Back to LanguagesPrevious ChapterNext Chapter
Assamese - Chapter 83 - Al-Mutaffifin
Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink
Verse 1 — Surah Al-Mutaffifin 83:1
ধ্বংস সিহঁতৰ বাবে যিহঁতে জোখ-মাখত কম দিয়ে
Verse 2 — Surah Al-Mutaffifin 83:2
যিহঁতে আনৰ পৰা মাপি লওঁতে পূৰ্ণমাত্ৰাত গ্ৰহণ কৰে
Verse 3 — Surah Al-Mutaffifin 83:3
আৰু যেতিয়া সিহঁতক মাপি দিয়ে অথবা ওজন কৰি দিয়ে, তেতিয়া কম দিয়ে।
Verse 4 — Surah Al-Mutaffifin 83:4
সিহঁতে বিশ্বাস নকৰে নেকি যে, সিহঁত পুৰনৰুত্থিত হ’ব
Verse 5 — Surah Al-Mutaffifin 83:5
মহাদিৱসত।
Verse 6 — Surah Al-Mutaffifin 83:6
যিদিনা সকলো মানুহে বিশ্বজগতৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’ব।
Verse 7 — Surah Al-Mutaffifin 83:7
কেতিয়াও নহয়, নিশ্চয় পাপীসকলৰ আমলনামা ছিজ্জিনত আছে।
Verse 8 — Surah Al-Mutaffifin 83:8
আৰু কিহে তোমাক জনাব ছিজ্জিন কি
Verse 9 — Surah Al-Mutaffifin 83:9
চিহ্নিত আমলনামা।
Verse 10 — Surah Al-Mutaffifin 83:10
সেইদিনা ধ্বংস অস্বীকাৰকাৰীসকলৰ বাবে
Verse 11 — Surah Al-Mutaffifin 83:11
যিহঁতে প্ৰতিদান দিৱসক অস্বীকাৰ কৰে।
Verse 12 — Surah Al-Mutaffifin 83:12
আৰু কেৱল প্ৰত্যেক পাপিষ্ঠ সীমালঙ্ঘনকাৰীৰ বাহিৰে আন কোনেও ইয়াক অস্বীকাৰ নকৰে।
Verse 13 — Surah Al-Mutaffifin 83:13
আৰু যেতিয়া আমাৰ আয়াতসমূহ তাৰ ওচৰত তিলাৱত কৰা হয় তেতিয়া সি কয়, (এয়া হৈছে) ‘পুৰ্বৱৰ্তীসকলৰ উপকথা’।
Verse 14 — Surah Al-Mutaffifin 83:14
কেতিয়াও নহয়, সিহঁতৰ কৰ্মৰ ফলত সিহঁতৰ অন্তৰত মামৰ ধৰিছে।
Verse 15 — Surah Al-Mutaffifin 83:15
কেতিয়াও নহয়, নিশ্চয় সিহঁত সেইদিনা নিজ প্ৰতিপালকৰ পৰা পৰ্দাৰ আঁৰত থাকিব।
Verse 16 — Surah Al-Mutaffifin 83:16
তাৰ পিছত নিশ্চয় সিহঁতে প্ৰজ্জ্বলিত জাহান্নামত প্ৰৱেশ কৰিব
Verse 17 — Surah Al-Mutaffifin 83:17
তাৰ পিছত কোৱা হ’ব, ‘এইটোৱে সেইটো যাক তোমালোকে অস্বীকাৰ কৰিছিলা’।
Verse 18 — Surah Al-Mutaffifin 83:18
কেতিয়াও নহয়, নিশ্চয় পূ্ণ্যবানলোকসকলৰ আমলনামা থাকিব ইল্লিয়্যীনত।
Verse 19 — Surah Al-Mutaffifin 83:19
আৰু কিহে তোমাক জনাব ইল্লিয়্যীন কি
Verse 20 — Surah Al-Mutaffifin 83:20
চিহ্নিত আমলনামা।
Verse 21 — Surah Al-Mutaffifin 83:21
সান্নিধ্যপ্ৰাপ্তসকলেই ইয়াৰ অবলোকন কৰে।
Verse 22 — Surah Al-Mutaffifin 83:22
নিশ্চয় পূণ্যবানসকলেই থাকিব পৰম সূখ-শান্তিত
Verse 23 — Surah Al-Mutaffifin 83:23
সুসজ্জিত আসনত বহি দৰ্শন কৰিব।
Verse 24 — Surah Al-Mutaffifin 83:24
তুমি সিহঁতৰ মুখমণ্ডলত সূখ-শান্তিৰ উজ্জলতা দেখিবলৈ পাবা
Verse 25 — Surah Al-Mutaffifin 83:25
সিহঁতক মোহৰ মাৰি থোৱা বিশুদ্ধ পানীয় পান কৰোৱা হ’ব
Verse 26 — Surah Al-Mutaffifin 83:26
আৰু যাৰ মোহৰ হ'ব মিছকৰ, সেয়ে এই বিষয়ে প্ৰতিযোগীসকলে প্ৰতিযোগীতা কৰা উচিত।
Verse 27 — Surah Al-Mutaffifin 83:27
আৰু ইয়াৰ মিশ্ৰণ হ’ব তাছনীমৰ
Verse 28 — Surah Al-Mutaffifin 83:28
(সেইটো) এটা নিজৰা, যাৰ পৰা সান্নিধ্যসকলে পান কৰিব।
Verse 29 — Surah Al-Mutaffifin 83:29
নিশ্চয় যিহঁতে অপৰাধ কৰিছে সিহঁতে মুমিনসকলক উপহাস কৰিছিল
Verse 30 — Surah Al-Mutaffifin 83:30
আৰু যেতিয়া সিহঁতে মুমিনসকলৰ ওচৰেদি গৈছিল তেতিয়া সিহঁতে চকু টিপি বিদ্ৰূপ কৰিছিল।
Verse 31 — Surah Al-Mutaffifin 83:31
আৰু যেতিয়া সিহঁতে আপোনজনৰ ওচৰলৈ উভতি আহিছিল তেতিয়া উত্ফল্লিত হৈ উভতিছিল
Verse 32 — Surah Al-Mutaffifin 83:32
আৰু সিহঁতে যেতিয়া মুমিনসকলক দেখিছিল তেতিয়া কৈছিল, ‘নিশ্চয় ইহঁত পথভ্ৰষ্ট’।
Verse 33 — Surah Al-Mutaffifin 83:33
অথচ সিহঁতক মুমিনসকলৰ তত্ত্ববধায়ক হিচাপে পঠোৱা হোৱা নাই।
Verse 34 — Surah Al-Mutaffifin 83:34
এতেকে আজি মুমিনসকলে উপহাস কৰিব কাফিৰসকলক।
Verse 35 — Surah Al-Mutaffifin 83:35
সুসজ্জিত আসনত বহি সিহঁতে চাই থাকিব।
Verse 36 — Surah Al-Mutaffifin 83:36
কাফিৰসকলে সিহঁতৰ কৃতকৰ্মৰ ফল পালেনে