Back to Languages

Assamese - Chapter 52 - At-Tur

Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink

Verse 1 — Surah At-Tur 52:1

শপত তুৰ পৰ্বতৰ

Verse 2 — Surah At-Tur 52:2

শপত কিতাবৰ যিটো লিপিবদ্ধ আছে

Verse 3 — Surah At-Tur 52:3

উন্মুক্ত পাতত।

Verse 4 — Surah At-Tur 52:4

শপত আবাদ গৃহৰ

Verse 5 — Surah At-Tur 52:5

শপত সুউচ্চ চাদৰ

Verse 6 — Surah At-Tur 52:6

শপত তৰঙ্গ-বিক্ষুব্ধ উত্তাল সাগৰৰ

Verse 7 — Surah At-Tur 52:7

নিশ্চয় তোমাৰ প্ৰতিপালকৰ শাস্তি অৱশ্যম্ভাৱী

Verse 8 — Surah At-Tur 52:8

ইয়াৰ প্ৰতিৰোধকাৰী কোনো নাই।

Verse 9 — Surah At-Tur 52:9

যিদিনা প্ৰবলভাৱে আকাশখন প্ৰকম্পিত হ’ব

Verse 10 — Surah At-Tur 52:10

আৰু পৰ্বতসমূহ দ্ৰুতগতিত পৰিভ্ৰমণ কৰিব

Verse 11 — Surah At-Tur 52:11

এতেকে সৰ্বনাশ সেইদিন অস্বীকাৰকাৰীসকলৰ বাবে

Verse 12 — Surah At-Tur 52:12

যিহঁতে খেল-ধেমালিৰ ছলনাৰে অসাৰ কৰ্মত লিপ্ত থাকে।

Verse 13 — Surah At-Tur 52:13

সেইদিনা সিহঁতক জাহান্নামৰ জুইৰ ফালে ঠেলি-হেচি লৈ যোৱা হ’ব

Verse 14 — Surah At-Tur 52:14

‘এইটোৱে সেই জাহান্নাম যাক তোমালোকে অস্বীকাৰ কৰিছিলা’।

Verse 15 — Surah At-Tur 52:15

এইটো যাদু নেকি? নে তোমালোকে দেখা নোপোৱা

Verse 16 — Surah At-Tur 52:16

তোমালোকে জুইত প্ৰৱেশ কৰা, তাৰ পিছত তোমালোকে ধৈৰ্য ধাৰণ কৰা বা নকৰা উভয়েই তোমালোকৰ বাবে সমান। তোমালোকে যি কৰিছিলা তাৰেই প্ৰতিফল তোমালোকক দিয়া হৈছে।

Verse 17 — Surah At-Tur 52:17

নিশ্চয় মুত্তাক্বীসকল থাকিব জান্নাতত আৰু প্ৰাচুৰ্যৰ ভিতৰত

Verse 18 — Surah At-Tur 52:18

তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক যি প্ৰদান কৰিছে সেয়া তেওঁলোকে উপভোগ কৰিব আৰু তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক ৰক্ষা কৰিব জ্বলন্ত অগ্নিৰ শাস্তিৰ পৰা

Verse 19 — Surah At-Tur 52:19

‘তোমালোকে যি আমল কৰিছিলা তাৰ বিনিময়ত তোমালোকে তৃপ্তি সহকাৰে খোৱা আৰু পান কৰা’।

Verse 20 — Surah At-Tur 52:20

তেওঁলোকে শ্ৰেণীবদ্ধভাৱে সুসজ্জিত আসনত আউজী বহিব; আৰু আমি তেওঁলোকৰ মিলন ঘটাম মৃগনয়নী ডাঙৰ চকু বিশিষ্টা হুৰৰ লগত

Verse 21 — Surah At-Tur 52:21

আৰু যিসকলে ঈমান আনিছে আৰু তেওঁলোকৰ সন্তান-সন্ততিও ঈমানত তেওঁলোকৰ অনুগামী হৈছে, আমি তেওঁলোকৰ লগত তেওঁলোকৰ সন্তান-সন্ততিক একত্ৰিত কৰিম, আৰু তেওঁলোকৰ কৰ্মফল আমি অলপো হ্ৰাস নকৰিম; প্ৰত্যেক ব্যক্তিয়েই নিজ কৃতকৰ্মৰ বাবে দায়ী।

Verse 22 — Surah At-Tur 52:22

আৰু আমি তেওঁলোকক অতিৰিক্ত প্ৰদান কৰিম ফল-মূল আৰু মাংস যিটো তেওঁলোকে কামনা কৰিব।

Verse 23 — Surah At-Tur 52:23

তাত তেওঁলোকে পৰস্পৰে পানপাত্ৰ আদান-প্ৰদান কৰিব, তাত কোনো নিৰৰ্থক কথা-বতৰা নাথাকিব আৰু কোনো পাপ কামও নাথাকিব।

Verse 24 — Surah At-Tur 52:24

আৰু তাত তেওঁলোকৰ সেৱাত চাৰিওফালে ঘুৰি থাকিব কিশোৰসকলৰ দল; সিহঁত দেখাত যেন সুৰক্ষিত মুকুতা।

Verse 25 — Surah At-Tur 52:25

আৰু তেওঁলোকে ইজনে সিজনৰ ফালে চাই সুধিব

Verse 26 — Surah At-Tur 52:26

তেওঁলোকে ক’ব, ‘নিশ্চয় আমি ইতি পূৰ্বে আমাৰ পৰিয়াল বৰ্গৰ মাজত শঙ্কিত অৱস্থাত আছিলো’।

Verse 27 — Surah At-Tur 52:27

তাৰ পিছত আল্লাহে আমাৰ প্ৰতি অনুগ্ৰহ কৰিছে আৰু আমাক জুইৰ শাস্তিৰ পৰা ৰক্ষা কৰিছে।

Verse 28 — Surah At-Tur 52:28

নিশ্চয় আমি আগতেও তেওঁকেই আহ্বান কৰিছিলো; নিশ্চয় তেওঁ কৃপাময়, পৰম দয়ালু।

Verse 29 — Surah At-Tur 52:29

এতেকে তুমি উপদেশ দি থাকা, কাৰণ তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহত তুমি গণকো নহয় আৰু উন্মাদো নহয়।

Verse 30 — Surah At-Tur 52:30

সিহঁতে কয় নেকি যে, এওঁ (মুহাম্মদ) এজন কবি? আমি তাৰ মৃত্যুৰ প্ৰতীক্ষা কৰিছো।

Verse 31 — Surah At-Tur 52:31

কোৱা, ‘তোমালোকে অপেক্ষা কৰা, ময়ো তোমালোকৰ লগত প্ৰতীক্ষাকাৰীসকলৰ অন্তৰ্ভূক্ত হ’লো’।

Verse 32 — Surah At-Tur 52:32

সিহঁতৰ বিবেক-বুদ্ধিয়ে সিহঁতক এই আদেশ দিয়ে নেকি? নে সিহঁত সীমালঙ্ঘনকাৰী সম্প্ৰদায়

Verse 33 — Surah At-Tur 52:33

নে সিহঁতে কয়, ‘এই কোৰআন এওঁ নিজেই ৰচনা কৰিছে’? বৰং সিহঁত ঈমান নানিব।

Verse 34 — Surah At-Tur 52:34

তেন্তে সিহঁতে যদি সত্যবাদী, তেতিয়াহ’লে সিহঁতে ইয়াৰ দৰে কোনো বাণী লৈ আহকচোন

Verse 35 — Surah At-Tur 52:35

সিহঁতে স্ৰষ্টাবিহীন সৃষ্টি হৈছে নেকি, নে সিহঁত নিজেই স্ৰষ্টা

Verse 36 — Surah At-Tur 52:36

নে সিহঁতে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে? বৰং সিহঁতে দৃঢ় বিশ্বাস নকৰে।

Verse 37 — Surah At-Tur 52:37

তোমাৰ প্ৰতিপালকৰ গোপন ভাণ্ডাৰ সিহঁতৰ ওচৰতে নেকি, নে সিহঁতেই সকলো বস্তুৰ নিয়ন্ত্ৰণকাৰী

Verse 38 — Surah At-Tur 52:38

নে সিহঁতৰ ওচৰত মৈ আছে, য’ত আৰোহণ কৰি সিহঁতে (উৰ্দ্ধজগতৰ কথা) শুনিবলৈ পায়? তেন্তে সিহঁতে শুনা সেই স্পষ্ট প্ৰমাণটো লৈ আহকচোন

Verse 39 — Surah At-Tur 52:39

নে কন্যা সন্তান তেওঁৰ বাবে; আৰু পুত্ৰ সন্তান তোমালোকৰ বাবে

Verse 40 — Surah At-Tur 52:40

তুমি সিহঁতৰ ওচৰত প্ৰতিদান বিচৰা নেকি যে, সিহঁতে ইয়াক এটা দুৰ্বহ বোজা বুলি ভাবে

Verse 41 — Surah At-Tur 52:41

নে সিহঁতৰ ওচৰত অদৃশ্যৰ জ্ঞান আছে, যিটো সিহঁতে লিখে

Verse 42 — Surah At-Tur 52:42

নে সিহঁতে কোনো ষড়যন্ত্ৰ কৰিব বিচাৰে? এতেকে যিহঁতে কুফৰী কৰে সিহঁতেই হ’ব ষড়যন্ত্ৰৰ চিকাৰ।

Verse 43 — Surah At-Tur 52:43

নে আল্লাহৰ বাহিৰে সিহঁতৰ কোনো ইলাহ আছে? সিহঁতে যি শ্বিৰ্ক কৰে তাৰ পৰা আল্লাহ পৱিত্ৰ।

Verse 44 — Surah At-Tur 52:44

আৰু আকাশৰ কোনো টুকুৰা ভাঙি পৰা দেখিলেও সিহঁতে ক’ব, ‘এইটো এটা পুঞ্জিভূত মেঘ’।

Verse 45 — Surah At-Tur 52:45

এতেকে সিহঁতক এৰি দিয়া সেইদিন পৰ্যন্ত, যিদিনা সিহঁত বজ্ৰাঘাতত আক্ৰান্ত হ’ব।

Verse 46 — Surah At-Tur 52:46

সেইদিনা সিহঁতৰ ষড়যন্ত্ৰ কোনো কামত নাহিব আৰু সিহঁতক সহায়ও কৰা নহ’ব।

Verse 47 — Surah At-Tur 52:47

আৰু নিশ্চয় যিহঁতে অন্যায় কৰিছে সিহঁতৰ বাবে আছে ইয়াৰ বাহিৰেও আৰু শাস্তি। কিন্তু সিহঁতৰ অধিকাংশই এই কথা নাজানে।

Verse 48 — Surah At-Tur 52:48

আৰু তুমি তোমাৰ প্ৰতিপালকৰ সিদ্ধান্তৰ ওপৰত ধৈৰ্য ধাৰণ কৰা; কাৰণ তুমি আমাৰ চুকুৰ সন্মুখতে আছা। তুমি তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা যেতিয়া তুমি থিয় হোৱা।

Verse 49 — Surah At-Tur 52:49

আৰু তেওঁৰ পৱিত্ৰতা ঘোষণা কৰা নিশাৰ ভাগত আৰু তৰাবোৰ অস্তমিত হোৱাৰ পিছত।