Back to LanguagesPrevious ChapterNext Chapter
Assamese - Chapter 84 - Al-Inshiqaq
Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink
Verse 1 — Surah Al-Inshiqaq 84:1
যেতিয়া আকাশ বিদীৰ্ণ হ’ব
Verse 2 — Surah Al-Inshiqaq 84:2
আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে তাৰ কৰণীয়।
Verse 3 — Surah Al-Inshiqaq 84:3
আৰু যেতিয়া পৃথিৱীক সম্প্ৰসাৰিত কৰা হ’ব।
Verse 4 — Surah Al-Inshiqaq 84:4
আৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা সকলোবোৰ বাহিৰলৈ নিক্ষেপ কৰিব আৰু ই গৰ্ভশূন্য হৈ পৰিব।
Verse 5 — Surah Al-Inshiqaq 84:5
আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে তাৰ কৰণীয়।
Verse 6 — Surah Al-Inshiqaq 84:6
হে মানৱ! তুমি তোমাৰ প্ৰতিপালকৰ নৈকট্য পাবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে তেওঁৰ সাক্ষাত লাভ কৰিব পাৰিবা।
Verse 7 — Surah Al-Inshiqaq 84:7
এতেকে যাৰ আমলনামা তাৰ সোঁ হাতত দিয়া হব
Verse 8 — Surah Al-Inshiqaq 84:8
অত্যন্ত সহজ ভাৱে তাৰ হিচাপ-নিকাচ লোৱা হ’ব।
Verse 9 — Surah Al-Inshiqaq 84:9
আৰু সি তাৰ আপোনজনৰ ওচৰলৈ প্ৰফুল্লচিত্তে উভতি যাব
Verse 10 — Surah Al-Inshiqaq 84:10
আৰু যাৰ আমলনামা পিছফালৰ পৰা দিয়া হ’ব
Verse 11 — Surah Al-Inshiqaq 84:11
সি নিজৰ ধ্বংস আহ্বান কৰিব
Verse 12 — Surah Al-Inshiqaq 84:12
আৰু সি জ্বলন্ত জুইত প্ৰৱেশ কৰিব
Verse 13 — Surah Al-Inshiqaq 84:13
নিশ্চয় সি নিজ পৰিয়ালৰ মাজত আনন্দত আছিল
Verse 14 — Surah Al-Inshiqaq 84:14
নিশ্চয় সি ভাবিছিল যে, সি কেতিয়াও উভতি নাযাব
Verse 15 — Surah Al-Inshiqaq 84:15
হয়, নিশ্চয় তাৰ প্ৰতিপালক তাৰ ওপৰত সম্যক দৃষ্টি দানকাৰী।
Verse 16 — Surah Al-Inshiqaq 84:16
এতেকে মই শপত কৰিছো পশ্চিম আকাশৰ ৰঙা কিৰণৰ
Verse 17 — Surah Al-Inshiqaq 84:17
ৰাতিৰ শপত আৰু ই যিবোৰৰ সমাবেশ ঘটায়
Verse 18 — Surah Al-Inshiqaq 84:18
আৰু চন্দ্ৰৰ শপত, যেতিয়া ই পূৰ্ণতা লাভ কৰে
Verse 19 — Surah Al-Inshiqaq 84:19
অৱশ্যই তোমালোকে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ আৰোহণ কৰিবা।
Verse 20 — Surah Al-Inshiqaq 84:20
কিন্তু সিহঁতৰ কি হ’ল, সিহঁতে ঈমান পোষণ নকৰে কিয়
Verse 21 — Surah Al-Inshiqaq 84:21
আৰু যেতিয়া সিহঁতৰ ওচৰত কোৰআন তিলাৱাত কৰা হয় তেতিয়া সিহঁতে ছাজদা নকৰে কিয়
Verse 22 — Surah Al-Inshiqaq 84:22
বৰং কাফিৰসকলে অস্বীকাৰ কৰে।
Verse 23 — Surah Al-Inshiqaq 84:23
আৰু সিহঁতে (অন্তৰত) যি পোষণ কৰে আল্লাহে সেই বিষয়ে সবিশেষ অৱগত।
Verse 24 — Surah Al-Inshiqaq 84:24
সেয়ে তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সংবাদ দিয়া
Verse 25 — Surah Al-Inshiqaq 84:25
কিন্তু যিসকলে ঈমান আনে আৰু সত্কৰ্ম কৰে তেওঁলোকৰ বাবে আছে নিৰবিচ্ছিন্ন প্ৰতিদান।