Back to LanguagesPrevious ChapterNext Chapter
Assamese - Chapter 89 - Al-Fajr
Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink
Verse 1 — Surah Al-Fajr 89:1
ফজৰৰ সময়ৰ শপত
Verse 2 — Surah Al-Fajr 89:2
শপত দহ ৰাতিৰ
Verse 3 — Surah Al-Fajr 89:3
শপত যোৰ আৰু বিযোৰৰ
Verse 4 — Surah Al-Fajr 89:4
শপত ৰাতিৰ, যেতিয়া ই বিদায় লয়।
Verse 5 — Surah Al-Fajr 89:5
ইয়াৰ মাজত বোধসম্পন্ন ব্যক্তিৰ বাবে দৃঢ় প্ৰমাণ নাইনে
Verse 6 — Surah Al-Fajr 89:6
তুমি দেখা নাইনে, তোমাৰ প্ৰতিপালকে আদ সম্প্ৰদায়ৰ লগত কি আচৰণ কৰিছিল
Verse 7 — Surah Al-Fajr 89:7
ইৰাম গোত্ৰৰ লগত, যিহঁতে অধিকাৰী আছিল সুউচ্চ প্ৰসাদৰ
Verse 8 — Surah Al-Fajr 89:8
যাৰ সমতুল্য (জাতি) কোনো দেশতে সৃষ্টি কৰা হোৱা নাই
Verse 9 — Surah Al-Fajr 89:9
আৰু ছামূদ সম্প্ৰদায়ৰ লগত (কি আচৰণ কৰিছিল) যিসকলে ভৈয়ামত শিল কাটি ঘৰ নিৰ্মাণ কৰিছিল
Verse 10 — Surah Al-Fajr 89:10
আৰু শূলদণ্ডৰ অধিকাৰী ফিৰআউনৰ লগত (কি আচৰণ কৰিছিল)
Verse 11 — Surah Al-Fajr 89:11
যিসকলে দেশত সীমালঙ্ঘন কৰিছিল
Verse 12 — Surah Al-Fajr 89:12
তাৰ পিছত তাত অশান্তি বৃদ্ধি কৰিছিল।
Verse 13 — Surah Al-Fajr 89:13
ফলত তোমাৰ প্ৰতিপালকে সিহঁতৰ ওপৰত শাস্তিৰ চাবুক মাৰিলে।
Verse 14 — Surah Al-Fajr 89:14
নিশ্চয় তোমাৰ প্ৰতিপালক সতৰ্ক দৃষ্টি ৰাখে।
Verse 15 — Surah Al-Fajr 89:15
আৰু মানুহৰ প্ৰকৃতি এনেকুৱা যে, যেতিয়া তাৰ প্ৰতিপালকে তাক সন্মান আৰু অনুগ্ৰহ প্ৰদান কৰি পৰীক্ষা কৰে, তেতিয়া সি কয়, ‘মোৰ প্ৰতিপালকে মোক সন্মানিত কৰিছে’।
Verse 16 — Surah Al-Fajr 89:16
আৰু যেতিয়া তাক পৰীক্ষা কৰিবলৈ তাৰ জীৱিকা সংকুচিত কৰি দিয়ে, তেতিয়া সি কয়, ‘মোৰ প্ৰতিপালকে মোক লাঞ্ছিত কৰিছে’।
Verse 17 — Surah Al-Fajr 89:17
কেতিয়াও নহয়, বৰং তোমালোকে এতীমক সমাদৰ নকৰা
Verse 18 — Surah Al-Fajr 89:18
আৰু তোমালোকে মিচকিনক খাদ্য প্ৰদান কৰিবলৈ পৰস্পৰে পৰস্পৰক উত্সাহিত নকৰা
Verse 19 — Surah Al-Fajr 89:19
আৰু তোমালোকে উত্তৰাধিকাৰৰ সম্পদ সম্পূৰ্ণৰূপে গ্ৰাস কৰি পেলোৱা
Verse 20 — Surah Al-Fajr 89:20
আৰু তোমালোকে ধন-সম্পদক অতিকৈ ভালপোৱা
Verse 21 — Surah Al-Fajr 89:21
কেতিয়াও নহয়। যেতিয়া পৃথিৱীখনক চূৰ্ণ-বিচূৰ্ণ কৰা হ’ব
Verse 22 — Surah Al-Fajr 89:22
আৰু যেতিয়া তোমাৰ প্ৰতিপালক আগমন কৰিব আৰু ফিৰিস্তাসকল শাৰীবদ্ধভাৱে উপস্থিত হ’ব
Verse 23 — Surah Al-Fajr 89:23
আৰু সেইদিনা জাহান্নামক উপস্থিত কৰা হ’ব, সেইদিনা মানুহে স্মৰণ কৰিব, কিন্তু এই স্মৰণ তাৰ কোন কামত আহিব
Verse 24 — Surah Al-Fajr 89:24
(তেতিয়া) সি ক’ব, ‘হায়! এই জীৱনৰ বাবে মই যদি কিবা অগ্ৰিম পঠালোহেঁতেন
Verse 25 — Surah Al-Fajr 89:25
সেইদিনা তেওঁৰ শাস্তিৰ দৰে শাস্তি কোনেও দিব নোৱাৰিব।
Verse 26 — Surah Al-Fajr 89:26
আৰু তেওঁৰ বান্ধোনৰ দৰে বান্ধোন আন কোনেও দিব নোৱাৰিব।
Verse 27 — Surah Al-Fajr 89:27
হে প্ৰশান্ত আত্মা
Verse 28 — Surah Al-Fajr 89:28
তুমি তোমাৰ প্ৰতিপালকৰ ওচৰলৈ উভতি আহা সন্তুষ্ট আৰু সন্তোষভাজন হৈ
Verse 29 — Surah Al-Fajr 89:29
আৰু মোৰ বান্দাসকলৰ অন্তৰ্ভূক্ত হৈ যোৱা
Verse 30 — Surah Al-Fajr 89:30
আৰু মোৰ জান্নাতত প্ৰৱেশ কৰা।