Back to Languages

Assamese - Chapter 25 - Al-Furqan

Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink

Verse 1 — Surah Al-Furqan 25:1

অতি কল্যাণময় তেওঁ, যিজনে তেওঁৰ ওপৰত ফুৰক্বান অৱতীৰ্ণ কৰিছে, যাতে তেওঁ (ৰ সেই বান্দা) সৃষ্টিজগতৰ বাবে সতৰ্ককাৰী হ’ব পাৰে।

Verse 2 — Surah Al-Furqan 25:2

যিজন আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্বৰ অধিকাৰী; তেওঁ কোনো সন্তান গ্ৰহণ কৰা নাই; সাৰ্বভৌমত্বত তেওঁৰ কোনো অংশীদাৰ নাই। তেৱেঁই সকলো বস্তু সৃষ্টি কৰিছে, তাৰ পিছত সেয়া নিৰ্ধাৰণ কৰিছে যথাযথ অনুপাতত।

Verse 3 — Surah Al-Furqan 25:3

আৰু সিহঁতে আল্লাহৰ বাহিৰে বহুতো ইলাহ গ্ৰহণ কৰিছে, যিবোৰে একোৱে সৃষ্টি কৰিব নোৱাৰে বৰং সিহঁত নিজেই সৃষ্ট, আনকি সিহঁতে নিজৰ অপকাৰ বা উপকাৰ কৰাৰো ক্ষমতা নাৰাখে। লগতে মৃত্যু, জীৱন আৰু পুনৰুত্থানতো সিহঁতৰ কোনো অধিকাৰ নাই।

Verse 4 — Surah Al-Furqan 25:4

আৰু কাফিৰসকলে কয়, ‘এইটো মিছা কথাৰ বাহিৰে আন একো নহয়, এইটো তেওঁ নিজেই ৰচনা কৰিছে আৰু বিভিন্ন সম্প্ৰদায়ৰ মানুহে তেওঁক এই বিষয়ে সহায় কৰিছে’। এইদৰে কাফিৰসকলে যুলুম আৰু মিছা অপবাদ লৈ আহিছে।

Verse 5 — Surah Al-Furqan 25:5

সিহঁতে আৰু কয়, ‘এইবোৰ প্ৰাচীনকালৰ উপকথা, যিবোৰ তেওঁ লিখোৱাই লৈছে; তাৰ পিছত এইবোৰ পুৱা-গধূলি তেওঁৰ ওচৰত পাঠ কৰা হয়’।

Verse 6 — Surah Al-Furqan 25:6

কোৱা, ‘এইটো সেই সত্তাই অৱতীৰ্ণ কৰিছে যিজনে আকাশসমূহ আৰু পৃথিৱীৰ সমুদায় ৰহস্য জানে; নিশ্চয় তেওঁ পৰম ক্ষমাশীল, পৰম দয়ালু’।

Verse 7 — Surah Al-Furqan 25:7

সিহঁতে আৰু কয়, ‘এওঁ কেনেকুৱা ৰাছুল, যিয়ে খোৱা-বোৱা কৰে আকৌ হাট-বজাৰতো চলাফুৰা কৰে; তেওঁৰ ওচৰত কোনো ফিৰিস্তা কিয় অৱতীৰ্ণ কৰা নহ’ল, যিয়ে তেওঁৰ লগত সতৰ্ককাৰীৰূপে থাকিলেহেঁতেন

Verse 8 — Surah Al-Furqan 25:8

‘অথবা তেওঁৰ ওচৰত কোনো ধনভাণ্ডাৰ নাহিল কিয়, নাইবা তেওঁৰ কাৰণে এটা বাগান নহয় কিয়, য’ৰ পৰা তেওঁ খাব পাৰিলেহেঁতেন?’ যালিমসকলে আৰু কয়, ‘তোমালোকে কেৱল এজন যাদুগ্ৰস্ত ব্যক্তিৰহে অনুসৰণ কৰি আছা’।

Verse 9 — Surah Al-Furqan 25:9

চোৱা, সিহঁতে তোমাৰ বাবে কেনেকুৱা (যুক্তিহীন) উপমা দাঙি ধৰিছে! ফলত সিহঁতে পথভ্ৰষ্ট হৈছে, এতেকে সিহঁতে সুপথ পাবলৈ কেতিয়াও সক্ষম নহয়।

Verse 10 — Surah Al-Furqan 25:10

তেওঁ অতি বৰকতময়, তেওঁ ইচ্ছা কৰিলে তোমাক ইয়াতকৈয়ো উৎকৃষ্ট বস্তু প্ৰদান কৰিব পাৰে— উদ্যানসমূহ যাৰ তলত নদীসমূহ প্ৰবাহিত লগতে তেওঁ তোমাক দিব পাৰে প্ৰসাদসমূহ

Verse 11 — Surah Al-Furqan 25:11

বৰং সিহঁতে কিয়ামত অস্বীকাৰ কৰিছে। এতেকে যিয়ে কিয়ামতক অস্বীকাৰ কৰে আমি তাৰ বাবে প্ৰস্তুত কৰি ৰাখিছো জলন্ত জুই।

Verse 12 — Surah Al-Furqan 25:12

দূৰৰ পৰা জুইয়ে যেতিয়া সিহঁতক দেখিব তেতিয়া সিহঁতে তাৰ ক্ৰুদ্ধ তৰ্জন-গৰ্জন আৰু প্ৰচণ্ড হুংকাৰ শুনিবলৈ পাব।

Verse 13 — Surah Al-Furqan 25:13

আৰু যেতিয়া সিহঁতক ডিঙিত হাত মেৰিয়াই শৃংখলিত অৱস্থাত তাৰ (জাহান্নামৰ) কোনো সংকীৰ্ণ স্থানত নিক্ষেপ কৰা হ’ব, তেতিয়া সিহঁতে তাত ধ্বংস কামনা কৰিব।

Verse 14 — Surah Al-Furqan 25:14

(কোৱা হ’ব) ‘আজি তোমালোকে এটা ধ্বংসক নহয়, বৰং বহু ধ্বংসক আহ্বান কৰা’।

Verse 15 — Surah Al-Furqan 25:15

কোৱা, ‘এইটোৱে ভাল নে সেই স্থায়ী জান্নাত ভাল, যাৰ প্ৰতিশ্ৰুতি মুত্তাক্বীসকলক দিয়া হৈছে’? সেইটো হ’ব তেওঁলোকৰ প্ৰতিদান আৰু প্ৰত্যাৱৰ্তনস্থল।

Verse 16 — Surah Al-Furqan 25:16

তাত তেওঁলোক চিৰকাল বসবাসৰত অৱস্থাত যি বিচাৰিব সেইটোৱে পাব; এই প্ৰতিশ্ৰুতি পূৰণ কৰা তোমাৰ প্ৰতিপালকৰ দায়িত্ব।

Verse 17 — Surah Al-Furqan 25:17

আৰু সেইদিনা তেওঁ সিহঁতক (কাফিৰসকলক) আৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰক উপাসনা কৰিছিল সেইবোৰকো একত্ৰিত কৰিব, তাৰ পিছত তেওঁ প্ৰশ্ন কৰিব, ‘তোমালোকেই মোৰ এই বান্দাসকলক বিভ্ৰান্ত কৰিছিলা নেকি, নে সিহঁত নিজেই বিভ্ৰান্ত হৈছিল’

Verse 18 — Surah Al-Furqan 25:18

সিহঁতে ক’ব, ‘তুমি পৱিত্ৰ আৰু মহান! তোমাৰ বাহিৰে আন কাৰোবাক অভিভাৱকৰূপে গ্ৰহণ কৰা আমাৰ বাবে কেতিয়াও উচিত নহয়, বৰং তুমিয়েই সিহঁতক আৰু সিহঁতৰ পিতৃ-পুৰুষসকলক ভোগ-সম্ভাৰ প্ৰদান কৰিছিলা, ফলত সিহঁতে (তোমাৰ) স্মৰণ পাহৰি গৈছিল আৰু ধ্বংসপ্ৰাপ্ত সম্প্ৰদায়ত পৰিণত হৈছিল’।

Verse 19 — Surah Al-Furqan 25:19

(আল্লাহে মুশ্বৰিকসকলক ক’ব) ‘এতেকে তোমালোকে যি কৈছিলা সেয়া সিহঁতে মিছা সাব্যস্ত কৰিছে। সেয়ে তোমালোকে এতিয়া শাস্তি প্ৰতিৰোধ কৰিব নোৱাৰিবা আৰু সহায়ো নাপাবা। তোমালোকৰ মাজৰ যিয়ে যুলুম তথা শ্বিৰ্ক কৰে আমি তাক মহাশাস্তিৰ স্বাদ উপভোগ কৰাম’।

Verse 20 — Surah Al-Furqan 25:20

আৰু আমি তোমাৰ পূৰ্বে যিমানবোৰ ৰাছুল প্ৰেৰণ কৰিছো তেওঁলোক আটায়ে খোৱা-বোৱা কৰিছিল আৰু হাট-বজাৰত চলা-ফুৰাও কৰিছিল। (হে মানৱ!) আমি তোমালোকৰ এজনক আনজনৰ বাবে পৰীক্ষাস্বৰূপ কৰি দিছো। তোমালোকে ধৈৰ্য ধাৰণ কৰিবানে? আৰু তোমাৰ ৰব সৰ্ব দ্ৰষ্টা।

Verse 21 — Surah Al-Furqan 25:21

আৰু যিসকলে আমাৰ সাক্ষাতৰ প্ৰত্যাশা নকৰে সিহঁতে কয়, ‘আমাৰ ওচৰত ফিৰিস্তা কিয় অৱতীৰ্ণ কৰা নহয়, অথবা আমি আমাৰ প্ৰতিপালকক দেখা নাপাওঁ কিয়’? অৱশ্যে সিহঁতে সিহঁতৰ অন্তৰত অহংকাৰ পোষণ কৰিছে আৰু সিহঁতে জঘন্যভাৱে সীমালংঘন কৰিছে।

Verse 22 — Surah Al-Furqan 25:22

যিদিনা সিহঁতে ফিৰিস্তাসকলক দেখিবলৈ পাব সেইদিনা অপৰাধীসকলৰ বাবে কোনো সুসংবাদ নাথাকিব আৰু সিহঁতে ক’ব, ‘ৰক্ষা কৰা, ৰক্ষা কৰা’।

Verse 23 — Surah Al-Furqan 25:23

আৰু আমি সিহঁতৰ কৃতকৰ্মৰ প্ৰতি অগ্ৰসৰ হৈ সেইবোৰক বিক্ষিপ্ত ধূলিকণাত পৰিণত কৰিম।

Verse 24 — Surah Al-Furqan 25:24

সেইদিনা জান্নাতবাসীসকলৰ বাসস্থান হব উৎকৃষ্ট আৰু বিশ্ৰামস্থল হ’ব মনোৰম।

Verse 25 — Surah Al-Furqan 25:25

আৰু সেইদিনা মেঘপুঞ্জৰ দ্বাৰা আকাশ বিদীৰ্ণ হ'ব আৰু দলে দলে ফিৰিস্তাসকলক অৱতীৰ্ণ কৰোৱা হ’ব।

Verse 26 — Surah Al-Furqan 25:26

সেইদিনা চূড়ান্ত কৰ্তৃত্ব হ’ব কেৱল ৰহমানৰ আৰু কাফিৰসকলৰ বাবে সেইদিন হ’ব অত্যন্ত কঠিন।

Verse 27 — Surah Al-Furqan 25:27

সেইদিনা যালিম ব্যক্তিয়ে নিজৰে দুহাত কামুৰি কামুৰি ক’ব, ‘হায়, মই যদি ৰাছুলৰ সৈতে কোনো পথ অৱলম্বন কৰিলোহেঁতেন!’

Verse 28 — Surah Al-Furqan 25:28

হায়, দুৰ্ভাগ্য মোৰ, অমুকক যদি মই বন্ধুৰূপে গ্ৰহণ নকৰিলোহেঁতেন

Verse 29 — Surah Al-Furqan 25:29

অৱশ্যে সিয়ে মোক উপদেশ বাণীৰ পৰা বিভ্ৰান্ত কৰিছিল, অথচ মোৰ ওচৰত সেয়া আহিছিল; আৰু চয়তানতো মানুহৰ বাবে মহাপ্ৰতাৰক।

Verse 30 — Surah Al-Furqan 25:30

আৰু ৰাছুলে ক’লে, ‘হে মোৰ ৰব! নিশ্চয় মোৰ সম্প্ৰদায়ে কোৰআনক পৰিত্যজ সাব্যস্ত কৰিছে’।

Verse 31 — Surah Al-Furqan 25:31

(আল্লাহে ক’লে) ‘এইদৰেই আমি প্ৰত্যেক নবীৰ বাবে অপৰাধীবিলাকৰ মাজৰ পৰা শত্ৰু বনাই দিছো। তোমাৰ প্ৰতিপালকেই পথপ্ৰদৰ্শক আৰু সহায়কাৰীৰূপে যথেষ্ট’।

Verse 32 — Surah Al-Furqan 25:32

আৰু কাফিৰসকলে কয়, ‘সম্পূৰ্ণ কোৰআনখন তেওঁৰ ওচৰত একেলগে অৱতীৰ্ণ কৰা নহ’ল কিয়’? এই দৰে অৱতীৰ্ণ কৰাৰ কাৰণ হৈছে যাতে তোমাৰ হৃদয়ক আমি ইয়াৰ দ্বাৰা মজবুত কৰিব পাৰো সেয়ে আমি ইয়াক ক্ৰমে ক্ৰমে স্পষ্টভাৱে আবৃত্তি কৰিছো।

Verse 33 — Surah Al-Furqan 25:33

আৰু সিহঁতে তোমাৰ ওচৰত যিকোনো বিষয়েই লৈ নাহক কিয়, আমি সেইটোৰ সঠিক সমাধান আৰু সুন্দৰ ব্যাখ্যা তোমাৰ ওচৰত লৈ আহিছো।

Verse 34 — Surah Al-Furqan 25:34

যিসকলক উবুৰি খুৱাই জাহান্নামৰ পিনে একত্ৰিত কৰা হ’ব, সিহঁত মৰ্যাদাত অতি নিকৃষ্ট আৰু অধিক পথভ্ৰষ্ট।

Verse 35 — Surah Al-Furqan 25:35

আৰু আমিয়েই মুছাক কিতাব প্ৰদান কৰিছিলো আৰু তেওঁৰ লগত তেওঁৰ ভাতৃ হাৰূনক সহায়কাৰী কৰি দিছিলো।

Verse 36 — Surah Al-Furqan 25:36

তাৰ পিছত আমি কৈছিলো, ‘তোমালোকে সেই সম্প্ৰদায়ৰ ওচৰত যোৱা যিসকলে আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰিছে’। ফলত আমি সিহঁতক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰিছিলো

Verse 37 — Surah Al-Furqan 25:37

আৰু নূহৰ সম্প্ৰদায়কো, যেতিয়া সিহঁতে ৰাছুলসকলক অস্বীকাৰ কৰিছিল, তেতিয়া আমি সিহঁতক ডুবাই মাৰিলো আৰু সিহঁতক মানুহৰ বাবে নিদৰ্শনস্বৰূপ বনাই দিলো। আৰু আমি যালিমসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছো যন্ত্ৰণাদায়ক শাস্তি।

Verse 38 — Surah Al-Furqan 25:38

আৰু আমি ধ্বংস কৰিছিলো আদ, ছামূদ, ৰাছ’ৰ অধিবাসীবিলাকক, আৰু সিহঁতৰ মধ্যৱৰ্তী সময়ৰ বহু প্ৰজন্মকো।

Verse 39 — Surah Al-Furqan 25:39

আমি সিহঁতৰ প্ৰত্যেকৰ বাবে দৃষ্টান্ত বৰ্ণনা কৰিছিলো আৰু সিহঁতবোৰক আমি সম্পূৰ্ণৰূপে ধ্বংস কৰিছিলো।

Verse 40 — Surah Al-Furqan 25:40

অৱশ্যে এই কাফিৰবিলাকেও সেই জনপদৰ মাজেৰেই অহা-যোৱা কৰে যাৰ ওপৰত বৰ্ষিত হৈছিল অকল্যাণৰ বৃষ্টি, তেন্তে সিহঁতে সেইবোৰ দেখা নাপায় নে? আচলতে সিহঁতে পুনৰুত্থানৰ প্ৰত্যাশাই কৰা নাছিল।

Verse 41 — Surah Al-Furqan 25:41

আৰু সিহঁতে যেতিয়া তোমাক দেখে, তেতিয়া সিহঁতে তোমাক কেৱল হাঁহিয়াতৰ পাত্ৰৰূপেহে গণ্য কৰে, কয়, ‘এওঁৱেই নেকি সেইজন, যাক আল্লাহে ৰাছুল কৰি পঠাইছে’

Verse 42 — Surah Al-Furqan 25:42

‘এওঁ নিশ্চয় আমাক আমাৰ উপাস্যবোৰৰ পৰা আঁতৰ কৰি দিলেহেঁতেন, যদি আমি সিহঁতৰ প্ৰতি অবিচল নাথাকিলোহেঁতেন’। কিন্তু যেতিয়া সিহঁতে শাস্তি প্ৰত্যক্ষ কৰিব, তেতিয়াহে জানিব পাৰিব কোন অধিক পথভ্ৰষ্ট।

Verse 43 — Surah Al-Furqan 25:43

তুমি সেইজন ব্যক্তিক দেখিছানে, যিয়ে নিজ প্ৰবৃত্তিক ইলাহৰূপে গ্ৰহণ কৰিছে? তথাপিও তুমি তাৰ দায়িত্ব গ্ৰহণ কৰিবানে

Verse 44 — Surah Al-Furqan 25:44

অথবা তুমি ভাবা নেকি যে সিহঁতৰ অধিকাংশই শুনা পায় বা বুজি পায়? প্ৰকৃততে সিহঁত পশুৰ দৰে; বৰং সিহঁত তাতোকৈ অধিক পথভ্ৰষ্ট।

Verse 45 — Surah Al-Furqan 25:45

তুমি তোমাৰ প্ৰতিপালকৰ প্ৰতি লক্ষ্য নকৰা নেকি, চোৱাচোন তেওঁ কেনেকৈ ছাঁ সম্প্ৰসাৰিত কৰে? তেওঁ ইচ্ছা কৰিলে ইয়াক স্থিৰ ৰাখিব পাৰিলেহেঁতেন; পিছে আমি সূৰ্যক ইয়াৰ নিৰ্দেশক কৰি দিছো।

Verse 46 — Surah Al-Furqan 25:46

তাৰ পিছত আমি ইয়াক লাহে লাহে চপাই আনো।

Verse 47 — Surah Al-Furqan 25:47

আৰু তেৱেঁই তোমালোকৰ বাবে ৰাতিক কৰিছে আৱৰণস্বৰূপ, আৰু নিদ্ৰা প্ৰদান কৰিছে বিশ্ৰামৰ বাবে লগতে সজাগ হৈ উঠিবলৈ সৃষ্টি কৰিছে দিন।

Verse 48 — Surah Al-Furqan 25:48

আৰু তেৱেঁই তেওঁৰ ৰহমতৰ বৰষুণৰ আগতে সুসংবাদবাহীৰূপে বতাহ প্ৰেৰণ কৰে; আৰু আমিয়েই আকাশৰ পৰা পৱিত্ৰ পানী বৰ্ষণ কৰো

Verse 49 — Surah Al-Furqan 25:49

যাতে তাৰ দ্বাৰা আমি মৃত ভূ-খণ্ডক সঞ্জীৱিত কৰিব পাৰো, আৰু আমি যিবোৰ জীৱ-জন্তু আৰু মানুহ সৃষ্টি কৰিছো, তাৰ মাজৰ বহুতকে আমি সেয়া পান কৰাওঁ

Verse 50 — Surah Al-Furqan 25:50

আৰু অৱশ্যে আমি সেয়া সিহঁতৰ মাজত বন্টন কৰি দিছো, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে। তথাপিও অধিকাংশ লোকে কেৱল অকৃতজ্ঞতাই প্ৰকাশ কৰে।

Verse 51 — Surah Al-Furqan 25:51

আৰু আমি ইচ্ছা কৰিলে প্ৰতিটো জনপদতেই এজনকৈ সতৰ্ককাৰী পঠাব পাৰিলোহেঁতেন।

Verse 52 — Surah Al-Furqan 25:52

এতেকে তুমি কাফিৰসকলৰ আনুগত্য নকৰিবা আৰু তুমি কোৰআনৰ সহায়ত সিহঁতৰ লগত কঠোৰ সংগ্ৰাম চলাই যোৱা।

Verse 53 — Surah Al-Furqan 25:53

আৰু তেৱেঁই দুটা সাগৰক সমান্তৰালভাৱে প্ৰবাহিত কৰিছে, এখনৰ (পানী) সুস্বাদু, মিঠা আৰু আনখনৰ লুণীয়া, কেহেটা; আৰু তেওঁ উভয়ৰ মাজত ৰাখি দিছে এটা অন্তৰায়, যিটো অনতিক্ৰম্য ব্যৱধান।

Verse 54 — Surah Al-Furqan 25:54

আৰু তেৱেঁই মানুহক পানীৰ পৰা সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ তাক বংশগত আৰু বৈবাহিক সম্পৰ্কশীল কৰিছে। কাৰণ তোমাৰ ৰব প্ৰভূত ক্ষমতাবান।

Verse 55 — Surah Al-Furqan 25:55

আৰু সিহঁতে আল্লাহৰ পৰিবৰ্তে এনে কিছুমানৰ ইবাদত কৰে যিবোৰে সিহঁতৰ উপকাৰো কৰিব নোৱাৰে আৰু সিহঁতৰ অপকাৰো কৰিব নোৱাৰে। অৱশ্যে কাফিৰ কেৱল তাৰ প্ৰতিপালকৰ বিৰুদ্ধে সহায়কাৰী।

Verse 56 — Surah Al-Furqan 25:56

আৰু আমি তোমাক কেৱল সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপেহে প্ৰেৰণ কৰিছো।

Verse 57 — Surah Al-Furqan 25:57

কোৱা, ‘মই তোমালোকৰ ওচৰত ইয়াৰ বিপৰীতে কোনো বিনিময় নিবিচাৰো, কিন্তু যাৰ ইচ্ছা সি নিজ প্ৰতিপালকৰ পথ অৱলম্বন কৰক (এইটোৱে মোৰ কামনা)’।

Verse 58 — Surah Al-Furqan 25:58

আৰু তুমি কেৱল সেই সত্তাৰ প্ৰতি নিৰ্ভৰ কৰা যিজন চিৰঞ্জীৱ, যিজন কেতিয়াও মৃত্যুবৰণ নকৰিব, আৰু তেওঁৰেই সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা, তেওঁৰ বান্দাসকলৰ পাপ সম্পৰ্কে খবৰ ৰাখিবলৈ তেৱেঁই যথেষ্ট।

Verse 59 — Surah Al-Furqan 25:59

তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে সেই সকলো ছয় দিনত সৃষ্টি কৰিছে; তাৰ পিছত তেওঁ আৰছৰ ওপৰত উঠিছে। তেৱেঁই ৰহমান, এতেকে তেওঁৰ বিষয়ে যিয়ে জানে তাক সুধি চোৱা।

Verse 60 — Surah Al-Furqan 25:60

আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘তোমালোকে ৰহমানৰ প্ৰতি ছাজদাহ কৰা’, তেতিয়া সিহঁতে কয়, ‘ৰহমান আকৌ কি? তুমি কাৰোবাক ছাজদাহ কৰিব ক’লেই আমি তাক ছাজদাহ কৰিমনে’? (এনে আহ্বানে) কেৱল সিহঁতৰ পলায়নপৰতাই বৃদ্ধি কৰে।

Verse 61 — Surah Al-Furqan 25:61

অতি বৰকতময় সেই সত্তা যিজনে নভোমণ্ডলত সৃষ্টি কৰিছে বিশাল নক্ষত্ৰৰাজি আৰু তাত স্থাপন কৰিছে প্ৰদীপ আৰু আলো বিকিৰণকাৰী চন্দ্ৰ।

Verse 62 — Surah Al-Furqan 25:62

আৰু তেৱেঁই দিন ৰাতিক পৰস্পৰৰ অনুগামী কৰিছে, তাৰ বাবে যিয়ে উপদেশ গ্ৰহণ কৰিব বিচাৰে অথবা কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰে।

Verse 63 — Surah Al-Furqan 25:63

আৰু ৰহমানৰ বান্দা তেওঁলোকেই যিসকলে পৃথিৱীত অত্যন্ত বিনম্ৰভাৱে চলাফুৰা কৰে আৰু যেতিয়া মুৰ্খসকলে তেওঁলোকক (অশালীন ভাষাত) সম্বোধন কৰে, তেতিয়া তেওঁলোকে কয়, ‘ছালাম’

Verse 64 — Surah Al-Furqan 25:64

আৰু যিসকলে নিজ প্ৰতিপালকক ছাজদাহ কৰে আৰু থিয় হৈ (ইবাদত কৰি) থকা অৱস্থাত উজাগৰে ৰাতি কটায়

Verse 65 — Surah Al-Furqan 25:65

আৰু তেওঁলোকে কয়, ‘হে আমাৰ ৰব! তুমি আমাৰ পৰা জাহান্নামৰ শাস্তি আঁতৰাই দিয়া, নিশ্চয় ইয়াৰ শাস্তি অবিচ্ছিন্ন।

Verse 66 — Surah Al-Furqan 25:66

‘নিশ্চয় সেয়া বসবাস আৰু অৱস্থানস্থল হিচাপে অতি নিকৃষ্ট’।

Verse 67 — Surah Al-Furqan 25:67

আৰু তেওঁলোকে যেতিয়া ব্যয় কৰে তেতিয়া অপব্যয় নকৰে, আৰু কৃপণতাও নকৰে, বৰং (তেওঁলোকে) এই দুয়োৰ মধ্যৱৰ্তী পন্থা অৱলম্বন কৰে।

Verse 68 — Surah Al-Furqan 25:68

আৰু তেওঁলোকে আল্লাহৰ লগত আন কোনো ইলাহক আহ্বান নকৰে; আৰু আল্লাহে যি প্ৰাণ হত্যা কৰিবলৈ নিষেধ কৰিছে, যথাৰ্থ কাৰণবিহীন তাক হত্যা নকৰে। তেওঁলোকে ব্যভিচাৰ নকৰে; যিয়ে এইবোৰ কৰিব সি (অৱশ্যে) শাস্তি ভোগ কৰিব।

Verse 69 — Surah Al-Furqan 25:69

কিয়ামতৰ দিনা তাৰ শাস্তি বৰ্ধিতভাৱে প্ৰদান কৰা হ’ব আৰু তাত সি অপমানিত অৱস্থাত স্থায়ী হ’ব।

Verse 70 — Surah Al-Furqan 25:70

কিন্তু যিয়ে তাওবা কৰে, ঈমান পোষণ কৰে আৰু সৎকৰ্ম কৰে, ইয়াৰ ফলত আল্লাহে তেওঁলোকৰ গুণাহসমূহ পূণ্যৰ দ্বাৰা পৰিবৰ্তন কৰি দিব। আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

Verse 71 — Surah Al-Furqan 25:71

আৰু যিয়ে তাওবা কৰে আৰু সৎকৰ্ম কৰে, নিশ্চয় তেওঁ সম্পূৰ্ণৰূপে আল্লাহৰ অভিমুখী হয়।

Verse 72 — Surah Al-Furqan 25:72

আৰু তেওঁলোকে মিছা কথাৰ সাক্ষী নহয় আৰু তেওঁলোকে অসাৰ কাৰ্যকলাপৰ সন্মুখীন হ’লে নিজৰ মৰ্যাদা ৰক্ষাৰ্থে সেয়া পৰিহাৰ কৰি গুচি যায়।

Verse 73 — Surah Al-Furqan 25:73

আৰু তেওঁলোকক নিজ প্ৰতিপালকৰ আয়াতসমূহ স্মৰণ কৰাই দিলে তেওঁলোকে অন্ধ আৰু বধিৰৰ দৰে আচৰণ নকৰে।

Verse 74 — Surah Al-Furqan 25:74

আৰু তেওঁলোকে প্ৰাৰ্থনা কৰি কয়, ‘হে আমাৰ ৰব! আমাক এনেকুৱা স্ত্ৰী আৰু সন্তান-সন্ততি দান কৰা, যাৰ দ্বাৰা আমাৰ চকু জুৰ পৰি যায়। আৰু তুমি আমাক মুত্তাক্বীসকলৰ বাবে অনুসৰণযোগ্য বনাই দিয়া’।

Verse 75 — Surah Al-Furqan 25:75

তেওঁলোককেই জান্নাতৰ সুউচ্চ কক্ষ প্ৰতিদান হিচাপে প্ৰদান কৰা হ’ব। যিহেতু তেওঁলোক আছিল ধৈৰ্যশীল। তেওঁলোকক তাত অভিবাদন আৰু ছালামৰ দ্বাৰা সম্বৰ্ধনা কৰা হ’ব।

Verse 76 — Surah Al-Furqan 25:76

তাত তেওঁলোক স্থায়ী হ’ব। অৱস্থানস্থল আৰু বাসস্থান হিচাপে সেয়া কিমান যে উৎকৃষ্ট

Verse 77 — Surah Al-Furqan 25:77

কোৱা, ‘যদি তোমালোকে তেওঁক আহ্বান নকৰিলাহেঁতেন তেন্তে মোৰ প্ৰতিপালকে তোমালোকৰ প্ৰতি অকণো ভ্ৰুক্ষেপ নকৰিলেহেঁতেন। তাৰ পিছতো তোমালোকে অস্বীকাৰ কৰিছা, সেয়ে অচিৰেই অপৰিহাৰ্য হ’ব শাস্তি’।