Back to Languages

Assamese - Chapter 53 - An-Najm

Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink

Verse 1 — Surah An-Najm 53:1

শপত নক্ষত্ৰৰ, যেতিয়া ই অস্তমিত হয়

Verse 2 — Surah An-Najm 53:2

তোমালোকৰ সঙ্গী বিভ্ৰান্ত হোৱা নাই, আৰু বিপথগামীও নহয়

Verse 3 — Surah An-Najm 53:3

আৰু তেওঁ মনে সজা কথা নকয়।

Verse 4 — Surah An-Najm 53:4

এয়া কেৱল অহী, যিটো তেওঁৰ প্ৰতি অহীৰূপে প্ৰেৰণ কৰা হয়

Verse 5 — Surah An-Najm 53:5

তেওঁক শিক্ষা দিছে প্ৰবল শক্তিধৰ

Verse 6 — Surah An-Najm 53:6

সৌন্দৰ্যপূৰ্ণ সত্তা। তাৰ পিছত তেওঁ স্থিৰ হৈছিল

Verse 7 — Surah An-Najm 53:7

আৰু তেওঁ আছিল ঊৰ্দ্ধদিগন্তত

Verse 8 — Surah An-Najm 53:8

তাৰ পিছত তেওঁ নিকটৱৰ্তী হ’ল, এতেকে নিকটৱৰ্তী আহিল

Verse 9 — Surah An-Najm 53:9

ফলত তেওঁৰ মাজত দুখন ধেনুৰ দুৰত্ব ৰ’ল, অথবা তাতোকৈ কম।

Verse 10 — Surah An-Najm 53:10

তেতিয়া আল্লাহে তেওঁৰ বান্দাৰ প্ৰতি যি অহী কৰিবলগীয়া সেয়া অহী কৰিলে।

Verse 11 — Surah An-Najm 53:11

যি তেওঁ দেখিছে, তেওঁৰ অন্তৰে সেই সম্পৰ্কে মিছা কোৱা নাই

Verse 12 — Surah An-Najm 53:12

তেওঁ যি দেখিছে, সেই সম্পৰ্কে তোমালোকে তেওঁৰ লগত বিতৰ্ক কৰিবা নেকি

Verse 13 — Surah An-Najm 53:13

আৰু নিশ্চয় তেওঁ তেওঁক আৰু এবাৰ দেখিছিল।

Verse 14 — Surah An-Najm 53:14

ছিদৰাতুল মুনতাহাৰ ওচৰত

Verse 15 — Surah An-Najm 53:15

যাৰ ওচৰত জান্নাতুল মা’ওৱা অৱস্থিত।

Verse 16 — Surah An-Najm 53:16

যেতিয়া ছিদৰাই যি আচ্ছাদিত কৰাৰ সেয়া আচ্ছাদিত কৰিছিল

Verse 17 — Surah An-Najm 53:17

তেওঁৰ দৃষ্টি বিভ্ৰম হোৱা নাই, আৰু সীমাও অতিক্ৰম কৰা নাই।

Verse 18 — Surah An-Najm 53:18

নিশ্চয় তেওঁ নিজ প্ৰতিপালকৰ মহান নিদৰ্শনাৱলীৰ কিছুমান দেখিছিল

Verse 19 — Surah An-Najm 53:19

এতেকে তোমালোকে লাত আৰু উজ্ঝা সম্পৰ্কে কি কোৱা

Verse 20 — Surah An-Najm 53:20

আৰু তৃতীয় আন এটা মানাত সম্পৰ্কে

Verse 21 — Surah An-Najm 53:21

এয়া কি কথা, তোমালোকৰ বাবে পুত্ৰ আৰু আৰু আল্লাহৰ বাবে কন্যা সন্তান

Verse 22 — Surah An-Najm 53:22

তেনেহ’লে এয়া এটা অসঙ্গত বন্টন।

Verse 23 — Surah An-Najm 53:23

এইবোৰ কিছুমান নামৰ বাহিৰে আন একো নহয়, যিবোৰ নাম তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে ৰাখিছে, যাৰ সমৰ্থনত আল্লাহে কোনো দলীল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই। সিহঁতে কেৱল অনুমান আৰু নিজৰ প্ৰবৃত্তিৰেই অনুসৰণ কৰে, অথচ সিহঁতৰ ওচৰত সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা হিদায়ত আহিছে।

Verse 24 — Surah An-Najm 53:24

মানুহে যি বিচাৰে সেইটোৱে সি পায় নে

Verse 25 — Surah An-Najm 53:25

প্ৰকৃততে আখিৰাত আৰু দুনিয়া আল্লাহৰেই।

Verse 26 — Surah An-Najm 53:26

আৰু আকাশসমূহত অসংখ্য ফিৰিস্তা আছে, সিহঁতৰ মধ্যস্থতা কোনো কামত নাহিব, কিন্তু আল্লাহে যাক ইচ্ছা কৰে আৰু যাৰ প্ৰতি তেওঁ সন্তুষ্ট হয় তাৰ বাবে অনুমতি দিয়াৰ পিছত।

Verse 27 — Surah An-Najm 53:27

নিশ্চয় যিহঁতে আখিৰাতক বিশ্বাস নকৰে, সিহঁতেই ফিৰিস্তাসকলক নাৰীবাচক নামেৰে নামকৰণ কৰে

Verse 28 — Surah An-Najm 53:28

অথচ এই বিষয়ে সিহঁতৰ কোনো জ্ঞানেই নাই। সিহঁত কেৱল অনুমানৰ অনুসৰণ কৰে; আৰু নিশ্চয় অনুমান সত্যৰ মুকাবিলাত কোনো কামত নাহে।

Verse 29 — Surah An-Najm 53:29

এতেকে তুমি সেই ব্যক্তিক উপেক্ষা কৰা, যিয়ে আমাৰ স্মৰণৰ পৰা বিমুখ হয় আৰু অকল পৃথিৱীৰ জীৱনকেই কামনা কৰে।

Verse 30 — Surah An-Najm 53:30

এইটোৱে সিহঁতৰ জ্ঞানৰ শেষ সীমা। নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই আটাইতকৈ ভাল জানে কোন তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে আৰু তেৱেঁই ভাল জানে কোন হিদায়তপ্ৰাপ্ত হৈছে।

Verse 31 — Surah An-Najm 53:31

আৰু আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো আল্লাহৰেই। যাতে তেওঁ সিহঁতৰ কামৰ প্ৰতিফল দিব পাৰে যিহঁতে বেয়া কাম কৰে আৰু যাতে সেইসকল লোকক উত্তম পুৰষ্কাৰ দিব পাৰে যিসকলে সৎকৰ্ম কৰে

Verse 32 — Surah An-Najm 53:32

যিসকলে সৰু-সুৰা দোষ-ত্ৰুটিৰ বাহিৰে ডাঙৰ ডাঙৰ পাপ আৰু অশ্লীল কাৰ্যকলাপৰ পৰা বিৰত থাকে। নিশ্চয় তোমাৰ প্ৰতিপালকৰ ক্ষমা অপৰিসীম; তেওঁ তোমালোকৰ বিষয়ে সম্যক অৱগত—(স্মৰণ কৰা) যেতিয়া তেওঁ তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছিল আৰু যেতিয়া তোমালোক মাতৃগৰ্ভত ভ্ৰুণৰূপে আছিলা। এতেকে তোমালোকে আত্মপ্ৰশংসা নকৰিবা, কোনে তাক্বৱা অৱলম্বন কৰিছে সেই বিষয়ে তেৱেঁই সম্যক অৱগত।

Verse 33 — Surah An-Najm 53:33

তুমি সেই ব্যক্তিক দেখিছানে, যিয়ে মুখ ঘূৰাই লৈছে

Verse 34 — Surah An-Najm 53:34

আৰু কিঞ্চিত দান কৰিলে আৰু বন্ধ কৰি দিলে

Verse 35 — Surah An-Najm 53:35

তাৰ ওচৰত কিবা গায়েবৰ জ্ঞান আছে নেকি, যিটো সি প্ৰত্যক্ষ কৰে

Verse 36 — Surah An-Najm 53:36

নে মূছাৰ ছহীফাত যি আছে, সেই সম্পৰ্কে তাক অৱহীত কৰা হোৱা নাই

Verse 37 — Surah An-Najm 53:37

আৰু ইব্ৰাহীমৰ ছহীফাত, যিজনে পূৰ্ণ কৰিছিল (তেওঁৰ অঙ্গীকাৰ)

Verse 38 — Surah An-Najm 53:38

সেয়া হৈছে যে, কোনো বোজা বহনকাৰীয়ে আনৰ বোজা বহন নকৰিব

Verse 39 — Surah An-Najm 53:39

আৰু এই যে, মানুহে সেইটোৱে পায়, যিটো সি চেষ্টা কৰে

Verse 40 — Surah An-Najm 53:40

আৰু তাৰ প্ৰচেষ্টাৰ ফল অতিশীঘ্ৰেই দেখুৱা হ’ব

Verse 41 — Surah An-Najm 53:41

তাৰ পিছত তাক পূৰ্ণ প্ৰতিফল প্ৰদান কৰা হ’ব

Verse 42 — Surah An-Najm 53:42

আৰু নিশ্চয় তোমাৰ প্ৰতিপালকৰ ওচৰতেই হৈছে শেষ গন্তব্য

Verse 43 — Surah An-Najm 53:43

আৰু নিশ্চয় তেৱেঁই হহুৱায় আৰু তেৱেঁই কন্দুৱায়

Verse 44 — Surah An-Najm 53:44

আৰু নিশ্চয় তেৱেঁই মৃত্যু প্ৰদান কৰে আৰু তেৱেঁই জীৱন দান দিয়ে

Verse 45 — Surah An-Najm 53:45

আৰু নিশ্চয় তেৱেঁই সৃষ্টি কৰিছে যোৰ-যোৰকৈ পুৰুষ আৰু নাৰী

Verse 46 — Surah An-Najm 53:46

শুক্ৰবিন্দুৰ পৰা, যেতিয়া ই স্খলিত হয়

Verse 47 — Surah An-Najm 53:47

আৰু নিশ্চয় পুনৰুত্থান ঘটোৱাৰ দায়িত্বও তেওঁৰেই

Verse 48 — Surah An-Najm 53:48

আৰু নিশ্চয় তেৱেঁই অভাৱমুক্ত কৰে আৰু সম্পদ প্ৰদান কৰে

Verse 49 — Surah An-Najm 53:49

আৰু নিশ্চয় তেৱেঁই আশ্ব-শ্বি’ৰা নক্ষত্ৰৰ প্ৰতিপালক।

Verse 50 — Surah An-Najm 53:50

আৰু তেৱেঁই প্ৰাচীন ‘আদ জাতিক ধ্বংস কৰিছে

Verse 51 — Surah An-Najm 53:51

আৰু ছামূদ জাতিকো (ধ্বংস কৰিছে)। সিহঁতৰ এজনকো অৱশিষ্ট ৰখা নাই।

Verse 52 — Surah An-Najm 53:52

আৰু ইয়াৰ পূৰ্বে নূহৰ সম্প্ৰদায়কো (তেৱেঁই ধ্বংস কৰিছে)। নিশ্চয় সিহঁত আছিল অতিশয় যালিম আৰু চৰম অবাধ্য।

Verse 53 — Surah An-Najm 53:53

আৰু তেৱেঁই ওলোটাই দিয়া আবাসভূমিক নিক্ষেপ কৰিছিল

Verse 54 — Surah An-Najm 53:54

তাৰ পিছত সেইটো আচ্ছন্ন কৰিছিল যি আচ্ছন্ন কৰিবলগীয়া আছিল।

Verse 55 — Surah An-Najm 53:55

এতেকে তুমি তোমাৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ সম্পৰ্কে সন্দেহ পোষণ কৰিবা

Verse 56 — Surah An-Najm 53:56

অতীতত সতৰ্ককাৰীসকলৰ দৰেই এই নবীও এজন সতৰ্ককাৰী।

Verse 57 — Surah An-Najm 53:57

কিয়ামত নিকটৱৰ্তী।

Verse 58 — Surah An-Najm 53:58

আল্লাহৰ বাহিৰে কোনেও ইয়াক প্ৰকাশ কৰিবলৈ সক্ষম নহয়।

Verse 59 — Surah An-Najm 53:59

তোমালোকে এই কথাত বিস্ময় বোধ কৰিছা নেকি

Verse 60 — Surah An-Najm 53:60

আৰু হাঁহি-ঠাট্ৰা কৰিছা! কন্দা নাই

Verse 61 — Surah An-Najm 53:61

আৰু তোমালোকে উদাসীন

Verse 62 — Surah An-Najm 53:62

এতেকে তোমালোকে আল্লাহক ছাজদা কৰা আৰু তেওঁৰ ইবাদত কৰা।