Back to Languages

Assamese - Chapter 41 - Fussilat

Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink

Verse 1 — Surah Fussilat 41:1

Verse 2 — Surah Fussilat 41:2

(এই গ্ৰন্থ) পৰম কৰুণাময় পৰম দয়ালু সত্তাৰ তৰফৰ পৰা অৱতীৰ্ণ।

Verse 3 — Surah Fussilat 41:3

এনেকুৱা এখন কিতাব, যাৰ আয়াতসমূহ জ্ঞানী সম্প্ৰদায়ৰ বাবে বিশদভাৱে বৰ্ণনা কৰা হৈছে, কোৰআনৰূপে আৰবী ভাষাত

Verse 4 — Surah Fussilat 41:4

সুসংবাদদাতা আৰু সতৰ্ককাৰী। তথাপিও সিহঁতৰ সৰহভাগেই মুখ ঘূৰাই লৈছে। সেয়ে সিহঁতে নুশুনিব।

Verse 5 — Surah Fussilat 41:5

আৰু সিহঁতে কয়, ‘তুমি যাৰ প্ৰতি আমাক আহ্বান কৰি আছা সেই বিষয়ে আমাৰ অন্তৰত আৱৰণ পৰিছে, আৰু আমাৰ কাণত আছে বধিৰতা লগতে আমাৰ আৰু তোমালোকৰ মাজত আছে পৰ্দা; সেয়ে তুমি তোমাৰ কাম কৰা, নিশ্চয় আমি আমাৰ কাম কৰিম’।

Verse 6 — Surah Fussilat 41:6

কোৱা, ‘মই কেৱল তোমালোকৰ দৰেই এজন মানুহ, মোৰ প্ৰতি অহী কৰা হয় যে, তোমালোকৰ ইলাহ কেৱল এজন ইলাহ। এতেকে তোমালোকে তেওঁৰ প্ৰতি দৃঢ়তা অৱলম্বন কৰা আৰু তেওঁৰ ওচৰতেই ক্ষমা প্ৰাৰ্থনা কৰা’। আৰু দুৰ্ভোগ মুশ্বৰিকসকলৰ বাবে

Verse 7 — Surah Fussilat 41:7

যিসকলে যাকাত প্ৰদান নকৰে সিহঁতেই আখিৰাত অস্বীকাৰকাৰী।

Verse 8 — Surah Fussilat 41:8

নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ বাবে আছে নিৰবিচ্ছিন্ন পুৰষ্কাৰ।

Verse 9 — Surah Fussilat 41:9

কোৱা, ‘তোমালোকে তেওঁৰ লগত কুফৰী কৰানে যিজনে দুদিনত পৃথিৱী সৃষ্টি কৰিছে? আৰু তোমালোকে তেওঁৰ সমকক্ষ স্থিৰ কৰানে’? তেওঁ হৈছে সৃষ্টিজগতৰ ৰব

Verse 10 — Surah Fussilat 41:10

আৰু তেৱেঁই ভূপৃষ্ঠত দৃঢ় পৰ্বতমালা স্থাপন কৰিছে আৰু তাত বৰকত দিছে আৰু চাৰি দিনৰ মাজত ইয়াত খাদ্য বস্তুৰ ব্যৱস্থা কৰিছে সমভাৱে যাচ্ঞাকাৰী সকলৰ বাবে।

Verse 11 — Surah Fussilat 41:11

তাৰ পিছত তেওঁ আকাশৰ ফালে মনোনিবেশ কৰিলে, যিটো (আগতে) আছিল ধোৱাঁ। তাৰ পিছত তেওঁ তাক (আকাশক) আৰু পৃথিৱীক ক’লে, ‘তোমালোকে উভয়ে আহা ইচ্ছাতেই হওঁক বা অনিচ্ছাতেই হওঁক’। সিহঁত উভয়ে ক’লে, ‘আমি আনুগত হৈ আহিলো’।

Verse 12 — Surah Fussilat 41:12

তাৰ পিছত তেওঁ দুদিনত আকাশসমূহক সাত আকাশত পৰিণত কৰিলে আৰু প্ৰত্যেক আকাশত তেওঁৰ নিৰ্দেশ অহী যোগে প্ৰেৰণ কৰিলে; আৰু আমি নিকটৱৰ্তী আকাশখনক প্ৰদীপমালাৰ দ্বাৰা সুশোভিত আৰু সুৰক্ষিত কৰিলো। এইটো মহাপৰাক্ৰমশালী, সৰ্বজ্ঞৰ ব্যৱস্থাপনা।

Verse 13 — Surah Fussilat 41:13

তথাপিও সিহঁতে যদি মুখ ঘূৰাই লয় তেন্তে কোৱা, ‘মই তোমালোকক এটা ধ্বংসাত্মক শাস্তি সম্পৰ্কে সতৰ্ক কৰিছো, আদ আৰু ছামূদৰ শাস্তিৰ দৰে’।

Verse 14 — Surah Fussilat 41:14

যেতিয়া সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকলে সন্মুখৰ পৰা আৰু পিছফালৰ পৰা আহি কৈছিল যে, ‘তোমালোকে একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা’। সিহঁতে কৈছিল, ‘যদি আমাৰ প্ৰতিপালকে ইচ্ছা কৰিলেহেঁতেন তেন্তে অৱশ্যে তেওঁ ফিৰিস্তা অৱতীৰ্ণ কৰিলেহেঁতেন। এতেকে তোমালোকে যিটো লৈ প্ৰেৰিত হৈছা সেয়া আমি অস্বীকাৰ কৰো’।

Verse 15 — Surah Fussilat 41:15

আনহাতে আদ সম্প্ৰদায়, সিহঁতে পৃথিৱীত অযথা অহংকাৰ কৰিছিল আৰু কৈছিল, ‘আমাতকৈ অধিক শক্তিশালী আৰু কোন আছে’? এতেকে সিহঁতে লক্ষ্য কৰা নাই নেকি যে, নিশ্চয় আল্লাহ, যিজনে সিহঁতক সৃষ্টি কৰিছে, তেওঁ সিহঁততকৈয়ো শক্তিশালী? আৰু সিহঁতে আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰিছিল।

Verse 16 — Surah Fussilat 41:16

তাৰ পিছত আমি সিহঁতৰ ওপৰত অশুভ দিনবোৰত ধুমুহা প্ৰেৰণ কৰিলো; যাতে আমি সিহঁতক পাৰ্থিৱ জীৱনতেই লাঞ্ছনাদায়ক শাস্তিৰ সোৱাদ লোৱাব পাৰো; আৰু আখিৰাতৰ শাস্তি ইয়াতকৈয়ো অধিক লাঞ্ছনাদায়ক আৰু সিহঁতক সহায়ো কৰা নহ’ব।

Verse 17 — Surah Fussilat 41:17

আৰু ছামূদ সম্প্ৰদায়, আমি সিহঁতক পথনিৰ্দেশ কৰিছিলো, কিন্তু সিহঁতে সৎপথৰ পৰিবৰ্তে অন্ধপথত চলাটোহে পছন্দ কৰিছিল। ফলত লাঞ্ছনাদায়ক শাস্তিৰ বজ্ৰাঘাতে সিহঁতক কৰায়ত্ত কৰিলে; সিহঁতে যি অৰ্জন কৰিছিল তাৰ পৰিণামত।

Verse 18 — Surah Fussilat 41:18

আৰু যিসকলে ঈমান আনিছিল আৰু তাক্বৱা অৱলম্বন কৰিছিল, আমি তেওঁলোকক ৰক্ষা কৰিলো।

Verse 19 — Surah Fussilat 41:19

আৰু যিদিনা আল্লাহৰ শত্ৰু বিলাকক অগ্নিৰ ফালে সমবেত কৰা হ’ব, সেই দিনা সিহঁতক বিন্যস্ত কৰা হ’ব বিভিন্ন দলত।

Verse 20 — Surah Fussilat 41:20

অৱশেষত যেতিয়া সিহঁতে জাহান্নামৰ একেবাৰে সন্নিকটত উপস্থিত হ’ব, তেতিয়া সিহঁতৰ কাণ, সিহঁতৰ চকু আৰু ছালেও সিহঁতৰ বিৰুদ্ধে সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে সাক্ষ্য দিব।

Verse 21 — Surah Fussilat 41:21

আৰু সিহঁতে (জাহান্নামীবিলাকে) সিহঁতৰ ছালবোৰক সুধিব, ‘কিয় তোমালোকে আমাৰ বিৰুদ্ধে সাক্ষ্য দিলা’? ছালবোৰে ক’ব, ‘আল্লাহেই আমাক বাকশক্তি দিছে, যি সত্তাই সকলোকে বাকশক্তি দিছে। তেৱেঁই তোমালোকক প্ৰথমবাৰ সৃষ্টি কৰিছে আৰু তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা’।

Verse 22 — Surah Fussilat 41:22

গোপনে অপকৰ্ম কৰাৰ সময়ত তোমালোকে ভবা নাছিলা যে, তোমালোকৰ কাণ, চকু আৰু ছালেও তোমালোকৰ বিৰুদ্ধে সাক্ষ্য দিব, বৰং তোমালোকে ভাবিছিলা যে, তোমালোকে যি কৰা তাৰ সৰহভাগেই আল্লাহে নাজানে।

Verse 23 — Surah Fussilat 41:23

তোমালোকৰ প্ৰতিপালক সম্পৰ্কে তোমালোকৰ এই ধাৰণাই তোমালোকক ধ্বংস কৰিছে। ফলত তোমালোক হৈছা ক্ষতিগ্ৰস্ত বিলাকৰ অন্তৰ্ভুক্ত।

Verse 24 — Surah Fussilat 41:24

এতিয়া যদি সিহঁতে ধৈৰ্য ধাৰণ কৰে তথাপিও অগ্নিয়েই হ’ব সিহঁতৰ আবাস। আৰু যদি সিহঁতে সন্তুষ্টি বিধান কৰিব বিচাৰে তথাপিও সিহঁতে সন্তুষ্টি প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত নহ’ব।

Verse 25 — Surah Fussilat 41:25

আৰু আমি সিহঁতৰ বাবে বেয়া স্বভাৱৰ সহচৰবৃন্দ নিৰ্ধাৰণ কৰি দিছিলো, যিসকলে সিহঁতৰ সন্মুখত আৰু পিছত যি আছে সেয়া সিহঁতৰ দৃষ্টিত শোভনীয় কৰি দেখুৱাইছিল। সেয়ে সিহঁতৰ ওপৰত শাস্তিৰ বাণী সাব্যস্ত হৈছে, সিহঁতৰ পূৰ্বে অতিবাহিত হোৱা জিন আৰু মানৱ জাতিৰ দৰে। নিশ্চয় সিহঁত আছিল ক্ষতিগ্ৰস্ত।

Verse 26 — Surah Fussilat 41:26

আৰু কাফিৰবিলাকে কয়, ‘তোমালোকে এই কোৰআনৰ নিৰ্দেশ নুশুনিবা আৰু সেয়া তিলাৱত কৰাৰ সময়ত হৈ চৈ সৃষ্টি কৰিবা, যাতে তোমালোকে জয়ী হ’ব পাৰা’।

Verse 27 — Surah Fussilat 41:27

সেয়ে আমি অৱশ্যে কাফিৰসকলক কঠিন শাস্তি আস্বাদন কৰাম আৰু অৱশ্যে আমি সিহঁতক সিহঁতৰ নিকৃষ্ট কাৰ্যকলাপৰ প্ৰতিফল দিম।

Verse 28 — Surah Fussilat 41:28

এই অগ্নি, আল্লাহৰ শত্ৰুবিলাকৰ প্ৰতিদান; তাত সিহঁতৰ বাবে আছে স্থায়ী আবাস, আমাৰ নিদৰ্শনাৱলীৰ প্ৰতি সিহঁতৰ অস্বীকৃতিৰ প্ৰতিফলস্বৰূপ।

Verse 29 — Surah Fussilat 41:29

আৰু কাফিৰসকলে ক’ব, ‘হে আমাৰ ৰব! জিন আৰু মানুহৰ মাজৰ পৰা যি দুজনে আমাক পথভ্ৰষ্ট কৰিছিল সিহঁতক দেখুৱাই দিয়া, আমি সিহঁত উভয়কে ভৰিৰ তলত ৰাখিম, যাতে সিহঁত নিকৃষ্টবিলাকৰ অন্তৰ্ভুক্ত হয়’।

Verse 30 — Surah Fussilat 41:30

নিশ্চয় যিসকলে কয়, ‘আমাৰ ৰব আল্লাহ’, তাৰ পিছত অবিচলিত থাকে, তেওঁলোকৰ ওচৰত ফিৰিস্তা অৱতীৰ্ণ হয়, (এই কথা কবলৈ) যে, ‘তোমালোকে ভয় নকৰিবা, আৰু চিন্তিতও নহ’বা বৰং তোমালোকক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল তাৰ বাবে আনন্দিত হোৱা।

Verse 31 — Surah Fussilat 41:31

‘আমিয়েই তোমালোকৰ বন্ধু পাৰ্থিৱ জীৱনতো আৰু আখিৰাততো। আৰু তাত তোমালোকৰ বাবে প্ৰত্যেক সেইটো বস্তু থাকিব যিটো তোমালোকৰ মনে বিচাৰিব লগতে তোমালোকে তাত যিটো দাবী কৰিবা সেইটোৱেই থাকিব’।

Verse 32 — Surah Fussilat 41:32

এয়া পৰম ক্ষমাশীল, পৰম দয়ালু আল্লাহৰ তৰফৰ পৰা আতিথ্যস্বৰূপ।

Verse 33 — Surah Fussilat 41:33

সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায় আৰু সৎকৰ্ম কৰে? আৰু কয়, ‘নিশ্চয় মই মুছলিমসকলৰ অন্তৰ্ভুক্ত’।

Verse 34 — Surah Fussilat 41:34

ভাল আৰু বেয়া কেতিয়াও সমান হ’ব নোৱাৰে। সেয়ে উৎকৃষ্ট পন্থাৰে বেয়াক প্ৰতিহত কৰা, ফলত তোমাৰ আৰু যাৰ মাজত শত্ৰুতা আছে, (এনে কৰিলে) সি হৈ যাব তোমাৰ অন্তৰঙ্গ বন্ধুৰ দৰে।

Verse 35 — Surah Fussilat 41:35

আৰু এইটো কেৱল তেওঁলোকেই প্ৰাপ্ত হ’ব যিসকল ধৈৰ্যশীল। ইয়াৰ অধিকাৰী কেৱল তেওঁলোকেই হ’ব যিসকল মহাভাগ্যবান।

Verse 36 — Surah Fussilat 41:36

আৰু যদি চয়তানৰ তৰফৰ পৰা কোনো কুমন্ত্ৰণাই তোমাক প্ৰৰোচিত কৰে, তেন্তে তুমি আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিবা। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

Verse 37 — Surah Fussilat 41:37

আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে ৰাতি আৰু দিন, সূৰ্য আৰু চন্দ্ৰ। তোমালোকে সূৰ্যক ছাজদাহ নকৰিবা, আৰু চন্দ্ৰকো নহয়; ছাজদাহ কৰিবা কেৱল আল্লাহক, যিজনে এইবোৰ সৃষ্টি কৰিছে, যদিহে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা।

Verse 38 — Surah Fussilat 41:38

তথাপিও যদি সিহঁতে অহংকাৰ কৰে, তেন্তে (জানি থোৱা) যিসকল তোমাৰ প্ৰতিপালকৰ ওচৰত আছে, তেওঁলোকে দিনে ৰাতি তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু তেওঁলোকে ক্লান্তি বোধো নকৰে।

Verse 39 — Surah Fussilat 41:39

তেওঁৰ আৰু এটা নিদৰ্শন এই যে, তুমি ভূমিক শুকান দেখিবলৈ পোৱা, তাৰ পিছত যেতিয়া আমি তাত পানী বৰ্ষণ কৰো তেতিয়া সেয়া উজ্জীৱিত আৰু স্ফীত হয়। নিশ্চয় যিজনে ভূমিক জীৱিত কৰে অৱশ্যে তেৱেঁই মৃতসকলক জীৱন দানকাৰী। নিশ্চয় তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

Verse 40 — Surah Fussilat 41:40

নিশ্চয় যিসকলে আমাৰ আয়াতসমূহক বিকৃত কৰে, সিহঁত মোৰ অগোচৰত নহয়। (কোৱাচোন) ‘যিজন অগ্নিত নিক্ষিপ্ত হ’ব সি শ্ৰেষ্ঠ নে যিজন কিয়ামতৰ দিনা নিৰাপদে উপস্থিত হ’ব তেওঁ’? তোমালোকে যি ইচ্ছা আমল কৰা। তোমালোকে যি আমলকে নকৰা কিয়, নিশ্চয় তেওঁ তাৰ সম্যক দ্ৰষ্টা।

Verse 41 — Surah Fussilat 41:41

নিশ্চয় যিসকলে উপদেশ (কোৰআন) অহাৰ পিছতো সেয়া অস্বীকাৰ কৰে (সিহঁতক অৱশ্যে কঠিন শাস্তি দিয়া হ’ব)। নিশ্চয় এয়া হৈছে এখন সন্মানিত গ্ৰন্থ

Verse 42 — Surah Fussilat 41:42

বাতিল কেতিয়াও ইয়াত অনুপ্ৰৱেশ কৰিব নোৱাৰে, সন্মুখৰ ফালৰ পৰাও নহয়, পিছফালৰ পৰাও নহয়। এইটো প্ৰজ্ঞাময়, চিৰপ্ৰশংসিত সত্তাৰ তৰফৰ পৰা অৱতীৰ্ণ।

Verse 43 — Surah Fussilat 41:43

তোমাক কেৱল সেইটোৱেই কোৱা হয়, যিটো কোৱা হৈছিল তোমাৰ পূৰ্বৱৰ্তী ৰাছুলসকলক। নিশ্চয় তোমাৰ ৰব একান্ত ক্ষমাশীল আৰু অতি যন্ত্ৰণাদায়ক শাস্তি প্ৰদানকাৰী।

Verse 44 — Surah Fussilat 41:44

আৰু যদি আমি ইয়াক অনাৰবী ভাষাৰ কোৰআন বনালোহেঁতেন তেন্তে সিহঁতে অৱশ্যে ক’লেহেঁতেন, ‘ইয়াৰ আয়াতসমূহ বিশদভাৱে বিবৃত হোৱা নাই কিয়? ভাষা অনাৰবীয়, অথচ ৰাছুল আৰবীয়!’ কোৱা, ‘এইটো মুমিনসকলৰ বাবে হিদায়ত আৰু আৰোগ্য’। যিহঁতে ঈমান পোষণ নকৰে সিহঁতৰ কাণত আছে বধিৰতা আৰু কোৰআনে সিহঁতৰ (অন্তৰৰ) ওপৰত অন্ধত্ব সৃষ্টি কৰিব। সিহঁতকেই আহ্বান কৰা হ’ব দূৰৱৰ্তী স্থানৰ পৰা।

Verse 45 — Surah Fussilat 41:45

আৰু অৱশ্যে আমি মুছাক কিতাব প্ৰদান কৰিছিলো, কিন্তু তাত মতভেদ ঘটিছিল। যদি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা বাণী (সিদ্ধান্ত) পূৰ্বেই কৰি থোৱা নাথাকিলেহঁতেন তেন্তে সিহঁতৰ মাজত চূড়ান্ত মীমাংসা হৈ গ’লহেঁতেন। নিশ্চয় সিহঁত এই কোৰআন সম্পৰ্কে বিভ্ৰান্তিকৰ সন্দেহত পতিত হৈছে।

Verse 46 — Surah Fussilat 41:46

যিয়ে সৎকৰ্ম কৰে তেওঁ নিজৰ কল্যাণৰ বাবেই কৰে আৰু কোনোবাই অসৎকৰ্ম কৰিলে তাৰ প্ৰতিফল সি নিজেই ভোগ কৰিব। তোমাৰ প্ৰতিপালকে নিজ বান্দাসকলৰ প্ৰতি কদাপিও অন্যায় নকৰে।

Verse 47 — Surah Fussilat 41:47

কিয়ামতৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত হয়। তেওঁৰ অজ্ঞতাসাৰত কোনো ফলো আৱৰণৰ পৰা ওলাই নাহে, কোনো নাৰীও গৰ্ভ ধাৰণ নকৰে আৰু সন্তানো প্ৰসৱ নকৰে। যিদিনা আল্লাহে সিহঁতক মাতি ক’ব, ‘মোৰ অংশীদাৰসকল ক’ত’? তেতিয়া সিহঁতে ক’ব, ‘আমি তোমাৰ ওচৰত নিবেদন কৰো যে, এই বিষয়ে আমাৰ মাজত কোনো সাক্ষী নাই’।

Verse 48 — Surah Fussilat 41:48

আৰু ইতিপূৰ্বে সিহঁতে যিবিলাক (উপাস্যক) আহ্বান কৰিছিল সিহঁত সিহঁতৰ পৰা অন্তৰ্ধান হৈ যাব, আৰু সিহঁতে বিশ্বাস কৰিব যে, সিহঁতৰ পলায়নৰ কোনো উপায় নাই।

Verse 49 — Surah Fussilat 41:49

মানুহে কল্যাণ প্ৰাৰ্থনাত কোনো ক্লান্তি বোধ নকৰে, কিন্তু যেতিয়া তাক কোনো অকল্যাণে স্পৰ্শ কৰে তেতিয়া সি প্ৰচণ্ডভাৱে হতাশ আৰু নিৰাশ হৈ পৰে

Verse 50 — Surah Fussilat 41:50

আকৌ দুঃখ-দৈন্যই স্পৰ্শ কৰাৰ পিছত যদি আমি তাক আমাৰ তৰফৰ পৰা অনুগ্ৰহৰ সোৱাদ ল’বলৈ দিওঁ, তেতিয়া সি অৱশ্যে কয়, ‘এয়া মোৰ প্ৰাপ্য আৰু মোৰ বিশ্বাস নহয় যে কিয়ামত সংঘটিত হ’ব। আনহাতে যদি মোক মোৰ প্ৰতিপালকৰ ওচৰলৈ উভতাই নিয়াও হয়, তথাপিও তেওঁৰ ওচৰত মোৰ বাবে কল্যাণেই থাকিব’। এতেকে নিশ্চয় আমি কাফিৰসকলক সিহঁতৰ আমল সম্পৰ্কে অৱহিত কৰিম আৰু সিহঁতক অৱশ্যে কঠোৰ শাস্তি আস্বাদন কৰাম।

Verse 51 — Surah Fussilat 41:51

আৰু যেতিয়া আমি মানুহৰ প্ৰতি অনুগ্ৰহ কৰো তেতিয়া সি মুখ ঘূৰাই লয় আৰু দূৰলৈ আঁতৰি যায়। কিন্তু যেতিয়া তাক অকল্যাণে স্পৰ্শ কৰে তেতিয়া সি দীৰ্ঘ প্ৰাৰ্থনাকাৰী হয়।

Verse 52 — Surah Fussilat 41:52

কোৱা, ‘তোমালোকে কেতিয়াবা ভাবিছানে, যদি এই কোৰআন আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ হৈ থাকে তথাপিও তোমালোকে ইয়াক প্ৰত্যাখ্যান কৰিছা, তেনে অৱস্থাত যি ব্যক্তি ঘোৰ বিৰুদ্ধাচৰণত লিপ্ত আছে, তাতকৈ অধিক বিভ্ৰান্ত আৰু কোন হ’ব পাৰে’

Verse 53 — Surah Fussilat 41:53

অনতিপলমে আমি সিহঁতক আমাৰ নিদৰ্শনাৱলী দেখুৱাম, বিশ্বজগতৰ প্ৰান্তসমূহত আৰু সিহঁতৰ নিজৰ মাজতো; যাতে সিহঁতৰ ওচৰত সুস্পষ্ট হৈ উঠে যে, অৱশ্যে এইটো (কোৰআন) সত্য। এইটো তোমাৰ প্ৰতিপালক সম্পৰ্কে যথেষ্ট নহয়নে যে, তেওঁ সকলো বস্তুৰ ওপৰত সাক্ষী

Verse 54 — Surah Fussilat 41:54

জানি থোৱা! নিশ্চয় সিহঁত নিজ প্ৰতিপালকৰ সাক্ষাত সম্পৰ্কে সন্দেহত আছে। জানি থোৱা যে, নিশ্চয় তেওঁ (আল্লাহ) সকলো বস্তুকেই পৰিবেষ্টন কৰি আছে।