Back to LanguagesPrevious ChapterNext Chapter
Assamese - Chapter 81 - At-Takwir
Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink
Verse 1 — Surah At-Takwir 81:1
সূৰ্যক যেতিয়া নিষ্প্ৰভ কৰা হ’ব
Verse 2 — Surah At-Takwir 81:2
আৰু নক্ষত্ৰৰাজি যেতিয়া খহি পৰিব
Verse 3 — Surah At-Takwir 81:3
পৰ্বতসমূহক যেতিয়া সঞ্চালিত কৰা হ’ব
Verse 4 — Surah At-Takwir 81:4
আৰু যেতিয়া পূৰ্ণ গাভিনী উটবোৰক অযত্নে এৰি দিয়া হ’ব
Verse 5 — Surah At-Takwir 81:5
আৰু যেতিয়া বনৰীয়া পশুবোৰক একত্ৰিত কৰা হ’ব
Verse 6 — Surah At-Takwir 81:6
আৰু যেতিয়া সাগৰসমূহক অগ্নিউত্তাল কৰা হ’ব
Verse 7 — Surah At-Takwir 81:7
আৰু যেতিয়া আত্মাসমূহক (সমগোত্ৰীয়সকলৰ লগত) মিলিত কৰা হ’ব
Verse 8 — Surah At-Takwir 81:8
আৰু যেতিয়া জীৱন্ত সমাধিস্থ কন্যাশিশুক সোধা হ’ব
Verse 9 — Surah At-Takwir 81:9
কি অপৰাধত তাইক হত্যা কৰা হৈছিল
Verse 10 — Surah At-Takwir 81:10
আৰু যেতিয়া আমলনামাসমূহ উন্মোচিত কৰা হ’ব
Verse 11 — Surah At-Takwir 81:11
আৰু যেতিয়া আকাশৰ আৱৰণ অপসাৰিত কৰা হ’ব
Verse 12 — Surah At-Takwir 81:12
আৰু যেতিয়া জাহান্নামক ভীষণভাৱে প্ৰজ্জ্বলিত কৰা হ’ব
Verse 13 — Surah At-Takwir 81:13
আৰু জান্নাতক যেতিয়া নিকটবৰ্তী কৰা হ’ব
Verse 14 — Surah At-Takwir 81:14
তেতিয়া প্ৰত্যেক ব্যক্তিয়েই জানিব সি কি উপস্থিত কৰিছে।
Verse 15 — Surah At-Takwir 81:15
এতেকে মই শপত কৰিছো আৱৰ্তনশীল নক্ষত্ৰবোৰৰ
Verse 16 — Surah At-Takwir 81:16
যিবোৰ গতিশীল, অদৃশ্য
Verse 17 — Surah At-Takwir 81:17
আৰু ৰাতিৰ শপত যেতিয়া ই বিদায় লয়
Verse 18 — Surah At-Takwir 81:18
আৰু প্ৰভাতৰ শপত যেতিয়া ইয়াৰ আবিৰ্ভাৱ হয়
Verse 19 — Surah At-Takwir 81:19
নিশ্চয় এই কোৰআন সন্মানিত ৰাছুলে লৈ অহা বাণী।
Verse 20 — Surah At-Takwir 81:20
যিজন শক্তিশালী, আৰশ্বৰ মালিকৰ ওচৰত মৰ্যদাসম্পন্ন
Verse 21 — Surah At-Takwir 81:21
মান্যবৰ, তাত তেওঁ বিশ্বস্ত।
Verse 22 — Surah At-Takwir 81:22
আৰু তোমালোকৰ সঙ্গী উন্মাদ নহয়
Verse 23 — Surah At-Takwir 81:23
আৰু তেওঁ তেওঁক স্পষ্ট দিগন্তত দেখিছে
Verse 24 — Surah At-Takwir 81:24
আৰু তেওঁ গায়েবী বিষয় সম্পৰ্কে কৃপণালিও নকৰে।
Verse 25 — Surah At-Takwir 81:25
আৰু এয়া কোনো অভিশপ্ত চয়তানৰো বাক্য নহয়।
Verse 26 — Surah At-Takwir 81:26
এতেকে তোমালোকে কোনফালে গতি কৰিছা
Verse 27 — Surah At-Takwir 81:27
এইটো কেৱল সমগ্ৰ জগতবাসীৰ বাবে উপদেশ বাণী
Verse 28 — Surah At-Takwir 81:28
তাৰ বাবে, তোমালোকৰ মাজৰ যিয়ে সৰল পথত চলিব বিচাৰে।
Verse 29 — Surah At-Takwir 81:29
তোমালোকে ইচ্ছা কৰিব নোৱাৰা, যেতিয়া লৈকে বিশ্বজগতৰ প্ৰতিপালক আল্লাহে ইচ্ছা নকৰে।