Back to Languages

Assamese - Chapter 42 - Ash-Shura

Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink

Verse 1 — Surah Ash-Shura 42:1

Verse 2 — Surah Ash-Shura 42:2

আঈন-ছীন-ক্বাফ।

Verse 3 — Surah Ash-Shura 42:3

এইদৰেই তোমাৰ প্ৰতি আৰু তোমাৰ পূৰ্বৱৰ্তীসকলৰ প্ৰতি অহী কৰে মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময় আল্লাহে।

Verse 4 — Surah Ash-Shura 42:4

আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। তেওঁ সুউচ্চ, সুমহান।

Verse 5 — Surah Ash-Shura 42:5

আকাশসমূহ ওপৰৰ পৰা ভাঙি পৰাৰ উপক্ৰম হয়, আৰু ফিৰিস্তাসকলে নিজ প্ৰতিপালকৰ সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু পৃথিৱীবাসী সকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে। জানি থোৱা, নিশ্চয় আল্লাহ, তেৱেঁই ক্ষমাশীল, পৰম দয়ালু।

Verse 6 — Surah Ash-Shura 42:6

আৰু যিসকলে আল্লাহৰ পৰিবৰ্তে আনক অভিভাৱকৰূপে গ্ৰহণ কৰে, আল্লাহ সিহঁতৰ প্ৰতি সম্যক দৃষ্টিদাতা। আৰু তুমি সিহঁতৰ ওপৰত কৰ্মবিধায়ক নহয়।

Verse 7 — Surah Ash-Shura 42:7

আৰু এইদৰেই আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছো আৰবী ভাষাত, যাতে তুমি মক্কা আৰু ইয়াৰ চাৰিওফালৰ জনগণক সতৰ্ক কৰিব পাৰা লগতে সতৰ্ক কৰিব পাৰা কিয়ামতৰ দিন সম্পৰ্কে, যাৰ (সংঘটিত হোৱাত) কোনো সন্দেহ নাই। এদল থাকিব জান্নাতত আৰু এদল জ্বলন্ত অগ্নিত।

Verse 8 — Surah Ash-Shura 42:8

আৰু আল্লাহে ইচ্ছা কৰিলে সিহঁতক এটাই উম্মত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ যাক ইচ্ছা কৰে কেৱল তাকহে নিজ অনুগ্ৰহত প্ৰৱেশ কৰায়। আৰু যালিমসকল, সিহঁতৰ কোনো অভিভাৱক নাই আৰু কোনো সহায়কাৰীও নাই।

Verse 9 — Surah Ash-Shura 42:9

সিহঁতে আল্লাহৰ পৰিবৰ্তে আনক অভিভাৱকৰূপে গ্ৰহণ কৰিছে নেকি, কিন্তু আল্লাহ, কেৱল তেওঁহে প্ৰকৃত অভিভাৱক, আৰু কেৱল তেৱেঁই মৃতক জীৱিত কৰে। তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

Verse 10 — Surah Ash-Shura 42:10

আৰু তোমালোকে যি বিষয়তে মতভেদ নকৰা কিয়, তাৰ মীমাংসা কেৱল আল্লাহৰেই ওচৰত। তেৱেঁই আল্লাহ, মোৰ ৰব; তেওঁৰ ওপৰতেই মই নিৰ্ভৰ কৰিছো আৰু মই তেওঁৰেই অভিমুখী হওঁ।

Verse 11 — Surah Ash-Shura 42:11

তেৱেঁই আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি কৰ্তা, তেৱেঁই তোমালোকৰ মাজৰ পৰা তোমালোকৰ যোৰা সৃষ্টি কৰিছে আৰু চতুষ্পদ জন্তুৰ মাজতো যোৰা সৃষ্টি কৰিছে। এইদৰেই তেওঁ তোমালোকৰ বংশ বিস্তাৰ কৰে; একোৱেই তেওঁৰ সদৃশ নহয়, তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।

Verse 12 — Surah Ash-Shura 42:12

আকাশসমূহ আৰু পৃথিৱীৰ চাবি-কাঠি তেওঁৰেই ওচৰত। তেওঁ যাৰ বাবে ইচ্ছা কৰে তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু সংকুচিতও কৰে। নিশ্চয় তেওঁ সকলো বস্তু সম্পৰ্কে সৰ্বজ্ঞ।

Verse 13 — Surah Ash-Shura 42:13

তেৱেঁই তোমালোকৰ বাবে দ্বীন বিধিবদ্ধ কৰিছে, যাৰ নিৰ্দেশ তেওঁ নূহক প্ৰদান কৰিছিল; আৰু আমি তোমাৰ প্ৰতি ইয়াৰেই অহী প্ৰেৰণ কৰিছো লগতে ইব্ৰাহীম, মুছা আৰু ঈছাকো ইয়াৰ নিৰ্দেশ দিছিলো যে, তোমালোকে দ্বীনক প্ৰতিষ্ঠিত কৰা আৰু ইয়াৰ মাজত বিভেদ সৃষ্টি নকৰিবা। তুমি মুশ্বৰিকসকলক যিটোৰ ফালে আহ্বান কৰি আছা সেয়া সিহঁতৰ ওচৰত কঠিন বুলিহে ধাৰণা হয়। আল্লাহে যাক ইচ্ছা কৰে তাকহে তেওঁৰ দ্বীনৰ প্ৰতি আকৃষ্ট কৰে আৰু যিয়ে তেওঁৰ অভিমুখী হয় তাক তেওঁৰ দ্বীনৰ প্ৰতি হিদায়ত দান কৰে।

Verse 14 — Surah Ash-Shura 42:14

আৰু সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছতো কেৱল পাৰস্পৰিক বিদ্বেষবশত সিহঁতে নিজৰ মাজত মতভেদ ঘটায়। এটা নিৰ্ধাৰিত সময় লৈকে অৱকাশ সম্পৰ্কে তোমাৰ প্ৰতিপালকৰ পূৰ্ব সিদ্ধান্ত নাথাকিলে সিহঁতৰ বিষয়ে চূড়ান্ত ফয়চালা হৈ গ’লহেঁতেন। সিহঁতৰ পিছত যিসকলে কিতাবৰ উত্তৰাধিকাৰী হৈছে, নিশ্চয় সিহঁতে সেই বিষয়ে বিভ্ৰান্তিকৰ সন্দেহত পতিত হৈছে।

Verse 15 — Surah Ash-Shura 42:15

এতেকে তুমি আহ্বান কৰা আৰু দৃঢ়ভাৱে অবিচলিত থাকা, যিদৰে তোমাক আদেশ কৰা হৈছে। তুমি কেতিয়াও সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা; আৰু কোৱা, ‘আল্লাহে যিখন কিতাব অৱতীৰ্ণ কৰিছে মই তাত ঈমান আনিছো আৰু তোমালোকৰ মাজত ন্যায় বিচাৰ কৰিবলৈ মোক আদেশ কৰা হৈছে। আল্লাহেই আমাৰ ৰব আৰু তোমালোকৰো ৰব। আমাৰ আমল আমাৰ বাবে আৰু তোমালোকৰ আমল তোমালোকৰ বাবে; আমাৰ আৰু তোমালোকৰ মাজত কোনো বিবাদ-বিসম্বাদ নাই। আল্লাহেই আমাক একত্ৰিত কৰিব আৰু তেওঁৰ ওচৰতেই প্ৰত্যাৱৰ্তন’।

Verse 16 — Surah Ash-Shura 42:16

আল্লাহৰ আহ্বানত সঁহাৰি দিয়াৰ পিছতো যিসকলে আল্লাহ সম্পৰ্কে বিতৰ্ক কৰে, সিহঁতৰ যুক্তি-তৰ্ক সিহঁতৰ প্ৰতিপালকৰ দৃষ্টিত অসাৰ আৰু সিহঁতৰ ওপৰত আছে তেওঁৰ ক্ৰোধ আৰু আছে সিহঁতৰ বাবে কঠিন শাস্তি।

Verse 17 — Surah Ash-Shura 42:17

তেৱেঁই আল্লাহ, যিজনে সত্য সহকাৰে কিতাব আৰু মীজান অৱতীৰ্ণ কৰিছে। কিহে তোমাক জনাব যে, সম্ভৱত কিয়ামত অতি নিকটৱৰ্তী

Verse 18 — Surah Ash-Shura 42:18

যিহঁতে ইয়াৰ প্ৰতি ঈমান পোষণ নকৰে সিহঁতেই ইয়াক ত্বৰান্বিত কৰিব বিচাৰে। আৰু যিসকলে ঈমান আনিছে তেওঁলোকে ইয়াৰ পৰা ভীত হৈ থাকে আৰু তেওঁলোকে জানে যে, এয়া নিশ্চিতভাৱে সত্য। জানি থোৱা, নিশ্চয় কিয়ামত সম্পৰ্কে যিসকলে বাক-বিতণ্ডা কৰে সিহঁতে ঘোৰ বিভ্ৰান্তিত নিপতিত।

Verse 19 — Surah Ash-Shura 42:19

আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি অত্যন্ত কোমল; তেওঁ যাক ইচ্ছা কৰে জীৱিকা দান কৰে। তেওঁ সৰ্বশক্তিমান. প্ৰবল পৰাক্ৰমশালী।

Verse 20 — Surah Ash-Shura 42:20

যিয়ে আখিৰাতৰ ফচল কামনা কৰে তাৰ বাবে আমি তাৰ ফচল বৃদ্ধি কৰি দিওঁ আৰু যিয়ে পৃথিৱীৰ ফচল কামনা কৰে আমি তাক তাৰ পৰা অকণমান দিওঁ। কিন্তু আখিৰাতত তাৰ বাবে একো নাথাকিব।

Verse 21 — Surah Ash-Shura 42:21

অথবা সিহঁতৰ এনে কিছুমান অংশী আছে নেকি, যিবিলাকে সিহঁতৰ বাবে দ্বীনৰ পৰা চৰীয়ত প্ৰৱৰ্তন কৰিছে, যাৰ অনুমতি আল্লাহে দিয়া নাই? আৰু মীমাংসাৰ ঘোষণা নাথাকিলে অৱশ্যে সিহঁতৰ মাজত সিদ্ধান্ত হৈ গ’লহেঁতেন। নিশ্চয় যালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।

Verse 22 — Surah Ash-Shura 42:22

তুমি যালিমসকলক সিহঁতৰ কৃতকৰ্মৰ বাবে ভীত-সন্ত্ৰস্ত দেখিবলৈ পাবা। অথচ সেয়া আপতিত হ’ব সিহঁতৰেই ওপৰত। যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে থাকিব জান্নাতৰ উদ্যানসমূহত। তেওঁলোকে যিটোৱেই বিচাৰিব সেইটোৱেই তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত পাব। এইটোৱেই মহা অনুগ্ৰহ।

Verse 23 — Surah Ash-Shura 42:23

এইটোৱেই সেই সুসংবাদ, যিটো আল্লাহে তেওঁৰ বান্দাসকলক দিছে, যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। কোৱা, ‘মই ইয়াৰ বিনিময়ত তোমালোকৰ পৰা কেৱল আত্মীয়তাৰ সৌহাৰ্দ্যৰ বাহিৰে আন একো প্ৰতিদান নিবিচাৰো’। যিয়ে উত্তম কাম কৰে আমি তাৰ বাবে ইয়াত কল্যাণ বৃদ্ধি কৰি দিওঁ। নিশ্চয় আল্লাহ অত্যন্ত ক্ষমাশীল, গুণগ্ৰাহী।

Verse 24 — Surah Ash-Shura 42:24

অথবা সিহঁতে এই কথা কয় নেকি যে, সি আল্লাহ সম্পৰ্কে মিছা উদ্ভাৱন কৰিছে, যদি সেইটোৱেই হ’লেহেঁতেন তেন্তে আল্লাহে ইচ্ছা কৰিলে তোমাৰ হৃদয়ত মোহৰ মাৰি দিলেহেঁতেন। আল্লাহে বাতিলক মচি দিয়ে আৰু নিজ বাণীৰ দ্বাৰা সত্যক প্ৰতিষ্ঠিত কৰে। নিশ্চয় অন্তৰসমূহত যি আছে সেই বিষয়ে তেওঁ সবিশেষ অৱগত।

Verse 25 — Surah Ash-Shura 42:25

আৰু তেৱেঁই নিজ বান্দাসকলৰ তাওবা কবুল কৰে আৰু পাপসমূহ মোচন কৰে আৰু তোমালোকে যি কৰা সেয়া তেওঁ জানে।

Verse 26 — Surah Ash-Shura 42:26

আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ আহ্বানত তেওঁ সঁহাৰি দিয়ে আৰু তেওঁলোকৰ প্ৰতি তেওঁৰ অনুগ্ৰহ বৃদ্ধি কৰি দিয়ে; আৰু কাফিৰসকলৰ বাবে আছে কঠিন শাস্তি।

Verse 27 — Surah Ash-Shura 42:27

আৰু যদি আল্লাহে তেওঁৰ বান্দাসকলৰ জীৱিকা প্ৰশস্ত কৰি দিলেহেঁতেন, তেন্তে সিহঁতে পৃথিৱীত অৱশ্যে সীমালংঘন কৰিলেহেঁতেন; কিন্তু তেওঁ নিজৰ ইচ্ছামতে নিৰ্দিষ্ট পৰিমাণে (জীৱিকা) অৱতীৰ্ণ কৰে। নিশ্চয় তেওঁ নিজ বান্দাসকলৰ বিষয়ে সম্যক অৱহিত আৰু সৰ্বদ্ৰষ্টা।

Verse 28 — Surah Ash-Shura 42:28

আৰু সিহঁত নিৰাশ হোৱাৰ পিছত তেৱেঁই বৰষুণ অৱতীৰ্ণ কৰে আৰু তেওঁৰ ৰহমত বিস্তাৰ কৰে। তেৱেঁই অভিভাৱক, অত্যন্ত প্ৰশংসিত।

Verse 29 — Surah Ash-Shura 42:29

আৰু তেওঁৰ অন্যতম নিদৰ্শন হৈছে আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি আৰু এই দুয়োৰ মাজত তেওঁ যিবোৰ জীৱ-জন্তু বিস্তাৰ কৰিছে সেইবোৰো (তেওঁৰ নিদৰ্শন); আৰু তেওঁ যেতিয়াই ইচ্ছা তেতিয়াই সেইবোৰক সমবেত কৰিবলৈ সক্ষম।

Verse 30 — Surah Ash-Shura 42:30

আৰু তোমালোকৰ প্ৰতি যি বিপদ-আপদ আপতিত হয় সেয়া তোমালোকৰেই কৃতকৰ্মৰ পৰিণাম আৰু বহুতো অপৰাধ তেওঁ ক্ষমা কৰি দিয়ে।

Verse 31 — Surah Ash-Shura 42:31

আৰু তোমালোকে পৃথিৱীত (আল্লাহৰ কৰ্ম পৰিকল্পনাক) ব্যৰ্থ কৰিব নোৱাৰিবা। আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱক নাই আৰু কোনো সহায়কাৰীও নাই।

Verse 32 — Surah Ash-Shura 42:32

তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে সাগৰত চলাচল কৰা পৰ্বতসদৃশ নৌযানসমূহ।

Verse 33 — Surah Ash-Shura 42:33

তেওঁ ইচ্ছা কৰিলে বায়ুক স্তব্ধ কৰি দিব পাৰে, ফলত নৌযানসমূহ গতিহীন হৈ পৰিব সমুদ্ৰপৃষ্ঠত। নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে, প্ৰত্যেক চৰম ধৈৰ্যশীল আৰু একান্ত কৃতজ্ঞ ব্যক্তিৰ বাবে।

Verse 34 — Surah Ash-Shura 42:34

অথবা সিহঁতৰ কৃতকৰ্মৰ বাবে সেইবোৰক তেওঁ ধ্বংস কৰি দিব পাৰে; আৰু বহুতো (অপৰাধক) তেওঁ ক্ষমাও কৰে।

Verse 35 — Surah Ash-Shura 42:35

আৰু যিসকলে আমাৰ নিদৰ্শন সম্পৰ্কে বিতৰ্ক কৰে, সিহঁতে যাতে জানিবলৈ পায় যে, সিহঁতৰ কোনো আশ্ৰয়স্থল নাই।

Verse 36 — Surah Ash-Shura 42:36

এতেকে তোমালোকক যি দিয়া হৈছে সেয়া কেৱল পাৰ্থিৱ জীৱনৰ ভোগ-সামগ্ৰীহে। আৰু আল্লাহৰ ওচৰত যি আছে সেয়া উত্তম আৰু স্থায়ী, তেওঁলোকৰ বাবে যিসকলে ঈমান আনিছে আৰু তেওঁলোকে নিজ প্ৰতিপালকৰ ওপৰত তাৱাক্কুল কৰে

Verse 37 — Surah Ash-Shura 42:37

তেওঁলোকে কাবীৰা গুনাহ আৰু অশ্লীল কৰ্মৰ পৰা আঁতৰত থাকে আৰু যেতিয়া খং উঠে তেতিয়া ক্ষমা কৰি দিয়ে।

Verse 38 — Surah Ash-Shura 42:38

আৰু তেওঁলোকে নিজ প্ৰতিপালকৰ আহ্বানত সঁহাৰি দিয়ে, ছালাত কায়েম কৰে আৰু তেওঁলোকৰ কাৰ্যাৱলী পৰস্পৰ পৰামৰ্শৰ মাধ্যমত সম্পাদিত হয়। আৰু তেওঁলোকক আমি যি জীৱিকা দান কৰিছো তাৰ পৰা ব্যয় কৰে।

Verse 39 — Surah Ash-Shura 42:39

আৰু তেওঁলোকৰ ওপৰত অতিৰিক্ত অন্যায়-অবিচাৰ কৰা হ’লে তেওঁলোকে ইয়াৰ প্ৰতিবিধান কৰে।

Verse 40 — Surah Ash-Shura 42:40

আৰু বেয়াৰ প্ৰতিফল সেই অনুপাতেই বেয়া। এতেকে যিয়ে ক্ষমা কৰি দিয়ে আৰু আপোচ-নিষ্পত্তি কৰে তাৰ বাবে আছে আল্লাহৰ ওচৰত পুৰষ্কাৰ। নিশ্চয় তেওঁ অন্যায়কাৰী বিলাকক পছন্দ নকৰে।

Verse 41 — Surah Ash-Shura 42:41

কিন্তু অত্যাচাৰিত হোৱাৰ পিছত যিসকলে প্ৰতিবিধান কৰে, তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ব

Verse 42 — Surah Ash-Shura 42:42

কেৱল সিহঁতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব যিসকলে মানুহৰ ওপৰত অন্যায় কৰে আৰু পৃথিৱীত অন্যায়ভাৱে বিদ্ৰোহাচৰণ কৰি ফুৰে। সিহঁতৰে বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।

Verse 43 — Surah Ash-Shura 42:43

অৱশ্যে যিয়ে ধৈৰ্য ধাৰণ কৰে আৰু ক্ষমা কৰি দিয়ে, নিশ্চয় সেয়া দৃঢ় সংকল্পৰেই কাম।

Verse 44 — Surah Ash-Shura 42:44

আৰু আল্লাহে যাক পথভ্ৰষ্ট কৰে, ইয়াৰ পিছত তাৰ বাবে আন কোনো অভিভাৱক নাই। আৰু যালিমসকলে যেতিয়া শাস্তি দেখিব তেতিয়া তুমি সিহঁতক কওঁতে শুনিবা যে, ‘উভতি যোৱাৰ কোনো উপায় আছে নেকি’

Verse 45 — Surah Ash-Shura 42:45

আৰু তুমি সিহঁতক দেখিবলৈ পাবা যে, সিহঁতক জাহান্নামৰ সন্মুখত উপস্থিত কৰা হৈছে; সিহঁতে অপমানত অৱনত অৱস্থাত চুৰকৈ চাই থাকিব; আৰু যিসকলে ঈমান আনিছে তেওঁলোকে কিয়ামতৰ দিনা ক’ব, ‘নিশ্চয় সিহঁত ক্ষতিগ্ৰস্ত, যিহঁতে নিজৰ আৰু নিজ পৰিয়ালবৰ্গৰ ক্ষতি সাধন কৰিছে’। সাৱধান! নিশ্চয় যালিমসকল স্থায়ী শাস্তিত নিপতিত থাকিব।

Verse 46 — Surah Ash-Shura 42:46

আল্লাহৰ বাহিৰে সিহঁতক সহায় কৰাৰ বাবে সিহঁতৰ আন কোনো অভিভাৱক নাথাকিব। এতেকে আল্লাহে যাক পথভ্ৰষ্ট কৰে তাৰ বাবে আন কোনো পথ নাই।

Verse 47 — Surah Ash-Shura 42:47

আল্লাহৰ তৰফৰ পৰা সেই অপ্ৰতিৰোধ্য দিনটো অহাৰ পূৰ্বেই তোমালোকে নিজ প্ৰতিপালকৰ আহ্বানত সঁহাৰি দিয়া। যিদিনা তোমালোকৰ কোনো আশ্ৰয়স্থল নাথাকিব আৰু তোমালোকৰ বাবে প্ৰতিৰোধকাৰীও নাথাকিব।

Verse 48 — Surah Ash-Shura 42:48

তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয়, তেন্তে (জানি থোৱা) আমি তোমাক সিহঁতৰ ৰক্ষক হিচাপে প্ৰেৰণ কৰা নাই। তোমাৰ দায়িত্ব হৈছে কেৱল বাণী পৌঁচাই দিয়া। আমি যেতিয়া আমাৰ তৰফৰ পৰা মানুহক কোনো ৰহমত আস্বাদন কৰাওঁ তেতিয়া সি উৎফুল্ল হয় কিন্তু যেতিয়া সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতৰ বিপদ-আপদ ঘটে, তেতিয়া মানুহ অতি অকৃতজ্ঞ হৈ পৰে।

Verse 49 — Surah Ash-Shura 42:49

আকাশসমূহ আৰু পৃথিৱীৰ আধিপত্য কেৱল আল্লাহৰেই। তেওঁ যি ইচ্ছা সেইটোৱেই সৃষ্টি কৰে। তেওঁ যাক ইচ্ছা কন্যা সন্তান দান কৰে আৰু যাক ইচ্ছা পুত্ৰ সন্তান দান কৰে

Verse 50 — Surah Ash-Shura 42:50

নাইবা সিহঁতক পুত্ৰ আৰু কন্যা উভয়কে দান কৰে আৰু যাক ইচ্ছা কৰে বন্ধা কৰি দিয়ে। নিশ্চয় তেওঁ সৰ্বজ্ঞ, মহা ক্ষমতাবান।

Verse 51 — Surah Ash-Shura 42:51

কোনো মানুহৰেই এনেকুৱা মৰ্যাদা নাই যিয়ে আল্লাহৰ লগত পোনপটীয়াকৈ কথা কব অহীৰ মাধ্যমৰ বাহিৰে অথবা পৰ্দাৰ আঁৰত নাইবা এনেকুৱা কোনো বাৰ্তাবাহক প্ৰেৰণ কৰাৰ বাহিৰে, যি বাৰ্তাবাহকে কেৱল তেওঁৰ অনুমতিক্ৰমে তেওঁ যিটো বিচাৰে কেৱল সেইটোহে অহী কৰে, তেওঁ সৰ্বোচ্চ, প্ৰজ্ঞাময়।

Verse 52 — Surah Ash-Shura 42:52

অনুৰূপভাৱে (উপৰোক্ত তিনিটা পদ্ধতিত) আমি তোমাৰ প্ৰতি আমাৰ নিৰ্দেশৰ পৰা ৰূহক অহী কৰিছো। তুমি জনা নাছিলা কিতাব কি আৰু ঈমান কি! কিন্তু আমি ইয়াক নূৰ বনাইছো, যাৰ দ্বাৰা আমি আমাৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা হিদায়ত দান কৰো। নিশ্চয় তুমি সৰল পথৰ পিনে দিক নিৰ্দেশনা দিয়া

Verse 53 — Surah Ash-Shura 42:53

সেই আল্লাহৰ পথ, যিজন আকাশসমূহ আৰু পৃথিৱীত যি আছে সেই সকলোৰে গৰাকী। জানি থোৱা! সকলো বিষয় আল্লাহৰেই ফালে উভতি যাব।