Back to Languages

Assamese - Chapter 71 - Nuh

Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink

Verse 1 — Surah Nuh 71:1

নিশ্চয় আমি নূহক তেওঁৰ সম্প্ৰদায়ৰ প্ৰতি এই নিৰ্দেশসহ প্ৰেৰণ কৰিছিলো যে, ‘সিহঁতৰ ওচৰত যন্ত্ৰণাদায়ক শাস্তি অহাৰ পূৰ্বে তুমি সিহঁতক সতৰ্ক কৰি দিয়া’।

Verse 2 — Surah Nuh 71:2

তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! নিশ্চয় মই তোমালোকৰ বাবে স্পষ্ট সতৰ্ককাৰী

Verse 3 — Surah Nuh 71:3

‘এই বিষয়ে যে, তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তেওঁৰ তাক্বৱা অৱলম্বন কৰা, আৰু মোৰ আনুগত্য কৰা

Verse 4 — Surah Nuh 71:4

তেওঁ তোমালোকৰ বাবে তোমালোকৰ পাপসমূহ ক্ষমা কৰিব আৰু তোমালোকক এটা নিৰ্দিষ্ট সময় পৰ্যন্ত অৱকাশ দিব। নিশ্চয় আল্লাহৰ নিৰ্ধাৰিত সময় উপস্থিত হ’লে সেয়া (কেতিয়াও) বিলম্ব কৰা নহয়; যদি তোমালোকে এইটো জানিলাহেঁতেন!’

Verse 5 — Surah Nuh 71:5

তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মই মোৰ সম্প্ৰদায়ক দিনে ৰাতিয়ে আহ্বান কৰিছো

Verse 6 — Surah Nuh 71:6

‘কিন্তু মোৰ আহ্বানত সিহঁতৰ আঁতৰি যোৱাটোহে বৃদ্ধি পাইছে’।

Verse 7 — Surah Nuh 71:7

আৰু যেতিয়াই মই সিহঁতক আহ্বান কৰিছো যাতে তুমি সিহঁতক ক্ষমা কৰা, সিহঁতে নিজৰ কাণত আঙুলিৰে সোপা দিছে আৰু কাপোৰেৰে নিজকে ঢাকি লৈছে, আৰু আঁকোৰগোঁজ হৈ থাকিছে লগতে অতি দাম্ভিকতাৰে ঔদ্ধত্য প্ৰকাশ কৰিছে।

Verse 8 — Surah Nuh 71:8

‘তাৰ পিছতো মই সিহঁতক প্ৰকাশ্য আহ্বান কৰিছো

Verse 9 — Surah Nuh 71:9

‘আকৌ সিহঁতক মই প্ৰকাশ্য আৰু অতি গোপনীয়ভাৱেও আহ্বান কৰিছো’।

Verse 10 — Surah Nuh 71:10

আৰু কৈছো, তোমালোকৰ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, নিশ্চয় তেওঁ মহাক্ষমাশীল

Verse 11 — Surah Nuh 71:11

তেওঁ তোমালোকৰ বাবে প্ৰচুৰ পৰিমাণে বৰষুণ বৰ্ষাব

Verse 12 — Surah Nuh 71:12

‘আৰু তোমালোকক ধন-সম্পদ আৰু সন্তান-সন্ততি প্ৰদান কৰি সহায় কৰিব আৰু তোমালোকৰ বাবে উদ্যান স্থাপন কৰিব আৰু নদ-নদী প্ৰবাহিত কৰিব।

Verse 13 — Surah Nuh 71:13

তোমালোকৰ কি হ'ল, তোমালোকে আল্লাহৰ শ্ৰেষ্ঠত্ব উপলব্ধি নকৰা কিয়

Verse 14 — Surah Nuh 71:14

‘অথচ তেৱেঁই তোমালোকক সৃষ্টি কৰিছে পৰ্যায়ক্ৰমে।

Verse 15 — Surah Nuh 71:15

তোমালোকে লক্ষ্য কৰা নাইনে, আল্লাহে কেনেকৈ স্তৰে স্তৰে সাতখন আকাশ সৃষ্টি কৰিছে

Verse 16 — Surah Nuh 71:16

আৰু এইবোৰৰ মাজত চন্দ্ৰক সৃষ্টি কৰিছে পোহৰ হিচাপে আৰু সূৰ্যক বনাইছে প্ৰদীপ।

Verse 17 — Surah Nuh 71:17

‘আৰু আল্লাহে তোমালোকক মাটিৰ পৰা উদ্ভূত কৰিছে

Verse 18 — Surah Nuh 71:18

‘তাৰ পিছত তেওঁ তোমালোকক তালৈ উভতাই নিব আৰু নিশ্চিতভাৱে তোমালোকক পুনৰুত্থিত কৰিব

Verse 19 — Surah Nuh 71:19

‘আৰু আল্লাহে পৃথিৱীখনক তোমালোকৰ বাবে বিস্তৃত কৰিছে

Verse 20 — Surah Nuh 71:20

‘যাতে তোমালোকে তাত প্ৰশস্ত পথত চলাচল কৰিব পাৰা’।

Verse 21 — Surah Nuh 71:21

নুহে ক’লে, ‘হে মোৰ প্ৰতিপালক! সিহঁতে মোক অমান্য কৰিছে আৰু এনে লোকৰ অনুসৰণ কৰিছে যাৰ ধন-সম্পদ আৰু সন্তান-সন্ততিয়ে কেৱল তাৰ ক্ষতিহে বৃদ্ধি কৰিছে’।

Verse 22 — Surah Nuh 71:22

আৰু সিহঁতে ভয়াৱহ ষড়যন্ত্ৰ কৰিছে

Verse 23 — Surah Nuh 71:23

আৰু সিহঁতে কৈছে, ‘তোমালোকে কেতিয়াও তোমালোকৰ উপাস্যসকলক বৰ্জন নকৰিবা; আৰু পৰিত্যাগ নকৰিবা অদ্দ, ছুৱাআ, ইয়াগুছ, ইয়াউক্ব আৰু নাছৰক’।

Verse 24 — Surah Nuh 71:24

‘নিশ্চয় সিহঁতে বহুলোকক পথভ্ৰষ্ট কৰিছে, আৰু (হে আল্লাহ) তুমি যালিমসকলৰ বাবে ভ্ৰষ্টতাৰ বাহিৰে আন একো বৃদ্ধি নকৰিবা’।

Verse 25 — Surah Nuh 71:25

সিহঁতৰ অপৰাধৰ বাবে সিহঁতক ডুবাই দিয়া হ’ল তাৰ পিছত সিহঁতক জুইত প্ৰৱেশ কৰোৱা হ’ল, এতেকে সিহঁতে আল্লাহৰ বাহিৰে আন কাকো সহায়কাৰী হিচাপে পোৱা নাছিল।

Verse 26 — Surah Nuh 71:26

আৰু নুহে ক’লে, ‘হে মোৰ প্ৰতিপালক! পৃথিৱীৰ কাফিৰসকলৰ মাজৰ পৰা কোনো গৃহবাসীক অৱশিষ্ট নাৰাখিবা।

Verse 27 — Surah Nuh 71:27

‘যদি তুমি সিহঁতক অৱশিষ্ট ৰাখা তেন্তে সিহঁতে তোমাৰ বান্দাসকলক পথভ্ৰষ্ট কৰিব আৰু সিহঁতে কেৱল দুস্কৃতিকাৰী কাফিৰকহে জন্ম দিব।

Verse 28 — Surah Nuh 71:28

হে মোৰ প্ৰতিপালক! মোক আৰু মোৰ পিতৃ-মাতৃক আৰু যিয়ে মুমিনহৈ মোৰ ঘৰত প্ৰৱেশ কৰিব লগতে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক ক্ষমা কৰি দিয়া; আৰু যালিমসকলৰ বাবে ধ্বংসৰ বাহিৰে আন একো বৃদ্ধি নকৰিবা’।