Back to Languages

Assamese - Chapter 77 - Al-Mursalat

Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink

Verse 1 — Surah Al-Mursalat 77:1

শপত কল্যাণস্বৰূপ প্ৰেৰিত বতাহৰ

Verse 2 — Surah Al-Mursalat 77:2

তাৰ পিছত প্ৰচণ্ড বেগত প্ৰবাহিত ধুমুহাৰ

Verse 3 — Surah Al-Mursalat 77:3

শপত প্ৰচণ্ড সঞ্চালনকাৰীৰ

Verse 4 — Surah Al-Mursalat 77:4

তাৰ পিছত সুস্পষ্টৰূপে পাৰ্থক্যকাৰীৰ

Verse 5 — Surah Al-Mursalat 77:5

তাৰ পিছত সিহঁতৰ, যিসকলে মানুহৰ অন্তৰত উপদেশ পৌঁচাই দিয়ে

Verse 6 — Surah Al-Mursalat 77:6

ওজৰ-আপত্তি দূৰীকৰণ আৰু সতৰ্ক কৰাৰ বাবে

Verse 7 — Surah Al-Mursalat 77:7

নিশ্চয় তোমালোকক যি প্ৰতিশ্ৰুতি দিয়া হৈছে সেয়া অৱশ্যে সংঘটিত হ’ব।

Verse 8 — Surah Al-Mursalat 77:8

যেতিয়া নক্ষত্ৰৰাজি আলোহীন হ’ব

Verse 9 — Surah Al-Mursalat 77:9

আৰু যেতিয়া আকাশখন বিদীৰ্ণ কৰা হ’ব

Verse 10 — Surah Al-Mursalat 77:10

আৰু যেতিয়া পৰ্বতসমূহক চূৰ্ণবিচূৰ্ণ কৰা হ’ব

Verse 11 — Surah Al-Mursalat 77:11

আৰু যেতিয়া ৰাছুলসকলক নিৰ্ধাৰিত সময়ত উপস্থিত কৰা হ’ব

Verse 12 — Surah Al-Mursalat 77:12

কোনটো দিনৰ বাবে এইবোৰ স্থগিত ৰখা হৈছে

Verse 13 — Surah Al-Mursalat 77:13

বিচাৰ দিনৰ বাবে।

Verse 14 — Surah Al-Mursalat 77:14

আৰু কিহে তোমাক জনাব বিচাৰ দিৱস কি

Verse 15 — Surah Al-Mursalat 77:15

সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।

Verse 16 — Surah Al-Mursalat 77:16

আমি পূৰ্বৱৰ্তীসকলক ধ্বংস কৰা নাইনে

Verse 17 — Surah Al-Mursalat 77:17

তাৰ পিছত পৰবৰ্তীসকলকো সিহঁতৰ অনুগামী বনাম।

Verse 18 — Surah Al-Mursalat 77:18

অপৰাধীবিলাকৰ লগত আমি এনেকুৱা আচৰণেই কৰো।

Verse 19 — Surah Al-Mursalat 77:19

সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।

Verse 20 — Surah Al-Mursalat 77:20

আমি তোমালোকক ঘৃণনীয় পানীৰ পৰা সৃষ্টি কৰা নাইনে

Verse 21 — Surah Al-Mursalat 77:21

তাৰ পিছত আমি ইয়াক নিৰাপদ স্থানত সুৰক্ষিত কৰি ৰাখিছো

Verse 22 — Surah Al-Mursalat 77:22

এটা নিৰ্দিষ্ট সময় লৈকে

Verse 23 — Surah Al-Mursalat 77:23

তাৰ পিছত আমি পৰিমাপ কৰিছো, এতেকে আমি কিমান নিপুণ পৰিমাপকাৰী

Verse 24 — Surah Al-Mursalat 77:24

সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।

Verse 25 — Surah Al-Mursalat 77:25

আমি পৃথিৱীখনক ধাৰণকাৰীৰূপে সৃষ্টি কৰা নাইনে

Verse 26 — Surah Al-Mursalat 77:26

জীৱিতসকল আৰু মৃতসকলৰ বাবে

Verse 27 — Surah Al-Mursalat 77:27

আৰু আমি তাত স্থাপন কৰিছো সুদৃঢ় আৰু সুউচ্চ পৰ্বতসমূহ আৰু তোমালোকক পান কৰাইছো তৃ়ষ্ণা নিবাৰণকাৰী মিঠা উপযোগী পানী।

Verse 28 — Surah Al-Mursalat 77:28

সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।

Verse 29 — Surah Al-Mursalat 77:29

(সিহঁতক কোৱা হ’ব) তোমালোকে যাক অস্বীকাৰ কৰিছিলা, এতিয়া গতি কৰা তাৰফালে।

Verse 30 — Surah Al-Mursalat 77:30

যোৱা তিনিটা শাখা বিশিষ্ট জুইৰ ছাঁৰ পিনে

Verse 31 — Surah Al-Mursalat 77:31

যিটো ছাঁ শীতল নহয় আৰু ই অগ্নিশিখাৰ পৰা ৰক্ষাও নকৰিব

Verse 32 — Surah Al-Mursalat 77:32

নিশ্চয় জাহান্নামে উৎক্ষেপন কৰিব বৃহৎ অট্ৰালিকা সদৃশ ফিৰিঙতি

Verse 33 — Surah Al-Mursalat 77:33

এনেকুৱা যেন হালধীয়া উটৰ শ্ৰেণী

Verse 34 — Surah Al-Mursalat 77:34

সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।

Verse 35 — Surah Al-Mursalat 77:35

এইটো এনেকুৱা দিন যিদিনা সিহঁতে কথা ক’ব নোৱাৰিব

Verse 36 — Surah Al-Mursalat 77:36

আৰু সিহঁতক অজুহাত পেচ কৰাৰ অনুমতিও দিয়া নহ’ব।

Verse 37 — Surah Al-Mursalat 77:37

সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।

Verse 38 — Surah Al-Mursalat 77:38

‘এইটো ফয়চালাৰ দিন আমি একত্ৰিত কৰিছো তোমালোকক আৰু পূৰ্বৱৰ্তীসকলক’।

Verse 39 — Surah Al-Mursalat 77:39

এতেকে যদি তোমালোকৰ কোনো কৌশল আছে তেন্তে প্ৰয়োগ কৰা মোৰ বিৰুদ্ধে।

Verse 40 — Surah Al-Mursalat 77:40

সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।

Verse 41 — Surah Al-Mursalat 77:41

নিশ্চয় মুত্তাক্বীসকল থাকিব ছাঁৰ তলত আৰু নিজৰা বহুল স্থানত

Verse 42 — Surah Al-Mursalat 77:42

আৰু সিহঁতৰ হেঁপাহ অনুযায়ী ফলমূলৰ মাজত।

Verse 43 — Surah Al-Mursalat 77:43

(সিহঁতক কোৱা হ'ব) তোমালোকে যি আমল কৰিছিলা তাৰ প্ৰতিদানস্বৰূপে তৃপ্তিৰ সৈতে পানাহাৰ কৰা

Verse 44 — Surah Al-Mursalat 77:44

সৎকৰ্মশীলসকলক আমি এনেকুৱাই প্ৰতিদান দি থাকো।

Verse 45 — Surah Al-Mursalat 77:45

সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।

Verse 46 — Surah Al-Mursalat 77:46

(হে কাফিৰসকল!) তোমালোকে আহাৰ কৰা আৰু ভোগ কৰা খন্তেকৰ বাবে; নিশ্চয় তোমালোক অপৰাধী।

Verse 47 — Surah Al-Mursalat 77:47

সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।

Verse 48 — Surah Al-Mursalat 77:48

যেতিয়া সিহঁতক কোৱা হয়, ‘ৰুকু’ কৰা সিহঁতে ৰুকু’ নকৰে’।

Verse 49 — Surah Al-Mursalat 77:49

সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।

Verse 50 — Surah Al-Mursalat 77:50

এতেকে কোৰআনৰ পৰিবৰ্তে সিহঁতে আৰু কোন বাণীৰ প্ৰতি ঈমান আনিব