Back to LanguagesPrevious ChapterNext Chapter
Assamese - Chapter 39 - Az-Zumar
Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink
Verse 1 — Surah Az-Zumar 39:1
এই কিতাব মহা পৰাক্ৰমশালী, প্ৰজ্ঞাময় আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ।
Verse 2 — Surah Az-Zumar 39:2
নিশ্চয় আমি তোমাৰ ওচৰত এই কিতাব যথাযথভাৱে অৱতীৰ্ণ কৰিছো। এতেকে তুমি আল্লাহৰ আনুগত্যত একনিষ্ঠ হৈ তেওঁৰেই ইবাদত কৰা।
Verse 3 — Surah Az-Zumar 39:3
জানি থোৱা! বিশুদ্ধ আনুগত্য কেৱল আল্লাহৰেই প্ৰাপ্য। যিসকলে আল্লাহৰ পৰিবৰ্তে আনক অভিভাৱকৰূপে গ্ৰহণ কৰে সিহঁতে কয়, ‘আমি কেৱল এই বাবেই ইহঁতৰ ইবাদত কৰো যে, ইহঁতে আমাক আল্লাহৰ নৈকট্য লাভ কৰাই দিব’। সিহঁতে যি বিষয়ে নিজৰ মাজত মতভেদ কৰি আছে নিশ্চয় আল্লাহে সিহঁতৰ মাজত সেই বিষয়ে মীমাংসা কৰি দিব। নিশ্চয় আল্লাহে মিছলীয়া কাফিৰক হিদায়ত দান নকৰে।
Verse 4 — Surah Az-Zumar 39:4
যদি আল্লাহে সন্তান গ্ৰহণ কৰিব বিচাৰিলেহেঁতেন, তেন্তে তেওঁ যি সৃষ্টি কৰিছে তাৰ পৰাই যাক ইচ্ছা মনোনীত কৰি ল'লেহেঁতেন। কিন্তু তেওঁ পৱিত্ৰ আৰু মহান! তেওঁ আল্লাহ, একক (অদ্বিতীয়), প্ৰবল প্ৰতাপশালী।
Verse 5 — Surah Az-Zumar 39:5
তেৱেঁই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে। তেৱেঁই ৰাতিৰ দ্বাৰা দিনক আচ্ছাদিত কৰে আৰু ৰাতিক আচ্ছাদিত কৰে দিনৰ দ্বাৰা। সূৰ্য আৰু চন্দ্ৰক তেৱেঁই কৰিছে নিয়মাধীন। প্ৰত্যেকই এটা নিৰ্ধাৰিত সময় লৈকে গতি কৰে। জানি থোৱা! তেওঁ মহা পৰাক্ৰমশালী, ক্ষমাশীল।
Verse 6 — Surah Az-Zumar 39:6
তেৱেঁই তোমালোকক সৃষ্টি কৰিছে এজন ব্যক্তিৰ পৰা। তাৰ পিছত তেওঁ তাৰ পৰা তাৰ যোৰা সৃষ্টি কৰিছে। তেৱেঁই তোমালোকৰ বাবে আঠ যোৰা ঘৰচীয়া জন্তু অৱতীৰ্ণ কৰিছে। তেৱেঁই তোমালোকক তোমালোকৰ মাতৃগৰ্ভৰ ত্ৰিবিধ অন্ধকাৰত পৰ্যায়ক্ৰমে সৃষ্টি কৰিছে। তেৱেঁই আল্লাহ; তোমালোকৰ ৰব; সাৰ্বভৌম কৰ্তৃত্ব কেৱল তেওঁৰেই; তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকক ক’লৈ ঘূৰাই নিয়া হৈছে
Verse 7 — Surah Az-Zumar 39:7
যদি তোমালোকে কুফৰী কৰা তেন্তে (জানি থোৱা) আল্লাহ তোমালোকৰ মুখাপেক্ষী নহয়। তেওঁ নিজ বান্দাসকলৰ বাবে কুফৰী পছন্দ নকৰে, আৰু যদি তোমালোকে কৃতজ্ঞ হোৱা তেন্তে তেওঁ তোমালোকৰ বাবে এয়া পছন্দ কৰে। কোনো বোজা বহনকাৰীয়েই আনৰ বোজা বহন নকৰিব। তাৰ পিছত তোমালোকৰ প্ৰতিপালকৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন। তেতিয়া তোমালোকে যি আমল কৰিছিলা সেয়া তেওঁ তোমালোকক অৱহিত কৰিব। নিশ্চয় অন্তৰত যি আছে সেই বিষয়ে তেওঁ সম্যক অৱগত।
Verse 8 — Surah Az-Zumar 39:8
আৰু মানুহক যেতিয়া দুঃখ-দৈন্যই স্পৰ্শ কৰে তেতিয়া সি একাগ্ৰচিত্তে নিজ প্ৰতিপালককহে আহ্বান কৰে। তাৰ পিছত তেওঁ যেতিয়া তেওঁৰ তৰফৰ পৰা তাৰ প্ৰতি অনুগ্ৰহ কৰে, তেতিয়া সি পাহৰি যায় যে ইতিপূৰ্বে কি কাৰণত সি তেওঁৰ ওচৰত দুআ কৰিছিল, আৰু সি আল্লাহৰ সমকক্ষ স্থিৰ কৰিবলৈ ধৰে, আনক তেওঁৰ পথৰ পৰা বিভ্ৰান্ত কৰাৰ বাবে। কোৱা, ‘কুফৰীৰ জীৱন তুমি কিছুকাল উপভোগ কৰি লোৱা। নিশ্চয় তুমি অগ্নিবাসীবিলাকৰ অন্তৰ্ভুক্ত’।
Verse 9 — Surah Az-Zumar 39:9
যি ব্যক্তি ৰাতিৰ বিভিন্ন প্ৰহৰত ছাজদাৱনত হৈ আৰু থিয় হৈ আনুগত্য প্ৰকাশ কৰে, আখিৰাতক ভয় কৰে আৰু নিজ প্ৰতিপালকৰ অনুগ্ৰহ প্ৰত্যাশা কৰে, (তেওঁ তাৰ দৰেনে যিয়ে এইবোৰ নকৰে?) কোৱা, ‘যিসকলে জানে আৰু যিসকলে নাজানে সিহঁত সমান হ’ব পাৰেনে’? নিশ্চয় কেৱল বোধশক্তি সম্পন্ন ব্যক্তি সকলেহে উপদেশ গ্ৰহণ কৰে।
Verse 10 — Surah Az-Zumar 39:10
জনাই দিয়া, ‘হে মোৰ মুমিন বান্দাসকল! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা। যিসকলে এই পাৰ্থিৱ জীৱনত কল্যাণকৰ কাম কৰে তেওঁলোকৰ বাবে আছে কল্যাণ। আল্লাহৰ পৃথিৱী বিশাল প্ৰশস্ত, কেৱল ধৈৰ্যশীলসকলকেই তেওঁলোকৰ প্ৰতিদান অগণিতভাৱে পূৰ্ণৰূপে প্ৰদান কৰা হ’ব’।
Verse 11 — Surah Az-Zumar 39:11
কোৱা, ‘মোক আদেশ কৰা হৈছে, মই যেন আল্লাহৰ আনুগত্যত একনিষ্ঠ হৈ কেৱল তেওঁৰেই ইবাদত কৰো
Verse 12 — Surah Az-Zumar 39:12
‘মোক আৰু আদেশ কৰা হৈছে, ময়ে যেন প্ৰথম মুছলিম হওঁ’।
Verse 13 — Surah Az-Zumar 39:13
কোৱা, ‘মই যদি মোৰ প্ৰতিপালকৰ অবাধ্য হওঁ তেন্তে মই ভয় কৰো মহাদিৱসৰ শাস্তিৰ’।
Verse 14 — Surah Az-Zumar 39:14
কোৱা, ‘মই আল্লাহৰ প্ৰতি মোৰ আনুগত্যক একনিষ্ঠ কৰি কেৱল তেওঁৰেই ইবাদত কৰো’।
Verse 15 — Surah Az-Zumar 39:15
‘এতেকে তোমালোকে আল্লাহৰ পৰিবৰ্তে যাৰ ইচ্ছা তাৰে ইবাদত কৰা’। কোৱা, ‘ক্ষতিগ্ৰস্ত সিহঁতেই যিসকলে কিয়ামতৰ দিনা নিজৰ আৰু নিজ পৰিয়ালবৰ্গৰ ক্ষতি সাধন কৰে। জানি থোৱা! এইটোৱেই সুস্পষ্ট ক্ষতি’।
Verse 16 — Surah Az-Zumar 39:16
সিহঁতৰ বাবে থাকিব সিহঁতৰ ওপৰত অগ্নিৰ আৱৰণ আৰু তলফালেও থাকিব আৱৰণ। ইয়াৰ দ্বাৰা আল্লাহে তেওঁৰ বান্দাসকলক সতৰ্ক কৰে। হে মোৰ বান্দাসকল! তোমালোকে কেৱল মোৰেই তাক্বৱা অৱলম্বন কৰা।
Verse 17 — Surah Az-Zumar 39:17
আৰু যিসকলে তাগূতৰ ইবাদত পৰিহাৰ কৰে আৰু কেৱল আল্লাহৰ অভিমুখী হয় তেওঁলোকৰ বাবে আছে সুসংবাদ। এতেকে মোৰ বান্দাসকলক সুসংবাদ দিয়া
Verse 18 — Surah Az-Zumar 39:18
যিসকলে মনোযোগ সহকাৰে কথা শুনে আৰু তাৰ মাজৰ উত্তম কথাৰ অনুসৰণ কৰে। তেওঁলোককেই আল্লাহে হিদায়ত দান কৰিছে আৰু তেওঁলোকেই বোধশক্তি সম্পন্ন।
Verse 19 — Surah Az-Zumar 39:19
যাৰ ওপৰত শাস্তিৰ আদেশ সাব্যস্ত হৈছে, তুমি তাক ৰক্ষা কৰিব পাৰিবানে, যিজন জাহান্নামত আছে
Verse 20 — Surah Az-Zumar 39:20
কিন্তু যিসকলে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰে, তেওঁলোকৰ বাবে আছে বহুতো অট্টালিকা যাৰ ওপৰত নিৰ্মিত আৰু অট্টালিকা, যাৰ তলত নদীসমূহ প্ৰবাহিত; এইটো আল্লাহৰ প্ৰতিশ্ৰুতি, আল্লাহে নিজ প্ৰতিশ্ৰুতিৰ বিপৰীত নকৰে।
Verse 21 — Surah Az-Zumar 39:21
তুমি লক্ষ্য কৰা নাইনে আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে, তাৰ পিছত সেয়া ভূমিত প্ৰস্ৰৱন হিচাপে প্ৰবাহিত কৰে তাৰ পিছত সেইটোৰ জৰিয়তে নানা ধৰণৰ ফচল উৎপন্ন কৰে, অৱশেষত সেয়া শুকাই যায়। ফলত তুমি সেই ফচলক হালধীয়া বৰ্ণত দেখিবলৈ পোৱা, শেষত তেওঁ সেইটোক খেৰকুটাত পৰিণত কৰে? নিশ্চয় ইয়াত উপদেশ আছে বোধশক্তি সম্পন্ন ব্যক্তিসকলৰ বাবে।
Verse 22 — Surah Az-Zumar 39:22
আল্লাহে ইছলামৰ বাবে যাৰ বুকু উন্মুক্ত কৰি দিছে ফলত তেওঁ নিজ প্ৰতিপালকৰ তৰফৰ পৰা নূৰৰ ওপৰত আছে, (সেইজন ব্যক্তি তাৰ দৰে নেকি যিজন হিদায়তৰ ওপৰত নাই?) এতেকে দুৰ্ভোগ সেই কঠোৰ হৃদয় ব্যক্তিসকলৰ বাবে, যিসকলে আল্লাহৰ স্মৰণৰ পৰা বিমুখ! সিহঁত স্পষ্ট বিভ্ৰান্তিত আছে।
Verse 23 — Surah Az-Zumar 39:23
আল্লাহে অৱতীৰ্ণ কৰিছে উত্তম হাদীছ (বাণী) সম্বলিত এটা কিতাব, যিটো সুসামঞ্জস্য আৰু যিটো পুনঃ পুনঃ আবৃত্তি কৰা হয়। ফলত যিসকলে নিজ প্ৰতিপালকক ভয় কৰে, ইয়াৰ দ্বাৰা তেওঁলোকৰ শৰীৰ শিয়ঁৰি উঠে, তাৰ পিছত তেওঁলোকৰ দেহ মন বিনম্ৰ হৈ আল্লাহৰ স্মৰণত ধাবিত হয়। এইটোৱেই আল্লাহৰ হিদায়ত, তেওঁ ইয়াৰ দ্বাৰা যাক ইচ্ছা হিদায়ত কৰে। কিন্তু আল্লাহে যাক বিভ্ৰান্ত কৰে তাৰ হিদায়তকাৰী কোনো নাই।
Verse 24 — Surah Az-Zumar 39:24
যি ব্যক্তি কিয়ামতৰ দিনা নিজৰ মুখমণ্ডলৰ দ্বাৰা কঠিন শাস্তি ৰোধ কৰিবলৈ চেষ্টা কৰিব, (সি তেওঁৰ দৰে নেকি যিজন নিৰাপদ?) আৰু যালিমসকলক কোৱা হ’ব, ‘তোমালোকে যি অৰ্জন কৰিছিলা সেইটোৰে সোৱাদ লোৱা’।
Verse 25 — Surah Az-Zumar 39:25
সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল, ফলত সিহঁতৰ প্ৰতি শাস্তি এনেকৈ আহিছিল যে, সিহঁতে অনুভৱো কৰিব পৰা নাছিল।
Verse 26 — Surah Az-Zumar 39:26
ফলত আল্লাহে সিহঁতক পাৰ্থিৱ জীৱনতে লাঞ্ছনা ভোগ কৰালে আৰু আখিৰাতৰ শাস্তি ইয়াতকৈয়ো কঠিন। হায়! যদি সিহঁতে জানিলেহেঁতেন
Verse 27 — Surah Az-Zumar 39:27
আৰু অৱশ্যে আমি এই কোৰআনত মানুহৰ বাবে সৰ্বপ্ৰকাৰ দৃষ্টান্ত উপস্থাপন কৰিছো, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে।
Verse 28 — Surah Az-Zumar 39:28
আৰবী ভাষাত এই কোৰআন বক্ৰতামুক্ত, যাতে সিহঁতে তাক্বৱা অৱলম্বন কৰে।
Verse 29 — Surah Az-Zumar 39:29
আল্লাহে এটা দৃষ্টান্ত উপস্থাপন কৰিছে: এজন ব্যক্তি, যাৰ কেইবাজনো মনিব আছে, যিসকল পৰস্পৰ বিৰুদ্ধভাবাপন্ন, আৰু আন এজন মানুহ, যিজন কেৱল এজন মনিবৰ অনুগত; এই দুজন ব্যক্তিৰ অৱস্থা একে হ’ব পাৰেনে? সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই; কিন্তু সিহঁতৰ অধিকাংশই নাজানে।
Verse 30 — Surah Az-Zumar 39:30
নিশ্চয় তুমি মৰণশীল আৰু সিহঁতেও মৰণশীল।
Verse 31 — Surah Az-Zumar 39:31
তাৰ পিছত কিয়ামতৰ দিনা নিশ্চয় তোমালোকে নিজ প্ৰতিপালকৰ সন্মুখত পৰস্পৰে বাক-বিতণ্ডা কৰিবা।
Verse 32 — Surah Az-Zumar 39:32
এতেকে যি ব্যক্তি আল্লাহ সম্পৰ্কে মিছা আৰোপ কৰে আৰু সত্য অহাৰ পিছতো সেয়া অস্বীকাৰ কৰে সেইজনতকৈ ডাঙৰ যালিম আৰুনো কোন হ’ব পাৰে? কাফিৰবিলাকৰ আবাসস্থল জাহান্নাম নহয় নে বাৰু
Verse 33 — Surah Az-Zumar 39:33
আৰু যিয়ে সত্য লৈ আহিছে আৰু যিয়ে তাক সত্য বুলি মানি লৈছে তেওঁলোকেই হৈছে মুত্তাক্বী।
Verse 34 — Surah Az-Zumar 39:34
তেওঁলোকৰ বাবে নিজ প্ৰতিপালকৰ ওচৰত সেইটোৱেই আছে যিটো তেওঁলোকে বিচাৰিব। এইটোৱেই সৎকৰ্মশীল লোকৰ পুৰষ্কাৰ।
Verse 35 — Surah Az-Zumar 39:35
যাতে তেওঁলোকে যিবোৰ অসৎকৰ্ম কৰিছিল আল্লাহে সেয়া ক্ষমা কৰি দিয়ে আৰু তেওঁলোকক তেওঁলোকৰ সৰ্বোত্তম কৰ্মৰ বাবে পুৰষ্কৃত কৰে।
Verse 36 — Surah Az-Zumar 39:36
আল্লাহেই তেওঁৰ বান্দাৰ বাবে যথেষ্ট নহয় নে? অথচ সিহঁতে তোমাক আল্লাহৰ পৰিবৰ্তে আনৰ ভয় দেখুৱায়। আল্লাহে যাক পথভ্ৰষ্ট কৰে তাৰ বাবে কোনো হিদায়তকাৰী নাই।
Verse 37 — Surah Az-Zumar 39:37
আৰু যাক আল্লাহে হিদায়ত কৰে তাক পথভ্ৰষ্ট কৰিবলৈয়ো কোনো নাই; আল্লাহ মহা পৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী নহয় নে বাৰু
Verse 38 — Surah Az-Zumar 39:38
আৰু তুমি যদি সিহঁতক সোধা, ‘আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে’? সিহঁতে অৱশ্যে ক’ব, ‘আল্লাহ’। কোৱা, ‘তোমালোকে ভাবিছানে, আল্লাহে যদি মোৰ অনিষ্ট কৰিব বিচাৰে তেন্তে তোমালোকে আল্লাহৰ পৰিবৰ্তে যিবোৰক আহ্বান কৰা সিহঁতে সেই অনিষ্ট দূৰ কৰিব পাৰিবনে? অথবা তেওঁ যদি মোৰ প্ৰতি অনুগ্ৰহ কৰিব বিচাৰে তেন্তে সিহঁতে সেই অনুগ্ৰহ ৰোধ কৰিব পাৰিবনে’? কোৱা, ‘মোৰ বাবে আল্লাহেই যথেষ্ট’। নিৰ্ভৰকাৰীসকলে তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰে।
Verse 39 — Surah Az-Zumar 39:39
কোৱা, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে নিজ নিজ স্থানত কাম কৰি যোৱা, নিশ্চয় মই মোৰ কাম কৰি যাম। এতেকে শীঘ্ৰে তোমালোকে জানিবলৈ পাবা
Verse 40 — Surah Az-Zumar 39:40
‘কাৰ ওপৰত আহিব লাঞ্ছনাদায়ক শাস্তি আৰু কাৰ ওপৰত আপতিত হ’ব স্থায়ী শাস্তি’।
Verse 41 — Surah Az-Zumar 39:41
নিশ্চয় আমি মানুহৰ বাবে তোমাৰ প্ৰতি যথাযথভাৱে কিতাব অৱতীৰ্ণ কৰিছো, এতেকে যিয়ে সৎপথ অৱলম্বন কৰে সি নিজৰ কল্যাণৰ বাবেই কৰে আৰু যিয়ে বিপথগামী হয় সি নিজৰ ধ্বংসৰ বাবেই হয়, আৰু তুমি সিহঁতৰ ওপৰত তত্ত্বাৱধায়ক নহয়।
Verse 42 — Surah Az-Zumar 39:42
আল্লাহেই জীৱসমূহৰ প্ৰাণ হৰণ কৰে সিহঁতৰ মৃত্যুৰ সময়ত আৰু যিসকলে মৃত্যুবৰণ কৰা নাই সিহঁতৰো (প্ৰাণ হৰণ কৰে) নিদ্ৰা অৱস্থাত। তাৰ পিছত তেওঁ যাৰ বাবে মৃত্যুৰ সিদ্ধান্ত কৰে তাৰ প্ৰাণ তেওঁ ৰাখি দিয়ে আৰু আনবোৰক এৰি দিয়ে, এটা নিৰ্দিষ্ট সময় লৈকে। নিশ্চয় ইয়াত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে, যিসকলে গৱেষনা কৰে।
Verse 43 — Surah Az-Zumar 39:43
তেন্তে সিহঁতে আল্লাহৰ বাহিৰে আনক ছুপাৰিছকাৰী বনাই লৈছে নেকি? কোৱা, ‘সিহঁতৰ কোনো ক্ষমতা নাথাকিলেও আৰু সিহঁতে একো বুজি নাপালেও (তোমালোকে সিহঁতক মধ্যস্থতাকাৰী বনাই লবানে)’
Verse 44 — Surah Az-Zumar 39:44
কোৱা, ‘সকলো ধৰণৰ মধ্যস্থতা কেৱল আল্লাহৰেই মালিকানাধীন, আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব তেওঁৰেই, তাৰ পিছত তেওঁৰ ওচৰতেই তোমালোকক প্ৰত্যাৱৰ্তিত কৰা হ’ব’।
Verse 45 — Surah Az-Zumar 39:45
আৰু যেতিয়া কেৱল এক আল্লাহৰ কথা কোৱা হয় তেতিয়া যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস নকৰে সিহঁতৰ অন্তৰ বিতৃষ্ণাত সংকুচিত হয়। কিন্তু আল্লাহৰ পৰিবৰ্তে আন উপাস্যবোৰৰ কথা উল্লেখ কৰা হ’লে তেতিয়াই সিহঁতে আনন্দত উৎফুল্ল হয়।
Verse 46 — Surah Az-Zumar 39:46
কোৱা, ‘হে আল্লাহ, আকাশসমূহ আৰু পৃথিৱীৰ স্ৰষ্টা, প্ৰকাশ্য আৰু অপ্ৰকাশ্য বিষয়াদিৰ জ্ঞানী, তুমিয়ে তোমাৰ বান্দাসকলৰ মাজত সেই বিষয়ে ফয়চালা কৰি দিবা যি বিষয়ে সিহঁতে মতবিৰোধ কৰি আছে’।
Verse 47 — Surah Az-Zumar 39:47
আৰু যিসকলে যুলুম কৰিছে, পৃথিৱীত থকা সকলো বস্তু যদি সিহঁতৰ হৈ যায় লগতে ইয়াৰ সমপৰিমাণ বস্তুও যদি সিহঁতৰ থাকে, তেন্তে কিয়ামতৰ দিনা কঠিন শাস্তিৰ পৰা ৰক্ষা পাবলৈ মুক্তিপণস্বৰূপ সেই সকলো সিহঁতে দি দিব আৰু সিহঁতৰ বাবে আল্লাহৰ তৰফৰ পৰা এনেকুৱা কিবা প্ৰকাশিত হ’ব যিটো সিহঁতে কল্পনাও কৰিব পৰা নাই।
Verse 48 — Surah Az-Zumar 39:48
আৰু সিহঁতে যি অৰ্জন কৰিছিল তাৰেই বেয়া পৰিণাম সিহঁতৰ ওচৰত প্ৰকাশ হৈ পৰিব আৰু সিহঁতে যি বিষয়ে ঠাট্টা-বিদ্ৰূপ কৰিছিল সেয়া সিহঁতক পৰিবেষ্টন কৰিব।
Verse 49 — Surah Az-Zumar 39:49
এতেকে যেতিয়া কোনো বিপদ-আপদে মানুহক স্পৰ্শ কৰে, তেতিয়া সি কেৱল মোকেই আহ্বান কৰে, তাৰ পিছত যেতিয়া আমি তাক আমাৰ কোনো নিয়ামতৰ অধিকাৰী কৰো তেতিয়া সি কয়, ‘এইটো মোক কেৱল মোৰ জ্ঞানৰ কাৰণেহে দিয়া হৈছে’। বৰং এইটো এটা পৰীক্ষা, কিন্তু সিহঁতৰ সৰহভাগেই সেয়া নাজানে।
Verse 50 — Surah Az-Zumar 39:50
অৱশ্যে সিহঁতৰ পূৰ্বৱৰ্তীসকলেও এইটোৱেই কৈছিল, কিন্তু সিহঁতে যি অৰ্জন কৰিছিল সেয়া সিহঁতৰ কোনো কামত অহা নাছিল।
Verse 51 — Surah Az-Zumar 39:51
এতেকে সিহঁতৰ কৃতকৰ্মৰ বেয়া পৰিণাম সিহঁতৰ ওপৰত আপতিত হৈছে, সিহঁতৰ মাজৰ যিসকলে যুলুম কৰে সিহঁতৰ ওপৰত অতিশীঘ্ৰে সিহঁতে যি অৰ্জন কৰিছে তাৰো বেয়া পৰিণাম আপতিত হ’ব আৰু সিহঁতে ৰোধ কৰিব নোৱাৰিব।
Verse 52 — Surah Az-Zumar 39:52
সিহঁতে নাজানে নেকি যে, আল্লাহে যাৰ বাবে ইচ্ছা তাৰ বাবে জীৱিকা প্ৰশস্ত কৰি দিয়ে আৰু সংকুচিতও কৰি দিয়ে? নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে, যিসকলে ঈমান পোষণ কৰে।
Verse 53 — Surah Az-Zumar 39:53
(সিহঁতক) জনাই দিয়া, ‘হে মোৰ বান্দাসকল! তোমালোকৰ যিসকলে নিজৰ ওপৰত অন্যায় কৰিছা, আল্লাহৰ অনুগ্ৰহৰ পৰা নিৰাশ নহ’বা, নিশ্চয় আল্লাহে সকলো পাপ ক্ষমা কৰি দিব। নিশ্চয় তেওঁ পৰম ক্ষমাশীল, পৰম দয়ালু’।
Verse 54 — Surah Az-Zumar 39:54
আৰু তোমালোকে নিজ প্ৰতিপালকৰ অভিমুখী হোৱা আৰু তোমালোকৰ ওপৰত শাস্তি অহাৰ আগতেই তোমালোকে তেওঁৰ ওচৰত আত্মসমৰ্পন কৰা, ইয়াৰ পিছত কিন্তু তোমালোকক সহায় কৰা নহ’ব।
Verse 55 — Surah Az-Zumar 39:55
আৰু তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি যি উত্তম (পুথি) অৱতীৰ্ণ কৰা হৈছে, সেয়ে তোমালোকৰ ওপৰত অতৰ্কিতভাৱে শাস্তি অহাৰ পূৰ্বেই তোমালোকে তাৰ অনুসৰণ কৰা, অন্যথা (সেই শাস্তি এনেকৈ আহিব যে) তোমালোকে উপলব্ধিও কৰিব নোৱাৰিবা।
Verse 56 — Surah Az-Zumar 39:56
পিছত যাতে কোনোৱেই কবলগীয়া নহয় যে, ‘হায় মোৰ দুৰ্ভাগ্য! আল্লাহৰ প্ৰতি থকা মোৰ কৰ্তব্যত মই অৱহেলা কৰিছিলো! আৰু মই উপহাসকাৰী বিলাকৰ অন্তৰ্ভুক্ত আছিলো’।
Verse 57 — Surah Az-Zumar 39:57
অথবা এনেকৈয়ো যাতে কবলগীয়া নহয়, ‘হায়! আল্লাহে যদি মোক হিদায়ত কৰিলেহেঁতেন তেন্তে নিশ্চয় মই মুত্তাক্বীসকলৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন!’
Verse 58 — Surah Az-Zumar 39:58
অথবা শাস্তি দেখিও যাতে কোনোবাই কবলগীয়া নহয়, ‘হায়! যদি মই এবাৰ উভতি যাব পাৰিলোহেঁতেন তেন্তে মই সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন!’
Verse 59 — Surah Az-Zumar 39:59
হয়, অৱশ্যে তোমাৰ ওচৰত মোৰ নিদৰ্শন আহিছিল, কিন্তু তুমি সেইবোৰক অস্বীকাৰ কৰিছিলা আৰু অহংকাৰ কৰিছিলা; আৰু তুমি আছিলা কাফিৰ বিলাকৰ অন্তৰ্ভুক্ত।
Verse 60 — Surah Az-Zumar 39:60
আৰু যিসকলে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰে, তুমি কিয়ামতৰ দিনা দেখিবা সিহঁতৰ মুখ ক’লা পৰিছে। অহংকাৰী বিলাকৰ আবাসস্থল জাহান্নাম নহয়নে বাৰু
Verse 61 — Surah Az-Zumar 39:61
আৰু যিসকলে তাক্বৱা অৱলম্বন কৰিছে, আল্লাহে তেওঁলোকক সফলতাসহ উদ্ধাৰ কৰিব, তেওঁলোকক কোনো অমঙ্গলে স্পৰ্শ নকৰিব আৰু তেওঁলোক চিন্তিতও নহ’ব।
Verse 62 — Surah Az-Zumar 39:62
আল্লাহেই সকলো বস্তুৰ স্ৰষ্টা আৰু তেৱেঁই সকলো বস্তুৰ তত্ত্বাৱধায়ক।
Verse 63 — Surah Az-Zumar 39:63
আকাশসমূহ আৰু পৃথিৱীৰ চাবিসমূহ তেওঁৰ ওচৰতেই। আৰু যিসকলে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰে সিহঁতেই ক্ষতিগ্ৰস্ত।
Verse 64 — Surah Az-Zumar 39:64
কোৱা, ‘হে অজ্ঞসকল! তোমালোকে মোক আল্লাহৰ বাহিৰে আনৰ ইবাদত কৰিবলৈ নিৰ্দেশ দিয়া নেকি’
Verse 65 — Surah Az-Zumar 39:65
অৱশ্যে তোমাৰ প্ৰতি আৰু তোমাৰ পূৰ্বৱৰ্তীসকলৰ প্ৰতি অহী কৰা হৈছে যে, ‘যদি তুমি শ্বিৰ্ক কৰা তেন্তে তোমাৰ সকলো আমল নিষ্ফল হৈ যাব আৰু অৱশ্যে তুমি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’বা।
Verse 66 — Surah Az-Zumar 39:66
‘বৰং তুমি কেৱল আল্লাহৰেই ইবাদত কৰা আৰু কৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত হোৱা’।
Verse 67 — Surah Az-Zumar 39:67
আৰু সিহঁতে আল্লাহক যথোচিত সন্মান কৰা নাই অথচ কিয়ামতৰ দিনা গোটেই পৃথিৱী থাকিব তেওঁৰ হাতৰ মুঠিত আৰু আকাশসমূহ তেওঁৰ সোঁ হাতত মেৰিয়াই থোৱা অৱস্থাত থাকিব। পৱিত্ৰ আৰু মহান তেওঁ, সিহঁতে যিবোৰক অংশীস্থাপন কৰে তেওঁ সেইবোৰৰ পৰা বহু উৰ্দ্ধত।
Verse 68 — Surah Az-Zumar 39:68
আৰু শিঙাত ফুঁ দিয়া হ’ব। ফলত আকাশসমূহত যিসকল আছে আৰু পৃথিৱীত যিসকল আছে সিহঁত আটায়ে অজ্ঞান হৈ পৰিব, কেৱল আল্লাহে ইচ্ছা কৰা ব্যক্তি সকলৰ বাহিৰে। তাৰ পিছত আকৌ শিঙাত ফুঁ দিয়া হ’ব, ফলত তৎক্ষণাত সিহঁতে থিয় হৈ থৰ লাগি চাই থাকিব।
Verse 69 — Surah Az-Zumar 39:69
আৰু পৃথিৱী তেওঁৰ প্ৰতিপালকৰ নূৰত উদ্ভাসিত হ'ব আৰু আমলনামা উপস্থাপন কৰা হ'ব। নবীসকলক আৰু সাক্ষীসকলক উপস্থিত কৰা হ'ব আৰু তেওঁলোকৰ মাজত ন্যায় বিচাৰ কৰা হ'ব, এনেকৈ যে সিহঁত কাৰো প্ৰতি অন্যায় কৰা নহ’ব।
Verse 70 — Surah Az-Zumar 39:70
আৰু প্ৰত্যেককে তাৰ আমলৰ পূৰ্ণ প্ৰতিফল দিয়া হ’ব আৰু সিহঁতে যি আমল কৰে সেই সম্পৰ্কে আল্লাহ সৰ্বাধিক অৱগত।
Verse 71 — Surah Az-Zumar 39:71
আৰু কাফিৰসকলক জাহান্নামৰ ফালে দলে দলে খেদি লৈ যোৱা হ’ব। অৱশেষত যেতিয়া সিহঁতে জাহান্নামৰ ওচৰত আহি পাব তেতিয়া ইয়াৰ দুৱাৰসমূহ খুলি দিয়া হ’ব আৰু জাহান্নামৰ ৰক্ষকসকলে সিহঁতক সুধিব, ‘তোমালোকৰ ওচৰত তোমালোকৰ মাজৰ পৰাই ৰাছুল অহা নাছিলনে, যিসকলে তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ আয়াতসমূহ তিলাৱত কৰিছিল আৰু এই দিৱসৰ সাক্ষাত সম্পৰ্কে তোমালোকক সতৰ্ক কৰিছিল’? সিহঁতে ক’ব, ‘অৱশ্যে হয়’। কিন্তু শাস্তিৰ বাণী কাফিৰসকলৰ ওপৰত সাব্যস্ত হৈছে।
Verse 72 — Surah Az-Zumar 39:72
কোৱা হ’ব, ‘তোমালোকে জাহান্নামৰ দুৱাৰেৰে প্ৰৱেশ কৰা তাত স্থায়ীভাৱে থকাৰ বাবে। এতেকে অহংকাৰী বিলাকৰ আবাসস্থল কিমান যে নিকৃষ্ট
Verse 73 — Surah Az-Zumar 39:73
আৰু যিসকলে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰিছিল তেওঁলোকক দলে দলে জান্নাতৰ ফালে লৈ যোৱা হ’ব। অৱশেষত যেতিয়া তেওঁলোকে জান্নাতৰ ওচৰত আহি পাব আৰু ইয়াৰ দুৱাৰসমূহ খুলি দিয়া হ’ব আৰু জান্নাতৰ ৰক্ষকসকলে তেওঁলোকক ক’ব, ‘আপোনালোকৰ প্ৰতি ছালাম, আপোনালোক ভাল আছিল। এতেকে স্থায়ীভাৱে থকাৰ বাবে জান্নাতত প্ৰৱেশ কৰক’।
Verse 74 — Surah Az-Zumar 39:74
আৰু তেওঁলোকে (প্ৰৱেশ কৰি) ক’ব, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে, যিজনে আমাৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতি সত্য হিচাপে বাস্তবায়িত কৰিছে আৰু আমাক এই ভূমিৰ অধিকাৰী কৰিলে, আমি জান্নাতত য’তে ইচ্ছা ত’তেই বসবাসৰ ঠাই কৰি লম’। এতেকে (চোৱা) নেক আমলকাৰী সকলৰ পুৰষ্কাৰ কিমান যে উত্তম
Verse 75 — Surah Az-Zumar 39:75
আৰু তুমি ফিৰিস্তাসকলক দেখিবা যে, তেওঁলোকে আৰছৰ চাৰিওফালে ঘেৰি ধৰি নিজ প্ৰতিপালকৰ সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰি আছে। তেওঁলোকৰ মাজত ন্যায়ৰ সৈতে বিচাৰ কৰা হ’ব আৰু কোৱা হ’ব, ‘সকলো ধৰণৰ প্ৰশংসা সৃষ্টিজগতৰ ৰব আল্লাহৰেই প্ৰাপ্য’।