Back to LanguagesPrevious ChapterNext Chapter
Assamese - Chapter 82 - Al-Infitar
Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink
Verse 1 — Surah Al-Infitar 82:1
যেতিয়া আকাশখন বিদীৰ্ণ হ’ব
Verse 2 — Surah Al-Infitar 82:2
আৰু যেতিয়া নক্ষত্ৰসমূহ বিক্ষিপ্তভাৱে খহি পৰিব
Verse 3 — Surah Al-Infitar 82:3
আৰু যেতিয়া সাগৰসমূহক বিস্ফোৰিত কৰা হ’ব
Verse 4 — Surah Al-Infitar 82:4
আৰু যেতিয়া কবৰসমূহক উন্মোচিত কৰা হ’ব
Verse 5 — Surah Al-Infitar 82:5
তেতিয়া প্ৰত্যেকেই জানিব, সি কি আগলৈ পঠিয়াইছে আৰু পিছত কি ৰাখি আহিছে।
Verse 6 — Surah Al-Infitar 82:6
হে মানৱ! কিহে তোমাক তোমাৰ প্ৰতিপালক সম্পৰ্কে বিভ্ৰান্ত কৰিছে
Verse 7 — Surah Al-Infitar 82:7
যিজনে তোমাক সৃষ্টি কৰিছে, তাৰ পিছত তোমাক সুঠাম কৰিছে আৰু সুসামঞ্জস্য কৰিছে
Verse 8 — Surah Al-Infitar 82:8
আৰু যি আকৃতিত বিচাৰিছে, তেওঁ তোমাক (সেই আকৃতিতে) গঠন কৰিছে।
Verse 9 — Surah Al-Infitar 82:9
কেতিয়াও নহয়, বৰং তোমালোকে প্ৰতিদান দিৱসক অস্বীকাৰ কৰা
Verse 10 — Surah Al-Infitar 82:10
আৰু নিশ্চয় তোমালোকৰ ওপৰত নিয়োজিত আছে সংৰক্ষকদল
Verse 11 — Surah Al-Infitar 82:11
সন্মানিত লেখক বৃন্দ
Verse 12 — Surah Al-Infitar 82:12
তোমালোকে যি কৰা সেয়া তেওঁলোকে জানে।
Verse 13 — Surah Al-Infitar 82:13
নিশ্চয় সত্কৰ্মপৰায়ণসকল থাকিব পৰম সূখ-শান্তিত।
Verse 14 — Surah Al-Infitar 82:14
আৰু নিশ্চয় পাপীসকল থাকিব জাহান্নামত।
Verse 15 — Surah Al-Infitar 82:15
সিহঁতে প্ৰতিদান দিৱসত তাত প্ৰৱেশ কৰিব
Verse 16 — Surah Al-Infitar 82:16
আৰু সিহঁতে তাৰ পৰা অনুপস্থিত থাকিব নোৱাৰিব।
Verse 17 — Surah Al-Infitar 82:17
আৰু তোমাক কিহে জনাব যে, প্ৰতিদান দিৱস কি
Verse 18 — Surah Al-Infitar 82:18
আকৌ কৈছো, কিহে তোমাক জনাব প্ৰতিদান দিৱস কি
Verse 19 — Surah Al-Infitar 82:19
সেইদিনা কোনেও কাৰো বাবে একো কৰাৰ ক্ষমতা নাৰাখিব; আৰু সেইদিনা সকলো বিষয়ৰ কৰ্তৃত্ব হ’ব আল্লাহৰ।