Back to Languages

Assamese - Chapter 92 - Al-Layl

Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink

Verse 1 — Surah Al-Layl 92:1

শপত ৰাতিৰ, যেতিয়া ই আচ্ছন্ন কৰে

Verse 2 — Surah Al-Layl 92:2

শপত দিনৰ, যেতিয়া ই উজ্জ্বল হয়

Verse 3 — Surah Al-Layl 92:3

আৰু শপত সেই সত্তাৰ, যিজনে নৰ আৰু নাৰী সৃষ্টি কৰিছে।

Verse 4 — Surah Al-Layl 92:4

নিশ্চয় তোমালোকৰ কৰ্মপ্ৰচেষ্টা বিভিন্ন প্ৰকৃতিৰ।

Verse 5 — Surah Al-Layl 92:5

এতেকে কোনোবাই দান কৰিলে আৰু তাক্বৱা অৱলম্বন কৰিলে

Verse 6 — Surah Al-Layl 92:6

আৰু যি উত্তম তাক সত্য বুলি গ্ৰহণ কৰিলে

Verse 7 — Surah Al-Layl 92:7

আমি তাৰ বাবে সহজ পথত চলা সুগম কৰি দিম।

Verse 8 — Surah Al-Layl 92:8

আৰু কোনোবাই কৃপণালি কৰিলে আৰু নিজকে অমুখাপেক্ষী ভাবিলে

Verse 9 — Surah Al-Layl 92:9

আৰু যি উত্তম তাক অস্বীকাৰ কৰিলে

Verse 10 — Surah Al-Layl 92:10

আমি তাৰ বাবে কঠিন পথত চলা সুগম কৰি দিম।

Verse 11 — Surah Al-Layl 92:11

আৰু তাৰ সম্পদ তাৰ কোনো কামত নাহিব, যেতিয়া সি ধ্বংস হ’ব।

Verse 12 — Surah Al-Layl 92:12

নিশ্চয় পথপ্ৰদৰ্শন কৰাটোৱে আমাৰ কৰ্তব্য।

Verse 13 — Surah Al-Layl 92:13

নিশ্চয় আমিয়েই পৰকাল আৰু ইহকালৰ মালিক।

Verse 14 — Surah Al-Layl 92:14

এতেকে আমি তোমালোকক লেলিহান জুই সম্পৰ্কে সতৰ্ক কৰি দিছো।

Verse 15 — Surah Al-Layl 92:15

তাত প্ৰৱেশ কৰিব কেৱল সেই ব্যক্তি যি হ’ব চৰম হতভাগ্য

Verse 16 — Surah Al-Layl 92:16

যিয়ে অস্বীকাৰ কৰিছে আৰু মুখ ঘূৰাই লৈছে।

Verse 17 — Surah Al-Layl 92:17

আৰু ইয়াৰ পৰা দুৰৈত ৰখা হ’ব পৰম মুত্তাক্বী ব্যক্তিক

Verse 18 — Surah Al-Layl 92:18

যিয়ে আত্মশুদ্ধিৰ বাবে নিজ সম্পদ দান কৰে

Verse 19 — Surah Al-Layl 92:19

আৰু তাৰ প্ৰতি কাৰো এনে অনুগ্ৰহ নাই যাৰ প্ৰতিদান দিব লাগিব

Verse 20 — Surah Al-Layl 92:20

কেৱল তাৰ মহান প্ৰতিপালকৰ সন্তুষ্টিৰ প্ৰত্যাশাত

Verse 21 — Surah Al-Layl 92:21

আৰু অনতিপলমে সি সন্তুষ্টি লাভ কৰিব।