Back to LanguagesPrevious ChapterNext Chapter
Assamese - Chapter 29 - Al-Ankabut
Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink
Verse 1 — Surah Al-Ankabut 29:1
আলিফ-লাম-মীম।
Verse 2 — Surah Al-Ankabut 29:2
মানুহে ভাবিছে নেকি যে, ‘আমি ঈমান আনিছো’ এই বুলি ক’লেই সিহঁতক পৰীক্ষা নকৰাকৈয়ে এনেই এৰি দিয়া হ’ব
Verse 3 — Surah Al-Ankabut 29:3
অৱশ্যে আমি সিহঁতৰ পূৰ্বৱৰ্তীসকলকো পৰীক্ষা কৰিছিলো, আল্লাহে অৱশ্যে প্ৰকাশ কৰি দিব কোন সত্যবাদী আৰু তেওঁ অৱশ্যে প্ৰকাশ কৰি দিব কোন মিছলীয়া।
Verse 4 — Surah Al-Ankabut 29:4
অথবা যিসকলে দুষ্কৰ্ম কৰে সিহঁতে ভাবিছে নেকি যে, সিহঁতে আমাৰ আয়ত্তৰ বাহিৰত গুচি যাব? কিমান যে নিকৃষ্ট সিহঁতৰ এই সিদ্ধান্ত
Verse 5 — Surah Al-Ankabut 29:5
যিয়ে আল্লাহৰ সাক্ষাত কামনা কৰে তেওঁ জানি থোৱা উচিত যে, নিশ্চয় আল্লাহৰ নিৰ্ধাৰিত সময় আহিবই; আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
Verse 6 — Surah Al-Ankabut 29:6
আৰু যিয়ে প্ৰচেষ্টা চলায়, সি নিজৰ বাবেহে প্ৰচেষ্টা চলায়, নিশ্চয় আল্লাহ সৃষ্টিজগতৰ পৰা অমুখাপেক্ষী।
Verse 7 — Surah Al-Ankabut 29:7
আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, অৱশ্যে আমি তেওঁলোকৰ পৰা তেওঁলোকৰ পাপসমূহ মচি দিম আৰু তেওঁলোকে যি উত্তম আমল কৰিছিল, অৱশ্যে আমি তাৰ প্ৰতিদান দিম।
Verse 8 — Surah Al-Ankabut 29:8
আৰু আমি মানুহক তাৰ পিতৃ-মাতৃৰ প্ৰতি সদ্ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছো। কিন্তু সিহঁতে যদি তোমাৰ ওপৰত বল প্ৰয়োগ কৰে মোৰ লগত শ্বিৰ্ক কৰিবলৈ যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই, তেন্তে তুমি সিহঁতৰ কথা নামানিবা। মোৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন। তাৰ পিছত মই তোমালোকক জনাই দিম তোমালোকে কি কৰিছিলা।
Verse 9 — Surah Al-Ankabut 29:9
আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, অৱশ্যে আমি তেওঁলোকক সৎকৰ্মপৰায়ণ সকলৰ অন্তৰ্ভুক্ত কৰিম।
Verse 10 — Surah Al-Ankabut 29:10
আৰু মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে, যিসকলে কয়, ‘আমি আল্লাহৰ প্ৰতি ঈমান আনিছো’, কিন্তু আল্লাহৰ পথত যেতিয়া সিহঁতক নিগৃহিত কৰা হয়, তেতিয়া সিহঁতে মানুহৰ শাস্তিক আল্লাহৰ শাস্তিৰ দৰে গণ্য কৰে। আৰু তোমাৰ প্ৰতিপালকৰ পৰা কোনো সহায় আহিলে সিহঁতে কয়, ‘নিশ্চয় আমি তোমালোকৰ লগতেই আছিলো’, (তেন্তে কোৱাচোন) সৃষ্টিজগতৰ অন্তঃকৰণত যি আছে, সেই বিষয়ে আল্লাহ সম্যক অৱগত নহয়নে
Verse 11 — Surah Al-Ankabut 29:11
আৰু আল্লাহে অৱশ্যে প্ৰকাশ কৰি দিব কোনে ঈমান আনিছে আৰু অৱশ্যে প্ৰকাশ কৰি দিব কোন মুনাফিক।
Verse 12 — Surah Al-Ankabut 29:12
আৰু কাফিৰসকলে মুমিনসকলক কয়, ‘তোমালোকে আমাৰ পথ অনুসৰণ কৰা তেনেহ’লে আমি তোমালোকৰ পাপৰ বোজা বহন কৰিম’। অথচ সিহঁতে সিহঁতৰ পাপৰ কোনো বোজা বহন নকৰিব। নিশ্চয় সিহঁত মিছলীয়া।
Verse 13 — Surah Al-Ankabut 29:13
আৰু অৱশ্যে সিহঁতে বহন কৰিব নিজৰ বোজা লগতে আৰু কিছুমান বোজা; আৰু সিহঁতে যি মিছা ৰটনা কৰিছিল সেই বিষয়ে সিহঁতক অৱশ্যে কিয়ামতৰ দিনা প্ৰশ্ন কৰা হ’ব।
Verse 14 — Surah Al-Ankabut 29:14
আৰু আমিয়েই নূহক তেওঁৰ সম্প্ৰদায়ৰ ওচৰত প্ৰেৰণ কৰিছিলো। তেওঁ সিহঁতৰ মাজত অৱস্থান কৰিছিল পঞ্চাশ বছৰ কম এহেজাৰ বছৰ। তাৰ পিছত মহা-প্লাৱনে সিহঁতক গ্ৰাস কৰিলে, কাৰণ সিহঁত আছিল যালিম।
Verse 15 — Surah Al-Ankabut 29:15
তাৰ পিছত আমি তেওঁক আৰু নাৱত আৰোহনকাৰী সকলক ৰক্ষা কৰিলো আৰু সৃষ্টিজগতৰ বাবে ইয়াক এটা নিদৰ্শন বনাই দিলো।
Verse 16 — Surah Al-Ankabut 29:16
আৰু (স্মৰণ কৰা) ইব্ৰাহীমক, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, তোমালোকে কেৱল আল্লাহৰেই ইবাদত কৰা আৰু তেওঁৰেই তাক্বৱা অৱলম্বন কৰা; এইটোৱেই তোমালোকৰ বাবে উত্তম যদি তোমালোকে জানিলাহেঁতেন
Verse 17 — Surah Al-Ankabut 29:17
তোমালোকে আল্লাহক এৰি কেৱল মূৰ্তিপূজাহে কৰি আছা আৰু মিছা উদ্ভাৱন কৰি আছা। তোমালোকে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰি আছা সিহঁতে কেতিয়াও তোমালোকৰ জীৱিকাৰ মালিক নহয়। সেয়ে তোমালোকে কেৱল আল্লাহৰ ওচৰতেই জীৱিকা বিচৰা আৰু তেওঁৰেই ইবাদত কৰা। তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰা। তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা।
Verse 18 — Surah Al-Ankabut 29:18
আৰু যদি তোমালোকে অস্বীকাৰ কৰা তেন্তে তোমালোকৰ পূৰ্বৱৰ্তী সকলেও অস্বীকাৰ কৰিছিল। আৰু সুস্পষ্টভাৱে প্ৰচাৰ কৰাটোৱেই কেৱল ৰাছুলৰ গুৰু দায়িত্ব।
Verse 19 — Surah Al-Ankabut 29:19
সিহঁতে লক্ষ্য কৰা নাইনে, আল্লাহে কেনেকৈ সৃষ্টিক অস্তিত্ব দান কৰে? তাৰ পিছত তেওঁ ইয়াৰ পুনৰাবৃত্তি কৰিব। নিশ্চয় এইটো আল্লাহৰ বাবে অতি সহজ।
Verse 20 — Surah Al-Ankabut 29:20
কোৱা, ‘তোমালোকে পৃথিৱীত ভ্ৰমণ কৰা, তাৰ পিছত প্ৰত্যক্ষ কৰা, কেনেকৈ তেওঁ সৃষ্টি আৰম্ভ কৰিছে, তাৰ পিছত আল্লাহেই সৃষ্টি কৰিব পৰৱৰ্তী সৃষ্টি’। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
Verse 21 — Surah Al-Ankabut 29:21
তেওঁ যাক ইচ্ছা শাস্তি দিয়ে আৰু যাৰ প্ৰতি ইচ্ছা অনুগ্ৰহ কৰে। আৰু তোমালোকক তেওঁৰ ওচৰতেই উভতাই নিয়া হ’ব।
Verse 22 — Surah Al-Ankabut 29:22
তোমালোকে আল্লাহক পৃথিৱীত অথবা আকাশত কতো ব্যৰ্থ কৰিব নোৱাৰিবা। আৰু আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱক নাই, আৰু কোনো সাহায্যকাৰীও নাই।
Verse 23 — Surah Al-Ankabut 29:23
আৰু যিসকলে আল্লাহৰ নিদৰ্শনক আৰু তেওঁৰ সাক্ষাতক অস্বীকাৰ কৰে, সিহঁতেই মোৰ অনুগ্ৰহৰ পৰা নিৰাশ হৈছে, আৰু সিহঁতৰ বাবেই আছে যন্ত্ৰণাদায়ক শাস্তি।
Verse 24 — Surah Al-Ankabut 29:24
উত্তৰত ইব্ৰাহীমৰ সম্প্ৰদায়ে কেৱল এই কথাষাৰকে ক'লে, ইয়াক হত্যা কৰা অথবা জুইত জ্বলাই দিয়া। তাৰ পিছত আল্লাহে তেওঁক জুইৰ পৰা ৰক্ষা কৰিলে। নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন, এনে সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।
Verse 25 — Surah Al-Ankabut 29:25
ইব্ৰাহীমে আৰু ক’লে, ‘তোমালোকে দেখুন আল্লাহৰ পৰিবৰ্তে মূৰ্তিবোৰকহে উপাস্যৰূপে গ্ৰহণ কৰিছা, পাৰ্থিৱ জীৱনত তোমালোকৰ পাৰস্পাৰিক বন্ধুত্বৰ খাতিৰত। কিন্তু কিয়ামতৰ দিনা তোমালোকে ইজনে সিজনক অস্বীকাৰ কৰিবা আৰু পৰস্পৰে পৰস্পৰক অভিশাপ কৰিবা। তোমালোকৰ আবাস হ’ব জাহান্নাম আৰু তোমালোকৰ কোনো সহায়কাৰী নাথাকিব’।
Verse 26 — Surah Al-Ankabut 29:26
তাৰ পিছত লূতে তেওঁৰ ওপৰত বিশ্বাস স্থাপন কৰিলে। আৰু ইব্ৰাহীমে ক'লে, মই মোৰ প্ৰতিপালকৰ উদ্দেশ্যে হিজৰত কৰিছো। নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Verse 27 — Surah Al-Ankabut 29:27
আৰু আমি ইব্ৰাহীমক দান কৰিলো ইছহাক্ব আৰু ইয়াকূব। লগতে তেওঁৰ বংশধৰসকলৰ বাবে স্থিৰ কৰিলো নবূওৱত আৰু কিতাব। আমি তেওঁক তেওঁৰ প্ৰতিদান পৃথিৱীতেই দান কৰিছিলো আৰু আখিৰাততো তেওঁ নিশ্চয় সৎকৰ্মপৰায়ণ সকলৰ অন্যতম হ’ব।
Verse 28 — Surah Al-Ankabut 29:28
আৰু স্মৰণ কৰা লূতৰ কথা, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘নিশ্চয় তোমালোকে এনেকুৱা অশ্লীল কাম কৰিছা যিটো তোমালোকৰ পূৰ্বে সৃষ্টিজগতৰ কোনেও কৰা নাই’।
Verse 29 — Surah Al-Ankabut 29:29
‘তোমালোকেই পুৰুষৰ ওচৰত গমন কৰা (কাম তৃপ্তিৰ বাবে), আৰু তোমালোকেই বাটে-পথে ডকাইতি কৰা আৰু তোমালোকেই নিজৰ বৈঠকত প্ৰকাশ্য ঘৃণনীয় কাম কৰা’। উত্তৰত তেওঁৰ সম্প্ৰদায়ে কেৱল এইটোৱে ক’লে যে, ‘তেন্তে আমাৰ ওপৰত আল্লাহৰ শাস্তি লৈ আহা, যদি তুমি সত্যবাদী হোৱা’।
Verse 30 — Surah Al-Ankabut 29:30
তেওঁ ক’লে, ‘হে মোৰ ৰব! বিপৰ্যয় সৃষ্টিকাৰী সম্প্ৰদায়ৰ বিৰুদ্ধে তুমি মোক সহায় কৰা’।
Verse 31 — Surah Al-Ankabut 29:31
আৰু যেতিয়া আমাৰ প্ৰেৰিত ফিৰিস্তাসকল সুসংবাদসহ ইব্ৰাহীমৰ ওচৰত আহিল, তেওঁলোকে ক’লে, ‘নিশ্চয় আমি এই জনপদবাসীক ধ্বংস কৰিম। নিশ্চয় ইয়াৰ অধিবাসীবিলাক যালিম’।
Verse 32 — Surah Al-Ankabut 29:32
ইব্ৰাহীমে ক’লে, ‘নিশ্চয় এই জনপদত দেখুন লূতো আছে। তেওঁলোকে ক'লে, তাত কোন কোন আছে সেয়া আমি ভালকৈয়ে জানো, নিশ্চয় আমি লূতক আৰু তেওঁৰ পৰিয়ালবৰ্গক ৰক্ষা কৰিম, কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে, তাই পিছত অৱস্থানকাৰী বিলাকৰ অন্তৰ্ভুক্ত।
Verse 33 — Surah Al-Ankabut 29:33
আৰু যেতিয়া আমাৰ প্ৰেৰিত ফিৰিস্তাসকল লূতৰ ওচৰত আহিল, তেতিয়া তেওঁলোকৰ বাবে তেওঁ বিষণ্ণ হৈ পৰিল আৰু নিজকে তেওঁলোকক ৰক্ষা কৰিবলৈ অসমৰ্থ বুলি ভাবিলে। তেওঁলোকে ক’লে, ‘ভয় নকৰিব, চিন্তাও নকৰিব, নিশ্চয় আমি আপোনাক আৰু আপোনাৰ পৰিয়ালক ৰক্ষা কৰিম, কেৱল আপোনাৰ স্ত্ৰীৰ বাহিৰে; তাই হৈছে পিছত অৱস্থানকাৰী বিলাকৰ অন্তৰ্ভুক্ত
Verse 34 — Surah Al-Ankabut 29:34
‘নিশ্চয় আমি এই জনপদবাসী বিলাকৰ ওপৰত শাস্তি অৱতীৰ্ণ কৰিম, কাৰণ সিহঁত মহাপাপত লিপ্ত আছিল’।
Verse 35 — Surah Al-Ankabut 29:35
আৰু অৱশ্যে আমি ইয়াত বোধশক্তি সম্পন্ন সম্প্ৰদায়ৰ বাবে এটা স্পষ্ট নিদৰ্শন ৰাখিছো।
Verse 36 — Surah Al-Ankabut 29:36
আৰু মাদিয়ানবাসীৰ ওচৰত প্ৰেৰণ কৰিছিলো সিহঁতৰ ভাতৃ ছুৱাইবক। তাৰ পিছত তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা আৰু শেষ দিৱসৰ আশা কৰা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা’।
Verse 37 — Surah Al-Ankabut 29:37
তথাপিও সিহঁতে তেওঁক অস্বীকাৰ কৰিলে; ফলত সিহঁত ভূমিকম্পৰ দ্বাৰা আক্ৰান্ত হৈ নিজ নিজ ঘৰত নতজানু অৱস্থাত শেষ হৈ গ’ল।
Verse 38 — Surah Al-Ankabut 29:38
আদ আৰু ছামূদক আমিয়ে ধ্বংস কৰিছিলো, সিহঁতৰ ঘৰ-দুৱাৰ কিছুমান তোমালোকৰ বাবে উন্মোচিত হৈছে। চয়তানে সিহঁতৰ কৰ্মক সিহঁতৰ দৃষ্টিত শোভনীয় কৰি দিছিল আৰু সিহঁতক সৎপথ অৱলম্বনত বাধা দিছিল, যদিও সিহঁত আছিল অতি বিচক্ষণ।
Verse 39 — Surah Al-Ankabut 29:39
আৰু আমি ধ্বংস কৰিছিলো ক্বাৰূন, ফিৰআউন আৰু হামানক। অৱশ্যে মুছা সিহঁতৰ ওচৰত সুস্পষ্ট নিদৰ্শনসহ আহিছিল; তথাপিও সিহঁতে পৃথিৱীত অহংকাৰ কৰিছিল; কিন্তু সিহঁতে মোৰ শাস্তিৰ পৰা বাচিব পৰা নাই।
Verse 40 — Surah Al-Ankabut 29:40
এতেকে সিহঁতৰ প্ৰত্যেককে নিজ নিজ অপৰাধৰ বাবে আমি সিহঁতক ধৰিছিলো। সিহঁতৰ কিছুমানৰ ওপৰত আমি পঠাইছিলো শিলাবৃষ্টি সম্পন্ন প্ৰচণ্ড ধুমুহা, লগতে সিহঁতৰ কিছুমানক আক্ৰমণ কৰিছিল বিকট চিঞঁৰে, আৰু কিছুমানক পুতি পেলাইছিলো ভূগৰ্ভত আৰু কিছুমানক ডুবাই মাৰিছিলো। আৰু আল্লাহ এনে নহয় যে, তেওঁ সিহঁতৰ প্ৰতি যুলুম কৰিব, বৰং সিহঁত নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।
Verse 41 — Surah Al-Ankabut 29:41
যিসকলে আল্লাহৰ বাহিৰে বহু অভিভাৱক গ্ৰহণ কৰে, সিহঁতৰ দৃষ্টান্ত মকৰাৰ নিচিনা, যিয়ে ঘৰ বনায়। নিশ্চয় ঘৰৰ মাজত আটাইতকৈ দুৰ্বল ঘৰ হৈছে মকৰাৰ ঘৰ, যদি সিহঁতে জানিলেহেঁতেন।
Verse 42 — Surah Al-Ankabut 29:42
নিশ্চয় সিহঁতে আল্লাহৰ বাহিৰে যিবোৰক আহ্বান কৰে, আল্লাহে সেয়া জানে, তেওঁ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Verse 43 — Surah Al-Ankabut 29:43
আৰু এইবোৰ দৃষ্টান্ত আমি কেৱল মানুহৰ বাবেই দিওঁ, কিন্তু কেৱল জ্ঞানীসকলেই সেয়া বুজি পায়।
Verse 44 — Surah Al-Ankabut 29:44
আল্লাহেই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে; নিশ্চয় ইয়াত আছে মুমিনসকলৰ বাবে নিদৰ্শন।
Verse 45 — Surah Al-Ankabut 29:45
তোমাৰ প্ৰতি যি কিতাব অহী কৰা হয়, তাৰ পৰা তুমি তিলাৱত কৰা আৰু ছালাত কায়েম কৰা। নিশ্চয় ছালাতে অশ্লীল আৰু অসৎকৰ্মৰ পৰা বিৰত ৰাখে। আৰু আল্লাহৰ স্মৰণেই হৈছে সৰ্বশ্ৰেষ্ঠ। তোমালোকে যি কৰা আল্লাহে সেয়া জানে।
Verse 46 — Surah Al-Ankabut 29:46
আৰু তোমালোকে উত্তম পন্থাৰ বাহিৰে কিতাবীসকলৰ লগত বিতৰ্ক নকৰিবা, কিন্তু সিহঁতৰ মাজত যিসকলে অন্যায় কৰিছে সিহঁতৰ লগত কৰিব পাৰা। তোমালোকে কোৱা, ‘আমাৰ প্ৰতি আৰু তোমালোকৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত আমি ঈমান আনিছো। আমাৰ ইলাহ আৰু তোমালোকৰ ইলাহ এজনেই, আমি তেওঁৰ প্ৰতিহে আত্মসমৰ্পণকাৰী’।
Verse 47 — Surah Al-Ankabut 29:47
এইদৰেই আমি তোমাৰ প্ৰতিও কিতাব অৱতীৰ্ণ কৰিছো, এতেকে যিসকলক আমি (পূৰ্বে) কিতাব প্ৰদান কৰিছিলো তেওঁলোকে ইয়াৰ প্ৰতি ঈমান পোষণ কৰে। ইহঁতৰ মাজৰো কিছুমানে ইয়াৰ প্ৰতি বিশ্বাস স্থাপন কৰে। কাফিৰসকলৰ বাহিৰে আন কোনেও আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ নকৰে।
Verse 48 — Surah Al-Ankabut 29:48
আৰু তুমিতো ইয়াৰ পূৰ্বে কোনো কিতাব পঢ়া নাছিলা আৰু নিজ হাতে কোনো কিতাবো লিখা নাই যে, বাতিল পন্থীসকলে সন্দেহ পোষণ কৰিব।
Verse 49 — Surah Al-Ankabut 29:49
বৰং যিসকলক জ্ঞান দান কৰা হৈছে প্ৰকৃততে তেওঁলোকৰ অন্তৰত এইটো স্পষ্ট নিদৰ্শন। কেৱল যালিমসকলেই আমাৰ নিদৰ্শনসমূহ অস্বীকাৰ কৰে।
Verse 50 — Surah Al-Ankabut 29:50
সিহঁতে আৰু কয়, ‘তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ ওচৰত নিদৰ্শন অৱতীৰ্ণ নহয় কিয়’? কোৱা, ‘নিদৰ্শনসমূহ হৈছে কেৱল আল্লাহৰ ওচৰত। মই কেৱল এজন স্পষ্ট সতৰ্ককাৰীহে মাত্ৰ’।
Verse 51 — Surah Al-Ankabut 29:51
এইটো সিহঁতৰ বাবে যথেষ্ট নহয়নে যে, আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছো, যিটো সিহঁতৰ ওচৰত পাঠ কৰা হয়। নিশ্চয় ইয়াত অনুগ্ৰহ আৰু উপদেশ আছে সেই সম্প্ৰদায়ৰ বাবে, যিসকলে ঈমান পোষণ কৰে।
Verse 52 — Surah Al-Ankabut 29:52
কোৱা, ‘মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে আল্লাহেই যথেষ্ট। আকাশসমূহ আৰু পৃথিৱীত যি আছে সেয়া তেওঁ জানে। যিসকলে বাতিলক বিশ্বাস কৰে আৰু আল্লাহৰ লগত কুফৰী কৰে, সিহঁতেই ক্ষতিগ্ৰস্ত’।
Verse 53 — Surah Al-Ankabut 29:53
আৰু সিহঁতে তোমাক শাস্তি ত্বৰান্বিত কৰিবলৈ কয়। যদি সময় নিৰ্ধাৰিত নাথাকিলেহেঁতেন তেন্তে অৱশ্যে শাস্তি সিহঁতৰ ওপৰত আহি পৰিলেহেঁতেন। আৰু নিশ্চয় সিহঁতৰ ওপৰত শাস্তি আহিব আকস্মিকভাৱে, অথচ সিহতে উপলব্ধিও কৰিব নোৱাৰিব।
Verse 54 — Surah Al-Ankabut 29:54
সিহঁতে তোমাক শাস্তি ত্বৰান্বিত কৰিবলৈ কয়। নিশ্চয় জাহান্নাম কাফিৰসকলক পৰিবেষ্টন কৰিব।
Verse 55 — Surah Al-Ankabut 29:55
সেইদিনা শাস্তিয়ে সিহঁতক সিহঁতৰ ওপৰৰ পৰা আৰু তলৰ পৰা আচ্ছন্ন কৰিব, আৰু তেওঁ ক’ব, ‘তোমালোকে যি কৰিছিলা তাৰ ফলত তোমালোকে স্বাদ লোৱা’।
Verse 56 — Surah Al-Ankabut 29:56
হে মোৰ মুমিন বান্দাসকল! নিশ্চয় মোৰ পৃথিৱী প্ৰশস্ত, এতেকে তোমালোকে কেৱল মোৰেই ইবাদত কৰা।
Verse 57 — Surah Al-Ankabut 29:57
প্ৰতিটো জীৱই মৃত্যুৰ সোৱাদ গ্ৰহণ কৰিব, তাৰ পিছত তোমালোক আমাৰ ওচৰতেই প্ৰত্যাৱৰ্তিত হ’বা।
Verse 58 — Surah Al-Ankabut 29:58
আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে অৱশ্যে আমি তেওঁলোকৰ বসবাসৰ বাবে জান্নাতত সুউচ্চ প্ৰসাদ দান কৰিম, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক স্থায়ী হ’ব, আমলকাৰী সকলৰ বাবে এয়া কিমান যে উত্তম প্ৰতিদান
Verse 59 — Surah Al-Ankabut 29:59
যিসকলে ধৈৰ্য ধাৰণ কৰে আৰু নিজ প্ৰতিপালকৰ ওপৰত তাৱাক্কুল কৰে।
Verse 60 — Surah Al-Ankabut 29:60
এনেকুৱা বহুতো জীৱ জন্তু আছে যিবোৰে নিজৰ খাদ্য সঞ্চয় নকৰে। আল্লাহেই সেইবোৰক জীৱিকা দান কৰে আৰু তোমালোককো, আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
Verse 61 — Surah Al-Ankabut 29:61
আৰু যদি তুমি সিহঁতক সোধা, ‘আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে আৰু কোনে চন্দ্ৰ-সূৰ্যক নিয়ন্ত্ৰিত কৰিছে’? সিহঁতে অৱশ্যে ক’ব ‘আল্লাহ’। তেনেহ’লে সিহঁতক ক’লৈ উভতাই নিয়া হৈছে
Verse 62 — Surah Al-Ankabut 29:62
আল্লাহে তেওঁৰ বান্দাসকলৰ মাজত যাৰ বাবে ইচ্ছা তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাৰ বাবে ইচ্ছা সীমিত কৰি দিয়ে। নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।
Verse 63 — Surah Al-Ankabut 29:63
আৰু যদি তুমি সিহঁতক সোধা, ‘আকাশৰ পৰা পানী বৰ্ষণ কৰি কোনে মৃত ভূমিক সঞ্জীৱিত কৰে’? সিহঁতে অৱশ্যে ক’ব, ‘আল্লাহ’। কোৱা, ‘সকলো প্ৰশংসা আল্লাহৰেই’। কিন্তু সিহঁতৰ সৰহভাগেই এইটো অনুধাৱন নকৰে।
Verse 64 — Surah Al-Ankabut 29:64
এই পাৰ্থিৱ জীৱন খেল-ধেমালিৰ বাহিৰে আন একো নহয়। আখিৰাতৰ জীৱনেই প্ৰকৃত জীৱন, যদি সিহঁতে জানিলেহেঁতেন
Verse 65 — Surah Al-Ankabut 29:65
কিন্তু সিহঁতে যেতিয়া নৌযানত আৰোহণ কৰে, তেতিয়া সিহঁতে আনুগত্যত বিশুদ্ধ হৈ একনিষ্ঠভাৱে কেৱল আল্লাহকেই আহ্বান কৰে। তাৰ পিছত তেওঁ যেতিয়া সিহঁতক স্থলত আনি উদ্ধাৰ কৰে, তেতিয়া সিহঁত শ্বিৰ্কত লিপ্ত হয়
Verse 66 — Surah Al-Ankabut 29:66
এই কাৰণে যে, যাতে আমি সিহঁতক যি প্ৰদান কৰিছো, সেয়া সিহঁতে অস্বীকাৰ কৰিব পাৰে আৰু ভোগ-বিলাসত মত্ত থাকিব পাৰে; এতেকে অতিশীঘ্ৰে সিহঁতে জানিবলৈ পাব।
Verse 67 — Surah Al-Ankabut 29:67
সিহঁতে লক্ষ্য কৰা নাইনে যে, আমি হাৰামক নিৰাপদ কৰিছো, অথচ ইয়াৰ চাৰিওফালে যিবোৰ মানুহ আছে সিহঁতৰ ওপৰত আক্ৰমণ কৰা হয়। তথাপিও সিহঁতে বাতিলক বিশ্বাস কৰিবনে, আৰু আল্লাহৰ নিয়ামতক অস্বীকাৰ কৰিবনে
Verse 68 — Surah Al-Ankabut 29:68
আৰু যি ব্যক্তিয়ে আল্লাহৰ ওপৰত মিছা ৰচনা কৰে অথবা তেওঁৰ তৰফৰ পৰা সত্য অহাৰ পিছতো সেয়া অস্বীকাৰ কৰে, সেইজনতকৈ অধিক যালিম আৰু কোন হ’ব পাৰে? জাহান্নামৰ মাজতেই কাফিৰসকলৰ আবাসস্থল নহয়নে বাৰু
Verse 69 — Surah Al-Ankabut 29:69
আৰু যিসকলে আমাৰ পথত সৰ্বাত্মক প্ৰচেষ্টা চলায়, আমি তেওঁলোকক অৱশ্যে আমাৰ পথসমূহৰ হিদায়ত দান কৰিম। নিশ্চয় আল্লাহ মুহছিনসকলৰ লগত আছে।