Back to LanguagesPrevious ChapterNext Chapter
Assamese - Chapter 50 - Qaf
Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink
Verse 1 — Surah Qaf 50:1
ক্বা-ফ, শপত সন্মানিত কোৰআনৰ
Verse 2 — Surah Qaf 50:2
বৰং সিহঁতে বিস্মিত হৈছে যে, সিহঁতৰ মাজৰ পৰাই এজন সতৰ্ককাৰী সিহঁতৰ ওচৰত আহিছে; আৰু কাফিৰসকলে কয়, ‘এওঁ দেখুন এটা বিস্ময়কৰ বস্তু!’
Verse 3 — Surah Qaf 50:3
‘আমি যেতিয়া মৃত্যুবৰণ কৰিম আৰু মাটিত পৰিণত হম তথাপিও (আমি পুনৰুত্থিত হমনে?), এই প্ৰত্যাৱৰ্তন সুদূৰপৰাহত!’
Verse 4 — Surah Qaf 50:4
অৱশ্যে আমি জানো মাটিয়ে সিহঁতক কিমান ক্ষয় কৰে আৰু আমাৰ ওচৰত আছে সম্যক সংৰক্ষণকাৰী কিতাব।
Verse 5 — Surah Qaf 50:5
প্ৰকৃততে সিহঁতৰ ওচৰত সত্য অহাৰ পিছত সিহঁতে সেয়া অস্বীকাৰ কৰিছে। এতেকে সিহঁত সংশয়যুক্ত বিষয়ত নিপতিত।
Verse 6 — Surah Qaf 50:6
সিহঁতে সিহঁতৰ ওপৰত অৱস্থিত আকাশৰ পিনে লক্ষ্য নকৰে নেকি, কেনেকৈ আমি সেয়া নিৰ্মাণ কৰিছো আৰু ইয়াক সুশোভিত কৰিছো আৰু তাত কোনো ধৰণৰ ফাটও মেলা নাই
Verse 7 — Surah Qaf 50:7
আৰু আমি পৃথিৱীক বিস্তৃত কৰিছো আৰু তাত স্থাপন কৰিছো পৰ্বতমালা। লগতে তাত উৎপন্ন কৰিছো নয়ন প্ৰীতিকৰ সকলো প্ৰকাৰৰ উদ্ভিদ
Verse 8 — Surah Qaf 50:8
আল্লাহৰ অনুৰাগী প্ৰত্যেক বান্দাৰ বাবে জ্ঞান আৰু উপদেশস্বৰূপ।
Verse 9 — Surah Qaf 50:9
আৰু আকাশৰ পৰা বৰ্ষণ কৰো আমি কল্যণময় পানী। তাৰ পিছত তাৰ দ্বাৰা উৎপন্ন কৰো বাগ-বাগিচা আৰু কৰ্তনযোগ্য শস্যদানা।
Verse 10 — Surah Qaf 50:10
আৰু ওখ ওখ খেজুৰ গছ, য’ত আছে ওপৰা-ওপৰিকৈ লাগি থকা খেজুৰৰ জোকা
Verse 11 — Surah Qaf 50:11
বান্দাসকলৰ জীৱিকাস্বৰূপ। আমিয়েই পানীৰ দ্বাৰা সঞ্জীৱিত কৰো মৃত চহৰক; এইদৰেই উত্থান ঘটিব।
Verse 12 — Surah Qaf 50:12
সিহঁতৰ পূৰ্বেও সত্যক অস্বীকাৰ কৰিছিল নূহৰ সম্প্ৰদায়ে, ৰা’ছৰ অধিবাসী আৰু ছামূদ সম্প্ৰদায়েও
Verse 13 — Surah Qaf 50:13
আদ, ফিৰআউন আৰু লূত সম্প্ৰদায়েও।
Verse 14 — Surah Qaf 50:14
লগতে আইকাৰ অধিবাসী আৰু তুব্বা সম্প্ৰদায়ে, সিহঁত সকলোৱে অস্বীকাৰ কৰিছিল ৰাছুলসকলক। ফলত সিহঁতৰ ওপৰত আমাৰ শাস্তি যথাৰ্থভাৱে আপতিত হৈছিল।
Verse 15 — Surah Qaf 50:15
আমি প্ৰথমবাৰ সৃষ্টি কৰিয়েই ক্লান্ত হৈছো নেকি! বৰং নতুন সৃষ্টিৰ বিষয়ে সিহঁত সন্দেহত পতিত।
Verse 16 — Surah Qaf 50:16
অৱশ্যে আমি মানুহক সৃষ্টি কৰিছো আৰু তাৰ প্ৰবৃত্তিয়ে তাক যি কুমন্ত্ৰণা দিয়ে সেইটোও আমি জানো; আৰু আমি তাৰ ঘাৰৰ ধমনীতকৈয়ো অধিক ওচৰত।
Verse 17 — Surah Qaf 50:17
যেতিয়া তাৰ সোঁফালে আৰু বাওঁফালে বহা দুজন ফিৰিস্তাই পৰস্পৰে (তাৰ আমল) লিপিবদ্ধ কৰিবলৈ গ্ৰহণ কৰে।
Verse 18 — Surah Qaf 50:18
সি যি কথাই উচ্চাৰণ নকৰক কিয় তাৰ ওচৰত সদায় উপস্থিত আছে সংৰক্ষণকাৰী।
Verse 19 — Surah Qaf 50:19
আৰু সঁচাকৈয়ে মৃত্যু যন্ত্ৰণা যথাযথ ভাৱে আহি পালে। এইটোৱেই সেইটো, যিটোৰ পৰা তুমি পলায়ন কৰিব বিচাৰিছিলা।
Verse 20 — Surah Qaf 50:20
আৰু শিঙাত ফুঁ দিয়া হ’ব। এইটোৱে হৈছে প্ৰতিশ্ৰুত দিন।
Verse 21 — Surah Qaf 50:21
আৰু সেইদিনা প্ৰতিজন ব্যক্তি উপস্থিত হ’ব, তাৰ লগত থাকিব এজন চালক আৰু এজন সাক্ষী।
Verse 22 — Surah Qaf 50:22
অৱশ্যে এই দিন সম্পৰ্কে তুমি উদাসীন আছিলা, তাৰ পিছত আমিয়ে তোমাৰ সন্মুখৰ পৰা পৰ্দা উন্মোচন কৰিছো। ফলত আজি তোমাৰ দৃষ্টি অতি প্ৰখৰ।
Verse 23 — Surah Qaf 50:23
আৰু তাৰ সঙ্গীয়ে (ফিৰিস্তাই) ক’ব, ‘এয়া মোৰ ওচৰত আমলনামা প্ৰস্তুত।
Verse 24 — Surah Qaf 50:24
আদেশ কৰা হ’ব, তোমালোক উভয়ে জাহান্নামত নিক্ষেপ কৰা প্ৰত্যেক উদ্ধত কাফিৰক
Verse 25 — Surah Qaf 50:25
কল্যাণকৰ কামত প্ৰবল বাধা প্ৰদানকাৰী, সীমালংঘনকাৰী আৰু সন্দেহ পোষণকাৰী।
Verse 26 — Surah Qaf 50:26
যিয়ে আল্লাহৰ লগত আনক ইলাহৰূপে গ্ৰহণ কৰিছিল, তোমালোকে তাক কঠিন শাস্তিত নিক্ষেপ কৰা।
Verse 27 — Surah Qaf 50:27
তাৰ সঙ্গী চয়তানে ক’ব, ‘হে আমাৰ ৰব! মই তাক বিদ্ৰোহী কৰি তোলা নাছিলো। বৰং সি নিজেই আছিল ঘোৰ বিভ্ৰান্ত’।
Verse 28 — Surah Qaf 50:28
আল্লাহে ক’ব, ‘তোমালোকে মোৰ সন্মুখত বাক-বিতণ্ডা নকৰিবা, মই তোমালোকক আগতেই সতৰ্ক কৰিছিলো।
Verse 29 — Surah Qaf 50:29
মোৰ ওচৰত কথা পৰিবৰ্তন নহয় আৰু মই বান্দাসকলৰ প্ৰতি অন্যায়কাৰীও নহয়।
Verse 30 — Surah Qaf 50:30
সেইদিনা আমি জাহান্নামক সুধিম, ‘তুমি পৰিপূৰ্ণ হৈছানে’? জাহান্নামে ক’ব, ‘আৰু কিবা আছেনে’
Verse 31 — Surah Qaf 50:31
আৰু জান্নাতক মুত্তাক্বীসকলৰ নিকটৱৰ্তী কৰা হ’ব, কোনো দূৰত্ব নাথাকিব।
Verse 32 — Surah Qaf 50:32
ইয়াৰে প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল। প্ৰত্যেকজন আল্লাহ অভিমুখী, সংৰক্ষণশীলসকলৰ বাবে
Verse 33 — Surah Qaf 50:33
যিসকলে নেদেখাকৈ ৰহমানক ভয় কৰিছিল আৰু বিনীত চিত্তে উপস্থিত হৈছে।
Verse 34 — Surah Qaf 50:34
তেওঁলোকক কোৱা হ’ব, ‘শান্তিৰ সৈতে তোমালোকে তাত প্ৰৱেশ কৰা; এইটোৱে অনন্ত জীৱনৰ দিন’।
Verse 35 — Surah Qaf 50:35
তাত তেওঁলোকে যিটো কামনা কৰিব সেইটোৱে পাব, লগতে আমাৰ ওচৰত আছে আৰু অধিক।
Verse 36 — Surah Qaf 50:36
আৰু আমি সিহঁতৰ পূৰ্বে বহু প্ৰজন্মক ধ্বংস কৰিছো, যিসকল শক্তি-সামৰ্থৰ ক্ষেত্ৰত আছিল ইহঁততকৈ অধিক প্ৰবল, সিহঁতে দেশ-বিদেশে ঘূৰি ফুৰিছিল; তথাপিও সিহঁতৰ কোনো পলায়নস্থল আছিলনে বাৰু
Verse 37 — Surah Qaf 50:37
নিশ্চয় ইয়াত উপদেশ আছে তাৰ বাবে, যাৰ আছে অন্তঃকৰণ অথবা যিয়ে মনোযোগ সহকাৰে শ্ৰৱণ কৰে।
Verse 38 — Surah Qaf 50:38
আৰু অৱশ্যে আমি আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে সেই সকলো সৃষ্টি কৰিছো কেৱল ছয় দিনত; আৰু আমাক কোনো ক্লান্তই স্পৰ্শ কৰা নাই।
Verse 39 — Surah Qaf 50:39
এতেকে সিহঁতে যি কয় সেই বিষয়ে তুমি ধৈৰ্য ধাৰণ কৰা আৰু তোমাৰ প্ৰতিপালকৰ সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা সুৰ্যোদয় হোৱাৰ আগত আৰু সূৰ্যাস্ত যোৱাৰ আগত
Verse 40 — Surah Qaf 50:40
লগতে তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা ৰাতিৰ একাংশত আৰু ছালাতৰ পিছত।
Verse 41 — Surah Qaf 50:41
মনোযোগ সহকাৰে শুনা, যিদিনা এজন ঘোষণাকাৰীয়ে নিকটৱৰ্তী স্থানৰ পৰা আহ্বান কৰিব
Verse 42 — Surah Qaf 50:42
সেইদিনা সিহঁতে সঁচাকৈয়ে শুনিবলৈ পাব বিকট চিঞঁৰ, সেই দিনটোৱেই পুনৰুত্থানৰ দিন।
Verse 43 — Surah Qaf 50:43
নিশ্চয় আমিয়েই জীৱন দান কৰো আৰু আমিয়েই মৃত্যু ঘটাওঁ, আৰু আমাৰ ফালেই (সকলোৰে) প্ৰত্যাৱৰ্তন।
Verse 44 — Surah Qaf 50:44
যিদিনা সিহঁতৰ পৰা পৃথিৱীখন বিদীৰ্ণ হ’ব, আৰু মানুহে খৰধৰকৈ লৰ মাৰিব, এইটোৱে এনেকুৱা এটা সমাবেশ যিটো আমাৰ বাবে অতি সহজ।
Verse 45 — Surah Qaf 50:45
সিহঁতে যি কয় সেয়া আমি ভালকৈয়ে জানো, আৰু সিহঁতক বাধ্য কৰোৱা তোমাৰ কাম নহয়; সেয়ে যিয়ে আমাৰ শাস্তিক ভয় কৰে তাক তুমি কোৰআনৰ সহায়ত উপদেশ দিয়া।