Back to LanguagesPrevious ChapterNext Chapter
Assamese - Chapter 91 - Ash-Shams
Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink
Verse 1 — Surah Ash-Shams 91:1
শপত সূৰ্যৰ আৰু তাৰ পোহৰৰ
Verse 2 — Surah Ash-Shams 91:2
শপত চন্দ্ৰৰ যেতিয়া ই সূৰ্যৰ পিছত আবিৰ্ভাৱ হয়
Verse 3 — Surah Ash-Shams 91:3
দিনৰ শপত যেতিয়া সূৰ্যক প্ৰকাশ কৰে
Verse 4 — Surah Ash-Shams 91:4
ৰাতিৰ শপত যেতিয়া ই সূৰ্যক আচ্ছাদিত কৰে
Verse 5 — Surah Ash-Shams 91:5
শপত আকাশৰ আৰু সেই সত্তাৰ যিজনে ইয়াক নিৰ্মাণ কৰিছে
Verse 6 — Surah Ash-Shams 91:6
পৃথিৱীৰ শপত আৰু যিজনে ইয়াক বিস্তৃত কৰিছে
Verse 7 — Surah Ash-Shams 91:7
শপত নফছৰ আৰু যিজনে ইয়াক সুবিন্যস্ত কৰিছে
Verse 8 — Surah Ash-Shams 91:8
তাৰ পিছত ইয়াক তাৰ সত্কামৰ আৰু অসত্কামৰ জ্ঞান দান কৰিছে
Verse 9 — Surah Ash-Shams 91:9
নিসন্দেহে সিয়েই সফল হৈছে যিয়ে নিজকে পৱিত্ৰ কৰিছে।
Verse 10 — Surah Ash-Shams 91:10
আৰু সিয়েই ব্যৰ্থ হৈছে, যিয়ে নিজকে কলুষিত কৰিছে।
Verse 11 — Surah Ash-Shams 91:11
ছামূদ সম্প্ৰদায়ে অবাধ্যতাবশত অস্বীকাৰ কৰিছিল।
Verse 12 — Surah Ash-Shams 91:12
যেতিয়া সিহঁতৰ মাজৰ হতভাগ্য ব্যক্তিজন তত্পৰ হৈ উঠিল
Verse 13 — Surah Ash-Shams 91:13
তেতিয়া আল্লাহৰ ৰাছুলে সিহঁতক ক'লে, 'আল্লাহৰ উটজনীক আৰু তাইৰ পানী খোৱা সম্পৰ্কে সাৱধান হোৱা'।
Verse 14 — Surah Ash-Shams 91:14
কিন্তু সিহঁতে অস্বীকাৰ কৰিলে আৰু উটজনীক বধ কৰিলে। ফলত সিহঁতৰ পাপৰ বাবে সিহঁতৰ প্ৰতিপালকে সিহঁতক সমূলে ধ্বংস কৰি একাকাৰ কৰি দিলে।
Verse 15 — Surah Ash-Shams 91:15
আৰু তেওঁ ইয়াৰ পৰিণামক ভয় নকৰে।