Back to LanguagesPrevious ChapterNext Chapter
Assamese - Chapter 44 - Ad-Dukhan
Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink
Verse 1 — Surah Ad-Dukhan 44:1
Verse 2 — Surah Ad-Dukhan 44:2
শপত সুস্পষ্ট কিতাবৰ
Verse 3 — Surah Ad-Dukhan 44:3
নিশ্চয় ইয়াক আমি অৱতীৰ্ণ কৰিছো এটা বৰকতময় ৰাতিত; নিশ্চয় আমি সতৰ্ককাৰী।
Verse 4 — Surah Ad-Dukhan 44:4
সেই ৰাতিত প্ৰত্যেক চূড়ান্ত সিদ্ধান্ত স্থিৰ কৰা হয়
Verse 5 — Surah Ad-Dukhan 44:5
আমাৰ আদেশ অনুসাৰে। নিশ্চয় আমিয়েই ৰাছুল প্ৰেৰণকাৰী।
Verse 6 — Surah Ad-Dukhan 44:6
তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰহমতস্বৰূপে; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ
Verse 7 — Surah Ad-Dukhan 44:7
তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজৰ সকলো বস্তুৰ ৰব; যদি তোমালোকে নিশ্চিত বিশ্বাসী হোৱা।
Verse 8 — Surah Ad-Dukhan 44:8
তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়; তেৱেঁই তোমালোকৰ ৰব আৰু তোমালোকৰ পিতৃ-পুৰুষসকলোৰো ৰব।
Verse 9 — Surah Ad-Dukhan 44:9
বৰং সিহঁতে সন্দেহৰ বশবৰ্তী হৈ খেল-ধেমালি কৰি আছে।
Verse 10 — Surah Ad-Dukhan 44:10
এতেকে তুমি অপেক্ষা কৰা সেই দিনটোলৈ, যিদিনা স্পষ্ট ধোঁৱাৰে আচ্ছন্ন হ’ব আকাশ
Verse 11 — Surah Ad-Dukhan 44:11
যিটোৱে মানুহক আবৃত কৰি পেলাব। এইটো যন্ত্ৰণাদায়ক শাস্তি।
Verse 12 — Surah Ad-Dukhan 44:12
(সিহঁতে ক’ব) ‘হে আমাৰ ৰব! আমাৰ পৰা শাস্তি দূৰ কৰি দিয়া, নিশ্চয় আমি মুমিন হম’।
Verse 13 — Surah Ad-Dukhan 44:13
কেনেকৈ সিহঁতে উপদেশ গ্ৰহণ কৰিব? অথচ ইতিপূৰ্বে সিহঁতৰ ওচৰত আহিছিল এজন স্পষ্ট ৰাছুল
Verse 14 — Surah Ad-Dukhan 44:14
তাৰ পিছত সিহঁতে তেওঁৰ পৰা মুখ ঘূৰাই লৈছিল আৰু কৈছিল, ‘এওঁ এজন শিক্ষাপ্ৰাপ্ত উন্মাদ’।
Verse 15 — Surah Ad-Dukhan 44:15
নিশ্চয় আমি অলপ সময়ৰ কাৰণে শাস্তি ৰহিত কৰিম, (কিন্তু) নিশ্চয় তোমালোক তোমালোকৰ আগৰ অৱস্থালৈ উভতি যাবা।
Verse 16 — Surah Ad-Dukhan 44:16
যিদিনা আমি প্ৰবলভাৱে কৰায়ত্ত কৰিম, সেইদিনা নিশ্চয় আমি হম প্ৰতিশোধ গ্ৰহণকাৰী।
Verse 17 — Surah Ad-Dukhan 44:17
আৰু অৱশ্যে আমি ইহঁতৰ আগত ফিৰআউন সম্প্ৰদায়ক পৰীক্ষা কৰিছিলো আৰু সিহঁতৰ ওচৰতো আহিছিল এজন সন্মানিত ৰাছুল
Verse 18 — Surah Ad-Dukhan 44:18
(তেওঁ ফিৰআউনক কৈছিল) ‘আল্লাহৰ বান্দাসকলক মোলৈ গতাই দিয়া। নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।
Verse 19 — Surah Ad-Dukhan 44:19
‘আৰু তোমালোকে আল্লাহৰ বিৰুদ্ধে ঔদ্ধত্য প্ৰকাশ নকৰিবা, নিশ্চয় মই তোমালোকৰ ওচৰত স্পষ্ট প্ৰমাণ লৈ আহিম।
Verse 20 — Surah Ad-Dukhan 44:20
‘তোমালোকৰ প্ৰস্তৰাঘাতৰ পৰা মই মোৰ প্ৰতিপালক আৰু তোমালোকৰ প্ৰতিপালকৰ ওচৰত আশ্ৰয় বিচাৰিছো।
Verse 21 — Surah Ad-Dukhan 44:21
‘আৰু যদি তোমালোকে মোৰ প্ৰতি বিশ্বাস স্থাপন নকৰা, তেন্তে মোক এৰি গুচি যোৱা’।
Verse 22 — Surah Ad-Dukhan 44:22
তাৰ পিছত তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি ক’লে, ‘নিশ্চয় ইহঁত এটা অপৰাধী সম্প্ৰদায়’।
Verse 23 — Surah Ad-Dukhan 44:23
(আল্লাহে ক’লে) ‘তেন্তে তুমি মোৰ বান্দাসকলক লৈ ৰাতিৰ ভিতৰতে ওলাই যোৱা, নিশ্চয় তোমালোকক পিছ ফালৰ পৰা খেদি যোৱা হ’ব’।
Verse 24 — Surah Ad-Dukhan 44:24
‘আৰু সাগৰখনক স্থিৰ থাকিবলৈ দিয়া, নিশ্চয় সিহঁত হ’ব ডুবি মৰা বাহিনীৰ অন্তৰ্ভুক্ত’।
Verse 25 — Surah Ad-Dukhan 44:25
সিহঁতে পিছফালে এৰি গৈছিল বহুতো উদ্যান আৰু প্ৰস্ৰৱন
Verse 26 — Surah Ad-Dukhan 44:26
শস্যক্ষেত্ৰ আৰু সুৰম্য বাসস্থান
Verse 27 — Surah Ad-Dukhan 44:27
আৰু নানা ধৰণৰ বিলাস-সামগ্ৰী, য’ত সিহঁতে আনন্দ উপভোগ কৰিছিল।
Verse 28 — Surah Ad-Dukhan 44:28
এনেকুৱাই হৈছিল, আৰু আমি এই সকলোবোৰৰ উত্তৰাধিকাৰী কৰিছিলো এটা বেলেগ সম্প্ৰদায়ক।
Verse 29 — Surah Ad-Dukhan 44:29
এতেকে আকাশ আৰু পৃথিৱীয়ে সিহঁতৰ বাবে অশ্ৰুপাত কৰা নাছিল আৰু সিহঁত অৱকাশ প্ৰাপ্তও নাছিল।
Verse 30 — Surah Ad-Dukhan 44:30
আৰু অৱশ্যে আমি বনী ইছৰাঈলক লাঞ্ছনাদায়ক শাস্তিৰ পৰা উদ্ধাৰ কৰিছিলো
Verse 31 — Surah Ad-Dukhan 44:31
ফিৰআউনৰ পৰা, নিশ্চয় সি আছিল সীমালংঘনকাৰী সকলৰ মাজত শীৰ্ষস্থানীয়।
Verse 32 — Surah Ad-Dukhan 44:32
আৰু আমি জানি বুজিয়ে সিহঁতক সকলো সৃষ্টিৰ ওপৰত নিৰ্বাচিত কৰিছিলো।
Verse 33 — Surah Ad-Dukhan 44:33
আৰু আমি সিহঁতক এনেকুৱা নিদৰ্শনাৱলী প্ৰদান কৰিছিলো য’ত আছিল সুস্পষ্ট পৰীক্ষা
Verse 34 — Surah Ad-Dukhan 44:34
নিশ্চয় সিহঁতে (এই কথা সদায়ে) কৈ থাকে
Verse 35 — Surah Ad-Dukhan 44:35
‘আমাৰ প্ৰথম মৃত্যুৰ বাহিৰে আন একো নাই, আৰু আমি কেতিয়াও পুনৰুত্থিত নহওঁ।
Verse 36 — Surah Ad-Dukhan 44:36
‘এতেকে তোমালোকে যদি সত্যবাদী হোৱা তেন্তে আমাৰ পিতৃ-পুৰুষসকলক লৈ আহা’।
Verse 37 — Surah Ad-Dukhan 44:37
(কোৱাচোন) শ্ৰেষ্ঠ কোন, সিহঁত নে তুব্বা সম্প্ৰদায়, নে সিহঁতৰ পূৰ্বে যিসকল আছিল সিহঁত? আমি সিহঁতক ধ্বংস কৰিছিলো। নিশ্চয় সিহঁত আছিল অপৰাধী।
Verse 38 — Surah Ad-Dukhan 44:38
আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে ইয়াৰ একোৱেই আমি ধেমালিৰ ছলেৰে সৃষ্টি কৰা নাই
Verse 39 — Surah Ad-Dukhan 44:39
আমি এই দুয়োকে যথাযথভাৱেই সৃষ্টি কৰিছো, কিন্তু সিহঁতৰ সৰহভাগেই নাজানে।
Verse 40 — Surah Ad-Dukhan 44:40
নিশ্চয় মীমাংসাৰ দিনটো সিহঁত সকলোৰে বাবে নিৰ্ধাৰিত সময়।
Verse 41 — Surah Ad-Dukhan 44:41
সেইদিনা এজন বন্ধু আন এজন বন্ধুৰ কোনো কামত নাহিব আৰু সিহঁতে সহায়ও নাপাব।
Verse 42 — Surah Ad-Dukhan 44:42
কিন্তু আল্লাহে যাৰ প্ৰতি দয়া কৰিব কেৱল তেওঁ ব্যতীত। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, পৰম দয়ালু।
Verse 43 — Surah Ad-Dukhan 44:43
নিশ্চয় যাক্কূম গছ হ’ব
Verse 44 — Surah Ad-Dukhan 44:44
পাপীৰ খাদ্য
Verse 45 — Surah Ad-Dukhan 44:45
গলিত তামৰ দৰে, পেটৰ মাজত উতলি থাকিব
Verse 46 — Surah Ad-Dukhan 44:46
উতলি থকা গৰম পানীৰ দৰে।
Verse 47 — Surah Ad-Dukhan 44:47
(কোৱা হ’ব) ‘ধৰা তাক আৰু টানি লৈ যোৱা জাহান্নামৰ মধ্যস্থলত
Verse 48 — Surah Ad-Dukhan 44:48
‘তাৰ পিছত তাৰ মূৰৰ ওপৰত উতলা পানীৰ শাস্তি ঢালি দিয়া’
Verse 49 — Surah Ad-Dukhan 44:49
(কোৱা হ’ব) ‘সোৱাদ লোৱা, নিশ্চয় তুমি সন্মানিত, অভিজাত
Verse 50 — Surah Ad-Dukhan 44:50
‘নিশ্চয় এইটোৱেই সেই শাস্তি, যিটোক তোমালোকে সন্দেহ কৰিছিলা’।
Verse 51 — Surah Ad-Dukhan 44:51
নিশ্চয় মুত্তাক্বীসকল থাকিব নিৰাপদ স্থানত
Verse 52 — Surah Ad-Dukhan 44:52
বাগ-বাগিচা আৰু নিজৰাসমূহৰ মাজত
Verse 53 — Surah Ad-Dukhan 44:53
তেওঁলোকে পৰিধান কৰিব মিহি পাট আৰু ৰেচমী বস্ত্ৰ আৰু ইজনে সিজনৰ সন্মুখত বহিব।
Verse 54 — Surah Ad-Dukhan 44:54
এনেকুৱাই হ’ব, আৰু আমি তেওঁলোকৰ বিয়া পাতি দিম মৃগনয়না হূৰসকলৰ লগত
Verse 55 — Surah Ad-Dukhan 44:55
তাত তেওঁলোকে প্ৰশান্ত চিত্তে বিবিধ ফলমূল আনিবলৈ কব।
Verse 56 — Surah Ad-Dukhan 44:56
প্ৰথম মৃত্যুৰ পিছত তেওঁলোকে তাত আৰু মৃত্যু আস্বাদন নকৰিব। তেওঁ তেওঁলোকক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰিব
Verse 57 — Surah Ad-Dukhan 44:57
তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহস্বৰূপে, এইটোৱেই মহা সফলতা।
Verse 58 — Surah Ad-Dukhan 44:58
এতেকে নিশ্চয় আমি তোমাৰ ভাষাত কোৰআনক সহজ কৰি দিছো, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।
Verse 59 — Surah Ad-Dukhan 44:59
এতেকে তুমি অপেক্ষা কৰা, নিশ্চয় সিহঁতেও অপেক্ষাকাৰী।