Back to LanguagesPrevious ChapterNext Chapter
Assamese - Chapter 72 - Al-Jinn
Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink
Verse 1 — Surah Al-Jinn 72:1
কোৱা, মোৰ প্ৰতি অহী নাযিল হৈছে যে, নিশ্চয় জিনসকলৰ এটা দলে মনোযোগ সহকাৰে শুনিছে; তাৰ পিছত কৈছে, ‘নিশ্চয় আমি এক বিস্ময়কৰ কোৰআন শুনিছো
Verse 2 — Surah Al-Jinn 72:2
‘যিটো সত্যৰ পথ দেখুৱায় সেয়ে আমি তাৰ ওপৰত ঈমান আনিছো। গতিকে আমি কেতিয়াও আমাৰ প্ৰতিপালকৰ লগত আন কাকো অংশী বুলি গণ্য নকৰিম
Verse 3 — Surah Al-Jinn 72:3
‘আৰু নিশ্চয় আমাৰ প্ৰতিপালকৰ মৰ্যাদা সুউচ্চ’ তেওঁ কোনো সঙ্গিনী আৰু কোনো সন্তানো গ্ৰহণ কৰা নাই।
Verse 4 — Surah Al-Jinn 72:4
‘আৰু আমাৰ মাজৰ নিৰ্বোধসকলে আল্লাহৰ বিষয়ে অবাস্তৱ কথা-বতৰা কৈছিল’।
Verse 5 — Surah Al-Jinn 72:5
‘অথচ আমি ধাৰণা কৰিছিলো যে, মানুহ আৰু জিন জাতিয়ে কেতিয়াও আল্লাহ সম্পৰ্কে মিছা আৰোপ নকৰিব।
Verse 6 — Surah Al-Jinn 72:6
‘আৰু নিশ্চয় কিছুমান মানুহে কিছুমান জিনৰ আশ্ৰয় লৈছিল, ফলত সিহঁতে জিনসকলৰ অহংকাৰ বৃদ্ধি কৰিছিল’।
Verse 7 — Surah Al-Jinn 72:7
‘আৰু নিশ্চয় সিহঁতেও ধাৰণা কৰিছিল যেনেকৈ তোমালোকে ধাৰণা কৰিছা যে, আল্লাহে কাকো কেতিয়াও পুনৰুত্থিত নকৰিব’।
Verse 8 — Surah Al-Jinn 72:8
‘আৰু নিশ্চয় আমি আকাশৰ তথ্য সংগ্ৰহ কৰিব বিচাৰিছিলো, কিন্তু আমি দেখিলো যে, আকাশখন কঠোৰ প্ৰহৰী আৰু উল্কাপিণ্ডৰ দ্বাৰা পৰিপূৰ্ণ
Verse 9 — Surah Al-Jinn 72:9
‘আৰু আমি আগতে আকাশৰ বিভিন্ন ঘাঁটিত সংবাদ শুনাৰ বাবে বহিছিলো কিন্তু এতিয়া কোনোবাই সংবাদ শুনিবলৈ বিচাৰিলে সি তাৰ ওপৰত নিক্ষেপৰ বাবে প্ৰস্তুত জলন্ত উল্কাপিণ্ডৰ সন্মুখীন হয়।
Verse 10 — Surah Al-Jinn 72:10
‘আৰু নিশ্চয় আমি নাজানো যে, পৃথিৱীবাসীৰ বাবে অমঙ্গল বিচৰা হৈছে, নে সিহঁতৰ প্ৰতিপালকে সিহঁতৰ মঙ্গল বিচাৰিছে।
Verse 11 — Surah Al-Jinn 72:11
আৰু নিশ্চয় আমাৰ মাজৰ কিছুমান হৈছে সৎকৰ্মশীল আৰু কিছুমান ইয়াৰ ব্যতিক্ৰম, আমি আছিলো বিভিন্ন পথৰ অনুসাৰী
Verse 12 — Surah Al-Jinn 72:12
‘আৰু আমি বুজি পাইছো যে, আমি পৃথিৱীত কেতিয়াও আল্লাহক অপাৰগ কৰিব নোৱাৰিম আৰু পলায়ন কৰিও তেওঁক ব্যৰ্থ কৰিব নোৱাৰিম।
Verse 13 — Surah Al-Jinn 72:13
‘আৰু নিশ্চয় আমি যেতিয়া হিদায়তৰ বাণী শুনিলো, তেতিয়া তাৰ প্ৰতি ঈমান আনিলো। এতেকে যি ব্যক্তি তাৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিব, তাৰ কোনো ক্ষতি আৰু কোনো অন্যায়ৰ আশংকা নাথাকিব।
Verse 14 — Surah Al-Jinn 72:14
‘আৰু নিশ্চয় আমাৰ মাজত আছে কিছু সংখ্যক আত্মসমৰ্পনকাৰী আৰু কিছু সংখ্যক আছে সীমালংঘনকাৰী; এতেকে যিসকলে ইছলাম গ্ৰহণ কৰিছে সিহঁতেই সঠিক পথ বাছি লৈছে।
Verse 15 — Surah Al-Jinn 72:15
‘আৰু যিসকল সীমালংঘনকাৰী, সিহঁতেই হৈছে জাহান্নামৰ ইন্ধন’।
Verse 16 — Surah Al-Jinn 72:16
আৰু যদি সিহঁতে সঠিক পথত অবিচল থাকিলেহেঁতেন, তেনেহ’লে আমি নিশ্চয় সিহঁতক প্ৰচুৰ পৰিমাণে পানী পান কৰালোহেঁতেন
Verse 17 — Surah Al-Jinn 72:17
যাতে আমি ইয়াৰ দ্বাৰা সিহঁতক পৰীক্ষা কৰিব পাৰো; আৰু যিয়ে নিজ প্ৰতিপালকৰ স্মৰণৰ পৰা মুখ ঘূৰাই লয়, তাক তেওঁ কঠিন শাস্তিত প্ৰৱেশ কৰাব।
Verse 18 — Surah Al-Jinn 72:18
আৰু নিশ্চয় মছজিদসমূহ আল্লাহৰ বাবেই, গতিকে তোমালোকে আল্লাহৰ লগত আন কাকো নামাতিবা।
Verse 19 — Surah Al-Jinn 72:19
আৰু নিশ্চয় যেতিয়া আল্লাহৰ বান্দাই তেওঁক প্ৰাৰ্থনা কৰিবলৈ থিয় দিলে, তেতিয়া সিহঁতে তেওঁৰ ওচৰত আহি ভিৰ কৰিলে।
Verse 20 — Surah Al-Jinn 72:20
কোৱা, ‘মই কেৱল মোৰ প্ৰতিপালককেই আহ্বান কৰো আৰু তেওঁৰ লগত আন কাকো আংশী নকৰো’।
Verse 21 — Surah Al-Jinn 72:21
কোৱা, ‘নিশ্চয় মই তোমালোকৰ কোনো ক্ষতি আৰু কল্যাণৰ মালিক নহয়’।
Verse 22 — Surah Al-Jinn 72:22
কোৱা, নিশ্চয় আল্লাহৰ পৰা কোনেও মোক ৰক্ষা কৰিব নোৱাৰিব আৰু তেওঁৰ বাহিৰে মই কেতিয়াও কোনো আশ্ৰয় নাপাম।
Verse 23 — Surah Al-Jinn 72:23
‘কেৱল আল্লাহৰ তৰফৰ পৰা তেওঁৰ ৰিছালতৰ বাণী প্ৰচাৰ কৰাটোৱে মোৰ দায়িত্ব। আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলক অমান্য কৰিব তাৰ বাবে আছে জাহান্নামৰ জুই, তাত সিহঁতে চিৰকাল থাকিব’।
Verse 24 — Surah Al-Jinn 72:24
অৱশেষত যেতিয়া সিহঁতে ইয়াক প্ৰত্যক্ষ কৰিব, যি বিষয়ে সিহঁতক সাৱধান কৰা হৈছিল। তেতিয়া সিহঁতে জানিবলৈ পাব যে, সহায়কাৰী হিচাপে কোন বেছি দুৰ্বল আৰু সংখ্যাত কোন আটাইতকৈ কম।
Verse 25 — Surah Al-Jinn 72:25
কোৱা, ‘মই নাজানো তোমালোকক যিটোৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, সেইটো নিকটৱৰ্তী নে মোৰ প্ৰতিপালকে ইয়াৰ বাবে কোনো দীৰ্ঘ ম্যাদ নিৰ্ধাৰণ কৰিব’।
Verse 26 — Surah Al-Jinn 72:26
তেওঁ অদৃশ্য বিষয়ৰ জ্ঞানী, আৰু তেওঁ নিজৰ অদৃশ্যৰ জ্ঞান কাৰো ওচৰত প্ৰকাশ নকৰে
Verse 27 — Surah Al-Jinn 72:27
কিন্তু তেওঁৰ মনোনীত ৰাছুলৰ বাহিৰে। তেনে ক্ষেত্ৰত আল্লাহে তেওঁৰ ৰাছুলৰ সন্মুখত আৰু পিছত প্ৰহৰী নিযুক্ত কৰে
Verse 28 — Surah Al-Jinn 72:28
যাতে তেওঁ প্ৰকাশ কৰে যে, নিশ্চয় তেওঁলোকে তেওঁলোকৰ প্ৰতিপালকৰ ৰিছালত পৌঁচাই দিছে। আৰু তেওঁলোকৰ ওচৰত যি আছে সেয়া তেওঁ জ্ঞানৰ দ্বাৰা পৰিবেষ্টন কৰি ৰাখিছে আৰু তেওঁ প্ৰতিটো বস্তু গণনা কৰি হিচাপ কৰি ৰাখিছে।