Back to Languages

Assamese - Chapter 51 - Adh-Dhariyat

Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink

Verse 1 — Surah Adh-Dhariyat 51:1

শপত ধূলি উৰুৱাই নিয়া বতাহৰ

Verse 2 — Surah Adh-Dhariyat 51:2

তাৰ পিছত পানীৰ বোজা বহনকাৰী মেঘমালাৰ

Verse 3 — Surah Adh-Dhariyat 51:3

তাৰ পিছত মৃদুগতিত বৈ যোৱা নৌযানসমূহৰ

Verse 4 — Surah Adh-Dhariyat 51:4

তাৰ পিছত (আল্লাহৰ) নিৰ্দেশ বন্টনকাৰী ফিৰিস্তাসকলৰ

Verse 5 — Surah Adh-Dhariyat 51:5

তোমালোকক দিয়া প্ৰতিশ্ৰুতি অৱশ্যে সত্য।

Verse 6 — Surah Adh-Dhariyat 51:6

নিশ্চয় প্ৰতিদান দিৱস অৱশ্যম্ভাৱী।

Verse 7 — Surah Adh-Dhariyat 51:7

শপত বহু পথ বিশিষ্ট আকাশৰ

Verse 8 — Surah Adh-Dhariyat 51:8

নিশ্চয় তোমালোক পৰস্পৰ বিৰোধী কথাত লিপ্ত।

Verse 9 — Surah Adh-Dhariyat 51:9

বিৰত ৰখা হয় তাৰ পৰা যিয়ে বিৰত থাকে।

Verse 10 — Surah Adh-Dhariyat 51:10

মিছলীয়াসকল ধ্বংস হওঁক

Verse 11 — Surah Adh-Dhariyat 51:11

যিসকল সন্দেহ-সংশয়ত নিপতিত, উদাসীন।

Verse 12 — Surah Adh-Dhariyat 51:12

সিহঁতে সোধে, ‘প্ৰতিদান দিৱস কেতিয়া হ’ব’

Verse 13 — Surah Adh-Dhariyat 51:13

‘যিদিনা সিহঁতক জুইত শাস্তি দিয়া হ’ব’।

Verse 14 — Surah Adh-Dhariyat 51:14

কোৱা হ’ব, ‘তোমালোকে তোমালোকৰ শাস্তি ভোগ কৰা, ইয়াৰ বাবেই তোমালোকে খৰধৰ কৰিছিলা’।

Verse 15 — Surah Adh-Dhariyat 51:15

নিশ্চয় মুত্তাক্বীসকল থাকিব জান্নাতসমূহত আৰু নিজৰা প্ৰবাহিত স্থানত

Verse 16 — Surah Adh-Dhariyat 51:16

তেওঁলোকৰৰ প্ৰতিপালকে তেওঁলোকক যি দান কৰিব সেয়া তেওঁলোকে আনন্দচিত্তে গ্ৰহণ কৰিব; নিশ্চয় ইতিপূৰ্বে এওঁলোক আছিল সৎকৰ্মশীল

Verse 17 — Surah Adh-Dhariyat 51:17

ৰাতিৰ অতি কম সময় তেওঁলোকে টোপনীত কটাইছিল

Verse 18 — Surah Adh-Dhariyat 51:18

আৰু ৰাতিৰ শেষ প্ৰহৰত তেওঁলোকে ক্ষমা প্ৰাৰ্থনা কৰিছিল

Verse 19 — Surah Adh-Dhariyat 51:19

আৰু তেওঁলোকৰ ধন-সম্পদত আছিল ভিখাৰী আৰু বঞ্চিতসকলৰ হক।

Verse 20 — Surah Adh-Dhariyat 51:20

আৰু সুনিশ্চিত বিশ্বাসীসকলৰ বাবে পৃথিৱীত বহুতো নিদৰ্শন আছে

Verse 21 — Surah Adh-Dhariyat 51:21

আৰু তোমালোকৰ নিজৰ মাজতো আছে। তোমালোকে লক্ষ্য নকৰা নেকি

Verse 22 — Surah Adh-Dhariyat 51:22

আৰু আকাশত আছে তোমালোকৰ জীৱিকা আৰু প্ৰতিশ্ৰুতি দিয়া সকলো বস্তু।

Verse 23 — Surah Adh-Dhariyat 51:23

এতেকে আকাশ আৰু পৃথিৱীৰ প্ৰতিপালকৰ শপত! নিশ্চয় এইটো পৰম সত্য যেনেকৈ তোমালোকৰ কথা কোৱাটো সত্য।

Verse 24 — Surah Adh-Dhariyat 51:24

ইব্ৰাহীমৰ সন্মানিত অতিথিৰ বৃত্তান্ত তোমাৰ ওচৰত আহিছেনে

Verse 25 — Surah Adh-Dhariyat 51:25

যেতিয়া তেওঁলোকে তেওঁৰ ওচৰত আহিলে আৰু ক'লে, ‘ছালাম’, উত্তৰত তেৱোঁ ক'লে ‘ছালাম’। এওঁলোক দেখুন অচিনাকি।

Verse 26 — Surah Adh-Dhariyat 51:26

তাৰ পিছত তেওঁ দ্ৰুতভাৱে গোপনে নিজ গৃহিণীৰ ওচৰলৈ গ’ল আৰু এটা স্বাস্থবান গো-পোৱালী (ভজা) লৈ উপস্থিত গ’ল

Verse 27 — Surah Adh-Dhariyat 51:27

তাৰ পিছত তেওঁ সেইটো তেওঁলোকৰ সন্মুখত ৰাখি ক’লে, ‘আপোনালোকে নাখায় নেকি’

Verse 28 — Surah Adh-Dhariyat 51:28

ফলত তেওঁলোকৰ বিষয়ে তেওঁৰ মনত ভীতিৰ সঞ্চাৰ হ’ল। তেওঁলোকে ক’লে, ‘ভয় নকৰিব’; আৰু তেওঁলোকে তেওঁক এজন জ্ঞানী পুত্ৰ সন্তানৰ সুসংবাদ দিলে।

Verse 29 — Surah Adh-Dhariyat 51:29

তেতিয়া তেওঁৰ স্ত্ৰী চিঞঁৰি চিঞঁৰি আগুৱাই আহিলে আৰু নিজৰে মুখত থপৰিয়াই ক’লে, বৃদ্ধা-বন্ধ্যা (ৰ সন্তান হ’ব?)।

Verse 30 — Surah Adh-Dhariyat 51:30

তেওঁলোকে ক’লে, ‘তোমাৰ প্ৰতিপালকে এইটোৱে কৈছে; নিশ্চয় তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ’।

Verse 31 — Surah Adh-Dhariyat 51:31

ইব্ৰাহীমে ক’লে, ‘হে প্ৰেৰিত ফিৰিস্তাসকল! তোমালোকৰ বিশেষ কাম কি’

Verse 32 — Surah Adh-Dhariyat 51:32

তেওঁলোকে ক’লে, ‘নিশ্চয় আমি এটা অপৰাধী সম্প্ৰদায়ৰ প্ৰতি প্ৰেৰিত হৈছো’।

Verse 33 — Surah Adh-Dhariyat 51:33

সিহঁতৰ ওপৰত পকা মাটিৰ টুকুৰা নিক্ষেপ কৰিবলৈ

Verse 34 — Surah Adh-Dhariyat 51:34

যিটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা চিহ্নিত সীমালঙ্ঘনকাৰীসকলৰ বাবে।

Verse 35 — Surah Adh-Dhariyat 51:35

আৰু তাত যিসকল মুমিন আছিল আমি সিহঁতক উলিয়াই আনিছো।

Verse 36 — Surah Adh-Dhariyat 51:36

কিন্তু আমি তাত এটা পৰিয়ালৰ বাহিৰে আন কোনো মুছলিম পোৱা নাই।

Verse 37 — Surah Adh-Dhariyat 51:37

আৰু যিসকলে যন্ত্ৰণাদায়ক শাস্তিক ভয় কৰে আমি সিহঁতৰ বাবে তাত এটা নিদৰ্শন থৈ আহিছো।

Verse 38 — Surah Adh-Dhariyat 51:38

আৰু মূছাৰ কাহিনীতো নিদৰ্শন আছে, যেতিয়া আমি তেওঁক সুস্পষ্ট প্ৰমাণসহ ফিৰআউনৰ ওচৰত পঠিয়াইছিলো

Verse 39 — Surah Adh-Dhariyat 51:39

কিন্তু সি ক্ষমতাৰ অহংকাৰত মুখ ঘূৰাই ল’লে আৰু ক’লে, ‘এওঁ এজন যাদুকৰ নহ’লে উন্মাদ’।

Verse 40 — Surah Adh-Dhariyat 51:40

ফলত আমি তাক আৰু তাৰ সৈন্য বাহিনীক শাস্তি বিহিলো আৰু সিহঁতক সাগৰত নিক্ষেপ কৰিলো আৰু সি আছিল তিৰস্কৃত।

Verse 41 — Surah Adh-Dhariyat 51:41

আৰু নিদৰ্শন আছে আদ সম্প্ৰদায়ৰ ঘটনাতো, (স্মৰণ কৰা) যেতিয়া আমি সিহঁতৰ বিৰুদ্ধে অকল্যাণকৰ বতাহ প্ৰেৰণ কৰিছিলো

Verse 42 — Surah Adh-Dhariyat 51:42

সেই বতাহজাক একোৱে এৰা নাছিল, যাৰ ওপৰেদি গৈছিল তাক চূৰ্ণ-বিচূৰ্ণ কৰি গৈছিল।

Verse 43 — Surah Adh-Dhariyat 51:43

আৰু নিদৰ্শন আছে ছামূদ সম্প্ৰদায়ৰ ঘটনাতো, যেতিয়া সিহঁতক কোৱা হৈছিল, ‘এটা নিৰ্দিষ্ট সময় লৈকে ভোগ কৰি লোৱা’।

Verse 44 — Surah Adh-Dhariyat 51:44

কিন্তু সিহঁতে সিহঁতৰ প্ৰতিপালকৰ আদেশ মানিবলৈ অহংকাৰ কৰিলে; ফলত সিহঁত চাই থকা অৱস্থাতে সিহঁতক বজ্ৰপাতে ধৰিলে।

Verse 45 — Surah Adh-Dhariyat 51:45

ফলত সিহঁতে থিয় হ’বলৈকেও সক্ষম নহ’ল আৰু প্ৰতিৰোধো কৰিব নোৱাৰিলে।

Verse 46 — Surah Adh-Dhariyat 51:46

আৰু (ধ্বংস কৰিছিলো) ইয়াৰ আগত নূহৰ সম্প্ৰদায়ক, নিশ্চয় সিহঁত আছিল ফাছিক্ব সম্প্ৰদায়।

Verse 47 — Surah Adh-Dhariyat 51:47

আৰু আমি আমাৰ ক্ষমতাৰ বলত আকাশ নিৰ্মাণ কৰিছো আৰু নিশ্চয় আমি মহাসম্প্ৰসাৰণকাৰী।

Verse 48 — Surah Adh-Dhariyat 51:48

আৰু আমি পৃথিৱীখনক পাৰি দিছো, (চোৱাচোন, আমি) কিমান সুন্দৰ ব্যৱস্থাপনাকাৰী

Verse 49 — Surah Adh-Dhariyat 51:49

আৰু আমি প্ৰতিটো বস্তু যোৰা যোৰা সৃষ্টি কৰিছো, যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।

Verse 50 — Surah Adh-Dhariyat 51:50

এতেকে তোমালোকে আল্লাহৰ ফালে ধাৱিত হোৱা, নিশ্চয় মই কেৱল তেওঁৰ তৰফৰ পৰা এজন স্পষ্ট সতৰ্ককাৰী।

Verse 51 — Surah Adh-Dhariyat 51:51

আৰু তোমালোকে আল্লাহৰ লগত আন কোনো ইলাহ নিৰ্ধাৰণ নকৰিবা; নিশ্চয় মই কেৱল তেওঁৰ তৰফৰ পৰা এজন স্পষ্ট সতৰ্ককাৰী।

Verse 52 — Surah Adh-Dhariyat 51:52

এইদৰে সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ মাজত যেতিয়াই কোনো ৰাছুল আহিছে, সিহঁতেই কৈছে, ‘এওঁ এজন যাদুকৰ নহ’লে উন্মাদ’।

Verse 53 — Surah Adh-Dhariyat 51:53

সিহঁতে ইজনে সিজনক এই বিষয়ে অছিয়ত কৰিছে নেকি? বৰং সিহঁত সীমালঙ্ঘনকাৰী সম্প্ৰদায়।

Verse 54 — Surah Adh-Dhariyat 51:54

এতেকে তুমি সিহঁতক উপেক্ষা কৰা, তোমাৰ কোনো দোষ নহ’ব।

Verse 55 — Surah Adh-Dhariyat 51:55

আৰু তুমি উপদেশ দি থাকা, কাৰণ নিশ্চয় উপদেশ মুমিনসকলৰ উপকাৰত আহে।

Verse 56 — Surah Adh-Dhariyat 51:56

আৰু মই জিন আৰু মানুহক কেৱল এই বাবেই সৃষ্টি কৰিছো যে, সিহঁত কেৱল মোৰেই ইবাদত কৰিব।

Verse 57 — Surah Adh-Dhariyat 51:57

মই সিহঁতৰ পৰা কোনো জীৱিকা নিবিচাৰো আৰু মই এইটোও নিবিচাৰো যে, সিহঁতে মোক খুৱাব।

Verse 58 — Surah Adh-Dhariyat 51:58

নিশ্চয় আল্লাহেই জীৱিকাদাতা, প্ৰবল শক্তিধৰ, পৰাক্ৰমশালী।

Verse 59 — Surah Adh-Dhariyat 51:59

এতেকে যিহঁতে অন্যায় কৰিছে সিহঁতৰ বাবে আছে সিহঁতৰ সমমতালম্বীসকলৰ দৰে প্ৰাপ্য (শাস্তি); গতিকে সিহঁতে খৰখেদা কৰিব নালাগে।

Verse 60 — Surah Adh-Dhariyat 51:60

এতেকে যিহঁতে কুফৰী কৰিছে সিহঁতৰ বাবে সেইদিনৰ ধ্বংস, যি দিনটোৰ বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছে।