Back to LanguagesPrevious ChapterNext Chapter
Assamese - Chapter 43 - Az-Zukhruf
Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink
Verse 1 — Surah Az-Zukhruf 43:1
Verse 2 — Surah Az-Zukhruf 43:2
শপত সুস্পষ্ট কিতাবৰ
Verse 3 — Surah Az-Zukhruf 43:3
নিশ্চয় আমি ইয়াক আৰবী (ভাষাত) কোৰআন (ৰূপে অৱতীৰ্ণ) কৰিছো, যাতে তোমালোকে বুজিব পাৰা।
Verse 4 — Surah Az-Zukhruf 43:4
নিশ্চয় ই আমাৰ ওচৰত উম্মুল কিতাবত উচ্চ মৰ্যাদাসম্পন্ন, হিকমতপূৰ্ণ।
Verse 5 — Surah Az-Zukhruf 43:5
তোমালোকে সীমালংঘনকাৰী সম্প্ৰদায় বুলিয়েই আমি তোমালোকৰ পৰা এই উপদেশ বাণী সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিমনে
Verse 6 — Surah Az-Zukhruf 43:6
আৰু পূৰ্বৱৰ্তীবিলাকৰ ওচৰত আমি বহুতো নবী প্ৰেৰণ কৰিছিলো।
Verse 7 — Surah Az-Zukhruf 43:7
আৰু যেতিয়াই সিহঁতৰ ওচৰত কোনো নবী আহিছে সিহঁতে তেওঁক লৈ ঠাট্টা-বিদ্ৰূপ কৰিছে।
Verse 8 — Surah Az-Zukhruf 43:8
ফলত যিসকল ইহঁততকৈয়ো শক্তিত প্ৰবল আছিল সিহঁতকো আমি ধ্বংস কৰিছিলো, আৰু পূৰ্বৱৰ্তীসকলৰ অনুৰূপ দৃষ্টান্ত অতীত হৈ গৈছে।
Verse 9 — Surah Az-Zukhruf 43:9
আৰু যদি তুমি সিহঁতক সোধা, আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে, তেন্তে সিহঁতে অৱশ্যে ক’ব, ‘এইবোৰ সৃষ্টি কৰিছে মহা পৰাক্ৰমশালী, সৰ্বজ্ঞ’
Verse 10 — Surah Az-Zukhruf 43:10
তেৱেঁই পৃথিৱীক তোমালোকৰ বাবে শয্যা কৰি দিছে আৰু তাত তোমালোকৰ বাবে চলাৰ পথ বনাই দিছে, যাতে তোমালোকে সঠিক পথ পাব পাৰা
Verse 11 — Surah Az-Zukhruf 43:11
আৰু তেৱেঁই আকাশৰ পৰা পৰিমিতভাৱে পানী বৰ্ষণ কৰে। তাৰ পিছত ইয়াৰ দ্বাৰা আমি সঞ্জীৱিত কৰো নিৰ্জীৱ জনপদক। এইদৰেই তোমালোকক (পুনৰ্জীৱিত কৰি) উলিয়াই আনা হ’ব।
Verse 12 — Surah Az-Zukhruf 43:12
আৰু তেৱেঁই সকলোকে যোৰা যোৰা সৃষ্টি কৰিছে আৰু তেৱেঁই তোমালোকৰ বাবে এনেকুৱা নৌযান আৰু ঘৰচীয়া জন্তু সৃষ্টি কৰিছে, যিবোৰত তোমালোকে আৰোহণ কৰা
Verse 13 — Surah Az-Zukhruf 43:13
যাতে তোমালোকে ইয়াৰ পিঠিত স্থিৰ হৈ বহিব পাৰা, তাৰ পিছত তোমালোকৰ প্ৰতিপালকৰ অনুগ্ৰহ স্মৰণ কৰিবা যেতিয়া তোমালোকে ইয়াৰ ওপৰত স্থিৰ হৈ বহিবা, আৰু কবা, ‘পৱিত্ৰ আৰু মহান তেওঁ, যিজনে এইবোৰক আমাৰ বশীভূত কৰি দিছে। অথচ এইবোৰক বশীভূত কৰিবলৈ আমি সমৰ্থ নাছিলো।
Verse 14 — Surah Az-Zukhruf 43:14
‘আৰু নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ ওচৰতেই প্ৰত্যাৱৰ্তনকাৰী’।
Verse 15 — Surah Az-Zukhruf 43:15
আৰু সিহঁতে আল্লাহৰ বান্দাসকলৰ মাজৰ পৰা তেওঁৰ অংশ সাব্যস্ত কৰিছে। নিশ্চয় মানুহ স্পষ্ট অকৃতজ্ঞ।
Verse 16 — Surah Az-Zukhruf 43:16
তেওঁ যি সৃষ্টি কৰিছে তাৰ পৰা তেওঁ (নিজৰ বাবে) কন্যা সন্তান গ্ৰহণ কৰিছে আৰু তোমালোকক পুত্ৰ সন্তানৰ দ্বাৰা বিশিষ্ট কৰিছে নেকি
Verse 17 — Surah Az-Zukhruf 43:17
অথচ যেতিয়া সিহঁতৰ কাৰোবাক সুসংবাদ দিয়া হয় (কন্যা সন্তান জন্ম হোৱা বুলি), যিটোৰ দ্বাৰা সিহঁতে ৰহমানৰ প্ৰতি দৃষ্টান্ত দাঙি ধৰে, তেতিয়া তাৰ মুখমণ্ডল মলিন হৈ যায়, তেনে অৱস্থাত সি দুশ্চিন্তাত ভাগি পৰে।
Verse 18 — Surah Az-Zukhruf 43:18
(সেইবিলাক আল্লাহৰ ভাগত পৰিল নেকি) যিবিলাক অলংকাৰেৰে লালিত-পালিত হয় আৰু বিতৰ্কৰ সময়ত সুস্পষ্ট বক্তব্য প্ৰদানত অক্ষম
Verse 19 — Surah Az-Zukhruf 43:19
আৰু সিহঁতে ৰহমানৰ বান্দা ফিৰিস্তাসকলক নাৰী বুলি গণ্য কৰিছে; তেওঁলোকৰ সৃষ্টি সিহঁতে প্ৰত্যক্ষ কৰিছিল নেকি? সিহঁতৰ সাক্ষ্য অৱশ্যে লিপিবদ্ধ কৰা হ’ব আৰু সিহঁতক সোধ-পোছ কৰা হ’ব।
Verse 20 — Surah Az-Zukhruf 43:20
সিহঁতে আৰু কয়, ‘ৰহমানে ইচ্ছা কৰিলে আমি এওঁলোকৰ ইবাদত নকৰিলোহেঁতেন’। এই বিষয়ে সিহঁতৰ কোনো জ্ঞান নাই। সিহঁতে কেৱল মনেসজা কথাহে কয়।
Verse 21 — Surah Az-Zukhruf 43:21
আমি সিহঁতক কোৰআনৰ আগত কোনো কিতাব প্ৰদান কৰিছো নেকি, যিটো সিহঁতে দৃঢ়ভাৱে ধাৰণ কৰি আছে
Verse 22 — Surah Az-Zukhruf 43:22
বৰং সিহঁতে কয়, ‘নিশ্চয় আমি আমাৰ পিতৃ-পুৰুষসকলক এটা মতাদৰ্শৰ ওপৰতহে পাইছো আৰু নিশ্চয় আমি তেওঁলোকৰ পদাঙ্ক অনুসৰণ কৰি হিদায়তপ্ৰাপ্ত হম’।
Verse 23 — Surah Az-Zukhruf 43:23
আৰু এইদৰেই তোমাৰ পূৰ্বে যেতিয়াই আমি কোনো জনপদত কোনো এজন সতৰ্ককাৰী প্ৰেৰণ কৰিছো তেতিয়াই সেই ঠাইৰ বিলাসপ্ৰিয় বিলাকে কৈছে, ‘নিশ্চয় আমি আমাৰ পিতৃ-পুৰুষসকলক এটা মতাদৰ্শৰ ওপৰত পাইছো আৰু আমি তেওঁলোকৰেই পদাঙ্ক অনুসৰণ কৰি চলিম’।
Verse 24 — Surah Az-Zukhruf 43:24
তেতিয়া সেই সতৰ্ককাৰীয়ে কৈছে, ‘তোমালোকে তোমালোকৰ পিতৃ-পুৰুষসকলক যিটো মতাদৰ্শৰ ওপৰত পাইছা, মই যদি তোমালোকৰ বাবে তাতোকৈ উৎকৃষ্ট পথ লৈ আহোঁ তথাপিও (তোমালোকে সিহঁতৰ অনুসৰণ কৰিবানে)’? সিহঁতে কৈছে, ‘নিশ্চয় তোমালোকে যি লৈ প্ৰেৰিত হৈছা সেয়া আমি অস্বীকাৰ কৰো’।
Verse 25 — Surah Az-Zukhruf 43:25
ফলত আমি সিহঁতৰ পৰা প্ৰতিশোধ ল’লো। এতেকে চোৱা, অস্বীকাৰকাৰী বিলাকৰ পৰিণাম কেনেকুৱা হৈছিল
Verse 26 — Surah Az-Zukhruf 43:26
আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমে তেওঁৰ পিতৃ আৰু তেওঁৰ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে যিবোৰৰ ইবাদত কৰা নিশ্চয় মই সেইবোৰৰ পৰা সম্পৰ্কমুক্ত।
Verse 27 — Surah Az-Zukhruf 43:27
‘কেৱল তেওঁৰ বাহিৰে যিজনে মোক সৃষ্টি কৰিছে। এতেকে নিশ্চয় তেওঁ অতিশীঘ্ৰে মোক সৎপথত পৰিচালিত কৰিব’।
Verse 28 — Surah Az-Zukhruf 43:28
আৰু এই ঘোষণাক তেওঁ চিৰন্তন বাণীৰূপে ৰাখি থৈ গৈছে তেওঁৰ উত্তৰসূৰীসকলৰ মাজত, যাতে সিহঁতে উভতি আহে।
Verse 29 — Surah Az-Zukhruf 43:29
বৰং আমি সিহঁতক আৰু সিহঁতৰ পিতৃ-পুৰুষসকলক ভোগ কৰিবলৈ সুযোগ দিছিলো, অৱশেষত সিহঁতৰ ওচৰত আহিল সত্য আৰু স্পষ্ট বৰ্ণনাকাৰী ৰাছুল।
Verse 30 — Surah Az-Zukhruf 43:30
আৰু যেতিয়া সত্য সিহঁতৰ ওচৰত আহি পালে, তেতিয়া সিহঁতে ক’লে, ‘এয়া দেখুন যাদু আৰু নিশ্চয় আমি ইয়াক প্ৰত্যাখ্যান কৰো’।
Verse 31 — Surah Az-Zukhruf 43:31
সিহঁতে আৰু ক’লে, ‘এই কোৰআন দুয়ো জনপদৰ কোনো এজন মহান ব্যক্তিৰ ওপৰত কিয় অৱতীৰ্ণ কৰা নহ’ল’
Verse 32 — Surah Az-Zukhruf 43:32
সিহঁতে তোমাৰ প্ৰতিপালকৰ ৰহমত ভাগ-বন্টন কৰে নেকি? আমিহে পাৰ্থিৱ জীৱনত সিহঁতৰ মাজত সিহঁতৰ জীৱিকা বন্টন কৰি দিওঁ আৰু সিহঁতৰ ইজনক সিজনৰ ওপৰত মৰ্যাদাত উন্নীত কৰি দিওঁ যাতে ইজনে সিজনক অধিনস্থ হিচাপে গ্ৰহণ কৰিব পাৰে; (জানি থোৱা) সিহঁতে যি সঞ্চয় কৰে, তোমাৰ প্ৰতিপালকৰ ৰহমত তাতোকৈ উৎকৃষ্ট।
Verse 33 — Surah Az-Zukhruf 43:33
যদি সকলো মানুহ একেটা মতালম্বী হোৱাৰ আশংকা নাথাকিলেহেঁতেন, তেন্তে যিসকলে ৰহমানৰ লগত কুফৰী কৰে, সিহঁতক আমি সিহঁতৰ ঘৰৰ বাবে ৰৌপ্য-নিৰ্মিত চাদ আৰু খটখটী দিলোহেঁতেন যাতে সিহঁতে আৰোহণ কৰে
Verse 34 — Surah Az-Zukhruf 43:34
আৰু সিহঁতৰ ঘৰসমূহৰ বাবে দুৱাৰ আৰু আসনসমূহ, য’ত সিহঁতে আউজি বহে
Verse 35 — Surah Az-Zukhruf 43:35
আৰু (অনুৰূপ দিলোহেঁতেন) সোণৰ নিৰ্মিতও; আৰু এই সকলোবোৰ কেৱল পাৰ্থিৱ জীৱনৰ ভোগ-সামগ্ৰীহে। আৰু তোমাৰ প্ৰতিপালকৰ ওচৰত আখিৰাত কেৱল মুত্তাক্বীসকলৰ বাবেহে।
Verse 36 — Surah Az-Zukhruf 43:36
আৰু যিয়ে ৰহমানৰ স্মৰণৰ পৰা বিমুখ হয় আমি তাৰ বাবে নিয়োজিত কৰো এজন চয়তান, ফলত সি তাৰ সহচৰ হৈ যায়।
Verse 37 — Surah Az-Zukhruf 43:37
নিশ্চয় সিহঁতেই (চয়তানবিলাকেই) মানুহক সৎপথৰ পৰা বাধা দিয়ে, অথচ মানুহ বিলাকে (ভ্ৰষ্ট পথত থকাৰ পিছতো) নিজকে হিদায়তপ্ৰাপ্ত বুলি ভাৱে।
Verse 38 — Surah Az-Zukhruf 43:38
অৱশেষত যেতিয়া সি আমাৰ ওচৰত আহিব, তেতিয়া সি চয়তানক ক’ব, ‘হায়! মোৰ আৰু তোমাৰ মাজত যদি পূৱ আৰু পশ্চিমৰ দৰে ব্যৱধান থাকিলেহেঁতেন!’ এতেকে এই সহচৰ কিমান যে নিকৃষ্ট
Verse 39 — Surah Az-Zukhruf 43:39
আৰু আজি তোমালোকৰ এই অনুতাপ তোমালোকৰ কোনো কামত নাহিব, যিহেতু তোমালোকে অন্যায় কৰিছিলা; নিশ্চয় তোমালোক আটায়ে শাস্তিত অংশীদাৰ।
Verse 40 — Surah Az-Zukhruf 43:40
তুমি বধিৰক শুনাব পাৰিবানে অথবা অন্ধক পথ দেখুৱাব পাৰিবানে আৰু যিজন স্পষ্ট বিভ্ৰান্তিত আছে তাক হিদায়ত দিব পাৰিবানে
Verse 41 — Surah Az-Zukhruf 43:41
এতেকে যদি আমি তোমাক লৈ যাওঁ, তেন্তে নিশ্চয় আমি সিহঁতৰ পৰা প্ৰতিশোধ লম
Verse 42 — Surah Az-Zukhruf 43:42
অথবা আমি সিহঁতক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিছো, সেয়া আমি তোমাক দেখুৱাম, নিশ্চয় আমি সিহঁতৰ ওপৰত পূৰ্ণ ক্ষমতাবান।
Verse 43 — Surah Az-Zukhruf 43:43
এতেকে তোমাৰ প্ৰতি যি অহী কৰা হৈছে সেয়া দৃঢ়ভাৱে অৱলম্বন কৰা। নিশ্চয় তুমি সৰল পথৰ ওপৰত প্ৰতিষ্ঠিত।
Verse 44 — Surah Az-Zukhruf 43:44
নিশ্চয় এই কোৰআন তোমাৰ আৰু তোমাৰ সম্প্ৰদায়ৰ বাবে স্মৰণিকাস্বৰূপ; অনতিপলমে তোমালোকক (ইয়াৰ বিষয়ে) সোধ-পোছ কৰা হ’ব।
Verse 45 — Surah Az-Zukhruf 43:45
সেয়ে তোমাৰ পূৰ্বে আমি আমাৰ ৰাছুলসকলৰ পৰা যিসকলক প্ৰেৰণ কৰিছিলো তেওঁলোকক সুধি চোৱা, আমি ৰহমানৰ বাহিৰে ইবাদত কৰিব পৰা এনে কোনো ইলাহ নিৰ্ধাৰণ কৰিছিলো নেকি
Verse 46 — Surah Az-Zukhruf 43:46
অৱশ্যে আমি মুছাক আমাৰ নিদৰ্শনাৱলীসহ ফিৰআউন আৰু তাৰ নেতৃবৰ্গৰ ওচৰত প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিল, ‘নিশ্চয় মই সৃষ্টিজগতৰ প্ৰতিপালকৰ এজন ৰাছুল’।
Verse 47 — Surah Az-Zukhruf 43:47
এতেকে যেতিয়া তেওঁ সিহঁতৰ ওচৰত আমাৰ নিদৰ্শনাৱলীসহ উপস্থিত হ’ল তেতিয়া সিহঁতে সেয়া লৈ উপহাস কৰিবলৈ ধৰিলে।
Verse 48 — Surah Az-Zukhruf 43:48
আমি সিহঁতক যি নিদৰ্শনেই দেখুৱাইছো সেয়া আছিল তাৰ আগৰ নিদৰ্শনতকৈ শ্ৰেষ্ঠ। আমি সিহঁতক শাস্তিৰ মাধ্যমত কৰায়ত্ত কৰিছিলো, যাতে সিহঁতে উভতি আহে।
Verse 49 — Surah Az-Zukhruf 43:49
সিহঁতে আৰু কৈছিল, ‘হে যাদুকৰ! তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে তুমি সেয়া প্ৰাৰ্থনা কৰা যিটো তেওঁ তোমাৰ লগত অঙ্গীকাৰ কৰিছে, নিশ্চয় আমি সৎপথ অৱলম্বন কৰিম’।
Verse 50 — Surah Az-Zukhruf 43:50
তাৰ পিছত যেতিয়া আমি সিহঁতৰ পৰা শাস্তি আঁতৰাই নিলো, তেতিয়াই সিহঁতে অঙ্গীকাৰ ভঙ্গ কৰিলে।
Verse 51 — Surah Az-Zukhruf 43:51
আৰু ফিৰআউনে তেওঁৰ সম্প্ৰদায়ৰ মাজত ঘোষণা কৰি ক’লে, ‘হে মোৰ সম্প্ৰদায়! মিছৰৰ ৰাজত্ব মোৰ নহয় নে বাৰু? আৰু এই নদ-নদীবোৰ মোৰ পাদদেশত প্ৰবাহিত হোৱা নাই জানো; তোমালোকে দেখা পোৱা নাইনে
Verse 52 — Surah Az-Zukhruf 43:52
‘মই এই ব্যক্তিতকৈ শ্ৰেষ্ঠ নহয় নে? যিজন হীন আৰু স্পষ্ট কথা ক’বলৈয়ো প্ৰায় অক্ষম
Verse 53 — Surah Az-Zukhruf 43:53
‘তেন্তে তেওঁক (মুছাক) সোণৰ গামখাৰু প্ৰদান কৰা নহল কিয়, অথবা তেওঁৰ লগত ফিৰিস্তাসকল দলবদ্ধভাৱে নাহিল কিয়’
Verse 54 — Surah Az-Zukhruf 43:54
এইদৰেই সি তাৰ সম্প্ৰদায়ক বুৰ্বক সজালে, ফলত সিহঁতে তাৰ কথা মানি ল’লে। নিশ্চয় সিহঁত আছিল এটা ফাছিক্ব সম্প্ৰদায়।
Verse 55 — Surah Az-Zukhruf 43:55
তাৰ পিছত যেতিয়া সিহঁতে আমাক ক্ৰোধান্বিত কৰিলে তেতিয়া আমি সিহঁতৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰিলো আৰু সিহঁত আটাইকে ডুবাই মাৰিলো।
Verse 56 — Surah Az-Zukhruf 43:56
ফলত আমি সিহঁতক পৰবৰ্তীবিলাকৰ বাবে অতীত ইতিহাস আৰু দৃষ্টান্ত বনাই ৰাখিলো।
Verse 57 — Surah Az-Zukhruf 43:57
আৰু যেতিয়াই মাৰইয়াম-পুত্ৰৰ উদাহৰণ দিয়া হয়, তেতিয়াই তোমাৰ সম্প্ৰদায়ৰ লোকে চিয়ঁৰ-বাখৰ কৰি হুলস্থুল লগাই দিয়ে।
Verse 58 — Surah Az-Zukhruf 43:58
আৰু সিহঁতে কয়, ‘আমাৰ উপাস্যবিলাক শ্ৰেষ্ঠ নে ঈছা’? সিহঁতে কেৱল বাক-বিতণ্ডাৰ উদ্দেশ্যেহে তোমাৰ সন্মুখত তেওঁৰ কথা দাঙি ধৰে। বৰং সিহঁত এটা কাজিয়া-প্ৰিয় সম্প্ৰদায়।
Verse 59 — Surah Az-Zukhruf 43:59
তেওঁ কেৱল মোৰ এজন বান্দাহে আছিল। যাৰ ওপৰত আমি অনুগ্ৰহ কৰিছিলো আৰু তেওঁক আমি বনী ইছৰাঈলৰ বাবে দৃষ্টান্ত বনাইছিলো।
Verse 60 — Surah Az-Zukhruf 43:60
আৰু যদি আমি ইচ্ছা কৰিলোহেঁতেন, তেন্তে তোমালোকৰ পৰিবৰ্তে ফিৰিস্তা সৃষ্টি কৰিলোহেঁতেন, যিসকলে পৃথিৱীত উত্তৰাধিকাৰী হ’লেহেঁতেন।
Verse 61 — Surah Az-Zukhruf 43:61
আৰু নিশ্চয় ঈছা কিয়ামতৰ নিশ্চিত নিদৰ্শন; সেয়ে তোমালোকে কিয়ামত সম্পৰ্কে সন্দেহ পোষণ নকৰিবা। তোমালোকে কেৱল মোৰেই অনুসৰণ কৰা। এইটোৱেই সৰল পথ।
Verse 62 — Surah Az-Zukhruf 43:62
চয়তানে যেন তোমালোকক কেতিয়াও বাধা প্ৰদান কৰিব নোৱাৰে। নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু।
Verse 63 — Surah Az-Zukhruf 43:63
আৰু যেতিয়া ঈছাই স্পষ্ট প্ৰমাণাদি লৈ আহিলে, তেতিয়া তেওঁ ক’লে, ‘অৱশ্যে মই তোমালোকৰ ওচৰত হিকমতসহ আহিছো আৰু তোমালোকে যিবোৰ বিষয়ত মতভেদ কৰিছা সেইবোৰ স্পষ্ট কৰিবলৈ আহিছো। সেয়ে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা।
Verse 64 — Surah Az-Zukhruf 43:64
‘নিশ্চয় আল্লাহ, তেৱেঁই মোৰ ৰব আৰু তোমালোকৰো ৰব। এতেকে তোমালোকে তেওঁৰেই ইবাদত কৰা; এইটোৱেই সৰল পথ’।
Verse 65 — Surah Az-Zukhruf 43:65
তথাপিও সিহঁতৰ মাজৰ কিছুমান দলে মতানৈক্য সৃষ্টি কৰিলে, সেয়ে যালিমসকলৰ বাবে যন্ত্ৰণাদায়ক দিনৰ শাস্তিৰ দুৰ্ভোগ
Verse 66 — Surah Az-Zukhruf 43:66
সিহঁতে কেৱল সিহঁতৰ অজানিতে আকস্মিকভাৱে কিয়ামত অহাৰ অপেক্ষাত আছে।
Verse 67 — Surah Az-Zukhruf 43:67
সেইদিনা অন্তৰঙ্গ বন্ধুসকলেও ইজনে সিজনৰ শত্ৰু হৈ পৰিব, কেৱল মুত্তাক্বীসকলৰ বাহিৰে।
Verse 68 — Surah Az-Zukhruf 43:68
হে মোৰ বান্দাসকল! আজি তোমালোকৰ কোনো ভয় নাই আৰু তোমালোকে চিন্তিতও নহ’বা।
Verse 69 — Surah Az-Zukhruf 43:69
যিসকলে আমাৰ আয়াতৰ প্ৰতি ঈমান আনিছিল আৰু তেওঁলোক আছিল মুছলিম
Verse 70 — Surah Az-Zukhruf 43:70
তোমালোক আৰু তোমালোকৰ স্ত্ৰীসকল আনন্দচিত্তে জান্নাতত প্ৰৱেশ কৰা।
Verse 71 — Surah Az-Zukhruf 43:71
সোণৰ থাল আৰু পানপাত্ৰ লৈ তেওঁলোকক প্ৰদক্ষিণ কৰা হ’ব, তাত মনে যি বিচাৰে আৰু যিটোৰে চকু তৃপ্ত হয় সেই সকলো থাকিব, আৰু তাত তোমালোকে স্থায়ী হ’বা।
Verse 72 — Surah Az-Zukhruf 43:72
এইটোৱেই জান্নাত, তোমালোকক যিটোৰ অধিকাৰী কৰা হৈছে, তোমালোকৰ আমলৰ ফলস্বৰূপে।
Verse 73 — Surah Az-Zukhruf 43:73
তাত তোমালোকৰ বাবে আছে প্ৰচুৰ ফলমূল, তাৰ পৰা তোমালোকে খাবা।
Verse 74 — Surah Az-Zukhruf 43:74
নিশ্চয় অপৰাধীবিলাক জাহান্নামৰ শাস্তিত স্থায়ী হ’ব
Verse 75 — Surah Az-Zukhruf 43:75
সিহঁতৰ শাস্তি লাঘৱ কৰা নহ’ব আৰু সিহঁতে তাত হতাশ হৈ পৰিব।
Verse 76 — Surah Az-Zukhruf 43:76
আৰু আমি সিহঁতৰ প্ৰতি অন্যায় কৰা নাছিলো, কিন্তু সিহঁত নিজেই আছিল যালিম।
Verse 77 — Surah Az-Zukhruf 43:77
সিহঁতে চিয়ঁৰি চিয়ঁৰি ক’ব, ‘হে মালিক! তোমাৰ প্ৰতিপালকে যেন আমাক নিঃশেষ কৰি দিয়ে’। তেওঁ ক’ব, ‘নিশ্চয় তোমালোকে এনেকৈয়ে থাকিব লাগিব’।
Verse 78 — Surah Az-Zukhruf 43:78
আল্লাহে ক’ব, ‘অৱশ্যে আমি তোমালোকৰ ওচৰত সত্য লৈ আহিছিলো, কিন্তু তোমালোকৰ সৰহভাগেই আছিল সত্য অপছন্দকাৰী’।
Verse 79 — Surah Az-Zukhruf 43:79
সিহঁতে কোনো বিষয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে নেকি? নিশ্চয় আমিহে চূড়ান্ত সিদ্ধান্তকাৰী।
Verse 80 — Surah Az-Zukhruf 43:80
অথবা সিহঁতে ভাবে নেকি যে, আমি সিহঁতৰ গোপন বিষয় আৰু মন্ত্ৰণা শুনিবলৈ নাপাওঁ? অৱশ্যে শুনিবলৈ পাওঁ। আমাৰ ফিৰিস্তাসকল সিহঁতৰ ওচৰতে থাকি লিখে।
Verse 81 — Surah Az-Zukhruf 43:81
কোৱা, ‘ৰহমানৰ যদি কোনো সন্তান থাকিলেহেঁতেন তেন্তে ময়েই প্ৰথম তেওঁৰ ইবাদতত ঘৃণাকাৰীসকলৰ অগ্ৰণী হ’লোহেঁতেন
Verse 82 — Surah Az-Zukhruf 43:82
সিহঁতে যি আৰোপ কৰে তাৰ পৰা আকাশসমূহ, পৃথিৱীৰ প্ৰতিপালক আৰু অৰছৰ ৰব অতি পৱিত্ৰ-মহান।
Verse 83 — Surah Az-Zukhruf 43:83
এতেকে তুমি সিহঁতক এৰি দিয়া, সিহঁতে মগ্ন থাকক বেহুদা কথাত আৰু খেল-ধেমালিত মত্ত থাকক, সেইদিনৰ সন্মুখীন নোহোৱা লৈকে যিটো দিনৰ প্ৰতিশ্ৰুতি সিহঁতক দিয়া হৈছে।
Verse 84 — Surah Az-Zukhruf 43:84
তেৱেঁই সত্য ইলাহ আকাশত আৰু তেৱেঁই সত্য ইলাহ পৃথিৱীত। তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ।
Verse 85 — Surah Az-Zukhruf 43:85
আৰু তেওঁ বৰকতময়, যাৰ কৰ্তৃত্বত আছে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মধ্যৱৰ্তী সকলো বস্তু। আৰু কিয়ামতৰ জ্ঞান কেৱল তেওঁৰ ওচৰতেই, আৰু তেওঁৰ ওচৰতেই তোমালোকক প্ৰত্যাৱৰ্তিত কৰা হ’ব।
Verse 86 — Surah Az-Zukhruf 43:86
আৰু তেওঁৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে, সিহঁতে কেতিয়াও ছুপাৰিছৰ অধিকাৰী নহ’ব, কিন্তু তেওঁলোকৰ বাহিৰে যিসকলে জানি-শুনি সত্য সাক্ষ্য দিয়ে।
Verse 87 — Surah Az-Zukhruf 43:87
আৰু যদি তুমি সিহঁতক সোধা, ‘কোনে সিহঁতক সৃষ্টি কৰিছে’? সিহঁতে অৱশ্যে ক’ব ‘আল্লাহ’। তথাপিও সিহঁতে কেনেকৈ বিমুখ হৈছে
Verse 88 — Surah Az-Zukhruf 43:88
আৰু তেওঁৰ (ৰাছুলৰ) এই বাণী যে, ‘হে মোৰ ৰব! নিশ্চয় ইহঁত এনেকুৱা সম্প্ৰদায় যিহঁতে ঈমান পোষণ নকৰিব’।
Verse 89 — Surah Az-Zukhruf 43:89
এতেকে তুমি সিহঁতক উপেক্ষা কৰা আৰু কোৱা, ‘ছালাম’। কিন্তু সিহঁতে (ইয়াৰ পৰিণাম) অনতিপলমে জানিবলৈ পাব।