Back to Languages

Assamese - Chapter 78 - An-Naba

Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink

Verse 1 — Surah An-Naba 78:1

সিহঁতে কি বিষয়ে পৰস্পৰে সোধ-পোচ কৰি আছে

Verse 2 — Surah An-Naba 78:2

মহাসংবাদটোৰ বিষয়ে

Verse 3 — Surah An-Naba 78:3

যি বিষয়ে সিহঁতে মতানৈক্য কৰিছে।

Verse 4 — Surah An-Naba 78:4

কেতিয়াও নহয়, সিহঁতে অতিশীঘ্ৰেই জানিবলৈ পাব।

Verse 5 — Surah An-Naba 78:5

তাৰপিছত, কেতিয়াও নহয়, সিহঁতে অতিশীঘ্ৰেই জানিবলৈ পাব।

Verse 6 — Surah An-Naba 78:6

আমি পৃথিৱীখনক শয্যা বনোৱা নাইনে

Verse 7 — Surah An-Naba 78:7

আৰু পৰ্বতসমূহক পেৰেক

Verse 8 — Surah An-Naba 78:8

আৰু আমি তোমালোকক সৃষ্টি কৰিছো যোৰা-যোৰা।

Verse 9 — Surah An-Naba 78:9

আৰু তোমালোকৰ টোপনিক কৰিছো বিশ্ৰাম।

Verse 10 — Surah An-Naba 78:10

আৰু ৰাতিক কৰি দিছো আৱৰণ।

Verse 11 — Surah An-Naba 78:11

আৰু দিনক কৰি দিছো জীৱিকা উপাৰ্জনৰ সময়।

Verse 12 — Surah An-Naba 78:12

আৰু আমি তোমালোকৰ ওপৰত নিৰ্মান কৰিছো সুদৃঢ় সাতখন আকাশ।

Verse 13 — Surah An-Naba 78:13

আৰু আমি সৃষ্টি কৰিছো এটি উজ্জল প্ৰদীপ।

Verse 14 — Surah An-Naba 78:14

আৰু আমি বৰ্ষণ কৰিছো মেঘমালাৰ পৰা প্ৰচুৰ পানী।

Verse 15 — Surah An-Naba 78:15

যাতে তাৰ দ্বাৰা আমি উৎপন্ন কৰিব পাৰো শস্য আৰু উদ্ভিদ।

Verse 16 — Surah An-Naba 78:16

আৰু ঘন সন্নিবিষ্ট উদ্যান।

Verse 17 — Surah An-Naba 78:17

নিশ্চয় নিৰ্ধাৰিত আছে বিচাৰৰ দিন।

Verse 18 — Surah An-Naba 78:18

সেই দিনা শিঙাত ফুঁ দিয়া হ’ব তেতিয়া তোমালোকে দলে দলে আহিবা।

Verse 19 — Surah An-Naba 78:19

আৰু আকাশখন খুলি দিয়া হ’ব, ফলত ই হ’ব বহু দুৱাৰবিশিষ্ট।

Verse 20 — Surah An-Naba 78:20

আৰু পৰ্বতসমূহক চালিত কৰা হ’ব, ফলত সেইবোৰ হৈ যাব বালিময় মৰীচিকাৰ দৰে।

Verse 21 — Surah An-Naba 78:21

নিশ্চয় জাহান্নাম খাপ পাতি ৰৈ আছে।

Verse 22 — Surah An-Naba 78:22

সীমালঙ্ঘনকাৰী সকলৰ বাবে প্ৰত্যাৱৰ্তনস্থল।

Verse 23 — Surah An-Naba 78:23

তাত সিহঁতে যুগ যুগ ধৰি অৱস্থান কৰিব।

Verse 24 — Surah An-Naba 78:24

তাত সিহঁতে শীতলতা বা উপযুক্ত পানীও ভোগ কৰিব নোৱাৰিব।

Verse 25 — Surah An-Naba 78:25

উতলা পানী আৰু দুৰ্গন্ধময় পুঁজৰ বাহিৰে।

Verse 26 — Surah An-Naba 78:26

এইটোৱেই উপযুক্ত প্ৰতিফল।

Verse 27 — Surah An-Naba 78:27

নিশ্চয় সিহঁতে কেতিয়াও হিচাব-নিকাচৰ আশা কৰা নাছিল।

Verse 28 — Surah An-Naba 78:28

আৰু সিহঁতে আমাৰ নিদৰ্শনাৱলীক কঠোৰভাৱে মিথ্যাৰোপ কৰিছিল।

Verse 29 — Surah An-Naba 78:29

আৰু আমি প্ৰতিটো বস্তু লিখিতভাৱে সংৰক্ষণ কৰি ৰাখিছো।

Verse 30 — Surah An-Naba 78:30

এতেকে ভোগ কৰা, আমি তোমালোকৰ বাবে শাস্তিৰ বাহিৰে আন একো বৃদ্ধি নকৰো।

Verse 31 — Surah An-Naba 78:31

নিশ্চয় মুত্তাক্বীসকলৰ বাবে আছে সফলতা।

Verse 32 — Surah An-Naba 78:32

উদ্যানসমূহ আৰু আঙ্গুৰসমূহ।

Verse 33 — Surah An-Naba 78:33

আৰু সমবয়সীয়া উদ`ভিন্ন নৱ-যুৱতী তৰুণী।

Verse 34 — Surah An-Naba 78:34

আৰু পৰিপূৰ্ণ পানপাত্ৰ।

Verse 35 — Surah An-Naba 78:35

তাত তেওঁলোকে কোনো অনৰ্থক কথা আৰু মিছা বাক্যও শুনা নাপাব।

Verse 36 — Surah An-Naba 78:36

আপোনাৰ প্ৰতিপালকৰ ফালৰ পৰা পুৰষ্কাৰ, যথোচিত দানস্বৰূপ।

Verse 37 — Surah An-Naba 78:37

যিজন আকাশসমূহ আৰু পৃথিৱী আৰু এই দুটাৰ মাজত যি আছে সকলোৰে প্ৰতিপালক, পৰম কৰুণাময়, তেওঁৰ ওচৰত আবেদন-নিবেদনৰ শক্তি সিহঁতৰ কাৰো নাথাকিব।

Verse 38 — Surah An-Naba 78:38

সেইদিনা ৰূহ আৰু ফিৰিস্তাসকল শাৰীবদ্ধভাৱে থিয় হ’ব; ৰহমানে যাক অনুমতি দিব তাৰ বাহিৰে কোনেও কথা নক’ব, আৰু তেওঁ সঠিক কথা ক’ব।

Verse 39 — Surah An-Naba 78:39

এই দিনটো সত্য, এতেকে যাৰ ইচ্ছা সিয়ে তাৰ প্ৰতিপালকৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰক।

Verse 40 — Surah An-Naba 78:40

নিশ্চয় আমি তোমালোকক অতি নিকটৱৰ্তী শাস্তি সম্পৰ্কে সতৰ্ক কৰিলো। যিদিনা মানুহে নিজ কৃতকৰ্ম দেখিবলৈ পাব আৰু কাফিৰে ক’ব, হায়! মই যদি মাটি হ'লোহেঁতেন।