Back to LanguagesPrevious ChapterNext Chapter
Assamese - Chapter 7 - Al-Araf
Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink
Verse 1 — Surah Al-Araf 7:1
আলিফ-লাম-মীম-চাদ।
Verse 2 — Surah Al-Araf 7:2
এই কিতাব তোমাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে, যাতে এই সম্পৰ্কে তোমাৰ মনত কোনো সন্দেহ নাথাকে, আৰু যাতে তুমি ইয়াৰ দ্বাৰা (মানুহক) সতৰ্ক কৰিব পাৰা। ই মুমিনসকলৰ বাবে উপদেশ।
Verse 3 — Surah Al-Araf 7:3
তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত যি অৱতীৰ্ণ কৰা হৈছে, তোমালোকে তাৰ অনুসৰণ কৰা আৰু তেওঁৰ বাহিৰে আন কাকো অভিভাৱকৰূপে অনুসৰণ নকৰিবা। তোমালোকে খুব কমেই উপদেশ গ্ৰহণ কৰা।
Verse 4 — Surah Al-Araf 7:4
আৰু এনেকুৱা বহুতো জনবসতি আমি ধ্বংস কৰিছো। দৰাচলতে সিহঁতৰ ওপৰত আমাৰ শাস্তি আপতিত হৈছিল কেতিয়াবা ৰাতি অথবা দ্বিপ্ৰহৰতেই যেতিয়া সিহঁত বিশ্ৰামৰত অৱস্থাত আছিল।
Verse 5 — Surah Al-Araf 7:5
এতেকে যেতিয়া আমাৰ শাস্তি সিহঁতৰ ওপৰত আপতিত হৈছিল, তেতিয়া সিহঁতৰ দাবী কেৱল এইটো আছিল যে, সিহঁতে কৈছিল, ‘নিশ্চয় আমি যালিম আছিলো’।
Verse 6 — Surah Al-Araf 7:6
এতেকে যিসকলৰ ওচৰত ৰাছুল প্ৰেৰণ কৰা হৈছিল অৱশ্যে আমি সিহঁতক সোধ-পোছ কৰিম আৰু ৰাছুল সকলোকো প্ৰশ্ন কৰিম।
Verse 7 — Surah Al-Araf 7:7
এতেকে অৱশ্যে আমি সিহঁতৰ ওচৰত পূৰ্ণ জ্ঞানৰ সৈতে সিহঁতৰ কৰ্মসমূহ বিবৃত কৰিম, আৰু আমি অনুপস্থিত নাছিলো।
Verse 8 — Surah Al-Araf 7:8
আৰু সেই দিনা পৰিমাপ হ’ব যথাযথ। এতেকে যিসকলৰ তুলাচনী গধুৰ হ’ব তেওঁলোকেই সফলতা অৰ্জন কৰিব।
Verse 9 — Surah Al-Araf 7:9
আৰু যিসকলৰ তুলাচনী পাতল হ’ব, সিহঁতেই হৈছে সেইসকল লোক, যিসকলে নিজেই নিজৰ ক্ষতি সাধিছে, যিহেতু সিহঁতে আমাৰ আয়াতসমূহৰ প্ৰতি অন্যায় কৰিছিল।
Verse 10 — Surah Al-Araf 7:10
আৰু নিশ্চয় আমি তোমালোকক পৃথিৱীত প্ৰতিষ্ঠিত কৰিছো আৰু তাত তোমালোকৰ বাবে জীৱিকাৰ ব্যৱস্থাও কৰিছো; তোমালোকে খুবেই কম কৃতজ্ঞতা জ্ঞাপন কৰা।
Verse 11 — Surah Al-Araf 7:11
আৰু অৱশ্যে আমি তোমালোকক সৃষ্টি কৰিছো, তাৰ পিছত আমি তোমালোকক আকৃতি প্ৰদান কৰিছো, তাৰ পিছত আমি ফিৰিস্তাসকলক কৈছো, ‘আদমক ছাজদা কৰা’। ফলত ইবলীছৰ বাহিৰে সকলোৱে ছাজদা কৰিলে, সি ছাজদাকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’ল।
Verse 12 — Surah Al-Araf 7:12
তেওঁ ক’লে, ‘মই যেতিয়া তোমাক আদেশ দিলো তেতিয়া কিহে তোমাক নিবৃত্ত কৰিলে যে, তুমি ছাজদা নকৰিলা’? সি ক’লে, ‘মই তাতকৈ শ্ৰেষ্ঠ, তুমি মোক জুয়েৰে সৃষ্টি কৰিছা আৰু তাক সৃষ্টি কৰিছা বোকা মাটিৰে’।
Verse 13 — Surah Al-Araf 7:13
তেওঁ ক’লে, ‘তেন্তে তুমি ইয়াৰ পৰা নামি যোৱা, ইয়াত থাকি তুমি অহংকাৰ কৰিবা এইটো কেতিয়াও হ’ব নোৱাৰে। এতেকে তুমি ওলাই যোৱা, নিশ্চয় তুমি লাঞ্ছিতবোৰৰ অন্তৰ্ভুক্ত’।
Verse 14 — Surah Al-Araf 7:14
সি ক’লে, ‘মোক তুমি সেই দিনলৈকে অৱকাশ দিয়া, যিদিনা সিহঁত পুনৰুত্থিত হ’ব’।
Verse 15 — Surah Al-Araf 7:15
তেওঁ ক’লে, ‘নিশ্চয় তুমি অৱকাশ প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত’।
Verse 16 — Surah Al-Araf 7:16
সি ক’লে, ‘তুমি মোক পথভ্ৰষ্ট কৰাৰ কাৰণে মই অৱশ্যে তোমাৰ সৰল পথত মানুহৰ বাবে ৰৈ থাকিম’।
Verse 17 — Surah Al-Araf 7:17
‘তাৰ পিছত নিশ্চয় মই সিহঁতৰ ওচৰত আহিম সিহঁতৰ সন্মুখৰ পৰা আৰু সিহঁতৰ পিছফালৰ পৰা, সিহঁতৰ সোঁ ফালৰ পৰা আৰু সিহঁতৰ বাওঁ ফালৰ পৰা আৰু তুমি সিহঁতৰ অধিকাংশকেই কৃতজ্ঞৰূপে নাপাবা’।
Verse 18 — Surah Al-Araf 7:18
তেওঁ ক’লে, ‘ইয়াৰ পৰা লাঞ্ছিত অপমানিত হৈ ওলাই যা, মানুহৰ মাজত যিয়ে তোৰ অনুসৰণ কৰিব, নিশ্চয় মই তহঁত আটায়েৰে জাহান্নাম পূৰণ কৰিম’।
Verse 19 — Surah Al-Araf 7:19
আৰু হে আদম! ‘তুমি আৰু তোমাৰ স্ত্ৰী জান্নাতত বসবাস কৰা, আৰু য’ৰ পৰা ইচ্ছা আহাৰ কৰা কিন্তু এই গছজোপাৰ ওচৰলৈকে নাযাবা, তেন্তে তোমালোক উভয়ে যালিমসকলৰ অন্তৰ্ভুক্ত হ’বা’।
Verse 20 — Surah Al-Araf 7:20
তাৰ পিছত সিহঁতৰ লজ্জাস্থান, যিটো সিহঁতৰ ওচৰত গোপন ৰখা হৈছিল সেয়া সিহঁতৰ ওচৰত প্ৰকাশ কৰাৰ বাবে চয়তানে সিহঁতক কুমন্ত্ৰণা দিলে আৰু ক’লে, ‘তোমালোকৰ প্ৰতিপালকে তোমালোকক এই গছজোপাৰ পৰা এই বাবেই নিষেধ কৰিছে যে, (এই গছজোপাৰ ফল খালে) তোমালোক উভয়ে ফিৰিস্তা হৈ যাবা অথবা তোমালোক স্থায়ীসকলৰ অন্তৰ্ভুক্ত হৈ যাবা’।
Verse 21 — Surah Al-Araf 7:21
আৰু সি সিহঁত উভয়ৰ ওচৰত শপত কৰি ক’লে, ‘নিশ্চয় মই তোমালোকৰ শুভাকাংক্ষীসকলৰ এজন’।
Verse 22 — Surah Al-Araf 7:22
ফলত সি সিহঁতক প্ৰবঞ্চনাৰ দ্বাৰা পদস্খলিত কৰিলে। ইয়াৰ পিছত যেতিয়া সিহঁতে সেই গছৰ ফল খালে, তেতিয়া সিহঁতৰ লজ্জাস্থান সিহঁতৰ ওচৰত প্ৰকাশ হৈ গ’ল, আৰু সিহঁতে জান্নাতৰ পাতেৰে নিজকে আবৃত কৰিব ধৰিলে। তেতিয়া সিহঁতৰ প্ৰতিপালকে সিহঁতক মাতি ক’লে, ‘মই তোমালোকক এই গছজোপাৰ পৰা নিষেধ কৰা নাছিলোনে? আৰু মই তোমালোকক কোৱা নাছিলোনে যে, নিশ্চয় চয়তান তোমালোক উভয়ৰে প্ৰকাশ্য শত্ৰু
Verse 23 — Surah Al-Araf 7:23
সিহঁতে ক’লে, ‘হে আমাৰ ৰব! আমি নিজৰে প্ৰতি অন্যায় কৰিছো, আৰু যদি তুমি আমাক ক্ষমা কৰি নিদিয়া আৰু আমাৰ প্ৰতি দয়া নকৰা, তেন্তে নিশ্চয় আমি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হম’।
Verse 24 — Surah Al-Araf 7:24
তেওঁ ক’লে, ‘তোমালোকে নামি যোৱা, তোমালোকে ইজনে সিজনৰ শত্ৰু আৰু পৃথিৱীত আছে তোমালোকৰ বাবে ক্ষণস্থায়ী বসবাস আৰু জীৱিকা’।
Verse 25 — Surah Al-Araf 7:25
তেওঁ ক’লে, ‘তোমালোকে তাতেই জীৱন-যাপন কৰিবা আৰু তাতেই তোমালোক মৃত্যুবৰণ কৰিবা, আৰু তাৰ পৰাই তোমালোকক উলিয়াই আনা হ’ব’।
Verse 26 — Surah Al-Araf 7:26
হে আদম সন্তান! নিশ্চয় মই তোমালোকৰ বাবে পোছাক অৱতীৰ্ণ কৰিছো, তোমালোকৰ লজ্জাস্থান আবৃত কৰাৰ বাবে আৰু সৌন্দৰ্যৰ বাবে। কিন্তু তাক্বৱাৰ পোছাকেই হৈছে সৰ্বোত্তম। এইটো আল্লাহৰ নিদৰ্শনসমূহৰ অন্যতম, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।
Verse 27 — Surah Al-Araf 7:27
হে আদম সন্তান! চয়তানে যেন তোমালোকক কোনো মতেই প্ৰলুব্ধ কৰিব নোৱাৰে—যিদৰে সি তোমালোকৰ পিতৃ-মাতৃক জান্নাতৰ পৰা উলিয়াইছিল, সি তেওঁলোকক তেওঁলোকৰ লজ্জাস্থান দেখুৱাৰ বাবে বিবস্ত্ৰ কৰিছিল। নিশ্চয় সি নিজে আৰু তাৰ দলে তোমালোকক এনে ঠাইৰ পৰা দেখে, য’ত তোমালোকে সিহঁতক নেদেখা। নিশ্চয় আমি চয়তানক সেইসকল লোকৰ অভিভাৱক কৰি দিছো যিসকলে ঈমান পোষণ নকৰে।
Verse 28 — Surah Al-Araf 7:28
আৰু যেতিয়া সিহঁতে কোনো অশ্লীল আচৰণ কৰে তেতিয়া কয়, ‘আমি আমাৰ পূৰ্বপুৰুষসকলক এইদৰেই কৰা পাইছো, আৰু আল্লাহেও আমাক এইটোৱেই কৰাৰ নিৰ্দেশ দিছে’। কোৱা, ‘আল্লাহে কেতিয়াও অশ্লীলতাৰ নিৰ্দেশ নিদিয়ে। তোমালোকে আল্লাহৰ বিষয়ে এনে কথা কোৱা নেকি যিটো তোমালোকে নাজানা’
Verse 29 — Surah Al-Araf 7:29
কোৱা, ‘মোৰ প্ৰতিপালকে ন্যায় বিচাৰৰ নিৰ্দেশ দিছে’। আৰু তোমালোকে প্ৰত্যেক ছাজদাৰ সময়ত বা ইবাদতত তোমালোকৰ লক্ষ্য কেৱল আল্লাহকেই নিৰ্ধাৰণ কৰা আৰু তেওঁৰেই আনুগত্যত বিশুদ্ধচিত্ত হৈ একনিষ্ঠভাৱে তেওঁকেই আহ্বান কৰা। তেওঁ তোমালোকক যেনেকৈ প্ৰথমবাৰ সৃষ্টি কৰিছে তোমালোকে সেইদৰেই উভতি আহিবা।
Verse 30 — Surah Al-Araf 7:30
এটা দলক তেওঁ হিদায়ত দিছে, আৰু আন এটা দলৰ ওপৰত পথভ্ৰষ্টতা সাব্যস্ত হৈছে। নিশ্চয় সিহঁতে আল্লাহক এৰি চয়তানক সিহঁতৰ অভিভাৱক-ৰূপে গ্ৰহণ কৰিছিল আৰু ধাৰণা কৰিছিল যে সিহঁতেই হিদায়তপ্ৰাপ্ত।
Verse 31 — Surah Al-Araf 7:31
হে আদম সন্তান! প্ৰত্যেক ছালাতৰ সময়ত তোমালোকে সুন্দৰ পোছাক পৰিধান কৰা। খোৱা আৰু পান কৰা কিন্তু অপচয় নকৰিবা। নিশ্চয় তেওঁ অপচয়কাৰীসকলক পছন্দ নকৰে।
Verse 32 — Surah Al-Araf 7:32
কোৱা, ‘আল্লাহে নিজ বান্দাসকলৰ বাবে যিবোৰ শোভা-সৌন্দৰ্যৰ বস্তু আৰু বিশুদ্ধ জীৱিকা সৃষ্টি কৰিছে সেয়া কোনে নিষিদ্ধ কৰিছে’? কোৱা, ‘পাৰ্থিৱ জীৱনত, বিশেষকৈ কিয়ামতৰ দিনা এইবোৰ তেওঁলোকৰ বাবে, যিসকলে ঈমান আনিছে’। এইদৰে আমি জ্ঞানী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বিবৃত কৰো।
Verse 33 — Surah Al-Araf 7:33
কোৱা, ‘নিশ্চয় মোৰ প্ৰতিপালকে প্ৰকাশ্য আৰু গোপন উভয় প্ৰকাৰ অশ্লীলতাক হাৰাম কৰিছে, আৰু (হাৰাম কৰিছে) পাপ আৰু অন্যায়ভাৱে সীমালংঘন আৰু কোনো বস্তুক আল্লাহৰ অংশীদাৰ স্থাপন কৰাক—যাৰ কোনো দলীল প্ৰমাণ আল্লাহে অৱতীৰ্ণ কৰা নাই; আৰু আল্লাহ সম্পৰ্কে এনে কোনো কথা কোৱাটোও (হাৰাম) যিটো তোমালোকে নাজানা’।
Verse 34 — Surah Al-Araf 7:34
আৰু প্ৰত্যেক জাতিৰ বাবে এটা নিৰ্দিষ্ট সময় আছে। এতেকে যেতিয়া সিহঁতৰ নিৰ্দিষ্ট সময় আহিব তেতিয়া সিহঁতে এক পল পলম কৰিব নোৱাৰিব আৰু এটা মুহূৰ্তও আগুৱাই আনিব নোৱাৰিব।
Verse 35 — Surah Al-Araf 7:35
হে আদম সন্তান! যদি তোমালোকৰ ওচৰত তোমালোকৰ মাজৰ পৰাই ৰাছুলসকল আহে, যিসকলে আমাৰ আয়াতসমূহ তোমালোকৰ ওচৰত বিবৃত কৰিব, তেতিয়া যিসকলে তাক্বৱা অৱলম্বন কৰিব আৰু নিজকে সংশোধন কৰিব, তেওঁলোকৰ কোনো ভয় নাথাকিব আৰু তেওঁলোক চিন্তিতও নহ’ব।
Verse 36 — Surah Al-Araf 7:36
আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে আৰু সেই বিষয়ে অহংকাৰ কৰিছে, সিহঁতেই অগ্নিবাসী, তাত সিহঁত চিৰকাল থাকিব।
Verse 37 — Surah Al-Araf 7:37
এতেকে যি ব্যক্তি আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে অথবা তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰে সেইজনতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? সিহঁতৰ ভাগ্যত লিখিত অংশ সিহঁতে পাবই। অৱশেষত যেতিয়া আমাৰ ফিৰিস্তাসকল সিহঁতৰ জান কবজ কৰাৰ বাবে সিহঁতৰ ওচৰলৈ আহিব, তেতিয়া তেওঁলোকে সুধিব, ‘আল্লাহৰ বাহিৰে যিসকলক তোমালোকে আহ্বান কৰিছিলা সিহঁত এতিয়া ক’ত’? সিহঁতে ক’ব, ‘সিহঁত আমাৰ পৰা হেৰাই গৈছে’, আৰু সিহঁতে নিজেই নিজৰ বিপক্ষে সাক্ষী দিব যে, নিশ্চয় সিহঁত কাফিৰ আছিল।
Verse 38 — Surah Al-Araf 7:38
আল্লাহে ক’ব, ‘তোমালোকৰ আগত যিবোৰ জ্বিন আৰু মানৱদল পাৰ হৈছে সিহঁতৰ লগত তোমালোকেও জুইত প্ৰৱেশ কৰা’। যেতিয়াই কোনো দল তাত প্ৰৱেশ কৰিব তেতিয়াই আন দলক সিহঁতে অভিসম্পাত কৰিব। অৱশেষত যেতিয়া সিহঁত সকলোৱে তাত একত্ৰিত হ’ব, তেতিয়া সিহঁতৰ পৰবৰ্তীসকলে পূৰ্বৱৰ্তীসকলৰ বিষয়ে ক’ব, ‘হে আমাৰ ৰব! ইহঁতেই আমাক বিভ্ৰান্ত কৰিছিল; সেয়ে ইহঁতক দ্বিগুণ জুইৰ শাস্তি দিয়া’। আল্লাহে ক’ব, ‘প্ৰত্যেকৰে বাবে আছে দ্বিগুণ শাস্তি কিন্তু তোমালোকে নাজানা’।
Verse 39 — Surah Al-Araf 7:39
আৰু সিহঁতৰ পূৰ্বৱৰ্তীসকলে পৰবৰ্তীসকলক ক’ব, আমাৰ ওপৰত তোমালোকৰ কোনো শ্ৰেষ্ঠত্ব নাই, গতিকে তোমালোকে যি অৰ্জন কৰিছিলা তাৰ বাবে এতিয়া শাস্তি ভোগ কৰা’।
Verse 40 — Surah Al-Araf 7:40
নিশ্চয় যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে আৰু সেই বিষয়ে অহংকাৰ কৰিছে, সিহঁতৰ বাবে আকাশৰ দুৱাৰ খোলা নহ’ব আৰু সিহঁতে জান্নাততো প্ৰৱেশ কৰিব নোৱাৰিব যেতিয়া লৈকে উট বেজীৰ জলাৰে নোসোমাব। এইদৰেই আমি অপৰাধীসকলক প্ৰতিফল দিওঁ।
Verse 41 — Surah Al-Araf 7:41
সিহঁতৰ শয্যা হ’ব জাহান্নাম আৰু সিহঁতৰ ওপৰতো থাকিব জুইৰ আৱৰণ; আৰু এইদৰেই আমি যালিমসকলক প্ৰতিদান দিওঁ।
Verse 42 — Surah Al-Araf 7:42
আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, আমি কাৰো ওপৰত তাৰ ক্ষমতাৰ অতিৰিক্ত বোজা অৰ্পন নকৰো- তেওঁলোকেই জান্নাতবাসী, তাত তেওঁলোক স্থায়ী হ’ব।
Verse 43 — Surah Al-Araf 7:43
আৰু আমি সিহঁতৰ অন্তৰৰ পৰা ঈৰ্ষা দূৰ কৰিম, সিহঁতৰ তলত নদীসমূহ প্ৰবাহিত হ’ব। সিহঁতে ক’ব, ‘যাৱতীয় প্ৰশংসা আল্লাহৰ বাবে যিজনে আমাক এই পথৰ হিদায়ত কৰিছে। আল্লাহে আমাক হিদায়ত নকৰিলে, আমি কেতিয়াও হিদায়ত নাপালোহেঁতেন। নিশ্চয় আমাৰ প্ৰতিপালকৰ ৰাছুলসকলে সত্য লৈ আহিছিল’। আৰু সিহঁতক সম্বোধন কৰি কোৱা হ’ব, ‘তোমালোকে যি কৰিছিলা তাৰ বাবেই তোমালোকক এই জান্নাতৰ উত্তৰাধিকাৰী কৰা হৈছে’।
Verse 44 — Surah Al-Araf 7:44
আৰু জান্নাতীসকলে জাহান্নামীসকলক সম্বোধন কৰি ক’ব, ‘আমাৰ প্ৰতিপালকে আমাৰ লগত যি প্ৰতিশ্ৰুতি কৰিছিল সেয়া আমি সঁচাকৈয়ে পাইছো। কিন্তু তোমালোকৰ প্ৰতিপালকে তোমালোকক যি প্ৰতিশ্ৰুতি দিছিল সেয়া তোমালোকে সঁচাকৈয়ে পাইছানে? সিহঁতে ক’ব, ‘হয়’। তাৰ পিছত এজন ঘোষণাকাৰীয়ে সিহঁতৰ মাজত ঘোষণা কৰি ক’ব, ‘যালিমসকলৰ ওপৰত আল্লাহৰ লানত
Verse 45 — Surah Al-Araf 7:45
‘যিসকলে আল্লাহৰ পথত প্ৰতিবন্ধকতা সৃষ্টি কৰিছিল আৰু সেই পথত বক্ৰতা অনুসন্ধান কৰি ফুৰিছিল; আৰু সিহঁত আছিল আখিৰাতক অস্বীকাৰকাৰী’।
Verse 46 — Surah Al-Araf 7:46
আৰু সিহঁত উভয়ৰ মাজত থাকিব পৰ্দা, আৰু আ’ৰাফৰ মাজত থাকিব কিছুমান লোক, যিসকলে প্ৰত্যেককে তাৰ চিহ্নৰ দ্বাৰা চিনি পাব। সিহঁতে জান্নাতবাসীসকলক সম্বোধন কৰি ক’ব, ‘ছালাম বৰ্ষিত হওঁক তোমালোকৰ ওপৰত’। সিহঁত তেতিয়ালৈকে জান্নাতত প্ৰৱেশ কৰা নাই কিন্তু আকাংক্ষা কৰে।
Verse 47 — Surah Al-Araf 7:47
আৰু যেতিয়া সিহঁতৰ দৃষ্টি জাহান্নামীসকলৰ ফালে ঘূৰাই দিয়া হ’ব, তেতিয়া সিহঁতে ক’ব, ‘হে আমাৰ ৰব! আমাক কেতিয়াও যালিম সম্প্ৰদায়ৰ সঙ্গী নকৰিবা’।
Verse 48 — Surah Al-Araf 7:48
আৰু আ’ৰাফবাসীসকলে এনেকুৱা লোকসকলক মাতিব, যিসকলক সিহঁতে সিহঁতৰ চিহ্নৰ দ্বাৰা চিনি পাব। সিহঁতে ক’ব, ‘তোমালোকৰ দল আৰু তোমালোকৰ অহংকাৰ কোনো কামত নাহিল’।
Verse 49 — Surah Al-Araf 7:49
চোৱাচোন! এওঁলোকেই সেইসকল লোকনে? যিসকলৰ বিষয়ে তোমালোকে শপত খাই কৈছিলা যে, ‘আল্লাহে সিহঁতক ৰহমত নকৰিব’; (এওঁলোককেই কোৱা হ’ব) ‘তোমালোকে জান্নাতত প্ৰৱেশ কৰা, তোমালোকৰ কোনো ভয় নাই আৰু তোমালোকে চিন্তিতও নহ’বা’।
Verse 50 — Surah Al-Araf 7:50
জাহান্নামীসকলে জান্নাতীসকলক সম্বোধন কৰি ক’ব, ‘আমাৰ ওপৰত অকণমান পানী ঢালি দিয়া নাইবা আল্লাহে তোমালোকক যি জীৱিকা দান কৰিছে তাৰ পৰা অলপ দিয়া’। সিহঁতে ক’ব, ‘নিশ্চয় আল্লাহে এই দুটা কাফিৰসকলৰ বাবে হাৰাম কৰিছে’।
Verse 51 — Surah Al-Araf 7:51
যিসকলে সিহঁতৰ দ্বীনক খেল-ধেমালিৰূপে গ্ৰহণ কৰিছিল, আৰু পাৰ্থিৱ জীৱনে যিসকলক প্ৰতাৰিত কৰিছিল। এতেকে আজি আমি সিহঁতক (জাহান্নামত) এৰি দিম, যেনেকৈ সিহঁতে সিহঁতৰ এই দিনৰ সাক্ষাতৰ বাবে আমল কৰা এৰি দিছিল, আৰু (যেনেকৈ) সিহঁতে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল।
Verse 52 — Surah Al-Araf 7:52
আৰু নিশ্চয় আমি সিহঁতৰ ওচৰত লৈ আহিছো এনে এখন কিতাপ, যিটো আমি জ্ঞানৰ ভিত্তিত বিশদভাৱে ব্যাখ্যা কৰিছো, আৰু যিটো মুমিন সম্প্ৰদায়ৰ বাবে হিদায়ত আৰু ৰহমতস্বৰূপ।
Verse 53 — Surah Al-Araf 7:53
সিহঁতে কেৱল সেই পৰিণামৰ অপেক্ষা কৰে নেকি? যিদিনা সেই পৰিণাম প্ৰকাশ পাব, সেইদিনা যিসকলে আগতে ইয়াৰ কথা পাহৰি গৈছিল, সিহঁতে ক’ব, ‘আমাৰ প্ৰতিপালকৰ ৰাছুলসকলে সত্য বাণী লৈ আহিছিল, আমাৰ বাবে এনে কোনো ছুপাৰিছকাৰী আছে নেকি যিয়ে আমাৰ বাবে ছুপাৰিছ কৰিব অথবা আমাক আকৌ উভতি যোৱাৰ অৱকাশ দিয়া হ’ব—যাতে আমি আগতে যি কৰিছো তাতকৈ বেলেগ কিবা কৰিব পাৰো’? নিশ্চয় সিহঁতে নিজেই নিজৰ ক্ষতি সাধন কৰিছে আৰু সিহঁতে যি মিছা ৰচনা কৰিছিল, সেয়া সিহঁতৰ পৰা বিলুপ্ত হৈ গৈছে।
Verse 54 — Surah Al-Araf 7:54
নিশ্চয় তোমালোকৰ ৰব আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱী ছয় দিনত সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে। তেৱেঁই দিনক ৰাতিৰে আচ্ছন্ন কৰে। প্ৰত্যেকটোৱে এটাই আনটোক দ্ৰুতগতিত অনুসৰণ কৰে। সূৰ্য, চন্দ্ৰ আৰু নক্ষত্ৰসমূহ, যিবোৰ তেওঁৰ আদেশৰেই অনুগত। জানি থোৱা, সৃজন আৰু আদেশ কেৱল তেওঁৰেই। সৃষ্টিজগতৰ ৰব আল্লাহ কিমান বৰকতময়
Verse 55 — Surah Al-Araf 7:55
তোমালোকে বিনিতভাৱে আৰু গোপনে নিজ প্ৰতিপালকক আহ্বান কৰা; নিশ্চয় তেওঁ সীমালংঘনকাৰী সকলক পছন্দ নকৰে।
Verse 56 — Surah Al-Araf 7:56
আৰু পৃথিৱীত শান্তি স্থাপনৰ পিছত তোমালোকে তাত বিপৰ্যয় সৃষ্টি নকৰিবা; আৰু আল্লাহক ভয় আৰু আশাৰ সৈতে প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহৰ অনুগ্ৰহ সৎকৰ্মশীলসকলৰ অতি নিকটৱৰ্তী।
Verse 57 — Surah Al-Araf 7:57
আৰু তেৱেঁই সেই সত্বা, যিজনে তেওঁৰ ৰহমতৰ (বৰষুণৰ) আগত সুসংবাদৰূপে বতাহ প্ৰবাহিত কৰে, অৱশেষত যেতিয়া সেই বতাহে গধুৰ মেঘ বহন কৰে, তেতিয়া আমি সেইটোক মৃত জনপদৰ ফালে চালিত কৰো, তাৰ পিছত আমি তাৰ পৰা পানী বৰ্ষাওঁ আৰু তাৰ দ্বাৰা আমি বিভিন্ন ধৰণৰ ফলমূল উৎপাদন কৰো। এইদৰেই আমি মৃতসকলক জীৱিত কৰিম, যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।
Verse 58 — Surah Al-Araf 7:58
আৰু উৎকৃষ্ট ভূমি- ইয়াৰ ফচল তাৰ প্ৰতিপালকৰ আদেশত উৎপন্ন হয়। আৰু যিটো নিকৃষ্ট, তাত কঠোৰ পৰিশ্ৰম নকৰালৈকে একোৱে নজন্মে। এইদৰে আমি কৃতজ্ঞ সম্প্ৰদায়ৰ বাবে নিদৰ্শনসমূহ বিভিন্নভাৱে বিৱৰণ কৰো।
Verse 59 — Surah Al-Araf 7:59
নিশ্চয় আমি নূহক প্ৰেৰণ কৰিছিলো তেওঁৰ সম্প্ৰদায়ৰ ওচৰত। তাৰ পিছত তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! একমাত্ৰ আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। নিশ্চয় মই তোমালোকৰ ওপৰত মহাদিৱসৰ শাস্তিৰ আশংকা কৰি আছো’।
Verse 60 — Surah Al-Araf 7:60
তেওঁৰ সম্প্ৰদায়ৰ প্ৰধানসকলে কৈছিল, ‘আমি তোমাক স্পষ্ট ভ্ৰষ্টতাৰ মাজত নিপতিত দেখি আছো’।
Verse 61 — Surah Al-Araf 7:61
তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! মোৰ মাজত কোনো ভ্ৰষ্টতা নাই, বৰং মই কেৱল সৃষ্টিজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা এজন ৰাছুলহে’।
Verse 62 — Surah Al-Araf 7:62
‘মই মোৰ প্ৰতিপালকৰ ৰিছালত (যিটো প্ৰদান কৰি মোক প্ৰেৰণ কৰা হৈছে সেয়া) তোমালোকৰ ওচৰত পৌঁচাই আছো আৰু তোমালোকৰ কল্যাণ কামনা কৰো। আৰু তোমালোকে যিবোৰ নাজানা সেয়া মই আল্লাহৰ পৰা জানো’।
Verse 63 — Surah Al-Araf 7:63
তোমালোকে বিস্মিত হৈছা নেকি যে, তোমালোকৰেই এজনৰ মাধ্যমত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত উপদেশ আহিছে, যাতে তেওঁ তোমালোকক সতৰ্ক কৰে আৰু তোমালোকে তাক্বৱা অৱলম্বন কৰা আৰু যাতে তোমালোকে ৰহমতপ্ৰাপ্ত হোৱা
Verse 64 — Surah Al-Araf 7:64
তথাপিও সিহঁতে তেওঁক মিছলীয়া বুলি ক’লে। ফলত তেওঁক আৰু তেওঁৰ সৈতে যিসকলে নাৱঁত আৰোহণ কৰিছিল আমি তেওঁলোকক উদ্ধাৰ কৰিছো আৰু যিসকলে আমাৰ আয়াতসমূহক মিছা প্ৰতিপন্ন কৰিছিল সিহঁতক আমি ডুবাই মাৰিছো। নিশ্চয় সিহঁত আছিল এটা অন্ধ সম্প্ৰদায়।
Verse 65 — Surah Al-Araf 7:65
আৰু ‘আদ জাতিৰ ওচৰত সিহঁতৰ ভাই হূদক প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। (তথাপিও) তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’
Verse 66 — Surah Al-Araf 7:66
তেওঁৰ সম্প্ৰদায়ৰ কাফিৰ নেতৃবৃন্দই ক’লে, ‘আমাৰ দৃষ্টিত তুমি এজন নিৰ্বোধ মানুহ আৰু আমি তোমাক মিছলীয়াসকলৰ অন্তৰ্ভুক্ত গণ্য কৰো’।
Verse 67 — Surah Al-Araf 7:67
তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! মোৰ মাজত কোনো নিৰ্বুদ্ধিতা নাই, বৰং সৃষ্টিজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা মই এজন ৰাছুল’।
Verse 68 — Surah Al-Araf 7:68
‘মই মোৰ প্ৰতিপালকৰ ৰিছালত (যিটো প্ৰদান কৰি মোক প্ৰেৰণ কৰা হৈছে সেয়া) তোমালোকৰ ওচৰত পৌঁচাই আছো আৰু মই তোমালোকৰ এজন বিশ্বস্ত হিতাকাংক্ষী।
Verse 69 — Surah Al-Araf 7:69
‘তোমালোকে বিস্মিত হৈছা নেকি যে, তোমালোকৰ ওচৰত তোমালোকৰেই এজনৰ মাধ্যমত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকক সতৰ্ক কৰাৰ বাবে উপদেশ আহিছে? আৰু স্মৰণ কৰা যে, আল্লাহে তোমালোকক নূহৰ সম্প্ৰদায়ৰ (ধ্বংসৰ) পিছত (তোমালোকৰ আগৰ লোকসকলৰ) স্থলাভিষিক্ত কৰিছে আৰু সৃষ্টিত (দৈহিক গঠনত) তোমালোকক বেছি পৰিমাণে হৃষ্টপুষ্ট- বলিষ্ঠ কৰিছে। গতিকে তোমালোকে আল্লাহৰ অনুগ্ৰহসমূহ স্মৰণ কৰা, যাতে তোমালোকে সফল হ’ব পাৰা’।
Verse 70 — Surah Al-Araf 7:70
সিহঁতে ক’লে, ‘তুমি আমাৰ ওচৰত এই উদ্দেশ্য লৈ আহিছা নেকি যে, আমি যাতে কেৱল এক আল্লাহৰ ইবাদত কৰো আৰু আমাৰ পিতৃপুৰুষসকলে যিবোৰৰ ইবাদত কৰিছিল সেইবোৰ এৰি দিওঁ? গতিকে যদি তুমি সত্যবাদী তেন্তে সেয়া লৈ আহা যিটোৰ পৰা তুমি আমাক ভয় দেখুৱাই আছা’।
Verse 71 — Surah Al-Araf 7:71
তেওঁ ক’লে, ‘তোমালোকৰ প্ৰতিপালকৰ শাস্তি আৰু ক্ৰোধ তোমালোকৰ ওপৰত নিৰ্ধাৰিত হৈয়ে আছে; কিন্তু তোমালোকে মোৰ লগত বিতৰ্কত লিপ্ত হ’ব বিচৰা নেকি এনে কিছুমান নাম সম্বন্ধে যিবোৰ নাম তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে ৰাখিছা, যি বিষয়ে আল্লাহে কোনো দলীল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই? গতিকে তোমালোকে অপেক্ষা কৰা, ময়ো তোমালোকৰ লগত অপেক্ষা কৰি আছো।
Verse 72 — Surah Al-Araf 7:72
তাৰ পিছত আমি তেওঁক আৰু তেওঁৰ সঙ্গীসকলক আমাৰ অনুগ্ৰহত উদ্ধাৰ কৰিছিলো; আৰু আমাৰ আয়াতসমূহক যিসকলে অস্বীকাৰ কৰিছিল আৰু যিসকলে মুমিন নাছিল সিহঁতক নিৰ্মূল কৰিছিলো।
Verse 73 — Surah Al-Araf 7:73
আৰু ছামূদ জাতিৰ ওচৰত সিহঁতৰ ভাতৃ ছলেহক প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। নিশ্চয় তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট নিদৰ্শন আহিছে। এইজনী আল্লাহৰ উট, তোমালোকৰ বাবে নিদৰ্শনস্বৰূপ। এতেকে তোমালোকে ইয়াক আল্লাহৰ পৃথিৱীত চৰি ফুৰি খাবলৈ দিয়া আৰু তাইক কোনো ধৰণৰ কষ্ট নিদিবা, অন্যথা যন্ত্ৰণাদায়ক শাস্তিয়ে তোমালোকক আৱৰী ধৰিব’।
Verse 74 — Surah Al-Araf 7:74
‘আৰু স্মৰণ কৰা, আদ জাতিৰ (ধ্বংসৰ) পিছত তেওঁ তোমালোকক (তোমালোকৰ আগৰ লোকসকলৰ) স্থলাভিষিক্ত কৰিছে, আৰু তেওঁ তোমালোকক পৃথিৱীত এনেকৈ প্ৰতিষ্ঠিত কৰিছে যে, তোমালোকে সমতল ভূমিত প্ৰসাদ নিৰ্মাণ কৰিব পাৰা আৰু পাহাৰ কাটি বাসগৃহ তৈয়াৰ কৰিব পাৰা। গতিকে তোমালোকে আল্লাহৰ অনুগ্ৰহ স্মৰণ কৰা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা’।
Verse 75 — Surah Al-Araf 7:75
তেওঁৰ সম্প্ৰদায়ৰ অহংকাৰী নেতাসকলে সেই সম্প্ৰদায়ৰ যিসকলে ঈমান আনিছিল- যিসকলক দুৰ্বল বুলি ভৱা হৈছিল তেওঁলোকক ক’লে, ‘তোমালোকে জানানে যে, ছলেহ তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত? তেওঁলোকে (উত্তৰত) ক’লে, ‘নিশ্চয় তেওঁ যি লৈ প্ৰেৰিত হৈছে, আমি তাৰ ওপৰত বিশ্বাসী’।
Verse 76 — Surah Al-Araf 7:76
অহংকাৰীসকলে ক’লে, ‘নিশ্চয় তোমালোকে যাৰ কথাত বিশ্বাস কৰিছা আমি তাক অবিশ্বাস কৰো’।
Verse 77 — Surah Al-Araf 7:77
তাৰ পিছত সিহঁতে সেই উটজনীক হত্যা কৰিলে আৰু আল্লাহৰ আদেশ অমান্য কৰিলে আৰু ক’লে, ‘হে ছলেহ! যদি তুমি (সঁচাই) ৰাছুলসকলৰ অন্তৰ্ভুক্ত তেন্তে তুমি আমাক যিটোৰ ভয় দেখুৱাইছা সেয়া লৈ আহা’।
Verse 78 — Surah Al-Araf 7:78
তাৰ পিছত ভূমিকম্পই সিহঁতক আক্ৰান্ত কৰিলে, ফলত সিহঁতে নিজ নিজ ঘৰতে উবুৰি খাই পৰি (মৰি) থাকিল।
Verse 79 — Surah Al-Araf 7:79
ইয়াৰ পিছত তেওঁ সিহঁতৰ পৰা মুখ ঘূৰাই লৈ ক’লে, ‘হে মোৰ সম্প্ৰদায়! মই মোৰ প্ৰতিপালকৰ ৰিছালত (যিটো প্ৰদান কৰি মোক প্ৰেৰণ কৰা হৈছে সেয়া) তোমালোকৰ ওচৰত পৌঁচাই দিছিলো আৰু তোমালোকৰ কল্যাণ কামনা কৰিছিলো, কিন্তু তোমালোকেহে কল্যানকামীসকলক পছন্দ নকৰা’।
Verse 80 — Surah Al-Araf 7:80
আৰু (আমিয়েই) লূতক প্ৰেৰণ কৰিছিলো। তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে এনেকুৱা জঘন্য অশ্লীল কাম কৰি আছানে? যিটো তোমালোকৰ পূৰ্বে সৃষ্টিজগতৰ কোনেও কৰা নাই’।
Verse 81 — Surah Al-Araf 7:81
‘নিশ্চয় তোমালোকে যৌন কামনা-তৃপ্তিৰ বাবে নাৰীসকলৰ পৰিবৰ্তে পুৰুষসকলৰ ওচৰত যোৱা, বৰং তোমালোক সীমালংঘনকাৰী সম্প্ৰদায়’।
Verse 82 — Surah Al-Araf 7:82
উত্তৰত তেওঁৰ সম্প্ৰদায়ে কেৱল এই বুলি ক’লে, ‘এওঁলোকক তোমালোকৰ জনপদৰ পৰা উলিয়াই দিয়া, নিশ্চয় ইহঁত এনেকুৱা লোক যিসকলে অতি পৱিত্ৰ হ’ব বিচাৰে’।
Verse 83 — Surah Al-Araf 7:83
তাৰ পিছত আমি তেওঁক আৰু তেওঁৰ পৰিয়ালক উদ্ধাৰ কৰিছিলো কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে, তাই আছিল পিছত অৱস্থানকাৰী সকলৰ অন্তৰ্ভুক্ত।
Verse 84 — Surah Al-Araf 7:84
আৰু আমি সিহঁতৰ ওপৰত প্ৰবল ধাৰাষাৰ বৰষুণ বৰ্ষাইছিলো। এতেকে চোৱা, অপৰাধীসকলৰ পৰিণাম কেনেকুৱা আছিল।
Verse 85 — Surah Al-Araf 7:85
আৰু মাদইয়ানবাসী সকলৰ ওচৰত সিহঁতৰ ভাতৃ ছুৱাইবক (প্ৰেৰণ কৰিছিলো)। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত স্পষ্ট প্ৰমাণ আহি পাইছে। গতিকে তোমালোকে জোখ-মাপত ওজন পৰিপূৰ্ণ প্ৰদান কৰিবা, মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা, আৰু পৃথিৱীত শান্তি স্থাপনৰ পিছত বিপৰ্যয় সৃষ্টি নকৰিবা, এইটোৱেই তোমালোকৰ বাবে কল্যাণকৰ যদি তোমালোকে মুমিন হোৱা’।
Verse 86 — Surah Al-Araf 7:86
‘আৰু তেওঁৰ প্ৰতি যিসকলে ঈমান আনিছে সিহঁতক ভয় দেখুৱাৰ বাবে, আল্লাহৰ পথৰ পৰা বাধা প্ৰদান কৰিবলৈ আৰু তাত বক্ৰতা অনুসন্ধান কৰিবলৈ তোমালোকে প্ৰতিটো পথত বহি নাথাকিবা। আৰু স্মৰণ কৰা, তোমালোকে যেতিয়া সংখ্যাত কম আছিলা, আল্লাহে তেতিয়া তোমালোকৰ সংখ্যা বৃদ্ধি কৰিছে আৰু লক্ষ্য কৰা বিপৰ্যয় সৃষ্টিকাৰী সকলৰ পৰিণাম কেনেকুৱা আছিল’।
Verse 87 — Surah Al-Araf 7:87
মই যি লৈ প্ৰেৰিত হৈছো তাত যদি তোমালোকৰ কোনো দলে ঈমান আনে আৰু কোনো দলে ঈমান পোষণ নকৰে, তেন্তে আল্লাহে আমাৰ মাজত ফয়চালা নকৰালৈকে ধৈৰ্য ধৰা, আৰু তেৱেঁই শ্ৰেষ্ঠ ফয়চালাকাৰী।
Verse 88 — Surah Al-Araf 7:88
তেওঁৰ সম্প্ৰদায়ৰ অহংকাৰী নেতাসকলে ক’লে, ‘হে ছুৱাইব! নিশ্চয় আমি তোমাক আৰু তোমাৰ লগত যিসকলে ঈমান আনিছে সিহঁতক আমাৰ জনপদৰ পৰা উলিয়াই দিম নাইবা তোমালোকে আমাৰ ধৰ্মাদৰ্শত উভতি আহিব লাগিব’। তেওঁ ক’লে, ‘যদিও আমি সেইটোক ঘৃণা কৰো তথাপিও (বাধ্য কৰাবানে)’
Verse 89 — Surah Al-Araf 7:89
‘তোমালোকৰ ধৰ্মাদৰ্শৰ পৰা আল্লাহে আমাক উদ্ধাৰ কৰাৰ পিছতো যদি আমি তাত আকৌ উভতি যাওঁ তেন্তে আমি আল্লাহৰ ওপৰত মিছা কথা আৰোপ কৰা হ’ব। আমাৰ ৰব আল্লাহে ইচ্ছা নকৰিলে তাত উভতি যোৱা আমাৰ বাবে সমীচীন নহয়। আমাৰ প্ৰতিপালকে জ্ঞানৰ দ্বাৰা সকলো বস্তুকে পৰিব্যপ্ত কৰি আছে, আমি আল্লাহৰ ওপৰেই নিৰ্ভৰ কৰো। হে আমাৰ ৰব! আমাৰ আৰু আমাৰ সম্প্ৰদায়ৰ মাজত ন্যায়ভাৱে ফয়চালা কৰি দিয়া আৰু তুমিয়েই শ্ৰেষ্ঠ ফয়চালাকাৰী’।
Verse 90 — Surah Al-Araf 7:90
আৰু তেওঁৰ সম্প্ৰদায়ৰ কাফিৰ নেতাসকলে ক’লে, ‘তোমালোকে যদি ছুৱাইবক অনুসৰণ কৰা তেন্তে নিশ্চয় তোমালোকে ক্ষতিগ্ৰস্ত হ’বা’।
Verse 91 — Surah Al-Araf 7:91
তাৰ পিছত ভূমিকম্পই সিহঁতক আক্ৰান্ত কৰিলে। ফলত সিহঁত নিজ নিজ ঘৰতে উবুৰি খাই পৰি (মৰি) থাকিল।
Verse 92 — Surah Al-Araf 7:92
ছুৱাইবক যিসকলে মিছলীয়া বুলি কৈছিল, এনে লাগে যেন সিহঁতে তাত বসবাসেই কৰা নাছিল। ছুৱাইবক যিসকলে মিছলীয়া বুলি কৈছিল সিহঁতেই ক্ষতিগ্ৰস্ত হৈছিল।
Verse 93 — Surah Al-Araf 7:93
তাৰ পিছত তেওঁ সিহঁতৰ পৰা মুখ ঘূৰাই ল’লে আৰু ক’লে, ‘হে মোৰ সম্প্ৰদায়! মোৰ প্ৰতিপালকৰ ৰিছালত (প্ৰাপ্ত বাণী) মই তোমালোকৰ ওচৰত পৌঁচাই দিছো আৰু তোমালোকৰ কল্যাণ কামনা কৰিছো। এতেকে মই কাফিৰ সম্প্ৰদায়ৰ বাবে কেনেকৈ আক্ষেপ কৰিম’
Verse 94 — Surah Al-Araf 7:94
আৰু আমি যি ঠাইতেই নবী প্ৰেৰণ কৰিছো সেই ঠাইৰ অধিবাসীসকলক অৰ্থ-সংকট আৰু দুখ-কষ্টৰ দ্বাৰা আক্ৰান্ত কৰিছো, যাতে সিহঁতে কাকুতি-মিনতি কৰে।
Verse 95 — Surah Al-Araf 7:95
তাৰ পিছত আমি বেয়া অৱস্থাক ভাল অৱস্থাৰে পৰিবৰ্তন কৰো। অৱশেষত সিহঁতে প্ৰাচুৰ্যৰ অধিকাৰী হয় আৰু কয়, ‘আমাৰ পূৰ্বপুৰুষ সকলেও সূখ-দুখ ভোগ কৰিছে’। তাৰ পিছত আমি হঠাৎ সিহঁতক এনেকৈ ধৰি পেলাওঁ যে, সিহঁতে উপলব্ধিও কৰিব নোৱাৰে।
Verse 96 — Surah Al-Araf 7:96
আৰু যদি সেইবোৰ জনপদৰ অধিবাসীসকলে ঈমান আনিলেহেঁতেন আৰু তাক্বৱা অৱলম্বন কৰিলেহেঁতেন তেন্তে নিশ্চয় আমি সিহঁতৰ বাবে আকাশ আৰু পৃথিৱীৰ বৰকতসমূহ উন্মুক্ত কৰি দিলোহেঁতেন, কিন্তু সিহঁতে মিছা প্ৰতিপন্ন কৰিছিল; সেয়ে আমি সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতক আটক কৰিছো।
Verse 97 — Surah Al-Araf 7:97
জনপদৰ অধিবাসী বিলাকে ৰাতিৰ ভাগত সিহঁতৰ ওচৰত আমাৰ শাস্তি নাহিব বুলি নিৰাপদ হৈছে নেকি, যেতিয়া সিহঁত টোপনিত থাকিব
Verse 98 — Surah Al-Araf 7:98
নে জনপদৰ অধিবাসীবিলাকে দিনৰ ভগত আমাৰ শাস্তি নাহিব বুলি নিশ্চিন্ত হৈছে, যেতিয়া সিহঁতে খেল-ধেমালিত মগ্ন থাকিব
Verse 99 — Surah Al-Araf 7:99
সিহঁতে আল্লাহৰ কৌশলৰ পৰাও নিৰাপদ হৈছেনে? প্ৰকৃততে ক্ষতিগ্ৰস্ত সম্প্ৰদায়ৰ বাহিৰে কোনেও আল্লাহৰ কৌশলৰ পৰা (নিজকে) নিৰাপদ বুলি নাভাৱে।
Verse 100 — Surah Al-Araf 7:100
কোনো দেশৰ জনগণৰ পিছত যিসকলে সেই দেশৰ উত্তৰাধিকাৰী হয় সিহঁতৰ ওচৰত এইটো প্ৰতীয়মান হোৱা নাইনে যে, আমি ইচ্ছা কৰিলে সিহঁতৰ পাপকৰ্মৰ ফলত সিহঁতক শাস্তি দিব পাৰো? আৰু আমি সিহঁতৰ হৃদয়ত মোহৰ মাৰি দিম, ফলত সিহঁতে একো শুনা নাপাব।
Verse 101 — Surah Al-Araf 7:101
এইবোৰ জনপদৰ কিছু বিৱৰণ আমি তোমাৰ ওচৰত বৰ্ণনা কৰি আছো, সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণসহ আহিছিল; কিন্তু পূৰ্বে সিহঁতে যিটো মিছা বুলি অগ্ৰাহ্য কৰিছিল সেয়া দুনাই বিশ্বাস কৰিবলৈ সিহঁতে মান্তি নহয়। এইদৰেই আল্লাহে কাফিৰসকলৰ অন্তৰত মোহৰ মাৰি দিয়ে।
Verse 102 — Surah Al-Araf 7:102
আৰু আমি সিহঁতৰ অধিকাংশকেই প্ৰতিশ্ৰুতি ৰক্ষাকাৰী পোৱা নাই, বৰং আমি সিহঁতৰ অধিকাংশকেই ফাছিক্ব পাইছো।
Verse 103 — Surah Al-Araf 7:103
সিহঁতৰ পিছত আমি মুছাক আমাৰ নিদৰ্শনসহ ফিৰআউন আৰু তাৰ পৰিষদবৰ্গৰ ওচৰলৈ প্ৰেৰণ কৰিছিলো; কিন্তু সিহঁতে সেইবোৰৰ লগত অত্যাচাৰ কৰিছে। এতেকে বিপৰ্যয় সৃষ্টিকাৰীসকলৰ কি পৰিণাম হৈছিল সেয়া লক্ষ্য কৰি চোৱা।
Verse 104 — Surah Al-Araf 7:104
মুছাই ক’লে, ‘হে ফিৰআউন! নিশ্চয় মই সৃষ্টিজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত ৰাছুল’।
Verse 105 — Surah Al-Araf 7:105
‘এইটো স্থিৰ নিশ্চিত যে, মই আল্লাহ সম্বন্ধে সত্যৰ বাহিৰে একো নকওঁ। তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট নিদৰ্শন লৈ মই তোমালোকৰ ওচৰত আহিছো, সেয়ে বনী ইছৰাঈলক তুমি মোৰ লগত যাবলৈ দিয়া’।
Verse 106 — Surah Al-Araf 7:106
সি (ফিৰআউনে) ক’লে, ‘যদি তুমি কোনো নিদৰ্শন লৈ আহিছা, তেন্তে সেয়া পেচ কৰা যদি তুমি সত্যবাদী’।
Verse 107 — Surah Al-Araf 7:107
তেতিয়া মুছাই নিজৰ হাতৰ লাখুটিডাল নিক্ষেপ কৰিলে আৰু লগে লগে সেয়া এডাল অজগৰ সাপত পৰিণত হ’ল।
Verse 108 — Surah Al-Araf 7:108
আৰু তেওঁ নিজৰ হাত বাহিৰলৈ উলিয়াই আনিলে আৰু লগে লগে সেয়া দৰ্শকৰ ওচৰত শুভ্ৰ উজ্জ্বল দৃষ্টিপাত হ’ল।
Verse 109 — Surah Al-Araf 7:109
ফিৰআউন সম্প্ৰদায়ৰ নেতাসকলে ক’লে, ‘নিশ্চয় এওঁ এজন সুদক্ষ যাদুকৰ’
Verse 110 — Surah Al-Araf 7:110
‘এওঁ তোমালোকক নিজ দেশৰ পৰা বহিষ্কাৰ কৰিব বিচাৰে, এতিয়া তোমালোকে কি পৰামৰ্শ দিয়া’
Verse 111 — Surah Al-Araf 7:111
সিহঁতে ক’লে, ‘তেওঁক আৰু তেওঁৰ ভাতৃক অলপ অৱকাশ দিয়ক, আৰু চহৰে-নগৰে সংগ্ৰাহকসকলক পঠাই দিয়ক’
Verse 112 — Surah Al-Araf 7:112
‘যাতে সিহঁতে আপোনাৰ ওচৰত প্ৰতিজন সুদক্ষ যাদুকৰক উপস্থিত কৰে’।
Verse 113 — Surah Al-Araf 7:113
যাদুকৰসকলে ফিৰআউনৰ ওচৰত আহি ক’লে, ‘আমি যদি বিজয়ী হওঁ তেন্তে আমাৰ বাবে পুৰষ্কাৰ থাকিব নে নাই’
Verse 114 — Surah Al-Araf 7:114
সি ক’লে, ‘হয়, নিশ্চয় তোমালোক মোৰ ঘনিষ্টসকলৰ অন্তৰ্ভুক্ত হ’বা’।
Verse 115 — Surah Al-Araf 7:115
সিহঁতে ক’লে, ‘হে মুছা! তুমি (আগতে) নিক্ষেপ কৰিবা নে আমি (আগতে) নিক্ষেপ কৰিম’
Verse 116 — Surah Al-Araf 7:116
তেওঁ (মুছাই) ক’লে, ‘তোমালোকেই নিক্ষেপ কৰা’। যেতিয়া সিহঁতে নিক্ষেপ কৰিলে, তেতিয়া সিহঁতে মানুহৰ চকুত যাদু কৰিলে, সিহঁতক আতংকিত কৰিলে আৰু এটা ডাঙৰ যাদু প্ৰদৰ্শন কৰিলে।
Verse 117 — Surah Al-Araf 7:117
আৰু আমি মুছাৰ প্ৰতি অহী কৰিলো যে, ‘তুমি তোমাৰ লাখুটিডাল নিক্ষেপ কৰা’। লগে লগে সেইটোৱে সিহঁতে যি অলীক বস্তু বনাইছিল সেইবোৰক গিলি পেলাবলৈ ধৰিলে
Verse 118 — Surah Al-Araf 7:118
ফলত সত্য প্ৰতিষ্ঠিত হ’ল আৰু সিহঁতে যি কৰিছিল সেয়া বাতিল হৈ গ’ল।
Verse 119 — Surah Al-Araf 7:119
এতেকে সিহঁতে তাত পৰাজিত হ’ল আৰু লাঞ্ছিত হৈ উভতি গ’ল
Verse 120 — Surah Al-Araf 7:120
আৰু যাদুকৰবিলাক ছাজদাৱনত হ’ল।
Verse 121 — Surah Al-Araf 7:121
তেওঁলোকে ক’লে, ‘আমি ঈমান আনিলো সৃষ্টিজগতৰ প্ৰতিপালকৰ প্ৰতি’।
Verse 122 — Surah Al-Araf 7:122
‘মুছা আৰু হাৰুনৰ ৰবৰ প্ৰতি’।
Verse 123 — Surah Al-Araf 7:123
ফিৰআউনে ক’লে, ‘কি! মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে ইয়াৰ ওপৰত ঈমান আনিলা? নিশ্চয় এইটো এটা চক্ৰান্ত; তোমালোকে এই চক্ৰান্ত কৰিছা নগৰবাসীসকলক ইয়াৰ পৰা উলিয়াই দিয়াৰ বাবে। এতেকে তোমালোকে অতিশীঘ্ৰে ইয়াৰ পৰিণাম জানিব পাৰিবা’।
Verse 124 — Surah Al-Araf 7:124
‘নিশ্চয় মই তোমালোকৰ হাত-ভৰি বিপৰীত ফালৰ পৰা কাটি টুকুৰা-টুকুৰ কৰি দিম; তাৰ পিছত অৱশ্যে মই তোমালোক আটাইকে শূলত দিম’।
Verse 125 — Surah Al-Araf 7:125
তেওঁলোকে ক’লে, ‘নিশ্চয় আমি আমাৰ ৰবৰ ওচৰলৈকেহে উভতি যাম
Verse 126 — Surah Al-Araf 7:126
‘আৰু তুমি আমাক শাস্তি দিব ওলাইছা কেৱল এই বাবে যে, আমি আমাৰ প্ৰতিপালকৰ নিদৰ্শনৰ ওপৰত ঈমান আনিছো যেতিয়া সেয়া আমাৰ ওচৰত আহিছে। হে আমাৰ ৰব! আমাক পৰিপূৰ্ণ ধৈৰ্য দান কৰা আৰু মুছলিমৰূপে আমাক মৃত্যু দান কৰা’।
Verse 127 — Surah Al-Araf 7:127
আৰু ফিৰআউন সম্প্ৰদায়ৰ নেতাসকলে ক’লে, ‘আপুনি মুছাক আৰু তেওঁৰ সম্প্ৰদায়ক পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিবলৈ আৰু আপোনাক লগতে আপোনাৰ উপাস্যসমূহক বৰ্জন কৰিবলৈ এৰি দিব নেকি? সি ক’লে, ‘শীঘ্ৰেই আমি সিহঁতৰ পুত্ৰসকলক হত্যা কৰিম আৰু সিহঁতৰ নাৰীসকলক জীৱিত ৰাখিম। নিশ্চয় আমি সিহঁতৰ ওপৰত শক্তিধৰ’।
Verse 128 — Surah Al-Araf 7:128
মুছাই তেওঁৰ সম্প্ৰদায়ক ক’লে, ‘আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰা আৰু ধৈৰ্য ধৰা; নিশ্চয় পৃথিৱী আল্লাহৰেই। তেৱেঁই নিজ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা ইয়াৰ উত্তৰাধিকাৰী বনায়। আৰু শুভ পৰিণাম কেৱল মুত্তাক্বীসকলৰ বাবেই’।
Verse 129 — Surah Al-Araf 7:129
সিহঁতে ক’লে, ‘তুমি আমাৰ ওচৰত অহাৰ আগতেও আমি নিৰ্যাতিত হৈছো আৰু তুমি অহাৰ পিছতো’। তেওঁ ক’লে, ‘অতি সোনকালে তোমালোকৰ প্ৰতিপালকে তোমালোকৰ শত্ৰুক ধ্বংস কৰিব আৰু তেওঁ তোমালোকক পৃথিৱীত স্থলাভিষিক্ত কৰিব, তাৰ পিছত তোমালোকে কি কৰা সেয়া তেওঁ লক্ষ্য কৰিব’।
Verse 130 — Surah Al-Araf 7:130
আৰু নিশ্চয় আমি ফিৰআউনৰ অনুসাৰীসকলক দুৰ্ভিক্ষ আৰু ফচলৰ ক্ষতিৰ দ্বাৰা আক্ৰান্ত কৰিছো, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।
Verse 131 — Surah Al-Araf 7:131
এতেকে যেতিয়া সিহঁতৰ ওচৰত কোনো কল্যাণ আহিছিল, তেতিয়া সিহঁতে কৈছিল, ‘এইটো আমাৰ প্ৰাপ্য’। আৰু যেতিয়া কোনো অকল্যাণে স্পৰ্শ কৰিছিল তেতিয়া সিহঁতে মুছা আৰু তেওঁৰ সঙ্গীসকলক অমঙ্গল বুলি গণ্য কৰিছিল। সাৱধান! সিহঁতৰ অকল্যাণ কেৱল আল্লাহৰ নিয়ন্ত্ৰণত, কিন্তু সিহঁতৰ বহুতেই সেয়া নাজানে।
Verse 132 — Surah Al-Araf 7:132
আৰু সিহঁতে কৈছিল, ‘আমাক যাদু কৰাৰ বাবে তুমি যিকোনো নিদৰ্শন আমাৰ ওচৰত লৈ নাহা কিয়, আমি তোমাৰ ওপৰত কেতিয়াও বিশ্বাস স্থাপন নকৰিম’।
Verse 133 — Surah Al-Araf 7:133
তাৰ পিছত আমি সিহঁতৰ ওপৰত বিস্তাৰিত নিদৰ্শন হিচাপে ধুমুহা, পঙ্গপাল, ওকণি, ভেকুলী আৰু তেজ প্ৰেৰণ কৰিছো। ইয়াৰ পিছতো সিহঁতে অহংকাৰ কৰিলে; আৰু সিহঁত আছিল এটা অপৰাধী সম্প্ৰদায়।
Verse 134 — Surah Al-Araf 7:134
আৰু যেতিয়াই সিহঁতৰ ওপৰত শাস্তি আহিছিল তেতিয়াই সিহঁতে কৈছিল, ‘হে মুছা! তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে প্ৰাৰ্থনা কৰা তোমাৰ লগত তেওঁ যি অঙ্গীকাৰ কৰিছে সেই অনুযায়ী; যদি তুমি আমাৰ পৰা শাস্তি দূৰ কৰি দিব পাৰা তেন্তে আমি নিশ্চয় তোমাৰ ওপৰত ঈমান আনিম আৰু অৱশ্যে বনী ইছৰাঈলক তোমাৰ লগত যাবলৈ দিম’।
Verse 135 — Surah Al-Araf 7:135
ফলত যেতিয়াই আমি সিহঁতৰ পৰা শাস্তি দূৰ কৰি দিছিলো এটা নিৰ্দিষ্ট সময়ৰ বাবে যিটো সিহঁতৰ বাবে নিৰ্ধাৰিত আছিল, তেতিয়াই সিহঁতে সিহঁতৰ অঙ্গীকাৰ ভঙ্গ কৰিছিল।
Verse 136 — Surah Al-Araf 7:136
সেয়ে আমি সিহঁতৰ পৰা প্ৰতিশোধ লৈছো আৰু সিহঁতক অটল সাগৰত ডুবাই দিছো। কাৰণ সিহঁতে আমাৰ নিদৰ্শনক অস্বীকাৰ কৰিছিল আৰু এই সম্বন্ধে সিহঁত আছিল অমনোযোগী।
Verse 137 — Surah Al-Araf 7:137
আৰু যি সম্প্ৰদায়ক দুৰ্বল বুলি ভৱা হৈছিল সিহঁতক আমি আমাৰ কল্যাণপ্ৰাপ্ত ৰাজ্যৰ পূৱ আৰু পশ্চিমৰ উত্তৰাধিকাৰী কৰিলো; আৰু বনী ইছৰাঈল সম্পৰ্কে তোমাৰ প্ৰতিপালকৰ শুভ বাণী সত্যত পৰিণত হ’ল, যিহেতু সিহঁতে ধৈৰ্য ধৰিছিল; লগতে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ শিল্প আৰু যিবোৰ প্ৰসাদ সিহঁতে নিৰ্মাণ কৰিছিল সেয়া ধ্বংস কৰিছো।
Verse 138 — Surah Al-Araf 7:138
আৰু বনী ইছৰাঈলক আমিয়েই সাগৰ পাৰ কৰাই দিছো, তাৰ পিছত সিহঁতে মূৰ্তিপূজাত আসক্ত এটা জাতিৰ ওচৰত উপস্থিত হয়। সিহঁতে ক’লে, ‘হে মুছা! এওঁলোকৰ উপাস্যৰ দৰে আমাৰ বাবেও এজন উপাস্য স্থিৰ কৰি দিয়া’। তেওঁ ক’লে, ‘তোমালোক এটা মূৰ্খ সম্প্ৰদায়’।
Verse 139 — Surah Al-Araf 7:139
‘নিশ্চয় এইসকল লোক য’ত লিপ্ত হৈ আছে সেয়া ধ্বংসশীল আৰু সিহঁতে যি কৰি আছে সেয়াও অমূলক’।
Verse 140 — Surah Al-Araf 7:140
তেওঁ আৰু ক’লে, ‘মই আল্লাহৰ বাহিৰে তোমালোকৰ বাবে আন কোনো ইলাহ সন্ধান কৰিম নেকি অথচ তেৱেঁই তোমালোকক সৃষ্টিজগতৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে’
Verse 141 — Surah Al-Araf 7:141
আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকক ফিৰআউনৰ অনুসাৰীসকলৰ হাতৰ পৰা উদ্ধাৰ কৰিছো, যিহঁতে তোমালোকক নিকৃষ্ট শাস্তি প্ৰদান কৰিছিল। সিহঁতে তোমালোকৰ পুত্ৰ সন্তানসকলক হত্যা কৰিছিল আৰু নাৰীসকলক জীৱিত ৰাখিছিল; ইয়াত আছিল তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা মহা পৰীক্ষা।
Verse 142 — Surah Al-Araf 7:142
আৰু মুছাৰ বাবে আমি ত্ৰিশ ৰাতিৰ প্ৰতিশ্ৰুতি কৰিছিলো আৰু দহ যোগ কৰি সেয়া পূৰ্ণ কৰিছিলো। এইদৰে তেওঁৰ প্ৰতিপালকৰ নিৰ্ধাৰিত সময় চল্লিশ ৰাতিত পূৰ্ণ হৈছিল। মুছাই তেওঁৰ ভাতৃ হাৰুনক ক’লে, ‘মোৰ অনুপস্থিতিত মোৰ সম্প্ৰদায়ৰ মাজত তুমি মোৰ প্ৰতিনিধিত্ব কৰিবা, সংশোধন কৰিবা আৰু বিপৰ্যয় সৃষ্টিকাৰীসকলৰ পথ অনুসৰণ নকৰিবা’।
Verse 143 — Surah Al-Araf 7:143
আৰু মুছাই যেতিয়া আমাৰ নিৰ্ধাৰিত সময়ত উপস্থিত হ’ল আৰু তেওঁৰ প্ৰতিপালকে তেওঁৰ লগত কথা পাতিলে, তেতিয়া তেওঁ ক’লে, ‘হে মোৰ ৰব! তুমি মোক দৰ্শন দিয়া, মই তোমাক দেখিম’। তেওঁ ক’লে, ‘তুমি মোক দেখিব নোৱাৰিবা। তুমি বৰং পাহাৰৰ ফালেই চোৱাচোন, সেইটো যদি নিজৰ ঠাইতে স্থিৰ থাকে তেনেহ’লে তুমি মোক দেখিব পাৰিবা’। যেতিয়া তেওঁৰ প্ৰতিপালকে পাহাৰত জ্যোতি প্ৰকাশ কৰিলে তেতিয়া ই পাহাৰক চূৰ্ণ-বিচূৰ্ণ কৰিলে আৰু মুছা সংজ্ঞাহীন হৈ পৰিলে। যেতিয়া তেওঁ জ্ঞান উভতি পালে তেতিয়া ক’লে, ‘মহিমাময় তুমি, মই অনুতপ্ত হৈ তোমাৰ ওচৰত তাওবা কৰিছো আৰু মুমিনসকলৰ মাজত ময়েই প্ৰথম’।
Verse 144 — Surah Al-Araf 7:144
তেওঁ ক’লে, ‘হে মুছা! মই তোমাক মোৰ ৰিছালত আৰু বাক্যালাপৰ দ্বাৰা মানুহৰ ওপৰত নিৰ্বাচিত কৰিছো; সেয়ে মই তোমাক যি প্ৰদান কৰিলো সেয়া গ্ৰহণ কৰা আৰু কৃতজ্ঞতা জ্ঞাপনকাৰীসকলৰ অন্তৰ্ভু্ক্ত হোৱা’।
Verse 145 — Surah Al-Araf 7:145
আৰু আমি তাৰ বাবে ফলকসমূহত সৰ্ব বিষয়ে উপদেশ আৰু সকলো বিষয়ৰ স্পষ্ট ব্যাখ্যা লিখি দিছো; গতিকে সেয়া দৃঢ়ভাৱে ধৰা আৰু তোমাৰ সম্প্ৰদায়ক ইয়াৰে যি উত্তম সেয়া গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া। মই অনতিপলমে ফাছিক্বসকলৰ বাসস্থান তোমালোকক দেখুৱাম।
Verse 146 — Surah Al-Araf 7:146
পৃথিৱীত যিসকলে অন্যায়ভাৱে অহংকাৰ কৰি ফুৰে সিহঁতক মই মোৰ নিদৰ্শনসমূহৰ পৰা নিশ্চয় আঁতৰত ৰাখিম। দৰাচলতে সিহঁতে প্ৰতিটো নিদৰ্শন দেখিলেও ঈমান পোষণ নকৰিব আৰু সিহঁতে সৎপথ দেখিলেও সেইটোক পথ বুলি গ্ৰহণ নকৰিব, কিন্তু সিহঁতে ভুল পথ দেখিলে সেইটোক পথ বুলি গ্ৰহণ কৰিব। এইটো এই বাবে যে, সিহঁতে আমাৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছে আৰু সেই সম্পৰ্কে সিহঁত আছিল অমনোযোগী।
Verse 147 — Surah Al-Araf 7:147
আৰু যিসকলে আমাৰ নিদৰ্শনসমূহ আৰু আখিৰাতৰ সাক্ষাতক অস্বীকাৰ কৰিছে সিহঁতৰ কৃতকৰ্ম বিফল হৈছে। সিহঁতে যি কৰে সেই অনুপাতেই সিহঁতক প্ৰতিফল দিয়া হ’ব।
Verse 148 — Surah Al-Araf 7:148
আৰু মুছাৰ সম্প্ৰদায়ে তেওঁৰ অনুপস্থিতিত নিজৰ অলংকাৰেৰে এটা দামুৰী সাজিলে, এটা দেহ (ৰ দৰে প্ৰতিমা) যিটো ‘হাম্বা’ (গৰুৰ দৰে) শব্দ ওলাইছিল। সিহঁতে এইটো দেখা নাছিলনে যে, এইটোৱে সিহঁতৰ লগত কথা ক’ব নোৱাৰে আৰু সিহঁতক কোনো পথৰ সন্ধানো দিব নোৱাৰে? (তথাপিও) সিহঁতে ইয়াকেই উপাস্যৰূপে গ্ৰহণ কৰিলে আৰু সিহঁত আছিল যালিম।
Verse 149 — Surah Al-Araf 7:149
আৰু সিহঁতে যেতিয়া অনুতপ্ত হ’ল আৰু দেখিলে যে, সিহঁতে বিপথগামী হৈ গৈছে, তেতিয়া সিহঁতে ক’লে, ‘আমাৰ প্ৰতিপালকে যদি আমাৰ প্ৰতি দয়া নকৰে আৰু আমাক ক্ষমা কৰি নিদিয়ে তেন্তে নিশ্চয় আমি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাম’।
Verse 150 — Surah Al-Araf 7:150
আৰু মুছাই যেতিয়া ক্ৰুদ্ধ আৰু বিক্ষুব্ধ হৈ নিজ সম্প্ৰদায়ৰ ওচৰত উভতি আহিলে, তেতিয়া ক’লে, ‘মোৰ অনুপস্থিতিত তোমালোকে মোৰ কিমান নিকৃষ্ট প্ৰতিনিধিত্ব কৰিছা! তোমালোকৰ প্ৰতিপালকৰ আদেশৰ আগতেই তোমালোকে খৰখেদা কৰিলানে’? এই বুলি তেওঁ ফলকসমূহ দলিয়াই পেলালে আৰু তেওঁৰ ভাতৃক চুলিত ধৰি নিজৰ পিনে টানি আনিব ধৰিলে। হাৰুনে ক’লে, ‘হে মোৰ সহোদৰ! মানুহে মোক দুৰ্বল বুলি ভাৱিছিল আৰু মোক প্ৰায় হত্যা কৰি পেলাইছিল। সেয়ে তুমি মোৰ লগত এনে আচৰণ নকৰিবা যি কৰিলে শত্ৰুসকলে আনন্দিত হয় আৰু মোক যালিমসকলৰ অন্তৰ্ভুক্ত বুলি নাভাৱিবা’।
Verse 151 — Surah Al-Araf 7:151
মুছাই ক’লে, ‘হে মোৰ ৰব! মোক আৰু মোৰ ভাতৃক ক্ষমা কৰি দিয়া আৰু আমাক তোমাৰ ৰহমতৰ মাজত প্ৰৱেশ কৰোৱা; আৰু তুমিয়েই শ্ৰেষ্ঠ দয়ালু’।
Verse 152 — Surah Al-Araf 7:152
নিশ্চয় যিসকলে দামুৰীটোক উপাস্যৰূপে গ্ৰহণ কৰিছে, অৱশ্যে পৃথিৱীৰ জীৱনত সিহঁতৰ ওপৰত সিহঁতৰ প্ৰতিপালকৰ ক্ৰোধ আৰু লাঞ্ছনা আপতিত হ’ব। এইদৰেই আমি মিছা ৰটনাকাৰীসকলক প্ৰতিফল দি থাকোঁ।
Verse 153 — Surah Al-Araf 7:153
আৰু যিসকলে অসৎকৰ্ম কৰে, কিন্তু তাৰ পিছত সিহঁতে তাওবা কৰিলে আৰু ঈমান আনিলে, নিশ্চয় তোমাৰ ৰব ইয়াৰ পিছতো পৰম ক্ষমাশীল, পৰম দয়ালু।
Verse 154 — Surah Al-Araf 7:154
আৰু যেতিয়া মুছাৰ খং প্ৰশমিত হ’ল, তেতিয়া তেওঁ ফলকসমূহ তুলি ল’লে। যিসকলে নিজ প্ৰতিপালকক ভয় কৰে সিহঁতৰ বাবে সেই ফলকসমূহত যি লিখা আছিল সেয়া আছিল হিদায়ত আৰু ৰহমত।
Verse 155 — Surah Al-Araf 7:155
আৰু মুছাই তেওঁৰ সম্প্ৰদায়ৰ পৰা সত্তৰ জন লোকক আমাৰ নিৰ্ধাৰিত স্থানত একত্ৰিত হোৱাৰ বাবে মনোনীত কৰিলে। তাৰ পিছত সিহঁতে যেতিয়া ভূমিকম্পৰ দ্বাৰা আক্ৰান্ত হ’ল, তেতিয়া মুছাই ক’লে, ‘হে মোৰ ৰব! তুমি ইচ্ছা কৰিলে আগতেই ইহঁতক আৰু মোকো ধ্বংস কৰিব পাৰিলাহেঁতেন, আমাৰ মাজৰ নিৰ্বোধসকলে যি কৰিছে সেই বাবে তুমি আমাক ধ্বংস কৰিবানে? এইটো হৈছে কেৱল তোমাৰ পৰীক্ষা, যিটোৰ দ্বাৰা তুমি যাক ইচ্ছা বিপথগামী কৰা আৰু যাক ইচ্ছা তুমি সৎপথত পৰিচালিত কৰা। তুমিয়েই আমাৰ অভিভাৱক; সেয়ে তুমি আমাক ক্ষমা কৰা আৰু আমাৰ প্ৰতি দয়া কৰা। ক্ষমাশীলসকলৰ ভিতৰত তুমিয়েই শ্ৰেষ্ঠ’।
Verse 156 — Surah Al-Araf 7:156
‘আৰু তুমি আমাৰ বাবে এই পৃথিৱীত কল্যাণ লিখি দিয়া আৰু আখিৰাততো। নিশ্চয় আমি তোমাৰ ওচৰলৈ উভতি আহিছো’। আল্লাহে ক’লে, ‘মোৰ শাস্তি যাক ইচ্ছা দি থাকো আৰু মোৰ দয়া- সেয়াতো প্ৰত্যেক বস্তুকেই আৱৰী আছে। গতিকে মই সেইটো লিখি দিম কেৱল সিহঁতৰ বাবে যিসকলে তাক্বৱা অৱলম্বন কৰে, যাকাত প্ৰদান কৰে আৰু আমাৰ আয়াতসমূহত বিশ্বাস স্থাপন কৰে’।
Verse 157 — Surah Al-Araf 7:157
যিসকলে অনুসৰণ কৰে ৰাছুলৰ, উম্মী নবীৰ, যাৰ উল্লেখ সিহঁতে সিহঁতৰ ওচৰত থকা তাওৰাত আৰু ইঞ্জীলত লিপিবদ্ধ পায়, যিজনে সিহঁতক সৎ কামৰ আদেশ দিয়ে, অসৎকৰ্মৰ পৰা নিষেধ কৰে, সিহঁতৰ বাবে পৱিত্ৰ বস্তু হালাল কৰে আৰু অপৱিত্ৰ বস্তু হাৰাম কৰে। আৰু সিহঁতক সিহঁতৰ ওপৰত থকা বোজাৰ পৰা আৰু শৃংখলৰ পৰা মুক্ত কৰে। সেয়ে যিসকলে তেওঁৰ প্ৰতি ঈমান আনে, তেওঁক সন্মান কৰে, তেওঁক সহায় কৰে আৰু যি নূৰ তেওঁৰ প্ৰতি অৱতীৰ্ণ হৈছে সেইটোৰ অনুসৰণ কৰে, তেওঁলোকেই সাফল্যমণ্ডিত।
Verse 158 — Surah Al-Araf 7:158
কোৱা, ‘হে মানৱ! নিশ্চয় মই তোমালোক সকলোৰে প্ৰতি আল্লাহৰ ৰাছুল, যিজন আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্বৰ অধিকাৰী। তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়। সেয়ে তোমালোকে ঈমান আনা আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুল উম্মী নবীৰ প্ৰতি যিজনে আল্লাহ আৰু তেওঁৰ বাণীসমূহত ঈমান পোষণ কৰে; আৰু তোমালোকে তেওঁৰ অনুসৰণ কৰা যাতে তোমালোকে হিদায়ত প্ৰাপ্ত হোৱা’।
Verse 159 — Surah Al-Araf 7:159
আৰু মুছাৰ সম্প্ৰদায়ৰ ভিতৰত এনেকুৱা দলো আছে যিসকলে আনক ন্যায়ভাৱে পথ দেখুৱায় আৰু সেই অনুযায়ী (বিচাৰত) ইনচাফ কৰে।
Verse 160 — Surah Al-Araf 7:160
আৰু সিহঁতক আমি বাৰটা গোত্ৰত বিভক্ত কৰিছো। মুছাৰ সম্প্ৰদায়ে যেতিয়া তেওঁৰ ওচৰত পানী বিচাৰিলে, তেতিয়া আমি তেওঁৰ প্ৰতি অহী প্ৰেৰণ কৰিলো, ‘তোমাৰ লাখুটিডালেৰে শিলত আঘাত কৰা’; ফলত তাৰ পৰা বাৰটা ঝৰ্ণাৰ উৎপত্তি হ’ল। প্ৰত্যেক গোত্ৰই নিজ নিজ পানী খোৱা স্থান নিৰ্ণয় কৰি ল’লে। আৰু আমি মেঘৰ দ্বাৰা সিহঁতৰ ওপৰত ছাঁ কৰি দিছিলো আৰু সিহঁতৰ ওপৰত আমি মান্না আৰু ছালৱা অৱতীৰ্ণ কৰিছিলো। (কৈছিলো) ‘তোমালোকক যি জীৱিকা দান কৰিছো তাৰ পৰা পৱিত্ৰ বস্তু খোৱা’। সিহঁতে আমাৰ প্ৰতি কোনো অন্যায় কৰা নাছিল, বৰং সিহঁতে নিজেই নিজৰ ক্ষতি সাধন কৰিছে।
Verse 161 — Surah Al-Araf 7:161
আৰু স্মৰণ কৰা, যেতিয়া সিহঁতক কোৱা হৈছিল, ‘তোমালোকে এই জনপদত বাস কৰা আৰু য’ৰ পৰা ইচ্ছা খোৱা লগতে কোৱা, ‘হিত্তাতুন’ (ক্ষমা বিচাৰো) আৰু নতশিৰে দুৱাৰেৰে প্ৰৱেশ কৰিবা; আমি তোমালোকৰ অপৰাধসমূহ ক্ষমা কৰিম। নিশ্চয় আমি সৎকৰ্মশীলসকলক অধিক দান কৰিম’।
Verse 162 — Surah Al-Araf 7:162
তথাপিও সিহঁতৰ মাজত যিসকলে যালিম আছিল সিহঁতক যি কোৱা হৈছিল, তাৰ পৰিবৰ্তে সিহঁতে আন কথা ক’লে। সেয়ে আমি আকাশৰ পৰা সিহঁতৰ প্ৰতি শাস্তি পঠালো, কাৰণ সিহঁতে অন্যায় কৰিছিল।
Verse 163 — Surah Al-Araf 7:163
আৰু সিহঁতক সাগৰৰ তীৰৰ জনবসতিৰ বিষয়ে সোধাচোন, যেতিয়া সিহঁতে শনিবাৰে সীমালংঘন কৰিছিল, যেতিয়া শনিবাৰ পালনৰ দিনা মাছবোৰ পানীত ভাহি ভাহি সিহঁতৰ ওচৰত আহিছিল। কিন্তু যিদিনা সিহঁতে শনিবাৰ পালন কৰা নাছিল সেইদিনা সেই মাছবোৰ সিহঁতৰ ওচৰত অহা নাছিল। এইদৰে আমি সিহঁতক পৰীক্ষা কৰিছিলো, কাৰণ সিহঁতে ফাছেক্বী কৰিছিল।
Verse 164 — Surah Al-Araf 7:164
আৰু স্মৰণ কৰা, যেতিয়া সিহঁতৰ দল এটাই কৈছিল, ‘আল্লাহে যিসকলক ধ্বংস কৰিব অথবা কঠোৰ শাস্তি দিব, তোমালোকে সিহঁতক কিয় সদুপদেশ দিয়া? সিহঁতে কৈছিল, ‘তোমালোকৰ প্ৰতিপালকৰ ওচৰত দায়িত্ব-মুক্তিৰ বাবে আৰু যাতে সিহঁতে তাক্বৱা অৱলম্বন কৰে সেই বাবে’।
Verse 165 — Surah Al-Araf 7:165
তাৰ পিছত যি উপদেশ সিহঁতক দিয়া হৈছিল, সিহঁতে যেতিয়া সেয়া পাহৰি গ’ল, তেতিয়া যিসকলে অসৎকৰ্ম নিষেধ কৰিছিল তেওঁলোকক আমি উদ্ধাৰ কৰিছিলো, আৰু যিসকলে অন্যায় কৰিছিল সিহঁতক আমি কঠোৰ শাস্তি বিহিছো, কাৰণ সিহঁতে ফাছেক্বী কৰিছিল।
Verse 166 — Surah Al-Araf 7:166
ইয়াৰ পিছতো যেতিয়া সিহঁতে নিষিদ্ধ কামৰ সীমা চেৰাই গ'ল তেতিয়া আমি সিহঁতক ক’লো, ‘তোমালোকে নিকৃষ্ট বান্দৰ হৈ যোৱা’
Verse 167 — Surah Al-Araf 7:167
আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ঘোষণা কৰিলে যে, নিশ্চয় তেওঁ কিয়ামত পৰ্যন্ত সিহঁতৰ ওপৰত এনেকুৱা কিছুমান লোকক পঠাব, যিসকলে সিহঁতক কঠিন শাস্তি দি থাকিব। নিশ্চয় তোমাৰ প্ৰতিপালক শাস্তি দানত তৎপৰ আৰু নিশ্চয় তেওঁ ক্ষমাশীল, পৰম দয়ালু।
Verse 168 — Surah Al-Araf 7:168
আৰু আমি সিহঁতক পৃথিৱীত বিভিন্ন দলত বিভক্ত কৰিছো, সিহঁতৰ কিছুমান সৎকৰ্মপৰায়ণ আৰু কিছুমান অন্য ধৰণৰ। আমি সিহঁতক মঙ্গল আৰু অমঙ্গলৰ দ্বাৰা পৰীক্ষা কৰিছো, যাতে সিহঁতে প্ৰত্যাৱৰ্তন কৰে।
Verse 169 — Surah Al-Araf 7:169
সিহঁতৰ পিছত এনে কিছুমান অযোগ্য লোক এটাৰ পিছত এটাকৈ সিহঁতৰ স্থলাভিষিক্তৰূপে কিতাবৰ উত্তৰাধিকাৰী হৈছে, যিসকলে পৃথিৱীৰ এই তুচ্ছ অসাৰ সামগ্ৰী সঞ্চয়ত লিপ্ত থাকে, আৰু সিহঁতে কয়, ‘আমাক ক্ষমা কৰি দিয়া হ’ব’। কিন্তু এইবোৰৰ অনুৰূপ সামগ্ৰী সিহঁতৰ ওচৰত আহিলে সেয়াও সিহঁতে গ্ৰহণ কৰিব; কিতাবৰ অঙ্গীকাৰ সিহঁতৰ পৰা লোৱা হোৱা নাইনে যে, সিহঁতে আল্লাহ সম্পৰ্কে সত্যৰ বাহিৰে আন একো নক’ব? অথচ সিহঁতে তাত যি আছে সেয়া অধ্যয়নো কৰে। কিন্তু যিসকলে তাক্বৱা অৱলম্বন কৰে সিহঁতৰ বাবে আখিৰাতৰ আবাসেই উত্তম; তোমালোকে এয়া অনুধাৱন নকৰানে
Verse 170 — Surah Al-Araf 7:170
যিসকলে কিতাবক দৃঢ়ভাৱে ধাৰণ কৰে আৰু ছালাত কায়েম কৰে; নিশ্চয় আমি সৎকৰ্মপৰায়ণ সকলৰ শ্ৰমফল বিনষ্ট নকৰো।
Verse 171 — Surah Al-Araf 7:171
আৰু স্মৰণ কৰা, যেতিয়া আমি পৰ্বতক সিহঁতৰ ওপৰত তুলি ধৰিছিলো, আৰু সেয়া আছিল যেনিবা মেঘৰ এটা খণ্ড। সিহঁতে ভাৱিলে যে, সেয়া সিহঁতৰ ওপৰত পৰি যাব। (আমি ক’লো) ‘আমি যি প্ৰদান কৰিছো সেয়া দৃঢ়ভাৱে ধাৰণ কৰা আৰু তাত যি আছে সেয়া স্মৰণ কৰা, যাতে তোমালোকে তাক্বৱাৰ অধিকাৰী হ’ব পাৰা’।
Verse 172 — Surah Al-Araf 7:172
আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে আদম সন্তানৰ পিঠিৰ পৰা তাৰ বংশধৰক উলিয়াইছিল আৰু সিহঁতৰ নিজৰ বিষয়ে স্বীকাৰোক্তি গ্ৰহণ কৰিছিল আৰু কৈছিল, ‘মই তোমালোকৰ ৰব নহয় নে? সিহঁতে কৈছিল, ‘হয় নিশ্চয়, আমি সাক্ষী থাকিলো’। এইটো এই বাবে যে, তোমালোকে যাতে কিয়ামতৰ দিনা ক’ব নোৱাৰা যে, আমি এই বিষয়ে জনাই নাছিলো।
Verse 173 — Surah Al-Araf 7:173
অথবা তোমালোকে যাতে এইটো ক’ব নোৱাৰা যে, আমাৰ পিতৃপুৰুষসকলেও আমাৰ আগত শ্বিৰ্ক কৰিছে, আৰু আমি হৈছো তেওঁলোকৰ পৰবৰ্তী বংশধৰ; এতেকে (শ্বিৰ্কৰ মাধ্যমত) যিসকলে নিজৰ আমলক বাতিল কৰিছে সিহঁতৰ কৃতকৰ্মৰ বাবে তুমি আমাক ধ্বংস কৰিবানে
Verse 174 — Surah Al-Araf 7:174
আৰু এইদৰেই আমি আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰো যাতে সিহঁতে উভতি আহে।
Verse 175 — Surah Al-Araf 7:175
আৰু সিহঁতক সেই ব্যক্তিৰ সংবাদ পাঠ কৰি শুনোৱা, যাক আমি নিদৰ্শনসমূহ প্ৰদান কৰিছিলো, তাৰ পিছত সি তাৰ পৰা বিচ্ছিন্ন হৈ গৈছিল, আৰু চয়তানে তাৰ পিছ লৈছিল। ফলত সি বিপথগামী সকলৰ অন্তৰ্ভুক্ত হৈ গৈছিল।
Verse 176 — Surah Al-Araf 7:176
আৰু আমি ইচ্ছা কৰিলে ইয়াৰ দ্বাৰা তাক উচ্চ মৰ্যাদা দান কৰিলোহেঁতেন, কিন্তু সি দুনিয়াৰ প্ৰতিহে আকৃষ্ট হৈছে আৰু নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰিছে। এতেকে তাৰ উপমা হৈছে কুকুৰৰ দৰে, তাৰ ওপৰত বোজা জাপি দিলে সি জিভা উলিয়াই হেঁপাই থাকে আৰু বোজা নিদিলেও সি জিভা উলিয়াই হেঁপাই থাকে। যি সম্প্ৰদায়ে আমাৰ আয়াতসমূহ অস্বীকাৰ কৰিছে সিহঁতৰ অৱস্থাও এইটোৱেই। এতেকে তুমি বৃত্তান্ত বৰ্ণনা কৰা যাতে সিহঁতে চিন্তা কৰে।
Verse 177 — Surah Al-Araf 7:177
সেই সম্প্ৰদায়ৰ উপমা কিমান যে নিকৃষ্ট! যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, আৰু সিহঁতে নিজৰ প্ৰতিহে অন্যায় কৰিছিল।
Verse 178 — Surah Al-Araf 7:178
আল্লাহে যাক হিদায়ত দিয়ে সেইজনহে হিদায়তপ্ৰাপ্ত আৰু তেওঁ যিসকলক বিপথগামী কৰে সিহঁতেই ক্ষতিগ্ৰস্ত।
Verse 179 — Surah Al-Araf 7:179
নিশ্চয় আমি বহুতো জ্বিন আৰু মানৱক জাহান্নামৰ বাবে সৃষ্টি কৰিছো, সিহঁতৰ হৃদয় আছে কিন্তু তাৰ দ্বাৰা সিহঁতে উপলব্ধি নকৰে, সিহঁতৰ চকু আছে কিন্তু তাৰ দ্বাৰা সিহঁতে নেদেখে আৰু সিহঁতৰ কাণ আছে কিন্তু তাৰ দ্বাৰা সিহঁতে নুশুনে, সিহঁত চতুষ্পদ জন্তুৰ দৰে, বৰং তাতোকৈ অধিক বিভ্ৰান্ত। সিহঁতেই হৈছে উদাসীন।
Verse 180 — Surah Al-Araf 7:180
আৰু আল্লাহৰ বাবে আছে সুন্দৰ সুন্দৰ নাম। এতেকে তোমালোকে তেওঁক সেইবোৰ নামেৰেই আহ্বান কৰা; আৰু যিসকলে তেওঁৰ নাম বিকৃত কৰে সিহঁতক বৰ্জন কৰা; সিহঁতৰ কৃতকৰ্মৰ ফল অনতিপলমে সিহঁতক দিয়া হ’ব।
Verse 181 — Surah Al-Araf 7:181
আৰু যিসকলক আমি সৃষ্টি কৰিছো সিহঁতৰ মাজত এনেকুৱা এটা দল আছে যিসকলে ন্যায়ভাৱে পথ দেখুৱায় আৰু সেই অনুযায়ী (বিচাৰ মীমাংসাত) ইনচাফ কৰে।
Verse 182 — Surah Al-Araf 7:182
আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, অনতিপলমে আমি সিহঁতক এনেকৈ লাহে লাহে ধ্বংসৰ পিনে লৈ যাম যে, সিহঁতে গমেই নাপাব।
Verse 183 — Surah Al-Araf 7:183
আৰু আমি সিহঁতক অৱকাশ দিওঁ; নিশ্চয় মোৰ কৌশল অত্যন্ত বলিষ্ঠ।
Verse 184 — Surah Al-Araf 7:184
সিহঁতে কেতিয়াও চিন্তা নকৰে নেকি যে, সিহঁতৰ সহচৰজন কাহানিও উন্মাদ নহয়? তেওঁ হৈছে কেৱল এজন স্পষ্ট সতৰ্ককাৰী।
Verse 185 — Surah Al-Araf 7:185
আকাশমণ্ডল আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব সম্পৰ্কে লগতে আল্লাহে যি সৃষ্টি কৰিছে সেই বিষয়ে সিহঁতে চিন্তা-চৰ্চা কৰা নাইনে, আৰু এই বিষয়েও যে, সম্ভৱত সিহঁতৰ নিৰ্ধাৰিত সময় নিকটৱৰ্তী হৈছে; গতিকে ইয়াৰ পিছত সিহঁতে আৰু কোন কথাত ঈমান আনিব
Verse 186 — Surah Al-Araf 7:186
আল্লাহে যিসকলক বিপথগামী কৰে সিহঁতৰ কোনো পথপ্ৰদৰ্শক নাই; আৰু তেওঁ সিহঁতক সিহঁতৰ অবাধ্যতাত লক্ষ্যহীনৰ দৰে ঘুৰি ফুৰিবলৈ এৰি দিয়ে।
Verse 187 — Surah Al-Araf 7:187
সিহঁতে তোমাক কিয়ামত সম্পৰ্কে প্ৰশ্ন কৰি কয়, ‘সেয়া কেতিয়া সংঘটিত হ’ব’? কোৱা, ‘এই বিষয়ৰ জ্ঞান কেৱল মোৰ প্ৰতিপালকৰ ওচৰত। কেৱল তেৱেঁই যথাসময়ত সেইটোৰ প্ৰকাশ ঘটাব। আকস্মিকভাৱে সেয়া তোমালোকৰ ওপৰত আহি পৰিব’। সিহঁতে তোমাক প্ৰশ্ন কৰিছে যেনিবা তুমি এই বিষয়ে সবিশেষ অৱহিত। কোৱা, ‘এই বিষয়ৰ জ্ঞান কেৱল আল্লাহৰ ওচৰত, কিন্তু অধিকাংশ মানুহেই (এই সত্যটো) নাজানে’।
Verse 188 — Surah Al-Araf 7:188
কোৱা, ‘আল্লাহে যি ইচ্ছা কৰে তাৰ বাহিৰে মোৰ নিজৰ উপকাৰ-অপকাৰৰ ওপৰতো মোৰ কোনো অধিকাৰ নাই। গায়েব বা অদৃশ্যৰ জ্ঞান যদি মোৰ থাকিলহেঁতেন তেন্তে মই বহুতো কল্যাণ লাভ কৰিলোহেঁতেন আৰু কোনো ধৰণৰ অকল্যাণেই মোক স্পৰ্শ কৰিব নোৱাৰিলেহেঁতেন। মই কেৱল ঈমান্দাৰ সম্প্ৰদায়ৰ বাবে সতৰ্ককাৰী আৰু সুসংবাদদাতাৰ বাহিৰে আন একো নহয়’।
Verse 189 — Surah Al-Araf 7:189
তেৱেঁই তোমালোকক এজন ব্যক্তিৰ পৰা সৃষ্টি কৰিছে আৰু তাৰ পৰা তেওঁৰ স্ত্ৰীক সৃষ্টি কৰিছে, যাতে তেওঁ স্ত্ৰীৰ ওচৰত প্ৰশান্তি লাভ কৰে। তাৰ পিছত যেতিয়া তেওঁ স্ত্ৰীৰ সৈতে মিলিত হ’ল তেতিয়া স্ত্ৰীজনী এটি লঘু গৰ্ভধাৰণ কৰিলে আৰু এইটো লৈ অনায়াসে চলা-ফুৰা কৰিব ধৰিলে। অৱশেষত যেতিয়া গা-ভাৰী হ’ল, তেতিয়া তেওঁলোক উভয়ে তেওঁলোকৰ ৰব আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিব ধৰিলে, ‘যদি তুমি আমাক এজন সুসন্তান দান কৰা তেন্তে আমি তোমাৰ প্ৰতি কৃতজ্ঞ হম’।
Verse 190 — Surah Al-Araf 7:190
তাৰ পিছত যেতিয়া তেওঁ সিহঁতক এজন পূৰ্ণাঙ্গ সুসন্তান দান কৰিলে, তেতিয়া সিহঁতক তেওঁ যি প্ৰদান কৰিছে সেই বিষয়ে সিহঁতে বহুতো অংশীদাৰ (শ্বৰীক) নিৰ্ধাৰণ কৰিলে। প্ৰকৃততে সিহঁতে যিসকলক (তেওঁৰ লগত) অংশী স্থাপন কৰে, আল্লাহ তাতোকৈ বহু উৰ্দ্ধত।
Verse 191 — Surah Al-Araf 7:191
সিহঁতে এনেকুৱা বস্তুক অংশী কৰে নেকি যিসকলে একোৱেই সৃষ্টি কৰা নাই? বৰং সিহঁত নিজেই সৃষ্ট।
Verse 192 — Surah Al-Araf 7:192
এইবোৰে সিহঁতক কদাপিও সহায় কৰিব নোৱাৰে আনকি নিজৰো সহায় কৰিব নোৱাৰে।
Verse 193 — Surah Al-Araf 7:193
আৰু তোমালোকে সিহঁতক সৎপথৰ পিনে আহ্বান কৰিলেও সিহঁতে তোমালোকক অনুসৰণ নকৰিব; তোমালোকে সিহঁতক আহ্বান কৰা বা নিৰৱে থাকা, তোমালোকৰ বাবে উভয়েই সমান।
Verse 194 — Surah Al-Araf 7:194
আল্লাহৰ বাহিৰে তোমালোকে যিসকলক আহ্বান কৰা সিহঁত তোমালোকৰ দৰেই বান্দাহ, গতিকে যদি তোমালোকে সত্যবাদী তেন্তে আহ্বান কৰা (চোৱাচোন) সিহঁতে তোমালোকৰ আহ্বানত সঁহাৰি দিয়েনে নাই।
Verse 195 — Surah Al-Araf 7:195
সিহঁতৰ ভৰি আছেনে যিটোৰে সিহঁতে খোজ কাঢ়ে? সিহঁতৰ হাত আছেনে যিটোৰে সিহঁতে ধৰিব পাৰে? সিহঁতৰ চকু আছেনে যিটোৰে সিহঁতে দেখে? সিহঁতৰ কাণ আছেনে যিটোৰে সিহঁতে শুনে? কোৱা, ‘তোমালোকে যিসকলক আল্লাহৰ লগত অংশী কৰিছা সিহঁতক আহ্বান কৰা তাৰ পিছত মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা আৰু মোক অকণো অৱকাশ নিদিবা’।
Verse 196 — Surah Al-Araf 7:196
‘নিশ্চয় মোৰ অভিভাৱক কেৱল আল্লাহ, যিজনে কিতাব অৱতীৰ্ণ কৰিছে আৰু তেৱেঁই সৎকৰ্মপৰায়ণ সকলৰ অভিভাৱকত্ব কৰে’।
Verse 197 — Surah Al-Araf 7:197
আৰু আল্লাহৰ বাহিৰে তোমালোকে যিসকলক আহ্বান কৰা সিহঁতে তোমালোকক কদাপিও সহায় কৰিব নোৱাৰে আনকি সিহঁতে নিজৰো সহায় কৰিব নোৱাৰে।
Verse 198 — Surah Al-Araf 7:198
তুমি যদি সিহঁতক সৎপথৰ পিনে আহ্বান কৰা তেন্তে সিহঁতে নুশুনিব আৰু তুমি দেখিবলৈ পাবা যে, বাহ্যিকভাৱে সিহঁতে তোমাৰ ফালে চাই আছে, অথচ সিহঁতে নেদেখে।
Verse 199 — Surah Al-Araf 7:199
মানুহৰ (চৰিত্ৰ আৰু কৰ্মৰ) উৎকৃষ্ট অংশ গ্ৰহণ কৰা, সৎকামৰ আদেশ দিয়া আৰু অজ্ঞসকলক এৰাই চলা।
Verse 200 — Surah Al-Araf 7:200
আৰু যদি চয়তানৰ কুমন্ত্ৰণাই তোমাক প্ৰৰোচিত কৰে, তেন্তে আল্লাহৰ আশ্ৰয় বিচাৰিবা। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
Verse 201 — Surah Al-Araf 7:201
নিশ্চয় যিসকলে তাক্বৱা অৱলম্বন কৰিছে, তেওঁলোকক চয়তানে যেতিয়া কুমন্ত্ৰণা দিয়ে তেতিয়া তেওঁলোকে আল্লাহক স্মৰণ কৰে, লগে লগে সিহঁতৰ দৃষ্টি প্ৰকট হয়।
Verse 202 — Surah Al-Araf 7:202
আৰু চয়তানৰ ভাতৃসকলে ভ্ৰষ্টতাত সিহঁতক সহযোগিতা কৰে। এই কামত সিহঁতে অকণো ত্ৰুটি নকৰে।
Verse 203 — Surah Al-Araf 7:203
তুমি যেতিয়া সিহঁতৰ ওচৰত (সিহঁতে বিচৰা মতে) কোনো আয়াত লৈ নাহা, তেতিয়া সিহঁতে কয়, ‘তুমি নিজেই এটা আয়াত বনাই নোলোৱা কিয়’? কোৱা, ‘মোৰ প্ৰতিপালকৰ তৰফৰ পৰা মোৰ ওচৰত অহী হিচাপে যি প্ৰেৰণ কৰা হয়, মই কেৱল তাৰেই অনুসৰণ কৰো। এই কোৰআন তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণ; আৰু এইটো ঈমান্দাৰ সম্প্ৰদায়ৰ বাবে হিদায়ত আৰু ৰহমত’।
Verse 204 — Surah Al-Araf 7:204
আৰু যেতিয়া কোৰআন তিলাৱত কৰা হয় তেতিয়া তোমালোকে মনোযোগ সহকাৰে সেয়া শুনিবা আৰু নিৰৱ-নিস্তব্ধ হৈ থাকিবা, যাতে তোমালোকৰ প্ৰতি ৰহমত বৰ্ষণ হয়।
Verse 205 — Surah Al-Araf 7:205
আৰু তুমি তোমাৰ প্ৰতিপালকক পুৱা-গধূলি নিজ মনতে স্মৰণ কৰা সবিনয়ে, সশংকচিত্তে আৰু অনুচ্চস্বৰে। লগতে উদাসীনসকলৰ অন্তৰ্ভুক্ত নহ’বা।
Verse 206 — Surah Al-Araf 7:206
নিশ্চয় যিসকলে তোমাৰ প্ৰতিপালকৰ সান্নিধ্যত আছে সিহঁতে তেওঁৰ ইবাদত সম্পৰ্কে অহংকাৰ নকৰে; আৰু সিহঁতে কেৱল তেওঁৰেই তাছবীহ পাঠ কৰে আৰু কেৱল তেওঁকেই ছাজদা কৰে।