Back to LanguagesPrevious ChapterNext Chapter
Assamese - Chapter 86 - At-Tariq
Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink
Verse 1 — Surah At-Tariq 86:1
শপত আকাশৰ আৰু যি ৰাতিত আত্মপ্ৰকাশ কৰে
Verse 2 — Surah At-Tariq 86:2
আৰু কিহে তোমাক জনাব যে, ‘ৰাতিত যিয়ে আত্মপ্ৰকাশ কৰে’ সেয়া নো কি
Verse 3 — Surah At-Tariq 86:3
(সেয়া হৈছে) উজ্জ্বল নক্ষত্ৰ।
Verse 4 — Surah At-Tariq 86:4
প্ৰত্যেক জীৱৰ ওপৰতেই তত্ত্বাবধায়ক আছে।
Verse 5 — Surah At-Tariq 86:5
এতেকে মানুহে চিন্তা কৰা উচিত যে, তাক কিহেৰে সৃষ্টি কৰা হৈছে
Verse 6 — Surah At-Tariq 86:6
তাক সৃষ্টি কৰা হৈছে দ্ৰুতগতিত নিৰ্গত হোৱা পানীৰে
Verse 7 — Surah At-Tariq 86:7
যিটো নিৰ্গত হয় মেৰুদণ্ড আৰু বুকুৰ মাজৰ পৰা।
Verse 8 — Surah At-Tariq 86:8
নিশ্চয় তেওঁ তাক উভতাই আনিবলৈ সক্ষম।
Verse 9 — Surah At-Tariq 86:9
যিদিনা গোপন বিষয়সমূহ পৰীক্ষা কৰা হ’ব
Verse 10 — Surah At-Tariq 86:10
সেইদিনা তাৰ কোনো শক্তি নাথাকিব আৰু কোনো সহায়কাৰীও নাথাকিব।
Verse 11 — Surah At-Tariq 86:11
শপত আকাশৰ যিয়ে বৰষুণ ধাৰণ কৰে
Verse 12 — Surah At-Tariq 86:12
শপত পৃথিৱীৰ, যিটো বিদীৰ্ণ হয়
Verse 13 — Surah At-Tariq 86:13
নিশ্চয় এইটো (আল-কোৰআন) মীমাংসাকাৰী বাণী।
Verse 14 — Surah At-Tariq 86:14
আৰু এইটো নিৰৰ্থক নহয়।
Verse 15 — Surah At-Tariq 86:15
নিশ্চয় সিহঁত ভীষণ ষড়যন্ত্ৰ কৰে
Verse 16 — Surah At-Tariq 86:16
আৰু ময়ো ভীষণ কৌশল কৰিছো।
Verse 17 — Surah At-Tariq 86:17
এতেকে কাফিৰসকলক অৱকাশ দিয়া; সিহঁতক কিছু সময়ৰ বাবে অৱকাশ দিয়া।