Back to LanguagesPrevious ChapterNext Chapter
Assamese - Chapter 56 - Al-Waqiah
Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink
Verse 1 — Surah Al-Waqiah 56:1
যেতিয়া কিয়ামত সংঘটিত হ’ব
Verse 2 — Surah Al-Waqiah 56:2
(তেতিয়া) ইয়াৰ সংঘটনৰ অস্বীকাৰকাৰী কোনো নাথাকিব।
Verse 3 — Surah Al-Waqiah 56:3
ই কাৰোবাক অধঃপতন কৰিব, কাৰোবাক সমুন্নত কৰিব
Verse 4 — Surah Al-Waqiah 56:4
যেতিয়া পৃথিৱী প্ৰবল প্ৰকম্পনেৰে প্ৰকম্পিত হ’ব
Verse 5 — Surah Al-Waqiah 56:5
আৰু পৰ্বতসমূহ চূৰ্ণ-বিচূৰ্ণ হৈ পৰিব
Verse 6 — Surah Al-Waqiah 56:6
ফলত সেইবোৰ বিক্ষিপ্ত ধূলিকণাত পৰিণত হ’ব
Verse 7 — Surah Al-Waqiah 56:7
আৰু তোমালোকে বিভক্ত হৈ পৰিবা তিনিটা দলত
Verse 8 — Surah Al-Waqiah 56:8
এতেকে সোঁফালৰ দল; আৰু সোঁফালৰ দলটো কিমান যে সৌভাগ্যবান
Verse 9 — Surah Al-Waqiah 56:9
আৰু বাওঁফালৰ দল; আৰু বাওঁফালৰ দলটো কিমান যে দুৰ্ভগীয়া
Verse 10 — Surah Al-Waqiah 56:10
আৰু অগ্ৰগামীসকলেই অগ্ৰগামী
Verse 11 — Surah Al-Waqiah 56:11
তেওঁলোকেই সান্নিধ্যপ্ৰাপ্ত
Verse 12 — Surah Al-Waqiah 56:12
তেওঁলোক থাকিব নিয়ামতপূৰ্ণ জান্নাতসমূহত
Verse 13 — Surah Al-Waqiah 56:13
বহুসংখ্যক হ’ব পূৰ্বৱৰ্তীসকলৰ মাজৰ পৰা
Verse 14 — Surah Al-Waqiah 56:14
আৰু কম সংখ্যক হ’ব পৰবৰ্তীসকলৰ মাজৰ পৰা।
Verse 15 — Surah Al-Waqiah 56:15
সোণেৰে নিৰ্মিত আসনমূহত
Verse 16 — Surah Al-Waqiah 56:16
সিহঁতে পৰস্পৰে মুখামুখিকৈ আউজি বহিব।
Verse 17 — Surah Al-Waqiah 56:17
সিহঁতৰ আশে-পাশে ঘুৰিফুৰিব চিৰ কিশোৰসকলে
Verse 18 — Surah Al-Waqiah 56:18
প্ৰবাহিত নিজৰাৰ সুৰাপূৰ্ণ পানপাত্ৰ আৰু পিয়লাবোৰ লৈ
Verse 19 — Surah Al-Waqiah 56:19
সেই সুৰা পান কৰিলে তেওঁলোকৰ মূৰ নুঘুৰায় আৰু তেওঁলোক জ্ঞানহাৰাও নহ’ব
Verse 20 — Surah Al-Waqiah 56:20
আৰু (ঘুৰিফুৰিব) তেওঁলোকৰ পছন্দনীয় ফল-মূল লৈ
Verse 21 — Surah Al-Waqiah 56:21
আৰু তেওঁলোকৰ ৰুচী অনুযায়ী চৰাইৰ মাংস লৈ।
Verse 22 — Surah Al-Waqiah 56:22
আৰু তেওঁলোকৰ বাবে থাকিব মৃগনয়নী (ডাঙৰ চকুবিশিষ্টা) হুৰ
Verse 23 — Surah Al-Waqiah 56:23
যেনিবা সিহঁত সুৰক্ষিত মুকুতাহে
Verse 24 — Surah Al-Waqiah 56:24
সিহঁতে যি আমল কৰিছিল তাৰ পুৰষ্কাৰস্বৰূপ।
Verse 25 — Surah Al-Waqiah 56:25
তাত সিহঁতে কোনো অলাগতীয়াল কথা আৰু কোনো পাপবাক্য শুনিবলৈ নাপাব
Verse 26 — Surah Al-Waqiah 56:26
শুনিব কেৱল ছালাম আৰু ছালাম।
Verse 27 — Surah Al-Waqiah 56:27
আৰু সোঁফালৰ দল; কিমান যে ভাগ্যবান সোঁফালৰ দলটো
Verse 28 — Surah Al-Waqiah 56:28
তেওঁলোকে থাকিব এনে উদ্যানত, য’ত আছে কাঁইটবিহীন বগৰী গছ
Verse 29 — Surah Al-Waqiah 56:29
আৰু থোকেৰে ভৰা কল গছ
Verse 30 — Surah Al-Waqiah 56:30
আৰু সম্প্ৰসাৰিত ছাঁ
Verse 31 — Surah Al-Waqiah 56:31
আৰু সদায় প্ৰবাহমান পানী
Verse 32 — Surah Al-Waqiah 56:32
আৰু প্ৰচুৰ ফল-মূল
Verse 33 — Surah Al-Waqiah 56:33
যিবোৰ শেষ নহ'ব আৰু নিষিদ্ধও নহ’ব।
Verse 34 — Surah Al-Waqiah 56:34
আৰু (সিহঁত থাকিব) সুউচ্চ শয্যাসমূহত
Verse 35 — Surah Al-Waqiah 56:35
নিশ্চয় আমি সিহঁতক (হুৰসকলক) সৃষ্টি কৰিছো বিশেষৰূপত
Verse 36 — Surah Al-Waqiah 56:36
তাৰ পিছত সিহঁতক কুমাৰী বনাইছো
Verse 37 — Surah Al-Waqiah 56:37
নিজ স্বামীৰ প্ৰতি আসক্ত আৰু সমবয়সীয়া
Verse 38 — Surah Al-Waqiah 56:38
সোঁফালৰ লোকসকলৰ বাবে।
Verse 39 — Surah Al-Waqiah 56:39
সিহঁতৰ বেছিভাগেই হ'ব পূৰ্বৱৰ্তীলোকসলৰ মাজৰ পৰা
Verse 40 — Surah Al-Waqiah 56:40
আৰু বহুসংখ্যক হ'ব পৰবৰ্তীসকলৰ মাজৰ পৰা।
Verse 41 — Surah Al-Waqiah 56:41
আৰু বাওঁফালৰ দল, কিমান যে দুৰ্ভগীয়া বাওঁফালৰ দলটো
Verse 42 — Surah Al-Waqiah 56:42
সিহঁত থাকিব অত্যন্ত উষ্ণ বায়ু আৰু উত্তপ্ত উতলা পানীত
Verse 43 — Surah Al-Waqiah 56:43
আৰু অতি ক'লা ধোঁৱাৰ ছাঁত
Verse 44 — Surah Al-Waqiah 56:44
যিটো শীতলো নহয় আৰু আৰামদায়কো নহয়।
Verse 45 — Surah Al-Waqiah 56:45
নিশ্চয় সিহঁত ইতিপূৰ্বে ভোগ-বিলাসত মগ্ন আছিল
Verse 46 — Surah Al-Waqiah 56:46
আৰু সিহঁত অবিৰাম লিপ্ত আছিল জঘন্য পাপ কামত।
Verse 47 — Surah Al-Waqiah 56:47
আৰু সিহঁতে কৈছিল, ‘আমি যেতিয়া মৰি মাটি আৰু হাড়ত পৰিণত হম তেতিয়াও আমাক পুনৰুত্থিত কৰা হ’বনে’
Verse 48 — Surah Al-Waqiah 56:48
আৰু আমাৰ পিতৃপুৰুষসকলকো (উঠোৱা হ’বনে)
Verse 49 — Surah Al-Waqiah 56:49
কোৱা, ‘নিশ্চয় পূৰ্বৱৰ্তীসকলকো আৰু পৰবৰ্তীসকলকো
Verse 50 — Surah Al-Waqiah 56:50
সকলোকে একত্ৰিত কৰা হ’ব এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত’।
Verse 51 — Surah Al-Waqiah 56:51
তাৰ পিছত, হে বিভ্ৰান্ত অস্বীকাৰকাৰীসকল
Verse 52 — Surah Al-Waqiah 56:52
নিশ্চয় আহাৰ কৰিবা যাক্কুম গছৰ পৰা
Verse 53 — Surah Al-Waqiah 56:53
সেইটোৰেই তোমালোকে পেট ভৰাবা
Verse 54 — Surah Al-Waqiah 56:54
তদুপৰি তাৰ ওপৰত পান কৰিবা উত্তপ্ত উতলা পানী
Verse 55 — Surah Al-Waqiah 56:55
তাৰ পিছত তোমালোকে তৃষ্ণাতুৰ উটৰ দৰে সেই পানী পান কৰিবা।
Verse 56 — Surah Al-Waqiah 56:56
প্ৰতিফল দিৱসত এইটোৱে হ’ব সিহঁতৰ আপ্যায়ন।
Verse 57 — Surah Al-Waqiah 56:57
আমিয়েই তোমালোকক সৃষ্টি কৰিছো; তেনেহ’লে কিয় তোমালোকে বিশ্বাস নকৰা
Verse 58 — Surah Al-Waqiah 56:58
তোমালোকে ভাবিছানে তোমালোকৰ বীৰ্যপাত সম্পৰ্কে
Verse 59 — Surah Al-Waqiah 56:59
সেইটো তোমালোকে সৃষ্টি কৰা, নে আমি সৃষ্টি কৰো
Verse 60 — Surah Al-Waqiah 56:60
আমিয়েই তোমালোকৰ মাজত মৃত্যু নিৰ্ধাৰণ কৰিছো আৰু আমি অক্ষম নহওঁ
Verse 61 — Surah Al-Waqiah 56:61
তোমালোকৰ স্থানত তোমালোকৰ সদৃশ আনিবলৈ আৰু তোমালোকক এনে এটা আকৃতিত সৃষ্টি কৰিবলৈ যিটো তোমালোকে নাজানা।
Verse 62 — Surah Al-Waqiah 56:62
আৰু নিশ্চয় তোমালোকে অৱগত হৈছা প্ৰথম সৃষ্টি সম্পৰ্কে, তেন্তে কিয় তোমালোকে উপদেশ গ্ৰহণ নকৰা
Verse 63 — Surah Al-Waqiah 56:63
তোমালোকে যি বীজ সিঁচা সেই বিষয়ে তোমালোকে ভাবি চাইছানে
Verse 64 — Surah Al-Waqiah 56:64
সেইটো তোমালোকে অংকুৰিত কৰা, নে আমি অংকুৰিত কৰো
Verse 65 — Surah Al-Waqiah 56:65
আমি ইচ্ছা কৰিলে ইয়াক খেৰ-কুটাত পৰিণত কৰিব পাৰো, তেতিয়া তোমালোকে হতাশ হৈ পৰিবা
Verse 66 — Surah Al-Waqiah 56:66
(এই বুলি) ‘নিশ্চয় আমি দায়গ্ৰস্ত হৈ পৰিলো’
Verse 67 — Surah Al-Waqiah 56:67
‘বৰং আমি বঞ্চিত হৈছো’।
Verse 68 — Surah Al-Waqiah 56:68
তোমালোকে যি পানী পান কৰা সেই সম্পৰ্কে কোৱাচোন
Verse 69 — Surah Al-Waqiah 56:69
মেঘৰ পৰা সেইটো তোমালোকে নমাই আনা, নে আমি সেইটো বৰ্ষণ কৰো
Verse 70 — Surah Al-Waqiah 56:70
আমি ইচ্ছা কৰিলে সেইটো লুণীয়া কৰি দিব পাৰো। তথাপিও কিয় তোমালোকে কৃতজ্ঞতা প্ৰকাশ নকৰা
Verse 71 — Surah Al-Waqiah 56:71
তোমালোকে যি জুই জ্বলোৱা সেই বিষয়ে কোৱাচোন
Verse 72 — Surah Al-Waqiah 56:72
তোমালোকে ইয়াৰ গছ সৃষ্টি কৰা, নে আমি সৃষ্টি কৰো
Verse 73 — Surah Al-Waqiah 56:73
ইয়াক আমি কৰিছো এটা স্মাৰক আৰু মৰুভুমিতবাস কৰা লোকৰ প্ৰয়োজনীয় বস্তু।
Verse 74 — Surah Al-Waqiah 56:74
এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা।
Verse 75 — Surah Al-Waqiah 56:75
এতেকে মই শপত কৰিছো নক্ষত্ৰৰাজিৰ অস্তাচলৰ
Verse 76 — Surah Al-Waqiah 56:76
আৰু নিশ্চয় এইটো এটা মহাশপত, যদি তোমালোকে জানিলাহেঁতেন
Verse 77 — Surah Al-Waqiah 56:77
নিশ্চয় এইটো মহিমান্বিত কোৰআন
Verse 78 — Surah Al-Waqiah 56:78
যিটো আছে সুৰক্ষিত কিতাবত (লিপিবদ্ধ)।
Verse 79 — Surah Al-Waqiah 56:79
পৱিত্ৰসকলৰ বাহিৰে আন কোনোৱে ইয়াক স্পৰ্শ কৰিব নোৱাৰে।
Verse 80 — Surah Al-Waqiah 56:80
এইটো সৃষ্টিজগতৰ প্ৰতিপালকৰ পৰা অৱতীৰ্ণ।
Verse 81 — Surah Al-Waqiah 56:81
তথাপিও তোমালোকে এই বাণীক তুচ্ছ বুলি ভাবিছা নেকি
Verse 82 — Surah Al-Waqiah 56:82
আৰু তোমালোকে অস্বীকাৰ কৰাকেই তোমালোকৰ জীৱিকা কৰি লৈছা
Verse 83 — Surah Al-Waqiah 56:83
এতেকে কিয় নহয়—প্ৰাণ যেতিয়া কন্ঠাগত হয়
Verse 84 — Surah Al-Waqiah 56:84
আৰু তেতিয়া তোমালোকে (অসহায় হৈ) চাই থাকা
Verse 85 — Surah Al-Waqiah 56:85
আৰু আমি তোমালোকতকৈও তাৰ বেছি ওচৰত থাকো, কিন্তু তোমালোকে দেখা নোপোৱা।
Verse 86 — Surah Al-Waqiah 56:86
এতেকে যদি তোমালোকে হিচাপ-নিকাচ আৰু প্ৰতিফলৰ সন্মুখীন নোহোৱা
Verse 87 — Surah Al-Waqiah 56:87
তেনেহ'লে তোমালোকে সেইটো (আত্মাটো) ঘুৰাই নান কিয়? যদি তোমালোকে সত্যবাদী
Verse 88 — Surah Al-Waqiah 56:88
তাৰ পিছত সি যদি নৈকট্যপ্ৰাপ্তসকলৰ এজন হয়
Verse 89 — Surah Al-Waqiah 56:89
তেন্তে তাৰ বাবে থাকিব বিশ্ৰাম, উত্তম জীৱনোপকৰণ আৰু সুখময় জান্নাত।
Verse 90 — Surah Al-Waqiah 56:90
আৰু সি যদি হয় সোঁফালৰ দলৰ এজন
Verse 91 — Surah Al-Waqiah 56:91
তেন্তে (তাক কোৱা হ’ব) ‘তোমাৰ প্ৰতি ছালাম’, যিহেতু তুমি সোঁফালৰ এজন।
Verse 92 — Surah Al-Waqiah 56:92
কিন্তু সি যদি হয় অস্বীকাৰকাৰী, বিভ্ৰান্তসকলৰ এজন
Verse 93 — Surah Al-Waqiah 56:93
তেন্তে তাৰ আতিথ্য কৰা হ’ব উতলা পানীৰ দ্বাৰা
Verse 94 — Surah Al-Waqiah 56:94
আৰু জাহান্নামৰ দহনেৰে
Verse 95 — Surah Al-Waqiah 56:95
নিশ্চয় এইটো সুনিশ্চিত সত্য।
Verse 96 — Surah Al-Waqiah 56:96
এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা।