Back to Languages

Assamese - Chapter 35 - Fatir

Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink

Verse 1 — Surah Fatir 35:1

সকলো ধৰণৰ প্ৰশংসা কেৱল আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা আল্লাহৰ বাবেই, যিজনে ফিৰিস্তাসকলক বাণীবাহকৰূপে নিযুক্তি দিয়ে, তেওঁলোক (ফিৰিস্তাসকল) দুখন দুখন, তিনিখন তিনিখন আৰু চাৰিখন চাৰিখন ডেউকা বিশিষ্ট। তেৱেঁই সৃষ্টিৰ মাজত যি ইচ্ছা বৃদ্ধি কৰে। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

Verse 2 — Surah Fatir 35:2

আল্লাহে মানুহৰ বাবে যি অনুগ্ৰহ মুকলি কৰি দিয়ে সেয়া ৰোধ কৰিবলৈ কোনো নাই আৰু তেওঁ যিটো ৰোধ কৰে, তাৰ পিছত সেইটো মুকলি কৰিবলৈয়ো কোনো নাই। তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

Verse 3 — Surah Fatir 35:3

হে মানৱ! তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ স্মৰণ কৰা। আল্লাহৰ বাহিৰে আন কোনো স্ৰষ্টা আছে নেকি, যিয়ে তোমালোকক আকাশ আৰু পৃথিৱীৰ পৰা জীৱিকা দান কৰে? আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকক ক’লৈ উভতাই নিয়া হৈছে

Verse 4 — Surah Fatir 35:4

আৰু যদি ইহঁতে তোমাক অবিশ্বাস কৰে তেন্তে (জানি থোৱা) তোমাৰ পূৰ্বেও ৰাছুলসকলক অবিশ্বাস কৰা হৈছিল। আল্লাহৰ ওচৰতেই সকলো বিষয় প্ৰত্যাবৰ্তিত হ’ব।

Verse 5 — Surah Fatir 35:5

হে মানৱ! নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য; সেয়ে পাৰ্থিৱ জীৱনে যেন তোমালোকক কেতিয়াও প্ৰতাৰিত কৰিব নোৱাৰে আৰু সেই প্ৰতাৰকেও যেন তোমালোকক আল্লাহৰ বিষয়ে প্ৰতাৰণা কৰিব নোৱাৰে।

Verse 6 — Surah Fatir 35:6

নিশ্চয় চয়তান তোমালোকৰ শত্ৰু; এতেকে তাক শত্ৰু বুলিয়েই মনত ৰাখিবা। সি তাৰ দলক এই কাৰণে আহ্বান কৰে যাতে সিহঁতে প্ৰজ্জলিত জুইৰ অধিবাসী হ’ব পাৰে।

Verse 7 — Surah Fatir 35:7

যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে কঠিন শাস্তি; আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে ক্ষমা আৰু মহাপুৰষ্কাৰ।

Verse 8 — Surah Fatir 35:8

কাৰোবাক যদি তাৰ বেয়া কৰ্ম শোভনীয় কৰি দেখুৱা হয় ফলত সি সেইটোক উত্তম বুলি ভাৱে, (সেইজন ব্যক্তি তেওঁৰ দৰে হ’ব পাৰেনে যিয়ে ভাল কামক ভাল আৰু বেয়া কামক বেয়া বুলি ভাৱে?) এতেকে নিশ্চয় আল্লাহে যাক ইচ্ছা বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা তাকে হিদায়ত দিয়ে। এতেকে সিহঁতৰ বাবে আক্ষেপ কৰি তুমি নিজৰ প্ৰাণ বিনাশ নকৰিবা। সিহঁতে যি কৰে নিশ্চয় আল্লাহ সেই সম্পৰ্কে সম্যক পৰিজ্ঞাত।

Verse 9 — Surah Fatir 35:9

সেইজনেই আল্লাহ যিজনে বতাহ প্ৰেৰণ কৰি তাৰ দ্বাৰা মেঘমালা সঞ্চালিত কৰে। তাৰ পিছত আমি সেইটোক নিৰ্জীৱ ভূখণ্ডৰ ফালে পৰিচালিত কৰো, ইয়াৰ পিছত আমি তাৰ দ্বাৰা মৃত ভূমিক আকৌ পুনৰ্জীৱিত কৰো। এইদৰেই পুনৰ্জীৱন সংঘটিত হ’ব।

Verse 10 — Surah Fatir 35:10

যদি কোনোবাই সন্মান বিচাৰে (তেন্তে সি আল্লাহৰ ওচৰতেই বিচৰা উচিত) কিয়নো সকলো সন্মান-প্ৰতিপত্তিৰ মালিক কেৱল আল্লাহেই। তেওঁৰ ওচৰতেই সকলো ভাল কথা উত্থিত হয় আৰু নেক আমলক তেওঁ ওপৰলৈ উঠায়। আৰু যিসকলে বেয়া কামৰ চক্ৰান্ত কৰে সিহঁতৰ বাবে আছে কঠিন শাস্তি আৰু সিহঁতৰ ষড়যন্ত্ৰ ব্যৰ্থ হ’বই।

Verse 11 — Surah Fatir 35:11

আৰু আল্লাহে তোমালোকক সৃষ্টি কৰিছে মাটিৰ পৰা, তাৰ পিছত শুক্ৰবিন্দুৰ পৰা, তাৰ পিছতহে তোমালোকক যোৰ যোৰ কৰিছে। আল্লাহৰ অজ্ঞাতত কোনো নাৰীয়ে গৰ্ভ ধাৰণ নকৰে আৰু প্ৰসৱো নকৰে। কোনো দীৰ্ঘায়ু ব্যক্তিৰ আয়ু বৃদ্ধি কৰা নহয় আৰু তাৰ আয়ু হ্ৰাস কৰাও নহয়, কিন্তু সেয়া আছে এটা পুথিত (লিপিবদ্ধ)। নিশ্চয় এয়া আল্লাহৰ বাবে অতি সহজ।

Verse 12 — Surah Fatir 35:12

আৰু দুয়োটা সাগৰ সমান নহয়ঃ এটাৰ পানী মিঠা, সুস্বাদু; আনটোৰ পানী লুণীয়া, কেহেটা। প্ৰতিটোৰ পৰা তোমালোকে তাজা মাংস (মাছ) খোৱা আৰু আহৰণ কৰা অলংকাৰ, যিবোৰ তোমালোকে পৰিধান কৰা। আৰু তোমালোকে তাত দেখা পোৱা বুকু ভেদি চলাচল কৰা জাহাজবোৰ, যাতে তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা লগতে যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা।

Verse 13 — Surah Fatir 35:13

তেৱেঁই ৰাতিক দিনৰ মাজত প্ৰৱেশ কৰায় আৰু দিনক প্ৰৱেশ কৰায় ৰাতিত, তেৱেঁই সূৰ্য আৰু চন্দ্ৰক কৰিছে নিয়মাধীন; প্ৰত্যেকটোৱে পৰিভ্ৰমণ কৰে এটা নিৰ্দিষ্ট সময় লৈকে। তেৱেঁই আল্লাহ তোমালোকৰ ৰব। আধিপত্য তেওঁৰেই। তোমালোকে তেওঁৰ পৰিবৰ্তে যিবোৰক আহ্বান কৰা সিহঁতে এটা খেজুৰ গুটিৰ পাতল আৱৰণৰো অধিকাৰী নহয়।

Verse 14 — Surah Fatir 35:14

তোমালোকে সিহঁতক আহ্বান কৰিলে সিহঁতে তোমালোকৰ আহ্বান কেতিয়াও নুশুনিব আৰু শুনা পালেও তোমালোকৰ আহ্বানৰ কেতিয়াও সঁহাৰি দিব নোৱাৰে। তোমালোকে যে সিহঁতক অংশী কৰিছা সেয়া কিয়ামতৰ দিনা সিহঁতে অস্বীকাৰ কৰিব। সৰ্বজ্ঞ আল্লাহৰ দৰে কোনেও তোমাক অৱহিত কৰিব নোৱাৰে।

Verse 15 — Surah Fatir 35:15

হে মানৱ! তোমালোকেহে আল্লাহৰ মুখাপেক্ষী; আৰু আল্লাহ, তেৱেঁই অভাৱমুক্ত, প্ৰশংসিত।

Verse 16 — Surah Fatir 35:16

তেওঁ ইচ্ছা কৰিলে তোমালোকক অপসাৰিত কৰিব পাৰে আৰু এটা নতুন সৃষ্টি লৈ আহিব পাৰে।

Verse 17 — Surah Fatir 35:17

আৰু সেয়া আল্লাহৰ বাবে একো টান কাম নহয়।

Verse 18 — Surah Fatir 35:18

আৰু কোনো বহনকাৰীয়ে আনৰ বোজা বহন নকৰিব, আৰু কোনোবা ভাৰাক্ৰান্ত ব্যক্তিয়ে যদি তাৰ বোজা বহনৰ বাবে কাৰোবাক মাতে তথাপিও তাৰ বোজাৰ কোনো অংশই বহন কৰা নহ’ব আনকি তাৰ নিকট আত্মীয় হ’লেও নকৰিব। তুমি কেৱল তেওঁলোককহে সতৰ্ক কৰিব পাৰিবা যিসকলে নিজ প্ৰতিপালকক নেদেখাকৈয়ে ভয় কৰে আৰু ছালাত কায়েম কৰে। যিয়ে নিজকে পৰিশুদ্ধি কৰে, সি নিজৰ কল্যাণৰ বাবেই পৰিশুদ্ধি কৰে। প্ৰত্যাৱৰ্তন কেৱল আল্লাহৰ ফালেই।

Verse 19 — Surah Fatir 35:19

অন্ধ আৰু দৃষ্টিসম্পন্ন ব্যক্তি কেতিয়াও সমান নহয়

Verse 20 — Surah Fatir 35:20

অন্ধকাৰ আৰু পোহৰো সমান নহয়

Verse 21 — Surah Fatir 35:21

শীতল ছাঁ আৰু প্ৰখৰ ৰ’দো সমান নহয়

Verse 22 — Surah Fatir 35:22

আৰু সমান নহয় জীৱিত আৰু মৃতসকল। নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে শুনায়, কিন্তু যিসকল ব্যক্তি কবৰত আছে তুমি সিহঁতক কেতিয়াও শুনাব নোৱাৰিবা।

Verse 23 — Surah Fatir 35:23

তুমি কেৱল এজন সতৰ্ককাৰীহে।

Verse 24 — Surah Fatir 35:24

নিশ্চয় আমি তোমাক সত্যসহ প্ৰেৰণ কৰিছো সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে; আৰু এনে কোনো জাতি নাই যাৰ ওচৰত সতৰ্ককাৰী অহা নাই।

Verse 25 — Surah Fatir 35:25

আৰু সিহঁতে যদি তোমাক অবিশ্বাস কৰে তেন্তে (জানি থোৱা) সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অবিশ্বাস কৰিছিল, সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকল সুস্পষ্ট প্ৰমাণাদি, গ্ৰন্থাদি আৰু দীপ্তিমান কিতাবসহ আহিছিল।

Verse 26 — Surah Fatir 35:26

তাৰ পিছত যিসকলে কুফৰী কৰিছিল আমি সিহঁতক শাস্তি বিহিছিলো। এতেকে (চোৱা) কেনেকুৱা আছিল মোৰ প্ৰত্যাখ্যান (শাস্তি)

Verse 27 — Surah Fatir 35:27

তুমি দেখা নাইনে, আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে, তাৰ পিছত আমি তাৰ দ্বাৰা বিভিন্ন বৰ্ণৰ ফলমূল উৎপন্ন কৰো। পাহাৰৰ মাজতো আছে বিভিন্ন বৰ্ণৰ স্তৰ, শুভ্ৰ, ৰঙা আৰু গাঢ় ক’লা।

Verse 28 — Surah Fatir 35:28

আৰু এইদৰে মানুহৰ মাজত, বিচৰণশীল প্ৰাণী আৰু চতুষ্পদ জন্তুৰ মাজতো আছে নানা বৰ্ণ। আল্লাহক কেৱল তেওঁৰ জ্ঞানী বান্দাসকলেই ভয় কৰে। নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী, পৰম ক্ষমাশীল।

Verse 29 — Surah Fatir 35:29

নিশ্চয় যিসকলে আল্লাহৰ কিতাব তিলাৱত কৰে আৰু ছালাত কায়েম কৰে, আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছো তাৰ পৰা গোপনে আৰু প্ৰকাশ্যৰূপে ব্যয় কৰে, তেওঁলোকেই আশা কৰে এনেকুৱা ব্যৱসায়ৰ, যিটো কেতিয়া ধ্বংস নহয়।

Verse 30 — Surah Fatir 35:30

যাতে আল্লাহে তেওঁলোকক তেওঁলোকৰ পূৰ্ণ প্ৰতিফল দান কৰে আৰু নিজ অনুগ্ৰহত আৰু বঢ়াই দিয়ে। নিশ্চয় তেওঁ পৰম ক্ষমাশীল, মহাগুণগ্ৰাহী।

Verse 31 — Surah Fatir 35:31

আৰু আমি কিতাবৰ পৰা তোমাৰ প্ৰতি যি অহী কৰিছো সেয়া সত্য, ইয়াৰ পূৰ্বে যি আছিল তাৰ সমৰ্থক। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ বিষয়ে সম্যক অৱহিত, স্ৰৰ্বদ্ৰষ্টা।

Verse 32 — Surah Fatir 35:32

তাৰ পিছত আমি কিতাবৰ অধিকাৰী কৰিলো তেওঁলোকক, যিসকলক আমি আমাৰ বান্দাসকলৰ মাজৰ পৰা মনোনীত কৰিছো; কিন্তু সিহঁতৰ মাজৰ কিছুমান নিজৰ প্ৰতি অত্যাচাৰী, কিছুমান মধ্যমপন্থী আৰু কিছুমান আল্লাহৰ ইচ্ছাত কল্যাণৰ কামত অগ্ৰগামী। এইটোৱেই হৈছে মহা অনুগ্ৰহ।

Verse 33 — Surah Fatir 35:33

চিৰস্থায়ী জান্নাত, য’ত তেওঁলোক প্ৰৱেশ কৰিব। তাত তেওঁলোকক সোণৰ খাৰু আৰু মুকুতাৰ অলংকাৰেৰে অলংকৃত কৰা হ’ব আৰু তাত তেওঁলোকৰ পোছাক হ’ব খাটি ৰেচমৰ।

Verse 34 — Surah Fatir 35:34

আৰু তেওঁলোকে ক’ব, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে, যিজনে আমাৰ দুঃখ-চিন্তা দূৰীভূত কৰিছে। নিশ্চয় আমাৰ ৰব পৰম ক্ষমাশীল, অসীম গুণগ্ৰাহী

Verse 35 — Surah Fatir 35:35

‘যিজনে নিজ অনুগ্ৰহত আমাক স্থায়ী আবাসত প্ৰৱেশ কৰাইছে, য’ত আমাক কোনো বিষাদে স্পৰ্শ নকৰে আৰু কোনো ক্লান্তিয়েও স্পৰ্শ নকৰে’।

Verse 36 — Surah Fatir 35:36

আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে জাহান্নামৰ জুই। সিহঁতৰ প্ৰতি এনে কোনো ফয়চালা দিয়া নহ’ব যে, সিহঁত মৃত্যু বৰণ কৰিব, আৰু সিহঁতৰ পৰা জাহান্নামৰ শাস্তিও লাঘৱ কৰা নহ’ব। এইদৰেই আমি প্ৰত্যেক অকৃতজ্ঞক শাস্তি দিওঁ।

Verse 37 — Surah Fatir 35:37

আৰু তাত সিহঁতে চিঞঁৰি চিঞঁৰি ক’ব, ‘হে আমাৰ ৰব! আমাক (ইয়াৰ পৰা) উলিয়াই নিয়া, আমি যি কৰিছিলো তাৰ পৰিবৰ্তে সৎকৰ্ম কৰিম’। আল্লাহে ক’ব, ‘আমি তোমালোকক ইমানখিনি দীৰ্ঘায়ু কৰা নাছিলোনে যে, তেতিয়া কোনোবাই উপদেশ গ্ৰহণ কৰিব বিচাৰিলে উপদেশ গ্ৰহণ কৰিব পাৰিলেহেঁতেন, আৰু তোমালোকৰ ওচৰত সতৰ্ককাৰীও আহিছিল। এতেকে তোমালোকে শাস্তিৰ সোৱাদ লোৱা, কাৰণ যালিমসকলৰ বাবে কোনো সহায়কাৰী নাই’।

Verse 38 — Surah Fatir 35:38

নিশ্চয় আল্লাহ আকাশসমূহ আৰু পৃথিৱীৰ গায়েব সম্পৰ্কে অৱগত। নিশ্চয় অন্তৰত যি আছে সেই বিষয়েও তেওঁ সম্যক পৰিজ্ঞাত।

Verse 39 — Surah Fatir 35:39

তেৱেঁই তোমালোকক পৃথিৱীত স্থলাভিষিক্ত কৰিছে। এতেকে কোনোবাই কুফৰী কৰিলে তাৰ কুফৰীৰ বাবে সি নিজেই দায়ী হ’ব। কাফিৰসকলৰ কুফৰীয়ে কেৱল সিহঁতৰ প্ৰতিপালকৰ ক্ৰোধহে বৃদ্ধি কৰে আৰু কাফিৰসকলৰ কুফৰীয়ে কেৱল সিহঁতৰেই ক্ষতি বৃদ্ধি কৰে।

Verse 40 — Surah Fatir 35:40

কোৱা, ‘তোমালোকে আল্লাহৰ পৰিবৰ্তে যিবোৰক আহ্বান কৰা, সেই অংশীবিলাকৰ কথা কেতিয়াবা ভাবি চাইছানে? সিহঁতে পৃথিৱীত কিবা সৃষ্টি কৰিছে যদি মোক দেখুৱাচোন; অথবা আকাশসমূহৰ সৃষ্টিত সিহঁতৰ কোনো অংশ আছেনে বাৰু? নাইবা আমি সিহঁতক এনে কোনো কিতাব দিছো নেকি যাৰ প্ৰমাণৰ ওপৰত সিহঁতে নিৰ্ভৰ কৰে’? বৰং যালিমসকলে ইজনে সিজনক প্ৰতাৰণাৰ বাহিৰে আন একো প্ৰতিশ্ৰুতি নিদিয়ে।

Verse 41 — Surah Fatir 35:41

নিশ্চয় আল্লাহেই আকাশসমূহ আৰু পৃথিৱীক ধৰি আছে, যাতে স্থানচ্যুত নহয়। যদি এইবোৰ স্থানচ্যুত হয় তেন্তে তেওঁৰ বাহিৰে আন কোনো নাই যিয়ে সেইবোৰক ধৰি ৰাখিব পাৰিব। নিশ্চয় তেওঁ অতি সহনশীল, অসীম ক্ষমাপৰায়ণ।

Verse 42 — Surah Fatir 35:42

আৰু সিহঁতে দৃঢ়তাৰ সৈতে আল্লাহৰ শপত খাই কৈছিল যে, সিহঁতৰ ওচৰলৈ যদি কোনো সতৰ্কাৰী আহে তেন্তে সিহঁতে আন সম্প্ৰদায়বিলাকৰ তুলনাত অধিক আনুগত্যৰে সৎপথ অনুসৰণ কৰিব; কিন্তু যেতিয়া সিহঁতৰ ওচৰত সতৰ্ককাৰী আহিল, তেতিয়া সেয়া কেৱল সিহঁতৰ বিমুখতা আৰু দূৰত্বহে বৃদ্ধি কৰিলে

Verse 43 — Surah Fatir 35:43

পৃথিৱীত ঔদ্ধত্য প্ৰকাশ আৰু কূটকৌশল অৱলম্বনৰ কাৰণে। অথচ কূটকৌশলে কেৱল তাৰ উদ্যোক্তসকলকহে পৰিবেষ্টন কৰিব। তেন্তে সিহঁতে পূৰ্বৱৰ্তী বিলাকৰ (দৰে আল্লাহৰ) বিধানৰ অপেক্ষা কৰি আছে নেকি? কিন্তু তুমি আল্লাহৰ পদ্ধতিত কেতিয়াও কোনো পৰিবৰ্তন নাপাবা আৰু আল্লাহৰ পদ্ধতিৰ কোনো ব্যতিক্ৰমো দেখিবলৈ নাপাবা।

Verse 44 — Surah Fatir 35:44

আৰু ইহঁতে পৃথিৱীত পৰিভ্ৰমণ কৰা নাইনে, তেতিয়াহে ইহঁতে দেখিব পাৰিলেহেঁতেন ইহঁতৰ পূৰ্বৱৰ্তীবিলাকৰ কি পৰিণাম হৈছিল। অথচ সিহঁত আছিল ইহঁততকৈয়ো শক্তিশালী। আল্লাহ এনেকুৱা নহয় যে, আকাশসমূহ আৰু পৃথিৱীৰ কোনোৱে তেওঁক অক্ষম কৰিব পাৰিব। নিশ্চয় তেওঁ সৰ্বজ্ঞ, সৰ্বশক্তিমান।

Verse 45 — Surah Fatir 35:45

আৰু আল্লাহে যদি মানুহক সিহঁতৰ কৃতকৰ্মৰ বাবে কৰায়ত্ত কৰিলেহেঁতেন, তেন্তে ভূ-পৃষ্ঠত কোনো প্ৰাণীকেই তেওঁ ৰেহাই নিদিলেহেঁতেন, কিন্তু তেওঁ এটা নিৰ্দিষ্ট সময় লৈকে সিহঁতক অৱকাশ দিয়ে। এতেকে যেতিয়া সিহঁতৰ নিৰ্দিষ্ট সময় আহি যাব, (তেতিয়াহে তেওঁ সিহঁতক কৰায়ত্ত কৰিব) নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ বিষয়ে সম্যক দ্ৰষ্টা।