Back to LanguagesPrevious ChapterNext Chapter
Assamese - Chapter 38 - Sad
Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink
Verse 1 — Surah Sad 38:1
চোৱাদ, শপত উপদেশপূৰ্ণ কোৰআনৰ
Verse 2 — Surah Sad 38:2
বৰং কাফিৰসকল ঔদ্ধত্য আৰু বিৰোধিতাত নিপতিত হৈ আছে।
Verse 3 — Surah Sad 38:3
ইহঁতৰ পূৰ্বে আমি বহুতো জনগোষ্ঠীক ধ্বংস কৰিছো, তেতিয়া সিহঁতে (সহায় বিচাৰি) চিঞঁৰিছিল। কিন্তু তেতিয়া পৰিত্ৰাণৰ কোনো সময় নাছিল।
Verse 4 — Surah Sad 38:4
আৰু সিহঁতে বিস্ময় বোধ কৰিছে যে, সিহঁতৰ ওচৰত সিহঁতৰ মাজৰ পৰাই এজন সতৰ্ককাৰী আহিছে আৰু কাফিৰসকলে কয়, ‘এওঁ এজন যাদুকৰ, মিছলীয়া’।
Verse 5 — Surah Sad 38:5
‘এওঁ সকলো ইলাহক কেৱল এজন ইলাহ বনাই লৈছে নেকি? নিশ্চয় এইটো এটা অত্যাশ্চৰ্য বিষয়!’
Verse 6 — Surah Sad 38:6
আৰু সিহঁতৰ নেতৃস্থানীয় ব্যক্তিসকলে এই কথা কৈ আঁতৰি যায় যে, ‘তোমালোকেও গুচি যোৱা আৰু নিজ নিজ উপাস্যবিলাকৰ পূজাত অবিচল থাকা। নিশ্চয় এই বিষয়টো উদ্দেশ্যমূলক’।
Verse 7 — Surah Sad 38:7
আমি আন কোনো ধৰ্মাদৰ্শত এনেকুৱা কথা কেতিয়াও শুনা নাই, এইটো মনেসজা উক্তিৰ বাহিৰে আন একো নহয়।
Verse 8 — Surah Sad 38:8
‘আমাৰ মাজৰ পৰা কেৱল তেওঁৰ ওপৰতহে যিকৰ (কোৰআন) অৱতীৰ্ণ কৰা হ’ল’? প্ৰকৃততে সিহঁতে আমাৰ কোৰআন সম্পৰ্কে সন্দেহত পতিত হৈছে। বৰং সিহঁতে এতিয়াও মোৰ শাস্তি ভোগ কৰা নাই।
Verse 9 — Surah Sad 38:9
অথবা সিহঁতৰ ওচৰত তোমাৰ প্ৰতিপালকৰ ভাণ্ডাৰ আছে নেকি? যিজন মহাপৰাক্ৰমশালী, অসীম দাতা।
Verse 10 — Surah Sad 38:10
অথবা আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজৰ সকলো বস্তুৰ ওপৰত সিহঁতৰ কোনো কৰ্তৃত্ব আছে নেকি? যদি আছে তেনেহ’লে সিহঁতে কোনো উপায় অৱলম্বন কৰি (আকাশলৈ) আৰোহণ কৰা উচিত
Verse 11 — Surah Sad 38:11
এই বাহিনী তাত অৱশ্যে পৰাজিত হ’ব, পূৰ্বৱৰ্তী দলসমূহৰ দৰে।
Verse 12 — Surah Sad 38:12
ইহঁতৰ পূৰ্বেও অস্বীকাৰ কৰিছিল নূহৰ সম্প্ৰদায়ে, আদ আৰু লৌহ শলাধাৰী ফিৰআউনে
Verse 13 — Surah Sad 38:13
আৰু ছামূদ, লগতে লূত সম্প্ৰদায় আৰু আইকাৰ অধিবাসীবিলাকেও। সিহঁত আছিল একো একোটা বিশাল বাহিনী।
Verse 14 — Surah Sad 38:14
সিহঁতৰ প্ৰত্যেকেই ৰাছুলসকলক অস্বীকাৰ কৰিছিল। ফলত সিহঁতৰ ওপৰত আমাৰ শাস্তি সাব্যস্ত হৈছিল।
Verse 15 — Surah Sad 38:15
আৰু ইহঁত কেৱল আপেক্ষা কৰি আছে এটা বিকট শব্দৰ, যাৰ পিছত কোনো বিৰাম নাথাকিব।
Verse 16 — Surah Sad 38:16
আৰু সিহঁতে ক’ব, ‘হে আমাৰ ৰব! হিচাপ দিৱসৰ পূৰ্বেই আমাৰ প্ৰাপ্য আমাক শীঘ্ৰে প্ৰদান কৰা!’
Verse 17 — Surah Sad 38:17
সিহঁতে যি কয় সেই বিষয়ে তুমি ধৈৰ্য ধাৰণ কৰা আৰু স্মৰণ কৰা আমাৰ শক্তিশালী বান্দা দাউদৰ কথা, নিশ্চয় তেওঁ আছিল অধিক আল্লাহ অভিমুখী (তাওবাকাৰী)।
Verse 18 — Surah Sad 38:18
নিশ্চয় আমি পৰ্বতমালাক অনুগত কৰি দিছিলো, যাতে এইবোৰে তেওঁৰ লগত পুৱা-গধূলি মোৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে
Verse 19 — Surah Sad 38:19
আৰু সমবেত চৰাইবোৰকো (অনুগত কৰি দিছিলো); প্ৰত্যেকেই আছিল অধিক আল্লাহ অভিমুখী।
Verse 20 — Surah Sad 38:20
আৰু আমি তেওঁৰ ৰাজ্যক সুদৃঢ় কৰিছিলো আৰু তেওঁক প্ৰদান কৰিছিলো হিকমত আৰু মীমাংসাকাৰী বাগ্মিতা।
Verse 21 — Surah Sad 38:21
আৰু তোমাৰ ওচৰত বিবদমান লোকসকলৰ সংবাদ আহি পাইছেনে? যেতিয়া সিহঁতে প্ৰাচীৰ বগাই ইবাদতৰ ঠাইত প্ৰৱেশ কৰিছিল।
Verse 22 — Surah Sad 38:22
যেতিয়া তেওঁলোকে দাউদৰ ওচৰত প্ৰৱেশ কৰিলে, তেতিয়া তেওঁ তেওঁলোকক দেখি ভয় খালে। তেওঁলোকে ক’লে, ‘ভয় নকৰিব, আমি দুটা বিবদমান পক্ষ। আমাৰ ইজনে সিজনৰ ওপৰত সীমালংঘন কৰিছে, এতেকে আপুনি আমাৰ মাজত ন্যায় বিচাৰ কৰি দিয়ক, অবিচাৰ নকৰিব আৰু আমাক সঠিক পথ প্ৰদৰ্শন কৰক।
Verse 23 — Surah Sad 38:23
‘নিশ্চয় এওঁ মোৰ ভাতৃ। এওঁৰ নিৰানব্বৈ টা ভেৰা আছে; আৰু মোৰ আছে কেৱল এটা ভেৰা। তথাপিও তেওঁ কয়, ‘সেইটো মোক দি দিয়া’, আৰু তৰ্কত তেওঁ মোৰ ওপৰত প্ৰাধান্য বিস্তাৰ কৰিছে’।
Verse 24 — Surah Sad 38:24
দাউদে ক’লে, ‘তোমাৰ ভেৰাটোক তেওঁৰ ভেৰাবোৰৰ লগত যুক্ত কৰাৰ দাবী কৰি তেওঁ তোমাৰ প্ৰতি অন্যায় কৰিছে। নিশ্চয় যৌথ অংশীদাৰবিলাকৰ বহুতেই ইজনে সিজনৰ ওপৰত সীমালংঘন কৰে, কেৱল তেওঁলোকৰ বাহিৰে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, কিন্তু তেওঁলোক সংখ্যাত অতি তাকৰ’। দাউদে বুজি পালে আমি তেওঁক পৰীক্ষাহে কৰিলো। তাৰ পিছত তেওঁ নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে আৰু নত হৈ ছাজদাহ অৱনত হ’ল, আৰু তেওঁৰ অভিমুখী হ’ল।
Verse 25 — Surah Sad 38:25
তেতিয়া আমি তেওঁক ক্ষমা কৰি দিলো। নিশ্চয় আমাৰ ওচৰত তেওঁৰ বাবে আছে নৈকট্যৰ মৰ্যাদা আৰু উত্তম প্ৰত্যাৱৰ্তনস্থল।
Verse 26 — Surah Sad 38:26
‘হে দাউদ! নিশ্চয় আমি তোমাক পৃথিৱীত প্ৰতিনিধি বনাইছো, এতেকে তুমি মানুহৰ মাজত সুবিচাৰ কৰা আৰু প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা, কিয়নো এনে কৰিলে ই তোমাক আল্লাহৰ পথৰ পৰা বিচ্যুত কৰিব’। নিশ্চয় যিসকলে আল্লাহৰ পথৰ পৰা বিচ্যুত হয় সিহঁতৰ বাবে আছে কঠিন শাস্তি, কাৰণ সিহঁতে বিচাৰ দিৱসক পাহৰি গৈছে।
Verse 27 — Surah Sad 38:27
আৰু আমি আকাশ, পৃথিৱী লগতে এই দুয়োৰ মাজত থকা কোনো বস্তুকেই অনৰ্থক সৃষ্টি কৰা নাই। এইটো ধাৰণা কেৱল সিহঁতৰ যিসকলে কুফৰী কৰিছে, এতেকে যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে অগ্নিৰ দুৰ্ভোগ।
Verse 28 — Surah Sad 38:28
যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আমি তেওঁলোকক পৃথিৱীত বিপৰ্যয় সৃষ্টিকাৰীসকলৰ সমতুল্য গণ্য কৰিম নেকি? নে আমি মুত্তাক্বীসকলক পাপীষ্টবিলাকৰ দৰে গণ্য কৰিম
Verse 29 — Surah Sad 38:29
এখন বৰকতময় পুথি, যিটো আমি তোমাৰ প্ৰতি অৱতীৰ্ণ কৰিছো, যাতে মানুহে ইয়াৰ আয়াতসমূহত গভীৰভাৱে চিন্তা কৰে আৰু যাতে বোধশক্তি সম্পন্ন ব্যক্তিসকলে উপদেশ গ্ৰহণ কৰে।
Verse 30 — Surah Sad 38:30
আৰু আমি দাউদক দান কৰিছিলো ছুলাইমান। কিমান যে উত্তম বান্দা আছিল তেওঁ! নিশ্চয় তেওঁ আছিল অতিশয় আল্লাহ অভিমুখী।
Verse 31 — Surah Sad 38:31
স্মৰণ কৰা, গধূলি যেতিয়া তেওঁৰ সন্মুখত দ্ৰুতগামী উৎকৃষ্ট অশ্বৰাজিক উপস্থাপন কৰা হ’ল
Verse 32 — Surah Sad 38:32
তেতিয়া তেওঁ ক’লে, ‘মই দেখুন মোৰ প্ৰতিপালকৰ স্মৰণৰ পৰা বিমুখ হৈ ঐশ্বৰ্য প্ৰীতিত মগ্ন হৈ পৰিছো, ইপিনে সূৰ্য পৰ্দাৰ আঁৰত গুচি গৈছে
Verse 33 — Surah Sad 38:33
‘এইবোৰক মোৰ ওচৰলৈ ঘূৰাই আনা’। তাৰ পিছত তেওঁ সেইবোৰৰ ভৰি আৰু ডিঙিত আঘাত কৰি জবেহ কৰিবলৈ ধৰিলে।
Verse 34 — Surah Sad 38:34
অৱশ্যে আমি ছুলাইমানক পৰীক্ষা কৰিছিলো আৰু তেওঁৰ আসনৰ ওপৰত ৰাখিছিলো এটি দেহ, তাৰ পিছত ছুলাইমান আমাৰ অভিমুখী হ’ল।
Verse 35 — Surah Sad 38:35
তেওঁ ক’লে, ‘হে মোৰ ৰব! মোক ক্ষমা কৰি দিয়া আৰু মোক এনেকুৱা এখন ৰাজ্য দান কৰা যিটো মোৰ পিছত আন কাৰো বাবে প্ৰযোজ্য নহ’ব। নিশ্চয় তুমি পৰম দাতা’।
Verse 36 — Surah Sad 38:36
তেতিয়া আমি বতাহক তেওঁৰ অধীন কৰি দিলো, যিটো তেওঁৰ আদেশত তেওঁ য’ত ইচ্ছা কৰিছিল সেই ঠাইতে মৃদুমন্দভাৱে প্ৰবাহিত হৈছিল
Verse 37 — Surah Sad 38:37
আৰু (অধীন কৰি দিছিলো) প্ৰত্যেক অট্টালিকা নিৰ্মাণকাৰী আৰু ডুবাৰু ছয়তানবোৰকো
Verse 38 — Surah Sad 38:38
শিকলিত আৱদ্ধ আৰু বহুতকে।
Verse 39 — Surah Sad 38:39
এইবোৰ আমাৰ অনুগ্ৰহ, এতেকে ইয়াৰ পৰা তুমি আনকো দান কৰিব পাৰা আৰু নিজৰ বাবেও সাঁচি থব পাৰা। ইয়াৰ কোনো হিচাব দিব নালাগে।
Verse 40 — Surah Sad 38:40
আৰু নিশ্চয় তেওঁৰ বাবে আছে আমাৰ ওচৰত নৈকট্যৰ মৰ্যাদা আৰু উত্তম প্ৰত্যাৱৰ্তনস্থল।
Verse 41 — Surah Sad 38:41
আৰু স্মৰণ কৰা, আমাৰ বান্দা আইয়্যুবক, যেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, ‘নিশ্চয় মোক চয়তানে যন্ত্ৰণা আৰু কষ্টত পেলাইছে’
Verse 42 — Surah Sad 38:42
(মই তেওঁক ক’লো,) ‘তুমি নিজৰ ভৰিৰে ভূমিত আঘাত কৰা, এয়া হৈছে গা ধুবৰ বাবে সুশীতল পানী আৰু পানীয়’।
Verse 43 — Surah Sad 38:43
আৰু আমি তেওঁক দান কৰিলো তেওঁৰ পৰিয়ালবৰ্গ আৰু তেওঁলোকৰ দৰে আৰু বহুতো, আমাৰ ফালৰ পৰা অনুগ্ৰহস্বৰূপ আৰু বোধশক্তি সম্পন্ন লোকসকলৰ বাবে উপদেশস্বৰূপ।
Verse 44 — Surah Sad 38:44
আৰু (আমি তেওঁক আদেশ কৰিলো) ‘তুমি এমুঠি ঘাঁহ লোৱা আৰু সেইটোৰে তুমি কোবোৱা তথাপিও শপত ভঙ্গ নকৰিবা’। নিশ্চয় আমি তেওঁক ধৈৰ্যশীল পাইছিলো। কিমান যে উত্তম বান্দা আছিল তেওঁ! নিশ্চয় তেওঁ আছিল আমাৰ অভিমুখী।
Verse 45 — Surah Sad 38:45
আৰু স্মৰণ কৰা, আমাৰ বান্দা ইব্ৰাহীম, ইছহাক্ব আৰু ইয়াকূবৰ কথা, তেওঁলোক আটায়ে আছিল শক্তিশালী আৰু সূক্ষ্মদৰ্শী।
Verse 46 — Surah Sad 38:46
নিশ্চয় আমি তেওঁলোকক এটা বিশেষ গুণৰ অধিকাৰী কৰিছিলো, সেয়া আছিল আখিৰাতৰ স্মৰণ।
Verse 47 — Surah Sad 38:47
আৰু নিশ্চয় তেওঁলোক আছিল আমাৰ ওচৰত মনোনীত উত্তম বান্দাসকলৰ অন্যতম।
Verse 48 — Surah Sad 38:48
আৰু স্মৰণ কৰা, ইছমাঈল, আল-ইয়াচআ আৰু জুল-কিফলৰ কথা, এওঁলোক আটায়ে আছিল সজ্জনসকলৰ অন্তৰ্ভুক্ত।
Verse 49 — Surah Sad 38:49
এইটো এটা স্মৰণ। নিশ্চয় মুত্তাক্বীসকলৰ বাবে আছে উত্তম আবাস
Verse 50 — Surah Sad 38:50
চিৰস্থায়ী জান্নাত, যাৰ দুৱাৰসমূহ তেওঁলোকৰ বাবে উন্মুক্ত।
Verse 51 — Surah Sad 38:51
তাত তেওঁলোকে আউজি বহিব, তাত তেওঁলোকে বহু ধৰণৰ ফলমূল আৰু পানীয় আনিবলৈ ক’ব।
Verse 52 — Surah Sad 38:52
আৰু তেওঁলোকৰ ওচৰত থাকিব আনতনয়না সমবয়সীয়া (গাভুৰু ছোৱালীসকল)।
Verse 53 — Surah Sad 38:53
এইটো হিচাপ দিৱসৰ বাবে তোমালোকক দিয়া প্ৰতিশ্ৰুতি।
Verse 54 — Surah Sad 38:54
নিশ্চয় এইটো আমি প্ৰদান কৰা ৰিজিক্ব যিটো কেতিয়াও নিঃশেষ নহ’ব।
Verse 55 — Surah Sad 38:55
এইটোৱেই। নিশ্চয় সীমালংঘনকাৰী বিলাকৰ বাবে আছে নিকৃষ্টতম প্ৰত্যাৱৰ্তনস্থল
Verse 56 — Surah Sad 38:56
জাহান্নাম, তাত সিহঁত অগ্নিদগ্ধ হ’ব, (এয়া) কিমান যে নিকৃষ্ট বিশ্ৰামস্থল
Verse 57 — Surah Sad 38:57
এইটোৱেই। এতেকে সিহঁতে উতলা পানী আৰু গেলা-পূঁজৰ সোৱাদ লওঁক।
Verse 58 — Surah Sad 38:58
আৰু আছে এই জাতীয় বিভিন্ন ধৰণৰ শাস্তি।
Verse 59 — Surah Sad 38:59
এয়া এটা বাহিনী, তোমালোকৰ লগতেই প্ৰৱেশ কৰিছে। সিহঁতৰ বাবে কোনো অভিনন্দন নাই। নিশ্চয় সিহঁত জুইত জ্বলিব।
Verse 60 — Surah Sad 38:60
অনুসাৰীসকলে ক’ব, ‘বৰং তোমালোকেও (জুইত জ্বলিবা), তোমালোকৰ বাবেও কোনো অভিনন্দন নাই। তোমালোকেই আমাৰ বাবে এই বিপদ আনিছা। এতেকে কিমান যে নিকৃষ্ট এই আবাসস্থল!’
Verse 61 — Surah Sad 38:61
সিহঁতে ক’ব, ‘হে আমাৰ ৰব! যিয়ে আমাৰ বাবে এই বিপদ কঢ়িয়াই আনিছে, জাহান্নামত তাক তুমি দ্বিগুণ শাস্তি দিয়া’।
Verse 62 — Surah Sad 38:62
সিহঁতে আৰু ক’ব যে, ‘কি হ’ল, আমি যিসকল লোকক বেয়া বুলি গণ্য কৰিছিলো সিহঁতক দেখুন (ইয়াত) দেখা পোৱা নাই’।
Verse 63 — Surah Sad 38:63
‘আমি সিহঁতক এনেই উপলুঙা কৰিছিলো নেকি, নে সিহঁতৰ বিষয়ে আমাৰ দৃষ্টি বিভ্ৰম ঘটিছে’
Verse 64 — Surah Sad 38:64
নিশ্চয় এইটো বাস্তৱ সত্য, জাহান্নামীসকলৰ এয়া পাৰস্পৰিক বাদ-প্ৰতিবাদ।
Verse 65 — Surah Sad 38:65
কোৱা, ‘মইহে কেৱল এজন সতৰ্ককাৰী মাথোন আৰু আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ একক, প্ৰবল প্ৰতাপশালী।
Verse 66 — Surah Sad 38:66
‘তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত থকা সকলো বস্তুৰ ৰব, প্ৰবল পৰাক্ৰমশালী, পৰম ক্ষমাশীল’।
Verse 67 — Surah Sad 38:67
কোৱা, ‘এইটো এটা মহাসংবাদ
Verse 68 — Surah Sad 38:68
‘যিটোৰ পৰা তোমালোকে বিমুখ হৈ আছা।
Verse 69 — Surah Sad 38:69
‘উৰ্দ্ধলোক সম্পৰ্কে মোৰ কোনো জ্ঞান নাছিল যেতিয়া তেওঁলোকে বাদানুবাদ কৰিছিল।
Verse 70 — Surah Sad 38:70
‘মোৰ ওচৰত এই অহী আহিছে যে, মই কেৱল এজন সতৰ্ককাৰী মাথোন’।
Verse 71 — Surah Sad 38:71
স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক কৈছিল, ‘মই আলতীয়া বোকা মাটিৰে মানুহ সৃষ্টি কৰিম
Verse 72 — Surah Sad 38:72
‘এতেকে যেতিয়া আমি তেওঁক সুষম কৰিম আৰু তাত মোৰ ৰূহ সঞ্চাৰ কৰিম, তেতিয়া তোমালোকে তেওঁৰ প্ৰতি ছাজদাৱনত হ’বা’।
Verse 73 — Surah Sad 38:73
‘তেতিয়া ফিৰিস্তাসকল আটায়ে ছাজদাৱনত হ’ল
Verse 74 — Surah Sad 38:74
কেৱল ইবলীছৰ বাহিৰে, সি অহংকাৰ কৰিলে আৰু কাফিৰবিলাকৰ অন্তৰ্ভুক্ত হ’ল।
Verse 75 — Surah Sad 38:75
আল্লাহে ক’লে, ‘হে ইবলীছ! মই যাক মোৰ দুহাতেৰে সৃষ্টি কৰিছো, তেওঁৰ প্ৰতি ছাজদাৱনত হ’বলৈ তোমাক কিহে বাধা প্ৰদান কৰিলে? তুমি অহংকাৰ কৰিলা নেকি? নে তুমি অধিক উচ্চ মৰ্যাদাসম্পন্ন’
Verse 76 — Surah Sad 38:76
সি ক’লে, ‘মই তেওঁতকৈ শ্ৰেষ্ঠ। তুমি মোক অগ্নিৰে সৃষ্টি কৰিছা আৰু তেওঁক সৃষ্টি কৰিছা আলতীয়া বোকা মাটিৰে’।
Verse 77 — Surah Sad 38:77
তেওঁ ক’লে, ‘তুমি ইয়াৰ পৰা ওলাই যোৱা, কিয়নো নিশ্চয় তুমি অভিশপ্ত।
Verse 78 — Surah Sad 38:78
‘আৰু নিশ্চয় তোমাৰ ওপৰত মোৰ অভিশাপ থাকিব, কৰ্মফল দিৱস লৈকে’।
Verse 79 — Surah Sad 38:79
সি ক’লে, ‘হে মোৰ ৰব! এতেকে তুমি মোক অৱকাশ দিয়া সেই দিন লৈকে যিদিনা সিহঁতক পুনৰুত্থিত কৰা হ’ব’।
Verse 80 — Surah Sad 38:80
তেওঁ ক’লে, ‘যোৱা, নিশ্চয় তুমি অৱকাশ প্ৰাপ্তবিলাকৰ অন্তৰ্ভুক্ত
Verse 81 — Surah Sad 38:81
‘নিৰ্ধাৰিত সময় উপস্থিত হোৱাৰ দিন লৈকে’।
Verse 82 — Surah Sad 38:82
সি ক’লে, ‘তোমাৰ ক্ষমতা-সন্মানৰ শপত! অৱশ্যে মই সিহঁতৰ আটাইকে পথভ্ৰষ্ট কৰিম
Verse 83 — Surah Sad 38:83
‘কিন্তু সিহঁতৰ মাজৰ তোমাৰ একনিষ্ঠ বান্দাসকলৰ বাহিৰে’।
Verse 84 — Surah Sad 38:84
আল্লাহে ক’লে, ‘তেন্তে এইটোৱেই সত্য, আৰু মই সত্যহে কওঁ
Verse 85 — Surah Sad 38:85
‘অৱশ্যে তোমাৰ দ্বাৰা আৰু সিহঁতৰ মাজৰ যিবিলাকে তোমাৰ অনুসৰণ কৰিব সিহঁত সকলোৰে দ্বাৰা মই জাহান্নাম পূৰ্ণ কৰিম’।
Verse 86 — Surah Sad 38:86
কোৱা, ‘মই ইয়াৰ বাবে তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰো আৰু মই কোনো প্ৰবঞ্চক-ছলনাকাৰীও নহয়’।
Verse 87 — Surah Sad 38:87
এয়া কেৱল সৃষ্টিজগতৰ বাবে উপদেশ মাত্ৰ।
Verse 88 — Surah Sad 38:88
আৰু ইয়াৰ সংবাদ তোমালোকে অৱশ্যে জানিবা, কিছুদিন পিছত।