Back to Languages

Assamese - Chapter 48 - Al-Fath

Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink

Verse 1 — Surah Al-Fath 48:1

নিশ্চয় আমি তোমাক প্ৰদান কৰিছো সুস্পষ্ট বিজয়

Verse 2 — Surah Al-Fath 48:2

যাতে আল্লাহে তোমাৰ অতীত আৰু ভৱিষ্যতৰ ত্ৰুটিসমূহ মাৰ্জনা কৰে আৰু তোমাৰ প্ৰতি তেওঁৰ অনুগ্ৰহ পূৰ্ণ কৰে, লগতে তেওঁ যাতে তোমাক সৰল পথৰ হিদায়ত দিয়ে

Verse 3 — Surah Al-Fath 48:3

আৰু যাতে তোমাক বলিষ্ঠ সাহায্য দান কৰে।

Verse 4 — Surah Al-Fath 48:4

তেৱেঁই মুমিনসকলৰ অন্তৰত প্ৰশান্তি নাযিল কৰিছে যাতে তেওঁলোকে নিজৰ ঈমানৰ সৈতে ঈমান বৃদ্ধি কৰি লয়। আকাশসমূহ আৰু পৃথিৱীৰ সৈন্যবাহিনী কেৱল আল্লাহৰেই আৰু আল্লাহ হৈছে সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

Verse 5 — Surah Al-Fath 48:5

যাতে তেওঁ মুমিন পুৰুষ আৰু মুমিন নাৰীসকলক প্ৰৱেশ কৰায় জান্নাতত, যাৰ তলত নদীসমূহ প্ৰবাহিত, য’ত তেওঁলোক স্থায়ী হ’ব আৰু তেওঁ তেওঁলোকৰ পাপসমূহ মোচন কৰিব; এইটোৱে হৈছে আল্লাহৰ ওচৰত মহা সফলতা।

Verse 6 — Surah Al-Fath 48:6

মনাফিক পুৰুষ আৰু মুনাফিকা নাৰী, লগতে মুশ্বৰিক পুৰুষ আৰু মুশ্বৰিকা নাৰী যিসকলে আল্লাহৰ বিষয়ে বেয়া ধাৰণা পোষণ কৰে যাতে তেওঁ সিহঁতক শাস্তি দিয়ে। অমঙ্গল চক্ৰ সিহঁতৰ ওপৰতেই আপতিত হয়। আল্লাহে সিহঁতৰ ওপৰত ক্ৰোধান্বিত হৈছে আৰু সিহঁতক লানত কৰিছে; আৰু সিহঁতৰ বাবে প্ৰস্তুত ৰাখিছে জাহান্নাম। সেইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল

Verse 7 — Surah Al-Fath 48:7

আকাশসমূহ আৰু পৃথিৱীৰ সৈন্যবাহিনী কেৱল আল্লাহৰেই আৰু আল্লাহ হৈছে পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

Verse 8 — Surah Al-Fath 48:8

নিশ্চয় আমি তোমাক প্ৰেৰণ কৰিছো সাক্ষীৰূপে, সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে

Verse 9 — Surah Al-Fath 48:9

যাতে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা আৰু তেওঁক সহায়-সহযোগিতাৰ দ্বাৰা শক্তি যুগুৱা লগতে তেওঁক সন্মান কৰা; আৰু পুৱা-গধূলি তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা।

Verse 10 — Surah Al-Fath 48:10

নিশ্চয় যিসকলে তোমাৰ ওচৰত বাইআত কৰে অৱশ্যে তেওঁলোকে আল্লাহৰ হাততহে বাইআত কৰে। আল্লাহৰ হাত তেওঁলোকৰ হাতৰ ওপৰত। তাৰ পিছত যিয়ে সেইটো ভঙ্গ কৰিব, সেই ভঙ্গ কৰাৰ পৰিণাম তাৰেই ওপৰত বৰ্তিব আৰু যিয়ে আল্লাহৰ লগত কৰা অঙ্গীকাৰ পূৰ্ণ কৰিব তাক আল্লাহে অৱশ্যে মহাপুৰষ্কাৰ প্ৰদান কৰিব।

Verse 11 — Surah Al-Fath 48:11

যিসকল বেদুইনে পিছ হোঁহকা দিছিল সিহঁতে তোমাক অৱশ্যে আহি ক’ব, ‘আমাৰ ধন-সম্পদ আৰু পৰিয়ালবৰ্গই আমাক ব্যস্ত কৰি ৰাখিছিল, সেয়ে আমাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰি দিয়ক’। সিহঁতে মুখেৰে যি কয় সেয়া সিহঁতৰ অন্তৰত নাই। সিহঁতক কোৱা, ‘আল্লাহে যদি তোমালোকৰ কোনো ক্ষতি কৰিব বিচাৰে অথবা কোনো উপকাৰ কৰিব বিচাৰে, তেন্তে তেওঁক বাধা দিয়াৰ ক্ষমতা কাৰ আছে? বৰং তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সবিশেষ অৱহিত’।

Verse 12 — Surah Al-Fath 48:12

বৰং তোমালোকে ধাৰণা কৰিছিলা যে, ৰাছুল আৰু মুমিনসকল তেওঁলোকৰ নিজ পৰিয়ালৰ ওচৰত কেতিয়াও উভতি নাহিব আৰু এই ধাৰণা তোমালোকৰ অন্তৰত প্ৰীতিকৰ বুলি ভাবিছিলা, আৰু এয়া বৰ নিকৃষ্ট ধাৰণা কৰিছিলা আৰু তোমালোক আছিলা ধ্বংসমুখী এটা সম্প্ৰদায়

Verse 13 — Surah Al-Fath 48:13

আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ নকৰে, তেন্তে (জানি থোৱা) নিশ্চয় আমি কাফিৰসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছো জলন্ত জুই।

Verse 14 — Surah Al-Fath 48:14

আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব কেৱল আল্লাহৰেই, তেওঁ যাক ইচ্ছা ক্ষমা কৰে আৰু যাক ইচ্ছা শাস্তি দিয়ে। আল্লাহ অতি ক্ষমাশীল, পৰম দয়ালু।

Verse 15 — Surah Al-Fath 48:15

তোমালোকে যেতিয়া যুদ্ধলব্ধ সম্পদ সংগ্ৰহ কৰিবলৈ যাবা তেতিয়া যিসকলে পিছ হোঁহকা দিছিল, তেতিয়া সিহঁতে আহি ক’ব, ‘আমাকো আপোনালোকৰ লগত যাবলৈ অনুমতি দিয়ক’। সিহঁতে আল্লাহৰ বাণী পৰিবৰ্তন কৰিব বিচাৰে। কোৱা, ‘তোমালোকে কোনো মতেই আমাৰ অনুসৰণ কৰিব নোৱাৰা। এই ঘোষণা আল্লাহে আগতেই কৰি থৈছে’। সিহঁতে অৱশ্যে ক’ব, ‘বৰং আপোনালোকে আমাক হিংসাহে কৰে’। নহয়, দৰাচলতে সিহঁতে অতি সামান্যহে বুজি পায়।

Verse 16 — Surah Al-Fath 48:16

পিছ হোঁহকা দিয়া বেদুইনবিলাকক কোৱা, ‘অতিশীঘ্ৰে তোমালোকক এটা কঠোৰ যুদ্ধা জাতিৰ বিৰুদ্ধে মাতা হ’ব; তোমালোকে সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰিবা নাইবা সিহঁতে আত্মসমৰ্পন কৰিব। এতেকে তোমালোকে এই আদেশ পালন কৰিলে আল্লাহে তোমালোকক উত্তম পুৰষ্কাৰ দান কৰিব। অন্যথা তোমালোকে যদি আগৰ দৰে পৃষ্ঠ প্ৰদৰ্শন কৰা, তেন্তে তেওঁ তোমালোকক যন্ত্ৰণাদায়ক শাস্তি দিব’।

Verse 17 — Surah Al-Fath 48:17

অন্ধৰ বাবে কোনো অপৰাধ নাই, খঞ্জৰ বাবে কোনো অপৰাধ নাই আৰু অসুস্থ লোকৰ বাবেও কোনো অপৰাধ নাই; আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব, তেওঁ তাক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত; কিন্তু যিয়ে পৃষ্ঠ প্ৰদৰ্শন কৰিব তেওঁ তাক যন্ত্ৰণাদায়ক শাস্তি দিব।

Verse 18 — Surah Al-Fath 48:18

অৱশ্যে আল্লাহে মুমিনসকলৰ প্ৰতি সন্তুষ্ট হৈছে, যেতিয়া তেওঁলোক গছৰ তলত তোমাৰ ওচৰত বাইআত গ্ৰহণ কৰিছিল, এতেকে তেওঁলোকৰ অন্তৰত যি আছিল সেয়া তেওঁ জানি লৈছে; ফলত তেওঁ তেওঁলোকৰ ওপৰত প্ৰশান্তি অৱতীৰ্ণ কৰিলে আৰু তেওঁলোকক আসন্ন বিজয়েৰে পুৰষ্কৃত কৰিলে

Verse 19 — Surah Al-Fath 48:19

লগতে বিপুল পৰিমাণ যুদ্ধলব্ধ সম্পদৰ দ্বাৰা (পুৰষ্কৃত কৰিলে) যিবোৰ তেওঁলোকে গ্ৰহণ কৰিব; আৰু আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

Verse 20 — Surah Al-Fath 48:20

আল্লাহে তোমালোকক প্ৰভূত যুদ্ধলব্ধ সম্পদৰ প্ৰতিশ্ৰুতি দান কৰিছে, যাৰ অধিকাৰী কেৱল তোমালোক। লগতে তেওঁ এইটো তোমালোকৰ বাবে ত্বৰান্বিত কৰিছে। তেৱেঁই তোমালোকৰ পৰা মানুহৰ হাত নিবাৰিত কৰিছে, যাতে এইটো মুমিনসকলৰ বাবে এটা নিদৰ্শন হয়। তেৱেঁই তোমালোকক সৰল পথত পৰিচালিত কৰে

Verse 21 — Surah Al-Fath 48:21

আৰু এটা, যিটো এতিয়াও তোমালোকৰ অধিকাৰত অহা নাই, সেইটো আল্লাহেই বেষ্টন কৰি ৰাখিছে। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

Verse 22 — Surah Al-Fath 48:22

আৰু যিসকলে কুফৰী কৰিছে সিহঁতে যদি তোমালোকৰ লগত যুদ্ধ কৰে তেন্তে সিহঁতে নিশ্চয় পৃষ্ট প্ৰদৰ্শন কৰিব, তাৰ পিছত সিহঁতে কোনো অভিভাৱক আৰু সহায়কাৰী নাপাব।

Verse 23 — Surah Al-Fath 48:23

এইটোৱে আল্লাহৰ বিধান--- পূৰ্বৰে পৰা যিটো চলি আহিছে, তুমি আল্লাহৰ বিধানত কোনো পৰিবৰ্তন নাপাবা।

Verse 24 — Surah Al-Fath 48:24

আৰু তেৱেঁই মক্কা উপত্যকাত সিহঁতৰ হাত তোমালোকৰ পৰা আৰু তোমালোকৰ হাত সিহঁতৰ পৰা নিবাৰিত কৰিছিল, সিহঁতৰ ওপৰত তোমালোকক বিজয়ী কৰাৰ পিছত, আৰু তোমালোকে যি কৰা আল্লাহে তাৰ সম্যক দ্ৰষ্টা।

Verse 25 — Surah Al-Fath 48:25

সিহঁতেই কুফৰী কৰিছিল আৰু তোমালোকক বাধা প্ৰদান কৰিছিল মছজিদুল হাৰামৰ পৰা লগতে বাধা প্ৰদান কৰিছিল কুৰাবানীৰ বাবে আৱদ্ধ পশুবিলাকক যথাস্থানত লৈ যাবলৈ। যদি (মক্কাত) মুমিন পুৰুষ আৰু মুমিনা নাৰীসকল নাথাকিলেহেঁতেন, যিসকলৰ বিষয়ে তোমালোকে নাজানা যে, তোমালোকে অজ্ঞতাবশতঃ তেওঁলোকক পদদলিত কৰিবা, ফলত তেওঁলোকৰ কাৰণে তোমালোকেই অপৰাধী আৰু দোষী সাব্যস্ত হ’লাহেঁতেন, (তথাপিও তেওঁ যুদ্ধৰ অনুমতি দিলেহেঁতেন। কিন্তু আল্লাহে তোমালোকক তেতিয়া যুদ্ধৰ অনুমতি দিয়া নাছিল) যাতে আল্লাহে নিজ ইচ্ছা মতে যাক ইচ্ছা তেওঁৰ অনুগ্ৰহত প্ৰৱেশ কৰাব পাৰে। যদি তেওঁলোক পৃথক হৈ থাকিলেহেঁতেন, তেন্তে অৱশ্যে আমি সিহঁতৰ মাজত কাফিৰবিলাকক যন্ত্ৰণাদায়ক শাস্তি প্ৰদান কৰিলোহেঁতেন।

Verse 26 — Surah Al-Fath 48:26

যেতিয়া কাফিৰসকলে সিহঁতৰ অন্তৰত গোত্ৰীয় অহমিকা পোষণ কৰিছিল— অজ্ঞতা যুগৰ অহমিকা, তেতিয়া আল্লাহে তেওঁৰ ৰাছুলৰ আৰু মুমিনসকলৰ ওপৰত তেওঁৰ প্ৰশান্তি অৱতীৰ্ণ কৰিলে, আৰু তেওঁলোকক তাক্বৱাৰ কলিমাত সুদৃঢ় কৰিলে, তেওঁলোকেই আছিল ইয়াৰ অধিক যোগ্য আৰু উপযুক্ত; আৰু আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।

Verse 27 — Surah Al-Fath 48:27

অৱশ্যে আল্লাহে তেওঁৰ ৰাছুলক সপোনটো যথাযথভাৱে সত্যত পৰিণত কৰি দিছে, আল্লাহৰ ইচ্ছাত তোমালোকে অৱশ্যে নিৰাপদে মূৰ খুৰোৱাই আৰু চুলি চুটি কৰি নিৰ্ভয়ে মছজিদুল হাৰামত প্ৰৱেশ কৰিবা। এতেকে তেওঁ সেইটো জানে যিটো তোমালোকে নাজানা। সেয়ে ইয়াৰ বাহিৰেও তেওঁ তোমালোকক প্ৰদান কৰিছে এটা সদ্য বিজয়।

Verse 28 — Surah Al-Fath 48:28

তেৱেঁই নিজ ৰাছুলক পথনিৰ্দেশ আৰু সত্য দ্বীনসহ প্ৰেৰণ কৰিছে, আন সকলো দ্বীনৰ ওপৰত ইয়াক জয়যুক্ত কৰাৰ বাবে; আৰু সাক্ষী হিচাপে আল্লাহেই যথেষ্ট।

Verse 29 — Surah Al-Fath 48:29

মুহাম্মদ আল্লাহৰ ৰাছুল, আৰু তেওঁৰ সহচৰসকল কাফিৰসকলৰ প্ৰতি অতি কঠোৰ, পৰস্পৰৰ মাজত সহানুভূতিশীল; আল্লাহৰ অনুগ্ৰহ আৰু সন্তুষ্টি কামনাত তুমি তেওঁলোকক ৰুকু আৰু ছাজদাহ অৱনত দেখিবা। তেওঁলোকৰ লক্ষণ তেওঁলোকৰ মুখমণ্ডলত ছাজদাৰ প্ৰভাৱত পৰিস্ফুট; এইটোৱে তাওৰাতত তেওঁলোকৰ দৃষ্টান্ত। ইঞ্জীলত তেওঁলোকৰ দৃষ্টান্ত হৈছে এনেকুৱা এটি গছপুলিৰ দৰে, যিটোৰ পৰা ওলায় কোমল পাত, তাৰ পিছত সেয়া মজবুত হয় আৰু পুষ্ট হয় আৰু পিছত দৃঢ়ভাৱে কাণ্ডৰ ওপৰত থিয় দিয়ে, যিটো খেতিয়কৰ বাবে বৰ আনন্দদায়ক। এইদৰে আল্লাহে মুমিনসকলৰ সমৃদ্ধিৰ দ্বাৰা কাফিৰসকলৰ অন্তৰ্দহন বৃদ্ধি কৰে। যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক ক্ষমা আৰু মহাপ্ৰতিদানৰ প্ৰতিশ্ৰুতি দিছে।