Back to Languages

Assamese - Chapter 37 - As-Saffat

Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink

Verse 1 — Surah As-Saffat 37:1

শপত শাৰীবদ্ধ ফিৰিস্তাসকলৰ

Verse 2 — Surah As-Saffat 37:2

তাৰ পিছত কঠোৰ পৰিচালকসকলৰ

Verse 3 — Surah As-Saffat 37:3

আৰু উপদেশ গ্ৰন্থ তিলাৱতকাৰীসকলৰ

Verse 4 — Surah As-Saffat 37:4

নিশ্চয় তোমালোকৰ ইলাহ এজন

Verse 5 — Surah As-Saffat 37:5

যিজন আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মধ্যৱৰ্তী সকলো বস্তুৰ ৰব আৰু উদয়স্থল সমূহৰো ৰব।

Verse 6 — Surah As-Saffat 37:6

নিশ্চয় আমি নিকটৱৰ্তী আকাশখনক নক্ষত্ৰৰাজিৰ সৌন্দৰ্যৰে সুশোভিত কৰিছো

Verse 7 — Surah As-Saffat 37:7

আৰু ৰক্ষা কৰিছো প্ৰত্যেক বিদ্ৰোহী চয়তানৰ পৰা।

Verse 8 — Surah As-Saffat 37:8

ফলত সিহঁতে উৰ্দ্ধজগতৰ একোৱে শুনিব নোৱাৰে, কাৰণ কেউফালৰ পৰা সিহঁতৰ প্ৰতি নিক্ষেপ কৰা হয় (উল্কাপিণ্ড)

Verse 9 — Surah As-Saffat 37:9

সিহঁতক খেদি পঠিওৱাৰ বাবে, আৰু সিহঁতৰ বাবে আছে অবিৰাম শাস্তি।

Verse 10 — Surah As-Saffat 37:10

কিন্তু হঠাৎ কোনোবাই কিবা শুনিলে জ্বলন্ত উল্কাপিণ্ডই তাৰ পিছে পিছে খেদি যায়।

Verse 11 — Surah As-Saffat 37:11

এতেকে সিহঁতক সুধি চোৱাচোন, সৃষ্টিৰ ক্ষেত্ৰত সিহঁতে বেছি জটিল নে আমি আন যিবোৰ সৃষ্টি কৰিছো সেইবোৰ? আমি সিহঁতক দেখুন আলতীয়া মাটিৰ পৰা সৃষ্টি কৰিছো।

Verse 12 — Surah As-Saffat 37:12

বৰং তুমি বিস্ময় বোধ কৰিছা, আৰু সিহঁতে বিদ্ৰূপ কৰি আছে।

Verse 13 — Surah As-Saffat 37:13

আৰু যেতিয়া সিহঁতক উপদেশ দিয়া হয়, তেতিয়া সিহঁতে সেয়া গ্ৰহণ নকৰে।

Verse 14 — Surah As-Saffat 37:14

আৰু যেতিয়া সিহঁতে কোনো নিদৰ্শন দেখে, তেতিয়া সিহঁতে উপহাস কৰে।

Verse 15 — Surah As-Saffat 37:15

আৰু কয়, ‘এইটো দেখুন সুস্পষ্ট যাদুৰ বাহিৰে আন একো নহয়।

Verse 16 — Surah As-Saffat 37:16

‘আমি যেতিয়া মৃত্যুবৰণ কৰিম লগতে মাটি আৰু অস্থিত পৰিণত হম, তথাপিও আমাক পুনৰুত্থিত কৰা হ’বনে

Verse 17 — Surah As-Saffat 37:17

‘আৰু আমাৰ পিতৃ-পুৰুষ সকলোকো’

Verse 18 — Surah As-Saffat 37:18

কোৱা, ‘হয়, আৰু তোমালোক হ’বা লাঞ্ছিত’।

Verse 19 — Surah As-Saffat 37:19

এতেকে সেয়া কেৱল এটা মাত্ৰ প্ৰচণ্ড ধমক, তৎক্ষণাৎ সিহঁতে থৰ লাগি চাই থাকিব।

Verse 20 — Surah As-Saffat 37:20

আৰু সিহঁতে ক’ব, ‘হায়! দুৰ্ভাগ্য আমাৰ! এইটো দেখুন প্ৰতিদান দিৱস’।

Verse 21 — Surah As-Saffat 37:21

এইটোৱেই ফয়চালাৰ দিন, যি বিষয়ে তোমালোকে অবিশ্বাস কৰিছিলা।

Verse 22 — Surah As-Saffat 37:22

(ফিৰিস্তাসকলক কোৱা হ’ব) ‘একত্ৰিত কৰা যালিমসকলক আৰু সিহঁতৰ সঙ্গী-সাৰথিসকলক আৰু সেইবোৰকো যিবোৰৰ সিহঁতে ইবাদত কৰিছিল

Verse 23 — Surah As-Saffat 37:23

আল্লাহৰ বাহিৰে, আৰু সিহঁতক জাহান্নামৰ পথ দেখুৱাই দিয়া

Verse 24 — Surah As-Saffat 37:24

‘আৰু সিহঁতক ৰখোৱাচোন, নিশ্চয় সিহঁতক প্ৰশ্ন কৰা হ’ব।

Verse 25 — Surah As-Saffat 37:25

‘কি হ’ল তোমালোকৰ, তোমালোকে কিয় ইজনে সিজনৰ সহায় কৰা নাই এতিয়া’

Verse 26 — Surah As-Saffat 37:26

প্ৰকৃততে সিহঁত হ’ব আজি আত্মসমৰ্পনকাৰী।

Verse 27 — Surah As-Saffat 37:27

আৰু সিহঁতে ইজনে সিজনৰ মুখা-মখী হৈ সোধ-পোছ কৰিব

Verse 28 — Surah As-Saffat 37:28

সিহঁতে ক’ব, ‘নিশ্চয় তোমালোকেই আমাৰ ওচৰলৈ শপত লৈ আহিছিলা’।

Verse 29 — Surah As-Saffat 37:29

সিহঁতে (নেতৃস্থানীয় কাফিৰবিলাকে) ক’ব, ‘বৰং তোমালোকেই মুমিন নাছিলা

Verse 30 — Surah As-Saffat 37:30

‘আৰু তোমালোকৰ ওপৰত আমাৰ কোনো কৰ্তৃত্ব নাছিল; দৰাচলতে তোমালোকেই আছিলা সীমালংঘনকাৰী সম্প্ৰদায়।

Verse 31 — Surah As-Saffat 37:31

‘সেয়ে আমাৰ বিৰুদ্ধে আমাৰ প্ৰতিপালকৰ কথা সত্য হিচাপে সাব্যস্ত হৈছে, নিশ্চয় আমি শাস্তি আস্বাদন কৰিম।

Verse 32 — Surah As-Saffat 37:32

‘এতেকে আমিয়েই তোমালোকক বিভ্ৰান্ত কৰিছিলো, কাৰণ আমি নিজেও আছিলো বিভ্ৰান্ত’।

Verse 33 — Surah As-Saffat 37:33

তাৰ পিছত নিশ্চয় সিহঁত আটায়ে সেইদিনা শাস্তিত অংশীদাৰ হ’ব।

Verse 34 — Surah As-Saffat 37:34

নিশ্চয় আমি অপৰাধীবিলাকৰ লগত এনেকুৱা আচৰণেই কৰো।

Verse 35 — Surah As-Saffat 37:35

সিহঁতক যেতিয়া কোৱা হৈছিল, ‘আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই’, তেতিয়া সিহঁতে অহংকাৰ কৰিছিল।

Verse 36 — Surah As-Saffat 37:36

আৰু কৈছিল, ‘আমি এজন উন্মাদ কবিৰ কথাত আমাৰ ইলাহসমূহক বৰ্জন কৰিম নেকি’

Verse 37 — Surah As-Saffat 37:37

বৰং তেওঁ সত্য লৈ আহিছে আৰু (বিগত) ৰাছুলসকলকো সত্য বুলি স্বীকাৰ কৰিছে।

Verse 38 — Surah As-Saffat 37:38

নিশ্চয় তোমালোকে যন্ত্ৰণাদায়ক শাস্তিৰ আস্বাদনকাৰী হবা

Verse 39 — Surah As-Saffat 37:39

আৰু তোমালোকে যি কৰিছিলা কেৱল তাৰেই প্ৰতিফল পাবা

Verse 40 — Surah As-Saffat 37:40

কিন্তু তেওঁলোক নহয়, যিসকল আল্লাহৰ একনিষ্ঠ বান্দা।

Verse 41 — Surah As-Saffat 37:41

তেওঁলোকৰ বাবে আছে নিৰ্ধাৰিত ৰিজিক্ব (জীৱিকা)

Verse 42 — Surah As-Saffat 37:42

ফলমূল; আৰু তেওঁলোক হ’ব সন্মানিত

Verse 43 — Surah As-Saffat 37:43

নিয়ামতেৰে ভৰা জান্নাতত

Verse 44 — Surah As-Saffat 37:44

মুখা-মুখী হৈ আসনত বহিব।

Verse 45 — Surah As-Saffat 37:45

তেওঁলোকৰ চাৰিওফালে ঘূৰি ঘূৰি পৰিবেশন কৰা হ’ব বিশুদ্ধ সুৰাপূৰ্ণ পাত্ৰ

Verse 46 — Surah As-Saffat 37:46

শুভ্ৰ উজ্জ্বল, যিবোৰ হ’ব পানকাৰী সকলৰ বাবে সুস্বাদু।

Verse 47 — Surah As-Saffat 37:47

তাত ক্ষতিকৰ একো নাথাকিব আৰু তেওঁলোক এইবোৰৰ দ্বাৰা মাতোৱালো নহ’ব।

Verse 48 — Surah As-Saffat 37:48

তেওঁলোকৰ ওচৰত থাকিব আনত নয়না, ডাঙৰ চকু বিশিষ্টা (হূৰসকল)।

Verse 49 — Surah As-Saffat 37:49

তেওঁলোক যেনিবা আচ্ছাদিত কণী।

Verse 50 — Surah As-Saffat 37:50

তাৰ পিছত তেওঁলোকে পৰস্পৰে মুখা-মুখী হৈ সোধ-পোছ কৰিব।

Verse 51 — Surah As-Saffat 37:51

তেওঁলোকৰ কোনোবাই ক’ব, ‘(পৃথিৱীত) মোৰ এজন সঙ্গী আছিল

Verse 52 — Surah As-Saffat 37:52

সি কৈছিল, তুমিও সিহঁতৰ অন্তৰ্ভুক্ত নেকি, যিসকলে বিশ্বাস কৰে যে

Verse 53 — Surah As-Saffat 37:53

‘আমি যেতিয়া মৃত্যুবৰণ কৰিম আৰু আমি মাটি ও অস্থিত পৰিণত হম তেতিয়াও আমাক প্ৰতিফল দিয়া হ’বনে’

Verse 54 — Surah As-Saffat 37:54

আল্লাহে ক’ব, ‘তোমালোকে তাক দেখিব বিচৰা নেকি’

Verse 55 — Surah As-Saffat 37:55

তাৰ পিছত তেওঁ জুমি চাব আৰু তাক দেখা পাব জাহান্নামৰ মধ্যস্থলত

Verse 56 — Surah As-Saffat 37:56

তেওঁ ক’ব, ‘আল্লাহৰ শপত! তুমিতো মোক প্ৰায় ধ্বংসহে কৰিছিলা

Verse 57 — Surah As-Saffat 37:57

‘মোৰ প্ৰতিপালকৰ অনুগ্ৰহ নহ’লে দেখুন ময়ো (জাহান্নামত) উপস্থিতকৃত ব্যক্তিসকলৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন।

Verse 58 — Surah As-Saffat 37:58

(যিকে নহওঁক এতিয়া) আমাৰ আৰু দুনাই মৃত্যু নহয়

Verse 59 — Surah As-Saffat 37:59

‘আমাৰ প্ৰথম মৃত্যুৰ পিছত আৰু আমাক শাস্তিও দিয়া নহব!’

Verse 60 — Surah As-Saffat 37:60

নিশ্চয় এইটোৱেই সেই মহাসফলতা।

Verse 61 — Surah As-Saffat 37:61

এনেকুৱা সফলতাৰ বাবেই আমলকাৰী সকলে আমল কৰা উচিত

Verse 62 — Surah As-Saffat 37:62

(কোৱাচোন) আপ্যায়নৰ বাবে এইবোৰেই উত্তম নে যাক্কূম গছ উত্তম

Verse 63 — Surah As-Saffat 37:63

নিশ্চয় আমি যালিমসকলৰ বাবে ইয়াক পৰীক্ষাস্বৰূপ সৃষ্টি কৰিছো

Verse 64 — Surah As-Saffat 37:64

এই গছ উৎপন্ন হয় জাহান্নামৰ তলৰ পৰা

Verse 65 — Surah As-Saffat 37:65

ইয়াৰ থোপা হৈছে যেনিবা চয়তানৰ মূৰ

Verse 66 — Surah As-Saffat 37:66

নিশ্চয় সিহঁতে এইটো ভক্ষণ কৰিব আৰু সেইটোৰ দ্বাৰাই পেট ভৰাব।

Verse 67 — Surah As-Saffat 37:67

ইয়াৰ পিছতো সিহঁতৰ বাবে থাকিব উতলা পানীৰ মিশ্ৰণ।

Verse 68 — Surah As-Saffat 37:68

তাৰ পিছত সিহঁতৰ প্ৰত্যাৱৰ্তন হ’ব জাহান্নামৰ জুইৰ ফালে।

Verse 69 — Surah As-Saffat 37:69

নিশ্চয় সিহঁতে সিহঁতৰ পিতৃ-পুৰুষসকলক পাইছিল পথভ্ৰষ্ট

Verse 70 — Surah As-Saffat 37:70

তথাপিও সিহঁতে সিহঁতৰ অনুসৰণত দ্ৰুত গতি কৰিছিল।

Verse 71 — Surah As-Saffat 37:71

অৱশ্যে সিহঁতৰ পূৰ্বেও পূৰ্বৱৰ্তীসকলৰ সৰহভাগ মানুহেই বিপথগামী হৈছিল

Verse 72 — Surah As-Saffat 37:72

অৱশ্যে আমি সিহঁতৰ মাজতো সতৰ্ককাৰী প্ৰেৰণ কৰিছিলো।

Verse 73 — Surah As-Saffat 37:73

এতেকে চোৱা, যিসকলক সতৰ্ক কৰা হৈছিল, সিহঁতৰ পৰিণাম কি হৈছিল

Verse 74 — Surah As-Saffat 37:74

কিন্তু আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ কথা স্বতন্ত্ৰ।

Verse 75 — Surah As-Saffat 37:75

আৰু অৱশ্যে নূহে আমাক আহ্বান কৰিছিল, এতেকে (চোৱা) আমি কিমান উত্তমভাৱে সঁহাৰি জনাইছিলো

Verse 76 — Surah As-Saffat 37:76

তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক আমি মহাসংকটৰ পৰা উদ্ধাৰ কৰিছিলো।

Verse 77 — Surah As-Saffat 37:77

আৰু তেওঁৰ বংশধৰ সকলকেই আমি অৱশিষ্ট ৰাখিছিলো

Verse 78 — Surah As-Saffat 37:78

আৰু আমি পৰবৰ্তীসকলৰ মাজত তেওঁৰ সুখ্যাতি ৰাখি দিছো।

Verse 79 — Surah As-Saffat 37:79

সমগ্ৰ সৃষ্টিৰ মাজত নূহৰ প্ৰতি শান্তি বৰ্ষিত হওঁক।

Verse 80 — Surah As-Saffat 37:80

নিশ্চয় আমি এইদৰেই সৎকৰ্মশীল সকলক পুৰষ্কৃত কৰো।

Verse 81 — Surah As-Saffat 37:81

নিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম।

Verse 82 — Surah As-Saffat 37:82

তাৰ পিছত আমি আনবিলাকক ডুবাই মাৰিছিলো।

Verse 83 — Surah As-Saffat 37:83

আৰু নিশ্চয় ইব্ৰাহীম তেওঁৰ অনুসাৰী সকলৰেই অন্তৰ্ভুক্ত।

Verse 84 — Surah As-Saffat 37:84

স্মৰণ কৰা, যেতিয়া তেওঁ নিজ প্ৰতিপালকৰ ওচৰত বিশুদ্ধচিত্তে উপস্থিত হৈছিল

Verse 85 — Surah As-Saffat 37:85

যেতিয়া তেওঁ তেওঁৰ পিতৃক আৰু তেওঁৰ সম্প্ৰদায়ক সুধিছিল, ‘তোমালোকে কিহৰ ইবাদত কৰিছা

Verse 86 — Surah As-Saffat 37:86

‘তোমালোকে আল্লাহৰ পৰিবৰ্তে অলীক উপাস্যবোৰকে বিচৰা নেকি

Verse 87 — Surah As-Saffat 37:87

‘তেন্তে বিশ্বজগতৰ প্ৰতিপালক সম্পৰ্কে তোমালোকৰ ধাৰণা কি’

Verse 88 — Surah As-Saffat 37:88

তাৰ পিছত তেওঁ তৰাসমূহৰ পিনে দৃষ্টিপাত কৰিলে।

Verse 89 — Surah As-Saffat 37:89

আৰু ক’লে, ‘নিশ্চয় মই অসুস্থ’।

Verse 90 — Surah As-Saffat 37:90

তাৰ পিছত সিহঁতে পৃষ্ঠপ্ৰদৰ্শন কৰি তেওঁৰ পৰা আঁতৰি গ’ল।

Verse 91 — Surah As-Saffat 37:91

তাৰ পিছত তেওঁ চাইচিতি সিহঁতৰ উপাস্যবোৰৰ ওচৰত গ’ল, আৰু ক’লে, ‘তোমালোকে নোখোৱা কিয়’

Verse 92 — Surah As-Saffat 37:92

‘কি হ’ল তোমালোকৰ, কথা নোকোৱা কিয়’

Verse 93 — Surah As-Saffat 37:93

তাৰ পিছত তেওঁ সিহঁতৰ ওপৰত সজোৰে আঘাত কৰিলে।

Verse 94 — Surah As-Saffat 37:94

তেতিয়া (ঘূৰি আহি) মানুহে তেওঁৰ ফালে ঢাপলি মেলিলে।

Verse 95 — Surah As-Saffat 37:95

তেওঁ ক’লে, ‘তোমালোকে সেইবোৰৰ উপাসনা কৰা নেকি, যিবোৰক তোমালোকে নিজেই নিৰ্মাণ কৰা’

Verse 96 — Surah As-Saffat 37:96

‘অথচ আল্লাহেই সৃষ্টি কৰিছে তোমালোকক আৰু তোমালোকে যি তৈয়াৰ কৰা সেইটোৱো তেৱেঁই সৃষ্টি কৰিছে’।

Verse 97 — Surah As-Saffat 37:97

সিহঁতে ক’লে, ‘ইয়াৰ বাবে এটা স্থাপনা তৈয়াৰ কৰা, তাৰ পিছত ইয়াক জ্বলন্ত জুইত নিক্ষেপ কৰা’।

Verse 98 — Surah As-Saffat 37:98

এইদৰেই সিহঁতে তেওঁৰ বিৰুদ্ধে চক্ৰান্তৰ সংকল্প কৰিছিল; কিন্তু আমি সিহঁতক সম্পূৰ্ণৰূপে পৰাভূত কৰি দিলো।

Verse 99 — Surah As-Saffat 37:99

তেওঁ ক’লে, ‘মই মোৰ প্ৰতিপালকৰ ওচৰলৈ গৈ আছো, নিশ্চয় তেৱেঁই মোক হিদায়ত কৰিব

Verse 100 — Surah As-Saffat 37:100

‘হে মোৰ ৰব! মোক এজন সৎকৰ্মপৰায়ণ সন্তান দান কৰা’।

Verse 101 — Surah As-Saffat 37:101

তাৰ পিছত আমি তেওঁক এজন সহিষ্ণু পুত্ৰৰ সুসংবাদ দিলো।

Verse 102 — Surah As-Saffat 37:102

এতেকে যেতিয়া শিশুটো তেওঁৰ পিতৃৰ সৈতে চলাফুৰা কৰা অৱস্থাত উপনীত হ’ল, তেতিয়া ইব্ৰাহীমে ক’লে, ‘হে মোৰ চেনেহৰ পুত্ৰ! মই সপোনত দেখিলো যে, মই তোমাক যবেহ কৰি আছো, এতিয়া কোৱাচোন তোমাৰ অভিমত কি’? পুত্ৰই ক’লে, ‘হে মোৰ পিতৃ! আপুনি যি আদেশপ্ৰাপ্ত হৈছে সেইটোৱেই কৰক। আল্লাহৰ ইচ্ছাত আপুনি মোক ধৈৰ্যশীল সকলৰ অন্তৰ্ভুক্ত পাব’।

Verse 103 — Surah As-Saffat 37:103

এতেকে তেওঁলোক উভয়ে যেতিয়া আনুগত্য প্ৰকাশ কৰিলে আৰু ইব্ৰাহীমে তেওঁৰ পুত্ৰক তলমূৰ কৰি শুৱাই ল’লে

Verse 104 — Surah As-Saffat 37:104

তেতিয়া আমি তেওঁক মাতি ক’লো, ‘হে ইব্ৰাহীম

Verse 105 — Surah As-Saffat 37:105

‘তুমি দেখুন সপোনৰ আদেশ সঁচাই পালন কৰিলা! নিশ্চয় এইদৰেই আমি সৎকৰ্মশীল সকলক পুৰষ্কৃত কৰো’।

Verse 106 — Surah As-Saffat 37:106

নিশ্চয় এইটো আছিল এটা সুস্পষ্ট পৰীক্ষা।

Verse 107 — Surah As-Saffat 37:107

আৰু আমি তেওঁক মুক্ত কৰিলো এটা মহা কুৰবানীৰ বিনিময়ত।

Verse 108 — Surah As-Saffat 37:108

আৰু আমি তেওঁৰ বাবে পৰবৰ্তীসকলৰ মাজত সুনাম-সুখ্যাতি ৰাখি দিছো।

Verse 109 — Surah As-Saffat 37:109

শান্তি বৰ্ষিত হওঁক ইব্ৰাহীমৰ ওপৰত।

Verse 110 — Surah As-Saffat 37:110

এইদৰেই আমি সৎকৰ্মশীলসকলক পুৰষ্কৃত কৰো।

Verse 111 — Surah As-Saffat 37:111

নিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম

Verse 112 — Surah As-Saffat 37:112

আৰু আমি তেওঁক ইছহাক্বৰ সুসংবাদ দিছিলো, তেওঁ আছিল এজন নবী, সৎকৰ্মশীলসকলৰ অন্যতম।

Verse 113 — Surah As-Saffat 37:113

আৰু আমি ইব্ৰাহীমৰ ওপৰত বৰকত দান কৰিছিলো আৰু ইছহাক্বৰ ওপৰতো; আৰু তেওঁলোক উভয়েৰে বংশধৰসকলৰ মাজত আছিল কিছুমান সৎকৰ্মশীল আৰু কিছুমান আছিল নিজৰ প্ৰতি স্পষ্ট অত্যাচাৰী।

Verse 114 — Surah As-Saffat 37:114

আৰু অৱশ্যে আমি অনুগ্ৰহ কৰিছিলো মূছা আৰু হাৰূনৰ প্ৰতি

Verse 115 — Surah As-Saffat 37:115

আৰু তেওঁলোক উভয়কে লগতে তেওঁলোকৰ সম্প্ৰদায়কো উদ্ধাৰ কৰিছিলো মহাসংকটৰ পৰা।

Verse 116 — Surah As-Saffat 37:116

আৰু আমি সহায় কৰিছিলো তেওঁলোকক, ফলত তেওঁলোকে বিজয়ী হৈছিল।

Verse 117 — Surah As-Saffat 37:117

আৰু আমি উভয়কে বিশদ কিতাব প্ৰদান কৰিছিলো।

Verse 118 — Surah As-Saffat 37:118

আৰু উভয়কে আমি পৰিচালিত কৰিছিলো সৰল পথত।

Verse 119 — Surah As-Saffat 37:119

আৰু আমি তেওঁলোক উভয়ৰে বাবে পৰবৰ্তীসকলৰ মাজত সুনাম-সুখ্যাতি ৰাখি দিছো।

Verse 120 — Surah As-Saffat 37:120

মুছা আৰু হাৰূনৰ ওপৰত বৰ্ষিত হওঁক ছালাম (শান্তি আৰু নিৰাপত্তা)।

Verse 121 — Surah As-Saffat 37:121

এইদৰেই আমি সৎকৰ্মশীলসকলক পুৰষ্কৃত কৰো।

Verse 122 — Surah As-Saffat 37:122

নিশ্চয় তেওঁলোক উভয়ে আছিল আমাৰ মুমিন বান্দাসকলৰ অন্তৰ্ভুক্ত।

Verse 123 — Surah As-Saffat 37:123

আৰু ইলিয়াছো আছিল ৰাছুলসকলৰ অন্তৰ্ভুক্ত।

Verse 124 — Surah As-Saffat 37:124

যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’

Verse 125 — Surah As-Saffat 37:125

‘তোমালোকে বাআলক আহ্বান কৰা নেকি? অথচ পৰিত্যাগ কৰা সৰ্বত্তোম স্ৰষ্টাক

Verse 126 — Surah As-Saffat 37:126

‘আল্লাহ, তেৱেঁই তোমালোকৰ ৰব, আৰু তোমালোকৰ পূৰ্বৱৰ্তী পিতৃ-পুৰুষসকলোৰো ৰব’।

Verse 127 — Surah As-Saffat 37:127

কিন্তু সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল, সেয়ে সিহঁতক অৱশ্যে (শাস্তিৰ বাবে) উপস্থিত কৰা হ’ব।

Verse 128 — Surah As-Saffat 37:128

কিন্তু আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ কথা স্বতন্ত্ৰ।

Verse 129 — Surah As-Saffat 37:129

আৰু আমি তেওঁৰ বাবে পৰবৰ্তীসকলৰ মাজত সুনাম-সুখ্যাতি ৰাখি দিছো।

Verse 130 — Surah As-Saffat 37:130

শান্তি বৰ্ষিত হওঁক ইলিয়াছৰ ওপৰত।

Verse 131 — Surah As-Saffat 37:131

নিশ্চয় এইদৰেই আমি সৎকৰ্মশীল সকলক পুৰষ্কৃত কৰো।

Verse 132 — Surah As-Saffat 37:132

নিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম।

Verse 133 — Surah As-Saffat 37:133

আৰু নিশ্চয় লূতো আছিল ৰাছুল সকলৰ অন্তৰ্ভুক্ত।

Verse 134 — Surah As-Saffat 37:134

স্মৰণ কৰা, যেতিয়া আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গৰ সকলোকে উদ্ধাৰ কৰিছিলো

Verse 135 — Surah As-Saffat 37:135

কেৱল পিছত ৰৈ যোৱা সকলৰ অন্তৰ্ভুক্ত এজনী বৃদ্ধাৰ বাহিৰে।

Verse 136 — Surah As-Saffat 37:136

তাৰ পিছত অৱশিষ্টসকলক আমি সম্পূৰ্ণৰূপে ধ্বংস কৰিছিলো।

Verse 137 — Surah As-Saffat 37:137

আৰু নিশ্চয় তোমালোকে সিহঁতৰ ধ্বংস প্ৰাপ্ত অঞ্চলেদি অতিক্ৰম কৰা পুৱাৰ ভাগত

Verse 138 — Surah As-Saffat 37:138

আৰু ৰাতিতো। তথাপিও তোমালোকে বুজি নোপোৱানে

Verse 139 — Surah As-Saffat 37:139

আৰু নিশ্চয় ইউনুছো আছিল ৰাছুলসকলৰ অন্তৰ্ভুক্ত।

Verse 140 — Surah As-Saffat 37:140

স্মৰণ কৰা, যেতিয়া তেওঁ বোজাই নৌযানৰ পিনে পলাই গ’ল

Verse 141 — Surah As-Saffat 37:141

তাৰ পিছত তেওঁ লটাৰিত যোগদান কৰিলে আৰু তাত তেওঁ পৰাভূত সকলৰ অন্তৰ্ভুক্ত হ’ল।

Verse 142 — Surah As-Saffat 37:142

তাৰ পিছত এটা ডাঙৰ মাছে তেওঁক গিলি পেলালে, আৰু তেওঁ নিজকে ধিক্কাৰ দি আছিল।

Verse 143 — Surah As-Saffat 37:143

আৰু তেওঁ যদি আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণাকাৰী সকলৰ অন্তৰ্ভুক্ত নহ’লেহেঁতেন

Verse 144 — Surah As-Saffat 37:144

তেন্তে তেওঁ পুনৰুত্থানৰ দিন লৈকে মাছৰ পেটতেই থাকিলেহেঁতেন।

Verse 145 — Surah As-Saffat 37:145

অৱশেষত তেওঁক আমি নিক্ষেপ কৰিলো এটা তৃণহীন ঠাইত, আৰু তেওঁ আছিল অসুস্থ।

Verse 146 — Surah As-Saffat 37:146

আৰু আমি তাৰ ওপৰত ইয়াকতীন প্ৰজাতিৰ এটা গছ গজাই তুলিলো

Verse 147 — Surah As-Saffat 37:147

আৰু তেওঁক আমি এক লাখ বা তাতোকৈ বেছি লোকৰ ওচৰত প্ৰেৰণ কৰিলো।

Verse 148 — Surah As-Saffat 37:148

এতেকে তেওঁলোকে ঈমান আনিছিল, ফলত আমি তেওঁলোকক কিছু কালৰ বাবে জীৱনোপভোগ কৰিবলৈ দিলো।

Verse 149 — Surah As-Saffat 37:149

এতেকে সিহঁতক সোধাচোন, ‘(এইটো কেনেকুৱা কথা) তোমাৰ প্ৰতিপালকৰ বাবে কন্যা সন্তান আৰু সিহঁতৰ বাবে পুত্ৰ সন্তান’

Verse 150 — Surah As-Saffat 37:150

অথবা আমি ফিৰিস্তাসকলক নাৰীৰূপে সৃষ্টি কৰিছিলো নেকি যে, সেয়া সিহঁতে দেখিছিল

Verse 151 — Surah As-Saffat 37:151

জানি থোৱা, নিশ্চয় সিহঁতে মনেসজা কথা কয় যে

Verse 152 — Surah As-Saffat 37:152

‘আল্লাহে সন্তান জন্ম দিছে’। নিশ্চয় সিহঁত মিছলীয়া।

Verse 153 — Surah As-Saffat 37:153

তেওঁ পুত্ৰ সন্তানৰ পৰিবৰ্তে কন্যা সন্তান পছন্দ কৰিছে নেকি

Verse 154 — Surah As-Saffat 37:154

কি হৈছে তোমালোকৰ? তোমালোকে কেনেকুৱা বিচাৰ কৰা

Verse 155 — Surah As-Saffat 37:155

তেন্তে তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে

Verse 156 — Surah As-Saffat 37:156

নে তোমালোকৰ কোনো সুস্পষ্ট দলীল-প্ৰমাণ আছে

Verse 157 — Surah As-Saffat 37:157

যদি তোমালোকে সত্যবাদী তেন্তে তোমালোকৰ কিতাব লৈ আহা।

Verse 158 — Surah As-Saffat 37:158

সিহঁতে আল্লাহ আৰু জিন জাতিৰ মাজত আত্মীয়তাৰ সম্পৰ্ক স্থিৰ কৰিছে, অথচ জিনবিলাকে জানে যে, নিশ্চয় সিহঁতক উপস্থিত কৰা হ’ব (শাস্তিৰ বাবে)।

Verse 159 — Surah As-Saffat 37:159

সিহঁতে যি আৰোপ কৰে তাৰ পৰা আল্লাহ পৱিত্ৰ আৰু মহান

Verse 160 — Surah As-Saffat 37:160

কেৱল আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ বাহিৰে।

Verse 161 — Surah As-Saffat 37:161

নিশ্চয় তোমালোকে আৰু তোমালোকে যিবোৰৰ ইবাদত কৰা সেইবোৰে

Verse 162 — Surah As-Saffat 37:162

(একনিষ্ঠ বান্দাসকলৰ) কাকো তোমালোকে আল্লাহ সম্পৰ্কে বিভ্ৰান্ত কৰিব নোৱাৰিবা

Verse 163 — Surah As-Saffat 37:163

কেৱল প্ৰজ্জ্বলিত জুইত যিজন দগ্ধ হ’ব তাৰ বাহিৰে।

Verse 164 — Surah As-Saffat 37:164

আৰু (জিব্ৰীলে ক’লে) ‘আমাৰ প্ৰত্যেকৰে বাবে আছে নিৰ্ধাৰিত স্থান

Verse 165 — Surah As-Saffat 37:165

‘আৰু নিশ্চয় আমি শাৰীবদ্ধভাৱে দণ্ডায়মান

Verse 166 — Surah As-Saffat 37:166

‘আৰু নিশ্চয় আমি তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণাকাৰী’।

Verse 167 — Surah As-Saffat 37:167

আৰু সিহঁতে (মক্কাবাসীবিলাকে) অৱশ্যে কৈছিল

Verse 168 — Surah As-Saffat 37:168

‘পূৰ্বৱৰ্তীসকলৰ দৰে যদি আমাৰো এখন উপদেশমূলক কিতাব থাকিলেহেঁতেন

Verse 169 — Surah As-Saffat 37:169

‘তেন্তে অৱশ্যে আমি আল্লাহৰ একনিষ্ঠ বান্দা হ’লোহেঁতেন’।

Verse 170 — Surah As-Saffat 37:170

কিন্তু সিহঁতে সেয়া (কোৰআনক) অস্বীকাৰ কৰিলে, এতেকে অনতিপলমে সিহঁতে জানিবলৈ পাব।

Verse 171 — Surah As-Saffat 37:171

নিশ্চয় আমাৰ প্ৰেৰিত বান্দাসকলৰ বিষয়ে আমাৰ এই কথা পূৰ্বেই নিৰ্ধাৰিত হৈছে যে

Verse 172 — Surah As-Saffat 37:172

নিশ্চয় তেওঁলোক সাহায্যপ্ৰাপ্ত হ’ব।

Verse 173 — Surah As-Saffat 37:173

আৰু নিশ্চয় আমাৰ সৈন্যবাহিনীয়েই বিজয়ী হ’ব।

Verse 174 — Surah As-Saffat 37:174

এতেকে কিছু সময়ৰ বাবে তুমি সিহঁতৰ পৰা মুখ ঘূৰাই থাকা।

Verse 175 — Surah As-Saffat 37:175

আৰু তুমি সিহঁতক পৰ্যবেক্ষণ কৰা, অতিশীঘ্ৰে সিহঁতে দেখিবলৈ পাব (ইয়াৰ পৰিণাম)।

Verse 176 — Surah As-Saffat 37:176

সিহঁতে আমাৰ শাস্তি ত্বৰান্বিত কৰিব বিচাৰে নেকি

Verse 177 — Surah As-Saffat 37:177

এতেকে যেতিয়া সিহঁতৰ চোতালত শাস্তি নামি আহিব তেতিয়া সতৰ্ককৃত বিলাকৰ প্ৰভাত কিমান যে নিকৃষ্ট হ’ব

Verse 178 — Surah As-Saffat 37:178

আৰু কিছু সময়ৰ বাবে তুমি সিহঁতৰ পৰা মুখ ঘূৰাই থাকা।

Verse 179 — Surah As-Saffat 37:179

তুমি সিহঁতক পৰ্যবেক্ষণ কৰা, অতিশীঘ্ৰে সিহঁতে দেখিবলৈ পাব (ইয়াৰ পৰিণাম)।

Verse 180 — Surah As-Saffat 37:180

সিহঁতে যি আৰোপ কৰে, তাৰ পৰা তোমাৰ ৰব পৱিত্ৰ আৰু মহান, সকলো ক্ষমতাৰ অধিকাৰী।

Verse 181 — Surah As-Saffat 37:181

আৰু শান্তি বৰ্ষিত হওঁক ৰাছুলসকলৰ প্ৰতি।

Verse 182 — Surah As-Saffat 37:182

আৰু সকলো ধৰণৰ প্ৰশংসা কেৱল সৃষ্টিজগতৰ ৰব আল্লাহৰেই প্ৰাপ্য।