Back to Languages

Assamese - Chapter 75 - Al-Qiyamah

Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink

Verse 1 — Surah Al-Qiyamah 75:1

মই শপত কৰিছো ক্বিয়ামতৰ দিনৰ

Verse 2 — Surah Al-Qiyamah 75:2

মই আৰু শপত কৰিছো আত্মনিন্দাকাৰী আত্মাৰ

Verse 3 — Surah Al-Qiyamah 75:3

মানুহে ভাৱে নেকি যে, আমি কেতিয়াও তাৰ অস্থিসমূহ একত্ৰিত কৰিব নোৱাৰিম

Verse 4 — Surah Al-Qiyamah 75:4

কিয় নোৱাৰিম, আমি তাৰ আঙুলিৰ অগ্ৰভাগসমূহকো (পাববোৰকো) পুনৰ্বিন্যস্ত কৰিবলৈ সক্ষম।

Verse 5 — Surah Al-Qiyamah 75:5

বৰং মানুহে তাৰ ভৱিষ্যতেও পাপকৰ্ম কৰিবলৈ বিচাৰে।

Verse 6 — Surah Al-Qiyamah 75:6

সি প্ৰশ্ন কৰে, কিয়ামতৰ দিনটো কেতিয়া আহিব

Verse 7 — Surah Al-Qiyamah 75:7

যেতিয়া চকু স্থিৰ হৈ যাব

Verse 8 — Surah Al-Qiyamah 75:8

আৰু চন্দ্ৰ কিৰণবিহীন হৈ পৰিব

Verse 9 — Surah Al-Qiyamah 75:9

আৰু যেতিয়া সূৰ্য আৰু চন্দ্ৰক একত্ৰিত কৰা হ’ব

Verse 10 — Surah Al-Qiyamah 75:10

সেইদিনা মানুহে ক’ব, ‘আজি পলাবলৈ স্থান ক’ত’

Verse 11 — Surah Al-Qiyamah 75:11

কেতিয়াও নহয়, কোনো আশ্ৰয়স্থল নাই।

Verse 12 — Surah Al-Qiyamah 75:12

সেইদিনা ঠাই হ’ব কেৱল তোমাৰ প্ৰতিপালকৰ ওচৰত।

Verse 13 — Surah Al-Qiyamah 75:13

সেইদিনা মানুহক অৱহিত কৰোৱা হ’ব সি আগলৈ কি পঠিয়াইছিল আৰু পিছত কি থৈ আহিছে।

Verse 14 — Surah Al-Qiyamah 75:14

বৰং মানুহে নিজেই নিজৰ বিষয়ে সম্যক অৱগত

Verse 15 — Surah Al-Qiyamah 75:15

যদিও সি নানা অজুহাত দেখুৱায়।

Verse 16 — Surah Al-Qiyamah 75:16

ততাতৈয়াকৈ অহী আয়ত্ত্ব কৰাৰ বাবে তুমি তোমাৰ জিভাক দ্ৰুত সঞ্চালন নকৰিবা।

Verse 17 — Surah Al-Qiyamah 75:17

নিশ্চয় ইয়াৰ সংৰক্ষণ আৰু পাঠ কৰোৱাৰ দায়িত্ব আমাৰেই।

Verse 18 — Surah Al-Qiyamah 75:18

এতেকে আমি যেতিয়া ইয়াক পাঠ কৰো তুমি তেতিয়া সেই পাঠৰ অনুসৰণ কৰা

Verse 19 — Surah Al-Qiyamah 75:19

তাৰ পিছত ইয়াৰ বৰ্ণনাৰ দায়িত্ব নিশ্চিতভাৱে আমাৰেই।

Verse 20 — Surah Al-Qiyamah 75:20

কেতিয়াও নহয়, বৰং তোমালোকে পৃথিৱীৰ জীৱনক ভাল পোৱা

Verse 21 — Surah Al-Qiyamah 75:21

আৰু তোমালোকে আখিৰাতক অৱহেলা কৰা।

Verse 22 — Surah Al-Qiyamah 75:22

সেইদিনা কিছুমান মুখমণ্ডল উজ্জ্বল হ’ব

Verse 23 — Surah Al-Qiyamah 75:23

সিহঁত নিজ প্ৰতিপালকৰ প্ৰতি চাই থাকিব।

Verse 24 — Surah Al-Qiyamah 75:24

আৰু সেইদিনা কিছুমান মুখমণ্ডল বিবৰ্ণ হৈ পৰিব

Verse 25 — Surah Al-Qiyamah 75:25

সিহঁতে ধাৰণা কৰিব যে, এটা ধ্বংসকাৰী বিপৰ্যয় সিহঁতৰ ওপৰত আপতিত হ’ব।

Verse 26 — Surah Al-Qiyamah 75:26

নিশ্চয়, যেতিয়া প্ৰাণ কন্ঠাগত হ’ব

Verse 27 — Surah Al-Qiyamah 75:27

আৰু কোৱা হ’ব, ‘কোনে তাক ৰক্ষা কৰিব’

Verse 28 — Surah Al-Qiyamah 75:28

তেতিয়া তাৰ প্ৰত্যেয় হ’ব যে, এইটোৱে বিদায়ক্ষণ।

Verse 29 — Surah Al-Qiyamah 75:29

আৰু ভৰিৰ লগত ভৰি জোঁট খাই যাব।

Verse 30 — Surah Al-Qiyamah 75:30

সেইদিনা তোমাৰ প্ৰতিপালকৰ ওচৰতেই সকলোকে খেদি নিয়া হ’ব।

Verse 31 — Surah Al-Qiyamah 75:31

এতেকে সি বিশ্বাস কৰা নাই আৰু ছালাতো আদায় কৰা নাই।

Verse 32 — Surah Al-Qiyamah 75:32

বৰং সি সত্য প্ৰত্যাখ্যান কৰিছিল আৰু মুখ ঘূৰাই লৈছিল।

Verse 33 — Surah Al-Qiyamah 75:33

তাৰ পিছত সি অহংকাৰ কৰি নিজ পৰিয়ালৰ ওচৰলৈ উভতি গৈছিল

Verse 34 — Surah Al-Qiyamah 75:34

দুৰ্ভোগ তোমাৰ বাবে আৰু দুৰ্ভোগ

Verse 35 — Surah Al-Qiyamah 75:35

আকৌ দুৰ্ভোগ তোমাৰ বাবে আৰু দুৰ্ভোগ

Verse 36 — Surah Al-Qiyamah 75:36

মানুহে ভাৱে নেকি যে, তাক এনেই এৰি দিয়া হ’ব

Verse 37 — Surah Al-Qiyamah 75:37

সি বীৰ্যৰ শুক্ৰবিন্দু নাছিলনে, যিটো স্খলিত হয়

Verse 38 — Surah Al-Qiyamah 75:38

তাৰ পিছত সেইটো ‘আলাক্বাত’ পৰিণত হয়। তাৰ পিছত আল্লাহে তাক সৃষ্টি কৰে আৰু সুঠাম কৰে।

Verse 39 — Surah Al-Qiyamah 75:39

তাৰ পিছত তেওঁ তাৰ পৰা যোৰ যোৰ হিচাপে নৰ-নাৰী সৃষ্টি কৰে।

Verse 40 — Surah Al-Qiyamah 75:40

তথাপিও সেই স্ৰষ্টা মৃতক পুনৰ্জীৱিত কৰিবলৈ সক্ষম নহয়নে বাৰু