Back to Languages

Assamese - Chapter 96 - Al-Alaq

Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink

Verse 1 — Surah Al-Alaq 96:1

পঢ়া তোমাৰ প্ৰতিপালকৰ নামত, যিয়ে সৃষ্টি কৰিছে

Verse 2 — Surah Al-Alaq 96:2

তেওঁ মানুহক আলাক্বৰ পৰা সৃষ্টি কৰিছে।

Verse 3 — Surah Al-Alaq 96:3

পঢ়া, কাৰণ তোমাৰ প্ৰতিপালক মহামহিম।

Verse 4 — Surah Al-Alaq 96:4

যিজনে কলমৰ সহায়ত শিক্ষা দিছে।

Verse 5 — Surah Al-Alaq 96:5

তেওঁ মানুহক এনে শিক্ষা দিছে, যিটো মানুহে জনা নাছিল।

Verse 6 — Surah Al-Alaq 96:6

বাস্তৱতে, মানুহে সীমালঙ্ঘন কৰি থাকে।

Verse 7 — Surah Al-Alaq 96:7

কাৰণ সি নিজকে স্বনিৰ্ভৰশীল বুলি ভাৱে।

Verse 8 — Surah Al-Alaq 96:8

নিশ্চয় তোমাৰ প্ৰতিপালকৰ ওচৰতেই প্ৰত্যাৱৰ্তন।

Verse 9 — Surah Al-Alaq 96:9

তুমি তাক দেখা নাইনে? যিয়ে নিষেধ কৰে।

Verse 10 — Surah Al-Alaq 96:10

এজন বান্দাক, যেতিয়া তেওঁ ছালাত আদায় কৰে।

Verse 11 — Surah Al-Alaq 96:11

কোৱাচোন, যদিও তেওঁ হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত

Verse 12 — Surah Al-Alaq 96:12

অথবা তাক্বৱাৰ নিৰ্দেশ দিয়ে; (তথাপিও তেওঁক কেনেকৈ বাধা দিয়ে)

Verse 13 — Surah Al-Alaq 96:13

কোৱাচোন যদি সি (নিষেধকাৰী) অস্বীকাৰ কৰে আৰু মুখ ঘূৰাই লয়

Verse 14 — Surah Al-Alaq 96:14

সি নাজানে নেকি, নিশ্চয় আল্লাহে দেখি আছে

Verse 15 — Surah Al-Alaq 96:15

কেতিয়াও নহয়, যদি সি বিৰত নাথাকে, তেন্তে নিশ্চয় আমি তাক আগচুলিত ধৰি টানি আনিম।

Verse 16 — Surah Al-Alaq 96:16

মিছলীয়া, পাপিষ্ঠৰ আগচুলি (কপাল)।

Verse 17 — Surah Al-Alaq 96:17

এতেকে সি নিজ পৰিষদক মাতি আনক।

Verse 18 — Surah Al-Alaq 96:18

অনতিপলমে আমি মাতি আনিম জাহান্নামৰ কঠোৰ প্ৰহৰীসকলক।

Verse 19 — Surah Al-Alaq 96:19

কেতিয়াও নহয়, তুমি তাৰ অনুসৰণ নকৰিবা। আৰু তুমি (তোমাৰ প্ৰতিপালকক) ছাজদা কৰা আৰু নৈকট্য লাভ কৰা।