Back to Languages

Assamese - Chapter 70 - Al-Maarij

Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink

Verse 1 — Surah Al-Maarij 70:1

ব্যক্তি এজনে আবেদন কৰিলে, এনে শাস্তি সম্পৰ্কে যিটো আপতিত হ’ব

Verse 2 — Surah Al-Maarij 70:2

কাফিৰসকলৰ ওপৰত, যাৰ কোনো প্ৰতিৰোধকাৰী নাই।

Verse 3 — Surah Al-Maarij 70:3

এইটো আহিব আল্লাহৰ তৰফৰ পৰা, যিজন ঊৰ্ধ্বাৰোহণৰ খটখটীবোৰৰ (জখলা) অধিকাৰী

Verse 4 — Surah Al-Maarij 70:4

ফিৰিস্তাসকল আৰু ৰূহ এনে এটা দিনত আল্লাহৰ দিশে ঊৰ্দ্ধগামী হয়, যাৰ পৰিমাণ পঞ্চাশ হাজাৰ বছৰ।

Verse 5 — Surah Al-Maarij 70:5

এতেকে তুমি ধৈৰ্য ধাৰণ কৰা পৰম ধৈৰ্য।

Verse 6 — Surah Al-Maarij 70:6

সিহঁতে এই দিনক বহু দূৰত থকা বুলি ভাৱে।

Verse 7 — Surah Al-Maarij 70:7

আৰু আমি ইয়াক নিচেই ওচৰত দেখি আছো।

Verse 8 — Surah Al-Maarij 70:8

সেইদিনা আকাশ হৈ যাব গলিত ধাতুৰ দৰে

Verse 9 — Surah Al-Maarij 70:9

আৰু পৰ্বতসমূহ হৈ যাব ৰঙ-বিৰঙৰ ঊণৰ দৰে

Verse 10 — Surah Al-Maarij 70:10

আৰু কোনো অন্তৰঙ্গ বন্ধুৱে অন্তৰঙ্গ বন্ধুৰ খা-খবৰ নুসুধিব

Verse 11 — Surah Al-Maarij 70:11

সিহঁতক ইজনে-সিজনৰ দৃষ্টিগোচৰ কৰোৱা হ’ব। অপৰাধীয়ে সেইদিনাৰ শাস্তিৰ বিনিময়ত দিব বিচাৰিব তাৰ সন্তান-সন্ততিক

Verse 12 — Surah Al-Maarij 70:12

আৰু তাৰ স্ত্ৰী আৰু ভাতৃক

Verse 13 — Surah Al-Maarij 70:13

আৰু তাৰ জাতি-গোষ্ঠিক, যিসকলে তাক আশ্ৰয় দিছিল

Verse 14 — Surah Al-Maarij 70:14

আৰু পৃথিৱীত যিসকল আছে সেই সকলোকে, যাতে এই বিনিময়ে তাক মুক্তি দিয়ে।

Verse 15 — Surah Al-Maarij 70:15

কেতিয়াও নহয়, নিশ্চয় এইটো লেলিহান জুই

Verse 16 — Surah Al-Maarij 70:16

যিয়ে মূৰৰ ছাল খহাই পেলাব।

Verse 17 — Surah Al-Maarij 70:17

জাহান্নামে সেই ব্যক্তিক মাতিব, যিয়ে সত্যৰ প্ৰতি পৃষ্ঠ প্ৰদৰ্শন কৰিছিল আৰু মুখ ঘূৰাই লৈছিল।

Verse 18 — Surah Al-Maarij 70:18

আৰু সম্পদ সঞ্চয় কৰিছিল আৰু সেইবোৰ সংৰক্ষণ কৰি ৰাখিছিল।

Verse 19 — Surah Al-Maarij 70:19

নিশ্চয় মানুহক সৃষ্টি কৰা হৈছে অতিশয় ধৈৰ্যহীন অস্থিৰচিত্তৰূপে।

Verse 20 — Surah Al-Maarij 70:20

যেতিয়া তাক বিপদে স্পৰ্শ কৰে তেতিয়া সি অতিমাত্ৰা উৎকন্ঠিত হৈ পৰে।

Verse 21 — Surah Al-Maarij 70:21

আৰু যেতিয়া তাক কল্যাণে স্পৰ্শ কৰে তেতিয়া সি অতিশয় কৃপণ হৈ পৰে।

Verse 22 — Surah Al-Maarij 70:22

কিন্তু ছালাত প্ৰতিষ্ঠাকাৰীসকলৰ বাহিৰে

Verse 23 — Surah Al-Maarij 70:23

যিসকলে নিজ ছালাতৰ ক্ষেত্ৰত সদায় প্ৰতিষ্ঠিত

Verse 24 — Surah Al-Maarij 70:24

আৰু যিসকলৰ ধন-সম্পদত নিৰ্ধাৰিত হক্ব আছে

Verse 25 — Surah Al-Maarij 70:25

খোজনীয়া-মগনীয়া আৰু বঞ্চিতসকলৰ বাবে

Verse 26 — Surah Al-Maarij 70:26

আৰু যিসকলে প্ৰতিফল দিৱসক সত্য বুলি বিশ্বাস কৰে।

Verse 27 — Surah Al-Maarij 70:27

আৰু যিসকলে নিজ প্ৰতিপালকৰ শাস্তি সম্পৰ্কে ভীত-সন্ত্ৰস্ত

Verse 28 — Surah Al-Maarij 70:28

নিশ্চয় তেওঁলোকৰ প্ৰতিপালকৰ শাস্তিৰ পৰা নিৰাপদ হৈ থকা নাযায়

Verse 29 — Surah Al-Maarij 70:29

আৰু যিসকলে নিজৰ যৌনাঙ্গসমূহৰ হিফাজতকাৰী

Verse 30 — Surah Al-Maarij 70:30

কিন্তু সিহঁতৰ পত্নী অথবা অধিকাৰভুক্ত দাসীৰ বাহিৰে, এনে ক্ষেত্ৰত সিহঁত নিন্দনীয় নহ’ব

Verse 31 — Surah Al-Maarij 70:31

কিন্তু যিসকলে এওঁলোকৰ বাহিৰে আনক কামনা কৰে, সিহঁতেই সীমালঙ্ঘনকাৰী।

Verse 32 — Surah Al-Maarij 70:32

আৰু যিসকলে নিজৰ আমানত আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰে

Verse 33 — Surah Al-Maarij 70:33

আৰু যিসকলে নিজ সাক্ষ্যদানত অটল

Verse 34 — Surah Al-Maarij 70:34

আৰু যিসকলে নিজৰ ছালাতৰ হিফাজত কৰে

Verse 35 — Surah Al-Maarij 70:35

তেওঁলোকেই জান্নাতসমূহত সন্মানিত হ’ব।

Verse 36 — Surah Al-Maarij 70:36

কাফিৰসকলৰ কি হ’ল, সিহঁতে দেখুন তোমাৰ ফালে ঢপলীয়াই আহি আছে

Verse 37 — Surah Al-Maarij 70:37

সোঁ ফালৰ পৰা আৰু বাওঁ ফালৰ পৰা, দলে দলে।

Verse 38 — Surah Al-Maarij 70:38

সিহঁতৰ প্ৰত্যেকেই এইটো আশা কৰে নেকি যে, তাক প্ৰাচুৰ্যময় জান্নাতত প্ৰৱেশ কৰোৱা হ’ব

Verse 39 — Surah Al-Maarij 70:39

কেতিয়াও নহয়, নিশ্চয় সিহঁতক যিটোৰে সৃষ্টি কৰিছো সেয়া সিহঁতে জানে।

Verse 40 — Surah Al-Maarij 70:40

এতেকে মই শপত কৰিছো উদয়স্থল আৰু অস্তাচলসমূহৰ প্ৰতিপালকৰ, অৱশ্যে আমি সক্ষম

Verse 41 — Surah Al-Maarij 70:41

সিহঁততকৈ উৎকৃষ্টসকলক সিহঁতৰ স্থলৱৰ্তী কৰিবলৈ, আৰু এনে কৰাত আমি অক্ষম নহয়।

Verse 42 — Surah Al-Maarij 70:42

এতেকে সিহঁতক নিৰৰ্থক কথা-বতৰা আৰু খেল-ধেমালিত মত্ত হৈ থাকিবলৈ দিয়া-- যি দিনৰ প্ৰতিশ্ৰুতি সিহঁতক দিয়া হৈছে সেই দিনৰ সন্মুখীন নোহোৱা পৰ্যন্ত।

Verse 43 — Surah Al-Maarij 70:43

সেইদিনা সিহঁত কবৰৰ পৰা দ্ৰুতবেগত ওলাই আহিব, এনে লাগিব যেনিবা সিহঁতে কোনো লক্ষ্যস্থলৰ ফালে ধাবিত হৈছে

Verse 44 — Surah Al-Maarij 70:44

সিহঁতৰ দৃষ্টিসমূহ অৱনত অৱস্থাত থাকিব, অপমানে সিহঁতক আচ্ছন্ন কৰিব এইটোৱে সেইদিন যাৰ বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছিল।