Back to Languages

Assamese - Chapter 55 - Ar-Rahman

Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink

Verse 1 — Surah Ar-Rahman 55:1

আৰ-ৰাহমান, (দয়াময় আল্লাহ)

Verse 2 — Surah Ar-Rahman 55:2

তেৱেঁই শিক্ষা দিছে কোৰআন

Verse 3 — Surah Ar-Rahman 55:3

তেৱেঁই সৃষ্টি কৰিছে মানুহ

Verse 4 — Surah Ar-Rahman 55:4

তেৱেঁই তাক ভাষা শিকাইছে

Verse 5 — Surah Ar-Rahman 55:5

সূৰ্য আৰু চন্দ্ৰ নিৰ্ধাৰিত হিচাপ অনুযায়ী আৱৰ্তন কৰে

Verse 6 — Surah Ar-Rahman 55:6

আৰু তৃণলতা আৰু বৃক্ষাদিয়ে ছাজদা কৰে

Verse 7 — Surah Ar-Rahman 55:7

আৰু তেৱেঁই আকাশখনক সমুন্নত কৰিছে আৰু স্থাপন কৰিছে তুলাচনী

Verse 8 — Surah Ar-Rahman 55:8

যাতে তোমালোকে জোখ-মাখত সীমালঙ্ঘন নকৰা।

Verse 9 — Surah Ar-Rahman 55:9

আৰু তোমালোকে ন্যায়সঙ্গতভাৱে ওজন প্ৰতিষ্ঠা কৰা আৰু ওজনকৃত বস্তু কম নিদিবা।

Verse 10 — Surah Ar-Rahman 55:10

আৰু পৃথিৱীখনক তেওঁ সৃষ্টি জীৱৰ বাবে স্থাপন কৰিছে

Verse 11 — Surah Ar-Rahman 55:11

য’ত আছে ফল-মূল আৰু খেজুৰ গছ, যাৰ ফল আৱৰণমূক্ত

Verse 12 — Surah Ar-Rahman 55:12

আৰু আছে বাকলিযুক্ত দানা আৰু সুগন্ধিযুক্ত ফুল।

Verse 13 — Surah Ar-Rahman 55:13

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

Verse 14 — Surah Ar-Rahman 55:14

তেৱেঁই মানুহক সৃষ্টি কৰিছে পানী মিশ্ৰিত শুকান মাটিৰ পৰা যিটো পোৰা মাটিৰ দৰে

Verse 15 — Surah Ar-Rahman 55:15

আৰু তেৱেঁই জিনক সৃষ্টি কৰিছে ধোঁৱাবিহীন অগ্নিশিখাৰ পৰা।

Verse 16 — Surah Ar-Rahman 55:16

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

Verse 17 — Surah Ar-Rahman 55:17

তেৱেঁই দুই উদয়াচল আৰু দুই অস্তাচলৰ প্ৰতিপালক।

Verse 18 — Surah Ar-Rahman 55:18

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

Verse 19 — Surah Ar-Rahman 55:19

তেৱেঁ দুই সাগৰক প্ৰবাহিত কৰে, উভয়ে পৰস্পৰ মিলিত হয়

Verse 20 — Surah Ar-Rahman 55:20

কিন্তু সিহঁত উভয়ৰ মাজত আছে এটা অন্তৰাল, যিটো সিহঁতে অতিক্ৰম কৰিব নোৱাৰে।

Verse 21 — Surah Ar-Rahman 55:21

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

Verse 22 — Surah Ar-Rahman 55:22

উভয় সাগৰৰ পৰা উৎপন্ন হয় মুকুতা আৰু পোৱাল।

Verse 23 — Surah Ar-Rahman 55:23

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

Verse 24 — Surah Ar-Rahman 55:24

আৰু সাগৰত বিচৰণশীল পৰ্বত সদৃশ নৌযানসমূহ তেওঁৰেই (নিয়ন্ত্ৰণাধীন)

Verse 25 — Surah Ar-Rahman 55:25

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

Verse 26 — Surah Ar-Rahman 55:26

ভূপৃষ্ঠত যি আছে সকলো ধ্বংসশীল

Verse 27 — Surah Ar-Rahman 55:27

আৰু অবিনশ্বৰ কেৱল তোমাৰ প্ৰতিপালকৰ চেহাৰা, যিজন মহিমাময়, মহানুভৱ

Verse 28 — Surah Ar-Rahman 55:28

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

Verse 29 — Surah Ar-Rahman 55:29

আকাশমণ্ডল আৰু পৃথিৱীত যিসকল আছে, সকলোৱে তেওঁৰ ওচৰত প্ৰাৰ্থী, তেওঁ প্ৰতিটো মুহূৰ্ত্ততে গুৰুত্বপূৰ্ণ কামত নিয়োজিত।

Verse 30 — Surah Ar-Rahman 55:30

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

Verse 31 — Surah Ar-Rahman 55:31

হে মানৱ আৰু জিন! আমি অনতিপলমে তোমালোকৰ (হিচাপ-নিকাচ গ্ৰহণৰ) প্ৰতি মনোনিবেশ কৰিম।

Verse 32 — Surah Ar-Rahman 55:32

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

Verse 33 — Surah Ar-Rahman 55:33

হে জিন আৰু মানৱ সম্প্ৰদায়! আকাশমণ্ডল আৰু পৃথিৱীৰ সীমা যদি তোমালোকে অতিক্ৰম কৰিব পাৰা তেন্তে অতিক্ৰম কৰা, কিন্তু তোমালোকে (আল্লাহৰ) শক্তিবিহীন অতিক্ৰম কৰিব নোৱাৰিবা।

Verse 34 — Surah Ar-Rahman 55:34

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

Verse 35 — Surah Ar-Rahman 55:35

তোমালোক উভয়ৰ প্ৰতি প্ৰেৰণ কৰা হ’ব অগ্নিশিখা আৰু ধুম্ৰপুঞ্জ, তেতিয়া তোমালোকে প্ৰতিৰোধ কৰিব নোৱাৰিবা।

Verse 36 — Surah Ar-Rahman 55:36

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

Verse 37 — Surah Ar-Rahman 55:37

যিদিনা আকাশ বিদীৰ্ণ হ’ব সেইদিনা ই তেজবৰ্ণ গোলাপৰ দৰে ৰঙা ছালৰ ৰূপ ধাৰণ কৰিব

Verse 38 — Surah Ar-Rahman 55:38

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

Verse 39 — Surah Ar-Rahman 55:39

গতিকে সেইদিনা মানুহকো তাৰ অপৰাধ সম্পৰ্কে সোধা নহ’ব আৰু জিনকো নহয়।

Verse 40 — Surah Ar-Rahman 55:40

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

Verse 41 — Surah Ar-Rahman 55:41

অপৰাধীসকলৰ পৰিচয় পোৱা যাব সিহঁতৰ লক্ষণৰ দ্বাৰা, তাৰ পিছত সিহঁতৰ আগচুলি আৰু ভৰিত ধৰি টানি নিয়া হ’ব।

Verse 42 — Surah Ar-Rahman 55:42

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

Verse 43 — Surah Ar-Rahman 55:43

এইটোৱেই সেই জাহান্নাম, যাক অপৰাধীসকলে অস্বীকাৰ কৰিছিল।

Verse 44 — Surah Ar-Rahman 55:44

সিহঁত জাহান্নামৰ জুই আৰু উতলা পানীৰ মাজত ঘুৰি থাকিব।

Verse 45 — Surah Ar-Rahman 55:45

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

Verse 46 — Surah Ar-Rahman 55:46

আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত উপস্থিত হোৱাৰ ভয় পোষণ কৰে, তাৰ বাবে আছে দুটা জান্নাত।

Verse 47 — Surah Ar-Rahman 55:47

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

Verse 48 — Surah Ar-Rahman 55:48

উভয়েই বহু ফল শাখাবিশিষ্ট।

Verse 49 — Surah Ar-Rahman 55:49

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

Verse 50 — Surah Ar-Rahman 55:50

উভয় জান্নাতত আছে প্ৰবাহমান দুটা নিজৰা

Verse 51 — Surah Ar-Rahman 55:51

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

Verse 52 — Surah Ar-Rahman 55:52

উভয়ৰ মাজত আছে প্ৰত্যেক ফল দুই দুই প্ৰকাৰ।

Verse 53 — Surah Ar-Rahman 55:53

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

Verse 54 — Surah Ar-Rahman 55:54

তাত সিহঁতে আউজি বহিব এনেকুৱা বিছনাত যাৰ অভ্যন্তৰভাগ হ'ব সিংখাপেৰে তৈৰী সুকোমল; আৰু উভয় জান্নাতৰ ফল-মূল থাকিব নিকটৱৰ্তী।

Verse 55 — Surah Ar-Rahman 55:55

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

Verse 56 — Surah Ar-Rahman 55:56

তাত থাকিব স্বামীৰ প্ৰতি দৃষ্টি সীমিতকাৰী ৰূপহীসকল, যিসকলক ইতিপূৰ্বে কোনো মানুহে অথবা কোনো জিনে স্পৰ্শ কৰা নাই।

Verse 57 — Surah Ar-Rahman 55:57

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

Verse 58 — Surah Ar-Rahman 55:58

সিহঁত যেনিবা হীৰা আৰু মুকুতা।

Verse 59 — Surah Ar-Rahman 55:59

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

Verse 60 — Surah Ar-Rahman 55:60

উত্তম কামৰ প্ৰতিদান উত্তমৰ বাহিৰে আৰু কি হ’ব পাৰে

Verse 61 — Surah Ar-Rahman 55:61

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

Verse 62 — Surah Ar-Rahman 55:62

আৰু সেই দুটা জান্নাতৰ বাহিৰেও আৰু দুটা জান্নাত আছে।

Verse 63 — Surah Ar-Rahman 55:63

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

Verse 64 — Surah Ar-Rahman 55:64

জান্নাত দুটা হৈছে ঘন সেইউজীয়া।

Verse 65 — Surah Ar-Rahman 55:65

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

Verse 66 — Surah Ar-Rahman 55:66

এই দুটা জান্নাতত আছে উচ্ছলিত দুটা নিজৰা।

Verse 67 — Surah Ar-Rahman 55:67

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

Verse 68 — Surah Ar-Rahman 55:68

তাত আছে ফল-মূল, খেজুৰ আৰু ডালিম।

Verse 69 — Surah Ar-Rahman 55:69

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

Verse 70 — Surah Ar-Rahman 55:70

সেই জান্নাতসমূহৰ মাজত আছে চৰিত্ৰৱৰ্তী, ৰূপহী ৰমণী।

Verse 71 — Surah Ar-Rahman 55:71

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

Verse 72 — Surah Ar-Rahman 55:72

চামিয়ানাবোৰত সুৰক্ষিতা হৈ থাকিব হুৰসকল।

Verse 73 — Surah Ar-Rahman 55:73

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

Verse 74 — Surah Ar-Rahman 55:74

যিসকলক ইতিপূৰ্বে কোনো মানুহে অথবা কোনো জিনে স্পৰ্শ কৰা নাই।

Verse 75 — Surah Ar-Rahman 55:75

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

Verse 76 — Surah Ar-Rahman 55:76

সিহঁতে আউজি বহিব সেইউজীয়া দলিছা আৰু ধুনীয়া সিংখাপৰ গাদীযুক্ত আসনত।

Verse 77 — Surah Ar-Rahman 55:77

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

Verse 78 — Surah Ar-Rahman 55:78

বৰকতময় তোমাৰ প্ৰতিপালকৰ নাম, যিজন মহামহিম আৰু মহানুভৱ।