Back to LanguagesPrevious ChapterNext Chapter
Assamese - Chapter 26 - Ash-Shuara
Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink
Verse 1 — Surah Ash-Shuara 26:1
ত্ব-ছীন-মীম।
Verse 2 — Surah Ash-Shuara 26:2
এইবোৰ সুস্পষ্ট কিতাবৰ আয়াত।
Verse 3 — Surah Ash-Shuara 26:3
সিহঁতে মুমিন হোৱা নাই বুলি হয়তো তুমি আত্মঘাতী হৈ পৰিবা।
Verse 4 — Surah Ash-Shuara 26:4
আমি ইচ্ছা কৰিলে আকাশৰ পৰা সিহঁতৰ ওপৰত এনেকুৱা নিদৰ্শন অৱতীৰ্ণ কৰিলোহেঁতেন, যাৰ ফলত সেইটোৰ প্ৰতি সিহঁতৰ ঘাৰ অৱনত হৈ পৰিলেহেঁতেন।
Verse 5 — Surah Ash-Shuara 26:5
আৰু যেতিয়াই সিহঁতৰ ওচৰত ৰহমানৰ তৰফৰ পৰা কোনো নতুন উপদেশ আহে, তেতিয়াই সিহঁতে তাৰ পৰা মুখ ঘূৰাই লয়।
Verse 6 — Surah Ash-Shuara 26:6
এতেকে সিহঁতে অৱশ্যে অস্বীকাৰ কৰিছে। সেয়ে সিহঁতে যিটো লৈ ঠাট্টা-বিদ্ৰূপ কৰিছিল তাৰ প্ৰকৃত বাৰ্তা সিহঁতৰ ওচৰত অতি শীঘ্ৰে আহি পৰিব।
Verse 7 — Surah Ash-Shuara 26:7
সিহঁতে পৃথিৱীৰ ফালে লক্ষ্য নকৰে নেকি? আমি তাত প্ৰত্যেক প্ৰকাৰৰ বহুতো উৎকৃষ্ট উদ্ভিদ উৎপন্ন কৰিছো
Verse 8 — Surah Ash-Shuara 26:8
নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।
Verse 9 — Surah Ash-Shuara 26:9
আৰু নিশ্চয় তোমাৰ ৰব, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।
Verse 10 — Surah Ash-Shuara 26:10
আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে মুছাক মাতি ক’লে, ‘তুমি যালিম সম্প্ৰদায়ৰ ওচৰলৈ যোৱা
Verse 11 — Surah Ash-Shuara 26:11
ফিৰআউনৰ সম্প্ৰদায়ৰ ওচৰত; সিহঁতে তাক্বৱা অৱলম্বন নকৰিব নে’
Verse 12 — Surah Ash-Shuara 26:12
মুছাই ক’লে, ‘হে মোৰ ৰব! মোৰ আশংকা হৈছে যে, সিহঁতে মোক অস্বীকাৰ কৰিব।
Verse 13 — Surah Ash-Shuara 26:13
‘আৰু মোৰ বুকু সংকুচিত হৈ পৰিছে, লগতে মোৰ জিভাও স্বাভাৱিক নহয়। এতেকে তুমি হাৰূনৰ প্ৰতিও অহী প্ৰেৰণ কৰা।
Verse 14 — Surah Ash-Shuara 26:14
‘আৰু মোৰ বিৰুদ্ধে সিহঁতৰ ওচৰত এটা অভিযোগো আছে, সেয়ে মোৰ আশংকা হৈছে যে, সিহঁতে মোক হত্যা কৰিব’।
Verse 15 — Surah Ash-Shuara 26:15
আল্লাহে ক’লে, ‘নহয়, কেতিয়াও নহয়, তোমালোক দুয়ো মোৰ নিদৰ্শন লৈ যোৱা, নিশ্চয় আমি তোমালোকৰ লগত আছো শ্ৰৱণকাৰী হিচাপে।
Verse 16 — Surah Ash-Shuara 26:16
‘এতেকে তোমালোক দুয়ো ফিৰআউনৰ ওচৰত গৈ কোৱা, ‘নিশ্চয় আমি বিশ্বজগতৰ প্ৰতিপালকৰ (তৰফৰ পৰা প্ৰেৰিত) ৰাছুল
Verse 17 — Surah Ash-Shuara 26:17
‘যাতে তুমি বনী ইছৰাঈলক আমাৰ লগত পঠাই দিয়া’।
Verse 18 — Surah Ash-Shuara 26:18
ফিৰআউনে ক’লে, ‘আমি তোমাক শৈশৱ কালত আমাৰ মাজতে লালন-পালন কৰা নাছিলো নে? আৰু অৱশ্যে তুমি তোমাৰ জীৱনৰ বহু বছৰ আমাৰ মাজতে অতিবাহিত কৰিছা
Verse 19 — Surah Ash-Shuara 26:19
‘আৰু তুমি তোমাৰ কৰ্ম যিটো কৰিবলগীয়া সেইটো কৰিছায়ে আৰু তুমি অকৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত’।
Verse 20 — Surah Ash-Shuara 26:20
মুছাই ক’লে, ‘সেইটো মই কৰিছিলো তেতিয়া, যেতিয়া মই বিভ্ৰান্ত আছিলো’।
Verse 21 — Surah Ash-Shuara 26:21
‘এতেকে যেতিয়া মই তোমালোকক ভয় কৰিছিলো, তেতিয়া মই তোমালোকৰ পৰা পলায়ন কৰিছিলো। ইয়াৰ পিছত মোৰ প্ৰতিপালকে মোক প্ৰজ্ঞা (নবুওৱত) দান কৰিছে আৰু মোক ৰাছুলসকলৰ অন্তৰ্ভুক্ত কৰিছে।
Verse 22 — Surah Ash-Shuara 26:22
‘আৰু মোৰ প্ৰতি তোমাৰ যি অনুগ্ৰহৰ কথা উল্লেখ কৰি তুমি দয়া দেখুৱাই আছা, তাৰ প্ৰকৃত সত্য এইটো যে, তুমি বনী ইছৰাঈলক দাসত পৰিণত কৰিছা’।
Verse 23 — Surah Ash-Shuara 26:23
ফিৰআউনে ক’লে, ‘সৃষ্টিজগতৰ ৰব আকৌ কি’
Verse 24 — Surah Ash-Shuara 26:24
মুছাই ক’লে, ‘তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মধ্যৱৰ্তী সকলো বস্তুৰ ৰব, যদি তোমালোকে নিশ্চিত বিশ্বাসী হোৱা’।
Verse 25 — Surah Ash-Shuara 26:25
ফিৰআউনে তাৰ ওচৰে পাজৰে থকা লোকসকলক লক্ষ্য কৰি ক’লে, ‘তোমালোকে মনোযোগ সহকাৰে শুনিছানে’
Verse 26 — Surah Ash-Shuara 26:26
মুছাই ক’লে, ‘তেৱেঁই তোমালোকৰ ৰব আৰু তোমালোকৰ পূৰ্বপুৰুষসকলোৰো ৰব’।
Verse 27 — Surah Ash-Shuara 26:27
ফিৰআউনে ক’লে, ‘তোমালোকৰ প্ৰতি প্ৰেৰিত তোমালোকৰ এই ৰাছুলজন নিশ্চয় এজন বলিয়া’।
Verse 28 — Surah Ash-Shuara 26:28
মুছাই ক’লে, ‘তেওঁ পূৱ আৰু পশ্চিমৰ লগতে এই দুয়োৰ মাজত যি আছে সেই সকলো বস্তুৰ ৰব; যদি তোমালোকে বুজি পোৱা’।
Verse 29 — Surah Ash-Shuara 26:29
ফিৰআউনে ক’লে, ‘যদি তুমি মোৰ পৰিবৰ্তে আনক ইলাহৰূপে গ্ৰহণ কৰা তেন্তে মই তোমাক অৱশ্যে কাৰাৰুদ্ধ কৰিম’।
Verse 30 — Surah Ash-Shuara 26:30
মুছাই ক’লে, ‘যদি মই তোমাৰ ওচৰত স্পষ্ট কোনো বিষয় লৈ আহোঁ, তথাপিও’
Verse 31 — Surah Ash-Shuara 26:31
ফিৰআউনে ক’লে, ‘যদি তুমি সত্যবাদী হোৱা তেন্তে সেয়া লৈ আহা’।
Verse 32 — Surah Ash-Shuara 26:32
তাৰ পিছত মুছাই তেওঁৰ লাখুটিডাল নিক্ষেপ কৰিলে তৎক্ষণাত সেয়া এডাল স্পষ্ট অজগৰ সাপত পৰিণত হ’ল।
Verse 33 — Surah Ash-Shuara 26:33
আৰু মুছাই তেওঁৰ হাত (কাষলতিৰ পৰা) ওলাই আনাৰ ফলত তৎক্ষণাত সেয়া দৰ্শকৰ দৃষ্টিত শুভ্ৰ উজ্জ্বল প্ৰতিভাত হ’ল।
Verse 34 — Surah Ash-Shuara 26:34
ফিৰআউনে তাৰ ওচৰে পাজৰে থকা পৰিষদবৰ্গক উদ্দেশ্য কৰি ক’লে, ‘নিশ্চয় এওঁ এজন সুদক্ষ যাদুকৰ’।
Verse 35 — Surah Ash-Shuara 26:35
‘এওঁ নিজৰ যাদু শক্তিৰে তোমালোকক তোমালোকৰ দেশৰ পৰাই বহিষ্কৃত কৰিব বিচাৰে। এতেকে তোমালোকে মোক কি পৰামৰ্শ দিয়া’
Verse 36 — Surah Ash-Shuara 26:36
সিহঁতে ক’লে, ‘তেওঁক আৰু তেওঁৰ ভাতৃক কিছু সময় অৱকাশ দিয়ক আৰু নগৰে নগৰে সংগ্ৰাহকসকলক পঠাই দিয়ক
Verse 37 — Surah Ash-Shuara 26:37
‘যাতে সিহঁতে আপোনাৰ ওচৰত প্ৰত্যেক অভিজ্ঞ যাদুকৰক লৈ উপস্থিত হয়’।
Verse 38 — Surah Ash-Shuara 26:38
তাৰ পিছত এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত যাদুকৰসকলক একত্ৰিত কৰা হ’ল
Verse 39 — Surah Ash-Shuara 26:39
আৰু মানুহক কোৱা হ’ল, ‘তোমালোকেও সমবেত হ’বানে’
Verse 40 — Surah Ash-Shuara 26:40
‘যাতে আমি যাদুকৰসকলক অনুসৰণ কৰিব পাৰো, যদি সিহঁতে বিজয়ী হয়’।
Verse 41 — Surah Ash-Shuara 26:41
এতেকে যেতিয়া যাদুকৰবিলাকে আহি ফিৰআউনক ক’লে, ‘যদি আমি বিজয়ী হওঁ তেন্তে আমাৰ বাবে পুৰষ্কাৰ থাকিব নে’
Verse 42 — Surah Ash-Shuara 26:42
ফিৰআউনে ক’লে, ‘হয়, আৰু নিশ্চয় তোমালোক তেতিয়া মোৰ ঘনিষ্টসকলৰ অন্তৰ্ভুক্ত হ’বা’।
Verse 43 — Surah Ash-Shuara 26:43
মুছাই সিহঁতক ক’লে, ‘তোমালোকৰ যি নিক্ষেপ কৰিবলগীয়া আছে সেয়া নিক্ষেপ কৰা’।
Verse 44 — Surah Ash-Shuara 26:44
তাৰ পিছত সিহঁতে সিহঁতৰ ৰছী আৰু লাখুটিবোৰ নিক্ষেপ কৰিলে আৰু সিহঁতে ক’লে, ‘ফিৰআউনৰ মৰ্যাদাৰ শপত! নিশ্চয় আমিয়েই বিজয়ী হম’।
Verse 45 — Surah Ash-Shuara 26:45
তাৰ পিছত মুছাই তেওঁৰ লাখুটিডাল নিক্ষেপ কৰিলে, ফলত তৎক্ষণাত ই সিহঁতৰ মিছা কীৰ্তিসমূহ গ্ৰাস কৰিবলৈ ধৰিলে।
Verse 46 — Surah Ash-Shuara 26:46
তেতিয়া যাদুকৰসকল ছাজদাৱনত হৈ পৰিল।
Verse 47 — Surah Ash-Shuara 26:47
তেওঁলোকে ক’লে, ‘আমি ঈমান আনিলো সৃষ্টিজগতৰ প্ৰতিপালকৰ প্ৰতি
Verse 48 — Surah Ash-Shuara 26:48
‘যিজন মুছা আৰু হাৰূনৰ ৰব’।
Verse 49 — Surah Ash-Shuara 26:49
ফিৰআউনে ক’লে, ‘মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে তাৰ প্ৰতি বিশ্বাস কৰিলা? নিশ্চয় সিয়ে তোমালোকৰ প্ৰধান আৰু সিয়ে তোমালোকক যাদু শিক্ষা দিছে। এতেকে অতিশীঘ্ৰে তোমালোকে ইয়াৰ পৰিণাম পাবা। নিশ্চয় আমি তোমালোকৰ হাত আৰু ভৰি বিপৰীত দিশৰ পৰা কাটি দিম আৰু তোমালোক সকলোকে শূলবিদ্ধ কৰিম’।
Verse 50 — Surah Ash-Shuara 26:50
তেওঁলোকে ক’লে, ‘কোনো অসুবিধা নাই, নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ ফালেই উভতি যাম।
Verse 51 — Surah Ash-Shuara 26:51
নিশ্চয় আমি আশা পোষণ কৰো যে, আমাৰ প্ৰতিপালকে আমাৰ অপৰাধসমূহ ক্ষমা কৰি দিব, কাৰণ আমিয়ে মুমিনসকলৰ মাজত প্ৰথম।
Verse 52 — Surah Ash-Shuara 26:52
আৰু আমি মুছাৰ প্ৰতি এই মৰ্মে অহী কৰিছিলো যে, ‘আমাৰ বান্দাসকলক লৈ ৰাতিৰ ভিতৰতে ওলাই যোৱা, নিশ্চয় তোমালোকক পিছে পিছে খেদি যোৱা হ’ব’।
Verse 53 — Surah Ash-Shuara 26:53
তাৰ পিছত ফিৰআউনে চহৰে চহৰে লোক সংগ্ৰহকাৰী প্ৰেৰণ কৰিলে
Verse 54 — Surah Ash-Shuara 26:54
‘নিশ্চয় ইহঁত ক্ষুদ্ৰ এটা দল
Verse 55 — Surah Ash-Shuara 26:55
‘আৰু নিশ্চয় সিহঁতে আমাৰ ক্ৰোধ উদ্ৰেক কৰিছে
Verse 56 — Surah Ash-Shuara 26:56
‘আৰু নিশ্চয় আমি সকলো সদায় সতৰ্ক’।
Verse 57 — Surah Ash-Shuara 26:57
পৰিণামত আমি ফিৰআউন গোষ্ঠীক সিহঁতৰ উদ্যানসমূহ আৰু প্ৰস্ৰৱনৰ পৰা বহিষ্কাৰ কৰিলো
Verse 58 — Surah Ash-Shuara 26:58
লগতে ধন-ভাণ্ডাৰ আৰু মনোৰম সৌধমালাৰ পৰাও।
Verse 59 — Surah Ash-Shuara 26:59
এইদৰেই হৈছিল আৰু আমি বনী ইছৰাঈলক কৰিছিলো এইবোৰৰ অধিকাৰী।
Verse 60 — Surah Ash-Shuara 26:60
তাৰ পিছত সিহঁতে সূৰ্যোদয়ৰ প্ৰাকমুহূৰ্তত তেওঁলোকৰ পিছ ল’লে।
Verse 61 — Surah Ash-Shuara 26:61
এতেকে যেতিয়া দুয়ো দলে পৰস্পৰক দেখিলে, তেতিয়া মুছাৰ সঙ্গীসকলে ক’লে, ‘নিশ্চয় আমি ধৰা পৰিলো!’
Verse 62 — Surah Ash-Shuara 26:62
মুছাই ক’লে, ‘কেতিয়াও নহয়, মোৰ লগত মোৰ প্ৰতিপালক আছে; অনতিপলমে তেওঁ মোক পথনিৰ্দেশ কৰিব’।
Verse 63 — Surah Ash-Shuara 26:63
তাৰ পিছত আমি মুছাৰ প্ৰতি অহী কৰিলো যে, ‘তোমাৰ লাখুটিৰে সাগৰত আঘাত কৰা’। ফলত সাগৰ বিভক্ত হৈ প্ৰত্যেক ভাগ বিশাল পৰ্বতৰ দৰে হৈ গ’ল
Verse 64 — Surah Ash-Shuara 26:64
আৰু আমি আন দলটোকো সেই ঠাইৰ নিকটৱৰ্তী কৰিলো
Verse 65 — Surah Ash-Shuara 26:65
আৰু আমি উদ্ধাৰ কৰিলো মুছা আৰু তেওঁৰ সঙ্গীসকল
Verse 66 — Surah Ash-Shuara 26:66
তাৰ পিছত ডুবাই মাৰিলো আনটো দলক।
Verse 67 — Surah Ash-Shuara 26:67
নিশ্চয় ইয়াৰ মাজত আছে নিদৰ্শন, কিন্তু সিহঁতৰ অধিকাংশই মুমিন নহয়।
Verse 68 — Surah Ash-Shuara 26:68
আৰু নিশ্চয় তোমাৰ ৰব মহাপৰাক্ৰমশালী, পৰম দয়ালু।
Verse 69 — Surah Ash-Shuara 26:69
আৰু তুমি সিহঁতৰ ওচৰত ইব্ৰাহীমৰ বৃত্তান্ত বৰ্ণনা কৰা।
Verse 70 — Surah Ash-Shuara 26:70
যেতিয়া তেওঁ তেওঁৰ পিতৃক আৰু নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে কিহৰ ইবাদত কৰা’
Verse 71 — Surah Ash-Shuara 26:71
সিহঁতে ক’লে, ‘আমি মূৰ্তি পূজা কৰো; এতেকে আমি নিষ্ঠাৰ সৈতে সেইটোকে ধৰি থাকিম’।
Verse 72 — Surah Ash-Shuara 26:72
তেওঁ ক’লে, ‘তোমালোকে যেতিয়া আহ্বান কৰা তেতিয়া সেইবোৰে তোমালোকৰ আহ্বান শুনা পায়নে
Verse 73 — Surah Ash-Shuara 26:73
‘অথবা সিহঁতে তোমালোকৰ উপকাৰ নাইবা ক্ষতি কৰিব পাৰে নেকি’
Verse 74 — Surah Ash-Shuara 26:74
সিহঁতে ক’লে, ‘বৰং আমি আমাৰ পিতৃপুৰুষ সকলক পাইছো, তেওঁলোকে এনেকুৱাই কৰিছিল’।
Verse 75 — Surah Ash-Shuara 26:75
ইব্ৰাহীমে ক’লে, ‘তোমালোকে ভাবি চাইছানে, যিসকলৰ ইবাদত তোমালোকে কৰা
Verse 76 — Surah Ash-Shuara 26:76
‘তোমালোক আৰু তোমালোকৰ পিতৃপুৰুষ সকল
Verse 77 — Surah Ash-Shuara 26:77
‘আটায়ে মোৰ শত্ৰু কেৱল বিশ্বজগতৰ ৰব (আল্লাহ)ৰ বাহিৰে।
Verse 78 — Surah Ash-Shuara 26:78
‘যিজনে মোক সৃষ্টি কৰিছে, তাৰ পিছত তেৱেঁই মোক হিদায়ত দিছে।
Verse 79 — Surah Ash-Shuara 26:79
‘তেৱেঁই মোক আহাৰ কৰায় আৰু তেৱেঁই মোক পান কৰায়।
Verse 80 — Surah Ash-Shuara 26:80
‘আৰু যেতিয়া মই অসুস্থ হওঁ, তেতিয়া তেৱেঁই মোক আৰোগ্য কৰে।
Verse 81 — Surah Ash-Shuara 26:81
‘তেৱেঁই মোৰ মৃত্যু ঘটাব আৰু তেৱেঁই মোক পুনৰ্জীৱিত কৰিব।
Verse 82 — Surah Ash-Shuara 26:82
‘আৰু তেওঁৰ ওচৰতেই মোৰ আশা যে, তেওঁ মোক কিয়ামতৰ দিনা মোৰ অপৰাধসমূহ ক্ষমা কৰি দিব।
Verse 83 — Surah Ash-Shuara 26:83
‘হে মোৰ ৰব! মোক হিকমত দান কৰা আৰু সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত কৰা।
Verse 84 — Surah Ash-Shuara 26:84
‘আৰু পৰৱৰ্তীসকলৰ মাজত মোৰ সুনাম-সুখ্যাতি অব্যাহত ৰাখা
Verse 85 — Surah Ash-Shuara 26:85
‘আৰু মোক সূখময় জান্নাতৰ অধিকাৰীসকলৰ অন্তৰ্ভুক্ত কৰা
Verse 86 — Surah Ash-Shuara 26:86
‘আৰু মোৰ পিতৃক ক্ষমা কৰা, নিশ্চয় তেওঁ পথভ্ৰষ্টবিলাকৰ অন্তৰ্ভুক্ত আছিল।
Verse 87 — Surah Ash-Shuara 26:87
‘আৰু (হে মোৰ ৰব!) পুনৰুত্থানৰ দিনা মোক লাঞ্ছিত নকৰিবা।
Verse 88 — Surah Ash-Shuara 26:88
‘যিদিনা ধন-সম্পদ- আৰু সন্তান-সন্ততি কোনো কামত নাহিব
Verse 89 — Surah Ash-Shuara 26:89
‘সেইদিনা উপকৃত হ’ব কেৱল সেই ব্যক্তি, যিজনে লৈ আহিব আল্লাহৰ ওচৰত বিশুদ্ধ অন্তঃকৰণ’।
Verse 90 — Surah Ash-Shuara 26:90
আৰু (সেইদিনা) মুত্তাক্বীসকলৰ বাবে নিকটৱৰ্তী কৰা হ’ব জান্নাত
Verse 91 — Surah Ash-Shuara 26:91
আৰু পথভ্ৰষ্টসকলৰ বাবে উন্মোচিত কৰা হ’ব জাহান্নাম
Verse 92 — Surah Ash-Shuara 26:92
সিহঁতক কোৱা হ’ব, ‘তোমালোকৰ সেইবোৰ উপাস্য ক’ত, যিবোৰৰ তোমালোকে উপাসনা কৰিছিলা
Verse 93 — Surah Ash-Shuara 26:93
আল্লাহৰ পৰিবৰ্তে? সিহঁতে তোমালোকক সহায় কৰিব পাৰেনে অথবা সিহঁতে আত্মৰক্ষা কৰিবলৈ সক্ষম নে
Verse 94 — Surah Ash-Shuara 26:94
তাৰ পিছত সেই উপাস্যবোৰক আৰু পথভ্ৰষ্টবিলাকক তলমূৰ কৰি জাহান্নামত নিক্ষেপ কৰা হ’ব
Verse 95 — Surah Ash-Shuara 26:95
লগতে ইবলীছৰ সৈন্যবাহিনীবিলাককো।
Verse 96 — Surah Ash-Shuara 26:96
সিহঁতে তাত বিতৰ্কত লিপ্ত হৈ ক’ব
Verse 97 — Surah Ash-Shuara 26:97
‘আল্লাহৰ শপত! নিশ্চয় আমি স্পষ্ট পথভ্ৰষ্টতাত আছিলো
Verse 98 — Surah Ash-Shuara 26:98
‘যেতিয়া আমি তোমালোকক সৃষ্টিজগতৰ প্ৰতিপালকৰ সমকক্ষ বুলি গণ্য কৰিছিলো
Verse 99 — Surah Ash-Shuara 26:99
‘আৰু আমাক কেৱল অপৰাধীবিলাকেই পথভ্ৰষ্ট কৰিছিল
Verse 100 — Surah Ash-Shuara 26:100
‘এতেকে আমাৰ কোনো ছুপাৰিছকাৰী নাই’।
Verse 101 — Surah Ash-Shuara 26:101
‘আৰু কোনো অন্তৰঙ্গ বন্ধুও নাই।
Verse 102 — Surah Ash-Shuara 26:102
‘হায়, যদি আমি আকৌ এবাৰ উভতি যোৱাৰ সুযোগ পালোহেঁতেন, তেন্তে আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হৈ গ’লোহেঁতেন!’
Verse 103 — Surah Ash-Shuara 26:103
নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ অধিকাংশই মুমিন নহয়।
Verse 104 — Surah Ash-Shuara 26:104
আৰু তোমাৰ ৰব, নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, পৰম দয়ালু।
Verse 105 — Surah Ash-Shuara 26:105
নূহ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল।
Verse 106 — Surah Ash-Shuara 26:106
যেতিয়া সিহঁতৰ ভাতৃ নূহে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবা নে’
Verse 107 — Surah Ash-Shuara 26:107
‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।
Verse 108 — Surah Ash-Shuara 26:108
‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।
Verse 109 — Surah Ash-Shuara 26:109
‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰো; মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।
Verse 110 — Surah Ash-Shuara 26:110
‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা।’
Verse 111 — Surah Ash-Shuara 26:111
সিহঁতে ক’লে, ‘আমি তোমাৰ প্ৰতি ঈমান আনিম নেকি অথচ তোমাক কেৱল নিম্নশ্ৰেণীৰ মানুহেই অনুসৰণ কৰিছে’
Verse 112 — Surah Ash-Shuara 26:112
নূহে ক’লে, ‘সিহঁতে কি কৰে সেয়া জনা মোৰ কি প্ৰয়োজন
Verse 113 — Surah Ash-Shuara 26:113
‘সিহঁতৰ হিচাপ লোৱা কেৱল মোৰ প্ৰতিপালকৰহে কাম; যদি তোমালোকে বুজি পালাহেঁতেন
Verse 114 — Surah Ash-Shuara 26:114
‘আৰু মুমিনসকলক খেদি পঠিওৱা মোৰ কাম নহয়।
Verse 115 — Surah Ash-Shuara 26:115
‘মইহে কেৱল এজন স্পষ্ট সতৰ্ককাৰী’।
Verse 116 — Surah Ash-Shuara 26:116
সিহঁতে ক’লে, ‘হে নূহ! যদি তুমি বিৰত নোহোৱা তেন্তে অৱশ্যে তুমি শিল দলিয়াই নিহত কৰা সকলৰ অন্তৰ্ভুক্ত হ’বা’।
Verse 117 — Surah Ash-Shuara 26:117
নূহে (প্ৰাৰ্থনা কৰি) ক’লে, ‘হে মোৰ ৰব! মোৰ সম্প্ৰদায়ে মোক অস্বীকাৰ কৰিছে’।
Verse 118 — Surah Ash-Shuara 26:118
‘সেয়ে তুমি মোৰ আৰু সিহঁতৰ মাজত স্পষ্ট মীমাংসা কৰি দিয়া লগতে মোক আৰু মোৰ লগৰ মুমিনসকলক ৰক্ষা কৰা’।
Verse 119 — Surah Ash-Shuara 26:119
ফলত আমি তেওঁক আৰু তেওঁৰ লগত যিসকল আছিল সকলোকে বোজাই নাৱত আৰোহণ কৰাই ৰক্ষা কৰিলো।
Verse 120 — Surah Ash-Shuara 26:120
তাৰ পিছত বাকী থকা সকলক ডুবাই মাৰিলো।
Verse 121 — Surah Ash-Shuara 26:121
নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ বেছি ভাগেই মুমিন নহয়।
Verse 122 — Surah Ash-Shuara 26:122
আৰু তোমাৰ ৰব, নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, পৰম দয়ালু।
Verse 123 — Surah Ash-Shuara 26:123
আদ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল
Verse 124 — Surah Ash-Shuara 26:124
যেতিয়া সিহঁতৰ ভাতৃ হূদে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে
Verse 125 — Surah Ash-Shuara 26:125
‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।
Verse 126 — Surah Ash-Shuara 26:126
‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা।
Verse 127 — Surah Ash-Shuara 26:127
‘ইয়াৰ বাবে মই তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰো, মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।
Verse 128 — Surah Ash-Shuara 26:128
‘তোমালোকে কিয় প্ৰতিটো উচ্চ স্থানত অযথা সৌধ নিৰ্মাণ কৰা
Verse 129 — Surah Ash-Shuara 26:129
‘আৰু তোমালোকে এনেকৈ প্ৰসাদসমূহ নিৰ্মাণ কৰি আছা, যেনিবা তোমালোক স্থায়ী।
Verse 130 — Surah Ash-Shuara 26:130
‘আৰু যেতিয়া তোমালোকে আঘাত কৰা তেতিয়া স্বেচ্ছাচাৰী হৈ আঘাত কৰা।
Verse 131 — Surah Ash-Shuara 26:131
‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোক অনুসৰণ কৰা।
Verse 132 — Surah Ash-Shuara 26:132
‘আৰু তোমালোকে তাক্বৱা অৱলম্বন কৰা সেই সত্তাৰ যিজনে তোমালোকক দান কৰিছে সেই সকলো বিষয়, যিবোৰ তোমালোকে জানা।
Verse 133 — Surah Ash-Shuara 26:133
‘তেৱেঁই তোমালোকক দান কৰিছে চতুষ্পদ জন্তু আৰু পুত্ৰ সন্তান
Verse 134 — Surah Ash-Shuara 26:134
‘উদ্যান আৰু ঝৰ্ণাসমূহ
Verse 135 — Surah Ash-Shuara 26:135
‘নিশ্চয় মই তোমালোকৰ বাবে এটা মহা দিৱসৰ শাস্তিৰ ভয় কৰো’।
Verse 136 — Surah Ash-Shuara 26:136
সিহঁতে ক’লে, ‘তুমি আমাক উপদেশ দিয়া বা নিদিয়া, উভয়ে আমাৰ বাবে সমান।
Verse 137 — Surah Ash-Shuara 26:137
‘এয়া পূৰ্বৱৰ্তীসকলৰহে স্বভাৱ।
Verse 138 — Surah Ash-Shuara 26:138
‘আমি কেতিয়াও শাস্তিপ্ৰাপ্ত নহওঁ’।
Verse 139 — Surah Ash-Shuara 26:139
এতেকে সিহঁতে তেওঁক অস্বীকাৰ কৰিলে, ফলত আমি সিহঁতক ধ্বংস কৰিলো। নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।
Verse 140 — Surah Ash-Shuara 26:140
আৰু তোমাৰ ৰব, নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, পৰম দয়ালু।
Verse 141 — Surah Ash-Shuara 26:141
ছামূদ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল
Verse 142 — Surah Ash-Shuara 26:142
যেতিয়া সিহঁতৰ ভাতৃ ছলেহে সিহঁতক কৈছিল, ‘তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন নকৰিবানে
Verse 143 — Surah Ash-Shuara 26:143
‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।
Verse 144 — Surah Ash-Shuara 26:144
‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা।
Verse 145 — Surah Ash-Shuara 26:145
‘ইয়াৰ বাবে মই তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰো, মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।
Verse 146 — Surah Ash-Shuara 26:146
‘ইয়াত যি আছে তাত তোমালোকক নিৰাপদে এৰি দিয়া হ’বনে
Verse 147 — Surah Ash-Shuara 26:147
‘উদ্যান আৰু ঝৰ্ণাসমূহত
Verse 148 — Surah Ash-Shuara 26:148
‘শস্যক্ষেত্ৰত আৰু সুকোমল জোকা বিশিষ্ট খেজুৰ বাগানত
Verse 149 — Surah Ash-Shuara 26:149
‘আৰু তোমালোকে নিপুণতাৰ সৈতে পাহাৰ কাটি যিবোৰ গৃহ নিৰ্মাণ কৰিছা।
Verse 150 — Surah Ash-Shuara 26:150
‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোক অনুসৰণ কৰা।
Verse 151 — Surah Ash-Shuara 26:151
‘আৰু তোমালোকে সীমালংঘনকাৰী সকলৰ নিৰ্দেশৰ আনুগত্য নকৰিবা
Verse 152 — Surah Ash-Shuara 26:152
‘যিসকলে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰে আৰু সংশোধন (তথা শান্তি স্থাপন) নকৰে’।
Verse 153 — Surah Ash-Shuara 26:153
সিহঁতে ক’লে, ‘তুমি হৈছা যাদুকাৰীবিলাকৰ অন্যতম।
Verse 154 — Surah Ash-Shuara 26:154
‘তুমি দেখুন আমাৰ দৰেই এজন মানুহ, সেয়ে তুমি যদি সত্যবাদী হোৱা তেন্তে এটা নিদৰ্শন লৈ আহা’।
Verse 155 — Surah Ash-Shuara 26:155
তেওঁ ক’লে, ‘এইজনী হৈছে (নিদৰ্শনীয়) উট, ইয়াৰ বাবে আছে পানী খোৱাৰ পাল, আৰু তোমালোকৰ বাবেও আছে এটা নিৰ্ধাৰিত দিনত পানী খোৱাৰ পাল।
Verse 156 — Surah Ash-Shuara 26:156
‘আৰু তোমালোকে ইয়াৰ কোনো অনিষ্ট সাধন নকৰিবা, যদি (অনিষ্ট সাধন) কৰা তেন্তে মহা দিৱসৰ শাস্তি তোমালোকৰ ওপৰত আপতিত হ’ব’।
Verse 157 — Surah Ash-Shuara 26:157
তথাপিও সিহঁতে সেই উটজনীক বধ কৰিলে, পৰিণামত সিহঁত অনুতপ্ত হ’ল।
Verse 158 — Surah Ash-Shuara 26:158
এতেকে শাস্তিয়ে সিহঁতক গ্ৰাস কৰিলে। নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ বেছিভাগেই মুমিন নহয়।
Verse 159 — Surah Ash-Shuara 26:159
আৰু তোমাৰ ৰব, নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, পৰম দয়ালু।
Verse 160 — Surah Ash-Shuara 26:160
লূতৰ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল
Verse 161 — Surah Ash-Shuara 26:161
যেতিয়া সিহঁতৰ ভাতৃ লূতে কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে
Verse 162 — Surah Ash-Shuara 26:162
‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।
Verse 163 — Surah Ash-Shuara 26:163
‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা।
Verse 164 — Surah Ash-Shuara 26:164
‘ইয়াৰ বাবে মই তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰো, মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।
Verse 165 — Surah Ash-Shuara 26:165
‘সৃষ্টিজগতৰ মাজত তোমালোকে কেৱল পুৰুষসকলৰ ওচৰতেই উপগত হোৱা
Verse 166 — Surah Ash-Shuara 26:166
‘আৰু তোমালোকৰ প্ৰতিপালকে তোমালোকৰ বাবে যে স্ত্ৰীসকলক সৃষ্টি কৰিছে সিহঁতক তোমালোকে বৰ্জন কৰি থাকা? বৰং তোমালোকে হৈছা এটা সীমালংঘনকাৰী সম্প্ৰদায়’।
Verse 167 — Surah Ash-Shuara 26:167
সিহঁতে ক’লে, ‘হে লূত! তুমি যদি বিৰত নোহোৱা, তেন্তে নিশ্চয় তুমি বহিষ্কাৰ হ’বা’।
Verse 168 — Surah Ash-Shuara 26:168
তেওঁ ক’লে, ‘নিশ্চয় মই তোমালোকৰ কৰ্মক ঘৃণা কৰো।
Verse 169 — Surah Ash-Shuara 26:169
(তেওঁ প্ৰাৰ্থনা কৰি ক’লে,) ‘হে মোৰ ৰব! মোক আৰু মোৰ পৰিয়ালক সিহঁতৰ এই কৰ্মৰ পৰা ৰক্ষা কৰা’।
Verse 170 — Surah Ash-Shuara 26:170
ফলত আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক ৰক্ষা কৰিলো।
Verse 171 — Surah Ash-Shuara 26:171
কেৱল সেই বৃদ্ধাজনীৰ বাহিৰে, যিজনী আছিল পিছত অৱস্থাৱকাৰী বিলাকৰ অন্তৰ্ভুক্ত।
Verse 172 — Surah Ash-Shuara 26:172
তাৰ পিছত আমি বাকীবিলাকক ধ্বংস কৰিলো।
Verse 173 — Surah Ash-Shuara 26:173
আৰু আমি সিহঁতৰ ওপৰত শাস্তিমূলক শিলাবৃষ্টি বৰ্ষণ কৰিলো। এতেকে ভীতি প্ৰদৰ্শিতসকলৰ বাবে এই বৃষ্টি কিমান যে নিকৃষ্ট আছিল
Verse 174 — Surah Ash-Shuara 26:174
নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ বেছিভাগেই মুমিন নহয়।
Verse 175 — Surah Ash-Shuara 26:175
আৰু তোমাৰ ৰব, নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, পৰম দয়ালু।
Verse 176 — Surah Ash-Shuara 26:176
আইকাৰ অধিবাসীসকলেও ৰাছুলসকলক অস্বীকাৰ কৰিছিল
Verse 177 — Surah Ash-Shuara 26:177
যেতিয়া ছুআইবে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে
Verse 178 — Surah Ash-Shuara 26:178
‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।
Verse 179 — Surah Ash-Shuara 26:179
‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা।
Verse 180 — Surah Ash-Shuara 26:180
‘ইয়াৰ বাবে মই তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰো, মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।
Verse 181 — Surah Ash-Shuara 26:181
‘তোমালোকে ওজন কৰোঁতে পৰিপূৰ্ণ ওজন কৰিবা, যিবিলাকে ওজনত কম দিয়ে তোমালোকে সিহঁতৰ অন্তৰ্ভুক্ত নহ’বা।
Verse 182 — Surah Ash-Shuara 26:182
‘আৰু ওজন কৰিবা সঠিক তুলাচনীত।
Verse 183 — Surah Ash-Shuara 26:183
‘আৰু মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা।
Verse 184 — Surah Ash-Shuara 26:184
‘আৰু সেই সত্তাৰ তাক্বৱা অৱলম্বন কৰা যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলক সৃষ্টি কৰিছে’।
Verse 185 — Surah Ash-Shuara 26:185
সিহঁতে ক’লে, ‘নিশ্চয় তুমি যাদুগ্ৰস্ত হৈছা।
Verse 186 — Surah Ash-Shuara 26:186
‘তুমি দেখুন আমাৰ দৰেই এজন মানুহ, আৰু আমি তোমাক মিছলীয়াবিলাকৰ অন্তৰ্ভুক্ত বুলি ভাৱো।
Verse 187 — Surah Ash-Shuara 26:187
‘এতেকে তুমি যদি সত্যবাদী হোৱা, তেন্তে আকাশৰ এটা টুকুৰা আমাৰ ওপৰত পেলাই দিয়া’।
Verse 188 — Surah Ash-Shuara 26:188
তেওঁ ক’লে, ‘মোৰ প্ৰতিপালকেই ভালদৰে জানে তোমালোকে যি কৰা’।
Verse 189 — Surah Ash-Shuara 26:189
এতেকে সিহঁতে তেওঁক অস্বীকাৰ কৰিলে। ফলত সিহঁতক মেঘাচ্ছন্ন দিনৰ শাস্তিয়ে গ্ৰাস কৰিলে। নিশ্চয় এয়া আছিল এটা ভীষণ দিনৰ শাস্তি।
Verse 190 — Surah Ash-Shuara 26:190
নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।
Verse 191 — Surah Ash-Shuara 26:191
আৰু তোমাৰ ৰব, নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, পৰম দয়ালু।
Verse 192 — Surah Ash-Shuara 26:192
নিশ্চয় এইটো (কোৰআন) সৃষ্টিজগতৰ ৰব (আল্লাহ)ৰ তৰফৰ পৰা অৱতীৰ্ণ।
Verse 193 — Surah Ash-Shuara 26:193
বিশ্বস্ত ৰূহে (জীব্ৰীলে) সেয়া লৈ অৱতৰণ কৰিছে।
Verse 194 — Surah Ash-Shuara 26:194
তোমাৰ হৃদয়ত, যাতে তুমি সতৰ্ককাৰী সকলৰ অন্তৰ্ভুক্ত হোৱা।
Verse 195 — Surah Ash-Shuara 26:195
সুস্পষ্ট আৰবী ভাষাত।
Verse 196 — Surah Ash-Shuara 26:196
আৰু নিশ্চয় পূৰ্বৱৰ্তী কিতাবসমূহত ইয়াৰ উল্লেখ আছে।
Verse 197 — Surah Ash-Shuara 26:197
এইটো সিহঁতৰ বাবে এটা নিদৰ্শন নহয়নে বাৰু যে, বনী ইছৰাঈলৰ আলিমসকলে এই বিষয়ে জানে
Verse 198 — Surah Ash-Shuara 26:198
আৰু যদি আমি ইয়াক কোনো অনাৰবৰ প্ৰতি অৱতীৰ্ণ কৰিলোহেঁতেন
Verse 199 — Surah Ash-Shuara 26:199
আৰু সেইটো তেওঁ সিহঁতৰ ওচৰত পাঠ কৰিলে তথাপিও সিহঁতে ইয়াৰ প্ৰতি ঈমান পোষণ নকৰিলেহেঁতেন।
Verse 200 — Surah Ash-Shuara 26:200
এইদৰেই আমি বিষয়টো অপৰাধীসকলৰ অন্তৰত সঞ্চাৰ কৰিছো।
Verse 201 — Surah Ash-Shuara 26:201
সিহঁতে যন্ত্ৰণাদায়ক শাস্তি নেদেখা লৈকে ইয়াৰ ওপৰত ঈমান পোষণ নকৰিব।
Verse 202 — Surah Ash-Shuara 26:202
এতেকে সেই (শাস্তি)টো সিহঁতৰ ওচৰত আকস্মিকভাৱে আহি পৰিব, অথচ সিহঁতে একোৱে উপলব্ধি কৰিব নোৱাৰিব।
Verse 203 — Surah Ash-Shuara 26:203
তেতিয়া সিহঁতে ক’ব, ‘আমাক অলপ অৱকাশ দিয়া হ’বনে’
Verse 204 — Surah Ash-Shuara 26:204
তেন্তে সিহঁতে আমাৰ শাস্তি ত্বৰান্বিত কৰিব বিচাৰে নেকি
Verse 205 — Surah Ash-Shuara 26:205
তুমি ভাবি চোৱাচোন! যদি আমি সিহঁতক দীৰ্ঘকাল ভোগ-বিলাস কৰিবলৈ দিওঁ
Verse 206 — Surah Ash-Shuara 26:206
তাৰ পিছত সিহঁতক যি বিষয়ে সতৰ্ক কৰা হৈছিল সেয়া সিহঁতৰ ওচৰত আহি পৰে
Verse 207 — Surah Ash-Shuara 26:207
তেতিয়া সিহঁতক যি ভোগ-বিলাসৰ উপকৰণ হিচাপে দিয়া হৈছিল সেয়া সিহঁতৰ কোনো উপকাৰত আহিবনে
Verse 208 — Surah Ash-Shuara 26:208
আৰু আমি এনে কোনো জনপদ ধ্বংস কৰা নাই যাৰ বাবে কোনো সতৰ্ককাৰী নাছিল
Verse 209 — Surah Ash-Shuara 26:209
(সিহঁতৰ বাবে) স্মৰণ হিচাপে; আৰু আমি অন্যায়কাৰী নহয়।
Verse 210 — Surah Ash-Shuara 26:210
আৰু চয়তানবিলাকে এয়া লৈ অৱতৰণ কৰা নাই।
Verse 211 — Surah Ash-Shuara 26:211
আৰু সিহঁত এই কামৰ যোগ্যও নহয় লগতে সিহঁতে এই কামৰ সামৰ্থও নাৰাখে।
Verse 212 — Surah Ash-Shuara 26:212
নিশ্চয় সিহঁতক শ্ৰৱণ কৰাৰ পৰাও আঁতৰত ৰখা হৈছে।
Verse 213 — Surah Ash-Shuara 26:213
এতেকে তুমি আল্লাহৰ লগত আন কোনো ইলাহক আহ্বান নকৰিবা, অন্যথা তুমি শাস্তিপ্ৰাপ্তবিলাকৰ অন্তৰ্ভুক্ত হ’বা।
Verse 214 — Surah Ash-Shuara 26:214
আৰু তুমি তোমাৰ নিকটাত্মীয় সকলক সতৰ্ক কৰা।
Verse 215 — Surah Ash-Shuara 26:215
আৰু যিসকলে তোমাৰ অনুসৰণ কৰে, তেওঁলোকৰ প্ৰতি তোমাৰ বাহু অৱনত কৰা।
Verse 216 — Surah Ash-Shuara 26:216
এতেকে যদি সিহঁতে তোমাৰ অবাধ্য হয়, তেন্তে কোৱা, ‘তোমালোকে যি কৰা, নিশ্চয় মই তাৰ পৰা সম্পূৰ্ণ মুক্ত’।
Verse 217 — Surah Ash-Shuara 26:217
আৰু তুমি নিৰ্ভৰ কৰা পৰাক্ৰমশালী, পৰম দয়ালু (আল্লাহ)ৰ ওপৰত
Verse 218 — Surah Ash-Shuara 26:218
যিজনে তোমাক দেখে যেতিয়া তুমি (ছালাতৰ বাবে) থিয় হোৱা
Verse 219 — Surah Ash-Shuara 26:219
আৰু (তেৱেঁই) ছাজদাকাৰী সকলৰ মাজত তোমাৰ গতিবিধি (লক্ষ্য কৰে)।
Verse 220 — Surah Ash-Shuara 26:220
নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
Verse 221 — Surah Ash-Shuara 26:221
মই তোমালোকক সংবাদ দিমনে, কাৰ ওপৰত চয়তান অৱতীৰ্ণ হয়
Verse 222 — Surah Ash-Shuara 26:222
সিহঁত অৱতীৰ্ণ হয় প্ৰত্যেক চৰম মিছলীয়া আৰু পাপীষ্ট ব্যক্তিৰ ওপৰত।
Verse 223 — Surah Ash-Shuara 26:223
সিহঁতে কাণ পাতি থাকে আৰু সিহঁতৰ অধিকাংশই মিছলীয়া।
Verse 224 — Surah Ash-Shuara 26:224
আৰু কবিসকল, সিহঁতৰ অনুসৰণ কেৱল বিভ্ৰান্তবিলাকেহে কৰে।
Verse 225 — Surah Ash-Shuara 26:225
তুমি লক্ষ্য কৰা নাইনে যে, সিহঁত উদ্ভ্ৰান্ত হৈ প্ৰত্যেক উপত্যকাত ঘূৰি ফুৰে
Verse 226 — Surah Ash-Shuara 26:226
আৰু সিহঁতে এনেকুৱা কথা কয়, যিটো সিহঁতে (নিজেই) নকৰে।
Verse 227 — Surah Ash-Shuara 26:227
কিন্তু তেওঁলোকৰ বাহিৰে যিসকলে ঈমান আনিছে, সৎকৰ্ম কৰিছে, আৰু আল্লাহক বেছি বেছি স্মৰণ কৰিছে আৰু অত্যাচাৰিত হোৱাৰ পিছত প্ৰতিশোধ গ্ৰহণ কৰিছে। আৰু যালিমসকলে অতিশীঘ্ৰেই জানিবলৈ পাব যে, কোন ধৰণৰ গন্তব্যস্থলত সিহঁতে প্ৰত্যাৱৰ্তন কৰিব।