Back to LanguagesPrevious ChapterNext Chapter
Assamese - Chapter 68 - Al-Qalam
Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink
Verse 1 — Surah Al-Qalam 68:1
নূন; কলমৰ শপত আৰু সিহঁতে যি লিখে তাৰ শপত
Verse 2 — Surah Al-Qalam 68:2
তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহ যে, তুমি উন্মাদ নহয়।
Verse 3 — Surah Al-Qalam 68:3
আৰু নিশ্চয় তোমাৰ বাবে আছে নিৰবিচ্ছিন্ন পুৰষ্কাৰ।
Verse 4 — Surah Al-Qalam 68:4
আৰু নিশ্চয় তুমি মহান চৰিত্ৰৰ উচ্চ শৃঙ্গত অধিষ্ঠিত।
Verse 5 — Surah Al-Qalam 68:5
এতেকে অনতিপলমে তুমি দেখিবলৈ পাবা আৰু সিহঁতেও দেখিবলৈ পাব
Verse 6 — Surah Al-Qalam 68:6
তোমালোকৰ মাজত কোন বিকাৰগ্ৰস্থ
Verse 7 — Surah Al-Qalam 68:7
নিশ্চয় তোমাৰ প্ৰতিপালক সম্যক অৱগত সিহঁতৰ বিষয়ে যিহঁতে তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে, আৰু তেওঁ হিদায়ত প্ৰাপ্তসকলৰ বিষয়েও সম্যক পৰিজ্ঞাত।
Verse 8 — Surah Al-Qalam 68:8
গতিকে তুমি মিথ্যাৰোপকাৰীসকলৰ আনুগত্য নকৰিবা।
Verse 9 — Surah Al-Qalam 68:9
সিহঁতে কামনা কৰে যে, তুমি আপোষকামী হোৱা, তেন্তে সিহঁতেও আপোষকামী হ'ব।
Verse 10 — Surah Al-Qalam 68:10
আৰু তুমি আনুগত্য নকৰিবা প্ৰত্যেক এনে ব্যক্তিৰ যিয়ে অধিক শপতকাৰী, লাঞ্ছিত
Verse 11 — Surah Al-Qalam 68:11
পিঠিৰ আঁৰত নিন্দাকাৰী আৰু যিজন চোগলখুৰী কৰি ফুৰে
Verse 12 — Surah Al-Qalam 68:12
কল্যাণৰ কামত বাধা প্ৰদানকাৰী, সীমালঙ্ঘনকাৰী, পাপিষ্ঠ
Verse 13 — Surah Al-Qalam 68:13
দুষ্ট প্ৰকৃতিৰ, তদুপৰি কুখ্যাত
Verse 14 — Surah Al-Qalam 68:14
এই বাবেই যে, সি আছিল ধন-সম্পদ আৰু সন্তান-সন্ততিৰ অধিকাৰী।
Verse 15 — Surah Al-Qalam 68:15
যেতিয়া তাৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱাত কৰা হয় তেতিয়া সি কয়, এইবোৰ পূৰ্বৱৰ্তীসকলৰ কল্প-কাহিনী মাত্ৰ।
Verse 16 — Surah Al-Qalam 68:16
অতি শীঘ্ৰে আমি তাৰ শুৰত (নাকত) দাগ দিম।
Verse 17 — Surah Al-Qalam 68:17
নিশ্চয় আমি ইহঁতক পৰীক্ষা কৰিছো, যেনেকৈ পৰীক্ষা কৰিছিলো উদ্যান-অধিপতিসকলক, যেতিয়া সিহঁতে শপত কৰিছিল যে, অৱশ্যে ৰাতিপুৱাই সিহঁতে বাগানৰ ফল আহৰণ কৰিব।
Verse 18 — Surah Al-Qalam 68:18
আৰু সিহঁতে ‘ইন শ্বা আল্লাহ’ কোৱা নাছিল।
Verse 19 — Surah Al-Qalam 68:19
সেয়ে তোমাৰ প্ৰতিপালকৰ ওচৰৰ পৰা এটা প্ৰদক্ষিণকাৰী (বিপৰ্যয়, জুই) বাগানৰ ওপৰত প্ৰদক্ষিণ কৰিলে, সেই সময়ত সিহঁত আছিল টোপনিত।
Verse 20 — Surah Al-Qalam 68:20
ফলত ই (জুই লাগি) কলাবৰ্ণৰ নিচিনা হৈ গ’ল।
Verse 21 — Surah Al-Qalam 68:21
ৰাতিপুৱাই সিহঁতে ইজনে সিজনক মাতি ক’লে
Verse 22 — Surah Al-Qalam 68:22
‘যদি তোমালোকে ফল আহৰণ কৰিব বিচৰা তেনেহ’লে পুৱতি নিশাই তোমালোকৰ বাগানলৈ যোৱা’।
Verse 23 — Surah Al-Qalam 68:23
তাৰ পিছত সিহঁতে যাবলৈ ধৰিলে, আৰু নিম্নস্বৰে এই কথা কৈ আছিল
Verse 24 — Surah Al-Qalam 68:24
যে ‘আজি তাত তোমালোকৰ ওচৰত যাতে কোনো দুখীয়া-অভাৱী প্ৰৱেশ কৰিব নোৱাৰে’।
Verse 25 — Surah Al-Qalam 68:25
আৰু সিহঁতে পুৱতি নিশাই দৃঢ় ইচ্ছা শক্তি লৈ সক্ষম অৱস্থাত (বাগানলৈ) যাত্ৰা কৰিলে।
Verse 26 — Surah Al-Qalam 68:26
তাৰ পিছত সিহঁতে যেতিয়া বাগানখন দেখিবলৈ পালে, তেতিয়া সিহঁতে ক’লে, ‘নিশ্চয় পথ হেৰুৱাইছো’।
Verse 27 — Surah Al-Qalam 68:27
‘বৰং আমি বঞ্চিত’।
Verse 28 — Surah Al-Qalam 68:28
সিহঁতৰ মাজৰ শ্ৰেষ্ঠ ব্যক্তিজনে ক’লে, ‘মই তোমালোকক কোৱা নাছিলোনে যে, তোমালোকে কিয় আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা নকৰা’
Verse 29 — Surah Al-Qalam 68:29
সিহঁতে ক’লে, ‘আমি আমাৰ প্ৰতিপালকৰ পৱিত্ৰতা ঘোষণা কৰোঁ। নিশ্চয় আমি যালিম আছিলো’।
Verse 30 — Surah Al-Qalam 68:30
তাৰ পিছত সিহঁতে ইজনে সিজনক দোষাৰোপ কৰিবলৈ ধৰিলে।
Verse 31 — Surah Al-Qalam 68:31
সিহঁতে ক’লে, ‘হায়, আমাৰ ধ্বংস! নিশ্চয় আমি সীমালঙ্ঘনকাৰী আছিলো’।
Verse 32 — Surah Al-Qalam 68:32
সম্ভৱতঃ আমাৰ প্ৰতিপালকে আমাক ইয়াতকৈয়ো উৎকৃষ্ট বিনিময় প্ৰদান কৰিব। অৱশ্যে আমি আমাৰ প্ৰতিপালকৰ প্ৰতি আগ্ৰহী।
Verse 33 — Surah Al-Qalam 68:33
এইদৰেই হয় শাস্তি আৰু আখিৰাতৰ শাস্তি আৰু ডাঙৰ, যদি সিহঁতে জানিলেহেঁতেন।
Verse 34 — Surah Al-Qalam 68:34
নিশ্চয় মুত্তাক্বীসকলৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে নিয়ামতপূৰ্ণ জান্নাত।
Verse 35 — Surah Al-Qalam 68:35
আমি মুছলিম (আনুগত)সকলক অপৰাধীসকলৰ দৰে গণ্য কৰিম নেকি
Verse 36 — Surah Al-Qalam 68:36
তোমালোকৰ কি হৈছে, তোমালোকে এইটো কেনেকুৱা সিদ্ধান্ত কৰা
Verse 37 — Surah Al-Qalam 68:37
তোমালোকৰ ওচৰত কোনো পুথি আছে নেকি য’ত তোমালোকে অধ্যয়ন কৰা
Verse 38 — Surah Al-Qalam 68:38
যে, নিশ্চয় তোমালোকৰ বাবে তাত এনেকুৱা বস্তু আছে যি তোমালোকে পছন্দ কৰা
Verse 39 — Surah Al-Qalam 68:39
অথবা তোমালোকৰ বাবে আমাৰ লগত কিয়ামত পৰ্যন্ত বলবৎ থকা এনেকুৱা কোনো অঙ্গীকাৰ আছে নেকি যে, তোমালোকে নিজৰ বাবে যিটোৱে ফয়চালা কৰিবা সেইটোৱে পাবা
Verse 40 — Surah Al-Qalam 68:40
তুমি সিহঁতক সোধা, সিহঁতৰ মাজত এই দাবীৰ জিম্মাদাৰ কোন
Verse 41 — Surah Al-Qalam 68:41
অথবা সিহঁতৰ বাবে (আল্লাহৰ লগত) বহুতো অংশীদাৰ আছে নেকি? আছে যদি তেন্তে সিহঁতে সিহঁতৰ অংশীদাৰসকলক উপস্থিত কৰক—যদি সিহঁত সত্যবাদী হয়।
Verse 42 — Surah Al-Qalam 68:42
সেইদিনা ভৰিৰ কলাফুলি উন্মোচিত কৰা হ’ব, সেইদিনা সিহঁতক মাতা হ’ব ছাজদাহ কৰিবলৈ, কিন্তু সিহঁত সক্ষম নহ’ব
Verse 43 — Surah Al-Qalam 68:43
সিহঁতৰ দৃষ্টিসমূহ অৱনত অৱস্থাত থাকিব, অপমানে সিহঁতক আচ্ছন্ন কৰিব অথচ যেতিয়া সিহঁত নিৰাপদ আছিল তেতিয়া সিহঁতক মাতা হৈছিল ছাজদা কৰিবলৈ (কিন্তু সিহঁতে ছাজদা কৰা নাছিল)।
Verse 44 — Surah Al-Qalam 68:44
এতেক এৰি দিয়া মোক আৰু সিহঁতক যিসকলে এই বাণী প্ৰত্যাখ্যান কৰে। আমি সিহঁতক লাহে লাহে এনেকৈ ধৰিম যে, সিহঁতে গমেই নাপাব।
Verse 45 — Surah Al-Qalam 68:45
আৰু মই সিহঁতক অৱকাশ দিম। নিশ্চয় মোৰ কৌশল অত্যন্ত বলিষ্ঠ।
Verse 46 — Surah Al-Qalam 68:46
তুমি সিহঁতৰ ওচৰত পাৰিশ্ৰমিক (বিনিময়) দাবী কৰিছা নেকি, যাৰ ফলত সিহঁতে ঋণৰ কাৰণে ভাৰাক্ৰান্ত হৈ পৰিছে
Verse 47 — Surah Al-Qalam 68:47
নে সিহঁতৰ ওচৰত গায়েবৰ জ্ঞান আছে, যিটো সিহঁতে লিখি ৰাখে
Verse 48 — Surah Al-Qalam 68:48
এতেকে তুমি তোমাৰ প্ৰতিপালকৰ আদেশৰ অপেক্ষাত ধৈৰ্য ধাৰণ কৰা, আৰু তুমি মাছৰ গৰাকীৰ দৰে নহ’বা, যেতিয়া তেওঁ বিষাদ আচ্ছন্ন অৱস্থাত আহ্বান কৰিছিল।
Verse 49 — Surah Al-Qalam 68:49
যদি তেওঁৰ প্ৰতিপালকৰ অনুগ্ৰহ তেওঁৰ ওচৰত আহি নাপালেহেঁতেন, তেন্তে তেওঁ লাঞ্ছিত অৱস্থাত উন্মুক্ত প্ৰান্তৰত নিক্ষিপ্ত হ’লেহেঁতেন।
Verse 50 — Surah Al-Qalam 68:50
তাৰ পিছত তেওঁৰ প্ৰতিপালকে তেওঁক মনোনীত কৰিলে আৰু তেওঁক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভূক্ত কৰিলে।
Verse 51 — Surah Al-Qalam 68:51
আৰু কাফিৰসকলে যেতিয়া উপদেশবাণী (কোৰআন) শুনে তেতিয়া সিহঁতে এনেকুৱা দৃষ্টিৰে তোমাৰ ফালে চায় যেনিবা তোমাক বাগৰাই দিব, আৰু সিহঁতে কয়, ‘নিশ্চয় এওঁ এজন উন্মাদ (বলিয়া)’।
Verse 52 — Surah Al-Qalam 68:52
অথচ এই কোৰআন কেৱল বিশ্ববাসীৰ বাবে উপদেশ।