Surah Al-Muminun 23:51

‘হে ৰাছুলসকল! তোমালোকে পৱিত্ৰ বস্তুৰ পৰা খাদ্য গ্ৰহণ কৰা আৰু সৎকৰ্ম কৰা; নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আমি সবিশেষ অৱগত।

Verse 52 — Surah Al-Muminun 23:52

‘আৰু তোমালোকৰ এই উম্মত কেৱল এটাই উম্মত, আৰু ময়েই তোমালোকৰ ৰব; এতেকে কেৱল মোৰেই তাক্বৱা অৱলম্বন কৰা’।

Verse 53 — Surah Al-Muminun 23:53

পিছতহে মানুহে সিহঁতৰ নিজৰ মাজত সিহঁতৰ এই দ্বীনক বহুধা বিভক্ত কৰিছে। প্ৰত্যেক দলেই সিহঁতৰ ওচৰত যি আছে সেইটো লৈহে আনন্দিত।

Verse 54 — Surah Al-Muminun 23:54

এতেকে কিছু সময়ৰ বাবে সিহঁতক সিহঁতৰ বিভ্ৰান্তিতে এৰি দিয়া।

Verse 55 — Surah Al-Muminun 23:55

সিহঁতে ভাৱে নেকি যে, আমি সিহঁতক যি ধন-সম্পদ আৰু সন্তান-সন্ততিৰ দ্বাৰা সহযোগিতা কৰিছো, তাৰ মাধ্যমত

Verse 56 — Surah Al-Muminun 23:56

আমি সিহঁতৰ বাবে সকলো মঙ্গল তৰান্বিত কৰিম? নহয়, বৰং সিহঁতে উপলব্ধি কৰিব পৰা নাই।

Verse 57 — Surah Al-Muminun 23:57

নিশ্চয় যিসকলে নিজ প্ৰতিপালকৰ ভয়ত ভীত-সন্ত্ৰস্ত

Verse 58 — Surah Al-Muminun 23:58

আৰু যিসকলে নিজ প্ৰতিপালকৰ নিদৰ্শনসমূহৰ প্ৰতি বিশ্বাস পোষণ কৰে

Verse 59 — Surah Al-Muminun 23:59

আৰু যিসকলে নিজ প্ৰতিপালকৰ লগত শ্বিৰ্ক নকৰে

Verse 60 — Surah Al-Muminun 23:60

আৰু যিসকলে দান কৰিবলগীয়া বস্তু ভীত-কম্পিত হৃদয়ত দান কৰে, এই কাৰণে যে, তেওঁলোকে নিজ প্ৰতিপালকৰ ওচৰত প্ৰত্যাৱৰ্তনকাৰী।

Verse 61 — Surah Al-Muminun 23:61

তেওঁলোকেই কল্যাণ সাধনত খৰধৰ কৰে আৰু তেওঁলোক তাত অগ্ৰগামী হয়।

Verse 62 — Surah Al-Muminun 23:62

আৰু আমি কাকো তাৰ সাধ্যাতীত দায়িত্বৰ বোজা অৰ্পন নকৰো আৰু আমাৰ ওচৰত আছে এনে এখন কিতাপ যিটো সত্য ব্যক্ত কৰে আৰু সিহঁতৰ প্ৰতি অকণো অন্যায় কৰা নহ’ব।

Verse 63 — Surah Al-Muminun 23:63

বৰং এই বিষয়ে সিহঁতৰ অন্তৰ অজ্ঞানতাত আচ্ছন্ন, ইয়াৰ বাহিৰেও সিহঁতৰ আৰু কৰ্ম আছে যিবোৰ সিহঁতে কৰি আছে।

Verse 64 — Surah Al-Muminun 23:64

অৱশেষত যেতিয়া আমি সিহঁতৰ বিলাসী ব্যক্তিসকলক শাস্তি দিওঁ তেতিয়া সিহঁতে আৰ্তনাদ কৰি উঠে।

Verse 65 — Surah Al-Muminun 23:65

সিহঁতক কোৱা হ’ব, ‘আজি আৰ্তনাদ নকৰিবা, নিশ্চয় তোমালোকে আমাৰ ফালৰ পৰা কোনো সহায় নাপাবা’।

Verse 66 — Surah Al-Muminun 23:66

অৱশ্যে মোৰ আয়াতসমূহ তোমালোকৰ ওচৰত তিলাৱত কৰা হৈছিল, কিন্তু তোমালোকে উলটি পিছফালেহে গুচি গৈছিলা

Verse 67 — Surah Al-Muminun 23:67

দাম্ভিকতাৰে এই বিষয়ত অৰ্থহীন গল্প-গুজব কৰি তোমালোকে ৰাতি অতিবাহিত কৰিছিলা।

Verse 68 — Surah Al-Muminun 23:68

কিয় সিহঁতে এই বাণী সম্পৰ্কে চিন্তা-গৱেষণা নকৰে? এই কাৰণে নেকি যে, সিহঁতৰ ওচৰত এনেকুৱা বস্তু আহিছে যিটো সিহঁতৰ পূৰ্বপুৰুষসকলৰ ওচৰত অহা নাছিল

Verse 69 — Surah Al-Muminun 23:69

অথবা সিহঁতে নিজ ৰাছুলক চিনিব পৰা নাই বুলি অস্বীকাৰ কৰিছে নেকি

Verse 70 — Surah Al-Muminun 23:70

নাইবা সিহঁতে এইটো কয় নেকি যে, এওঁ উন্মাদনাগ্ৰস্ত? নহয়, বৰং তেওঁ সিহঁতৰ ওচৰত সত্য লৈ আহিছে, আৰু সিহঁতৰ অধিকাংশই সত্যক অপছন্দ কৰে।

Verse 71 — Surah Al-Muminun 23:71

আৰু সত্য যদি সিহঁতৰ কামনা-বাসনাৰ অনুগামী হ’লেহেঁতেন তেন্তে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত থকা সকলো বস্তু বিশৃংখল হৈ পৰিলেহেঁতেন। বৰং আমি সিহঁতৰ ওচৰত লৈ আহিছো সিহঁতৰ সন্মান সম্বলিত যিকৰ (কোৰআন) কিন্তু সিহঁতে সিহঁতৰ এই উপদেশবাণীৰ (কোৰআনৰ) পৰা মুখ ঘূৰাই লয়।

Verse 72 — Surah Al-Muminun 23:72

অথবা তুমি সিহঁতৰ ওচৰত কোনো প্ৰতিদান বিচৰা নেকি? (জানি থোৱা) তোমাৰ প্ৰতিপালকৰ প্ৰতিদানেই শ্ৰেষ্ঠ আৰু তেৱেঁই শ্ৰেষ্ঠ জীৱিকাদাতা।

Verse 73 — Surah Al-Muminun 23:73

আৰু নিশ্চয় তুমি সিহঁতক সৰল পথৰ পিনেই আহ্বান কৰি আছা।

Verse 74 — Surah Al-Muminun 23:74

নিশ্চয় যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে, সিহঁতেই সৰল পথৰ পৰা বিচ্যুত

Verse 75 — Surah Al-Muminun 23:75

আৰু যদি আমি সিহঁতৰ প্ৰতি দয়া কৰো আৰু সিহঁতৰ দুখ-দৈন্য দূৰ কৰি দিওঁ তথাপিও সিহঁতে অবাধ্যতাত বিভ্ৰান্তৰ দৰে ঘূৰি থাকিব।

Verse 76 — Surah Al-Muminun 23:76

অৱশ্যে আমি সিহঁতক শাস্তিৰ দ্বাৰা সতৰ্ক কৰিলো, তথাপিও সিহঁতে নিজ প্ৰতিপালকৰ প্ৰতি অৱনত নহ’ল আৰু বিনীত হৈ প্ৰাৰ্থনাও নকৰিলে।

Verse 77 — Surah Al-Muminun 23:77

অৱশেষত যেতিয়া আমি সিহঁতৰ ওপৰত কোনো কঠিন শাস্তিৰ দুৱাৰ খুলি দিম তেতিয়াহে সিহঁতে হতাশ হৈ পৰিব।

Verse 78 — Surah Al-Muminun 23:78

তেৱেঁই তোমালোকৰ বাবে শ্ৰৱণশক্তি, দৃষ্টিশক্তি আৰু অন্তৰসমূহ সৃষ্টি কৰিছে; কিন্তু তোমালোকে খুবেই কম কৃতজ্ঞতা প্ৰকাশ কৰা।

Verse 79 — Surah Al-Muminun 23:79

তেৱেঁই তোমালোকক পৃথিৱীত বিস্তৃত কৰিছে আৰু তোমালোকক তেওঁৰ ওচৰতেই সমবেত কৰা হ’ব।

Verse 80 — Surah Al-Muminun 23:80

তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু প্ৰদান কৰে, তেওঁৰ অধিকাৰতেই ৰাতি আৰু দিনৰ পৰিবৰ্তন হয়। তথাপিও তোমালোকে বুজি নোপোৱা নে

Verse 81 — Surah Al-Muminun 23:81

বৰং সিহঁতেও সেই কথাকেই কয় যি কথা সিহঁতৰ পূৰ্বৱৰ্তীসকলে কৈছিল।

Verse 82 — Surah Al-Muminun 23:82

সিহঁতে কয়, ‘যেতিয়া আমি মৃত্যুবৰণ কৰিম আৰু আমি মাটি ও অস্থিত পৰিণত হম, তাৰ পিছতো আমি পুনৰুত্থিত হমনে

Verse 83 — Surah Al-Muminun 23:83

‘অৱশ্যে আমাক আৰু ইতিপূৰ্বে আমাৰ পূৰ্বপুৰুষসকলকো এনে ধৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। এয়া পূৰ্বৱৰ্তী সকলৰ উপকথাৰ বাহিৰে আন একো নহয়’।

Verse 84 — Surah Al-Muminun 23:84

কোৱা, ‘পৃথিৱী আৰু ইয়াত যি আছে সেই সকলো(ৰ অধিকাৰ) কাৰ? যদি তোমালোকে জানা (তেন্তে কোৱা)’।

Verse 85 — Surah Al-Muminun 23:85

অৱশ্যে সিহঁতে ক’ব, ‘আল্লাহৰ’। কোৱা, ‘তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবা নে’

Verse 86 — Surah Al-Muminun 23:86

কোৱা, ‘সপ্ত আকাশ আৰু মহা আৰছৰ ৰব কোন’

Verse 87 — Surah Al-Muminun 23:87

অৱশ্যে সিহঁতে ক’ব, ‘আল্লাহ’। কোৱা, ‘তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবা নে’

Verse 88 — Surah Al-Muminun 23:88

কোৱা, ‘কাৰ হাতত সকলো বস্তুৰ কৰ্তৃত্ব? যিজনে আশ্ৰয় দান কৰে অথচ তেওঁৰ বিপক্ষে কোনোৱেই কাকো আশ্ৰয় দিব নোৱাৰে, যদি তোমালোকে জানা (তেন্তে কোৱা)’।

Verse 89 — Surah Al-Muminun 23:89

অৱশ্যে সিহঁতে ক’ব ‘আল্লাহ’। কোৱা, ‘তেন্তে ক’ৰ পৰা তোমালোকে যাদুগ্ৰস্ত হৈছা’

Verse 90 — Surah Al-Muminun 23:90

বৰং আমি সিহঁতৰ ওচৰত সত্য লৈ আহিছো; নিশ্চয় সিহঁত মিছলীয়া।

Verse 91 — Surah Al-Muminun 23:91

আল্লাহে কোনো সন্তান গ্ৰহণ কৰা নাই, আৰু তেওঁৰ লগত আন কোনো ইলাহও নাই; যদি থাকিলেহেঁতেন তেন্তে প্ৰত্যেক ইলাহে নিজ নিজ সৃষ্টিক লৈ পৃথক হৈ গ’লেহেঁতেন আৰু এজনে আনজনৰ ওপৰত প্ৰাধান্য বিস্তাৰ কৰিলেহেঁতেন। সিহঁতে আল্লাহৰ প্ৰতি যিবোৰ আৰোপ কৰে সেইবোৰৰ পৰা তেওঁ অতি পৱিত্ৰ অতি মহান

Verse 92 — Surah Al-Muminun 23:92

গোপন আৰু প্ৰকাশ্য সকলো বিষয়ে তেওঁ জ্ঞাত, এতেকে সিহঁতে যি অংশী কৰে তাৰ পৰা তেওঁ বহু উৰ্দ্ধত।

Verse 93 — Surah Al-Muminun 23:93

কোৱা, ‘হে মোৰ ৰব! যি বিষয়ে সিহঁতক প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে, তুমি যদি সেয়া মোক (মোৰ জীৱন কালতে) দেখুৱাব বিচৰা

Verse 94 — Surah Al-Muminun 23:94

‘তেনেহ’লে, হে মোৰ ৰব! তুমি মোক যালিম সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত নকৰিবা’।

Verse 95 — Surah Al-Muminun 23:95

আৰু আমি সিহঁতক যি বিষয়ে প্ৰতিশ্ৰুতি দান কৰিছো, অৱশ্যে সেয়া আমি তোমাক দেখুৱাবলৈ সক্ষম।

Verse 96 — Surah Al-Muminun 23:96

সৎকৰ্মৰে অসৎকৰ্মক প্ৰতিহত কৰা; সিহঁতে (আমাৰ প্ৰতি) যি আৰোপ কৰে সেই সম্পৰ্কে আমি সবিশেষ অৱগত।

Verse 97 — Surah Al-Muminun 23:97

আৰু কোৱা, ‘হে মোৰ ৰব! মই চয়তানৰ প্ৰৰোচনাৰ পৰা তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰো’।

Verse 98 — Surah Al-Muminun 23:98

‘আৰু হে মোৰ ৰব! মোৰ ওচৰত সিহঁতৰ (চয়তানবোৰৰ) উপস্থিতৰ পৰা মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰো’।

Verse 99 — Surah Al-Muminun 23:99

অৱশেষত যেতিয়া সিহঁতৰ কাৰোবাৰ ওচৰত মৃত্যু আহে, তেতিয়া সি কয়, হে মোৰ ৰব! মোক আকৌ উভতাই দিয়া

Verse 100 — Surah Al-Muminun 23:100

যাতে মই সৎকৰ্ম কৰিব পাৰো যিটো মই আগতে কৰা নাছিলো। নহয়, এইটো কেতিয়াও নহব। সি যি কৈছে নিশ্চয় সেয়া এটা বাক্য মাত্ৰ। পুনৰুত্থানৰ দিৱস লৈকে সিহঁতৰ সন্মুখত থাকিব বাৰযাখ।

Verse 101 — Surah Al-Muminun 23:101

এতেকে যিদিনা শিঙাত ফুঁ দিয়া হ’ব সেইদিনা পৰস্পৰৰ মাজত আত্মীয়তাৰ কোনো বন্ধন নাথাকিব আৰু কোনোৱেই কাৰো বিষয়ে সোধ-পোচ নকৰিব

Verse 102 — Surah Al-Muminun 23:102

এতেকে যিসকলৰ তুলাচনী গধূৰ হ’ব তেওঁলোকেই হ’ব সফলকাম

Verse 103 — Surah Al-Muminun 23:103

আৰু যিসকলৰ তুলাচনী পাতল হ’ব, সিহঁতেই সেইসকল লোক যিসকলে নিজৰেই ক্ষতি কৰিছে; সিহঁত জাহান্নামত স্থায়ী হ’ব।

Verse 104 — Surah Al-Muminun 23:104

জুয়ে সিহঁতৰ মুখমণ্ডল দগ্ধ কৰিব আৰু সিহঁত তাত থাকিব বীভৎস চেহেৰাত

Verse 105 — Surah Al-Muminun 23:105

তোমালোকৰ ওচৰত মোৰ আয়াতসমূহ তিলাৱত কৰা হোৱা নাইনে? অথচ তোমালোকে সেয়া অস্বীকাৰ কৰিছিলা।

Verse 106 — Surah Al-Muminun 23:106

সিহঁতে ক’ব, ‘হে আমাৰ ৰব! দুৰ্ভাগ্যই আমাক পৰাজয় কৰিছিল আৰু আমি আছিলো এটা পথভ্ৰষ্ট সম্প্ৰদায়

Verse 107 — Surah Al-Muminun 23:107

‘হে আমাৰ ৰব! এই অগ্নিৰ পৰা আমাক মুক্ত কৰা; ইয়াৰ পিছতো যদি আমি পুনৰ কুফৰী কৰো তেন্তে নিশ্চয় আমি যালিম হম’।

Verse 108 — Surah Al-Muminun 23:108

আল্লাহে ক’ব, ‘তোমালোকে নিকৃষ্ট অৱস্থাত ইয়াতেই থাকা আৰু মোৰ লগত কোনো কথা নকবা’।

Verse 109 — Surah Al-Muminun 23:109

মোৰ বান্দাসকলৰ মাজত এনেকুৱা এটা দল আছিল যিসকলে কৈছিল, ‘হে আমাৰ ৰব! আমি ঈমান আনিছো, এতেকে তুমি আমাক ক্ষমা কৰা আৰু আমাৰ প্ৰতি দয়া কৰা, আৰু তুমি সৰ্বশ্ৰেষ্ঠ দয়ালু’।

Verse 110 — Surah Al-Muminun 23:110

‘কিন্তু তেওঁলোকক লৈ তোমালোকে ইমান ঠাট্টা-বিদ্ৰূপ কৰিছিলা যে, সেয়া তোমালোকক মোৰ স্মৰণ পাহৰাই দিছিল। তোমালোকে তেওঁলোকৰ বিষয়ে কেৱল উপহাসহে কৰিছিলা’।

Verse 111 — Surah Al-Muminun 23:111

নিশ্চয় আমি তেওঁলোকৰ ধৈৰ্যৰ কাৰণে আজি আমি তেওঁলোকক পুৰষ্কৃত কৰিলো; নিশ্চয় তেওঁলোকেই সাফল্যমণ্ডিত।

Verse 112 — Surah Al-Muminun 23:112

আল্লাহে ক’ব, ‘তোমালোকে পৃথিৱীত কিমান বছৰ অৱস্থান কৰিছিলা’

Verse 113 — Surah Al-Muminun 23:113

সিহঁতে ক’ব, ‘আমি অৱস্থান কৰিছিলো এদিন অথবা দিনৰ কিছু অংশ; এতেকে তুমি গণনাকাৰী সকলক সুধি চোৱা’।

Verse 114 — Surah Al-Muminun 23:114

তেওঁ ক’ব, ‘তোমালোকে অতি কম সময়হে অৱস্থান কৰিছিলা; যদি তোমালোকে নিশ্চিতভাৱে জানিব পাৰিলাহেঁতেন

Verse 115 — Surah Al-Muminun 23:115

‘তোমালোকে ভাবিছিলা নেকি যে, আমি তোমালোকক অনৰ্থক সৃষ্টি কৰিছো আৰু তোমালোকক আমাৰ ওচৰলৈকে উভতাই আনা নহ’ব

Verse 116 — Surah Al-Muminun 23:116

এতেকে আল্লাহ মহিমাময়, প্ৰকৃত মালিক, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; তেৱেঁই সন্মানিত আৰছৰ ৰব।

Verse 117 — Surah Al-Muminun 23:117

আৰু যিয়ে আল্লাহৰ লগতে আন কোনো উপাস্যক আহ্বান কৰে, যি বিষয়ে তাৰ ওচৰত কোনো প্ৰমাণ নাই, তাৰ হিচাপ-নিকাচ কেৱল তাৰ প্ৰতিপালকৰ ওচৰত, নিশ্চয় কাফিৰসকল সফল হ’ব নোৱাৰিব।

Verse 118 — Surah Al-Muminun 23:118

আৰু কোৱা, ‘হে মোৰ ৰব! ক্ষমা কৰা আৰু দয়া কৰা, আৰু তুমিয়েই সৰ্বশ্ৰেষ্ঠ দয়ালু’।