Back to Languages

    Assamese - Chapter 100

    Translation by Shaykh Rafeequl Islam Habibur Rahman

    Verse 1

    শপত ঊৰ্ধ্বশ্বাসত দৌৰি যোৱা ঘোঁৰাসমূহৰ

    Verse 2

    যিবোৰে ক্ষুৰৰ আঘাতত ফিৰিঙতি উৰুৱায়

    Verse 3

    যিবোৰে প্ৰভাতকালত আক্ৰমণ কৰে

    Verse 4

    ফলত সিহঁতে ইয়াৰ দ্বাৰা ধূলি উৰুৱায়

    Verse 5

    আৰু ইয়াৰ দ্বাৰা শত্ৰু দলৰ অভ্যন্তৰত সোমাই পৰে।

    Verse 6

    নিশ্চয় মানুহ তাৰ প্ৰতিপালকৰ প্ৰতি অতিকৈ অকৃতজ্ঞ

    Verse 7

    নিশ্চয় সি এই বিষয়ে সাক্ষী

    Verse 8

    আৰু নিশ্চয় সি ধন-সম্পদৰ লোভত প্ৰবল।

    Verse 9

    সি নাজানে নেকি যে, কবৰত যি আছে সেয়া উত্থিত হ’ব

    Verse 10

    আৰু অন্তৰত যি আছে সেয়া প্ৰকাশিত হ’ব

    Verse 11

    নিশ্চয় সিহঁতৰ প্ৰতিপালক সেইদিনা সিহঁতৰ অৱস্থা সম্পৰ্কে সবিশেষ অৱহিত।