Back to Languages

Assamese - Chapter 88 - Al-Ghashiyah

Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink

Verse 1 — Surah Al-Ghashiyah 88:1

তোমাৰ ওচৰত আচ্ছন্নকাৰী (কিয়ামতৰ) সংবাদ আহিছেনে

Verse 2 — Surah Al-Ghashiyah 88:2

সেইদিনা কিছুমান মুখমণ্ডল হ’ব অৱনত

Verse 3 — Surah Al-Ghashiyah 88:3

কৰ্মক্লান্ত, পৰিশ্ৰান্ত

Verse 4 — Surah Al-Ghashiyah 88:4

সিহঁত প্ৰৱেশ কৰিব জ্বলন্ত জুইত

Verse 5 — Surah Al-Ghashiyah 88:5

উত্তপ্ত উতলা নিজৰাৰ পানী পান কৰিবলৈ দিয়া হ’ব

Verse 6 — Surah Al-Ghashiyah 88:6

সিহঁতৰ বাবে কাঁইটবিশিষ্ট ঘাঁহৰ বাহিৰে আন কোনো খাদ্য নাথাকিব

Verse 7 — Surah Al-Ghashiyah 88:7

ই সিহঁতৰ পুষ্টিও সাধন নকৰিব আৰু ক্ষুধাও নিবৃত্ত নকৰিব।

Verse 8 — Surah Al-Ghashiyah 88:8

আৰু সেইদিনা কিছুমান মুখমণ্ডল হ’ব আনন্দোজ্জ্বল

Verse 9 — Surah Al-Ghashiyah 88:9

নিজ কৰ্মৰ সাফল্যত পৰিতৃপ্ত

Verse 10 — Surah Al-Ghashiyah 88:10

সুউচ্চ জান্নাতত

Verse 11 — Surah Al-Ghashiyah 88:11

তাত সিহঁতে কোনো অনৰ্থক কথা শুনিবলৈ নাপাব

Verse 12 — Surah Al-Ghashiyah 88:12

তাত থাকিব প্ৰবাহমান নিজৰা

Verse 13 — Surah Al-Ghashiyah 88:13

তাত থাকিব উন্নত শয্যাসমূহ

Verse 14 — Surah Al-Ghashiyah 88:14

আৰু প্ৰস্তুত থাকিব পানপাত্ৰসমূহ

Verse 15 — Surah Al-Ghashiyah 88:15

আৰু শাৰী শাৰীকৈ ৰখা গাৰুসমূহ

Verse 16 — Surah Al-Ghashiyah 88:16

আৰু বিস্তৃত পাৰি থোৱা দলিচাসমূহ

Verse 17 — Surah Al-Ghashiyah 88:17

ইহঁতে উটৰ পিনে দৃষ্টিপাত নকৰে নেকি, কেনেকৈ তাক সৃষ্টি কৰা হৈছে

Verse 18 — Surah Al-Ghashiyah 88:18

আৰু আকাশৰ ফালে, কেনেকৈ তাক উৰ্দ্ধত স্থাপন কৰা হৈছে

Verse 19 — Surah Al-Ghashiyah 88:19

আৰু পৰ্বতসমূহৰ ফালে, সেইবোৰ কেনেকৈ প্ৰতিষ্ঠিত কৰা হৈছে

Verse 20 — Surah Al-Ghashiyah 88:20

আৰু পৃথিৱীখনৰ ফালে, কিদৰে তাক বিস্তৃত কৰা হৈছে

Verse 21 — Surah Al-Ghashiyah 88:21

এতেকে তুমি উপদেশ দিয়া, তুমিতো কেৱল এজন উপদেশদাতা

Verse 22 — Surah Al-Ghashiyah 88:22

তুমি সিহঁতৰ ওপৰত শক্তি প্ৰয়োগকাৰী নহয়।

Verse 23 — Surah Al-Ghashiyah 88:23

কিন্তু কোনোবাই মুখ ঘুৰাই ল’লে অথবা কুফৰী কৰিলে

Verse 24 — Surah Al-Ghashiyah 88:24

তেন্তে আল্লাহে তাক মহাশাস্তি প্ৰদান কৰিব।

Verse 25 — Surah Al-Ghashiyah 88:25

নিশ্চয় আমাৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন।

Verse 26 — Surah Al-Ghashiyah 88:26

আৰু সিহঁতৰ হিচাপ-নিকাচ আমাৰেই দায়িত্ব।