Back to LanguagesPrevious ChapterNext Chapter
Assamese - Chapter 74 - Al-Muddaththir
Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink
Verse 1 — Surah Al-Muddaththir 74:1
হে বস্ত্ৰাবৃত
Verse 2 — Surah Al-Muddaththir 74:2
উঠা, আৰু সতৰ্ক কৰা
Verse 3 — Surah Al-Muddaththir 74:3
আৰু তোমাৰ প্ৰতিপালকৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা।
Verse 4 — Surah Al-Muddaththir 74:4
আৰু তোমাৰ পোছাক-পৰিচ্ছদ পৱিত্ৰ কৰা
Verse 5 — Surah Al-Muddaththir 74:5
আৰু অপৱিত্ৰতা (শ্বিৰ্ক) পৰিহাৰ কৰা
Verse 6 — Surah Al-Muddaththir 74:6
আৰু অধিক পোৱাৰ আশাত কাকো অনুগ্ৰহ নকৰিবা।
Verse 7 — Surah Al-Muddaththir 74:7
আৰু তোমাৰ প্ৰতিপালকৰ বাবেই ধৈৰ্য ধাৰণ কৰা।
Verse 8 — Surah Al-Muddaththir 74:8
এতেকে যেতিয়া শিঙাত ফুঁ দিয়া হ’ব
Verse 9 — Surah Al-Muddaththir 74:9
সেই দিনটো হ’ব এটা সংকটৰ দিন
Verse 10 — Surah Al-Muddaththir 74:10
যিটো কাফিৰসকলৰ বাবে সহজ নহয়।
Verse 11 — Surah Al-Muddaththir 74:11
যাক মই অকলশৰীয়াকৈ সৃষ্টি কৰিছো তাক মোৰ হাতত এৰি দিয়া।
Verse 12 — Surah Al-Muddaththir 74:12
আৰু যাক মই প্ৰদান কৰিছো বিপুল ধন-সম্পদ
Verse 13 — Surah Al-Muddaththir 74:13
আৰু (প্ৰদান কৰিছো) নিত্যসঙ্গী পুত্ৰবোৰ।
Verse 14 — Surah Al-Muddaththir 74:14
আৰু তাক প্ৰদান কৰিছো স্বাচ্ছন্দ জীৱনৰ প্ৰচুৰ উপকৰণ
Verse 15 — Surah Al-Muddaththir 74:15
তথাপিও সি কামনা কৰে যে, মই তাক আৰু অধিক দিওঁ
Verse 16 — Surah Al-Muddaththir 74:16
কেতিয়াও নহয়, সি আমাৰ নিদৰ্শনসমূহৰ বিৰুদ্ধাচাৰী।
Verse 17 — Surah Al-Muddaththir 74:17
অনতিপলমে মই তাক (জাহান্নামৰ পিচল শিলত) আৰোহণ কৰিবলৈ বাধ্য কৰাম।
Verse 18 — Surah Al-Muddaththir 74:18
নিশ্চয় সি চিন্তা কৰিলে আৰু সিদ্ধান্ত গ্ৰহণ কৰিলে।
Verse 19 — Surah Al-Muddaththir 74:19
এতেকে সি ধ্বংস হওক! কেনেকৈ সি (এই) সিদ্ধান্ত গ্ৰহণ কৰিলে
Verse 20 — Surah Al-Muddaththir 74:20
আকৌ সি ধ্বংস হওক! কেনেকৈ সি (এই) সিদ্ধান্ত গ্ৰহণ কৰিলে
Verse 21 — Surah Al-Muddaththir 74:21
তাৰ পিছত সি লক্ষ্য কৰিলে।
Verse 22 — Surah Al-Muddaththir 74:22
তাৰ পিছত সি ভ্ৰুঁ কোচ খোৱালে আৰু মুখ বিকৃত কৰিলে।
Verse 23 — Surah Al-Muddaththir 74:23
তাৰ পিছত সি উভতিলে আৰু অহংকাৰ কৰিলে।
Verse 24 — Surah Al-Muddaththir 74:24
তাৰ পিছত সি ক’লে, ‘এয়া পূৰ্বৰে পৰা চলি অহা যাদুৰ বাহিৰে আন একো নহয়’
Verse 25 — Surah Al-Muddaththir 74:25
‘এয়াতো মানুহৰেই কথা’।
Verse 26 — Surah Al-Muddaththir 74:26
অনতিপলমে মই তাক ছাক্বাৰত (জাহান্নামত) প্ৰৱেশ কৰাম।
Verse 27 — Surah Al-Muddaththir 74:27
আৰু কিহে তোমাক জনাব ছাক্বাৰ কি
Verse 28 — Surah Al-Muddaththir 74:28
ই একো অৱশিষ্ট নাৰাখিব আৰু এৰিও নিদিব।
Verse 29 — Surah Al-Muddaththir 74:29
ই শৰীৰৰ ছাল জ্বলাই ক'লা কৰি দিব।
Verse 30 — Surah Al-Muddaththir 74:30
ছাক্বাৰৰ তত্ত্বাৱধানত আছে ঊনৈশজন (প্ৰহৰী)।
Verse 31 — Surah Al-Muddaththir 74:31
আৰু আমি কেৱল ফিৰিস্তাসকলকেই জাহান্নামৰ তত্ত্বাৱধায়ক বনাইছো; আৰু কাফিৰসকলৰ পৰীক্ষাস্বৰূপ আমি সিহঁতৰ সংখ্যা নিৰ্ধাৰণ কৰিছো যাতে কিতাবপ্ৰাপ্তসকলে দৃঢ় বিশ্বাস কৰে, আৰু মুমিনসকলৰ ঈমান বৃদ্ধি পায় আৰু যাতে কিতাবপ্ৰাপ্তসকলে আৰু মুমিনসকলে সন্দেহ পোষণ নকৰে; আৰু যাতে ইয়াৰ ফলত যিহঁতৰ অন্তৰত ব্যাধি আছে সিহঁতে আৰু কাফিৰসকলে কয়, আল্লাহে এই (সংখ্যাৰ) উদাহৰণ দি কি বুজাব বিচাৰিছে? এনেকৈ আল্লাহে যাক ইচ্ছা পথভ্ৰষ্ট কৰে আৰু যাক ইচ্ছা তাকেই হিদায়ত প্ৰদান কৰে; আৰু তোমাৰ প্ৰতিপালকৰ সৈন্যবাহিনী সম্পৰ্কে তেওঁৰ বাহিৰে আন কোনোৱে নাজানে; আৰু জাহান্নামৰ এই উদাহৰণ মানুহৰ বাবে এটা উপদেশ মাত্ৰ।
Verse 32 — Surah Al-Muddaththir 74:32
কেতিয়াও নহয়, চন্দ্ৰৰ শপত
Verse 33 — Surah Al-Muddaththir 74:33
ৰাতিৰ শপত, যেতিয়া ইয়াৰ অৱসান ঘটে
Verse 34 — Surah Al-Muddaththir 74:34
প্ৰভাতৰ শপত, যেতিয়া ই আলোকোজ্জ্বল হয়
Verse 35 — Surah Al-Muddaththir 74:35
নিশ্চয় জাহান্নাম মহাবিপদসমূহৰ অন্যতম
Verse 36 — Surah Al-Muddaththir 74:36
মানুহৰ বাবে সতৰ্ককাৰীস্বৰূপ
Verse 37 — Surah Al-Muddaththir 74:37
তোমালোকৰ মাজত যিয়ে অগ্ৰসৰ হ’ব বিচাৰে অথবা পিছমুৱা হ’ব বিচাৰে তাৰ বাবে।
Verse 38 — Surah Al-Muddaththir 74:38
প্ৰত্যেক ব্যক্তি নিজ কৃতকৰ্মৰ বাবে দায়বদ্ধ
Verse 39 — Surah Al-Muddaththir 74:39
কিন্তু সোঁপন্থী লোকসকলৰ বাহিৰে
Verse 40 — Surah Al-Muddaththir 74:40
জান্নাতত তেওঁলোকে ইজনে সিজনক সুধিব
Verse 41 — Surah Al-Muddaththir 74:41
অপৰাধীবিলাকৰ বিষয়ে
Verse 42 — Surah Al-Muddaththir 74:42
কিহে তোমালোকক ছাক্বাৰত (জাহান্নামত) নিক্ষেপ কৰিছে
Verse 43 — Surah Al-Muddaththir 74:43
সিহঁতে ক’ব, ‘আমি ছালাত আদায়কাৰীসকলৰ অন্তৰ্ভুক্ত নাছিলো
Verse 44 — Surah Al-Muddaththir 74:44
‘আৰু আমি দুখীয়াক খাদ্য দান কৰা নাছিলো
Verse 45 — Surah Al-Muddaththir 74:45
আৰু আমি অনৰ্থক আলোচনাকাৰীসকলৰ লগত বেহুদা আলচ কৰাত মগ্ন আছিলো।
Verse 46 — Surah Al-Muddaththir 74:46
আৰু আমি প্ৰতিদান দিৱসক অস্বীকাৰ কৰিছিলো
Verse 47 — Surah Al-Muddaththir 74:47
অৱশেষত আমাৰ ওচৰত মৃত্যু আহি পালে’।
Verse 48 — Surah Al-Muddaththir 74:48
এতেকে ছুপাৰিছকাৰীসকলৰ ছুপাৰিছে সিহঁতৰ কোনো উপকাৰ নকৰিব।
Verse 49 — Surah Al-Muddaththir 74:49
এতেকে সিহঁতৰ কি হৈছে, কিয় সিহঁতে উপদেশ বাণীৰ পৰা বিমুখ হৈছে
Verse 50 — Surah Al-Muddaththir 74:50
সিহঁতে যেন ভীত-সন্ত্ৰস্ত হৈ পলায়নৰত বনৰীয়া গাধ।
Verse 51 — Surah Al-Muddaththir 74:51
যিবোৰে সিংহৰ ভয়ত পলায়ন কৰিছে।
Verse 52 — Surah Al-Muddaththir 74:52
বৰং সিহঁতৰ মাজৰ প্ৰত্যেক ব্যক্তিয়েই কামনা কৰে যে তাক উন্মুক্ত গ্ৰন্থ প্ৰদান কৰা হওক।
Verse 53 — Surah Al-Muddaththir 74:53
কেতিয়াও নহয়, বৰং সিহঁতে আখিৰাতক ভয় নকৰে।
Verse 54 — Surah Al-Muddaththir 74:54
কেতিয়াও নহয়, নিশ্চয় এই কোৰআন সকলোৰে বাবে উপদেশবাণী।
Verse 55 — Surah Al-Muddaththir 74:55
এতেকে যাৰ ইচ্ছা সি ইয়াৰ পৰা উপদেশ গ্ৰহণ কৰক।
Verse 56 — Surah Al-Muddaththir 74:56
আৰু আল্লাহৰ ইচ্ছাবিহীন কোনোৱেই উপদেশ গ্ৰহণ কৰিব নোৱাৰে তেৱেঁই ভয়ৰ যোগ্য, কেৱল তেওঁৰেই তাক্বৱা অৱলম্বন কৰা, আৰু তেৱেঁই ক্ষমা কৰাৰ অধিকাৰী।