Back to Languages

    Assamese - Chapter 79

    Translation by Shaykh Rafeequl Islam Habibur Rahman

    Verse 1

    শপত নিৰ্মমভাৱে উত্পটনকাৰীসকলৰ।

    Verse 2

    আৰু মৃদুভাৱে বন্ধনমূক্তকাৰীসকলৰ।

    Verse 3

    আৰু তীব্ৰগতিত সাঁতুৰি ফুৰাসকলৰ।

    Verse 4

    আৰু দ্ৰুতগতিত আগবাঢ়ি যোৱাসকলৰ।

    Verse 5

    তাৰ পিছত যাৱতীয় কাম নিৰ্বাহকাৰীসকলৰ।

    Verse 6

    সেইদিনা কম্পনকাৰীয়ে প্ৰকম্পিত কৰিব।

    Verse 7

    তাক অনুসৰণ কৰিব পৰবৰ্তী কম্পনকাৰী।

    Verse 8

    সেইদিনা কিছুমান হৃদয়, ভয়ত সন্ত্ৰস্ত হ’ব।

    Verse 9

    সিহঁতৰ দৃষ্টিসমূহ আতংকিত হৈ নত হ’ব।

    Verse 10

    সিহঁতে কয়, ‘আমি আকৌ আগৰ অৱস্থাত উভতি যাম নে

    Verse 11

    যেতিয়া আমি চূৰ্ণবিচূৰ্ণ অস্থিত পৰিণত হম’

    Verse 12

    সিহঁতে কয়, ‘যদি এইটোৱে হয় তেন্তে এইটো এটা ক্ষতিকৰ প্ৰত্যাৱৰ্তন’।

    Verse 13

    প্ৰকৃততে এইটো এটা বিৰাট শব্দ।

    Verse 14

    তত্ক্ষণাত ভূ-পৃষ্ঠত সিহঁতৰ আবিৰ্ভাৱ হ’ব।

    Verse 15

    মূছাৰ ঘটনাটো তুমি পাইছানে

    Verse 16

    যেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক পৱিত্ৰ তুৱা উপত্যকাত মাতি কৈছিল

    Verse 17

    ‘ফিৰআউনৰ ওচৰলৈ যোৱা নিশ্চয় সি সীমালঙ্ঘন কৰিছে

    Verse 18

    তাৰ পিছত তাক কোৱা ‘তুমি পৱিত্ৰ হ’ব বিচৰা নে

    Verse 19

    আৰু মই তোমাক তোমাৰ প্ৰতিপালকৰ পিনে পথপ্ৰদৰ্শন কৰো, যাতে তুমি তেওঁক ভয় কৰা’।

    Verse 20

    তাৰ পিছত, তেওঁ তাক মহা নিদৰ্শন দেখুৱালে।

    Verse 21

    কিন্তু সি অস্বীকাৰ কৰিলে আৰু অমান্য কৰিলে।

    Verse 22

    তাৰ পিছত তেওঁ সি পিছফালে উভতি প্ৰতিবিধানত সচেষ্ট হ’ল।

    Verse 23

    তাৰ পিছত সকলোকে একত্ৰিত কৰি ঘোষণা কৰিলে

    Verse 24

    আৰু ক’লে, ‘ময়ে তোমালোকৰ সৰ্বোচ্চ প্ৰতিপালক’।

    Verse 25

    অৱশেষত আল্লাহে তাক আখিৰাত আৰু পৃথিৱীৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিলে।

    Verse 26

    নিশ্চয় যিয়ে ভয় কৰে তাৰ বাবে ইয়াত শিক্ষা আছে।

    Verse 27

    তোমালোকক সৃষ্টি কৰাটো কঠিন নে আকাশ সৃষ্টি কৰা কঠিন? তেৱেঁই ইয়াক নিৰ্মান কৰিছে।

    Verse 28

    তেৱেঁই ইয়াৰ চালখনক সুউচ্চ কৰিছে আৰু সুবিন্যস্ত কৰিছে।

    Verse 29

    আৰু তেৱেঁই ইয়াৰ ৰাতিক কৰিছে অন্ধকাৰ আৰু প্ৰকাশ কৰিছে পূৰ্বাহ্নৰ পোহৰ।

    Verse 30

    তাৰ পিছত, তেওঁ পৃথিৱীখনক বিস্তৃত কৰিছে।

    Verse 31

    তেৱেঁই তাৰ পৰা উলিয়াইছে পানী আৰু তৃণভূমি

    Verse 32

    আৰু পৰ্বতসমূহক তেৱেঁই স্থাপন কৰিছে

    Verse 33

    এইবোৰ তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰৰ বাবে জীৱনোপকৰণ স্বৰূপ।

    Verse 34

    আৰু যিদিনা মহাসংকট উপস্থিত হ’ব

    Verse 35

    সেইদিনা মানুহে স্মৰণ কৰিব যিটো সি (বিগত দিনত) কৰিছে

    Verse 36

    আৰু জাহান্নাম প্ৰকাশ কৰা হ’ব দৃষ্টিমান লোকসকলৰ বাবে।

    Verse 37

    এতেকে যিয়ে সীমালঙ্ঘন কৰে

    Verse 38

    আৰু পৃথিৱীৰ জীৱনক অগ্ৰাধিকাৰ দিয়ে

    Verse 39

    নিশ্চয় জাহান্নামেই হ’ব তাৰ আবাসস্থল।

    Verse 40

    আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’বলৈ ভয় কৰে আৰু কুপ্ৰবৃত্তিৰ পৰা নিজকে বিৰত ৰাখে

    Verse 41

    নিশ্চয় জান্নাতেই হ’ব তাৰ আবাসস্থল।

    Verse 42

    সিহঁতে তোমাক কিয়ামত সম্পৰ্কে প্ৰশ্ন কৰে যে, ই কেতিয়া সংঘটিত হ’ব

    Verse 43

    সেইটো আলোচনা কৰাৰ (প্ৰকৃত) জ্ঞান তোমাৰ আছেনে

    Verse 44

    ইয়াৰ প্ৰকৃত জ্ঞান (কেৱল) তোমাৰ প্ৰতিপালকৰ ওচৰত

    Verse 45

    যিয়ে ইয়াক ভয় কৰে তুমি কেৱল তাৰ বাবে সতৰ্ককাৰী।

    Verse 46

    যিদিনা সিহঁতে ইয়াক দেখিব সেইদিনা সিহঁতৰ এইটো ধাৰণা হব যে, সিহঁতে পৃথিৱীত কেৱল এটা সন্ধিয়া অথবা এটা প্ৰভাততকৈ বেছি সময় অৱস্থান কৰা নাছিল।