Back to LanguagesPrevious ChapterNext Chapter
Assamese - Chapter 90 - Al-Balad
Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink
Verse 1 — Surah Al-Balad 90:1
মই শপত কৰিছো এই নগৰখনৰ
Verse 2 — Surah Al-Balad 90:2
আৰু তুমি এই নগৰৰ অধিবাসী
Verse 3 — Surah Al-Balad 90:3
শপত জন্মদাতাৰ আৰু যিটো সি জন্ম দিছে।
Verse 4 — Surah Al-Balad 90:4
নিসন্দেহে আমি মানুহক সৃষ্টি কৰিছো কঠোৰ দুখ-কষ্টৰ মাজত।
Verse 5 — Surah Al-Balad 90:5
সি ভাবে নেকি যে, কেতিয়াও তাৰ ওপৰত কোনোৱেই ক্ষমতাবান নহ’ব
Verse 6 — Surah Al-Balad 90:6
সি কয়, 'মই প্ৰচুৰ ধন-সম্পদ নাশ কৰিছো'।
Verse 7 — Surah Al-Balad 90:7
সি ভাবে নেকি যে, কোনেও তাক দেখা নাই
Verse 8 — Surah Al-Balad 90:8
তাৰ বাবে আমি দুটা চকু সৃষ্টি কৰা নাইনে
Verse 9 — Surah Al-Balad 90:9
এখন জিভা আৰু দুটা ওঁঠ
Verse 10 — Surah Al-Balad 90:10
আৰু আমি তাক দুটা পথ দেখুৱাইছো।
Verse 11 — Surah Al-Balad 90:11
কিন্তু সি দুৰ্গম গিৰিপথত প্ৰৱেশ কৰা নাই।
Verse 12 — Surah Al-Balad 90:12
আৰু তোমাক কিহে জনাব যে, দুৰ্গম গিৰিপথ কি
Verse 13 — Surah Al-Balad 90:13
সেইটো হৈছে, দাসমুক্তি।
Verse 14 — Surah Al-Balad 90:14
অথবা দুৰ্ভিক্ষৰ দিনত খাদ্যদান কৰা
Verse 15 — Surah Al-Balad 90:15
নিকটাত্মীয় এতীমক
Verse 16 — Surah Al-Balad 90:16
অথবা দৰিদ্ৰ-নিষ্পেষিত অভাৱগ্ৰস্তক
Verse 17 — Surah Al-Balad 90:17
তাৰ পিছত সি এনেলোকৰ অন্তৰ্ভূক্ত হৈ যায় যিসকলে ঈমান আনিছে আৰু পৰস্পৰক ধৈৰ্য ধাৰণ কৰিবলৈ উপদেশ দিছে আৰু উপদেশ দিছে পৰস্পৰক দয়া-অনুগ্ৰহ কৰিবলৈ
Verse 18 — Surah Al-Balad 90:18
এওঁলোকেই সৌভাগ্যশালী।
Verse 19 — Surah Al-Balad 90:19
আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতেই হতভাগ্য।
Verse 20 — Surah Al-Balad 90:20
সিহঁত অবৰুদ্ধ জুইত পৰিবেষ্টিত থাকিব।