Back to LanguagesPrevious ChapterNext Chapter
Assamese - Chapter 94 - Ash-Sharh
Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink
Verse 1 — Surah Ash-Sharh 94:1
আমি তোমাৰ (কল্যাণৰ) বাবে তোমাৰ বুকু প্ৰশস্ত কৰি দিয়া নাইনে
Verse 2 — Surah Ash-Sharh 94:2
আৰু আমি তোমাৰ পৰা তোমাৰ বোজা অপসাৰণ কৰা নাইনে
Verse 3 — Surah Ash-Sharh 94:3
যি বোজাই তোমাৰ পিঠি ভাঙি পেলাইছিল
Verse 4 — Surah Ash-Sharh 94:4
আৰু আমিয়েই তোমাৰ (মৰ্যদা বৃদ্ধিৰ) বাবে তোমাৰ স্মৰণক সমুন্নত কৰিছো।
Verse 5 — Surah Ash-Sharh 94:5
এতেকে দুখৰ লগতেই আছে সুখ
Verse 6 — Surah Ash-Sharh 94:6
নিশ্চয় দুখৰ লগতেই আছে সুখ।
Verse 7 — Surah Ash-Sharh 94:7
এতেকে যেতিয়াই তুমি অৱসৰ পোৱা তেতিয়াই কঠোৰ ইবাদতত আত্মনিয়োগ কৰা।
Verse 8 — Surah Ash-Sharh 94:8
আৰু তোমাৰ প্ৰতিপালকৰ প্ৰতি গভীৰ মনোযোগী হোৱা।