Back to LanguagesPrevious ChapterNext Chapter
Assamese - Chapter 80 - Abasa
Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink
Verse 1 — Surah Abasa 80:1
তেওঁ বিৰক্ত প্ৰকাশ কৰিলে আৰু মুখ ঘুৰাই ল’লে
Verse 2 — Surah Abasa 80:2
তেওঁৰ ওচৰত অন্ধ ব্যক্তিজন অহাৰ কাৰণে।
Verse 3 — Surah Abasa 80:3
কিহে তোমাক জনাব যে, হয়তো সি পৰিশুদ্ধ হ’ব
Verse 4 — Surah Abasa 80:4
অথবা উপদেশ গ্ৰহণ কৰিব আৰু সেই উপদেশ তাৰ বাবে লাভজনক হ’ব।
Verse 5 — Surah Abasa 80:5
আৰু যিয়ে নিজকে অমুখাপেক্ষী বুলি ভাৱে
Verse 6 — Surah Abasa 80:6
তুমি তাৰ প্ৰতি মনোযোগ দিছা।
Verse 7 — Surah Abasa 80:7
অথচ সি পৰিশুদ্ধ নহ’লে তোমাৰ কোনো দায়িত্ব নাই
Verse 8 — Surah Abasa 80:8
আনহাতে যিয়ে তোমাৰ ওচৰলৈ দৌৰি আহিলে
Verse 9 — Surah Abasa 80:9
আৰু সি (আল্লাহক) ভয়ো কৰে
Verse 10 — Surah Abasa 80:10
তাৰ প্ৰতি তুমি উদাসীন হ’লা।
Verse 11 — Surah Abasa 80:11
কেতিয়াও নহয়, নিশ্চয় এইটো উপদেশ বাণী
Verse 12 — Surah Abasa 80:12
গতিকে যিয়ে ইচ্ছা কৰিব সিয়েই ইয়াক স্মৰণ ৰাখিব
Verse 13 — Surah Abasa 80:13
এইটো মৰ্যদা সম্পন্ন ছহীফাত লিপিবদ্ধ।
Verse 14 — Surah Abasa 80:14
সমুন্নত, পৱিত্ৰ
Verse 15 — Surah Abasa 80:15
লেখক বা দূতসকলৰ হাতত।
Verse 16 — Surah Abasa 80:16
(যিসকল) মহাসন্মানিত, পূণ্যবান।
Verse 17 — Surah Abasa 80:17
মানুহ ধ্বংস হওঁক, কিমান যে অকৃতজ্ঞ
Verse 18 — Surah Abasa 80:18
তেওঁ তাক কি বস্তুৰ পৰা সৃষ্টি কৰিছে
Verse 19 — Surah Abasa 80:19
শুক্ৰবিন্দুৰ পৰা, তেওঁ তাক সৃষ্টি কৰিছে, পিছত তাৰ পৰিমিত বিকাশ সাধন কৰিছে
Verse 20 — Surah Abasa 80:20
তাৰ পিছত তাৰ বাবে পথ সহজ কৰি দিছে
Verse 21 — Surah Abasa 80:21
তাৰ পিছত তাক মৃত্যু প্ৰদান কৰিলে আৰু কবৰস্থ কৰিলে।
Verse 22 — Surah Abasa 80:22
আকৌ যেতিয়া তেওঁ ইচ্ছা কৰিব তাক পুনৰ্জীৱিত কৰিব।
Verse 23 — Surah Abasa 80:23
কেতিয়াও নহয়, তেওঁ তাক যি আদেশ কৰিছিল সেয়া সি এতিয়াও পূৰ্ণ কৰা নাই।
Verse 24 — Surah Abasa 80:24
এতেকে মানুহে নিজ খাদ্যৰ প্ৰতি লক্ষ্য কৰা উচিত।
Verse 25 — Surah Abasa 80:25
নিশ্চয় আমি প্ৰচুৰ পৰিমাণে পানী বৰ্ষণ কৰোঁ
Verse 26 — Surah Abasa 80:26
তাৰ পিছত আমি পৃথিৱীক যথাযথভাৱে বিদীৰ্ণ কৰোঁ
Verse 27 — Surah Abasa 80:27
তাৰ পিছত আমি তাত উত্পন্ন কৰোঁ শস্য
Verse 28 — Surah Abasa 80:28
আঙুৰ আৰু শাক-পাচলি
Verse 29 — Surah Abasa 80:29
যায়তুন আৰু খেজুৰ গছ
Verse 30 — Surah Abasa 80:30
ঘন গছ-গছনি বিশিষ্ট উদ্যান
Verse 31 — Surah Abasa 80:31
ফল-মূল আৰু তৃণ-ঘাঁহ
Verse 32 — Surah Abasa 80:32
এইবোৰ তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুৰ জীৱনোপকৰণৰ বাবে।
Verse 33 — Surah Abasa 80:33
এতেকে যেতিয়া তীক্ষ্ন শব্দ আহিব
Verse 34 — Surah Abasa 80:34
সেইদিনা মানুহে পলায়ন কৰিব তাৰ ভাতৃৰ পৰা
Verse 35 — Surah Abasa 80:35
আৰু তাৰ মাক-বাপেকৰ পৰা
Verse 36 — Surah Abasa 80:36
তাৰ স্ত্ৰী আৰু সন্তানৰ পৰা
Verse 37 — Surah Abasa 80:37
সেইদিনা সিহঁত প্ৰত্যকৰে হ’ব এনে এক গুৰুতৰ অৱস্থা যিটো তাক সম্পূৰ্ণৰূপে ব্যস্ত ৰাখিব।
Verse 38 — Surah Abasa 80:38
সেইদিনা কিছুমান চেহেৰা হ’ব উজ্জ্বল
Verse 39 — Surah Abasa 80:39
হাঁহিৰে ভৰা, আনন্দত উত্ফুল্ল
Verse 40 — Surah Abasa 80:40
আৰু সেইদিনা কিছুমান চেহেৰা ধূলিৰে মলিন হ’ব
Verse 41 — Surah Abasa 80:41
ক’লা আৱৰণে আৱৰি ধৰিব।
Verse 42 — Surah Abasa 80:42
এওঁলোকেই কাফিৰ, অত্যন্ত পাপী।